পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫২ ]

নতুন যুবতী   প্ৰেমে মগ্ন হৈয়া
 ৰজনী কৰিলা ক্ষয়।
চালৰ বেচাত   বাচি খুহি থই
 আসিলা সুধা হাত লৈই॥
শিখাত সিন্দুৰ দেখিহে গোপাল
 আঞ্চলে তামোলৰ পিক
এই বেশে তুমি গৃহক নাযাবা
 মায়ে দিব ধিক ধিক
যমুনাৰ জলে পখালি আহাগৈ
 লম্পত চিহ্ন গুছাই।
ছাৱালৰ বেশ ধৰিয়া কানাই
 মাৱত লৱণু মাগই॥
কহে দেৱ হৰি শুনা সাৰ কৰি
 ই কথা বাৰি ডাঙ্গৰ।
গোপীৰ গৃহত বংশী এৰি আহি
  কি বুলি দিব উত্তৰ॥
৬। লৰু ধৰি ধৰি যশোৱা মাৱে
 খেদে পাচে পাচে
জাপ দিদি মদন মুৰালি উঠে কদম গাছে।