পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৪৮ ]

২। অহে মুৰুগা আফালি মাৰিবো তোক।
 হে মুৰুগা মোচাৰি মাৰিবো তোক॥
ৰাতি নৌ পুৱাতে তই ডাক দিলি
 প্ৰভু এৰি গৈলা মোক॥
পদ । একে পালঙ্কিতে   শুতিয়া আছিলো
 বদনে চুম্বন দিয়া।
ৰাতি নৌ পুৱাতে তই পাপি ডাকিলি
 প্ৰভু গৈলা মোক এৰিয়া॥
শ্যামল সুন্দৰ কমল নয়ন
 আৰকি দেখিবো মুখ।
কৃষ্ণ পত্নীগনে  কান্দে শোকাৰুণে
  কি ভৈলা ললাতে দুখ॥
কৃষ্ণ পত্নীগণে   কান্দে শোকাৰুণে
 মুৰুগাক পাৰে গালি।
কহে দেৱ হৰি নকৰা বিশাদ
  কৃষ্ণক পাইবা গধূলি॥