পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৮ ]

চবি।

ৰাজাক সম্বোধি পাচে   কহিবে লাগিলা কথা
 শুনিয়ো ৰাজেন্দ্ৰ মহাশয়।
আগ ভৈলা ভীমসেন   মত্ত হস্তি সম যেন
  তাৰ পাচে নৃপতি চলয়॥
নকুল সহদেৱ দুই   মাজত চলিয়া জান্ত
 তান পাচে দ্ৰোপদ নন্দিনী।
গাণ্ডিব ধনুক ধৰি   যেন মহা সিংহ চলে
 নেৰন্ত সদা ৰাম কৃষ্ণ বাণি॥১১৫
কত দূৰ যাই পাচে   জিৰাইলন্ত মহাৰাজ
 পূৰ্ব্ব পৰ কৰিয়া বিচাৰ।
অনন্তৰে গৈয়া পাচে   কেশৰী তীৰ কপাইলা
 শুকুমল মহানীৰ ধাৰ॥
সেহি বেলা যুধিষ্ঠিৰ   কহিবে লাগিলা কথা
 এহিতো কেশৰী তীৰ্থ বৰ।
আত স্নান দান কৰি   হোয়ে আতি মহাযুদ্ধ
 ভোগ ভুঞ্জি অক্ষয় স্বৰ্গৰ॥১১৬
তাৰ তীৰ তীৰে যেবে   চয় জন চলি যান্ত
 গধুলিকা সময় মিলিলা।
নদীৰ কাশৰে পাচে এক বৃক্ষতলে যায়
 ৰহিবাৰ গৃহক নিৰ্ম্মিলা॥