পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০২ ]

বৈসম্পায়ন বদতি শুনিয়ো জম্মিজয়।
যাজ্ঞসেনী দেববাক্য তথাতে আছয়॥
চুৰুতি লভিয়া দেবী জিৰাই ৰহিলা।
দেবতা সকলে মাথে পুষ্প বৰিষিলা॥ ৪৬৮
সাধু যাজ্ঞসেনী নোহে মানুষৰ নাৰী।
মহামায়া দেবী আসি আছে অবতৰি।
এতেকেসে যজ্ঞমণ্ডপত বাজ ভৈলা।
দেবকাৰ্য্য সাধিবাক নৰবেশে আইলা॥ ৪৬৯
এহিবুলি দেবসব তথাতে আছয়।
শুনিয়োক কথা পাচে ৰাজা জন্মিজয়॥
মেঘি পিশাচীক পাচে দ্ৰৌপদী মাৰিলা।
সুৰাসুৰ লোকত যে হৰিষ মিলিলা॥ ৪৭০
কালকুঞ্জে শুনি তাৰ ভাৰ্য্যাৰ মৰণ।
সৈন্যসব আগকৰি লৰিলা তেখন॥
ভাৰ্য্যা ভ্ৰাতৃ মাৰিলেক মই কি কৰিবো।
মানুষ নাৰীক মাৰি মান্যক সাধিবো॥ ৪৭১
এহিবুলি শেল শূল পৰিষক ধৰি।
মাৰ মাৰ কৰি আসিলেক তৰাতৰি॥
শোকে দুখে আসি পাচে তথাতে মিলিলা।
ক্ৰোধমনে দ্ৰৌপদীক বুলিবে লাগিলা॥ ৪৭২