পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০৬]


আথেবেৰ্থে কৰি শৰ হানিলা অনেক।
তাক নগণিয়া সিতো যায় প্ৰত্যেক॥
হৰাইলা চুৰুতি যাজ্ঞসেনীৰ গাৱত।
ধনুখান তুলি ধৰি লৈলেক হাতত॥৪৮৮
খেদি আসি অসুৰে সমীপ যেবে পাইলা।
ধনু ধৰি পাচে এক কোবক বসাইল॥
ধৰিবাক মনে হাত মেলিবে খুজিলা।
প্ৰচণ্ড কোবত তাৰ দুইহাত ভাঙ্গিল॥৪৮৯
পুনঃ তাক লৰিবে নেদিলা বৰনাৰা।
ভাঙ্গিলেক মুণ্ডগোট আউৰ কোব মাৰি॥
মুণ্ডভাঙ্গি গৈলা সিতো উফৰি পৰিলা।
খানিতেক থাকি যমপুৰে চলি গৈলা॥৪৯০
পৰ্বত আকাৰ দেহ তাৰ পৰিলেক।
সুৰাসুৰ লোকে তাক দেখিলা প্ৰত্যেক॥
বৈসম্পায়ন বদতি শুনিয়ো নৃপবৰ।
অদ্ভুত মহিমা সিতে দ্ৰুপদ জীয়াৰ॥৪৯১
মাৰিলেক ম্লেচ্ছ সব ভাৰ পৃথিবীৰ।
থাকিলা কীৰিতি সিতো পাঞ্চালী দেবী॥
দেবলোকে প্ৰশংসন্তে বোলয় বচন।
মাথে পুষ্প বৰিষিলা সিদ্ধ মুনিগণ॥৪৯২