পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬৫]

দেখি দানবৰ বৰ মনত সংশয়।
গােসানীৰ বাক্য জানাে সম্প্রতি কলয়॥
পৰিবা বিনাশ ভৈলা শুলে হানি মাৰোঁ।।
মানব মাৰিলা যত তাৰ মান সাৰো॥ ২৮৭
শূলপাত জ্বলে যেন বিধুম অগনি।
লহ লহ কৰে জিহ্বা দেখি শঙ্কামান॥
এহিমতে আৰু শৰ হানিতে নিদিলা।
দুর্গা দুর্গা বুলি খঙ্গে দেও এক দিলা ॥২৮৮
কাম্পয় মেদিনীখান তাহাৰ আস্ফাল।
শূলে হানি তােক মাৰিবো তত্ত্বকাল ॥
ডাক দিয়ে বোলে অৰে শুনৰে মানুষী।
এহি শূলঘাৱে তই মৰিবি আপুনি ॥২৮৯
তাৰ ভয়ে দেখি যেবে সুৰাসুৰ গণ।
মহাভয়ে তৰাতৰি কৰিলা বিমন॥
জানাে যাজ্ঞসেনী শূলঘাৱে নাশ হয়।
কিবা দুৰাচাৰ মৰি যাই যমালয় ॥২৯০
এহিমতে দেবলোকে কৰে হাহাকাৰ।
দেবনাৰীগণে দুখ কৰয় অপাৰ॥
অনন্তৰে যাজ্ঞসেনী মনত বােলয় ।
পৰিবাৰ যাৱে কৃষ্ণদেৱে ৰখিচয়॥ ২৯১