পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২ ]


আগবাঢ়ি পুৰিকে সমিপ চাপিলা।
দেখি ঋষিৰাজে তাক বচন বুলিলা॥৩৩
চাপি আস নাগৰাজ নকৰা সংশয়।
কৈও প্ৰয়োজন আবে আমাত নিশ্চয়॥
অবনত ভাবে নমিলন্ত নাগৰাজ।
কহিবে লাগিলা নিজ প্ৰয়োজন কাজ॥৩৪
মহামুনি ব্যাসৰ তনয় তিনিজন।
ধৃতৰাষ্ট পাণ্ডু যে বিদুৰ তপোধন॥
হস্তিনা পুৰত ৰাজা ধৃতৰাষ্ট ভৈলা।
অন্ধৰাজ একশত পুত্ৰ জন্মাইলা॥৩৫
শ্ৰেষ্ঠ ভৈলা তান নাম থৈলা দুৰ্য্যোধন।
তাক পাতিলন্ত ৰাজা দুস্ত মুন্ত্ৰীগণ॥
ইন্দ্ৰ পস্থ স্থানে পাণ্ডু ৰাজা মহামতি।
পঞ্চগুটি পুত্ৰ ভৈলা তাহাৰ সন্ততি॥৩৬
যুধিষ্ঠিৰ, ভীম ষেণ, নকুল, সহদেৱ।
ধনঞ্জয় আৰ তাৰ সম নাহি কেৱ॥
দৈববলে পাণ্ডুৰাজা পৰলোকে গৈলা।
পঞ্চগুটি পুত্ৰ তাৰ চেবণ্ডিয়া ভৈলা॥৩৭
জ্যেষ্ঠ, যুধিষ্ঠিৰক পাতিলা মহী পতি।
আছে মহাশান্তি সতী দ্ৰোপদ দুহিতী॥