পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৯৪]
যাজ্ঞসেনী দেখি হেন,   মহাভয় কৰি মন।
দুইহাতে তুলি ধৰি, দিলে কোব্‌টান কৰি॥
গিৰিসাই পৰিলেক, মহাশব্দ উঠিলেক।
জিনিলা দ্ৰৌপদী নাৰী, ৰাক্ষসিনী গৈলা মৰি॥ ৪২৯
শুনিয়ােক সভাসদ, বনপৰ্ব্ব পূর্ণপদ।
পুৰ হৈবাে মনস্কাম, পুৰিবো আপদ দাম॥
জুমুৰি ভাৰতচন্দ্ৰে, বিৰচিলা পদবন্ধে !
তেজি বিষয়ৰ কাম, ডাকি বােলা ৰাম ৰাম। ৪৩০

—*—

 

পদ।

বৈসম্পায়ন বদতি শুনিয়াে নৃপবৰ।
মায়াবী ৰাক্ষসী তাই মায়াত প্ৰখৰ॥
ছিদ্রচাই ষঙ্কিকাৰ শৰীৰ ধৰিলা।
নাশপথে বেগধৰি গৰ্ভত পশিলা॥ ৪৩১
উপদ্রব কৰিবে লাগিলা গর্ভেপশি।
তেজ মাংস খাইবেক লাগিলা ৰাক্ষসী॥
পীৰাপাই দ্ৰৌপদী উফৰি পৰিলন্ত।
ত্ৰাহিকৃষ্ণ বুলি সতী মুৰ্চ্ছিতা ভৈলন্ত ॥৪৩২