পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬৩]

সুৰাসুৰে যাহাৰ ভয়ত তৰাতৰ৷
তােমাৰ নাহিকে জানো মৰণক ডৰ ॥
হেন শুনি দ্রৌপদীয়ে মাতে বৰ ৰাগে।
পাপীষ্ঠ দানব মুনিষালি মােৰ আগে ॥২৭৭
আজি তােৰ যতেক ভাবনা কৰো চুৰ।
সবে দানবক মাৰি নিবো যমপুৰ॥
এহি বুলি বামহাতে ধৰি ধনুখান।
প্ৰহাৰিবে লাগি গৈলা দাৰুণ সন্ধান ॥২৭৮
ইপাত হানয় আৰুপাত তাৰ কাচে।
লাহৰি লাহৰি শৰ ৰাই আগে পাচে॥
অনন্তৰে চাৰিপাত নৰাচ হানিলা।
মহাবেগে যাই তাৰ গাৱত পৰিল। ২৭৯
চাৰিগােট সর্প যেন গর্ত্তত পশিলা।
শৰ পাই দৈত্য গােটে কম্পিবে লাগিলা॥
দেখিয়া ত্রিদশে জয় জয় কৰিলন্ত।
দৌপদীৰ মাৰে পুষ্প বৃষ্টি কৰিলন্ত ।২৮০
আচোতে ঘামিলা দৈত্য ৰুধিক ৰহয়।
যেন মেৰু মান্দাৰৰ গেৰু নিজৰয়॥
ঢলপল কৰি যেবে খানিক আছিল।
কিছুমানে সুস্থ হুয়া অগনি জ্বলিলা॥ ২৮১