পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮৭]

ইতো কথা গুৰু বাপ কহিয়ো আমাত।
পিতামহ মহন্তৰ মহিমা সাক্ষাত॥
হেন শুনি মুনিবৰে কহিবে লাগিলা।
বজ্ৰাজৰ জীয়া কালকুঞ্জে বিবাহিলা॥ ৩৯৪
মেঘিনীয়ে মহাদুষ্ট মায়াক জানয়।
তাইৰ জয়ে দেবাসুৰ থৰতে কাম্পয়॥
দুই সহস্ৰেক নাৰী সতিনী যাহাৰ।
সবাৰ উপৰি তাই সুভাগ নুসাৰ॥৩৯৫
ষেহিবেলা কালকুঞ্জে তাইক ক্ৰীৰয়৷
তাই কালকুঞ্জৰ যে অৰ্দ্ধ দেহা হয়॥
শৰ ঘাৱ পায়া পাচে ম্লেচ্ছ দুৰাচাৰ।
খানিতেক থাকি গৈলা গৃহে আপোনাৰ॥৩৯৬
গধুলি বেলাত নিজ ঘৰে নপশিলা।
নাৰীগণ আসিতাক আগবাঢ়ি নিলা॥
শৰীৰ ঢাকিয়া ৰক্ত বহে ধাৰাসাৰে।
মহা বেদনাত সিতো নিশ্বাস ফোকাৰে ॥৩৯৭
আৰ্ধ বেৰ্থ কৰি পাচে বজ্ৰাঙ্গৰ জীয়া।
কেন হেন মত ভাৱ তোমাৰে দেখিয়া॥
সুৰাসুৰে কাম্পে যাৰ মহিমা প্ৰচণ্ড।
হেনয় জনক কোনে কৰিলেক দণ্ড॥৩৯৮