পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮০]

ধিক বল পৰাক্ৰম ধিক শূল শাল।
লেচঙ্গ সবাৰ তেমন যেন জুইশাল॥
যিহৌক সিহৌক ৰণ কৰিবে লাগয়।
জিনিলেও যশ নাই হাৰিলেকো নয়॥৩৫৯
তথাপিতো যেন হোৌক মোৰ কৰ্ম্মভাগে।
প্ৰাণৰ কাৰণে যুদ্ধ কৰিবাক লাগে॥
এহিবুলি মহাক্ৰোধে শালবৃক্ষ তুলি।
দ্ৰৌপদীৰ গাৱত হানিলা হোস বুলি॥৩৬০
যাজ্ঞসেনী দেখে শালবৃক্ষ খেদি আসে।
শৰহানি তাহাক কাটিলা অপ্ৰয়াসে॥
পুনৰূপি হানিলা দাৰুণ শিলাখণ্ড।
শৰে হানি তাহাক কৰিলা লণ্ড ভণ্ড॥ ৩৬১
অসংখ্যাত শিলাবৃষ্টি কৰে বাৰে বাৰে।
শৰে হানি যাজ্ঞসেনী তাহাক নিবাৰে৷
পাচে দ্ৰুপদৰ জীউ হিদ্ৰ এক পাইলা।
প্ৰচণ্ড গোটক শৰ হানিয়া পঠাইলা॥ ৩৬২
বিস্বাদ শবদ বেগে শৰপাত যাই।
তাহাৰ হিয়াত পৰিলক খকৰাই॥
পুঙ্খমানে তলগৈলা দেখি ভয় ভীত।
হলাহলি কৰি বহয় বিপৰীত॥ ৩৬৩