পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১১ ]

শুনি যাজ্ঞসেনী যমক দেখিয়া
 শোকে বিয়া কুল ভৈলা।
দুখক সুমৰি মকমকি কৰি
  কান্দিবে দেবী লাগিলা॥৫১৩
চাৰিও ভাতৃৰ নয়ন সজ্জল
 দ্ৰৌপদীৰ দেখি দুখ।
যুধিষ্ঠিৰ ৰাজা ঘুৰি ঘূৰি চাৱে
 চাৰিও ভাতৃৰ মুখ॥৫১৪
কতো বেলিমানে  কান্দিবৰ নাৰী
 মুখ আখি মুচিলন্ত।
পূৰ্ব্বাপৰ যত বৃতান্ত সকল
  কহিবাক লাগিলন্ত॥৫১৫
বদতি দ্ৰৌপদী আজি সাত দিন
 মৰি আছা পাঞ্চ ভাই।
তোমাৰ মৰণে আমাৰ বিলাই
  কোনে কহি অন্ত পাই॥৫১৬
এহি ম্লেচ্ছ দেশ পৰম দাৰুণ
 আছে তাত দুই ভাই।
বৰ কাল কুঞ্জ শোষক কনিষ্ঠ
 বলে সমশৰ নাই॥৫১৭