পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭৬]

দেবদৈত্য দানব গন্ধৰ্ব্ব নাগচয়।
সব ছন্তে ইছাক যুজিবে নপাৰয়॥
একে মই তিৰি জাতি কোমল শৰীৰ।
কিমতে যুজিবো তাক মন নোহে থিৰ॥৩৩৯
স্বামীৰ লগতে অনুগামী গৈলোহন্তে।
তেবে কেন দেববাক্য পৰিলা মনতে॥
ত্ৰিভুবন বিজয়ী গাণ্ডীব ধনুশৰ।
কোনবেলা মাৱিবে লাগয় কোন শৰ॥৩৪০
তাহাক নাজানো মই নাজানো মন্ত্ৰক।
কোন অস্ত্ৰ হানিবেক কোনবা লোকক॥
যুদ্ধ এলিলেই মোক মোচাৰি মাৰিব।
শাল আৰু তৰুঘাৱে মোৰ প্ৰাণ যাইব॥৩৪১
যিহৌক সিহৌক ভাগ্যে কৰিবো সমৰ।
জীৱন মৰণ বাত হৈতো মনুষ্যৰ॥
কিন্তু কৃষ্ণ চৰণক মচাৰক মতি।
জনমে জনমে মাধৱে সে মোৰ গতি॥৩৪২
পাণ্ডৱ হৈবন্ত স্বামী সকলো কালত।
নচাৰোক মতি মোৰ তাহাৰ সেৱাত॥
সঙ্কত বেলাত মোক প্ৰভু নাৰায়ণে।
অনাথ নাৰীক মোক ৰাখিয়ো চৰণে॥৩৪৩