পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৪৩]

উত্তৰ এৰিয়া পূৰ্ব্ব প্ৰদেশে নাইবৰা।
দুই দিশ মধ্যে আছে পথক ধৰিবা॥
তিনিপক্ষ মানে পাই মলয় পৰ্ব্বত।
আছে মহা ঋষি বৰ দক্ষিণ কোনত॥ ৬৫৫
মন্ন নদী বহে চাৰু ৰস চন্দনৰ।
ব্ৰহ্মক্ষেত্ৰে পৰে যাই পৰ্ব্বত নিৰ্জৰ॥
তাহাক চাৰিয়া পাইবা অগষ্টিৰ স্থান।
তাইৰ সত্ৰত মুনি আছে বহুমান॥ ৬৫৬
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
মলয় গিৰিক গৈলা পাণ্ডুৰ তনয়॥
পাণ্ডৱৰ মহিমাৰ শকতি অপাৰ।
তাক কহিবাক লাগি শকতি কাহাৰ॥ ৬৫৭
মুখ্য মুখ্য চাই কিছু কহিলো তোমাত।
মহাগুৰু ব্যাসে যেন কহিছে আমাত॥
পাণ্ডবৰ যশকৃৰ্ত্তি কৃষ্ণে সে বঢ়ান্ত।
অনুমাত্ৰ পাণ্ডৱক কৃষ্ণে নচাৰন্ত॥ ৬৫৮
একমনে যিতো জনে কৰয় শ্ৰবন।
ৰাজশ্ৰীক পায় আৰ গুছে পাপগণ॥
কৃষ্ণ পাণ্ডৱৰ কথা চৰিত্ৰ শোভন।
আৰু এক চিত্তমনে শুণে যিটোজন॥ ৬৫৯