পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৫]

ঢৌত বৰ্ণ দান্ত ঘনে হাসন্ত প্ৰকৃতি।
হাসিতে বজায় অগণিৰ ফিৰিং গুটি৷৷ ৪৮
হেন ভাবে দেখি পাচে ৰাজা যুধিষ্ঠিৰ।
শিহৰি শৰীৰ ৰহিলন্ত মহাবীৰ।৷
বৈশস্পায়ন বদতি শুনিও জন্মেজয়।
ৰাজাক সাদৰি মুনি বুলিলন্ত তয়॥৪৯
শুনা মহাৰাজ ধৰ্ম্মপাল মহাশয়।
মহাধৰ্ম্মি তোমাসব দেৱৰ তনয়।৷
নুহি নুহি তোমাসব পাণ্ডুৰ তনয়।
ভৈলা কলিযুগ আসি জানিলোহো ময়৷৷ ৫০
কুন্তীকলা নামে অপেশ্বৰা আছিলন্ত।
কাৰণে আসিয়া তেওঁ মনুষ্য ভৈলন্ত।৷
পাঞ্চদেৱ হন্তে পাঞ্চজন উপগত।
দ্ৰৌপদ ৰাজাৰ ঘৰে যজ্ঞ লণ্ডপত৷৷ ৫২
যজ্ঞসেনী নামে মহামায়া বেক্ত ভৈলা।
এতেকেসে পাঞ্চজনে তাক বিহাইলা।৷
আৰু এক কথা কহো শুনা যুধিষ্ঠিৰ।
দুৰ্য্যোধন লগে আছে তোৰ এক বীৰ॥৫৩
তাৰ সম ধনুৰ্দ্ধৰ পৰাক্ৰমি নাই।
পৃথিবীৰ বহুভাৰ হৈয়াছে জণ্টাই।৷