পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১০]

ইটো ভবাৰ্ণব বনে আসিলো যি কালত।
স্নান কৰি আসো গৈয়া আস্তিক হদত॥ ২৩
হেন মনে আসিয়া বহিলো এই বনে।
ইটো সৰোবৰ জলে কৰিবোহে স্নানে॥
অক্ষয় ভৈলেক তনু আৰ জল পানে।
গুচিল সকল ক্লেশ আছে যত মানে॥ ২৪
মহাঋষি আস্তিকক দেখিবাক প্ৰতি।
বৰ আসা আছে তাক অনি ওক মাতি।৷
ব্ৰহ্মময় মুনি তেওঁ ধ্যানত নিৰত।
যেনে তেনে মিলাওক আমাৰ আগত॥ ২৫
এহিবুলি মৌন ভৈলা যুধিষ্ঠিৰ ৰায়।
বুলিলন্ত পুন্দৰীকে অবনত কায়।৷
দেৱৰ অজ্ঞাক যত পাৰি বুদ্ধিবলে।
কৰিবোহো আমি আক জানিবা কেবলে॥ ২৬
সহস্ৰ হাতৰ জল মাজত আশ্ৰম।
আচন্ত আস্তিক কৰি ব্ৰহ্মক নিয়ম।৷
সমাধি ভাঙ্গিলে তেবে চাপিব ওচৰ।
তেবেসে কহিব পাৰি তোমাৰ গোচৰ॥ ২৭
ৰৰিষেক, মানে যেবে সমাধি নেভাগে।
তেবে কোন জন থাকিবন্ত তান আগে।৷