পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫০ ]

পুনুৰুপি হৰি আসি ভিতৰ দুৱাৰে পশি
 শৃঙ্গাৰ কৰিলা বনমালী
কহয় শ্ৰীহৰি দেৱে ত্ৰিদশে ভনিলা সবে
 এই গীত ৰাধাৰ ধেমালী॥
৪। অহে শ্যাম মুৰুলি অম্বৰ দিয়া হে
 শ্যাম মুৰুলি অম্বৰ দিয়া—
সাত পাঞ্চ গোপী   জলত নামিলোঁ
 তীৰতে অম্বৰ থৈ।
ছাৱাল দেখিয়া   লজ্জা নকৰিলো
 সি গৈলা অম্বৰলৈ॥
একণ্ঠ পানীত মজিয়া বহিলোঁ
 জাৰে কাম্পে আমাৰ হিয়া।
কাও বাও কৰো  দান্তে তৃণ ধৰো,
 অম্বৰ পেলাই দিয়া॥
এক হন্তে গোপী অঙ্গক ঢাকিয়া
 এক হস্তে কৰে জোৰ।
কদম্বৰ পৰাই কানাই বোলয়
 সিও খানি হস্ত তোল॥
যাৰ যিবা বস্ত্ৰ   লোৱা চিনি চিনি
 বুলিলো নিশ্চয় কৰি।