পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৪]

চাৰি ভ্ৰাতৃ সমে যুধিষ্ঠিৰ মহীপাল।
ধুপ দ্বীপ ধৰি পাছে বজাইলা সকল॥৪৩
অনন্তৰে তীৰত উঠিলা মুনিবৰ।
চাৰি ভাই সমে ৰাজা চাপিলা ওছৰ॥
দিব্য কুশাসনে ঋষি বসিলন্ত পাচে।
ধুপ দ্বীপ নৈবেদ্যে নৃপতি পূজি আছে॥৪৪
তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ সুন্দৰ।
সকলো গাৱত শুক্ল লোম মনোহৰ॥
ষোঢ়স বছৰ যেন তৰুণ শৰীৰ।
মহা ধৃতি মন্ত আতি গহিন গম্ভীৰ॥৪৫
জতাৰ ওপৰে যেন অগণি জলয়।
সুন্দৰ বদন পূৰ্ণ চন্দ্ৰমা পৰায়॥
তিনি যুগে ভৈলা যেন সোৰস বছৰ।
ফুলি ফুলি আছে যেন ডাৰি নিৰন্তৰ॥৪৬
কতিত কপিন কন্ধে অজিন উত্তৰী।
তুলসি ৰুদ্ৰাক্ষ মালা গলে আছে ধৰি॥
অক্ষ মালা জপ কৰি ব্ৰহ্মাক ধিয়ান্ত।
যাত যাত কৰি গাৱে অগণি বজান্ত॥ ৪৭
চাহিবে নপাৰি চকু তিৰবিৰ কৰে।
চাৰি গাই সমে চাহি আছে নৃপবৰে॥