পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬৭]

শূলক উচ্চায়া পাচে দানব দুৰ্জ্জন।
দ্ৰৌপদীক হানিলেক কৰি ক্ৰোধমন॥
আকাশ চানিয়া শূল বেগ ধৰি যাই।
জাত জাত কৰি সবে অগণি উধাই॥২৯৭
হেন দেখি যাজ্ঞসেনী আজুৰিয়া জানি।
মেৰুগিৰি যেন ক'লা কৰে বান খানি॥
আকাশ চানিয়া সতী প্ৰহৰিলা বান।
তলবল কৰিয়া লৰিলা মহীখান॥২৯৮
অৰ্জ্জুনৰ ব্ৰহ্মবান মুক্তিমন্ত হই।
আকাশে উৰা ৰবিপায় মহা ভয়॥
ভকভক্ত কৰি পাচে অগনি বজাই।
যেন মেৰুগিৰি গোট আকাশে উধাই॥২৯৯
ভয় হুয়া বসুমতী চমকি ৰহিলা।
শূল ব্ৰহ্মবান দুয়ো একস্থান ভৈলা॥
আকাশতে শূলক কৰিলা সাত খণ্ড।
ভুমিত পৰিলা সিতো হুয়া লণ্ডভণ্ড॥৩০০
শূলকাতি শৰপাত পুনঃ খেজি যাই।
শোষকৰ শিৰ কাতিলেক জন্তাৰাই॥
শিৰশ্ছেদ ভৈলা বীৰ গিৰিসিত কৰি।
দাৰুণ পিশাচ যমপুৰে গৈলা মৰি॥৩০১