পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০৫]

সহ লহ কৰে যেন দূৰতে গিলয়।
তাক দেখি কোন বীৰে নকৰিবে ভয়॥
সুবৰ্ণ মানিকে তাৰ কৰিয়াছে কাম।
চিকিমিকি কৰে তাত নাহিকে উপাম॥৪৮
হেন শূলপাত আসে আকাশক গনি।
চাৰিও দিশক চানি বায়ে অগনি॥
দেখি যাজ্ঞসেনীয়ে হানিলা বাণ গোট।
ত্ৰিভুবন নসহে যাহাৰ মহাচোট॥৪৮৪
বিন্বাদ শবদে শৰপাত খেদি যাই।
আকাশ মধ্যত শূলপাত খেদি পাই॥
তিনি খণ্ড কৰি কাভি পেলাইল মহীত।
দেখি ম্লেচ্ছপতি আতি ভৈলা ভয়ভীত॥৪৮৫
বোলে মোৰ মৃত্যু আসি ভৈলা উপসন্ন।
নিশ্চয় ফলিলা মহাদেবীৰ বচন॥
শেল পৰিঘ আৰু শূল নাশ ভৈলা।
মন্ত্ৰহীন মোহাৰ শকতি দূৰে গৈলা॥৪৮৬
এইক মাৰিবে একো উপায় নপাইলে।
বলে ধৰি মাৰো মোৰ শত্ৰুক উঘালে॥
এহিবুলি বেগধৰি খেজিয়া আসিলা।
ধৰিবাক আসে দেখি দ্ৰৌপদী ডৰিলা॥৪৮৭