পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাধা ধেমালি গীত

লোকে বেৰৌ বেৰৌৰে,বেৰৌৰে গকুলেৰ লোক ২
 চোৰ সোমাল ৰাধাৰ মন্দিৰে।
ইও বোলে বেৰৌ বেৰৌ সিও বোলে বেৰৌ
বেৰৌৰে গকুলৰ লোক ২ চোৰ সোমাল ৰাধাৰ
   মন্দিৰে॥
শাহু নাই শহুৰ নাই, ননন নাই ঘৰে
 মধ্য ৰাত্ৰি বংশিবাৱে ৰাধাৰ মন্দিৰে।
ঘট মট কৰি বুঢ়ী, শিকিয়াৰ কাটিলা জৰি,
 দুৱাৰ বান্ধিলা টান কৰি
কোন চোৰ সোমাইছা ঘৰে এৰিয়া নেদিবো তোৰে
 বুঢ়ীৰ হাতৰ যাইবি চাৰি।
তুহৰ জুইত ফুঙ্ক দিলা  কণ্ঠ ধোৱা নিৰোধিলা
  কাহে বুঢ়ী খহুৰ খহুৰ কৰি।
ৰাধাৰ কতাৰি ধৰি,   বেৰোৱাৰ মুঠা ফালি
 বাজ হৈলা দেৱ শ্ৰীহৰি॥
ধৰ ধৰ কৰি বুঢ়ী   কানাইক নিলে খেদি
 ফিৰি আসি নন্দেৰ কানাই বুঢ়ীক মাৰে লাঠি॥