[  ]
 

এটি

আৰ্হি-চৰিত

বা

৺ ঘিণাৰাম বৰুৱা।

 
 

শ্ৰীফণিধৰ চলিহা

 

[  ]

এটি
আৰ্হি-চৰিত
বা
৺ঘিণাৰাম বৰুৱা

শ্ৰীফণিধৰ চলিহা প্ৰণীত
আৰু প্ৰকাশিত
শিৱসাগৰ



প্ৰথম তাঙ্গৰণ।

কলিকতা
৬নং কলেজ-স্কোয়াৰ সাম্য-যন্ত্ৰত,
সেখ আবদুল লতিফৰ দ্বাৰা মুদ্ৰিত।
১৮৩৪ শক।

বেচ ।৹ সিকি এটা মাথোন।

[  ]

 

উপহাৰ।

প্ৰিয়তম অনাৰেবল শ্ৰীমান পদ্মনাথ বৰুৱা
 কল্যাণবৰেষু,

প্ৰিয় পদ্ম,

 তুমি তোমাৰ জন্মৰে পৰা মোৰ চিনাকি। তুমি, তোমাৰ প্ৰিয়বন্ধু স্বৰ্গীয় পানীৰাম (৺পানীন্দ্ৰনাথ গগৈ) আৰু মুন্সি বাহাদুৰ আলি প্ৰভৃতি যেতিয়া লক্ষ্মীমপুৰ ইৰাজি স্কুলত প্ৰথমে পঢ়াহঁক তেতিয়া মোৰ পৰম বন্ধু স্বৰ্গীয় কৃষ্ণানন্দ বুঢ়াগোহাঁই তোমা- লোকৰ হেড্‌মাষ্টৰ আছিল। মই তোমালোকৰ স্কুলৰ চেক্ৰেটৰি আছিলোঁ। তেতিয়া মই মাজে মাজে তোমালোকক পৰীক্ষা কৰোঁ আৰু পঢ়াওঁ। তেতিয়া তোমালোক তিনিওটী ৭, ৮ বছৰ বয়সীয়া লৰা। তোমালোক তিনিও জন যে আসামৰ সজপুত্ৰ হৈ আসামৰ নাম জিলিকাবা তেতিয়াই মই আৰু মোৰ বন্ধুৰে তাৰ ভালেমান লক্ষণ দেখোঁ, আৰু তেনে আশা কৰিছিলোঁ। শ্ৰীমান্ মুন্সি বাহাদুৰ আলিয়ে এতিয়া কি কৰিছে ভালকৈ কব নোৱাৰোঁ। ৺পানীৰাম কোমল বয়সতেই ইহ সংসাৰৰ পৰা আঁতৰি গল। তথাপি যি কেই দিন জীয়াই আছিল সেই কেই দিনতেই তেওঁ স্কুলৰ ব্যৱহাৰৰ উপযুক্ত ভাল ভাল অসমীয়া পুথি লিখি নাম চিৰস্মৰণীয় কৰিলে। তুমি

আজিলৈকে যি যি কৰিছা তাত প্ৰকৃত অসমীয়া নাম [  ]
আৰ্হি-চৰিত.djvu

ধাৰী সকলে গৌৰৱান্বিত হব লাগে। তুমি এজন বিখ্যাত অসমীয়া গ্ৰস্থকাৰ, কবি, সম্পাদক, পৰীক্ষক, আসাম কাউন্সিলৰ অনাৰেবল মেম্বৰ প্ৰভৃতি কাৰ্য্য কৰি দেশৰ প্ৰকৃত উপকাৰ সাধিছাঁ, আৰু এতিয়াও এই ব্ৰতত ব্ৰতী হৈয়েই আছাঁ; আনকি তোমাৰ নিজৰ শৰীৰৰ সুস্থতালৈ তুমি কেৰাহিকৈয়ে চোৱা নাই। তুমি আমাৰ আশাতিৰিক্ত কাৰ্য্য কৰিলা, প্ৰকৃত দেশৰ উপকাৰী কাৰ্য্য কৰিলা আৰু কৰিছা, তাৰ বাবে নো তোমাক কি বঁটা দিম? সোণ-ৰূপ প্ৰভৃতি তোমাৰ উপযুক্ত পুৰস্কাৰ নহব। ইয়াকে ভাবি তোমাকেই বঁটা দিবৰ কাৰণে স্বৰ্গীয় ঘিণাৰাম বৰুৱা তোমাৰ পিতৃ-দেৱতাৰ জীৱনী লিখি তোমাক পুৰস্কাৰ দিলোঁ। মোৰ পৰা এই উপহাৰ তুমি অৱশ্যে এপাচি সোণ-ৰূপতকৈ অধিক মূল্যৰ বুলি ভাবি গ্ৰহণ কৰিব। এই পুথিখনিত বহুত লাগতিয়াল কথা এৰা পৰিবও পাৰে বা অলাগতিয়াল কথা সোমাবও পাৰে, তাৰ বাবে বেয়া নাপাবা। জানি- শুনি মই কোনো কথা এৰা নাই। তেনে এৰা ধৰা কিবা থাকিলে দেখুৱাই দিলে বঢ়াই টুটায় দিব পাৰোঁ। অৱশেষত তোমাক ইমানকে ভৰসা কৰিছোঁ, যেন এই পুথি খনিক আদৰ কৰিবাঁ আৰু আনৰো যাতে আদৰৰ পাত্ৰ হয় তাৰে যেন চেষ্টা কৰিবাঁ।

শিৱসাগৰ, আমোলাপটী
১ মাঘ, শঁক ১৮৩৪।

তোমাৰ হিতাৰ্থী
শ্ৰীফণীধৰ চলিহা।

[  ]
 

পাতনি।

⸻:০:⸻

 মহাত্মা ৺আনন্দৰাম বৰুৱাৰ জীৱন চৰিত এখনি লিথিবৰ মনেৰে পাতনি মেলোঁতে, অসমৰ এজন সুলেখক লম্বোদৰ বৰাই কৈছিল যে, “সৎকাম কৰিবলৈ, ধৰমত চলিবলৈ, সমাজ আৰু দেশৰ উপকাৰ কৰি- বলৈ জীৱনৰ দৃষ্টান্ত বেচি কাৰ্য্যকাৰক। * * * * * * মানুহৰ জীৱনৰ আৰ্হি অব্যৰ্থ বীজ, সি সকলো ঠাইতে গজে। * * * *বৰ ডাঙ্গৰ মানুহৰ আৰ্হি অতি অলপ মানুহেহে লব পাৰে। সেই কাৰণে মজলীয়া মানুহৰো জীৱন-চৰিত থাকিব আৰু পঢ়িব লাগে। কোনো মানুহৰ ভালেমান সজগুণ থাকিলেই, বা তেওঁ কিছুমান ভাল কাম কৰি- লেই তেওঁৰ জীৱন-চৰিত লেখা হব পাৰে।” আমাৰো সেইমত। আৰু সেই মতেৰে কাৰ্য্য কৰিবৰ মনেৰেই আজি আমি ঘিণাৰাম বৰুৱাৰ জীৱন-চৰিত ৰাইজৰ আগলৈ আগ বঢ়ালোঁ। আমাৰ উদ্দেশ্য কিমানলৈ সাম্ফল হৈছে সেইটী গুণগ্ৰাহী পাঠক সকলৰ বিচাৰাধীন।

 এই পুথি লিখি থাকোঁতেই বা এই পুথি লিখাৰ কথা গম পাই অনেক গণ্য-মান্য আৰু শিক্ষিত অসমীয়া ভদ্ৰলোকে লেখকক প্ৰশ্ন কৰিছিল— “তুমি যে ঘিণাৰাম বৰুৱাৰ জীৱনী লিখিছা বা লিখিব খুজিছা এইজননো কি এনে বিখ্যাত মানুহ আছিল যে তুমি তেওঁৰ চৰিত্ৰ লিখিছা? আমি দেখোন বহুতে তেওঁৰ নামকে শুনা নাই তেওঁ আসামৰ তেনে প্ৰখ্যাত মানুহ নহয়, এতেকে তেওঁৰ চৰিত্ৰ। লিখাৰ একো কাৰণ নাই। লিখিবৰ মন গলে সুবিখ্যাত আন অসমীয়াৰ জীৱনী লিখিব পাৰা দেখোন।” ৺ঘিণাৰাম বৰুৱা আসামৰ বিখ্যাত মানুহ অৰ্থাৎ নাম-জলা মানুহ নহব পাৰে, কাৰণ তেওঁ ইংৰাজি এম, এ ডিগ্ৰি পোৱানাই, বা সংস্কৃত পঢ়ি [  ] মহামহোপাধ্যায়ো হোৱা নাই বা চিভিল চাৰ্ব্বিচো পাছ হোৱা নাই বা মুঞ্চিফ সদৰামিনো হোৱা নাই, বা পুথি লিখিও নাম জলোৱা নাই, নাইবা ৰাজনীতিজ্ঞ হৈ গৱৰ্ণমেণ্টৰ শাসন প্ৰণালীৰ দোষ বা আসোঁৱাহ ধৰি যতে ততে বক্তৃতা দি নাম জলোৱা নাই, হয়। এই কথা লেখকে স্বীকাৰ কৰে। তেনে সকলৰ জীৱনী লিখিবলৈ এই লেখকত্‌কৈও অধিক উপযুক্ত লোকৰ নিমিত্তে ৰখাই ভাল। তথাপি তেনে কোনো লোকৰ জীৱন-বৃত্তান্ত আদ্যোপান্ত জানিব পাৰিলে বা বিশ্বাসী লোকৰ পৰা সমুদায় বৃত্তান্ত পালে তালৈকো আগ বাঢ়িবলৈ সাহ কৰিব পাৰি। বৰ্ত্তমান এইজন পুৰুষৰ জীৱনী লিখাৰ ভাৰ লেখকে হাতত ললে। আছুটীয়া বা আত্তহতীয়া ঠাইত, বা যি ঠাইলৈ প্ৰায় মানুহ নাযায় তেনে ঠাইত এপাহি সুগন্ধি ফুল ফুলি জঁয় পৰিলে সেই ফুল পাহিৰ বাচ বখানিব নাপায়নে?

 সজবংশত জন্ম ধৰি ঘাট-মাউৰা হৈ বংশ পৰিয়াল, মিতিৰ-কুটুমৰ ভিতৰতো কোনোজনে সামৰি লওঁতা নহলেও নিজৰ সজ স্বভাৱেৰে, সজ পৰিশ্ৰমেৰে আৰু অধ্যৱসায়েৰে মানুহে কেনেকৈ প্ৰতিপত্তি লাভ কৰিব পাৰে তাক দেখুৱাই এই গ্ৰন্থৰ এটি ঘাই উদ্দেশ্য। যিজন মানুহ এনে দুৰৱস্থাত পৰি নিজ জন্মভূমি কোমল বয়সতে পৰিত্যাগ কৰি লক্ষীম্‌পুৰ যেন ঠাইলৈ গৈ—যি ঠাইলৈ ৰংপুৰৰ পৰা সেই কালত মানুহ গলে হাঁহ-পাৰ মাৰি খাই একেবাৰেই বিদায় লয়,⸺তেনে স্থলত ক্ৰমে অৱস্থাৰ উন্নতি কৰি এজন প্ৰধান লোক হৈ লৰা-ছোৱালী বিলাকক এনেদৰে তুলিলে তালিলে আৰু শিক্ষা দিলে যে তেওঁবিলাকৰ গুণত সকলে অসমীয়াই মোহিত হবলগীয়া হৈছে। বিশেষকৈ এইজনা পুৰুষে তেওঁৰ কন্যা কেইজনাক এনে সুশিক্ষা দিলে বা দিয়ালে আৰু এনে উপযুক্তা আৰু সুষোগ্যা কৰিলে যে নিলগত থকা আহোম-বংশৰ কুলে [  ] মানে শিক্ষায় নাম জ্বলা যুবক সকলে তেওঁবিলাকৰ গুণৰ কথা শুনি বিবাহ কৰিবলৈ উৎকণ্ঠিত হৈ বিয়া কৰালে। এই কেইজনা জীয়াৰীয়ে ক্ৰমে ৺কৃষ্ণানন্দ বুঢ়াগোহাঁই ন্যায়শোধা ফুকন, ৰায় ৰাধাকান্ত সন্দিকৈ বাহাদুৰ এঃ এঃ ক, ডিপুটী মেজিষ্ট্ৰেট আৰু ল্যাণ্ড্‌ ৰিকৰ্ড্‌চৰ এচিষ্টেণ্ট্‌ ডাইৰেক্টৰ, শ্ৰীযুত সূৰ্য্যকান্ত বৰুৱা বি, এ, চব্‌ ডিপুটী কলেক্টৰ প্ৰভৃতিৰ ঘৰত গৃহলক্ষ্মী হৈ দিনে দিনে তেওঁবিলাকৰ স্বামীসকলৰ সুখবৰ্দ্ধন কৰিছে। এইজনা পুৰুষৰেই এজনা পুত্ৰ অনাৰেবল শ্ৰীযুত পদ্মনাথ বৰুৱা। এওঁ যে এজন আসাম-আকাশৰ উজ্জল নক্ষত্ৰ, এজন সুবিখ্যাত উচ্চশ্ৰেণীৰ অসমীয়া লেখক আৰু কবি এই কথা তেওঁ ভোগ কৰা সাহিত্যিক পেঞ্চন আৰু লেজিচ্লে‌টীভ্‌ কাউন্সিলৰ মেম্বৰৰ বিষয় আৰু অনাৰেবল খিতাপেই প্ৰমাণ কৰিছে। এতেকে যিজনা ৺ঘিণাৰাম বৰুৱাই এইদৰে নিজৰ অৱস্থা ভাল কৰিলে আৰু এনে উপযুক্ত সন্তান জন্মালে, এনে সৰ্ব্বগুণী কৰিলে তেওঁৰ জীৱননো আৰ্হিৰ পাত্ৰ নহয়নে? ইয়াতো কোনো জনে লেখকৰ মতৰে ঐক্য নহলে আৰু উপায় নাই; সেইজনাৰ ওচৰত লেখকৰ ক্ষমা-ভিক্ষা কৰাৰ বাজে আন উপায় নাই।

 কোনো কোনো জনে আকৌ প্ৰশ্ন কৰিব পাৰে যে ৺ঘিণাৰাম বৰুৱাৰ জীৱনত সকলো বিলাক গুণেই আছিলনে, দোষনো একেবাৰেই নাছি- লনে? পৃথিবীত দোষ শূন্য মানুহ নাই বুলিলেও একো দোষ নাই। কিন্তু, যিজন লোকৰ সজগুণৰ সংখ্যা ইমান অধিক যে কেতখিনি দোষ থাকিলেও সেই বিলাক তলপৰি থাকে, কাৰণ দোষ-শূন্য মানুহ এই পৃথিৰীত নাই এইটো এনেই জানিব লাগে। ইয়াৰ উপৰিও কোনো কোনো জনে এইদৰেও প্ৰশ্ন কৰিব পাৰে “ইয়াত লিখা কথাবিলাক যে সঁচা তাৰ প্ৰমাণ কি? তাৰ উত্তৰত লেখকে ইয়াকে কব খোজে যে এই লেখকে নিজৰ ৬ বছৰ বয়সৰ পৰা এইজন পুৰুষৰ জীৱনৰ প্ৰায় সকলো ঘটনা [ ১০ ] জানে। তাৰ পূৰ্ব্বৰ প্ৰায় ঘটনা বিলাক লেখকে নিজ মাতৃ (যাক এই গ্ৰন্থত “আইতা” বুলি উল্লেখ কৰা হৈছে) পৰা শুনা কথা আৰু কিছু কথা বিশ্বস্ত সূত্ৰে বিশ্বস্ত বন্ধুৰ পৰা শুনা; প্ৰায় বিলাক কথা লেখকে নিজে জনা। কিয়নো লেখক গবৰ্ণমেণ্টৰ কাৰ্য্যৰ উপলক্ষে ১০।১২ বছৰ লক্ষীমপুৰত আছিল বা তালৈ অহা-যোৱা কৰিছিল; তদুপৰি লেখকৰ কেচুঁৱা কাল তাতেই কাটিছিল। আৰু লেখকে যেতিয়া যি ঠাইত আছিল তাতেই ৺ঘিণাৰাম বৰুৱাৰে নাইবা তেঁওৰ পুত্ৰ, কন্যা, জোৱাঁই প্ৰভৃতি আপোন মানুহেৰে সততে দেখা-সাক্ষাৎ কৰি আছিল। বিশেষকৈ, ঘিণাৰাম বৰুৱা নিজৰ সচ্চৰিত্ৰৰ গুণে লেখকৰ মাতৃ প্ৰভৃতি আন আন সদ্বংশজাত লোকৰ ইমান প্ৰিয়পাত্ৰ হৈছিল যে লেখকৰ মাতৃয়ে এওঁক তেওঁবিলাকৰ এজন সহোদৰ তুল্য ভাবিবলৈ আদেশ কৰিছিল আৰু সেইদৰে সম্বোধন কৰিবলৈ দিছিল আৰু সেই আদেশ মতেই কাৰ্য্যও কৰা হৈছিল। গতিকে এইজন পুৰুষ সম্বন্ধে প্ৰায় সকলো কথা লেখকে জানিবৰ অনেক সুযোগ পাইছিল আৰু সেই সুযোগৰ বলেৰেই এই কাৰ্য্যত হাত দিবলৈ আগ বাঢ়িলে। ইমানতো যদি কোনোজনে লেখকৰ দোষ ধৰে তেতিয়া হলে লেখক সম্পূৰ্ণ নিঃসহায়, আৰু মাত মাতিবলৈ ঠাই নাই বুলিব পাৰি।

শিৱসাগৰ, আমোলাপটি
১ ভাদ, শঁক ১৮৩০।

শ্ৰীফণীধৰ চলিহা।


পুঃ—ছপাবৰ ছেগ নোপোৱাত আজি চাৰি বছৰ পুথিখন হাতে- লিখা ভাগেই পৰি আছিল; এতিয়া সেই ছেগ পাই তাক পোহৰলৈ উলিয়ালোঁ। পলম হোৱাত হওঁতে এফেৰি লাভহে হল; এই ছেগতে কিছুমান সময়োপযোগী কথা যোগ দিয়া গল। এতিয়া সকলে দোষ এৰি ৰাইজে পুথিখন মৰমৰ চকুৰে চায় যেন, এই বাঞ্ছা। ইতি—

শিৱসাগৰ
মাঘ, ১৮৩৪ শঁক।

শ্ৰীফণীধৰ চলিহা।

 

৺ ঘিণাৰাম বৰুৱা।

[ ১৫ ]
 

এটি
আৰ্হি-চৰিত
বা
৺ঘিণাৰাম বৰুৱা।

১। আধ্যা।

আতি-গুৰি।

 ব্ৰহ্মা (মান) দেশৰ ভিতৰত শ্যান প্ৰদেশ অহম বা আহোম সকলৰ আদি ঠাই। সেই প্ৰদেশত ইবিলাক টাই জাতিৰ এটা ঠাল আছিল। ৮৫০ শঁকত এই জাতিৰ খুন্‌লুং‌ আৰু খুন্‌লা‌ই নামে দুজন কোৱঁৰ উত্তৰৰ ফাললৈ উঠি আহি মুংৰিমুংৰাম নামে ঠাইত এখন ৰাজ্য পাতিলেহি। এই ঠাই [ ১৬ ] আসামৰ উত্তৰ-পূব চুকে পাট্কা‌ই পৰ্ব্বতৰ নামনিত। এই ৰাজ্যতে দুয়ো কোৱঁৰে বছৰচেৰেক মিলা-প্ৰীতিৰে ৰাজ্য চলোৱাৰ পিচত, সিবিলাকৰ মাজত ঘৰুৱা কন্দল লাগিবলৈ ধৰিলে। তাতে ককায়েক খুন্লু‌ঙ্গে খং কৰি গুচি গৈ চীন দেশৰ ভিতৰৰ খেহ প্ৰদেশত সুকীয়াকৈ ৰাজ্য পাতিলেগৈ। তাৰ পিচত, ভায়েক খুন্লাই মুংৰিমুংৰামত ৪০ বছৰ ৰজাহৈ স্বৰ্গী হল। তেওঁ স্বৰ্গী হোৱাত তেওঁৰ বংশৰ ৰজাই আৰু ৪০ বছৰ ৰাজত্ব কৰিলে। তাৰ পাচত খুন্লাইৰ বংশ লোপ পালে। গতিকে খেহ দেশৰপৰা খুনলুঙ্গৰ বংশৰ কোৱৰ আনি মুংৰিমুংৰামত ৰজা পতা হ'ল। আৰু তাৰে পৰা ৪০ জন ৰজাহৈ যোৱাৰ পাচত সেই বংশৰে বিখ্যাত চুকাফা কোৱঁৰ ৰাজ পাটত উঠে।

 চুকাফা স্বৰ্গদেৱে ১৮ বছৰ মুংৰিমংৰামত ৰজা হোৱাৰ পাচত পূবৰ ফালে দিগ্বিজয় কৰিবলৈ মন কৰিলে। সেই অৰ্থে ১১৫০ শঁকত তেওঁ সৈন্য-সামন্তৰে সৈতে পাট্কা‌ই পৰ্ব্বত পাৰ হৈ সৌমাৰত সোমালহি। এই সৌমাৰত এতিয়া লক্ষীমপুৰ আৰু শিৱসাগৰ জিলা পৰিছে। চুকাফা মহাৰজাই সৌমাৰত ভৰি দিয়েই পোনপ্ৰথমে মৰাণ, বৰাহী, মটক প্ৰভৃতি আদিবাসী বিলাকক ৰণত জিনি নামৰূপ, তিপাম, অভয়পুৰ, হাবুং, সিমলু- গুৰি, নামদাং এই বিলাক ঠাই দখল কৰি চৰাইদেওত নগৰ পাতিলে। তাৰ পিচত স্বৰ্গদেৱে অসীম পৰাক্ৰমেৰে ক্ৰমাৎ তেওঁৰ ৰাজ্য বঢ়াবলৈ ধৰিলে; আৰু যিমানলৈকে তেওঁৰ [ ১৭ ] ৰাজ্য বিস্তাৰিত হল, সিমানলৈকে “অসমদেশ” নামে খ্যাতি হল।

 চুকাফা মহাৰজাই দেশজয় কৰিবলৈ আহোঁতে লগত থাওমংক্লিংলুন্মুং‌ বুঢ়াগোহাঁই ডাঙ্গৰীয়া, থাওমুংকানঙ্গন বৰগো- হাঁই ডাঙ্গৰীয়া, আৰু ৮ জন বিষয়াৰে সৈতে ১০৮০ জন মাটি- ৰণুৱা, ৩০০ ঘোঁৰা-ৰণুৱা আৰু দুটা হাতী আনিছিল। চৰাই- দেওত নগৰ পতাৰ পাচত, ৰাজ্য বঢ়াবৰ নিমিত্তে এই কেইজন ডাঙ্গৰীয়া, বিষয়া আৰু সৈন্য সামন্তক ভাগ-ভাগ্কৈ‌ নানাফালে পঠিওৱা হৈছিল। ঘাইকৈ মৰাণ, বৰাহী, মটক এই কেই- জাতিক বশ কৰি ৰাখিবৰ কাৰণে ডাঙ্গৰীয়া দুজনৰ গাত ভাৰ আছিল। সেই কাৰণে, সিবিলাকে মাজে-মাজে কেইবা বছৰ- কৈয়ো এই বিলাক ঠাইত কোঁঠ পাতি থাকিবগৈ লগা হৈছিল।

 চুকাফা মহাৰজা স্বৰ্গী হোৱাত তেওঁৰ পুতেক চুতেউফা কোৱঁৰ ৰাজপাটত উঠিল। এওঁৰ দিনতে আগৰ বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুজন ডাঙ্গৰীয়া ঢকুৱাত সিবিলাকৰ পুতেক থাওৰুৰু আৰু চাওবিনক ক্ৰমে বুঢ়াগোহাঁই ডাঙ্গৰীয়া আৰু বৰগোহাঁই ডাঙ্গৰীয়া পতা হ’ল। ১৩ বছৰ ৰাজপাট খাই চুতেউফা মহাৰজা স্বৰ্গী হোৱাত তেওঁৰ পুতেক চুবিন্ফা কোৱঁৰ ৰজা হল।

 স্বৰ্গদেৱ চুবিন্ফাৰ দিনতে মৰাণবিলাক এবাৰ আকৌ মূৰ জোকাৰি উঠিছিল। সিহঁতক থমাই শান্ত কৰিবৰ অৰ্থে কিছু [ ১৮ ] কালৰ নিমিত্তে স্বৰ্গদেৱে থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াক সৈন্য- সামন্ত লগত দি মৰাণ ৰাজ্যলৈ পঠিয়ালে। আৰু, বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ভালেমান দিন মৰাণৰ লগত ৰণ কৰি অৱশেষত সিহঁতক বশ কৰিলে। কিন্তু সিহঁতক একেবাৰে শান্ত কৰিবৰ অৰ্থে ৰাজাজ্ঞা অনুসৰি ডাঙ্গৰীয়া তাতে কিছুকালৰ নিমিত্তে বাহৰ পাতি থাকিল। এই বসতিৰ কালতে থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়া এগৰাকী ৰূপৱতী মৰাণ জীয়াৰীৰ প্ৰেমত পৰে। আৰু এই প্ৰেমৰ বান্ধ্‌ এৰাব নোৱাৰি ডাঙ্গৰীয়াই মৰাণ-বাহৰত থকাৰ কাল ক্ৰমাৎ বঢ়াই নিবলৈ ধৰিলে। অৱশেষত, সেই মৰাণ- জীয়াৰীক তেওঁ ভাৰ্য্যাৰূপে গ্ৰহণ কৰিলে। তাৰ পাচত, তাতে আৰু বছৰচেৰেক গৃহবাস কৰি থকাৰ পাচত সেই ভাৰ্য্যা আৰু তেওঁৰ গৰ্ভজাত চাওফ্ৰংডাম আৰু কুন্কা‌ই নামে দুটি পুত্ৰ- সন্তানক এৰি ডাঙ্গৰীয়া তাতে স্বৰ্গী হ’ল।

 থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াই মৰণৰ অলপ আগেয়ে ডলৌ বাঁহৰ কান্‌মাৰি এডালৰ গাঠি ফুটুৱাই তাৰ মাজত তেওঁৰ বিষয়ৰ চনন্দ-পত্ৰখন যতনেৰে সুমুৱাই থৈ ওপৰ-চাঙত তোলাই থৈছিল। আৰু, তেওঁৰ ভাৰ্য্যাক গুপুতে এই উপদেশ দি থৈছিল যে, কালত যেতিয়া তেওঁৰ বৰপুত্ৰ কাঁড়ীৰ লেখত পৰি খৰি যোগনিয়াৰ হব তেতিয়া যেন সদায় সি সেই কান্‌মাৰিৰে ৰজাঘৰত খৰি যোগাব, আৰু সদায় কান্‌মাৰি ডাল ঘৰলৈ ঘূৰাই লৈ আহিব।

 থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়া স্বৰ্গী হোৱাৰ ১২ বছৰৰ [ ১৯ ] পিচত, চুখাম্ফা‌ স্বৰ্গদেৱৰ দিনত চাউফ্ৰংডাম কাঁড়ীৰ লেখত পৰিল; আৰু ৰজাঘৰীয়া নিয়ম অনুসৰি তেওঁ ৰজাৰ খৰি যোগনিয়াৰ হল। এইদৰেই কিছুকাল যোৱাৰ পাচত, এদিন বিষয়া এজনে মন কৰিলে যে চাওফ্ৰংডামে সদায় খৰি থৈ কান্‌মাৰিডাল লৈ যায়। এই কথাত তেওঁৰ সন্দেহ জন্মিল, আৰু এই বিষয় ৰজাক জনোৱা হল। স্বৰ্গদেৱে চৰাৰ ডাঙ্গৰীয়া বিষয়া সকলেৰে পৰামৰ্শ কৰি স্থিৰ কৰিলে যে, সেই খৰি যোগনিয়াৰ মৰাণডেকাৰ কান্‌মাৰি আটক কৰি ফালি চাব লাগে। পাচ দিনা চাওফ্ৰংডামে খৰি যোগাই আগৰ দৰে উলটি যাবলৈ ধৰোঁতে মানুহে সৈতে কান্‌মাৰি নি ৰজাৰ আগত ভেঁটোৱাগৈ হল। স্বৰ্গদেৱে চাওফ্ৰংডামক কান্‌মাৰিৰ বিষয়ে সুধি কোনো ভাল তথ্য নাপাই কান্‌মাৰি ফালি দেখাবলৈ আজ্ঞা দিলে। পিচে, বাজাজ্ঞামতে কান্‌মাৰি ফালিলত তাৰ মাজৰ- পৰা থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ চনন্দ পত্ৰখন ওলাই পৰিল!

 চুবিন্ফা‌ স্বৰ্গদেৱৰ দিনতে মৰাণৰ বিদ্ৰোহ থমাবলৈ গৈ থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়া আৰু উলটি নাহিল; আৰু ভালেমান বছৰৰ পাচত, পিচৰ জনা স্বৰ্গদেৱ চুখাম্‌ফাৰ দিনত ডাঙ্গৰীয়া নিৰুদ্দেশ হোৱাৰ জনৰব বহুল হৈ উঠিছিল। এনে সময়ত এই সন্ধান পাই বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ বিষয়ে ৰজা আৰু বিষয়া সকলে বিশেষ তত্ত্ব লবলৈ ধৰিলে।

 বিশেষ অনুসন্ধানৰ পাচত যেতিয়া গোটেই ঘটনা ভালকৈ [ ২০ ] জনাজাত হল, তেতিয়া বৰগোহাঁই ডাঙ্গৰীয়া আৰু বিষয়া সক- লৰ যুক্তিমতে, স্বৰ্গদেৱে থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ মৰাণ, গাভৰু ভাৰ্য্যাক তেওঁৰ পুত্ৰ দুটিৰে সৈতে তুলি আনি ৰাজনগ- ৰত যথা সম্মানেৰে বসতি কৰিবলৈ দিলে। তাৰ পাচত, ডাঙ্গ- ৰীয়াৰ বৰ পুতেক চাওফ্ৰংডাম গোহাঁইদেওক পিতৃৰ আসন দি বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ বাব দিয়া হ’ল; আৰু সৰু পুতেক কুন্কা‌ই গোহাঁইদেওক মৰাণৰ ওপৰত মৰাণ-ডেকাবৰুৱা পতা হল। তেতিয়াৰ পৰা বুঢ়াগোহাঁই ডাঙ্গৰীয়া আৰু মৰাণ- ডেকাবৰুৱা একেটা গুৰিৰ পৰা দুটা ডাল হৈ বাঢ়িবলৈ ধৰিলে।

 কুন্কা‌ই মৰাণ-ডেকাবৰুৱাৰ পৰা পাঁচ পুৰুষৰ অন্তৰত লাকু মৰান-ডেকাবৰুৱাই বৰপাত্ৰগোহাঁই ডাঙ্গৰীয়াৰ বাব পাই বুদ্ধিস্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ ৰাজত্বত ঘাইমন্ত্ৰী হৈছিল; আৰু তেওঁৰ ঠাইত তেওঁৰ পুতেক লাহো গগৈদেও মৰাণ-ডেকাবৰুৱা হয়।

 চুৰম্‌ফা স্বৰ্গদেৱৰ ৰাজত্বত বিখ্যাত মোমাইতামুলি বৰবৰুৱা স্বৰ্গীহোৱাত, লাহো মৰাণ-ডেকাৰৰুৱাক তেওঁৰ ঠাইত ৰৰবৰুৱা পতা হয়; আৰু লাহো বৰবৰুৱাৰ পুতেক ৰুপেশ্বৰ গগৈদেৱে মৰাণ-ডেকাবৰুৱাৰ বাব পায়। ৰূপেশ্বৰ মৰাণ-ডেকাবৰুৱাই চুৰম্‌ফা স্বৰ্গদেৱৰ পৰা চক্ৰধ্বজসিংহ স্বৰ্গদেৱৰ দিনলৈকে তিনিজনা ৰজাৰ ৰাজত্বত বিষয় খাই স্বৰ্গী হোৱাত, তেওঁৰ ঠাইত পুতেক দেবেৰা গগৈদেও মৰাণ-ডেকাবৰুৱা হয়।

 স্বৰ্গদেৱ উদয়াদিত্যৰ ৰাজত্বত দেবেৰা মৰাণ-ডেকাবৰুৱাই [ ২১ ] বৰবৰুৱাৰ বাব পোৱাত তেওঁৰ ঠাইত তেওঁৰ পুতেক আচুক গগৈদেওক মৰাণ-ডেকাবৰুৱা পতা হয়।

 গদাধৰসিংহ স্বৰ্গদেৱৰ বাছনিমতে আচুক ডেকাবৰুৱা বৰ- পাত্ৰগোহাঁই ডাঙ্গৰীয়াৰ পদলৈ উঠাত, তেওঁৰ ঠাইত তেওঁৰ পুতেক হৰিনাথ গগৈদেওক মৰাণ-ডেকাবৰুৱা পতা হয়। শিৱসিংহ স্বৰ্গদেৱৰ ৰাজত্বত ৰমানন্দক ভাঙ্গি হৰিনাথ ডেকা- বৰুৱাক বৰপাত্ৰগোহাঁইৰ বাব দিয়া হয়; আৰু তেওঁৰ ঠাইত পুতেক ভগী গগৈদেওক মৰাণডেকাবৰুৱা পতা হয়। তাৰ পাচত ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত ভগী ডেকাবৰুৱাক তিপ- মীয়া বৰুৱাৰ পদলৈ নিয়াত, তেওঁৰ ঠাইত তেওঁৰ পুতেক ৰুদ্ৰেশ্বৰ গগৈদেওক মৰাণ-ডেকাবৰুৱা পতা হয়।

 লক্ষ্মীসিংহ স্বৰ্গদেৱৰ ৰাজত্বত ৰূদ্ৰেশ্বৰ ডেকা বৰুৱাক বৰপাত্ৰ গোহাঁই ডাঙ্গৰীয়াৰ আসন দিয়াত, তেওঁৰ ঠাইত তেওঁৰ পুতেক আজোখা গগৈদেও মৰাণ-ডেকাবৰুৱা হয়। মোৱাঁমৰী- য়াৰ বিদ্ৰোহৰ সময়ত এওঁ এজন লাগতিয়াল বিষয়া আছিল; আৰু সেই সময়ত নগৰ ৰক্ষা কৰাত এওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ প্ৰধান সহায় আছিল।

 আজোখা মৰাণ ডেকাবৰুৱাৰ পুতেক কিনাৰাম মৰাণ- ডেকাবৰুৱা। এওঁ মানৰ উপদ্ৰৱৰ সময়ত নিজৰ পাইক মৰাণ-কাঁড়ীবিলাকৰে সৈতে আত্মৰক্ষা আৰু ৰাজ্যৰক্ষাৰ হেতু মানসেনাৰ লগত প্ৰাণপণে যুঁজিছিল। কিন্তু, বাৰিষাৰ নৈ যেন বেগী মানসেনাৰ আক্ৰোশৰ আগত ঠাৱৰিব নোৱাৰি মৰাণ[ ২২ ] পাইক বিলাক উটি যোৱা দি গল। কিণাৰাম ডেকা-বৰুৱা মানৰ হাততে কটা গল।

 কিণাৰাম মৰাণ-ডেকাবৰুৱাৰ পুতেক কাণুৰাম আৰু ঘিণা- ৰাম। এই ঘিণাৰাম ডেকা-বৰুৱাই আমাৰ এই ক্ষুদ্ৰ গ্ৰন্থ নায়ক। এওঁ কেনেকৈ নিজৰ বুদ্ধি, বল, কৌশল, অধ্যৱসায়, আত্মনিৰ্ভৰ আৰু সজ চৰিত্ৰৰ বলেৰে অশেষ দুখ-কষ্টৰ বিপ- দীয়া সংসাৰৰ মাজেদি সৰকি এজন স্বনামখ্যাত মহৎলোক হৈ উঠিছিল, তাৰ সংক্ষেপ বিৱৰণ এই পুথিত লিখা হব।

২। আধ্যা।

⸻:০:⸻

লৰা-কাল।

 ৺ ঘিণাৰামৰ জন্মতে বিপদ। ১৭৪৫ শঁকত বা ১৮২৪ খ্ৰীষ্টাব্দত যেতিয়া জাঁজি জকাইচুক মৌজাৰ বামুণ-মৰাণ গাওঁত তেওঁৰ জন্ম হয়, তেতিয়া অসমত মানৰ তৃতীয়বাৰৰ আক্ৰমণ হৈ আছিল। আৰু, তেওঁৰ জন্মৰ ছমাহৰ আগতে দেউতাক কিণাৰাম ডেকাবৰুৱা মানৰ হাতত কটা যোৰাৰ কথা ওপৰত উনুকিয়াই অহা হৈছে।

 ৺ঘিণাৰামৰ আইতাকৰ নাম মাকৰী। তেও গৰ্ভবতী অবস্থাত মান-ভগনৰ অশেষ যন্ত্ৰণা ভুঞ্জিব লগা হৈছিল। আৰু ঘিণাৰামৰ ছমহীয়াতে তেওঁৰ পৰলোক হয়। মাউৰা ঘিণাৰামে [ ২৩ ] চুচৰি গৈ উলিয়াই থোৱা মাকৰ শৱৰ বুকুত উঠি পিয়াহ খাইছিল!

 পিতৃ-মাতৃ বিয়োগৰ পাচত, ঘিণাৰামক বুঢ়ীমাকে তুলি-তালি ডাঙ্গৰ কৰে। তেওঁ নাতিয়েকক বৰ মৰম কৰিছিল। এনে কি, ঘিণাৰামে কাৱৈমাছ বৰ ভালপায় কাৰণে তেওঁ চুবুৰীত সেই মাছৰ খোজনিয়াৰ আছিল। আৰু, উমলি ফুৰোঁতেও ল’ৰাৰ ওপৰত তেওঁ চকু ৰাখিছিল। এই দৰে তুলি-তালি ঘিণা- ৰামক বাৰ বছৰীয়া কৰি বুঢ়ীমাক ঢুকাল। সেই দিনাৰ পৰাহে ঘিণাৰাম ঘাট-মাউৰা হল।

 বুঢ়ীমাক ঢুকুৱাৰ পাচত, ককায়েক কাণুৰামে ভায়েকক বৰ মৰম কৰিছিল। এনে কি ওমলোঁতে সমনীয়া ল'ৰাৰে সৈতে খুটীয়া-খুটি লাগি ভায়েকে কান্দিলেও তেও সহিব নোৱাৰিছিল। এই দৰেই ককায়েকৰ আদৰত ঘিণাৰাম আলসুৱা হৈ উঠিছিল।

 সৰুৰেপৰা ঘিণাৰামৰ সাহ-পিত, বুদ্ধি-কৌশলৰ চিনাকি পোৱা গৈছিল। সমনীয়া ল’ৰাবিলাকৰ ভিতৰত তেওঁ সকলো কামতে ঘাই আছিল। জাপ মৰা, লৰ মৰা, সাঁতোৰা, গছত উঠা এইবোৰ কামত তেওঁ আটাইত্কৈ‌ আগ। কোনো ভয় লগা বা বলে নোৱৰ কামলৈকো তেওঁ আগ। সেই কাৰণে সমনীয়া ল’ৰাবিলাকে ঘিণাৰামক সকলো বিষয়তে ঘাই পাতি লৈছিল।

 কিন্তু ঘিণাৰামে সুখেৰে লৰাকাল সৰহ দিন নিয়া নোৱা- ৰিলে। ককায়েকে বিয়া কৰোৱাৰ পাচৰপৰা খোৱা-লোৱাত তেওঁৰ দুখ হবলৈ ধৰিলে। আৰু লাহে লাহে ফটা তিয়নী [ ২৪ ] আৰু গেলা পঁইতাৰো তেওঁ আটকত পৰা হল। তদুপৰি বৌৱেকৰ চোকা মাতে তেওঁক বৰকৈ বিন্ধিবলৈ ধৰিলে। ঘিণাৰামৰ ভাত-কাপোৰৰ দুখলৈ ককায়েকে মন কৰিও তাৰ প্ৰতিকাৰ কৰিব নোৱাৰে, গতিকে তেও দেখিও নেদেখা, শুনিও মুশুনাৰ ভাও জুৰিবলৈ ধৰিলে। কিন্তু, তেজীমনা ঘিণাৰামৰ পক্ষে এই বিলাক অত্যন্ত অসহনীয় হল। তেওঁ ককায়েকৰ লগ এৰি নিজৰ পৰিশ্ৰমেৰে নিজে কেনেকৈ প্ৰবৰ্ত্তিব পাৰে তাৰে উপায় আলচিবলৈ ধৰিলে।

 গদাধৰ শৰ্ম্মাবৰুৱা এজন চুবুৰীয়া ডেকা। এওঁ কিণাৰাম ডেকাবৰুৱাৰ এজন প্ৰিয়বন্ধু ৺ পদ্মধৰ শৰ্ম্মাবৰুৱাৰ পুতেক। সেই কাৰণে মাউৰা ঘিণাৰামক তেওঁ বৰ মৰম কৰিছিল। ঘিণাৰামেও আদৰ পায় দেখি টানে-আপদে তেওঁৰ কাষ চাপেগৈ। ককায়েকৰ লগত থাকি পোৱা দুখ-কষ্ট নিতান্ত অসহনীয় হোৱাত সেই বিষয়ে উপায়-বুদ্ধি সুধিবৰ নিমিত্তে তেওঁ প্ৰিয়বন্ধু গদাধৰ শৰ্ম্মাৰ ওচৰ চাপিলগৈ। গদাধৰ শৰ্ম্মাৰ পিতাক ৺ পদ্মধৰ শৰ্ম্মাবৰুৱা সেই সময়ত উত্তৰ লক্ষীমপুৰত পুলিচৰ দাৰোগা হৈছিল গৈ। আৰু তাতে তেওঁ “বামুণ দাৰোগা” নামে প্ৰখ্যাত আছিল। গদাধৰে সেই সময়ত পিতাকৰ ওচৰলৈ যাবলৈ ওলাইছিল। এনে সুযোগতে ঘিণাৰামে ককায়েকৰ লগ এৰিবলৈ চল পালে, আৰু সেই বন্ধুৰ লগত তেওঁ লাহেকৈ উত্তৰ পৰীয়া হ’ল।

[ ২৫ ]
 

৩। আধ্যা।

পৰৰ ঘৰত।

 “বামুণ দাৰোগা” পদ্মধৰ শৰ্ম্মাবৰুৱা লক্ষীমপুৰত এজন নামজলা মানুহ আছিল। সেই কালৰ আৰু এজন নামজলা ডাঙ্গৰ মানুহ ৺কেশীৰাম চলিহা পুৰণি মেলিয়া বৰুৱাৰ (লেখকৰ পিতৃ ) বাৰীতে দাৰোগাই ঘৰ লৈছিল। চলিহা বৰুৱা তেতিয়া কলেক্টৰী পেষ্কাৰ আছিল আৰু তেওঁ “কেশী পেষ্কাৰ” নামেহে লক্ষীমপুৰত বেচি প্ৰখ্যাত।

 জাজিৰ পৰা খোজকাঢ়ি তিনদিনে গদাধৰ আৰু ঘিণাৰাম লক্ষীমপুৰ ওলালগৈ। ইবিলাক যেতিয়া “বামুণ দাৰোগা”ৰ ওচৰত থিয় হলগৈ তেতিয়া তেওঁ ঘিণাৰামক দেখি আচৰিত হ’ল, আৰু আনন্দত নিজৰ পুতেকলৈকো কাণ নকৰি ঘিণাৰামক তেওঁ গবামাৰি ধৰিলেগৈ। তাৰ পিচত কুশল-মঙ্গলৰ দুইচাৰিটা কথা সুধি তেওঁ দুইকো দুহাতে ধৰি ভিতৰলৈ লৈ গল।

 দিনচেৰেক আলহীভাবে যোৱাৰ পাচত, “বামুণ দাৰোগা”ই পুতেকৰ মুখে ঘিণাৰামৰ বিষয়ে সকলো শুনিলে। আৰু তেওঁৰ প্ৰিয়বন্ধু ৺কিণাৰাম ডেকাবৰুৱালৈ মনত কৰি তেওঁ বহুত বেজাৰ কৰিলে। তাৰ পাচত তেওঁৰ ঘৰৰ সকলোকে এইদৰে বুজাই কলে “হাঁয়, কেনে মানুহৰ লৰা কেনে অৱস্থাত পৰিছে। তহঁতে ঘিণাই গগৈদেওক পৰ যেন নেদেখিবি। [ ২৬ ] সকলো কথাতে তেৱোঁ আমাৰ পৰিয়ালৰ ভিতৰৰ এটি বুলি ভাবিবিহঁক। মাউৰা ল'ৰা অলপতে বেজাৰ পাব পাৰে। ল’ৰাই কোনো কথাত বেজাৰ পালে মই বৰ বেজাৰ পাম।” ইয়াৰ পাচৰপৰা “বামুণ দাৰোগা”ৰ পুতেকহঁতৰে সৈতে আপোন ভাই-ককাইৰ দৰে ঘিণাৰামে সুখেৰে দিন নিয়াবলৈ ধৰিলে।

 ঘিণাৰাম সৰুৰেপৰা বিবেচক আৰু অভিমানী লৰা আছিল। তেও “বামুণ দাৰোগা”ৰ ঘৰত বৰ সুখেৰে আৰু নিচেই আপোন ভাৱে থাকিবলৈ পাইছিল, তথাপি পৰৰ ঘৰত বহি খোৱাটো তেওঁ অন্যায় আৰু অপমানৰ কথা যেন বোধ কৰিছিল। সেই কাৰণে তেওঁৰপৰা গৃহস্থৰ কেনেকৈ অলপ লাভ হব পাৰে সেইটো তেওঁ সততে মনত ৰাখিছিল। আৰু সেই অৰ্থেই তেওঁ গৃহস্থালি কামবিলাক উপযাচি কৰি ফুৰিছিল। “বামুণ দাৰোগাই “গগৈদেও, সেইটি তোমাৰ কাম নহয়” বুলি হাক দিলেও “বাৰু হওক, বন কৰিলে মানুহ আগলৈ ভালহে হয়” এই বুলি তেওঁ উত্তৰ দি আকৌ বনত ধৰে। পিচলৈ পৰৰ ল’ৰাই বেজাৰ পায় যেন দেখি সৰলচিতীয়া “বামুণ দাৰোগা”ই নিজৰ পুতেক হঁতকো লাগি-ভাগি কাম কৰিবলৈ দিয়া হ'ল। আৰু তাৰপৰা এই ফল ধৰিলেগৈ যে, দাৰোগাৰ ল'ৰা কেইটিও ঘিণাৰামৰ লগপাই কাৰ্য্য-প্ৰিয় হৈছিল।

 এই সময়ত উত্তৰ লক্ষীমপুৰত পঢ়াশালিৰ সৃষ্টি হোৱা নাই। তেতিয়া চৰ্কাৰী কামৰ উপযোগী কৰিবলৈ ডাঙ্গৰ মানুহৰ ল’ৰাক [ ২৭ ] ঘৰতে লিখা-পঢ়া শিকোৱা হয়। “বামুণ দাৰোগা”ৰ ল’ৰাহঁতকো সেইদৰেই শিক্ষা দিয়া হৈছিল। আৰু সেই ছেগতে ঘিণাৰামেও লিখা-পঢ়াত মন দিয়ে। জাঁজিৰ লৰা-বন্ধু গদাধৰৰে সৈতে ঘিণাৰাম সমপাঠী আছিল।

 সৰুৰেপৰা ঘিণাৰাম চিন্তাশীল আৰু দূৰদৰ্শী ল’ৰা আছিল। ভবিষ্যতে কেনেকৈ উন্নতি কৰিব, এই ভাব তেওঁৰ মনৰপৰা নুগুচিছিল। লিখা-পঢ়া নাজানিলে যে মনৰ আন্ধাৰ নুগুচে আৰু আগলৈ ভাল মানুহ হব নোৱাৰি, এই কথা তেওঁ ভালকৈ বুজিছিল। সেই কাৰণে তেওঁ “বামুণ দাৰোগা”ৰ ল’ৰাহঁতৰ লগতে লিখা-পঢ়া শিকিবলৈ মন পাৰি লাগিছিল। ঘিণাৰাম বৰ মনোেযোগী ল’ৰা আছিল। আন ল'ৰাই পঢ়াৰ সময়ত চলৌপাতি কৰে, কিন্তু তেওঁ লিখা বা পঢ়াৰপৰা মূৰ নাদাঙ্গে। আন ল'ৰাই অসময়ত ধেমালি পাতিলে তেওঁ তাৰ লগ নলয়; কিন্তু ধেমালিৰ সময়ত তেওঁ একান্তমনেৰে ধেমালি কৰে। বাৰমতৰা শেষ নকৰালৈকে তেওঁ লগৰপৰা কিতাপ নেৰিছিল। কোনো কামত লাগি থাকেঁতেও যেতিয়াই অলপ আজৰি পায়, তেতিয়াই তেওঁ কিতাপ মেলে।

 সৰুৰেপৰা ঘিণাৰাম সত্যবাদী, মিষ্টভাষী, নম্ৰ, ধীৰ আৰু শিষ্ট আছিল। সাহ-পিত, বুদ্ধি-কৌশল, যত্ন-অধ্যাবসায় এইবোৰ গুণত তেওঁ সমনীয়াৰ অগ্ৰগণী আছিল। সেই কাৰণে ডাঙ্গৰে তেওঁক মৰম কৰে, সমনীয়াই তেওঁলৈ প্ৰীতিৰাখে, আৰু সৰুৱে তেওঁক মান কৰে। এই বোৰ সদগুণৰ বাবেই সকলো [ ২৮ ] ৰং-ধেমালিত সমনীয়া বিলাকে তেওঁক ঘাই পাতিছিল; আৰু বৰলোকে তেওঁক সংসাৰত উদ্গতি কৰিবলৈ সহায় কৰিছিল।

 কাম-কাজতো ঘিণাৰাম সৰুৰেপৰা বৰ পৈণত আছিল। যেই সেই কামকে তেওঁ খোৰোচামাৰি কৰিছিল, আৰু কোনো কাম আধাডোখৰিয়াকৈ নেৰিছিল। যি কাম কৰিবলৈ তেওঁ গাত লয় তাক তেওঁ মৰি-পৰি কৰিছিল। আন কি অমুক কাম্‌- টোলৈ ঘিণাৰাম গৈছে বুলিলে সেই কামৰ সিদ্ধিৰ নিমিত্তে সকলো নিশ্চিন্ত হৈছিল। দাৰোগাই পাচলৈ তেওঁৰ কোনো লাগতিয়াল আৰু বিশ্বাসী কাম হলে ঘিণাৰামৰে সৈতেহে কৰিছিল।

 স্বভাৱ-চৰিত্ৰৰ গুণেৰে ঘিণাৰামে পৰক আপোন কৰিব পাৰিছিল। তেওঁৰ সজ স্বভাৱত অকল যে “বামুণ দাৰোগা”হে মোহিত হৈছিল এনে নহয়, ওচৰচুবুৰীয়া সকলোৱে তেওঁক সেইবাবে মৰম কৰিছিল। বিশেষকৈ, পেস্কাৰ-পেষ্কাৰণীয়ে ঘিণাৰামক আপোনাৰ ল'ৰা-ছোৱালীৰ নিচিনাকৈ চেনেহ কৰি- ছিল। ৺ কেশীৰাম চলিহা পুৰণিমেলিয়া বৰুৱাৰ সহধৰ্ম্মিণী গৰাকী বৰ সাদৰী তিৰোতা আছিল ( এইজনা লেখকৰ মাতৃ )। লক্ষীমপুৰত তেওঁ “আইতা” নামেহে বেচি প্ৰখ্যাত। ঘিণাৰাম “পেষ্কাৰণী আইতা”ৰ মৰমৰ ধৰুৱা আছিল। তেওঁ এই মৰমৰ কথা জীৱনত নাপাহৰিছিল।

 ফাকি, প্ৰবঞ্চনা, মিছকথা এই বিলাক ঘিণাৰামে বৰ ঘিণ কৰিছিল। কেতিয়াবা কোনো দোষ কৰিলে সোধা মাত্ৰে তেও [ ২৯ ] সৈ লয়। সেই কাৰণে পেষ্কাৰ আৰু দাৰোগাই কেতিয়াবা কোনো ঘৰুৱা কথাৰ প্ৰমাণ লব লাগিলে ঘিণাৰামক সাক্ষী মানি মীমাংসা কৰিছিল।

 ঘিণাৰাম বৰ সন্তোষীয়া চিতৰ ল’ৰা আছিল। তেওঁ অলপতে তুষ্ট হৈছিল, আৰু যি পায় তাকে তেওঁ যথেষ্ট মানি সন্তোষেৰে গ্ৰহণ কৰিছিল। এই ডাঙ্গৰ গুণটিৰ দ্বাৰাই ঘিণা- ৰামে পৰৰ ঘৰকো আপোন মানি সুখেৰে চলিব পাৰিছিল।

৪। আধ্যা।

চাকৰী-জীৱন।

 সেই কালত পুলিচৰ কাম ৰৰ মৰ্য্যাদাৰ বিষয় আছিল। সেই কাৰণে অলপ লিখা-পঢ়া শিকি লোৱাৰ পাচত ঘিণাৰামে পুলিচৰ কামত সোমাবলৈ মন কৰিলে। “বামুণ-দাৰোগা”ই এই কথা জানি তেওঁক বৰকাণ্ডাজৰ কামত সুমাই দিলে। এয়ে তেওঁৰ পোণ প্ৰথমৰ চাকৰি। ইয়াৰ দৰ্ম্মহা মাহে ৩্‌ টকা। সেই কালত অলপীয়া লিখা-পঢ়া জনা মানুহলৈ ই এটা আদৰৰ পদ। এই চাকৰিত ভৰ্ত্তি কৰোঁতে “বামুণ-দাৰোগা”ই তেওঁৰ নাম “ঘিণাৰাম ডেকাবৰুৱা” বুলি লিখিছিল। কিন্তু অভিমানী ঘিণাৰামে তেওঁৰ বৰ্ত্তমান পদত আগৰ পদবীৰ মৰ্য্যাদা হানি হোৱা যেন বিবেচনা কৰি “ডেকা বৰুৱা” কটাই তেওঁৰ নামৰ [ ৩০ ] পিচত অকল গগৈ লিখালে। আৰু পাচতো সম্মানী বিষয় আৰু অৱস্থা নোপোৱালৈকে তেওঁ “বৰুৱা” নিলিখিবলৈ মন বান্ধিলে।

 চৰ্কাৰী কামত সোমাওঁতে ঘিণাৰাম গগৈৰ বয়স ১৭ ( সোতৰ) বছৰ। এই বয়সতে তেওঁৰ অসাধাৰণ বুদ্ধি, পৰি- শ্ৰম আৰু কৰ্ত্তব্যপৰায়ণতা দেখি তেওঁলৈ ৰাইজে আচৰিত হৈ চাইছিল। বিশেষকৈ উপৰুৱা চৰ্কাৰী বিষয়া সকলৰ মনোেযোগ তেওঁৰ সেই বিলাক গুণে বৰকৈ টানিছিল। সেই কাৰণে, তেওঁৰ ওপৰত উপৰৱালাৰ মন্তব্য সদায় ভাল, আৰু সোনকালে তেওঁৰ পদোন্নতি হবলৈ ধৰে। দুবছৰৰ পাচতে তেওঁৰ দৰ্ম্মহা ২্‌ টকা বাঢ়ি ৫্‌ টকা হ’ল। এনেতে, এদিন ৰেপন গগৈ নামে আন এজন লগৰীয়া বৰকাণ্ডাজে তেওঁৰ আগত ফিতাহি মাৰি কৈছিল “তথাপি, তুমি মোৰ তল; তুমি পাঁচ ৰূপীয়াহে পাইছা, মই সাতৰূপীয়া পাও”। ঘিণাৰামে নম্ৰভাৱে উত্তৰ দিলে, “কালত এদিন মই তোমাৰ দুগুণ পাবও পাৰোঁ। ৰেপনে এই কথাৰ উত্তৰ কাটি কলে “ন কৈ জনম ধৰি আহাঁগৈ।” পিচে ইয়াৰ ছমাহৰ পিচতে ঘিণাৰাম ৮্‌ টকালৈ উঠিল। ৰেপৰে এই কথাত বেজাৰ পাই কামৰপৰা ওলাই গল। শেহত আকৌ বুঢ়া কাললৈকে কনিষ্টবল কাম কৰিলে।

 ১৮৪৯ খৃষ্টাব্দত ঘিণাৰাম ৯্‌ টকীয়া তৃতীয় শ্ৰেণীৰ হাল- দাৰৰ পদলৈ উঠে। এই পদ এতিয়াৰ হেড্ক‌নিষ্টবলৰ শ্ৰেণীত। ইয়াৰ লগতে ঘিণাৰামৰ কাৰ্য্যক্ষেত্ৰও আগত্কৈ‌ বাঢ়িল, তেওঁ [ ৩১ ] নিজৰ পাৰ্গতালি দেখাবলৈ চল পালে। আৰু এই পদতে তেওঁৰ অসাধাৰণ বুদ্ধি-কৌশলে পুলিচৰ উপৰুৱা বিষয়াসকলৰ মনোযোগ এনেদৰে টানিলে যে পুলিচৰ অতি লাগতিয়াল আৰু টান কামবিলাকত লগাবলৈ সময়ে সময়ে তেওঁক বিশেষ বাছনিত তোলা হৈছিল। ১৮৫৭ খৃষ্টাব্দত চিপাহী বিদ্ৰোহৰ সময়ত যেতিয়া বিখ্যাত মণিৰাম দেৱানক বিদ্ৰোহী বুলি কলিকতাৰপৰা ধৰাই অনা হয় তেতিয়া তেওঁৰ লগত যোগ দিয়া ভালেমান মানুহ পলাইছিল। এই বিলাকক ধৰি দিবৰ কাৰণে ঘিণাৰাম বিশেষ বন্দৱস্তত নিযুক্ত হৈছিল। তেওঁ বৰ যত্ন কৰি সেই বিলাকক ধৰি দিছিল আৰু কিছুমানক তেওঁ শাস্তিৰ পৰা মুক্তি দিয়াইছিল। ইয়াৰ পাচত দ্বিতীয় শ্ৰেণীলৈ উঠাত তেওঁৰ দৰ্ম্মহা ১২৲ টকা হ'ল। ১৮৫৯ খৃষ্টাব্দত শদিয়াৰপৰা কিছুমান বৃটীচ প্ৰজা বৰ আবৰে ধৰি নিছিল। সিহঁতক উদ্ধাৰ কৰিবলৈ গোৰা পণ্টনৰ ফৌজ গৈও কৃতকাৰ্য্য হব নোৱাৰিলে। তাৰ পাচত এক ‘গেৰাজ’ চিপাহা দি ঘিণাৰাম গগৈক পঠিওৱা হল! তেওঁ আবৰৰ চাঙ্গলৈ গৈ, সিহঁতক বৰাই-বুজাই বিণা গোল্‌মালে ধৰি নিয়া মানুহ আটাইবিলাক উদ্ধাৰ কৰি আনি দিলেহি। ইয়াতে সন্তুষ্ট হৈ পুলিচ জেনাৰেল চাহাবে তেওঁক ১৫৲ টকাত প্ৰথম শ্ৰেণীৰ হালদাৰলৈ তুলিলে। তাৰ পাচত এদিন তেও ৰেপন গগৈক লগ পাই কলে “সখি, তুমি কামত থকা হলে আজি মই তোমাৰ দুগুণ পোৱা দেখিলা হেঁতেন।” ৰেপনে উত্তৰ কাটি কলে “মই সেইহে নাথাকিলোঁ।” [ ৩২ ]  পুলিচৰ চাকৰিত ঘিণাৰামে অলপ কালৰ ভিতৰতে বৰ নাম কৰি উঠিল। এনে কি, তেওঁক বৰ লায়ক বিবেচনা কৰি ১৮৬১ খৃষ্টাব্দত শদিয়াৰপৰা দিহীৰিলৈকে পৰ্ব্বতীয়া জাতি বিলাকৰ সীমা নিৰ্দ্ধাৰণ কৰিবৰ নিমিত্তে তেওঁৰ ওপৰত ভাৰ দিয়া হৈছিল। আৰু তেওঁৰ নিৰ্দ্ধাৰণ মতেই বহুকাল- লৈকে সেই সীমা চলি আছিল। ইয়াৰ পাচত তেওঁক জামা- দাৰৰ পদলৈ তুলিবৰ নিমিত্তে উপৰুৱা বিষয়াসকলৰ ভিতৰত আলোচনা হৈছিল। কিন্তু পুলিচৰ “মিলিটাৰী” বিভাগত বৰ দুখ, আৰু সংসাৰী মানুহলৈ সেই কামত সুবিধা নাই কাৰণে তেও “চিভিল”লৈহে আহিবৰ মন কৰিলে। কিন্তু “মিলিটাৰী” বিভাগত তেওঁৰৰ কাজুৱা দেখি উপৰুৱাসকলে তেওঁক সেই বিভাগতে ৰাখিবলৈহে স্থিৰ কৰিলে। এই কথাত তেওঁ মনে মনে দুখ পালে আৰু তাৰপৰা যেনে তেনে প্ৰকাৰে ওলাবলৈ তেওঁ সঙ্কল্প কৰিলে।

 ঘিণাৰামৰ সঙ্কল্পৰ লগে লগে কাৰ্য্যৰ আৰম্ভ হয়। তেওঁ পুলিচৰ পৰা ওলাই কাকতী, মহৰী, অমোলা এনে চাকৰিত সোমাবৰ মনেৰে আকৌ লিখা-পঢ়াত মন পুতি লাগিল। এনে সময়তে ৺ভুলিৰাম গগৈ নামে এজন পণ্ডিত তেওঁৰ লগ লাগিল। সেই সময়ত ৺ভুলিৰাম দেউ লক্ষীমপুৰত এজন প্ৰখ্যাত পণ্ডিত আছিল। (লেখকো সেইজনা পণ্ডিতৰ এজন ছাত্ৰ আছিল)। তেওঁৰ যত্নতে ঘিণাৰামে লিখা-পঢ়া আৰু অঙ্কবিদ্যাত বেগাই উন্নতি কৰিবলৈ ধৰিলে। আৰু অলপ দিনৰ ভিতৰতে তেওঁ [ ৩৩ ] কাকতীৰ মহলাত উঠি পুলিচৰ চাকৰি এৰি কাকতীৰ কামত সোমাল। আজি কালিৰ মণ্ডলকেই তেতিয়া কাকতী বুলিছিল। এই কাম তেওঁ কিছুমান বছৰ দক্ষতাৰে সৈতে চলোৱাৰ পাচত তেওৰ উপৰৱালা ৺ প্ৰিয়ৰাম দাস মৌজাদাৰ চৰ্কাৰী খাজানা শোধাব নোৱাৰাৰ বাবে বৰ্খাস্ত হয়, আৰু ঘিণাৰাম গগৈক তেওঁৰ ঠাইত ১৮৬৪ খৃষ্টাব্দত ন-কাৰী মৌজাৰ মৌজাদাৰ পতা হয়। ইয়াৰেপৰা তেওঁৰ চাকৰীয়া জীৱনৰ উন্নতিয়ে ভাল গতি ধৰিলে। এই বিষয়তেই বিষয়া নামে তেওঁ ক্ৰমাৎ জিলিকি আহিল। আৰু, পোণ প্ৰথমে চৰ্কাৰী কামত সোমাওঁতে অভিমান কৰি লিখিব নোখোজা তেওঁৰ ওপৰ-পুৰুষৰ “বৰুৱা” খিতাপ সেই কালৰ মহকুমাধিপতি লেফ্‌টেনেণ্ট (পাচত কৰ্ণেল) মেক্স্‌ওৱেল চাহাবে লিখিবলৈ আদেশ কৰাত তেওঁ এতিয়া বেয়া নোপোৱা হল। কিছুকাল অকল ন-কাৰী মৌজাত মৌজাদাৰী কৰাৰ পাচত ক্ৰমে ক্ৰমে চিনতলীয়া, কমলাবৰীয়া, ছুটীয়াকাৰী এই তিন মৌজাও ন-কাৰী মৌজাৰ লগত চামিল কৰি গৱৰ্ণমেণ্টে ঘিণাৰাম বৰুবাক উত্তৰ লক্ষীমপুৰৰ ভিতৰত সবাত্‌কৈ ডাঙ্গৰ মৌজাদাৰ পাতিলে। এই মৌজাদাৰী বিষয় ১৮৬৪ খৃষ্টাব্দৰ পৰা ১৯০০ খৃষ্টাব্দলৈকে ৩৬ বছৰকাল মানে-গৌৰৱে সন্তোষ- জনক্‌কৈ চলাই অতিবৃদ্ধ বয়সত তেওঁ তাৰপৰা অৱসৰ লয়। এই ৩৬ বছৰেই ঘিণাৰাম বৰুৱাৰ আদৰ্শ জীৱনৰ অতি উজ্জ্বল ভাগ।

⸻০⸻

[ ৩৪ ]
 

৫। আধ্যা।

গৃহস্থী জীৱন।

 চৰ্কাৰী কামত সোমোৱাৰ চাৰি বছৰৰ পাচত ২১ বছৰ বয়- সত ঘিণাৰাম বৰুৱাই লক্ষীমপুৰ মৌজাৰ কোঁৱৰ গাওঁৰ ৺ ৰঙা- কোৱঁৰৰ চেনেহী নামে বৰজীয়েকক বিয়া কৰায়। এই বিয়াত ‘বামুণ-দাৰোগা,’ ৺ কেশীৰাম বৰুৱা পেষ্কাৰ, ৺ জীউৰাম বৰুৱা পেষ্কাৰ, ৺ ভুলিৰাম গগৈ পণ্ডিতদেও, ৺ মমিণদাস মোক্তাৰ প্ৰভৃতি সেই সময়ৰ লক্ষীমপুৰৰ ভদ্ৰলোক সকল দৰাঘৰীয়া হৈছিল। আৰু সেই কালৰ মানী, ধনী, আৰু ডাঙ্গৰ সেই কোৱঁৰ পৰিয়ালৰ ৺তুলাৰাম গগৈ, ৺ সাধিৰাম বৰসেনাপতি প্ৰভৃতি আত্মীয়-কুটুম্ববিলাক কন্যাঘৰীয়া হৈ অকলই শকত হৈছিল।

 ৰঙা কোঁৱৰৰ ঘৰ পূৰ্ব্বৰেপৰা লক্ষীমপুৰত বৰ ধনী, মানী, আৰু নামজলা পৰিয়াল আছিল। ইবিলাক দুই ককাই ভাই আছিল, আৰু দুইও ৰজাঘৰীয়া বিষয় খাইছিল। ককায়েক ৰঙা কোঁৱৰে বৰবৰা আৰু ভায়েকে নেওগ ফুকনৰ বিষয় পাইছিল। বৰজনৰ চেনেহী, মথনবৰা, সেন্দুৰী ( ঘাই নাম লম্ভী), মনাইবৰা আৰু সৰুজনৰ জিউৰামফুকন, কণনাথ ফুকন প্ৰভৃতি চাৰি সন্তান আছিল। বৰজনৰ চেনেহী নামে ৰজীয়েকেই ঘিণাৰাম [ ৩৫ ] বৰুৱাৰ প্ৰথমা ভাৰ্য্যা বা বৰঘৈনী। বছৰচেৰেকৰ পাচত সেন্দুৰীনামে তেওঁৰ খুলশালীয়েকক বিয়া কৰায়। এওঁ ঘিণা- ৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা বা সৰুঘৈনী, আৰু এওঁ এতিয়াও বৰ্ত্তমান আছে।

 ৰঙাকোঁৱৰৰ ভাৰ্য্যা ঘিণাৰাম বৰুৱাৰ শাহুৱেক এগৰাকী বৰ বুদ্ধিমতী আৰু সাদৰী তিৰোতা আছিল। আমা-ডিমা ল’ৰা- ছোৱালী পাঁচোটিৰে সৈতে তেওঁ গাভৰু কালতে বিধবা হয়। তেওঁ নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু ধৈৰ্য্যতাৰে সৈতে এই মাউৰা ল’ৰা-ছোৱালী কেইটা ডাঙ্গৰ-দীঘল কৰিলে। আৰু বৰজীয়েকক বিয়া দিয়াৰ পাচৰপৰা জোৱাঁয়েক ঘিণাৰাম বৰু- ৱাক বৰপুত্ৰ হেন জ্ঞান কৰি তেওঁ ইকেইটা লৰা-ছোৱালীও তেওঁকে গটাই দিলে। জোৱায়েকলৈ শাহুৱেকৰ সাধাৰণতে বৰ মৰম, কিন্তু ইবিলাকৰ ভিতৰত এই মৰম বিশেষ আছিল। ঘিণাৰাম বৰুৱাৰ চৰিত্ৰৰ গুণে শাহুৱেকক এনেদৰে মোহিত কৰিছিল যে, তেওঁ আপোন ইচ্ছাৰে তেওঁৰ সৰু জীয়েককো ভিনীহিয়েকলৈকে বিয়া দিলে। তাৰ পাচত তেওঁ জোৱাঁয়েকক থানা কাষৰৰ বাৰীৰপৰা তুলি আনি তেওঁৰ ন-কাৰী গাৱঁৰ ঘৰ-বাৰী আৰু সমুদায় স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰে সৈতে মাউৰা লৰা তিনটা তেওঁক গতাই দিলে। আৰু ইয়াৰ বছৰচেৰেকৰ পাচতে তেওঁৰ পৰলোক হ’ল। ঘিণাৰাম বৰুৱায়ো শাহুৱেকৰ বাক্য অলপো লৰচৰ নকৰাকৈ পালন কৰি মাউৰা খুলশালিয়েকহঁতক নিজৰ ভাতৃৱত মৰম-চেনেহেৰে [ ৩৬ ] ডাঙ্গৰ-দীঘল কৰি কেইওটাৰে ঘৰ পাতি দি বহুকাল একে পৰিয়াল হৈ মিলা-প্ৰীতিৰে দিন নিয়ালে। আৰু ঘিণাৰাম বৰুৱাৰ সৰু জনা ঘৈণীৰ দৰে লক্ষীমপুৰত আন কোনো বায়েকে ভাই-বোৱাৰীৰ ওপৰত শাহুৱতীৰ ক্ষমতা চলাই সুদীৰ্ঘকাল সুখ ভুঞ্জিবলৈ পোৱা নাই। এনে কি, ভায়েক, বোৱা- ৰীয়েক, সিবিলাকৰ ল’ৰা-ছোৱালী আৰু নিজৰ ল’ৰা-ছোৱালী আৰু পৰিয়াটোৰে সৈতে একেটা চৰুত খোৱা মানুহৰ সংখ্যা সেই সময়ত সেই ঘৰত ডেৰকুৰি হৈছিল। তেতিয়া এনে এখন ভৰপুৰ গৃহস্থীৰ মূল গৃহস্থ আৰু গৃহিণী হৈছিল ঘিণাৰাম বৰুৱা আৰু তেওঁৰ সৰুঘৈণী। এই দৰেই বহুদিন যোৱাৰ পিচত, যেতিয়া পো-বোৱাৰী আনিব লগা হল, তেতিয়া ভিনীহি- য়েকে তিনিও খুলশালিয়েকক তিনি ঠাইত বেলেগাই ঘৰ-বাৰী কৰি দি সমানে তিনিভাগ গৰু-মহ, মাটি-বাৰীৰে সৈতে তিনি ঘৰ সুকীয়াকৈ পাতি দিলে।

 দুয়ো গৰাকী ভাৰ্য্যাৰপৰা ঘিণাৰাম বৰুৱাৰ ১৬টি সন্তান হৈছিল। তাৰ ভিতৰত ৮টি পুত্ৰ আৰু ৮টি কন্যা। বৰ গৰাকীৰ মোহনচন্দ্ৰ, স্বৰূপচন্দ্ৰ, কণনাথ আৰু ভদ্ৰসেন এই চাৰিটি পুত্ৰৰ ভিতৰত স্বৰুপচন্দ্ৰ আৰু ভদ্ৰসেন চেঙ্গেলীয়া কালতেই ঢুকায়। মোহনচন্দ্ৰ হাইস্কুলৰ দ্বিতীয় শ্ৰেণীলৈকে পঢ়ি, বিয়া- বাৰু কৰাই, ল’ৰা বাপেকী হৈ চম্ফল ডেকাকালত ডিব্‌ৰুগৰত পুলিচ আপীচত কেৰাণী কাম কৰি থাকোঁতে জহনীত পৰি ঢুকাল। ই এটা ঘিণাৰাম বৰুৱাৰ জীৱনত প্ৰধান ঘটনা। এই [ ৩৭ ] বিষয়ে পাচৰ ঘটনাৱলীত অলপ বহলাই কোৱা হব। কণনাথ এতিয়া বৰ্ত্তমান, আৰু তেওঁ পিতৃৰ আদেশমতে স্বাধীন কাৰবাৰ চলাই গৃহস্থী হৈ আছে। এওঁৰ এতিয়া চাইটি পুত্ৰ আৰু এটি কন্যা। সৰু গৰাকীৰ মাহিন্দ্ৰী, নীলকণ্ঠ, পদ্মনাথ, হীৰাৱতী, মুক্তানন্দ, হলিৰাম, তোষেশ্বৰী আৰু নাৰায়ণী এই আঁঠোটি সন্তান। ইবিলাকত বাজেও মাহিন্দ্ৰীৰ আগৰ আৰু হীৰাৱতীৰ পাচৰ দুটি কন্যা নিচেই সৰুতে ঢুকায়; আৰু হলিৰামৰ চালুকীয়া অৱস্থাতে অকালমৃত্যু হয়। মোটৰ ওপৰত দুটি কন্যা আৰু দুটি পুত্ৰকৈ সৰুঘৈণীৰ ৫ জোৰা বা ১০টা সন্তান হৈছিল। ৺ মাহিন্দ্ৰী আইদেওক ৺ গোপীনাথ লঙ্ককীয়া বুঢ়াগোহাঁই ণ্যায়- সোধাফুকন ডাঙ্গৰীয়াৰ পুতেক ৺ কৃষ্ণানন্দ বুঢ়াগোহাঁইদেৱে (লেখকৰ ঘৰত থাকি ) বিয়া কৰাইছিল। আৰু লেখকৰ ঘৰৰ নিচেই ওচৰতে ঘৰ সাজি বহুত দিন একে পৰিয়ালৰ দৰে অতি সুখেৰে আছিল। আৰু তেতিয়াই এই লেখকে বন্ধুৰ মাহিন্দ্ৰী সহধৰ্ম্মিণীৰ অশেষ সৎসাহস, সজশিক্ষা, আৰু গৃহস্থী চলোৱাৰ অশেষ গুণৰ দিনে দিনে পৰিচয় পাই আছিল; আৰু বিশেষ্‌কৈ এওঁ আৰু লেখকৰ স্বৰ্গীয় সহধৰ্ম্মিণী সাবিত্ৰী দুই জনা এক প্ৰাণা সখীয়েক আছিল। এই সংসাৰত দুটি কন্যা আৰু তিনটি পুত্ৰ ৰাখি এই দম্পতীৰ পৰলোক হৈছে। এই তিনটি পুত্ৰৰ ভিতৰত বৰটি শ্ৰীমান সুৰেন্দ্ৰনাথ গোহাঁই বি, এ, এতিয়া চব ডেপুটী কলেক্টৰ। শ্ৰীমান মহেন্দ্ৰনাথ গোহাঁই তেওঁৰ মোমা- য়েক শ্ৰীমান পদ্মনাথ বৰুৱাৰ বিশেষ যত্ন ১২ বছৰ বয়সত [ ৩৮ ] এণ্ট্ৰেঞ্চ্‌ পাচ কৰে; আৰু এতিয়া এম, এ, পাচ কৰি বি, এল, পৰীক্ষা দিবলৈ সাজু হৈছে। নুমলীয়া শ্ৰীমান যোগেন্দ্ৰ নাথ গোহাঁই শ্ৰীমান পদ্মনাথ বৰুৱাৰ যত্ন আৰু পালনতে এণ্ট্ৰেঞ্চ্‌ পাচ কৰি এতিয়া কলেজত পঢ়িছে। ৺ ঘিণাৰাম বৰুৱাৰ জীৱ- নত বৰজীয়েক আৰু বৰজোৱায়েকৰ অকালবিয়োগো দুটা প্ৰধান ঘটনা। এই বিষয়ে পাচত আকৌ অলপ কোৱা হব। নীলকণ্ঠই এফ, এ, লৈকে পঢ়ি লক্ষীমপুৰত চিভিল চিৰস্তাদাৰৰ পদত আছিল, এতিয়া তেওঁ স্বাধীন কাৰবাৰত ধৰিছে। তেওঁৰ এতিয়া তিনটি কন্যা আৰু তিনটি পুত্ৰ। শ্ৰীমান পদ্মনাথৰ লেখকে ন কৈ চিনাকি দিব নালাগে, কাৰণ আসামত প্ৰায় সক- লোৰে তেওঁ চিনাকি লোক। লক্ষীম্‌পুৰীয়া ডেকাৰ ভিতৰত এওঁৱেই পোণ প্ৰথমে এণ্ট্ৰেঞ্চ্‌ পাচ কৰে। আৰু কলিকতাৰ কলেজত পঢ়ি আহি চাৰি বছৰমান কহিমা গৱৰ্ণমেণ্ট্‌ স্কুলত আৰু আঠ বছৰমান তেজপুৰ নৰ্ম্মাল স্কুলৰ হেড্‌মাষ্টৰী আৰু মঙ্গল্‌দৈত তহ্‌চীলদাৰ কাম কৰিছিল। এওঁ এতিয়া এজন বিখ্যাত অসমীয়া গ্ৰন্থকাৰ। বৰ্ত্তমানলৈকে পদ্মনাথ বৰুৱাই ২৫ পচিশ খনমান অসমীয়া ওখখাপৰ কিতাপ লিখিছে। বৰ্ত্তমান তেওঁ “আসাম বন্তি” আৰু “উষাৰ” স্বত্বাধিকাৰী আৰু সম্পা- দক। আজি কেই বছৰমানৰ পৰা পদ্মনাথ বৰুৱা কলিকতা ইউনিভাৰ্চিটীৰ এণ্ট্ৰেঞ্চ্‌, এফ,এ, আৰু বি,এ পৰীক্ষাৰ অসমীয়া বিষয়ত পৰীক্ষক নিযুক্ত আছে। আৰু, সাহিত্য-চৰ্চ্চাত শৰীৰ অসুস্থ হোৱাৰ বাবে এতিয়া তেওঁ নৰিয়া-পেঞ্চন (Invalid [ ৩৯ ] Pension) পায়। তাৰ উপৰি পদ্মনাথ বৰুৱাক পূৰ্ববঙ্গ আৰু আসামৰ লেফ্‌টেনেণ্ট্‌ গৱৰ্ণৰ বাহাদুৰ আৰু ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল বাহাদুৰে আসামৰ প্ৰধান সাহিত্যিক বুলি অনুমোদন কৰাত ইংলণ্ডৰ পাৰ্লেমেণ্ট্‌, ৰাজ সভাৰ ভাৰত-মন্ত্ৰীয়ে (The Secretary of State for India) তেওঁক এটি সম্মানী সাহি- ত্যিক পেঞ্চন মঞ্জুৰ কৰি দিছে। এনে পেঞ্চন আসামত কেতিয়াও কোনেও পোৱা নাছিল আৰু গোটেই ভাৰতবৰ্ষত আজিলৈকে এনে পেঞ্চন এয়ে সৈতে মুঠেই দুটি। অলপ দিন হৈছে, আহো- মৰ প্ৰতিনিধিকৈ গৱৰ্ণমেণ্টে তেওঁক আসাম কাউন্সিলৰ বা মন্ত্ৰী-সভাৰ সদস্য বা মেম্বৰ পাতি লৈছে। এইবাবে অকল আহোম সম্প্ৰদায়েই নহয়, সদৌ অসমীয়া জাতিয়ে সন্তোষ পাইছে আৰু গৌৰৱান্বিত বোধ কৰিছে। পদ্মনাথ বৰুৱাৰ প্ৰথমা ভাৰ্য্যা নিঃসন্তান হৈ ঢুকুৱাত তেওঁ দ্বিতীয়বাৰ বিয়া কৰায়। এই দ্বিতীয় ভাৰ্য্যাৰ পৰা তেওঁৰ এটি পুত্ৰ আৰু চাৰিটী কন্যা লাভ হৈছিল। পুত্ৰটি কেঁচুৱাতে ঢুকুৱাত এতিয়া তেওঁৰ ৪ চাৰিটী কন্যা বৰ্ত্তমান আছে। প্ৰথমা কন্যা শ্ৰীমতী নিৰ্ম্মলাসুন্দৰী বৰ আইদেওক বাৰুকিয়াল ফৈদৰ জাগীয়লীয়া গোহাঁই ঘৰৰ ৺ চন্দ্ৰমল বৰ গোহাঁই ডাঙ্গৰীয়াৰ পুতেক শ্ৰীমান সিদ্ধেশ্বৰ বৰ গোহাঁই দেওলৈ বিয়া দিয়া হৈছে। গোহাঁইদেৱে বি-এ পাচ কৰি এম-এ আৰু বি-এল পৰীক্ষা দিবৰ অৰ্থে কলি- কৰ কলেজত পঢ়িছেগৈ। ৺ পিতৃৰ আৰ্হিৰে পদ্মনাথে নিচেই মজলীয়া অৱস্থাৰপৰা নিজৰ বুদ্ধি, পৰিশ্ৰম অধ্যৱসায় আৰু [ ৪০ ] চৰিত্ৰৰ বলত ক্ৰমাৎ উদগতিলাভ কৰি এতিয়া উন্নতিৰ মুধত মূৰ লগাইছে, আৰু ৺ দেউতাকৰ দৰেই সন্তান পালনত আদৰ্শ হৈ উঠিছে;—পদ্মনাথৰ আদৰ্শ অভিভাবকতাৰ পৱিত্ৰ চিন আৰু উজ্জ্বল পটন্তৰ স্বৰূপ তেওঁৰ চেনেহৰ ভাগিন ৺ কৃষ্ণানন্দ বুঢ়া- গোহাঁই ডাঙ্গৰীয়াৰ ঘাট-মাউৰা গোহাঁইদেও তিনটি বিএ, এম-এ হৈ জিলিকি উঠিছে। পৃথিবীত মোমাই-ভাগিনৰ এনে চানেকী অতি বিৰল। হীৰাৱতী আইদেওক শিৱসাগৰৰ ডেপুটী কমিচনাৰৰ আপীচৰ আমোলা শ্ৰীযুত চন্দ্ৰশেখৰ বৰুৱাই বিয়া কৰাইছে। এওঁৰ এটি মাত্ৰ পুত্ৰ সন্তান। এতিয়া তেওঁ কলেজত পঢ়িছে। মুক্তানন্দ উত্তৰ লক্ষীমপুৰৰ কাছাৰিত এজন আমোলা। এওঁৰ এতিয়া এটি কন্যা আৰু এটি পুত্ৰ- সন্তান হৈছে। তোষেশ্বৰী আইদেওক শ্ৰীযুত সূয্যকান্ত কুকুৰা- চোৱা বৰুৱ। বি-এ চৱডেপুটী কলেক্টৰে বিয়া কৰায়। এওঁ বিলাকৰ এতিয়া এটি পুত্ৰ আৰু এটি কন্যা। আৰু নিচেই নুমলীয়া নাৰায়ণ আইদেও বৰ্ত্তমান আসামৰ মাটি বিভাগীয় এচিষ্টেণ্ট্‌, ডাইৰেক্টৰ আৰু শিৱসাগৰ জিলাৰ বিখ্যাত সন্দিকৈ বংশৰ কুলতিলক শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ ৰায় বাহাদুৰৰ ভাৰ্য্যা। এতিয়া সিবিলাকৰ চাৰিটি পুত্ৰ আৰু এটি কন্যা। বৰটি পুত্ৰই এণ্ট্ৰেঞ্চ্‌ পৰীক্ষা দিছে আৰু তেওঁৰ বিদ্যা-বুদ্ধি চাই প্ৰথম বিভাগত ওখ থাই লৈ পাচ হোৱাৰ আশা আছে। শুনিছোঁ এওঁক চিভিল চাৰ্ভিচৰ নিমিত্তে বিলাতলৈ পঠিওৱা

হব। [ ৪১ ]
 

 ককাইদেৱেক কাণুৰাম ডেকাবৰুৱা ঢুকুৱাৰ পাচত ঘিণা- ৰাম বৰুৱাই তেওঁৰ বিধবা বৌয়েকক তিনটি কন্যা আৰু এটি পুত্ৰৰে সৈতে জাঁজিৰ পৰা লক্ষীম্‌পুৰৰ ঘৰলৈ তুলি আনিলে। এতিয়া সেই বিলাকেও নিজৰ নিজৰ লৰা-ছোৱালীৰে সৈতে দদাইদেৱেকৰ মাটি-সম্পত্তিৰে সৈতে ঘৰ-গৃহস্থী কৰি আছে। ককাইদেৱেকৰ জীৱন্ত কালতে তেওঁৰ বৰ জীয়েক দুটীক জাঁজিতে বিয়া দিছিল। সিবিলাকে পিতৃৰ ভূ-সম্পত্তি বহুকাল- লৈকে ভোগ কৰে। ইবিলাকত বাজেও জাঁজিৰ জকাইচুক মৌজাত ঘিণাৰাম বৰুৱাৰ বংশীয় আত্মীয়-কুটুম্ব মানুহে মৰাণ- বামুণ গাওঁ জুৰি আছে। ঘিণাৰাম বৰুবাই কিন্তু লৰাকালতে ওলাই যোৱাৰপৰা বুঢ়াকাললৈকে জাঁজিলৈ বহুকাল উলটি নহাকৈ আছিল। ১৮৯৬ খ্ৰীষ্টাব্দত তেওঁৰ বৰ আৰু সৰু- মাজিউ পুতেক শ্ৰীমান নীলকণ্ঠ আৰু শ্ৰীমান পদ্মনাথ বৰুৱাৰ বিয়া পাতিবলৈ গৈ মাথোন তেওঁৰ জন্মস্থানত আত্মীয়-কুটুম্ব সকলৰ লগত এক পক্ষমান পৰম সন্তোষেৰে আছিল গৈ।

 ওপৰত কোৱাৰ মতে পুত্ৰ-কন্যা, জী জোৱাঁই, নাতি-পুতি, ভাই-বন্ধু, আত্মীয়-কুটুম্বাদিৰে এখন বিস্তৃত সংসাৰৰ মূল মানুহ হৈ অতি বৃদ্ধাৱস্থাত ঘিণাৰাম বৰুৱা ডাঙ্গৰীয়াই পৰম ভাগ্যৱন্তৰ পৱিত্ৰ সুখ অনুভব কৰিছিল। ঘিণাৰাম বৰুৱাক আহোমৰ বৰ্ত্তমান জিলিকি উঠা শিক্ষিত দলটিৰ মূল মানুহ বুলিলেও বঢ়াই কোৱা নহয়। কিয়নো, তেওঁৰে পুত্ৰ, জোৱাঁই, নাতি, নাতি- জোৱাই এই সকলেই সেই দলৰ প্ৰধান সঙ্গ; তেওঁৰে [ ৪২ ] স্বণাম-প্ৰসিদ্ধ পুত্ৰ সেই দলৰ আৰু গোটেই আহোম সম্প্ৰদায়ৰ সৰ্ব্ববাদী নেতা। আহোমৰ প্ৰথম এণ্ট্ৰেঞ্চ, পাচ কৰোঁতা, প্ৰথম এফ-এ পাচ কৰোঁতা, প্ৰথম বি-এ পাচ কৰোঁতা কেইও- জন তেওঁৰে জোৱাঁই; আহোমৰ প্ৰথম এম-এ তেওঁৰে নাতি। তদুপৰি, তেওঁৰে জোৱাঁই, নাতি, নাতি-জোৱাঁই এই সকলৰেই আহোমৰ সৰহ ভাগ ‘গ্ৰেজুয়েট’। আসামৰ প্ৰধান গ্ৰন্থকৰ্ত্তা, প্ৰথম কাউন্সিলৰ অনাৰেব্‌ল মেম্বৰ, প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনভোগী তেওঁৰে পুত্ৰ। মূলত সদগুণৰ সাৰ নথকা হলে এজুপি গছৰ শাখা-প্ৰশাখাত ইমানবিলাক সুফল ফলিবৰ সম্ভা- ৱনা নাছিল। আৰু অকালত সংসাৰ-ধুমুহাই উভালি পেলোৱা মনোহৰ কলপুলিটি নিলগত ঠন ধৰি উঠি, ভালেমান পুলি- পোখাৰে সৈতে ইমান ডাঙ্গৰ এজোপা হৈ জিলিকিব বুলি কোনে ভাবিছিল!


৬। আধ্যা।

বিষয়া—জীৱন।

 “সৰুটি হৈ সৰকিব লাগে” এইটি ঘিণাৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল। সৰুৰেপৰা সদায় সকলোৰে ওচৰত সৰুটি হৈ ফুৰা তেওঁৰ স্বভাৱ আছিল। সেই গুণতে তেওঁ নিকুটুমীয়া সং- সাৰত সুখে-সম্পদে তৰিব পাৰিছিল। ডেকা বয়সতো সেই [ ৪৩ ] গুণৰ বলতে তেওঁ উন্নতিলৈ বাট উজু পাইছিল। আৰু বয়সীয়া হৈও সেই গুণৰ মহিমাৰে ৰাইজৰ আগত জিলিকিবলৈ তেওঁ সুচল পাইছিল। সাধাৰণ অৱস্থাৰপৰা সম্মানী অৱস্থালৈ উঠিলে মানুহৰ স্বভাৱ-চৰিত্ৰত আৰু ফুৰাচকাত ‘মইবৰ’ ভাব সোমোৱা সততে দেখিবলৈ পোৱা যায়। কিন্তু অৱস্থাৰ উন্নতিয়ে ঘিণা- ৰাম বৰুৱাৰ স্বভাৱত তেনে পৰিবৰ্ত্তণ ঘটাব নোৱাৰিছিল। তেওঁ আগেয়ে যি ভাৱে চলিছিল বিষয়াহৈ উন্নত হোৱাৰ পাচতো সেই ভাৱেই চলিবলৈ ধৰিলে; আগেয়ে তেওঁৰ সমনীয়া বা তেওঁতকৈ মানী মানুহৰ প্ৰতি তেওঁ যেনে ব্যৱহাৰ কৰিছিল, পাচত সিবিলাকৰ প্ৰতি সেই ব্যৱহাৰ তেওঁ তাতোকৈ কোমল আৰু নম্ৰ কৰিছিল। আৰু উন্নতিৰ ওপৰলৈ বাট ক্ৰমাৎ ঠেক গতিকে তেৱোঁ ক্ৰমাৎ বেচিকৈ সৰুটি বোলাবলৈ অভ্যাস কৰিছিল।

 ঘিণাৰাম বৰুৱাই মূল-ধন বা জমা থকা টকাৰ বলত মৌজা- দাৰী বিষয় লাভ কৰা নাই। তেওৰ চৰিত্ৰৰ বলেৰে আনৰ মূলধনৰ বল লৈহে তেওঁ মৌজাদাৰী বিষয় লাভ কৰে। যি খাজানা শোধাব নোৱাৰাত প্ৰিয়ম মৌজদাৰৰ মৌজা গল, সেই খাজানাৰ টকা ঘিণাৰাম বৰুৱাক তেওঁৰ বন্ধুসকলে ধাৰলৈ দি সহায় কৰিছিল। সেই সহায়ৰ বলেৰেই তেওঁ পাচতে মৌজা ৰাখি খাবলৈ পিচ বছৰতে পৈণত হৈ উঠিল। তাৰ পাচত, ঘিণাৰাম বৰুৱা তেওঁৰ প্ৰজা বিলাকৰ ওচৰত এনে প্ৰিয়পাত্ৰ হৈ উঠিল যে সময়ত কিছুমান মুখিয়াল ৰায়তে তেওঁক বাকী খাজানাৰ [ ৪৪ ] দায়ৰপৰা সততে মুক্ত কৰিছিল। তেওঁ নিজৰ মৌজাৰ সৰু বৰ, সুখী-দুখী সকলো ৰায়তৰ প্ৰতি সমান চকুৰে চাইছিল, আৰু কোনো কথাত তেওঁ ৰায়তৰ ওচৰত গণ্ডপ নামাৰিছিল। তাৰ দ্বাৰাই তেওঁৰ প্ৰতি ৰায়তৰ প্ৰণয় তেওঁ দৃঢ় কৰি আনিব পাৰিছিল। আৰু এই প্ৰণয় লাভৰ বলতে তেওঁ ক্ৰমাৎ সম্প- ত্তিৰ বলো লাভ কৰিবলৈ ধৰিলে। ৰায়তৰ অনুগ্ৰহত তেওঁ অলপ কালৰ ভিতৰতে চাইটা ধানৰ ভঁড়াল বান্ধিছিল। ঘিণাৰাম বৰুৱাৰ সেই ধানৰ ভঁড়াল কেইটাৰ সমনীয়া ঘৰ ৰাজহুৱা ডাঙ্গৰ নামঘৰ গোটাচেৰেকত বাজে আৰু লক্ষীমপুৰত দেখিবলৈ নাছিল।

 মৌজাদাৰী বিষয় খোৱাত ঘিণাৰাম বৰুৱা এনে পৈণত লোক হৈ উঠিছিল যে লক্ষীমপুৰ জিলাত যত বিলাক ডেপুটী কমিচনাৰ আৰু মহকুমাধিপতি হৈছিল, তেওঁ প্ৰায় সেই সকলোৰেপৰা প্ৰশংসা আৰু সমাদৰ পাইছিল। সেই সকলৰ ভিতৰত লেফটেনেণ্ট্‌ (পাচত কৰ্ণেল) মেক্স্‌ওৱেল মিঃ ষ্টিভেন্‌চন, মিঃ মেথিওজ, মিঃ গ্ৰীমুড, মিঃ গ্ৰিনচিল্ড্‌ছ, মিঃ গড্‌ ফ্ৰি, মিঃ ব্ৰাউন, মিঃ ফ্ৰেঞ্চ্‌, মিঃ নিকল, মিঃ কোহান এই সক- লেই প্ৰধান। এই ইংৰাজ বিষয়াসকলে ঘিণাৰাম বৰুৱাৰ বুদ্ধি, পৰিশ্ৰম, কাৰ্য্যদক্ষতা, কৰ্ত্তব্য-পৰায়ণতা আৰু স্বভাব-চৰিত্ৰ আদি নথৈ শলাগি প্ৰশংসা পত্ৰ দিছিল। সেই বোৰৰ ভাঙ্গনী দিবলৈ হলে এখনী সুকীয়া সৰু পুথি হব। দেশীয় হাকিম সকলৰপৰাও ঘিণাৰাম বৰুৱাই সেই দৰেই আদৰ সম্মান [ ৪৫ ] আৰু প্ৰশংসা পাইছিল। বৰঞ্চ, ইসকলৰ ওচৰত তেওঁ তাৰ উপৰিও মৰম-চেনেহৰ পাত্ৰ হৈ উঠিছিল। এই সকল হাকিমৰ ভিতৰত ৺ দীননাথ বেজবৰুৱা, ৺ পূৰ্ণানন্দ বৰুৱা, মিষ্টাৰ কাশীনাথ বৰুৱা, মৌলবা নজমল হোচেন আহ্মদ, এই সকলেই প্ৰধান। বেজবৰুৱা ডাঙ্গৰীয়াই ঘিণাৰাম বৰুৱাৰ চৰিত্ৰত মুগ্ধহৈ তেওঁক নিজৰ পূত্ৰবৎ স্নেহ কৰিছিল। ৺ পূৰ্ণানন্দ বৰুৱাই ঘিণাৰাম বৰুৱাৰ বুদ্ধি আৰু অভিজ্ঞতাৰ চিনাকি পাই তেওঁৰে সৈতে বৰ মিলা-প্ৰীতি আৰু প্ৰণয় ভাব ৰাখি চলিছিল। মিষ্টাৰ কাশীনাথ বৰুৱাই বৃদ্ধ ঘিণাৰাম বৰুৱাৰ উদাৰ প্ৰকৃতি আৰু ওখ মনৰ চিন পাই তেওঁক সততে নিজৰ অভিভাবকৰ দৰে ভক্তি কৰিছিল। মৌলবী নজমল হুচেন আহ্মদ এঃ এঃ কমিচনাৰ চাহাবে ঘিণাৰাম বৰুৱাৰ গুণ-জ্ঞানত মোহিত হৈ তেঁওৰ প্ৰতি সততে ভক্তি আৰু সম্মান দেখুৱাইছিল; আৰু যেই সেই ঘৰুৱা বা নিজা ডাঙ্গৰ আৰু বিশ্বাসী কামত মৌলবী চাহাবে মৌজাদাৰ ডাঙ্গৰীয়াৰে সৈতে পৰামৰ্শ কৰি তেওঁৰ উপদেশ লৈছিল। এই বিলাক কাৰণতে তেওঁ এটাৰপৰা দুটা, তাৰ পৰা তিনটা আৰু তাৰপৰা চাইটা মৌজাৰ মৌজাদাৰ হৈ গৱৰ্ণমেণ্টৰপৰাও সুখ্যাতি লাভ কৰি- ছিল। আৰু তেওঁৰ বিস্তৰ মহৎ কাৰ্য্যৰ শলাগনী লৈ ৺মহাৰাণী ভাৰতেশ্বৰী ডিক্টোৰীয়াৰ ৬১ বছৰীয়া ‘জুবিলী’ দৰবাৰত তেওঁক সম্মানী পত্ৰ (Honour certificate) দিয়া হৈছিল।

 “প্ৰজাক পুত্ৰৰূপে দেখিব লাগে” ইও এফাঁকি ঘিণাৰাম [ ৪৬ ] বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল। তেওঁ সততে প্ৰজাৰ দুখত দুখী আৰু প্ৰজাৰ সুখত সুখী হৈছিল। এই কথা তেওঁৰ মুখৰ পা কোনোৱে শুনা নাই, কিন্তু তেওঁৰ কাৰ্য্যে তাক বঢ়িয়াকৈ প্ৰমাণ কৰিছিল। সঙ্গতিহীন দুখীয়া প্ৰজাবিলাকে যথা সময়ত ৰজাৰ খাজানা শোধাব নোৱাৰিলে তাৰ বাবে সিহঁতক তেওঁ কেতিয়াও টানি নধৰিছিল; যিবিলাক প্ৰজা বাস্তৱতে উপায়- হীন আৰু ৰাজহ দিবলৈ অপাৰগ, সিবিলাকৰ খাজানা তেওঁ আগধৰি নিজৰপৰা শোধাই লৈ পিচত সিবিলাকৰে সৈতে সুবিধা- জনক বন্দৱস্ত কৰি লয়। আৰু একেবাৰে যোত্ৰহীন প্ৰজাক আজৰি বতৰৰ কিছুকাল তেওঁৰ হাতী-গড় প্ৰভৃতি নিজা কাৰবা- ৰত খটাই আৰু লোকালবোৰ্ডৰ উজু কামত লগাই তেওঁৰ পাবলগা খাজানা উছল কৰাই লৈছিল। এই কাৰণেই তেও কোনো বছৰৰ মৌজাদাৰী কমিচন ঘৰলৈ নিবলৈ নাপাইছিল। আন কি এই বদান্যতাৰ বাবে পিচলৈ তেওঁ ঋণগ্ৰস্ত হব লগাত পৰিছিল। চৰ্কাৰী বিষয়া হৈ তেওঁ এনে উদাৰ আৰু দয়ালু হবলৈ গলে নিজৰ গাৰ ফালে টান পৰে এই কথা জানিও তেওঁ সেই প্ৰকৃতি সলাব নোবাৰিছিল। আন কি তেওঁৰ পৰম হিতৈষী ওপৰওৱালা কৰ্ণেল মেক্সওৱেল আৰু মিঃ গ্ৰীমুড চাহাবে তেওঁক এই বিষয়ে ভালেমান বুজনি দিও তেওঁৰ সেই স্বভাৱ গুচাব নোৱাৰিছিল।

 ঘিণাৰাম বৰুৱাৰ মৌজাদাৰীৰ আগছোৱাত চৰ্কাৰক কুলি দিয়া প্ৰথা প্ৰবল আছিল। সেই সময়ত ৰজাৰ ডঁৰিত পৰি [ ৪৭ ] ৰায়তৰ ঘোৰ অনিচ্ছা স্বত্ত্বেও অনেকক কুলি দিব লগা হোৱাত তেওঁ অন্তৰে সৈতে সদায় দুখিত হৈছিল। আৰু, সুবিধা পালেই ইংৰাজ হাকিম সকলক তেও এই প্ৰথাৰ বিৰুদ্ধে কব- লৈকো এৰা নাই। এসময়ত মিঃ মেথিউজ চাহাবে তেওঁৰ অন্তৰৰ এই মহৎ ভাব নথৈ শলাগিছিল, আৰু কুলিধৰা নিন্দনীয় প্ৰথা গুচুৱাবলৈ যত্ন কৰিব বুলি তেওঁ মৌজাদাৰ ডাঙ্গৰীয়াক আশ্বাস দিছিল। কিন্তু সেই চাহাব লক্ষীম্‌পুৰত বেচি দিন নাথা- কিল গতিকে ঘিণাৰাম বৰুৱাৰ আশাও তেতিয়া পূৰ নহল।

 মৌজাদাৰী বিষয় চলোৱাত বাজেও ঘিণাৰাম বৰুৱাই আন সকলো ৰাজকীয় আৰু সামাজিক বিষয়ত যোগ দিছিল, আৰু তাত তেওঁ কাৰ্য্যদক্ষতাৰ চিনাকি দিছিল। বিশেষকৈ, ‘লোকাল বোৰ্ডৰ’ মেম্বৰ আৰু ‘স্কুল কমিটীৰ’ সভ্যৰ কামত তেওঁ ‘বোৰ্ড’ আৰু সভাক বৰ সহায় কৰিছিল। ‘স্কুল কমিটীৰ’ সভ্যৰ কামত তেওঁক এই পুথি লেখকে ভাল্‌কৈ জানে, কাৰণ লেখক সেই সময়ত সেই অঞ্চলত ভালেমান দিন স্কুল সব ইন্‌স্পেক্টৰ আৰু ডেপুটী ইন্‌স্পেক্টৰ আছিল। আৰু এই লেখকে লক্ষীম্‌ পুৰত আদি আৰু মজলীয়া শিক্ষা বহলাওঁতে আৰু বঙ্গালী ভাষা গুচাই অসমীয়া ভাষা চলোৱাত ঘিণাৰাম বৰুৱাৰপৰা তেওঁ বৰ সহায় পাইছিল। আৰু “লোকাল বোৰ্ডতো” তেওঁ বহি থাকি “হয়” দিয়া বিধৰ মেম্বৰ নাছিল। কোন বিষয়ৰ মীমাংসা তেওঁ ভালকৈ নুবুজিলে আনৰ কথাত হৰিভৰ দি তেও কেতিয়াও মত নিদিছিল। সেই কাৰণে ‘বোৰ্ডত’ ইৰাজীত আলচ [ ৪৮ ] কৰ! বিষয়বিলাক তেওঁক ভাঙ্গি-পাতি বুজাবলৈ এজন ইংৰাজী আৰু অসমীয়া জনা মানুহৰ উপস্থিতিৰ আৱশ্যক হৈছিল। কিন্তু, পাচালৈ এই অসুবিধা গুচাবৰ নিমিত্তে আলোচ্য বিষয়বিলাক ভালকৈ ভাঙ্গি-পাতি অসমীয়াকৈ জাননী দিয়াৰ নিয়ম চলিবলৈ ধৰিলে। বিষয়া জীৱনৰ শেহ ছোৱাত এনে বিলাক বিষয়ত তেওঁৰ অভিজ্ঞতা আৰু অধিকাৰলৈ চাই মিঃ কোহান চাহাবে এসময়ত এনে ভাবৰ মন্তব্য প্ৰকাশ কৰিছিল “ঘিণাৰাম বৰুৱা লক্ষীম্‌পুৰত এজন পুৰণি সাঁচৰ মানুহ। কিন্তু, আজিকলীয়া শাসনবিষয়ক কথাত তেওঁৰ বুদ্ধি আৰু বিচাৰ-শক্তিৰ প্ৰখৰতা দেখি আচৰিত মানিব লগা হয়।”

 ঘিণাৰাম বৰুৱাৰ মৌজাত ভালেমান চাহ বাগিছা পৰিছিল। গতিকে কব লাগিব যে তেওঁৰ জনচেৰেক ইংৰাজ ৰায়তো আছিল। এই সকলৰ লগত তেওঁৰ বৰ সদ্ভাৱ আছিল। প্ৰায় সকলোবিলাক বাগিছাৰ মেনেজাৰ চাহাব সকলে ঘিণাৰাম বৰুৱাক মিত্ৰভাৱে ব্যৱহাৰ কৰিছিল। মিঃ স্মিথ, মিঃ জন ষ্টুৱাৰ্ট, মিঃ ৰীড, মিঃ ক্ৰৌ, মিঃ গ্ৰাণ্ট্‌, মিঃ গ্ৰেঃ, ডাক্তৰ ক্ৰেন এই সকল চাহাবৰে ঘিণাৰাম বৰুৱাৰ বৰ প্ৰণয় আৰু মিত্ৰতা আছিল। ইবিলাকৰ সৰহভাগে তেওঁলৈ সেই মিত্ৰতাৰ নিদৰ্শন স্বৰূপ বন্দুক, তৰোৱাল, হাতীবন্ধা শিকলি, বিলাতী জোতা, ঘোৰাৰ জিন প্ৰভৃতি উপহাৰ পঠিয়াইছিল। আৰু কোনো কোনো জনে খাজানা শোধাবৰ সময়ত হাজাৰ হাজাৰ্‌কৈ বিনা

সূদে টকা ধাৰলৈ দি তেওঁক সততে সহায় কৰিছিল। [ ৪৯ ]
 

 “ভয়ৰ দাস কৰাকৈ মৰমৰ ভকত কৰি মানুহৰ আন্তঃকৰণ সহজে লাভ কৰিব পাৰি” ঘিণাৰাম বৰুৱাৰ জীৱনৰ ইও এফাঁকি মূলমন্ত্ৰ। তেওঁ নিজৰ প্ৰজা বা আন কোনো তলতীয়া কৰ্ম্মচাৰীৰ প্ৰতি প্ৰায় উগ্ৰ ব্যৱহাৰ নকৰিছিল; বৰঞ্চ, যাক অবাধ্য বা অলপ দুৰ্দ্দান্ত দেখে তাৰ প্ৰতি কোমল ব্যৱহাৰ কৰি তাক বশ কৰাৰ উদাহৰণ তেওঁৰ জীৱনত ভালেমান দেখিবলৈ পোৱা গৈছিল। কৃষ্ণৰাম শইকীয়া নামে ন-কাৰী গাৱঁৰ পটীয়া খেলৰ মানুহ এটাই সততে তেওঁৰ অহিত চিন্তি ফুৰিছিল। কিন্তু ঘিণাৰাম বৰুৱাই তাৰ সলনি সেই মানুহটিক টানত পৰি- লেই সহায় কৰিছিল, আৰু কেইবাটাও শকত বিপদৰপৰা তাক ৰক্ষা কৰিছিল। সেইবাবে সেই মানুহটোৱে অৱশ্য পাচলৈ তেওঁৰ অহিত চিন্তিবলৈ এৰিছিল, যদিচ সি কেতি- য়াও তেওঁৰ হিত-চিন্তা কৰা নাই। ঘৰৰ চাকৰ আদি বা আন অধীন মানুহৰ প্ৰতিও তেওঁৰ তদ্ৰপ ব্যৱহাৰ আছিল। যি চাকৰ বা অধীনৰ মানুহ খঙ্গাল তাৰ প্ৰতি মৰমৰ চেঁচা কথা প্ৰয়োগ কৰি তেওঁ সেই খং পানীকৃত কৰিছিল। ইয়াত বাজেও ঘিণাৰাম বৰুৱাৰ কিছুমান এনে অমায়িক গুণ আছিল যাৰ গুণত তেওঁৰ প্ৰজাবৰ্গ তেওঁৰ প্ৰতি সদায় মুগ্ধ আছিল। তেওঁৰ চাইটা মৌজাৰ ভিতৰত অলেখ অজলা আৰু হোজা প্ৰজাই “আমাৰ মৌজাৰী” বুলি তেওঁৰ প্ৰতি মৰমতে পমি গৈছিল। আৰু প্ৰজা সকলক তেওঁ সকলো কথাতে সততে যেনে উপকাৰ কৰিছিল, সিবিলাকৰপৰাও সেই দৰে তেওঁ [ ৫০ ] উপকৃত হৈছিল। মৌজাদাৰৰ ঘৰত ৰায়তে খাটি দিয়া প্ৰথা এতিয়া যে নায়েই তেতিয়াও সেই লক্ষীমপুৰতে আন মৌজাদাৰৰ ঘৰত ৰায়তে খাটি দিয়াৰ নিয়ম নাছিল। কিন্তু, ঘিণাৰাম বৰুৱাৰ মৌজাৰ ইতৰ প্ৰজা শ্ৰেণীয়ে তেওঁৰ ঘৰত সততে আগৰ ৰজাদিনীয়া পাইকে বিষয়াৰ ঘৰত খাটি দিয়াৰ দৰে খাটিছিল। বাৰহাত দীঘল চতি লগোৱা চাৰি কোঠলীয়া একোটা বৰ ভঁড়ালত বছৰি পূৰকৈ থবৰ জোখাৰে ঘিণাৰাম বৰুৱাৰ পথাৰত খেতি হয়। সেই খেতি মৌজাৰ মানুহে খেলে- খেলে আহি কৰি দিছিল, আৰু খেলে-খেলে মিলি তাৰ উৎপন্ন চপাই দিছিল। খেতিৰ দিনত হাল-গৰুৰ সংখ্যালৈ চায়েই নিল- গতে বুজিব পাৰি কাৰ পথাৰত হালবোৱা হৈছে। ওচৰলৈ গলে, তাৰ ভিতৰত আটাইকে বেচি সৌন্দৰ্য্য এটি দৃশ্যত দেখা যায় যে, কেতিয়াবা মৌজাদাৰ ডাঙ্গৰীয়াও সিহঁতৰ ভিতৰৰে এটি হালোবা, —ৰায়ত হলোৱাৰে শাৰী পাতি বিষয়ায়ো এখন ম’হৰ হালত ধৰে। নিজে কৰিব পৰা কামত হাত দিবলৈ যে যিমান ডাঙ্গৰ হলেও মানুহে তাপমান বোধ কৰিব নালাগে, ঘিণাৰাম বৰুৱাৰ জীৱনত তাৰ বহুত পটন্তৰ পোৱা যায়।

 ‘যি মানুহ যিমান ওপৰলৈ উধায়, তাৰ সিমান শত্ৰুও বাঢ়ে, কিম্বা যাৰ যিমান শত্ৰু বেছি, তাৰ উন্নতিও সিমান বেচি বুলি বুজিব লাগে।’ ঘিণাৰাম বৰুৱাৰ জীৱনত এই ফাঁকি কথাও হুবহু মিলাব পাৰি। একপক্ষে তেওঁ যিমান মিত্ৰ আৰু উন্নতি লাভ কৰিছিল, আনপক্ষে তেওঁৰ শত্ৰু আৰু তেওঁৰ অৱনতি [ ৫১ ] ঘটাবলৈ ছিদ্ৰ বিচৰা মানুহৰ সংখ্যাও তাকৰ আছিল বুলিব নোৱাৰি। কিন্তু, ঘিণাৰাম বৰুৱাই নিজৰ দীৰ্ঘদৃষ্টিৰ গুণেৰে সেই শত্ৰুপক্ষৰ গতি-গোত্ৰ আগধৰি লক্ষ্য কৰি, নিলগৰ ঢৌ নিলগতে মাৰ নিয়াব পাৰিছিল। সেই বাবেই, কোনো সময়ত, তেওঁ শত্ৰুৰপৰাও সৰল প্ৰশংসা লাভ কৰিছিল।

 ঘিণাৰাম বৰুৱাৰ কুমলীয়া বয়সৰেপৰা তেওঁৰ কোমল অন্তৰত বিষয়া আৰু পাইকৰ সম্বন্ধ বিষয়ে যি এটি ভাব সদায় নুনুমুৱাকৈ আছিল, এই মৌজদাৰী বিষয় খোৱাৰ কালতে সেইভাব কাৰ্য্যত লগাব পৰা হল; তেওঁৰ জীৱনৰ মহৎ কামনা পূৰ হল। কিন্তু, সেই বুলি তেওঁ অলপো অহঙ্কাৰ কৰা নাই; বৰঞ্চ গুটি লগা গছৰ দৰে যিমানেই ঘিণাৰাম বৰুৱাৰ বিষয়ৰ প্ৰতিপত্তি বাঢ়ি আহিল, সিমানেই তেওঁ বেচি সাধু, বিনয়ী আৰু নম্ৰস্বভাৱী হৈ গল। তেওঁৰ ভিতৰুৱা আৰু ৰাজহুৱা জীৱনত কোনোৱে এদিন এফেৰি অহঙ্কাৰৰ চিন দেখা পোৱা নাই। ঘিণাৰাম বৰুৱাৰ নিচিনাকৈ অত্যন্ত কষ্টৰ জীৱনৰপৰা আত্মচেষ্টাত বৰ সুখৰ জীৱনলৈ উঠিও এনে নিৰহঙ্কাৰী হোৱা মানুহ পাবলৈ অতি বিৰল।

 বিচাৰকৰ কাৰ্য্যতো ঘিণাৰাম বৰুৱা মৌজাদাৰে উত্তৰ লক্ষীম্‌পুৰ অকলশৰীৰ মাজিষ্ট্ৰেটক যে কম সহায় কৰিছিল, এনে নহয়। সামাজিক কথাৰে সৈতে সম্বন্ধ থকা বিষয়, আৰু মাটি-বাৰী কিম্বা আন ঘৰুৱা কন্দলৰ গোচৰ প্ৰায় সকলে বিলাকৰ সোধ ঘিণাৰাম বৰুৱাৰ মৌজাদাৰী চৰাত হৈছিল। [ ৫২ ] কোনো চিঙ্গিবলৈ টান কথাৰ গোচৰ হলে তেওঁ ঢালিচ চপাই তাৰ বিচাৰ কৰাইছিল। তেওঁৰ বিচাৰ এনে তুখ্ৰং আৰু ন্যায় হয় যে পিচত তাত আসোহা ধৰিবলৈ কোনো ফালৰ প্ৰায় বাট নাথাকে, আৰু বিচাৰৰ ফলাফল মাজিষ্ট্ৰেটলৈ তেওঁ এনে দৰে গঢ়ি-পিটি পঠিয়ায় যে তেওৰ প্ৰস্তাৱমতে মাজিষ্ট্ৰেটে বা বিচাৰকসকলে আইন নিয়ম ৰক্ষা কৰি প্ৰায় হুকুম্‌টো মাথোন দিয়ে। এই বাবেও লক্ষীম্‌পুৰৰ বিচাৰক আৰু মহকুমাধিপতি সকলে ঘিণাৰাম বৰুৱাৰ বুদ্ধিৰ প্ৰখৰতা বিশেষ্‌কৈ শলাগিছিল। বিচাৰক সকলে পঠিওৱা গোচৰত বাজেও, তেওঁ নিজৰ মৌজাৰ ৰায়ত বিলাকৰ সৰু-সুৰা সোধবিলাক যাতে পঞ্চায়তৰপৰা নিষ্পত্তি হব পাৰে তাৰ নিমিন্তে তেওঁ সদায় যত্ন কৰিছিল। অলপমান কথাতে কাছাৰি ঘৰ উঠি গোচৰীয়া আৰু পদকীয়াই যাতে অবাৰত ধন ভাঙ্গি কলৌজপৌ নালাগে তাৰ নিমিত্তে তেওঁ ৰায়তবিলাকক সততে সজ উপদেশ দিছিল। ইয়াৰ ফল স্বৰূপে ঘিণাৰাম বৰুৱাৰ মৌজাৰ ৰায়তৰ ভিতৰত সৰু-সুৰা কথাত আদালতত গোচৰ কৰা মানুহ প্ৰায় নোহোৱা হৈছিল। অথন্তৰত পৰি অকলশৰীয়াকৈ উফৰি অহা প্ৰতিভাৰ ফিৰিঙ্গতি এটি যে কালত এনে জেউতিৰে বিকাশ পাব তাক কোনে ভাবিছিল!

[ ৫৩ ]
 

৭। আধ্যা।

আৰ্জ্জন আৰু ভগন।

 ঘিণাৰাম বৰুৱা জয়ে জয়ে সংসাৰত সোমাওঁতে তেওৰ ধন সম্পত্তি একোৱেই নাই। ওপৰতে কৈ অহা হৈছে যে, তেওঁ কোৱঁৰৰ জীয়াৰী দুগৰাকী বিয়া কৰোৱাৰ পাচত, তেওৰ গুণৱতী শাহুয়েকৰপৰা ধন-সম্পত্তি আৰু মাটি-বাৰীৰ অংশ এটা লাভ কৰে, সেই অংশত তেওঁ নগদ একো পোৱা নাই, পাইছিল মাত্ৰ পুৰাচেৰেক ৰুপীত আৰু বস্তি মাটি, ১০।১২ জনী গাই আৰু দুহাল হালোৱা গৰু, ৬।৭ জনী মাইকী আৰু এহাল মত ম’হ। ইয়াত বাজে তেওঁৰ তিনি জন খুলশালিয়েকৰ তিনি অংশও তেওঁৱেই চলাব লগা হৈছিল। এই অলপীয়া সম্পত্তিৰ পৰাই বুদ্ধিমান ঘিণাৰামে দিনক দিনে তেওঁৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিবলৈ ধৰিলে। এনে কি, মৌজাদাৰী বিষয় লোৱাৰ দহ বছৰৰ পাচত, তেওঁ এজন সম্পত্তিশালী লোকৰ লেখত উঠিল আৰু এই সময়ৰ ভিতৰতে তেওঁ বাৰীমাটি এৰিও ২৫ পুৰা ৰুপীত মাটি, ৪০ জনী গাই, ৮ হাল বলদ, ৫০ জনী মাইকী আৰু ৬ হাল মতা মহ, এহাল ঘোঁৰা, দুখন দোলা, তিনটা ভঁড়াল, ডেৰকুৰি ছাগলি এই বিলাক বাহিৰা সম্পত্তি আৰ্জ্জন [ ৫৪ ] কৰে। ইয়াৰ লগে লগে ভিতৰুৱা অলঙ্কাৰ পাতিৰে তেওঁ বৰ চহকী হৈ উঠে। ইয়াত বাজেও তেওঁ তিনিজন খুলশালিয়েকক নিয়মীয়া অলঙ্কাৰ পাতিৰে সৈতে এই সময়ৰ ভিতৰতে বিয়া কৰাই দিয়ে। আৰু সিবিলাকৰ সম্পত্তিও ইয়াৰ লগে লগে ভগাই দিয়া হয়।

 ওপৰত কোৱাৰ দৰে আৰু বছৰচেৰেক নিজৰ অৱস্থাৰ ক্ৰমোন্নতি কৰাৰ পাচত, খৃঃ ১৮৭৪ চনত ঘিণাৰাম বৰুৱাই হাতীৰ কাৰবাৰলৈ মন মেলিলে। এই অৰ্থে তেওঁ লক্ষীম্‌পুৰৰ আমোলা আৰু আন ভাল মানুহ কিছুমানৰপৰা অংশ গোটাই এটা যুটীয়া হাতীৰ গড় মাৰিলে। এই কাৰবাৰৰ প্ৰতি অংশৰ মূল্য দহ টকাকৈ ধৰা হৈছিল। ইয়াৰ ভিতৰত কোনোৱে এটাত্কৈ‌ বঢ়ায়ো অংশ লৈছিল। আৰু এই অংশ বিক্ৰীৰপৰা মোট ৫০০৲ টকা উঠিল। এই টকাৰে সৈতে ঘিণাৰাম বৰুৱাই তেওঁৰ মৌজাৰ ৰায়ত লগাই বৰ সুবিধাজনক ঠাইত এটা হাতীগড় মৰালে। অৱশ্যে ৰায়তকো এটা ৰাজহুৱা ভাগ দিয়া হৈছিল। যথাসময়ত গড় তৈয়াৰ হল, আৰু ঘিণাৰাম বৰুৱাই নিজে গড়ত থাকি ৰায়তৰ হতুৱাই হাতী খেদাবলৈ ধৰিলে। পিচে, কেই- বাবাৰো হাতী আহি গড়ৰ মুখত কুলা ভাঙ্গি এৰাই যায়। অৱ- শেহত ঘিণাৰাম বৰুৱাই গোটাচেৰেক সাহিয়াল ডেকাক হাতে- হাতে একোটা বন্দুক দি, সিহঁতৰ লগতে নিজেও বন্দুক ধৰি কুলা-ৰখীয়া ইলগৈ। যেতিয়া হাতীৰ পাল আহি গড়ৰ মুখ চাপিলেহি, তেতিয়াই আগৰ দৰেই আঁঠ হতীয়া গণেশ এটাই [ ৫৫ ] বৰুৱা ডাঙ্গৰীয়া নিজে ৰখীয়া থকা ফালেই কুলা ভাঙ্গি যাবৰ উপক্ৰম কৰিছিল। কিন্তু, ঘিণাৰাম বৰুৱা ভয়ত আঁতৰি হাতীক বাট এৰি দিয়া বিধৰ লোক নহয়। তেওঁ বিষম সাহসেৰে গণেশৰ কাণৰ কাষত ৰাইফেল বন্দুকৰ জাঁই উৰাই দিলে, আৰু সেই একে জাঁইতে গণেশে ঠেলামাৰি গোটেই জাক হাতী গড়ত সুমুৱাই দিলেগৈ। এই পালৰ ভিতৰত গণেশক ধৰি ৩৩ টা হাতী আছিল। ইয়াৰ পাচত,গণেশৰ প্ৰতাপত গড়ৰ হাতী উলিয়াবলৈ কুন্‌কী সুমুৱাব নোৱাৰাত পৰিছিল। পিচে, তিন দিন চল চাই থাকি, ঘিণাৰাম বৰুৱাৰ কৌশলমতে গণেশক দুৱাৰ মেলি উলিয়াই পঠিওৱা গল, আৰু বাকী বিলাক হাতী লাহে-লাহে গড়ৰপৰা উলিওৱা হল। এই হাতীৰ কাৰবাৰত বহুতৰ লাভ হল। ঘিণাৰাম বৰুৱাই হাতী বেচা নগদ টকাৰ ভাগ নলৈ, তেওঁৰ বাছনিমতে এজনী চাৰিণ হাতী ভাগত মাৰি লয়। আৰু তেওঁৰ প্ৰিয়-বন্ধু, ৺ হলিৰাম বৰুৱা হেড্ক্লা‌ৰ্কে ( পাচত মুঞ্চিপ) তেওঁৰ লচ্‌মণী নামে হাতীৰে সৈতে এই হাতী জনী শিকাই-মেলি ঘৰচীয়া কৰি দিয়ে। এইয়ে উত্তৰ লক্ষীম্‌- পুৰৰ সকলোৱে জনাজাত “জয়মতী” হাতী। প্ৰকৃততে এই জয়মতীয়েই ঘিণাৰাম বৰুৱাৰ ঘৰত লক্ষ্মী সোমাই তেওঁক ধনে- মানে দোপত-দোপে তুলি নি এজন বৰ চহকী লোক কৰে।

 যেই সেই কামতে ঘিণাৰাম বৰুৱা একাগ্ৰচিতীয়া লোক আছিল। তেওঁ হাতীৰ কাৰবাৰত এবাৰ হাত দি তাৰপৰা আৰু হাত নেৰুৱালে। জয়মতী হাতী সম্পূৰ্ণে ঘৰচীয়া হোৱাৰ [ ৫৬ ] পাচত, তেওঁ ৺জিউৰাম শৰ্ম্মা বৰুৱা পেঞ্চন প্ৰাপ্ত পুলিচ ইনস্পেক্টৰ আৰু সেখ বগৰূপ মছলমানৰ লগত যুটীয়াকৈ হাতী কাৰবাৰত লাগি, মেলা চিকাৰত আগ বাঢ়িবলৈ ধৰিলে, আৰু এই চিকাৰত জয়মতী হাতীৰ নাম কেইওফালে ৰাষ্ট্ৰ হৈ উঠিল। এনে কি, জয়মতীৰ বান্ধ্‌, লক্ষণ আৰু গুণলৈ চাই তাইৰ সলনিত ইং ১৮৭৭ চনত ডিব্ৰুগড়ৰ ৺সাধনৰাম ৰায় বাহাদুৰ চিৰস্তা দাৰে তেওঁৰ মতিলাল নামে বৰ ডাঙ্গৰ দঁতাল আৰু দুজনী মাইকী হাতী যাচিছিল; কিন্তু ঘিণাৰাম বৰুৱা সেই প্ৰস্তাৱত মান্তি নহল। তাৰ পাচে, এই জয়মতীৰ বলতে ঘিণাৰাম বৰু ৱাই হাতীৰ কাৰবাৰত ক্ৰমাৎ উন্নতি কৰিবলৈ ধৰিলে, আৰু ১০।১২ বছৰৰ ভিতৰত তেওঁৰ ঘৰত ৮টা কুন্‌কী হাতী হল।

 হাতীৰ কাৰবাৰৰ লগতে ঘিণাৰাম বৰুৱাৰ অন্যান্য সম্পত্তিও দিনক দিনে বাঢ়িবলৈ ধৰিলে। খৃঃ ১৮৭৮ চনত, মৌজাৰ জামীন দিয়া-থোৱাৰ সম্পৰ্কত এবাৰ তেওঁৰ সম্পত্তিৰ লেখ লোৱা হৈছিল। তেতিয়া ঘিণাৰাম বৰুৱাৰ আৰ্জ্জিত সম্পত্তিৰ ভিতৰত ৯টা হাতী, ৫টা ঘোঁৰা, ১২০ জনী মাইকী আৰু ৮ হাল মতা ম’হ, ৮০ জনী গাই, ১০ হাল বলদ, ৩০টা ছাগলি, ৫০ পুৰ মাটি, ৪টা বৰভঁড়াল, ৩টা সৰুভঁড়াল, ৪ খন দোলা, ৩ খন নাও, ৩ খন গাড়ী, ৫০০০৲ টকাৰ অলঙ্কাৰ, ৩০০০৲ টকাৰ বাহিৰা বয়-বস্তু লেখত ওলাইছিল। আৰু মোটৰ ওপৰত নগদ্কৈ ধৰিলে সেই সময়ত ঘিণাৰাম বৰুৱাৰ লাখ টকাৰ ওপৰ আৰ্জ্জন হৈছিল। জাজিৰপৰা নিঠৰুৱা হৈ ভাগি যোৱ ঘিণাৰামে পৰৰ [ ৫৭ ] ঘৰত ডাঙ্গৰ দীঘল হৈ ৩৲ টকীয়া দৰ্ম্মহাৰ কামত সংসাৰ আৰম্ভ কৰি নিজৰ বুদ্ধি, কৌশল, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত এজন লাখটকীয়া মানুহ হৈ জিলিকি উঠিল!

 ওপৰত লেখ দিয়া সম্পত্তিৰ আৰ্জ্জনত বাজেও, ঘিণাৰাম বৰুৱাই আৰ্জ্জন কৰা ধন-সম্পত্তি তেওঁৰ চাৰিজন পুত্ৰক শিক্ষিত কৰোঁতে আৰু চাৰিগৰাকী জীয়াৰীক বিয়া দিওঁতে তেওঁ মুকলি হাতেৰে ভাঙ্গিছিল। চাৰিওজন পুতেকৰ শিক্ষাৰ নিমিত্তে কাৰ গাত কিমান ভগন হৈছিল, তাৰ এটা হিচাপ বুঢ়া বৰুৱা ডাঙ্গৰীয়াই মৰণৰ মাহচেৰেকৰ আগেয়ে তেজপুৰলৈ যাওঁতে এই দৰে দিছিল;—বৰপুত্ৰ ৺মোহনচন্দ্ৰৰ গাত ২৫০০৲; বৰ-মাজিউ শ্ৰীকণনাথৰ গাত ৫০০৲; মাজিউ পুত্ৰ শ্ৰীনীলকণ্ঠৰ গাত ৪০০০৲; সৰু-মাজিউপুত্ৰ শ্ৰীপদ্মনাথৰ গাত ৫০০০৲; আৰু নুমলীয়া পুত্ৰ শ্ৰীমুক্তানন্দৰ গাত ১৫০০৲ টকা নগদ ভগন হৈছিল। জীয়েক চাৰি গৰাকী বিয়া দিওঁতেও ঘিণাৰাম বৰুৱাই সাধাৰণ ৰূপে ভগন কৰা নাই। বৰ জীয়েক ৺মাহিন্দ্ৰী বৰ আইদেওক এই লেখকৰ প্ৰিয়ত্তম বন্ধু ৺কৃষ্ণানন্দ বুঢ়া- গোহাঁইদেওলৈ বিয়া দিওঁতে, তেওঁ যৌতকত ১ এটা হাতী, ১এজনী ঘোঁৰা,৩জনী ম’হ, ৪জনী গৰু, এখন সম্পূৰ্ণ ঘৰ চলাকৈ সকললা লাগতিয়াল বয়-বস্তু, এজোৰ সোণৰ বাখৰামী শচৰীয়া খাৰু, আৰু ভদ্ৰ তিৰোতাৰ লাগতিয়াল প্ৰত্যেক বিধ অলঙ্কাৰৰ দুই পদকৈ দান কৰিছিল। ইত্যাদি খৰচ মুঠকৈ ধৰিবলৈ গলে, ঘিণাৰাম বৰুৱাই বৰজীয়েকৰ লগত কমকৈও ৭০০০৲ মান টকা [ ৫৮ ] ভগন কৰিছিল। ইয়াকে চাই, বাকী তিনি গৰাকী জীয়েকৰ গাত কিমান খৰচ মোটামুটীকৈ পৰিব পাৰে, তাক অনুমাণ কৰিব পাৰি। এতিয়া হিচাপ কৰি চালে দেখা যায় যে, পুতেক আৰু জীয়েক সকলৰ ভৱিষ্যৎ উন্নতি আৰু কল্যাণৰ অৰ্থে ঘিণা- ৰাম বৰুৱাই ৪০০০০৲ মান টকা ভগন কৰিছিল, আৰু এই টকাও তেওঁ নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলৰেহে আৰ্জ্জিছিল। আৰু, ইমানলৈকে বাহিৰা উৎপন আৰু ভগনৰ হিচাপত ঘিণাৰাম বৰুৱাৰ আন ডেৰ লাখ মান টকা হয়। ইয়াত বাজেও মৰণৰ পাচত, তেওঁ অৰ্জ্জিত ধন আৰু নগদ কিমান থৈ যায়, সেই বিষয়ে আমি নাজানো। এতেকে, দুখৰ সোতঁত উটি গৈ নিঠৰুৱা হোৱা নিকুটুমীয়া মৰাণ বৰুৱাৰ তোলনীয়া বংশধৰ ঘিণাৰাম বৰুৱা তেওঁৰ জীৱনত নিজৰ সৎ- বুদ্ধি, পৰিশ্ৰম আৰু অসাধাৰণ অধ্যৱসায়ৰ বলেৰে মোটৰ ওপ- ৰত দুইলাখ টকা আৰ্জ্জন কৰি, পৃথিবীত সজপথত চলি আপোন চেষ্টাৰে মানুহ (Self-made man) হোৱাৰ এটা উৎকৃষ্ট পটন্তৰ হৈ ৰৈ গল।

 পুত্ৰ-কন্যাৰ ভৱিষ্যৎ উন্নতিৰ অৰ্থে ঘিণাৰাম বৰুৱাই যেনে, মুকলিহতীয়াকৈ ভগন কৰিছিল, তালৈ চাই তেওঁক লোকে বৰ খৰচী মানুহ বুলি জানিছিল। আৰু, বিশ্বাসী এজন বন্ধুৰপৰা শুনা গৈছিল, যে এদিন এজন তেওঁৰ সৰু ভায়েকৰ তুল্য মৰমৰ বন্ধু ৺সিদ্ধেশ্বৰ গগৈ চিৰস্তাদাৰে অলপ আচৰিত ভাৱে সুধি- ছিল, “ককাইদেও! আপুনি এতিয়া ইমান মুকলিহতীয়া হৈ [ ৫৯ ] চলিলে, আগলৈ আপোনাৰ সঞ্চিত ধন কি থাকিবগৈ? আৰু আপুনি একোজনী জীয়াৰী উলিয়াই দিওঁতে যদি ইমান কৈ ভাঙ্গিব লাগিল, তেন্তে পাচত আপোনাৰ ল’ৰালৈ কি ৰবগৈ?” ঘিণাৰাম বৰুৱাই এই কথাৰ উত্তৰ হাঁহি হাঁহি দিলে, “বোপা! এই কথাত তুমি আচৰিত মানিবৰ একো কাৰণ নাই। মোৰ কৰ্ত্তব্য মই কৰিছোঁ, পাচত মোৰ লৰা-ছোৱালীয়ে ইয়াৰ গুণ ধৰাব পাৰিলে সিহঁতৰ মঙ্গল, নোৱাৰিলে সিহঁতৰ অমঙ্গল হব। তুমি ঠিক জানিবা, ‘বাপৰ ধনেও নাটে, পাপৰ ধনেও নাটে।’ কিছুমান সঞ্চিত ধন ৰাখি থৈ গৈ ল’ৰাৰ ভৱিষ্যৎ ভাল কৰিব পাৰি এনেও নাভাবিবাঁ। এই জীবনত বহুত দেখিলোঁ, বাপৰ ধনেৰে চহকী নহৈ, শেহন্তৰত ল’ৰাই বংশৰ নাম নুমুৱায়। এতেকে পিতৃৰ আৰ্জ্জন, মোৰ মনেৰে, ধন্কৈ নথৈ, তাৰে সৈতে পুত্ৰক জ্ঞান-গুণ কিনি দি যোৱাটোহে জ্ঞানীৰ কাম। আৰু যে মোৰ ছোৱালীহঁতৰ লগত ভগন কৰাৰ কথা কৈছাঁ, সেই টোও মোৰ কৰ্ত্তব্যৰ ভিতৰ। কিয়নো, সন্তান বুলিলে ল’ৰা, ছোৱালী দুয়োকে বুজায়। এতেকে পিতৃৰ আৰ্জ্জনৰ ওপৰত দুয়োবিধ সন্তানৰ সমান অধিকাৰ। মোৰ ল’ৰাক শিক্ষা আৰু জ্ঞান লাভ কৰি দিয়াত মই যথেষ্ট অৰ্থ ভাঙ্গিছোঁ, কিন্তু ছোৱা লীক উপযুক্ত বৰ লাভ কৰি দিবলৈ ল’ৰাৰ সমানে নাভাঙ্গিলে মোৰ অধৰম হব, সেই কাৰণে, লৰাৰ শিক্ষালাভত ভগন কৰাৰ সমানে ছোৱালীক যৌতকত ধন-বস্তু দিয়া আৰু উপযুক্ত বৰ লাভত খৰচ কৰাটো নিতান্ত উচিত। তথাপি যদি কোৱাঁ, পুত্ৰ [ ৬০ ] বংশধৰ কাৰণে সি ছোৱালীতকৈ সৰহ ভাগৰ গৰাকী হোৱা উচিত, তেনে হলেও ঠিক হৈছে; কাৰণ, উলিয়াই দিয়াৰ পাচত ছোৱালীয়ে আৰু পিতৃ-সম্পত্তিৰ ভাগ লবলৈ নাহে।” এই উত্তৰ শুনি চিৰস্তাদাৰে ধন্য ধন্য কৰিবলৈ ধৰিলে। কিন্তু, যদিও এনেবিলাক আৰু এনে আন ডাঙ্গৰ কামত খৰচ কৰোঁতে তেওঁ মুকলিহতীয়াকৈ চলিছিল, তথাপি ঘিণাৰাম বৰুৱা অবাবত খৰচী নাছিল। বৰঞ্চ, অবাবত ভাঙ্গিবলৈ হলে, পইচা এটিও তেওঁৰ হাতৰপৰা সৰকি নপৰিছিল। স্বৰূপাৰ্থত, ঘিণাৰাম বৰুৱা নিয়মীয়া ভগন কৰোঁতাৰো এটি অনুকৰণীয় পটন্তৰ আছিল।


৮। আধ্যা।

জীৱনৰ গোটাচেৰেক প্ৰধান ঘটনা।

পুৰুষৰ থাকিবলগীয়া গুণ।

সামৰণি।

 সৰুৰেপৰা সাঁতৰা বিদ্যাত ঘিণাৰাম বৰুৱা বৰ পৈণত আছিল। গতিকে, কেইবাবাৰো তেওঁ পানীত পৰি ৰক্ষা পৰি- ছিল। আৰু পুলিচত চাকৰি কৰোঁতে, তেওঁ এবাৰ সোৱন- শিৰীৰ অতি উজনী ভাগৰপৰা জনচেৰেক অপৰাধী গাচি মিৰিক কয়েদ কৰি ধৰি আনিছিলগৈ। তেওঁৰ লগত দুজন চিপাহী [ ৬১ ] আছিল। পিচে, মিৰিহঁতে গোপনে বুদ্ধি কৰি সোৱনশিৰীৰ বৰ কোবাল আৰু বহুল এভাগত পাৰি দিওঁতে সোঁ মাজতে নাও বুৰাই দিছিল। নাও বুৰিলত মিৰিহঁত সাঁতুৰি পলাল, আৰু চিপাহী দুটা নৈৰ কোবাল সোঁতত ৰব নোৱাৰি ডুবি মৰিল; কিন্তু, ঘিণাৰাম বৰুৱাই চৰ্কাৰী কাতত-পত্ৰ সোপাই সৈতে সাতুৰি ইপাৰ উঠিলহি। তাৰ পাচত, তেওঁ উত্তৰ লক্ষীমপুৰৰ ষ্টেচনলৈ আহি সমুদায় ঘটনা ওপৰৱালাক জনাই, আকৌ তিনটা চিপাহী লৈ সেই পলৰীয়া মিৰি কেইটাক বিচাৰি গল আৰু প্ৰায় একপক্ষ কাল বহু কষ্টে বিচাৰি ধৰি অপ- ৰাধীক থানাত হাজিৰ কৰিহে তেওঁ ক্ষান্ত হৈছিল।

 গছত উঠাৰ পাকতো ঘিণাৰাম বৰুৱা সৰুৰেপৰা বৰ পাৰ্গত আছিল। এই ফেৰি বিদ্যা নথকা হলে, মাজ বয়সতে তেওঁৰ জীৱন অন্ত পৰিবৰ কথা হৈছিল। এসময়ত জয়মতী হাতী হাবিত মেলি দিয়াৰপৰা এসপ্তাহমান মাউতে বিচাৰি নোপোৱা হৈছিল। পিচলৈ হাতীৰ দণ্ডী বিচাৰি নোপোৱাত পৰিল, সকলোৱে জয়মতীৰ আশা এৰি দিব লগা হৈছিল। কিন্তু, ঘিণাৰাম বৰুৱা হঠাতে হতাশ হোৱা মানুহ নাছিল। তেওঁ মাউতক লগত লৈ নানা ফালে নিজে বিচাৰিবলৈ ধৰিলে। এদিন তেওঁ হাতী বিচাৰি গৈ গৈ কাকৈ নৈৰ উজনীত এখন অটব্য জাৰণিত সোমালগৈ। এনেতে জয়মতীৰ কেচা দণ্ডী দুফালে দুটা ফাটি যোৱা পালেগৈ। এই খিনিতে ধনী আৰু মাউত দুয়ো দুফাল হল। আৰু অলপমান গৈয়ে ঘিণাৰাম বৰুৱা [ ৬২ ] এটা ভয়ঙ্কৰ গলধন ধৰা বনৰীয়া ম’হৰ আগত পৰিলগৈ। ম’হে মানুহ দেখামাত্ৰ ধপলিয়াই খেদি আহিল। ওচৰত জাৰণিৰ মাজত গজা এজোপা পোলোঙা গছ আছিল। ঘিণাৰাম বৰু- ৱাই একেলৰে সেই গছৰ ওচৰ চাপি ডেৰকুৰিহাতমান পোলোঙা গা-গছেদি উঠি এটা পেৰেঙ্গনিত বহি ললেগৈ। পিচে, খঙ্গত শিঙ্গেৰে গছকে গদিয়াই ম’হ আঁতৰ হল। তাৰ পাচত বৰুৱা নামি আহি আকৌ সেই বাটেই আৰু কিছুমান আগবাঢ়ি গৈছে, এনেতে জয়মতীয়ে গুৰ্‌ গুৰ্‌কৈ সম্ভাষণ জনালে। বাস্তৱতে জয়মতী এজনী মানুহ যেন হাতী। তাই ঘিণাৰাম বৰুৱাৰ বৰ ভক্তা আছিল। তেও ‘বৈঠ’ বোলা মাত্ৰে তাই বৈঠ পৰিল। পিছে তেওঁ নিজেই বান্দা খুলি লৈ ওপৰত উঠিল। আৰু মাউতকো বিচাৰি লৈ ঘৰ ওলালহি।

 বন্দুক চলোৱাত ঘিণাৰাম বৰুৱা এজন হাত-ঠিক লোক আছিল। আৰু তেওঁ এনে চিকাৰী আছিল যে চৰাই বা পহুৰ চিকাৰলৈ গৈ তেওঁ কেতিয়াও শুদা হাতে উলটিব লগাত নপৰি- ছিল। তেওঁৰ ডেকা কালত সময়ে সময়ে পহু খোজনীয়া মানু- হেৰে তেওঁৰ ঘৰলৈ দিনটো লালি নিছিগিছিল, আৰু পহু বিল- নীয়া মানুহে ভদ্ৰলোকৰ ঘৰে ঘৰে ফুৰিছিল। সি যি হওক, ঘিণাৰাম বৰুৱাৰ চিকাৰত অব্যৰ্থ লক্ষ্যৰ বিষয়ে ভালেমান চিকাৰী চাহাবে তেওঁক নথৈ শলাগিছিল। এসময়ত চিলনী বাগি- ছাৰ মেনেজাৰ মিঃ ৰীড চাহাবে সৈতে তেওঁ পানীগাৱঁৰ হাবিত গঁড় মাৰিবলৈ গৈছিল। পিচে, মাটিতে গৈ দুয়ো দুফালৰপৰা [ ৬৩ ] গঁড়ক লক্ষ্য কৰোঁতেই সি এক গুলি খাই চাহাবক গৰাহ মাৰি ধৰিলেহি। এনে অৱস্থাত জন্তুটোৰ গালৈ গুলি মৰাও নিষ্কণ্টক নহয়। কিন্তু, ঘিণাৰাম বৰুবাৰ অসাধাৰণ ধৈৰ্য্যতা আৰু অব্যৰ্থ লক্ষ্যৰ গুণত একেগুলিযে গড়ক লুটিয়াই পেলাই তেওঁ চাহাবৰ প্ৰাণ ৰক্ষা কৰিলে। পিচত মিঃ ৰীডে এই চিকাৰৰ বিষয়ে যি দৰে বৰ্ণাই ঘিণাৰাম বৰুবা ডাহৰীয়াক শলাগি এখন পত্ৰ দিছিল, তাক পঢ়িলে গা ৰোমাঞ্চিত হৈ যায়।

 ঘিণাৰাম বৰুৱাৰ অসাধাৰণ সাহ। ডেকা কালত তেওঁ ভুত, পিশাচ বা দেবতাই ধৰা ইত্যাদিলৈকো ভয় নকৰিছিল। তেওঁ পুলিচত কাম কৰোঁতে খৃঃ ১৮৫৭ চনত অসমদেশ জুৰি ভয়ানক ৰূপে মাউৰ লাগিছিল। সেই সময়ত লক্ষীমপুৰত মৰা মানুহ কাউৰী শগুণে খাইছিল, ইঘৰে সিঘৰৰ বাতৰি লওঁতা নোলাইছিল, সন্ধ্যা হলেই নিজ নিজ ঘৰত দুৱাৰ দাংদি সোমোৱা হৈছিল। এনে দিনত ৰাতি অকলে, হাতত এডাল বাঁহৰ টোকোন লৈ ঘিণাৰাম বৰুৱা ঘৰে ঘৰে ফুৰিছিল, আৰু অনেক মৃত্যুমুখী ৰোগীৰ মুখত তেওঁ পানী দিছিল। তেওঁৰ এনে সাহসীৰ কাৰ্য্য দেখি আনবিলাক স্তম্ভিত হৈছিল, আৰু তেওঁৰ অন্তৰৰ কোমল ভাব অনুভৱ কৰি সকলো মুগ্ধ হৈছিল।

 ঘিণাৰাম বৰুৱাৰ বন্ধুতা অকৃত্ৰিম আছিল। তেওঁ যাক প্ৰাণে সৈতে ভাল পাইছিল, তাৰ নিমিত্তে তেওঁ প্ৰাণ দিবলৈকো ওলাব পৰিছিল। বন্ধুৰ উপকাৰৰ নিমিত্তে তেওঁ স্বাৰ্থত্যাগ কৰাৰ ভালেমান উদাহৰণ দিব পৰি। অনেক বন্ধুৰ সলনি [ ৬৪ ] লগা হৈ তেওঁ অনেক ভৰিব লগা হৈছিল, তাৰ উদাহৰণলৈ ইয়াত ঠাইৰ নাটনি। ঘিণাৰাম বৰুৱাৰ পৰম উপকাৰী “বামুণ দাৰোগা”ৰ পুতেক ৺গদাধৰ শৰ্ম্মা বৰুৱা তেওঁৰ পিতৃ-বিয়োগৰ পাচত, এটা শকত গোচৰত পৰি চেচনৰ বিচাৰাধীন হৈছিল। ঘিণাৰাম বৰুৱাই বহু অৰ্থ ভাঙ্গি গুৱাহাটীত নিজে গৈ আপীল কৰি তেওঁৰ বন্ধুক মুক্তি দিয়ালে। এই বাবে, চৰ্কাৰী বিষয়া বুলি, তেওঁৰ নিজৰ গাত অলপ চেক পৰি তেওঁৰ অনিষ্ট ঘটিল, কিন্তু ঘিণাৰাম বৰুৱাই তালৈ কটাহিকে নকৰিলে। তেওঁৰ দুখৰ কালৰ বন্ধু ৰেপন গগৈ পাচত বৰ দুৰৱস্থাত পৰা দেখি, তেওঁক জীৱনৰ শেহছোৱাত পেঞ্চন দিয়াৰ দৰে ঘিণাৰাম বৰুৱাই ভৰণ-পোষণৰ এটা বন্ধা খোৰাকী দি আছিল। মিঃ পেনী নামে এজন ইউৰেচীয়ান চাহাব তাহানিতে লক্ষীমপুৰত আছিল। এতিয়া যত আস্পতাল বহিছে তাৰ উত্তৰ-পছিমে থকা দীঘলী পুখুৰীটোৰ পাৰৰ পমা গছজোপাৰ উত্তৰে সেই চাহাবৰ বঙ্গলা আছিল। তেওঁ ঘিণাৰাম বৰুৱাৰ এজন বন্ধু। পিচে, আনবিলাক ইউৰোপীয়ান চাহাবে তেওঁক দেখিব নোৱাৰি অত্যাচাৰ কৰা দেখি, ঘিণাৰাম বৰুৱা সদায় তেওঁৰ সহায় আছিল। এই বাবে বৰুৱা ডাঙ্গৰীয়া নিজেও বিষম ক্ষতি গ্ৰস্ত হব লগাত পৰিছিল। এনে কি, মহকুমাৰ গৰাকী চাহা- বেও সেই বাবে বৰুৱাক বেয়া পোৱা হৈছিল। কিন্তু, ঘিণাৰাম বৰুৱাই সেই ইউৰোপীয়ান সকলে বেয়া পাই তেওঁক বেয়া

কৰাতকৈ বন্ধুক বেয়া কৰাটো বেচি অসহনীয় বোধ কৰিলে। [ ৬৫ ]
 

 ঘিণাৰাম বৰুৱা বৰ ক্ষমাশীল লোক আছিল। অনেক সময়ত তেওঁ শত্ৰুকো ক্ষমা কৰা দেখা গৈছিল। ওপৰত কোৱা হৈছে, ন-কাৰী মৌজাৰ পতীয়া চুবুৰীৰ ৺কৃষ্ণৰাম শইকীয়াই সততে তেওঁলৈ শত্ৰুতা আচৰণ কৰিছিল, কিন্তু ঘিণাৰাম বৰুৱাই তাৰ সলনিত কৃষ্ণৰামক কেইবাটাও শকত বিপদপৰা ৰক্ষা কৰি ছিল। অথচ, দুষ্টক দমাব লাগে, এই কথাও তেওঁ মনত ৰাখি চলিছিল। এই কৃষ্ণৰাম শইকিয়াই এবাৰ তেওঁৰ মণ্ডল আৰু গাওঁবুৰাক অপমান দিয়াত তেওঁ নসহিলে। ঘিণাৰাম বৰুৱাই তুৰন্তে এটা টান ৰিপোৰ্ট দি কৃষ্ণৰামক তিনি মাহলৈ ফাটেকত দিয়ালে। সেই দৰেই ন-কাৰী মৌজাৰ ভাটৌ চুকৰ ৰামহৰি নামে এটা অকৰা-মুৰীয়া বুঢ়াই মাটিৰ সীমা ফালি নিদিয়াৰ কাৰণে ঘিণাৰাম বৰুৱা মৌজাদাৰক এদিন বিষম অস্ত্ৰেৰে আক্ৰমণ কৰিছিল, কিন্তু সেই বাৰলৈ তেওঁ তাক ক্ষমা কৰিলে। তাতে অকৰা বুঢ়াৰ আকল বাঢ়ি সি আন এবাৰ এজন গাওঁবুঢ়াক বহুত বঢ়া বচন বুলি আক্ৰমণ কৰিছিল। এইবাৰ ঘিণাৰাম বৰুৱাই তাক ক্ষমা নকৰি, নিজৰ বিচাৰত মান হানীৰ ক্ষতিপূৰণ ভৰালে। তাৰেপৰা বুঢ়াও শিক্ষা পাই শান্ত হল। খৃঃ ১৮৮২ চনত এবাৰ ন-কাৰী গাৱঁৰ নামঘৰত চিনাতলী বাগিছাৰ গোটা- চেৰেক মদপী বঙ্গালী কুলিয়ে ঘিণাৰাম বৰুৱাক বিষমৰূপে আক্ৰমণ কৰিছিল। পিচে, তেওঁৰ মহামিত্ৰ সেই বাগিছাৰ মিঃ গ্ৰাণ্ট্‌ চাহাবে এই কথাত অত্যন্ত বেজাৰ পাই ডাক্তাৰ ক্ৰেণ চাহাবৰে সৈতে মৌজাদাৰ ডাঙ্গৰীয়াৰ ঘৰলৈ আহি বহু আক্ষেপ [ ৬৬ ] প্ৰকাশ কৰিলেহি, আৰু, কুলিহঁতক শাস্তি দিবৰ মনেৰে সিহঁতক চিনাই দিবলৈ চাহাবে তেওক বৰকৈ অনুৰোধ কৰিলে। ঘিণাৰাম বৰুৱাই চাহাবৰ অনুৰোধ ৰক্ষা কৰিলে; কিন্তু অজ্ঞান কুলিহঁতক ক্ষমা কৰিবলৈ আৰু সিহঁতক শাস্তি নিদিবলৈ তেওঁৰো অনুৰোধ চাহাবৰ হতুৱাই ৰক্ষা কৰালে।

 মিষ্টাৰ কোহান চাহাবে ঘিণাৰাম বৰুৱাৰ মৃত্যু-সংবাদ পাই তেওঁৰ সন্তপ্ত পৰিয়াললৈ লিখা বুজনি-পত্ৰত এই ভাবে একেষাৰ কৈ সামৰণি মাৰে,-“ঘিণাৰাম বৰুৱা এজন পুৰণি কলীয়া আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ, আও-ভাৱৰ লোক আছিল; কিন্তু তেওঁ আধুনিক আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ আৰু আও- ভাৱৰ মানুহৰ লগতত মন মিলাই বেচ চলিব পাৰিছিল। এইটো তেওঁৰ অসাধাৰণ প্ৰতিভাৰ চিনাকি মাথোন।” বাস্তবতে, তেওঁ এজন অতি উদাৰ প্ৰকৃতিৰ লোক আছিল; আজি কালিৰ শিক্ষিত ডেকাসকলৰ চলন-ফুৰণত আন বুঢ়া মানুহে যেনে আসোবাঁহ ধৰে, তেওঁ তেনেকৈ নধৰিছিল। নিজে নিজৰ বিশ্বা সত স্থিৰ থাকি, শিক্ষিত সমাজত সময়ৰ গতি অনুযায়ী সংস্কাৰ ঘটিবলৈকো তেওঁ বাট এৰি দিছিল। তেওঁৰ বৰ জোৱাঁয়েক কৃষ্ণানন্দ গোহাঁই আৰু এই লিখকে এই বিষয়ে তেওঁক বেচ্‌কৈ চিনিছিল। ঘিণাৰাম বৰুৱা এজন উচ্চ শিক্ষা পোৱা লোক নাছিল, কিন্তু তেওঁৰ মন আৰু অন্তৰ ভালেমান শিক্ষিত লোকত্‌কৈও ওখ আৰু পোহৰ আছিল; পুৰণিকলীয়া মানুহৰ

অন্ধবিশ্বাসৰপৰা তেওঁ ভালেমান ওখত ঠাই লৈছিল। [ ৬৭ ]
 

 গৃহিণীক গৃহস্থালীৰ সমান ভাগ দি চলা বুঢ়া তৰপৰ মানুহৰ ভিতৰত ঘিণাৰাম বৰুৱা এজন লেখৰ মানুহ আছিল। গৃহস্থী জীৱনত তেওঁৰ সৰুঘৈণীৰে সৈতে তেওঁ প্ৰায় সকলো বিষয়তে পৰামৰ্শ কৰি চলিছিল। আৰ্জ্জন-ভগনৰ মৌখিক জমা-খৰচৰ হিচাপ দুইৰো ভিতৰত সদায় হৈ আছিল। দেনা-পাওনাৰ বিষয়েও গৃহস্থই যি জানে গৃহিণীয়েও সেই বিষয়ে জনাত তাৰ কম নপৰে। কাৰ দেনা কিৰূপে শোধ কৰিব লাগিব, কাৰ পাওনা কিৰূপে আদায় হব লাগিব তাৰ আলোচনা দুইৰো ভিতৰত সদায় হৈ আছিল। কাৰবাৰ সম্বন্ধেও দুইৰো সমান বুজ-বাজ আছিল। বিশেষকৈ, হাতীৰ কাৰবাৰত গৃহিণীৰ বিনা পৰামৰ্শেৰে গৃহস্থই একো নকৰিছিল। এনে কি, নতুনকৈ ধৰা বনৰীয়া হাতী ঘৰৰ কুন্‌কীলৈ ৰাখিবৰ সময়তো দুইৰৰ ভিতৰত তৰ্কাতকী হৈ যিটো স্থিৰ হয় সেইটোহে হৈছিল। এবাৰ এটা বৰ ডাঙ্গৰ গুণ্ডা হাতী ৰখাত মাথোন বৰুৱাই বৰুৱা- ণীৰ অমতে কাজ কৰিলে, কিন্তু সেই হাতীটোৰপৰা পাচত তেওঁ বহুত বেজাৰ, অসন্তোষ আৰু অপমান সহ্য কৰিব লগাত পৰিছিল। অৱশেষত তেওঁক বহু ক্ষতিগ্ৰস্ত কৰি সেই হাতীও মৰি থাকিল। এই বাবে তেওঁ বিস্তৰ অনুতাপ কৰিব লগা হৈছিল, আৰু উপযুক্ত গৃহিণীৰ সজ পৰামৰ্শ অৱজ্ঞা কৰি কাম কৰিলে যে হাতে হাতে তাৰ অশুভ ফল পাবলৈ আছে ইয়াকে তেওঁ তাৰ প্ৰমাণ স্বৰূপ অনেকক কৈছিল।

 মৰমৰ ধন-জন, কয়-বস্তুৰ অকাল ক্ষয়ত ঘিণাৰাম বৰুৱাই [ ৬৮ ] অশেষ সন্তাপ সহিব লগা হৈছিল। তাৰ ভিতৰৰ ঘাই-ঘাই গোটাচেৰেকৰ বিষয়ে মাথোন উনুকিত্তৱা গল। পূজনীয়া শাহুৱেক আৰু প্ৰিয়তমা প্ৰথমা ভাৰ্য্যাৰ বিয়োগত ঘিণাৰাম বৰু ৱাই পাহৰিব নোৱৰা সন্তাপ পাইছিল। সেই কথা তেওঁৰ মুখে পাচত বহু কাললৈকে শুনা গৈছিল। খৃঃ ১৮৭৬ চনত উত্তৰ লক্ষীমপুৰত ম’হৰ মাউৰ লাগি বহুতৰ ঘৰত তাৰ নোম এডালো নাইকিয়া কৰিলে। সেই বেমাৰেই ঘিণাৰাম বৰুৱাৰো দুকুৰি ম’হৰ ভিতৰত ছজনী মাথোৰ থলেগৈ। যদিচ আকৌ দহ বছৰৰ ভিতৰতে তেওঁ ম’হৰ সেই সংখ্যা পূৰাইছিল, তথাপি বহুদিনলৈকে তেওঁ সেই ক্ষতিৰ বেজাৰ পাহৰিব নোৱাৰিছিল। খৃঃ ১৮৮১ চনৰ পৰা ১৮৮৬ চনলৈকে এই পাঁচ বছৰৰ ভিতৰত বছৰি এটাকৈ ঘিণাৰাম বৰুৱাৰ পাঁচোটা হাতী হঠাৎ ৰোগহৈ মৰে। তাৰ ভিতৰত এটা বহুদামৰ অতি মৰমৰ দঁতাল হাতীৰ নিমিত্তে তেওঁ বৰ বেজাৰ পালে। খৃঃ ১৮৮৩ চনত তেওঁৰ অঠোটা ঘোঁৰা একে বছৰতে মৰি অন্ত পৰে। এই বাবেও তেওঁ এটা টান বেজাৰ পায়। খৃঃ ১৮৭৯ চনত ঘিণাৰাম বৰুৱাৰ বৰপুত্ৰ মোহনচন্দ্ৰৰ ডিব্‌ৰুগৰত অকালমৃত্যু ঘটে। এই বিয়োগৰ সন্তাপৰ জোকাৰণিয়ে তেওঁৰ জীৱনৰ খুটি লৰাই পেলালে। এই বজ্ৰপাত যেন শোকৰ শেলে ঘিণাৰাম বৰুৱাক ভালেমান দিনলৈকে অস্থিৰ কৰি থৈছিল। ইয়াৰ পাচত তেওঁ আকৌ বিয়োগ-সন্তাপৰপৰা কিছুকালৰ নিমিত্তে মাথোন জিৰণি পাইছিল। কিন্তু ঘিণাৰাম [ ৬৯ ] বৰুৱা ধন-জন, সুখ-সম্ভোগ, বিষয়-সম্পত্তি আৰ্জ্জনত যেনে ভাগ্যৱন্ত লোকহৈ উঠিছিল, তেওঁৰ ভাগ্যত সেইদৰে শোক- সন্তাপৰো শেষ সীমা পৰ্য্যন্ত ফলিয়াবলৈ লিখা আছিল। তেওঁ বৰপুত্ৰৰ শোকত যেনে অস্থিৰ হৈছিল বৰজীয়েক ৺ মাহিন্দ্ৰী আইদেওৰ অকাল-বিয়োগতো সেই দৰে অস্থিৰ হবলৈ পাল পৰিছিল। তদুপৰি, এইকুৰা জুই জ্বলি থাকোতেই তিনি বছৰ মানৰ পাচতে বৰুৱা ডাঙ্গৰীয়াৰ বৰপুত্ৰতুল্য অতি চেনেহৰ বৰ জোৱাঁই ৺ কৃষ্ণানন্দ গোহাঁইদেওৰো অকাল–মৃত্যু ঘটিল! অতিবৃদ্ধাৱস্থাত এই বজ্ৰসম শোকৰ শেলে ঘিণাৰাম বৰুৱাৰ প্ৰাণত মাৰাত্মক আঘাত দিলে। তথাপি সাধাৰণ সহিষ্ণুতাৰে সৈতে ইয়াৰ পাচতো বৃদ্ধ বৰুবা ডাঙ্গৰীয়াই তিনি বছৰকাল টনকিয়াল ভাৱে জীৱন কটালে। কিন্তু খৃঃ ১৯০৬ চনত তেজপুৰৰ পৰা উলটি গৈ পাওঁতেই তেওঁৰ জীৱনৰ প্ৰধান মায়া জয়মতী হাতীৰো হঠাতে হানি পৰিল। ইয়াৰ পাচত আৰু আথৰ বুঢ়া বৰুৱা ডাঙ্গৰীয়াৰ জীৱনৰ খুটি সমূলি স্থিৰ নোৰোৱাত পৰিল। আৰু এই ঘটনাৰ মাহচেৰেকৰ পাচত ১৮২৯ শকৰ (খৃঃ ১৯০৭ চনৰ) ৺জন্মাষ্টমী তিথিত এবেলাৰ মাথোন ভেদ বাঁতিৰ নৰিয়াত ডাঙ্গৰীয়া ঘিণাৰাম বৰুৱাই ৮৩ বছৰ বয়সত মৰমৰ ভাৰ্য্যা, পুত্ৰ-পৰিয়াল, জী-জোৱাঁই, নাতি-পুতি, আত্মীয় কুটুম্ব, বন্ধু-বান্ধৱক শোকত থৈ সজ্ঞানে দেহত্যাগ কৰিলে। সেই সময়ত বিণাৰাম বৰুৱা ডাঙ্গৰীয়া উত্তৰ লক্ষীপুৰত আটাইতকৈ বৃদ্ধ, আটাইত্‌কৈ চহকী আৰু আটাইত্‌কৈ মানী [ ৭০ ] মানুহ আছিল। তেখেত ঢকুৱাত উত্তৰ লক্ষীমপুৰৰ সকলো সম্প্ৰদায়ৰে উমৈহতীয়া ঘাই ধৰনী ভগাৰ নিচিনা হল—তেখে- তৰ বিয়োগ লক্ষীম্‌পুৰ জয় পৰিল! দেহ-ত্যাগৰ পাচত ৭।৮ ঘণ্টালৈকে ৺ বৰুৱা ডাঙ্গৰীয়াৰ পদুলিত, চোতালত, চ’ৰাঘৰত আৰু বুলনীঘৰত সকলো শ্ৰেণীৰ নগৰীয়া আৰু গাৱঁলীয়া মতা আৰু তিৰুতা মানুহৰ মাজে বিৰদি বাট পাবলৈ নোহোৱা হৈছিল। শৱ-সংস্কাৰৰ নিমিত্তে সমাধিলৈ নিওঁতে আঢ়ৈ- কুৰিমান গুণগ্ৰাহী আৰু ভক্ত-বৃন্দৰ ভিতৰত শৱশয্যা একান লৈ হেঁপাহ গুচাবলৈ কৰ্হা-আজোৰা লাগিছিল। পিচে, জন- চেৰেক মুখিয়াল লোকৰ দিহা মতে ৮ আঁঠজন জ্ঞাতিক প্ৰথমে কানত লবলৈ দি, তাৰ পাচত প্ৰত্যেক দহনলৰ অন্তৰে নতুন নতুন আঁঠজনে কানসলনি দিয়াৰ নিয়ম ধৰি শৱ সমাধলৈ নিয়া হৈছিল; যি শৱ-শষ্যা চুব নোৱাৰিছিল সি চিতাত লগাবলৈ এডোখৰ খৰি যোগান দিও মনক প্ৰবোধ দিছিল! বৰুৱা ডাঙ্গ ৰীয়া স্বৰ্গীহোৱাৰপৰা এমাহৰ ভিতৰতে তেখেতৰ স্বনাম প্ৰসিদ্ধ পুত্ৰ শ্ৰীমান পদ্মনাথ বৰুৱাদেৱে গঙ্গাত পিতৃ-অস্থি লগাই সেই তীৰ্থস্থানতে মৃতকৰ শ্ৰাদ্ধাদি ক্ৰিয়া সম্পাদন কৰি আহিল্‌গৈ।

অন্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )