পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
আৰ্হি-চৰিত
 

 ঘিণাৰাম বৰুৱা বৰ ক্ষমাশীল লোক আছিল। অনেক সময়ত তেওঁ শত্ৰুকো ক্ষমা কৰা দেখা গৈছিল। ওপৰত কোৱা হৈছে, ন-কাৰী মৌজাৰ পতীয়া চুবুৰীৰ ৺কৃষ্ণৰাম শইকীয়াই সততে তেওঁলৈ শত্ৰুতা আচৰণ কৰিছিল, কিন্তু ঘিণাৰাম বৰুৱাই তাৰ সলনিত কৃষ্ণৰামক কেইবাটাও শকত বিপদপৰা ৰক্ষা কৰি ছিল। অথচ, দুষ্টক দমাব লাগে, এই কথাও তেওঁ মনত ৰাখি চলিছিল। এই কৃষ্ণৰাম শইকিয়াই এবাৰ তেওঁৰ মণ্ডল আৰু গাওঁবুৰাক অপমান দিয়াত তেওঁ নসহিলে। ঘিণাৰাম বৰুৱাই তুৰন্তে এটা টান ৰিপোৰ্ট দি কৃষ্ণৰামক তিনি মাহলৈ ফাটেকত দিয়ালে। সেই দৰেই ন-কাৰী মৌজাৰ ভাটৌ চুকৰ ৰামহৰি নামে এটা অকৰা-মুৰীয়া বুঢ়াই মাটিৰ সীমা ফালি নিদিয়াৰ কাৰণে ঘিণাৰাম বৰুৱা মৌজাদাৰক এদিন বিষম অস্ত্ৰেৰে আক্ৰমণ কৰিছিল, কিন্তু সেই বাৰলৈ তেওঁ তাক ক্ষমা কৰিলে। তাতে অকৰা বুঢ়াৰ আকল বাঢ়ি সি আন এবাৰ এজন গাওঁবুঢ়াক বহুত বঢ়া বচন বুলি আক্ৰমণ কৰিছিল। এইবাৰ ঘিণাৰাম বৰুৱাই তাক ক্ষমা নকৰি, নিজৰ বিচাৰত মান হানীৰ ক্ষতিপূৰণ ভৰালে। তাৰেপৰা বুঢ়াও শিক্ষা পাই শান্ত হল। খৃঃ ১৮৮২ চনত এবাৰ ন-কাৰী গাৱঁৰ নামঘৰত চিনাতলী বাগিছাৰ গোটা- চেৰেক মদপী বঙ্গালী কুলিয়ে ঘিণাৰাম বৰুৱাক বিষমৰূপে আক্ৰমণ কৰিছিল। পিচে, তেওঁৰ মহামিত্ৰ সেই বাগিছাৰ মিঃ গ্ৰাণ্ট্‌ চাহাবে এই কথাত অত্যন্ত বেজাৰ পাই ডাক্তাৰ ক্ৰেণ চাহাবৰে সৈতে মৌজাদাৰ ডাঙ্গৰীয়াৰ ঘৰলৈ আহি বহু আক্ষেপ