আৰু গেলা পঁইতাৰো তেওঁ আটকত পৰা হল। তদুপৰি বৌৱেকৰ চোকা মাতে তেওঁক বৰকৈ বিন্ধিবলৈ ধৰিলে। ঘিণাৰামৰ ভাত-কাপোৰৰ দুখলৈ ককায়েকে মন কৰিও তাৰ প্ৰতিকাৰ কৰিব নোৱাৰে, গতিকে তেও দেখিও নেদেখা, শুনিও মুশুনাৰ ভাও জুৰিবলৈ ধৰিলে। কিন্তু, তেজীমনা ঘিণাৰামৰ পক্ষে এই বিলাক অত্যন্ত অসহনীয় হল। তেওঁ ককায়েকৰ লগ এৰি নিজৰ পৰিশ্ৰমেৰে নিজে কেনেকৈ প্ৰবৰ্ত্তিব পাৰে তাৰে উপায় আলচিবলৈ ধৰিলে।
গদাধৰ শৰ্ম্মাবৰুৱা এজন চুবুৰীয়া ডেকা। এওঁ কিণাৰাম ডেকাবৰুৱাৰ এজন প্ৰিয়বন্ধু ৺ পদ্মধৰ শৰ্ম্মাবৰুৱাৰ পুতেক। সেই কাৰণে মাউৰা ঘিণাৰামক তেওঁ বৰ মৰম কৰিছিল। ঘিণাৰামেও আদৰ পায় দেখি টানে-আপদে তেওঁৰ কাষ চাপেগৈ। ককায়েকৰ লগত থাকি পোৱা দুখ-কষ্ট নিতান্ত অসহনীয় হোৱাত সেই বিষয়ে উপায়-বুদ্ধি সুধিবৰ নিমিত্তে তেওঁ প্ৰিয়বন্ধু গদাধৰ শৰ্ম্মাৰ ওচৰ চাপিলগৈ। গদাধৰ শৰ্ম্মাৰ পিতাক ৺ পদ্মধৰ শৰ্ম্মাবৰুৱা সেই সময়ত উত্তৰ লক্ষীমপুৰত পুলিচৰ দাৰোগা হৈছিল গৈ। আৰু তাতে তেওঁ “বামুণ দাৰোগা” নামে প্ৰখ্যাত আছিল। গদাধৰে সেই সময়ত পিতাকৰ ওচৰলৈ যাবলৈ ওলাইছিল। এনে সুযোগতে ঘিণাৰামে ককায়েকৰ লগ এৰিবলৈ চল পালে, আৰু সেই বন্ধুৰ লগত তেওঁ লাহেকৈ উত্তৰ পৰীয়া হ’ল।
⸻