পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
আৰ্হি-চৰিত

চৰিত্ৰৰ বলত ক্ৰমাৎ উদগতিলাভ কৰি এতিয়া উন্নতিৰ মুধত মূৰ লগাইছে, আৰু ৺ দেউতাকৰ দৰেই সন্তান পালনত আদৰ্শ হৈ উঠিছে;—পদ্মনাথৰ আদৰ্শ অভিভাবকতাৰ পৱিত্ৰ চিন আৰু উজ্জ্বল পটন্তৰ স্বৰূপ তেওঁৰ চেনেহৰ ভাগিন ৺ কৃষ্ণানন্দ বুঢ়া- গোহাঁই ডাঙ্গৰীয়াৰ ঘাট-মাউৰা গোহাঁইদেও তিনটি বিএ, এম-এ হৈ জিলিকি উঠিছে। পৃথিবীত মোমাই-ভাগিনৰ এনে চানেকী অতি বিৰল। হীৰাৱতী আইদেওক শিৱসাগৰৰ ডেপুটী কমিচনাৰৰ আপীচৰ আমোলা শ্ৰীযুত চন্দ্ৰশেখৰ বৰুৱাই বিয়া কৰাইছে। এওঁৰ এটি মাত্ৰ পুত্ৰ সন্তান। এতিয়া তেওঁ কলেজত পঢ়িছে। মুক্তানন্দ উত্তৰ লক্ষীমপুৰৰ কাছাৰিত এজন আমোলা। এওঁৰ এতিয়া এটি কন্যা আৰু এটি পুত্ৰ- সন্তান হৈছে। তোষেশ্বৰী আইদেওক শ্ৰীযুত সূয্যকান্ত কুকুৰা- চোৱা বৰুৱ। বি-এ চৱডেপুটী কলেক্টৰে বিয়া কৰায়। এওঁ বিলাকৰ এতিয়া এটি পুত্ৰ আৰু এটি কন্যা। আৰু নিচেই নুমলীয়া নাৰায়ণ আইদেও বৰ্ত্তমান আসামৰ মাটি বিভাগীয় এচিষ্টেণ্ট্‌, ডাইৰেক্টৰ আৰু শিৱসাগৰ জিলাৰ বিখ্যাত সন্দিকৈ বংশৰ কুলতিলক শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ ৰায় বাহাদুৰৰ ভাৰ্য্যা। এতিয়া সিবিলাকৰ চাৰিটি পুত্ৰ আৰু এটি কন্যা। বৰটি পুত্ৰই এণ্ট্ৰেঞ্চ্‌ পৰীক্ষা দিছে আৰু তেওঁৰ বিদ্যা-বুদ্ধি চাই প্ৰথম বিভাগত ওখ থাই লৈ পাচ হোৱাৰ আশা আছে। শুনিছোঁ এওঁক চিভিল চাৰ্ভিচৰ নিমিত্তে বিলাতলৈ পঠিওৱা হব।