বৰুৱা ধন-জন, সুখ-সম্ভোগ, বিষয়-সম্পত্তি আৰ্জ্জনত যেনে ভাগ্যৱন্ত লোকহৈ উঠিছিল, তেওঁৰ ভাগ্যত সেইদৰে শোক- সন্তাপৰো শেষ সীমা পৰ্য্যন্ত ফলিয়াবলৈ লিখা আছিল। তেওঁ বৰপুত্ৰৰ শোকত যেনে অস্থিৰ হৈছিল বৰজীয়েক ৺ মাহিন্দ্ৰী আইদেওৰ অকাল-বিয়োগতো সেই দৰে অস্থিৰ হবলৈ পাল পৰিছিল। তদুপৰি, এইকুৰা জুই জ্বলি থাকোতেই তিনি বছৰ মানৰ পাচতে বৰুৱা ডাঙ্গৰীয়াৰ বৰপুত্ৰতুল্য অতি চেনেহৰ বৰ জোৱাঁই ৺ কৃষ্ণানন্দ গোহাঁইদেওৰো অকাল–মৃত্যু ঘটিল! অতিবৃদ্ধাৱস্থাত এই বজ্ৰসম শোকৰ শেলে ঘিণাৰাম বৰুৱাৰ প্ৰাণত মাৰাত্মক আঘাত দিলে। তথাপি সাধাৰণ সহিষ্ণুতাৰে সৈতে ইয়াৰ পাচতো বৃদ্ধ বৰুবা ডাঙ্গৰীয়াই তিনি বছৰকাল টনকিয়াল ভাৱে জীৱন কটালে। কিন্তু খৃঃ ১৯০৬ চনত তেজপুৰৰ পৰা উলটি গৈ পাওঁতেই তেওঁৰ জীৱনৰ প্ৰধান মায়া জয়মতী হাতীৰো হঠাতে হানি পৰিল। ইয়াৰ পাচত আৰু আথৰ বুঢ়া বৰুৱা ডাঙ্গৰীয়াৰ জীৱনৰ খুটি সমূলি স্থিৰ নোৰোৱাত পৰিল। আৰু এই ঘটনাৰ মাহচেৰেকৰ পাচত ১৮২৯ শকৰ (খৃঃ ১৯০৭ চনৰ) ৺জন্মাষ্টমী তিথিত এবেলাৰ মাথোন ভেদ বাঁতিৰ নৰিয়াত ডাঙ্গৰীয়া ঘিণাৰাম বৰুৱাই ৮৩ বছৰ বয়সত মৰমৰ ভাৰ্য্যা, পুত্ৰ-পৰিয়াল, জী-জোৱাঁই, নাতি-পুতি, আত্মীয় কুটুম্ব, বন্ধু-বান্ধৱক শোকত থৈ সজ্ঞানে দেহত্যাগ কৰিলে। সেই সময়ত বিণাৰাম বৰুৱা ডাঙ্গৰীয়া উত্তৰ লক্ষীপুৰত আটাইতকৈ বৃদ্ধ, আটাইত্কৈ চহকী আৰু আটাইত্কৈ মানী
পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৬৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
আৰ্হি-চৰিত