পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
আৰ্হি-চৰিত।

কৰে। ইয়াৰ লগে লগে ভিতৰুৱা অলঙ্কাৰ পাতিৰে তেওঁ বৰ চহকী হৈ উঠে। ইয়াত বাজেও তেওঁ তিনিজন খুলশালিয়েকক নিয়মীয়া অলঙ্কাৰ পাতিৰে সৈতে এই সময়ৰ ভিতৰতে বিয়া কৰাই দিয়ে। আৰু সিবিলাকৰ সম্পত্তিও ইয়াৰ লগে লগে ভগাই দিয়া হয়।

 ওপৰত কোৱাৰ দৰে আৰু বছৰচেৰেক নিজৰ অৱস্থাৰ ক্ৰমোন্নতি কৰাৰ পাচত, খৃঃ ১৮৭৪ চনত ঘিণাৰাম বৰুৱাই হাতীৰ কাৰবাৰলৈ মন মেলিলে। এই অৰ্থে তেওঁ লক্ষীম্‌পুৰৰ আমোলা আৰু আন ভাল মানুহ কিছুমানৰপৰা অংশ গোটাই এটা যুটীয়া হাতীৰ গড় মাৰিলে। এই কাৰবাৰৰ প্ৰতি অংশৰ মূল্য দহ টকাকৈ ধৰা হৈছিল। ইয়াৰ ভিতৰত কোনোৱে এটাত্কৈ‌ বঢ়ায়ো অংশ লৈছিল। আৰু এই অংশ বিক্ৰীৰপৰা মোট ৫০০৲ টকা উঠিল। এই টকাৰে সৈতে ঘিণাৰাম বৰুৱাই তেওঁৰ মৌজাৰ ৰায়ত লগাই বৰ সুবিধাজনক ঠাইত এটা হাতীগড় মৰালে। অৱশ্যে ৰায়তকো এটা ৰাজহুৱা ভাগ দিয়া হৈছিল। যথাসময়ত গড় তৈয়াৰ হল, আৰু ঘিণাৰাম বৰুৱাই নিজে গড়ত থাকি ৰায়তৰ হতুৱাই হাতী খেদাবলৈ ধৰিলে। পিচে, কেই- বাবাৰো হাতী আহি গড়ৰ মুখত কুলা ভাঙ্গি এৰাই যায়। অৱ- শেহত ঘিণাৰাম বৰুৱাই গোটাচেৰেক সাহিয়াল ডেকাক হাতে- হাতে একোটা বন্দুক দি, সিহঁতৰ লগতে নিজেও বন্দুক ধৰি কুলা-ৰখীয়া ইলগৈ। যেতিয়া হাতীৰ পাল আহি গড়ৰ মুখ চাপিলেহি, তেতিয়াই আগৰ দৰেই আঁঠ হতীয়া গণেশ এটাই