পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
আৰ্হি-চৰিত

এটা ভয়ঙ্কৰ গলধন ধৰা বনৰীয়া ম’হৰ আগত পৰিলগৈ। ম’হে মানুহ দেখামাত্ৰ ধপলিয়াই খেদি আহিল। ওচৰত জাৰণিৰ মাজত গজা এজোপা পোলোঙা গছ আছিল। ঘিণাৰাম বৰু- ৱাই একেলৰে সেই গছৰ ওচৰ চাপি ডেৰকুৰিহাতমান পোলোঙা গা-গছেদি উঠি এটা পেৰেঙ্গনিত বহি ললেগৈ। পিচে, খঙ্গত শিঙ্গেৰে গছকে গদিয়াই ম’হ আঁতৰ হল। তাৰ পাচত বৰুৱা নামি আহি আকৌ সেই বাটেই আৰু কিছুমান আগবাঢ়ি গৈছে, এনেতে জয়মতীয়ে গুৰ্‌ গুৰ্‌কৈ সম্ভাষণ জনালে। বাস্তৱতে জয়মতী এজনী মানুহ যেন হাতী। তাই ঘিণাৰাম বৰুৱাৰ বৰ ভক্তা আছিল। তেও ‘বৈঠ’ বোলা মাত্ৰে তাই বৈঠ পৰিল। পিছে তেওঁ নিজেই বান্দা খুলি লৈ ওপৰত উঠিল। আৰু মাউতকো বিচাৰি লৈ ঘৰ ওলালহি।

 বন্দুক চলোৱাত ঘিণাৰাম বৰুৱা এজন হাত-ঠিক লোক আছিল। আৰু তেওঁ এনে চিকাৰী আছিল যে চৰাই বা পহুৰ চিকাৰলৈ গৈ তেওঁ কেতিয়াও শুদা হাতে উলটিব লগাত নপৰি- ছিল। তেওঁৰ ডেকা কালত সময়ে সময়ে পহু খোজনীয়া মানু- হেৰে তেওঁৰ ঘৰলৈ দিনটো লালি নিছিগিছিল, আৰু পহু বিল- নীয়া মানুহে ভদ্ৰলোকৰ ঘৰে ঘৰে ফুৰিছিল। সি যি হওক, ঘিণাৰাম বৰুৱাৰ চিকাৰত অব্যৰ্থ লক্ষ্যৰ বিষয়ে ভালেমান চিকাৰী চাহাবে তেওঁক নথৈ শলাগিছিল। এসময়ত চিলনী বাগি- ছাৰ মেনেজাৰ মিঃ ৰীড চাহাবে সৈতে তেওঁ পানীগাৱঁৰ হাবিত গঁড় মাৰিবলৈ গৈছিল। পিচে, মাটিতে গৈ দুয়ো দুফালৰপৰা