পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
আৰ্হি-চৰিত

চলিলে, আগলৈ আপোনাৰ সঞ্চিত ধন কি থাকিবগৈ? আৰু আপুনি একোজনী জীয়াৰী উলিয়াই দিওঁতে যদি ইমান কৈ ভাঙ্গিব লাগিল, তেন্তে পাচত আপোনাৰ ল’ৰালৈ কি ৰবগৈ?” ঘিণাৰাম বৰুৱাই এই কথাৰ উত্তৰ হাঁহি হাঁহি দিলে, “বোপা! এই কথাত তুমি আচৰিত মানিবৰ একো কাৰণ নাই। মোৰ কৰ্ত্তব্য মই কৰিছোঁ, পাচত মোৰ লৰা-ছোৱালীয়ে ইয়াৰ গুণ ধৰাব পাৰিলে সিহঁতৰ মঙ্গল, নোৱাৰিলে সিহঁতৰ অমঙ্গল হব। তুমি ঠিক জানিবা, ‘বাপৰ ধনেও নাটে, পাপৰ ধনেও নাটে।’ কিছুমান সঞ্চিত ধন ৰাখি থৈ গৈ ল’ৰাৰ ভৱিষ্যৎ ভাল কৰিব পাৰি এনেও নাভাবিবাঁ। এই জীবনত বহুত দেখিলোঁ, বাপৰ ধনেৰে চহকী নহৈ, শেহন্তৰত ল’ৰাই বংশৰ নাম নুমুৱায়। এতেকে পিতৃৰ আৰ্জ্জন, মোৰ মনেৰে, ধন্কৈ নথৈ, তাৰে সৈতে পুত্ৰক জ্ঞান-গুণ কিনি দি যোৱাটোহে জ্ঞানীৰ কাম। আৰু যে মোৰ ছোৱালীহঁতৰ লগত ভগন কৰাৰ কথা কৈছাঁ, সেই টোও মোৰ কৰ্ত্তব্যৰ ভিতৰ। কিয়নো, সন্তান বুলিলে ল’ৰা, ছোৱালী দুয়োকে বুজায়। এতেকে পিতৃৰ আৰ্জ্জনৰ ওপৰত দুয়োবিধ সন্তানৰ সমান অধিকাৰ। মোৰ ল’ৰাক শিক্ষা আৰু জ্ঞান লাভ কৰি দিয়াত মই যথেষ্ট অৰ্থ ভাঙ্গিছোঁ, কিন্তু ছোৱা লীক উপযুক্ত বৰ লাভ কৰি দিবলৈ ল’ৰাৰ সমানে নাভাঙ্গিলে মোৰ অধৰম হব, সেই কাৰণে, লৰাৰ শিক্ষালাভত ভগন কৰাৰ সমানে ছোৱালীক যৌতকত ধন-বস্তু দিয়া আৰু উপযুক্ত বৰ লাভত খৰচ কৰাটো নিতান্ত উচিত। তথাপি যদি কোৱাঁ, পুত্ৰ