পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
আৰ্হি-চৰিত।
 

 ককাইদেৱেক কাণুৰাম ডেকাবৰুৱা ঢুকুৱাৰ পাচত ঘিণা- ৰাম বৰুৱাই তেওঁৰ বিধবা বৌয়েকক তিনটি কন্যা আৰু এটি পুত্ৰৰে সৈতে জাঁজিৰ পৰা লক্ষীম্‌পুৰৰ ঘৰলৈ তুলি আনিলে। এতিয়া সেই বিলাকেও নিজৰ নিজৰ লৰা-ছোৱালীৰে সৈতে দদাইদেৱেকৰ মাটি-সম্পত্তিৰে সৈতে ঘৰ-গৃহস্থী কৰি আছে। ককাইদেৱেকৰ জীৱন্ত কালতে তেওঁৰ বৰ জীয়েক দুটীক জাঁজিতে বিয়া দিছিল। সিবিলাকে পিতৃৰ ভূ-সম্পত্তি বহুকাল- লৈকে ভোগ কৰে। ইবিলাকত বাজেও জাঁজিৰ জকাইচুক মৌজাত ঘিণাৰাম বৰুৱাৰ বংশীয় আত্মীয়-কুটুম্ব মানুহে মৰাণ- বামুণ গাওঁ জুৰি আছে। ঘিণাৰাম বৰুবাই কিন্তু লৰাকালতে ওলাই যোৱাৰপৰা বুঢ়াকাললৈকে জাঁজিলৈ বহুকাল উলটি নহাকৈ আছিল। ১৮৯৬ খ্ৰীষ্টাব্দত তেওঁৰ বৰ আৰু সৰু- মাজিউ পুতেক শ্ৰীমান নীলকণ্ঠ আৰু শ্ৰীমান পদ্মনাথ বৰুৱাৰ বিয়া পাতিবলৈ গৈ মাথোন তেওঁৰ জন্মস্থানত আত্মীয়-কুটুম্ব সকলৰ লগত এক পক্ষমান পৰম সন্তোষেৰে আছিল গৈ।

 ওপৰত কোৱাৰ মতে পুত্ৰ-কন্যা, জী জোৱাঁই, নাতি-পুতি, ভাই-বন্ধু, আত্মীয়-কুটুম্বাদিৰে এখন বিস্তৃত সংসাৰৰ মূল মানুহ হৈ অতি বৃদ্ধাৱস্থাত ঘিণাৰাম বৰুৱা ডাঙ্গৰীয়াই পৰম ভাগ্যৱন্তৰ পৱিত্ৰ সুখ অনুভব কৰিছিল। ঘিণাৰাম বৰুৱাক আহোমৰ বৰ্ত্তমান জিলিকি উঠা শিক্ষিত দলটিৰ মূল মানুহ বুলিলেও বঢ়াই কোৱা নহয়। কিয়নো, তেওঁৰে পুত্ৰ, জোৱাঁই, নাতি, নাতি- জোৱাই এই সকলেই সেই দলৰ প্ৰধান সঙ্গ; তেওঁৰে