পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি-চৰিত

দায়ৰপৰা সততে মুক্ত কৰিছিল। তেওঁ নিজৰ মৌজাৰ সৰু বৰ, সুখী-দুখী সকলো ৰায়তৰ প্ৰতি সমান চকুৰে চাইছিল, আৰু কোনো কথাত তেওঁ ৰায়তৰ ওচৰত গণ্ডপ নামাৰিছিল। তাৰ দ্বাৰাই তেওঁৰ প্ৰতি ৰায়তৰ প্ৰণয় তেওঁ দৃঢ় কৰি আনিব পাৰিছিল। আৰু এই প্ৰণয় লাভৰ বলতে তেওঁ ক্ৰমাৎ সম্প- ত্তিৰ বলো লাভ কৰিবলৈ ধৰিলে। ৰায়তৰ অনুগ্ৰহত তেওঁ অলপ কালৰ ভিতৰতে চাইটা ধানৰ ভঁড়াল বান্ধিছিল। ঘিণাৰাম বৰুৱাৰ সেই ধানৰ ভঁড়াল কেইটাৰ সমনীয়া ঘৰ ৰাজহুৱা ডাঙ্গৰ নামঘৰ গোটাচেৰেকত বাজে আৰু লক্ষীমপুৰত দেখিবলৈ নাছিল।

 মৌজাদাৰী বিষয় খোৱাত ঘিণাৰাম বৰুৱা এনে পৈণত লোক হৈ উঠিছিল যে লক্ষীমপুৰ জিলাত যত বিলাক ডেপুটী কমিচনাৰ আৰু মহকুমাধিপতি হৈছিল, তেওঁ প্ৰায় সেই সকলোৰেপৰা প্ৰশংসা আৰু সমাদৰ পাইছিল। সেই সকলৰ ভিতৰত লেফটেনেণ্ট্‌ (পাচত কৰ্ণেল) মেক্স্‌ওৱেল মিঃ ষ্টিভেন্‌চন, মিঃ মেথিওজ, মিঃ গ্ৰীমুড, মিঃ গ্ৰিনচিল্ড্‌ছ, মিঃ গড্‌ ফ্ৰি, মিঃ ব্ৰাউন, মিঃ ফ্ৰেঞ্চ্‌, মিঃ নিকল, মিঃ কোহান এই সক- লেই প্ৰধান। এই ইংৰাজ বিষয়াসকলে ঘিণাৰাম বৰুৱাৰ বুদ্ধি, পৰিশ্ৰম, কাৰ্য্যদক্ষতা, কৰ্ত্তব্য-পৰায়ণতা আৰু স্বভাব-চৰিত্ৰ আদি নথৈ শলাগি প্ৰশংসা পত্ৰ দিছিল। সেই বোৰৰ ভাঙ্গনী দিবলৈ হলে এখনী সুকীয়া সৰু পুথি হব। দেশীয় হাকিম সকলৰপৰাও ঘিণাৰাম বৰুৱাই সেই দৰেই আদৰ সম্মান