পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
আৰ্হি-চৰিত।

কোনো চিঙ্গিবলৈ টান কথাৰ গোচৰ হলে তেওঁ ঢালিচ চপাই তাৰ বিচাৰ কৰাইছিল। তেওঁৰ বিচাৰ এনে তুখ্ৰং আৰু ন্যায় হয় যে পিচত তাত আসোহা ধৰিবলৈ কোনো ফালৰ প্ৰায় বাট নাথাকে, আৰু বিচাৰৰ ফলাফল মাজিষ্ট্ৰেটলৈ তেওঁ এনে দৰে গঢ়ি-পিটি পঠিয়ায় যে তেওৰ প্ৰস্তাৱমতে মাজিষ্ট্ৰেটে বা বিচাৰকসকলে আইন নিয়ম ৰক্ষা কৰি প্ৰায় হুকুম্‌টো মাথোন দিয়ে। এই বাবেও লক্ষীম্‌পুৰৰ বিচাৰক আৰু মহকুমাধিপতি সকলে ঘিণাৰাম বৰুৱাৰ বুদ্ধিৰ প্ৰখৰতা বিশেষ্‌কৈ শলাগিছিল। বিচাৰক সকলে পঠিওৱা গোচৰত বাজেও, তেওঁ নিজৰ মৌজাৰ ৰায়ত বিলাকৰ সৰু-সুৰা সোধবিলাক যাতে পঞ্চায়তৰপৰা নিষ্পত্তি হব পাৰে তাৰ নিমিন্তে তেওঁ সদায় যত্ন কৰিছিল। অলপমান কথাতে কাছাৰি ঘৰ উঠি গোচৰীয়া আৰু পদকীয়াই যাতে অবাৰত ধন ভাঙ্গি কলৌজপৌ নালাগে তাৰ নিমিত্তে তেওঁ ৰায়তবিলাকক সততে সজ উপদেশ দিছিল। ইয়াৰ ফল স্বৰূপে ঘিণাৰাম বৰুৱাৰ মৌজাৰ ৰায়তৰ ভিতৰত সৰু-সুৰা কথাত আদালতত গোচৰ কৰা মানুহ প্ৰায় নোহোৱা হৈছিল। অথন্তৰত পৰি অকলশৰীয়াকৈ উফৰি অহা প্ৰতিভাৰ ফিৰিঙ্গতি এটি যে কালত এনে জেউতিৰে বিকাশ পাব তাক কোনে ভাবিছিল!