অশেষ সন্তাপ সহিব লগা হৈছিল। তাৰ ভিতৰৰ ঘাই-ঘাই গোটাচেৰেকৰ বিষয়ে মাথোন উনুকিত্তৱা গল। পূজনীয়া শাহুৱেক আৰু প্ৰিয়তমা প্ৰথমা ভাৰ্য্যাৰ বিয়োগত ঘিণাৰাম বৰু ৱাই পাহৰিব নোৱৰা সন্তাপ পাইছিল। সেই কথা তেওঁৰ মুখে পাচত বহু কাললৈকে শুনা গৈছিল। খৃঃ ১৮৭৬ চনত উত্তৰ লক্ষীমপুৰত ম’হৰ মাউৰ লাগি বহুতৰ ঘৰত তাৰ নোম এডালো নাইকিয়া কৰিলে। সেই বেমাৰেই ঘিণাৰাম বৰুৱাৰো দুকুৰি ম’হৰ ভিতৰত ছজনী মাথোৰ থলেগৈ। যদিচ আকৌ দহ বছৰৰ ভিতৰতে তেওঁ ম’হৰ সেই সংখ্যা পূৰাইছিল, তথাপি বহুদিনলৈকে তেওঁ সেই ক্ষতিৰ বেজাৰ পাহৰিব নোৱাৰিছিল। খৃঃ ১৮৮১ চনৰ পৰা ১৮৮৬ চনলৈকে এই পাঁচ বছৰৰ ভিতৰত বছৰি এটাকৈ ঘিণাৰাম বৰুৱাৰ পাঁচোটা হাতী হঠাৎ ৰোগহৈ মৰে। তাৰ ভিতৰত এটা বহুদামৰ অতি মৰমৰ দঁতাল হাতীৰ নিমিত্তে তেওঁ বৰ বেজাৰ পালে। খৃঃ ১৮৮৩ চনত তেওঁৰ অঠোটা ঘোঁৰা একে বছৰতে মৰি অন্ত পৰে। এই বাবেও তেওঁ এটা টান বেজাৰ পায়। খৃঃ ১৮৭৯ চনত ঘিণাৰাম বৰুৱাৰ বৰপুত্ৰ মোহনচন্দ্ৰৰ ডিব্ৰুগৰত অকালমৃত্যু ঘটে। এই বিয়োগৰ সন্তাপৰ জোকাৰণিয়ে তেওঁৰ জীৱনৰ খুটি লৰাই পেলালে। এই বজ্ৰপাত যেন শোকৰ শেলে ঘিণাৰাম বৰুৱাক ভালেমান দিনলৈকে অস্থিৰ কৰি থৈছিল। ইয়াৰ পাচত তেওঁ আকৌ বিয়োগ-সন্তাপৰপৰা কিছুকালৰ নিমিত্তে মাথোন জিৰণি পাইছিল। কিন্তু ঘিণাৰাম
পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৬৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
আৰ্হি-চৰিত