গুণৰ বলতে তেওঁ উন্নতিলৈ বাট উজু পাইছিল। আৰু বয়সীয়া হৈও সেই গুণৰ মহিমাৰে ৰাইজৰ আগত জিলিকিবলৈ তেওঁ সুচল পাইছিল। সাধাৰণ অৱস্থাৰপৰা সম্মানী অৱস্থালৈ উঠিলে মানুহৰ স্বভাৱ-চৰিত্ৰত আৰু ফুৰাচকাত ‘মইবৰ’ ভাব সোমোৱা সততে দেখিবলৈ পোৱা যায়। কিন্তু অৱস্থাৰ উন্নতিয়ে ঘিণা- ৰাম বৰুৱাৰ স্বভাৱত তেনে পৰিবৰ্ত্তণ ঘটাব নোৱাৰিছিল। তেওঁ আগেয়ে যি ভাৱে চলিছিল বিষয়াহৈ উন্নত হোৱাৰ পাচতো সেই ভাৱেই চলিবলৈ ধৰিলে; আগেয়ে তেওঁৰ সমনীয়া বা তেওঁতকৈ মানী মানুহৰ প্ৰতি তেওঁ যেনে ব্যৱহাৰ কৰিছিল, পাচত সিবিলাকৰ প্ৰতি সেই ব্যৱহাৰ তেওঁ তাতোকৈ কোমল আৰু নম্ৰ কৰিছিল। আৰু উন্নতিৰ ওপৰলৈ বাট ক্ৰমাৎ ঠেক গতিকে তেৱোঁ ক্ৰমাৎ বেচিকৈ সৰুটি বোলাবলৈ অভ্যাস কৰিছিল।
ঘিণাৰাম বৰুৱাই মূল-ধন বা জমা থকা টকাৰ বলত মৌজা- দাৰী বিষয় লাভ কৰা নাই। তেওৰ চৰিত্ৰৰ বলেৰে আনৰ মূলধনৰ বল লৈহে তেওঁ মৌজাদাৰী বিষয় লাভ কৰে। যি খাজানা শোধাব নোৱাৰাত প্ৰিয়ম মৌজদাৰৰ মৌজা গল, সেই খাজানাৰ টকা ঘিণাৰাম বৰুৱাক তেওঁৰ বন্ধুসকলে ধাৰলৈ দি সহায় কৰিছিল। সেই সহায়ৰ বলেৰেই তেওঁ পাচতে মৌজা ৰাখি খাবলৈ পিচ বছৰতে পৈণত হৈ উঠিল। তাৰ পাচত, ঘিণাৰাম বৰুৱা তেওঁৰ প্ৰজা বিলাকৰ ওচৰত এনে প্ৰিয়পাত্ৰ হৈ উঠিল যে সময়ত কিছুমান মুখিয়াল ৰায়তে তেওঁক বাকী খাজানাৰ