পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৴৹

মানে শিক্ষায় নাম জ্বলা যুবক সকলে তেওঁবিলাকৰ গুণৰ কথা শুনি বিবাহ কৰিবলৈ উৎকণ্ঠিত হৈ বিয়া কৰালে। এই কেইজনা জীয়াৰীয়ে ক্ৰমে ৺কৃষ্ণানন্দ বুঢ়াগোহাঁই ন্যায়শোধা ফুকন, ৰায় ৰাধাকান্ত সন্দিকৈ বাহাদুৰ এঃ এঃ ক, ডিপুটী মেজিষ্ট্ৰেট আৰু ল্যাণ্ড্‌ ৰিকৰ্ড্‌চৰ এচিষ্টেণ্ট্‌ ডাইৰেক্টৰ, শ্ৰীযুত সূৰ্য্যকান্ত বৰুৱা বি, এ, চব্‌ ডিপুটী কলেক্টৰ প্ৰভৃতিৰ ঘৰত গৃহলক্ষ্মী হৈ দিনে দিনে তেওঁবিলাকৰ স্বামীসকলৰ সুখবৰ্দ্ধন কৰিছে। এইজনা পুৰুষৰেই এজনা পুত্ৰ অনাৰেবল শ্ৰীযুত পদ্মনাথ বৰুৱা। এওঁ যে এজন আসাম-আকাশৰ উজ্জল নক্ষত্ৰ, এজন সুবিখ্যাত উচ্চশ্ৰেণীৰ অসমীয়া লেখক আৰু কবি এই কথা তেওঁ ভোগ কৰা সাহিত্যিক পেঞ্চন আৰু লেজিচ্লে‌টীভ্‌ কাউন্সিলৰ মেম্বৰৰ বিষয় আৰু অনাৰেবল খিতাপেই প্ৰমাণ কৰিছে। এতেকে যিজনা ৺ঘিণাৰাম বৰুৱাই এইদৰে নিজৰ অৱস্থা ভাল কৰিলে আৰু এনে উপযুক্ত সন্তান জন্মালে, এনে সৰ্ব্বগুণী কৰিলে তেওঁৰ জীৱননো আৰ্হিৰ পাত্ৰ নহয়নে? ইয়াতো কোনো জনে লেখকৰ মতৰে ঐক্য নহলে আৰু উপায় নাই; সেইজনাৰ ওচৰত লেখকৰ ক্ষমা-ভিক্ষা কৰাৰ বাজে আন উপায় নাই।

 কোনো কোনো জনে আকৌ প্ৰশ্ন কৰিব পাৰে যে ৺ঘিণাৰাম বৰুৱাৰ জীৱনত সকলো বিলাক গুণেই আছিলনে, দোষনো একেবাৰেই নাছি- লনে? পৃথিবীত দোষ শূন্য মানুহ নাই বুলিলেও একো দোষ নাই। কিন্তু, যিজন লোকৰ সজগুণৰ সংখ্যা ইমান অধিক যে কেতখিনি দোষ থাকিলেও সেই বিলাক তলপৰি থাকে, কাৰণ দোষ-শূন্য মানুহ এই পৃথিৰীত নাই এইটো এনেই জানিব লাগে। ইয়াৰ উপৰিও কোনো কোনো জনে এইদৰেও প্ৰশ্ন কৰিব পাৰে “ইয়াত লিখা কথাবিলাক যে সঁচা তাৰ প্ৰমাণ কি? তাৰ উত্তৰত লেখকে ইয়াকে কব খোজে যে এই লেখকে নিজৰ ৬ বছৰ বয়সৰ পৰা এইজন পুৰুষৰ জীৱনৰ প্ৰায় সকলো ঘটনা