পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
আৰ্হি-চৰিত।

ডাঙ্গৰ-দীঘল কৰি কেইওটাৰে ঘৰ পাতি দি বহুকাল একে পৰিয়াল হৈ মিলা-প্ৰীতিৰে দিন নিয়ালে। আৰু ঘিণাৰাম বৰুৱাৰ সৰু জনা ঘৈণীৰ দৰে লক্ষীমপুৰত আন কোনো বায়েকে ভাই-বোৱাৰীৰ ওপৰত শাহুৱতীৰ ক্ষমতা চলাই সুদীৰ্ঘকাল সুখ ভুঞ্জিবলৈ পোৱা নাই। এনে কি, ভায়েক, বোৱা- ৰীয়েক, সিবিলাকৰ ল’ৰা-ছোৱালী আৰু নিজৰ ল’ৰা-ছোৱালী আৰু পৰিয়াটোৰে সৈতে একেটা চৰুত খোৱা মানুহৰ সংখ্যা সেই সময়ত সেই ঘৰত ডেৰকুৰি হৈছিল। তেতিয়া এনে এখন ভৰপুৰ গৃহস্থীৰ মূল গৃহস্থ আৰু গৃহিণী হৈছিল ঘিণাৰাম বৰুৱা আৰু তেওঁৰ সৰুঘৈণী। এই দৰেই বহুদিন যোৱাৰ পিচত, যেতিয়া পো-বোৱাৰী আনিব লগা হল, তেতিয়া ভিনীহি- য়েকে তিনিও খুলশালিয়েকক তিনি ঠাইত বেলেগাই ঘৰ-বাৰী কৰি দি সমানে তিনিভাগ গৰু-মহ, মাটি-বাৰীৰে সৈতে তিনি ঘৰ সুকীয়াকৈ পাতি দিলে।

 দুয়ো গৰাকী ভাৰ্য্যাৰপৰা ঘিণাৰাম বৰুৱাৰ ১৬টি সন্তান হৈছিল। তাৰ ভিতৰত ৮টি পুত্ৰ আৰু ৮টি কন্যা। বৰ গৰাকীৰ মোহনচন্দ্ৰ, স্বৰূপচন্দ্ৰ, কণনাথ আৰু ভদ্ৰসেন এই চাৰিটি পুত্ৰৰ ভিতৰত স্বৰুপচন্দ্ৰ আৰু ভদ্ৰসেন চেঙ্গেলীয়া কালতেই ঢুকায়। মোহনচন্দ্ৰ হাইস্কুলৰ দ্বিতীয় শ্ৰেণীলৈকে পঢ়ি, বিয়া- বাৰু কৰাই, ল’ৰা বাপেকী হৈ চম্ফল ডেকাকালত ডিব্‌ৰুগৰত পুলিচ আপীচত কেৰাণী কাম কৰি থাকোঁতে জহনীত পৰি ঢুকাল। ই এটা ঘিণাৰাম বৰুৱাৰ জীৱনত প্ৰধান ঘটনা। এই