উপকৃত হৈছিল। মৌজাদাৰৰ ঘৰত ৰায়তে খাটি দিয়া প্ৰথা এতিয়া যে নায়েই তেতিয়াও সেই লক্ষীমপুৰতে আন মৌজাদাৰৰ ঘৰত ৰায়তে খাটি দিয়াৰ নিয়ম নাছিল। কিন্তু, ঘিণাৰাম বৰুৱাৰ মৌজাৰ ইতৰ প্ৰজা শ্ৰেণীয়ে তেওঁৰ ঘৰত সততে আগৰ ৰজাদিনীয়া পাইকে বিষয়াৰ ঘৰত খাটি দিয়াৰ দৰে খাটিছিল। বাৰহাত দীঘল চতি লগোৱা চাৰি কোঠলীয়া একোটা বৰ ভঁড়ালত বছৰি পূৰকৈ থবৰ জোখাৰে ঘিণাৰাম বৰুৱাৰ পথাৰত খেতি হয়। সেই খেতি মৌজাৰ মানুহে খেলে- খেলে আহি কৰি দিছিল, আৰু খেলে-খেলে মিলি তাৰ উৎপন্ন চপাই দিছিল। খেতিৰ দিনত হাল-গৰুৰ সংখ্যালৈ চায়েই নিল- গতে বুজিব পাৰি কাৰ পথাৰত হালবোৱা হৈছে। ওচৰলৈ গলে, তাৰ ভিতৰত আটাইকে বেচি সৌন্দৰ্য্য এটি দৃশ্যত দেখা যায় যে, কেতিয়াবা মৌজাদাৰ ডাঙ্গৰীয়াও সিহঁতৰ ভিতৰৰে এটি হালোবা, —ৰায়ত হলোৱাৰে শাৰী পাতি বিষয়ায়ো এখন ম’হৰ হালত ধৰে। নিজে কৰিব পৰা কামত হাত দিবলৈ যে যিমান ডাঙ্গৰ হলেও মানুহে তাপমান বোধ কৰিব নালাগে, ঘিণাৰাম বৰুৱাৰ জীৱনত তাৰ বহুত পটন্তৰ পোৱা যায়।
‘যি মানুহ যিমান ওপৰলৈ উধায়, তাৰ সিমান শত্ৰুও বাঢ়ে, কিম্বা যাৰ যিমান শত্ৰু বেছি, তাৰ উন্নতিও সিমান বেচি বুলি বুজিব লাগে।’ ঘিণাৰাম বৰুৱাৰ জীৱনত এই ফাঁকি কথাও হুবহু মিলাব পাৰি। একপক্ষে তেওঁ যিমান মিত্ৰ আৰু উন্নতি লাভ কৰিছিল, আনপক্ষে তেওঁৰ শত্ৰু আৰু তেওঁৰ অৱনতি