৷৹
মহামহোপাধ্যায়ো হোৱা নাই বা চিভিল চাৰ্ব্বিচো পাছ হোৱা নাই বা মুঞ্চিফ সদৰামিনো হোৱা নাই, বা পুথি লিখিও নাম জলোৱা নাই, নাইবা ৰাজনীতিজ্ঞ হৈ গৱৰ্ণমেণ্টৰ শাসন প্ৰণালীৰ দোষ বা আসোঁৱাহ ধৰি যতে ততে বক্তৃতা দি নাম জলোৱা নাই, হয়। এই কথা লেখকে স্বীকাৰ কৰে। তেনে সকলৰ জীৱনী লিখিবলৈ এই লেখকত্কৈও অধিক উপযুক্ত লোকৰ নিমিত্তে ৰখাই ভাল। তথাপি তেনে কোনো লোকৰ জীৱন-বৃত্তান্ত আদ্যোপান্ত জানিব পাৰিলে বা বিশ্বাসী লোকৰ পৰা সমুদায় বৃত্তান্ত পালে তালৈকো আগ বাঢ়িবলৈ সাহ কৰিব পাৰি। বৰ্ত্তমান এইজন পুৰুষৰ জীৱনী লিখাৰ ভাৰ লেখকে হাতত ললে। আছুটীয়া বা আত্তহতীয়া ঠাইত, বা যি ঠাইলৈ প্ৰায় মানুহ নাযায় তেনে ঠাইত এপাহি সুগন্ধি ফুল ফুলি জঁয় পৰিলে সেই ফুল পাহিৰ বাচ বখানিব নাপায়নে?
সজবংশত জন্ম ধৰি ঘাট-মাউৰা হৈ বংশ পৰিয়াল, মিতিৰ-কুটুমৰ ভিতৰতো কোনোজনে সামৰি লওঁতা নহলেও নিজৰ সজ স্বভাৱেৰে, সজ পৰিশ্ৰমেৰে আৰু অধ্যৱসায়েৰে মানুহে কেনেকৈ প্ৰতিপত্তি লাভ কৰিব পাৰে তাক দেখুৱাই এই গ্ৰন্থৰ এটি ঘাই উদ্দেশ্য। যিজন মানুহ এনে দুৰৱস্থাত পৰি নিজ জন্মভূমি কোমল বয়সতে পৰিত্যাগ কৰি লক্ষীম্পুৰ যেন ঠাইলৈ গৈ—যি ঠাইলৈ ৰংপুৰৰ পৰা সেই কালত মানুহ গলে হাঁহ-পাৰ মাৰি খাই একেবাৰেই বিদায় লয়,⸺তেনে স্থলত ক্ৰমে অৱস্থাৰ উন্নতি কৰি এজন প্ৰধান লোক হৈ লৰা-ছোৱালী বিলাকক এনেদৰে তুলিলে তালিলে আৰু শিক্ষা দিলে যে তেওঁবিলাকৰ গুণত সকলে অসমীয়াই মোহিত হবলগীয়া হৈছে। বিশেষকৈ এইজনা পুৰুষে তেওঁৰ কন্যা কেইজনাক এনে সুশিক্ষা দিলে বা দিয়ালে আৰু এনে উপযুক্তা আৰু সুষোগ্যা কৰিলে যে নিলগত থকা আহোম-বংশৰ কুলে