গঁড়ক লক্ষ্য কৰোঁতেই সি এক গুলি খাই চাহাবক গৰাহ মাৰি ধৰিলেহি। এনে অৱস্থাত জন্তুটোৰ গালৈ গুলি মৰাও নিষ্কণ্টক নহয়। কিন্তু, ঘিণাৰাম বৰুবাৰ অসাধাৰণ ধৈৰ্য্যতা আৰু অব্যৰ্থ লক্ষ্যৰ গুণত একেগুলিযে গড়ক লুটিয়াই পেলাই তেওঁ চাহাবৰ প্ৰাণ ৰক্ষা কৰিলে। পিচত মিঃ ৰীডে এই চিকাৰৰ বিষয়ে যি দৰে বৰ্ণাই ঘিণাৰাম বৰুবা ডাহৰীয়াক শলাগি এখন পত্ৰ দিছিল, তাক পঢ়িলে গা ৰোমাঞ্চিত হৈ যায়।
ঘিণাৰাম বৰুৱাৰ অসাধাৰণ সাহ। ডেকা কালত তেওঁ ভুত, পিশাচ বা দেবতাই ধৰা ইত্যাদিলৈকো ভয় নকৰিছিল। তেওঁ পুলিচত কাম কৰোঁতে খৃঃ ১৮৫৭ চনত অসমদেশ জুৰি ভয়ানক ৰূপে মাউৰ লাগিছিল। সেই সময়ত লক্ষীমপুৰত মৰা মানুহ কাউৰী শগুণে খাইছিল, ইঘৰে সিঘৰৰ বাতৰি লওঁতা নোলাইছিল, সন্ধ্যা হলেই নিজ নিজ ঘৰত দুৱাৰ দাংদি সোমোৱা হৈছিল। এনে দিনত ৰাতি অকলে, হাতত এডাল বাঁহৰ টোকোন লৈ ঘিণাৰাম বৰুৱা ঘৰে ঘৰে ফুৰিছিল, আৰু অনেক মৃত্যুমুখী ৰোগীৰ মুখত তেওঁ পানী দিছিল। তেওঁৰ এনে সাহসীৰ কাৰ্য্য দেখি আনবিলাক স্তম্ভিত হৈছিল, আৰু তেওঁৰ অন্তৰৰ কোমল ভাব অনুভৱ কৰি সকলো মুগ্ধ হৈছিল।
ঘিণাৰাম বৰুৱাৰ বন্ধুতা অকৃত্ৰিম আছিল। তেওঁ যাক প্ৰাণে সৈতে ভাল পাইছিল, তাৰ নিমিত্তে তেওঁ প্ৰাণ দিবলৈকো ওলাব পৰিছিল। বন্ধুৰ উপকাৰৰ নিমিত্তে তেওঁ স্বাৰ্থত্যাগ কৰাৰ ভালেমান উদাহৰণ দিব পৰি। অনেক বন্ধুৰ সলনি