পাচত, তেওঁ ৺জিউৰাম শৰ্ম্মা বৰুৱা পেঞ্চন প্ৰাপ্ত পুলিচ ইনস্পেক্টৰ আৰু সেখ বগৰূপ মছলমানৰ লগত যুটীয়াকৈ হাতী কাৰবাৰত লাগি, মেলা চিকাৰত আগ বাঢ়িবলৈ ধৰিলে, আৰু এই চিকাৰত জয়মতী হাতীৰ নাম কেইওফালে ৰাষ্ট্ৰ হৈ উঠিল। এনে কি, জয়মতীৰ বান্ধ্, লক্ষণ আৰু গুণলৈ চাই তাইৰ সলনিত ইং ১৮৭৭ চনত ডিব্ৰুগড়ৰ ৺সাধনৰাম ৰায় বাহাদুৰ চিৰস্তা দাৰে তেওঁৰ মতিলাল নামে বৰ ডাঙ্গৰ দঁতাল আৰু দুজনী মাইকী হাতী যাচিছিল; কিন্তু ঘিণাৰাম বৰুৱা সেই প্ৰস্তাৱত মান্তি নহল। তাৰ পাচে, এই জয়মতীৰ বলতে ঘিণাৰাম বৰু ৱাই হাতীৰ কাৰবাৰত ক্ৰমাৎ উন্নতি কৰিবলৈ ধৰিলে, আৰু ১০।১২ বছৰৰ ভিতৰত তেওঁৰ ঘৰত ৮টা কুন্কী হাতী হল।
হাতীৰ কাৰবাৰৰ লগতে ঘিণাৰাম বৰুৱাৰ অন্যান্য সম্পত্তিও দিনক দিনে বাঢ়িবলৈ ধৰিলে। খৃঃ ১৮৭৮ চনত, মৌজাৰ জামীন দিয়া-থোৱাৰ সম্পৰ্কত এবাৰ তেওঁৰ সম্পত্তিৰ লেখ লোৱা হৈছিল। তেতিয়া ঘিণাৰাম বৰুৱাৰ আৰ্জ্জিত সম্পত্তিৰ ভিতৰত ৯টা হাতী, ৫টা ঘোঁৰা, ১২০ জনী মাইকী আৰু ৮ হাল মতা ম’হ, ৮০ জনী গাই, ১০ হাল বলদ, ৩০টা ছাগলি, ৫০ পুৰ মাটি, ৪টা বৰভঁড়াল, ৩টা সৰুভঁড়াল, ৪ খন দোলা, ৩ খন নাও, ৩ খন গাড়ী, ৫০০০৲ টকাৰ অলঙ্কাৰ, ৩০০০৲ টকাৰ বাহিৰা বয়-বস্তু লেখত ওলাইছিল। আৰু মোটৰ ওপৰত নগদ্কৈ ধৰিলে সেই সময়ত ঘিণাৰাম বৰুৱাৰ লাখ টকাৰ ওপৰ আৰ্জ্জন হৈছিল। জাজিৰপৰা নিঠৰুৱা হৈ ভাগি যোৱ ঘিণাৰামে পৰৰ