পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
আৰ্হি-চৰিত

প্ৰকাশ কৰিলেহি, আৰু, কুলিহঁতক শাস্তি দিবৰ মনেৰে সিহঁতক চিনাই দিবলৈ চাহাবে তেওক বৰকৈ অনুৰোধ কৰিলে। ঘিণাৰাম বৰুৱাই চাহাবৰ অনুৰোধ ৰক্ষা কৰিলে; কিন্তু অজ্ঞান কুলিহঁতক ক্ষমা কৰিবলৈ আৰু সিহঁতক শাস্তি নিদিবলৈ তেওঁৰো অনুৰোধ চাহাবৰ হতুৱাই ৰক্ষা কৰালে।

 মিষ্টাৰ কোহান চাহাবে ঘিণাৰাম বৰুৱাৰ মৃত্যু-সংবাদ পাই তেওঁৰ সন্তপ্ত পৰিয়াললৈ লিখা বুজনি-পত্ৰত এই ভাবে একেষাৰ কৈ সামৰণি মাৰে,-“ঘিণাৰাম বৰুৱা এজন পুৰণি কলীয়া আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ, আও-ভাৱৰ লোক আছিল; কিন্তু তেওঁ আধুনিক আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ আৰু আও- ভাৱৰ মানুহৰ লগতত মন মিলাই বেচ চলিব পাৰিছিল। এইটো তেওঁৰ অসাধাৰণ প্ৰতিভাৰ চিনাকি মাথোন।” বাস্তবতে, তেওঁ এজন অতি উদাৰ প্ৰকৃতিৰ লোক আছিল; আজি কালিৰ শিক্ষিত ডেকাসকলৰ চলন-ফুৰণত আন বুঢ়া মানুহে যেনে আসোবাঁহ ধৰে, তেওঁ তেনেকৈ নধৰিছিল। নিজে নিজৰ বিশ্বা সত স্থিৰ থাকি, শিক্ষিত সমাজত সময়ৰ গতি অনুযায়ী সংস্কাৰ ঘটিবলৈকো তেওঁ বাট এৰি দিছিল। তেওঁৰ বৰ জোৱাঁয়েক কৃষ্ণানন্দ গোহাঁই আৰু এই লিখকে এই বিষয়ে তেওঁক বেচ্‌কৈ চিনিছিল। ঘিণাৰাম বৰুৱা এজন উচ্চ শিক্ষা পোৱা লোক নাছিল, কিন্তু তেওঁৰ মন আৰু অন্তৰ ভালেমান শিক্ষিত লোকত্‌কৈও ওখ আৰু পোহৰ আছিল; পুৰণিকলীয়া মানুহৰ অন্ধবিশ্বাসৰপৰা তেওঁ ভালেমান ওখত ঠাই লৈছিল।