লগা হৈ তেওঁ অনেক ভৰিব লগা হৈছিল, তাৰ উদাহৰণলৈ ইয়াত ঠাইৰ নাটনি। ঘিণাৰাম বৰুৱাৰ পৰম উপকাৰী “বামুণ দাৰোগা”ৰ পুতেক ৺গদাধৰ শৰ্ম্মা বৰুৱা তেওঁৰ পিতৃ-বিয়োগৰ পাচত, এটা শকত গোচৰত পৰি চেচনৰ বিচাৰাধীন হৈছিল। ঘিণাৰাম বৰুৱাই বহু অৰ্থ ভাঙ্গি গুৱাহাটীত নিজে গৈ আপীল কৰি তেওঁৰ বন্ধুক মুক্তি দিয়ালে। এই বাবে, চৰ্কাৰী বিষয়া বুলি, তেওঁৰ নিজৰ গাত অলপ চেক পৰি তেওঁৰ অনিষ্ট ঘটিল, কিন্তু ঘিণাৰাম বৰুৱাই তালৈ কটাহিকে নকৰিলে। তেওঁৰ দুখৰ কালৰ বন্ধু ৰেপন গগৈ পাচত বৰ দুৰৱস্থাত পৰা দেখি, তেওঁক জীৱনৰ শেহছোৱাত পেঞ্চন দিয়াৰ দৰে ঘিণাৰাম বৰুৱাই ভৰণ-পোষণৰ এটা বন্ধা খোৰাকী দি আছিল। মিঃ পেনী নামে এজন ইউৰেচীয়ান চাহাব তাহানিতে লক্ষীমপুৰত আছিল। এতিয়া যত আস্পতাল বহিছে তাৰ উত্তৰ-পছিমে থকা দীঘলী পুখুৰীটোৰ পাৰৰ পমা গছজোপাৰ উত্তৰে সেই চাহাবৰ বঙ্গলা আছিল। তেওঁ ঘিণাৰাম বৰুৱাৰ এজন বন্ধু। পিচে, আনবিলাক ইউৰোপীয়ান চাহাবে তেওঁক দেখিব নোৱাৰি অত্যাচাৰ কৰা দেখি, ঘিণাৰাম বৰুৱা সদায় তেওঁৰ সহায় আছিল। এই বাবে বৰুৱা ডাঙ্গৰীয়া নিজেও বিষম ক্ষতি গ্ৰস্ত হব লগাত পৰিছিল। এনে কি, মহকুমাৰ গৰাকী চাহা- বেও সেই বাবে বৰুৱাক বেয়া পোৱা হৈছিল। কিন্তু, ঘিণাৰাম বৰুৱাই সেই ইউৰোপীয়ান সকলে বেয়া পাই তেওঁক বেয়া কৰাতকৈ বন্ধুক বেয়া কৰাটো বেচি অসহনীয় বোধ কৰিলে।
পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৬৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
আৰ্হি-চৰিত