ৰায়তৰ ঘোৰ অনিচ্ছা স্বত্ত্বেও অনেকক কুলি দিব লগা হোৱাত তেওঁ অন্তৰে সৈতে সদায় দুখিত হৈছিল। আৰু, সুবিধা পালেই ইংৰাজ হাকিম সকলক তেও এই প্ৰথাৰ বিৰুদ্ধে কব- লৈকো এৰা নাই। এসময়ত মিঃ মেথিউজ চাহাবে তেওঁৰ অন্তৰৰ এই মহৎ ভাব নথৈ শলাগিছিল, আৰু কুলিধৰা নিন্দনীয় প্ৰথা গুচুৱাবলৈ যত্ন কৰিব বুলি তেওঁ মৌজাদাৰ ডাঙ্গৰীয়াক আশ্বাস দিছিল। কিন্তু সেই চাহাব লক্ষীম্পুৰত বেচি দিন নাথা- কিল গতিকে ঘিণাৰাম বৰুৱাৰ আশাও তেতিয়া পূৰ নহল।
মৌজাদাৰী বিষয় চলোৱাত বাজেও ঘিণাৰাম বৰুৱাই আন সকলো ৰাজকীয় আৰু সামাজিক বিষয়ত যোগ দিছিল, আৰু তাত তেওঁ কাৰ্য্যদক্ষতাৰ চিনাকি দিছিল। বিশেষকৈ, ‘লোকাল বোৰ্ডৰ’ মেম্বৰ আৰু ‘স্কুল কমিটীৰ’ সভ্যৰ কামত তেওঁ ‘বোৰ্ড’ আৰু সভাক বৰ সহায় কৰিছিল। ‘স্কুল কমিটীৰ’ সভ্যৰ কামত তেওঁক এই পুথি লেখকে ভাল্কৈ জানে, কাৰণ লেখক সেই সময়ত সেই অঞ্চলত ভালেমান দিন স্কুল সব ইন্স্পেক্টৰ আৰু ডেপুটী ইন্স্পেক্টৰ আছিল। আৰু এই লেখকে লক্ষীম্ পুৰত আদি আৰু মজলীয়া শিক্ষা বহলাওঁতে আৰু বঙ্গালী ভাষা গুচাই অসমীয়া ভাষা চলোৱাত ঘিণাৰাম বৰুৱাৰপৰা তেওঁ বৰ সহায় পাইছিল। আৰু “লোকাল বোৰ্ডতো” তেওঁ বহি থাকি “হয়” দিয়া বিধৰ মেম্বৰ নাছিল। কোন বিষয়ৰ মীমাংসা তেওঁ ভালকৈ নুবুজিলে আনৰ কথাত হৰিভৰ দি তেও কেতিয়াও মত নিদিছিল। সেই কাৰণে ‘বোৰ্ডত’ ইৰাজীত আলচ