বৰুৱা ডাঙ্গৰীয়া নিজে ৰখীয়া থকা ফালেই কুলা ভাঙ্গি যাবৰ উপক্ৰম কৰিছিল। কিন্তু, ঘিণাৰাম বৰুৱা ভয়ত আঁতৰি হাতীক বাট এৰি দিয়া বিধৰ লোক নহয়। তেওঁ বিষম সাহসেৰে গণেশৰ কাণৰ কাষত ৰাইফেল বন্দুকৰ জাঁই উৰাই দিলে, আৰু সেই একে জাঁইতে গণেশে ঠেলামাৰি গোটেই জাক হাতী গড়ত সুমুৱাই দিলেগৈ। এই পালৰ ভিতৰত গণেশক ধৰি ৩৩ টা হাতী আছিল। ইয়াৰ পাচত,গণেশৰ প্ৰতাপত গড়ৰ হাতী উলিয়াবলৈ কুন্কী সুমুৱাব নোৱাৰাত পৰিছিল। পিচে, তিন দিন চল চাই থাকি, ঘিণাৰাম বৰুৱাৰ কৌশলমতে গণেশক দুৱাৰ মেলি উলিয়াই পঠিওৱা গল, আৰু বাকী বিলাক হাতী লাহে-লাহে গড়ৰপৰা উলিওৱা হল। এই হাতীৰ কাৰবাৰত বহুতৰ লাভ হল। ঘিণাৰাম বৰুৱাই হাতী বেচা নগদ টকাৰ ভাগ নলৈ, তেওঁৰ বাছনিমতে এজনী চাৰিণ হাতী ভাগত মাৰি লয়। আৰু তেওঁৰ প্ৰিয়-বন্ধু, ৺ হলিৰাম বৰুৱা হেড্ক্লাৰ্কে ( পাচত মুঞ্চিপ) তেওঁৰ লচ্মণী নামে হাতীৰে সৈতে এই হাতী জনী শিকাই-মেলি ঘৰচীয়া কৰি দিয়ে। এইয়ে উত্তৰ লক্ষীম্- পুৰৰ সকলোৱে জনাজাত “জয়মতী” হাতী। প্ৰকৃততে এই জয়মতীয়েই ঘিণাৰাম বৰুৱাৰ ঘৰত লক্ষ্মী সোমাই তেওঁক ধনে- মানে দোপত-দোপে তুলি নি এজন বৰ চহকী লোক কৰে।
যেই সেই কামতে ঘিণাৰাম বৰুৱা একাগ্ৰচিতীয়া লোক আছিল। তেওঁ হাতীৰ কাৰবাৰত এবাৰ হাত দি তাৰপৰা আৰু হাত নেৰুৱালে। জয়মতী হাতী সম্পূৰ্ণে ঘৰচীয়া হোৱাৰ