“ভয়ৰ দাস কৰাকৈ মৰমৰ ভকত কৰি মানুহৰ আন্তঃকৰণ সহজে লাভ কৰিব পাৰি” ঘিণাৰাম বৰুৱাৰ জীৱনৰ ইও এফাঁকি মূলমন্ত্ৰ। তেওঁ নিজৰ প্ৰজা বা আন কোনো তলতীয়া কৰ্ম্মচাৰীৰ প্ৰতি প্ৰায় উগ্ৰ ব্যৱহাৰ নকৰিছিল; বৰঞ্চ, যাক অবাধ্য বা অলপ দুৰ্দ্দান্ত দেখে তাৰ প্ৰতি কোমল ব্যৱহাৰ কৰি তাক বশ কৰাৰ উদাহৰণ তেওঁৰ জীৱনত ভালেমান দেখিবলৈ পোৱা গৈছিল। কৃষ্ণৰাম শইকীয়া নামে ন-কাৰী গাৱঁৰ পটীয়া খেলৰ মানুহ এটাই সততে তেওঁৰ অহিত চিন্তি ফুৰিছিল। কিন্তু ঘিণাৰাম বৰুৱাই তাৰ সলনি সেই মানুহটিক টানত পৰি- লেই সহায় কৰিছিল, আৰু কেইবাটাও শকত বিপদৰপৰা তাক ৰক্ষা কৰিছিল। সেইবাবে সেই মানুহটোৱে অৱশ্য পাচলৈ তেওঁৰ অহিত চিন্তিবলৈ এৰিছিল, যদিচ সি কেতি- য়াও তেওঁৰ হিত-চিন্তা কৰা নাই। ঘৰৰ চাকৰ আদি বা আন অধীন মানুহৰ প্ৰতিও তেওঁৰ তদ্ৰপ ব্যৱহাৰ আছিল। যি চাকৰ বা অধীনৰ মানুহ খঙ্গাল তাৰ প্ৰতি মৰমৰ চেঁচা কথা প্ৰয়োগ কৰি তেওঁ সেই খং পানীকৃত কৰিছিল। ইয়াত বাজেও ঘিণাৰাম বৰুৱাৰ কিছুমান এনে অমায়িক গুণ আছিল যাৰ গুণত তেওঁৰ প্ৰজাবৰ্গ তেওঁৰ প্ৰতি সদায় মুগ্ধ আছিল। তেওঁৰ চাইটা মৌজাৰ ভিতৰত অলেখ অজলা আৰু হোজা প্ৰজাই “আমাৰ মৌজাৰী” বুলি তেওঁৰ প্ৰতি মৰমতে পমি গৈছিল। আৰু প্ৰজা সকলক তেওঁ সকলো কথাতে সততে যেনে উপকাৰ কৰিছিল, সিবিলাকৰপৰাও সেই দৰে তেওঁ
পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
আৰ্হি-চৰিত