পিচত, চুখাম্ফা স্বৰ্গদেৱৰ দিনত চাউফ্ৰংডাম কাঁড়ীৰ লেখত পৰিল; আৰু ৰজাঘৰীয়া নিয়ম অনুসৰি তেওঁ ৰজাৰ খৰি যোগনিয়াৰ হল। এইদৰেই কিছুকাল যোৱাৰ পাচত, এদিন বিষয়া এজনে মন কৰিলে যে চাওফ্ৰংডামে সদায় খৰি থৈ কান্মাৰিডাল লৈ যায়। এই কথাত তেওঁৰ সন্দেহ জন্মিল, আৰু এই বিষয় ৰজাক জনোৱা হল। স্বৰ্গদেৱে চৰাৰ ডাঙ্গৰীয়া বিষয়া সকলেৰে পৰামৰ্শ কৰি স্থিৰ কৰিলে যে, সেই খৰি যোগনিয়াৰ মৰাণডেকাৰ কান্মাৰি আটক কৰি ফালি চাব লাগে। পাচ দিনা চাওফ্ৰংডামে খৰি যোগাই আগৰ দৰে উলটি যাবলৈ ধৰোঁতে মানুহে সৈতে কান্মাৰি নি ৰজাৰ আগত ভেঁটোৱাগৈ হল। স্বৰ্গদেৱে চাওফ্ৰংডামক কান্মাৰিৰ বিষয়ে সুধি কোনো ভাল তথ্য নাপাই কান্মাৰি ফালি দেখাবলৈ আজ্ঞা দিলে। পিচে, বাজাজ্ঞামতে কান্মাৰি ফালিলত তাৰ মাজৰ- পৰা থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ চনন্দ পত্ৰখন ওলাই পৰিল!
চুবিন্ফা স্বৰ্গদেৱৰ দিনতে মৰাণৰ বিদ্ৰোহ থমাবলৈ গৈ থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়া আৰু উলটি নাহিল; আৰু ভালেমান বছৰৰ পাচত, পিচৰ জনা স্বৰ্গদেৱ চুখাম্ফাৰ দিনত ডাঙ্গৰীয়া নিৰুদ্দেশ হোৱাৰ জনৰব বহুল হৈ উঠিছিল। এনে সময়ত এই সন্ধান পাই বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ বিষয়ে ৰজা আৰু বিষয়া সকলে বিশেষ তত্ত্ব লবলৈ ধৰিলে।
বিশেষ অনুসন্ধানৰ পাচত যেতিয়া গোটেই ঘটনা ভালকৈ