অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

সাঁচ:Page break

[ বেটুপাত ]

অৰ্দ্ধ-আকাশ

ৰচনাসমগ্ৰ

প্ৰথম খণ্ড

সম্পাদনাঃ জয়শ্ৰী মেচ গগৈ

কৰৱী চৌধুৰী প্ৰধান

[ প্ৰকাশন ]

ARDHA-AKASH :
Collection of writings
A popular Female Group of FACEBOOK
based on creative writing

................................................................................................

অৰ্দ্ধ-আকাশ ⵓ
ৰচনাসমগ্ৰ, প্ৰথম খণ্ড
মহিলাসকলৰ দ্বাৰা গঠিত সৃজনশীল লেখাৰ এক জনপ্ৰিয় ফেচবুক গোট

................................................................................................

প্ৰকাশ ⵓ
প্ৰথম সংস্কৰণ ⵓ ডিচেম্বৰ, ২০১৮ বৰ্ষ।
দ্বিতীয় সংস্কৰণ ⵓ ফেব্ৰুৱাৰী, ২০১৮ বৰ্ষ।

................................................................................................

প্ৰকাশ আৰু গ্ৰন্থস্বত্ব ⵓ
অৰ্দ্ধ-আকাশ

................................................................................................

প্ৰচ্ছদ ⵓ সাগৰিকা বৈশ্য (ৰিকু)

................................................................................................

মূল্য ⵓ ₹ ৪৫০.০০

................................................................................................

অক্ষৰ বিন্যাস আৰু মুদ্ৰণ ⵓ

ৰাজগড় - ৭৮৬ ৬১১ । । ডিব্ৰুগড়, অসম
ফোন নং ⵓ ০৩৭৫৪-২৭৬৬১১

[ অৰ্পণ ]
 

অৰ্পণ
হাজাৰ ব্যস্ততাৰ মাজতো কণমান আজৰি ক্ষণ উলিয়াই
নিজৰ সৃজনশীলতাৰ বিকাশৰ অৰ্থে অহোপুৰুষাৰ্থ
কৰা লেখিকা-সখী তথা পঢ়ুৱৈ-সখীসকলৰ
সুকোমল হাতত
“অৰ্দ্ধ-আকাশ” ৰচনাসমগ্ৰৰ প্ৰথম খণ্ড
তুলি দিয়া হ'ল।
|
প্ৰশাসকমণ্ডলী
অৰ্দ্ধ-আকাশ

 

[ পাতনি ]

সম্পাদকৰ মেজৰপৰা

 সাহিত্য নহয়। সাহিত্যৰ বৰ পথাৰলৈ বুলি ছটিয়াই দিয়া সৃষ্টিৰ কঠীয়াতলিৰ সামান্য এমুঠি বীজ; “অৰ্দ্ধ আকাশ”।

 ফেচবুকৰ এটি জনপ্ৰিয় মহিলাৰ গোট। এই “অৰ্দ্ধ আকাশে’’ আকাশ সপোন দিলে সৃষ্টিৰ। তিৰাশী হাজাৰ মহিলাৰ আখৰা চলে অহৰ্নিশে কিবা এটা সৃষ্টি কৰাৰ। বহুতৰে জীৱনৰ ভাটি বেলাতো হয়তো নিৰ্জীৱ হৈ যাব খোজা কলমটোৱে অৰ্দ্ধ আকাশৰ বুকুত প্ৰাণ পাই উঠিছে। ২০১৭ চনৰ ৪ মাৰ্চত আৰম্ভ কৰা ফেচবুকৰ সাধাৰণ গোটটিয়ে ইমান খিনিলৈকে সাহস দিছে আমি ভাবি আচৰিত হওঁ। সকলো সদস্যই বিচাৰে অৰ্দ্ধৰ নিজা এখনি সংকলন হওক। সম্পূৰ্ণ অনভিজ্ঞ মই সদস্য সকলৰ উৎসাহ আৰু সহযোগিতাত এই সংকলনখনি কৰিবলৈ মনস্থ কৰোঁ। লবী কেন্দ্ৰিক সাহিত্য সৃষ্টিৰ হেঁচা ঠেলাত ইচ্ছা কৰিলেও বহু লেখক-লেখিকাই ভাল লিখা স্বত্বেও নিজৰ নামটো ছপা মাধ্যমত দেখাৰ পৰা বঞ্চিত হয়। এই অভিযোগ প্ৰায়ে শুনা যায় আজিকালি। আমাৰ উদ্দেশ্য, লিখাৰ হাবিয়াস থকা অথচ প্ৰকাশ কৰিবলৈ কোনো মাধ্যম অথবা মঞ্চ বিচাৰি নোপোৱা লেখিকা সকলক এখন মঞ্চ প্ৰদান কৰা। লিখা মেলা কৰাৰ লগে লগে আমি কেইবাটাও সামাজিক কামত জড়িত হৈ পৰিছিলোঁ। বিগত বৰ্ষত ছোচিয়েল মিডিয়াত এনে সামাজিক কৰ্ম কৰি আনক অনুপ্ৰাণিত কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠন “নবাৰুণ’’ৰ দ্বাৰা “অৰ্দ্ধ আকাশ”ক সম্বৰ্ধনাও জনায়। দুটা বৰ্ষতে সদস্যা সকলৰ পৰা পোৱা মৰম আৰু অনুপ্ৰেৰণা আমাৰ আটাইতকৈ শক্তিশালী দিশ। আমি আশাবাদী এই মঞ্চই এদিন সাহিত্যৰ পথাৰলৈ সৃষ্টিৰ শ্ৰেষ্ঠ বীজ কঢ়িয়াই নিব। কলমবোৰ ৰৈ নাযাওক। এয়া আৰম্ভণিহে মাথোঁ। যাত্ৰাপথ এতিয়াও বহু বাকী।

 প্ৰত্যাহানবোৰ: সম্পাদনা কৰিবলৈ লৈ ভয় লাগি আছিল কেনেকৈ কৰোঁ কামবোৰ। এটা সৰু গছ পুলিয়ে বটবৃক্ষ ৰূপ লোৱাৰ লগে লগে ইয়াৰ পৰিচৰ্যাৰ কথাও আহি পৰে। উপযুক্ত সাৰ পানীৰ অভাৱত যিদৰে গছ পুলিটো ঠন ধৰি উঠিব নোৱাৰে তাৰবাবে লাগিব পৰ্যাপ্ত আহাৰ। ঠিক সেইদৰে গোটটো গঠন কৰোঁতে ইয়াক সূচাৰুৰূপে পৰিচালনা কৰিবলৈ কৰবী বাক (কৰবী চৌধুৰী প্ৰধান, ছত্তিশগড়) লগত ল’লোঁ। তেওঁৰ অবিহনে এই যাত্ৰা অসম্ভৱ আছিল। তাৰ লগে লগে আমি মৰাণৰ শিখা দাস দত্ত, গীতাঞ্জলি বৰুৱা, শিৱসাগৰৰ আশাশ্ৰী গোস্বামী দাস, গুৱাহাটীৰ দীপিকা ডেকা, পূৰবী নাথ, নলবাৰীৰ ৰিকু (সাগৰিকা বৈশ্য) আৰু যোৰহাটৰ খুশবু হাজৰিকা। এখন ঘৰ যিদৰে বাই ভনী সকলে চোৱাচিতা কৰে আমিও সেইদৰে পাল পাতি গোট পৰিচালনা কৰিবলৈ যত্ন কৰোঁ। ঘৰ-সংসাৰ, চাকৰি আদি সকলো কাম কাজৰ আউল মাৰি আজৰি সময় খিনিক সদ্ ব্যৱহাৰ কৰিবলৈ লওঁ গোটটিৰ মাধ্যমেৰে। সময়ে সময়ে ভন্টি, সখীসকলে ব্যক্তিগতভাৱেও গ্ৰন্থখনি কৰিবলৈ লোৱাত ফোন যোগেৰে সাহস দি আহিছে। মাজতে বহু বিতৰ্ক যায়, বহুতৰ মত নিমিলে বহুতে গোটটি বন্ধ কৰি দিয়াৰ ষড়যন্ত্ৰও কৰে। সকলোবোৰ বাধা অতিক্ৰম কৰি “অৰ্দ্ধ আকাশ” এতিয়া অসমৰ সামাজিক মাধ্যমত এটা জনপ্ৰিয় গোট হিচাবে প্ৰতিস্থিত হৈছে। ইতিবাচক চিন্তাৰে সৃষ্টিৰ পথাৰখন জীপাল হৈ থাককচোন থাকে যদি অৰ্দ্ধৰ বুকুতে। তাৰ কামনাৰে সখীসকললৈ স্নেহেৰে —

জয়শ্ৰী মেচ গগৈ
মুখ্য প্ৰশাসক
অৰ্দ্ধ আকাশ
টিংখং , ডিব্ৰুগড়

 বিঃদ্ৰঃ- এই খিনিতে কৃতজ্ঞতাৰে কৈ থওঁ, সম্পাদনাৰ বাবে প্ৰয়োজন হোৱা এখনি গ্ৰন্থ ভন্টি নিৰ্মালিক কোৱাৰ অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড [ পাতনি ] লগে লগে তেওঁ মোৰ বাবে আনি দিলে। দ্বিতীয়তে, মোৰ জীৱনসংগী কীৰ্তিকমল গগৈ। তেঁও মোৰ সৈতে ছাঁৰ দৰে থাকি যথেষ্ট সহায় কৰি দিছে যাতে গ্ৰন্থখন ৰাইজলৈ সুন্দৰকৈ আগবঢ়াই দিব পাৰোঁ।

(২)

 “অৰ্দ্ধ আকাশ” ফেচবুক জগতৰ চিনাকি নাম এটি হৈ পৰাৰ আঁৰত হ’ল ইয়াৰ সদস্য সমূহৰ সক্ৰিয়তা আৰু সহযোগিতা।

 আজি এই সদস্যসকলৰ উৎসাহ, আগ্ৰহ আৰু সহযোগিতাত ফেচবুকৰ বাকৰিৰ পৰা “অৰ্দ্ধ আকাশ” গ্ৰন্থখন পঢ়ুৱৈৰ হাতত তুলিব দিবলৈ আগবাঢ়ি আহিছোঁ। সদস্য সকলৰ সহায় অবিহনে এয়া সম্ভৱ নহ’লহেতেন।

 ফেচবুক গ্ৰুপটিৰ জন্মদাত্ৰী জয়শ্ৰী মেচ গগৈৰ লগত ইয়াৰ মুখ্য প্ৰশাসকৰ ভাৰ লওঁতে ভবা নাছিলোঁ যে এটা সময়ত এক বিশাল গ্ৰুপ হৈ পৰিব যত সখীসকলে নিজৰ ব্যক্তিগত সমস্যাবোৰ, মনৰ কথাবোৰ ভগাই লোৱাৰ লগতে সৃজনশীল মনৰ পৰিচয়ও দিব। অৰ্দ্ধ আকাশ ৰ বুকুত আহি আমি আকৌ লিখিব আৰম্ভ কৰিছোঁ, হেৰাই যোৱা কলম আকৌ হাতত লৈছোঁ বুলি যেতিয়া কোনোবা সখীয়ে কয়, তেতিয়া কৰবাত গ্ৰুপতো কিঞ্চিত সফল হোৱা যেন মনে ধৰে৷

 এওঁলোকৰ আগ্ৰহতে ন-পুৰণি সদস্য লেখিকাৰ কিছু সৃষ্টিৰ সংকলন “অৰ্দ্ধ আকাশ’’ আজি আপোনালোকৰ হাতত। হয়তো সাহিত্য জগতত কেৱল নাৰী লেখিকাৰ লিখনিৰে সমৃদ্ধ এইখন অসমৰ প্ৰথম গ্ৰন্থ।

 এয়া আমাৰ প্ৰথম প্ৰচেষ্টা, ভুল ত্ৰুটি মাৰ্জনীয়। আশীৰ্বাদ কৰিব যাতে অচিৰেই দ্বিতীয় খণ্ডটি আপোনাসৱৰ হাতত এইদৰেই তুলি দিব পাৰোঁ।

স্নেহেৰে —
কৰবী চৌধুৰী প্ৰধান
মুখ্য প্ৰশাসক
অৰ্দ্ধ আকাশ
ৰায়পুৰ, ছত্তিশগড়

 কৃতজ্ঞতা :

 কাক দিওঁ? কেনেকৈ দিওঁ? ইমান স্নেহ, বিশ্বাস, আন্তৰিকতাৰে আমাক আৱৰি থকা সখীসকলৰ বাবে হয়তো এই দুশাৰী বাক্য পৰ্যাপ্ত নহয়। তথাপিও আমি জনাওঁ; জীৱনৰ বহু কেইটা অপ্ৰাপ্তি যেন নোহোৱা হৈ পৰিছে। আপোনালোকৰ ছাঁত। কাৰোবাৰ বাইদেউ হৈছোঁ, কাৰোবাৰ ভনী আৰু কাৰোবাৰ সখী। অৰ্দ্ধৰ উদ্দেশ্য সফল কৰি তোলা আপোনালোক সকলো সখী, বাই-ভনীলৈ আমি কৃতজ্ঞতা জনালোঁ। লগতে অনুৰোধ জনালোঁ, গ্ৰন্থখনিৰ সম্পাদনাত আমাৰ ভুল ত্ৰুটি নিঃসন্দেহে ৰৈ গৈছে। সেয়া মাৰ্জনা কৰে যেন। গঠনমূলক আলোচনাই সংশোধনৰ বাট দেখুৱাব বুলি আমি আশাবাদী।

জয়শ্ৰী মেচ গগৈ
কৰবী চৌধুৰী প্ৰধান
ardhoakash2018.gmail.com

(স্মৰ্তব্য :

গ্ৰন্থখনিত প্ৰকাশিত লেখাৰ সকলো তথ্য, মত অথবা কাহিনীৰ প্ৰতি লেখক দায়বদ্ধ।

সম্পাদক দায়বদ্ধ নহয়।)

[  ]

মাথোঁ প্ৰেমৰ বাবে

ভৱানী পেগু

 বেলিটো দিগন্তৰেখাত বিলীন হৈ যোৱাৰ পিছত সান্ধ্য তৰাবোৰ ফুটছাই বৰণীয়া আকাশখনৰ অত তত এটা এটাকৈ চিকমিকাই উঠিছে। অসীমত আকাশৰ দূৰ সীমনা আৰু সাগৰৰ নীলাবোৰ যেন একাকাৰ হৈ গৈছেহি... বতাহত ফৰফৰাই কঁপি উঠিছে সমুদ্ৰ তীৰৰ ছিৰিলি নাৰিকল গছৰ পাত।

 সাগৰৰ ঢৌবোৰৰ গৰ্জন অমৃতাৰ কৰ্ণকোঁহৰত গভীৰৰপৰা গভীৰতলৈ গৈ যেন এটি সংগীতৰ লহৰ তুলিছেহি।  “আস’’

 দুচকু জপাই , দুহাত মেলি তাই অনুভৱ কৰিছে সাগৰীয় হিমশীতল চেঁচা বতাহজাকক।

 একেইটো!

 সন্ধ্যা গাঁৱৰ নদীৰ পাৰত বহি অনুভৱ কৰা সেই নৈপৰীয়া চেঁচা বতাহজাকৰ দৰেই... সেই একেই অনুভৱ...!

 অমৃতাই সুযোগ পালেই সন্ধিয়া ওলাই আহে সমুদ্ৰ তীৰলৈ। সমুদ্ৰ গৰ্জন আৰু ঢৌ বোৰৰ সৈতে আছে তাইৰ নিবিড় সম্পৰ্ক। সমুদ্ৰ তীৰৰ বালিচৰত বহি সাগৰীয় চেঁচা বতাহজাকক তাই তুলনা কৰে সেই শৈশৱৰ তাইৰ মৰমৰ নৈখনৰ পাৰৰ চেঁচা বতাহজাকৰ সৈতে।

 অমৃতাৰ মনৰ আকাশত বিচৰণ কৰিছেহি এজনী সৰু ছোৱালীয়ে।

 ...উদং ভৰিৰে মলিয়ন এটি চুটি ফ্ৰক পিন্ধি, ৰঙা ৰিবনেৰে দুফালে দুকোঁচা চুলি বান্ধি, নদীৰ পাৰে পাৰে উন্মনা হৈ দৌৰি ফুৰা ... বনৰীয়া চৰাইৰ দৰে উৰি ফুৰা শৈশৱৰ সেই অমৃতাজনী। সেউজীয়া পথাৰৰ মাজৰ সৰু সৰু আলিবোৰৰ ওপৰত দুহাত মেলি এবাৰো পৰি নোযোৱাকৈ কেনেকৈ যে অনায়াসে দৌৰিব পাৰিছিল তাই!

 আৰু ... আৰু অনুৰাগ??

 সিওটো তাইৰ দৰে একেই বনৰীয়া আছিল। ক্ষীণ, লাহী শৰীৰ, এমূৰ কেঁকুৰা চুলিৰে, সেই গভীৰ চকুহালেৰে , তাইৰ শৈশৱৰ লগৰী... তাইৰ কৈশোৰৰ প্ৰথম সপোন ...অনুৰাগ!!

 কি কি কৰা নাছিল সি তাইৰ বাবে??

 তাইৰ লগত গাঁৱৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা, নদীত শামুক বিচৰা, পাৰত বহি বালিঘৰ সজা, পেন্টৰ পকেট ভৰ্তি কৰি সৰু সৰু শিলগুটি বাচি বাচি বুটলি অনা, তাৰপিছত আকৌ দুয়ো গৰাত বহি সেই শিলগুটি নদীৰ বুকুত উৎপন্ন হোৱা সৰু সৰু বৃত্তাকাৰ ঢৌবোৰলৈ দলিয়াই দিয়া....আৰু যে কত কি!!

 পথাৰৰ বুকুৰ সেউজীয়াত, নৈৰ পাৰত বনৰীয়াৰ দৰে নিৰ্ভীকভাৱে ঘূৰি ফুৰা ছোৱালীজনী ডাঙৰ হৈ আহিছিল।

 শৈশৱ কৈশোৰৰ দুৱাৰদলিত ভৰি দিছিলহি। লাহে লাহে চুটি ফ্ৰকবোৰ আৰু চুটি হৈ আহিছিল৷ পেহীয়েকৰ খেছখেছনিত অতিষ্ঠ হৈ অমৃতাই চুটি ফ্ৰক এৰি কপাহী মেখেলা চাদৰ পিন্ধিবলৈ লৈছিল।

 দুকোঁচা চুলিৰ ঠাইত হৈছিলগৈ দুডলীয়া বেণী। গাল দুখনত পৰা গোলাপী আভাই তাইৰ ৰূপত যেন অধিক ৰং চৰাইছিল। স্কুললৈ যাওঁতে লৰাবোৰে তাইক ঘূৰি ঘূৰি চোৱা হৈছিল।

আৰু.....অনুৰাগ!

 সিওটো আগতকৈ বেছি ওখ হৈছিল, বুকুখন বহল হৈছিল, নাকৰ তলতে দেখ দেখকৈ গোঁফৰ ৰেখা এডাল ওলাইছিল,....মাত ভাঙিছিল।

 অনুৰাগৰ ভঙা মাত শুনি অমৃতাই তাৰ চৰ্দি, কাঁহ হব লোৱা বুলি অলপ দূৰৈত থকা পেহীয়েকৰ ঘৰলৈ গৈছিল দৰব

বিচাৰি।

[ ১০ ]  অতীতৰ স্মৃতি ৰোমন্থনত নিমজ্জিত হৈ পৰা অমৃতাৰ ওঁঠত এটি শুকান হাঁহি বিৰিঙি উঠিছে।

 “কতে মৰো” বুলি কৈ মূৰে কপালে হাত দি বহিছিল পেহীয়েক।

 : তোক কোনে কলে তাৰ চৰ্দি হোৱা বুলি? তাৰ চৰ্দি হোৱা নাই নহয়। সি ডেকা হৈছে। সেইকাৰণেহে তাৰ মাত ফাটিছে। আঁকৰীজনী।

... আৰু শুন তয়ো এতিয়া গাভৰু হলি। গতিকে তাৰ লগত মিলা মিছা কমাই দিবি।

 :কিয় কিয়? তাৰ লগত মিলা মিছা কৰিলে কিনো হ'ব? সি টো মোৰ বন্ধু। মই কাৰ লগত কথা পাতিম নহ'লে!!

 : এহ এইজনী।কথাই নুশুন তই মোৰ। শুন। বেছিলৰাৰ লগত মিলা মিছা কৰিলে ....উমম.... সেই ৰতনৰ মানুহজনীৰ দৰে তোৰ পেটটোও ডাঙৰ হ'ব।

 পেহীয়েকে তাইৰ কাণৰ ওচৰতে ফুচফুচাই কোৱাদি কৈ নিজৰ কথাত নিজেই ৰস পাই সশব্দে হাঁহি উঠিছিল সেইদিনা।

 তাইৰ মুখখন আশ্চৰ্যত মেল খায় গৈছিল। তাই যে এই কথাটো ভবাই নাছিল।

 পেহীয়েকৰ ঘৰৰ পৰা ঘূৰি আহোতে বাৰিষাৰ কলীয়া ডাৱৰৰ দৰে বিষগ্ন হৈ পৰিছিল তাইৰ মনটো। ছেহ! অনুৰাগৰ লগত খেলা ধূলা, ঘূৰা ফুৰা সকলো যে বন্ধ কৰিব লাগিব তাই এতিয়া। নহলে যে ৰতন ককাইদেউৰ মানুহজনীৰ দৰেই তাইৰ পেটটো ডাঙৰ হৈ যাব।

 নিজৰ চিন্তা ভাৱনাত আত্মমগন হৈ খোজকাঢ়ি গৈ থকা অমৃতাৰ হঠাতে খোজত যতি পৰিছিল চাইকেলৰ টিলিঙাৰ চিনাকি শব্দত। হাঁহি এটি বাগৰি গৈছিল তাইৰ ওঁঠত।

 : ক'ত গৈছিলি? ব’ল। উঠ চাইকেলত। থৈ আহোঁ।

 উলাহত চাইকেলত উঠিব লৈও ৰতন ককাইদেউৰ মানুহজনীৰ পেটটোলৈ মনত পৰি ৰৈ গৈছিল তাই।

 :তই যা৷ মই খোজকাঢ়ি যাম।

 :কিয়?

 আচৰিত হৈ অনুৰাগে কিছুপৰ থেৰোঁগেৰুকৈ থিয় হৈ থকা অমৃতালৈ তীক্ষ্ণ দৃষ্টিৰে চাই ৰৈছিল।

 : উঠ বুলি কৈছো নহয় চাইকেলত।

 অনুশাসনৰ সুৰত কোৱা কথাষাৰ পেলাব নোৱাৰি কি কৰোঁ কি নকৰোকৈ অমৃতাই চাইকেলত উঠিছিল।

 সেইৰাতি ঘৰতো একো কামত মন বহুৱাব পৰা নাছিল তাই। তাইৰ মন মগজুত বাৰে বাৰে অনুৰণিত হৈ ৰৈছিল পেহীয়েকৰ কোৱা কথাবোৰ।

 “ অনুৰাগ ডেকা হ’ল। তয়ো গাভৰু হলি।”

 “অনুৰাগ ডেকা হ'ল।......


 সাগৰীয় চেঁচা বতাহজাকে পুনৰ গালে ওঁঠে চুমি গল তাইক। আকাশখনলৈ মূৰ তুলি চালে তাই। আকাশত এতিয়াও জিলমিলাই আছে সান্ধ্য তৰাবোৰ, আৰু উজ্জ্বলি আছে স্নিগ্ধ জোনাক। এই মহানগৰীক জানো প্ৰয়োজন আকাশৰ তৰাৰ??....জোনবাইৰ প্ৰশান্তিময় আলোকময়তাৰ?? সন্ধিয়া নামি অহাৰ লগে লগেই লাইটৰ সমাহাৰত উজ্জ্বলি উঠে এইখন মহানগৰী।

 ক'ত গল সেই সেউজ পথাৰ, সেউজ গাঁও, সেই নদী ... বিস্তৃত সেউজীয়াৰ মাজে মাজে পুৱা সন্ধিয়া দৌৰি ফুৰা সেই নিৰ্ভীক, নিষ্পাপ লৰা ছোৱালী হাল!!...ক’ত গল সেই কৈশোৰৰ দুৱাৰদলিত থিয় হোৱা সেই নিষ্পাপ কিশোৰ কিশোৰী..?? ....আৰু তাহাঁতৰ অব্যক্ত হৃদয়ৰ ভাষা...?? অভিমানত উন্দুলি উঠিছে তাই।

 : কি হৈছে কচোন? মোৰ পৰা আতৰি ফুৰা হৈছ যে??

 অলপ খং আৰু অভিমান একাকাৰ হৈ ধৰা দিছিল অনুৰাগৰ চকু মুখত সেইদিনা। কিছুদিনৰ পৰা সি লক্ষ্য কৰিছিল অমৃতাই যেন জানি বুজি তাৰপৰা আঁতৰি ফুৰা হৈছে। সি ধেমালি কৰি তাইক জোকালে তাৰ পিঠিত ঢকাটো দিবলৈও যেন সাহস নকৰা হ'ল তাই।  : অনু....তই ডেকা হ’লি। [ ১১ ]  কওঁ নকওকৈ কথাষাৰ কৈয়েই পেলাইছিল তাই।

 : হয় নেকি? তাতে?

 : কি তাতে? মই ৷.....ময়ো গাভৰু ...হৈছেহি এতিয়া।

 কথাষাৰ কওঁতে অজানিতে গাল দুখন গৰম হৈ উঠিছিল তাইৰ।

 অমৃতাৰ কথাৰ একো প্ৰত্যুত্তৰ নিদিয়াকৈ মাথো চাই ৰৈছিল সি বাৰে বাৰে ৰং সলোৱা তাইৰ গাল দুখনিলৈ। কিছুপৰ তাইলৈ তেনেদৰেই চাই ৰৈছিল সি।

 : কি চাই আছ তেনেকৈ?

 : চা অনু, তই মোক বেয়া নাপাবি। কিন্তু মোৰ ৰতন ককাইদেউৰ মানুহজনীৰ দৰে হব মন নাই।

 : কি হল ৰতন ককাইদেউৰ মানুহজনীৰ??

 : দেখা নাই পেটটো কিমান ডাঙৰ??

 কিছুপৰ কথাষাৰ ঠিক বুজিব নোৱাৰি তাইৰ সৰল চিন্তিত চকুযুৰীলৈ চাই ৰৈছিল সি। ভঙা ভঙা মাতেৰে সশব্দে হাঁহি উঠিছিল অনুৰাগ। হাঁহি হাঁহি ৰৈ গৈছিল আৰু পিছমুহূৰ্ততে গম্ভীৰ হৈ পৰিছিল সি।

 : ঠিক আছে।তোৰ পেটটো মই কেতিয়াও ডাঙৰ হবলৈ নিদিও। হব? মোৰ ওপৰত বিশ্বাস কৰ।পলাই নুফুৰিবি মোৰ পৰা। এইকন বিশ্বাস ৰাখিব পাৰ তই।

 : কৈয়েই চাইকেল চলাই সুহুৰি বজাই বজাই আতৰি গৈছিল সি।

 কৈশোৰ এৰি যৌৱনৰ দুৱাৰদলিত ভৰি দিছিলহি দুয়ো। সেই যে সি কথা দিছিল তাইক ৰতন ককাইদেউৰ মানুহজনীৰ দৰে পেটটো ডাঙৰ হব নিদিওঁ বুলি....সকাহ পাইছিল তাই।

 :পুনৰ আগৰ দৰেই দুয়ো কথা পাতিছিল, স্কুল গৈছিল।

 সমনীয়াৰ সৈতে কাণে কাণে কথা পতাৰ বয়স আছিল সেয়া। লাহে লাহে তাই বুজি উঠিছিল,....জানিব পাৰিছিল... পুৰুষ আৰু প্ৰকৃতিৰ মাজত থকা পাৰস্পৰিক সেই জৈৱিক আকৰ্ষণৰ কথা...আৰু সেই আকৰ্ষণৰ ফলত সৃষ্টি হোৱা এই মানৱজাতি, সমস্ত জীৱজগত...উদ্‌ঘাটন কৰিব পাৰিছিল ৰতন ককাইদেউৰ মানুহজনীৰ পেট ডাঙৰ হোৱাৰ ৰহস্য। লাজত মুছকছ যাবৰ উপক্ৰম হৈছিল তাইৰ।

 “উস্‌’’

 কি কি যে কৈ পেলাইছিল তাই অনুৰাগক একো নজনাকৈয়ে। সেই একেই মুহূৰ্ততে এক অনামী খং আৰু অভিমানো অনুভৱ কৰিছিল তাই। কিয় সি কলে তাইৰ পেট কেতিয়াও ডাঙৰ হব নিদিওঁ বুলি??তাইৰ প্ৰতি আকৰ্ষিত নহয় নেকি সি?? যেনেকৈ পুৰুষ নাৰীৰ মাজত থকা সেই চিৰন্তন জৈৱিক আকৰ্ষণ..!!

 মোবাইলৰ ৰিং টনটো হঠাৎ বাজি উঠিল। প্ৰায় চক খাই উঠিল অমৃতা।

 স্ক্ৰীনত জিলিকি উঠিছে....“ভাস্কৰ”।

 বিৰক্তিত ৰঙা হৈ পৰিছে অমৃতাৰ মুখখন। তাই ফোনটো ৰিছিভ নকৰিলে।

 এজাক গৰম বতাহে আৱৰি ধৰিছেহি তাইক।

 তিক্ততা আৰু হতাশগ্ৰস্ততাৰ চক্ৰবেহুত সোমাই পৰিছে তাই, ... আৰু এই চক্ৰব্যহুৰ পৰা ওলাই অহাৰ পথ তাইৰ নাই। সমুদ্ৰৰ হিমশীতল চেঁচা উৰ্মিমালাই ধুৱাই নিয়া বালিচৰৰ পদচিহ্নৰ দৰেই সময়ৰ সোঁতে ধুৱাই নিছে তাইৰ অস্তিত্ব, তাইৰ আত্মা। সেইবাবেইতো .... তাই জী আছে এটি প্ৰাণবিহীন জীৱন। প্ৰেমবিহীন ...অনুৰাগ বিহীন, তাইৰ জীৱনটো যে এতিয়া মৰুভূমিৰ দৰেই নিস্তেজ, নিষ্প্ৰাণ .....আৰু অনুৰ্বৰ॥

(২)

 কলিং বেলৰ দীঘলীয়া শব্দত প্ৰায় উচপ খাই উঠিল অমৃতা। দৌৰি যোৱাদিয়েই গৈ দুৱাৰখন খুলি দিলে তাই। বাহিৰত ক্লান্ত ৰঙা দুচকুৰে থিয় হৈ আছিল সি। এবাৰ তাইলৈ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি ধলং পলং খোজেৰে সোমাই আহিল

ভাস্কৰ।

[ ১২ ]  দুৱাৰখন বন্ধ কৰি দি তাইও সোমাই আহিল পিছে পিছে।

 : ফ্ৰেছ হৈ লওক।

 : টাৱেল বাথৰুমতেই থৈ দিছোঁ।

 তাইৰ কথাত অকণো ভ্ৰুক্ষেপ নকৰাকৈ চিধাই বেডৰুমত সোমাই বিছনাখনত দীঘল দি পৰিল সি।

 অমৃতা কিছুপৰ দোধোৰ মোধোৰত হৈ ৰ'ল ঠাইতে। ভাস্কৰ চাগৈ বাহিৰতে খাই আহিছে। তাই লাহেকৈ গৈ তাৰ ভৰিৰ জোতা আৰু মোজাযোৰ খুলি দিলে।

 বিছনাখনৰ শিতানৰ জ্বলি থকা লাইটটো অফ্‌ কৰিবলৈ গৈ হঠাতে চক খাই উঠিল তাই... ইতিমধ্যে তাইৰ হাতত থাপ মাৰি ধৰিছিল সি।

 “উস্” দুচকু সজোৰে মুদি দিলে তাই।

 .....ঘৃণা কৰে ....অত্যন্ত ঘৃণা কৰে তাই এই কঠিন হাতখনৰ শীতলতাক। মৃত্যু সম্ভাৱনাতকৈও যেন বেছি ভয়ংকৰ এই হাতখনৰ শীতল অথচ কঠিন স্পৰ্শ।

 ইতিমধ্যে সৰীসৃপৰ দৰে সেই শীতলতাই মেৰিয়াই ধৰিছিল তাইৰ শৰীৰটোক....মৃত্যু শীতল সেই অনুভৱ একাকাৰ হৈ পৰিল ভাস্কৰৰ মুখৰ তীব্ৰ মদৰ গোন্ধ আৰু তাৰ শৰীৰৰ ঘামৰ গোন্ধৰ সৈতে। সাপৰ ফুচফুচনিৰ দৰে তাৰ ঘন নিশ্বাসবোৰ আৰু ঘন হৈ আহিছিল.....

 .....আৰু কিছুপৰ পিছত শান্ত হৈ শুই পৰিছিল সি।

 মৃত মানুহৰ দৰেই পৰি ৰ'ল তাই। পিছমুহূৰ্ততে লাহেকৈ বিছনাখনৰ পৰা উঠি আহি বাথৰুমত গৈ শ্বাৱাৰৰ তলত দীঘল চুলিকোচা মেলি বহুপৰ থিয় দি ৰ'ল তাই। এটি চেপা কান্দোনৰ দৰে হাঁহি বিৰিঙি উঠিল তাইৰ ওঁঠত।

 ....অমৃতা তই পাৰ কৰিলি আন এটি বিভীষিকাময় ৰাতি।

 হয়.....প্ৰতিটো ৰাতিয়েই তাইৰ বাবে বিভীষিকাময়।

 ইতিমধ্যে সৰীসৃপটোৰ দাঁতৰ তীক্ষ্ণ কামোৰত সৃষ্টি হোৱা ক্ষত স্থানবোৰত বিৰিঙি উঠা কণ কণ তেজৰ কণিকা বোৰক ধুৱাই নিছিল জল কণিকা বোৰে।

 মুম্বাই মহানগৰীৰ এটা বিয়াগোম অট্টালিকাৰ সোতৰ নম্বৰ ফ্লৰ।

 ভাস্কৰ ইতিমধ্যে ওলাই গৈছে নিজৰ কৰ্মস্থানলৈ। খিৰিকীৰে বাহিৰৰ ব্যস্ত চহৰখনলৈ চাই ৰ'ল তাই। চৌপাশে ওখ ওখ অট্টালিকা..... ব্যস্ত ৰাজপথত পুৱাৰ পৰাই গাড়ী মটৰৰ লানি নিছিগা অহৰহ আহ যাহ আৰু তাৰ সংমিশ্ৰিত কোলাহল....। খিৰিকীখন খুলিলেই দেখা যায় চৰাইৰ দৰে, কিন্তু চৰাইতকৈ হাজাৰ গুণ বেগেৰে পথ অতিক্ৰম কৰি উৰি যোৱা উৰাজাহাজ।

 মুম্বাই চহৰৰ এই কোলাহল, ভিৰৰ মাজত থাকিও তাই অকলশৰীয়া। নিঃসংগ।

 এক ধৰণৰ ভয়ভাৱে আগুৰি ৰাখে তাইক অহৰহ। পদে পদে লাঞ্চিত হোৱাৰ , বিপৰ্যস্ত হৈ খহি পৰাৰ সম্ভাৱনাই তাইক আৱৰি ৰাখে।

 শৈশৱৰ সেই নিৰ্ভীক ছোৱালীজনীৰ যেন অপমৃত্যু ঘটিল। মানুহৰ স্বাৰ্থপৰতা...বৰ্বৰতা, অনৈতিকতাই যেন হত্যা কৰিলে...অপমৃত্যু ঘটালে সেই শৈশৱৰ অমৃতাজনীক। এতিয়া তাই এগৰাকী ভয়াতুৰ,... ভয়ঙ্কৰভাৱে পৰাধীন এগৰাকী মহিলা মাথো॥

 তথাপিও তাই জীয়াই আছে।

 তাইৰ একো নাই... আছে মাথো শৈশৱ কৈশোৰৰ এবুকু প্ৰেম ভৰা সেউজীয়া স্মৃতি।

 সজীৱ হৈ উঠিছে কিছু সেউজীয়া ক্ষণ অতীতৰ ...

 অমৃতাহঁতৰ গাঁৱখনৰ পশ্চিমৰ ফালে দীঘলীয়া উকি দি যোৱা ৰেলগাড়ীখনৰ পিছে পিছে এজুম লৰা ছোৱালী। ফোঁপাই ফোঁপাই দৌৰিছে আটাইকেইটা। সিহঁতে জানে ৰেলগাড়ীখনৰ সমান বেগত সিহঁতে দৌৰিব নোৱাৰে তথাপিও প্ৰতি পুৱা গধূলি সিহঁতে বিফল চেষ্টা চলায়।

 লাহে লাহে ৰেলগাড়ীখনৰ গতি তীব্ৰৰ পৰা তীব্ৰতৰ হৈ চকুৰ আগত নোহোৱা হৈ যায়। ভাগৰি জুগৰি ৰৈ যায় ল'ৰা [ ১৩ ] ছোৱালীজাক।

 হাতত বাঁহৰ এটি দীঘল লাঠী লৈ খেদি আহে অমৃতাৰ পেহীয়েক। ফৰিংচিটিকা দি পলাই সিহঁত। কিংকৰ্তব্যবিমুঢ় হৈ ৰৈ যোৱা অমৃতাক দেখি পলাবলৈ লৈও ৰৈ যায় অনুৰাগ। পেহীয়েকৰ ৰুদ্ৰমূৰ্তি ৰূপ দেখি ভয়ত তাই গৈ অনুৰাগৰ লাহী শৰীৰটোৰ পিছফালে থিয় দিয়েহি। নিৰ্বিকাৰ চিত্তে অনুৰাগ থিয় হৈ ৰয় তাইৰ সন্মুখত এখন ঢালৰ দৰে হৈ।

 : ৰেলগাড়ীৰ তলত পৰিলে দুছেও হ’বি জান নে নাই সেই কথা তহঁতে??

 খঙত ৰঙা হৈ কোঁচ খাই বিকৃত হৈ উঠে পেহীয়েকৰ মুখখন। উধাই মুধাই কোবাব ধৰে সন্মুখত ঢাল হৈ থিয় দি থকা অনুৰাগক। আক্ষেপত অস্থিৰ হৈ উঠি অমৃতাই সোঁহাত মেলি আগবঢ়াই দিয়ে পেহীয়েকলৈ।

 দুকোবমান দি হতাশ হৈ পুনৰ উভতি যায় পেহীয়েক।

 অতীতৰ স্মৃতি ৰোমন্থন কৰি এটি ক্ষীণ হাঁহি বিয়পি পৰিল অমৃতাৰ ওঁঠত।

 সেই প্ৰেমৰ স্মৃতিয়েইটো তাইক জীয়াই ৰাখিছে ইমানদিনে। অনুৰাগৰ সৈতে কটোৱা অতীতৰ সেই প্ৰেমময় ক্ষণবোৰে ক্ষণিকৰ বাবে হলেও যেন দূৰ কৰি দিব পাৰে তাইৰ অন্তৰৰ সকলো, ক্লেশ, যাতনা, বিষাদ,...৷

 প্ৰথম প্ৰেমৰ সেই দুৰ্বাৰ তৃষা আজিও যে অক্ষুন্ন হৈ জীয়াই আছে তাইৰ অন্তৰত। সচাকৈ কোনোবা কবিয়ে ঠিকেই কৈছিল....

 “প্ৰেম জীৱনৰ লহৰী সুধা,... এটি অমৃতময় ঢৌ”

(৩)

 অসংখ্য লাইটৰ পোহৰত জকমকাই উঠিছে মুম্বাই মহানগৰীৰ ৰাজপথ। ৰাজপথৰ অগণন গাড়ীৰ লানিৰ মাজেদি অতি নিপুণতাৰে লাহে লাহে গাড়ীখন চলাই লৈ গৈছে ড্ৰাইভাৰ বিনয়ে,...আগছিটত হেলান দি বহি গৈছে ভাস্কৰ। বিৰক্ত, খঙাল মুখেৰে চাই ৰৈছে সন্মুখৰ গাড়ীৰ লানিটোলৈ। মাজে মাজে খঙত কিবা ভোৰভোৰাই কৈছে।

 গাড়ীখনৰ পিছৰ ছিটত নিৰ্বিকাৰচিত্তে আপোন চিন্তাত মগ্ন হৈ বহি আছে অমৃতা,....দুচকুত উদাসীন দৃষ্টি লৈ।

 নতুন মডেলৰ গাড়ীখনৰ মিউজিক প্লেয়াৰত বাজি উঠিছে কম ভলিউমত তাই বুজি নোপোৱা এটি ইংৰাজী গীত। লাহেকৈ মূৰটো সামান্য বেঁকা কৰি গাড়ীৰ কলা গ্লাছেদিয়েই তাই চাবলৈ চেষ্টা কৰিলে আকাশখনলৈ।

 ....তৰা ভৰ্তি আকাশ...মুম্বাই মহানগৰীৰ ৰমক জমক লাইটৰ পোহৰত নিষ্প্ৰভ হৈ পৰিছে আকাশৰ তৰাও। জোনবাইৰ মুখখনিও যেন বিষাদত বিবৰ্ণ.... নিস্তেজ। অৱহেলিত অনুভৱ কৰি দুখত মগ্ন এগৰাকী অভিমানী গাভৰুহে যেন ...!

 হাতৰ ঘড়ীটোলৈ এবাৰ চাই পঠিয়ালে তাই। সন্ধিয়া সাত বাজি পাৰ হৈ গৈছে ইতিমধ্যে।

 দিনৰভাগতেই ভাস্কৰে তাইক লৈ গৈছিল ডাক্তৰ তৃশা কুপ্পীকাৰৰ চেম্বাৰলৈ। ভাস্কৰৰ পুৰণি বন্ধু, মেডিচিন স্পেচিয়েলিষ্ট ডাক্তৰ অবিনাশ গুপ্তাই ৰেফাৰ কৰিছিল তাইক মনোৰোগ বিশেষজ্ঞা তৃশা কুপ্পীকাৰৰ ওচৰলৈ। যোৱা দুমাহমানৰ পৰাই কিছুমান লক্ষণে নেৰানেপেৰাকৈ লগ দি আছে তাইক।

 নিদ্ৰাহীনতা, ভোক নলগা, অস্থিৰতা, মূৰ ঘুৰণি .....।

 অনিচ্ছাসত্তেও ভাস্কৰৰ লগত আহিছিল তাই ডঃ তৃশা কুপ্পীকাৰৰ চেম্বাৰলৈ। অকলশৰীয়াকৈ চেম্বাৰত বহুৱাই বহু কথাই সুধিছিল তাইক মধ্যবয়সীয়া ডাক্তৰগৰাকীয়ে।

 ....তাইৰ বৰ্তমান, তাইৰ অতীত, ভৱিষ্যতৰ কথা...পাহৰিব নোৱাৰা অতীতৰ ভাল বেয়া স্মৃতি ইত্যাদি।

 ...আৰু সুধিছিল তাইৰ শৰীৰত লগা কলা নীলা অসংখ্য দাগবোৰৰ কথাও...

 আচৰিত হৈছিল অমৃতা। ইমান চোকা হব পাৰেনে কাৰোবাৰ দৃষ্টি!! ডাক্তৰ তৃশা কুপ্পীকাৰৰ কোমল, সহানুভূতিপূৰ্ণ অথচ তীক্ষ্ণ দৃষ্টিয়ে যেন পঢ়ি লৈছিল তাইৰ মনৰ অকথ্য বহু কথা।

 বহু কথা ক'ব খুজিও একোৱেই কব নোৱাৰিলে তাই...কিহবাই যেন ডিঙিত সোপা মাৰি ধৰিছিল তাইক। শব্দবোৰ যেন মুখতে জঁট লাগি ৰৈ গৈছিল। হিয়া উজাৰি কান্দিব খুজিছিল অমৃতাই ...কিন্তু এটোপাল চকুলোও জিলিকি উঠা নাছিল তাইৰ দুচকুত...মাথো অসহায় শূন্য দৃষ্টিৰে চাই ৰৈছিল মধ্যবয়সীয়া মানুহজনীৰ দুচকুৰ কোমল চাৱনীলৈ। অস্পষ্টকৈ মাথো কিবাকিবি বিৰবিৰাইছিল তাই আপোনমনে। [ ১৪ ]  চকুলো আৰু শব্দবোৰেও যেন প্ৰতাৰণা কৰিছিল তাইক।

 সকলো যেন বুজি উঠিছিল ডাক্তৰ তৃশা কুপ্পীকাৰে।

 কিছুপৰ পিছতেই ডাক্তৰগৰাকীয়ে ভাস্কৰক মাতি কিবা কিবি বুজাইছিল আৰু লগতে দিছিল এখন ঔষধৰ দীঘলীয়া লিষ্ট।

 খঙত গুজৰী উঠিল ভাস্কৰ। গোল মুখখন খঙত তেজাল হৈ পৰিছে। মুখখনৰ ভংগী বিকৃত কৰি ভয়ানক ভাৱে অস্থিৰ হৈ পৰিছে সি।

 : ইমান সুখত ৰাখিছোঁ তোক। তাৰপিছটো তোৰ কিহৰ ডিপ্ৰেছন?? যি লাগে নোখোজাৰ আগতেই আনি দিও। তথাপিও অসন্তুষ্টি তোৰ। মনত পৰিছে নেকি পুৰণি প্ৰেমিকলৈ??

 : ....

 : কি দিছিল সি তোক?? যি মই তোক দিব পৰা নাই।

 : ....

  মই আনি দিয়া প্ৰতিটো ঔষধ নিয়মমতে খা। এনেকৈ শুই বহি থাকিলে নহ'ব। সোনকালে ভাল হ। মই বেলেগ এটা ব্যৱস্থা কৰিম বাৰু। অকণমান ঘৰৰ পৰা ওলোৱা সোমোৱা কৰিলে ভাল লাগিব পাৰে।

 বিৰক্তিত দুৱাৰখন ধামকৈ জপাই দপদপাই ওলাই গ'ল ভাস্কৰ।

 ঈষৎ হাঁহি বিৰিঙি উঠিল তাইৰ ওঁঠৰ একোণত। ভাস্কৰৰ দৰে শৰীৰসৰ্বস্ব, বিলাস সৰ্বস্ব মানুহলৈ পুতৌ জন্মে তাইৰ। তাৰ মতে টকা-পইচা, সা-সম্পত্তি, ক্ষন্তেকীয়া ভোগ বিলাসেই সকলো।

 প্ৰেম শব্দটি বহু দূৰৈত ৰৈ যায়।

 অৱশ্যে ভাস্কৰৰ কি দোষ??

 প্ৰকৃত প্ৰেমৰ অনুভূতিয়ে কেতিয়াও জোকাৰি যোৱা নাই যাক, হৃদয়ত খলকনি তোলা নাই যাৰ .....তাৰ বাবে প্ৰেম মানেই যৌনতা.... আৰু যৌনতাই প্ৰেম।

 অমৃতাই নজনাকৈয়ে বহু আগতেই তাইৰ জীৱনত প্ৰথম প্ৰেমৰ জোৱাৰ আহিছিল। সেই জোৱাৰে চুই গৈছিল অনুৰাগকো। দুয়ো আগতকৈ বেছি গহীন হৈছিল। অনুৰাগৰ লগত চাইকেলত উঠি গলে এক অচিন অনামী শিহৰণে চুই গৈছিল তাইক। মনৰ ভাব বোৰ অপ্ৰকাশ্য হৈ ৰলেও দুয়ো যেন পঢ়ি পেলাইছিল দুয়োৰে চকুত জিলিকি উঠা প্ৰেমৰ সেই মিঠা অনুভূতিক।

 সেইকাৰণেইটো...সেই সময়ৰ যৌৱন উদ্দীপ্ত কোনো অন্য ডেকা লৰাৰ প্ৰেমৰ প্ৰস্তাৱে,...মনৰ গোপন বাৰ্তা কঢ়িয়াই অনা কোনো আৱেগ পৰিপূৰ্ণ প্ৰেমপত্ৰই, অমৃতাৰ হৃদয়ত কোনো মিঠা তৰংগ সঞ্চাৰিত কৰিব নোৱাৰিছিল ...।

 কাৰণ তাই যে ইতিমধ্যে মনে প্ৰাণে মাথো অনুৰাগৰ হৈ ৰৈছিল,...মাথো অনুৰাগৰ।

 দুধাৰী তপত চকুলো বাগৰি আহি চুই গ'লহি অমৃতাৰ ডিঙি , বুকু...।

 আজিও, আজিও অনুৰাগৰ সৈতে জড়িত স্মৃতিবোৰে তাইৰ হৃদয়ত সেই একেই আলোড়ন জগায়। শব্দবিহীন এক সংগীতৰ মূৰ্ছনাই তৰংগায়িত কৰি তোলে তাইৰ সমস্ত হৃদয়...

 শৰীৰ, আত্মা...। সেই প্ৰেমৰ স্মৃতিয়ে দিয়ে তাইক আজিও অনাবিল ঐশ্বৰিক সুখ, সৰগীয় অনুভূতি!!

 পাহৰিব পাৰিবনে তাই অনুৰাগৰ দুচকুৰ অব্যক্ত প্ৰেমৰ কাতৰ আহ্বান .... নতুবা, ভাস্কৰৰ লগত গাড়ীত উঠি গাঁৱৰ ঘৰৰ পৰা ওলাই আহিবৰ পৰত অনুৰাগৰ দুচকুত জিলিকি উঠা সেই দুৰ্ঘোৰ ঔদাসীন্য...??

 কি আছিল সেই ঔদাসীনতাৰ আঁৰত??

 নিজৰ প্ৰতি খং, ক্ষোভ...অমৃতাৰ প্ৰতি অভিমান, নে বিদ্বেষ?? কি আছিল সেই দুচকুত?? লক্ষ্য কৰিছিলনে সি তাইৰ দুচকুত তাৰ প্ৰতি উঠলি অহা এবুকু অভিমান??

 বিছনাখনতে মুখখন উবুৰি সজোৰে উচুপি উঠিল অমৃতা।

 দুচকুৰ আগত ভাহি উঠিছে তাইৰ জীৱনলৈ অমানিশা নমাই অনা সেই কালৰাত্ৰিৰ স্মৃতি...বৰ্ষণমুখৰ সেই নিশাটো, [ ১৫ ]  যাৰ পিছত আৰম্ভ হৈ গৈছিল তাইৰ জীৱনৰ কলা পৃষ্ঠাবোৰ .....৷

(৪)

 “অমৃতাক চাবলৈ চহৰৰ ল'ৰা আহিব হেনো!!”

 “শুনিছো বয়সত তাইতকৈ বহুত বেছি ডাঙৰ’’

 “আহিবই দিয়াচোন। কম ধুনীয়া নে তাই!! তাইৰ দৰে ধুনীয়া ছোৱালী চহৰতো নোলাব কিজানি!”

 “পিছে অনুৰাগৰ কি হ'ব??”

 “অ বেচেৰাটো তাৰ কাৰণেহে বেয়া লাগিছে পাই”

 “হওঁক দে। মাতৃহাৰা ছোৱালী জনীৰ ভাল গতি এটা লাগক।”

 বনজুইৰ দৰে মানুহৰ মুখে মুখে বিয়পি পৰিছিল এনেবোৰ কথাই গোটেই গাঁওখনত। হকে বিহকে নানা ধৰণৰ আলোচনা বিলোচনা চলিছিল। আৰু তেনে কিছুমান আলোচনাৰ ভগ্ন টুকুৰা শ্ৰৱ্যগোচৰ হৈছিল অনুৰাগৰ।

 আৰু...এক বুজাব নোৱাৰা বুকুৰ বিষত ছটফটাই উঠিছিল সি। অসম্ভৱ ধৰণে গহীন হৈ পৰিছিল অনুৰাগ।

 : কথা এটা শুনিছো সকলোৰে মুখত। তোৰ বিষয়ে।

 সেমেকা কণ্ঠৰে অনুৰাগে কলে।

 দৃষ্টি তাৰ নিৱদ্ধ দূৰৈৰ নদীখনৰ সিপাৰৰ অস্পষ্ট সেউজীয়া পাহাৰখনত।

 : কি?

 অনুৰাগে আনি দিয়া সৰু সৰু শিলগুটি বোৰ এটা এটাকৈ দলিয়াই দিছিল তাই লাহে লাহে নদীৰ বুকুলৈ।

 শীতকালীন নদীৰ বুকু গহীন আৰু উদাস।

 নাই কোনো উচ্ছল জলতৰংগ। বেলিটিৰ পৰা উদ্‌গীৰিত কোমল পোহৰ কণাই চিকমিকাই তুলিছে নদীৰ বুকু।

 :..... তোক হেনো চাবলৈ কোনোবা চহৰৰ ডাঙৰ অফিচাৰ আহিব??

 খুব সাৱধানে কওঁ নকওঁকৈ সেমেকা কণ্ঠৰে কথাষাৰ কলে অনুৰাগে।

 খিলখিলাই হাঁহি উঠিল অমৃতা।

 অনুৰাগে মুগ্ধতাৰে চাই ৰল তাইৰ নিষ্পাপ শিশুৰ দৰে প্ৰাণোদ্দীপ্ত উজ্জ্বল সোণবৰণীয়া মুখখনলৈ।

 : কি যে কওঁ নহয় অনু!! তইও বিশ্বাস কৰিছ??

 :...

 : মোৰ দৰে পাগলী এজনীক কোন চহৰৰ ল'ৰাই চাব আহিব অ’??

 : আৰু সঁচাকৈ যদি কোনোবা চাব আহে??... গুচি যাবি??

 অনুৰাগে স্থিৰ দৃষ্টিৰে চাই ৰল এই হাঁহো এই হাঁহো কৈ থকা তাইৰ ধুনীয়া চকুযুৰীলৈ।

 : কেতিয়াও নাযাও। মইতো তোৰ লগতেই থাকিম। আজীৱন।

 : ....


 নাই নাই নাথাকোঁ তোৰ লগত।

 : কিয়??

 : কি কিয়?? কেতিয়াবা কৈ পাইছনে মই কিয় তোৰ লগত থাকিব লাগে?

 : ....অমৃতা.....

 “অমৃতা বা “অমৃতা বা”

 কিবা এটা কবলৈ লৈও অনুৰাগ ৰৈ গৈছিল। ফোঁপাই ফেঁপাই সিহঁতৰ ফালে দৌৰি আহি আছিল অমৃতাৰ পেহীয়েকৰ ছোৱালী ৰিমঝিম।

 : অমৃতাবা তই ইয়াত বহি আছ??.. তোক কেতিয়াৰ পৰা বিচাৰি আছোঁ মই। ব’ল ব’ল জল্‌দি।

 : কলৈ? [ ১৬ ]  : বলচোন। ঘৰত আলহী আহিছে।

 : আলহী?

 : তই যাচোন। খুড়াদেউ এনেয়ে খং কৰিব নহ'লে।

 অনুৰাগ বহাৰ পৰা উঠিছিল ইতিমধ্যে।

 অলপ দেৰি কিবা চিন্তা কৰি অমৃতাও উঠি আহিল। অলপ চিন্তাত পৰিল অমৃতা।

 আলহী?? ক’ৰ আলহী?? কিয় আহিছে??

 গাঁৱৰ মানুহৰ মুখত চলি থকা কথাটোৱেই যদি সঁচা হয়?? মুখখন নিমিষতে বিৱৰ্ণ আৰু নিস্তেজ হৈ পৰিল তাইৰ। অনুৰাগে লক্ষ্য কৰিছিল তাইৰ চিন্তিত মুখখন।

 : একো নহয় যাচোন। পিছত কথা পাতিম। মই ইয়াতে বহিম কিছুদেৰী। পিছত লগ পাম।

 যাওঁ নাযাওকৈ অনুৰাগক তাতে এৰি থৈ লাহে লাহে খোজ দিলে অমৃতাই ৰিমঝিমৰ সৈতে। বুকুখন দুৰু দুৰুকৈ কঁপি উঠিছিল তাইৰ সেইমুহূৰ্তত।

 তেতিয়া তাই নিজেও ...আৰু অনুৰাগেওতো জনা নাছিল, বিধাতাই নিশ্চিত কৰি থৈ দিয়া এক অন্ধকাৰ, পুতিগন্ধময় জীৱনে যে হাতাউল দি

 মাতি আছিল তাইক!!

 প্ৰস্তুৰ মূৰ্তিৰ দৰে থিয় হৈ ৰৈছিল মাথো তাই। গাঁও খনৰ মানুহৰ মুখে মুখে বাগৰা টুকুৰা টুকুৰ কথাবোৰ যেন এটা এটাকৈ তাইৰ কাণত অনুৰণিত হৈ থাকিল।

 দেউতাকৰ আদেশত পেহীয়েক আৰু ৰিমঝিমে প্ৰায় জোৰ কৰিয়েই পিন্ধাই দিছিল এযোৰ নতুন নীলা ৰঙৰ মেখেলা চাদৰ। চুলিখিনি দীঘলকৈ বেণী গুঠি দিছিল ৰিমঝিমে। মুখত সামান্য ক্ৰীম ,পাউদাৰ অলপ সানি কপালত পিন্ধাই দিলে এটি কলা ফোট।

 চাহৰ ট্ৰেখন সজাই থাকোতে পেহীয়েকে তাইৰ কাণৰ কাষতে সৰু সৰুকৈ কৈছিল,

 : বহুত টকা পইচা আৰু সা সম্পত্তিৰ মালিক ভাস্কৰ দত্ত। কিন্তু তেওঁৰ এটাই অভাৱ। বিয়াৰ দুবছৰৰ ভিতৰতে তেওঁৰ প্ৰথম পত্নীৰ অকাল মৃত্যু ঘটিছে। ল'ৰা-ছোৱালীও নাই প্ৰথমা পত্নীৰ ভাগৰ।

 : .....

 : মুঠতে তই একো চিন্তা নকৰিবি। ৰাণীৰ দৰে থাকিব পাৰিবি তই।

 হাতত পেহীয়েকে সজাই দিয়া চাহৰ ট্ৰেখন লৈ তাই কোনোমতে থিয় হৈছিলহি বহাঘৰত।

 চেষ্টা কৰিও সামান্য হাঁহি এটিও মুখত

 বিৰিঙাই তুলিব পৰা নাছিল তাই।

 দুগৰাকী মান মহিলাই উঠি আহি তাইৰ মুখত হাত বোলাইছিল।

 : শুনি আছিলোঁ ধুনীয়া বুলি। কিন্তু ইমান যে ধুনীয়া হবা ভৱা নাছিলোঁ!!

 সকলোৱে মুগ্ধ দৃষ্টিৰে চাই ৰৈছিল তাইলৈ। চহৰীয়া আভিজাত্যৰে ভৰপূৰ মহিলাসকলে মুক্ত মনেৰে অমৃতাৰ ৰূপৰ প্ৰশংসা কৰা দেখি দেউতাকৰ গৰ্বত যেন বুকুখন ফুলি উঠিছিল।

 : তাই দেখাত সাইলাখ মাকৰ দৰে হল।

 আত্মসন্তুষ্টিৰে হাঁহি উঠিছিল দেউতাক।

 এগৰাকী মহিলাই নিজেই আগযাচি তাইক সকলোৰে লগত চিনাকি কৰাই দিলে....আৰু চিনাকি কৰাই দিলে ভাস্কৰ নামৰ মানুহজনৰ সৈতে।

 নামটো শুনি সচকিত হৈ মূৰ তুলি চাইছিল তাই।

 প্ৰথম দৃষ্টিতেই বিতৃষ্ণাত, ... নহয় এক অজান ভয়ত সংকুচিত হৈ উঠিল তাইৰ মনটো। ভীষণ ভাৱে অপ্ৰস্তুত হৈ উঠিল তাই। [ ১৭ ]  ভাস্কৰ দত্ত নামৰ সেই মানুহজনৰ দুচকুৰ তীক্ষ্ন চাৱনীয়ে যেন চালিজাৰী চাই গৈছিল তাইৰ যৌৱনেৰে পুষ্ট শৰীৰটোৰ প্ৰতিটো অংগ৷

 বেলিটি পশ্চিমৰ পাহাৰখনত ডুব যোৱাৰ পিছতেই ঘন কুঁৱলীয়ে আৱৰি ধৰিছিল গাওঁখনক।

 ঘৰে ঘৰে উজ্জ্বলি উঠিছিল চাকি, লেম্পৰ চিকিমিকি পোহৰ।

 নিশা ঘন হৈ অহাৰ লগে লগে বাঢ়িছিল ঠাণ্ডাৰ প্ৰকোপ। বাহিৰত ইতিমধ্যে ডাঠ কুঁৱলী॥

অমৃতাৰ মনটো বুজাব নোৱাৰা ধৰণে অস্থিৰ হৈ উঠিছিল।কিবা এক অজান আশংকাত বাৰে বাৰে শংকিত হৈ উঠিছিল তাইৰ অন্তৰখন।

 ষষ্ঠ ইন্দ্ৰিয়ই যেন চিঞৰি চিঞৰি জনাব খুজিছিল সম্ভাব্য বিপদৰ আগজাননী। আন্ধাৰ ননমাৰ আগতেই সকলোবোৰ আলহী ঘূৰি গৈছিলগৈ ডাঙৰ দীঘল গাড়ীবোৰত উঠি।

 থাকি গৈছিল মাত্ৰ ভাস্কৰ দত্ত আৰু তেওঁৰ বন্ধু বিপ্লৱ।

 তেওঁলোকে আনি দিয়া বিলাতী মদৰ ৰসত ইতিমধ্যে ডুবিবলৈ আৰম্ভ কৰিছিল তাইৰ দেউতাক। দোৰোল খোৱা জিভাৰে বলকিবলৈ আৰম্ভ কৰিছিল অনৰ্গল অলাগতিয়াল কথা।

 ৰাতি পেহীয়েকে বনোৱা পাৰ মাংসৰ জালুকীয়া আঞ্জা তৃপ্তিৰে খাই ভাস্কৰ দত্ত আৰু তেওঁৰ বন্ধু বিপ্লৱ দুয়ো শুবলৈ গৈছিল। আলহীক শুবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল বহা কোঠাটোৰ কাষতে থকা অন্য এটি সৰু কোঠাত।

 সকলোকে শুবলৈ ব্যৱস্থা কৰি দিয়াৰ পিছত অমৃতাও নিজৰ কোঠাটোলৈ সোমাই আহিছিল।

 দেউতাকৰ ওপৰত ভীষণভাৱে খং উঠিছিল তাইৰ। কাহানিবাও তাইৰ দেউতাকে তাইৰ মূৰত মৰমেৰে বা আদৰেৰে হাত বুলাই পাইছিলনে?? একেখন ঘৰত থাকিও কোনোদিনেইতো মৰমত মাত এষাৰ নিদিছিল তাইক। মাথো পুৱা গধূলি নিমজ্জিত হৈ ৰৈছিল আকণ্ঠ মদৰ নিচাত॥ তথাপিও দেউতাকৰ পৰা অকণমান মৰম আদৰ পাবৰ কাৰণে সদা তৎপৰ হৈ ৰৈছিল তাই। অথচ আজি সেই একেজন দেউতাকৰেই এক অন্য ৰূপ দেখিবলৈ পাইছে তাই। চহৰৰ চহকী জোঁৱাই পোৱাৰ লালসাত উজ্জ্বলি উঠিছে চকু মুখ, ... কুঞ্চিত মুখৰ ৰেখাবোৰটো বিয়পি পৰিছে আনন্দৰ আভা।

 কণমানি বয়সতেই মাতৃহীনা হোৱা অমৃতাৰ মনত নাই মাকৰ চেহেৰা...তাইৰ বনৰীয়া মনটোৰ কোনোদিনেই আহৰিও নাছিল মাকৰ অভাৱ অনুভৱ কৰিবলৈ.... কিন্তু আজি যেন সকলো ব্যতিক্ৰম।

 মাক থকা হলে জানো এনেকুৱা হবলৈ পালেহেঁতেন??

 লেপৰ উমাল আৱেষ্টনীত গভীৰভাৱে নিদ্ৰাত মগ্ন অমৃতাৰ টোপনি ভাঙিছিল প্ৰায় মাজনিশা।

 তাইৰ ডিঙিত, কাণত যেন তীক্ষ্ণ কিহবাই বিন্ধিছিল। শৰীৰৰ ওপৰত যেন সুৰসুৰাই গধুৰ কিবা এটা বগাই গৈছিল। উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তাইৰ।

 সাৰ পাই উঠি বহিব খুজোতেই অনুভৱ কৰিলে তাইৰ শৰীৰৰ ওপৰত এটি গধুৰ পুৰুষ শৰীৰ। মুখেৰে ওলাই আহিব খোজা আৰ্ত চিৎকাৰ মুখতেই মাৰ গল কঠিন শীতল হাতখনৰ হেঁচাত। চটফটাব ধৰিছিল তাই। কোনোবাপাকত অমৃতাই সজোৰে কামুৰি দিছিল সেই কঠিন হাতখনত। মুহুৰ্তৰ বাবে অস্পষ্ট এক শব্দ উচ্চাৰণ কৰি আচাৰ মাৰি আতৰি গৈছিল সেই কঠিন পুৰুষ শৰীৰ আৰু হাত।

 সেই সুযোগতেই জাপ মাৰি উঠি বহিছিল অমৃতা। অন্ধকাৰ কোঠাটোৰ পৰা বিভ্ৰান্তৰ দৰে বাহিৰলৈ দৌৰি ওলাই আহিছিল তাই।

 পুহ মাহৰ মাজনিশাৰ প্ৰচণ্ড শীতকো নেওচি, চয়াময়া পোহৰত অত তত খুন্দা খাই ... মাথো দৌৰিছিল তাই। জোনাকীৰ পোহৰক বাট ভেটি ধৰিছিল ঘন কুঁৱলীয়ে। পিছলৈ ঘূৰি চাবলৈ আহৰি নাছিল তাইৰ। ঘূৰি চালেই যেন দেখি পাব...তাইৰ পিছে পিছে খঙত গুজৰি দৌৰি আহি থকা মানুহৰ মুখা পিন্ধা দস্যু টোক। চকামকা পোহৰত মানুহৰ ঘৰৰ বাৰীৰ মাজে মাজে, কেতিয়াবা আকৌ পথাৰৰ মাজে মাজে ভয়ত বিবৰ্ণ শেঁতা মুখেৰে দৌৰিছিল তাই। বিৰিণাই কাটি ছিৰিলা কৰিছিল তাইৰ দুভৰি। ঢিলা হৈ অহা খোপা খোল খাই সৰি পৰিছিল পিঠিত ..খহি পৰিছিল গাৰ পাতল চাদৰ..

 কুঁৱলীত ভিজি লিপিত খাই যোৱা মেখেলা খন ফাটি চিৰিলি গৈছিল। [ ১৮ ]  দৌৰি দৌৰি অসম্ভৱ ধৰণে বুকুখন ঢপঢপাইছিল তাইৰ..শীতৰ সেই হাড় কপোৱা জাৰটো বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছিল তাইৰ মূৰে কপালে। ভৰি দুখন থৰথৰকৈ কঁপিব ধৰিছিল ...

 কুঁৱলীৰ ডাঠ আৱৰণৰ মাজত সেই সময়তেই জোনাকীৰ অস্বচ্ছ পোহৰত আৱিৰ্ভাৱ হল এটি ওখ ছায়ামূৰ্তি...।

 কিছুদেৰী তধা লাগি তাই চাই ৰল সেই আগন্তক ছায়ামূৰ্তিৰ ওখ শৰীৰটোলৈ। দুচকুৰ আগত যেন ডাঠ কলা পৰ্দা এখন নামি আহিছিল... পিছমুহূৰ্ততে গুৰি কটা গছৰ দৰে সংজ্ঞা হেৰুৱাই বাগৰি পৰিল তাই।

(৫)

 ডাঠ কুঁৱলীৰ চাদৰ এখনে যেন মেৰিয়াই ধৰিছিল নিশাৰ পৃথিৱীক। সেই কুঁৱলীৰ আৱৰণ ভেদি জোনাকীয়ে অস্বচ্ছ পোহৰ বিলাইছিল ধৰাক ... মাজে মাজে হাড় কপোৱা চেঁচা বতাহ।

 অমৃতাহঁতৰ ঘৰত চহৰৰ আলহী অহা কথাটো গাঁওখনত জনাজাত হৈ গৈছিল। খবৰটো পোৱাৰ পিছৰে পৰাই অসম্ভৱ ধৰণে অস্থিৰ অনুভৱ কৰিছিল অনুৰাগে। কতো যেন মন বহুৱাব পৰা নাছিল সি। সকলোৰে দুচকুত যেন এক অব্যক্ত পুতৌ নতুবা সমবেদনা জাগি উঠিছিল তাৰ প্ৰতি। নিজকে খুব হীন আৰু তুচ্ছ অনুভৱ হৈছিল তাৰ। মাকৰ চকুত চকু মিলাই কথা পাতিবলৈও যেন তাৰ সাহস হোৱা নাছিল। ঘৰত কাকো মাত নলগোৱাকৈ অকলশৰে তাঁহাতৰ পথাৰৰ মাজত থকা টঙি খনত ৰাতিটো কটাবলৈ ওলাই আহিছিল সি৷

 ঠিক তেতিয়াই দৌৰি দৌৰি আহি সংজ্ঞাহীন হৈ পথাৰৰ মাজতে ঢলি পৰিছিল ভীতিবিহ্বল হৈ পৰা ছোৱালীজনী। ঘটনাৰ আকস্মিকতাত কি কৰো কি নকৰোকৈ কিছুপৰ দ্বিধাগ্ৰস্ততাৰে ইফালে সিফালে চাই ঠাইতে থিয় হৈ ৰল অনুৰাগ।

 .... পিছমুহূৰ্ততে, ছোৱালীজনীক কোলাত দাঙি উঠাই প্ৰায় দৌৰি যোৱাদিয়েই গ'ল সি পথাৰৰ মাজত থকা সৰু টঙি ঘৰটোৰ ফালে। চাঙৰ টঙিঘৰটোৰ ভিতৰখন তেতিয়া পোহৰাই তুলিছিল ঢিমিক ধামাককৈ জ্বলি থকা সৰু লেম্পটোৱে।

 ঠাণ্ডাত অসম্ভৱ ধৰণে চেঁচা পৰি অহা সংজ্ঞাহীন ছোৱালীজনীক তাৰ শোৱাপাটীখনতে উপৰমুৱাকৈ নমাই দিলে সি। উমাল লেপখন গাত লৰালৰিকৈ উৰি দিব লওঁতেই লেম্পৰ পোহৰত স্পষ্ট হৈ অহা চেতনাহীন ছোৱালীজনীৰ মুখখনলৈ চাই আশ্বৰ্য্যত যেন ফাটি পৰিল সি।

 বাৰিষাৰ মেঘৰ দৰে ঘন, নদীৰ দৰে বৈ পৰা মুক্ত কৃশকেশ ... বুকুত চিৰিলি যোৱা চাদৰ, চিৰিলি যোৱা মেখেলা, শেঁতা ওঁঠ মুখেৰে বিপৰ্যস্ত অমৃতাক দেখি হতবম্ভ হৈ পৰিল সি।

 “অ... অমৃতা”

 বিহ্বল ,অস্ফুট কণ্ঠৰে প্ৰায় চিঞৰি উঠিল অনুৰাগ। এজাক প্ৰশ্নৰ জোৱাৰ যেন একেলগে উঠি আহিল অনুৰাগৰ মগজুত ,...কেনেকৈ? কিয়?

 কিন্তু সেইবোৰ ভাৱিবৰ অৱকাশ নাছিল তাৰ সেইমুহূৰ্তত।

 অমৃতাক তেনেকৈ বিপৰ্যস্ত ৰূপত দেখি হাহাকাৰ কৰি উঠিছিল তাৰ অন্তৰখন।

 কম্পিত কণ্ঠৰে অলপ উচ্চ স্বৰেৰে কেইবাবাৰো তাইক গাত লৰাই মাত দিলে সি।

 তাইৰ শৰীৰত কোনো সাৰ সুৰ নেদেখি লেপখনেৰে ভালকৈ ঢাকি দি অমৃতাৰ চেঁচা হৈ পৰা ভৰিৰ তলুৱা আৰু হাতৰ তলুৱাত খৰকৈ মালিচ কৰিব ধৰিলে অনুৰাগে।

 সাংঘাতিক ধৰণে চেঁচা পৰি অহা শৰীৰটোত তথাপিও চেতনা ঘূৰি অহাৰ একো লক্ষণ নেদেখি অস্থিৰ হৈ উঠিল সি, ... কপালত ঘাম বিৰিঙি উঠিছিল তাৰ পুহ মাহৰ হাড় কপোৱা সেই ঠাণ্ডাতো।

 কিছুপৰলৈ চেষ্টা কৰি থকাৰ পিছতো অমৃতাৰ সংজ্ঞা ঘূৰি নহাত উন্মাদৰ দৰে হৈ উঠিল অনুৰাগ। বিবুদ্ধিত পৰিল সি। কি কৰিব? কাৰ পৰা সহায় লব??

 ক্ষন্তেক কিবা ভাৱিলে সি....

 পিছমুহূৰ্ততে লেপখনেৰে তাইৰ শৰীৰটো আধা [ ১৯ ]  ঢাকি অর্ধনিমিলিত দুচকুৰে, কঁপা কঁপা অথচ দৃঢ় হাতেৰে খৰকৈ খুলি পেলালে কুঁৱলীত ভিজি লিপিট খাই যােৱা শৰীৰৰ সকলাে বস্ত্র...নিজৰ শৰীৰৰ উত্তাপ দি তাইৰ শৰীৰত উত্তাপ ঘূৰাই আনিবলৈ ততাতৈয়াকৈ সি নিজৰ জেকেটটো আৰু ছাৰ্টৰ বুকুৰ বুটাম খুলি নিজেও লেপৰ তলত সােমাই সজোৰে চকু কান মুদি সাৱটি ধৰিলে তাইক।

 বহুপৰ তেনেদৰেই সাৱটি ধৰি থাকিল অনুৰাগে তাইক।

 সঘনাই কঁপিব ধৰিছিল তাইৰ ওঠযুৰী আৰু দুচকুৰ পতা। অনুৰাগৰ বুকুৰ উম আৰু লেপৰ উমাল আৱেষ্টনীত তাইৰ চেঁচা হৈ পৰা শৰীৰটোত ঘূৰি আহিছিল উত্তাপ।

 লাহে লাহে দুচকু মেলিছিল অমৃতাই। এক তীব্র চিঞৰ মাৰিব লৈও ৰৈ গৈছিল তাই হঠাতে।

 ... অনুৰাগ !!

 লাহে লাহে দুচকুৰ পর্দা আঁতৰি গৈছিল.মনত পৰি গৈছিল সকলাে।

 সকলাে বুজি উঠিছিল অমৃতাই।

 মুহূর্ততে যেন কোনােবাই এজুলুকা আবিৰ ঢালি ৰঞ্জিত কৰি তুলিলেহি তাইৰ মুখখনি...

 অনুৰাগৰ সৌষ্ঠৱ শৰীৰৰ সান্নিধ্যত এক অচিন, অজান, সুতীব্র অনুভূতিয়ে তাইৰ শৰীৰত এক মিঠা তৰংগৰ আলােড়ন সৃষ্টি কৰিছিল। বাৰিষাৰ কলীয়া মেঘে নদীৰ বুকুত প্লাৱণ আনি দিয়াৰ দৰেই প্ৰেমৰ অনুভূতিয়ে প্লাৱিত কৰি তুলিছিল অনুৰাগ আৰু অমৃতাৰ শৰীৰ, মন, আৰু আত্মা....।

 দুচকু মেলিবলৈ ভয় হৈছিল দুয়ােৰে। চকু মেলিলেই যেন ভাঙি যাব এই সুন্দৰ সপােন। জীয়া বাস্তৱে যেন মষিমূৰ কৰি দিব স্বপ্ন যেন লগা এই সুন্দৰ দিঠক।

 নিশাটো যেন স্থবিৰ হৈ ৰৈছিল। প্রেমত আচ্ছন্ন দুটি শৰীৰ...দুটি প্রেমিক হৃদয় অবাধ্য হৈ চঞ্চল হৈ উঠিছিল। লেপৰ তলত ক্ৰমাৎ ঘন আৰু চুটি হৈ আহিছিল দুয়ােৰে শ্বাস প্রশ্বাসবােৰ....আৰু বুকুৰ ধপধপনি।

 ..কোনাে সংগীতেই চাগৈ প্রিয়তমৰ বুকুৰ ধপধপনিৰ সুৰতকৈ বেছি সুন্দৰ হব নােৱাৰে!!

 প্ৰেমৰ ভাষাৰ সেই মধুৰাণনাত দুয়াে আকণ্ঠ ডুব গৈছিল ... অনুভৱ কৰিছিল ইটোৱে সিটোৰ বুকুৰ পৰা ভাহি অহা সেই শ্রুতিমধুৰ ৰাগিনী।

 অমৃতাৰ প্রস্ফুটিত শৰীৰটোৰ উমাল সান্নিধ্যত উন্মত্ত হব খােজা মনটোক ধৈৰ্যৰে বান্ধি ৰাখিছিল সি। উন্মাদৰ দৰে মৰম কৰিবলৈ মন গৈছিল তাৰ, ... মন গৈছিল তাৰ, অমৃতাৰ ওঠযুৰীৰ লালিত্য পান কৰিবলৈ।

 কিন্তু নিজকে সংযম কৰিছিল সি।

 নিজৰ তুচ্ছতা, সীমাবদ্ধতা জানে সি।

 অমৃতাক অন্তৰৰ পৰা প্রকৃত প্রেম কৰাৰ অধিকাৰ আছে তাৰ, কিন্তু তাইৰ শৰীৰ, মন আৰু জীৱনটোৰ ওপৰত অধিকাৰ কৰাৰ সামর্থ্য তাৰ নাই।

 সংযত হৈ উঠি বহিব খুজোঁতেই অনুৰাগক সজোৰে ধৰি ৰখাৰ এক ব্যর্থ প্রয়াস কৰিলে অমৃতাই...

 : অনুৰাগ

 কিছুপৰ অনুৰাগে দোষী দোষী ভাৱেৰে চাই ৰল তাইৰ কোমল মুখখনিলৈ... সপােনৰ জালত আচ্ছন্ন চকুযুৰীলৈ।

 : ....

 : তােৰ ভৱিষ্যত উজ্জ্বল হওক। মই তাকে বিচাৰাে।

 মােৰ লগত কিনাে পাবি?

 : অনু, মােক নালাগে উজ্জ্বল ভৱিষ্যত। মই যে মাথাে তােকহে....

 : অন্তৰৰ প্ৰেমাে দুৰ্মূল্য হৈ যাব পাৰে দৰিদ্ৰতাৰ আগত।

 কঠিন স্বৰেৰে কৈ উঠিছিল সি। যেন শুনিব খােজা নাছিল ... নতুবা অনুভৱ কৰিব খােজা নাছিল তাইৰ হৃদয়ৰ নিভৃততম গােপন কথাবােৰ। শুনিলেই যে দুর্বল হৈ পৰিব সি।

 সিক্ত চকুহালেৰে, কাতৰ দৃষ্টিৰে কিছুপৰ চাই ৰল অমৃতাই কঠিন হৈ অহা অনুৰাগৰ মুখখনলৈ। অনুৰাগৰ দুচকুৰ ভাষা [ ২০ ] জীৱনত প্ৰথমবাৰৰ বাবে যেন দুর্বোধ্য হৈ পৰিছিল তাইৰ বাবে সেই নিশা।  কেনেকৈ কব পাৰে সি তেনেকৈ?? কেনেকৈ?? এবুকু দুখত, ... অভিমানত বুকুখন গধুৰ হৈ আহিছিল তাইৰ। তাইৰ শৈশৱৰ লগৰী, কৈশােৰৰ প্রথম সপােন...অনুৰাগে কেনেকৈ কব পাৰে তাইক তেনেকৈ?? কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰিলে সি??

 কঁপি উঠিছিল তাইৰ গােলাপী ওঠযুৰী আৰু দুগালেদি বৈ আহিব ধৰিছিল দুটোপাল অশ্রুকণা।

 বাহিৰত এজাক আৱতৰিয়া বৰষুণ নামি আহিছিল হঠাতে। সেমেকা দুচকুৰে তলমূৰ কৰি ৰৈছিল দুয়াে বহুপৰ। বৰষুণৰ দৰেই যেন জৰজৰাই খহি আহিব ধৰিছিল সেউজীয়া সপােনবােৰ আৰু চপৰা চপৰকৈ খহি আহিব ধৰিছিল স্বপ্নিল নিশাটো।

 হঠাৎ সৰু টঙি ঘৰটোৰ কাঠৰ দুৱাৰখনত কোনােবাই সজোৰে ধকধকাই দিয়াত উচপ খাই উঠিল দুয়াে। কিছুপৰ দুয়াে প্রশ্নবােধক দৃষ্টিৰে ইটোৱে সিটোৰ মুখলৈ চাই ৰল।

 সেই পুহমহীয়া শীতৰ নিশাৰ কেইটিমান সেউজীয়া উষ্ম মুহুর্ত মাথাে....তাৰপিছত এটি ধুনীয়া জীয়া সপােন যেন সমাধিস্থ হবলৈ লৈছিল।

 সময় তেতিয়া প্রায় পুৱতি নিশা।

 বি’প বি’পকৈ মবাইলৰ মেছেজ টনটো বাজি উঠিল। ইনবক্সটো খুলি চালে অমৃতাই। ভাস্কৰৰ মেছেজ।

 “গধূলি সাত বজাত আহিম। পার্টি এটা আছে বন্ধু এজনৰ ঘৰত, ৰেডি হৈ থাকিবি।” মেছেজটো পঢ়ি অমৃতাৰ বুকুখন দুৰু দুৰুকৈ কঁপি উঠিল। এনেধৰণৰ পার্টিবােৰত ভীষণভাৱে অপ্রস্তুত, আৰু নিজকে অত্যন্ত অপ্রয়ােজনীয় অনুভৱ কৰে অমৃতাই।

 ভাস্কৰৰ লগত নাইট পার্টিবােৰত মদ আৰু চিগাৰেটৰ সংমিশ্ৰিত পৰিৱেশত, .... আৰু তাৰ বন্ধুবােৰৰ অর্ধনগ্ন পত্নীবােৰৰ মাজত নিজকে বেলেগ গ্ৰহৰ জীৱ যেন অনুভৱ হয় তাইৰ,... সিহঁতৰ হাই প্রফাইল পার্টিবােৰৰ আটাইতকৈ আচহুৱা প্রাণীটোৱেই যেন অমৃতা। ভাস্কৰৰ বন্ধু আৰু বন্ধুপত্নীবােৰৰ উচ্ছল হাঁহি, অশ্লীল ধেমালি বােৰৰ মাজত মিলি যাব নােৱাৰে তাই।

 “গাঁৱলীয়া যি গাঁৱলীয়াই হৈ থাকিলি।”

 “মিছেছ শর্মা.. বিপ্লৱৰ ৱাইফ অদিতিক দেখিছ? কেনেকুৱা এনাৰজেটিক...কেনেকুৱা ভাইব্ৰেণ্ট !!”

 “ৱাই কান্ত ইউ বি লাইক দেম ??”

 প্ৰতিটো পাৰ্টিৰ পিছত মদৰ নিচাত মাতাল হৈ ভাস্কৰে তীক্ষ্ণ ঠাট্টা ভৰা মন্তব্যৰে থকা সৰকা কৰি তােলে তাইক।

 কি ক’ব ভাস্কৰক? ক’ব নেকি যে পার্টিত যাবলৈ তাইৰ সমূলি ইচ্ছা নাই। নাই। ভাস্কৰে নুশুনিব। আগতেও শুনা নাই কেতিয়াও । আজিনাে তাৰ ব্যতিক্রম কেনেকৈ হ'ব?

 ঘড়ীটোলৈ চালে তাই। সাত বাজিবলৈ আৰু মাজত এতিয়াও চাৰিঘণ্টামান বাকি আছে। অমৃতাই ৱাৰদ্ৰবখন খুলি বহুদেৰী চিন্তা কৰি থাকিল। তেনেতে পুনৰ মবাইলটোত মেছেজ টনটো বাজি উঠিল।

 “ফালটু কাপােৰ এসােপা নামঘৰত যােৱাৰ নিচিনাকৈ গাত মেৰিয়াই নাহিবি। সেই নতুনকৈ আনি দিয়া ব্লেকট্রান্সপাৰেণ্ট শাৰীখন পিন্ধিবি”

 বিৰক্তিত মুখখন কোচ খাই আহিল অমৃতাৰ। বুকু, পিঠি, পেটৰ সৰ্বস্ব দেখি পােৱা সেই কলা ৰঙৰ শাৰীখন ভাস্কৰেই আনি দিছিল তাইক।

 ৱাৰদ্ৰবৰ পৰা কলা শাৰীখন উলিয়াই কিছুদেৰী লিৰিকি বিদাৰি চাই, পিছমুহূর্ততে মনটো স্থিৰ কৰি শাৰীখন পুনৰ ভৰাই থৈ অলিভ গ্রীণ কালাৰৰ শাৰী এখন উলিয়াই ললে অমৃতাই।

 আইনাখনৰ নিচেই কাষত থিয় হৈ তাই সাৱধানে শিৰত সেন্দুৰ অকণমান লগাই ললে... সেন্দুৰ ঠিক নহয়...ভাস্কৰে বলপূর্বক তাইৰ শিৰত নির্বিঘ্নে পিন্ধাই দিয়া টিকটিকিয়া ৰঙা গােলামীৰ এটি মােহৰ মাথাে। এই গােলামীৰ মােহৰে তাইক [ ২১ ] প্ৰতিটো ক্ষণতে সোঁৱৰাই দিয়ে তাইৰ পৰাধীনতাৰ কথা। অমৃতাই জানে যেতিয়ালৈ তাইৰ শিৰত এই গোলামীৰ মোহৰ জিলিকি থাকিব, তেতিয়ালৈ তাই প্ৰতিদিনেই জীৱন্তে দগ্ধ হৈ থাকিব অপমান আৰু পৰাধীনতাৰ গ্লানিত।

 কোনোৱেটো বাধা দিয়া নাছিল সিদিনা তাক। নহয় নহয়... বাধা দিবলৈ কাৰো সাহসেই নাছিল প্ৰকৃততে। ভাস্কৰৰ আভিজাত্যৰ আগত স্বতঃস্ফূৰ্ত ভাৱে শিৰণত হৈ গৈছিল সকলোৰে..তাইৰ দেউতাক, পেহীয়েক, ভনীয়েক ৰিমঝিম .সকলো। আৰু অনুৰাগ..?? সিটো ...সিটো তাইক এৰি দিছিল তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি।

 অভিমানত মুখখন ফুলি উঠিছে অমৃতাৰ... জিলিকি উঠিছে দুটোপাল অশ্ৰুকণা।

 পথাৰৰ মাজৰ চাঙৰ টঙিঘৰখনৰ ভিতৰত লেম্পৰ ঢিমিক ধামাক পোহৰত স্বপ্নভংগ হোৱাৰ দুখত সেই নিশাও তাইৰ দুচকুত জিলিকি উঠিছিল অশ্ৰুকণা..মুখখন এক বুজাব নোৱাৰা অভিমানত ফুলি উঠিছিল। অনুৰাগৰ দুচকুৰ ঔদাসীন্যতাই চুৰমাৰ কৰি দিছিল তাইৰ মনত গঢ় লৈ উঠা প্ৰেমৰ সৌধ। সকলো অৰ্থহীন হৈ পৰিছিল। প্ৰচণ্ড অভিমানী হৈ উঠিছিল তাই। শৈশৱৰ পৰাই প্ৰতিটো ক্ষনতে অনুভৱ কৰি অহা প্ৰেমৰ অনুভূতি, সপোন সকলো যেন উদ্যত হৈছিল অতীতৰ অটল। গহূৰত সমাধিস্থ হবলৈ।

 শীতৰ সেই নিশাত, প্ৰথমতে কাঠৰ দুৱাৰত পৰা টোকৰ পিছমুহূৰ্ততে এটা প্ৰচণ্ড গোৰলৈ পৰিণত হৈছিল। দুৱাৰখন মেল খায় গৈছিল। বিমূঢ় হৈ ৰৈছিল অনুৰাগ। আৰু আনফালে, দুখত, অনুৰাগৰ প্ৰতি উথলি অহা এবুকু অভিমানত,..হেৰাই যাব ধৰা ক্ষণটো বুকুত সাৱটি প্ৰস্তুৰ মূৰ্তিৰ দৰে বহি ৰৈছিল অমৃতা।

 ......দুৱাৰমুখত দুচকুত অগ্নিজ্বালা লৈ থিয় হৈ ৰৈছিল তাইৰ দেউতাক আৰু বিপ্লৱ। ... তাৰ ঠিক পিছফালে ভ্ৰূ কুঞ্চিত কৰি থিয় হৈ ৰৈছিল ভাস্কৰ। ভাস্কৰৰ সোঁহাতত তেতিয়াও জিলিকি আছিল তাইৰ দাঁতৰ তীক্ষ্ণ কামোৰত সৃষ্টি হোৱা অৰ্ধগোলাকাৰ ক্ষত চিহ্নটো।

 পৰিস্থিতিৰ আকস্মিকতাত ক্ষন্তেকৰ বাবে বিমূঢ় হৈ ৰোৱা অনুৰাগ উদ্বিগ্ন হৈ উঠিছিল। হয়তো অমৃতাৰ হবলগীয়া বিয়াখন ভাঙি যোৱাৰ আশংকাত!! অনুৰাগে তিনিওকে পাৰ্য্যমানে বুজাব চেষ্টা কৰিছিল নিজৰ ফালৰ পৰা.. , মাজতে এপলক ৰৈ গৈছিল সি আৰু ঘূৰি চাইছিল তাইলৈ দুচকুত প্ৰশ্নবোধক দৃষ্টি লৈ।

 হয়তো তেতিয়াহে তাৰ মনত পৰি গৈছিল ... তাৰ যে সোধাই নহল, কি পৰিস্থিতিত, কিহৰ ভয়ত শীতৰ ঠাণ্ডাকো নেওচি সেই মাজনিশা তাই পথাৰৰ মাজেদি দৌৰি আহি তাৰ সন্মুখতে অচেতন হৈ পৰি গৈছিল।

 তাৰ দুচকুৰ প্ৰশ্নক উপেক্ষা কৰি অভিমান ভৰা সজল দৃষ্টিৰে অমৃতাই মাথো নীৰৱে চাই ৰৈছিল অনুৰাগৰ দুচকুলৈ।

 দেউতাকে অধৈৰ্য হৈ অনুৰাগক ঠেলা মাৰি সোঁহাতখনেৰে প্ৰচণ্ড দুটি চৰ বহুৱাই দিছিল অমৃতাৰ দুয়োগালত। হতভম্ব হৈ পৰা অনুৰাগে তাইৰ দেউতাকৰ ভৰিত পৰিছিল,

 খুড়াদেউ। তাইৰ গাত একো দোষ নাই। আপুনি লজ্জিত হব লগীয়া হোৱাকৈ আমি এনেকুৱা একো কাম কৰা নাই... চুপ থাক। একদম চুপ। মোৰ আজলী ছোৱালীজনীক ফুচুলাই ইয়ালৈ মাতি আনিছ তই। বদনাম কৰিব চেষ্টা কৰিছ।

 : খুড়াদেউ.....

  অনুৰাগক আৰু একো কবলৈ সুবিধা নিদি তাৰ চকুৰ সন্মুখতে দেউতাকে চোঁচৰাই লৈ গৈছিল তাইক। লাজ, অভিমান, দুখ ... বুকুত সামৰি অশ্ৰুভৰা দুচকুৰে তাই ঘূৰি চাইছিল অনুৰাগৰ চিন্তাত উদ্বিগ্ন চকুহাললৈ। খঙত অগ্নিশৰ্মা হৈ দেউতাকে চেঁচৰাই নি তাইক ঠেলা মাৰি সুমুৱাই দিছিল তাইৰ কোঠাত।

 সম্পূৰ্ণ নিৰ্বাক, নিশ্চুপ হৈ ৰৈছিল অমৃতা। কিবা কলেও জানো লাভ হব? ভাস্কৰৰ আভিজাত্যৰ চমকনিত অন্ধ হৈ যোৱা দেউতাকৰ সন্মুখত তাইৰ কথাৰ মূল্য জানো আছিল?? উচুপনিবোৰ বুকুত সামৰি অন্ধকাৰ কোঠাটোত মাথো মনে মনে বহি ৰৈছিল তাই বিছনাখনত।

 অমৃতাৰ মন, মগজুত তেতিয়া মাথো আলোড়িত হৈ ৰৈছিল অনুৰাগৰ কথাবোৰ.... ভাহি উঠিছিল অনুৰাগৰ দুচকুৰ সেই দুৰ্বোধ্য চাৱনি। কিয় সি তাইক নিজৰ কৰি লবলৈ টান পালে?? কেনেকৈ এৰি দিব পাৰে সি তাইক অনাগত সম্ভাব্য উজ্জ্বল ভৱিষ্যতৰ অন্ধকাৰ গহ্বৰলৈ?? অন্ধকাৰেইটো...! অনুৰাগবিহীন তাইৰ জীৱনত পোহৰ কণাৰ আশা কেনেকৈ কৰিব পাৰিলে সি?? [ ২২ ]  নিশাটো প্ৰায় শেষ হওঁ হওঁ।

 কৰবাত দূৰৈত কুকুৰাই ডাক দিছিল। বাহিৰত তেতিয়াও কুঁৱলীৰ ডাঠ আৱৰণ।

 অমৃতাৰ কোঠাৰ দুৱাৰত এটি মৃদু শব্দ হৈছিল। সম্ভাব্য বিপদৰ অনুমানত সংকুচিত হৈ উঠিছিল অমৃতা। কম্পিত হাতেৰে নিজৰ গাৰ চাদৰখন তাই ভালকৈ টানি লৈছিল। কি কৰো, কি নকৰোকৈ থাকোতেই তাইৰ খোলা চুলিটাৰীত খামুচি ধৰিছিলহি কামুক দৈত্যটোৱে। সৰীসৃপৰ দৰে, তাইৰ শৰীৰটোক মেৰিয়াই ধৰি এখন হাতেৰেই আজুৰি টানি খুলি পেলাইছিল তাইৰ গাৰ চাদৰ, ব্লাউজ...॥ সৰীসৃপটোৰ দাঁতৰ তীক্ষ্ণ কামোৰত ভয়ত, আতংকত সন্ত্ৰস্ত হৈ চিঞৰি উঠিছিল তাই।

 ...কিন্তু তাইৰ চিঞৰবোৰ...চটফটনি বোৰ আবদ্ধ হৈ পৰিছিল ভাস্কৰৰ লৌহ কঠিন শীতল বাহু বন্ধনত।

 “তোক কিনি লৈছো মই তোৰ বাপেৰৰ পৰা। বেছি উৎপাত নকৰিবি।”

 ভাস্কৰৰ মুখেদি নিৰ্গত বাক্যশাৰীয়ে যেন চোকা অস্ত্ৰ হৈ হানিছিল তাইৰ বুকুত। বিশ্বাস, অবিশ্বাসৰ দোমোজাত স্তম্ভিত হৈ, দুৰ্ভাগ্যৰ ওচৰত হাৰ মানি নীৰৱ হৈ ৰৈ গৈছিল অমৃতা।

 ক্ৰমাৎ ঘন হৈ উঠা ভাস্কৰৰ বিষাক্ত নিশ্বাসবোৰ তাইৰ ডিঙিয়ে, বুকুৱে অনুভৱ কৰি চৰম ঘৃণাত নাক কোচ খাই আহিছিল তাইৰ...বমি বমি ভাৱ জাগি উঠিছিল। আৰু...ভাস্কৰ?

 তৃপ্তিত শান্ত হৈ উঠিছিল ৰঙা চকুযুৰি।

 তেজেৰে ৰাঙলী চাদৰখনেৰে নগ্ন শৰীৰটো ঢাকি দি এবাৰো তাইলৈ ঘূৰি নোচোৱাকৈ নিজকে সংযত কৰি দপদপাই ওলাই গৈছিল সি।

 আৰু অমৃতা??

 বিষ আৰু অপমানত... বিধ্বস্ত ,জৰ্জৰিত শৰীৰটো লৈ মৃত মানুহৰ দৰে নিৰ্বাক, নিস্তব্ধ হৈ পৰি ৰৈছিল তাই বিছনাখনত বহুপৰলৈ।

 এটুপাল চকুলোও ওলোৱা নাছিল তাইৰ সেই সময়ত। তাইৰ মন, মগজুত অনুৰণিত হৈ ৰৈছিল কথাবোৰ। তাইক কিনি লৈছে ভাস্কৰে!!

 টকাৰ বিনিময়ত ভাস্কৰৰ দৰে কামুক পশুৰ হাতত গতাই দিছে তাইক নিজৰ দেউতাকেই...

 ....আৰু অনুৰাগ!! তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি গুচি গৈছিল সি বহু দূৰলৈ। তাইৰ পৰা, গাঁওখনৰ পৰা, সমাজখনৰ পৰা .... বহু আঁতৰৰ আন এটি প্ৰান্তলৈ।

 দুচকুত নিৰ্লিপ্ত দৃষ্টি লৈ তাই নিজকে চাই ৰল ফুল লেংঠ ড্ৰেছিং মিৰৰখনত। অলিভ গ্ৰীণ শাৰীখনত তাইৰ মুখখন যেন আৰু বিৱৰ্ণ হৈ উঠিল তেনে অনুভৱ হল তাইৰ।

 ডাক্তৰ তৃশা কুপ্পীকাৰে কৈছিল তাই হেনো ডিপ্ৰেছনত ভূগিছে, সেইকাৰণেই তাইৰ একো ভাল নালাগে, একোতে মন নবহে, টোপনি নাহে, জীৱনৰ প্ৰতি একো আগ্ৰহ নাই,ৰুচি নাই, লক্ষ্য নাই .....

 এটি দীঘল হুমুনিয়াহ ওলাই আহিল তাইৰ হৃদয়ৰ গভীৰতাৰ পৰা। সচাকৈয়ে, জীৱনৰ একো ৰঙেই যে ৰঙীন কৰি নোতোলে তাইৰ হৃদয়, তাইৰ অন্তৰাত্মা...। জীৱনৰ ৰং যে কাহানিবাই অতীতৰ গহ্বৰত সমাধিস্থ হৈ ৰৈ গৈছে..৷

 ভাস্কৰৰ লগত যিদিনাখন তাই বিধস্ত শৰীৰ মনেৰে উলাই আহিছিল ঘৰখনৰ পৰা, সেইদিনাৰপৰাই যেন আৰম্ভ হৈ গৈছে তাইৰ শ্মশানযাত্ৰা। আৰু শ্মশানযাত্ৰাৰ বাবে ৰঙৰ একো প্ৰয়োজন নাই।

(৭)

 অগণন গাড়ীৰ মাজত ঠাই এডোখৰ উলিয়াই ড্ৰাইভাৰ বিনয়ে গাড়ীখন সাৱধানে পাৰ্কিং কৰি থলে।

 : অকণমান স্মাৰ্ট হবি। যতে ততে অসমীয়া নকবি। ইয়াত অসমীয়া চবেই বুজি নাপায় নহয়। অলপ মানুহৰ লগত মিলা মিছা কৰ, কথা পাত.. ... তেতিয়া ভাল লাগিব।

 বিৰক্তি ভৰা কণ্ঠৰে ভ্ৰূ কোঁচাই ভাস্কৰে কলে।

 ভাস্কৰৰ খং উঠি আছিল অমৃতাৰ ওপৰত, সি কোৱা ঝিয়া পাখিৰ দৰে পাতল কলা শাৰীখন তাই নিপিন্ধা বাবে।

 অমৃতাও জিদ ধৰিছিল মুখেৰে একো নমতাকৈ। [ ২৩ ]  অসংখ্য ৰঙা নীলা হালধীয়া লাইটৰ পােহৰত জিকমিকাই আছিল আটকধুনীয়াকৈ সজোৱা পার্টি হলটো। পার্টি হ'লটোৰ চৌপাশৰ লনখনটো মুক্ত আকাশৰ তলত বহি পার্টি সম্ভোগ কৰাৰ বিৰাট আয়ােজন। লনখনৰ সমতল বিদেশী সেউজীয়া ঘাঁহনিডৰাৰ ওপৰত ধুনীয়া ধুনীয়া ৰিবনেৰে বন্ধা চকী টেবুলবােৰ ঘুৰণীয়াকৈ সজাই থােৱা হৈছে। প্ৰতিটো টেবুলৰ ওপৰত ফুলদানীত সজাই থােৱা হৈছে চিনা অচিনা নানা ৰকমৰ ফুল...।

 লনখনৰ সোঁমাজেদি পাৰি থােৱা ৰঙা দলিছাৰ ওপৰত অলপ কুণ্ঠা আৰু দ্বিধা লৈ ভাস্কৰৰ পাছে পাছে খােজ দিলে অমৃতাই। আগে আগে খােজ কাঢ়ি গৈছে ভাস্কৰ। ভাস্কৰৰ মুখাবয়বত স্পষ্ট বিৰিঙি উঠিছে উচ্চপদস্থ বিষয়াৰ অহংকাৰ সনা গাম্ভীর্য্য়তা ... । অলপ আগতে খঙত তেজাল হৈ পৰা গােমােঠা মুখখন এতিয়া নাই ...।

 ভাস্কৰ আৰু অমৃতাক অহা দেখি কেইজনমান ভাস্কৰৰ বন্ধু আগুৱাই আহিল মাত দিবলৈ। ভাস্কৰৰ চকুৰ ইংগিতত বাহ্যিক হাঁহি এটি ওঁঠত ওলােমাই অমৃতাই সৌজন্যমূলক কথা কেইষাৰমান পাতিলে।

 ভাস্কৰ আৰু অমৃতাই বন্ধুসকলক এৰি অইন বন্ধু সকলক মাত দিবলৈ যাওঁতেই দীঘল কলা ৰঙৰ স্লিভলেছ গাউন পৰিহিতা মধ্যবয়সীয়া দীর্ঘদেহী মহিলা এগৰাকী ভাস্কৰহঁতৰ ফালে আগুৱাই আহিল। মিছেছ শর্মা।

 : হেই অমৃতা...হাও আৰ ইউ দীয়েৰ? এণ্ড ভাস্কৰ ব্রড ইউ প্লিজ কাম ৱিদ মি, আই হেভ এন আর্জেন্ট ৱৰ্ক ব্রিড ইউ। অমৃতা প্লিজ দন্ত মাইণ্ড...জাষ্ট স্পেয়াৰ হিম ফৰ চাম মিনিট।

 : অকে৷

 তাইৰ উত্তৰলৈ বাট নাচাই ভাস্কৰক প্রায় টানি নিয়াদিয়েই নিলে মিছেছ শৰ্মাই।

 কিছু সময় দোধোৰ মােধােৰ হৈ ঠাইতে থিয় হৈ ৰৈ পিছত ল’নখনৰ এটা চুকত পাতফুলৰ জোপােহাই সামান্য আঁৰ কৰি থােৱা টেবুল খনৰ কাষত চকী এখন চপাই লৈ বহি ললে তাই।

 এনেবােৰ পাৰ্টিত নিজকে নিতান্তই অপ্রয়ােজনীয় আৰু অবাঞ্চিত অনুভৱ কৰে অমৃতাই।

 তাই জানে এই পার্টিত অহা বেছিভাগ মানুহেই সমাজৰ গণ্য মান্য ব্যক্তি...বেছিভাগেই চৰকাৰী উচ্চপদস্থ বিষয়া, মিনিষ্টাৰ, এম এল এ, ধনী ব্যৱসায়ী নতুবা টপ নিউজ চেনেলৰ পপুলাৰ জার্নেলিষ্ট।

 পার্টি হলটোৰ ভিতৰে বাহিৰে স্পষ্ট আভিজাত্যৰ চাপ। সকলােফালে উজ্জ্বল কাপােৰ কানি পৰিহিত নাৰী পুৰুষৰ সমাগম...হাতে হাতে মদৰ গ্লাছ, নতুবা চিগাৰেট। সকলােৰে ওঁঠে মুখে মাথাে সুখ, সন্তুষ্টি, আৰু অহংকাৰ ভৰা হাঁহি...।

 কোন বিবাহিত কোন অবিবাহিত, কাৰাে মুখাবয়ব চাই ধৰিব নােৱাৰি। পার্টি হলটোৰ ভিতৰৰ পৰা ভাহি আহিছে। অনুচ্ছ সুৰত ৰােমান্টিক ইংৰাজী গীত... আৰু সেই গীতৰ তালে তালে বাহুত বাহু থৈ দুলিছে নাৰী পুৰুষ...চকু মুখৰ ভঙ্গীমা দেখিলে এনে লাগে যেন তেওঁলােক আজন্ম প্রেমিক।

 প্রকৃত সত্যটো হল এইবােৰৰ বহুতেই নাজানে ইজনে আনজনৰ নাম। ব্যঙ্গাত্মক হাঁহি এটি কব নােৱাৰাকৈয়ে ফুটি উঠিল অমৃতাৰ ওঁঠৰ একোণত। কিহৰ বাবে এই পার্টি আয়ােজন তাই সােধা নাই,আৰু ভাস্কৰেও তাইক কোৱাৰ প্রয়ােজনবােধ অনুভৱ কৰা নাই হয়তাে।

 টেবুলত সজাই থােৱা ফুলদানীটোত থকা ফুলপাহৰ পৰা এটি অচিন সুবাস ভাহি আহিল। দীঘলকৈ উশাহ টানিলে তাই। পাব নেকি তাই ইয়াত সেই ইঙ্গিত চিৰ আকাংক্ষিত গাঁৱলীয়া সুবাস..?? চম্পাফুল, চতিয়না, নতুবা শেৱালি... !!

 “হেই অমৃতা”

 চিনাকি নাৰীকণ্ঠত উচপ খাই উঠিল অমৃতা। বেপৰােৱা ভংগীত থিয় হৈ ৰলহি অদিতি...বিপ্লৱৰ পত্নী অদিতি। হাতত মদৰ গ্লাছ আৰু পিন্ধনত আঁঠুলৈ পােৱা ৰঙা ছিংগল ড্রেছ পিছ।

 : অ...অদিতি। কি খবৰ তােমাৰ?

 : আই এম ফাইন ডীয়েৰ। তুমি কোৱা? আৰু ভাস্কৰ দা কত ?

 : মিছেছ শর্মা...

 : অহ বুজিলাে। ছি ইজ ক্রেজি ইউ ন’। জাষ্ট লাইক হিম অনলী। আৰু তুমি এছ ইউজুৱেল ইয়াত...আন্ধাৰত...ৱাই??  : .... [ ২৪ ]  : তুমি দুখ নকৰিবা অমৃতা। তুমিও মিলি যোৱা সকলোৰে লগত। মোৰ দৰেই। মোক দেখিছা নহয়? অৰ্থ পূৰ্ণ হাঁহি এটি ওঁঠত ফুটি উঠিল অদিতিৰ।

 : মোৰ একো আক্ষেপ নাই অদিতি।

 তাইৰ নিৰ্লিপ্ত উত্তৰত কিছুপৰ মনে মনে ৰল অদিতি।

 : এতিয়া বলা বলা, ইয়াত আন্ধাৰত অকলে বহি থকাৰ একো প্ৰয়োজন নাই। কাম অন। সকলোৰে লগত কথা পাতা। ইউ ৱিল ফিল গুড।

 প্ৰায় জোৰ কৰিয়েই টানি নিলে অদিতিয়ে তাইক আটকধুনীয়া পাৰ্টি হ’লটোৰ ভিতৰৰ এটি চুকলৈ। মদ আৰু চিগাৰেটৰ সংমিশ্ৰিত উকট অসহ্য গোন্ধ এটা তাইৰ নাকে মুখে লাগিল।

 অস্বচ্ছ পোহৰত পাৰ্টী হলটোৰ চুকত ডাঙৰ টেবুলখনত তেতিয়া ঘেৰি বহি আছে কেইবাগৰাকীও পুৰুষ আৰু মহিলা। ইতস্তত অনুভৱ কৰি অমৃতাই ইফালে সিফালে এবাৰ চালে ... নাই, কতো দেখা দেখি নাই ভাস্কৰৰ। তাইক পাৰ্টিবোৰত এজুম মানুহৰ মাজত অকলে এৰি থৈ সদায় এনেকৈয়ে হেৰাই যায় ভাস্কৰ। কাবৌ কৰা দৃষ্টিৰে তাই অদিতিলৈ চালে। তাইৰ যে অকমানো মন যোৱা নাই এই মানুহজাকৰ আনন্দত যোগ দিবলৈ। অদিতিয়ে নেদেখাৰ ভাও জুৰি তাইক জোৰকৈ খালি চকীখনত বহুৱাই সকলোৰে লগত চিনাকি কৰাই দিলে।

 : ইউ আৰ লুকিং এলিজেন্ট ইন দ অলিভ গ্ৰীণ চাৰি।

 টেবুলখনৰ আনচুকৰ পৰা গলগলীয়া পুৰুষ কণ্ঠ এটা ভাহি আহিল। ভাস্কৰৰ কোনোবা বন্ধু বোধহয়। “য়া ৰিয়েলি...এলিজেন্ট এণ্ড গ্ৰেছফুল”

 সমস্বৰে হয়ভৰ দি উঠিল কেইবাটাও অত্যুৎসাহিত পুৰুষৰ কণ্ঠ। তাঁহাতৰ মুগ্ধ দৃষ্টি পৰিল তাইৰ ওপৰত। অপ্ৰস্তুত অনুভৱ কৰিলে তাই।

 : ৰিয়েলি ইউ আৰ লুকিং ছও বিউটিফুল এণ্ড য়াং... ভাস্কৰ দাই ক’ত লুকুৱাই ৰাখিছিল তোমাক ইমানদিনে??

 মদৰ নিচাত থৰক বৰক খোজেৰে তাইৰ নিচেই কাষত থিয় দিলেহি ভাস্কৰৰ এগৰাকী বন্ধু পত্নী।

 : ...মাইচেল্‌ফ প্ৰীছা...।

 : হাই।

 সৌজন্যমূলক হাঁহি এটি মাৰি বহি ৰল অমৃতা। বাকী কেইগৰাকীমান মহিলাই ঈৰ্ষাৰ দৃষ্টিৰে চাই ৰল অমৃতাৰ ফালে। প্ৰীছাই আহি তাইৰ কাষত বহি ললে। বহিয়েই ৱেইটাৰজনক মাতি কিবা অৰ্ডাৰ দিলে।

 : মই মদ নাখাওঁ।

 অবাক দৃষ্টিৰে প্ৰীছাই অমৃতালৈ চাই ৰল কিছুদেৰী যেন অদ্ভুত কথা এটাহে কলে তাই।

 : ইউ আৰ ফিলিং আনইজি ৰাইট?? ৱি কেন চিট আউতচাইড। কাম ৱিদ মি।

 তাইৰ কাষতে বহা ভাস্কৰৰ বন্ধু এজনে কৈ উঠিল।

 : ন ন আই এম অকে হিয়েৰ।

 অমৃতাই মূৰটো জোকাৰি ঈষৎ হাঁহি এটি মাৰি ক'লে।

 : হেই অমৃতা.. অকমানটো ট্ৰাই কৰা। আই প্ৰমিজ তোমাৰ ভাল লাগিব।

 তাইৰ কাণৰ কাষলৈ হালি আহি ফুচফুচাই কোৱাৰ দৰে কলে অদিতিয়ে।

 : অদিতি প্লিজ...

 : কাম অন, লিটল ড্ৰিংকচ ৱিল নট কজ্‌ এনি হাৰ্ম টো ইউ। জাষ্ট ট্ৰাই লিট্‌ল বিত।

 তাইৰ কথাত একো গুৰুত্ব নিদি প্ৰায় জোৰ কৰিয়েই প্ৰীছাই অমৃতাৰ হাতত ৰঙীন পানীয়ৰ গ্লাছ টো তুলি দিলে।

 : কাম অন অমৃতা জাষ্টট্ৰাই ইট...চিয়েৰ্ছ।

 উৎসাহেৰে পুৰুষ মহিলা আটায়ে জোৰ কৰিলে তাইক। কাঁচৰ গ্লাছৰ টিং টং শব্দ, আৰু চিগাৰেটৰ ধোঁৱাৰ ফাকে ফাঁকে উচ্ছল হাঁহি মৰা পুৰুষ মহিলাজাকৰ মাজত ভীষণভাৱে অপ্ৰস্তুত হৈ বহি ৰল তাই। [ ২৫ ]  কি কৰোঁ কি নকৰোঁকৈ দ্বিধাগ্ৰস্ততাৰে ইফালে সিফালে চাই গ্লাছটো ওঁঠলৈ তুলি লৈ ভয়ে ভয়ে এঢোক গিলিলে তাই।

 তিতা পানীয়খিনি পুৰি গল তাইৰ ওঁঠ, ডিঙি...বুকু, হৃদয়ৰ অভ্যন্তৰ। আটায়ে উৎসাহেৰে চাই ৰ'ল তাইলৈ।

 লাহে লাহে কৰি দুই তিনি চিপমান খাই দিয়াৰ পিছতেই অমৃতাৰ মূৰটো যেন ৰিমঝিম কৰিব ধৰিছিল, গাটো পাতল পাতল লাগিছিল,... গধুৰ হৈ আহিছিল দুচকুৰ পতা।

 অকমান মুক্ত বতাহ বিচাৰি থৰক বৰক খোজেৰে হ’লটোৰ সোমাজৰ সুসজ্জিত চিৰিয়েদি লাহে লাহে উঠি গল তাই চাঁদ খনৰ ফালে।

 চাদখনৰ ৰেলিঙত ভেজা দি তাই দুচকু মুদি অপেক্ষা কৰি ৰল চেঁচা বতাহ এজাকৰ বাবে।

 তেনেতে কাৰোবাৰ অনুচ্চ হাঁহি তাইৰ কাণত পৰিল। পুৰুষ কণ্ঠটো তেনেই চিনাকি।

 অকণো উৎকণ্ঠীত নহ'ল তাই। মাথো এটি ব্যঙ্গাত্মক হাঁহি ফুটি উঠিল তাইৰ মুখত। তাই জানে... সকলো জানে। দিনৰ ভাগত ভদ্ৰতাৰ মুখা পিন্ধা সমাজৰ গণ্য মান্য ব্যক্তিসকলৰ, আৰু তাঁহাতৰ অভিজাত্যত ডুব যোৱা পত্নীসকলৰ, কদৰ্য স্বৰূপ দেখিছে তাই আগতেও। নাইট পাৰ্টিবোৰত মদৰ নিচাত মাতাল হৈ উঠাৰ পিছত সিহঁতে বুজি নাপায় সমাজৰ নিয়ম,শৃংখলা,শালীনতাৰ ভাষা, বুজি নাপায় কোন কাৰ পতি বা পত্নী... সেই সময়ত বুজি পায় মাথো শৰীৰৰ ভাষা...নগ্নতাৰ ভাষা। আৰু ভাস্কৰো তাৰ ব্যতিক্ৰম নহয়।

 হবই বা কিয়?? সিটো তাইৰ দৰে গাঁৱলীয়া নহয়!!

 ভাস্কৰহঁতৰ এই হাই প্ৰফাইল সমাজখনৰ বাবে নগ্নতাই আধুনিকতাৰ একমাত্ৰ ভাষা।

 “উফ’’

 এই বিভৎস আধুনিকতাতকৈ ফ্লেটৰ বন্ধ কোঠাৰ নিঃসংগতাই তাইৰ বাবে বাঞ্চনীয়।

 কিয় কৰে? কিয় কৰে এই ঘৃণনীয় শৰীৰৰ খেলা?? জীৱনত মনে বিচৰা সকলো ঐশ্বৰ্য্য , বিভূতি, সন্মান...এটি। আৰামদায়ক জীৱন পোৱাৰ পিছতো তথাকথিত ভদ্ৰ সমাজৰ এই ভদ্ৰ পুৰুষ মহিলা সকলক অতিৰিক্ত উদ্দীপনাৰ প্ৰয়োজন হয় কিয়?? কিয় বিচাৰে সেই উদ্দীপনা অন্য নাৰী নতুবা অন্য পুৰুষৰ শৰীৰত??

 ...কাৰণটো চাগৈ অনাবৃষ্টি। প্ৰেমৰ এজাক বৰষুণৰ অভাৱ?? প্ৰেম নাই ... সেয়ে পৰিপূৰ্ণতা কতো নাপায়। আৰু তাই নিজে....??

 একেঘোটে চকু মুদি হাতত লৈ থকা গ্লাছৰ সকলো পানীয় ঘোটঘোটকৈ গিলি থলে তাই।

 ⵓ “আস্” ... অনুৰাগ এয়াই আছিল নেকি তোৰ মোৰ বাবে ইপ্সিত উজ্জ্বল ভৱিষ্যত? আজি মদৰ গ্লাছ ওঁঠত তুলি লৈছোঁ মই। ইয়াৰ বাবে মাথো তই দায়ী...। মোক এৰি দিছিলি নহয় এই কৃত্ৰিম সমাজৰ কলুষতাৰ মাজত...নগ্ন আধুনিকতাৰ মাজত মোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি!! চা এতিয়া অনুৰাগ, নিঃশেষ হৈ গৈছোঁ মই.... জ্বলি পুৰি ৰৈছোঁ।

 আপোনমনে বিৰবিৰাই উঠিল অমৃতাই।

 মূৰটো আচন্দ্ৰাই কৰি উঠিল তাইৰ। বুকুখন জ্বলি পুৰি যেন ছাৰখাৰ হৈ গৈছে।

 ঢলি পৰি যাব খোজা তাইৰ শৰীৰটোক যেন কোনোবাই সাৱটি ধৰিছেহি আলফুলে।

 “অমৃতা’’

 এটি আৱেগিক পুৰুষ কণ্ঠ ভাহি আহিছে।

 কোন? কোন? কোনে উচ্চাৰিছে তাইৰ নামটো ইমান মৰমত....ইমান আৱেগত!

 গধুৰ হৈ অহা দুচকুৰ পতা কোনোমতে মেলি ডিম লাইটৰ অনুজ্জল অস্বচ্ছ পোহৰত তাই চাবলৈ চেষ্টা কৰিলে আগন্তুকৰ মুখ।

(৮)

 খোলা খিৰিকীৰে সোমাই অহা এছাটি চেঁচা বতাহে অমৃতাৰ গালে মুখে চুই গল। মূৰটো খামুচি ধৰিলে তাই। মূৰটো অত্যন্ত গধুৰ আৰু বিষ বিষ ভাৱ এটি অনুভৱ হল তাইৰ। বিমূৰ্ত হৈ কিছুদেৰি বিছনাখনতে পৰি ৰল তাই। মনত পেলাবলৈ চেষ্টা কৰিলে ৰাতিৰ পাৰ্টিৰ কথাবোৰ। কোনে, কেতিয়া, কেনেকৈ তাইক ফ্লেটলৈ লৈ আনিলে .... একোৱেই মনত নাই তাইৰ। [ ২৬ ]  পাৰ্টিত তাই গ্লাছত প্ৰীছাই বাকি দিয়া মদ খাই দিছিল... চাঁদত পৰি যাব খোজা তাইক কোনোবাই ধৰি ৰাখিছিল,

...তাৰপিছত তাইৰ দেখোন একো মনত পৰা নাই। ভাস্কৰে গম পাইনে?

 নিজৰ ওপৰত অত্যন্ত খং উঠিল তাইৰ, লগতে লজ্জিতও অনুভৱ কৰিলে।

 ⵓ উঠিলি?

 ভাস্কৰৰ মাতৰ ৰুক্ষ শিতলতাত জিকাৰ খাই উঠিল অমৃতা। বিছনাখনৰ পৰা নামিব লৈও ৰৈ গল তাই।

 বিছনাখনৰ পৰা সামান্য দূৰত হাতত একাপ কফি লৈ চোফাত বহি আছে ভাস্কৰ।

 ⵓ কি হ'ল? এনেয়েটো তেনেই গাঁৱলীয়া....মই ড্ৰিংকচ কৰি কাষত আহিলেও বমি কৰ’, আনফালে আকৌ ....

 অমৃতালৈ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি ঠাট্টা ভৰা কঠিন স্বৰেৰে কৈ উঠিল ভাস্কৰে।

 নিৰুত্তৰ হৈ খিৰিকীৰে বাহিৰলৈ উদাসীন দৃষ্টিৰে চাই ৰল অমৃতাই।

 ⵓ ......

 কফিকাপ টেবুলত থৈ ভাস্কৰ বিছনাখনৰ কাষলৈ আহি তাইৰ নিচেই কাষত থিয় হ'ল। খঙত বিকৃত হৈ পৰা তেজাল মুখখন তাইৰ মুখৰ আগলৈ হালি আহিল। সোঁহাতখনেৰে তাইৰ থুতৰিত জোৰকৈ ধৰি ললে সি। বিষত কেঁকাই উঠিল তাই।

 ⵓ মই নথকাৰ সুযোগত ড্ৰিংকচ কৰিলি! . আৰু ড্ৰিংকচ কৰি চিধাই কেনেকৈ গৈ পালি অনিৰুদ্ধ বৰুৱাৰ দুবাহুত??

 থতমত খাই উঠিল অমৃতা। বিষ পাহৰি ভাস্কৰলৈ পোন দৃষ্টিৰে চাই ৰল তাই কিছুদেৰী। ভাস্কৰৰ দুচকুৰে যেন অগ্নি বৰ্ষিছিল।

 অ ...অনিৰুদ্ধ ... অনিৰুদ্ধ বৰাৰ ..দুবাহুত!! কোন অনিৰুদ্ধ বৰুৱা?

 মনত পেলাবলৈ চেষ্টা কৰিলে অমৃতাই।

 ⵓ অদিতিক মাতি দিছোঁ। তাই আহিম বুলি কৈছে।

 কৈয়েই তাইক একো ভাবিবলৈ বা কবলৈ সুযোগ নিদিয়াকৈ গধুৰ খোজেৰে দপদপাই ওলাই গল ভাস্কৰ।

 ভাস্কৰ গুচি যোৱাৰ পিছত অমৃতাই লাহেকৈ বিছনাখনৰ পৰা উঠি আহিল। ৱাশ্বৰোমত গৈ গোলাকাৰ আইনাখনৰ সন্মুখত কিছুদেৰী থিয় হৈ ৰল তাই।

 ..অবিন্যস্ত চুলি, মুখ, ফুলি থকা চকুযুৰি... আৰু পিন্ধনত এতিয়াও পাৰ্টিত পিন্ধি যোৱা অলিভ গ্ৰীণ শাৰীখন।

 ⵓনিজৰ ওপৰতে অত্যন্ত খং আৰু বিৰক্তি উপজিল তাইৰ। কিহে পাইছিল তাইক ড্ৰিংকচ কৰিবলৈ! কোনোবা অনিৰুদ্ধ বৰুৱাৰ দুবাহুত পৰি যোৱাকৈ ....

 ছিহ ছিহ অমৃতা! কিহে পাইছিল তোক?

 অকমান ঠাণ্ডা পানী লৈ গালে মুখে ছটিয়াই ললে তাই। শীতল জলকণিকা বোৰ ধুৱাই লৈ গল তাইৰ চকু মুখৰ পৰা ক্লান্তিৰ ভাৱ।

 ৱাশ্বৰুমৰ পৰা ফ্ৰেছ হৈ ওলাই আহিল তাই।

 কিচ্ছেনলৈ গৈ নিজৰ বাবে একাপ গৰম কফি বনাই ললে অমৃতাই।


 আৰামি চকী এখনত হেলান দি বহি লৈ তাই লাহে লাহে কফি কাপত সোঁহা দিলে। তাইৰ কাণত বাৰে বাৰে অনুৰণিত হৈ থাকিল ভাস্কৰৰ কথাবোৰ।


 “ড্ৰিংকচ কৰি চিধাই কেনেকৈ গৈ পালি অনিৰুদ্ধ বৰুৱাৰ দুবাহুত??”


 .... অনিৰুদ্ধ... অনিৰুদ্ধ বৰুৱা ..কোন এই অনিৰুদ্ধ বৰুৱা?


 দুচকু মুদি যথাসাধ্য তাই চেষ্টা কৰিলে ৰাতিৰ কথাবোৰ মনত পেলাবলৈ। অস্পষ্টকৈ তাইৰ মনত পৰিছে, ... কোনোবাই উচ্চাৰিছিল তাইৰ নামটো...যেন খুব মৰমেৰে, আৱেগেৰে ... আৰু অত্যন্ত আলফুলে বলিষ্ঠ দুবাহুৰে কোনোবাই সাৱটি ধৰিছিল তাইক। অনিৰুদ্ধ বৰুৱাই আছিল নেকি?


 কোন এই অনিৰুদ্ধ বৰুৱা?


 মনটো উগুল থুগুল লাগি থাকিল তাইৰ। কেনেকৈ গম পাম? কাক সুধিম? অদিতি ..অদিতিক সুধিব লাগিব। তাই [ ২৭ ] নিশ্চয় জানিব। কিন্তু কিয় সুধিব তাই? অনিৰুদ্ধ বৰুৱাৰ বিষয়ে তাই জানি কি কৰিব? অদিতিয়েই বা কি বুলি ভাৱিব?

 তাইৰ মনত অনিৰুদ্ধ বৰুৱাৰ বিষয়ে জানিবলৈ ইমান দুৰ্বাৰ ইচ্ছা কিয় জাগি উঠিছে?? অনুৰাগৰ পিছত কেতিয়াও, কাহানিও কোনাে অইন পুৰুষৰ প্রতি তাইৰ মনত একো ধৰণৰ আসক্তি জন্মা নাই। তেনেস্থলত ...??

 তেনেতে মােবাইলটো বাজি উঠিল। অদিতি। অদিতিৰ নামটো স্ক্রীনত দেখি মুখখন উজ্জ্বলি উঠিল তাইৰ।

 ⵓ অদিতি।

 ⵓ হেই অমৃতা... হাও আৰ ইউ নাও??

 ⵓ সামান্য মূৰৰ বিষ।

 ⵓ চৰি অমৃতা। প্লিজ বেয়া নাপাবা। মই তােমাক ড্রিংকচ কৰিবলৈ জোৰ কৰিবই নালাগিছিল।

 ⵓ একো নাই।...আচ্ছা তুমি আহিবা নেকি?

 ⵓ মই গৈয়েই আছো। অলপ ট্রেফিক জাম। ধৰি লােৱা বিশ মিনিট মান পিছত গৈ পাম।

 ⵓ ঠিক আছে।

 অদিতিক সুধিব নে নাই অনিৰুদ্ধ বৰুৱাৰ বিষয়ে। এজন অচিন অজান ব্যক্তিৰ সেই ক্ষণিকৰ স্পৰ্শত কেনেকৈ ইমান আত্মীয়তা অনুভৱ কৰিছে তাই? অনিৰুদ্ধ বৰুৱা নামৰ মানুহজনৰ নামটোত কিয় অনুভৱ কৰিছে আগতে কাহানিও অনুভৱ নকৰা এটি ৰােমাঞ্চয়তা!!

 নিজৰ উগুল থুগুল চিন্তাত ডুব গৈ থাকোতেই কলিং বেলটো বাজি উঠিল। তাই উঠি গৈ দুৱাৰখন খুলি দিলে। বাহিৰত অদিতি।

 ⵓ অলপ দেৰি হ'ল।

 ⵓ একো নাই। আহা ভিতৰলৈ।

 অদিতি হাঁহি মুখেৰে সােমাই আহিল । দুয়াে কিছু ইটো সিটো কথা পাতি থকাৰ মাজতেই অমৃতাই উঠি গৈ অদিতিলৈও একাপ কফি বনাই আনিলে।

  ড্রিংকচ কৰাৰ পিছত চাঁদত অকলে তােমাক যাব দিয়াটোৱেই মােৰ ভুল হল। তাতে পৰি গৈছিলা তুমি। অনিৰুদ্ধ বৰুৱাই হে তােমাক লৈ আনি এটা ৰুমত শুৱাই দিছিল আৰু আমাক জনাইছিল কথাটো।

 ⵓ অ..অনিৰুদ্ধ...অনিৰুদ্ধ বৰুৱা..

 ⵓ অহ...অনিৰুদ্ধ বৰুৱা। অসমৰেই। হি ইজ এ বিজিনেছমেন। তােমাৰ লগত চিনাকি কৰাই দিবলৈ নহলেই যােৱা ৰাতি। তেখেত খুব ৰিজাৰ্ভ মানুহটো। ন’ ড্রিংকচ, ন’ গার্ল টাইপৰ সাংঘাতিক এবিধ প্রাণী...তােমাৰ দৰেই। চব ফিডা হৈ গৈছে। অকমান তাৰ সান্নিধ্য পাবৰ কাৰণে। সি পিছে কাকো পাত্তা নিদিয়ে।

 ⵓ সি বুলিহে তােমাক আলফুলে দাঙি আনি বিছনাত শুৱাই থৈ মােক জনাইছেহি, বেলেগ কোনােবা হােৱাহেতেন??...তুমিতাে জানাই নহয় মানুহবােৰক।

 অমৃতাই মন দি শুনি গল অদিতিয়ে অনর্গল কৈ যােৱা কথাবােৰ।

 ‘আলফুলে' শব্দটোৱে যেন অন্তৰ চুই গল তাইৰ।.. তাইওটো অনুভৱ কৰিছিল সেই আলফুল আৱেগিক স্পর্শ...।

 ⵓ অনিৰুদ্ধ বৰাই মােক চিনি পায় নেকি বাৰু অদিতি?

 সােধাে নােসােধােকৈ সুধিলে অমৃতাই।

 ⵓ আই দন্ত থিংক ছ'। কেনেকৈ পাব? তেওঁ ইয়াত নতুন। মই নিজেই তেওঁক লগ পােৱা মাত্র দুবাৰ হৈছে।

 ⵓ আচৰিত হল অমৃতা। পুনৰ চিন্তাত ডুব গল তাই।

 ⵓ কি ভাবিছা?

 অদিতিয়ে মন কৰিলে অমৃতাৰ চিন্তিত সেমেকা মুখখন।

 ⵓ অমৃতা...এটা কথা কওঁ?? পাহৰি যােৱা।

 ⵓ কি ? [ ২৮ ]  ⵓ অতীতটোক ....। পাহৰি যোৱা অনুৰাগক।

 ⵓ বৰ্তমানটোক আঁকোৱালি লোৱা।এয়াই তোমাৰ বাবে ভাল হব। দেখিছো মই, কেনেকৈ জ্বলি গৈছা তুমি। দিনে দিনে নিঃশেষ হৈ আহিছা তুমি। হাঁহি নাই স্ফুৰ্তি নাই...গোটেই ৰাতি মাথো বিৰবিৰাই আছা অনুৰাগৰ নাম। অনিৰুদ্ধ বৰুৱাও আচৰিত হৈ গৈছিল চাগৈ...

 মুখখনত যেন কোনোবাই আন্ধাৰৰ ৰংহে সানি দিলে অমৃতাৰ।

 কি কৈছে অদিতিয়ে এয়া?

 তাইৰ জীয়াই থকাৰ শেষ সমল .... তাইৰ প্ৰথম প্ৰেমৰ স্মৃতিবোৰ ... কৈশোৰ যৌৱনৰ প্ৰথম সপোন অনুৰাগক পাহৰি তাইৰ জানো অস্তিত্ব আছে?

(৯)

 সোঁ গালত পৰা ৰঙা দাগটোত আৰু ডিঙিত লগা ক্ষত চিহ্নটো চুই চালে তাই।

 ‘আস’

 তীব্ৰ বিষত কেকাই উঠিল তাই।

 শ্বাৱাৰৰ তলত চুলিকোচা মেলি দি থিয় হৈ ৰল তাই বহুপৰ ... শীতল জলকণিকা বোৰে ধুই গল শৰীৰৰ ক্ষত স্থানবোৰত বিৰিঙি উঠা ৰক্ত কণিকা বোৰক...ধুৱাই লৈ গল তাইৰ অন্তৰৰ মৌন কান্দোন।

 গধূলি অফিচৰ পৰাই বাহিৰে বাহিৰে মদ খাই ঘূৰি অহা ভাস্কৰে অনিৰুদ্ধ বৰুৱাৰ নাম লৈ শাৰীৰিক অত্যাচাৰ চলাইছিল তাইৰ ওপৰত।

 ভাস্কৰৰ মতে তাই জানি বুজি ড্ৰিংকচ কৰি চাদলৈ গৈছিল অনিৰুদ্ধ বৰাৰ দুবাহুত বন্দী হবৰ ইচ্ছাৰে।

 অনিৰুদ্ধ বৰুৱা... যাক তাই নাজানেও... নিচিনেও।

 দীঘল নীলা নাইটি খনেৰে সৰ্বাংগ ঢাকি খুব লাহে লাহে খোজ দি ওলাই আহিল তাই বেলকণীটোলৈ। বেডৰোমৰ পৰা ভাহি আহিছে ভাস্কৰৰ নাকৰ কৰ্কশ ঘৰঘৰনি।

 উফ। অসহ্য।

 মৃত্যু আৰু কিমান দূৰ?

 আৰু কিমান দূৰ শ্মশানৰ অন্ধকাৰলৈ?

 আৰু কিমান দিনলৈ সহিব তাই এই অসহ্য শাৰীৰিক যাতনা? পাৰিবনে তাই?

 নে তাইও অকাল মৃত্যুক আঁকোৱালি লোৱা উচিত ... ঠিক যেনেকৈ অকাল মৃত্যুক স্বইচ্ছাই আঁকোৱালি লৈছিল ভাস্কৰৰ প্ৰথমা পত্নী মৃণালিনীয়ে।

 অদিতিৰ কথা মনত পৰিল তাইৰ।

 ৰাতিপুৱা অদিতিয়ে কৈছিল তাইক, অতীতক পাহৰি.অনুৰাগক পাহৰি, বৰ্তমানক আঁকোৱালি লবলৈ! তাই জানো চেষ্টা নকৰাকৈ আছিল?

 গাঁও এৰি ভাস্কৰৰ লগত বিয়া হৈ অহাৰ পিছৰপৰাই শোষণ, নিৰ্যাতন আৰু অন্যায়ৰ এক পৃষ্ঠা আৰম্ভ হৈ গৈছিল তাইৰ জীৱনত। হাঁহি ধেমালি সুখৰ পৃষ্ঠাবোৰ অতীত হৈ ৰৈছিল।

 ভাস্কৰৰ প্ৰকাণ্ড ঘৰখনৰ প্ৰতিটো চুক কোনে যেন তাইক ঠাট্টা মস্কৰা কৰিছিল,... গাঁৱলীয়া বুলি হাঁহিছিল। চহৰৰ নগ্ন আধুনিকতাৰ মাজত বিপৰ্যস্ত হৈ ৰৈছিল তাই।

 প্ৰতিটো নিশাই ধৰ্ষিতা হৈছিল মদ খাই মাতাল হৈ অহা ভাস্কৰৰ দ্বাৰা। তাইৰ শৰীৰৰ কোমল অংগবোৰৰ পৰা তেজ বিৰিঙি নুঠালৈকে তীক্ষ দাঁতৰ কামোৰ দিছিল সি, .... কলা নীলা চিহ্ন বহুৱাই দিছিল সৰ্বশৰীৰত। বহু প্ৰয়াস কৰাৰ পিছতো ভাস্কৰৰ হৃদয় জিনি লব পৰা নাছিল তাই।

 তাই কান্দিছিল প্ৰথমতে চিঞৰি চিঞৰি ... ফেঁকুৰি ফেঁকুৰি... লাহে লাহে অভ্যস্ত হৈ উঠিছিল শাৰীৰিক বিষৰ সৈতে৷

[ ২৯ ]  প্ৰচণ্ড ভাবে ভিতীগ্ৰস্ত হৈ উঠা অমৃতাই লাহে লাহে চকুলো টুকিবও পাহৰি গৈছিল... পাহৰি গৈছিল তাই নিজৰ অস্তিত্ব আৰু স্বাভিমান।

 ভাস্কৰে দিয়া শাৰীৰিক, মানসিক অত্যাচাৰ, ঠাট্টা মস্কৰাই মাৰি পেলাইছিল তাইৰ ৰুচি, আৱেগ, অনুভূতি, আশা আকাংক্ষা....সকলো।

 তাই বুজি উঠিছিল, ভাস্কৰৰ বাবে তাই পত্নী নহয়.... তাৰ শৰীৰৰ কামনা বাসনা পূৰ কৰিব পৰা এটি নাৰীদেহ মাথো।

 তৰাভৰ্তি আকাশখনলৈ মূৰ তুলি চালে তাই। উৰা মাৰি যেন অনন্ত আকাশৰ অসীম শূন্যতাত ডুব যাব তাই।

 এতিয়া কি কৰি আছে বাৰু অনুৰাগে?? কত আছে সি?? শান্তি পাইছেনে সি অৰণ্যত? কিয় অৰণ্যৰ জীৱন বাছি ললে সি। কিয়? যাৰ দুচকুত কেৱল মৰম আৰু মৰম বিচাৰি পাইছিল তাই ... কিয় সি বাছি ললে হত্যা, জিঘাংসা,আৰু বৰ্বৰতাৰ পথ। কিয়?

 “অনুৰাগ স্বাৰ্থপৰ তই। বহুত স্বাৰ্থপৰ।”

 মনৰ ভিতৰত গুজৰি গুমৰি অহা খং অভিমান বোৰ প্ৰকাশ পালে দুধাৰি অশ্ৰধাৰা হৈ।

 বুকুখনত যেন কিহবাই সোপা মাৰি ধৰিছেহি তাইৰ।

 ⵓ তোৰ পুৰণি প্ৰেমিকৰ খবৰ পাওনে?... নে ময়েই জনাব লাগিব আকৌ?

 ⵓ .....

 নিৰুত্তৰ... কিন্তু উৎকৰ্ণ হৈ ৰৈছিল তাই।

 ⵓ উগ্ৰপন্থী হ’ল সি। মোক বেয়া বুলি কৱ নহয়? তোৰ আদৰ্শ পুৰুষজন সন্ত্ৰাসবাদী হ'ল।

 বিস্ফোৰিত নেত্ৰেৰে ভাস্কৰৰ মুখলৈ চাই ৰৈছিল তাই।

 ⵓ পুলিচৰ হাতত পৰিলে পিঠি গুৰুলা গুৰুল হ'ব তোৰ পুৰণি প্ৰেমিকৰ। দেখিলেই গুলিয়াই দিব তাক।

 ভাস্কৰৰ দুচকুৰ ঠাট্টা মিশ্ৰিত ৰুক্ষ চাৱনীলৈ পোন দৃষ্টিৰে চাই ৰৈছিল তাই। তাইৰ যে অকণো বিশ্বাস হোৱা নাছিল কথাষাৰ....

 মিছা কথা.. মিছা কথা।

 আৰ্তচিতকাৰ কৰি উঠিছিল তাইৰ হৃদয়খনে কিন্তু ওঁঠ, মুখ মৌন হৈ ৰৈছিল।

 দুচকুৰ আগত ভাঁহি উঠিছিল সেই ক্ষীণ লাহী ওখ শৰীৰ, কেঁকোৰা চুলি আৰু মৰমিয়াল চকু , মুখ। নাই ... নাই অসম্ভৱ। অনুৰাগৰ দৰে কোমল হৃদয়ৰ মানুহে বন্দুক কেতিয়াও উঠাব নোৱাৰে।

 লাহে লাহে কিন্তু বিশ্বাস কৰিবলৈ বাধ্য হৈছিল তাই। অদিতি, ...বিপ্লৱ, সকলোৱে কৈছিল অনুৰাগে হাতত বন্দুক তুলি লোৱাৰ কথা।

 ...সন্ত্ৰাসবাদী হৈছে সি। নিষিদ্ধ উগ্ৰপন্থী সংগঠনত যোগ দি পুলিচ, আইন, চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে সি। অকল সিয়েই নহয় তাঁহাতৰ সেই ভিতৰুৱা গাঁওখনৰ আৰু অসমৰ অন্যান্য ভিতৰুৱা গাঁৱৰ প্ৰায়ভাগ লৰাই উগ্ৰপন্থী সংগঠনত যোগ দিছে। প্ৰায়েই হেনো পুলিচৰ তালাচী অভিযান চলে গাঁওবোৰত। সন্দেহী গতি বিধিৰ যুৱকৰ খবৰ পালে ধৰি আনি লক আপত ভৰাই থৈ দিয়ে।

 ⵓ আমাৰ দৰে ডাঙৰ অফিচাৰবোৰ হেনো সিহঁতৰ টাৰ্গেট। আমাক হেনো সিহঁতে গুলিয়াই মাৰিব! দুৰ্নীতি মুক্ত নোহোৱালৈকে হেনো সিহঁতে সংগ্ৰাম চলাব। হা হা হা। সংগ্ৰাম। মাই ফুট।

 অট্টহাস্য কৰি উঠিছিল সি। যেন সাৰ পাই উঠিছে এটা ৰাক্ষস...দুৰ্নীতিত পোত যোৱা, প্ৰেমৰ প্ৰমূল্যবোধ নজনা, নাৰী শৰীৰ ভক্ষণ কৰি ভাল পোৱা মানুহৰূপী নিষ্ঠুৰ ৰাক্ষস।

 ...অমৃতাৰ দুচকুৰে নীৰৱে সেইদিনা বৈ গৈছিল অশ্ৰুৰ প্লাৱণ...।

 মেডিচিন কেবিনেটৰ পৰা শ্লিপিং টেবলেট এটা উলিয়াই লৈ অকণমান পানীৰে সৈতে গিলি দিলে তাই। শ্লিপিং টেবলেটতো খাই লৈ বিছনাখনত ক্লান্ত শৰীৰটো এৰি দিলে অমৃতাই।

 ৰাতি দুই বাজি গৈছে। [ ৩০ ]  অথচ অকণমানো টোপনিৰ ভাৱ নাই দুচকুত। ওৰে ৰাতি সাৰে থাকি অভ্যস্ত হৈ গৈছে তাই। ডাক্তৰ তৃশা কুপ্পীকাৰে দিয়া দৰৱবোৰ নুখুৱালৈকে ক্লান্তিত শৰীৰ বিধস্ত হৈ উঠিলেও টোপনি নাহে তাইৰ। অমৃতাৰ বাবে অমৃততকৈও বেছি অমূল্য হৈ উঠিছে যেন শ্লিপিং টেবলেটবোৰ।

 টোপনি নহা দেখি মোবাইলতো উলিয়াই লৈ এবাৰ চালে তাই। ৱাটছ্ আপত অদিতিৰ মেছেজ।

 গধূলি সাত বজাতেই দিয়া। তাই মনেই কৰা নাছিল।

 “হেভ এ লুক এট দ পিকছাৰ্চ অফ লাষ্ট নাইট পাৰ্টি। ইউ আৰ লুকিং অচম ইন অল দ পিকচ। সেইকাৰণে গোটেই মানুহবোৰ তোমাৰ পিছত পাগল জানানে।”

 অৱসভাৱে অদিতিয়ে পঠোৱা ফটোবোৰ ডাউনলোড কৰি এফালৰ পৰা নিৰ্লিপ্ত দৃষ্টিৰে চাই গ’ল তাই।

 হঠাতে এখন ফটোত ৰৈ গ'ল তাই।

 কিছুসময় থৰ লাগি চাই ৰল ফটোখনলৈ।

 বুকুখন জোৰেৰে ধপধপাই উঠিল তাইৰ।

 কম্পিত আঙুলিৰে ফটোখন কেইবাবাৰো ঝুম কৰি চালে অমৃতাই।

 ফটোখনত থকা এজাক ৰঙীন মানুহৰ জুমৰ মাজৰ এজন বিশেষ ব্যক্তিৰ ওপৰত তাইৰ কম্পিত দৃষ্টি নিৱদ্ধ হল।

 ...ব্লু চাৰ্ট, ব্লেক পেন্ট, কেঁকোৰা চুলি, ফ্ৰেন্স কাট দাড়ি, চকুত বগা গ্লাছ, সুঠাম ওখ আটিল শৰীৰ...।

 কঁপি উঠিল তাইৰ হাতৰ আঙুলিবোৰ।

 এইখন মুখ...নিৰ্মোহ গম্ভীৰ চকুহাল, তাইৰ তেনেই চিনাকি... বুকুৰ অতি আপোন। বুকুখন ধান বনাদি বানিব ধৰিলে তাইৰ।

 কোন? কোন এইজন? ....হুবহু অনুৰাগ। তাইৰ অনুৰাগ।

 কম্পিত হাতখনৰ পৰা মোবাইলটো পৰি গল।

 খপজপকৈ তাই উঠাই ললে মোবাইলটো। এক সুতীব্ৰ আলোড়ন জাগি উঠিল তাইৰ হৃদয়ত।

 বাৰে বাৰে কম্পিত বুকুৰে, ধোঁৱাময় হৈ অহা দৃষ্টিৰে বিস্মিত হৈ চায়েই ৰল তাই ফটোখনলৈ ..

 লাহে লাহে আন্ধাৰ নামি আহিল তাইৰ দুচকৰ আগত... অস্পষ্ট হৈ আহিল তাইৰ কাণত ভাস্কৰৰ নাকৰ ঘৰঘৰনি আৰু কব নোৱাৰাকৈয়ে তাই ঢলি পৰিল নিদ্ৰাদেৱীৰ কোলাত।

(১০)

 “ফটোখনত দীপ ব্লু চাৰ্ট, ব্লেক পেন্ট, বগা গ্লাছ, ফ্ৰেন্স কাট দাড়িৰ,... সেইজন কোন?”

 মেছেজটোৰ লগতে অমৃতাই সেই বিশেষ ফটোকপি অদিতিলৈ ৰিছেণ্ড কৰিলে ৱাটচ আপত। অদিতিয়ে উত্তৰ দিয়ালৈ মোবাইলতো হাতত লৈ উৎকণ্ঠাত আতুৰ হৈ ৰৈ থাকিল তাই।

 ৰাতিপুৱা উঠাৰপৰাই ঘৰৰ যাৱতীয় কৰণীয় খিনি লৰালৰিকৈ কৰি লৈছিল অমৃতাই। দুৰু দুৰুকৈ বুকুখন কঁপিয়েই আছিল তাইৰ অহৰহ। বাৰে বাৰে ঘড়ীটোলৈ চাই অস্থিৰ হৈ উঠিছিল তাই। দহ নাবাজেহে নাবাজে। অৱশেষত খাই বৈ উঠি বিনাবাক্য দহ বজাত ভাস্কৰ ওলাই যোৱাৰ লগে লগে তাই ততাতৈয়াকৈ মোবাইলটো লৈ অদিতিলৈ মেছেজ পঠিয়ালে।

 বিপ বিপকৈ ৱাটচ আপত মেছেজ অহাৰ সংকেত আহিল।

 অদিতিৰ মেছেজ।

 “অহ ডেটছ হিম, অনিৰুদ্ধ বৰুৱা। ইয়ৰ চেভিয়ৰ অফ দেট নাইট।”

 “অনিৰুদ্ধ বৰুৱা’’

 অস্ফুট স্বৰেৰে বিস্মিত কণ্ঠে তাই উচ্চাৰণ কৰিলে নামটো। সেইজনেই অনিৰুদ্ধ বৰুৱা!! কেনেকৈ হব পাৰে??

 .. এয়া কেনেকৈ সম্ভৱ? সেই একেই চকু, একেই নাক, কেঁকোৰা চুলি, ... সেই নিৰ্মোহ গম্ভীৰ চকুহাল.. অনিৰুদ্ধ বৰুৱা নে অনুৰাগ...??

 অনুৰাগ নে অনিৰুদ্ধ বৰুৱা?? [ ৩১ ]  কেনেকৈ ইমান মিল থাকিব পাৰে অনিৰুদ্ধ বৰুৱাৰ অনুৰাগৰ লগত....? কেনেকৈ?

 এক সুতীব্ৰ অনামী শিহৰণত থকথককৈ কপি উঠিল তাইৰ সৰ্বশৰীৰ।

 আৱেগত উদ্বাউল হৈ উঠা মনটোক শান্ত কৰিব চেষ্টা কৰি জোৰেৰে চকুযুৰী মুদি দিলে তাই।

 মনত পৰিল তাইৰ, চাঁদত ঢলি পৰাৰ আগতেই তাই অনুভৱ কৰিছিল সেই চিনাকি দুবাহুৰ স্পৰ্শ, ... সেই স্পৰ্শত তাই অনুভৱ কৰিছিল আৱেগ আৰু মৰম। অত্যন্ত মৰমেৰে সি তাইক মাতিছিল “অমৃতা” বুলি।

 ...নাই নাই। ধপকৈ উঠি থিয় হল তাই। অনুৰাগক চিনি পোৱাত তাইৰ কেতিয়াও ভুল হব নোৱাৰে।

 তাইৰ অনুভৱবোৰ কেতিয়াও মিছা হব নোৱাৰে।

 কিন্তু সি ইয়াত কেনেকৈ??

 সি ইয়াত অহাটো জানো সম্ভৱ!

 সিটো গুচি গৈছিল অৰণ্যলৈ। চিৰাচৰিত সমাজখনৰ অন্য এটি প্ৰান্তলৈ। সমাজখনৰ সেই প্ৰান্তৰ পৰা উভতি অহাটো জানো ইমান সহজ?

 তেনেস্থলত??

00 00 00 00

 নিউজ পেপাৰখন উদ্দেশ্যহীনভাৱে লুটিয়াই চাই গ'ল সি। দুচকৰ আগৰ আখৰবোৰ ধূসৰ হৈ ধৰা দিছে। বাৰে বাৰে দুচকুৰ আগত ভাঁহি উঠিছে সেই কোমল মুখমণ্ডল....সেই কোমল চাৱনি, অশ্ৰুসিক্ত চকুযুৰী, তাৰ দুবাহুত ভাঙি পৰি যাব খোজা লাহী শৰীৰটো....

 ....সেই কম্পিত ওঁঠ যুৰী অস্পষ্টকৈ যে বিৰবিৰাইছিল “অনুৰাগ” “অনুৰাগ” বুলি।

 ⵓ ছাৰ...

 ⵓ ছাৰ...

 খকমকাই যেন টোপনিৰ পৰাহে সাৰ পালে তেওঁ। ৰূমটোত তেওঁৰ বাহিৰে অন্য কাৰোবাৰ উপস্থিতি তেওঁ অনুভৱেই কৰা নাছিল। সন্মুখত মুকেশ।

 ⵓ অ' মুকেশ কোৱা।

 ⵓ ছাৰ ফাইলখন চহী হৈ গৈছে।

 ⵓ আচ্ছা খুব ভাল কথা। আমি তেতিয়াহলে আজিৰপৰাই কাম আৰম্ভ কৰিব পাৰিম।

 ⵓ অকে ছাৰ।

 মুকেশে থৈ যোৱা ফাইলখন এবাৰ চালে সি। নিৰ্দিষ্ট ঠাইবোৰত চহী হৈ গৈছে। কাম অতি সোনকালে আৰম্ভ কৰিব লাগিব। মনতে ভাবিলে সি।

 ফাইলখন জপাই নিজকে স্থিৰ কৰিবলৈ ক্ষন্তেক চকীখনত মূৰটো পিছলৈ পেলাই দি দুচকু মুদি দিলে সি। দুচকু জপাই দিয়াৰ লগে লগেই পুনৰ ভাৱৰ সাগৰত ডুব গল সি কব নোৱাৰাকৈয়ে। অমৃতা গুচি যোৱাৰ পিছত তাৰ জীৱনত যেন দুখৰ বাহিৰে একোৱেই বাকী থকা নাছিল। সম্পূৰ্ণ নিসংগ হৈ পৰিছিল সি।

 কান্দিছিল সি নীৰৱে, অকলে।

 ভাস্কৰৰ অভিজাত্যই তাক উপলুঙা কৰি, ঠাট্টা কৰি তাৰ দুচকুৰ আগতেই অমৃতাক লগত লৈ গুচি গৈছিল। যোৱাৰ সময়ত অমৃতাৰ মৌন দুচকুৰ ভাষা বুজিছিল সি। সেই ভাষা অভিমানৰ।

 সি জানিছিল, যদি সি বিচৰাহলে অমৃতাই দেউতাক, পেহীয়েকৰ লগত যুদ্ধ কৰি হলেও তাৰ লগত থাকিলেহেঁতেন। কিন্তু সি নিজেই তাইক এৰি দিছিল তাইৰ সুখৰ ভৱিষ্যত কামনা কৰি।

 অমৃতাৰ অনুপস্থিতিত ভাল লগা ঘৰখন, গাঁওখন, পথাৰ, গছ গছনি, নদী একোৱেই যে ভাল লগা নাছিল তাৰ। শৈশৱৰ

সোণালী স্মৃতি বিজড়িত গাঁওখনৰ প্ৰতিটো চুকে কোনে, গছ গছনি, নদীখনে যেন তাক মাথো অমৃতাৰ কথাই সোঁৱৰাইছিল।

[ ৩২ ]  নিজৰ সামাজিক, অর্থনৈতিক স্থিতিক লৈ প্রচণ্ড হীনমন্যতাত ভুগিব ধৰিছিল অনুৰাগ ...

 উদ্দেশ্য বিহীন হৈ পৰিছিল সি। নিষ্ঠুৰ হবলৈ মন গৈছিল তাৰ। পাহৰিব মন গৈছিল তাৰ সকলাে যন্ত্রণা, ব্যথা।

 সেইসময়ত গাঁৱৰ বহুতাে লৰাই যােগদান দিয়াৰ দৰেই এদিন উগ্রপন্থী দলত যােগদান দিছিল সি। দলীয় নেতাই বুজাইছিল কেনেকৈ বন্দুক হাতত তুলি লৈ যুদ্ধ কৰিব লাগে অন্যায়, অনীতি, দুর্নীতিৰ বিৰুদ্ধে...

 বুজাইছিল যে দুর্নীতিকামী প্ৰতিটো চৰকাৰী অফিচাৰ, ৰাজনীতিবিদ, চৰকাৰী টকা আত্মসাত কৰা বিষয়া, ইণ্ডাষ্ট্রিয়েলিষ্ট, বুদ্ধিজীৱী আমাৰ শত্ৰু....সিহঁতৰ শােষণ নিষ্পেখনৰ বাবেই অসম স্বাধীন ভাৰতৰ অংশ হৈও আজিও স্বাধীন নহয়...সেয়েহে আজিও উন্নতি কৰিব পৰা নাই অসমীয়া সমাজখনে।

 সি লক্ষ্য কৰিছিল দলীয় নেতাৰ ভাষণৰ পিছত অইন সতীর্থসকলৰ দুচকুত জুই বর্ষিছিল, দুর্নীতিত পােত যােৱা ব্যক্তিসকলৰ জীৱন কাঢ়ি লবৰ বাবে উত্ৰাৱল হৈ উঠিছিল।

 অনুৰাগে কি বিচাৰিছিল সি নিজেও সঠিককৈ নাজানিছিল, মাথাে আগবাঢ়ি গৈছিল সময়ৰ সোঁতত। বিৰামহীনভাবে চলিছিল অৰণ্যত ট্রেইনিং আৰু কঠোৰ পৰিশ্ৰম। চৰাই এটাও হাতেৰে মাৰি নােপােৱা লৰাটোৱে স্থিৰ হাতেৰে বন্দুক চলাব শিকিছিল। বন্দুকৰ শব্দই তাৰ মনত অকণাে কম্পন তুলিব পৰা নাছিল।

 কিন্তু কম্পন তুলিছিল এদিন.... মন অশান্ত,অস্থিৰ হৈ উঠিছিল ... পলাশ ৰঙী সেন্দুৰৰ ৰঙা ৰঙ দেখি...দুটি অবােধ শিশুৰ ভয়ার্ত চাৱনী দেখি।

 দলীয় নেতাই অনুৰাগ আৰু সতীর্থ সকলৰ হাতত তুলি দিছিল এখন লিষ্ট... লিষ্ট যত অন্তর্ভুক্ত আছিল বহুতাে দুর্নীতিকামী বিষয়াৰ নাম।

 তাত অন্তর্ভুক্ত আছিল ভাস্কৰ দত্তৰ নাম.... অমৃতাৰ স্বামী ভাস্কৰ দত্ত। ভাস্কৰ দত্তৰ নামটো লিষ্ট খনত দেখি সেইদিনা সি এক অজান পুলক লভিছিল। হয়তাে প্রতিশােধ কামী মনটো কৰবাত লুকাই আছিল তাৰ অন্তৰত ইমানদিনে।

 সিহঁতৰ প্রথম টার্গেট আছিল এজন মন্ত্রী। আজিও তাৰ মনত আছে, দোভাগ নিশা যেতিয়া সি উদ্যত হৈছিল টোপনিৰ পৰা চক খাই সাৰ পােৱা মন্ত্ৰীৰ বুকুত গুলিয়াই দিবলৈ ঠিক তেতিয়াই মন্ত্রী পত্নী সন্মুখত থিয় দিছিল ঢাল হৈ। এপলক মাত্র...প্রস্তুৰ মূৰ্তিৰ দৰে ৰৈ গৈছিল সি। তাৰ দুচকুত মন্ত্ৰীৰ বুকু নহয় জিলিকি উঠিছিল পলাশ ৰঙী এমুঠি সেন্দুৰ... জিলিকি উঠিছিল দুটি কণমানি শিশুৰ ভয়ার্ত চাৱনি।

 পলাশ ৰঙী সেন্দুৰটোৱে তাক মনত পেলাই দিছিল সি পাহৰিব খােজা এটি স্মৃতি... অমৃতাৰ শিৰৰ সেন্দুৰ। একেই পলাশ ৰঙী।

 : কি কৰিছ। গুলিয়াই দে। বন্দুক চলা। নহ'লে মই মাৰিম।

 তাৰ সতীর্থ পল্লৱে তাৰ উত্তৰলৈ বাট নাচাই বন্দুক পােনাইছিল। কি জানাে হৈছিল অনুৰাগৰ। তাৰ হাতৰ বন্দুকৰ নালেৰে এটা প্রচণ্ড কোব সােধাইছিল পল্লৱৰ মূৰত আৰু পিছমুহূর্ততে ধৰফৰাই ওলাই গৈছিল সি মন্ত্রীক জীৱন দান দি।

 অস্থিৰ হৈ উঠিছিল অনুৰাগ। নিজৰ সতীর্থক, দলক বিশ্বাসঘাটকতা কৰিছিল সি! সেই ৰাতি অৰণ্যৰ অন্ধকাৰত সােমাই উচুপিছিল সি। বাৰে বাৰে দুচকুৰ আগত ভাঁহি উঠিছিল মন্ত্রী পত্নীৰ শিৰৰ ৰঙা সেন্দুৰকনলৈ।

 অমৃতাক যেতিয়া শেষবাৰ সি দেখিছিল ... তাইৰ শিৰৰ সেউতা ভৰি জিলিকি আছিল একেই এমুঠি পলাশ ৰঙী সেন্দুৰ। কল্পনাত ভাঁহি উঠিছিল ... ভাস্কৰৰ জীৱন বচাবলৈ অমৃতাও চাগৈ ঢাল হৈ থিয় হৈ ৰব নিজৰ বুকু পাতি। পাৰিবনে সি তেতিয়া অমৃতাৰ শিৰৰ সেন্দুৰৰ ওপৰেদি ভাস্কৰৰ বুকুত বন্দুকৰ গুলি এৰি দিবলৈ....??

 অমৃতাই তাক ঘিণ কৰিব, তাৰ নামত, তাৰ স্মৃতিত হয়তাে থুৱাব। সহ্য কৰিব পাৰিবনে সি??

 “নােৱাৰ নােৱাৰ, সপােনতাে নােৱাৰ।”

 সৈন্যৰ কঠিন পােচাকৰ তলৰ মৰমিয়াল প্রেমিক হৃদয়টোৱে আর্তনাদ কৰি উঠিছিল।

 নােৱাৰে সি কদাপিও নােৱাৰে।

 সৈন্যৰ পােছাকজুৰে.... হাতৰ বন্দুকটোৱে... অৰণ্যৰ সেই ঘােৰ অন্ধকাৰে তাচ্ছিল্য কৰিছিল তাক ... ...নােৱাৰিবি তই অনুৰাগ..যাৰ হৃদয়ত প্ৰেমৰ ৰাগ আছে তাৰ মনত বিৰাগ কেনেকৈ সৃষ্টি হব? তই হত্যাকাৰী হব [ ৩৩ ] নােৱাৰ। তইতাে এজন প্রেমিক...দুৰ্ভগীয়া প্রেমিক।

 স্থিৰ হৈছিল সি।

 অমৃতাক বৈধৱ্যৰ যন্ত্রণা দিব নােৱাৰে সি।

 অমৃতাৰ চকুত চকুপানী চাব নােৱাৰে।

 সিদ্ধান্ত তৎক্ষণাত লৈছিল অনুৰাগে সেইমুহূর্ততে।

 আত্মসমর্পণ কৰাৰ পিছত জেলত কটাইছিল সি কেইবামাহাে। তেতিয়াই জেলত আগমন ঘটিছিল এজন অপ্রত্যাশিত লােকৰ...সেই একেজন মন্ত্রী বিষয়া যাৰ বুকুত বন্দুক তুলিছিল সি...আৰু লগত মন্ত্রী পত্নী।

 সেইদিনা কিয়জানাে তাৰ মনত এক অবুজ আনন্দৰ সঞ্চাৰ ঘটিছিল মন্ত্রী পত্নীৰ শিৰত নির্বিঘ্নে জিলিকি থকা সেন্দুৰকণতাে দেখি।

 সেইদিনাই সি বুজি উঠিছিল জীৱন লােৱাতকৈ জীৱন দিয়াৰ অনুভূতি কিমান সুখকৰ !

 মন্ত্রী আৰু মন্ত্রীপত্নী নিজৰ আত্মীয়তকৈও অধিক আত্মীয় হৈ উঠিছিল আৰু সলনি হৈ গৈছিল অনুৰাগৰ জীৱনৰ গতিপথ।

 অনুৰাগ বৰুৱাৰ ঠাইত নকৈ সৃষ্টি হল অনিৰুদ্ধ বৰুৱাৰ৷ বিজিনেছমেন অনিৰুদ্ধ বৰুৱা। অনুৰাগ বৰুৱাৰ পৰা অনিৰুদ্ধ বৰুৱালৈ পৰিবৰ্তনৰ এই যাত্রা সহজ নাছিল। সহজ সৰল অনুৰাগ বৰুৱাক মাৰি এজন বুদ্ধিমান বিজিনেছমেন অনিৰুদ্ধ বৰুৱা হৈ উঠিছে সি। সেই পৰিবৰ্তনৰ পথত অহা বহু অন্যায়, অনীতি, দুর্নীতি, শােষণ, নিষ্পেষন কষ্টৰে মুখামুখি হৈ আজি এই পর্যায় পাইছেহি।

 অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলাটোৰ ভিতৰত থকা অনুৰাগজনৰ অস্তিত্ব কেতিয়াবাই শেষ কৰিছে সি। বিচাৰি পােৱা টান।

 বৰ্তমানৰ এই অনিৰুদ্ধ বৰুৱা আভিজাত্যৰ ৰঙেৰে ৰঙীন, ...এটি আৰামদায়ক জীৱনৰ অধিকাৰী সি। বিলাসী স্বপ্ন দেখাৰ ধৃষ্টতা নাই বুলি ভবা অনুৰাগ বৰুৱাৰ হাতত এতিয়া সর্বদা ওলমি থাকে আভিজাত্যৰ চাবি কাঠি।

 কিন্তু অনুৰাগ বৰুৱাৰ এই আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তন সকলােৰে জ্ঞাত নহয়। এতিয়াও তাক বিচাৰি ফুৰে উগ্রপন্থী দলৰ সদস্যই। দলৰ নেতাৰ নির্দেশ অনুসৰি তাক দেখিলেই গুলিয়াই দিব। সেয়াই অৰণ্যৰ নিয়ম।

 সকলাে সলনি হৈছিল।

 সলনি নহল মাথাে স্মৃতিবােৰ।আজিও সি মনৰ মনিকোঠত সযতনে বান্ধি ৰাখিছে অমৃতাৰ সৈতে কটোৱা শৈশৱ,কৈশােৰ, যৌৱনৰ সােণালী স্মৃতি।

 অমৃতাৰ প্ৰতি থকা সেই প্রেমৰ সুমধুৰ ৰাগ আজিও অক্ষুন্ন তাৰ হৃদয়ত সেয়ে হয়তাে কোনাে সুন্দৰী ৰমণীৰ দুচকুৰ প্ৰেমৰ মুক্ত আৱেদন নতুবা শৰীৰৰ ঔজ্জলতাই তাক আকর্ষণ নকৰে।

 মনৰ কাম বাসনাৰ ৰিপুৰ বহু উর্ধত তাৰ অতীতৰ প্ৰেমৰ প্ৰতি থকা এই ৰাগ।

 সি সর্বদাই মনত ৰাখিছে যােৱাৰ পৰত তাইৰ শিৰত জিলিকি থকা পলাশ ৰঙী সেন্দুৰ ৰং... সেই সেন্দুৰৰ ৰঙে তাক প্রতিজ্ঞাবদ্ধ কৰাইছে ...কেতিয়াও তাইৰ সন্মুখত নাহিবলৈ।

 সকলাে ঠিকেই চলি আছিল।

 কিন্তু... এটি মাত্র ক্ষনে যেন মন অস্থিৰ কৰি তুলিছে তাৰ। এটা প্রশ্নই তাক বাৰে বাৰে আমনি কৰিছে। অমৃতাই ঢলি পৰি বেহুচ হৈ যােৱাকৈ সদায় মদ খায়নে? নে সি ভবাতকৈ বহু বেছি আধুনিকতাৰ ৰং সানি লৈছে তাই!তাৰ কাণত অনুৰণিত হৈ ৰৈছে তাই অস্পষ্ট কৈ মতা “অনুৰাগ” নামটোৱে। তাই দেখিছিল নেকি তাক? চিনি পাইছিল নেকি?

 কিয় তাৰ এনেকুৱা লাগিছে যে সি তাইক লগ পােৱাটো অত্যন্ত জৰুৰী।

 নাই নাই। সি লগ কৰিব নােৱাৰে তাইক। তাইৰ শিৰৰ সেন্দুৰৰ খাতিৰত। তাইক লগ কৰি উলট-পালট কৰিব নােৱাৰে তাইৰ ঘৰ গৃহস্থি। সংযম কৰিব লাগিব সি নিজৰ মনৰ বাসনাক।

[ ৩৪ ]  নাই... নাই। অসম্ভৱ।

 মূৰটো সজোৰে জোকাৰি বহাৰ পৰা উঠিল সি।

 চকুত আয়তাকাৰ বগা গ্লাছজোৰ পিন্ধি লৈ মুখত কঠোৰ অভিব্যক্তি আঁৰি লৈ ওলাই আহিল সি ৰূমটোৰ পৰা।

(১১)

 : কি কথা ডাৰলিং? অনিৰুদ্ধ বৰুৱাই তােমাৰ ওপৰতাে যাদু চলালে নেকি অ।

 অদিতিয়ে অলপ আচৰিত হৈয়ে ধেমালিৰ সুৰত অমৃতাক কলে। আচৰিত হবলগীয়া কথাই। অদিতিয়ে মনতে ভাবিছে,কোনাে পুৰুষৰ নামত আজিলৈকে অকণাে আগ্রহ দেখুৱাই নােপােৱা অমৃতাৰ এইবাৰ কি হ’ল।

 : কি যে কথাবােৰ কৈ থাকা নহয় অদিতি। তেনেকুৱা একো নাই।মই মাত্র মানুহজনক এবাৰ কাষৰ পৰা চাব খুজিছাে।কথা পাতিব খুজিছোঁ। ....কাৰণ এটা আছে।

 শেষৰ কথাখিনি কওঁ নকওকৈ স্তিমিত কণ্ঠে কলে তাই।

 : কি কাৰণ আছে অ ?

 : .....পিছত ক’ম।

 :....উম। ভাস্কৰ দাই নজনাকৈয়ে কৰিব লাগিব।

 : .....

 : ঠিক আছে। ৰ’বা চেষ্টা কৰাে। জনাই দিম তােমাক। অকে।

 : ঠিক আছে।

 ফোনটো থৈ কিছুপৰ খিৰিকীখনৰ কাষতেই থিয় হৈ বাহিৰলৈ চাই ৰল অমৃতাই । নানা ধৰণৰ চিন্তাই তাইৰ মনত আউল লগালেহি।

 অদিতিয়ে একমাত্র বান্ধৱী যি তাইক সহায় কৰিব পাৰিব অনিৰুদ্ধ বৰুৱাক লগ কৰিবলৈ। কথাবােৰ কিয় জানাে তাইৰ মনে মানি লব খােজা নাই। ইমান সাদৃশ্য কেনেকৈ থাকিব পাৰে দুজন ভিন্ন মানুহৰ মাজত? মনৰ এই সন্দেহ দূৰ কৰিবলৈ তাই অনিৰুদ্ধ বৰুৱা নামৰ মানুহজনক লগ ধৰাটো নিতান্তই প্রয়ােজনীয়।

 আৰু সঁচাকৈয়ে তাই ভবা ধৰণে যদি অনিৰুদ্ধই অনুৰাগ হয়... তেতিয়া??

 যদি হয়, তেতিয়াহলে সম্পূর্ণ পােন্ধৰ বছৰৰ মূৰত হব এই দেখা। অনুৰাগক লগ পােৱাৰ কথা ভবাৰ লগে লগেই এক আনন্দাভূতি, অনামী শিহৰণে চুই গল তাইক। কেনেকুৱা হব পাৰে অনুৰাগৰ প্রতিক্রিয়া? আনন্দিত হব নে সি তাইক দেখি?

 নাই ... অনুৰাগ নহবও পাৰে৷ অনিৰুদ্ধ বৰুৱাইটো তাইক নাইট পার্টিত দেখিছিল।

 যদি সিয়েই অনুৰাগ হােৱা হলে কিবা উপায় উলিয়াই হলেও তাইৰ লগত সংযােগ কৰিবলৈ চেষ্টা কৰিলেহেতেন।

 কতা... সিটো চেষ্টা কৰা নাই।

 তেন্তে ... তাইৰ অনুভৱ বােৰ? তাই যে অনুভৱ কৰিছিল সেই ....

 অমৃতাৰ আউল লগা অজস্র চিন্তাবােৰৰ যতি পেলাই মােবাইলতাে বাজি উঠিল। স্ক্রীনত জিলিকি উঠিল নামটো। অদিতি।

 : অদিতি কোৱা।

 : খবৰ পাইছো। বিপ্লৱৰ এজন বন্ধুৰ পৰা সুধি উলিয়ালাে অনিৰুদ্ধ বৰুৱাৰ ফোন নম্বৰ আৰু অফিচ এড্রেচটো।

 :....

 : মই ফোন কৰিলোঁ তেওঁলৈ। দুটা বজাৰ পিছত তেওঁৰ অফিচতে সময় দিব পাৰিম বুলি ক'লে।

 অমৃতাই ৱাল ক্লকটোলৈ চালে। চাৰে এঘাৰ বাজি গৈছে ইতিমধ্যে।

 : একো নামাতা কিয়? কমছেকম ঠেং' এটা টো ক'ব পাৰা!

 : ঠেংক ইউ অদিতি।

 : অকে অকে ৱেলকাম। নাও আই থিংক ৱি চুদ গেট ৰেদি। [ ৩৫ ]  : ঠিক আছে।

 তাইৰ উত্তৰলৈ বাট নাচাই আগতীয়াকৈ ফোনটো কাটিলে অদিতিয়ে।

 ওঁঠত হাঁহি এটি বিৰিঙি উঠিল অমৃতাৰ। তাইৰ মনটোৱে যেন ডাঠি মাৰি কৈ উঠিছে,... সিয়েই অনুৰাগ। অনিৰুদ্ধ বৰুৱাই তাইৰ অনুৰাগ।

 অমৃতাৰ মনটো এক অবুজ আনন্দেৰে ভৰি পৰিল। বাৰে বাৰে অনুৰাগৰ মৰমিয়াল মুখখন তাইৰ দুচকুৰ আগত ভাঁহি উঠিছে।

 যদি সঁচাই সি অনুৰাগ হয়!! কি কৰিব তাই?

 তাই তাক সুধিব... সি তাইক প্রত্যাখান কৰি কিদৰে তাইৰ জীৱন উজ্জ্বলালে।

 নাই নাই। এয়া উচিত নহ'ব। একো নকয় তাই তাক। একোয়েই নকয়। তাইৰ দুখৰ কথা কৈ তাক দুখ নিদিয়ে তাই। মাথাে চাব। প্রাণ ভৰি চাব এবাৰ কাষৰ পৰা । আৰু গুচি আহিব।

 অনুৰাগক এবাৰ কাষৰ পৰা লগ পােৱাৰ হেঁপাহত দুৰু দুৰুকৈ কঁপি উঠিছে তাইৰ শৰীৰ...মন। বাৰে বাৰে হাতৰ বস্তু সৰি পৰিছে। চঞ্চল... অবাধ্য হৈ উঠিছে মন। ইচ্ছা কৰিও কেতিয়াও মুখত বিয়পাব নােৱাৰা উজ্জ্বল হাঁহিটো কব নােৱাৰাকৈয়ে যেন আজি নিজে নিজে চকুৱে মুখে ফুটি উঠিছে।

 অনুৰাগক কি কি সুধিব...কি কি কথাত গালি পাৰিব, তাৰ এখন দীঘলীয়া লিষ্টে তাইৰ মনত অগাদেৱা কৰিছেহি। তাইৰ মনত অনুৰাগৰ ওপৰত অতদিনৰপৰা চলি থকা খং, অভিমানবােৰ যেন কৰ্পূৰৰ দৰে উৰি যাব ধৰিছে।

 মনােজগতত মাথাে উটি ভাঁহি আহিছে হাবিয়ে বননিয়ে, পথাৰে, নদীয়ে খালি ভৰিৰে নিৰ্ভীক হৈ দৌৰি ফুৰা এহাল ল'ৰা-ছােৱালী।

 বাৰে বাৰে আইনাখনৰ কাষত থিয় হৈ নিজক তন্ন তন্নকৈ নিৰীক্ষণ কৰিছে তাই। লগাতকৈ বেছি অৱহেলিত হােৱাৰ বাবে সামান্য ৰুক্ষ হৈ পৰিছে ছাল, চুলি, নিদ্রাহীনতাৰ বাবে চকুৰ তলত পাতলকৈ কলা দাগ পৰিছে।

 ইছ... এনেকৈ দেখিলে অনুৰাগে কি বুলি ভাবিব !

 লৰালৰিকৈ চন্দনৰ ফেচ পেক অকণমান মুখত লগাই ল'লে তাই। কিছুসময়ৰ পিছত আকৌ ভালকৈ ধুই ললে মুখখন। ৱাশ্বৰুমত গৈ ভালকৈ চুলিখিনিও ধুই কণ্ডিচন কৰি ল'লে। লৰালৰিকৈ চুলি কোচা ড্রাই কৰি ৱাৰ্ডৰৱৰ পৰা উলিয়াই ললে এখন পাতল সেউজীয়া ৰঙৰ শাৰী।

 অনুৰাগৰ প্ৰিয় ৰং।

 লগতে শাৰীখনৰ লগত মেটছিং ব’ট নেক সােণালী ৰঙৰ হাত দীঘল ব্লাউজ এখন উলিয়াই ললে তাই। তাই নিবিচাৰে, তাইৰ শৰীৰত ভাস্কৰে নির্মমভাৱে বহুৱাই দিয়া কলা নীলা চিহ্নবােৰ দেখি অনুৰাগৰ মনত প্রশ্ন উদয় হােৱাটো। জানিলে সি নিশ্চয় বহুত আঘাত পাব মনত।

 শাৰীখন গাত ধুনীয়াকৈ মেৰিয়াই লৈ আচলখন হাতত মেলি ধৰিলে অমৃতাই। শুকাই যােৱা চুলিখিনি ভালকৈ আঁচুৰি লৈ দীঘলকৈ সামান্য ঢিলা বেণী এটি গুঠি ললে তাই।

 দুচকুত অলপ ডাঠকৈ কাজল বিয়পাই ললে ... ওঁঠত লগাই ললে পাতল গুলপীয়া ৰঙৰ লিপষ্টিক।

 ৰুক্ষ, শুকাই পৰা ছালখনত যেন আজিহে বিয়পি উঠিছে কিছু সজীৱতা, কিছু উজ্জ্বলতা।

 শিৰৰ সেঁউতাত অকণমান সেন্দুৰ লগাবলৈ গৈ প্রস্তৰ মূৰ্তিৰ দৰে ৰৈ গল তাই।

 আইনাৰ সিপাৰে সেয়া কোন। কাৰ চেহেৰা প্রতিবিম্বিত হৈছে? এয়াটো অমৃতা নহয়। কোন? কোন?

 “তই ব্যভিচাৰিণী। তই অসতী।”

 আইনাত প্রতিবিম্বিত মুখখন যেন চিঞৰি উঠিল।

 এই সাজোন কাচোন কাৰ বাবে ?

 কোন বিবাহিত স্ত্রীয়ে অন্য পুৰুষক দেখুৱাবলৈ এনেকৈ সাজোন কাচোন কৰে? কচোন?

 কোনে কৰে? [ ৩৬ ]  ৱাহ অমৃতা। ইমান দিনে যিটো আধুনিকতা চাব নােৱাৰি মুখ কোঁচাই আহিছ আজি নিজেও সেই আধুনিকতাৰ প্রলেপ ভালকৈয়ে নিজৰ গাত সানি লৈছ।

 তই পাহৰিলি অমৃতা। তই পাহৰিলি।

 “আহ”

 দুচকু জোৰেৰে মুদি দুহাতেৰে নিজৰ কাণ ঢাকি পাগলৰ দৰে চিঞৰি উঠিল তাই।

 এয়া কি কৰিবলৈ লৈছিল তাই?

 কি আশা কৰিছে তাই অনুৰাগৰ পৰা?

 বুকুখন কঁপি উঠিছে সঘনে।

 তাই কেনেকৈ পাহৰি যাব পাৰে! তাইৰ শিৰত জিলিকে সেন্দূৰ। সেই সেন্দূৰেই এতিয়া তাইৰ প্ৰথম পৰিচয়। গােলামীৰ মােহৰেই নহওক লাগে, ভাস্কৰে তাইৰ দেউতাক, পেহীয়েক, বিপ্লৱক সাক্ষী কৰি তাইৰ শিৰত সেন্দূৰ পিন্ধাইছিল। সেই সেন্দূৰ পাহৰি চঞ্চল মন লৈ অন্য পুৰুষৰ বাবে সাজোন কাচোন কৰাটো অনুচিত। একেবাৰেই অনুচিত।

 স্থিৰ দৃষ্টিৰে অমৃতাই নিজকে চাই ৰল আইনাখনত। প্রতিবিম্বিত হল তাইৰ দুচকুত জ্বলমলাই উঠা দুটোপাল অশ্রুকণা। গুলপীয়া মুখখনৰ ৰং যেন কোনােবাই আজুৰি নিছেহি হঠাতে। বুকুৰ ভিতৰৰ পৰা যেন অবাধ্য হৈ এক অবুজ কান্দোন উজাই আহিছেহি।

 আৱেগবােৰ হেঁচা ঠেলা কৰিছেহি বুকুখনত।

 আজুৰি পেলােৱাৰ দৰে তাই টান মাৰি খুলি পেলালে সেউজীয়া শাৰীখন।

 মেৰিয়াই ললে অইন এখন শাৰী...

 ভাস্কৰৰ প্ৰিয় ৰং..... ৰক্ত জবাৰ ৰং।

 প্রয়ােজনাধিক দীঘলকৈ সেউতা ভৰাই পিন্ধিলে টিকটিকিয়া ৰঙা গােলামীৰ মােহৰটো.. লাহে লাহে তাই মচি পেলালে ওঁঠৰ লিপষ্টিক, দুচকুৰ কাজল।

 ওঁঠে মুখে ফুটি উঠিল এটি বিষণ্ণ হাঁহি।

 আৱেগিক হব পাৰে অমৃতাই। কিন্তু অন্তৰৰ আৱেগবােৰৰ বহিৰ্প্রকাহ ঘটাব নােৱাৰে তাই ..ঘটোৱাৰ অধিকাৰ নাই। সেই অধিকাৰ সমাজে দিয়া নাই তাইক। তাইতাে ন-যৌৱন প্রাপ্ত চঞ্চলা গাভৰু নহয় ... ত্রিশৰ উৰ্ধৰ এগৰাকী বিবাহিতা মহিলা। এই বয়সত ইমান চঞ্চল কেনেকৈ হব পাৰে তাই?

 অনুৰাগ ইতিমধ্যে তাইৰ জীৱনৰ পৰা বিচ্ছিন্ন হােৱা এটি নাম। এই কথা বুজিব লাগিব তাই। বুজাটো অত্যন্ত দৰকাৰ।

 আৰু ... অনুৰাগেও কিজানি তাইক পাহৰিয়েই গৈছে। তাইৰ দৰে পুৰণি অনুভৱবােৰকে সাৱটি ধৰি নাথাকিবও পাৰে সি।

 মােবাইলটো বাজি উঠিল।

 : অদিতি।

 শুষ্ক কণ্ঠৰে কলটো ৰিছিভ কৰিলে তাই।

 : অমৃতা। আই এম অন দ ৱে। ৰেডি আছানে?

 অদিতিৰ উচ্চাহিত কণ্ঠস্বৰ ভাঁহি আহিল।

 : ওম। তুমি আহা।

 : অকে। ৱেইট ফৰ টেন মিনিট।

 মনৰ উচ্চাহ উদ্যম সকলাে ম্লান পৰিছিল অমৃতাৰ ইতিমধ্যে। মাথাে মনত অকণমান উৎকণ্ঠা ৰৈ গৈছেহি ...

 .....অনিৰুদ্ধ বৰুৱা নে অনুৰাগ ??

(১২)

 : এইটো কি আকৌ? [ ৩৭ ]  : এইটো কি মানে? কিবা হ’ল নেকি?

 : ইমান দীঘল ডাঠ সেন্দূৰ লগাইছা। পাৰিলে গােটেই সেন্দূৰৰ টেমাটো মূৰত ঢালি নললা কিয়?

 বিৰক্তিৰে কলে অদিতিয়ে। অমৃতাই তাইৰ কথাটো মৃদু হাঁহি এটিৰে আওকাণ কৰি গাড়ীৰ সন্মুখৰ বাওঁফালৰ দুৱাৰখন খুলি বহি ললে। ড্রাইভিং ছিটত অদিতি।

 : ইমান কৈ আজি সেন্দূৰ লগাই আহিছা...অনিৰুদ্ধ স্পেচিয়েল নেকি?

 অদিতিৰ কথাৰ সুৰত স্পষ্ট কটাক্ষ।

 : কি কি যে কৈ থাকা নহয়।

 অমৃতাক মুখখন সামান্য বেঁকা কৰি দেখুৱাই গাড়ী ষ্টার্ট কৰিলে তাই। ষ্টেৰীয়ত মৃদু সুৰত বাজি উঠিল লতা মংগেশকাৰৰ কণ্ঠৰ এটি দৰদী পুৰণি গীত।

 মেৰিন ড্রাইভৰ ব্যস্ত ৰাজপথৰ মাজৰ ব্যস্ততা ফালি আগুৱাই গৈ থাকিল গাড়ীখন।

 অমৃতাই এনেয়ে এবাৰ চালে অদিতিৰ ফালে। একান্তমনে সন্মুখৰ গাড়ীৰ লানিটোলৈ চাই গাড়ী চলাই গৈছে তাই। মাজে মাজে সংগীতৰ তালত আঙুলিৰে মৃদু টোকৰ দিছে গাড়ীৰ ষ্টিয়েৰিঙত।

 তাইৰ পিন্ধনত দীঘল, পাতল হালধীয়া ৰঙৰ সন্মুখৰ পৰা ফলা কুর্তী লগতে নীলা ফিটিং জিনছ। ৱেভি দীঘল চুলিখিনি পৰিপাটিকৈ পিঠিত ছেট কৰি থৈছে। সেন্দূৰ নলগাই তাই। ভাল নাপায়।

 অদিতিৰ মতে ভাস্কৰ, বিপ্লৱহঁতৰ দৰে প্ৰতাৰক স্বামীৰ দীর্ঘ আয়ুস কামনা কৰি সেন্দূৰ পিন্ধা মানে কটকটিয়াকৈ নিজৰ শৰীৰত সাপ মেৰিয়াই লােৱাৰ দৰে কথা।

 অদিতিৰ ৰেহ ৰূপ, ছাল চলন, কথা ভঙ্গীমা, সাজ সজ্জা অতি আধুনিক হলেও তাই আমােদ পায় পুৰণি গীত শুনি, পুৰনি ফিল্ম চাই... অমৃতাৰ দৰে কোনাে এংগলত তাইৰ লগত নিমিলা অতীতৰ বুকুত স্মৃতি খুচৰি নিজৰ ভাৱনাত বিলীন হৈ থাকি ভাল পােৱা বৰিঙ মানুহ এজনীৰ সংগ ভাল পায়... আৰু ভাল পাই তাইৰ নিৰস কথাবােৰ শুনি ..।

 নির্দিষ্ট অফিচ বিল্ডিংটোৰ বেচমেণ্টত গাড়ীখন পার্কিং কৰি দুয়াে তাৰপৰাই লিফটত উঠি আহিল ফাৰ্ষ্ট ফ্লৰলৈ। অদিতিৰ লগে লগে কিছু কুণ্ঠা, কিছু শংকা, মনত লৈ ধীৰ গতিৰে দুৰু দুৰু বুকুৰে গ্লাছৰ দুৱাৰ ঠেলি সােমাই আহিল অমৃতা।

 কেনেকুৱা হব তাৰ প্রতিক্রিয়া ইমান বছৰৰ মূৰত তাইক দেখি? তধা লাগি চাই ৰব চাগে সি।

 কথাষাৰ ভাবােতেই এক অনামী শিহৰণে চুই গল তাইক।

 : য়েছ মেম । হাও কেন আই হেল্প ইউ?

 মুখত মিঠা হাঁহি এটিৰে অদিতি আৰু অমৃতালৈ চাই সহায় কৰাৰ সুৰত কলে ৰিছেপচনিষ্ট গৰাকীয়ে।

 : ৱি হেভ এ এপইন্টমেন্ট ৱিথ মিষ্টাৰ অনিৰুদ্ধ বৰুৱা। আই এম অদিতি।

 : অহ য়েছ। আই ৰিমেম্বাৰ।

 ৰিছেপচনিষ্ট গৰাকীয়ে লগে লগে অফিচ বয়টোক মাতি ইনষ্ট্রাকচন দিয়াৰ সুৰত কিবাকিবি কলে।

 : দিছ ৱে মেম।

 অফিছবয়টোৰ পিছে পিছে খােজ দিলে অদিতি আৰু অমৃতাই। বুকুখন পুনৰ অবাধ্য হৈ আৱেগত নে এক অনামী উত্তেজনাত ধপ ধপাই উঠিল অমৃতাৰ। অফিচ ৰুমৰ ভিতৰত বা কোন আছে ! কাক লগ পাবলৈ গৈ আছে তাই ?

 অনিৰুদ্ধ বৰুৱা নে অনুৰাগ ?

 অফিচ ৰূমটোৰ মূল দুৱাৰখনৰ বাহিৰত ৰৈ গ’ল ল’ৰাজন।

 : ছাৰ ইছ দেয়াৰ ইনচাইড। ইউ কেন গ’।

 অদিতিয়ে লাহেকৈ দৰ্জাখন আধা খুলি দুৱাৰখনত এটি মৃদু টোকৰ দিলে।

 : ইয়েছ, প্লিজ কাম ইন।

 গম্ভীৰ পুৰুষ কণ্ঠস্বৰ এটা ভাহি আহিল। সেই কণ্ঠস্বৰে যেন বুকুৰ আভ্যন্তৰীণলৈ চুই গল অমৃতাৰ। কত বছৰ, ... নহয় কত যুগৰ পিছত যেন শুনিছে তাই এই গম্ভীৰ কণ্ঠ। [ ৩৮ ]  উৎকণ্ঠীত অন্তৰেৰে সংযমিত খােজেৰে দুৱাৰ ঠেলি সােমাই আহিল দুয়ােগৰাকী।

 দুৱাৰ খনৰ ফালে পিঠি দি আলমাৰীখনৰ ওচৰত থিয় হৈ কিবা এখন ফাইলত নিমগ্ন হৈ থকা ওখ মানুহজনে ঘূৰি চালে।

 স্তম্ভিত হৈ ঠাইতে প্রস্তৰ মূৰ্তিৰ দৰে থিয় হৈ ৰল অমৃতা। তাইৰ তৃষ্ণাতুৰ নয়ন জুৰাই যে সন্মুখত থিয় হৈ আছে অনুৰাগ... তাইৰ অনুৰাগ।

 কিমান বছৰ .. ? নহয় এটা যুগৰ পিছত যেন দেখিছে তাই এই মুখ, এই চকুহাল...।

 বিশ্বাস কৰিবলৈ টান পাইছে অমৃতাই।

 “অনুৰাগ’’

 অস্পষ্ট কৈ ফুটি উঠিল তাইৰ ওঁঠত।

 অজানিতে ওঁঠত বাগৰি আহিল উচ্ছল জলধাৰাৰ দৰে এটি আনন্দৰ হাঁহি....

 দুভৰি কঁপি উঠিল তাইৰ। প্রবল ইচ্ছা জাগি উঠিল, আৰু কেইখােজমান আগুৱাই গৈ অনুৰাগৰ বুকুত মুখ গুজি হেঁপাহ পলুৱাই কান্দিবলৈ।

 কিন্তু শিকলিসদৃশ এক অজান বান্ধোনে বান্ধি ৰাখিছে তাইৰ দুভৰি, যাব খুজিও যাব পৰা নাই তাই, তাৰ ঠাইত মাথাে কঁপি উঠিছে বন্ধনত আবদ্ধ হাত ভৰি।

 অনিৰুদ্ধ বৰুৱাইও কিছুদেৰী চাই ৰ’ল তাইলৈ। দুচকুত জিলিকি উঠিল সেই একেই আৱেগ, সেই একেই উৎসাহ....কিন্তু, ক্ষণিকৰ বাবে মাথাে। পিছমুহূর্ততে সি দৃষ্টি ঘুৰালে অন্য দিশে। হাতৰ ফাইলখন টেবুলখনৰ ড্ৰয়াৰত ভৰাই থ’লে।

 : বহক মিছেছ শইকীয়া।

 অদিতিয়ে নির্বাক, নিস্তব্ধ হৈ থিয় হৈ থকা অমৃতাৰ গাত সামান্য হেঁচুকী দিলে। থতমত খাই উঠিল অমৃতা। টেবুলখনৰ সন্মুখৰ চকী দুখন অলপ পিছলৈ টানি নিজে বহি লৈ তাইকো বহিবলৈ দুচকুৰে ইংগিত দিলে অদিতিয়ে। দুচকুত অপাৰ বিস্ময় লৈ বহোঁ নবহোঁকৈ চকীখনত বহি ললে অমৃতাই।

 : মিষ্টাৰ বৰুৱা... এওঁ মােৰ বান্ধৱী মিছেছ অমৃতা দত্ত।

 : নমস্কাৰ।

 অনিৰুদ্ধ বৰুৱাৰ নমস্কাৰৰ সঁহাৰিত প্ৰতি নমস্কাৰ জনাবলৈও পাহৰি অবাক হৈ চায়েই ৰল অমৃতাই।

 সম্পূর্ণ অচিন, সম্পূর্ণ অজান ব্যক্তিৰ দৰে সাধাৰণ ভাৱে সৌজন্যমূলক গম্ভীৰ হাঁহি এটি মুখত বিয়পাই আহল বহল টেবুলখনৰ সিপাৰে প্ৰশান্তচিত্তে বহি আছে অনুৰাগ ...অনিৰুদ্ধ বৰুৱাৰ ৰূপত।

 : কওকচোন বাৰু কি কামত বা আহিল আপােনালােক?

 বিস্মিত দৃষ্টিৰে অমৃতাই চাই ৰল অনুৰাগলৈ।

 অনুৰাগৰ এনে ধৰণৰ ব্যৱহাৰ ভাল পােৱা নাই তাই।

 অনুৰাগৰ ভাল লগা নাই নেকি তাইক দেখি? অচিনাকি ব্যক্তিৰ দৰে ব্যৱহাৰ কৰিছে কিয় সি? কতা, তাৰ দুচকুত কিয় জিলিকি উঠা নাই তাইক দেখাৰ আনন্দ, নতুবা অকণমান উচ্চাহ?

 দুচকুত নাই কোনাে আৱেগ...কোনাে অনুভূতি।

 : অনুৰাগ.... ইয়াত কেনেকৈ? কেতিয়া আহিলি ?

 কম্পিত কণ্ঠৰে সুধিলে তাই। তাই প্রশ্নত যেন থতমত খাই উঠিল সি। মনৰ আৱেগবােৰ নিয়ন্ত্রণ কৰি সি স্থিৰ দৃষ্টিৰে তাইলৈ চালে।

 : কি কৈছে মিছেছ দত্ত? কোন অনুৰাগ? মই বুজি পােৱা নাই।

 আহত দৃষ্টিৰে অমৃতাই দুচকুত বিস্ময় আৰু অলেখ অবুজ প্রশ্ন লৈ চাই ৰল অনুৰাগৰ ফালে।

 দুখ পাইছোঁ অনুৰাগ। বহুত দুখ পাইছোঁ।

 তাই জানে এয়া অনুৰাগ তাইৰ সন্মুখত। বাহ্যিক ৰূপ সামান্য সলনি কৰিলে বুলিয়েই জানাে তাই তাইৰ শৈশৱৰ বন্ধু [ ৩৯ ] অনুৰাগক চিনি নােপােৱাকৈ থাকিব?

 : কিয় অনুৰাগ?

 : এক্সকিউজ মি মিছেছ দত্ত।

 : মােক চিনি পােৱা নাই বুলি ন’কবি এতিয়া অনুৰাগ।

 : ... মই সঁচাকৈয়ে বুজিব পৰা নাই মিছেছ দত্ত।

 এসােপা খং, দুখ, অভিমান, হতাশাই একেলগে ভিৰ কৰিলেহি তাইৰ দুচকুত।

 ইমান অভিনয় কিয় মােৰ ওচৰত?

 আৱেগ অনুভূতি বােৰ নােহােৱা হলেও ...শৈশৱৰ সেই নিস্পাপ মৰম আৰু বন্ধুত্বকো পাহৰি গলি নেকি অনুৰাগ? চিনি নােপােৱাৰ ভাও জুৰি ইমান দুখ কেনেকৈ দিব পাৰিছ? ইমান নিষ্ঠুৰ কিয় হৈছ অনুৰাগ ?

 অদিতি অবাক হৈ চাই ৰৈছে অমৃতাৰ মুখখনলৈ। এয়া কি কৈছে অমৃতাই? তাই ঠিকেই আছেতাে? অনুৰাগৰ কথাই সদায় ভাবি ভাবি এতিয়া যাকে তাকে অনুৰাগ হেন দেখিছে নেকি বাৰু! শংকিত হৈ উঠিল তাই মনে মনে। ঔষধ খাইছেনে তাই ভালকৈ। ডক্তৰ তৃশা কুপ্পীকাৰৰ ওচৰত ডিপ্ৰেছনৰ ট্রিটমেন্ট লৈ আছে সেই কথা অদিতিয়ে ভালকৈয়ে জানে।

 : অমৃতা এইবােৰ কি কৈ আছা? আমি অনিৰুদ্ধ বৰুৱাৰ অফিচ ৰুমত বহি আছোঁ।

 চেপা কণ্ঠৰে অদিতিয়ে টেবুলখনৰ তলেৰে অমৃতাৰ হাতত চিকুট এটা মাৰি কলে। অদিতিয়ে কাণে কাণে তাইক কিবা বুজাব চেষ্টা কৰিছে।

 অনুৰাগে জানি বুজিয়ে তাইৰ দুচকুলৈ চোৱা নাই। তাইৰ দুচকুৰ অভিমান ভৰা চাৱনি অনুভৱ কৰিব পাৰিছে সি। তাই চাগে মনত খুব কষ্ট পাইছে। কিন্তু সি যে নিৰূপায়। একেবাৰেই নিৰূপায়। তাইৰ জীৱনত তাৰ আগমনে সকলাে উলট পালত কৰি দিব পাৰে। ভাঙি দিব পাৰে তাইৰ সুখৰ সংসাৰ।

 তথাপিও মাজে মাজে চাওঁ নাচাওকৈ চাইছে তাইলৈ। খং, অভিমানত আৰক্তিম মুখখনিলৈ ... ভৰি অহা চকুযুৰীলৈ ... ইমান ধুনীয়া, ইমান মৰমলগা কিয় এই অমৃতাজনী !!

 তাৰ দৃষ্টি বাগৰি যায় অমৃতাৰ শিৰত জিলিকা ৰঙা পলাশৰ ৰংটোলৈ।

 মুহূর্ততে অমৃতাৰ প্ৰতি মৰমত পমি আহিব খােজা মনটোক সংযম কৰিলে সি... মুখখনৰ মাংসপেশী কঠিন হৈ আহিল, এক ধৰণৰ কঠোৰভাবে আৱৰি ধৰিলে তাৰ মুখমণ্ডল।

 : মিছেছ দত্ত। মই অনুৰাগ নহওঁ। চৰি। আপােনাৰ হয়তাে কিবা ভুল ধাৰণা হৈছে।

 : ভুল?

 : .......

 : অনুৰাগ বৰুৱাক চিনাত এই জনমত মােৰ কেতিয়াও ভুল হব নােৱাৰে।

 তীব্র খঙত ৰক্তিম হৈ অহা মুখখন আৰু বিশ্বাসত অটল চকুযুৰীলৈ চাই ৰল সি অলপ সময়। কব নােৱাৰাকৈয়ে এক আনন্দাভূতিয়ে আৱৰি ধৰিছে তাক। বুকুখনাে বিষাই উঠিছে একে সময়তে তাৰ। ক’বলৈ মন গৈছে, “ মইয়াে তােক এই জনমত কি, অহা সাত জনমটো পাহৰিব নােৱাৰিম অমৃতা। কেতিয়াও। কেতিয়াও নােৱাৰিম।”

 মনৰ কথাবােৰ গুজৰি গুমৰি মনতে অব্যক্ত হৈ ৰ’ল।

 : অমৃতা প্লিজ বিহেভ। হি ইজ নত অনুৰাগ।

 : য়া। তুমি ঠিকেই কৈছা অদিতি। হি ইজ নট অনুৰাগ। মােৰ অনুৰাগ ইমান নিষ্ঠুৰ নহয়। হব নােৱাৰে। অনুৰাগৰ সত্বা, কেঁচা অনুভূতিবােৰক মাৰি পেলাই থিয় হােৱা অনিৰুদ্ধ বৰুৱা হয় এখেত। অনলি অনিৰুদ্ধ বৰুৱা।

 অবাক হৈ শুনি ৰ’ল সি। আস অমৃতা। তুমি সঠিক বিশ্লেষণ কৰিছা। মই অনুৰাগ নহওঁ৷ তােমাৰ অৱর্তমানত অনুৰাগ নামৰ সহজ সৰল সত্বাক মাৰি কঠিন খােলাৰ মাজত আৱদ্ধ কৰি মই এতিয়া মাথাে অনিৰুদ্ধ বৰুৱা।

 গধুৰ হৈ আহিল অমৃতাৰ চকুযুৰী। এপলক মাৰােতেই সৰসৰাই বাগৰি আহিল অবাধ্য অশ্রু।

 ঘপহকৈ উঠি থিয় হ’ল অমৃতা। [ ৪০ ]  : বলা অদিতি। মােৰ কথা অনুৰাগৰ লগত আছিল অনিৰুদ্ধ বৰুৱাৰ লগত নহয়।

 কি কৰোঁ, কি নকৰোঁকৈ অদিতিও থিয় হল।

 :চৰি মিষ্টাৰ বৰুৱা। চি ইজ লিটল ডিষ্টার্বদ আই থিংক। এক্সকিউজ আছ প্লিজ।

 অদিতি প্রায় দৌৰি অহাদিয়েই আহিল বিভ্রান্তৰ দৰে খৰ খােজেৰে চিৰিৰে নামি যােৱা অমৃতাৰ পিছে পিছে। বেচমেণ্টত পার্কিং কৰি থােৱা অদিতিৰ গাড়ীখনৰ ওচৰত ৰৈ দীঘল দীঘল কৈ উশাহ কেইটামান বুকুত ভৰাই স্থিৰ হবলৈ চেষ্টা কৰিলে অমৃতাই।

 : মােক কিবা কবানে তুমি কি ভাৱি আছা ?

 সামান্য বিৰক্তি, কিছু খং, আৰু বহুতাে উৎকণ্ঠা অদিতিৰ চকুৱে মুখে বিয়পি পৰিছে। অমৃতাৰ ব্যৱহাৰৰ বাবে তাই লজ্জিতও অনুভৱ কৰিছে অনিৰুদ্ধ বৰুৱাৰ আগত।

 : সিয়েই অনুৰাগ।

 : আৰ ইউ চিওৰ? কিন্ত তেখেতে মানি লােৱা নাই অমৃতা।

 : তাৰ মনা নমনা পিছৰ কথা। কিন্তু সিয়েই অনুৰাগ। আৰু সেয়াই সত্য।

 বিশ্বাসত দৃঢ় চকুযুৰীলৈ চালে অদিতিয়ে।

 নিচ্ছুপ হৈ গাড়ীত বহিল দুয়াে।

 অনিৰুদ্ধ বৰুৱাই মানি নললেও কিয় জানাে তাইৰ বিশ্বাস কৰিবলৈ মন গৈছে অমৃতাৰ কথা। যি অমৃতাই আজীৱন অনুৰাগক ভাল পাই আহিছে তাৰ অনুপস্থিতি, তাৰ অৱৰ্তমানটো ... সেই অনুৰাগক চিনি পােৱাত ভুল হবনে তাইৰ !

 অনুৰাগৰ পৰা অনিৰুদ্ধ বৰুৱা !!

 সন্ত্রাসবাদৰপৰা বিজিনেছমেনলৈ!

 পৰিৱৰ্তনৰ এই যাত্রা নিশ্চয় এদিনত হােৱা নাই!

 অদিতিয়ে এনেই এবাৰ আঁৰ চকুৰে চালে সম্পূর্ণ নিশ্চূপ হৈ বহি থকা অমৃতালৈ। অমৃতাৰ দুচকুত খং, দুখ, আৰু অভিমান তেতিয়াও বিদ্যমান।

০০ ০০ ০০

 অশান্ত মনেৰে অস্থিৰ হৈ ফাইলবােৰ এনেই খুচৰি থাকিল সি। বুকুৰ একোণত বুজাব নােৱাৰা এক অসম্ভৱ ধৰণৰ বিষ অনুভৱ কৰিছে সি। দুখ লাগিছে তাৰ। বাৰে বাৰে চকুৰ আগত ভাহি উঠিছে তাইৰ অশ্রুসিক্ত মুখমণ্ডল।

 “আস অমৃতা। চাব নােৱাৰোঁ। চাব নােৱাৰোঁ তােৰ চকুত পানী। কিন্তু মই নিৰূপায়। নিৰূপায়।”

 বিৰবিৰাই উঠিল সি অকলে অকলে।

 অমৃতাৰ ফালে এখােজ আগবঢ়াই দিয়া মানে তাইৰ ঘৰ গৃহস্থীত.. সুখৰ সংসাৰ খনত জুই লগাই দিয়া। ভাস্কৰ দত্তৰ মনত সন্দেহ উপজিব পাৰে। কিমান নিষ্ঠাৰে ৰং বুলাইছে তাই সেউতাত !! তাৰ আগমনত, তাইৰ সুখৰ সংসাৰত অকণমানাে কেৰােণ লগাতাে নিবিচাৰে এই অনিৰুদ্ধ বৰুৱাই... নিবিচাৰে অনুৰাগে। অনুৰাগৰ অবিহনেই সুখী থাকক তাই সদায়।

 মােবাইলটো বাজি উঠিল। শ্যামলী।

 : অ শ্যামলী। কোৱা।

 : কত আছা অনিৰুদ্ধ দা?

 উল্লাসিত কণ্ঠস্বৰ ভাঁহি আহিল।

 : অফিচত। তুমি?

 : মই হিন্দুস্তান টাইমছৰ অফিচৰ পৰা ওলাই গৈ অকণমান শ্বপিং কৰিলোঁ। তােমাক লগ পাবলৈ অলপ ইচ্ছা আছিল। একাপ কফি ছি ছি ডি ত। হ’বনে??

 : ঠিক আছে।

 : অকে। আই এম কামিং। [ ৪১ ]  হাতৰ ঘড়ীটোলৈ চালে সি। ছয় বাজোঁ বাজোঁ।

 খৰধৰকৈ ওলাই আহিল সি।

 পশ্চিমৰ কমলা বুলিয়া আকাশত বেলিটো তেতিয়া ডুব যাবলৈ যাে জা কৰিছে।

(১৩)

 : ইয়’ৰ কফি মেম।

 দুকাপ কেপুচীন’ ৱেইটাৰজনে ঘূৰণীয়া টেবুলখনত থৈ গ’ল।

 : কফি লওক অনিৰুদ্ধ দা।

 : হুম৷

 কফিকাপ হাতত তুলি ললে অনিৰুদ্ধই।

 ছি ছি ডি ৰ ঘূৰণীয়া দুজনীয়া টেবুলখনত মুখামুখিকৈ বহিছে অনিৰুদ্ধ আৰু শ্যামলিমাই।

 এবুকু সাহস, অদম্য উৎসাহ, দুচকুত দুৰন্ত সপােন, আৰু প্ৰচুৰ কর্মোদ্যমেৰে ভৰপূৰ এজনী হাঁহি মুখীয়া ছােৱালী শ্যামলিমা।

 শ্যামলিমাৰ পিন্ধনত গ্ৰে ৰঙী ক্র’প টপ, হাই ৱেষ্ট কাফ লেংথ জিনছ। কেঁকোৰা চুটি চুলিখিনি ওখ পনিতেইল কৰি নিয়াৰিকৈ বান্ধি লৈছে। মাজে মাজে অবাধ্য হৈ লতাৰ দৰে সন্মুখৰ চুটি চুলিখিনি চকুৱে মুখে পৰিছেহি।

 মন্ত্রী দেউতাকৰ আলাসৰ জী... শ্যামলীমা।

 মাক দেউতাকৰ অতিপাত মৰম, অনুশাসনৰ বন্ধনৰ মাজত হেনাে তাই শাসৰুদ্ধ অনুভৱ কৰে।

 অনিৰুদ্ধৰ আগত প্রায়ে অভিযােগ তুলিছিল তাই। নিজকে হেনাে বিচাৰি নাপায় তাই ঘৰখনৰ ভিতৰত।

 “দেয়াৰ ইছ ন প্চে টু গ্রও হিয়েৰ।”

 “মই নিজকে বিচাৰি পাব খােজো অনিৰুদ্ধ দা। মই মােৰ মাজত থকা পূর্ণাঙ্গ মইজনীক বিচাৰি চাব খােজো। অকণাে ভয় শংকা নােহােৱাকৈ পাত পাতকৈ ঘূৰি চাব খােজো এই ধুনীয়া পৃথিৱী।

 অবাক লাগি চাইছিল সি তাইৰ উদ্দীপ্ত মুখখনলৈ। তাইৰ মুখখনত জিলিকি উঠা দেখিছিল সি আকাশ স্পর্শ কৰাৰ উদ্দীপনা।

 নিজৰ ঘৰখনৰ মৰম, আলাস, আৰামদায়ক পৰিৱেশৰ আৱেষ্টনীৰ পৰা ওলাই আহি জার্নেলীজমৰ কণ্টকময় পথত বুকুত অদম্য সাহস, আৰু দুচকুত দৃঢ়তা লৈ নামি পৰিছে তাই মাক, দেউতাকৰ বাধা নমনাকৈ।

 জার্নেলীজম.... তাইৰ হবি। তাই প্রথম প্রেম।

 নিজৰ সপােনৰ পম খেদি মুম্বাইত আহি নিজৰ ভাল লগা পথ তাই নিজেই বাছি লৈছে।

 অনুৰাগৰ বন্দুকৰ নলীৰ আগত দেউতাকৰ বুকু দেখি থৰথৰাই কঁপি ভয়ার্ত চাৱনিৰে চাই থকা সেই সৰু ছােৱালীজনী আজি ভৰ যৌৱনা আৰু অত্যন্ত সাহসী।

 অন্যায়, অনীতি, দুর্নীতি, শােষণ তাই ঘৃণা কৰে। এইবােৰ যদি কেনেবাকৈ চক্ষুপাত হয়, নিজৰ দেউতাক, খুড়াকহঁতৰ বিপক্ষেও কলম টোৱাবলৈ সাহস কৰে শ্যামলিমাই।

 তুমি কিবা কবা শ্যামলী?

 : কথা থাকিলেহে অকল তােমাক লগ কৰিব পাৰি নেকি অনিৰুদ্ধ দা?

 : তেনেকুৱা কথা নহয়। তুমিতাে অবাবত সময় খৰচ কৰা ছােৱালী নহয়।নবী মুম্বাইৰ পৰা ইমান দূৰলৈ আহিছা মােক লগ পাবলৈ... কথা নিশ্চয় আছে। কাম কেনেকুৱা চলিছে তােমাৰ ?

 : কাম চলি আছে বাৰু...তুমি জানাই দেখােন। ...নতুন ইনভেষ্টিগেছন এটাও আৰম্ভ হব।

 শেষৰ ফালে কথাখিনি সামান্য স্তিমিত কণ্ঠৰে কলে তাই।

 :কিবা প্রয়ােজন হলে মােক নােকোৱাকৈ নাথাকিবা।

 কথাষাৰ কৈ সামান্য অন্যমনস্কতাৰে অনিৰুদ্ধই কফি কাপত পুনৰ মনােযােগ দিলে। [ ৪২ ]  “মােক তােমাৰ সদায়েই প্রয়ােজন অনিৰুদ্ধ দা। আই নিদ ইউ অলৱেছ।”

 কথাষাৰ মনতে ভাৱিলে তাই।

 তাইৰ এটাই মাত্র দুর্বলতা। আৰু সেয়া হল অনিৰুদ্ধ বৰুৱা। তাইতকৈ বাৰ বছৰ বয়সৰ ব্যৱধানৰ এই মানুহজনেই তাইৰ একমাত্র দুর্বলতা। যাৰ দুচকুৰ দৃষ্টিলৈ চাই তাই মৃত্যু ভয়ত কঁপিছিল সেই একেই দুচকুলৈ চাই তাই এতিয়া অনুভৱ কৰে প্রেম।

 অনিৰুদ্ধই জানে।

 কিন্তু জানিও উপেক্ষা কৰে।

 শ্যামলিমাই কফিৰ ফাঁকে ফাঁকে লুকাই চুৰকৈ চাই ৰৈছে গভীৰ ভাৱে অন্যমনস্ক অনিৰুদ্ধৰ চকু মুখলৈ। কিবা যেন গভীৰ চিন্তাত ডুব গৈ আছে সি। এইবােৰ কাৰণতেই অনিৰুদ্ধক বহু কাষত পাইও হাজাৰ মাইল দূৰত থকা যেন লাগে তাইৰ কেতিয়াবা। তাইৰ লগতে সোঁশৰীৰে থাকিও যেন লগত নাথাকে। এটা অদৃশ্য খােলাত যেন সােমাই পৰে সি মাজে মাজে। অনিৰুদ্ধৰ মুখৰ ভাৱ ভঙ্গীৰ পৰাই তাই বুজি উঠে যে সেই অদৃশ্য খােলাত তাইৰ প্ৰৱেশ অনাধিকাৰ।

 তাই বহুবাৰ অনিৰুদ্ধৰ মনৰ কথা বুজিবলৈ চেষ্টাও কৰিছে পাকে প্রকাৰে, কিন্তু বুজিব পৰা নাই....

 সেয়ে তাই নিজৰ মনৰ অনুভৱ অনিৰুদ্ধৰ আগত আজিলৈকে কেতিয়াও ব্যক্ত কৰা নাই। শ্যামলিমাই ভাৱে, মনৰ ভাৱ ব্যক্ত কৰি দুখ পােৱাতকৈ ব্যক্ত নকৰাই ভাল। থাকক.... অব্যক্ত হৈয়েই থাকক।

 : মােক চায়েই থাকিবা নে আৰু কিবা কবা তােমাৰ নতুন ইনভেষ্টিগেছনটোৰ বিষয়ে।

 লাজত এটি গােলাপী আভা বিয়পি পৰিল গাল দুখনিত।

 : এতিয়াই কব নােৱাৰি। .... আচ্ছা, অনিৰুদ্ধ দা শনিবাৰে মিষ্টাৰ এণ্ড মিছেছ মেহতাৰ ঘৰৰ পাৰ্টিত যাবা নেকি? তােমাক ইনভাইট কৰিছেনে?

 : ইনভিতেছন পাইছোঁ। কিন্তু যাম নে নাম থিৰাং কৰিব পৰা নাই। ইউ ন হাও মাচ্চ আই হেত দওজ ..

 : হুম আই ন। কিন্তু তুমি যাবই লাগিব। মােৰ বাবে।

 প্লীজ।

 শিশুসুলভ মুখভংগী বনাই, দুচকুত কাতৰ অনুৰােধ লৈ চাই ৰল তাই অনিৰুদ্ধৰ মুখলৈ।

 সি কিছুদেৰী কিবা ভাৱিলে।

 : যাবলৈ চেষ্টা কৰিম বাৰু।

 : চেষ্টা নহয়। মােৰ লগত যাবই লাগিব।

 এইবাৰ অনুৰােধৰ ঠাইত ধুনীয়া ভ্ৰূ যুৰী কুঞ্চিত কৰি কৃত্রিম আদেশৰ সুৰত কৈ উঠিল তাই।

 : তুমি যােৱা জৰুৰী নেকি শ্যামলী?

 : খুব জৰুৰী। নতুন ইনভেষ্টিগেছন এটাৰ কাম মােৰ হাতত পৰিছে। মিষ্টাৰ মেহতাৰ ঘৰৰ পাৰ্টীত কিছু খবৰ পােৱাৰ সম্ভাৱনা আছে। সেয়ে মই যােৱাটো অত্যন্ত জৰুৰী।

 : ......

 : তুমি নগ’লে মােৰ বেয়া লাগিব অনিৰুদ্ধ দা।

 : ঠিক আছে। কাইলৈ জনাম তােমাক। এতিয়া উঠো বলা তােমাৰ দেৰি হব নহলে। ৰাতি ন বাজিবৰ হ’ল।

 : অ কে৷

 ইটো সিটো প্রয়ােজনীয় কিছু কথা পাতি ছি ছি ডি ৰ পৰা ওলাই আহিল দুয়াে।

০০ ০০ ০০

 শিপিং টেবলেট দুটা একেলগে মুখত লৈ অলপ পানীৰে সৈতে গিলি থলে অমৃতাই। আজিকালি অকল এটা শ্লিপিং পিলে কাম নকৰা হৈছে। ভাস্কৰক জনােৱা নাই তাই ...ডাক্তৰগৰাকীৰ পৰাও একো পৰামর্শ লােৱাৰ সম্ভাৱনা তাইৰ মনলৈ এবাৰলৈও অহা নাই। [ ৪৩ ]  জীৱনটোৰ প্রতি তাইৰ মায়া নােহােৱা হৈ আহিছে...মােহ নাই এই মৃত্যুমুখী শৰীৰটোলৈ।

 তাইৰ জীৱনত নাে কি আছে মােহ কৰিবলৈ ?

 অর্থহীন এই জীৱন।

 যত সার্থকতা নাই। আনন্দ নাই। সুখ নাই। প্রেম নাই। প্রাপ্তি নাই। আকাংক্ষা নাই। স্বাধীনতা নাই।

 মাথাে নাই আৰু নাই।

 এটি বৃহৎ নাই’ৰ সমষ্টি তাইৰ জীৱনটো।

 এই শূন্যতাৰে পূর্ণ জীৱনটোতকৈ মৃত্যুয়েই শ্রেয়...

 শ্মশানেই পৰম আকাংক্ষিত।

 সংঘাত, যন্ত্রণা আৰু সীমাৱদ্ধতাই জুৰুলা কৰি তােলা জীৱনটোত হেৰাই গৈছে অন্তৰৰ অৱশিষ্ট শেষ উদ্যম .....অৱশ হৈ পৰিছে প্রাণ।

 তাইৰ এই মুহূর্তত মােহ আছে যদি কেৱল অকণমান নিদ্রালৈ। অকণমান নিদ্ৰাৰ প্রয়ােজন মাথোঁ। অমৃতাই শুবলৈ চেষ্টা কৰি বিছনাত ইকাটি সিকাটি কৰি থাকিল।

 বুকুত জমা হৈ আহিছে অপাৰ খং, দুখ, অভিমান ক্লেশ। গভীৰলৈ বুজিবলৈ চেষ্টা কৰিছে তাই .....আৰু বুজি উঠিছে কিছু কথা।

 বুজি পাইছে যে, অদিতিয়ে ঠিকেই কৈছিল। তাইৰ দৰে কোনাে অতীতত বিলীন হৈ থাকি বর্তমানক উপেক্ষা নকৰে....অনুৰাগেও কৰা নাই। স্মৃতিবােৰ বুকুত সামৰি ৰখাৰ প্রয়ােজনবােধ অনুভৱ কৰা নাই। হয়তাে সি পাহৰি গৈছে তাইক.. পাহৰি গৈছে সকলাে স্মৃতি। পাহৰি গৈছে শৈশৱৰ সেই অকৃত্রিম বন্ধুত্ব, মৰম, কৈশােৰ যৌৱনৰ প্রেম... সেই অন্তৰৰ দুৰ্নিবাৰ আকর্ষণ।

 বুকুৰ ভিতৰত এক অসহ্য কান্দোনৰ ঢৌৱে তােলপাৰ লগাইছে।

 কিয় ইমান দুখ হৈছে তাইৰ? কিয়?

 আছে নেকি তাইৰ মনত এতিয়াও সুপ্ত আকাংক্ষা অনুৰাগক পােৱাৰ ?

 নাই নাই আশা কৰা নাই তাই।

 একো নিবিচাৰে তাই অনুৰাগৰ পৰা।

 তাইতাে অলাগতিয়াল .. ঠিক এপাহি সৰি পৰা মদাৰৰ ফুলৰ দৰে। যাৰ সৌন্দৰ্য্য আছে ... কিন্তু যাৰ সৌন্দৰ্য্যৰ প্রয়ােগ নাই কোনাে পূজাৰ উপাচাৰ বিধিত। তাইৰ অন্তৰত অনুৰাগৰ প্রতি প্রেম সদায় সজীৱ হৈ ৰব আজীৱন ... কিন্তু প্ৰেমৰ থাপনাত নিজকে তুলি দিব নােৱাৰে তাই অনুৰাগৰ সন্মুখত।

 তাই নিজকে অনুৰাগৰ পৰা যিমান পাৰি দূৰত ৰখাই শ্রেয়।

 সেয়াই মংগল।

(১৪)

 শ্যামলিমা আৰু অনিৰুদ্ধ বৰুৱা যেতিয়া মিষ্টাৰ মেহতাৰ আলােকসজ্জিত ঘৰখনৰ সন্মুখত গাড়ীৰ পৰা নামি আহিল তেতিয়ালৈ প্ৰায়ভাগ আমন্ত্রিত সকলাে বন্ধুবর্গ ইতিমধ্যেই উপস্থিত হৈছেহি। মিষ্টাৰ মেহতাৰ প্রকাণ্ড ঘৰখনৰ বাহিৰ ভিতৰ ৰজনজনাই উঠিছে আমন্ত্রিত অতিথিৰে। মিষ্টাৰ মেহতা আৰু মিছেছ মেহতাৰ পােন্ধৰ বছৰীয়া বিবাহ বার্ষিকী হিচাপে ৰখা গৈছে এই পার্টী।

 সাংঘাতিক ভাবে অন্যমনস্ক হৈ খােজ আগবঢ়াইছে অনিৰুদ্ধই। অনিৰুদ্ধৰ লগত সমানে খােজ মিলাই গৈছে শ্যামলিমা।

 শ্যামলিমাৰ কথাবােৰে তাক ভীষণ চিন্তাত পেলাইছে। তাইৰ কোৱামতে এটি বৃহৎ কেলেংকাৰীৰ সম্ভেদ পাইছে তাই। আৰু ইতিমধ্যে অতি গােপনীয়তাৰে পুলিচ বিভাগে ইয়াৰ তদন্তও আৰম্ভ কৰি দিছে । এই কেলেংকাৰীত বহুতাে উচ্চপদস্থ অফিচাৰ আৰু পলিটিছিয়ান জড়িত হৈ থকাৰ সম্ভাৱনাও আছে। সকলাে ঠিকেই আছিল, কিন্তু এই কেলেংকাৰীত ভাস্কৰ দত্তৰ নাম জড়িত থকাৰ সম্ভাৱনা আছে বুলি তাইৰ মুখত শুনিহে সচকিত হৈ উঠিছে সি।

 ভাস্কৰ দত্তৰ সৈতে যে দুর্নীতিৰ গভীৰ সম্বন্ধ সেই কথা সি জানে বহু আগৰেপৰাই। জানে, যদিও ভাস্কৰ দত্তৰ নাম [ ৪৪ ] শুনি চিন্তাৰ মেৰপাকত পৰিছে সি। কাৰণটো হৈছে ভাস্কৰ দত্তৰ নামৰ সৈতে জড়িত আন এটি নাম .. অমৃতা।

 অমৃতাৰ স্বামী ভাস্কৰ দত্ত। ভাস্কৰ দত্তই কষ্ট পালে অমৃতাই কষ্ট পােৱাটো স্বাভাৱিক, আৰু সেইটো নিবিচাৰে সি। কিন্তু তাতােকৈ বেছি আচৰিত হৈছে সি শ্যামলিমাই পিছত কৈ যােৱা কথাবােৰ শুনি।

 “তেওঁৰ প্রথম পত্নীৰ স্বাভাৱিক মৃত্যু হােৱা নাছিল। আত্মহত্যা কৰিছিল। তেখেত প্রাইম ছাছপেক্ট আছিল সেই ঘটনাৰ। কিন্তু প্রমাণৰ অভাৱত বাচি গৈছে। তেখেত মানুহজন সাংঘাতিক অত্যাচাৰী স্বভাৱৰ বুলিও শুনিছাে৷ বহু নাৰীৰ লগত তেখেতৰ অবাধ সম্পর্ক। আৰু মই জনা মতে তেখেতৰ পত্নী এই ক্ষেত্ৰত সম্পূর্ণ নিমাত। ছি ইজ এ ভেৰি ভেৰি ছিমপুল লেদি।”

 : তুমি তেওঁৰ ৱাইফক চিনি পােৱা ?

 : হুম । লগ পাইছোঁ মই তেখেতক কেইবাবাৰাে। খুব কম কথা কয়। মানুহজনী সাংঘাতিক অন্তর্মুখী স্বভাৱৰ। পার্টিত আহে কিন্তু পার্টিত অকণাে ইনভলভ নহয়।

 বহু কথাই ভাৱিবলৈ বাধ্য হৈছে সি।

 ভাস্কৰ দত্তৰ এই ৰূপ নাজানে সি। কেনেকৈ জানিব? সি জানাে কেতিয়াবা জানিবলৈও চেষ্টা কৰিছে যােৱা পােন্ধৰ বছৰে।

 অনিৰুদ্ধ আৰু শ্যামলিমাই চিনাকি সকলােকে সৌজন্যমূলক হাঁহি মাৰি মাত লগাই গৈছে। দুই এজনৰ বাদে প্রায়ভাগেই চিনাকি।

 অনিৰুদ্ধ আৰু শ্যামলিমাক দেখি মিষ্টাৰ মেহতা আৰু মিছেছ মেহতা দুয়াে আগুৱাই আহি হাঁহিমুখেৰে সম্ভাষণ জনালে।

 আৰু কেইজনমান বন্ধু আগুৱাই অহাত সকলাে একেলগে বহি পৰিল এখন সুসজ্জিত ডাঙৰ আয়তাকাৰ টেবুল ঘেৰি।

 অমৃতা আহিছে নেকি বাৰু এই পার্টিত?

 ইফালে সিফালে অনিৰুদ্ধই এবাৰ এনেয়ে চাই পঠিয়ালে। তাৰ দৃষ্টি নিৱদ্ধ হল সামান্য দূৰত্বত এখন টেবুল ঘেৰি বহি থকা ভাস্কৰ, মিছেছ শর্মা, আৰু কেইগৰাকীমান বন্ধু আৰু বন্ধুপত্নীলৈ।

 নাই অমৃতা নাই।

 বিপ্লৱৰ ৱাইফ অদিতিৰাে দেখা দেখি নাই।

 ভাস্কৰ আৰু মিছেছ শৰ্মাৰ মাজত থকা ঘনিষ্ঠ সম্বন্ধৰ কথা কৈছে তাক শ্যামলিমাই। দুয়াে এতিয়াও একেলগে বহি ড্রিংকচ কৰি আছে। সি লক্ষ্য কৰিছে কথাই কথাই ভাস্কৰৰ গাত হালি পৰি কেনেকৈ চঞ্চলা কিশােৰীৰ দৰে হাঁহি উঠিছে মিছেছ শৰ্মা৷

 প্রথম বাৰৰ বাবে হাজাৰ প্রশ্নই একেলগে তাৰ বুকুত খুন্দিয়াইছেহি।

 অমৃতা সুখীনে ভাস্কৰ দত্তৰ লগত?

 অমৃতাই জানেনে ভাস্কৰ দত্তৰ এই অবাধ নাৰী খেলা?

 মান, সন্মান, মর্যাদা, মৰম, আদৰ পাইছেনে তাই ভাস্কৰ দত্তৰ পৰা ?

 সুৰক্ষিত নে তাই এই মানুহজনৰ লগত?

 আন্ধাৰ পােহৰে আৱৰি ৰখা ঠাই এডােখৰত অকলে বহি ৰৈছে অমৃতাই ... নীৰৱে চাই ৰৈছে তাই ৰঙীন মানুহজাকলৈ। অলপ আগলৈকে অদিতি তাইৰ লগতেই আছিল।

 ফলাক্ষী, প্রিছাহঁতৰ সৈতে বহি তাইও এতিয়া ড্রিংকচ কৰিছে। অদিতিয়ে জোৰ কৰা সত্ত্বেও তাইৰ লগত নগ’ল অমৃতা।

 এই ৰঙীন আলােকসজ্জা, বিলাতী সুৰাৰ গােলাপী নিচাত ৰঙীণ হৈ উঠা মানুহজাক, বার্ধক্যইও বান্ধি ৰাখিব নােৱাৰা অর্ধনগ্ন মহিলাজাক, সিহঁতৰ হাঁহি খিকিন্দালি....একোৱেই যে সহ্য হােৱা নাই তাইৰ। এই কৃত্রিম ৰঙীন পৰিৱেশত কৈ চুকৰ অন্ধকাৰেই তাইৰ কাম্য। [ ৪৫ ]  ভাস্কৰ আৰু মিছেছ শর্মা একেলগে বহি মদ গলাধকৰণ কৰিছে। অদিতি, প্ৰিছাহঁত একেলগে বহি কথাৰ মেল পাতিছে। উচ্ছল হাঁহিবােৰ গােটেই হলটোত ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিছে।

 চুকৰ অন্ধকাৰ ঠাই এডােখৰ বাছি লৈ প্রতিবাৰৰ দৰেই সাংঘাতিকভাবে অপ্রস্তুত আৰু অস্বস্তিৰে মাথাে অকলে বহি ৰৈছে অমৃতা।

 চাওঁ নাচাওকৈ এবাৰ অমৃতাই চাই পঠিয়ালে হ’লটোৰ সোঁফালে থকা ডাঙৰ আয়তাকাৰ টেবুলখন ঘেৰি বহি থকা মানুহজাকলৈ... চাই পঠিয়ালে মানুহজাকৰ মাজত ওঁঠত গম্ভীৰ হাঁহি লৈ বহি থকা অনুৰাগলৈ... অনুৰাগৰ কাষতে বহি থকা প্রাণচঞ্চল ছােৱালীজনীলৈ।

 আগতেও দুবাৰমান লগ পাইছে অমৃতাই শ্যামলিমাক । যদিও আজিহে যেন ভালকৈ লক্ষ্য কৰিছে তাই ছােৱালীজনীক। মিঠা বৰণীয়া, দীর্ঘাঙ্গী ছােৱালীজনী..... সচাই ধুনীয়া। নীলা ৰঙৰ দীঘল গাওনটোৱে তাইৰ মুখখন অধিক কমনীয় কৰি তুলিছে। শ্যামলিমাই নিচেই কাষলৈ আহি কাণে কাণে কিবা কৈছে অনুৰাগক। অনুৰাগৰ মুখত বিয়পি উঠিছে এটি গম্ভীৰ হাঁহি। শ্যামলিমাও হাঁহি পৰিছে।

 অমৃতাই মন কৰিছে, জলপ্রপাতৰ উচ্ছল তৰংগৰ দৰেই প্রাণচঞ্চল তাইৰ ওঁঠৰ হাঁহিটো। ওঠৰ হাঁহি বিয়পি গৈছে। ধুনীয়া চকুযুৰীলৈও।

 এপাকত তাই অনিৰুদ্ধৰ বাওঁহাতখন তাইৰ সোঁহাতখনেৰে মেৰিয়াই ধৰি টানি নমাই লৈ গৈছে ডান্স ফ্লুৰত। অমৃতাই মন কৰিছে অনুৰাগৰ দুচকুত নাই কোনাে দ্বিধা, নতুবা অকণমানাে অস্বস্তিৰ ভাৱ। অকণাে মানা নকৰাকৈ অভ্যস্তৰ দৰে পাতলকৈ হাঁহি তাইৰ পিছে পিছে নামি গৈছে সি।

 এটি গীত শেষ হৈ অন্য এটি ৰােমান্টিক ইংৰাজী গীত বাজি উঠিছে। সংগীতৰ সুমধুৰ সুৰ, অস্বচ্ছ পােহৰ, আৰু ৰঙীন পানীয়ৰ গােলাপী আভাত মায়াময় হৈ পৰিছে ডান্স ফ্লুৰ। দুলি উঠিছে ৰঙীন শৰীৰবােৰ। মানুহজাকৰ মাজত লাহে লাহে গীতৰ তালত দুলি উঠিছে অনুৰাগ আৰু শ্যামলিমাও।

 দুচকু জপাব খুজিও জপাব পৰা নাই অমৃতাই।

 স্থিৰ নয়নে চাই ৰৈছে মাথাে অনুৰাগ আৰু শ্যামলিমালৈ। বাৰে বাৰে তাইৰ দৃষ্টি, সমস্ত মনােযােগ কেন্দ্রীভূত হৈ ৰৈছে অনুৰাগ আৰু শ্যামলিমাৰ ওপৰত।

 শ্যামলিমাই দুয়ােখন হাত অনুৰাগৰ কান্ধত থৈ গভীৰ দৃষ্টিৰে চাই ৰৈছে অনুৰাগৰ দুচকুলৈ। শ্যামলিমাৰ দুচকুত স্পষ্টকৈ ধৰা দিছে অনুৰাগৰ প্রতি তাইৰ অন্তৰৰ দুৰ্বাৰ আকর্ষণ। অনুৰাগেও চাই ৰৈছে শ্যামলিমালৈ।

 নকৰাে বুলি ভাবিও বাৰে বাৰে অমৃতাই নিৰীক্ষণ কৰিছে, বুজিবলৈ চেষ্টা কৰিছে বগা গ্লাছৰ আঁৰৰ গম্ভীৰ চকুহালৰ ভাষা....।

 কি আছে সেই চাৱনিত?

 প্রকাশ পাইছে নেকি সেই চাৱনিত কিঞ্চিত মানাে আকর্ষণ, প্রেম, নতুবা অন্য কিবা ?

 নাই ... নাই । দুর্বোধ্য সেই চাৱনি।

 অনুৰাগৰ দুচকুত প্রেম জিলিকি উঠা দেখা নাই তাই।

 লুণীয়া সােৱাদ এটি অমৃতাৰ ওঁঠত লাগিল।

 ‘আস’

 আকৌ টপটপকৈ সৰিব ধৰিছে দুচকুৰে তপত চকুলাে তাইৰ অজানিতে।

 সলনি হৈ গৈছে সকলাে ...সলনি হৈছে অনুৰাগো। স্থবিৰ হৈ ৰৈছে মাথাে তাই... এবুকু দুখ, যন্ত্রণা আৰু অতীতৰ সুমধুৰ প্ৰেমৰ ছায়াছবি বুকুত সাৱটি।

 অনুৰাগৰ শ্যামলিমাৰ সৈতে অন্তৰংগতা, ঘনিষ্ঠতা দেখি বুকুখনত অসম্ভৱ ধৰণৰ বিষ এটা অনুভৱ কৰিছে তাই। ঈর্ষান্বিত হৈছে নেকি বাৰু তাই এই ধুনীয়া, সাহসী, ছােৱালীজনীৰ প্ৰতি? [ ৪৬ ]  নাই নাই। তাই ঈর্ষা কেনেকৈ কৰিব পাৰে! সেই অধিকাৰ তাইৰ নাই।

 অনুৰাগৰ একো প্রয়ােজন নাই, অতীতৰ প্ৰেমৰ পুৰণি স্মৃতি খেদি মৰিচিকাক দিঠক বুলি সাৱটি লােৱাৰ। তথাপিও যে অন্তৰখন কান্দি উঠিছে। কিয় তাই অতীতৰ স্মৃতিক অতীততে সামৰি থব পৰা নাই?

 কিয়? কিয় ?

 প্রেমময় সেই অতীতৰ স্মৃতিবােৰ বৰ্তমানত আহি অমৃতাৰ অন্তৰত নতুনকৈ কেঁচা ঘাঁ এডোখৰৰ সৃষ্টি কৰিছে। সেইদিনাখনলৈকে যি অতীতৰ স্মৃতিয়ে তাইক জীয়াই থকাৰ সাহস প্ৰেৰণা যােগাই আহিছিল, আজি সেই অতীতৰ স্মৃতিয়ে তাইক বুকুত দিছে অসহ্য যন্ত্রণা।

 আস’ অসহ্য এই বিষ।

 এজুলুকা অশ্রুৰ ভৰত পুনৰ গধুৰ হৈ আহিছে দুচকু... অবাধ্য হৈ বৈ আহিছে দুগালেদি অশ্রুধাৰা। অশ্রু নহয় যেন কলিজাৰ ৰঙা তেজহে।

 নাই আৰু নােৱাৰি।

 দুখবােৰ আৰু সহি থাকিব নােৱাৰি।

 উচাত মাৰি উঠি অকণমান আগুৱাই গৈ তাই ৱেইটাৰ এজনক মাতিলে কাষলৈ। কম্পিত হাতেৰে তাই তুলি ললে ৰঙীন পানীয়ৰে ভৰি থকা এটি স্বচ্ছ গ্লাছ।

 আগ পিছ নুগুনি এঢোক এঢোককৈ গিলি দিলে তাই সেই পানীয়.....৷

 বুকুখন জ্বলি গৈছে। হৃদয়খন যেন জ্বলি চাৰখাৰ হৈ গৈছে।

 ক্ষন্তেক দুচকু মুদি থিয় হৈ ৰল তাই।

 হঠাতে তাই অনুভৱ কৰিলে এখন কঠিন শীতল হাতে মেৰিয়াই ধৰিছে তাইৰ লাহী কঁকাল...পিঠি। কাণৰ নিচেই কাষত স্পষ্ট অনুভৱ কৰিলে কাৰােবাৰ ঘন নিশ্বাস।

 : মিষ্টাৰ মেহতা।

 গধুৰ চকু দুটিৰে বিস্মিত দৃষ্টিৰে তাই চাই ৰল মিষ্টাৰ মেহতাৰ মুখলৈ। তীব্র খঙত, ঘৃণাত সংকুচিত হৈ উঠিল তাই।

 কিমান নিলাজ মানুহ!

 অলপ আগলৈকে সকলােকে দেখুৱাই নিজৰ পত্নীক আঁকোৱালি ধৰি সকলাে নিমন্ত্রিত অতিথিক হাঁহিমুখেৰে আদৰ সম্ভাষন জনােৱা মানুহজনৰ এয়াই প্রকৃত ৰূপ!! শৰীৰৰ সমস্ত শক্তি গােটাই তাই আচাৰ মাৰি পঠিয়ালে সেই কঠিন শীতল হাত।

 : কাম অন। মিছেছ দত্ত। লেটছ হেভ ফান। আই এম চিওৰ ইউ ৱিল লাভ মাই কম্পেনি।

 তীব্র কঁপনি উঠিছে তাইৰ শৰীৰত। কি কৈছে এইবােৰ মিষ্টাৰ মেহতাই।

 : আই প্রমিজ ইউ ৱিল এনজয়।

 তাইৰ ক্ষন্তেকৰ মৌনতাক সন্মতি বুলি ভাবি পুনৰ দুখােজ আগুৱাই আহিল মিষ্টাৰ মেহতা সামান্য থৰক বৰক খােজেৰে। অমৃতাই তলকিব পৰাৰ আগতেই সজোৰে সাৱটি ধৰিলে সি তাইক।

 : আই এম দায়িং টু বি ৱিদ ইউ।

 তীব্র ঘৃণাত কঁপি উঠিল তাইৰ অন্তৰাত্মা। শৰীৰৰ সমস্ত শক্তি গােটাই তাক ঠেলা মাৰি দি থুৱাই দিলে মুখত। কিছুপৰ খঙত নির্বাক হৈ শকত আৱত মানুহজন চাই ৰল অমৃতাৰ মুখলৈ।

 : ইউ বিটছ।

 পিছমুহূর্ততে তীব্র খঙত, অপমানত কপি উঠিল তেওঁ। শংকিত, ঘৃণা মিশ্রিত দৃষ্টিৰে অমৃতাই কি কৰাে কি নকৰােকৈ চাই ৰল মানুহজনৰ খঙত বিকৃত হৈ উঠা মুখখনলৈ।

 মিষ্টাৰ মেহতাই নিজৰ বাওঁহাতখনেৰে তাইৰ হাত খন সজোৰে ধৰি তাইৰ গালত চৰ এটা মাৰিবলৈ উদ্যত হ’ল। বিপদ অনুমান কৰি তীব্ৰ চিঞৰ এটা মাৰি মুখখন সিফাললৈ ঘূৰাই দিলে তাই। [ ৪৭ ]  : হাও দেয়াৰ ইউ।

 ঠিক তেতিয়াই, ভাঁহি আহিল সেই গুৰু গম্ভীৰ শীতল কণ্ঠস্বৰ। মূৰ তুলি চালে তাই।

 অস্বচ্ছ পােহৰৰ মাজতাে গধুৰ হৈ অহা দুচকুৰে তাই দেখা পালে ছ ফুট ওখ এটা ছায়ামূর্তি তাইৰ নিচেই কাষত ৰৈছেহি ... চকামকা পােহৰত জিলিকি উঠিছে দুচকুৰ বগা গ্লাছ। মিষ্টাৰ মেহতাৰ বাওঁহাতখন একে আজুৰে আচাৰ মাৰি পঠিয়াই নিজৰ বলিষ্ঠ সোঁহাতখনত আৱদ্ধ কৰিলে প্ৰহাৰৰ বাবে উদ্যত হােৱা মিষ্টাৰ মেহতাৰ সোঁহাতখন।

 : অনুৰাগ ...

 মুখেৰে একো নামাতিলে সি। তাইৰ ফালে এবাৰাে ঘূৰি নােচোৱাকৈয়ে তাৰ বাওঁহাতখনেৰে আঁকোৱালি ধৰিলে তাইৰ হাতখন।

 অবাক হৈ চাই ৰল তাই অনুৰাগৰ খঙত ৰঙা হৈ উঠা মুখখনলৈ। মুখৰ মাংসপেশী কঠিন হৈ আহিছে, দুচকুত জিলিকি উঠিছে অগ্নিস্ফুলিংগ, বলিষ্ঠ হাতখনেৰে তেওঁ মুচুকাই ধৰিছে মিষ্টাৰ মেহতাৰ সোঁ হাতখন।

 : হাও দেয়াৰ ইউ তাচ্ছ হাৰ ?

 : মিষ্টাৰ বৰুৱা... হেই...প্লীজ .. টেক ইট ইজি।

 কোনাে কথা বা প্রশ্নৰ অৱতাৰণা নকৰাকৈ এটা, দুটা, তিনিটা প্রচণ্ড চৰ সােধাই দিলে অনুৰাগে মিষ্টাৰ মেহতাৰ দুয়ােখন গালত। কৰ্ফাল খাই পৰিল মানুহজন। উচ্চপদস্থ অফিচাৰৰ স্বভাৱ সুলভ খং এটা উঠি আহিছিল মিষ্টাৰ মেহতাৰ ... কিন্তু অনুৰাগৰ খঙত কম্পমান মুখ, জ্বলন্ত দুচকুৰ দৃষ্টি, কঠিন হাতৰ মাংসপেসী দেখি মনৰ খং মনতে সামৰিবলৈ বাধ্য হল তেওঁ।

 অনুৰাগৰ সুগঠিত বলিষ্ঠ শৰীৰৰ সন্মুখত যে তেওঁৰ মেদবহুল শৰীৰ বেছি দেৰি টিকি থাকিব নােৱাৰিব সেয়া হয়তাে তেওঁ নিজেই বুজি উঠিছিল।

 ঘটনাৰ আকস্মিকতাত আৰু ৰক্ষাকর্তাৰ ৰূপত স্বয়ং অনুৰাগক দেখি নির্বাক হৈ চায়েই ৰল অমৃতাই গধুৰ দুচকুৰে। আৱেগত ভৰি আহিছে তাইৰ চকুযুৰী তপত অশ্রুৰে। অনুৰাগৰ বাওঁহাতখনত মুষ্টিবদ্ধ নিজৰ হাতখনলৈ চালে তাই। কিমান দিনৰ মূৰত অনুভৱ কৰিছে তাই এই স্পর্শ। অনুৰাগৰ হাতৰ এই স্পর্শত সকলাে বিচাৰি পায় তাই .. মৰম, বিশ্বাস, আশ্বাস, নিস্বার্থ ভালপােৱা। শৰীৰত যেন অফুৰন্ত প্রাণ শক্তি ঘুৰি আহিছে তাইৰ। শেঁতা পৰি যােৱা মুখখনলৈ এসোঁতা গৰম তেজ যেন বৈ আহিছে। প্রাণভৰি দুনয়ন জুৰাই তাই চাই ৰৈছে অনুৰাগৰ হাতত মুষ্টিবদ্ধ তাইৰ হাতখনলৈ।

 : যােৱা পােন্ধৰটা বছৰত মৰি মৰি জীয়াই থকাৰ প্রতিটো ক্ষণ, প্রতিটো পলতেই নিঃস্বার্থ আশ্বাসৰ এই হাতখনৰ উমাল স্পৰ্শৰ বাবে কিমানবাৰ কাতৰ হৈ উঠিছিল তাই!

 অপমানত, লাজত, ভয়ত তলমূৰ কৰি কি কৰাে কি নকৰাে, কত যাওঁ কত নাযাওকৈ থিয় হৈ ৰ’ল মিষ্টাৰ মেহতা। নিজৰ হাতৰ বুঢ়া আঙুলিটোৰে বৈ অহা তেজখিনি মচি ললে সি।

 : হাও দেয়াৰ ইউ তাচ্ছ হাৰ।

 অনুৰাগে তেওঁৰ ছাৰ্টৰ কলাৰত সোঁ হাতখনেৰে খামুচি ধৰিলে।

 : মিষ্টাৰ বৰুৱা আই এম ৰিয়েলি চৰি।

 কম্পিত ভয়ার্ত কণ্ঠৰে কাবৌ কৰি হাতযােৰ কৰি উঠিল মিষ্টাৰ মেহতা। ভাৱনাৰ জগতৰ পৰা বাস্তৱলৈ ঘূৰি আহিল তাই

 ইতিমধ্যে মিষ্টাৰ মেহতাৰ তলৰ ওঁঠ ফাটি তেজ ববলৈ আৰম্ভ কৰিছিল। থন থনকৈ পৰি ভাঙি যােৱা ৰঙীন পানীয়ৰ গ্লাছটোৱে কটা হাতৰ তলুৱাৰ পৰা তেজ বিৰিঙিব ধৰিছিল।

 : অনুৰাগ •••• তেওঁক এৰি দে... প্লীজ।

 অমৃতাই অনুৰাগৰ হাতৰ বন্ধনৰ পৰা নিজৰ হাতখন লাহেকৈ মুক্ত কৰি ল’লে। উচিত অনুচিতৰ যুদ্ধখন ইতিমধ্যেও আৰম্ভ হৈ গৈছে তাইৰ মনােজগতত।

 তেতিয়াহে যেন অনুৰাগৰাে হুঁচ ঘূৰি আহিল। [ ৪৮ ]  সি যে তাইৰ হাতখন ধৰিয়ে আছিল। অকলে থিয় হৈ থকা অমৃতাক মিষ্টাৰ মেহতাই অসৎ উদ্দেশ্য তাইৰ কাষত অহা দেখিয়েই খঙত সকলাে পাহৰি পেলাইছিল সি ক্ষণিকৰ বাবে।

 পাহৰি গৈছিল সি ... অনুৰাগ নহয় অনিৰুদ্ধ বৰুৱা হে সি। পাহৰি গৈছিল সি অমৃতা অন্য কাৰােবাৰ পত্নী .. তাইৰ হাতত তেনেকৈ ধৰাৰ অধিকাৰ তাৰ নাই।

 কিছুপৰ সি চাই ৰল তাইৰ দুচকুলৈ..মুখৰ অভিব্যক্তি কিছু কোমল হৈ আহিল।

 গ্লানিত সেমেকি উঠিছে তাৰ দুচকু। শিথিল হৈ আহিল মিষ্টাৰ মেহতাৰ ছাৰ্টৰ কলাৰত সজোৰে খামুচি ধৰা সোঁহাতখন।

 মিষ্টাৰ মেহতা সেই সুযােগতে নিজকে বচাই ততাতৈয়াকৈ আঁতৰি গল।

 অনুৰাগে এতিয়াও চাই ৰৈছে অমৃতাৰ ফালে। মৰম উথলি আহিছে তাৰ হৃদয়ত কিন্তু অপাৰ খঙো উঠিছে তাৰ একে সময়তে।

 : ইমান ড্রিংকচ কৰিছ কিয় ? মিষ্টাৰ মেহতাই তাৰেই সুযােগ লব খুজিছিল।

 : কোনে কৈছে কথাষাৰ? অনুৰাগে নে অনিৰুদ্ধ বৰুৱাই?

 : অমৃতা... সন্তুলন হেৰুৱাই যােৱাকৈ ড্রিংকচ কৰাটো জানাে উচিত ?

 “আস” নিজৰ কানখনৰ ওপৰতেই যে বিশ্বাস হােৱা নাই তাইৰ । অভিমানত কণ্ঠৰুদ্ধ হবৰ উপক্ৰম হৈছে তাইৰ। কত বছৰৰ মূৰত শুনিবলৈ পাইছে তাই নিজৰ নামটো অনুৰাগৰ মুখত।

 অমৃতাই বুজি পাইছে, তাৰ খং উঠিছে তাই ড্রিংকচ কৰাৰ কাৰণে। তাৰ তীক্ষ্ন দুচকুৰ দৃষ্টিত দৃষ্টি মিলাব পৰা নাই তাই এতিয়া। অত্যন্ত লজ্জিত অনুভৱ কৰিছে। সঁচাকৈ খং আবেগৰ বশৱৰ্তী হয় তাই কিবােৰ যে কৰিব ধৰিছে।

 :...অমৃতা। তােক প্রশ্ন সােধাৰ অধিকাৰ মােৰ নাই।

 :কিয় নাই অনুৰাগ? তইতাে মােৰ বন্ধু .. মােৰ ..

 ৰৈ গ’ল তাই হঠাতে।

 : বন্ধু আছিলোঁ। কিন্তু আমাৰ মাজত বহু দূৰত্ব আহি গৈছে এতিয়া।

 পুনৰ এবুকু অভিমানত উন্দুলিত হৈ উঠিল তাইৰ মনটো। তাই বুজি পাইছে অনুৰাগে কি দূৰত্বৰ কথা কৈছে।

 : ঠেংকচ’। মিষ্টাৰ মেহতাৰ হাতৰ পৰা মােক বচোৱাৰ বাবে।

 তাৰ ফালে নােচোৱাকৈ তলমূৰ কৰিয়ে কলে তাই। পাৰ্য্যমানে নিজৰ থৰক বৰক খােজ সন্তুলন কৰিব চেষ্টা কৰি আঁতৰি আহিল তাই লাহে লাহে। ঠিক তেনেতে অন্যমনস্কতাৰে বাবে হঠাতে সন্মুখৰ চকীখনত উজুটি খালে অমৃতাই।

 পৰিব ধৰা অমৃতাক তৎক্ষণাত অনুৰাগে নিজৰ দুবাহুৰে ধৰি ৰাখিলে।

 অনুৰাগৰ দুবাহুৰ মাজত অতর্কিতে আৱদ্ধ হৈ পৰিল তাই।

 অমৃতাই নির্বাক হৈ চাই ৰল অনুৰাগৰ দুচকুলৈ। অনুৰাগেও চাই ৰল তাইলৈ।

 ....সেই একেই লাৱণী ৰূপ, সেই একেই ভালপােৱা উজ্জ্বলি উঠিছে তাইৰ দুচকুত। কিন্তু নাই মাথাে সেই চিনাকি চঞ্চলতা তাইৰ দুচকুত।

 বিচাৰি পােৱা নাই সি কোনােধৰণৰ সুখ বা লেশমানাে আনন্দৰ চিন এই ধুনীয়া চকুযুৰীত। বহুবছৰৰ পৰাই যেন হাঁহিৰ পৰা বিচ্ছিন্ন হৈছে এই ধুনীয়া মুখখনি।

 কি আছে বাৰু এই চকুযুৰীত?

 চলাথ কৰিছে সি।

 সুখী নহয় নেকি বাৰু অমৃতা?

 যন্ত্রনাত কাতৰ হৈ উঠিছে তাৰ হৃদয়খন।

 মন্ত্রমুগ্ধৰ দৰে দুয়াে ইটোৱে সিটোৰ দুচকুলৈ চাই ৰল বহুপৰ চকুৰ পলক নেপেলােৱাকৈ। বহু যুগৰ অন্তত যেন লগ খাইছে এহাল আজন্ম প্রেমিক-প্রেমিকা।

 অমৃতাই আকুলতাৰে চাই ৰৈছে অনুৰাগৰ মুখখনলৈ। অনুৰাগৰ বুকুৰ উমত মুখ গুজি হেঁপাহ পলুৱাই কান্দিবলৈ প্রবল [ ৪৯ ] ইচ্ছা এটি হৈছে তাইৰ। অন্তৰৰ আকর্ষণ, আৱেগ, অনুভূতিবােৰ দুৰ্বাৰ, দুর্জেয় হৈ উঠিছে।

 কেইটিমান আৱেগিক ক্ষণ মাথোঁ।

 অমৃতাৰ মন আৰু মগজুৰ মাজত পুনৰ তুমুল আলােড়ণৰ সৃষ্টি হব ধৰিছে ... মনােযুদ্ধ ঘটিব ধৰিছে উচিত অনুচিতৰ মাজত, নৈতিকতা অনৈতিকতাৰ মাজত।

 অনুৰাগৰ মৰমসনা দুচকুৰ চাৱনি তেতিয়াও নিৱদ্ধ অমৃতাৰ আৰক্তিম মুখমণ্ডলত। তাৰ দুচকুৰ আগত লাহে লাহে জিলিকি উঠিছে তাইৰ শিৰৰ সেন্দুৰৰ ৰঙাখিনি। কিঞ্চিতমান গ্লানি বিয়পি পৰিছে তাৰ দুচকুত, .... মুখখনতাে।

 কিছুক্ষণ তলমূৰ কৰি ৰল তাই।

 ছাঁ পােহৰে খেলা কৰি থকা অনুৰাগৰ গহীন মুখখনলৈ চাবলৈ তাইৰ যেন লাজ লাগিছে ... বিৰাট লাজ লাগিছে। সদ্যযৌৱনা গাভৰুৰ দৰেই চঞ্চল হৈ উঠিছে তাইৰ মনটো... প্রখৰৰপৰা প্ৰখৰতৰ হৈ আহিছে হৃদয়ৰ আৱেগ, অনুভূতি।

 অনুৰাগৰ মুখলৈ চালেই যেন তাই এতিয়াই ধৰা পৰিব...। অনুৰাগৰ বগা গ্লাছৰ আঁৰৰ গম্ভীৰ চকুহালৰ সন্মুখত যেন তাই এতিয়াই ভাঙি পৰিব।

 ইমান আকর্ষণ কিয় অনুভৱ কৰে তাই আজিও? এই আকর্ষণ তাই কেতিয়াও কোনাে অন্য পুৰুষৰ প্রতি অনুভৱ কৰা নাই কাহানিও।

 কি আছে অনুৰাগৰ বুকুত, তাৰ মুখখনত, তাৰ চকুহালত? বাৰে বাৰে তাই কিয় চগাৰ দৰে জাহ যাব খােজে তাৰ দুচকুৰ দৃষ্টিত?

 অত্যন্ত দুর্বল অনুভৱ কৰিছে তাই দুভৰিত। থিয় হােৱাৰ শক্তিকণ যেন নােহােৱা হৈ আহিছে।

 অমৃতাই কোনােমতে নিজকে চম্ভালি যথাসম্ভৱ সন্তুলিত খােজেৰে গুচি আহিল অনুৰাগৰ কাষৰ পৰা তাক এবাৰাে মাত নিদিয়াকৈ।

 তাই অনুভৱ কৰিলে অনুৰাগৰ দৃষ্টিয়ে তাইক অনুসৰণ কৰা।

 শ্যামলিৰ কথা হঠাতে মনলৈ আহিল তাৰ। তাক বিচাৰি ফুৰিছে চাগৈ। মুখখন ৰুমালেৰে মচি ঘূৰি দিয়েই ৰৈ গল অনুৰাগ।

 সন্মুখত ভাস্কৰ দত্ত।

 ভাস্কৰক তেনেকৈ সন্মুখত ৰৈ থকা দেখি সামান্য বিব্রত অনুভৱ কৰিলে সি।

 দেখিলে নেকি ভাস্কৰে অমৃতা আৰু তাক একেলগে? ভুল বুজিব নেকি বাৰু ভাস্কৰে?

 ভাস্কৰৰ খঙত তেজাল গােমােঠা মুখখন অতিশয় বিকৃত দেখা গৈছে। নিচাত থৰক বৰক খােজ।

 : মিষ্টাৰ অনিৰুদ্ধ বৰুৱা।

 চিগাৰেট আৰু মদৰ সংমিশ্ৰিত উক্ত গােন্ধ এটা তাৰ নাকত লাগিলহি।

 : ...........

 : মােৰ পত্নীৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আপােনাক কোনে দিলে?

 দোৰোল খােৱা জিভাৰে প্ৰায় চিঞৰি উঠিল সি।

 : ........

 : মিষ্টাৰ মেহতাৰ ওপৰত ....

 : আপুনি ভুল বুজিছে মিষ্টাৰ দত্ত। মিষ্টাৰ মেহতাই আপােনাৰ পত্নীক বলপূর্বক....

 অনুৰাগৰ মুখৰ বাক্য শেষ হােৱাৰ পূৰ্বেই ভাস্কৰে এটা তীব্র ঘােচা মাৰিলে অনুৰাগৰ মুখত।

 অত্যন্ত বিব্ৰত হৈ উঠিল অনুৰাগ। নিজকে যথাসম্ভৱ সংযম কৰিব চেষ্টা কৰিলে সি।

 : মিষ্টাৰ দত্ত চাওক। আপােনাৰ পত্নীৰ ইচ্ছাৰ বিপৰীতে ...

 : মােৰ পত্নীৰ ইচ্ছা অনিচ্ছাৰ খবৰ আপুনি কেনেকৈ পালে? তাইৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি চলিম নেকি মই? [ ৫০ ]  পুনৰ এটা ঘােচা মাৰিলে ভাস্কৰে অনুৰাগৰ মুখত। এক মুহুৰ্তৰ ভাৱে হঠাৎ কঠিন হৈ আহিল অনুৰাগৰ হাতৰ মুঠি .. কঠিন হৈ আহিল মুখমণ্ডল। কিন্তু পিছমুহূর্ততে সি নিজকে পুনৰ সংযম কৰিলে।

 নিশ্চয় ভাস্কৰে ভুল বুজিছে।

 লুণীয়া সােৱাদ এটা অনুৰাগৰ জিভাত লাগিল। তেজ বিৰিঙি উঠিছিল অনুৰাগৰ ওঠৰ পৰা।

 : আপুনি যদি মােৰ কথা বিশ্বাস নকৰে তেতিয়াহলে আপনি নিজেই সুধি ল’ব ঘটনাৰ বিৱৰণি আপােনাৰ পত্নীৰ মুখৰ পৰা৷

 : মই তাইক কিয় সুধিম? পত্নীৰ কথামতে নচা মানুহ নহয় এই ভাস্কৰ দত্ত। মিষ্টাৰ মেহতাৰ লগত মােৰ ইমান এটা ভাল সম্বন্ধ আছিল সকলাে শেষ। কিমান লােকচান হ’ব মােৰ ?

 কিছুপৰ অনুৰাগ হতবম্ভ হৈ ৰ’ল। কেনেকুৱা ধৰণৰ মানুহ এই ভাস্কৰ দত্ত? সংযমৰ সীমা যেন পাৰ হৈ গল অনুৰাগৰ। পত্নীৰ সন্মান তল পেলাই নিজৰ লাভ লােকচানৰ হিচাপ কৰিছে! নিজৰতাে অবাধ নাৰীৰ সৈতে সম্পর্ক। অমৃতাকো আন পুৰুষৰ হাতলৈ ঠেলি দিয়ে নেকি এই মানুহজনে ?

 খঙত কঁপি উঠিল অনুৰাগ।

 ভাস্কৰ দত্তৰ চার্টখন বাওঁহাতেৰে খামুচি ধৰিলে সি। ঘুছিয়াবলৈ উদ্যত হৈও পুনৰবাৰ মুষ্টিবদ্ধ কঠিন হাতখন ৰৈ গ’ল অনুৰাগৰ।

 মানুহজন মদৰ নিচাত আছে ...সেয়ে হয়তাে হুঁচত নাই। তাৰ উপৰি অমৃতাৰ স্বামীৰ ওপৰত সি হাত উঠোৱাটো উচিত নহয়। অমৃতাই দুখ পাব। তাই ভুল বুজিব।

 কঠিন হাত, মুখখন, উথলি অহা খং কোনােমতে সংযম কৰি, ভাস্কৰ দত্তৰ বিৰক্তিকৰ মুখৰ অভিব্যক্তি বা কথালৈ অকণাে কর্ণপাত নকৰি দপদপাই আঁতৰি আহিল সি।

 অসংলগ্ন মুখৰ ভাষাৰে পিছফালৰ পৰা চিঞৰি চিঞৰি কিবা কৈ আছিল ভাস্কৰ দত্ত তেতিয়াও।

 বেচিনৰ টেপ খুলি অস্থিৰতাৰে মুখখন কেইবাবাৰাে ঠাণ্ডা পানীৰে ধুই ল’লে তাই।

 গােলাকাৰ আইনাখনলৈ চাই থাকিল তাই কিছুদেৰী স্থিৰ নয়নে। তাইৰ সুসজ্জিত ডাঙৰ, ধুনীয়া চকুযুৰী এতিয়া ৰঙা হৈ উঠিছে ....অশ্রুসিক্ত দুচকুৰ পতা।

 হুকহুকাই কান্দি উঠিল শ্যামলিমাই। তাইৰ নিজৰ দুচকুৰ ওপৰতেই বিশ্বাস হােৱা নাই। আচৰিত হৈছে তাই।

 আজি তাই অনিৰুদ্ধৰ আগেয়ে কেতিয়াও নেদেখা এটা ৰূপ দেখিবলৈ পাইছে । অনিৰুদ্ধ হঠাত নাইকিয়া হােৱাত তাই বিচাৰি ফুৰিছিল তাক।

 তেতিয়াই তাই দেখা পাইছিল দুয়ােকে।

 অনিৰুদ্ধই ইমান অন্তৰংগতাৰে, ইমান আকুলতাৰে সাৱটি ধৰিছিল মিছেছ অমৃতা দত্তক। কিয়? কি সম্বন্ধ দুয়ােৰে মাজত ?

 ইমান অন্তৰংগতাৰে... নহয়, অধিকাৰেৰে সি ধৰি লৈছিল মিছেছ দত্তৰ হাতখন।

 আৰু ইমান আকুল দৃষ্টিৰে অনিৰুদ্ধলৈ চাই ৰােৱা মিছেছ দত্তৰ মুখখন?? সেই দুচকুত স্পষ্টকৈ জিলিকি উঠিছিল অগাধ মৰম, প্রেম, ভালপােৱা, ... আৰু অসহায়তা।

 যেন দুয়াে জনম জনমৰ চিনাকি।

 আজন্ম প্রেমিক প্রেমিকা।

 অনিৰুদ্ধৰ গম্ভীৰ চকুহালত ইমান প্রেম, ইমান অনুভূতি আগতে কেতিয়াও দেখা নাই তাই ...।

 ঈর্ষাত অন্তৰ দগ্ধ হৈ উঠিছে তাইৰ।

 তাইৰ অনিৰুদ্ধ, ......তাইৰ অনিৰুদ্ধৰ দুচকুত অন্য কাৰােৰে প্রতি প্রেম জিলিকি উঠা তাই সহ্য কৰিব নােৱাৰে ...।

 কি নাই তাইৰ ?

 ৰূপ, গুণ, সৌন্দর্য ... বুদ্ধি .., তথা এটি সুন্দৰ শৰীৰৰ অধিকাৰিণী তাই । [ ৫১ ]  “বিউটি ৱিদ ব্রেইন” বুলি আখ্যা পােৱা তাইৰ ৰূপে কিয় কেতিয়াও আকর্ষিত কৰিব পৰা নাই অনিৰুদ্ধক?

 কিয় বুজি নাপায় অনিৰুদ্ধই তাইৰ মুক্ত দুচকুৰ ভাষা?

 অনিৰুদ্ধৰ দুবাহুত আৱদ্ধ মিছেছ দত্তৰ আকুল, কাতৰ মুখখন তাইৰ দুচকুৰ আগত ভাঁহি উঠিছে।

 কি বিচাৰি পাইছে সি সেই মানুহজনীৰ মুখত, নতুবা শৰীৰত?

 সন্দেহ কিলবিলাই উঠিছে তাইৰ মন, মগজুত।

 কিমান গভীৰ হব পাৰে ... অনিৰুদ্ধ আৰু মিছেছ অমৃতা দত্তৰ এই সম্পর্ক ?

 মনেৰে ভাল লগা মানুহজনীলৈ হঠাৎ অসীম ঘৃণা উপজি উঠিছে তাইৰ মনত।

 ইমান নিমাখিত, মৰম লগা, ধুনীয়া মানুহজনীৰ ইমান কুৎসিত স্বভাৱ !! মুখেৰে নামাতে কিন্তু শৰীৰৰ খেলা কৰে।

 ছিহ। ছিহ।

 তাইৰ অনিৰুদ্ধৰ সৈতে সম্পর্ক গঢ়াৰ ইমান দুসাহস তাইৰ। চিনি পােৱা নাই শ্যামলিমাক।

 বৰ্বাদ কৰি দিম।

 ধ্বংস কৰি দিম।

 উন্মাদৰ দৰে সৰ্বশৰীৰত এক তীব্র কঁপনি উঠিল তাইৰ সৰ্বশৰীৰত।

(১৭)

 নিশা প্রায় এক বাজি গৈছে। কাষৰ কোঠাত শ্যামলী শুই পৰিছে নির্বোধ শিশুৰ দৰে। মিষ্টাৰ মেহতাৰ ঘৰৰ পৰা ওলাই আহােতে গাড়ীতেই টোপনি যােৱা ছােৱালীজনীক নিউ মুম্বাইলৈ অকলে ড্রাইভাৰৰ লগত যাবলৈ দিবলৈ মন নগল তাৰ। সেয়ে আজি নিশাটোৰ বাবে শ্যামলী আহি ৰৈছেহি বান্দ্রা স্থিত তাৰ ফ্লেটত।

 অনিৰুদ্ধ নিজৰ কোঠালৈ সােমাই আহি আৰামি চকীখনত হেলান দি বহিল।

 মনৰ মাজত অশান্ত ধুমুহা এজাক বলিবলৈ ধৰিছে। বহু কথাই অগা দেৱা কৰিছেহি তাৰ মন মগজুত৷

 বাৰে বাৰে দুচকুৰ আগত ভাহি উঠিছে অমৃতাৰ দুচকুৰ সেই কাতৰ, আকুল দৃষ্টি... ।

 তাৰ দুবাহুত, পিন্ধি থকা চার্টখনত... যেন এতিয়াও লাগি আছে অমৃতাৰ চুলিকোচাৰ সুবাস। বুকুৰ ফালে..ছাৰ্টৰ ওপৰৰ ভাগৰ বুটামৰ ওচৰত এতিয়াও লাগি আছে তাইৰ শিৰৰ সেন্দুৰৰ ৰঙা ৰং অকণমান। অনুভূতিবােৰ সুতীব্র হৈ জাগি উঠিছে মনত...বিচলিত ...অস্থিৰ হৈ উঠিছে সি।

 অন্তৰৰ কেঁচা অনুভূতি বােৰৰ আগত জহি খহি পৰিব ধৰিছে অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলা.... ঠিক যেনেকৈ ৰদৰ তাপত গলিব ধৰে সুউচ্চ পর্বতৰ শিখৰৰ কঠিন বৰফ।

 অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলা ফালি ওলাই আহিব ধৰিছে অনুৰাগ বৰুৱা নামৰ সেই সহজ সৰল প্রেমিক সত্বা...।

 ....অমৃতাৰ অনুৰাগ।

 প্রতিটো সৰু বৰ কথাই মগজুৰে ভাৱি উচিত সিদ্ধান্ত লােৱা অনিৰুদ্ধ বৰুৱাৰ মগজু যেন আজি মনটোৰ সন্মুখত ধৰাশায়ী হৈ পৰিছেহি।

 বাৰে বাৰে একেটা কথাই মনলৈ আহিছে তাৰ।

 অমৃতা সুখীনে?

 কেনেকুৱা সম্পর্ক ভাস্কৰ আৰু অমৃতাৰ মাজত?

 সি কামনা কৰাৰ দৰেই অভিজাত্যৰ ৰঙেৰে উজ্জ্বলি উঠিছেনে তাইৰ জীৱন??

 মন আৰু মগজুৰ মাজত যেন এটি শীতল যুদ্ধ চলিব ধৰিছে গুপুতে।

 মগজুৱে কৈছে,

 “ভাস্কৰ আৰু অমৃতা পতি পত্নী। পতি পত্নীৰ সম্পৰ্ক যিয়েই নহওক, যেনেকুৱাই নহওক... সেয়া তাঁহাতৰ একান্ত ব্যক্তিগত কথা।”

 তাৰ ঠিক বিপৰীতে মনটোৱে যুক্তি দর্শাইছে, [ ৫২ ]  “অমৃতা মােৰ জীৱনৰ মাথাে প্রথম প্রেমেই নহয়...তাই মােৰ শৈশৱৰ লগৰী। তাইৰ ভাল কামনা কৰি খবৰ লােৱাটো কেনেকৈ অনুচিত হব পাৰে?”

 বহুতাে প্রশ্নই উকমুকাই উঠিছেহি তাৰ হৃদয়ত?

 কেনেকুৱা এই ভাস্কৰ দত্ত নামৰ মানুহজন?

 মিষ্টাৰ মেহতাই অমৃতাৰ সৈতে কৰা অশালীন ব্যৱহাৰ যেন তেওঁৰ বাবে একো আচৰিত কথা নহয়। সেয়া যেন এটি তেনেই সাধাৰণ কথা। অমৃতাক অপমান কৰা বুলি নহয়, বৰঞ্চ মিষ্টাৰ মেহতাক অপমান কৰা বুলিহে খঙত অনিৰুদ্ধৰ ওপৰত হাত উঠাইছিল সি।

 অনিৰুদ্ধৰ মনলৈ আহিছে পার্টীলৈ নােযােৱাৰ আগতেই শ্যামলীয়ে তাক কোৱা কথাবােৰ...

 কথাবােৰ চক্রাকাৰে ঘূৰিব ধৰিছে তাৰ চৌপাশে। যিমানেই ভাৱিছে সিমানেই অমৃতাৰ নিৰাপত্তাৰ কথা ভাৱি শংকিত হৈ পৰিছে সি।

 অমৃতাৰ দুচকুৰ সেই অস্বাভাৱিক শান্ত, শীতল, সমাহিত দৃষ্টিৰ আঁৰত যেন বহু কথা, যন্ত্রণা লুকাই আছে... তেনে অনুভৱ হৈছে তাৰ।

 অমৃতা ভাস্কৰ দত্তৰ লগত সুখী বুলি মনটোৱে দেখােন অকনাে মানি লব খােজা নাই।

 নাই.... নাই...

 অমৃতাক লগ ধৰি কথা পাতিব লাগিব।

 সেয়া জৰুৰী... অত্যন্ত জৰুৰী।

 ছিলমিলকৈ টোপনি ভাবে আগুৰি ধৰিলেহি অনুৰাগক। প্রায় শেষ নিশা হাতত কাৰােবাৰ কোমল পৰশ অনুভৱ কৰিলে অনুৰাগে।

 দুচকু মেলি হতবম্ভ হৈ ৰল সি।

 অনুৰাগৰ বাওঁহাতখন নিজৰ দুয়ােখন হাতৰ মুঠিত আবদ্ধ কৰি আঁঠু কাঢ়ি বহি তালৈ চাই ৰৈছেহি শ্যামলীয়ে সুগভীৰ দৃষ্টিৰে।

 কোঠাৰ ডিম লাইটৰ অস্বচ্ছ নিলাভ পােহৰত অত্যন্ত ৰহস্যময়ী হৈ উঠিছে তাইৰ দুচকুৰ চাৱনি।

 তাইৰ মুখত অনবৰতে লাগি থকা শিশুসুলভ কোমলতাৰ বিপৰীতে জিলিকি উঠিছে অনিৰুদ্ধক নিজৰ কৰি পােৱাৰ সুতীব্র বাসনা..।

 ......স্পষ্ট হৈ ধৰা দিছে কামনাসিক্ত অনুভূতি...।

 ক্ষন্তেকৰ বাবে বিমূঢ় হৈ পৰা অনিৰুদ্ধৰ ষষ্ঠ ইন্দ্রিয় সজাগ হৈ উঠিল। তৎক্ষণাত নিজৰ হাতখন তাইৰ হাতৰ মুঠিৰ পৰা এৰুৱাই লৈ সি উঠি আহিল আৰামি চকীখনৰ পৰা। তাৰ লগে লগেই উঠি আহিল শ্যামলিও।

 ৰহস্যময়ী দুচকুৰ চাৱনীৰে অনিৰুদ্ধৰ নিচেই কাষত থিয় হলহি তাই।

 : শ্যামলী...

 শ্যামলীয়ে নিজৰ সোঁহাতৰ তর্জনী আঙুলিটো অনিৰুদ্ধৰ ওঁঠত থৈ তাক মনে মনে থাকিবলৈ ইংগিত দিলে। অনিৰুদ্ধৰ নিচেই কাষত আহি শ্যামলীয়ে তাইৰ মূৰটো , নিজৰ মুখখন অনিৰুদ্ধৰ বুকুত গুজি দিলে।

 : শ্যামলী...

 শ্যামলীক লাহেকৈ নিজৰ বুকুৰ পৰা ঠেলি আঁতৰাই অলপ কঠিন সুৰত কৈ উঠিল সি। শ্যামলীয়ে অনুভৱ কৰিলে অনিৰুদ্ধৰ কণ্ঠত স্পষ্ট খং আৰু বিৰক্তি। সামান্য হতাশ হৈ উঠিল তাই।

 : অনিৰুদ্ধ দা, মই ..মই কিবা ভুল কৰিছাে নেকি?

 : ভুল কৰিছা শ্যামলী। এনেকৈ...

 : অনিৰুদ্ধদা মই ... মই তােমাক ভাল পাওঁ। বহুত ভাল পাওঁ।

 কথাষাৰ কওঁতে সামান্য খোকোজা লাগিল তাইৰ। [ ৫৩ ]  : শ্যামলী এইবােৰ তুমি কি কৈছা ? মই তােমাক কেতিয়াও সেই দৃষ্টিৰে চোৱা নাই।

 অনিৰুদ্ধই মৰমেৰে বুজাবলৈ চেষ্টা কৰিলে শ্যামলিক।

 : কিয় ? কিয় মােক ভাল নােপােৱা অনিৰুদ্ধ দা? মই তােমাৰ প্ৰেম পােৱাৰ যােগ্য নহওঁ নেকি?

 : তেনেকৈ নক’বা শ্যামলী। তুমি খুব ভাল ছােৱালী। মােতকৈ বহুত বেছি ভাল মানুহ ডিজার্ভ কৰা তুমি।

 আঁহত দৃষ্টিৰে চাই ৰৈছে তাই। দুচকুত জিলিকি উঠিছে দুটোপাল অশ্রুকণা।

 : অনিৰুদ্ধ দা, প্রেম কি বুজি পােৱাৰ বহু আগতেই তােমাৰ প্ৰেমত পৰিছোঁ।

 নির্বাক হৈ শ্যামলীলৈ কিছুদেৰি চাই ৰল সি একেথৰে।

 : আৰু মই যদি কওঁ যে মই অইন কাৰােবাক ভাল পাওঁ??

 তীক্ষ ,কটাক্ষ ভৰা চাৱনীৰে এইবাৰ তাই চাই ৰল অনিৰুদ্ধৰ মুখলৈ।

 : কোন? কাক ভাল পােৱা তুমি? ডেট অল্ড ফেশ্যনড লেডী?? ভাস্কৰ দত্তৰ ৱাইফ??

 : ......

 আচৰিত হৈ চাই ৰল সি তাইৰ মুখলৈ। কেনেকৈ শ্যামলীয়ে জানিব পাৰিলে এই কথা!

 : কিহৰ কাৰণে? কি পাইছা তুমি সেই অসুখী মানুহজনীৰ ওচৰত?

 : অসুখী?

 : অসুখী নহয় কি? মিছেছ দত্ত ডিপ্ৰেছনৰ ট্রিটমেন্ট লৈ আছে।সকলােৱে জানে সেই কথা। হাঁহিব নাজানে, ফুর্তি কৰিব নাজানে....

 অমৃতা অসুখী। ডিপ্ৰেছনত ভুগি আছে। কিয়? কিয়? বুকুখন বিষাই উঠিছে তাৰ। সি ঠিকেই ধৰিছে... অমৃতা সুখীনহয়...সুখী নহয় তাই ভাস্কৰ দত্তৰ লগত।

 : কি হৈছে তােমাৰ অনিৰুদ্ধ দা?

 অনিৰুদ্ধ ৰ নিচেই কাষত থিয় হৈ তাই তাক সাৱটি ধৰিছেহি।

 : মই জানাে, মই বুজি পাইছো৷ মিছেছ দত্তই নিশ্চয় নিজকে সঁপি দিছে তােমাৰ ওপৰত। দেট ছিক বিটছ...

 কপি উঠিল তাৰ সৰ্বশৰীৰ। খঙত, বিৰক্তিত কঠিন হৈ আহিছে তাৰ মুখমণ্ডল।

 তাৰ দুচকুৰ কঠিন ভাষাক সম্পূর্ণ উপেক্ষা কৰি শ্যামলীৰ দুচকুত জিলিকি উঠিছে জেদ, খঙ আৰু অমৃতাৰ প্রতি প্রচণ্ড ঘৃণা।

 নিজৰ বুকুৰ পৰা তাইক আজুৰি আঁতৰাই ঠাচ ঠাচকৈ দুটা প্রচণ্ড চৰ সােধালে সি তাইৰ দুয়াে গালত। খঙত ৰঙা হৈ পৰা মুখেৰে এবাৰাে তাইলৈ ঘূৰি নােচোৱাকৈ দপদপাই ওলাই গ’ল সি কোঠাটোৰ পৰা।

 হতভম্ব হৈ পৰিল শ্যামলী। দুচকুৰে তপত চকুলাে দুধাৰী বৈ আহিল। তাইৰ প্ৰেমৰ একো মূল্য নাই অনিৰুদ্ধৰ ওচৰত। অনিৰুদ্ধৰ দুচকুত তুচ্ছ তাইৰ ৰূপ, গুণ...সকলাে। ব্যর্থ ... ব্যর্থ তাইৰ জীৱনৰ প্রথম প্রেম।

০০ ০০ ০০

 ভয়ত ভীষণভাৱে সংকুচিত হৈ উঠিছে অমৃতা।

 ভীতি বিহ্বল হৰিণীৰ দৃষ্টিৰে তাই চাই ৰৈছে খঙত ৰঙা হৈ উঠা, গােমােঠা, তেজাল মুখখনলৈ...ভাস্কৰৰ দুচকুৰ জান্তৱ চাৱনিলৈ।

 বিষত চেকচেকাই উঠিছে তাইৰ দুয়াে গাল। খঙতে ভাস্কৰে হাতত যিহকে পাই তাকেই দলিয়াইছে তাইৰ গালৈ। ভয়ত বিবর্ণ হৈ পৰিছে তাইৰ ওঁঠ, সমগ্র মুখমণ্ডল।

 : চালা ভিকহুৰ জাত... মিষ্টাৰ মেহতাৰ দৰে মানুহক অপমান কৰিলি তই!

 : মােক বিশ্বাস কৰক। তেওঁ মােক বলপূর্বক...

 : বলপূর্বক ??? তােৰ পিছত মৰি থকা নাই নহয় তেওঁ। আৰু বলপূর্বক কৰিলেই যেনিবা তাতে কি ডাঙৰ কথা? আৰু [ ৫৪ ] সদায় অনিৰুদ্ধ বৰুৱাই হে তােক বচাবলৈ পায় যে? কাৰণটো কি?

 খঙত গুজৰি উঠিছে সি...... দোৰোোল খােৱা জিভাৰে,অশ্লীল গালিৰে থকা সৰকা কৰি তুলিছে তাইক।

 তাতাে ক্ষান্ত নাথাকি নিচাত থৰক বৰক খােজেৰে তাইক চোঁচৰাই নিছে বিছনাখনলৈ।

 তাৰ পিছৰখিনি নিত্য নৈমিত্তিক ঘটনা।

 বিভীষিকাময় নিশাবােৰৰ পুনৰাবৃত্তি।

 ধর্ষণকাৰী পতিৰ হাতৰ ধর্ষিতা পত্নী তাই।

 ভাস্কৰ জঁপিয়াই পৰিছে তাইৰ ওপৰত। পশুবৃত্তি জাগি উঠিছে তাৰ মনত। পশু সদৃশ দাঁতৰ তীক্ষ্ন কামােৰত তেজ বিৰিঙি বিৰিঙি উঠিছে তাইৰ সর্ব শৰীৰত। ভাস্কৰৰ শৰীৰৰ ধাতৱ ঘর্ষণত যেন মৰমৰাই ভাঙি পৰিব ধৰিছে তাইৰ মেৰুদণ্ড..মজ্জা।

 ঠিক তেনেতে হঠাতে শিথিল হৈ পৰিল ভাস্কৰৰ শৰীৰ। পিছমুহূর্ততে এটি চেঁচা গৰম অদ্ভুত অনুভৱে কিলবিলাই চুই গল তাইৰ উন্মুক্ত বুকু, পেট, ডিঙি, মুখ।

 ঘৃণাত মুখ কোচ খাই আহিল তাইৰ। শৰীৰৰ সমস্ত শক্তি গােটাই একে ঠেলাই ভাস্কৰৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰি দৌৰি গল তাই ৱাশ্ব ৰূমলৈ।

 স্বাৱাৰৰ তলত থিয় হৈ বলিয়াৰ দৰে তাই ধুই পেলালে তাইৰ বুকু, পেট, ডিঙিত লগা ভাস্কৰৰ মুখেদি নিৰ্গত বমি। হুকহুকাই কান্দি উঠিল তাই।

 বিষত বিধস্ত, জৰ্জৰিত শৰীৰটো কোঙা হৈ পৰিছে শ্বাৱাৰৰ তলত।

 ভগ্ন হৃদয়... ভগ্ন শৰীৰ। আৰু কিমান দিনলৈ তাই সহিব এই শাৰীৰিক যাতনা, অপমান, গ্লানি!!

 মাথাে শৰীৰ নহয়, তাইৰ মন... তাইৰ আত্মা.. তাইৰ সমস্ত জীৱন অপমানিত হৈছে। মুক্তি লাগে। মুক্তি।

 এই যন্ত্রণাদায়ক বাস্তৱৰ পৰা হেৰাই যাব খােজে তাই। যন্ত্রনাত থকথককৈ কপি উঠিছে তাইৰ দুভৰি। আৰু নােৱাৰি। নােৱাৰি।

 নাইটিটো পিন্ধি খুব ধীৰ খােজেৰে ওলাই আহিল অমৃতা। এতিয়া আৱেগৰ ঠাইত জিলিকি উঠিছে এক অদ্ভুত নীৰৱতা।

 ভাস্কৰ ইতিমধ্যে টোপনিত লালকাল। কাইলৈ আকৌ এই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিব।

 তাই প্রতিদিনেই ধর্ষণকাৰী স্বামীৰ হাতৰ ধর্ষিতা পত্নী হৈ ৰ’ব। মেডিচিন কেবিনেটটো খুলি ওলাই ললে তাই এমুঠি শ্লিপিং টেবলেট। গভীৰ নিদ্রা লাগে। এনেকুৱা গভীৰ নিদ্ৰা যি তাইক এই নিষ্ঠুৰ বাস্তৱৰ পৰা বহু দূৰলৈ লৈ যাব।

 অন্তৰ, আত্মা, জীৱনক মুক্তি দিব খােজে তাই। এই গ্লানি, অপমান ভৰা পৃষ্ঠাবােৰ চিৰজীৱনলৈ জপাই দিব খােজে তাই।

 “আস্” শ্লিপিং টেবলেটবােৰ দেখােন ডিঙিত লাগি ধৰিছে। যেন শেষ চেষ্টা চলাইছে অমৃতাক বুজাবলৈ।

 টেবুলৰ ওপৰত থকা পানীখিনি লৈ গিলি দিলে তাই। ক্ষণিকৰ বাবে আৱেগবিহ্বল হৈ উঠিছে তাই। মনত পৰিছে অনুৰাগলৈ। মনত পৰিছে তাৰ দুচকুৰ মৰম সনা চাৱনিলৈ... প্রেমভৰা স্পৰ্শলৈ।

 মনটো অস্থিৰ হৈ উঠিছে।

 অত্যন্ত ঘৃণা উপজিছে তাইৰ কাষত শুই থকা মানুহজনলৈ ....তাইৰ কোমল আলসুৱা অন্তৰখন ছিঙি ভাঙি মােহাৰি পেলােৱা মানুহজনলৈ...তাইৰ আশা, আকাংক্ষা, সপােনবােৰ হত্যা কৰি কিদৰে নিজে ঢলি পৰিছে নিদ্ৰাৰ প্রশান্তিময় কোলাত। কিমান নিষ্ঠুৰ হব পাৰে এই মানুহজন!!

 অমৃতাৰ মনত পৰিছে গাঁওৰ সেউজীয়া পথাৰখনলৈ, ...পথাৰৰ মাজৰ সৰু সৰু আলিত দুহাত মেলি দৌৰি যােৱা বনৰীয়া লৰা ছােৱালীহাললৈ... তাইৰ সন্মুখত ঢাল হৈ থিয় দি পেহীয়েকৰ হাতৰ বাঁহৰ লাঠীৰ কোব খােৱা ওখ ক্ষীণ লৰাটোলৈ.... ।।

 বুকুৰ ধপধপনিবােৰ যেন ক্ৰমাত কমি আহিছে লাহে লাহে দুচকুলৈ অন্ধকাৰ নামি আহিছে, ঠিক যেনেকৈ নাটকৰ যৱনিকাত দুচকুৰ আগত পৰি আহে কলা পর্দা। [ ৫৫ ] .......

 উৎকণ্ঠা আৰু উদ্বিগ্নতাৰে অস্থিৰভাৱে পদচালনা কৰিছে ভাস্কৰে। ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিল সি৷ প্রায় দহ বজাত। চকু মেলিয়েই ঘড়ীটোলৈ চাই চকু কপালত উঠিছিল তাৰ। কাষতে গভীৰ নিদ্রাত আচ্ছন্ন অমৃতাক দেখি প্রচণ্ড খং এটা উঠি আহিছিল তাৰ । প্রথমে চিঞৰিছিল ....পিছলৈ গাত জোৰ-জোৰকৈ লৰাই মাত দিছিল সি। কিন্তু কোনাে সাৰ সুৰ নাছিল তাইৰ গাত... অমৃতাৰ সম্পূর্ণ শেঁতা পৰা চেঁচা শৰীৰ আৰু মুখমণ্ডল দেখি ঘর্মাক্ত হৈ উঠিছিল তাৰ সর্ব শৰীৰ। তাইৰ হাতৰ মুঠিত তেতিয়াও লাগি আছিল অৱশিষ্ট দুটা শ্লিপিং টেবলেট। ভাস্কৰে বিভ্রান্তৰ দৰে দৌৰি গৈ সশব্দে মেডিচিন কেবিনেটটো খুলিছিল... হাতত আহিছিল খালি টেমাটো।

 মুহূর্ততে হুৱাদুৱা লাগি গৈছিল।

 অদিতি, বিপ্লৱহঁতলৈ সি ফোন কৰিছিল। লিফ্টমেন, চকীদাৰ, ড্রাইভাৰ, ফ্লেট প্রতিবেশী দুৱাৰমুখত দুচকুত ভয় আৰু সন্দেহ লৈ গােট খাইছিল।

 অকণাে সময় খৰচ নকৰাকৈ তাইক লৈ অনা হল হস্পিটেলৰ ইমাৰজেঞ্চি ডিপার্টমেন্টলৈ। চিধাই হস্পিটেললৈ লৱৰি আহিছিল অদিতি আৰু বিপ্লৱ।

 “পেছেন্ট ইছ ইন এ ভেৰি কৃতিকেল কণ্ডিচন”

 বুলি কৈ আই চি ইউ ত এডমিট কৰা হল অমৃতাক।

 “কেছ অফ শ্লিপিং টেবলেট অভাৰদ’জ”

 শিপিং টেবলেট অভাৰডজ হােৱাৰ বাবে শৰীৰটো শ্বকত গৈছে..... নার্ভাচ চিষ্টেম, ৰেচপিৰেটৰী চিষ্টেম সকলাে ডিপ্রেছ হৈছে। সেয়ে হাত ভৰিৰ লৰচৰ নাই, অতিশয় ধিম গতিত চলিছে হার্ট বিত।

 বাৰে বাৰে হাতেৰে মুখখন মুচিছে ভাস্কৰে। অমৃতাৰ মৃত্যু ঘটিলে সন্দেহৰ ভিত্তিত তাক পুলিচে যে শান্তিত জীয়াই থাকিব নিদিয়ে সেয়া সি জানে ... এই বিষয়ত আছে তাৰ অতীতৰ তিক্ত ভয়ানক অভিজ্ঞতা।

 তাৰ মনলৈ আহিছে সােতৰ বছৰ আগৰ এটি ঘটনা। ঠিক এনেকৈয়ে তাৰ প্রথম পত্নী মৃণালিনীয়ে মৃত্যুক আঁকোৱালি লৈছিল... চেঁচা শৰীৰ , চেঁচা মুখমণ্ডল, কঠিন জঠৰ হৈ পৰা শৰীৰ...তাৰপিছত পুলিচৰ চকুত প্রাইম ছাছপেক্ট হৈ পৰিছিল সি। কোনােমতে পুলিচ আইনৰ চকুত প্রমাণৰ অভাৱত বাছি গৈছিল সি।

 হঠাতে তাৰ মনলৈ এক ভয় ভাৱ আহিছে, মৃণালিনীয়ে লিখা নাছিল... কিন্তু ছুইছাইড নােট লিখিছিলে নেকি বাৰু অমৃতাই?

 যদি লিখিছে ...??

 ঘর্মাক্ত হৈ পৰিছে তাৰ মুখমণ্ডল। প্রতি ক্ষণত দ্রুত গতিত সলনি হৈছে তাৰ মুখৰ অভিব্যক্তি।

 পুলিচে ইতিমধ্যে তাক বহু কথাই সুধিছে..ঘটনাৰ বৃত্তান্ত এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ ৰাতিপুৱাৰ পৰা সুধি সুধি তাক ব্যতিব্যস্ত কৰি তুলিছে। সি বুজিব পাৰিছে অমৃতাৰ যদি মৃত্যু হয় পুনৰ বাৰ সিয়েই হব পুলিচৰ দৃষ্টিত প্রাইম ছাছপেক্ট।

 মনতে সি কাবৌ কৰিলে ভগৱানক, যাতে অমৃতা বাচি যায়।

 ভাস্কৰে চোৰৰ দৃষ্টিৰে লুকাই লুকাই চাই ৰৈছে অত্যন্ত বিমর্ষ মনেৰে বহি থকা অদিতি, বিপ্লৱ, ফলাক্ষীহঁতলৈ.... অলপ আগতে তাক প্রশ্ন সুধি সুধি ব্যতিব্যস্ত কৰি তােলা থিয় হৈ থকা খাকী বর্ডিধাৰী পুলিচ বিষয়া দুজনলৈ... লুকাই চুৰকৈ চাইছে অলপ আগতে পেছেন্টৰ হিষ্টৰী তাৰ মুখেৰে সংগ্ৰহ কৰা ব্যস্ত কৰ্মৰত নাৰ্ছ গৰাকীলৈ...। কাৰােবাৰ দৃষ্টিত সন্দেহ আছে নেকি বাৰু তাৰপ্রতি? কোনােবাই তাক হত্যাকাৰী বুলি ভাবিছে নেকি?

 সিটো হত্যা কৰা নাই তাইক।

 যােৱাৰাতি মাথাে সামান্য কাজিয়া ...

 হঠাতে তাৰ কিবা এটা মনলৈ আহিল। নিজৰ পিন্ধি থকা কাপােৰযােৰলৈ চালে সি। পিন্ধনত তাৰ এতিয়াও ৰাতিৰ কাপােৰ। এটা উৎকট গােন্ধ তাৰ নাকত লাগিলহি... তাৰ পিন্ধি থকা টি চার্ট টোত এতিয়াও লাগি আছে শুকান কৰলা কৰল বমিৰ হালধীয়া দাগ । তাৰ মনত পৰিছে সংগমৰ মুহূর্তত সি বমি কৰিছিল তাইৰ শৰীৰত ... কিন্তু সিটো বমি কৰিম বুলি কৰা [ ৫৬ ] নাছিল মদৰ নিচাই মূৰত ধৰা বাবেহে।

 সেইকাৰণে আত্মহত্যা কৰিব চেষ্টা কৰিছিল নেকি বাৰু অমৃতাই? সদায় বমি নকৰে নহয় সি। এদিন বমি কৰোঁতেই

 ..এই মাইকী মানুহবােৰ যে। যত চব। একদম বেকাৰ। মৰিবলৈ ইচ্ছা কৰিব সৰু সৰু কথাত আৰু এনেই এনেই মতা মানুহক শাস্তি দি মাৰে।

 ভাস্কৰ পােন হৈ বহে ষ্টীলৰ চকীখনত।

 মুখত এটা অভিব্যক্তি ফুটি উঠে ..মই হত্যাকাৰী নহওঁ। এই আত্মহত্যাৰ বাবে মই দায়ী নহওঁ। মৃণালিনীৰ আত্মহত্যা নতুবা অমৃতাৰ আত্মহত্যাৰ অপচেষ্টা, এই দুয়ােতে মােৰ হাত নাই।

 অদিতি বহাৰ পৰা উঠি গৈ অলপ আঁতৰত গৈ নাৰ্ছগৰাকীৰ লগত সৰু সৰুকৈ কিবা কথা পাতিছে ...কি কথা পাতিছে বা?

 তাৰ মনত সন্দেহে উক দিছে। অদিতি অমৃতাৰ ভাল বান্ধৱী। ভাস্কৰৰ কথাই কিবা কিবি লগাই দিয়া যেন অনুভূত হৈছে তাৰ। প্রচণ্ড খং এটা উঠি আহিছে তাৰ মনত। ৰঙা হৈ উঠিছে চকুযুৰ৷ অদিতিৰ পিঠিলৈকে পৰা চুলিকোচাত ধৰি এতিয়াই যেন চোঁচৰাই পেলাব হস্পিটেলৰ পকা মজিয়াত। কথাষাৰ ভাবােতেই মুখৰ অভিব্যক্তি কঠোৰ হৈ আহিছে তাৰ...উপৰ দাঁত, তলৰ দাঁতৰ সৈতে লাগি সৃষ্টি হােৱা এটা কর্কশ কৰমৰণিৰ শব্দ তাৰ নিজৰ কাণত লাগিল। কোনােমতে নিজক সম্বৰন কৰিলে সি। অদিতিৰ ওপৰত হাত উঠাই নিজৰ বিপদ চপাই লােৱা নিচিনা কথা হব। তাতে বিপ্লৱৰ পত্নী তাই।

 আৰু বিপ্লৱ তাৰ অন্তৰংগ বন্ধু।

 অদিতি অমৃতাৰ দৰে নহয়। একদম বাঘিনীৰ দৰে চৰিত্ৰ। মাইকী মানুহৰ অন্য কোনাে চৰিত্ৰই নাই পুৰুষক নিজৰ শৰীৰ দি সন্তুষ্ট কৰাৰ বাদে .... তাতেই তুষ্ট হৈ আছে ইমান বছৰে বিপ্লৱে। বিপ্লৱৰ ঠাইত সি হােৱাহেঁতেন...... ইমান মূৰলৈ কেতিয়াও উঠিব নিদিলেহেঁতেন এইজনীক।

 প্রচণ্ড বিৰক্তিত ভ্রূ কোঁচ খাই আহিছে ভাস্কৰৰ।

 : মিষ্টাৰ দত্ত, প্লিজ কাম হিয়েৰ।

 নাৰ্ছগৰাকীয়ে ভাস্কৰক উদ্দেশ্যি মাতিলে৷

 আই চি ইউৰ মূল দুৱাৰখনৰ সামান্য উপৰভাগত থকা সৰু বর্গাকাৰ কাঁচৰ সিপাৰেদি দেখা গৈছে অজ্ঞান হৈ পৰি থকা অমৃতাক। বগা চাদৰখন বুকুলৈ ঢাকি থােৱা আছে। চেতনাহীন শৰীৰটোৰ

 সোঁৱে বােৱে কেবাটাও পাইপ। চেলাইন,ঔষধ, অক্সিজেন, লাইফ চাপাের্ট ...তাইৰ নিস্তেজ , চেঁচা শৰীৰ ঘেৰি লৈ ব্যস্ত ডাক্তৰ, নাৰ্ছ। ডাক্তৰ চেতন মিশ্ৰ কাষতে থিয় হৈ কিবা পৰীক্ষা কৰিছে । মূৰৰ শিতানত লাগি থকা স্ক্রীনত ওলাই আছে। অমৃতাৰ পালছ, ৰেচপিৰেচন।

 মেঘৰ দৰে কলা চুলিটাৰী দীঘলকৈ বেণী কৰি থােৱা।

 শেঁতা ওঁঠ.... শেঁতা মুখমণ্ডল।

 অলৰ অচৰ শৰীৰ...।

 শৰীৰটো জীৱিত যদিও বাহ্যিক জগতৰ সৈতে যেন তাইৰ এতিয়া কোনাে সম্পর্ক নাই।

 চেতনাহীন ইন্দ্ৰীয়। লাইফ চাপাের্ট মেচিনটোৰ সহায়ত বুকুখন ধিম গতিত উঠা নমা কৰিছে মাথাে। চকুদুটি সেমেকি আহিছে অদিতিৰ।

 অকণমান নিদ্ৰাৰ বাবে প্ৰতিৰাতি ক্ষণ,পল ,ঘণ্টা হিচাপ কৰি পাৰ কৰা অমৃতাজনী যেন গভীৰ নিদ্রাত গুচি গৈছে।

 দুচকু লােতকেৰে তিতি গৈছে অদিতিৰ।

 তাই নাজানে এয়া কেনেকৈ হ’ল, কি পৰিস্থিতিত হল ,কিন্তু এটা কথা জানে ইয়াৰ বাবে মাথাে ভাস্কৰেই দায়ী।

 নিজকে বিৰাত স্বার্থপৰ যেন অনুভূত হৈছে তাইৰ। ফলাক্ষী, প্রিশাহঁতে মাতি লৈ যােৱাত অলপ বেছিকৈয়ে ড্রিংকচ কৰিছিল তাই যােৱা ৰাতি মিষ্টাৰ মেহতাৰ পাৰ্টিত। নিচা মূৰত ধৰিছিল। পার্টিত অমৃতাৰ লগত কোন আছিল, কি হ’ল, কি নহ’ল তাই একো গমেই নাপালে। [ ৫৭ ]  তাই বুজিব লাগিছিল অমৃতাৰ যে তাইৰ বাহিৰে বন্ধুত্বৰ সম্পৰ্ক অইন কাৰো সৈতেই নাই।

 কেৰাহিকৈ জ্বলন্ত দুচকুৰে বহি উছপিচাই থকা ভাস্কৰলৈ চালে তাই এবাৰ।

 তাই অনুমান কৰিব পাৰিছে কিছু, ভাস্কৰৰ লেতেৰা উকট গােন্ধযুক্ত কাপােৰ কানিলৈ

 চাই... অমৃতাৰ তলৰ ওঁঠত কলা নীলা পৰা আঘাত চিহ্নটোলৈ চাই ... সম্ভবত ভাস্কৰৰ দাঁতৰ কামােৰত। পুলিচেও ঘূৰি ঘূৰি ভাস্কৰক সুধিছিল অমৃতাৰ কপালত,গালত লগা শেঁতা গুলপীয়া দাগবােৰৰ কাৰণ... ভাস্কৰে কাৰণ দর্শাইছে অমৃতাৰ নিচা বেছিকৈ উঠিছিল সম্ভৱত কৰবাত দুখ পালে।

 পুলিচেও চাগৈ কথাটো হজম কৰিব পৰা নাই... হজম কৰিব পৰা নাই অদিতিয়েও । হয়তাে পুলিচৰ সন্দেহৰ আওতাত আছে সি, কিন্তু ভাস্কৰক এৰেষ্ট কৰিবলৈ উপযুক্ত প্রমাণ এতিয়া নাই.....তাৰ বিপক্ষে অমৃতাই লিখি যােৱা নাই একোধৰণৰ চুইছাইড নােট। তাৰ উপৰিও অমৃতা ডিপ্ৰেছনৰ চিকাৰ বহু বছৰ আগৰেপৰাই... তাৰ সহজ প্রমাণ হল ডাক্তৰ তৃশা কুপ্পীকাৰৰ কেইবাখনাে প্ৰেছক্রিপচন, অ পি দি পেপাৰ ইত্যাদি। আৰু ডিপ্রেছনত ভােগা প্ৰায়ভাগ ৰােগীয়েই চুইছাইড কৰিব চেষ্টা কৰে ...সেয়া সকলােৱে জানে। গতিকে ভাস্কৰ দত্তক উপযুক্ত প্রমাণ নােহােৱাকৈ এৰেষ্ট কৰিবও নােৱাৰি...

 মনে মনে খঙত জ্বলি পকি উঠিছে অদিতিয়ে। অসহায় অনুভৱ কৰিছে। মনে প্রাণে মাথো প্রার্থনা কৰিছে ভগৱানক, “অমৃতাৰ জীৱন বচাই দিয়া প্রভু।”

 আকৌ ভাবিছে , বাছি থাকিও কি কৰিব অমৃতাই?

 বাছি থাকিলেও তাই পুনৰ ঘূৰি যাব লাগিব ভাস্কৰৰ ওচৰলৈ, একেই কষ্ট ,একেই অপমান অত্যাচাৰৰ মাজেৰে জীৱন যাপন কৰিবলৈ। ইমান বছৰে অত্যাচাৰ সহি মানসিক ভাৱে পঙ্গু হৈ পৰা অমৃতাৰ ভাস্কৰক এৰি অকলে জীৱন যাপন কৰিবলৈও সাহস নাই। কোনাে আত্মীয় স্বজন নাই।

 সেয়েটো এই অসহায়তা, জীৱনৰ কষ্ট , অপমানৰ পৰা মুক্তি বিচাৰি নিজৰ মৃত্যু কামনা কৰিছে অমৃতাই হয়তাে । কিন্তু ভগবানৰাে যেন সহ্য হােৱা নাই তাইৰ ইমান সহজ মুক্তি ... সেয়েতাে মৃত্যুপথলৈ যাত্ৰা কৰিও যাত্রা থমকি গৈছে ...জীৱন থমকি গৈছে , প্রাণ দুলি ৰৈছে জীৱন আৰু মৃত্যুৰ সন্ধিক্ষণত।

 শৰীৰ মৃতপ্রায় কিন্তু আত্মা নাচোৰ বান্দা। ইমান সহজে শৰীৰ নেৰে।

 ৰােমালখনেৰে ভিজি অহা দুচকুৰ পতা মুচিছে অদিতিয়ে, ম্লান হৈ পৰিছে ফলাক্ষীও।

 কেনেকৈ সহায় কৰিব তাই অমৃতাক?

 কেনেকৈ ন্যায় দিব তাই এই মানুহজনীক?

 অদিতিৰ হঠাতে মনলৈ আহিছে অনিৰুদ্ধ বৰুৱাৰ কথা .. অমৃতাক বিপ্লৱৰ পৰা গম পােৱা কথাষাৰ কম কম বুলিও কোৱা নহল তাইৰ। বিপ্লৱৰ পৰা গম পাইছে তাই অনুৰাগ বৰুৱাই বহুবছৰ আগতেই নিজৰ অস্ত্র সমর্পন কৰিছে পুলিচ, চৰকাৰৰ আগত। অমৃতাৰ বিশ্বাসৰ ওপৰত বিশ্বাস আৰু দৃঢ় হৈ উঠিছে তাইৰ।

 অনিৰুদ্ধ বৰুৱাই অনুৰাগ বৰুৱা ...।

 সিয়েই অনুৰাগ। অমৃতাৰ শৈশৱৰ অনুৰাগ।

 উফ।

 নানা ধৰণৰ চিন্তাই ঘূৰিব ধৰিছেহি তাইৰ মনত। হঠাতে তাইৰ মনলৈ এটা ভাৱ আহে।

 তাই কৰিদৰটোৰ একাষে গৈ মােবাইলটো উলিয়াই এটি বিশেষ নম্বৰলৈ ফোন লগালে। অনিৰুদ্ধ বৰুৱাৰ ফোন নম্বৰ।

 নাম্বাৰ ডায়েল কৰি অদিতিয়ে ভাৱে, ....ভগৱানৰনাে কি ক্ষতি হলহেঁতেন দুই প্রেমিক প্রেমিকাৰ মিলনত...? ইহঁতৰ মাজত এই ভাস্কৰ নামৰ পশুটো কেনেকৈ আহিব পালে?

 ......

 ৰৌদ্রোজ্জল আকাশ।

 মেৰিন ড্রাইভৰ ব্যস্ত ৰাজপথৰ বুকুত কেইবাখনাে সন্মুখৰ গাড়ীক অভাৰটেক কৰি একা বেকাকৈ গাড়ী চলাই নিছে ড্রাইভাৰ জনে। [ ৫৮ ]  শীত তাপ নিয়ন্ত্রিত মাৰ্চিডিজ খনৰ ভিতৰতাে ড্রাইভাৰ জনৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে। মালিকৰ মুখৰ অস্থিৰতা লক্ষ্য কৰি কপালৰ ঘাম মুচিবলৈও যেন ড্রাইভাৰ জনৰ সাহস হােৱা নাই। এই প্রথম বাৰ নিজৰ মালিকজনক ইমান বিচলিত ..ইমান অস্থিৰ হােৱা দেখিছে সি।

 সন্মুখৰ ট্ৰেফিক দেখি বেছিকৈয়ে অধৈৰ্য্য হৈ উঠিছে অনিৰুদ্ধ। বাৰে বাৰে সোঁহাতৰ মুঠিৰে নিজৰ বাওঁহাতৰ তলুৱাত প্রচণ্ড ঘোঁচা মাৰিছে সি। মাজে মাজে আকৌ অত্যন্ত খং আৰু বিৰক্তিত ঘােচা মাৰিছে নতুন মডেলৰ মাৰ্চিডিজ খনৰ দাশ্ববােৰ্ডত।

 সন্মুখত বহিছে অনিৰুদ্ধ।

 সদায় গাড়ীৰ পিছৰ ছিটত বহে সি, কিন্তু আজি তাৰ ব্যতিক্রম।

 পাছফালৰ ছিটত অকলে উদ্বিগ্ন হৈ বহি ৰৈছে শ্যামলী।

 : অভাৰটেক কৰা। অভাৰটেক কৰা।

 খৰকৈ উচ্চ স্বৰেৰে আদেশ দিছে সি ড্রাইভাৰ জনক। ড্রাইভাৰজন বিমূঢ় হৈ পৰিছে... সন্মুখত গাড়ীৰ লানি। কোনফালে অভাৰতেক কৰিব সি ভাৱি পােৱা নাই।

 শ্যামলীও বিমূঢ় হৈ পৰিছে। বিৰক্তও হৈছে তাই অনিৰুদ্ধৰ এই অস্থিৰ, অবুজন ৰূপ দেখি।

 : অনিৰুদ্ধদা ক’ৰপৰা কেনেকৈ অভাৰটেক কৰিব? উৰি গ’লেহে হ’ব এতিয়া ..।

 :......

 : শান্ত হােৱা। তুমি আগতে ধৈর্য্য ধৰা নিজে। তুমি যদি এনেকৈ অস্থিৰ হােৱা ....

 : মই কেনেকৈ অস্থিৰ নহম শ্যামলী ?

 : .....

 : কোৱা কেনেকৈ ?... মােৰ অমৃতাই কিয় এনেকুৱা কাম কৰিলে! কিয় ? মই বুজিব পৰা নাই।

 দুহাতেৰে নিজৰ মূৰটো তলমুৱা কৰি খামুচি ধৰি চকুহাল জোৰেৰে জপাই দিছে সি।

 অমৃতাই কিয় এনেকুৱা এটা কাম কৰিলে?

 দুচকু ভৰি আহিছে তাৰ। নিজৰ ওপৰতাে অত্যন্ত খং উঠিছে তাৰ। বুজিব পৰা নাই সি একো। অদিতিয়ে ফোনত মাথাে জনাইছিল শ্লিপিং টেবলেট অভাৰদজ হৈ অমৃতা আই চি ইউ’ ত এডমিত হৈ আছে।

 অমৃতা এতিয়া চেতনাহীন.. অজ্ঞান।

 দুচকুত অপাৰ বিস্ময় লৈ অনিৰুদ্ধলৈ চাই ৰৈছে শ্যামলীয়ে । তাইৰ কৰ্ণ কোঁহৰত বাৰে বাৰে প্রতিধ্বনিত হৈ অন্তৰত,.... সমগ্ৰ শৰীৰত বিষক্রিয়া কৰি উঠিছে অনিৰুদ্ধৰ কথাষাৰে।

 “মােৰ অমৃতা” “মােৰ অমৃতা”

 তাই বুজিব পৰা নাই ... অনিৰুদ্ধ ইমান অস্থিৰ হৈছে কিয় ?

 কেতিয়াৰ পৰা ভাস্কৰ দত্তৰ পত্নী অমৃতা... অনিৰুদ্ধৰ অমৃতা হল ??

 অইন কাৰােবাৰ পত্নীৰ প্রতি ইমান আসক্তি কেনেকৈ জন্মিল অনিৰুদ্ধৰ মনত ?

 ইমান গভীৰ সম্পর্ক অনিৰুদ্ধ আৰু অমৃতাৰ মাজত !!

 কেতিয়াৰপৰা??

 বহু প্রশ্ন একেলগে উভৰি উঠি আহিছে তাইৰ মনত, কিন্তু সুধিবলৈ সাহস হােৱা নাই তাইৰ। শ্যামলীৰ মনলৈ আহিছে যােৱা ৰাতি অনিৰুদ্ধই সজোৰে তাইৰ দুয়াে গালত বহুৱাই দিয়া প্রচণ্ড চৰটো।

 অপমানিত অনুভৱ কৰিছে তাই। যদিও ৰাতিয়ে অনিৰুদ্ধ ফ্লেটৰ পৰা ওলাই যােৱাত বিভ্রান্তৰ দৰে হৈ পৰিছিল তাই৷ বহুবাৰ ফোন কৰি নিজেই ক্ষমা খুজিছিল তাই, তেতিয়াহে ক্ষান্ত হৈ ফ্লেটলৈ উভতি আহিছিল অনিৰুদ্ধ।

 এটি স্বতঃস্ফূর্ত হুমুনিয়াহ ওলাই আহিল তাইৰ বুকুৰ গভীৰতাৰ পৰা।

 অনিৰুদ্ধৰ প্ৰেম নহলেও হব , কিন্তু তেওঁৰ ঘৃণা লৈও যে জীয়াই থাকিব নােৱাৰে তাই।

 ৰাতিপুৱা ব্রেকফাষ্ট টেবুলত দুয়াে যােৱাৰাতিৰ একো কথা আলােচনা নকৰাকৈয়ে নীৰৱ হৈ ৰৈছিল অত্যন্ত লজ্জিত [ ৫৯ ] অনুভৱ কৰি তলমূৰ কৰি খােৱাত মনােযােগ দিছিল তাই মাথোঁ।

 ঠিক তেতিয়াই অদিতিৰ ফোন কলটো আহিছিল।

 তাৰপিছৰ পৰাই অনিৰুদ্ধৰ এই অস্থিৰ ৰূপ।

০০ ০০ ০০

 একেথৰে অমৃতাৰ নিস্তেজ, অজ্ঞান মুখখনিলৈ চাই ৰল সি।

 অজ্ঞান নহয়, যেন অভিমানত মুখ ফুলাই টোপনি যােৱাৰ ভাও ধৰিছে তাই।

 অনুৰাগৰ প্রতি এবুকু অভিমানত।

 এতিয়াই যেন উঠি আহিব তাই। মুখত লাগি থাকিব চিৰপৰিচিত সেই ধুনীয়া হাঁহি.. আৰু কৈ উঠিব,

 “অনুৰাগ বহুত বেয়া পাইছাে তােক। হ’লেও ক্ষমা কৰিলাে বাৰু।”

 অমৃতাৰ মুখখনি এবাৰ চুই চাবলৈ সুতীব্র অনুভূতি জাগি উঠিছে তাৰ মনত .. চুলিটাৰীত মৰমেৰে হাত বুলাই দিবলৈ এটা প্রচণ্ড ইচ্ছা জাগি উঠিছে। কান্দোন এটাই বুকু ভাঙি ডিঙিয়েদি উজাই আহিব খুজিছে তাৰ...

 : অমৃতা, অমৃতা ... এয়া চোৱা মই আহিছো। মই। ...মই অনুৰাগ । তােৰ...তােৰ অনুৰাগ।

 গভীৰ প্রত্যয়েৰে চাই ৰল সি তাইৰ মুখখনিলৈ, বন্ধ চকুযুৰীলৈ।

 নাই ..দিয়া নাই তাই অকণাে সঁহাৰি, কঁপি উঠা নাই দুচকুৰ পতাও। গভীৰ নিদ্রাত আচ্ছন্ন সুকোমল মুখখনিলৈ চাই হুকহুকাই কান্দি উঠিল সি।

 : এবাৰ কথা পাত মােৰ লগত, মাত্র এবাৰ। প্লিজ অমৃতা। প্লিজ। এবাৰ মাতচোন মােক অনু বুলি।

 ভঙা, থুকাথুকি হৈ আহিছে তাৰ মাতষাৰ।

 মােৰ অমৃতা। মােৰ প্রাণ। মােৰ কলিজা।

 এটা মৃদু কঁপনি উঠিছে তাৰ শৰীৰত।

 কেনেকৈ? কিয় ? কিয় কৰিলি এই ভয়ানক কাম ?

 জীৱনক প্রচুৰভাৱে ভাল পােৱা তােৰ দৰে ছােৱালী এজনীয়ে নিজৰ জীৱন শেষ কৰিবলৈ উঠি পৰি কিয় লাগিলি? কিয় ?

 কৰ্মৰত নাৰ্ছৰ্গৰাকী উঠি আহিল। দুচকুত সহানুভূতিৰ দৃষ্টি।

 অনুৰাগে ৰুমালখনেৰে নিজৰ চকুহাল মুচি ললে। নাৰ্ছগৰাকী অহাৰ কাৰণ বুজি পাইছে সি।

 আই চি ইউ’ত পেছেন্টৰ ওচৰত বেছি সময় থকাৰ অনুমতি নাই।

 বিষন্ন, হতাশ মনেৰে সি ওলাই আহিব লৈও কিবা এটা মনত পৰি পুনৰ দুখােজ দি উভতি গ’ল অমৃতাৰ কাষলৈ।

 যন্ত্রনা কাতৰ দৃষ্টিৰে সি কিছুদেৰী চাই ৰল তাইৰ কপাল, ডিঙি, ওঁঠত লাগি থকা গভীৰ দাগবােৰলৈ। তাইৰ গাল, কপাল ,ওঁঠত লাগি থকা দাগবােৰে যেন কিবা কৈ উঠিছে অনুৰাগক অস্পষ্টকৈ।

 কি? কি কৈছে?

 আই চি ইউ’ ৰ মূল দুৱাৰখনৰ সোঁমাজৰ সৰু বর্গাকাৰ কাঁচৰ সিপাৰৰ পৰা অনিৰুদ্ধলৈ চাই ৰৈছে বিস্মিত দৃষ্টিৰে অদিতিয়ে ... দুচকুত আশ্চর্য লৈ চাই ৰৈছে শ্যামলীয়েও। অনিৰুদ্ধ বৰুৱা নামৰ মানুহজনৰ দুচকুত জিলিকি উঠা চকুপানী স্পষ্টকৈ প্রত্যক্ষ কৰিছে দুয়ােজনীয়ে।

 “বাহ্যিক ৰূপ সামান্য সলনি কৰিলেই মােৰ শৈশৱৰ বন্ধু অনুৰাগক চিনি নাপাম নেকি?”

 “অনুৰাগক চিনাত এই জনমত মােৰ কেতিয়াও ভুল হব নােৱাৰে।”

 অমৃতাই ডাঠি কোৱা কথাবােৰ অনুৰণিত হৈছে অদিতিৰ মনত। অমৃতাৰ দৃঢ় বিশ্বাসৰ ওপৰত বিশ্বাস আৰু গাঢ় হৈ উঠিছে অদিতিৰ...

 .. হয়, অনিৰুদ্ধ বৰুৱাই অনুৰাগ বৰুৱা।

 দুচকু সেমেকি উঠিছে তাইৰ। দুখৰ মাজতাে এক সুখৰ অনুভূতিয়ে চুই গৈছে তাইক। কিমান গভীৰ আৰু সত্য হব [ ৬০ ] অনুৰাগ আৰু অমৃতাৰ মাজৰ পৰস্পৰৰ প্রতি প্রেমানুভূতি!!

 অমৃতাই অকণমানো গম পাইছেনে বাৰু? অনুভৱ কৰিব পাৰিছেনে তাই, ..তাইৰ অনুৰাগৰ উপস্থিতি ?

 অদিতিয়ে মনে প্রাণে কামনা কৰিছে, “অনুৰাগৰ চকুলােৱে তিয়াই তােলক অমৃতাৰ হৃদয় ... জগাই তােলক নিদ্ৰাৰত অমৃতাক।”

 শ্যামলীৰ বাবে ৰহস্যবােৰ যেন আৰু অধিক ৰহস্যময় হৈ উঠিছে।

 কিমান গভীৰলৈ অনিৰুদ্ধ আৰু অমৃতাৰ এই অবৈধ সম্বন্ধ ? অদিতিয়ে চাগৈ জানে ..ভাস্কৰ দত্তই জানেনে এই সম্বন্ধৰ কথা?? আত্মহত্যাৰ অপচেষ্টা কিয় কৰিলে অমৃতাই? বিবাহিত হৈও অইন পুৰুষৰ সৈতে অবৈধ সম্বন্ধ ৰখা অমৃতাৰ দৰে স্বার্থপৰ মহিলাই নিজক হত্যা কৰিব খুজিবই বা কিয়?

 অদিতিক সুধিব নেকি? তাই নিশ্চয় জানে সকলাে কথা। নাই, নাই৷ তাই অনিৰুদ্ধৰ মুখেৰে শুনিবলৈ খােজে কথাবােৰ।

 অজ্ঞান, চেতনালুপ্ত মানুহজনীৰ মুখখনলৈ ঘৃণাৰ দৃষ্টিৰে চাব খুজিছে তাই। ... কিন্তু কিয় জানাে ঘৃণাৰ সলনি এক অদ্ভুত অনুভূতিয়েহে আৱৰি ধৰিছে তাইক.... অদ্ভুত মায়াময় মানুহজনীৰ মুখখনি।

 “সেইকাৰণেই চাগৈ এই মানুহজনীৰ জালত পৰিল মােৰ অনিৰুদ্ধ”

 মনতে ভাৱিলে শ্যামলীয়ে।

 লিফটৰ দুৱাৰ খুলি ওলাই আহিছে ভাস্কৰ। অদিতিক হস্পিটেলত কিছুসময় থাকিবলৈ অনুৰােধ কৰি ফ্লেটলৈ সি ঘূৰি গৈছিল। ফ্লেটত ঘূৰি গৈয়েই সি অকণাে জিৰনি নােলােৱাকৈ, ৰাতিৰ কাপােৰ কানি নােখােলাকৈয়ে বিচাৰি ফুৰিছিল...প্ৰতিটো ৰুম, টেবুল, দ্ৰয়াৰ, ৱাৰদ্ৰৱ সকলাে তন্ন তন্নকৈ বিচাৰি চলাথ কৰিছিল ... এঘন্টা ধৰি বিচাৰ খােচাৰ কৰাৰ পিছত আশ্বস্ত হৈছিল সি।

 তাক ফচাবলৈ চুইছাইড নােট লিখি থােৱা নাই অমৃতাই। অৱশ্যে তাৰ বিশ্বাস আছে অমৃতাৰ ওপৰত। তাইৰ তেনেকুৱা মানসিকতা নাই।

 তাৰপিছতেই খৰধৰকৈ ৱাশ্বৰুমত সােমাই ফ্রেছ হৈ কাপােৰ কানি সলাই পুনৰ ঘূৰি আহিল হস্পিটেললৈ। ক’বতাে নােৱাৰি। দেৰিকৈ আহিলেও অৱহেলা কৰা বুলি সন্দেহৰ দৃষ্টিৰে চাব সকলােৱে।

 অনিচ্ছা সত্ত্বেও এবাৰ অমৃতাক চাওঁ বুলি সােমাবলৈ লওঁতেই আই চি ইউ’ৰ দুৱাৰমুখত তাৰ মুখামুখি হল অনিৰুদ্ধ বৰুৱাৰ সৈতে।

 প্ৰথমতে দুচকুত বিস্ময় ...পিছমুহূর্ততে সেই বিস্ময় খঙত পৰিৱৰ্তিত হৈ পৰিল। এক ধৰণৰ আক্রুশত হিংস্ৰ হৈ উঠিল ভাস্কৰৰ ডাঙৰ চকুহাল।

 : মিষ্টাৰ বৰুৱা, আপুনি ইয়াত অহাৰ কাৰণ মই জানিব পাৰিমনে ?

 : নিশ্চয় পাৰিব ...আপােনাৰ পত্নী, মিছেছ অমৃতা দত্তক চাবলৈ আহিছোঁ। আৰু সদায় আহিম।

 কম বুলিয়েই ক’লে সি কথাষাৰ। কিয় জানাে ভাস্কৰ দত্ত নামৰ মানুহজনৰ প্রতি খং, বিতৃষ্ণ, সন্দেহ উথলি আহিছে অনিৰুদ্ধৰ মনত।

 আত্মহত্যাৰ অপচেষ্টা অমৃতাই নিশ্চয় এনেই কৰা নাই। ভাস্কৰ দত্তৰ বাহিৰে আৰু কিবা কাৰণ হব পাৰে নেকি?

 : মিষ্টাৰ বৰুৱা....

 অত্যন্ত খঙত গৰজি উঠিল ভাস্কৰ। খঙীয়াল মুখখন অতিশয় বিকৃত দেখা গৈছে।

 : এক্সকিউজ মি। প্লিজ মেইনটেইন চাইলেন্স।

 ৰুক্ষ সুৰত কৈ আই চি ইউ’ ৰ দুৱাৰমুখত থিয় হৈ থকা গার্ডজন ওলাই আহিল।

 ভাস্কৰে এপলক জুই বৰষা দৃষ্টি অনিৰুদ্ধ বৰুৱালৈ নিক্ষেপ কৰি ‘তােক চাই লম’ ভংগীত সােমাই গল ভিতৰলৈ।

(১৮)

অমৃতাই চাগৈ ঠিকেই কৈছিল ... । আপুনিয়েই অনুৰাগ বৰুৱা... নহয়নে বাৰু ? [ ৬১ ]  আই চি ইউ’ৰ কৰিডৰত অদিতিৰ নিম্ন স্বৰত পােনপটীয়াকৈ সােধা প্রশ্নত ক্ষন্তেকৰ বাবে নিশ্চুপ হৈ পৰিল অনিৰুদ্ধ বৰুৱা৷ নিজৰ দুই আঁঠুৰ ওপৰত হাতৰ কিলাকুটিৰে ভেঁজা দি মুখখন ঢাকি ধৰিলে সি দুয়ােহাতেৰে। বহু পৰ তেনেদৰেই বহি ৰ’ল সি।

 অদিতিয়ে লক্ষ্য কৰিলে, মানুহজনৰ নাক মুখ ৰঙা হৈ পৰিছে।

 কিছুক্ষণৰ পিছত নিজেই প্রকৃতিষ্ঠ হল সি।

 : অমৃতাৰ ভুল হ’ব নােৱাৰে। ময়েই...... ময়েই অনুৰাগ বৰুৱা।

 খুব লাহে লাহে স্বীকাৰােক্তি দিয়াৰ দৰে ভঙা ভঙা কণ্ঠৰে কৈ গল সি।

 : মই বিৰাট ডাঙৰ ভুল কৰিলাে মিছেছ শইকীয়া ...বিৰাট ডাঙৰ ভুল।

 কান্দোনৰ দৰে শুনা গৈছে তাৰ মাতষাৰ।

 অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলাটো ক্রমান্বয়ে গলি গলি নিঃশেষ হৈ পৰিছে... আৰু তাৰ ঠাইত অদিতিৰ সন্মুখত বহি ৰৈছে মাথাে অনুৰাগ বৰুৱা।

 : বিৰাট অন্যায় সহ্য কৰি আহিছে তাই গােটেই জীৱন।

 অদিতিৰাে চকুহাল সেমেকি আহিছে অজানিতে।

 অদিতিৰ কথা শুনি দুচকুত প্রশ্নবােধক চাৱনি লৈ চাই ৰৈছে অনুৰাগে তাইৰ সিক্ত চকুযুৰীলৈ।

 নিম্নস্বৰত অদিতিয়ে কৈ গৈছে ভাস্কৰৰ সৈতে অমৃতাৰ যন্ত্রণাক্লিষ্ট অধ্যায়বােৰ ...

 অদিতিয়ে কৈ গৈছে শাৰীৰিক অত্যাচাৰত যন্ত্রণাত নীলা হৈ পৰা অমৃতাৰ কথা, ডিপ্রেছনত ভুগি নিদ্রাহীন নিশাবােৰত ক্ষণ, পল গণি থকা অসহায় অমৃতাৰ কথা...ভাস্কৰৰ অত্যন্ত খঙাল ,অত্যাচাৰী স্বভাৱটোৰ আগত মৰহি পৰা ফুল এপাহিৰ দৰে হৈ উঠা মানুহ জনীৰ কথা, ভাস্কৰৰ তলত কটাবলৈ বাধ্য হােৱা পৰাধীন জীৱনটোৰ কথা..।

 অত্যন্ত অন্তর্মুখী স্বভাৱৰ অমৃতাই মাথাে দুখ সহ্য কৰিব জানে। কিন্তু অন্তৰৰ দুখ, খং, বেদনাৰ বৰ্হিপ্রকাশ ঘটাব নাজানে।

 কথাবােৰ কৈ যাওঁতে দুচকুৰ পতা সেমেকি উঠিছে অদিতিৰ ...।

 আৰু ক্ষণে ক্ষণে তলমূৰ কৰি ৰুমালেৰে চকু মােহাৰিছে সি.. হয়তাে কান্দিছে।

 :ইমান কষ্ট সহ্য কৰি আছিল মােৰ অমৃতাই!!

 ভাস্কৰ দত্তক মই...

 হঠাতে ডাঙৰ হৈ অহা তাৰ কম্পিত মাতষাৰ শুনি বাকী পেচেণ্ট’ৰ এটেনডেন্ট বােৰে কৌতুহলৰ দৃষ্টিৰে ঘূৰি ঘূৰি চাইছে। অদিতিয়ে নিজৰ তর্জনী আঙুলি ওঁঠত থৈ অনুৰাগক শান্ত হবলৈ ইংগিত দিছে৷

 অদিতিৰ মুখত দুখৰ মাজতাে বিয়পি উঠিছে সুখৰ ৰেখা।

 ‘আস্’ তুমি শুনিছানে অমৃতা ... ?? তুমি এতিয়াও অনুৰাগৰ অমৃতা। সময়ৰ সোঁতত...অতীতৰ বুকুত বিলীন হৈ যােৱা নাই তােমাৰ আৰু অনুৰাগৰ প্ৰেম৷ কিমান সত্য, কিমান সুন্দৰ এই প্রেম!!

 শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছে অদিতিৰ।

 বুকুৰ ভিতৰত দপদপকৈ জ্বলি উঠা জুইকুৰাৰ উত্তাপ দুচকুলৈ বিয়পি পৰিছে অনুৰাগৰ। খঙত, দুখত চটফটাই উঠিছে সি। কঠিন হৈ আহিছে হাতৰ মুঠি, ...মুখভঙ্গী।

 কিয়? কিয় ?

 কেনেকৈ সি ভাৱিব পাৰিলে যে অমৃতাৰ দৰে কোমল অন্তৰৰ ছােৱালী এজনীয়ে ভাস্কৰ দত্তৰ দৰে এজন ভােগসর্বস্ব মানুহৰ লগত সুখী হব পাৰিব বুলি?

 কিয় এবাৰাে তাৰ মনলৈ নাহিল, যে অমৃতা ভীষণ অসুখী হব পাৰে নিজৰ জীৱনত... তাইৰ শৈশৱৰ বন্ধু অনুৰাগৰ অবিহনে!!

 কিয়? কিয় ? [ ৬২ ]  হাজাৰ কিয়'ই জোৱাৰ তুলিছে অনুৰাগৰ অন্তৰত। উত্তৰবিহীন প্রশ্নবােৰৰ সন্মুখীন হৈ অনুতাপত দগ্ধ হৈ উঠিছে তাৰ সমগ্র।

 মনলৈ আহিছে শীতৰ সেই নিশাৰ স্মৃতি....তাৰ বুকুৰ উমত ৰক্তিম হৈ উঠা মুখখনি, তাইৰ দুচকুৰ নীৰৱ কাতৰ আহ্বান, সেই আকুল দৃষ্টি ...

 ভাঁহি আহিছে তাই কোৱা কথাবােৰ

 “মােক একো নালাগে অনুৰাগ। মােক মাথাে তােক লাগে।”

 আস্’

 নিজৰ সোঁহাতখনেৰে বুকুখনত হেঁচা মাৰি ধৰিলে সি। কিয় সি উপেক্ষা কৰিলে অমৃতাৰ সেই আকুল আহ্বান ? কিয় সি অমৃতা আৰু তাৰ মাজত থকা নিষ্পাপ মৰম, ভালপােৱাক ভাস্কৰৰ আভিজাত্যৰ আগত হীন বুলি ভাবি ল’লে??

 : মিষ্টাৰ বৰুৱা। ধৈর্য্য ধৰক।

 এগিলাচ ঠাণ্ডা পানী অনুৰাগলৈ আগবঢ়ালে অদিতিয়ে। ঠাণ্ডা পানীখিনি ঘুতঘুতকৈ গিলি থলে সি। কিজানিবা অনুতাপত বুকু দহি নিয়া সেই উত্তপ্ত অনুভূতিৰ পৰা অকণমান ৰক্ষা পায় সি !!

 : এতিয়া মােৰ মনলৈও যথেষ্ট সাহস আহিছে আপােনাক দেখি। এতিয়া আৰু অমৃতা অকলশৰীয়া নহয়।

 : ....

 : ভাস্কৰ দত্তক শাস্তি আপুনিয়েই দিয়াব লাগিব। মই সহায় কৰিম যিমান পাৰোঁ। এতিয়া অমৃতাৰ অনুৰাগ....

 কিবা কবলৈ লৈও ৰৈ গ’ল তাই।

 সন্মুখৰ দীঘল কৰিডৰটোৰ পৰা আগুৱাই আহি আছে শ্যামলী।

 অদিতিয়ে বুজি পাইছে, কিবা নিশ্চয় গভীৰ কাৰণ আছে, যাৰবাবে অনুৰাগ বৰুৱাৰ পৰিৱৰ্তন হৈছে অনিৰুদ্ধ বৰুৱালৈ। এইখন সমাজত এতিয়া তেওঁৰ পৰিচয় মাথাে অনিৰুদ্ধ বৰুৱা ৰূপেহে। গতিকে তাই সাৱধান হােৱা উচিত যাতে তাইৰ মুখেৰে এই কথা কেতিয়াও বাহিৰ নহয়।

 : অফিচৰ পৰা ফোন এটা আহিছিল ..

 : তুমি যােৱাগৈ শ্যামলী।

 শ্যামলীলৈ মূৰ তুলি নােচোৱাকৈয়ে ক’লে সি।

 : আৰু তুমি ??

 : মই ... মই ইয়াতেই থাকিম।

 : তুমি জানাে ইয়াত থাকি কষ্ট নাপাবা অনিৰুদ্ধ দা?

 : কষ্ট... ?? কষ্ট কিহৰ বাবে? তুমি যােৱাগৈ। মই ইয়াতে থাকিম।

 গম্ভীৰ স্বৰত কোৱা কথাষাৰ শুনি আৰু কথা আগবঢ়াবলৈ সাহস নহল শ্যামলীৰ।

 ভালকৈ বুজিব পৰা নাই শ্যামলীয়ে। গভীৰ ৰহস্যলৈ যেন সােমাই পৰিছে কথাবােৰ। অনিৰুদ্ধৰ অস্থিৰ, আকুল মনস্থিতি ধৰিব পাৰি তাই মনত জাগ্রত হােৱা প্ৰশ্নৰ বান এৰিবলৈ কুণ্ঠাবােধ কৰিছে।

 অনিৰুদ্ধই মন কৰা নাই কিন্তু অদিতিয়ে মন কৰিছে ... শ্যামলীৰ ধুনীয়া কজলা চকুযুৰীত দুটোপাল চকুলাে জ্বলমলাই উঠিছে ।

 ‘অকে দেন’ বুলি কৈ দীঘল দীঘল খােজ দি আঁতৰি গল দীর্ঘাঙ্গী ছােৱালীজনী। অদিতিয়ে চাই ৰল, শ্যামলী কৰিডৰটোৰ এটা চুকত নােহােৱা হৈ যােৱালৈকে।

 ভাস্কৰ দত্তই শাস্তি পােৱা উচিত। তেওঁ দোষী। তেওঁ শাস্তি নােপােৱালৈকে মই শান্তিত থাকিব নােৱাৰিম।

 হঠাতে কৈ উঠিল অনুৰাগে।

 : কিন্তু সেয়া সম্ভৱ হব যদিহে অমৃতা ঠিক হয়।

 তাই নিজেই পুলিচৰ আগত ষ্টেটমেন্ট দিব পাৰিব লাগিব । ভাস্কৰ দত্তক শাস্তি প্রদান কৰাবলৈ উপযুক্ত প্রমাণৰ [ ৬৩ ] অভাৱ। তাতেই আৰু বেছিকৈ সহজ হৈ পৰিছে ভাস্কৰৰ বাবে। কাৰণ আগৰেপৰাই ডিপ্রেছনত ভুগি থকা বুলি ডাক্তৰ তৃশা কুপ্পীকাৰৰ ওচৰত চিকিৎসাৰত হৈ আছিল তাই।

 অত্যন্ত মনােযােগেৰে কথাবােৰ শুনি কিছুদেৰী নিশ্ৰুপ হৈ ৰল অনুৰাগ ।

 অসহায় অনুভৱ কৰিছে সি।

 ভাস্কৰ দত্তৰ অধিকাৰ নাই অমৃতাৰ জীৱন কাঢ়ি লােৱাৰ... অমৃতাৰ আশে পাশেও এই দৈত্যৰ উপস্থিতি আৰু সহ্য কৰিব নােৱাৰে সি। কিবা কৰিব লাগিব সি।

 কিন্তু কি ? কেনেকৈ ?

 হঠাতে তাৰ কিবা এটা মনলৈ আহিল।

 অমৃতাই ষ্টেটমেন্ট দিব নােৱাৰিলেও একো নাই। তাইৰ শৰীৰত লগা দাগবােৰে ষ্টেটমেন্ট দিব।

 : মিছেছ শইকীয়া আপুনি অকণমান আহিব নেকি মােৰ লগত ?

 : চিঅৰ।

 বিনাপ্রশ্নই অদিতি বহাৰ পৰা উঠি আহিল।

 অনুৰাগ আৰু অদিতি দুয়াে ডাক্তৰ চেতন মিশ্রৰ কেবিন অভিমুখে খােজ আগবঢ়ালে।

 ভাস্কৰ দত্তই হুৰমুৰাই সােমাই আহোঁতেই হস্পিটেলৰ কৰিডৰত মুখামুখি হল অনিৰুদ্ধৰ সৈতে। কিছুপৰ দুয়াে দুয়ােলৈ জ্বলন্ত দৃষ্টিৰে চাই ৰ’ল।

 : আপুনি ইয়াত পুনৰ আহিছে ... কিয়? মােৰটো আপােনাৰ সৈতে বিশেষ সম্বন্ধ নাই। মােৰ পত্নীৰ লগত আপােনাৰ ইমান গভীৰ সম্বন্ধ কেনেকৈ হ’ল ?

 ভাস্কৰৰ ৰঙা চকুহালত জিলিকি উঠিছে জান্তৱ হিংস্রতা... ধাতৱ শিতলতা।

 নিচাগ্রস্ত জিভা।

 শীতল দৃষ্টিৰে কিছুদেৰী অনুৰাগে চাই ৰ’ল ভাস্কৰৰ মুখলৈ। আইন শৃংখলা নামৰ সকলাে কথা পাহৰি ভাস্কৰক উধাই মুধাই ঘুছিয়াবলৈ প্রচণ্ড ইচ্ছা এটা জাগি উঠিছে তাৰ মনত।

 আভিজাত্যৰে ভৰপূৰ অনিৰুদ্ধ বৰুৱাৰ কৃত্রিম পােছাক খুলি দলিয়াই উন্মুক্ত হ’ব খুজিছে অৰণ্যৰ অনুৰাগ ... বহুবছৰ আগতেই উগ্রপন্থী সংগঠনত যােগ দিয়া অনুৰাগৰ সেই জঘন্য ৰূপ। স্থিৰ দৃষ্টিৰে অনুৰাগে চাই ৰল ভাস্কৰ দত্তৰ কপালৰ মধ্যবিন্দুলৈ ... এইমুহূর্তত তাৰ খুব মনত পৰিছে অৰণ্যৰ সংগী তাৰ হাতৰ বন্দুকটোলৈ।

 : আপােনাৰ পত্নী ইয়াত জীৱন মৃত্যুৰ সন্ধিক্ষণত ... আৰু আপুনি মদ খাই আহিছে মিষ্টাৰ দত্ত?

 : ... মদ খােৱা নােখােৱাতাে মােৰ ইচ্ছাৰ কথা ।

 তাত আপােনাৰ মাত দিয়াৰ প্রয়ােজন নাই। মােক মাত্র কওক আপুনি ইয়াত কি কৰিছে??

 : কি কৰিছে মানে? আপুনি দেখা নাই নেকি? অমৃতাৰ শুশ্রূষা কৰিবলৈ আহিছোঁ। মই ইয়াতেই থাকিম। অমৃতাৰ শুশ্রূষা কৰিম। তাই জী উঠিব লাগিব। আৰু এই কাম কৰাত কোনােবাই যদি মােক বাধা দিয়ে মই তাক দূৰ কৰি দিবলৈ অকণাে কুণ্ঠাবােধ নকৰিম।

 কিছুদেৰী নিচাগ্রস্ত চকুহালেৰে চাই ৰ’ল সি অনিৰুদ্ধ বৰুৱাৰ স্থিৰ, দৃঢ় মুখখনলৈ।

 : শুশ্রূষা মাই ফুট। শুশ্রূষা কৰিবলৈ ডক্তৰ আৰু নাৰ্ছৰহে প্রয়ােজন..। আৰু কিবা লাগিলে মইতাে আছুৱেই।

 দোৰোল খােৱা জিভাৰে কৈ উঠিল সি।

 : দেখিছোঁ। বুজিছোঁ। কিমান কেয়াৰ লৈছে আপুনি নিজৰ পত্নীৰ।

 কঠিন হৈ আহিছে অনুৰাগৰ মুখভঙ্গী। তাৰ মন গৈছে ভাস্কৰক চোঁচৰাই গতিয়াই উলিয়াই দিবলৈ।

 ঠিক তেনেতে দুজন খাকী বর্ডিধাৰী পুলিচ সােমাই আহিল।

 : মিষ্টাৰ ভাস্কৰ দত্ত। আপুনি আহক আমাৰ লগত।

 হিন্দীতে অত্যন্ত কঠিন ভংগীত কৈ উঠিল অলপ শকত আৱত পুলিচ জন। [ ৬৪ ]  পুলিচ দেখি ভয়ত ঘামি উঠিল ভাস্কৰ। আকৌ কিয় বা মাতিছে ? তাৰ বিৰুদ্ধে কিবা প্রমাণ পােৱা নাইতাে?? চুইছাইড নােট লিখি থােৱা নাই অমৃতাই। কিন্তু প্রমাণ অইন কৰবাত এৰি গৈছে নেকি তাই?? এই... এই অনিৰুদ্ধ বৰুৱাৰ হাতত৷

 :কলৈ ?

 কম্পিত কণ্ঠৰে সেপ ঢুকি সুধিলে সি। তীক্ষ দৃষ্টিৰে চাই ৰল অনুৰাগে।

 : প্রশ্ন বেছি নুসুধিব। প্রশ্ন সােধা পুলিচৰ কাম। আপুনি যাওকচোন এওঁলােকৰ লগত ।

 ভাস্কৰ দত্তই এবাৰ অনিৰুদ্ধ বৰুৱালৈ, আনবাৰ পুলিচ দুজনৰ মুখলৈ সন্দেহৰ দৃষ্টিৰে চাইছে। অনিৰুদ্ধ বৰুৱাৰ গহীন মুখখনত যেন স্পষ্ট হৈ উঠিছে বিষাদ পূর্ণ কটাক্ষ ভৰা হাঁহি।

 কিবা যেন গভীৰ ষড়যন্ত্র কৰিছে অনিৰুদ্ধ বৰুৱাই।

 পুলিচ দুজনে ভাস্কৰক একো কথা কোৱাৰ অৱকাশ নিদিয়াকৈ অইন এটা কোঠালৈ লৈ গল । সেই কোঠাত ইতিমধ্যে ডক্তৰ চেতন মিশ্র, অদিতি শইকীয়া আৰু এগৰাকী নাৰ্ছ উপস্থিত আছিল।

 অমৃতাৰ স্বামী ভাস্কৰ দত্তক পুলিচে এৰেষ্ট কৰি লৈ গৈছিল।

 তেওঁৰ ওপৰত গুৰুতৰ আৰােপ দিয়া হৈছিল ... বহু বছৰ ধৰি নিজৰ পত্নীক শাৰীৰিক পীড়া আৰু মানসিক অত্যাচাৰ কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰােৱা, লগতে নিজৰ পত্নীক ধর্ষণ কৰা যাক কোৱা হয় “মেৰাইটেল ৰেপ”।

 অমৃতাই পুলিচৰ আগত ষ্টেটমেন্ট দিব নােৱাৰিলেও ভাস্কৰ দত্তৰ বিৰুদ্ধে সাক্ষ্য দিছিল অমৃতাৰ ঘনিষ্ঠ বান্ধৱী অদিতিয়ে।

 ডক্তৰ চেতন মিশ্ৰ আৰু ৰেছিডেন্ট ফিজিছিয়ান ডক্তৰ অবন্তিকাই দিয়া ফিজিকেল একজামিনেছন ৰিপাের্ট টোও এই ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ল।

 ফিজিকেল একজামিনেছনত ধৰা পৰা অমৃতাৰ শৰীৰৰ গােপন অংগবােৰত লগা অসংখ্য সৰু বৰ দাঁতৰ দাগবােৰ ভাস্কৰে দিয়া শাৰীৰিক অত্যাচাৰৰ স্বাক্ষৰ স্বৰূপ আছিল। খং, দুখ, যন্ত্রনাত অনুৰাগে সকলাে পাহৰি ভাস্কৰ দত্তৰ ডিঙিত খামুচি ৱালত ঠেকেচি ধৰি এখন হাতেৰে উপর্যপূৰি প্রচণ্ড ঘােচা মাৰিছিল নাকে মুখে । পুলিচ, সুৰক্ষা গার্ড, সকলাে মিলি কোনােমতে ভাস্কৰ দত্তক অনুৰাগৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

 অনুৰাগৰ সেই জ্বলন্ত ৰূপ দেখি নির্বাক হৈ পৰিছিল শ্যামলী আৰু অদিতি।

 ভাস্কৰ দত্ত এৰেষ্ট হােৱাৰ পিছত অনুৰাগে দিনে নিশাই হস্পিটেলত থাকি অমৃতাৰ লগত লাগি থাকিছিল । অমৃতাৰ সকলাে দায়িত্ব সি মূৰ পাতি লৈছিল। অমৃতা আৰু শ্যামলী ও অনুৰাগক পূর্ণ সহযােগ কৰিছিল।

 চেতনাহীন অমৃতাৰ চেঁচা হাত দুখন নিজৰ হাতৰ মুঠিৰ উমত আৱদ্ধ কৰি বহু সময় ধৰি কথা পাতে সি... ক্ষমা খােজে শৈশৱৰ স্মৃতি ৰােমন্থন কৰে।

 অনুৰাগে অকলে অকলে আত্মবিভােৰ হৈ কৈ যায় ... আধুনিকতাৰ প্ৰভাৱ ভালকৈ নপৰা এৰি অহা গাঁৱখনৰ কথা ..গাঁৱখনৰ পৰা দেখা পােৱা দূৰৈৰ সেউজীয়া পাহাৰ, পাহাৰৰ বুকুত ডুব যােৱা পশ্চিমৰ সােণােৱালী বেলি ,গাঁৱৰ সেউজীয়া পথাৰ, পথাৰৰ বােকা, বৰষুণ, শাওনত বাঢ়ি অহা মৰমৰ নদীখনৰ কথা, দীঘলীয়া উকি দি যােৱা ৰেলগাড়ীখনৰ পিছে পিছে দৌৰি যােৱা অতীতৰ সুমধুৰ স্মৃতি... শৈশৱৰ সেই খেল ধেমালি...সকলাে।

 মােহাচ্ছন্ন হৈ অদিতি আৰু শ্যামলী দুয়াে শুনি ৰয়, অপলক নেত্রে চাই ৰয়...অনুৰাগৰ গহীন মুখখনলৈ , গম্ভীৰ চকুহাললৈ।

 স্বপ্নাছন্ন হৈ নিজৰ নিজৰ কল্পনাৰ দৃষ্টিৰে দুয়ােজনীয়ে বিচৰণ কৰে অনুৰাগ আৰু অমৃতাৰ সেউজীয়া গাঁওখনত, সেই গাঁৱৰ বােকা, পথাৰ, গছ বিৰিখৰ লগত ... কল্পনাৰ নদীখন যেন দুচকুৰ আগত বৈ যায় নিৰৱচ্ছিন্নভাৱে . .আৰু কল্পনাতে দেখা পায় সেই নদীৰ গৰাত বহি থকা অকৃত্রিম এহাল কিশােৰ কিশােৰী... অনুৰাগ আৰু অমৃতা।

 জীৱনত যে পােৱাতকৈ নােপােৱাহে বেছি, অনুভৱ কৰে দুয়ােজনীয়ে।

 অনুভৱ কৰে অমৃতা আৰু অনুৰাগ যে সঁচাই ভাগ্যশালী ... কিমান জনৰ জীৱনত নাে প্রকৃত প্রেম আহে!! অমৃতা আৰু অনুৰাগৰ দৰে প্ৰকৃত গভীৰ প্ৰেমৰ অমিয় মৌ ৰস পান কৰা সৌভাগ্য কিমান জনৰ কপালতনাে থাকে ?? [ ৬৫ ]  নাই .. অন্তত অদিতিৰ নাই , শ্যামলিমাৰ নাই...।

 উৰন্ত সময় ... আৰু দুৰন্ত তাৰ গতি।

 আৰু তেনেকৈয়ে সময়ৰ গতিত ...প্ৰতিটো ক্ষণ, প্রতিটো পল, মুহূর্ত, পলকতে অতীতৰ বুকুত লীন হয় যায়।

 অমৃতা আই চি ইউ’ত এডমিট হােৱাৰ পিছৰপৰা এমাহ পূৰ হবলৈ মাজত আৰু দুটামান দিন বাকী মাত্র ।

 ঠিক সেই কেইটা দিনতে অনুৰাগ কাষত বহি থাকোতেই অমৃতাৰ দুচকুৰ পতা সঘনাই লৰি উঠিছিল, দুর্বল হাতৰ আঙুলিবােৰ লৰচৰ কৰিছিল, কঁপি উঠিছিল শেতা ওঁঠযুৰী ।

 অনুৰাগৰ যেন নিজৰ দুচকুৰ ওপৰতেই বিশ্বাস হােৱা নাছিল। লৱৰি গৈ সি মাতি আনিছিল কৰ্মৰত নাৰ্ছ, ডক্তৰসকলক।

 ডক্তৰে পৰীক্ষা কৰিছিল । ৰেছিডেন্ট লেডী ডঃ গৰাকীৰ মুখতাে বিয়পি উঠিছিল এটি আনন্দৰ হাঁহি। হয়... অমৃতা আৰু অজ্ঞান হৈ থকা নাই।

 আনন্দত উত্ৰাৱল হৈ উঠিছিল অনুৰাগ সৰু লৰাৰ দৰে।

 পেছেন্ট কেয়াৰ টিমটোৰ অহৰহ প্ৰচেষ্টাত অমৃতাই চেতনা ঘূৰাই পাইছিল যদিও শৰীৰ অত্যন্ত দুর্বল। মুখ ফুটাই একো কৈ উঠা নাই তাই ... কিন্তু দুচকুত বিষাদ স্পষ্ট।

 অত্যন্ত দুর্বল দৃষ্টিৰে তাই মাথাে আচৰিত হৈ চাই ৰৈছিল অনবৰতে তাইৰ আশে পাশে ঘূৰি তাইৰ লগত লাগি থকা অনুৰাগলৈ। সপােন সপােন যেন লাগিছিল তাইৰ সকলাে।

 সঁচাই অনুৰাগ নে?

 নিজকে দোষী দোষী অনুভৱ কৰিছিল তাই। অনুৰাগৰ ওচৰত লাজো লাগিছিল। অনুৰাগে হয়তাে তাইক এতিয়া পুতৌৰ দৃষ্টিৰে চাব।

 : মােক মৰিবলৈ এৰি নিদিলি কিয়?

 অস্পষ্ট ক্ষীণ কণ্ঠৰে আক্ষেপ কৰিছিল অমৃতাই।

 : লগতে মােকো মাৰি নিব পাৰিবিনে? যদি পাৰ তেতিয়াহলে মৰিবলৈ দিম। আমি দুয়াে একেলগে মৰিম। একেলগে মৰিলেহে একেলগে আকৌ জনম লম।

 :.....

 : অহা জনমত আৰু এই বাৰৰ দৰে ভুল নকৰাে মােৰ সােণ।”

 গভীৰ দৃষ্টিৰে তাইৰ দুচকুত নিজৰ চকু থৈ কৈছিল সি অত্যন্ত আৱেগেৰে। সজল দৃষ্টিৰে চাই ৰৈছিল তাই অনুৰাগৰ চকুহাললৈ। সেই চকুহালৰ পৰা নিগৰি অহা মৰমৰ উত্তাপ অনুভৱ কৰিছে তাই। অনুৰাগৰ দুচকুৰ সেই সুগভীৰ দৃষ্টি, গুৰুগম্ভীৰ আৱেগিক কণ্ঠস্বৰ, তাৰ দুহাতৰ মুঠিত আৱদ্ধ তাইৰ নিজৰ হাতখন.. সেই হাতখনেদি তাইৰ শৰীৰলৈ প্ৰৱেশ কৰা তাৰ কলিজাৰ উত্তাপে.. চুই গৈছিল তাইক।

 চুই গৈছিল তাইৰ অন্তৰাত্মা ।

 আৰু দুনাই অনুৰাগৰ আগত নিজৰ মৃত্যুইচ্ছাৰ কথা কবলৈ আৰু তাইৰ সাহস হােৱা নাছিল।

 অমৃতা ভালকৈ সুস্থ হৈ উঠাৰ পিছত তাইক ডীলাক্স কেবিন এটালৈ শ্বিফট কৰা হল। কেবিনলৈ শ্বিফট কৰাৰ দিনা অনুৰাগে হাঁহিমুখেৰে নিজহাতেৰে আই চি ইউ’ৰ সমূহ ষ্টাফক বিলালে কেইবাবিধাে মিঠাই। চকুৱে মুখে জিলিকি উঠিছে আনন্দৰ ৰেখা।

 অদিতি আৰু শ্যামলী, দুয়াে অপলক নেত্রে চাই ৰৈছে অনুৰাগলৈ। অনুৰাগৰ মনৰ স্ফূর্তি, উচ্চাহ বিয়পি পৰিছে সমগ্র মুখমণ্ডলত , ম্লান পৰি যােৱা মুখখন সতেজ হৈ পৰিছে আনন্দত।

 শ্যামলীয়ে মন কৰিছে এইকেইদিনত যথেষ্ট ক্ষিণাইছে অনুৰাগ। কিচকিচিয়া কলা কেঁকোৰা চুলিখিনিও বেছিকৈ অবিন্যস্ত হৈ পৰিছে ... অবিন্যস্ত দাড়ি।

 নহ’বনাে কিয় ?

 অদিতিয়ে দেখিছে, শ্যামলীয়ে দেখিছে, আই চি ইউ ৰ সমূহ নাৰ্ছ, ডক্তৰ, টেকনিছিয়ান, চিকিউৰীতি গার্ড সকলােৱেই [ ৬৬ ] দেখিছে কিদৰে অনুৰাগে দিনে নিশাই লাগি থাকি শুশ্রূষা কৰিছে অমৃতাৰ । এইকেইটা দিনত যেন অনুৰাগে নিজৰ বিষয়ে সম্পূর্ণ পাহৰিয়েই পেলাইছিল ।

 অমৃতা সুস্থ হৈ উঠা দেখি শ্যামলীও সমানে আনন্দ অনুভৱ কৰিছে। অনুৰাগৰ ম্লান হৈ পৰা দুচকু তিৰবিৰাই উঠিছে। সেই দুচকুৰ অপূর্ব উজ্জ্বলতা দেখি শ্যামলীয়ে মনত অনুভৱ কৰিছে অপাৰ আনন্দ। তাই বুজি উঠিছে নিজৰ প্রেমাস্পদৰ সুখত সুখ অনুভৱ কৰা...সেয়াই হয়তাে প্রেম।

 নিজৰ মনৰ বাসনা পূৰ কৰিবলৈ তাই ইচ্ছা কৰিও যে স্বার্থপৰ হ’ব নােৱাৰিলে।

 কাৰণ তাই জানে, তাইৰ হৃদয়, অন্তৰাত্মাই জানে, তাইৰ প্ৰেম সত্য...ঠিক যেনেকৈ সত্য এই পৃথিৱী, ইয়াৰ বায়ু, আকাশ, পানী, মাটি।

 প্রথম এসপ্তাহ তাই কান্দিছিল, খােৱা বােৱা বন্ধ কৰি দিছিল কথাবােৰ জানিব পাৰি। আচৰিত হৈছিল তাই, বিশ্বাস হােৱা নাছিল,...প্রচণ্ড অভিমান জাগি উঠিছিল, ... মনত প্রশ্ন উদয় হৈছিল, কেনেকৈ অনিৰুদ্ধ বৰুৱা, অনুৰাগ বৰুৱা হব পাৰে! !

 এসপ্তাহৰ মূৰত তাই নিজেই ৰব নােৱাৰি হস্পিটেলত পুনৰ উপস্থিত হৈছিল অনুৰাগৰ সন্মুখত। অনুৰাগৰ কষ্ট, দুখ, ম্লান অনুজ্জল মুখ দেখি হতভম্ব হৈ গৈছিল তাই৷

 অনুৰাগৰ কষ্ট দেখি বুকুখন মুচৰ খাই গৈছিল তাইৰ ... আৰু নিজে নিজেই বুজি উঠিছিল কিমান গভীৰ আৰু নিষ্পাপ অনুৰাগ আৰু অমৃতাৰ মাজৰ সম্বন্ধ।

 হৃদয়ৰ একোণত মিহি বিষ এটা এতিয়াও অনুভৱ কৰে তাই প্রায়ে।

 আৰু তেতিয়াই তাই নিজক বুজায়, তাই যাক ভাল পাইছিল সেয়া আছিল অনিৰুদ্ধ বৰুৱা, বিজিনেছমেন অনিৰুদ্ধ বৰুৱা।

 আৰু তাইৰ সন্মুখত এয়া অনিৰুদ্ধ বৰুৱা নহয়... মাথো অনুৰাগ বৰুৱা। আৰু এই অনুৰাগৰ মন, মগজু, হৃদয়ৰ ওপৰত অধিকাৰ মাথাে অমৃতাৰ ...।

 অমৃতা আৰু অনুৰাগৰ হৃদয় আৰু আত্মাৰ সেই পৱিত্ৰ বন্ধনৰ মাজত কোনাে অন্য নাৰীৰ বাবে অনুৰাগৰ অন্তৰলৈ প্রবেশদ্বাৰ নাই।

 সেয়ে অনুৰাগৰ অন্তৰত, তাৰ জীৱনত শ্যামলিমাৰ প্ৰৱেশ নিষিদ্ধ। সেয়া তাই বুজি উঠিছে... আৰু মানি লৈছে হৃদয়ৰ গভীৰৰ পৰা সেই সত্যক।

 “ইউ আৰ ভেৰি লাকি ইউ ন’। অনুৰাগে মাথাে তােমাক ভাল পায়। মাথাে তােমাক অমৃতা।

 কিমান মানুহৰ কপালত নাে সঁচা প্রেম আহে কোৱাচোন ? অনুৰাগ এণ্ড অমৃতা ..জাষ্ট মেদ ফৰ ইছ আদাৰ। এতিয়া তুমি জীৱন জিয়াবই লাগিব ... অনুৰাগৰ বাবে।”

 অদিতিয়ে ভেজিটেবল চুপ যতনাই দি অমৃতাৰ কাণে কাণে কৈছিল স্পষ্টকৈ।

 অদিতিৰ কথাত কোনাে ন যৌৱনা গাভৰুৰ দৰেই লাজত ৰক্তিম হৈ আহিছে তাইৰ দুয়াে গাল।

 তাই লুকাই লুকাই হেঁপাহ পলুৱাই চাব ধৰিছে ইটো সিটো কৰি ব্যস্ত হৈ থকা অনুৰাগলৈ।

 অমৃতাৰ দুচকুত জ্বলমলাই উঠিছে দুটোপাল চকুলাে। অনুৰাগ, অদিতি, শ্যামলীৰ আদৰ সাদৰত তাই অভিভূত হৈ পৰিছে। ধন্যবাদ দিবলৈও ধন্যবাদ যেন এটা তেনেই সৰু শব্দ।

 প্রথমবাৰ তাই অনুভৱ কৰিছে ইমান কেইটা বছৰৰ পিছত ..

 ... হয় তাইক ভাল পােৱা মানুহ এতিয়াও আছে এই পৃথিৱীত, যাৰ বাবে তাইৰ জীৱনটো মূল্যবান।

 নিজকে ভাস্কৰ দত্তৰ কবলৰ পৰা মুক্ত অনুভৱ কৰিছে তাই। তথাপিও মনত অহৰহ এটা ভয় লাগিয়েই আছে ..এই যেন ভাস্কৰ দত্ত এতিয়াই সােমাই আহিব আৰু .....অপদস্থ কৰিব তাইক..

 কথাষাৰ ভাবিলেই সর্ব শৰীৰ জিকাৰ খাই ঘামি উঠে তাইৰ।

 অনুৰাগৰ মৰম আৰু সাহসত, অদিতিৰ ধমকত লেডী পুলিচ গৰাকীৰ আগত ভয়ে ভয়ে অমৃতাই নিজৰ ষ্টেটমেন্ট [ ৬৭ ] দিছিল।

 ষ্টেটমেন্ট শুনি অবাক হৈ ৰৈছিল অনুৰাগ।

 অমৃতাৰ বুকুৱেদি নির্গত প্ৰতিটো শব্দত যেন মাথাে বেদনা নিগৰিছিল। কান্দোনমিশ্রিত শব্দবােৰত শব্দ নহয় নিগৰিছিল চকুলাে। এটা এটাকৈ কৈ গৈছিল তাই নিজৰ কলংকিত বৈবাহিক জীৱনৰ গােপনৰাে গােপন নিভৃততম পৃষ্ঠাবােৰ।

 ভীষণ যন্ত্রনাত ছাটিফুটি কৰি উঠিছে অনুৰাগৰ হৃদয়, মগজু...সমস্ত শৰীৰ। তেজৰ সোঁত দ্রুতৰ পৰা দ্রুততৰ হৈ উঠিছে যেন।

 অনুভৱ কৰিছে সি... নিজৰ শৰীৰৰ প্রতিটো অংগ, অস্থি , মজ্জা শিহৰিত হৈ উঠিছে তাৰ তাই ইমান বছৰে অনুভৱ কৰি অহা যন্ত্রণা ৰ কথা শুনি... শৰীৰৰ প্রতিটো কোষে কোষে অনুভৱ কৰিছে সি সীমাহীন অসহ্য বিষ।

 নিজৰ সোঁহাতখন মুঠি কৰি সজোৰে ঘুছিয়াইছে সি কেবিনৰ পকা ৱালত। অনুশােচনাত ভাঙি পৰিছে সি। তাৰ হাতৰ মুঠিৰ পৰা বৈ পৰা ৰঙা তেজ দেখি দৌৰি আহিছে শ্যামলী।

 : শান্তি হােৱা ....প্লিজ শান্ত হােৱা।

 শ্যামলীয়ে কটন অকণমান লৈ অত্যন্ত আৱেগেৰে মচি দিছে তেজ বিৰিঙি উঠা ঠাইডােখৰ। কান্দি উঠিছে অনুৰাগ। কান্দি উঠিছে শ্যামলীও।

 অবাক হৈ চাই ৰৈছে অমৃতাই অনুৰাগলৈ।

 অনুৰাগে আজিও ইমান ভাল পায় তাইক !!!

 অনুৰাগৰ ইমান মৰম ভালপােৱা বুকু পাতি, দুহাত মেলি আঁকোৱালি লােৱাৰ অধিকাৰ আছে জানাে তাইৰ !! কি পাব অনুৰাগে বিনিময়ত?

 মনত সুতীব্র অনুশােচনাৰ ভাৱ জাগি উঠিছে তাইৰ।

 তাইটো এপাহি সৰি পৰা মদাৰৰ ফুল..।

 ......সৌন্দর্য্য আছে, কিন্তু পবিত্র কর্মৰ বাবে অলাগতিয়াল, অপ্রয়ােজনীয়।

 ষষ্ঠ ইন্দ্রিয় যেন সজাগ হৈ উঠিছে ... চিঞৰি চিঞৰি যেন কৈ উঠিছে।

 “এই প্ৰেমৰ ফল মাথাে বিষাদ আৰু বিষাদ। সুখ বহু দূৰৈত”

 অনুৰাগক অকণমান মৰম কৰিবলৈ মন গৈছে। আলফুলে যেন বেজে লগাই দিব তাৰ হাতত, কিন্তু তাইৰ সাহস হােৱা নাই। মাথাে চাই ৰৈছে।

 সন্ধিয়া নামি আহিছে।

 কেবিনত নীৰৱে ৰৈছে অমৃতা, অনুৰাগ, আৰু শ্যামলী । অদিতি নিজৰ ঘৰলৈ গৈছে।

 তিনিওৰে মনত সংমিশ্ৰিত অনুভূতি....এফালে বিষাদ , আনফালে আনন্দ...

 ......মাথোঁ প্রেমৰ বাবে.... ৷

 মাথোঁ প্ৰেমৰ বাবে....

(১৯)

 অনুৰাগে মুগ্ধ দৃষ্টিৰে আঁৰ চকুৰে চাই ৰৈছে অমৃতালৈ।

 অমৃতাই এখন বার্গেন্দী ৰঙৰ একৰঙী প্লেইন শাৰী পিন্ধিছে, লগতে মেটছিং সােণালী ৰঙৰ ব্লাউজ। বার্গেন্দী ৰঙৰ আৱৰণত আবৃত হৈ বেছিকৈ মােহনীয় হৈ পৰিছে তাইৰ সােণ বৰণীয়া মুখখনৰ ৰং। ককাললৈ বৈ পৰা কৃশকেশ ঢিলাকৈ গুঠা এটি দীঘলীয়া পৰিপাটি বেণীত আৱদ্ধ। সোঁমাজৰ সেউতাত অকণমান সেন্দুৰ জিলিকি ৰৈছে। প্রসাধনবিহীন চিন্তাক্লিষ্ট মুখখনৰ উজ্জ্বলতা সামান্য কমি আহিলেও সৌন্দর্য্য অটুট।

 সেই মুখখনিত লাগি থকা সকলাে চিন্তা বিষাদৰ ৰেশ আজুৰি নাইকিয়া কৰিব পৰা হ’লে...!!

 পৃথিৱীৰ সমস্ত সুখ, আনন্দ ঢালি দিব পৰা হলে !!

 অমৃতাৰ পৰা দৃষ্টি আঁতৰাই সি গাড়ীৰ খিৰিকীৰে বাহিৰৰ সাগৰখনলৈ চাই ৰল। [ ৬৮ ]  সাগৰৰ বুকুত প্রচণ্ড জোঁৱাৰ উঠিছে।

 এই জোঁৱাৰ অনুৰাগৰ হৃদয়ত উঠা অনুভূতিৰ সুতীব্র জোঁৱাৰ টোৰ দৰেই।

 যিমানেই অমৃতাৰ দুচকুলৈ, তাইৰ মুখখনিলৈ চায় সিমানেই অনুভূতি বােৰ তােলপাৰ লগায়...।

 বাধা দিয়া কঠিন। অনুৰাগৰ চকুত পৰিল, মেৰিন ড্রাইভৰ পাৰত এখন বেঞ্চৰ ওপৰত যৌৱন উদ্দীপ্ত এহাল উন্মত্ত প্রেমিক প্রেমিকা ....

 ব্যস্ত চহৰখনৰ ব্যস্ত কোলাহলে চুই যাব পৰা নাই তাঁহাতক ... নিবিড় আলিংগনত আৱদ্ধ দুয়াে। মাজে মাজে সাগৰৰ জোঁৱাৰ ভাটাৰ পৰা উৎপন্ন উৰ্মিৰাশীয়ে তিয়াই গৈছে দুয়ােৰে সৰ্বশৰীৰ...।

 নাই, তাঁহাতে অকণাে আমনি পােৱা নাই... কালৈকো কেৰেপ কৰা নাই।

 দুয়াে দুয়ােৰে মাজত আৱদ্ধ মাথাে।

 এটি দীঘল হুমুনিয়াহ স্বতঃস্ফুর্ত ভাৱে নির্গত হল অনুৰাগৰ বুকুৰ গভীৰৰ পৰা।

 সিহঁতহাল সঁচাই সুখী... সঁচাই ভাগ্যৱান।

 মার্চিডিজখনৰ পিছৰ ছিটত অনুৰাগৰ লগত নীৰৱে বহি ৰৈছে অমৃতা.. তাইৰ দৃষ্টি নিবদ্ধ বাহিৰৰ ব্যস্ত ৰাজপথত। পৰুৱাৰ দৰে লানি নিছিগা গাড়ীৰ শাৰীৰ ওপৰত ।

 উগুল থুগুল মন।

 হস্পিটেলৰ সমস্ত দায়িত্ব বহন কৰিছে অনুৰাগে... এতিয়া আকৌ হস্পিটেলৰ পৰা ৰিলিজ হােৱাৰ পিছতাে অনুৰাগৰ ঘৰত থাকিবলৈ যােৱা কথাটোহে চিন্তাত পেলাইছে তাইক।

 তাই অনুৰাগৰ লগত যাব খােজা নাছিল। কিন্তু অনুৰাগ নাচোৰবান্দা। কোনােপধ্যেই সি মান্তি নহয় ভাস্কৰ দত্তৰ ঘৰত তাই ঘূৰি যােৱাটো।

 তাৰ মতে অমৃতা ভাস্কৰ দত্তৰ ঘৰত সুৰক্ষিত নহয়।

 ভাস্কৰ মানসিক ভাৱে যে এজন বিকাৰগ্রস্ত মানুহ সেয়া সকলােৱে বুজি উঠিছে।

 তেওঁ বেদনা দি সুখ পায়।

 আনক বেদনা দি, যন্ত্রণা দি, মানসিক আৰু শাৰীৰিক পীড়া দি তেওঁ অপৰিসীম সুখ অনুভৱ কৰে। যৌন সংগমৰ মুহূর্তত যিমানেই শাৰীৰিক পীড়া যৌন সংগীয়ে অনুভৱ কৰে সিমানেই যৌন সুখ লাভ কৰে তেওঁ।

 ই এক ধৰণৰ মনােৰােগ। যাক ইংৰাজীত “চেক্সুৱেল চেডিজম” বুলি কোৱা হয়।

 ডঃ তৃশা কুপ্পীকাৰৰ কথাত তাই আচৰিত হৈ গৈছিল। বিস্ময়ত চকুযুৰী বহল হৈ গৈছিল।

 সঁচাইতাে।।

 তেনে ক্ষেত্ৰত ভাস্কৰৰ ফ্লেটলৈ তাই যােৱাটো নিৰাপদ নহয়। মাথাে সেয়াই নহয়, ভাস্কৰৰ বিপক্ষে ষ্টেটমেন্ট দিয়াৰ পিছত সেইখন ঘৰলৈ তাইৰ নিজৰাে ঘূৰি যােৱাৰ সাহস হােৱা নাই।

 মুম্বাইত অমৃতাৰ অইন কোনাে সম্বন্ধীয় মানুহ বা কোনাে বন্ধু বান্ধবাে নাই। অদিতি আছে, কিন্তু তাইৰ লগত থকাটো সহজ নহয়... কাৰণ হল অদিতিৰ স্বামী বিপ্লৱ আৰু ভাস্কৰ দত্তৰ মাজত থকা ঘনিষ্ঠ বন্ধুত্ব।

 গতিকে অনুৰাগৰ বাহিৰে আৰু অইন গত্যন্তৰ নাই। অনুৰাগৰ লগত থাকিব যােৱাটোও তাে সহজ কথা নহয়...ভাস্কৰে বা কথাটো কেনেধৰণে লয়? ভাস্কৰৰ বন্ধুবৰ্গই কথাটো বেলেগ ধৰণে লব নেকি?

 দোধোৰ মােধােৰ হৈ থকা অমৃতাৰ একো হকা বাধালৈ গুৰুত্ব নিদি ৰিলিজৰ বাবে যাৱতীয় সকলাে কৰণীয় কৰি উঠি চিধাই অনুৰাগে তাইক লৈ আনিছে বান্দ্রাস্থিত তাৰ ফ্লেটটোৰ দিশে।

 সেমেকা বতৰ।

 অমৃতাই খিৰিকীৰে অকাশখনলৈ মূৰ তুলি চালে।

 কলীয়া ডাৱৰে আকাশ ছানি ধৰিছে।

 মাজে মাজে মেঘৰ গাজনি। [ ৬৯ ]  হয়তাে কিছু পৰৰ পিছত হুৰমুৰাই এজাক বৰষুণ নামি আহিব।

 : বৰষুণ অকলে চাবি নেকি?

 অনুৰাগৰ মাত শুনি নিজৰ ভাৱত বিভােৰ হৈ থকা অমৃতা থতমত খাই উঠিল । তাইৰ পিছফালে দুৱাৰমুখত অনুৰাগ থিয় দি আছিল।

 অনুৰাগৰ দুচকু তাইৰ ওপৰত নিৱদ্ধ।

 অমৃতাৰ দুচকুত ফুটি উঠিল সামান্য উচ্চাসবিহীন হাঁহি। বিষাদবােৰ যেন তাইৰ চৌপাশে ওলমি ওলমি ৰৈছে।

এই বিষাদ অকণাে সহ্য নহয় অনুৰাগৰ।

 :....অমৃতা, মই বুজি পাইছাে, তই মােৰ লগত এনেকৈ থাকিবলৈ বেয়া পাইছ।

 :......

নিৰুত্তৰ হৈ অইনফালে চাই ৰল অমৃতাই। কি কোৱা উচিত তাই ভাৱি পােৱা নাই।

 গােটেই জীৱন তাই অনুৰাগৰ লগতেই কটাম বুলি সপােন চাইছিল । কিন্তু অমৃতাৰ সেই সপােন আৰু নিষ্ঠুৰ দিঠকৰ মাজত এতিয়া হিমালয় পর্বতসম ওখ প্রাচীৰ.. সেই প্রাচীৰ সমাজে গঢ়ি দিয়া, সময়ে গঢ়ি দিয়া ।

 নৈতিকতাৰ এই প্রাচীৰ বগাই পাৰ হােৱাৰ সাহস তাইৰ নাই।

 : তই চিন্তা নকৰিবি। তই ইয়াতে নিৰাপদে থাকিব পাৰিবি। অকণমানাে সংকোচ নকৰিবি।

 মই কেইদিনমানৰ কাৰণে এনেও মুম্বাইৰ পৰা বাহিৰত যাম।

 : মুম্বাইৰ পৰা বাহিৰত ?? ক’লৈ ??

 : গাঁৱলৈ যাম।

 : গাঁৱলৈ ??

 প্রশ্নবােধক দৃষ্টিৰে তাই চাই ৰল অনুৰাগৰ মুখলৈ। অনুৰাগেও কিছুদেৰী চাই ৰল তাইৰ দুচকুলৈ...।

 : উম বহু বছৰ হল গাঁৱত নােযােৱা।

 কেতিয়াবা খুব মনত পৰে গাঁৱলৈ... গাঁৱৰ সেই সেউজীয়া পৰিৱেশ, নির্মল আকাশ,বতাহ, আমাৰ মৰমৰ নদীখন....আমাৰ শৈশৱ ...তােৰ বাৰু মনত পৰেনে?

 এটি সেমেকা হাঁহি বাগৰি পৰিছে তাইৰ ওঁঠত।

 অনুৰাগে মাথাে মনত পৰাৰ কথা সুধিছে, তাইতাে গাঁৱৰ শৈশৱৰ স্মৃতিতেই অতদিনে জী আছে। তাইৰ শৰীৰ যতেই নাথাকক ....তাইৰ প্রাণ, তাইৰ আত্মা, তাইৰ মন, কল্পনা সকলাে সেই গাঁৱৰ স্মৃতিতেই নিহিত হৈ আছে প্রতিদিন, প্রতিপল।

 : তই চিন্তা নকৰিবি। মাজে মাজে শ্যামলীও আহি থাকিব। আদিতিকো মাতি ল’ব পাৰিবি।

 তলমূৰ কৰি ৰৈছে অমৃতা।

 দুচকু ভৰি আহিছে তাইৰ... চকুপানীবােৰ এই সৰাে এই সৰাে কৈ ওলমি ৰৈছে তাইৰ দুচকুত।

 দুখ লাগিছে তাইৰ ... নিজকে অপৰাধী যেন অনুভৱ হৈছে।

 তাই জানে অনুৰাগৰ একো বিশেষ কাম নাই গাঁৱত, কিন্তু মাত্র তাইৰ বাবে অনুৰাগে মুম্বাই এৰি যাব...কাৰণ তাই মুখ ফুটাই নকলেও সি বুজি পাইছে হয়তাে যে তাইৰ আশে পাশে অনুৰাগ থকাটো নিবিচাৰে তাই।

 তাইৰ চিন্তাত যতি পেলাই মােবাইলটো সজোৰে বাজি উঠিল। চকুলােৰে ভৰি অহা দুচকুৰ আগত অস্পষ্ট হৈ পৰিছে মােবাইলৰ নীলা স্ক্রীন। অদিতি।

 তই কথা পাতি ল অদিতিৰ লগত।

 বুলি কৈ অনুৰাগ ওলাই গ’ল ৰুমৰ পৰা।

 তাই কিছুদেৰী মােবাইলটোলৈ চাই ৰ’ল কিন্তু ক’লটো ৰিছিভ নকৰিলে।

 তাই জানে অদিতিয়ে আকৌ একেটা কথাকেই ক’ব। অদিতিয়ে যিমান সােনকালে পাৰে অমৃতাই ডিভর্চ ফাইল [ ৭০ ] কৰাটো বিচাৰিছে।

 ডিভর্চ....

 পিছদিনাই, বিয়লি চাৰি বজাত অনুৰাগৰ ফ্লাইট ... মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী।

 যােৱাৰ আগত দঢ়াই দঢ়াই তাইক আৰু ফোনতে শ্যামলীকো আমনি লাগি যােৱাকৈ সি বুজাইছে দৰৱ খােৱাৰ নিয়ম।

 বন কৰা লৰাজনকো ভালকৈ বুজাইছে তাইৰ বাবে কি বনাব লাগে, নালাগে ইত্যাদি ইত্যাদি।

 “ফোন কিন্তু ৰিছিভ নকৰিলে মই একেদিনাই মুম্বাই পামহি। এই কথা মনত ৰাখিবি।”

 তাইৰ সজল চকুযুৰীত চকু থৈ যােৱাৰ পৰত অনুৰাগে কথাষাৰ কলে তাইক।

 অমৃতাই একো কব পৰা নাই মুখ ফুটাই। কণ্ঠৰুদ্ধ হৈ পৰিছে তাইৰ।

 “ভালকৈ যাবি”

 কব খুজিও কব পৰা নাই তাই।

 আৱেগবােৰ অন্তৰত তােলপাৰ লগাইছেহি, যদিও তাৰ বহিঃ প্রকাশ ঘটা নাই শব্দ হৈ... মাথাে চকুলাে হৈ সৰিব ধৰিছে।

 অনুৰাগে বুজি পায় এই সজল দুচকুৰ... মৌন ওঁঠ, আৰু চকুলােৰ ভাষা।

 সি কাষলৈ আহি নিজৰ ৰুমালখনেৰে মচি দিলে তাইৰ সিক্ত চকুযুৰী... সিক্ত দুগাল।

 অনুৰাগৰ চকুহালাে সেমেকি আহিছিল।

 “কিবা কথাত অসুবিধা পালে মােক লগে লগে ফোন কৰিবি । অদিতিয়ে কোৱা কথাষাৰাে ভালকৈ ভাৱি চাবি।”

 ওলাই যাব লৈও পুনৰ ঘূৰি আহি কৈছিল সি।

 তলমূৰ কৰি ঠাইতে থিয় হৈ ৰৈছিল অমৃতা। তাই বুজি পাইছে, অনুৰাগেও বিচাৰে তাই অতি সােনকালে ভাস্কৰৰ পৰা মুক্তি পােৱাটো।

 তাই নিজেওতাে তাকেই বিচাৰে ... মুক্তি...।

 কিন্তু তথাপিও যে তাইৰ সাহস হােৱা নাই।

 “ভাৱিম”

 অস্পষ্ট থুকা থুকি কণ্ঠৰে কোনােমতে কৈছিল তাই। অনুৰাগ ঘৰৰ পৰা ওলাই যােৱাৰ পিছত দুৱাৰ বন্ধ কৰি বিছনাত মুখ উবুৰি কান্দিছিল তাই।

 ইমান দুখ কিয় লাগিছে বাৰু?

 অনুৰাগৰ পৰা নিজক আঁতৰাই ৰাখিব বিচৰাটো তাইৰেইটো নিজৰ সিদ্ধান্ত আছিল।

 বুকুখনত ... অনুৰাগবিহীন ঘৰখনত, সর্বস্বতে যেন বিষাদ আৰু শূন্যতা ওলমি ওলমি ৰৈছে।

 সন্ধিয়া সাত বজাত শ্যামলী আহিল।

 : অনুৰাগ দাই ফোন কৰিছে নেকি??

 : নাই কৰা।

 শ্যামলীয়ে কান্ধৰ বেগটো টেবুলখনত নমাই থৈ ক্লান্ত শৰীৰটো ধুপুছ কৈ চোফাখনত এৰি দিলে।

 মুখখন সেমেকি আহিছে তাইৰাে।

 অমৃতাই নিজেই কীটচেনত গৈ তাইৰ বাবে একাপ কফি বনালে। কফিকাপ তাই শ্যামলিমাৰ হাতত তুলি দিলে।

 : ঠেং৷

 : ... বেয়া খবৰ এটা আছে অমৃতা বা। ভাস্কৰ দত্তই আজি বেইল পাইছে।

 কফিকাপত দীঘলীয়া সোঁহা কেইটামান দি হঠাতে কৈ উঠিল তাই।

 শৰীৰটো জিকাৰ খাই উঠিল অমৃতাৰ।

 : একো নহয় অমৃতা বা। আপুনি ভয় কৰিব নালাগে। আমি আছোঁ। অনুৰাগ দা থাকোতে কিহৰ ভয় আপােনাৰ? [ ৭১ ]  অমৃতাই জানে তাইৰ লগত অনুৰাগ আছে, অদিতি, শ্যামলী সকলাে আছে।

 তথাপিও আশংকাত ঘামি উঠিব ধৰিছে তাইৰ সৰ্বশৰীৰ। ভাস্কৰ চাগৈ ফ্লেটলৈ গৈছে। তাইক নাপায় খঙত পাগল হৈ পৰিব সি। ঘৰৰ বস্তু ভাঙি ছিঙি চুৰমাৰ কৰি দিব সি।

 আৰু যদি সি গম পায় তাই ইয়াত... অনুৰাগৰ ফ্লেটত আছেহি... তেতিয়া ??

 ভাস্কৰ অত্যন্ত প্রতিশােধ কামী মনৰ মানুহ।

 সি জানাে তাইক, নতুবা অনুৰাগক সহজে এৰিব ??

 তাইৰ বাবে ... মাথাে তাইৰ বাবে যদি অনুৰাগৰ ওপৰত এটা আঁচোৰাে পৰে, তাই জানাে সহিব পাৰিব এই কথা ?

 আতংকিত তাইৰ মুখখন, চকুহাল হয়তাে শ্যামলীৰ চকুত পৰিল।

 : বেছি চিন্তা নকৰিব অমৃতা বা। আমি আছােটো। মাথাে আপুনি ডিভর্চ ফাইল কৰক।

 : ......

 : অনুৰাগ দাক ফোন লগাইছো, নত ৰিছেবল হৈ আছে। ভাস্কৰৰ বেইল পােৱাৰ কথা অনুৰাগ দাক জনােৱাটো উচিত। ৰব। মই অকণমান ফ্রেছ হৈ আহাে।

 কৈয়েই শ্যামলী সােমাই গল ভিতৰলৈ।

 চিটিং ৰুমত ঠাইতে জঠৰ হৈ থিয় হৈ ৰল অমৃতা।

 অনুৰাগক ফোন কৰিব লাগিব । তাক জনাব লাগিব কথাষাৰ।

 অদিতিকো জনাব লাগিব।

 খপজপকৈ তাই মােবাইলতাে হাতত তুলি ল’লে। অনুৰাগৰ নাম্বাৰ ডায়েল কৰিব খােজোঁতেই হঠাৎ মােবাইল তাে বাজি উঠিল।

 এটা অচিনাকি নম্বৰ।

 তাই ৰিছিভ কৰি কিবা কবলৈ নৌপাওঁতেই এটা কর্কশ কণ্ঠস্বৰে তাইৰ কৰ্ণকোঁহৰত চুৰীৰ দৰে আঘাত কৰিলেহি।

 : বেশ্যা। চুইছাইড কৰাৰ নাটক কৰি নিজৰ হাজবেণ্ডক জেইলত পঠিয়াই পুৰণি প্রেমিকৰ লগত কিহৰ খেল খেলিছ ? এনেয়েতাে মহা সতী সাৱিত্ৰী। তােক চাই লম। আৰু তােৰ সেই ভিকহু প্রেমিক?? ভাস্কৰ দত্তৰ লগত সমানে টক্কৰ মাৰিবলৈ কাক লুট পাট কৰি ইমান ওপৰলৈ উঠিল সি? চালা অনিৰুদ্ধ বৰুৱা হৈ সকলােকে ঠগি আছে ..মুখ খুলি দিম তাৰ। কৈ দে তাক ডেডবডী হবলৈ আৰু তাৰ বেছি সময় নাই।

 মােক... ভাস্কৰ দত্তক সি চিনি পােৱা নাই।

 হা হা হা। কত আছ ক ? এতিয়াই ক।

 ভাস্কৰ দত্তৰ নিষ্ঠুৰ কর্কশ কণ্ঠ তাইৰ মূৰৰ চৌপাশে ঘূৰিব ধৰিছে।

 “আস্”

(২০)

 খঙত বলিয়াৰ দৰে হৈ পৰিছে ভাস্কৰ।

 চেদেলি ভেদেলি হৈ পৰি থকা ৰূমটোৰ বস্তু বাহানিবােৰ দেখি তাৰ খং দুগুণে চৰিছে। বাৰে বাৰে সি ডায়েল কৰিছে অমৃতাৰ নাম্বাৰ।

 ...... নাই, তাই উঠোৱা নাই। জাউৰীয়ে জাউৰীয়ে অশ্লীল শব্দৰ বৰ্ষণ কৰি অমৃতালৈ মেছেজ পঠিয়াইছে সি। তাই মেছেজৰাে ৰিপ্লাই দিয়া নাই।

 খঙত, অপমানত দগ্ধ হৈ পৰিছে সি।

 দাঁত কৰছি ধৰিছে সি নিজৰ....

 অমৃতাই ফোন ৰিছিভ কৰিলেই অশ্লীল গালিৰে তাইক থকাসৰকা কৰিবলৈ লকলকাই উঠিছে তাৰ নিচাগ্রস্ত জিভা। এমাহতে ইমান সাংঘাতিক পৰিবৰ্তন অমৃতাৰ !! [ ৭২ ]  ভাস্কৰ দত্তক উপেক্ষা কৰিছে।

 তাৰ বিপৰীতে পুলিচৰ আগত ষ্টেটমেন্ট দিব পাৰিছে! যােৱা পােন্ধৰটা বছৰত সি কেতিয়াও অমৃতাৰ দুচকুত কোনাে অন্য পুৰুষৰ প্রতি সামান্যতম আকর্ষণ, নতুবা আগ্রহ দেখি পােৱা নাছিল।

 এই অনিৰুদ্ধ বৰুৱা অহাৰ পিছৰ পৰাহে.....

 অনিৰুদ্ধ বৰুৱাৰ গম্ভীৰ সুন্দৰ মুখাবয়ব মনলৈ অহাৰ লগে লগে ৰঙা হৈ উঠিছে ভাস্কৰৰ চকু, মুখ..ঈর্ষাত দপদপকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাত জ্বলিব ধৰিছে সি নিজেই...।

 এই অনিৰুদ্ধ বৰুৱাই ভাস্কৰ দত্তক জেইলৰ মুখ দেখুৱালে ... ছাচপেঞ্চন হল, সকলােৰে সন্মুখত তাক মাৰ পিত কৰিলে, তাৰ পত্নীক তাৰেই বিপৰীতে পুলিচৰ আগত ষ্টেটমেন্ট দিয়ালে...আৰু, আৰু এতিয়া তাৰ মৰমৰ পত্নী অমৃতাক লৈ সি উধাও হল।

 বিপ্লৱে নােকোৱা হলে সি কেতিয়াও সত্য ধৰিবই নােৱাৰিলেহেঁতেন।

 বিপ্লৱেই কৈছিল তাক, অনিৰুদ্ধ বৰুৱা আৰু এসময়ত সন্ত্রাসবাদত যােগ দিয়া অনুৰাগ বৰুৱা একেজন ব্যক্তি... বিপ্লৱে অদিতিৰ অমৃতাৰ সৈতে ফোনত হােৱা কথাবতৰা নিজ কাণেৰে শুনিছে।

 ভীষণ আচৰিত হৈছিল সি।

 অনুৰাগ... অনিৰুদ্ধ বৰুৱা !!

 ইমান সহজে কেনেকৈ ওলাই আহিল অনুৰাগ? অৰণ্যৰ পথত খােজ দিয়া মানুহ সাধাৰণতে সমাজৰ মূল সূঁতিলৈ ঘূৰি অহা খুব কম। নিজৰ সতীর্থ নতুবা কেম্পৰ লিডাৰৰ বন্দুকৰ গুলিৰ আগতেই মৃত্যুদণ্ড দিয়া হয় বিশ্বাসঘাটকক।

 তাকো জীৱন্তে পালে কুকুৰৰ দৰে মৃত্যুদণ্ড।

 তেনেস্থলত??

 অনুৰাগ বৰুৱা অকল ঘূৰি অহাই নহয়, ইমান এজন সফল বিজিনেছমেন কেনেকৈ হৈ উঠিল সি?

 ...অনিৰুদ্ধ বৰুৱা... ইয়েছ, ইয়েছ, অনিৰুদ্ধ বৰুৱা হৈ নিজৰ গেট আপ সলনি কৰি সকলােৰে চকুত ধূলি দিছে সি। ভাস্কৰৰ নিচাসক্ত মগজুলৈ ভাহি আহিছে পােন্ধৰ বছৰৰ আগৰ শীতৰ এটি চেঁচা নিশাৰ দৃশ্যপট...চাঙৰ টঙিঘৰত জাৰত শেঁতা পৰি যােৱা অমৃতা আৰু তাইৰ লগত থকা সেই ক্ষীণ, ওখ লৰাটো, তাৰ মূৰৰ কেঁকোৰা চুলি, সেই লৰাটোৰ উজ্জ্বল দুচকুত স্পষ্ট হৈ ধৰা দিয়া বিষাদ ....

 বাৰে বাৰে পােন্ধৰ বছৰ আগত মাত্ৰ এবাৰ দেখা সেই লৰাটোৰ চেহেৰা হুবহু মিলি গৈছে অনিৰুদ্ধ বৰুৱাৰ লগত।

 পুনৰ কাঁচৰ গ্লাছ ভৰি অহাকৈ ৰঙীন পানীয় ঢালি পৰম আক্রুশত আটাইখিনি ঘােটঘােটকৈ গিলি থলে সি। ডায়েল কৰিলে সি অমৃতাৰ নাম্বাৰ।

 : দেম ইট। দেম ইট।

 একো প্রত্যুত্তৰ নাপাই মােবাইলতাে ৱাললৈ সজোৰে দলি মাৰি পঠিয়ালে সি।

 কিবা এটা কৰিবই লাগিব।

 এনেকৈ হাৰ মানিব নােৱাৰে সি।

 “আস্”

 এতিয়া অমৃতা থকা হলে। কোনাে প্রতিবাদ নকৰাকৈ তাৰ জোতাযােৰ খুলি দিলেহেঁতেন, সন্মুখত যাচি দিলেহেঁতেন তাৰ বাবে সুস্বাদু নৈশ আহাৰ, মদ... তাৰপিছত, মখমলৰ কোমল বিছনাত সি তাইক সজোৰে সাৱটি ধৰিলেহেঁতেন, তাইৰ কোমল ৰক্তিম ওঠযুৰী... তাইৰ শৰীৰটো তেজ বিৰিঙি উঠি যােৱাকৈ সি কামুৰিলেহেঁতেন....

 পানী নাপালে চটফটাই উঠা মাছৰ দৰে বিষত, যন্ত্রনাত তাই ছাটিফুটি কৰিলেহেঁতেন...এটা চেপা ক্রন্দন বিয়পি পৰিলেহেঁতেন গােটেই ঘৰটোত..

 আৰু... আৰু সি পৰম ইন্দ্রীয় সুখত তাইৰ শৰীৰৰ মৌ পান কৰিলেহেঁতেন।

 “আস” ক’ত আছা তুমি অমৃতা? ক’ত? [ ৭৩ ]  ৰক্তিম হৈ আহিছে ভাস্কৰৰ মুখমণ্ডল.....

 ইন্দ্রীয় সুখ পাবৰ বাবে চটফটাই উঠিছে তাৰ ভিতৰৰ কামুক পুৰুষজন...।

 পৰি যােৱা মােবাইলটো উঠাই লৈ ঠিক কৰি সি মিছেছ শৰ্মাৰ নাম্বাৰ ডায়েল কৰিলে।

 বহুবাৰ ৰিং হােৱাৰ পিছত কল ৰিছিভ নােহােৱাত বিৰক্ত হৈ পুনৰ মােবাইলটো দলিয়াই পঠিয়ালে সি।

 “ব্লাদী বিটছ, স্বার্থপৰ সকলাে।”

 নিজৰ মুখৰ ভিতৰতে ভােৰৰােই উঠিল সি।

 “অনুৰাগ বৰুৱা’’

 গর্জন কৰি উঠিল ভাস্কৰে। উত্তেজিত হৈ উঠিছে সি... হাতৰ খামুছত থকা কাঁচৰ গ্লাছটো মৰমৰাই ভাঙি পৰিব ধৰিছে।

 এই ভাস্কৰ দত্তক অপমান কৰি, ভাস্কৰ দত্তৰ সম্পত্তি, মােৰ মৰমৰ পত্নী অমৃতাক মােৰ পৰা আঁতৰাই তই সুখত থাকিব নােৱাৰ অনুৰাগ বৰুৱা... তই মৰিব লাগিব। তই মৰিবই লাগিব।

 দৈত্যৰ দৰে অট্টহাস্য কৰি উঠিল সি কোঠাটোৰ নির্জনতা ভাঙি।

 .......

 ড্রাইভাৰজনে অমৃতাৰ লাগেজবােৰ গাড়ীৰ পৰা নমাই লাগেজ ট্রলি এখনত উঠাই দিলে।

 অদিতি আৰু শ্যামলী দুয়ােজনীয়ে সাৱটি ধৰিলে অমৃতাক। অদিতিৰ দুচকু উপচি পৰিছে অশ্ৰুৰে ...শ্যামলীৰ চকুৱে মুখে চিন্তা, উদ্বেগ।

 : আপুনি সচাকৈ অকলে যাব পাৰিব নে অমৃতা বা??

 সােধাে নােসােধােকৈ পুনৰ বাৰ সুধিলে শ্যামলীয়ে।

 : পাৰিম শ্যামলী। তুমি অকণাে চিন্তা নকৰিবা। মাথাে অনুৰাগৰ ফোন আহিলে তাক কৈ দিবা সকলাে কথা।

 শ্যামলীৰ মনত চিন্তা তথাপিও কমা নাই।

 অনুৰাগে খং কৰিব নেকি?

 অসন্তুষ্ট হব নেকি তাইৰ ওপৰত অমৃতাক এনেকৈ অকলে যাবলৈ দিয়া বুলি...?

 তাইৰ ওপৰতে ভৰসা কৰি অনুৰাগে অমৃতাক নিজৰ ফ্লেটত এৰি গুচি গৈছিল।

 : অমৃতা, গুৱাহাটী গৈ পায়েই ফোন কৰিবa। আৰু মই ফোন কৰিলেও ৰিছিভ নকৰাকৈ নাথাকিবা।

 চিন্তিত কণ্ঠৰে অদিতিয়ে কলে।

 : তুমি অকণাে চিন্তা নকৰিবা অদিতি। মই গৈ পায়েই ফোন কৰিম।

 : আৰু মই কোৱা কথাবােৰ মনত ৰাখিবা।

 প্রত্যুত্তৰত অমৃতাই সজল নয়নে অদিতিৰ দুচকুত চকু থৈ মাথাে মূৰটো সামান্য দুপিয়ালে।

 অদিতি আৰু শ্যামলীক তাতেই এৰি লাগেজ ট্রলিটো লৈ আগবাঢ়িল তাই।

 ঘূৰি চাব খুজিও এবাৰাে ঘূৰি নাচালে অমৃতাই... ঘূৰি চালেই যে দেখা পাব দুচকুত অলেখ চিন্তা, শংকা আৰু উদ্বেগ লৈ তাই যােৱাৰ ফালে চাই থকা অদিতি আৰু শ্যামলীক।

 তাঁহাতৰ চিন্তাৰ কাৰণ বুজি পায় তাই।

 মাত্র এৰাতিৰ ভিতৰত গুৱাহাটিলৈ যােৱাৰ সিদ্ধান্ত লৈছিল অমৃতাই। অদিতি আৰু শ্যামলী দুয়ােজনীকে কোনােমতে বুজাই বঢ়াই হে তাই মান্তি কৰাব পাৰিলে। তাইক অকলে পঠিয়াবলৈ মুঠেও মান্তি হােৱা নাছিল দুয়ােজনী। অৱশেষত তাইৰ জিদৰ আগত হাৰ মানি মুম্বাইৰ পৰা গুৱাহাটীলৈ এয়াৰ এছিয়া ফ্লাইটত টিকেট কৰি দিছিল অদিতিয়ে নিজেই।

 আচলতে ভাস্কৰে অনুৰাগক চিনি পােৱা বুলি জনাৰ পিছৰপৰাই ভীষণভাৱে চিন্তিত হৈ পৰিছিল তাই। নানা ধৰণৰ দুশ্চিন্তাই ভাৰাক্ৰান্ত কৰি তুলিছিল তাইৰ হৃদয়।

 বর্ডিং পাছখন লৈ লাগেজ চেক ইন কৰি, সুকলমে চিকিউৰীতি চেক গেট পাৰ হৈ ৱেইটিং লৱীৰ চিট এখনত বহি ল’লে অমৃতাই। [ ৭৪ ]  ঘনে ঘনে বিপ বিপকৈ মেছেজ ট’নটো বাজি উঠিছে। বিৰক্তিত ভ্রূ কুঞ্চিত হৈ আহিছে অমৃতাৰ।

 চাইলেন্ট মডত থব ইচ্ছা গলেও তাই থােৱা নাই.... কিজানিবা অনুৰাগৰ ফোন আহে!

 বিমান পৰিচাৰিকা দুগৰাকীৰ হাঁহিমুখীয়া সম্ভাষণত প্রতিসম্ভাষণ জনাই খিৰিকী কাষৰ নিজৰ নির্দিষ্ট স্থানত বহি ল’লে অমৃতাই।

 এই প্রথম বাৰ অকলে ফ্লাইট যাত্রা কৰিব তাই। ইয়াৰ আগতে তাই কেতিয়াও কলৈকো অকলে যাত্রা কৰা নাই.... কৰিবলগীয়া হােৱা নাই।

 তথাপিও তাই অকণাে ভয়, শংকা, কুণ্ঠাবােধ দ্বিধা অনুভৱ কৰা নাই মনত ....

 চিন্তাক্লিষ্ট মুখখনিত সর্বস্বতে বিয়পি পৰিছে মাথাে উদ্বিগ্নতা আৰু উদ্বিগ্নতা। অনুৰাগে এবাৰাে ফোন কৰা নাই যােৱাৰেপৰা।

 কত আছে সি এতিয়া? কি কৰি আছে?

 কিয় এবাৰাে ফোন কৰা নাই সি যােৱাৰ পিছৰ পৰাই?

 নিজৰ ওপৰতে ভীষণ খং উপজিছে তাইৰ। গ্লানিৰে উপচি পৰিছে অন্তৰখন। অনিৰুদ্ধই যে অনুৰাগ, সেই কথা ভাস্কৰে গম পােৱাৰ পিছত সি যিকোনাে প্রকাৰে অনুৰাগৰ ক্ষতি সাধন কৰিবলৈ চেষ্টা কৰিব পাৰে।

 ভাস্কৰৰ দৰে প্রতিশােধকামী মনৰ মানুহে জিকিবৰ বাবে কিমান তললৈ নামিব পাৰে সেই কথা তাই জানিব লাগিছিল ....সর্পতকৈও বেছি বিষাক্ত যি ।

 কিয় যাব দিলে তাই অনুৰাগক? কিয়?

 তাইৰ বাবেইটো অনুৰাগে মুম্বাই এৰি গুচি গৈছে। কাৰণ তাই ব্যক্ত নকৰিলেও সি বুজি পায় তাইৰ মনৰ ভাষা।

 দুশ্চিন্তাত নীলা হৈ পৰিছে তাই।

 অশান্ত মনটোক শান্ত কৰিবলৈ চেষ্টা কৰি চকুযুৰী জোৰেৰে জপাই দিলে তাই।

 বন্ধ দুচকুৰ আগত আকৌ ভাঁহি আহিছে অনুৰাগ.. সেমেকা হাঁহি অথচ দুচকুত মৰম ভৰা সেই চিৰচিনাকি চাৱনি। অনুৰণিত হৈ ৰৈছে অনুৰাগে যােৱাৰ পৰত কোৱা কথাবােৰ ।

 “ফোন ৰিছিভ নকৰিলে কিন্তু মই লগে লগেই মুম্বাই আহি পামহি”

 অনুৰাগ ক’ত আছা তুমি?

 এবাৰ কল কৰাচোন। প্লিজ অনুৰাগ, প্লিজ।

 এয়াৰ এছিয়া বিমানখন ইতিমধ্যে লেণ্ডিং হৈছে।

 মােবাইলটো অন কৰাৰ লগে লগেই উপৰা উপৰিকৈ কেবাটাও মেছেজেৰে তৎক্ষণাত ভৰি পৰিল ৱাটচ আপ আৰু ইনবক্স।

 তাই এনেয়ে এবাৰ মেছেজবােৰ চালে।

 নাই, অনুৰাগৰ এটাও মেছেজ নাই।

 গােটেইবােৰ ভাস্কৰৰ মেছেজ।

 চিট বেল্ট খােলাৰ সংকেত দিয়াৰ পিছতেই যাত্ৰীসকলৰ মাজত মৃদু গুণগুণনি উঠিছে। নামিবলৈ যাে-জা কৰিছে আটায়ে।

 বিমর্ষ মনেৰে হেণ্ড বেগটো হাতত লৈ ওলাই আহিল তাই যাত্রীজাকৰ লগত।

 বিমানখনৰ পৰা ওলাই অহাৰ লগে লগেই এজাক চেঁচা বতাহে ধৰফৰাই চুই গল তাইক।

 কিছুক্ষণ ঠাইতে থিয় হৈ ৰৈ তাই অনুভৱ কৰিলে সমীৰণজাকৰ সেই শান্ত, চেঁচা স্পর্শ।

 আকাশখনলৈ মূৰ তুলি চালে তাই।

 মেঘাচ্ছন্ন কলীয়া বিষন্ন আকাশ...বিষণ্ণ বতাহ।

 আকাশৰ বুকুত ইফালৰ পৰা সিফাললৈ ওপঙি ফুৰিছে চপৰা চপৰ গধুৰ কলীয়া মেঘ... ঠিক যেনেকৈ বিষাদৰ ছাঁ ওপঙি ৰৈছে তাইৰ চকু, ওঠ, মুখত ... হৃদয়ৰ গভীৰত। [ ৭৫ ]  এজাক বৰষুণ জৰজৰাই খহি আহিব হয়তাে কিছু পৰ পিছতেই!!

 বৰষুণ অহাৰ আগতেই হােটেল এখনত উঠিব লাগিব। মনতে ভাবিলে তাই। বৰষুণৰ কথা মনলৈ অহাৰ লগে লগেই অলপ খৰ গতিৰে খােজ আগবঢ়ালে অমৃতাই। তেনেতে মােবাইলটো বাজি উঠিল। অদিতি। কলটো তৎক্ষণাত ৰিছিভ কৰিলে তাই।

 : অদিতি, এই জাষ্ট লেণ্ডিং হল। ওলাই আহিছাে মাত্র।

 : অকে ডেটছ গুড দেট ইউ ৰিচ্ছ চেইফলি। আচ্ছা শুনা। আই হেভ বুকড এ হটেল ফৰ ইউ। বুকিং দিতেইলছখিনি তােমাৰ ই-মেইলত পঠিয়াই দিছো । এতিয়াই চোৱাচোন। তােমাৰ নাইট চুপাৰ কেইটা বজাৰ?

 ৰাতি ন বজাত দিপাৰ্চাৰ । কিন্তু সেই কাম মই নিজেও কৰিব পাৰিলােহেঁতেন অদিতি।

 : একো নহয় অ। মােৰ মনতেই অহা নাছিল। শ্যামলীয়ে কোৱাতহে লগে লগেই বুকিং কৰি দিলাে।

 : ঠেংক ইউ ছ’ মাচ্ছ অদিতি। তােমাৰ আৰু শ্যামলীৰ ইমান মৰমৰ ধাৰবােৰ কেনেকৈ যে শুজিম নহয়!!

 : সেইবােৰ তুমি এতিয়া নকবা ৷ মুঠতে ছয় ঘণ্টা মান ভালকৈ জিৰণি লবা হােটেলত। বহুত বেছি চিন্তা নকৰিবা।

 : অনুৰাগে ফোন কৰিছে নেকি অদিতি?

 : নাই কৰা। তথাপিও তুমি চিন্তা নকৰিবা। সি গাঁৱলৈ যাম বুলি কৈ যােৱা নাই জানাে??

 মােৰ বিশ্বাস অনুৰাগক তুমি গাঁৱতেই লগ পাবা।

 কিছুপৰ মৌনতাৰ পিছত কলে অদিতিয়ে।

 : হুম।

 অদিতিৰ বিশ্বাসেই সত্য হওঁক।

 মনতে প্রার্থনা কৰিলে তাই।

 : অকে দেন, বাই, টেক কেয়াৰ। বি ব্রেভ । এণ্ড আই ন’ ইউ আৰ ব্রেভ । পিছত কল কৰিম আকৌ।

 : বাই।

 মােবাইলটো হাতত লৈ অলপ খৰ গতিৰে ওলাই আহিল তাই। অদিতিৰ প্রতি এবুকু কৃতজ্ঞতা উথলি উঠিছে অমৃতাৰ মনত।

 মুম্বাই মহানগৰীৰ কংক্রীটৰ সেই কৃত্রিম শ্বাসৰুদ্ধময় সময়বােৰৰ, তাইৰ একমাত্র অকৃত্রিম বান্ধৱী, ... অদিতি। কিমান নিঃস্বার্থ ভাবে যে তাইক ভাল পায়, তাইৰ বাবে চিন্তা কৰে, প্ৰতিটো খােজত সহায় কৰে আৰু শ্যামলীজনীও... !!

 মৰমলগা, প্রাণশক্তিৰে ভৰপূৰ, মিঠা বৰণীয়া ছােৱালীজনী দুদিনতে নিজৰ ভনীয়েক যেন হৈ পৰিল।

 সিহঁতৰ ভালপােৱাৰ প্রতিদান যে তাই একোৱেই দিব পৰা নাই.... দিবলৈ পাৰিবও নে তাই এই জনমত? শুজিব পাৰিবনে এই মৰমৰ ঋণবােৰ ??

 কথাবােৰ মনতে ভাৱি ভাৱি আগুৱাই গৈ থাকিল তাই।

 নিজৰ লাগেজ কালেক্ট কৰি, লাগেজ ট্রলি ঠেলি ওলাই আহিল তাই একজিত ৱে’ৰ পৰা।

 হাতৰ ঘড়ীটোলৈ চাই পঠিয়ালে অমৃতাই। দুই বাজি গৈছে ইতিমধ্যে।

 উবেৰৰ গাড়ী এখন বুক কৰি তাই হােটেলৰ দিশে ৰাওনা হল। হােটেলৰ এড্রেচতাে গুগল মেপত ট্রেক কৰি তাই যেতিয়া হােটেলত উঠিছিলগৈ সময় ইতিমধ্যে তিনি বাজি গৈছে ।

 অদিতিয়ে শিকাই দিয়াৰ দৰেই প্ৰতিটো খােজত এটা সাৱধানতা অৱলম্বন কৰিছে তাই।

 দুর্বল হলে নহ’ব।

 নিজৰ মনটোক ডাঠ কৰি লৈছে অমৃতাই।

 তাই সবল হব লাগিব, সাহসী হব লাগিব।

 নির্দিষ্ট চিটি হােটেলখনত চেক ইন কৰি হােটেলৰ কোঠাত বহি তাই অদিতিলৈ ফোন কৰিলে।

 : অদিতি, মই সঁচাকৈ অকলে আহিলোঁনে মুম্বাইৰ পৰা গুৱাহাটী? নিজৰেই বিশ্বাস হােৱা নাই জানানে!! [ ৭৬ ]  অমৃতাৰ কথাত কিছুপৰ নিশ্ৰুপ হৈ ৰল অদিতি।

 : তুমি এনেইহে নিজকে দুর্বল বুলি ভাবি আছিলা ইমানদিনে। দেখিছা, আজি নিজৰ মনৰ প্ৰয়ােজনত তুমি কেনেকৈ সাহসী হৈ পৰিছা? কোনাে নাৰী দুর্বল নহয় অমৃতা। নাৰীক দুর্বল সজাই আমাৰ সমাজে...বেলেগ বেলেগ ৰূপত...কেতিয়াবা দেউতা, কেতিয়াবা ভাতৃ, কেতিয়াবা স্বামী হৈ আমাক বান্ধি পেলায় মৰম, শাসন, দায়িত্বৰ বেহুত। এই পৰাধীনতাকেই আকৌ আমি নিয়ম বুলি মানি লৈ আমাৰ স্বাধীনতা আমি সঁপি দিওঁ তেওঁলােকৰ হাতত। আৰু ক্ৰমাৎ লুপ্ত হৈ যায় আমাৰ সাহস, আত্মবিশ্বাস ইত্যাদি।

 সমাজ নতুবা পৰিয়ালে গঢ়ি দিয়া এই বেহু ভাঙি ওলাই পৰিলেই দেখিবা তুমি সাহসী হৈ পৰিছা। আকৌ এই বেহু ভাঙি ওলাই অহা দেখিলে তােমাক নানাজনে নানা কথা কব ... কিন্তু আনৰ কথালৈ তুমি কান নিদিবা অমৃতা।

 : যেনেকৈ সকলােৱে এতিয়াও মােকেই দোষিছে। মই কিয় আত্মহত্যা প্রচেষ্টা চলাইছিলোঁ, সেয়া কাৰাে মূৰৰ বিষ নহয়। সকলােৰে এটাই প্রশ্ন, মই মােৰ স্বামীৰ বিপক্ষে অন্য পুৰুষৰ প্ৰৰােচনাত পৰি কিয় ষ্টেটমেন্ট দিলোঁ!

 এটি দীঘল হুমুনিয়াহ স্বতঃস্ফূর্ত ভাবে নির্গত হল অমৃতাৰ হৃদয়ৰ গভীৰতাৰ পৰা।

 : তথাপিও তুমি সেইবােৰ কথাত কাণ নিদিবা।

 নিজৰ মনৰ কথা, মনৰ আহ্বানক গুৰুত্ব দিবা। ইমান বছৰে আনৰ বাবে জীয়াই থাকি কি পালা?

 যিমানেই নিজৰ মনৰ ইচ্ছা ভাৱনাক ত্যাগ কৰি নিজক মাৰি মাৰি আনৰ কথা ভাবিবা, সিমানেই তােমাক গছকি অইনে নিজৰ ইচ্ছা পূৰণৰ বাবে অহৰহ প্রচেষ্টা চলাব।

 :......

 : এইবাৰ মাত্ৰ নিজৰ মনৰ কথা, নিজৰ মনৰ আহ্বান শুনা।... বিশ্বাস কৰা, ইমান বছৰৰ মূৰত যে তুমি পুনৰ অনুৰাগক লগ পাইছা, তাৰ প্ৰেম ভালপােৱা পাইছা, এয়া এনেই সংযােগ হব নােৱাৰে। এয়াও ভগৱানৰেই ইচ্ছা। অনুৰাগক আৰু দুখ নিদিবা.... লগতে নিজকো।

 অনুৰাগ আৰু অমৃতাৰ মাজত আৰু কোনাে তৃতীয় ব্যক্তি থাকিব নালাগে। মই ইতিমধ্যে উকিলৰ লগত কথা পাতিছোঁ। তুমি সােনকালে ঘূৰি আহিবা মাথাে।”

 প্রায় আধা ঘণ্টামান অদিতিৰ সৈতে ইটো সিটো কথা পাতি ফোন থলে অমৃতাই।

 বহু দেৰিলৈকে অদিতিয়ে ফোনতে কোৱা কথাবােৰ তাইৰ মনলৈ আহি থাকিল।

 ভাস্কৰৰ পাশৱিক গ্রাসৰ পৰা যেন লাহে লাহে ওলাই আহিব ধৰিছে তাইৰ মন ... মগজু।

 তাইৰ দৰে ভয়াতুৰ , পৰনিৰ্ভৰশীল, জীৱনৰ প্রতি বিমুখ, হতাশাগ্রস্ততাত ডুব যােৱা মানুহ এগৰাকীৰ বাবে ভাস্কৰৰ দৰে অত্যাচাৰী স্বামীৰ ঘৰৰ পৰা ওলাই আহি, মুম্বাইৰ পৰা সুদূৰ অসমলৈ অকলে বিমান যাত্ৰা কৰি অহাতাে জানাে সহজ কথা।

 কিবা এটা ভাল লাগিছে আজি তাইৰ।

 নিজকে মুক্ত আৰু অকণমান হলেও স্বাধীন যেন অনুভৱ কৰিছে তাই।

 যদিও তাই জানে, মুক্তিৰ এই অনুভৱ চিৰস্থায়ী নহয়। কাৰণ এতিয়ালৈকে তাই ডিভর্চ এপিল কৰা নাই। আৰু ডিভর্চ এপিল কৰিলেই যে ভাস্কৰে তাইক সহজে ডিভর্চ দিব তাত তাইৰ অকণাে বিশ্বাস নাই।

 হােটেলতে ফ্ৰেছ হৈ লৈ তাই খাবলৈ মন নগলেও

 লাঞ্চ অর্ডাৰ কৰিলে।

 লাঞ্চ কৰিবই লাগিব।

 লাঞ্চ কৰি উঠি নিজেই ঔষধ খাব লাগিব।

 নিজকে সবল কৰি ৰাখিবলৈ হলে প্রথমে তাইৰ শৰীৰ মন সুচল হৈ থকাটো অতি প্রয়ােজনীয়,.....নিজৰ বাবে নহলেও ... অনু.. অনুৰাগৰ বাবে ... ৷ অনুৰাগে নহলে দুখ পাব।

 ভীষণ দুখ পাব। [ ৭৭ ]  কিন্তু, .....কিন্তু অনুৰাগ ক’ত এতিয়া?

 ক’ত আছে সি?

 এবাৰলৈও ভাবিছেনে সি তাইৰ কথা?

 তাইলৈ এবাৰ ফোন কৰাৰ প্রয়ােজন বােধ অনুভৱ কৰা নাইনে সি?

 অনুৰাগৰ নাম্বাৰটো তাই আকৌ এবাৰ ডায়েল কৰিলে। সেই একেই উত্তৰ। নত ৰিচ্ছেবল।

 বিষাদে নিজৰ ৰং সানিছে তাইৰ সমগ্র মুখমণ্ডলত ...সােণ বৰণীয়া মুখখনি শেঁতা, বিবর্ণ হৈ পৰিছে। কি কাৰণ থাকিব পাৰে অনুৰাগৰ ফোনটো নত ৰিচ্ছেবল হৈ থকাৰ ?

 নে ইমান বছৰৰ মূৰত গাঁৱত গৈ ব্যস্ততাৰ পৰা আঁতৰত একান্ত ব্যক্তিগত সময় কটাবলৈ স্বইচ্ছাই ফোন অফ কৰি ৰাখিছে সি??

 হে প্রভু, সেয়াই হওক। সেয়াই হওক৷

 দুৰু দুৰু বুকুৰে দুচকু জপাই ভগৱানক মিনতি কৰিলে অমৃতাই।

 সৰু পকী ৰাস্তাত ৰিক্সাখন গৈ থাকিল।

 ৰিক্সাখনৰ গতিয়ে এটি মৃদু হেন্দোলনী তুলিছে অমৃতাৰ শৰীৰত। ৰিব ৰিব বতাহ এছাটিয়ে চুই গৈছেহি তাইক.. কঁপাই তুলিছে তাইৰ নীলা শাৰীৰ আঁচল।

 সৰু তিনিআলিৰ কেঁকুৰীটোৰ পৰা ৰাস্তাটো বেয়া। ৰাতি বৰষুণ দিছিল হয়তাে ..।

 পকী ৰাস্তা যদিও মাজে মাজে পানীভর্তি সৰু সৰু গাত। ইয়াৰ পৰা এক কিলােমিটাৰমান দূৰৈত অনুৰাগহঁতৰ ঘৰ।

 গাঁওখন আপােন হলেও ইমান বছৰৰ মূৰত হয়তাে তাইৰ কোনাে আপােন মানুহ নােলাব ইয়াত। সেয়ে তাই চিধাই অনুৰাগহঁতৰ ঘৰত উঠিবগৈ।

 আগতে এইবােৰ কেঁচা ধূলিময় ৰাস্তা আছিল। কেঁচা ৰাস্তাটোৰ দুয়ােকাষে আছিল ওখ ওখ শাৰী শাৰী সেউজীয়া গছগছনি। এই ৰাস্তাটোতেই সৰুতে ধূলিত উমলিছিল অমৃতা অনুৰাগহঁতে সমনীয়াৰ সৈতে... কঁকাল, পিঠিত পাতল কাপােৰ বান্ধি চৰাই হৈ উৰিছিল ...

 আনৰ বাৰীৰপৰা বগৰী, জামু, শিলিখা, আমলখি বুটলি খাইছিল, হাবিয়ে বননিয়ে বনৰীয়া হৈ ঘূৰিছিল... আৰু যে কত কি!!

 অমৃতাই মন কৰিলে ৰাস্তাৰ কাষৰ গছ গছনি বােৰ আগতকৈ কমি আহিছে, আৰু তাৰ ঠাইত আছে শাৰী শাৰী ওখ বিদ্যুতৰ পকী খুটা।

 বাঁহৰ বেৰৰ জলঙাৰে বাহিৰৰ ফৰিং ফুটা জোনাক দেখা পােৱা ঘৰ বােৰ এতিয়া নাই। কেইঘৰ মানৰ বাহিৰে বেছিভাগ ঘৰেই পকী হৈছে ...।

 সন্মােহিত দৃষ্টিৰে অমৃতাই চাই ৰৈছে তাইৰ একালৰ মৰমৰ গাঁওখন।

 এইখিনিতে কমল খুড়াৰ ঘৰ আছিল। আকৌ অলপ আগলৈ গলেই ৰমলা পেহীৰ ঘৰ... তাৰপিছত আকৌ অকন ককাইদেউৰ ঘৰ ।

 অমৃতাই আপােনপাহৰা হৈ ৰাস্তাৰ ইপাৰে সিপাৰে চকু জুৰুৱা বিস্তীর্ণ পথাৰবােৰলৈ চাই পঠিয়ালে.. পলসুৱা পথাৰৰ নকৈ চহােৱা বােকা মাটিত লহপহকৈ বাঢ়ি আহিছে খেতিয়কৰ সেউজীয়া সপােনবােৰ.. বতাহত ভাহি আহিছে সেই পুৰণি চিনাকি সুঘ্রাণ... পলসুৱা বােকামাটিৰ আৰু শাওনৰ সেউজীয়াৰ।

 “অনু চাচোন ছা, মই পাৰিছাে মই পাৰিছাে”

 দুয়ােহাত বতাহত দুফালে মেলি মেকুৰী খােজ দি আগবাঢ়িছে তাই পথাৰৰ মাজৰ সৰু সৰু আলিৰ ওপৰেদি।

 হঠাতে ‘জপং’ কৈ পথাৰৰ চহাই থােৱা কোমল বােকা মাটিৰ ওপৰত পৰি গৈছে তাই।

 সশব্দে হাঁহি উঠিছে অনুৰাগ।

 দৌৰি আহিছে সি। দুয়ােহাত আগবঢ়াই উঠাই আনিছে বােকাত লুতুৰী পুতুৰী অমৃতাক। [ ৭৮ ]  দুচকুৰ আগত ভাঁহি উঠিছে অন্য এটি দৃশ্যপট।

 .....কাণত ফুল, চুলিত ফুল , ডিঙিত আকাশীলতাৰে মেৰিয়াই বনাই লােৱা হালধীয়া মালা আৰু মূৰত গছৰ পাত আৰু নানাৰঙী বনৰীয়া ফুলেৰে বনাই লােৱা মুকুট পিন্ধি শৈশৱৰ বনকুঁৱৰী অমৃতাজনী ......আৰু,

 সেই একেই গছৰ পাত, ফুলেৰে বনাই লােৱা মুকুট পিন্ধা তাইৰ বনকোঁৱৰ, অনুৰাগ !!

 ক’ব নােৱাৰাকৈয়ে এটি হাঁহি বাগৰি গ’ল তাইৰ ওঁঠত ..

 মনৰ মণিকোঠত সযতনে সাঁচি ৰখা অতীতৰ পৃষ্ঠাবােৰ ফৰফৰাই খােল খাইছে, শৈশৱৰ মধুৰ স্মৃতি সজীৱ হৈ উঠিছে। ভাঁহি উঠিছে তাইৰ দুচকুৰ আগত সময়ৰ বুকুত লীন হৈ যােৱা ক্ষণবােৰ, ...কিছু সুখৰ, কিছু দুখৰ, কিছু আৱেগৰ।

 অমৃতাৰ দুচকুৰ আগত লৰি ঢাপৰি ফুৰিছে এহাল নিষ্পাপ লৰা ছােৱালী... তাৰপিছত কৈশােৰ অতিক্রমি ন যৌৱনৰ দুৱাৰদলিত মধুৰ স্বপ্নৰ আৱেষ্টনী বুকুত বান্ধি প্রাণখুলি হাঁহি উঠা এহাল প্রাণােদ্দীপ্ত ডেকা গাভৰু।

 ৰাস্তাৰ কাষত থিয় হৈ দাঁত মাজি থকা লৰা বুঢ়া কিছুমানে তাইলৈ ঘূৰি ঘূৰি চাইছে,.... অমৃতাই

 জানি বুজি মুখখন ঘূৰাই দিছে অন্যফালে। তাইৰ কাৰাে লগত কথা পাতিবলৈ ইচ্ছা নাই সদ্যহতে।

 কাৰণ কথা পাতিলেই তাই সন্মুখীন হব বহু প্রশ্নৰ ...

 ভাস্কৰ কত? সি কিয় নাহিল ?

 পােন্ধৰ বছৰত এবাৰাে কিয় অহা নাছিল তাই গাঁৱলৈ ??

 দেউতাৰৰ শ্ৰাদ্ধটো নাহিলি কিয়?

 বিয়া হােৱাৰ পিছতাে অনুৰাগক বিচাৰি অহাৰ কাৰণ কি?

 আকৌ কাৰণটো কলেও নানা ধৰণৰ অন্য প্রশ্নই মূৰ দাঙি উঠিব। আৰু তাই এতিয়াও সেই প্রশ্নবােৰৰ উত্তৰ দিবৰ জোখাৰে পৰ্য্যাপ্ত সাহসী হৈ উঠা নাই।

 চাওঁ নাচাওকৈ তাই জংঘলে আৱৰি ৰখা পৰিত্যক্ত ঠাই ডােখৰলৈ চাই পঠিয়ালে। এইখিনিতেই আছিল অমৃতাহঁতৰ ঘৰটো।

 এতিয়া ইয়াত ঘৰখনৰ ভগ্নাৱশেষও নাই ...

 পােন্ধৰ বছৰ জানাে কম সময় !!

 মদ খাই লিভাৰ ফেইল হৈ মৃত্যু হােৱা দেউতাকৰ খবৰ পাইছিল তাই। ভাস্কৰেই খবৰটো দিছিল তাইক। কিন্তু সেই খবৰে অকণাে বিচলিত কৰি তােলা নাছিল তাইক, কোনাে ধৰণৰ দুখবােধ জাগি উঠা নাছিল তাইৰ অন্তৰত ... এক অনামী জিদত বৰফৰ দৰে কঠিন হৈ উঠিছিল তাই। বিভীষিকাময় নিশাবােৰৰ যন্ত্ৰণাত মৰি আহিছিল তাইৰ অন্তৰৰ সকলাে আৱেগ, অনুভূতি... মনত কঠিন বৰফৰ দৰে এটৰপ দুটৰপকৈ মাথাে গােট খাব ধৰিছিল ঘৃণা, খং, হতাশা আৰু জীৱনৰ প্রতি প্রচণ্ড অভিমান।

 সেয়ে তাই খবৰ পাইও অহা নাছিল দেউতাকৰ অন্তিম সংস্কাৰত।

 সেমেকি উঠিছে অমৃতাৰ চকুযুৰী। শাওনৰ মেঘাচ্ছন্ন আকাশখনৰ দৰেই কলীয়া ডাৱৰে আৱৰি ধৰিছে তাইৰ মনটোক.... দুচকুৰে বৈ আহিব খুজিছে অবাধ্য চকুলাে।

 নাই। ক্ষমা কৰিব নােৱাৰে। নােৱাৰে তাই।

 ক্ষন্তেকৰ বাবে আৱেগিক হৈ উঠা মনটো পুনৰ কঠোৰ হব ধৰিছে। ভাস্কৰৰ দৰে পহুৰ হাতত টকা আৰু বিলাতী মদৰ বিনিময়ত তাইৰ কৌমার্য্য তুলি দিয়াৰ অক্ষমনীয় ভুল কৰিছিল তাইৰ দেউতাকে।

 প্ৰকৃততে অপৰাধ।

 পুনৰ দপকৈ জ্বলি উঠিছে তাইৰ দুচকুত ঘৃণাৰ জুইকুৰা।

 মনৰ বিষাদ দূৰ কৰিবলৈ, চকু পানীক ৰােধ কৰিবলৈ চেষ্টা কৰি তাই বিশাল আকাশখনলৈ মূৰ তুলি চালে।

 শাওনৰ আকাশখন উন্দুলি উঠিছে... বিষাদগ্রস্ত এজনী অভিমানী গাভৰুহে যেন!! সৰসৰকৈ সৰি আহিব যেন অলপতে, আকাশৰ বুকুত ৰােধ কৰি থােৱা চকুলােবােৰ বৃষ্টি বন্যা হৈ। [ ৭৯ ]  অনুৰাগহঁতৰ ঘৰৰ গেটৰ সন্মুখত ৰিক্সাখন ৰখাই বিশ টকামান তাই ৰিক্সাৱালাৰ হাতত গুজি দিলে।

 দুৰু দুৰু বুকুৰে অমৃতাই চাই পঠিয়ালে ঘৰখনলৈ.... নাই, পুৰণি ঘৰখনৰ অকণাে চিন চাব নাই। পুৰণি ঘৰখনৰ ঠাইত আছে এটা সুন্দৰ সৰু পকী ঘৰ....বাঁহৰ জেউৰাৰ ঠাইত পকী ৱাল ... বাঁহৰ পুৰণি জপনাখনৰ ঠাইত লােহাৰ গেট।

 মােবাইলটো বেগৰ পৰা উলিয়াই ললে অমৃতাই। অদিতিহঁতে হয়তাে চিন্তা কৰি আছে। অদিতিলৈ এবাৰ ফোন এটা কৰি জনাওঁ বুলি নাম্বাৰ ডায়েল কৰােতেই দেখিলে নেটৱৰ্ক নাই।

 কল ৰেকৰ্ড আৰু ইনবক্স খুলি চালে তাই। বত্রিশটামান ভাস্কৰৰ মিছড কল, যি তাই ইচ্ছাকৃতভাৱে উঠোৱা নাছিল। ভাস্কৰে পঠোৱা শেষৰ মেছেজ তাে পঢ়ি চালে তাই।

 “ফোন নুঠোৱা কিয় ?? আৰু কৰি থাক নাটক... প্রেম কৰি ঘূৰি ফুৰ। খবৰটো খুব সােনকালেই পাবি। মােক খং উঠাই লৈছতাে !! হি হেজ টু ডাই। এণ্ড আই ৱিল মেক চিওৰ ...গুড লাক অমৃতা”

 যাত্ৰাৰ ক্লান্তি , অৱসাদ নিমিষতে উৰি গল তাইৰ ....,

  ভয়, দুশ্চিন্তা, শংকাই আৱৰি ধৰিছে অন্তৰাত্মা...

 মেঘৰ গাজনি অনন্তত নহয় ... যেন তাইৰ বুকুতহে উৎপন্ন হৈছে, আৰু সেই গাজনিত থৰথৰকৈ কঁপি উঠিছে তাইৰ সর্বশৰীৰ । ভৰিৰ চেণ্ডেলযােৰ যেন মাটিত খােপনি পুতি ৰব খােজা নাই।

 শংকিত খােজেৰে তাই নিজকে কোনােমতে চম্ভালি আগবাঢ়ি গল ঘৰখনৰ ফালে।

 অনুৰাগ আছে নে নাই বা ঘৰত...?

 ইমান দূৰলৈ আহিও যদি অনুৰাগক লগ নাপাই কলৈ যাব তাই তাক বিচাৰি?

 ভয় আৰু দুশ্চিন্তাত, শৰীৰ আৰু মনৰ অৱসাদত বিহ্বল দৃষ্টি, শেঁতা আৰু বিৱর্ণ ওঁঠ মুখেৰে যেতিয়া তাই ঘৰখনৰ সন্মুখৰ মূল দুৱাৰত দুর্বল হাতৰ আঙুলিৰে টোকৰ মাৰিলেগৈ তেতিয়ালৈ চিপচিপকৈ বৰষুণ জাক সৰি আহিব ধৰিছিল ইতিমধ্যে।

 অমৃতাৰ গালে, মুখে, চুলিয়ে হাত ফুৰাই হুকহুকাই কান্দি উঠিছে হুইলচেয়াৰত বহি থকা মানুহগৰাকী। বয়সস্থ মানুহজনীৰ চকুহাল ৰঙা পৰিছে ... আৱেগত নাকৰ পাহি ফুলি উঠিছে।

 পকা ফ্লৰত আঁঠু কাঢ়ি বহি লৈ মানুহজনীৰ কোলাত মুখ গুজি হেঁপাহ পলুৱাই উচুপি উচুপি কান্দি উঠিছে অমৃতাই।

 : তই কিয় গুচি গৈছিলি অ’ মােৰ লখিমীজনী?? কিয় গৈছিলি ? তােক মই কিমান মৰম কৰিছিলোঁ.. চব পাহৰিলি! তই গুচি যােৱা কাৰণে মােৰ লৰাটোৰ জীৱনত সুখ কেতিয়াও নাহিল অ লখিমী। এতিয়া বিচাৰি আহিছ তই তাক !! কত পাবি তাক? কতাে শান্তিত থাকিব নােৱাৰে সি ..জংঘলৰ মানুহবােৰে তাক বিচাৰি ফুৰে। মাজৰাতি ঘৰত ডকাইতৰ দৰে আহি উৎপাত কৰে। তই বিয়া হৈ গুচি নােযােৱা হলে সেইবােৰ নহলহেঁতেন। ঘৰৰ লৰা ঘৰতে সুখেৰে থাকিলেহেঁতেন। মই তাক নাহিব কৈছিলাে তথাপিও সি আহিল। তাৰ বুকুত গুলি লগা মই চাব নােৱাৰিম অ’ লখিমী। তাক ইয়াৰ পৰা লৈ যা। লৈ যা।

 বিদ্যুৎস্পৃহ মানুহৰ দৰে নিথৰ হৈ শুনি ৰল অমৃতাই কথাবােৰ।

(২১)

 সময়ৰ নিষ্ঠুৰতাৰ গাঁথা শুনি নির্বাক হৈ পৰিছে অমৃতা। পােন্ধৰ বছৰৰ ভিতৰত ইমান সলনি হব পাৰেনে? সময়ৰ সোঁতত সোঁত মিলাই যােৱা মানুহৰ মন ইমান নিষ্ঠুৰ হব পাৰেনে?

 ইমান হিংসা, ইমান বিদ্বেষ, ইমান প্রতিশােধপৰায়ণ !! দুখত, ক্ষোভত অমৃতাই মাথাে অনুৰাগৰ মাকৰ কোলাত মুখখন গুজি কান্দিছে।

 ইমান বছৰৰ মূৰত অমৃতাক দেখি, আৱেগিক হৈ উঠা মানুহগৰাকীও অন্তৰ উজাৰি কান্দিব ধৰিছে।

 বাহিৰত জৰ জৰাই খহি আহিব ধৰিছে আকাশৰ চকুলাে। বহুবছৰৰ পিছত লগ হৈ আৱেগিক হৈ উঠা মানুহ দুগৰাকীলৈ অবাক হৈ চাই ৰৈছে অনুৰাগৰ দূৰ সম্বন্ধীয় মাহীয়েকৰ লৰা সীমান্ত আৰু হীৰা নামৰ বন কৰা ছােৱালীজনী।

 সীমান্ত নামৰ কম বয়সীয়া লৰাজনেই এতিয়া অনুৰাগৰ অনুপস্থিতিত ঘৰখনৰ লগতে মাকক চোৱাচিতা কৰে।

 : কি কৰিবি। সকলাে ভাগ্যৰ খেল। শান্ত, ভদ্ৰ মােৰ লৰাটো তই গুচি যােৱাৰ পিছত অনবৰতে মন মাৰি থকা হৈছিল, ওলােৱা সােমােৱা নকৰিছিল. মই কিবা সুধিলেও, বুজাব গলেও মােকেই খং কৰিছিল । এদিন ৰাতি হঠাৎ সি গুচি গৈছিল । [ ৮০ ]   কথাৰ মাজতে বগা কপাহী চাদৰৰ আঁচলেৰে অশ্রুসিক্ত চকু , দুয়ােগাল মচি লৈছে মানুহগৰাকীয়ে।

 : পিছদিনা ৰাতিপুৱা তাৰ পঢ়া টেবুলত মােলৈ লিখি থােৱা চিঠিখন দেখি মই হতভম্ভ হৈছিলাে... আকাশখন মূৰৰ ওপৰত ভাগি পৰা যেন লাগিছিল...মই কান্দোনত গছ পাত সৰালাে...কিন্তু সি ঘূৰি নাহিল। সেইদিনা মােৰ তােলৈ বৰ মনত পৰিছিল অ আই... তই থকা হলে ...সি নগলহেঁতেন।

 উচুপি উঠিছে মানুহগৰাকী।

 ক্রন্দনমিশ্রিত কণ্ঠ আৱেগত থুকাথুকি হৈ পৰিছে।

 : এদিন হঠাৎ শুনিলাে সি আত্মসমর্পণ কৰিছে। সেইদিনা খুব ভাল লাগিছিল মােৰ। কেইমাহমান জেইলত থাকি সঁচাকৈ ঘূৰি আহিছিল সি। মােৰ হাতে ৰন্ধা খাইছিল, কোলাত শুইছিল... জীৱটো ঘূৰি অহা যেন পাইছিলোঁ মই ... পিছে কপালত শান্তি লিখা থাকিলেহে!! অৰণ্যৰ সতীর্থই তাক বিচাৰি চলাথ কৰিছিল... সি অহা গম পাই ঘৰ ঘেৰি ধৰিছিল এদিন ৰাতি। কোনােমতে বাছিল সি সেইনিশা। তাক নাপায় সিহঁতে যতে ততে গুলিয়াইছিল...মােৰ ভৰিৰ কলাফুলৰ মাজেদি পাৰ হৈ যােৱা এটা গুলিত মই বাগৰি পৰিছিলোঁ... বিষত অজ্ঞান হৈ পৰিছিলোঁ।

 কথাবােৰ কৈ থাকোতে মানুহগৰাকীৰ দুচকুত বিষাদ আৰু যন্ত্রণা স্পষ্টকৈ ধৰা দিছে।

 শিয়ঁৰি উঠিছে অমৃতা। শৰীৰৰ অস্থিমজ্জালৈকে তাই অনুভৱ কৰিছে এটি অদ্ভুত কঁপনি।

 দুচকুৰ আগত যেন ভাহি আহিছে সেই ভয়ানক নিশাৰ দৃশ্য ...তাই স্বচক্ষুৰে যেন দেখা পাইছে অগ্নি স্ফুলিংগ এটাই ভৰিৰ মঙহ বিদিৰ্ণ কৰি যােৱা সেই দৃশ্য...গুৰি কটা গছৰ দৰে যেন বাগৰি পৰিছে মানুহজনী তাইৰ দুচকুৰ আগত।

 অন্তৰখন হমহমাই উঠিছে তাইৰ।

 একেই এটুকুৰা অগ্নি স্ফুলিংগই যেন জ্বলাই নিছে ... বুকু বিদিৰ্ণ কৰি গৈছে তাইৰ।

 শংকা জাগিছে মনত ...ভীষণ শংকা।

 অনুৰাগক অৰণ্যৰ পুৰণি সতীর্থই এতিয়াও বিচাৰি ফুৰে বিশ্বাসঘাটকতাৰ পােতক তুলিবলৈ। অৰণ্যৰ জীৱন কটাবলৈ আহি পুলিচৰ আগত আত্মসমর্পণ কৰাটো সিহঁতৰ বাবে বিশ্বাসঘাটকতা!!

 সেয়ে অনুৰাগৰ এই জীৱন সিহঁতৰ কাম্য নহয়।

 তাইৰ প্রেম.... তাইৰ সপােন, অনুৰাগৰ মৃত্যু ইহঁতৰ বাবে কাম্য।

 বুকুখনত এক তীব্র বিষ, এক তীব্র যন্ত্রণা অনুভৱ কৰিছে অমৃতাই।

 কৰবাৰ পৰা মােৰ ভৰিত গুলি লগাৰ খবৰ শুনি সি আহিছিল পুনৰ। মই অকণমান সুস্থ হৈছিলোঁ তেতিয়ালৈ। সেইবাৰ মই তাক পুনৰ জোৰ কৰি পঠিয়াই দিলোঁ।

 সি ইচ্ছা কৰিলেও ইয়ালৈ আহিব নােৱাৰে, .. মােলৈ ঘনাই ঘনাই ফোন কৰিলেও মােৰ ভয় লাগে। সিয়েই সীমান্ত আৰু হীৰাক ইয়াত মােৰ লগত থকাৰ দায়িত্ব দিলে।

 টকা পইচাই জানাে সকলাে সুখ দিব পাৰে?? সিয়েই ঘৰখন পকী কৰালে, মােৰ সুবিধাৰ কাৰণে টিভি, ফ্রীজ, ৱাছিং মেচিন লগালে... তথাপিও শান্তি নাই মােৰ। অনবৰতে ভয় লাগি থাকে তাৰ কথা ভাবি।

 : .......

 নির্বাক মূর্তিৰ দৰে স্থবিৰ হৈ শুনি ৰৈছে তাই মাথাে।

 : এতিয়ানাে সি কিয় আহিল ?

 মই লাগিলে তাক নােচোৱাকৈয়ে মৰিম কিন্তু তাৰ বুকুত গুলি লগা মই চাব নােৱাৰিম। সেই ৰাতিপুৱাই ওলাই যােৱা এতিয়ালৈ ঘূৰি অহা নাই।

 কথা কৈ কৈ ভাগৰি গৈছে মানুহজনী। ফোঁপাব ধৰিছে, নাকৰ পাহি বাৰে বাৰে ফুলি উঠিছে ...

 অমৃতা বাকৰুদ্ধ হৈ পৰিছে।

 মানুহজনীক কি বুলি সান্তনা দিব তাই ভাবি পােৱা নাই।

 সঁচাকৈ। [ ৮১ ]  মাক দেউতাকৰ মৃত্যু সন্তানতকৈ আগতে হােৱাটো হল প্রকৃতিৰ নিয়ম ...সেয়া সময়ৰ নিৰ্ধাৰণ।

 কিন্তু মাক দেউতাকৰ দুচকুৰ আগত অসময়তে সন্তানৰ মৃত্যু বা মৃত্যুৰ সম্ভাৱনা, সেই অনুভূতি কিমান যন্ত্রণাদায়ক হ’ব পাৰে!!

 ভাগৰি যােৱা মানুহজনীক হীৰা আৰু অমৃতাই মিলি বিছনাত উঠাই দিলে।

 : অনুৰাগ আহিব, আপুনি চিন্তা নকৰিবচোন। এতিয়া অকণমান জিৰণি লওক। এতিয়া আৰু কথা নক’ব।

 মানুহজনীয়ে হীৰাক হাতৰ ইঙ্গিতেৰে কাষলৈ মাতি আনি অমৃতাক আলহী কোঠাত থকাৰ ব্যৱস্থা কৰি দি খােৱা বােৱাৰ যােগাৰ কৰিবলৈ ক’লে।

 আলহী কোঠাতে অমৃতাক থকাৰ ব্যৱস্থা কৰি দিয়া হ’ল।

 বাথৰুমত গৈ অমৃতাই ফ্রেছ হৈ আহি হীৰাই যতনাই দিয়া জলপানখিনি আগ্ৰহেৰে খালে। ঔষধখিনিও খাই ললে অনুৰাগে বুজাই থৈ যােৱাৰ মতেই।

 তাই যদি ঔষধ নাখায় অনুৰাগে খুব বেয়া পাব তাইক। সেয়ে খাব মন নগলেও তাই খাবই লাগিব।

 নিজৰ বাবে নহ’লেও... অনুৰাগৰ বাবে।

 পিছে ক’ত আছে অনুৰাগ ?

 ক’লৈ গৈছে সি?

 ব্ৰহ্ম পুৱাতেই ওলাই যােৱা অনুৰাগ ইমান দেৰীলৈ কত থাকিব পাৰে?

 দুপৰীয়াৰ আহাৰ অনুৰাগৰ মাকৰ লগত একেলগে খাই উঠাৰ বহু পিছলৈকো অনুৰাগ নহাত বেছিকৈ চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে তাই...। হুইলচেয়াৰত খিৰিকীৰ কাষত বহি ৰুদ্রাক্ষৰ মালা হাতত লৈ জপ কৰিব ধৰিছে অনুৰাগৰ মাক ... চকু মুখত স্পষ্ট চিন্তাৰ চাপ।

 গধূলি হৈ আহিছে।

 বর্ষাসিক্ত দিনটোক সােনকালে বিদায় দিবলৈ আন্ধাৰে প্ৰয়ােজনতকৈ আগতেই যাে-জা চলাইছে।

 জৰজৰাই খহি অহা বৰষুণ জাক এতিয়া নাই। বাহিৰত এতিয়া শান্ত সৌম্য পৃথিৱী।

 অশান্ত মাথাে অমৃতা।

 অস্থিৰ হৈ ঘনে ঘনে ইফালে সিফালে পদচালনা কৰিছে তাই। একে ঠাইতে বহি বা থিয় হৈ থকাৰ ধৈর্যকণ নােহােৱা হৈ আহিছে তাইৰ।

 এবাৰ মূল দুৱাৰখন খুলিছে আকৌ এবাৰ বন্ধ কৰিছে।

 বাৰে বাৰে দুচকু ৰৈছেহি লােহাৰ গেটখনত। কিজানিবা অনুৰাগ অহা দেখা পায়েই।

 নাই। অহা নাই সি।

 ক’লৈ যাব পাৰে সি বাৰু?

 এই ঠাই এতিয়া অনুৰাগৰ বাবে সুৰক্ষিত নহয়। ইয়াৰ ঘনঘােৰ অন্ধকাৰ অৰণ্যৰ ভিতৰত মাথাে শত্রুয়ে পিয়াপি দি আছে চৌদিশে। সুবিধা পালেই জপিয়াই পৰিব অনুৰাগৰ ওপৰত ... দেখিলেই গুলিয়াব।

 ভাবিয়েই আতংকিত হৈ উঠিছে অমৃতাৰ চকু মুখ।

 আত্মগ্লানিত দগ্ধ হৈছে তাই। নিজকে চিঞৰি চিঞৰি গালি পাৰিবলৈ মন গৈছে তাইৰ।

 মাথাে তাইৰ বাবে ... অনুৰাগ তাৰ বাবে অসুৰক্ষিত, বিপদ সংকুল গাওঁখনলৈ উভতি আহিছে... মাথাে তাইৰ বাবে।

 তাই বেয়া পাই এই গাঁওখনক ... যিখন গাঁও অনুৰাগৰ বাবে ইমান বিপদ সংকুল, এইখন গাঁও তাইৰ মৰমৰ হব নােৱাৰে। মুম্বায়েই ভাল। মুম্বাইৰ কংক্রীটৰ জীৱন, ব্যস্ত ৰাজপথ, শীত তাপ নিয়ন্ত্রিত বিলাসী জীৱনেই ভাল।

 ইয়াত মানুহবােৰ বেছিকৈ নিষ্ঠুৰ হৈ পৰিছে.. কাৰােবাৰ ভাগ্যনিয়ন্তা হৈ যাব খুজিছে...গাঁওখন বৰ বেয়া হৈ পৰিছে।

 সকলােফালে অৰাজকতা।

 কাৰ ওপৰত ভৰসা কৰিব। [ ৮২ ]  পুলিচ, প্রশাসন সকলাে উগ্রপন্থীৰ ভয়ত নিজৰ জীৱনৰ মােহত তলে তলে মিলি থাকে, সিহঁতক পইচা দিয়ে ।

 গতিকে সিহঁতক জানাে বিশ্বাস কৰিব পাৰি !!

 আন্ধাৰ নামি আহিছে ধৰাৰ বক্ষলৈ--

 ৰঙীন সেউজীয়া পৃথিৱীক এতিয়া কলা বগা ছবি এখনৰ দৰে দেখা গৈছে ..।

 “পাৱে পৰি হৰি কৰহো কাতৰি....”

 ভিতৰৰ পূজা ঘৰৰ পৰা ভাহি আহিছে অনুৰাগৰ মাকৰ দৰদী কণ্ঠ।

 সেই কণ্ঠৰ পৰা যেন নিগৰিত হৈছে অজস্ৰ দুখ, আৱেগ, শংকা ...

 ঘৰৰ ভিতৰত ধুপৰ গােন্ধ মলমলাই উঠিছে, বিয়পি পৰিছে ঘিঁউ চাকিৰ গােন্ধ। টিলিঙাৰ পৱিত্র সুমধুৰ শব্দ ভাঁহি আহিছে...

 পৱিত্ৰ ভাৱত চকুযুৰী মুদি দিলে তাই , অস্ফুট স্বৰত বিৰবিৰাই উঠিল ..

 “হে প্রভু...অনুৰাগ ভালে কুশলে থাকক...বিপদ অনুৰাগৰ বুকুলৈ অহাৰ আগত, মােৰ বুকুলৈ আহক”

 দুধাৰী গৰম লােতকে তিয়াই গৈছে তাইৰ দুয়াে গাল।

 তেনেতে হীৰা সােমাই আহিল।

 হীৰাই আহি মম এটা জ্বলাই টেবুলত থৈ গল। মমৰ পােহৰত উজ্জ্বল হৈ উঠিল আন্ধাৰে গ্ৰাস কৰিব ধৰা কোঠাটো ।

 “আমাৰ ইয়াত বিদ্যুতৰ একো ভৰসা নাই অমৃতা বাইদেউ” বুলি কৈ ওলাই গল কোঠাটোৰ পৰা তাই।

 হঠাতে অমৃতা বহাৰ পৰা উঠিল।

 আৰু নােৱাৰে তাই এনেকৈ অনিশ্চয়তাত থাকিব।

 পাতল স্বল এখন গাত মেৰিয়াই খৰধৰকৈ ওলাই আহিল অমৃতা।

 দুৱাৰখন লাহেকৈ পিছফালে জপাই দি তাই খৰ খােজেৰে ওলাই আহিল ঘৰৰ পৰা।

 এই কানিমুনি আন্ধাৰত কোন দিশে যাব তাই ঠিক ধৰিব পৰা নাই।

 কিছুদূৰলৈ ইতিমধ্যে আহিছেই তাই।

 আগতে এই গাঁওখনৰ প্রতিটো অলি গলি, প্ৰতিটো চুক কোন ঘােৰ অমাৱশ্যাটো চিনি পাইছিল, এতিয়া সেই একেই গাঁওখন ভীষণ অপৰিচিত, আৰু ভয়ংকৰ যেন লাগিছে তাইৰ... চৌদিশে যেন মাথাে বিপদেই বিপদ।

 তাইৰ বাবে।

 অনুৰাগৰ বাবে।

 অকণমান ঠাইতে থিয় হৈ ৰৈ একো উৱাদিশ নাপায় তাই আন্ধাৰতে নির্জনােক্তি কৰি উঠিল।

 “ক’ত আছ অনুৰাগ? ক’ত?”

 দূৰৈৰ হাবিতলীয়া ঠাইডােখৰৰ পৰা শিয়ালৰ মাত আন্ধাৰতে ভাঁহি আহিছে।

 ভেকুলীৰ টোৰটোৰণী, জিলিৰ মাত সকলাে মিলি যেন ৰহস্যময় পৰিৱেশৰ সৃষ্টি হৈছে।

 ওখ ওখ গছবােৰক একো একোটা বিৰাট আকাৰৰ দৈত্য যেন লাগিছে।

 হুৰহুৰাই মাজে মাজে বলি অহা চেঁচা বতাহত ভৰিৰ পৰা মুৰলৈ কঁপি উঠিছে অমৃতা ।

 তথাপিও আগবাঢ়ি গৈছে তাই।

 হঠাতে কিহবাত উজুটি খাই শৰীৰৰ ভাৰসাম্য হেৰুৱাই পৰিব লওঁতেই এটা উষ্ম, বলিষ্ঠ বাহুবন্ধনৰ মাজত সােমাই পৰিল তাই তর্কিব পৰাৰ আগতেই।

 ভৰিৰ অসহ্য বিষাে অনুভৱ কৰা নাই তাই....

 অনুভৱ কৰিছে মাথাে সেই উষ্ম, সৰগীয় সান্নিধ্য।

 বুকুখন কোনাে ন-যৌৱনা গাভৰুৰ দৰেই ধপধপাই উঠিছে, এক গভীৰ প্রশান্তিত চকুযুৰী জাপ খাই আহিছে.. আৱেগত অভিমানত উদ্বেলিত হৈ দুচকুৰে সৰসৰাই চকুলাে বাগৰি আহিছে। [ ৮৩ ]  “অনুৰাগ’’

 তাইৰ অস্ফুট কণ্ঠই চুই গৈছে তাক...

 আৰু ভীষণ উষ্মতাৰে অত্যন্ত আৱেগেৰে সাৱটি ধৰিছে সি তাইৰ লাহী দেহা।

 চেঁচা বতাহৰ এতিয়া তাইক চুই যােৱাৰ সাধ্য নাই।

 অন্ধকাৰৰ সাধ্য নাই তাইৰ শৰীৰ কঁপাই তুলিবলৈ।

 এই সান্নিধ্য চিনি পাবলৈ তাইক অকণমানাে পােহৰৰ প্ৰয়ােজন নাই।

 অনুভৱেই যথেষ্ট--

 বুকুৰ ধপধপনি, শৰীৰৰ উষ্মতাই যথেষ্ট।

 স্থবিৰ হৈ পৰিছে যেন ক্ষণটো।

 স্থবিৰ হৈ পৰিছে প্রকৃতিৰ গতি।

 বতাহৰ সাে-সােৱনী, ভেকুলীৰ টোৰটোৰণী, জিলি, নৈশ চৰাইৰ কোৰ্হালক চেৰ পেলাই বাঢ়ি আহিছে দুটি কলিজাৰ স্পন্দন।

 উষ্মতাই আৱৰি ধৰিছে দুয়ােকে- - চঞ্চল হৈ উঠিছে দুটি শৰীৰ, দুটি প্রাণ।

 ক’ব নােৱাৰাকৈয়ে দুচকু জাপ খাই আহিছে তাইৰ ... কঁপি উঠিছে পুৰঠ ওঁঠ যুৰী..

 অনুৰাগৰ বুকুৰ ধপধপনিৰ সুৰ তাই অনুভৱ কৰিছে নিজৰ বুকুত... অমৃতাৰ হৃদয়ৰ আভ্যন্তৰলৈকে এটি মৃদু খলকনি তুলিছে সেই সুৰে ...প্রিয়তমৰ বুকুৰ পৰা ভাঁহি অহা সেই সুৰৰ মধুৰ ৰাগত ডুব গৈছে তাই কব নােৱাৰাকৈয়ে।

 কিমান দেৰি ক’ব নােৱাৰে...

 মূৰৰ ঠিক ওপৰেৰে পাখি ধপধপাই উৰি যােৱা এহাল নৈশ পক্ষীৰ কোৰ্হালত আন্ধাৰতে তন্ময়তা ভাঙি গল দুয়ােৰে।

 : ভৰিত দুখ পালি নেকি? এনেকৈ আন্ধাৰত ক’ত ঘূৰি ফুৰিছ?

 অনুৰাগৰ মৰমসনা কণ্ঠস্বৰ ভাহি আহিল অন্ধকাৰতে। লৰালৰিকৈ নিজকে চম্ভালি থিয় হব খুজোঁতেই আৰু জোৰেৰে ধৰি ল’লে সি তাইক এখন হাতেৰে।

 : অনু ..এৰি দেনা। কি কৰিছ..?

 : মই কি কৰিছাে? ধৰিছোঁহে।

 : এনেকৈ ধৰে নেকি?

 : কিয়? এনেকেতাে মই তােক সৰুতে কিমানবাৰ ধৰিছিলোঁ... তেতিয়াটো বেয়া পােৱা নাছিলি? এতিয়া কিয় বেয়া পাইছ?

 : মই তােক কেতিয়া ক’লাে বেয়া পাইছাে বুলি?

 : তেতিয়াহলে ভাল পাইছ?? অকে।

 অমৃতাই কিবা কবলৈ নৌপাওঁতেই সাউতকৈ আন্ধাৰতে তাইক কোলাত আলাসতে দাঙি ল’লে সি।

 : কি কৰিছ তই? নমাই দে বুলি কৈছাে নহয় এতিয়াই।

 অলপ টানকৈ কম বুলি ভাবিও কথাষাৰ টান হৈ নােলাল তাইৰ।

 : ভৰিত দুখ পাইছ চাগৈ?? মই থাকোতে খােজ কাঢ়ি মৰিব নালাগে এই আন্ধাৰত।

 “তই এৰি দিয়াৰ পিছত ভাস্কৰৰ পৃথিৱীৰ লেতেৰা অন্ধকাৰৰ মাজত এনেকৈ কিমান অকলে খােজ দিলোঁ, তেতিয়া ক’ত আছিলি অনুৰাগ??”

 মনতে ভাবিলে অমৃতাই।

 তাইক কোলাত লৈ ধীৰ গতিৰে ঘৰলৈ খােজ দিয়ে সি।

 : অনু ...নমাই দেচোন। প্লিজ। মা আছে ভিতৰত। দেখি পাব।

 : দেখি পালে পাওক ...মায়ে কি বিচাৰে মই জানাে নহয়। [ ৮৪ ]  : অনু...

 কৃত্রিম খং এটা উঠি আহে তাইৰ। এসোঁতা গৰম তেজে ধুৱাই গৈছেহি তাইৰ দুয়াে গাল... ভাগ্য ভাল অন্ধকাৰ ! নহ’লে সি নিশ্চয় জোকালেহেঁতেন তাইক!!

 তাইৰ কথা, তাইৰ খঙলৈ গুৰুত্ব নিদিয়ে সি।

 : হীৰা... হীৰা।

 অমৃতাক কোলাত লৈয়েই, বাৰাণ্ডাত উঠি মাত দিলে সি। অনুৰাগৰ মাত শুনি উধাতু খাই দৌৰি ওলাই আহিল সীমান্ত আৰু হীৰা।

 অমৃতা উছপিচাই উঠিল।

 : প্লিজ নমাই দে।

 নামিবলৈ বৃথা চেষ্টা কৰি চেপা কণ্ঠৰে কৈ উঠিল তাই।

 অমৃতাক অনুৰাগৰ কোলাত দেখি আচৰিত হৈ অনুৰাগৰ মাকো ওলাই আহিল হুইল চেয়াৰত।

 অমৃতাই লাজত মুখখন লুকুৱাবলৈ ঠাই বিচাৰি ফুৰিছে। অনুৰাগে তাইক চোফাখনতে আলফুলে নমাই ল’লে।

 : চাওঁ ভৰিখন দিয়া । কত দুখ পালি চাওঁ?

 : কৈছোঁতো দুখ পােৱা নাই। এনেই মিছাতে তই উৎপাত কৰিছ ??

 : কি উৎপাত কৰিলোঁ?? মােক চাবলৈ দে। পাগলীজনী।

 অনুৰাগে তাইৰ বাধালৈ গুৰুত্ব নিদি তাইৰ কোঁচাই লােৱা ভৰিখন নিজৰ হাতত লৈ ভালকৈ নিৰীক্ষণ কৰাত লাগিল।

 : মাইক্রস্কোপ লগাই চালেও একো দেখা নাপাবি। দুখ পােৱা নাই বুলি কৈয়েই আছোঁ দেখােন।

 : কিয় দুখ পােৱা নাই? এয়া কি?

 : ক’ত?

 অনুৰাগে দেখুৱাই দিয়া ঠাইডােখৰলৈ চাই সশব্দে হাঁহি উঠিল অমৃতা। সীমান্ত আৰু হীৰাও মুখ টিপি হাঁহি পৰিছে। অনুৰাগৰ মাকৰ মুখতাে উজ্জ্বল হাঁহি এটি বিয়পি পৰিছে ... সিহঁতহালক তাতেই এৰি ভিতৰলৈ সােমাই গৈছে তেওঁ।

 সামান্য ছাল অকণ এৰিছে মাথাে।

 : হীৰা হাঁহি আছ যে? দেখা নাই, বাইদেউৱে দুখ পাইছে ভৰিত? ...ডেটল আৰু কটন লৈ আনচোন।

 অনুৰাগৰ আদেশ পাই হাঁহি বন্ধ কৰি ভিতৰলৈ লৰ মাৰি গৈ হীৰাই লৈ আনিলে ডেটল আৰু কটন।

 অত্যন্ত মনােযােগেৰে কটনত ডেটল লগাই ছাল এৰা ঠাইডােখৰত লগাই দিলে সি।

 মােহাচ্ছন্ন দৃষ্টিৰে অমৃতাই চাই ৰল অনুৰাগৰ মুখখনলৈ। এইটোনাে দুখ পােৱাই নে? ইয়াতকৈ কিমান দুখ, যন্ত্রণা, শাৰীৰিক পীড়া সহ্য কৰি আহিছে তাই .... !!

 ভৰিখন কোঁচাই ললে তাই হঠাতে।

 অনুৰাগে স্থিৰ দৃষ্টিৰে তাইৰ দুচকুলৈ চাই ৰল কিছু দেৰী। অমৃতাই কি ভাবিছে, কি কব খুজিছে বুজি পাইছে সি। কটন আৰু ডেটলটো হীৰাৰ হাতত দি থিয় হল সি।

 : তই ফ্রেছ হৈ ল অনু ... পিছত কথা পাতিম।

 ধীৰ গতিৰে ভিতৰলৈ সােমাই যােৱা অমৃতালৈ কিছু দেৰি চাই ৰল সি।

 : হীৰা গৰম পানী দিবিচোন। গাটো ধুই লওঁ।

 “থৈ দিছাে দাদা”

 পাকঘৰৰ পৰাই অলপ উচ্চ স্বৰত চিঞৰি উত্তৰ দিলে হীৰাই।

 গা ধুবলৈ যােৱাৰ আগত মাকৰ লগত কথা কিছুমান পাতি লওঁ বুলি সি মাকৰ কোঠালৈ সােমাই গ’ল।

 চিকিমিকিকৈ জ্বলি থকা মমটোৱে কোঠাৰ অন্ধকাৰ আঁতৰাবলৈ প্ৰানেপণে চেষ্টা কৰিছে।

 বাহিৰত কিনকিনিয়া বৰষুণ এজাক আহিব ধৰিছে। [ ৮৫ ]  পাকঘৰৰ পৰা ভাঁহি আহিছে কাহী বাটিৰ টুং টাং শব্দ।

 কোঠাটোত বহি ৰৈছে অমৃতা আৰু অনুৰাগ।

 অনুৰাগৰ মুখেৰে সকলোবোৰ কথা শুনিবলৈ পাই তন্ময় হৈ চাই ৰৈছে তাই তাৰ দুচকুলৈ।

 বিস্ময়াবিভূত হৈ তাই শুনি ৰৈছে অনুৰাগৰ সন্ত্ৰাসবাদৰ যাত্ৰা... অৰণ্যৰ জীৱন ... আকৌ ,মাথো এমুঠি সেন্দূৰৰ ওচৰত হাৰ মানি যোৱা নিশাটো ... জেইলত অনুশোচনাত কটোৱা সময়বোৰ, তাৰ পিছত আকৌ তাৰ অনিৰুদ্ধ বৰুৱালৈ কষ্টকৰ পৰিৱৰ্তনৰ যাত্ৰা।

 প্ৰজ্বলিত মমৰ শিখাৰ সোণোৱালী পোহৰত উজ্জ্বলি উঠিছে অমৃতাৰ মুখৰ কেঁচা সোণ বৰণীয়া মুখ আৰু অনুৰাগৰ গভীৰ চকুযুৰ।

 দুয়ো দুয়োলৈ একেথৰে চাই ৰৈছে বহু সময়। এসোপা মৰম জাগি উঠিছে দুয়োৰে অন্তৰত।

 অব্যক্ত প্ৰেমে প্ৰকাশ পাইছে সৰ্বস্বতে... মৌন ওঁঠ , মৌন মুখ... দুচকুৰ চাৱনিত।

 আৱেগবোৰ পাৰ ভাঙি আহিব খুজিছে...কিন্তু বাস্তৱৰ কঠিন বুকুত খুন্দা খাই মুখ ঠেকেচা খাই পৰি ৰৈছে। অনুভূতিবোৰ নিয়ন্ত্ৰণৰ হেঁচাত উন্মাদ হৈ পৰিছে।

 এজুলুকা অশ্ৰুকণা চকুৰ কোণত জমা হৈছে... মমৰ পোহৰত প্ৰতিফলিত হৈ তিৰবিৰাই উঠিছে সেই অশ্ৰুকণা ... বুকুখন বিষাই উঠিছে তাৰ।

 সহ্য হোৱা নাই তাৰ।

 সহ্য হোৱা নাই এই ধুনীয়া চকুযুৰীত এই অশ্ৰুকণা।

 সোঁহাতখনেৰে তাইৰ ঠুঁতৰিত ধৰি মুখখন তুলি ধৰিলে সি....

 : অনু.....

 অনুৰাগে প্ৰত্যুত্তৰত একো নকলে। তাইক চুপ থাকিবলৈ ইংগিত দি সি ৰুমাল এখনেৰে মচি দিলে চকুহাল।

 : তোৰ চকুত চকুপানী মোৰ সহ্য নহয় অ। কিয় দুখ দিয় মোক?

 অমৃতাই কিছুপৰ স্থিৰ দৃষ্টিৰে, বহল দুচকুৰে চাই ৰ’ল অনুৰাগৰ মুখলৈ। অনুৰাগৰ চকুহালত পৃথিৱীৰ সমস্ত মৰম আৰু আৱেগবোৰ আহি গোট খাইছেহি যেন ...।

 : দুখ কোনে কাক দিছে অনু? জাননে তোৰ কাৰণে চবেই কিমান চিন্তা কৰি আছে?

 : চবেই মানে?

 : অদিতি, শ্যামলী,... এবাৰটো ফোন কৰি জনাই দিব পাৰ??

 : অদিতি আৰু শ্যামলীয়েই হবলা তোক জোৰ কৰি পঠাই দিছে মোৰ ওচৰলৈ। হয়নে?

 কৌতুক জিলিকি উঠিছে অনুৰাগৰ গম্ভীৰ চকুহালত।

 গাঁওখনত নেটৱৰ্ক ভালকৈ নাপায়...ইণ্টাৰনেট দূৰৰ কথা। ইফালে ভয়তে মাকে তাক ক’লৈকো যাব নিদিয়ে। আজি কোনোমতে সি মাকক বুজাই ওলাই গৈছিল টাউনলৈ...টাউনৰ এজন উকিল বন্ধুৰ ঘৰলৈ। তাৰপৰাই সি ফোন কৰিছিল অমৃতালৈ। নত ৰিচ্ছেবল পোৱাত শ্যামলীলৈ ফোন কৰিছিল। শ্যামলীয়ে তাক জনাইছিল কেনেকৈ তাৰ বাবে উদ্বিগ্ন হৈ কাৰো বাধা নমনাকৈ অমৃতা অকলেই গুচি গৈছিল।

 অনুৰাগৰ কৌতুক ভৰা দৃষ্টিলৈ চাই ৰৈছে তাই। ক’ব নোৱাৰাকৈয়ে ৰক্তিম আভা বিয়পি পৰিছে তাইৰ দুয়ো গালত।

 : অনু এইবোৰ উলতা পুলতা কথা নকবি মোৰ আগত। মোৰ তোৰ ওপৰত এনেও বহুত খং উঠি আছে।

 :কিয়?

 : এবাৰো ফোন কৰা নাছিলি কিয়?

 : মই ফোন কৰা হলে আহিলিহেঁতেন নে এনেকৈ মোক বিচাৰি গাঁৱলৈ??

 : অনু....

 : মিছা কথা ক’বলৈ শিকি গ’লি। সঁচা কবলৈ সাহস নোহোৱা হ’ল তোৰ .. [ ৮৬ ]  অনুৰাগৰ দুচকুত সেই একেই কৌতুক ভৰা চাৱনি।

 : কি মিছা ক’লো? আৰু সঁচা কবলৈ ভয় কৰিম কিয়?

 : ঠিক আছে ... ডু ইউ লাভ মি?? সঁচা ক'বি।

 নিৰ্বাক হৈ পৰিল অমৃতা।

 বিস্মিত চকুযুৰীৰে, ৰক্তিম দুগালেৰে তাই অবাক হৈ চাই ৰল অনুৰাগৰ গম্ভীৰ হৈ উঠা চকুৰ চাৱনীলৈ।

 এটি ধুনীয়া সপোনৰ দৰে পাৰ হৈছে দিনবোৰ আৰু ৰাতিবোৰ। অপাৰ সুখ অনুভৱ কৰিছে তাই ..দুখৰ অনুভৱ বোৰ বহু দূৰৈত ৰৈ গৈছেহি... ব্যথা, যন্ত্ৰণাবোৰে ভুমুকি মাৰিবলৈ সুযোগ পোৱা নাই।

 আচৰিত হৈছে অমৃতাই নিজেও।

 মুম্বাইৰ শ্বাসৰুদ্ধকৰ সময়বোৰৰ আগত নিজৰ হাৰ স্বীকাৰ কৰি এমুঠি শ্লিপিং টেবলেটক নিজৰ সাৰথি কৰি লোৱা অমৃতাজনী আৰু এইজনী অমৃতাৰ মাজত যেন আকাশ পাতাল পাৰ্থক্য।

 অনুৰাগ আৰু অমৃতাই এই কেইদিনত মনভৰাই কথা পাতিছে... শৈশৱৰ স্মৃতি ৰোমন্থন কৰিছে, কথাই কথাই হাঁহিছে, আকৌ মাজে মাজে অভিমান ভৰা কাজিয়াও কৰিছে।

 ডিপ্ৰেছনত ভুগি খাবলৈ, শুবলৈ পাহৰি যোৱা অমৃতাই সুস্বাদু আহাৰ পেট পুৰাই খাই শিপিং টেবলেট নোলোৱাকৈয়ে গভীৰ নিদ্ৰাত ডুব গৈছে... আকৌ অমৃতাৰ গভীৰ নিদ্ৰাচ্ছন্ন মুখখনি চাই প্ৰশান্তিত উজ্জ্বলি উঠিছে অনুৰাগৰ চকুহাল।

 অনুৰাগে কেইবাবাৰো তাইক লগ ধৰিছে বাহিৰলৈ ....গাঁওখনত ফুৰিবলৈ, গৰাত বহি শাওনৰ ভৰ নদীখন চাবলৈ, সেউজীয়া পথাৰ চাবলৈ। পিছে নানা অজুহাত দেখুৱাই তাই নাযায় নিজেও, আৰু তাকো যাব নিদিয়ে।

 অমৃতাই মনত ৰাখিছে অনুৰাগৰ মাকে কোৱা কথাবোৰ।

 তাই পাহৰি যোৱা নাই, কিমান বিপদসংকুল এই ঠাইখন অনুৰাগৰ বাবে।

 অমৃতাই লক্ষ কৰে অনুৰাগক, তাৰ দেখোন অকণো ভয় নাই একোলৈ ... ভয় নাই বন্দুকৰ গুলিলৈও।

 অনুৰাগৰ জীৱন সংকটত আছে নেকি বাৰু সচাকৈ!!

 কথাষাৰ ভাবিলেই বুকু কঁপি উঠে তাইৰ ... ভয়, শংকাত নীলা পৰিব খোজে তাই।

 কিন্তু ইমান চিন্তা কৰিবলৈ অনুৰাগে তাইক অৱকাশ কত দিয়ে?

 গাঁওখন চাবলৈ বাহিৰলৈ ওলাই নগলেও, খিৰিকীৰ কাষত নতুবা বাৰাণ্ডাত বহি দুয়ো উপভোগ কৰিছে গাঁওখনৰ চেঁচা বতাহ, জৰজৰাই খহি অহা বৰষুণ...আকৌ মাজে মাজে উপভোগ কৰিছে ৰৌদ্ৰোজ্জ্বল নিলীম আকাশ.. জোনাক ভৰা নিশা..

 মলয়ৰ পৰশত লয়লাস ভংগীত নৃত্যৰত গছ বিৰিখৰ পাত।

 তাৰ মাজতেও আকৌ কেতিয়াবা সি অমৃতাক নিৰ্বাক কৰি দিয়ে, অস্বস্তিত পেলায় সেই একেই অদ্ভুত প্ৰশ্ন বাৰে বাৰে সুধি।

 “ডু ইউ লাভ মি?”

 ভ্ৰূ কুঞ্চিত কৰি, কৃত্ৰিম খং দেখুৱাই ঘোপাকৈ চাই ৰয় তাই অনুৰাগৰ দুচকুলৈ।

 এনেকুৱা অদ্ভুত প্ৰশ্নও কৰিব লাগেনে সি ..!

 এই প্ৰশ্নৰ উত্তৰ নাই মোৰ লগত।

 তাই গহীনাই উত্তৰ দিয়ে প্ৰতিবাৰেই।

 : কিয় নাই? মোক সুধি চা নহলে একেটা প্ৰশ্ন!!

 মই ধুনীয়াকৈ উত্তৰ দিম।

 দুষ্টামি ভৰা হাঁহি জিলিকি উঠে তাৰ চকুৱে, মুখে।

 : উফ... অনু ... মোৰ অধিকাৰ নাই তোক তেনেকুৱা প্ৰশ্ন কৰিবলৈ।

 : অধিকাৰ মই তোক দিছো। তোৰ সম্পূৰ্ণ অধিকাৰ আছে মোৰ ওপৰত।

 অত্যন্ত গম্ভীৰ হৈ পৰে অনুৰাগৰ কণ্ঠ। [ ৮৭ ]  সেই যে তাই প্ৰতিবাৰেই কয় অধিকাৰ নাই বুলি, তাৰ পিছতেই সৰু খণ্ডযুদ্ধ এখন লাগি যায় দুয়োৰে মাজত।

 কেতিয়াবা আকৌ দুয়োৰে কাজিয়া হয় উচিত অনুচিতক লৈ...বিশেষকৈ, যেতিয়া অনুৰাগে সম্পূৰ্ণ অধিকাৰেৰে ধৰি লয় তাইৰ হাতখন নিজৰ হাতৰ মুঠিত। সংকোচেৰে নিজৰ হাতখন আঁতৰাই আনিবলৈ চেষ্টা কৰে তাই।

 : হাতখনে কি জগৰ লগালে?

 : এয়া অনুচিত।

 : কিয় অনুচিত বাৰু? এনেকৈটো মই কিমান বাৰ সৰুতে ধৰিছো তোক। মোৰ হাতত নধৰাকে একো কামেই কৰিব নোৱাৰিছিলি তই। তেতিয়াটো একো কোৱা নাছিলি? এতিয়া প্ৰব্লেম কিয় হৈছে?

 : অনু তেতিয়াৰ কথা বেলেগ ... এতিয়া মই বিবাহিতা নাৰী। কাৰোবাৰ পত্নী।

 অনুৰাগ পুনৰ গম্ভীৰ হৈ যায় তাইৰ উত্তৰত।

 আঁহত দৃষ্টিৰে চাই ৰয় সি তাইৰ দুচকুলৈ.. শিৰৰ সেউতাৰ অকণমান ৰংটোলৈ। সেই দৃষ্টিত দৃষ্টি মিলাব নোৱাৰি তলমূৰ কৰি ৰয় তাই।

 অনুৰাগক মনত আঘাত দি তাতকৈও বেছি আঘাত পায় তাই নিজেই।

 তথাপিও তাই নিৰূপায় কাৰণ সেয়াই সত্য। আৰু সত্য সদায় কঠোৰ।

 তাই বুজাই অনুৰাগক।

 কিন্তু সি বুজিও যেন বুজিব নোখোজে।

 শিৰৰ সেন্দূৰৰ ৰংটো দেখিলেই অনুৰাগ উছপিচাই উঠে। মুখখন কঠিন হৈ আহে। হাতৰ মুঠি টান হৈ পৰে। ভাস্কৰ দত্তৰ আসুৰিক মুখাবয়ব দুচকুৰ আগত ভাঁহি উঠে।

 অমৃতাৰ হাতখন এৰি দিয়ে সি নিজৰ অজানিতেই।

 “সেন্দুৰটো মুচি পেলা”

 ক’ব খোজে সি।

 কিন্তু মুখ খুলি কব নোৱাৰে সি, ভিতৰি ছাটিফুটি মৰে। এক ধৰণৰ অনামী খঙে আৱৰি ধৰে তাক ... অভিমান এটা জাগি উঠে বুকুৰ একোণত ...তাই আজিও ভাস্কৰ দত্তৰ নামৰ সেন্দুৰ সৰুকৈ হলেও শিৰত সজাইছে।

 কিয়? ইমান নিষ্ঠুৰ, অসুৰিক প্ৰকৃতিৰ মানুহজনৰ নামত এতিয়াও সেন্দুৰ কিয় লগাইছে অমৃতাই??

 যিজন মানুহে তিলতিলকৈ তাইক শোষণ কৰি আহিছিল অতবছৰে...।

 শ্যামলীয়ে জনাইছিল তাক , ভাস্কৰ দত্তৰ বেইল হোৱাৰ কথা আৰু অমৃতাই অদিতিয়ে বহুবাৰ কোৱাৰ পিছতো এবাৰো নিজে উকিলক লগ ধৰিব নোযোৱাৰ কথা।

 কিয় এনেকুৱা কৰিছে অমৃতাই?

 ডিভোৰ্চ নিবিচাৰে নেকি তাই ভাস্কৰ দত্তৰ পৰা??

 মুক্তি নিবিচাৰে নেকি অমৃতাই সেই সম্বন্ধটোৰ পৰা??

 তথাপিও একো নকয় সি তাইক।

 কিছুমান সিদ্ধান্ত তাইৰ একান্ত নিজৰ, যত সি যুক্তি দিয়াটো অনুচিত।

 অভিমানত ৰঙা হৈ উঠে সি।

০০ ০০ ০০

 চিন্তা, ভয়, শংকাৰ মাজতো অনুৰাগৰ মাকৰ মুখত অকণমান সুখৰ ৰেশ বিয়পি পৰিছে ... অমৃতাৰ আগমনে পোহৰাই তুলিছে মানুহজনীৰ বয়সে শুষ্ক কৰি তোলা মুখ।

 অমৃতাৰ জীৱনত ঘটি যোৱা ঘটনাবোৰ শুনি দুখত ম্ৰিয়মান হৈ পৰিছিল মানুহজনী, যদিও এতিয়া তেওঁ মনেপ্ৰাণে বিচাৰে অনুৰাগৰ জীৱনত অমৃতা ঘূৰি অহাটো...।

 এই কেইদিনত তেওঁ লক্ষ্য কৰিছে সুখে বুৰাই পেলোৱা লৰা-ছোৱালীহালক। [ ৮৮ ]  কেতিয়াবা যদি কথা পাতিছে, কেতিয়াবা আকৌ অভিমানত উন্দুলি উঠে, কেতিয়াবা আকৌ কাজিয়া... আকৌ সেই কাজিয়াবােৰৰ মাজে মাজে তন্ময় হৈ ইটোৱে সিটোক চাই থকা ...

 তেওঁ দেখিছে, সেই চাৰিচকুৰ মিলনত সৰি অহা মুঠি মুঠি প্রেম, ভালপােৱা... অপাৰ মুগ্ধতা।

 ...অনুৰাগ আৰু অমৃতাৰ মিলন হওক।

 হুইল চেয়াৰত বহি ৰুদ্রাক্ষৰ মালা লৈ একান্তমনে জপ কৰে মানুহজনীয়ে।

 নৈশ আহাৰ খাই উঠি দুয়াে আগচোতালত দুখন চকীত বহি লৈছে।

 ফৰকাল আকাশ।

 জোনৰ স্নিগ্ধ পােহৰ পৰিছে আগচোতালত...বাৰাণ্ডাত। চোতালৰ বটলব্রাছ জোপাৰ পাতৰ আঁৰে আঁৰে সৰকি অহা। জোনাকৰ স্নিগ্ধ পােহৰ দুয়ােৰে গালে মুখে পৰিছেহি।

 তন্ময় হৈ চাই ৰৈছে অনুৰাগে অমৃতাৰ ধুনীয়া মুখখনিলৈ। কিবা চিন্তাত যেন বিভােৰ হৈ পৰিছে তাই।

 : কি ভাবি আছ ইমানকৈ?

 :... চাইছো। ইমান ধুনীয়া ন জোনটো!!

 : ওম ম ...

 কিছুদেৰী কিবা ভবাৰ দৰে কৰিলে সি।

 : উহু ... এই জোনটোতকৈ বেছি ধুনীয়া জোন মােৰ কাষতেই বহি আছে।

 তাৰ গভীৰ চকুহাললৈ স্থিৰ নেত্রে চাই ৰল তাই।

 : সচা কথা কৈছাে।

 সুগভীৰ দৃষ্টিৰে চাই ৰৈছে সি তাইৰ দুচকুলৈ।

 সেই দৃষ্টিত মুঠিয়ে মুঠিয়ে সৰিব ধৰিছে অপাৰ প্রেম... মৌন হৈ চাই ৰৈছে অমৃতাই... এজুলুকা অশ্রু ভৰি আহিছেহি তাইৰ দুচকুত।

 দুচকু জপাওঁতেই সৰ সৰাই বাগৰি আহিছেহি দুয়ােগালেদি তপত চকুলাে।

 কান্দোন এটা উজাই আহিছে বুকু ভাঙি..

 : কিয় কৈ থাক এইবােৰ মােক ?? কিয় ?

 থুকা থুকি হৈ পৰিছে তাইৰ কণ্ঠ।

 আৱেগিক হৈ উঠিছে অনুৰাগ।

 :কিয় নক'ম? মই কমেই ... আই লাভ ইউ অমৃতা। আৰু সেয়াই সত্য। মই তােক ভাল পাওঁ। বহুত ... বহুত ভাল পাওঁ।

 আৱেগত কম্পিত সুগভীৰ কণ্ঠ অনুৰাগৰ... সামান্য চঞ্চল হৈ উঠিছে অনুৰাগৰ গহীন গম্ভীৰ অবয়ব..এজন কিশােৰে নিজৰ প্রথম প্রেম নিবেদন কৰাৰ সময়ত অনুভৱ কৰা চঞ্চলতাৰ দৰে।

 এৰা, প্রথম প্রেমৰ প্রথম নিৱেদনেইতাে এয়া!

 জীৱনত প্ৰথমবাৰৰ বাবে প্রথম প্রেমে শব্দৰ ৰূপ লৈছে অনুৰাগৰ ওঁঠত... নিজৰ মনৰ ভাব মুখেৰে বিনাদ্বিধাই ব্যক্ত কৰিছে অনুৰাগে এই প্রথমবাৰ।

 অনুৰাগৰ হাতৰ উত্তাপে চুই গৈছে তাইৰ দুয়ােগাল। মনৰ আৱেগ, অনুভূতিবােৰ লিপিত খাই ধৰিছেহি তাৰ দুচকুৰ চাৱনিত।

 হুকহুকাই কান্দি উঠিছে তাই।

 :মই ইয়াৰ যােগ্য নহওঁ৷ নহওঁ মই যােগ্য তােৰ প্রেম পােৱাৰ.. এইবােৰ নক’বি মােক।মইতাে ... মইতাে এজন নিষ্ঠুৰ দানৱৰ হাতত কলুষিত হৈ পৰিছাে অনুৰাগ ..প্লিজ এইবােৰ নক’বি।

 : কলুষিত .. ?? মােৰ প্ৰেম ভালপােৱাক শৰীৰ সৰ্বস্ব বুলি কিয় ভাবি লৈছ? সি তােৰ শৰীৰ চুইছে, মই তােৰ প্রাণ, [ ৮৯ ] তোৰ আত্মাক চুব খোজো।

 অমৃতাৰ মুখখন নিজৰ দুয়োহাতেৰে তুলি ধৰি লৈ ক’লে সি ..।

 বাকৰুদ্ধ হৈ চাই ৰল তাই অশ্ৰুসিক্ত দুচকুৰে অনুৰাগৰ গভীৰ দুচকুলৈ।

 চাৰি চকুৰ সেই মিলনৰ উষ্মতাত ...

 হিমালয় সম ওখ প্ৰাচীৰ নিঃশেষ হৈ আহিব ধৰিছে ....যেনেকৈ ৰ’দৰ উত্তাপত আত্মসমৰ্পণ কৰে বৰফৰ কঠিন পৃষ্ঠই।

 কিমান সময়.. দুয়ো কব নোৱাৰে।

 নিশা ক্ৰমাৎ গভীৰ হৈ আহিছে। দূৰৈৰ পৰা ভাঁহি অহা মটৰ চাইকেলৰ শব্দত সচকিত হৈ উঠিল দুয়ো।

 অন্ধকাৰ কোঠাৰ ৱালতে আউজি নিস্তব্ধ হৈ ৰৈছে অমৃতা আৰু অনুৰাগ। উৎকৰ্ণ হৈ ৰৈছে সি।

 সম্ভাৱ্য বিপদৰ আশংকাত ভয়ত বিৱৰ্ণ হৈ পৰিছে অমৃতা। ষষ্ঠ ইন্দ্ৰিয়ই যেন চিঞৰি চিঞৰি সজাগ কৰিছে ,

 “বিপদ সমাগত” “ বিপদ সমাগত”

 বুকুৰ ধপধপনীবোৰ দ্ৰুতৰ পৰা দ্ৰুততৰ হৈছে।

 নিৰ্জন নিশাৰ নৈস্তব্ধতা ফালি মটৰ চাইকেলৰ কৰ্কশ শব্দ ভাঁহি আহি আছে.....

 মটৰ চাইকেলৰ শব্দও ইমান বিকট....ইমান

 ভয়ংকৰ হব পাৰেনে!!

 অজান ভয়ত কঁপি উঠিছে অমৃতা।

 কিছুপৰ পিছতে মটৰ চাইকেলৰ শব্দ নোহোৱা হৈছে।

 মূৰটো ৱালতে আউজি স্বস্তিৰ নিশ্বাস এৰিলে অমৃতাই।

 অনুৰাগে উঠি গৈ অন্ধকাৰতে আলমাৰীখন খুলি কিবা বস্তু উলিয়াই বেগত ভৰাব ধৰিছে।

 সি জানে, সি নিজেই নিজক ৰক্ষা কৰিব লাগিব।

 ইয়াত ফোন কৰিবলৈও নেটৱৰ্ক নাই।

 আৰু নেটৱৰ্ক থাকিলেও যে কাৰোবাৰ পৰা সহায় পোৱা যাব, তাত সন্দেহ আছে।

 সকলোৱে ভয়ত সন্ত্ৰাসবাদীৰ সৈতে তলে তলে মিলি থকাটোহে উচিত বুলি ভাবে।

 অনুৰাগে জানে, গাঁৱৰ মানুহবোৰো পৰিচিত এই মাজনিশাৰ মটৰ চাইকেলৰ শব্দৰ সৈতে।

 মাজনিশাৰ এই দৈত্যকায় গৰ্জন কৰ্ণপাত হলেই ভীতিগ্ৰস্ত গাঁৱলীয়া মানুহবোৰৰ ঘৰে ঘৰে অন্ধকাৰে বিৰাজ কৰে। নুমোৱাই দিয়া হয় সকলোৰে ঘৰৰ বিজুলী বাতি, চাকি, লেম্প।

 অমৃতাৰ ওঁঠত নিজৰ তৰ্জনী আঙুলিটো থৈ সি তাইক মনে মনে থাকিবলৈ ইংগিত দিলে।

 কিবা এটা সুধিব খুজিও ৰৈ গল তাই।

 কি কৰিছে অনুৰাগে?

 তাই ঠিক ধৰিব পৰা নাই। বুজিব পৰা নাই তাই অনুৰাগৰ গতি বিধি।

 নিস্তব্ধতাৰ মাজত “কেৰেক” কৈ মূল দুৱাৰখনত এটি সৰু শব্দ হ’ল।

 সতৰ্ক হৈ ৰৈছে অনুৰাগ।

 অলপ পিছত ঘন হৈ আহিল সেই শব্দ।

 কিবা তলকিব পৰাৰ আগতেই অনুৰাগে অমৃতাক অন্ধকাৰত টানি আনিলে নিজৰ ওচৰলৈ, দুৱাৰৰ চুকতে চেপি থিয় হৈ ৰল দুয়ো।

 ভয়ত শৰীৰৰ ৰক্ত প্ৰৱাহ বন্ধ হৈ গোট মাৰি বৰফ হোৱাৰ উপক্ৰম হৈছে অমৃতাৰ। [ ৯০ ]  দুৱাৰখন “ধাম’’কৈ খোল খালে।

 জোনাকে পোহৰ সিঁচি দিয়া কোঠাটোত হঠাৎ সোমাই আহিছে দুজন কলা পোছাক পিন্ধা ছায়ামূৰ্তি। হাতত বন্দুক। দুৱাৰখনৰ চুকত ভয়ত জঠৰ হব ধৰিছে অমৃতা।

 বন্দুক পোনাই সতৰ্ক দৃষ্টিৰে আগুৱাই গ’ল দুয়োজন। দুয়োজনে এবাৰ ইটোৱে সিটোৰ মুখলৈ চাই কিবা ইংগিত দিলে।

 এপলক মাত্ৰ।

 সেই এপলকত হঠাৎ তড়িৎ গতিৰে অনুৰাগ জপিয়াই পৰিছে দুয়োজনৰ ওপৰত পিছফালৰ পৰা... জপতিয়াই ধৰিছে। দুয়োজনৰ কান্ধ, শৰীৰ, হাতৰ বন্দুক ..

 অনুৰাগ হিংস্ৰ হৈ পৰিছে। হাত, বুকুৰ মাংসপেশী কঠিন হৈ আহিছে।

 শান্ত গম্ভীৰ ৰূপ নাই...

 চকুৱে মুখে মাথো ফুটি উঠিছে অমৃতাই আগতে কাহানিও নেদেখা কঠিনতা, নিষ্ঠুৰতা আৰু বলিষ্ঠতা।

 উপৰ্যপূৰি মূৰে, বুকুৱে , নাকে , মুখে ঘোচা মাৰি হাতৰ বন্দুক আজুৰি টানি পেলাইছে সি।

 আকৌ বন্দুকেৰে উপৰ্যপূৰি মাৰ সোধাইছে।

 : তহঁতে জীয়াই থাকিব নিদিয় কিয় মোক? কিয়?

 কোঠাটোত বিয়পি পৰিছে সিহঁতৰ কৰ্কশ আৰ্তনাদ। এটা সময়ত নিস্তব্ধতাৰ কোলাত ঢলি পৰিছে নিজেই দুই মৃত্যুদূত।

 খঙত, উত্তেজনাত ফেঁপাই উঠিছে সি...

 ভয়ত জঠৰ হৈ পৰা অমৃতাই দুৱাৰৰ চুকতে থিয় হৈ অবাক লাগি চাই ৰৈছে অনুৰাগৰ হিংস্ৰ মুখখনলৈ...আগতে কাহানিও নেদেখা ৰূপটোলৈ।

 অনুৰাগ আহি তাইৰ কাষত থিয় হৈছেহি।

 : ঠিকেই আছনে?

 বাকৰুদ্ধ হৈ পৰা অমৃতাই উত্তৰ দিব খুজিও দিব নোৱাৰিলে .. শুষ্ক হৈ পৰিছে কণ্ঠনলী।

 জোনাক উপচি পৰা কোঠাত তাই মাথো অবাক লাগি চাই ৰৈছে অনুৰাগৰ ঘনে ঘনে বৰণ সলোৱা মুখখনলৈ।

 অনুৰাগৰ মুখখনত এতিয়া দেখা গৈছে মাথো উদ্বিগ্নতা আৰু বিষন্নতা।

 ঠিক তেনেতে সীমান্ত ওলাই আহিল হাতত দা খন লৈ। অনুৰাগৰ মাকেও অস্থিৰতাৰে হুইল চেয়াৰ ঠেলি ওলাই আহিছে।

 পকা মজিয়াত পৰি থকা শৰীৰ দুটা দেখি আৰ্ত চিৎকাৰ কৰি উঠিছে মানুহজনী... ভয়াৰ্ত চকুহালত জিলিকি উঠিছে ভয়, বিহ্বলতা আৰু অস্থিৰতা।

 বহি থকাৰ পৰাই হাত মেলি অনুৰাগক হাতত ধৰি গালে, মুখে, চুলিয়ে হাত ফুৰাইছে মাকজনীয়ে।

 : তই ঠিকেই আছনে বাবা? তই ঠিকেই আছনে? কৰবাত দুখ পালি নেকি?

 : নাই মা ..চা, কতো অকণো দুখ পোৱা নাই।

 হাত দুখন মেলি পোনকৈ থিয় হৈ দেখুৱাইছে সি।

 : মই জানিছিলো সিহঁত আহিব...মই জানিছিলোঁ...কিমান ক’লো তোক, তই জানো শুন মোৰ কথা বাবা।

 চাদৰৰ আঁচলেৰে মুখ ঢাকি উচুপি উঠিছে মানুহগৰাকী।

 তই গুচি যা অ’ বাবা। গুচি যা। বহুত দূৰলৈ যাগৈ। ইয়াত নাথাকিবি অ। ইয়াত নাহিবি আৰু দুনাই।

 : তই ইমান বেছি চিন্তা কিয় কৰিছ মা? মোৰ জানো কিবা হৈছে?

 : চিন্তা নকৰিম?? কেনেকৈ??

 তই অকলে যুঁজিবি সিহঁতৰ লগত ...কেনেকৈ যুঁজিবি? কোনো সহায় কৰোঁতাও নোলাব।

 মৰমৰ মাকজনীৰ চকুলোৰ আগত বিচলিত হৈ পৰিছে অনুৰাগ। [ ৯১ ]  সেমেকি উঠিছে গভীৰ চকুহাল।

 অনিশ্চয়তা আৰু অসহায়তা জিলিকি উঠিছে অনুৰাগৰ দুচকুত।

 মাকজনীলৈ মৰম লাগিছে ... অনুতপ্ত হৈছে সি। মাত্ৰ এটা নিশাৰ ভুল সিদ্ধান্তৰ পৰিনাম সকলোৱে ভোগ কৰিবলগীয়া হৈছে৷

 সম্ভাব্য বিচ্ছেদৰ আশংকাই আৱৰি ধৰিছে তাক... পুনঃ বিচ্ছেদ মৰমৰ মাকৰ পৰা, এই ঘৰখনৰ পৰা, আৰু, আৰু অমৃতাৰ পৰা।

 হঠাতে পুনৰ নিশাৰ নিস্তব্ধতা ফালি আগুৱাই আহিছে কেইবাখনো মটৰ চাইকেলৰ কৰ্কশ শব্দ।

 ভয়ত বিতত হৈ অনুৰাগৰ মাকজনী অস্থিৰ হৈ উঠিছে।

 বিৱৰ্ণ অমৃতাৰ মুখৰ ৰং।

 মৃত্যুদূতৰ ৰূপ লৈ ৰক্ত পিপাসু দস্যু আহিছে...

 তাইৰ প্ৰেম অনুৰাগৰ মৃত্যু ইহঁতৰ কামনা।

 অনুৰাগ সিহঁতৰ বাবে বিশ্বাসঘাটক।

 শত্ৰুক জীৱন দান দিয়াৰ অপৰাধত দণ্ডিত কৰিব খোজে অনুৰাগক সিহঁতে।

 “আস্’’

 মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হব পাৰে!!

 ইমান বিদ্বেষ, ইমান হিংসাপ্ৰীতি কেনেকৈ থাকিব পাৰে মানুহৰ মনত!!

 : লখিমী অ’ তাক যাবলৈ কচোন। যাবলৈ ক। লুকাবলৈ ক’ তাক। সি নুশুনে অ মোৰ কথা। সি অকলে কেনেকৈ লৰিব ইমানজাকৰ লগত? মই মৰি যাম অ আই।

 ভয়ত শেঁতা পৰি যোৱা মানুহজনীৰ কণ্ঠত কাতৰ অনুনয়ৰ সুৰ।

 পৰিস্থিতিৰ আকস্মিকতাত কণ্ঠৰুদ্ধ হৈ পৰা অমৃতাৰ মাকক বুজাবলৈ ভাষা নাই।

 শক্তি নাই।

 অনুৰাগৰ চকুৰ ইংগিত বুজি পাই সীমান্তই মাকক অইন এটা কোঠালৈ লৈ গৈছে। উচুপি উচুপি আঁতৰি গৈছে মাক .. আকুল চকুহালেৰে এবাৰ ঘূৰি চাইছে অনুৰাগলৈ... অমৃতালৈ।

 এক অদ্ভুত কঠোৰতাই পুনঃ গ্ৰাস কৰিছে তাৰ সমগ্ৰ মুখমণ্ডল। অনুৰাগ আগুৱাই আহিছে তাইৰ কাষলৈ।

 অমৃতাৰ বিৱৰ্ণ মুখখনি নিজৰ দুয়োহাতৰ মাজত তুলি ধৰিছে।

 তাৰ হাতৰ উম অনুভৱ কৰিছে তাই নিজৰ দুয়োগালত। ক্ষন্তেক চাই ৰল দুয়ো দুয়োৰে মুখলৈ।

 দুয়োৰে দুচকুত জিলিকি উঠিছে সীমাহীন ভালপোৱা। অনুভৱবোৰে তিয়াই গৈছেহি দুয়োৰে চকুৰ পতা।

 ইমান বছৰৰ মুৰত লগ খাইছিল দুয়ো! এতিয়া আকৌ বিচ্ছেদৰ সময় আহিছে।

 আস, ভগৱান, অকণমান সুখ লিখিছানে কপালত?

 এমুঠি হাঁহি, এবুকু প্ৰেমেৰে, সুখ দুখবোৰ ভগাই জীৱন জীপাল কৰি তুলিবলৈ, দিবনে ভগৱানে অকণমান সময় সিহঁতহালক!

 পাহৰি গৈছে দুয়ো ক্ষন্তেকৰ বাবে বৰ্তমানৰ বিপদসংকুল স্থিতি। মোহাচ্ছন্ন হৈ দুয়ো আৱদ্ধ হৈ ৰৈছে দুয়োৰে প্ৰেমভৰা দৃষ্টিত।

 “আস’’

 অনুৰাগৰ প্ৰচণ্ড ঠেলাত বিছনাখনৰ ওপৰতে উবুৰি খাই পৰিছেহি তাই।

 ধাই’ ধাই’ ধাই’

 এজাক গুলিৰ গৰ্জন কোঠাটোত।

 লগে লগেই কেইবাটাও পুৰুষ কণ্ঠৰ আৰ্তনাদ ভৰি পৰিছে। [ ৯২ ]  ঘটনাৰ আকস্মিকতাত শ্বাসৰুদ্ধ হবৰ উপক্ৰম হৈছে অমৃতাৰ। ধান বনাদি বানিব ধৰিছে তাইৰ বুকুখন।

 : অনুৰাগ।

 চিঞৰি উঠিল অমৃতা।

 হাতত ৰিভলভাৰ লৈ হিংস্ৰ ৰূপত তাইৰ সন্মুখত থিয় হৈ ৰৈছে অনুৰাগ।

 ৰক্তাক্ত দেহাৰে পকা মজিয়াত কেকাই কেকাই পৰি ৰৈছে মৃত্যুৰ কোলাত স্বয়ং মৃত্যুদূত।

 থৰথৰকৈ কঁপিবলৈ ধৰিছে অমৃতাই।

 : কৰবাত দুখ পালি নেকি? মই ঠেলি দিব লগীয়া হ’ল, নহ’লে ....

 ৰৈ গ’ল সি।

 দুখ পালেও “নাই পোৱা” বুলি তাই মূৰটো জোকাৰি দিলে।

 তাইৰ হাত ভৰিৰ সামান্য আঘাত তেনেই সৰু আৰু তুচ্ছ, অনুৰাগৰ জীৱনটোৰ সন্মুখত।

 : সিহঁত আকৌ আহিব।

 চিন্তান্বিত গম্ভীৰ কণ্ঠ অনুৰাগৰ।

 বিপদসংকুল পৰিস্থিতিৰ মাজতো অনুৰাগৰ গম্ভীৰ ৰূপ!

 : তাৰ আগতেই মই ইয়াৰ পৰা ওলাই যাব লাগিব মোৰ সোণ।

 উচুপনিবোৰ বাধা দিব চেষ্টা কৰিছে অমৃতাই পাৰ্য্যমানে। মৌন হৃদয়ৰ অব্যক্ত দুখ, ভালপোৱাবোৰ সৰ সৰাই চকুলো হৈ নিগৰিব ধৰিছে অমৃতাৰ।

 এই মৌন ওঁঠ, মুখৰ ভাষা বুজি পায় অনুৰাগে..

 বুজি পায় এই নীৰৱ চকুলোৰ ভাষা।

 : মোৰ কাৰণে চিন্তা নকৰিবি। মই আকৌ আহিম। এতিয়া মই যাব লাগিব।

 গম্ভীৰ কণ্ঠ অনুৰাগৰ। দুচকুত স্পষ্ট বিষাদ।

 মই তোক অকলে যাব নিদিওঁ অনুৰাগ।

 অশ্ৰুসিক্ত দুচকুৰে স্থিৰ দৃষ্টিৰে চাই ৰৈছে তাই অনুৰাগৰ দুচকুলৈ। অনুৰাগেও চাই ৰৈছে তাইৰ দুচকুলৈ।

 অস্থিৰ অনুভৱ কৰিছে সি।

 : এতিয়া মোৰ চাৰিওপিনে মাথো শত্ৰু। বুজিবলৈ চেষ্টা কৰ।

 খুব মৰমেৰে বুজাবলৈ চেষ্টা কৰিছে সি।

 সময় নিচেই কম তাৰ হাতত। যিকোনো মুহূৰ্তত সশস্ত্ৰ সেনা তাৰ ওপৰত জপিয়াই পৰিব পাৰে।

 : মোৰ লগত বিপদত পৰিবি তই।

 : মই ভয় নকৰোঁ।

 : অমৃতা ...মোৰ সোণ ..

 : তই কি কৈছিলি অনুৰাগ ... পাহৰি গৈছ তই?

 মৰিলেও একেলগেই মৰিম ...তেতিয়াহে অহা জনমত একেলগে পুনৰ জনম ল’ম আমি।

 পিছৰ খিনি কওঁতে অলপ খোকোজা লাগিছে তাইৰ। মুখত বিয়পি পৰিছে এটি ৰক্তিম আভা।

 তলমূৰ কৰি ৰৈছে তাই।

 : তাৰমানে..?

 : ডু ইউ লাভ মি?? সঁচা কবি। ভাল পাওঁনে মোক এতিয়াও সেই সৰুতে ভাল পোৱাৰ দৰেই??

 “সেই সৰুতে ভাল পোৱাৰ দৰেই”

 অনুৰাগৰ শেষৰ বাক্যশাৰীয়ে চুই গৈছে তাইৰ অন্তৰ। [ ৯৩ ]  বহল দুচকুৰে মূৰ তুলি চাইছে তাই অনুৰাগলৈ, সেই মায়াসনা দৃষ্টিলৈ। আকুল হৈ চাই ৰৈছে সি তাইৰ দুচকুলৈ উত্তৰৰ আশাত....

 : অ ... ভাল পাওঁ তোক। বহুত ভাল পাওঁ।

 কঁপি উঠিছে তাইৰ কণ্ঠ।

 : ........

 : প্ৰেম কি সেয়া নজনাকৈয়ে, নুবুজাকৈয়ে তোৰ প্ৰেমত পৰিছো বহুবছৰ আগতেই .. সেই শৈশৱতেই। আৰু সেই প্ৰেম আজিও নিখুঁত হৈ জীয়াই আছে মোৰ অন্তৰত অনুৰাগ।

 তলমূৰ কৰিয়ে কলে তাই শব্দবোৰ এটা এটাকৈ।

 কিছুপৰ নিস্তব্ধতাই বিৰাজ কৰিছে জোনাক উপচি পৰা কোঠাত।

 অনুৰাগে একো উত্তৰ দিয়া নাই ..সঁহাৰি দিয়া নাই।

 কিবা ভুল ক’লে নেকি তাই বাৰু?

 দিলে নেকি তাই অবাঞ্চিত উত্তৰ।

 অনুৰাগৰ ওখ শৰীৰটো তাইৰ কাষ চাপি আহিছে ক্ৰমাৎ....নিচেই কাষ।

 অন্তৰৰ সমস্ত আৱেগ, আকুলতাৰে সাৱটি ধৰিছে সি তাইক।

 : যথেষ্ট। আৰু একো নক’বি। এই শব্দকেইটাই শুনিবলৈ আতুৰ হৈ পৰিছিলোঁ মই জাননে!!

 বহুত ভাল পাওঁ তোক। তই নহ’লে এতিয়া জীয়াই থকা অসম্ভৱ। অসম্ভৱ মোৰ সোণ।

 অস্ফুট স্বৰেৰে সি কৈ উঠিল তাইৰ কাণে কাণে অন্তৰৰ সমস্ত আৱেগ ঢালি।

 মই সোনকালেই ঘূৰি আহিম মোৰ সোণ।

 : মই যাম তোৰ লগত অনু। তোক অকলে যাব নিদিওঁ মই।

 : প্লিজ অমৃতা, বুজিবলৈ চেষ্টা কৰ। কেনেকুৱা বিপদ আহিব পাৰে তই অনুমান কৰিব পৰা নাই হয়তো।

 : .... তই লগত থাকিলে মই একো বিপদলৈ ভয় নকৰোঁ।

 তাই সজোৰে খামুচি ধৰিছে অনুৰাগৰ হাতখন...জানোচা সি গুচি যায়, সেই ভয়ত।

 অনুৰাগক অকলে যাবলৈ দিব নোৱাৰে তাই। এতিয়া অমৃতাৰ জীৱন-মৰণ, সুখ-দুখ সকলো মাথো অনুৰাগৰ লগতহে। অশ্ৰুসিক্ত বহল দুচকুৰে চাই ৰৈছে তাই অনুৰাগৰ দুচকুলৈ। সেই দুচকুৰ কাতৰ চাৱনিত জিলিকি উঠিছে এক অদ্ভুত জিদ, এক অদ্ভুত দৃঢ়তা।

 অনুৰাগ ভীষণ চিন্তাত পৰিছে।

 অমৃতাক এনেকৈ এই ৰাতিখনত লৈ যোৱাটো একেবাৰেই উচিত নহব। কেনেকুৱা ধৰণৰ বিপদৰ মুখামুখি হব পাৰে তাই হয়তো অনুমানেই কৰিব পৰা নাই।

 কল্পনা কৰিয়েই গা শিয়ঁৰি উঠিছে অনুৰাগৰ... নাই, নাই ... অমৃতাক লগত সি নিব নোৱাৰে।

 সেয়া অসম্ভৱ।

 : মই যাব লাগিব। মই গুচি গলে কাৰো প্ৰব্লেম নহ’ব।

 অনুৰাগে তাইৰ হাতখন নিজৰ হাতখনৰ পৰা আঁতৰাই দিলে।

 অনুৰাগৰ মুখখনত শীতলতা আৰু কঠিনতা। সেমেকা মুখখনৰ অভিব্যক্তি ৰূঢ় হৈ পৰিছে।

 বেগখন কান্ধত লৈ যাবলৈ উদ্যত হৈছে অনুৰাগ।

 দুচকুৰে সৰসৰাই চকুলো বাগৰিব ধৰিছে অমৃতাৰ। উচুপনিবোৰ অবাধ্য হৈ ওলাই আহিব ধৰিছে। যাবলৈ লোৱা অনুৰাগক পিছফালৰ পৰা জোৰকৈ সাৱটি ধৰিছে তাই...

 আস’

 বুকুত এক সুতীব্ৰ যন্ত্ৰণা অনুভৱ কৰিছে তাই। [ ৯৪ ]  বিচ্ছেদৰ আশংকাত কপি উঠিছে হৃদয়। সেই একেই আশংকাত কঁপি উঠিছে অনুৰাগৰ হৃদয়....তাৰ সমগ্ৰ। কঠোৰ হ’ব খুজিও কঠোৰ হব পৰা নাই সি।

 অমৃতাৰ চকুলোৱে তিয়াই গৈছে অনুৰাগৰ টি চাৰ্ট, পিঠি৷

 হাতখনেৰে প্ৰচণ্ড ঘোচা এটা মাৰিছে সি ৱালত। যাৰ দুচকুত চকুলো সহ্য নহয়, সেই একেই চকুলো, দুখ, যন্ত্ৰণাৰ কাৰণ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সদায় সিয়েই হবলগীয়া হয়!!

 কিয়? কিয়?

 সেই তপত অশ্ৰুধলত গলিব ধৰিছে অনুৰাগৰ মুখৰ কঠিনতা, কঠোৰতা।

 হাতৰ বেগখন নমাই থৈছে সি, আৱেগ উপচি পৰিছে ...ঘূৰি লৈ সাৱটি ধৰিছে সি তাইক, ...অমৃতাৰ থুঁতৰিত আলফুলে ধৰি মুখখনি তুলি লৈ অশ্ৰুসিক্ত চকুযুৰীত আঁকি দিছে দুটা চুমা। অনুৰাগৰ বহল বুকুত মুখখন গুজি দি আৰু জোৰেৰে সাৱটি ধৰিছে অমৃতাই অনুৰাগক...।

 হঠাৎ সিদ্ধান্ত লৈ পেলাইছে অনুৰাগে।

 অমৃতাক লগত লৈ যাব সি।

 পিছ দুৱাৰেদি ওলাই আহিছে অনুৰাগ।

 অনুৰাগৰ সোঁ হাতত উদ্যত ৰিভলভাৰ আৰু বাওঁ হাতৰ মুঠিত আৱদ্ধ অমৃতাৰ হাতখন।

 অমৃতাৰ হাতত এখন গাঢ় নীলা ৰঙৰ বেগ।

 বেগৰ ভিতৰত কিছু নিতান্তই প্ৰয়োজনীয় সামগ্ৰী. অনুৰাগ আৰু অমৃতাৰ।

 দুৰু দুৰুকৈ কপিছে অমৃতাৰ বুকুখন।

 ভয়ত নহয়... এক অনন্য আৱেগ, এক অনন্য অনুভূতিয়ে আৱৰি ধৰিছে তাইক।

 একোলৈ ভয় লগা নাই তাইৰ আজি ... নাই একো শংকা। মাথো আৱেগত ঘন হৈ আহিছে শ্বাস-প্ৰশ্বাস। ৰোমাঞ্চিত হৈ উঠিছে সৰ্ব শৰীৰ।

 অনুৰাগৰ হাতৰ মুঠিত আৱদ্ধ নিজৰ সোঁহাতখনলৈ বাৰে বাৰে চাইছে তাই হেঁপাহ পলুৱাই....

 স্বয়ং মৃত্যুকো যে প্ৰত্যাহ্বান দিব পাৰিব তাই আজি!! অনুৰাগৰ অবিহনে অপ্ৰাপ্তিত মৰি মৰি জী থকাতকৈ অনুৰাগৰ লগত মৃত্যুয়েই প্ৰাপ্তি হব তাইৰ বাবে।

 আকাশত তেতিয়া পূৰ্ণ জোনাক।

 চৌহদৰ ওখ ওখ গছবোৰৰ পাতৰ আঁৰে আঁৰে জোনাক সৰি পৰিছেহি ধৰাৰ বুকুত...।

 ওখ ৱালখনৰ তলৰ অন্ধকাৰৰ লগত মিলি খুপি খুপি আগবাঢ়িছে দুয়ো... মাজে মাজে ৱালত লিপিত খাই ধৰি থিয় হৈ ৰৈছে। সতৰ্ক হৈ ৰৈছে অনুৰাগ...।

 গেটৰ বাহিৰত শত্ৰুৰ চঞ্চল গতি বিধি অনুমান কৰিব পাৰিছে সি।

 হঠাতে এখন মটৰ চাইকেল আহি বিকত শব্দ কৰি ৰৈ গৈছেহি গেটৰ পৰা সামান্য দূৰত্বত।

 মটৰ চাইকেলৰ চালকজন বহি ৰৈছে ...

 আনজন আৰোহী হাতত বন্দুক লৈ নামি সোমাই আহিছে চৌহদৰ ভিতৰলৈ। বন্দুক লৈ নামি অহাজনে অলপ দূৰলৈ আগুৱাই গৈ এবাৰ ঘূৰি চাই মটৰ চাইকেল চালক জনক কিবা আকাৰে ইংগিতে কৈছে। অলপ পিছত মটৰ চাইকেল চালক জনো নামি আহিছে। আগুৱাই গৈছে দুয়োজন ঘৰখনৰ মূল দুৱাৰ অভিমুখে। সেই সুযোগতে অনুৰাগ আৰু অমৃতা দুয়ো ৱালখনৰ তলে তলে গৈ মটৰ চাইকেলখনৰ ওচৰত ৰল। চাবিতো লাগিয়েই আছিল।

 অমৃতাই ভয়ে ভয়ে এবাৰ ইফালে সিফালে চালে।

 নাই। কোনো নাই ওচৰে পাজৰে।

 : ভালকৈ ধৰি লবি মোক।

 অনুৰাগে অনুচ্ছ কণ্ঠৰে কলে তাইক। [ ৯৫ ]  মটৰ চাইকেলখন গৰজি উঠিল এবাৰ নিশাৰ নিস্তব্ধতা আৰু গম্ভীৰতা ফালি। সেই গৰ্জনত সচকিত হৈ ঘূৰি চাইছে কেইবাজনো কলা পোচাকধাৰী সেনা। অন্ধকাৰ চুকবোৰৰ পৰা, জোপোহাৰ আঁৰৰ পৰা হাতে হাতে বন্দুক লৈ দৌৰি ওলাই আহিছে কলা ছায়ামূৰ্তিবোৰ।

 সেয়াই বিচাৰিছে অনুৰাগে।

 এটা তীক্ষ্ন হাঁহি বিৰিঙি উঠিছে তাৰ ওঁঠত।

 সি নথকাত তাক বিচাৰি মাক, সীমান্ত হঁতক সোধা-পোছ কৰি হাৰাশাস্তি দিয়াটো নিবিচাৰে সি।

 আহক সিহঁত।

 তাৰ পিছে পিছেই আহক।

 বতাহৰ লগত ফেৰ মাৰি মটৰ চাইকেলখন দুৰন্ত গতিত চলাই নিছে অনুৰাগে।

 চকু, কাণ বন্ধ কৰি শাৰীৰ আঁচল সামৰি অনুৰাগক জোৰকৈ সাৱটি ধৰি পিছফালে বহিছে অমৃতা।

 মুখখন তাই গুজি দিছে অনুৰাগৰ পিঠিৰ উষ্মতাত, কৰ্ণগোচৰ হৈছে মাথো মটৰ চাইকেলৰ কৰ্কশ শব্দ আৰু বতাহৰ সোঁ-সোঁৱনী ... মাজে মাজে কলিজা কপোৱা গুলিৰ গৰ্জন।

 পিছে পিছে অহা মটৰ চাইকেলজাক আৰু গুলি বৰ্ষণত সি যাব খোজা পথত নগৈ অইন এটা দিশলৈ যাবলগীয়া হৈছে।

 মূল পথ এৰি একা বেঁকা সৰু পথত উঠিছেহি অনুৰাগ আৰু অমৃতা। মসৃণ পকী পথ অতিক্ৰমি উখোৰা মুখোৰা কেঁচা পথৰ দিশে পোনাইছে মটৰ চাইকেল।

 কোনো লক্ষ্য নাই।

 সোঁফালে, বাওঁফালে ... যিফালেই পথ পাইছে সেইফালেই মটৰ চাইকেল পোনাইছে সি।

 বহু দূৰ অতিক্ৰম কৰি অহা হৈছে ইতিমধ্যে।

 পিছত অহা মটৰ চাইকেলজাকৰ গতি ক্ৰমাৎ কমি আহিছে। দূৰৈত ৰৈ গৈছেহি।

 গুলি বৰ্ষণ বন্ধ হৈছে।

 স্বস্তিৰ নিশ্বাস এৰিলে অনুৰাগ আৰু অমৃতা দুয়ো।

 কিন্তু এতিয়া ক’লৈ যাব সেয়াহে ধৰিব পৰা নাই অনুৰাগে। চিন্তিত হৈ পৰিছে সি। ইতিমধ্যে মূল পথৰ পৰা বহু দূৰলৈ সোমাই আহিছে তাঁহাত।

 মটৰ চাইকেলত পেট্ৰল শেষ হৈ অহাৰ সংকেত অহাত মটৰ চাইকেলখন পথৰ দাঁতিতেই এৰি দিলে সি।

 উখোৰা মুখোৰা হাবিয়লি পথটোৰ দুয়োকাষে ডাঠ ওখ ওখ গছ। জোনাকৰ অস্বচ্ছ পোহৰত চৌদিশ নিৰীক্ষণ কৰি সতৰ্কতাৰে আগবাঢ়িছে দুয়ো.... ক’লৈ গৈছে, ক’ত গৈছে, কি ঠাই একো ধৰিব পৰা নাই তাই। তথাপিও একো সোধা নাই অমৃতাই অনুৰাগক... মাথো জোপোহা, ওখ গছবোৰৰ মাজে মাজে দুয়ো খোজ কাঢ়িছে আৰু মাজে মাজে দৌৰিছে... অনুৰাগ যিফালেই যায় সেইফালেই।

 উখোৰা মুখোৰা পথটোত কেইবাবাৰো হামখুৰী খাই পৰিছে তাই... অনুৰাগৰ হাতত ধৰি পুনৰ উঠি খোজ দিছে।

 সমতল পথ এৰি হেলনীয়াকৈ ওপৰলৈ উঠি অহা পথত কিছুদূৰ আগবাঢ়ি ৰৈ গৈছে অনুৰাগ ... আৰু অমৃতা। একা-বেঁকা পথটোৰ এফালে ডাঠ অৰণ্য, নিশাৰ ঘনঘোৰ কলা ৰহস্যময় পাহাৰ....আৰু আনফালে, কিছু তলত কল্লোলিত সুৰেৰে বৈ যোৱা এখনি ভৰ নদী.... জোনাক নিশাৰ পাহাৰীয়া, নৈপৰীয়া চেঁচা মলয়জাকে চুমি গৈছে দুয়োৰে গাল, মুখ।

 চুটি আৰু ঘন ঘন উশাহ লৈছে দুয়ো। ঘামত সিক্ত হৈছে দুয়োৰে শৰীৰ...

 : আমি পাহাৰত উঠিছোঁহি নেকি অনু?

 চেঁপা কণ্ঠৰে সুধিলে অমৃতাই।

 সেই নিৰ্জন ঠাইত নিজৰ মাতটোৱেই অদ্ভুত আৰু অচিনাকি যেন লাগিছে তাইৰ।

 : ওমম। ভয় কৰিছ নেকি?... মই আছোঁ নহয়। [ ৯৬ ]  জোৰেৰে চেপি ধৰিছে সি তাইৰ হাতখন।

 অনুৰাগে চাৰিওদিশে সতৰ্ক দৃষ্টি নিক্ষেপ কৰিছে। চৌদিশে জিলিৰ মাত... মাজে মাজে ধৰফৰাই বিকত শব্দ কৰি উৰি গৈছে নৈশ পক্ষী।

 চিন্তিত হৈ পৰিছে অনুৰাগ। নিশাটো কেনেকৈ কটোৱা যায়? এনেকৈ এই হাবিতলীয়া অচিন পথটোত ঘূৰি থকাটো অকণো সুৰক্ষিত নহয়।

 অনুৰাগ চিন্তিত হৈ পৰিছে।

 নিজৰ বাবে নহয়, অমৃতাৰ বাবেহে।

 যিকোনো মুহূৰ্ততে জপিয়াই ওলাই আহিব পাৰে মৃত্যুদূত... জীৱ জন্তুৰ ৰূপত, সৰীসৃপৰ ৰূপত নতুবা সন্ত্ৰাসবাদীৰ ৰূপত।

 অনুৰাগে বেগখন নমাই খুলি লৈ কিবা খুচৰাত লাগিল।

 : ৰিভলভাৰতকৈ বেছি এইখনৰেই প্ৰয়োজন হব এতিয়া।

 খুকুৰীখন আৰু এডাল মিহি শিকলি বেগৰ পৰা উলিয়াই হাতত লৈছে সি। অবিন্যস্ত কেঁকোৰা চুটি চুলি কেইডালমান তাৰ কপালত পৰিছেহি। মন্ত্ৰমুগ্ধৰ দৰে অমৃতা আগুৱাই আহিল অনুৰাগৰ নিচেই কাষলৈ... অনুৰাগৰ সুঠাম, ওখ শৰীৰটোৰ সন্মুখত নিজৰ ভৰিৰ আঙুলিৰ ওপৰত গোটেই শৰীৰৰ ভৰ দি থিয় হৈছে তাই। তেনেকৈ থিয় হলে কোনোমতে তাইৰ কপালে অনুৰাগৰ থুতৰি চুৱে।

 অমৃতাই শাৰীৰ আঁচলেৰে আলফুলে মুচি দিলে অনুৰাগৰ কাণৰ কাষেৰে কপালৰ পৰা তললৈ বৈ অহা ঘামৰ কণিকাবোৰ।

 চকুৰ পলক পেলোৱা নাই অনুৰাগে... সুগভীৰ দৃষ্টিৰে চাই ৰৈছে অমৃতাৰ মুখলৈ। তাইৰ কপালৰ আগত অবাধ্য চুলি দুডালমান আহি আমনি কৰিছেহি.... মুখমণ্ডলত ছা- পোহৰৰ যুগলবন্দী।

 বিৰাট মৰম লাগিছে অমৃতালৈ।

 ইমান আকৰ্ষিত কিয় হয় সি?

 কি আছে এই মুখখনিত?

 ...যি সি আজিলৈ কোনো অন্য সুন্দৰী নাৰীৰ মুখত বিচাৰি নাপালে...নেদেখিলে!!

 ভৰ নদীখনৰ কল্লোল তৰংগৰ দৰেই প্ৰেমৰ এক অনন্য তৰংগই আলোড়িত কৰিছে দুয়োৰে শৰীৰ, মন। অনন্য এই অনুভূতি ... অনন্য প্ৰেমৰ এই আলোড়ন!! যাক উপেক্ষা কৰাটো মাত্ৰ কষ্টকৰেই নহয়, অসম্ভৱো। ওখ ওখ গছবোৰৰ পাতৰ আঁৰে আঁৰে সৰি অহা জোনাকে লুকাভাকু খেলিছেহি অমৃতা আৰু অনুৰাগৰ মুখত।

 তৰাভৰ্তি ফুটচাই বৰণীয়া আকাশখনৰ বুকুত তেতিয়া ভৰ জোনাক.. ডাৱৰৰ বুকুত পাতল সোণোৱালী আচল মেলিছে জোনটোৱে ...

 শ্ৰুতিগোচৰ হৈছে বোৱতী নদীৰ কল্লোলিত সুৰ ... আৰু সোঁ-সোঁৱাই বলা চেঁচা মলয়া।

০০ ০০ ০০

 : ডেম ইট। ডেম ইট।

 মোবাইলটো থেকেচি দিছে খঙতে শ্যামলীয়ে।

 কিমান বাৰ যে তাই অনুৰাগ আৰু অমৃতালৈ ফোন লগাইছে তাৰ হিচাপ নাই। প্ৰতিবাৰেই সেই একেই উত্তৰ “নট ৰিচ্ছেবল”।

 কি হব পাৰে?

 অনুৰাগে তাইলৈ এবাৰো ফোন কৰাটো জৰুৰী বুলি ভবা নাইনে সচাকৈ?

 আৰু অমৃতা?

 অদিতিৰো চিন্তান্বিত মুখ।

 এসপ্তাহ পাৰ হৈ গৈছে, অনুৰাগ আৰু অমৃতাৰ একো খবৰ নাই। [ ৯৭ ]  ইচ্ছাকৃতভাৱেই, অকলশৰীয়াকৈ দুয়ো দুয়োৰে লগত অকণমান সময় কটাক বুলি ভাবি প্ৰথমতে তাঁহাতেও আমনি কৰা নাছিল।

 কিন্তু, এতিয়া অনুৰাগ নতুবা অমৃতাৰ লগত ফোনৰ যোগাযোগ পোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে .... বিশেষকৈ ভাস্কৰ দত্ত মুম্বাই এৰি গুচি যোৱাৰ খবৰটো অনুৰাগক দিয়াটো অত্যন্ত জৰুৰী হৈ পৰিছে।

 ভাস্কৰ দত্ত আৰু কেইজনমান উচ্চপদস্থ অফিচাৰৰ বিপৰীতে বৃহৎ পৰিমাণৰ চৰকাৰী টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগৰ গোপনীয় তদন্ত আৰম্ভ হোৱাৰ সময়তে ভাস্কৰ দত্ত মুম্বাই এৰি গুচি গৈছে।

 তদন্তৰ পৰা হাত সাৰিবলৈ ভাস্কৰ দত্ত এনেকৈ মুম্বাই এৰি গুচি গৈছে নে ভাস্কৰ দত্তৰ মগজুত কিবা প্লানিং চলি আছে। অনুৰাগ আৰু অমৃতাক লৈ ... সেয়াই মূৰৰ কামোৰণী হৈ পৰিছে অদিতি আৰু শ্যামলীৰ বাবে।

 অমৃতা আৰু অনুৰাগৰ বিষয়ে প্ৰশ্ন সুধি সুধি অদিতি আৰু শ্যামলীকো ব্যতিব্যস্ত কৰি তুলিছিল সি মুম্বাই এৰি গুচি যোৱাৰ আগতে।

 বিমৰ্ষ হৈ পৰিছে দুয়োজনী।

 : মোৰ কিন্তু বিৰাট চিন্তা লাগিছে শ্যামলী। ভাস্কৰ দত্ত মানুহজন অলপ বেলেগ ধৰণৰ।

 : কিবা কৰিব লাগিব বা।

 : .....হুমম।

 : তোমাৰ প্ৰব্লেম হব চাগৈ। বিপ্লৱ দাই তোমাক যাব নিদিব। ময়েই গুচি যাওঁ।

 অলপদেৰী চিন্তা কৰি কলে শ্যামলীয়ে।

 : .....

 শ্যামলীয়ে ঠিকেই কৈছে কিবা এটা কৰিবই লাগিব। নিশ্চয় কিবা অসুবিধাত পৰিছে অনুৰাগ আৰু অমৃতা। নহলেনো অমৃতাই তাইলৈ এবাৰো ফোন নকৰাকৈ থাকিবনে!!

 যাবলৈ তাইৰো মন গৈছে, কিন্তু বিপ্লৱে হয়তো মানি ন’লব।

 বিতৃষ্ণাত মুখখন কোচ খাই আহিছে তাইৰ।

 কিনো বাকি আছেগৈ বিপ্লৱ আৰু তাইৰ সম্বন্ধত?

 দুয়োৰে মাজত দূৰত্ব দিনক দিনে বাঢ়িহে আহিছে।

 অদিতিয়ে সহ্য কৰিব নোৱাৰা হৈ আহিছে বিপ্লৱৰ বিশৃংখলতা... দমনকামী স্বভাৱ৷ কম্প্ৰমাইজ আৰু কিমান কৰিব তাই এটা মিছা সম্বন্ধক আগুৱাই নিবলৈ!!

 : বা... কি ভাবিছা? কোৱা কিবা এটা।

 থতমত খাই উঠিল অদিতি। শ্যামলী যে তাইৰ পৰা নিশ্চিত কিবা উত্তৰৰ অপেক্ষাত আছে সেই কথা পাহৰিয়েই পেলাইছিল তাই।

 : আমি দুয়োজনী যাম। তুমি টিকেট কৰিবা নে, মই কৰিম?

 : ময়েই কৰিম বাৰু। বিপ্লৱ দা ...??

 : বাদ দিয়াহে বিপ্লৱৰ কথা। তেওঁ কৰবালৈ যোৱাৰ আগতে মোক সুধি যায় নেকি?

 : তথাপিও এবাৰ...

 : নোৱাৰোঁ বুজিছা শ্যামলী। আৰু পাৰিলেও নকৰোঁ। কম্প্ৰমাইজ কৰি কৰিয়েই জীৱন শেষ হব এতিয়া। তেওঁ মোৰ কাৰণে কি কম্প্ৰমাইজ কৰে হে?? মইহে সকলোফালৰ পৰা তাৰ লগত মিলিবলৈ চেষ্টা কৰোতে কৰোতে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব ধৰিছো। আৰু নোৱাৰি বুজিছানে, বিৰক্ত হৈ গৈছোঁ।

 হঠাতে খঙত ৰঙা পৰি অহা অদিতিৰ উত্তেজিত মুখখনলৈ তথা লাগি চাই ৰৈছে শ্যামলীয়ে।

 : মই আহোঁ এতিয়া। তুমি টিকেট কৰিবা পাৰিলে। দুয়োজনী যাম।

 : কোনদিনা যাম? [ ৯৮ ]  : তুমি যেতিয়াই কোৱা। এতিয়া কলে এতিয়াই যাম।

 অবাক হৈ চাই ৰল শ্যামলীয়ে সেমেকা হাঁহি এটি মাৰি বেগটো হাতত লৈ ওলাই যোৱা অদিতিলৈ।

০০ ০০ ০০

 টৰ্চ মাৰি ভালকৈ ভিতৰখন চাই ললে সি। পাহাৰীয়া টঙি ঘৰ। বাঁহৰ কামি ... ওপৰত টকৌ পাতৰ চালি। বাঁহৰ পাতল উৱলি যাব ধৰা বেৰ।

 ভালকৈ ওপৰে তলে তন্নতন্নকৈ চাইছে অনুৰাগে।

 পুৰণি যদিও ৰাতিটোৰ কাৰণে থকাৰ ব্যৱস্থা কৰিব পৰা যাব।

 : সাপ থাকিবও পাৰে।

 অনুৰাগৰ মুখত সাপৰ নাম শুনিয়েই গা জিকাৰ খাই উঠিল অমৃতাৰ। একে জাপে অনুৰাগৰ ওচৰ পালেহি তাই।

 : আছে নেকি সাপ সঁচাকৈ?

 সন্দেহী দৃষ্টিৰে ভয়ে ভয়ে ওপৰে তলে চাইছে তাই।

 : পালে দেখুৱাই দিম নহয়। চিন্তা নকৰিবি। পাগলীজনী।

 অমৃতাৰ সৰল প্ৰশ্নটো শুনি দুশ্চিন্তাৰ মাজতো হাঁহি বিৰিঙি উঠিছে অনুৰাগৰ মুখত। কৃত্ৰিম খং দেখুৱাই ভ্ৰূ কোঁচাই অনুৰাগলৈ ঘোপাকৈ চাইছে তাই। হাঁহি হাঁহি অনুৰাগে তক্তা তিনি ছটা পাৰিব ধৰিছে।

 : ৰাতিটো ইয়াতেই থাকিব লাগিব...পাৰিবিনে?

 : কিয় নোৱাৰিম?

 অনুৰাগে মৰমৰ চাৱনীৰে চাই ৰৈছে অমৃতালৈ।

 অবিন্যস্ত শাৰী, অবিন্যস্ত মেঘৰ দৰে চুলিটাৰী। অৱসাদ ভৰা চকুযুৰী।

 : বহুত কষ্ট দিছে ন?

 : একো কষ্ট দিয়া নাই অনু। একেটা কথা কৈ কৈ মোৰ মূৰ গৰম কিয় কৰ? মই স্ব-ইচ্ছাই আহিছোঁ তোৰ লগত মই এয়াই বিচাৰোঁ...

 হঠাৎ ৰৈ গ’ল তাই।

 কথাষাৰ আধা কৈ ৰৈ যোৱাত বিৰক্তিত অনুৰাগে ভ্ৰূ কোচাইছে। একেথৰে চাই ৰৈছে তাইৰ মুখলৈ ... সম্পূৰ্ণ বাক্য শুনাৰ আশাত।

 : পিছৰখিনি নকৱ কিয়?

 : কি ক’ব লাগে?

 : এই যে কলি... মই এয়াই বিচাৰোঁ....

 : অ’ ..মই এয়াই বিচাৰোঁ। আৰু কি কম? ক’লোৱেই দেখোন। কিমান বাৰ কম?

 : কেলেই? কোৱাত অসুবিধা কি? মই এতিয়াও ক’ব পাৰোঁ। হাজাৰবাৰ ক’ব পাৰোঁ।

 : .......

 : এতিয়া কওঁ নে??

 : উফফ অনুৰাগ।

 লজ্জাত আৰক্তিম হৈ উঠিছে তাইৰ দুয়োগাল।

 অনুৰাগলৈ নোচোৱাকৈ বেগখন খুচৰি ব্যস্ততাৰ ভাও ধৰিছে তাই। তথাপিও উৎকৰ্ণ হৈ ৰৈছে অমৃতা। ক’ব নেকি অনুৰাগে কিবা!!

 তাইৰো দেখোন শুনিবলৈ মন গৈছে অনুৰাগৰ মুখৰ পৰা নিৰ্গত সেই চিৰ আকাংক্ষিত বাক্য... এবাৰ নহয়, দুবাৰ নহয়, ....... হাজাৰবাৰ।

 : বেগত কি বিচাৰিছ? তাত একো নাই নহয়। তই বিচৰা সকলো বস্তু ইয়াতহে আছে ... [ ৯৯ ]  : ক’ত?

 চাওঁ নাচাওঁকৈ চাইছে তাই অনুৰাগৰ মুখলৈ...

 তাৰ দুচকুত সেই একেই গম্ভীৰ, তৃষ্ণাতুৰ চাৱনি ... দুচকুত মৃদু কৌতুক ভৰা হাঁহি।

 সঁচাইটো!!

 তাই যি বিচাৰে জীৱনত সেই সকলোবোৰ দেখোন এই চকুহালতেই সমাহিত হৈ আছে!!

 সুখ, প্ৰাপ্তি, হাঁহি, সপোন ... সকলো।

 অনুৰাগ কাষলৈ আহিছে। কিছুপৰ একেথৰে সি চাই ৰৈছে তাইৰ মুখখনলৈ। হঠাৎ তাৰ হাতখনে অবাধ্য হৈ তাইৰ কপাল চুইছেহি ... তাৰ হাতৰ বুঢ়া আঙুলিটোৰে সি মুচিব ধৰিছে তাইৰ শিৰৰ সেউতাৰ অস্পষ্ট ৰঙা ৰেখাডাল।

 আক্ষেপ কৰা নাই তাই। এই ৰঙা ৰেখাডাল লগাবলৈ অকণো ইচ্ছা নাই তাইৰো, কিন্তু নিজেই মুচিবলৈ যেন তাইৰ অন্তৰত সাহসৰ অভাৱ।

 : তোৰ জীৱনৰ যন্ত্ৰণাবোৰ আগতে জনা হলে, বহু আগতেই মুচিলোহেঁতেন।

 অমৃতাৰ দুচকুত অজানিতে বিৰিঙি উঠিছে দুটুপাল চকুলো।

 : তই নিজেই পঠিয়ালি আৰু পিছত জানিবও চেষ্টা নকৰিলি।

 অমৃতাৰ কণ্ঠত অভিমান। স্পষ্ট অভিযোগৰ সুৰ।

 : মোক মাফ কৰি দে সোণ। সেই ভুলটো কৰি লৈ মই নিজেওতো শান্তিত থাকিব নোৱাৰিলোঁ।

 : .....

 : এই নিশা যে এনেকৈ এই হাবিৰ মাজত পৰি আছোঁ... এয়াও সেই ভুলৰেই পৰিনাম। মোক মাফ কৰি দে সোণ।

 কম্পিত হাতেৰে তাই অনুৰাগৰ হাতত ধৰিছে। শিৰৰ বোজা কমি অহা যেন অনুভৱ হৈছে।

 গোলামীৰ ৰংবিহীন উকা শিৰৰ অমৃতাৰ মুখলৈ অনুৰাগে হেঁপাহ পলুৱাই চাই ৰৈছে।

 পৃথিৱীৰ সমস্ত সৌন্দৰ্য সমন্বিত হৈ যেন থুপ খাইছেহি তাইৰ মুখখনিত.... চকুযুৰীত।

 টঙিৰ ভিতৰৰ জোনাকৰ অস্পষ্ট পোহৰেও যেন লগ দিছে তাইৰ সৌন্দৰ্য্য বঢ়াই তুলিবলৈ।

 অনুৰাগে মন্ত্ৰমুগ্ধৰ দৰে সাৱটি ধৰিছে তাইক।

 উষ্ম নিশ্বাস বোৰে চুই গৈছে ইটোৱে সিটোক। লাহে লাহে মন্ত্ৰমুগ্ধৰ দৰে নামি আহিছে অনুৰাগৰ ওঁঠযোৰ... স্পৰ্শ কৰি গৈছে তাইৰ কপাল, দুগাল, ওঁঠ। দুচকু জপাই দিছে অমৃতাই।

 অনুভৱ কৰিছে সেই স্পৰ্শ প্ৰাণভৰি।

 মনৰ ইস্পিত দুৰ্বাৰ আকাংক্ষা, আৱেগবোৰৰ আগত হাৰ মানিব ধৰিছে দুয়ো। প্ৰাপ্তিৰ প্ৰত্যাশাত ৰক্তিম হৈ উঠিছে ...

 গোলাপী আভাই তেজাল কৰি তুলিছে দুয়োৰে ওঁঠ, মুখ।

 অনুভৱ কৰিছে উপেক্ষা কৰিব নোৱাৰা এটি সুতীব্ৰ আকৰ্ষণ। আঁটি আঁটি বান্ধি লৈছে ইটোৱে সিটোক।

 নুই কৰি পেলাব নোৱাৰা সেই সুতীব্ৰ আকৰ্ষণৰ বন্যাত সমাজৰ ৰীতি নীতি বন্ধন শৃংখলা, পাপ, নৈতিকতা, অনৈতিকতা সকলো অপপ্ৰলাপ হৈ পৰিছেহি দুই প্ৰেমিক হৃদয়ৰ বাবে। লাহে লাহে প্ৰেমে বিস্তাৰ লাভ কৰিছে মনৰ পৰা শৰীৰলৈ। দুটি মন, দুটি আত্মা, দুটি শৰীৰ অভিন্ন হৈ পৰিছে প্ৰেমৰ আলিংগনত। আকাশে, বতাহে, গছে বনে, নদীৰ কল্লোলিত সুৰত ঝংকাৰ হৈছে মাথো এটি শব্দ ...প্ৰেম.... মাথো প্ৰেম আৰু প্ৰেম।

 পুৱতি নিশালৈ ঠাণ্ডা নামি আহিব ধৰিছে।

 ফৰকাল আকাশখন সেমেকিব ধৰিছেহি। আকাশত পাতল কলীয়া মেঘৰ উৰ্মিলহৰে এপাকত ঢাকি ধৰিছেহি যৌৱনা জোনটোক।

 নিমজ্জিত হৈ ৰৈছে দুটি শৰীৰ।

 অনুৰাগৰ বুকুৰ ধপধপনিৰ মাজত লীন হৈ ৰৈছে অমৃতা। কজলা চকুযুৰীত জিলিকি উঠিছে কিছু ভয়, কিছু শংকা।

 : আমি ভুল কৰিলোঁ নেকি অনু?? [ ১০০ ]  : ইমান পাপবোধ কিয় মনত?? মই তোক ভালপাওঁ। এয়া জানো সত্য নহয়??

 অনুৰাগে ওলোটাই সুধিছে তাইক। জানে অমৃতাই, .. এই ভালপোৱা সত্য। একো সন্দেহ নাই তাইৰ। সন্দেহ নাই অমৃতাৰ অনুৰাগৰ প্ৰেমৰ ওপৰত, নতুবা নিজৰ মনৰ অনুভূতিবোৰৰ ওপৰত। কিন্তু সমাজ??

 : সমাজে জানো আমাৰ সম্পৰ্কক মানি ল’ব ইমান সহজে... মোৰ ডিভৰ্চওতো হোৱা নাই অনু।

 শেষৰ বাক্যশাৰী কওঁ নকওকৈ কলে তাই।

 : এইবোৰ ভাবি লাভ নাই সোণ। সময়ত সকলো ঠিক হব। এই হাবিখনৰ মাজত, এতিয়া আমি কোনো নীতি আৰু শৃংখলাৰ দাস নহওঁ। সকলো চিন্তাৰ পৰা নিজক মুক্ত কৰ। এই যে আমি দুয়ো দুয়োৰে মাজত লীন হৈছো, ইয়াত শৰীৰৰ তাড়না কম, মনৰ তাড়না হে অত্যধিক। এই তাড়না ভালপোৱাৰ। এতিয়া এই সময় আমাৰ ... এই ক্ষণ মাথো আমাৰ।

 আৰু অলপ জোৰেৰে সাৱটি ধৰিছে সি তাইক... সামৰি লৈছে তাইক নিজৰ বুকুৰ উমত।

 অনুৰাগেও জানে, সমাজে তাঁহাতৰ প্ৰেমৰ উচিত বিশ্লেষণ নকৰিবও পাৰে। নৈতিকতা, অনৈতিকতা, নিয়ম , অনিয়মৰ সঁজুলিৰে অমৃতা আৰু অনুৰাগৰ চৰিত্ৰৰ অস্ত্ৰোপচাৰ কৰি তাঁহাতক থকা সৰকা কৰাৰ সম্ভাৱনাই অধিক।

 কিন্তু প্ৰেমে জানো সেইবোৰ বাধা মানে?

 সকলো বাধা অতিক্ৰমিও জিলিকি ৰয় যি...সেয়াইতো প্ৰেম!!

 : মই যে তোক একো দিব নোৱাৰো অনু।

 : ........

 : একোৱেই নাই মোৰ। মই ৰিক্ত, এটি শূন্য।

 সচাই কি আছে তাইৰ অনুৰাগক দিবলৈ?

 কি দিব তাই অনুৰাগক?

 স্বপ্নবিহীন এটি উকা জীৱন... শূন্য অনুৰ্বৰ শৰীৰ...আৰু কি আছে তাইৰ?

 এৰা অনুৰ্বৰেইতো!! সপোনৰ পুলি নগজে তাইৰ শৰীৰত। কোনো আলসুৱা কোমল প্ৰাণে পোখা নেমেলে তাইৰ গৰ্ভত। কাৰণ, বহুবাৰ গৰ্ভতেই শ্মশান প্ৰাপ্তি হৈছে তাইৰ অবিকশিত ভ্ৰুণবোৰৰ .... নতুবা গলি গলি বৈ গৈছে অস্ত্ৰোপচাৰ কক্ষৰ ড্ৰেইনত।

 এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ।

 এতিয়া তাইৰ জৰায়ু অনুৰ্বৰ মৰুভূমিৰ দৰেই।

 প্ৰাণৰ সঞ্চাৰ নঘটে তাত। বসন্ত নাহে।

 অবাক হৈ ৰৈছে অনুৰাগ।

 : কিয়?

 : কাৰণটো তেনেই সাধাৰণ। ভাস্কৰে নিবিচাৰে। আৰু সেয়াই শেষ সিদ্ধান্ত।

 অমৃতাৰ কণ্ঠত এক অদ্ভুত জড়তা। দুচকুত আত্মগ্লানি।

 “উফ” ইমান নিষ্ঠুৰ হব পাৰেনে মানুহ?

 এক অদ্ভুত যন্ত্ৰনাত দগ্ধ হৈছে সি। প্ৰত্যক্ষ বা পৰোক্ষভাৱে সিয়েই দায়ী...সিয়েই দোষী জীৱনটো যদি কম্পিউটাৰৰ দৰে হোৱাহেঁতেন!!

 এতিয়াই আনদু কৰিলেহেঁতেন ভুলবোৰ ... ডিলিত কৰিলেহেঁতেন যন্ত্ৰণাবোৰ, ৰি টাইপ কৰিলেহেঁতেন জীৱনৰ সুখ ভৰা পৃষ্ঠাবোৰ॥

 তাইৰ তপত চকুলোৱে তিয়াই গৈছে অনুৰাগৰ বুকু। মৃদু উচুপনিবোৰ অনুৰাগৰ চকুলোৰে সিক্ত বুকুখনত ঠেকা খাইছে। বুজিব পাৰিছে অনুৰাগে তাইৰ মনৰ বেদনা। তাইৰ দীঘল চুলিটাৰীত, উকা পিঠিত হাত বুলাই সান্তনা দিছে সি।

 : পাহৰি যা সোণ। পাহৰিব লাগিব তই এইবোৰ। ওলাই আহ সেই কষ্টকৰ স্মৃতিবোৰৰ পৰা। এতিয়া তই মাথো মোৰ। মোক আৰু একো নালাগে। তোক জীৱনত ঘূৰাই পাম সেয়া কেতিয়াও ভবা নাছিলোঁ। কিন্তু এতিয়া তোক, তোৰ ভালপোৱা [ ১০১ ] পুনৰ নিজৰ জীৱনত ঘূৰাই পাইছোঁ। আৰু একোৱেই নালাগে মোক। একোৱেই নালাগে।

 অত্যন্ত আৱেগপ্ৰৱন হৈ উঠিছে অনুৰাগ।

 অমৃতাৰ সিক্ত চকুযুৰী মুচি দিছে সি। মুখখন তুলি ধৰি তাইৰ কম্পিত ওঁঠ যুৰীত অত্যন্ত আৱেগেৰে চুমা যাচিছে সি। এক অনামী আৱেশত চকুযুৰী জাপ খাই গৈছে অমৃতাৰ।

 সঁচাই!!

 এই মিলন অপ্ৰত্যাশিত, কিন্তু দুয়োৰে হৃদয়ত সেয়াই আছিল পৰম আকাংক্ষিত। মোহাচ্ছন্ন হৈ চাই ৰৈছে তাই অনুৰাগৰ গভীৰ চকুহাললৈ। সেই চকুহালত জিলিকি উঠিছে সত্য, ভালপোৱা, আৰু প্ৰশ্ৰয়।

 চাৰিচকুৰ অন্তৰংগতা ... তাৰপিছতেই পুনৰ গভীৰ আলিংগনত আৱদ্ধ হৈছে দুয়ো।

 দুয়োৰে দুচকুত উন্মুক্ত হৈ ধৰা দিছে প্ৰেম .. অনুৰাগৰ বুকুৰ গভীৰতাত কুৰুকি কুৰুকি সোমাই পৰিছে অমৃতা।

 ইমান নিৰাপত্তা যে অকল এই বুকুখনেহে দিব পাৰে তাইক..!!

 ইমান মৰম আৰু প্ৰশ্ৰয় কেৱল এই চকুহালতহে বিচাৰি পায় তাই।

 দুয়োৰে বুকুত প্ৰেমৰ মাদল বাজিছে। দুয়ো অনুভৱ কৰিছে সেই একেই সুৰ, সেই একেই ৰাগ।

 বুকুৰ ধপ ধপনিবোৰ দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ এটি উদ্দাত্ত ৰাগিনীত পৰিণত হৈছে....

 সেই সুৰ, সেই ৰাগ মাথো প্ৰেমৰ। প্ৰেমৰ সুৰৰ শ্ৰতিমাধুৰ্য্যতাত উন্মনা হৈ পৰিছে অনুৰাগ আৰু অমৃতা।

 এটা সময়ত গভীৰ নিদ্ৰাৰ কোলাত ঢলি পৰিছে দুয়ো। ক্লান্ত শৰীৰ। তৃপ্ত মন।

 পৰিপুষ্ট মন, উদ্দীপ্ত আত্মা।

 চাঙৰ টঙিখনৰ ভিতৰত তেতিয়া ছা পোহৰৰ যুগলবন্দী... জংঘলৰ পৰা ভাহি আহিছে কেঁচা সেউজীয়া ঘ্ৰাণ, আৰু দূৰৈত অচিন পক্ষীৰ কূজন॥

 অভিভূত হৈ চাই ৰল দুয়ো।

 পাহাৰৰ বুকুত সেউজীয়াৰ আভৰণ।

 প্ৰকৃতিয়ে যেন প্ৰাণঢালি সৌন্দৰ্য্য সানিছে পাহাৰৰ বুকুত। ওখ ওখ সেউজ গছ গছনিৰ শিখৰ চুম্বী বতাহত ইফালৰ পৰা সিফাললৈ ওপঙি ফুৰিছে চঞ্চলা কলীয়া মেঘ। খলা বমা সাপৰ দৰে একা বেঁকা সৰু ঠেক পথ। তলত পাহাৰৰ বুকুৰ ভাঁজৰ পৰা নিগৰি ভৈয়ামত বৈ যোৱা নীলা নদীখন ... শাওনৰ পৰশত ভৰ যৌৱনা চঞ্চলা নদীখনৰ উত্ৰাৱল, উচ্ছল তৰংগ।

 দুয়োৰে নাকত লাগিছেহি এটি চিৰচিনাকি সুবাস ... চিৰইপ্সিত সুবাস, কেঁচা সেউজীয়াৰ। দীঘলকৈ উশাহ টানি বুকুৰ আভ্যন্তৰীণলৈকে দুয়ো অনুভৱ কৰিলে সেই সেউজীয়া কেঁচা ঘ্ৰাণ।

 পাহাৰীয়া কঠিন শিলাখণ্ড ভেদী কুলুকুলু সুৰেৰে বৈ আহিছে কেইবাটাও প্ৰাণোচ্ছল জুৰি।

 দুয়ো মুখ হাত ধুই ললে জুৰীৰ পানীত।

 আকাশখন ইতিমধ্যে উন্দুলি উঠিছে। ঘনঘোৰ মেঘে ঢকা আকাশত বিজুলীৰ চমকনি বাঢ়ি আহিছে। মেঘে ঘনে ঘনে গাজিব ধৰিছে।

 হঠাৎ জৰজৰকৈ খহি আহিছে বৰষা। প্ৰাণদায়িনী বৰষা। মুকুতামনি বোৰ সৰসৰাই বাগৰি আহিছে অমৃতা আৰু অনুৰাগৰ সৰ্বস্ব তিয়াই।

 দুহাত মেলি , দুচকু মুদি, মুখখন ওপৰ কৰি ৰৈছে তাই। উপভোগ কৰিছে তাই সেই প্ৰতিটো শীতল বৃষ্টিকণা।

 “আস”

 ভাল পাওঁ মই এই সেউজীয়া, এই নদী, এই পাহাৰ ... ভাল পাওঁ মই এই সময়, যি সময়ে মোক পুনৰ অনুৰাগৰ ওচৰলৈ লৈ আনিছে। জীৱনৰ সকলো সৌন্দৰ্য্য মই ইয়াতেই বিচাৰি পাইছো।

 কয় যদি কওক সমাজে, তাইক নৈতিক বিচ্যুতি ঘটা এগৰাকী চৰিত্ৰহীন নাৰী বুলি!

 তাই জানে তাই একো ভুল কৰা নাই।

 “মোৰ সমস্ত হৃদয় জুৰি মাথো এটিয়েই নাম। সেই নাম অনুৰাগ ভাল পাওঁ মই তোক অনুৰাগ... বহুত ভাল পাওঁ।” [ ১০২ ]  অস্পষ্ট কৈ বিৰবিৰাই উঠিল তাই।

 “আৰু মোৰ সমস্ত হৃদয় জুৰি মাথো এটিয়েই নাম। এটিয়েই ছবি। সেই নাম.. সেই ছবি ..অমৃতাৰ”

 গুৰুগম্ভীৰ কণ্ঠ অনুৰাগৰ।

 কাণ দুখন গৰম হৈ উঠিছে তাইৰ।

 চেহ , তাইও যে আৰু!!

 মনতে ভাবি থকা কথাবোৰ কৈয়েই পেলাব লাগে নে তাই!! তাইৰ সন্মুখত থিয় হৈ ৰৈছেহি সি। মুখত মিচিকিয়া হাঁহি। বৃষ্টিকণাই তিয়াই গৈছে অনুৰাগৰ কেঁকোৰা অবিন্যস্ত চুলি, মুখমণ্ডল, শৰীৰ।

 দুচকুৰ আগত ভাহি উঠিছে পথাৰৰ মাজত এহাল লৰা ছোৱালী... অমৃতাৰ হাতত এটি ভঙা ছাতি। বতাহে কোবাই লৈ যোৱা ছাতিখন লৈ কান্দো কান্দোকৈ চাই ৰৈছে তাই। এখন দীঘল কলপাত লৈ কাষত থিয় দিছেহি অনুৰাগ। কলপাতৰ ছাতি লৈ খিলখিলাই হাঁহি উঠিছে দুয়ো... ফ্ৰক কোঁচাই, উদং ভৰিৰে জপং জপং শব্দ কৰি পানীত জঁপিয়াইছে দুয়ো।

 ক’ব নোৱাৰাকৈ অনুৰাগ আৰু অমৃতা দুয়োৰে ওঁঠত বিয়পি পৰিছে এটি মিচিকিয়া হাঁহি...।

 ফৰফৰাই বলা বতাহজাকত হেলনীয়া বৰষুণে ধুৱাই গৈছে দুয়োকে। টোপাল টোপাল মাধুৰীকণাৰ সংস্পৰ্শত গলি যাব ধৰিছে অন্তৰৰ দুখ, মলিনতা, ... সূৰ্যকণাৰ দৰে জ্বলমলাই উঠিছে মাথো প্ৰেম।

(২৩)

 প্ৰস্তুৰ মূৰ্তিৰ দৰে দুৱাৰমুখতে ৰৈ গল শ্যামলী আৰু অদিতি। সশব্দে উচুপি উঠিছে অনুৰাগৰ মাক।

 : ক’ত গ’ল, কলৈ গ’ল একো খবৰ পোৱা নাই। আজি তিনিদিন হল অনুৰাগ দাদা আৰু অমৃতা বাইদেউ গুচি যোৱা।

 সীমান্তই বিমৰ্ষ মনেৰে কলে। হীৰাই হুইল চেয়াৰৰ সন্মুখত আঁঠু কাঢ়ি বহি লৈ উচুপি উচুপি ভাগৰি যোৱা মানুহজনীক বুকুৱে পিঠিয়ে মালিচ কৰি সান্তনা দিছে।

 : পুলিচত খবৰ দিয়া নাই নেকি?

 : পুলিচ প্ৰশাসন বুলি একো নাই অ এইখন গাঁৱত। সকলো মিলিজুলি চলি থাকে সন্ত্ৰাসবাদীৰ লগত। কোনো আমাক সহায় কৰিব নোৱাৰে। কোনো নোৱাৰে ইয়াত। আপোনালোক মুম্বাইৰ পৰা আহিছে। আপোনালোক ডাঙৰ মানুহ। আপোনালোকেই কিজানি কিবা এটা কৰিব পাৰিব।

 অনুৰাগক ইমান দূৰৰ পৰা বিচাৰি আহিছে যেতিয়া নিশ্চয় সহায় কৰিব সেই আশাতেই কলে সীমান্তই। শ্যামলীয়ে উদ্বিগ্নতাৰে মোবাইলটোলৈ চালে। নেটৱৰ্কৰ মাত্ৰ এডাল চিহ্ন জিলিকি আছে। মোবাইলটোৰপৰা যে একো সহায় নহব বুজি তাই মোবাইলটো বেগত ভৰাই থ’লে।

 : বাইক গাড়ী কিবা আছে যদি দিয়াচোন। ইয়াত নেটৱৰ্ক একেবাৰে নাই। টাউনৰ ফালে ওলাই গলেহে কিজানি নেটৱৰ্ক পাম।

 : মোৰ বাইকখনহে আছে ...

 : তাকেই দিয়া।

 সীমান্তই প্ৰায় দৌৰ মাৰিয়ে গল ভিতৰলৈ চাবিপাত আনিবলৈ।

 হীৰাই জোৰ কৰাৰ পিছতো একো নোখোৱা নোবোৱাকৈ অদিতি আৰু শ্যামলী দুয়ো সীমান্তৰ বাইকখনকে লৈ ওলাই আহিল টাউন অভিমুখে।

 : কি কৰিলে ভাল হ’ব শ্যামলী?

 শুষ্ক কণ্ঠৰে সুধিলে অদিতিয়ে।

 : এনেই হাত সাৱটি বহি থাকিব নোৱাৰি বা। কিবা কৰিব লাগিব। তলৰ লেভেলত নহব। পাপাক ফোন কৰি জনাব লাগিব কথাষাৰ। পুলিচত খবৰ দিব লাগিব।

 : কিন্তু ইয়াত পুলিছেও সহায় নকৰে বুলি ক’লে দেখোন।

 : নকৰিবও পাৰে। কিন্তু পুলিচক কৰাব লাগিব। [ ১০৩ ]  শ্যামলীৰ কণ্ঠত দৃঢ়তা শুনি আশ্বস্ত হল অদিতি। শ্যামলীয়ে নিশ্চয় কিবা কৰিব পাৰিব। মেডিয়াৰ পাৱাৰ কিমান জানে তাই। তাতেই শ্যামলীৰ দেউতাক নিজেই এজন মন্ত্ৰী... শক্তিশালী ৰাজনৈতিক বিষয়া।

 : ভাস্কৰ দত্তৰ কিবা হাত থাকিব পাৰে বুলি ভাবা নেকি শ্যামলী?

 : হাত থাকিবও পাৰে। হঠাৎ হেৰাই গৈছে ভাস্কৰ দত্ত। মুম্বাই পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে ভাস্কৰ দত্তক। কিবা সম্ভেদ পাব নিশ্চয়।

 ঠেক উখোৰা মোখোৰা পকী পথটোত স্থিৰ দৃষ্টি ৰাখি বাইকখন চলাই নিছে শ্যামলীয়ে। টাউন পাওঁ পাওঁ হওতেই হঠাৎ অদিতিৰ ফোনটো বাজি উঠিল। বিপ্লৱ। মুখখন বিৰক্তিৰে উপচি পৰিল অদিতিৰ। শ্যামলীয়ে বাইকখন ৰাস্তাৰ কাষতে ৰৈ দিলে।

 অনিচ্ছাসত্বেও ফোনটো উঠাই ললে অদিতিয়ে।

 : ......

 : হেল্ল মাত নিদিয়া কিয়? মোক নোকোৱাকৈ মনে মনে গুচি গলা কিয়?

 : মাত দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবিলোঁ।

 : তুমি বুজি পোৱা নাই অদিতি। ভাস্কৰ আৰু অমৃতাৰ মাজত সোমাই তুমি ভুল কৰিছা। ভাস্কৰক তুমি চিনি নোপোৱা অদিতি। হি কেন গ’ আপ টু এনি একষ্টেন্ট। পাগল হৈ গৈছে সি।

 : ......

 : হেল্ল, তুমি শুনিছানে অদিতি। ঘূৰি আহা তুমি।

 মোৰ কথা বুজিবলৈ চেষ্টা কৰা। ভাস্কৰে তাৰ প্ৰতিশোধ ল’বই। তুমি এতিয়া কত আছা?

 : মই অনুৰাগদা, অমৃতাহঁতৰ গাঁৱত আছোঁ।

 : ৱাত? ৱাত আৰ ইউ চেয়িং অদিতি?

 : কি হল?

 : প্লিজ অদিতি ঘূৰি আহা। ভাস্কৰ... ভাস্কৰ তাতেইতো আছে।

 কিছুপৰ নিস্তব্ধ হৈ শুনি ফোনৰ সংযোগ বিছিন্ন কৰি দিলে তাই। শ্যামলীয়ে প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰৈছে তাইলৈ।

 : বিপ্লৱে ফোন কৰিছিল। ভাস্কৰ দত্ত ইয়াতেই আছে বুলিহে কলে দেখোন।

 অদিতিৰ চকুৱে মুখে দুশ্চিন্তা।

 ভ্ৰূ কুঞ্চিত কৰি কিছুদেৰী কিবা ভাবিলে শ্যামলীয়ে। বেগৰ পৰা নিজৰ মোবাইলটো উলিয়াই চালে তাই। নেটৱৰ্ক আছে।

 : জাষ্ট ৱেইট।

 শ্যামলীয়ে লৰালৰিকৈ দুটা মেছেজ পঠিয়ালে।

 : কাক মেছেজ কৰিলা?

 : দুই ঠাইলৈ। এটা মুম্বাই পুলিচ আৰু আনটো হিন্দুস্তান টাইমছ।

০০ ০০ ০০

 পাহাৰীয়া ঠেক কেঁচা পথটোৰ কাষৰ জোপোহাই আৱৰি ৰখা ঢাপটোত সোমাই পৰিল দুয়ো। তীব্ৰ গৰ্জন কৰি পাৰ হৈ গ’ল তিনিখন মটৰ চাইকেল। মটৰ চাইকেলৰ ওপৰত সশস্ত্ৰ আৰোহী। মটৰ চাইকেল জাক চকুৰ আঁতৰ হোৱাৰ পিছতো তেনেকৈয়ে বহি ৰল দুয়ো কিছুপৰ।

 : ব’ল৷

 অনুচ্চ কণ্ঠৰে কলে অনুৰাগে।

 অমৃতালৈ চাই বুকুখন মুচৰ খাই আহিল তাৰ। ঢাপটোৰ ভিতৰত মাটিতে মূৰটো আৰু শৰীৰটো ভেঁজা দি কুচিমুচি বহি ৰৈছে তাই। অবিন্যস্ত চুলি, মুখমণ্ডলত, পিন্ধি থকা শাৰীখনত অত তত লাগি ৰৈছে পাহাৰীয়া ৰঙা মাটি। সেই একেই অৱস্থা [ ১০৪ ] অনুৰাগৰো৷

 হাবিৰ মাজত পাত, জোপোহাৰ আঁৰে আঁৰে সতৰ্কতাৰে দুয়ো আগবাঢ়িছে। চাৰিওফালে সশস্ত্ৰ উগ্ৰপন্থীয়ে পিয়াপি দি ফুৰাৰ বাবে পাহাৰৰ পৰা ওলাই যাবলৈ তিনিদিন ধৰি চেষ্টা কৰিও অসফল হৈ ভাগৰি গৈছে দুয়ো। মনৰ জোৰ থাকিলেও ভোক, পিয়াঁহত শৰীৰৰ জোৰ কমি আহিছে..খোজৰ গতি ধিম হৈ আহিছে, ঘনে ঘনে ফেঁপাব ধৰিছে অমৃতাই। তথাপিও দুচকুত ভয়, শংকা, ভাগৰ দেখুৱাব খোজা নাই তাই অনুৰাগক।

 প্ৰকাণ্ড শিলবোৰৰ ফাঁকে ফাঁকে জৰজৰাই বৈ যোৱা উচ্ছল এটি জুৰিৰ সন্মুখত ৰৈ গল দুয়ো। তাতে ৰৈ দুয়ো ঘোটঘোটাই জুৰীৰ পানী পি খালে। পেটৰ ভোক যে ইমান তীব্ৰ হব পাৰে এই প্ৰথম অনুভৱ কৰিছে অমৃতাই। খাদ্যৰ নামত দুয়ো খাইছে মাথো পাহাৰীয়া ফল।

 মুম্বাইত থাকোতে এগৰাহ খাবলৈও তাইৰ মন নগৈছিল। অথচ, এই হাবিখনত দেখোন তাইৰ ইমান ভোক লাগিছে!

 ক্ষন্তেক জিৰণি লবৰ বাবে শিল এচটাৰ ওপৰত বহি পৰিল দুয়ো। পুৱাৰ কোমল ৰদে ধুই গৈছে দুয়োৰে ভাগৰুৱা শৰীৰ। অনুৰাগৰ কান্ধত মূৰটো পেলাই আকাশখনলৈ চাই বহি ৰল তাই। নীলাভ আকাশখনত ফুটচাই বৰণীয়া পাতল মেঘ। মেঘৰ আঁৰে আঁৰে লুকাভাকু খেলিছে পুৱাৰ বেলিটিয়ে।

 এই হাবিখনৰ পৰা ওলাই যাব পাৰিম নে আমি অনু?

 কোমলকৈ আঁকোৱালি লৈছে সি তাইক দুবাহুৰ মাজত।

 :চিন্তা লাগিছে? ওলাই যাম ইয়াৰ পৰা আমি। ওলাই গৈ আমি দুয়ো মুম্বাই যামগৈ। হ’বনে?

 মুম্বাইত গৈ পাই আকৌ মোৰ পৰা দূৰ হোৱাৰ কথা কিন্তু নকবি। কাৰণ এইবাৰ ক’লেও মই নুশুনো।

 অমৃতাৰ সিক্ত দুচকুত বিৰিঙি উঠিছে গ্লানি।

 : মই যদি তোৰ লগত ফ্লেটত থাকিব মান্তি হোৱাহেঁতেন, তই নিশ্চয় মোক এৰি থৈ নাহিলিহেঁতেন এই গাঁৱলৈ। চব মোৰ ভুলৰ বাবেই এইবোৰ হল অনু।

 : তেনেকৈ কিয় কৈছ? মই গুচি নহা হলে, তই জানো মোক বিচাৰি আহিলিহেঁতেন?? আৰু আহি ভালহে হল...দুয়ো ইমান বছৰৰ মূৰত আমাৰ মৰমৰ গাঁওখনত...

 মই বেয়া পাওঁ অনু। বেয়া পাওঁ মই আমাৰ গাওঁখনক। বেয়া পাওঁ মই ইয়াৰ ঘন হাবি বননি। যি ঠাইত তোৰ ইমান অমংগল হব পাৰে সেই ঠাই মোৰ প্ৰিয় হব নোৱাৰে।

 উষ্ম কণ্ঠ অমৃতাৰ। অনুৰাগে কোমলকৈ এটা চুমা আঁকি দিলে তাইৰ কপালত।

 : গাঁওখনৰ কি দোষ? এই নদী, এই পাহাৰখনৰ কি দোষ? দোষ মানুহৰপৰাহে হয়...মোৰ ভুল হৈছিল। আৰু সেই ভুলৰেই পৰিনাম এয়া। মোৰ ভুলৰ বাবে আমাৰ গাওঁখনক ঘিণ নকৰিবি সোণ।

 অমৃতাই প্ৰত্যুত্তৰত কিবা কোৱাৰ আগতেই হঠাৎ তড়িৎ গতিৰে অনুৰাগে ঘূৰি দিলে। বতাহতে অৰ্দ্ধ গোলাকাৰ হোৱা হাতৰ শিকলি পাতে কাৰোবাৰ মূৰত এটা প্ৰচণ্ড আঘাত কৰিলে। সেই অনাকাংক্ষিত আক্ৰমণত বাগৰি পৰিল কোনোবা। অমৃতাই পিচহোহোকি অনুৰাগৰ পিছফালে থিয় দিলেহি। মূৰ ফাটি সোঁ সোঁৱাই তেজ বব ধৰিছে কলা কাপোৰেৰে মুখ ঢকা যুৱকজনৰ। উঠি বহিব লওঁতেই অনুৰাগে উপৰ্যপূৰি কেবাটাও ঘোচা মাৰিলে নাকে মুখে। যুৱকজনৰ হাতৰ বন্দুক কাঢ়ি লৈ মৃত্যুদূত হৈ সন্মুখত থিয় হ’লহি অনুৰাগ।

 এটি গুলি মাথো.. ৰক্তাক্ত দেহাটো নিথৰ হৈ পৰি ৰল শুকান গছ পাতৰ ওপৰত।

 পাহাৰৰ বুকুত সন্ধিয়া নামিব ধৰিছিল ইতিমধ্যে। ৰঙা বেলিটো ডুব যাব ধৰিছিল পশ্চিমৰ কমলা বুলিয়া আকাশত।

 আৰু এদিন পাৰ হল। আৰু এনিশা এই পাহাৰত কটোৱাৰ কথা ভাবি বিমৰ্ষ হৈ পৰিছে অনুৰাগ আৰু অমৃতা। এজোপা বট বৃক্ষৰ তলতে ক্লান্ত শৰীৰটো এৰি দিছে দুয়ো।

 হঠাৎ চিকিমিকি অন্ধকাৰতে এচমকা পোহৰ পৰিল ডাঠ সেউজীয়া পাতবোৰৰ ওপৰত। সচকিত হৈ উঠিল অনুৰাগ আৰু অমৃতা দুয়ো। নিশব্দে দুয়ো পিছুৱাই গৈ থাকিল। বিজুলীৰ দৰে অন্ধকাৰতে চমকি উঠিল এযোৰ চকু... দুযোৰ চকু। এটা বিকট চিঞৰ স্বতঃস্ফূৰ্ত ওলাই আহিল অমৃতাৰ। জপিয়াই পৰিল দুই ৰক্তপিপাসু অনুৰাগৰ ওপৰত। অনুৰাগেও তীব্ৰ গতিৰে [ ১০৫ ] শিকলিৰে আঘাত কৰিলে দুয়োজনক মূৰে কপালে। তাৰ লগে লগেই লাত আৰু ঘোচা। পৰি যোৱা বন্দুক উঠাই লৈ, বন্দুকৰ নল সিহঁতলৈ টোঁৱাইও ৰৈ গল অনুৰাগ। গুলিচালনাৰ শব্দ অন্ধকাৰত বহু দূৰলৈ শুনা যাব। গতিকে বন্দুকৰ নালেৰেই প্ৰচণ্ড মাৰ সোধালে সি দুয়োৰে মূৰত। কপি কপি চাই থাকিল অমৃতাই অনুৰাগৰ সেই হিংস্ৰ জান্তৱ ৰূপ।

 কঁপা কঁপা হাতেৰে আলফুলে অনুৰাগৰ কপাল ফাটি বৈ যোৱা তেজৰ ধাৰা খিনি মুচি দিলে অমৃতাই।

 হঠাৎ পাতৰ আঁৰত পুনৰ চমকি উঠিছে কেইবাজুৰো হিংস্ৰ চকু। জপিয়াই পৰিছে অনুৰাগৰ ওপৰত এজাক ৰক্তপিপাসুৰ দল।

 বৰফে যেন পুতি পেলাইছে অমৃতাৰ শৰীৰ, বন্ধ হৈ গৈছে ৰক্তসঞ্চালন। কঁপিবলৈও পৰা নাই, শৰীৰ জঠৰ হৈ পৰিছে। তাইৰ।

 অনুৰাগ বাগৰি পৰিছে মাটিত, তাৰ ওপৰত বাগৰি পৰিছে বাকীবোৰ ৰক্ত পিপাশু। প্ৰচণ্ড ঘোচা, লাত, মাৰা মাৰি..অনুৰাগে শৰীৰৰ সমস্ত শক্তিৰে অকলেই যুঁজিছে...

 আস’ কষ্ট পাইছে সি। ভীষণ কষ্ট।

 হঠাৎ যেন অমৃতাৰ শৰীৰলৈ ৰক্তসঞ্চালন দ্ৰুত হৈ আহিছে। মুখলৈ তেজৰ উষ্ম জোৱাৰ আহিছে। খঙত কপি উঠিছে তাই।

 স্থিৰ হাতেৰে অনুৰাগৰ ৰিভলভাৰ হাতত তুলি লৈছে তাই। দুচকুত অগ্নিজ্বালা।

 ধাই ধাই ধাই।

 গুৰি কটা গছৰ দৰে বাগৰি পৰিল তিনিওজন যুৱক। কিছুসময়ৰ নিস্তব্ধতা। অনুৰাগে এপলক বিস্মিত হৈ চাই ৰৈছে অমৃতাৰ নতুন ৰূপটোলৈ। হঠাৎ পুনৰ আক্ৰমণ কৰিব উদ্যত হোৱা দুই যুৱকক ভৰিত ক্ষিপ্ৰতাৰে খুকুৰীৰে উপৰ্যপূৰি আঘাত কৰিলে সি। কৰ্কশ কেকনিৰে বাগৰি পৰিল দুয়োজন।

 অনুৰাগৰ ওঁঠ ফাটি তেজ বব ধৰিছিল। ভৰি আৰু বাহুত যথেষ্ট আঘাত পাইছিল সি। সামান্য লেঙেৰীয়াই খোজ দি অমৃতাৰ কাষলৈ আহিল সি।

 যন্ত্ৰণাৰ মাজতো অনুৰাগৰ ওঁঠত স্মিত হাঁহি।

 উজাই আহিব খোজা কান্দোনটোক কোনোমতে হেঁচি ধৰি সাৱটি ধৰিলে দুয়ো ইটোৱে সিটোক।

 হাবিত অ’ত ত’ত টৰ্চৰ পোহৰ পৰিছে।

 বিপৰীত দিশত দৌৰিছে দুয়ো হাবি, বন, জোপোহা, লতিকা ছিঙি। শৰীৰত জোৰ নাথাকিলেও মনৰ জোৰেৰে দৌৰিছে দুয়ো। কাঁইট, গছৰ শুকান ডালৰ খোচত শৰীৰৰ অ’ৰ ত’ৰ পৰা বিৰিঙি উঠিছে ৰক্তকণিকা।

 এই নিশা যেন শেষ নহ’ব। এই হাবি যেন অন্তহীন। দৌৰি দৌৰি দুয়ো বহু তললৈ নামি আহিছে ইতিমধ্যে। হঠাৎ কিবা মনত পৰাৰ দৰে ৰৈ গৈছে অনুৰাগ।

 নদীখনৰ পাৰৰ মুকলি ওখ গৰা... গৰাত তেতিয়া ৰূপোৱালী জোনাকৰ প্লাৱন আৰু তলত ৰূপোৱালী টৌ তুলি বৈ যোৱা নৃত্যৰত নদীখন।

 : ৰৈ...ৰৈ গলি কিয়?

 অনুৰাগে মুখেৰে একো মতা নাই। দীঘলকৈ উশাহ কেইটামান লবলৈ চেষ্টা কৰিছে সি। অনুৰাগৰ মুখলৈ চাই ৰৈছে তাই উত্তৰৰ আশাত।

 বেগৰ পৰা সৰু ৰঙা কাপোৰেৰে বন্ধা কলহ এখন দাঙি ধৰিছে সি। একো বুজিব নোৱাৰি তাই প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰৈছে তালৈ।

 : তোৰ অনুপস্থিতিত মই মাথো ইয়াকেই ৰাখিব পাৰিলোঁ তোৰ বাবে।

 : চিতাভস্ম। না নকৰিবি। খুড়াদেউৰ আত্মাই শান্তি পাব অমৃতা।

 ধুমুহাৰ মাজতো অস্বাভাৱিক ধৰণে শান্ত, সৌম্য গম্ভীৰ মুখখনলৈ অবাক লাগি চাই ৰৈছে অমৃতাই। দুচকু ভৰি আহিছে। [ ১০৬ ] চকুলোৰে।

 : অনুৰাগ..

 থুকাথুকি হৈ পৰিছে তাইৰ কণ্ঠস্বৰ।

 : পাহৰি যা। পুৰণি কথাবোৰ ধৰি থাকি জানো কিবা লাভ হব? যাৰ অন্তৰত প্ৰেম থাকে তাৰ মনত ইমান ঘৃণা নাথাকে অমৃতা।

 দুচকু ভৰি আহিল তাইৰ অশ্ৰুৰে। ক’বলৈ আৰু একোৱেই বাকী ৰোৱা নাছিল। সিক্ত চকুৰে, মিশ্ৰিত অনুভূতিৰে দুয়ো অস্থি বিসৰ্জন দিলে নদীৰ উচ্ছল জলধাৰাত। এবুকু বিষাদেৰে মন ভৰি উঠিছে অমৃতাৰ। অনুৰাগে আলফুলে তাইক সাৱটি ধৰিছে।

 হঠাৎ নিৰ্জনতা ফালি বুকু কঁপাই যোৱা দুটা গুলীৰ গৰ্জন আৰু তাৰ লগে লগেই অনুৰাগৰ আৰ্ত চিৎকাৰ শুনি স্তম্ভিত হৈ ৰল অমৃতা।

 : অনুৰাগ।

 আৰ্তনাদ কৰি উঠিল তাই।

 কিবা বুজিব পৰাৰ আগতেই অনুৰাগ কুজা হৈ আঠুত হেঁচি ধৰি মাটিত বহি পৰিছে। আঁঠুৰ ঠিক তলত গুলি লগা ঠাইডোখৰৰ পৰা সোঁ সোঁৱাই তেজ বব ধৰিছে। প্ৰচণ্ড জোৰে হেঁচি ধৰিছে সি। নিমিষতে অস্থিৰ হৈ উঠিল তাই। কেঁচা ঘাম বিৰিঙি উঠিল তাইৰ সৰ্বশৰীৰত।

 : অনু অনু।

 অনুৰাগক সাৱটি ধৰি চিৎকাৰ কৰি উঠিল তাই। কি কৰোঁ কি নকৰোকৈ অমৃতাই নিজৰ শাৰীৰ আচল ফালি বান্ধি দিলে ঠাইটুকুৰা।

 হঠাৎ পিছফালৰ পৰা কেইবাটাও জোতাৰ গধুৰ খোজ আৰু হাত চাপৰি মৰাৰ শব্দ শুনা গ’ল। সেই একে সময়তে অনুৰাগে তাৰ মূৰত সোঁ কাণৰ ঠিক পিছফালে অনুভৱ কৰিলে বন্দুকৰ নলীৰ ধাতৱ স্পৰ্শ। তাৰ লগে লগেই পৈশাচিক, কটাক্ষ ভৰা হাঁহি এটাই বিষাক্ত কৰি তুলিলে জোনাক প্লাৱিত গৰাটো। ঠিক দৈত্যৰ দৰে। ভৰিৰ তলৰ মাটি যেন খহি পৰিল অমৃতাৰ।

 মূৰটো আচন্দ্ৰাই কৰাৰ দৰে লাগিল।

 সেই কৰ্কশ হাঁহি তাইৰ পৰিচিত। সেই হাঁহি তাইৰ বিভীষিকাময় দিন আৰু নিশাবোৰৰ অহৰহ সংগী .. পিছফালে থিয় হৈ আছিল দৈত্যজন.. ভাস্কৰ দত্ত। কেনেকৈ? সি ইয়াত কেনেকৈ আহিল?

 বতাহত গছৰ পাত কঁপাৰ দৰে থৰথৰকৈ কঁপিব ধৰিছে তাই।

 হঠাৎ দৈত্যজনে আহি তাইৰ দীঘল চুলিকোছা নিজৰ হাতৰ মুঠিত লৈ সজোৰে টানি ধৰিছে। ভাস্কৰ দত্তৰ ভৰিত উবুৰি খাই পৰিছে অমৃতা।

 খঙত, বিষত জৰ্জৰিত অনুৰাগৰ বুকুত ভমককৈ জ্বলি উঠিছে একুৰা জুই। তাৰ দুচকুৰ আগত অমৃতাক অসন্মান কৰিছে, অপব্যৱহাৰ কৰিছে ভাস্কৰে। তথাপিও একো কৰিব পৰা নাই সি। খং, যন্ত্ৰণা, অপমানত দগ্ধ হৈ উঠিছে অনুৰাগ।

 : চালা বেশ্যা। পুৰণি প্ৰেমিকৰ লগত হাবিয়ে বননিয়ে প্ৰেম পিৰিতি কৰি ঘূৰিছ। তই কি ভাবিছিলি? মোক, ... ভাস্কৰ দত্তক হৰুৱাই দিব? তাকো তোৰ এই পেন্দুকনা প্ৰেমিকটোৱে? ...এই ..এই কি নাম তোৰ? অনুৰাগ। হা হা হা। ইমান ৰাগ তোৰ মোৰ মানুহজনীৰ ওপৰত!!... নিজৰ অজস্ৰ সা সম্পত্তি, বিজিনেজৰ ওপৰত একেচাতেই বিৰাগ জন্মিল তোৰ!! সকলো এৰি ইয়াত হাবি বননিত ঘূৰি ফুৰিছহি। ঐ... এই বিশ্বাসঘাটকজন তহঁতৰ। এইজনী মোৰ।

 অনুৰাগৰ মূৰত বন্দুক টোৱাই ধৰা উগ্ৰপন্থী সৈন্যক উদ্দেশ্যি সি কলে। উগ্ৰপন্থী সৈন্যজনে ওচৰতে ঠিয় হৈ থকা সতীৰ্থক দুচকুৰে কিবা ইংগিত দিলে। সিজনেও সন্মতিত মূৰ দুপিয়াই নিজৰ দুই আঙুলি মুখত ভৰাই বিশেষ ধৰণে সুহুৰি বজালে।

 অনুৰাগে বুজি পায় এই বিশেষ সুহুৰিৰ ভাষা। কিছুপৰৰ পিছতেই উগ্ৰপন্থী সৈন্যই হয়তো ঘেৰি ধৰিব এই ঠাই।

 : প্লিজ, অনুৰাগক এৰি দিয়ক। তাৰ একো দোষ নাই। প্লিজ। [ ১০৭ ]  : চুপ।

 গৰজি উঠিল ভাস্কৰ। গোমোঠা তেজাল মুখখন জোনাকৰ পোহৰত অতিশয় ভয়ংকৰ দেখা গৈছে।

 কঁপি কঁপি উচুপি উঠিছে তাই।

 : ইমান আৰামত ৰাখিছিলোঁ। কি দিয়া নাছিলোঁ তোক? এতিয়া কি কৰি ললি নিজৰ অৱস্থা?

 খং আৰু ঘৃণাৰে এপলক চাই ৰৈছে ভাস্কৰে অমৃতাৰ মুখলৈ, অবিন্যস্ত চুলিকোচালৈ, কাপোৰলৈ..

 হঠাৎ তাৰ দৃষ্টি সলনি হৈছে, ঘৃণাৰ সলনি সহজাত জান্তৱ প্ৰবৃত্তি এটা জাগি উঠিছে।

 কিমান দিনৰ মূৰত যে অমৃতাক দেখিছে সি!!

 জোপোহাৰ আঁৰত অমৃতাক বগৰাই পেলাই লৈছে সি। ভয়ত বিৱৰ্ণ, শেতা ওঁঠ, মুখেৰে কুচিমুচি কঁপি কঁপি চাই ৰৈছে তাই। মৃত্যু শীতল সেই স্পৰ্শত বৰফ হব ধৰিছে তাইৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ। জপিয়াই পৰিছে সি তাইৰ ওপৰত পৈশাচিক ক্ষুধা পূৰণৰ বাবে। সৰীসৃপৰ দৰে মেৰিয়াই ধৰি ফালিব ধৰিছে তাইৰ শৰীৰৰ বস্তু। ভোক, পিয়াহ, ভয়, বিষত বিধ্বস্ত শৰীৰটোৱে আপ্ৰাণ চেষ্টা চলালে নিজকে সেই সৰীসৃপৰ কবলৰ পৰা মুক্ত কৰিবলৈ।

 আগ্নেয়গিৰী উদ্‌গীৰিত হৈছে অনুৰাগৰ মগজুত। ক্ষণিকৰ বাবে সি পাহৰি পেলাইছে ভৰিৰ তীব্ৰ বিষ, অসহায়তা। উন্মাদপ্ৰায় হৈ উঠিছে সি। দাঁত কৰছি ধৰিছে, চলচলীয়া চকুহাল খঙত উত্তপ্ত হৈ পৰিছে।

 তাৰ দুচকুৰ আগত যদি অমৃতাৰ সন্মান নষ্ট হয়, তেন্তে এই জীৱনতকৈ মৃত্যুৱেই শ্ৰেয়।

 একেথাপে বন্দুকৰ নলীত সজোৰে ধৰিছে সি। ঘটনাৰ আকস্মিকতাত উধাই মুধাই গুলি এৰিলে উগ্ৰপন্থী সেনাজনে। সেই গুলিয়ে বিদিৰ্ণ কৰি গল সন্মুখত থিয় হৈ থকা নিজৰে সতীৰ্থৰ বুকু, পেট। হতভম্ব হৈ পৰা সেনাজনৰ বুকুত এটা প্ৰচণ্ড ঘোচা পৰিল। কৰ্ফাল খাই পৰা সেনাজনৰ বুকুলৈ লক্ষ কৰি সি দুটা গুলি এৰিলে। নিমিষতে নিষ্প্ৰাণ হৈ ঢলি পৰিল শৰীৰটো।

 : প্লিজ, মোক এৰি দিয়ক। মই অনুৰাগক ভাল পাওঁ। মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম।

 : চুপ। চুপ থাক। তাৰ নাম নলবি। মই যে তোক ভাল পাওঁ!! মোৰ কি হ’ব? মোৰ কথা ভাবিছনে?

 শিথিল হৈ আহিব ধৰা অমৃতাৰ লাহী শৰীৰটো ভাস্কৰৰ লৌহকঠিন আৱদ্ধত মৰমৰাই ভাঙি পৰাৰ উপক্ৰম হৈছে। হঠাৎ মূৰৰ পিছফালে এপাত শিকলিৰ প্ৰচণ্ড কোব পৰাত সাপৰ দৰে ধৰফৰাই উঠিল সি। কৰ্কশ আৰ্তনাদ এটা স্বতঃস্ফূৰ্ত নিৰ্গত হল তাৰ মুখেদি। কোনোমতে মূৰটো হেঁচি ধৰি নিজকে নিয়ন্ত্ৰণ কৰি থিয় হল সি। অন্ধকাৰ দেখিলে সি চৌদিশে। লাহে লাহে তাৰ দুচকুৰ আগত স্পষ্ট হৈ আহিল অনুৰাগৰ ওখ অবয়ব।

 : অনু ...

 অমৃতাই দৌৰি গৈ অনুৰাগক সাৱটি ধৰিছেহি।

 থৰ হৈ ৰল ভাস্কৰ ক্ষণিকৰ বাবে। অনুৰাগৰ উত্তপ্ত দৃষ্টিলৈ চাই ভয়ত কোঁচ খাই আহিল তাৰ অৰ্ধনগ্ন শৰীৰ। সহায়ৰ বাবে ইফালে সিফালে চাইও কাকো নেদেখিলে সি।

 : চা অনুৰাগ। অমৃতা ...তাই মোৰ পত্নী।

 পৰিস্থিতি বিষম দেখি অনুৰাগক বুজাব চেষ্টা কৰিছে ভাস্কৰে। ভাস্কৰৰ কথাবোৰ অনুৰাগৰ কাণত সোমোৱা নাই। মাথো কঠোৰৰপৰা কঠোৰতৰ হৈ আহিছে অনুৰাগৰ মুখভংগী। স্থিৰ দৃষ্টিৰে টোঁৱাই ধৰিছে সি ৰিভলভাৰৰ নলী ভাস্কৰৰ দিশে।

 ভাস্কৰৰ অৰ্ধনগ্ন শৰীৰটোৰ পৰা এটা গুলিত বিছিন্ন হৈ পৰিছে তাৰ পুৰুষাংগ। মুহূৰ্ততে ৰক্তাক্ত হৈ পৰিছে পেট, কলাফুল, দুভৰি। এটা ভীষণ দৈত্যকায় আৰ্তনাদ, গেঙনি বতাহত ভাঁহি পৰিছে। বাগৰি পৰিছে সি ঘাঁহনিত।

 দুয়োখন কাণ ঢাকি ধৰি অনুৰাগৰ বুকুত মুখ গুজি কান্দি উঠিছে অমৃতাই। খালি হৈ পৰা ৰিভলভাৰটো অনুৰাগৰ হাতৰ পৰা সৰি পৰিছে। সাৱটি ধৰিছে সি তাইক ... আলফুলে উকা পিঠিত হাত বুলাই সি সান্তনা দিছে। অনুৰাগৰ দুচকুৰেও চকুলো বাগৰি আহিছে প্ৰথমবাৰৰ বাবে।

 চৌপাশে জোতাৰ গধুৰ খোজৰ শব্দ শুনা গৈছে।

 বাগৰি আহিছে কেওদিশৰ পৰা টৰ্চৰ তীব্ৰ পোহৰ।

 অনুৰাগৰ আঁঠুৰ পৰা অবিৰাম তেজ বৈছে। মুখত যন্ত্ৰণা। অসহায় হৈ পৰিছে অমৃতা। বিভ্ৰান্ত হৈ ইফালে সিফালে [ ১০৮ ] চাইছে দুয়ো। নাই। মুকলি গৰাটোত লুকাবলৈও ঠাই নাই। কিবা এটা ভাবিছে দুয়ো।

 অশান্ত মন, অশান্ত দৃষ্টি শান্ত হৈছে।

 গৰাটোৰ তলৰ পৰা শুনা গৈছে প্ৰৱাহিত নদীৰ অবিৰাম কুলু কুলু। মুগ্ধ দৃষ্টিৰে দুয়ো চাই ৰৈছে কোমল জোনাকে ধুৱাই নিয়া নদীখনৰ বুকুলৈ ...তাৰ অবিৰাম তৰংগলৈ। উদ্দাউল ভৰ যৌৱনা নদীখনেও যেন হাতবাউল দি মাতিছে দুয়োকে। দুয়োৰে দুচকুত জিলিকি উঠিছে একেই ভাষা, একেই সুৰ।

 প্ৰেমৰ সুতীব্ৰ তৰংগ জীৱনৰ মোহতকৈও অধিক প্ৰবল হৈছে। দুয়োৰে মুখত উজ্জ্বলি উঠিছে অশ্ৰুসিক্ত মিচিকিয়া হাঁহি।

 অনুৰাগ তাইৰ নিচেই কাষলৈ আহিছে। চাৰিচকুৰ মিলন হৈছে ..ক্ষণিকৰ বাবে যন্ত্ৰণাবোৰ দূৰ হৈছে। কঁপা ওঁঠযোৰেৰে সি তাইৰ অধৰত উষ্ম চুম্বন যাচিছে।

 নোৱাৰে। নোৱাৰে দুয়ো এই জীৱন কঢ়িয়াব ইটোৱে সিটোৰ অবিহনে। গছৰ শিপাই খামুচিবলৈ মাটি বিচাৰি ফুৰাৰ দৰেই জীয়াই থাকিবলৈ অমৃতাক অনুৰাগৰ প্ৰয়োজন, আৰু অনুৰাগক অমৃতাৰ॥

 : ভয় কৰিছ নেকি?

 : ওহোঁ। তই থাকিলে মই একো ভয় নকৰোঁ।

 : জীৱনৰ সীমাবদ্ধতা বোৰ আমি পাৰ কৰি যাম।

 সজোৰে মুঠি মাৰি ধৰিছে দুয়ো দুয়োৰে হাত।

 চৌদিশৰ পৰা অহা টৰ্চৰ পোহৰেৰে আলোকময় হৈ উঠিছে ঠাইটুকুৰা। গৰজি উঠিছে কেইবাটাও বন্দুক। গুলিৰ স্পৰ্শই শৰীৰ বিদিৰ্ণ কৰাৰ আগতেই বতাহত ওপঙি উঠিছে দুটি শৰীৰ।

 ‘জপং’ কৈ এটি শব্দ হল মাথো।

 চৌদিশে গধুৰ জোতাৰ দপদপনি।

 তেতিয়ালৈ নৈৰ জলপ্ৰৱাহে আঁকোৱালি লৈছে দুই প্ৰেমিক শৰীৰক।

০০ ০০ ০০

 নৈৰ পাৰত এপথাৰ মানুহৰ কোলাহল সমাগম। কান্দোনৰ ৰোল উঠিছে।

 মুকলি ওখ গৰাত কাপোৰেৰে ঢাকি থোৱা কেইবাটাও ছিন্ন বিছিন্ন উগ্ৰপন্থীৰ মৃত শৰীৰ। চাৰিওফালে পুলিচে পিয়াপি দি ফুৰিছে। উপস্থিত কেইবাটাও আগশাৰীৰ নিউজ চেনেলৰ সাংবাদিক।

 উদভ্ৰান্তৰ দৰে নৈৰ পাৰে পাৰে বহুদুৰলৈ আগুৱাই গৈছে শ্যামলী। অবিন্যস্ত মুখ, চুলি, কান্দোনত ৰঙা হৈ ফুলি উঠিছে চকুযুৰী। পিছে পিছে তাইক বুজাবলৈ চেষ্টা কৰি দৌৰি গৈছে তাইৰ দেউতাক আৰু মাক।

 কান্দিছে সীমান্তও।

 অদিতিৰ দুচকুৰেও ধাৰাসাৰ চকুলো বৈ গৈছে। বুজিব পৰা নাই ... মানুহে কিয় আনৰ ভাগ্য নিয়ন্তা হব খোজে!! কি পায় বিনিময়ত? এটা আচৰিত বেদনা সুখ মাথো!!

 ওপৰ মহলৰ নিৰ্দেশত, মাজনিশাৰ পৰা পুৱতি নিশাৰ ভাগলৈ সশস্ত্ৰ ভাৰতীয় সৈনিকৰ দলে অকস্মাতে অতি গোপনীয়তাৰে অপাৰেচন চলাইছিল হাবিখনত। সেনা আৰু উগ্ৰপন্থীৰ মাজত তুমুল গুলিয়াগুলি চলিছিল শেষ নিশালৈ। নিহত হল কেইবাজনো উগ্ৰপন্থী সেনা। তেজেৰে লুতুৰী পুতুৰী সম্পূৰ্ণ অচেতন অৱস্থাত উদ্ধাৰ কৰা হল অংগচ্ছেদ হৈ যোৱা ভাস্কৰ দত্তক। ভাস্কৰ দত্তৰ অৱস্থা দেখিয়েই অদিতিয়ে অনুমান কৰিব পাৰিলে ঘটনাৰ বৃত্তান্ত।

 সকলো ঠিকেই আছিল, কিন্তু অমৃতা আৰু অনুৰাগৰ সন্ধান নাপাইহে দুখত ম্ৰিয়মান হৈ পৰিছে সকলো। খঙ, দুখ হতাশাত শ্যামলীয়ে প্ৰশাসনক দোষী উচ্চস্বৰত গালি পাৰিছে। তাইক শান্ত কৰাবলৈ বৃথা চেষ্টা চলাইছে মাক-দেউতাকে, অদিতিয়ে।

 গৰাৰ পাৰৰ পৰা উদ্ধাৰ হোৱা অনুৰাগৰ গাঢ় নীলা ৰঙৰ বেগটো আৰু অমৃতাৰ ফালি বিৱৰ্ণ হৈ পৰা শাৰীৰ টুকুৰা পুলিচে উদ্ধাৰ কৰিছিল। [ ১০৯ ]  পানীৰ কোবাল সোঁতত কোনোমতে মুখখন ওপৰ কৰি সাঁতুৰি গৈছে অমৃতাই। যিফালেই পানীৰ সোঁতে ঠেলি নিয়ে সেইফালেই গৈছে তাই, আৰু লগত মূৰ্ছাপ্ৰায় অনুৰাগ। ডুবিব ধৰা নিজৰ আৰু অনুৰাগৰ মুমূৰ্ষ শৰীৰটোক উপঙাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে অমৃতাই। মৃত্যুৰ সৈতে আলিংগনাৱদ্ধ হবলৈ গৈও, মৃত্যুক ৰোধিবলৈ পুনৰ আপ্ৰাণ চেষ্টা চলাইছে তাই।

 জীৱনৰ ৰঙীন মোহে হাতবাউল দি মাতিছে। ফলত প্ৰস্তুত হৈছে সংগ্ৰামমুখী শৰীৰ।

 আচৰিত এই জীৱনৰ ৰঙীন মায়া..ইয়াৰ মোহ!!

 জীৱন মৃত্যুৰ সন্ধিক্ষণটো দুচকুৰ আগত ভাহি আহিছে বনৰীয়া শৈশৱ।

 নৈৰ পাৰে পাৰে দৌৰিছে এহাল নিষ্পাপ প লৰা-ছোৱালী। আগে আগে ওখ লৰাজন, পিছে পিছে দুকুচা চুলি বন্ধ, চুটি ফ্ৰক পিন্ধা মাখনৰঙী ছোৱালীজনী। নদীত জাঁপ দিছে অনুৰাগে..চিধাকৈ, একবেকাকৈ, ওলোটাকৈ সাঁতুৰিছে সি তাইক দেখুৱাই। উচ্চাহত তাইও জঁপিয়াই পৰিছে নদীৰ বুকুত, কিন্তু নদীৰ বুকুত ডুবিব ধৰিছে দেখোন তাই। হঠাৎ অনুৰাগ আহিছেহি। তাইক কঁকালত এহাতেৰে সাৱটি ধৰি সাঁতুৰী সাঁতুৰী উঠি আহিছে সি পাৰলৈ।

 “ভয় খালি নেকি? মই থাকোতে তোক ডুবিব নিদিওঁ নহয়।”

 আস্ অনুৰাগ।

 “মই থাকোতে তোক ডুবিব নিদিওঁ অনুৰাগ। কেতিয়াও নিদিওঁ।”

 প্ৰানেপণে সাঁতুৰিছে অমৃতাই।

 বিৰবিৰাই উঠিছে শেঁতা ওঠযুৰী।

 জীয়াই থাকিব লাগিব। মুম্বাইলৈ ঘূৰি যাব লাগিব। অনুৰাগ আৰু তাই আইনগত ভাৱে পতি পত্নী হব। দুয়ো সুখেৰে সংসাৰ কৰিব।

 এক অদ্ভুত চালিকা শক্তি অনুভৱ কৰিছে তাই প্ৰেম।

০০ ০০ ০০ তিনিবছৰৰ পিছত ০০ ০০ ০০

 বগা ছেদানখন গাঁৱৰ মসৃণ সৰু পকী পথটো এৰি এখন প্ৰকাণ্ড গেটৰ সন্মুখত ৰলহি। গেটখন খোলাৰ লগে লগেই গাড়ীখন সেউজীয়া চৌহদটোত সোমাই ৰৈ গ’ল। পিছৰ ছিটৰ পৰা ওলাই আহিল অদিতি আৰু শ্যামলী।

 : ৱাওও।

 দুচকুৰ কলা গ্লাছ আঁঁতৰাই শ্যামলীয়ে মুগ্ধ দৃষ্টিৰে চাই ৰল সেউজীয়া চৌহদটোলৈ। প্ৰকাণ্ড চৌহদটোত কোমল মসৃণ সেউজীয়া ঘাঁহনি, নানাৰঙৰ ফুল, আৰু সমান্তৰালকৈ কলম কাটি থোৱা শাৰী শাৰী পাতফুলৰ জোপোহা। চৌহদত হাঁহিছে শাৰী শাৰী কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, চম্পা, বকুলৰ সেউজীয়াৰাশি...।

 ৰূপত ৰং চৰাইছে চৌহদৰ সোঁমাজত আটোমটোকাৰীকৈ সজোৱা ধুনীয়া বগা ৰঙৰ “সপোন”নামৰ দুপ্লে’ ঘৰটোৱে।

 “মিষ্টাৰ অনুৰাগ বৰুৱা মিছেছ অমৃতা বৰুৱা’’

 কলা নেইমপ্লেটত জিলিকি আছে সোণালী আখৰবোৰ।

 কলিং বেলটো টিপিলে অদিতিয়ে। কিছু সময়ৰ পিছত সীমান্তই দুৱাৰখন খুলি দিলে। দুৱাৰমুখত অদিতি আৰু শ্যামলীক দেখি তৎপৰ হৈ উঠিল সীমান্ত।

 : বাইদেউ আহক আহক।

 সীমান্তৰ পিছে পিছে দুয়োজনী সোমাই আহিল আটোমটোকাৰীকৈ সজাই থোৱা আহল বহল চিটিং ৰুমটোলৈ।

 : তোমাৰ ভালনে সীমান্ত?

 : মোৰ ভাল শ্যামলী বাইদেউ। আপোনাৰ খবৰ কেনে?

 : মোৰো ভালেই বাৰু। আছেনে ঘৰত অনুৰাগদা আৰু অমৃতা বা?

 : আছে আছে। দুয়ো পূজা ঘৰত আছে। আপোনালোক আহিব বুলি নাজানে নিশ্চয়। মই মাতি দিওঁগৈ। আপোনালোক বহকচোন।

 : ৰ’বা ৰবা। তুমি কৈ নিদিবা আকৌ আমি আহিছে বুলি ...নহ’লে চাৰপ্ৰাইজ নহ’বগৈ। [ ১১০ ]  “হব হব বাইদেউ বুজি পাইছোঁ” বুলি কৈ সীমান্ত হাঁহি হাঁহি সোমাই গ'ল ভিতৰলৈ।

 চোফাখনত বহি লৈ শ্যামলীয়ে সুসজ্জিত ৰূমটোৰ চাৰিওফালে চকু ফুৰাই চালে।

 সোঁফালৰ ৱালত একেবাৰে সোঁমাজত থকা ৰঙীন কেনভাছখনত তাইৰ দৃষ্টি ৰৈ গ'ল। সন্মোহিতৰ দৰে কেনভাছখনৰ ওচৰলৈ গল তাই।

 দৰাৰ সাজত অনুৰাগৰ মুখত আৰু দুচকুৰ গভীৰতাত এক অদ্ভুত প্ৰশান্তি, মুখত এটি সুখৰ হাঁহি। গৰ্বিত হাতখনে সমস্ত অধিকাৰেৰে আঁকোৱালি ধৰিছে অমৃতাক। অমৃতাৰ কপালেও তাৰ থুঁতৰি স্পৰ্শ কৰিছে। তাইৰ শিৰৰ সেউতাত আশীৰ্বাদ হৈ জিলিকি ৰৈছে এমুঠি ৰক্ত পলাশ। গুলপীয়া ওঁঠ যুৰীত, এসাগৰ নীলা চকুযুৰীত শ্যামলীয়ে আগতে কাহানিও নেদেখা এটি মধুৰ হাঁহি।

 সম্মোহিতৰ দৰে লিহিৰি আঙুলিৰে তাই হাত বুলাই চালে জীৱন্ত যেন লগা কেনভাছখনত। কব নোৱাৰাকৈয়ে তাইৰ চকুৰ একোণত জিলিকি উঠিল দুটুপাল অশ্ৰুকণা।

 : বিয়াৰ।

 অদিতিৰ মাতত শ্যামলীৰ তন্ময়তা ভাঙিল। চুলিখিনি ঠিক কৰাৰ দৰে কৰি ৰুমালখনেৰে সিক্ত চকুহাল মুচি ললে তাই৷

 অনুৰাগ আৰু অমৃতাৰ বিয়াত তাই নাহিল। অনুৰাগে খং কৰিছিল, অভিমান কৰিছিল ..অমৃতাও বাৰে বাৰে ফোন কৰিছিল, তথাপিও ভাৰতৰ বাহিৰত সাংঘাতিক আৰ্জেন্ট কাম থকাৰ অজুহাত দেখুৱাই তাই বিয়াত নাহিল। আচলতে বিয়াখন চাবলৈ তেতিয়া তাইৰ মনত যথেষ্ট সাহস নাছিল। এতিয়াও নাই।

 কিন্তু এইবাৰ অদিতিৰ মুখেৰে সুখবৰটো পোৱাৰ পিছত আহিবলৈ বাধ্য হ’ল। তাইৰ মনে, তাইৰ অন্তৰাত্মাই তাইক বাধ্য কৰালে।

 এতিয়াও তাই অনুৰাগক ভাল পায়। অনুৰাগক পাহৰি যাবলৈ তাই নিজেও কেতিয়াও চেষ্টাও কৰা নাই। হৃদয়ৰ অভ্যন্তৰত আলফুলে সাঁচি ৰাখিছে নিজৰ প্ৰেমৰ অনুভূতি। আৰু সেই প্ৰেমৰ বাবেই ইচ্ছাকৃতভাৱে তাই নিজকে দূৰত ৰাখে অনুৰাগ আৰু অমৃতাৰ পৰা। নিজৰ প্ৰেমাস্পদৰ সুখতেই সুখ বুটলিবলৈ সক্ষম হৈছে তাই। সেয়েহে তাইৰ নাই অমৃতাৰ প্ৰতি কিঞ্চিতমানো হিংসা, নতুবা অৱজ্ঞা। বৰঞ্চ ভালপায় তাই অমৃতাক, অন্তৰৰ পৰা সন্মান কৰে তাইক।

 অপ্ৰাপ্তিৰ মাজতো প্ৰাপ্তিৰ কিঞ্চিতমান অনুভূতিয়ে চুই যায় তাইক। বুজি উঠিছে.. প্ৰেমত প্ৰাপ্তি বা অপ্ৰাপ্তি বুলি কোনো কথা নাই।

 প্ৰেম স্বয়ংসম্পূৰ্ণ।

 অদিতিয়ে শ্যামলীৰ কান্ধত হাতখন থৈছেহি নীৰৱে। অদিতিয়ে বুজে। শ্যামলীৰ বিয়াত আহিব নোৱাৰাৰ কাৰণটোও জানে তাই।

 শ্যামলী।

 সজল চকুৰে ঘূৰি চালে শ্যামলীয়ে। মুখত এটি মধুৰ হাঁহি।

 : এনেইহে..

 : একো নক’বা। সকলো বুজোঁ মই। তোমাক সন্মান কৰোঁ মই শ্যামলী। তোমাৰ চিন্তাধাৰাক বহুত সন্মান কৰোঁ।

 : হুম। আৰু নিজৰ বিষয়ে অদিতি বা?

 : মোৰ আৰু কি?

 : দুবছৰ হৈ গল ডিভোৰ্চ হোৱা আপোনাৰ। এনেকৈ অকলেই থাকিবনে আৰু?

 : অকলে থাকি দেখোন মোৰ বিৰাট ভাল লাগিছে শ্যামলী। আৰু মই অকলে ক'ত? এইখন গাঁৱত কোনেও মোক অকলে থকিবলৈকে নিদিয়ে।

 খোজৰ শব্দ শুনি দুয়োজনী ৰৈ গল। দুৱাৰমুখত অবাক লাগি ৰৈ গৈছে অমৃতা, আৰু অনুৰাগ।

 : শ্যামলী। [ ১১১ ]  অনুৰাগ আৰু অমৃতাই প্ৰায় সমস্বৰে চিঞৰি উঠিল।

 মুহূৰ্ততে আনন্দ পৰিৱেশ এটা বিয়পি পৰিল গোটেই ঘৰখনত। শ্যামলী অহাৰ খবৰ পাই অনুৰাগৰ মাক, সীমান্ত আৰু হীৰাও ওলাই আহিল। উৎসাহিত হৈ উঠিল সকলো।

 সকলোৱে বাধা দিয়া সত্বেও অনুৰাগ আৰু অমৃতা নিজেই ব্যস্ত হৈ পৰিল কিচ্ছেনত হীৰাৰ লগত। ঘৰৰ মানুহৰ দৰে হৈ পৰা অদিতিয়েও কিচ্ছেনত গৈ লাগি দিছেহি।

 কামৰ মাজে মাজে অদিতিয়ে উৎসাহেৰে কৈ গৈছে তাইৰ নিজৰ কথাবোৰ। বিপ্লৱৰ পৰা আইনগতভাৱে বিবাহ বিচ্ছেদ পোৱাৰ পিছত অদিতিয়ে এতিয়া অনুৰাগ আৰু অমৃতাৰ ইচ্ছা আৰু অনুৰোধ ৰক্ষা কৰি গাঁৱলৈ আহি অনুৰাগে খোলা নতুন স্কুলখনৰ পৰিচালনাৰ দায়িত্ব লৈছে।

 চহৰতে শৈশৱ কৈশোৰ কটোৱা অদিতিয়ে গাঁৱৰ সেউজীয়া, পথাৰৰ মাটিৰ গোন্ধ, বোৱঁতী নদীৰ মধুৰ কল্লোলিত সুৰৰ সৈতে নকৈ প্ৰেমত পৰিছে। স্কুলৰ কণ কণ লৰা ছোৱালীজাকৰ হাঁহি, স্ফূৰ্তিবোৰৰ মাজতেই সুখ বুটলিবলৈ শিকিছে তাই।

 মনোযোগেৰে শুনিছে শ্যামলীয়ে। মুগ্ধ দৃষ্টিৰে চাই ৰৈছে তাই সকলোলৈ।

 অমৃতাৰ স্পৰ্শত যেন ঘৰখনৰ প্ৰতিটো চুকে কোনে মাথো সুখ আৰু আনন্দ ভৰি পৰিছে। বিষাদৰ কোনো চিন চাবেই যেন নাই ঘৰখনত।

 ৰঙীন ফুল বচা মুগাৰঙী মেখেলা চাদৰ আৰু ৰঙীন ব্লাউজ পিন্ধা অমৃতাৰ শিৰত আশীষ হৈ জিলিকি ৰোৱা পলাশৰ ৰংটোৰ ৰঙীন আভা বিয়পি পৰিছে সমগ্ৰ মুখমণ্ডলত। মুখখনি কোনো কিশোৰীৰ দৰেই সতেজ আৰু হাঁহিভৰা। চকুৱে মুখে সুখ জিলিকি উঠিছে।

 সোঁ ভৰিত পোৱা আঘাতৰ ফলস্বৰূপে অনুৰাগ সামান্য বেকাকৈ খোজ কাঢ়িছে। তথাপিও সদা সুন্দৰ অনুৰাগৰ মুখমণ্ডলতো স্পষ্ট সুখ আৰু প্ৰশান্তিৰ ছায়া।

 “লাহে লাহে সোণ। লাহে লাহে।”

 উদ্বিগ্নতাৰে মাজে মাজে অমৃতাৰ হাতত ধৰি লয় অনুৰাগে। নিজৰ উফন্দি উঠা গৰ্ভত কোমলকৈ হাত দি মিচিকিয়া হাঁহি এটি মাৰি ৰৈ যায় অমৃতাও।

 চকু টিপিয়াই হাঁহিছে অদিতিয়ে।

 আপোনপাহৰা হৈ চাই ৰৈছে শ্যামলীয়ে সকলোৰে উজ্জ্বল মুখবোৰলৈ। অনুৰাগ আৰু অমৃতাৰ প্ৰকৃত প্ৰেম আৰু তপস্যাৰ বাস্তৱ প্ৰতিফলন এয়া।

 এয়াই হয়তো সুখৰ সংজ্ঞা॥

 অজানিতে এটি সুখৰ হাঁহি বিয়পি পৰিছে শ্যামলীৰ ওঁঠটো।

 সুখী নহবনো কিয়?

 মৃত্যুৰ সম্ভাৱনাৰ মাজতে যে জীৱন ৰৈ গৈছিল আশীৰ্বাদ হৈ। অনাকাংক্ষিতভাৱে জীৱনে পুৰস্কৃত কৰিছিল অনুৰাগ আৰু অমৃতাক।

 অপ্ৰাপ্তিৰ অনুভূতিৰ মাজত অপ্ৰত্যাশিত প্ৰাপ্তিৰ সুখানুভূতি কেনেধৰণৰ হব পাৰে??

 জীৱনত দুখৰ অনুভূতি নথকা হলে সুখৰ অনুভূতিৰ কিবা মূল্য থাকিলহেঁতেননে! আন্ধাৰ নোহোৱা হলে পোহৰৰ মূল্য ক'ত থাকিলেহেঁতেন?

 অপ্ৰাপ্তিৰ অনুভূতিৰ পিছত প্ৰাপ্তিৰ সুখো তেনেদৰেই ..আন্ধাৰৰ ঘনঘোৰ কলাৰ পিছত দিনৰ এচমকা ৰশ্মিৰ দৰে, অমাৱশ্যাৰ পিছত জোনাকৰ দৰে ... এজাক বৰষুণে আকাশৰ কলীয়া মেঘ ধুই নিয়াৰ পিছত জিলমিলাই উঠা সুৰুষৰ দৰে।

 প্ৰেমত প্ৰাপ্তি এটি চিৰন্তন হাবিয়াস।

 আৰু সেই হাবিয়াস পূৰণ হৈছিল দুয়োৰে। জুয়ে পুৰা সোণৰ জিলিকনি যেনেকৈ বেছি, ঠিক তেনেকৈ দুখ, যন্ত্ৰণা, অগ্নিপৰীক্ষা অতিক্ৰমি প্ৰেম বেছিকৈহে জিলিকি উঠিছিল সগৌৰৱে। এবোজা দুখ যন্ত্ৰণাৰ পিছত দুগুণ সুখে আঁকোৱালি [ ১১২ ] লৈছিল সিহঁত হালক।

 দুয়ো আজলি পাতি লৈছে জীৱনে দিয়া সুখৰ বৃষ্টিকণা। প্ৰেমৰ ওচৰত মৃত্যু আৰু সকলো অপশক্তিয়ে হাৰ মানিছিল। অংগচ্ছেদ হৈ পৰা ভাস্কৰক আইনে উপযুক্ত শাস্তি বিহিছিল। নিজ পত্নীৰ ওপৰত যৌন নিৰ্যাতন, ঘৰুৱা হিংসা, আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা, চৰকাৰী টকা আত্মসাৎ কৰা, উগ্ৰপন্থীৰে গোপনে মিলিত হৈ অনুৰাগ বৰুৱাৰ হত্যাৰ বাবে ষড়যন্ত্ৰ ৰচাৰ দৰে, নিকৃষ্ট গুৰুতৰ অভিযোগত অভিযুক্ত হৈছিল ভাস্কৰ দত্ত।

 প্ৰকৃত প্ৰেমৰ আগত হিমালয় সম ওখ প্ৰাচীৰ গলি গলি নিঃশেষ হৈছিল। অনুৰাগ আৰু অমৃতা নিৰ্দোষী প্ৰমাণ হোৱাৰ পিছত দুয়ো আইনগতভাৱে পতি পত্নী হৈছে। বিয়াৰ পিছত দুয়ো মুম্বাই এৰি গাঁৱলৈ ঘূৰি আহিছে। গাঁৱতে নতুন ঘৰ সাজিছে, শিল ইটাৰ ঘৰখনত অমৃতাই প্ৰাণ ঢালিছে।

 তাইৰ অনুৰ্বৰ ভূমি অনুৰাগৰ স্পৰ্শত উৰ্বৰ হৈ উঠিছে। অনুৰাগৰ প্ৰেমে সেই উৰ্বৰ ভূমিত আলফুলে বীজ সিঁচিছে....প্ৰেমৰ সেই বীজ সপোন হৈ গজিছে, সেউজীয়া কঠিয়া হৈ লহপহকৈ বাঢ়িব ধৰিছে, উমলিছে।

 সপোনটোৰ কি নাম থব, কি নথব তাকে লৈ দুয়োৰে মাজত এটা সৰু মৰম ভৰা খণ্ড যুদ্ধও হৈ গৈছে ইতিমধ্যে। সেই যুদ্ধৰ অন্ত পেলাইছে অনুৰাগৰ মাকজনীয়ে, সপোনটোৰ নাম থোৱাৰ অধিকাৰ হেনো মাথো আইতাকৰহে।

 চৌহদৰ সেউজীয়াৰাশিৰ মাজত শ্যামলী আৰু অদিতিয়েও ইণ্টাৰনেটত খুঁচৰি খুঁচৰি নাম বিচাৰিছে। কোনো এটা সন্তোষজনক নামেই বিচাৰি পোৱা নাই দুয়ো।

 “ইমান যুদ্ধৰ অন্তত সুখ হৈ অহা ফুলপাহৰ নাম এনেই যি তি থ'লে নহ'ব নহয়।”

 নাম বিচাৰি পোৱা নাই বুলি অনুৰাগে মৰম ভৰা কটাক্ষ কৰাত দুয়োজনীয়ে একমুখে উত্তৰ দিছে।

 ঘৰখনত হাঁহিৰ ৰোল উঠিছে।

 এজাক বৰষুণে ধুৱাই নিছে শাওনৰ কলীয়া আকাশ। ফৰকাল আকাশত সাতোৰঙী ৰামধেনু ওলাইছে। চৌহদৰ সদ্যস্নাত সেউজীয়া পাত, ফুলৰ পাপৰিত পৰি থকা জলকণা কোমল ৰ'দালিত তিৰবিৰাই উঠিছে মুকুতামণিৰ দৰে।





অৰ্দ্ধ আকাশ নহয় পূৰ্ণ আকাশ মোৰ বাবে ই। এখন হেপাহ ৰ নীলা আকাশ যত উৰি ফুৰি আমি ভাগৰুৱা নহও ,এখনি সপোন ৰ আকাশ যাৰ পৰিধি বৰ বিশাল।

—সংগীতা দেৱী—

[ ১১৩ ]

আৰ্লেং
(এক)

নিৰ্মালি সন্দিকৈ

 বতৰে জাগল পাতিছিল। সাতোদিনে নেৰানেপেৰা বৰষুণৰ কোবত কোনো ক'লৈকো ওলাই যাব নোৱাৰা হৈছে।গাহৰি সোপাৰ মাজলৈ কচুপাতৰ বোজাটো দলিয়াই কাদম তিমুংপী পিৰালিত উঠিল। গাহৰি সোপাৰ নোকনোকনি তলপেলাই তাই ডাঙৰকৈ চিঞৰিলে,“কাৱে”।

 কাৱে ক'ৰবাৰ পৰা দৌৰি আহি কাদমৰ গাতে গা লগাই বহিল। কাদমে বৰষুণৰ পানীত ভিজা পেককখন চেপি চেপি কলে,বুইছ! বেয়া দিন পৰিল। ক’তো একো পাবলৈ নাই। চাৰছ’হঁতৰ বুঢ়ীজনীয়ে পেলাই দিয়া কলবাকলি সোপাকে লৈ আহিলো। তাকে খাই পেটটো ভৰা। কাদমে কাৱেৰ মুখৰ আগতে মোনাৰ পৰা কল বাকলি এগাল উলিয়াই দিলে। তাই সেই গালকে পৰম তৃপ্তিৰে চোৰাবলৈ ধৰিলে। কাদমে কাৱেৰ উফন্দি অহা পেটটো মোহাৰি মোহাৰি আকাশলৈ চাই থাকিল। একেই!! একেই! চাৰলংকি উপজা বছৰটোত এনেকৈয়ে বৰষুণ দিছিল। এনেকৈয়ে আন্ধাৰ হৈ পৰা পৃথিৱীৰ বুকুলৈ পোহৰৰ দিপ্তী অহা বন্ধ হৈ গৈছিল আৰু বৰষুণ নহা দিনবোৰত?? সেই দিনবোৰত গাঁৱে গাঁৱে জুই জলিছিল। মাজৰাতিৰ নিৰ্জন প্ৰহৰ ভেদি উফৰি আহিছিল কাৰোবাৰ মৰণকাতৰ আৰ্তনাদ।

 দুপৰীয়ালৈ ৰ’দ এজাক ওলাল। কাদমে বোৱাৰীয়েকৰ লগত লাগি ভাগি ভিতৰতে ৰছীত মেলি থোৱা কাপোৰ সোপা জেউৰাই জপনাই মেলি দিলে। কাপোৰৰ বিৰক্তিকৰ গোন্ধটোৱে তাইৰ পেটটো পকাই আনিলে। কোনোমতে সেপ গিলি উভতিব লওঁতেই বোৱাৰীয়েকে আব্দাৰেৰে ক'লে,পাই (আই) লংকিৰ মাছ পুঠি কিবা খাবলৈ মন গৈছে হবপায়! বিললৈ যাবলৈ জেওৰ ধৰিছে। আপুনিয়ে লৈ যাওক নহ'লে। গাটোও ধুৱাই আনিব তাক।

 ডেও দি যোৱা হৰিণাৰ খোজেৰে লুটি বাগৰ মাৰি লংকি আইতাকৰ আগে আগে বিল পালেগৈ। তেজীমলা গছবোৰৰ মাজেৰে বিললৈ নামি যোৱা বাটটোৰে সি নামি গ'ল। আইতাকৰ হকা বধা চিঞৰ বাখৰ তাৰ কাণত নোসোমাল। কাদমে শকত আৱত দেহাটোৰে পানীত নামেগৈ মানে লংকিয়ে শিল এছটাত বহি আইতাকলৈ পানী ছটিয়াবলৈ ধৰিলে। হাঁহোতে মুদ খাই যোৱা সৰু সৰু চকুহাল টিপিয়াই আইতাকক সি জোকালে “ঐ গামবুৰী, আমাৰ ফালে আহিবিনা! ভাল ভাল মাছ আনিছে।”

 কাদমৰ খং উঠিলেও হাঁহি হে ওলাল। দেওবৰীয়া বজাৰত চালানী মাছৰ বেপাৰীবোৰে লংকিৰ দৰেই গ্ৰাহকক মাতি আকৰ্ষণ কৰিব খোজে। কাদমে আকৌ সেইবোৰ মাছৰ কাষেই নেচাপে। কাদমে নোৱাখালি মাছ বেপাৰীৰ ভাও ধৰা লংকিৰ কাষলৈ গৈ তাক ভাকুটকুটাই দিলে। “আমাৰ ফালে তো ইনেকা মাছ নেখাই হ' বেপাৰী। ইনেকা হে খায়” “এই বুলি কাদমে কেঁকোৰা এটা হাতেৰে ওপৰলৈ তুলি ধৰিলে। লংকি আৰু কাদমৰ খিলখিলনিত চক খাই বিলৰ পাৰত পৰ দি থকা বগলী এজাক দূৰলৈ উৰি গ'ল।

০০ ০০ ০০

 ভাদমাহ সোমোৱাৰ দিন ধৰি বৰষুণৰ কোব কমি আহিল। দুদিনমান আগতে বনলতাই ঘৰৰ বন্ধা এটা পঠিয়াই কাদমক মাতি পঠিয়াইছে বোলে গুৰুজনাৰ তিথিতে ভাওনাখন পৰিছে, দুদিন আগতেই যেন ঘৰে ঘৰুৱাহে এটাইখন উঠি যায়। বন্ধাটোৰ কথা শুনি কাদমৰ খং উঠি গ'ল। গৰুৱে গাহৰিয়ে হাঁহে কুকুৰাই অতখন গৃহস্থী এৰি থৈ তাই এতিয়া ভাওনা চাবলৈ নগৈহে পাৰিছে! ইফালে কাৱেজনীও আজি জগো, কালি জগোঁ অৱস্থা। কাদমে বকি বকি বন্ধাটোক নাৰিকল গছত তুলি পূৰঠ নাৰিকল বোৰ পাৰি পেলাবলৈ দিলে আৰু বাৰান্দাৰ খুটাটোত আঁউজি আকাশ পাতাল ভাবি থাকিল। বনলতাৰ লগত তাই অকল মনৰ মিল নহয় ,দুইজনীৰ বন্ধুত্ব যেনিবা লাওটোকোৰাত সোমাই থকা কোনোবা ৰজাৰ সাঁচতীয়া জীৱহে! ভিন্ন শৰীৰ, [ ১১৪ ] অভিন্ন আত্মা।

 শাহুৱেকে দৰক লাগি থকা দেখি হুনমিলিয়ে ক'লে, “আমৈদেউ কেনেকুৱা জানেই চোন পাই। আপুনি যাম বুলি কৈ পঠিয়াওক। মই ক্লাৰীকে মাতি ল'ম৷ ৰূকাচেনহঁতৰ ঘৰত আপুনি এবাৰ কৈ দিলে সিহঁতৰো কোনোবা নহয় কোনোবা আহি ওলাব।”

 এৰা দে” কাদমৰ মুখেৰে হুমুনিয়াহ এটি সৰি পৰিল। উভতি যোৱা হুনমিলিৰ ভৰুণ শৰীৰটো দেখি তাই ধৰফৰাই উঠিল। লংকামৰ আধাপোৰা শৰীৰটো গাঁৱৰ ডেকাহঁতে আনি চোতালত থোৱাৰ দিনা তাই মাকৰ ঘৰৰ চমাংকান খাই উভতি আহিছিল। তাইৰ গৰ্ভত তেতিয়া তিনিমহীয়া ভ্ৰণ। কাদমে চিঞৰি চিঞৰি গছৰ পাত সৰোৱাৰ সময়ত তাই নিশ্চুপ হৈ লংকামৰ মুখলৈ চাই আছিল। কিবা যেন অভিমানী অনুভৱে তাইক কান্দিবলৈ দিয়া নাছিল। লংকামে কৈছিল, মোৰ ল'ৰাৰ নামো লং হব লাগিব। হুনমিলিয়ে হাঁহিছিল, ছোৱালী হ'লে একা?

 : ডালচেনি! লংকামে হাঁহিত বাগৰি পৰিছিল। কাষৰীয়া ডিমাচা গাওঁখনত এদিন মানুহৰ ভৰপূৰ ভঁৰালবোৰ আৰু আটোমটোকাৰি ঘৰবোৰ দাউদাউকৈ জলি থকাৰ সময়তে হুনমিলিৰ কোলালৈ অকণমান মানুহৰ পোৱালিটো আহিছিল। লংকামে ভবা মতেই তাৰ ল'ৰাৰ নাম হৈছিল লং! চাৰলংকি।

 কাদমে মৰাপাটৰ বস্তা এটাত এগালমান নাৰিকল ভৰাই দি বন্ধাটোক ক'লে, আয়েৰক কবিগৈ মই ভাওনাৰ দিনাহে যাম।দিবলৈ আৰু একো নাই।শুকান গাহৰি মঙহ অলপ আছে। সেইবোৰ তাই নেখায়। নিদিও। দুৱাৰচুকত লুকাই আলেখলেখ চাই থকা চাৰলংকিক তাই যেন মনেই কৰা নাই,তেনেভাৱত কাদমে উদাসীন হৈ ক'লে” আৰু ক’বি,মই অকলে নেযাওঁ। নাতিপোৱালিটোও লৈ যাম।”

 বন্ধাটো গ'লগৈ। চালংকি ওলাই আহি কাদমৰ বুকুত মূৰ গুঁজি দিলে। কাদমৰ চকু জলক তবক লাগিল। সৌ সিদিনাৰ নাঙঠ পোৱালিকণ! আজি তাইৰ বুকুৰ সমান ওখ হৈ গ'ল। সাধু ক আইতা! চাৰলংকিৰ আব্দাৰ শুনি কাদমৰ ভেকাহি মাৰিবলৈ মন গ'ল। কিন্তু নাতিয়েকৰ চকু দুটা দেখি দমি গৈ ক'লে গৰৈ মাছটো পুৰি ভাত কিটা খাই লও ব’ল, আবেলি মাৰৰ লগত বজাৰলৈ গৈ নতুন চোলা পেন এযোৰ কিনি আনিবি। নহ'লে ভাওনাৰ দিনা পিন্ধিবলৈ তোৰ কাপোৰ আছে জানো?

 চাংখনৰ এমূৰে বহি লৈ ভৰি দুটা নচুৱাই সি কাদমৰ লগত যুঁজি থাকিল। ঐ গামবুৰী! ক’বিনে??

 : কাৰ্বি ৰজাৰ আছিল অদ্ভুত চখ। পোহ মনাবলৈ আনিছিল বনৰ বাঘপোৱালি। পালি পহৰীয়া পঠিয়াই বিচৰাই ফুৰিছিল কেঁচুৱা থকা মাক।

 : কিয়? কিয় লাগে কেঁচুৱাৰ মাক?

 : হেৰৌ, বাঘ পোৱালিক ৰজাই খুৱাইছিল মানুহৰ গাখীৰ। কোনোবা কেঁচুৱাৰ মুখৰ পৰা কাঢ়ি নিয়া গাখীৰেৰে পূৰ্ণ হৈছিল ৰজাৰ অদ্ভুত চখ।

 : এদিন ৰজাৰ টেকেলাই আহি ৰংফাৰপীৰ ঘৰ পালেহি। ৰজাৰ টেকেলাই চুব খুজিলে তাইৰ অমৃতময় বুকু। জীৱনৰ ঘানিত পিহ গৈ কাকো ভয় কৰিবলৈ নিশিকা ৰংফাৰপীয়ে কুঠাৰেৰেফালি পেলালে সিহঁতৰ পৰাধীন শৰীৰ। ৰজাৰ বাঘপোৱালিৰ বাবে নহয়, মোৰ সন্তানৰ বাবেহে মোৰ বুকুৰ অমৃত। যা কৈ দে গৈ তঁহতৰ বলিয়া ৰজাক। যা যা যা"

 : তইও ৰংফাৰপী দেখোন আইতা। তোৰো যে ভয় নাই?

০০ ০০ ০০


 টেম্পুৰ পৰা নামি চুচুক-চামাক কৈ বনলতা আইতাৰ পদূলিৰে ভিতৰলৈ সোমাই যাওঁতে ভৰ দুপৰীয়াই হৈ আছিল। আইতাৰ ঘৰত বহুত মানুহৰ মাজতে আছিল বাপু। তাৰ সমনীয়া বনলতা আইতাৰ নাতিটো। অলপ পৰ দুইটাই সেমেনা সেমেনি কৰি থকাৰ পাছত যেতিয়া আইতাই ক'লে, যা বাপু লংকিক পুখুৰী পাৰলৈ লৈ যা!

 দুইটাই হাতত ধৰা ধৰিকৈ পাছ চোতাল পালেগৈ আৰু বাপুৱে বনকৰা মানুহ এটাক অৰ্দাৰ দিলে “ঐ ৰে দুৰাচাৰ! হামাক সত্বৰে পুখুৰীত নিয়া যাৱ।”

 অকণমান অঁকৰা ধৰণৰ মানুহটোৱে দুইটাকে দুফালে পাচিত বহুৱাই গজং গজংকৈ খোজ দিলে।

 চালংকিয়ে বুজিলে বনলতা আইতাৰ ঘৰৰ আচল ৰজা আচলতে বাপু!! [ ১১৫ ]  ভাওনা চাই টোপনি খতি হোৱা মানুহবোৰ বিছনাৰ পৰা নুঠোতেই কাদমৰ উচপিচ লাগিল। নাতিটোৰ লালকাল মুখখন চাই তাক জগাই দিবলৈও মন নগ'ল। অথচ তাইৰ চেৰেং চেৰেঙকৈ ঘৰলৈ মনত পৰি থাকিল। হুনমিলিয়ে আটাইবোৰ জাঁজ মাৰিব পাৰিলেও অকলে অকলে ছাগলীকে চাবনে গাহৰিকে চাব। এসময়ত বিছনাত ছটফটাই থাকি আমনি লগাত তাই চোতালখনকে সাৰি থৈ আহিল। গাটোও ধুই ল'লে আৰু বাহিৰৰ জুহালত অনবৰতে অঙঠা থকা চৌকাটোত লাগনি খৰি কেইডাল ভৰাই দিলে। বনলতা উঠি আহিল। দুইজনীয়ে চোতালত কিচিমিচিৰ কৰি থকা চৰাইকিজনীলৈ এনেয়ে চাই থাকিল। কাদমৰ আগত কথা উলিয়াবলৈ বনলতাৰ আজিকালি ভয় লাগে। পাঁচটা বছৰে কাদমে কেৱল বনলতাৰ আগতে কান্দিছে। বাকী মানুহৰ চকুত কাদম এজনী দুখে বলাব নোৱাৰা মানুহ। অকলে অকলেই সকলো চম্ভালিছে তাই।

 : গাহৰি সোপা নথকা হ'লে আজি থাকেঁৱেই বুইছ! এইজাক বেচিহে তত পাম। হুনমিলিও হাজিৰালৈ যায় নহয়!

 কাদমৰ কথাত বনলতাই বুজিলে, কাদম আজি যাবগৈ। নাথাকে।

 সঁচাকৈয়ে দুপৰীয়াৰ ভাতসাঁজ খায়েই তাই নৰ'ল। বনলতাই চালংকিক কাষ চপাই লেফাফা এটা দিলে।

 : একো দিবলৈ নহ'ল পিতাই অ’! ইছকুলত নাম লগাই ল’বি। তেতিয়া কিবাকিবি কিনিবি। তই ডাঙৰ মানুহ হ'বি নহয়? হ'ব লাগিব।

 কাদমে জানিলে, বনলতাই অলপ ভালকৈয়ে দুটকামান দিছে। সখীয়েকৰ হাতত দিলে নোলোৱাৰ ভয়ত নাতিয়েককে পালে। নাৰিকলৰ লাড়ু, শাক পাত আৰু জাহাজী কলৰ টোপোলা লৈ কাদমে পদূলিত নামিয়েই দেখিলে, কাৱেৰ বুকুতে লৈ আছে তিনিটা মূগা ক’লা পোৱালি। তাইৰ কলিজাটো আকৌ এবাৰ ধৰফৰাই উঠিল।

 নাই বুলিয়েই ল'ৰাটো নোহোৱা হ'ল। লংকামৰ আধাপোৰা মৃতদেহটোৰ কাষত বহি চকুপানী টুকিব নোৱাৰা হুনমিলিৰ আৰ্তনাদত সকলো উধাতু খাই আহিল। সকলোৱে বিচাৰ খোচাৰ চলালে। নাই! চাৰলংকি নাই। কাদমে পথাৰৰ পৰা আহি পাইছিল। মানুহৰ চেপা মাতবোৰে তাইৰ অণ্ঠ কণ্ঠ শুকুৱাই আনিলে। তাই দৰক লাগি হুণমিলিলৈ চাই থাকিল আৰু অপদেৱতাই লম্ভা মানুহৰ দৰে বাৰীৰ পাছফালে দৌৰিব ধৰিলে। পাছচোতালৰ গমাৰি জোপাৰ আঁৰেৰে তাই দেখিলে সেইটো লংকিয়েই হয়! চাৰলংকি! তাইৰ বুকুৰ মাণিক। তাই আগুৱাই গ'ল। সিও ঘৰমুৱা হৈ আহি আছিল। কাদমলৈ চাই সি হাঁহিলে। কাদমে তাক সাৱটি ধৰিলে।

 : মোৰ কিয় প' (দেউতা) নাই গামবুৰী? হেম্ফু আৰ্ণামক (ভগৱান) সুধি আছিলো ইয়াতে বহি বহি। ধ্ৰুৱৰ নিচিনাকৈ মোকো প’য়ে বেয়া পাই নেকি?

 কাদমৰ গাটো তিৰতিৰকৈ কঁপি উঠিল। এই এটাই প্ৰশ্ন। যাৰ কোনো উত্তৰ নাই।

 হোৰাটোত ভৰাই অনা বনৰীয়া কলদিল, ঢেঁকীয়া আৰু খেৰত গজা কাঠফুলাৰ বোজাটো পাকঘৰৰ মজিয়াত থৈ কাদমে ঘোঁটঘোটকৈ পানী এঘটি খাই ল'লে। হুনমিলিয়ে তিলেৰে সিজোৱা গাহৰিৰ মঙহেৰে চাৰলংকিক ভাত খুৱাইছিল। সি খাবলৈ মন কৰা নাই।কিমাননো জুহালৰ ধোঁৱা চাঙত সাঁচি থোৱা শুকান গাহৰিৰ মঙহ খাই পেট ভৰাব!উঠি অহা পোৱালিকণ দেহি!কিমান ওৱাদানিকৈ খাবলৈ পাব লাগিছিল। নাই যে নাই, গাখীৰ অকণো তাক খুৱাবলৈ সামৰ্থ নাই। কাদমৰ কলিজাটো মোচৰ খাই উঠিল। ইফালে চেৰ্লি, টক,বিপিহঁতে হাবিৰ ঢেঁকীয়া ডৰাটো ইউৰিয়া ছটিয়াই থৈ আহে। সাৰ পাই টেকীয়াবোৰ খৰকৈ বাঢ়ে। তাকে সিহঁতে নি চহৰৰ বজাৰত বাবু মানুহক সতেজ শাক বুলি বেছে। সেইবোৰ চিঙি আনিলে এবেলাতে শুকাই যায়। আজিকালি সকলোতে ভেজাল হ’ল। আনকি মানুহৰ মনবোৰো। তাই এসাজৰ ঢেঁকীয়া বুটলিবলৈ আজি বহুত সময় লাগিল। তাই আদৰেৰে নাতিয়েকৰ মূৰত হাত বুলাই দিলে।“দে কাংকুৰা দে! তোক মই আজি দুপৰীয়া টেকীয়াৰ জোল ৰান্ধি খুৱাম। তাতে ঔটেঙা দিম। সৰু মাছ দুজনীও দিম। আমি বিললৈ যাম। মই কাপোৰ ধুই ধুই তোক ধ্ৰুৱৰ কাহিনীটো ক’ম। এতিয়া ভাতকেইটা খা। তই ডাঙৰ হব লাগিব। ইছকুল যাব লাগিব।”

 কাদমৰ কথা শেষ হয় মানে তাৰ ভাতো শেষ হ'ল। মাত্ৰ হুনমিলিয়ে কা্ঁহীৰ কাষৰ ভাতকেইটা চিকুটি চিকুটি উচপিচাই থাকিল। কাদমে তাইক সহজ কৰি দিলে। ক!

 হুনমিলিয়ে কওঁ নকওঁকৈ মুখ মেলিলে “পাই মই ভাবিছিলো ময়ো বজাৰত বহিম। সদায় নহয় মাত্ৰ এদিন। বজাৰ বাৰৰ দিনা হে!” [ ১১৬ ]  কাদমে মনে মনে থকা দেখি তাই আকৌ ক’লে,পাই,মই ঘৰতে হৰলাং বনাই মানুহ এটাৰ হতুৱাই মনে মনে বজাৰত বেচাম আৰু নিজে এখন চানা মিক্সাৰৰ দোকান দিম। কাদমৰ তেজ উতলি আহিল। তাই মোনাৰ পৰা কটাৰিখন উলিয়াই তামোল এটা কাটিবলৈ আৰম্ভ কৰিছিল। খঙৰ ভমকত সেইখনকে তাই হুনমিলিৰ গা লৈ মাৰি পঠিয়ালে।

 চাংকুৰ বজাৰত লাহে লাহে গ্ৰাহকৰ ভিৰ বাঢ়িছিল। ঔটেঙাৰ পৰা কাঠফুলালৈ, ৰঙালাওৰ পৰা বনৰীয়া কলদিললৈ, সৰু চেনিপুঠিৰ পৰা ডেকেৰুৱা হাঁহলৈ সকলো লোভনীয় বস্তুৰ সম্ভাৰ লৈ পাহাৰীয়া কষ্ট সহিষ্ণু মাইকী মানুহখিনিয়ে বাঁহ বেতৰ হোৰাটো কঢ়িয়াই বজাৰ মেলেহি। সেই সময়ত চহৰৰ প্ৰায় সকলো মানুহেই অফিচ,স্কুলৰ পৰা আহি বজাৰত এপাক হ'লেও সোমায়। উভতি যোৱাৰ বাটত মানুহবোৰ কোনেও খালি হাতে নেযায়। জালি কোমোৰাৰ পৰা মানধনিয়ালৈকে সকলো মনে বিচৰা শাক পাতেই মানুহে চাংকুৰত পায়। চাৰ্থেৰ বৌৱেকৰ লগত হুণমিলি প্ৰথম বাৰৰ বাবে বজাৰত বহিলগৈ। তাইৰ বেতৰ হেৰাটোত আছিল শুকান গাহৰিৰ মঙহ,বেতগাঁজ,খৰিছা,কাঠফুলা আৰু তৰা গজালি। অচিনাকি আচহুৱা পৰিৱেশটোত তাই ঘামি উঠিল। চাৰ্থেৰ বৌৱেকে তাইক নিজৰ কাষতে বহুৱাই ল'লে। এইখন বজাৰত সকলো বিক্ৰেতাই মহিলা। কোনেও গ্ৰাহকক লৈ টুনা আঁজোৰা নকৰে। সেয়ে গ্ৰাহকেও ইয়াত আহি বজাৰ কৰিবলৈ ভাল পায়। বঙালী বেপাৰীৰ দৰে হৈ হাল্লা অথবা ভৰি দিব নোৱাৰা লেতেৰা পৰিৱেশ ইয়াত নাই। কাৰণ কোনো বিক্ৰেতাই ইয়াত পলিথিন ব্যৱহাৰ নকৰে। সজাত বন্দী ভীত চৰাই এজনীৰ দৰে হুণমিলিয়ে গ্ৰাহকলৈ বাট চাই ৰ'ল। তাই আহিবৰ পৰত পদূলিলৈকে আগবঢ়াই দিয়া শাহুৱেক কাদমৰ কৰুণ চকুহাল তাইৰ চেৰেং চেৰেঙকৈ মনত পৰি থাকিল।শাহুৱেকে তাইক বজাৰত বহাটো কেতিয়াও পছন্দ নকৰে। কিন্তু তাইৰ মনৰ ইচ্ছা পূৰণ হওক বুলিয়েই তেওঁ নিজেই বস্তুবোৰ বান্ধি কুন্ধি পঠিয়াই দিছে। মানুহবোৰে চাকিবোৰ জলাই লবৰ সময়তে হুনমিলি হত যাবলৈ ওলাল৷ চাৰ্থেৰ বৌৱেকৰ কুকুৰা কণী দুটামান ৰৈ গৈছিল। তাই ভালেই পাইছিল। ল'ৰা-ছোৱালীহঁতক তাই আজি কণী কেইটা খুৱাবগৈ পাৰিব। হুণমিলিৰ উপাৰ্জন ভাল। তাই নিয়া শুকান গাহৰি মঙহ আৰু বেতগাঁজখিনি বিক্ৰী হৈছিল। বাকী থকাখিনি হোৰাটোত ভৰাই তাই পিনিখনেৰে মুখ মোহাৰিলে আৰু চাৰ্থেৰ বৌৱেকক কলে,“নি, মোক তোমাৰ চিনাকি কিতাপৰ দোকানখনলৈ লৈ ব’লা। কাইলৈৰ পৰা আমাৰ চাৰলংকি স্কুললৈ যাব নহয়। এ তাৰ কাৰণে কুকুৰা মঙহ অকণো ল'বলৈ আছিল!!” তাইৰ অন্তৰৰ আকুলতাখিনি কথাষাৰত ফুটি উঠিল।

 দুইজনীয়ে বাট বুলিলে। হাফপেন্ট পিন্ধি স্কুললৈ ওলোৱা চালংকিৰ কাল্পনিক অৱয়ৱটোৱে হুণমিলিৰ খোজৰ গতি বঢ়াই দিলে। তাইৰ মনটো উদগ্ৰীৱ হৈ পৰিল। ল'ৰাটোৱে চাগৈ ঘনে ঘনে বাটলৈ চাইছে।

০০ ০০ ০০

 এপষেক বৰষুণৰ পাছত সেইদিনা আছিল এটা ৰ'দঘাই দিন। লংকামে দোকমোকালিতে আৰা পাইছিলগৈ। বহুদিনৰ অযত্নত আৰা খেতি কৰা ঠাই ডোখৰ হাবি হৈ পৰিছিল। সি নগা দখিনেৰে বনৰীয়া গছ লতা বোৰ চিকুণাই যাব ধৰিলে। কেঁহুজালি দিয়া আকাশখনত ফুলশয্যাৰ পাছদিনাৰ কইনা এজনীৰ কপালৰ ফোটটোৰ দৰে বেলিটো বিয়পি পৰিছিল। গোমধান খাবলৈ অহা ভাটৌ এজাক ডেউকা কোবাই উৰি গ'ল। লংকামৰ মনটো এনেই ভাল লাগিল। এইবাৰ খেতি ভাল হৈছে। খুলশালীটোৰে লগ লাগি সি এইবাৰ আদা, কচু, জলকীয়া, কোমোৰা, ৰঙালাও আৰু গোমধান লগাইছে। হেষ্ণু আৰ্ণামে কৰিলে এইবাৰ খেতিৰ টকাৰে সি পুৰণি হ'লেও চাইকেল এখন ল'ব পাৰিব। সেইখন ল’লে যে কিমান সুবিধা হ’ব! আনকি কেতিয়াবা সি হুনমিলিক টাউনৰ হলত চিনেমাও দেখুৱাই আনিব পাৰিব। ৰিত্নংচিংদিত গোৱা গীত এটি ভুল ভুলকৈ গাই সি পকা জলকিয়াবোৰ চিঙি থাকিল।

 : হেৰৌ মানুহটো, ইমান আওকণীয়া নে?

 হুণমিলি আহি কেতিয়া তাৰ পাছফালে থিয় দিছিল সি গমেই পোৱানাছিল। সি উভতি চালে। পুৱাৰ কোমল ৰ'দজাকত সি তাৰ ধুনীয়া মানুহজনী আৰু ধুনীয়া দেখিছিল। ক'লা পিনিখনৰ আঁৰ ভেদি পূৰঠ বাঁহ গাজৰ দৰে ওলাই থকা তাইৰ কলাফুল দুটাত বৰষুণত তিতি অহা বনপাত দুখিলামান লাগি আহিছিল। সি আলফুলে আঁতৰাই দিলে। তাইৰ লাজ লাগি গ'ল। কি কৰিছা? তাই ব্যতিব্যস্ত হৈ উঠিছিল। সি হাঁহি হাঁহি ক'লে, এই পাহাৰটো, এই আকাশখন আৰু এই চৰাইবোৰৰ বাদে এতিয়া আমাক কোনেও নেদেখে।

 হালধি পাতেৰে নুৰিয়াই ধানখেৰত সেঁকা মাছৰ পিটিকা আৰু হাতী ভেঁকুৰিৰ খাৰেৰে লংকামে ভাত খাই থাকোতে [ ১১৭ ] হুণমিলিয়ে কৈ থাকিল, তোমাক আজি পাইয়ে সোনকালে ঘৰলৈ মাতিছে। কিয় মই নেজানো। তুমি মোৰ লগতে যাব লাগিব। সি তাইলৈ প্ৰশ্নবোধক চাৱনিৰে চালে। তাই নিৰ্বিকাৰ হৈ বন উভালি থাকিল।

 আৰাৰ পৰা উভতি অহাৰ বাটত সিহঁতে আনদিনাৰ দৰেই লাগবান্ধ নোহোৱা কথা পাতি আহিল। লংকামে এইবাৰ জাৰৰ দিন নাহোঁতেই লেপ এখন বনোৱাৰ কথা ভাবিছে। পাৰিলে পাইৰ কোঠাটোৰ টিন কেইখনো সলনি কৰিব লাগিব। তাৰ সপোন বহুত। তুমি আৰু কি কি সপোন দেখা লং? হুণমিলিয়ে তাৰ কাণে কাণে সুধিলে। “মই! মই!! মই মোৰ পৰ (দেউতা) দৰে নোহোৱাৰ সপোন দেখো হুণ” লংকামে ভাগৰুৱা মাতেৰে উত্তৰ দিলে। হুণমিলি মনে মনে থাকিল। দেউতাকৰ কথা ভুলতে ওলালেও সি বিব্ৰত হৈ পৰে। তাই আৰু একো নুসুধিলে। পাহাৰৰ নামনিত চেমনীয়া এজাক ৰৈ আছিল। সিহঁতৰ উচ্ছ্বসিত মাতবোৰত আনন্দ ফুটি উঠিছিল। অতদিনৰ গৃহবন্দিত্বৰ পাছত মুকলিলৈ ওলাই আহি সিহঁত উচ্ছাসত ফাটি পৰিছিল। সিহঁতজাকৰ ৰঙা গাল মুখবোৰৰ পৰা উৰি যোৱা ৰংবোৰে যেন বেলিটো আৰু ৰঙা কৰি তুলিছিল।

 ইহঁতে ইমান ধুনীয়াকৈ হাঁহিব জানে!

 ইহঁতে ইমান নিখুটকৈ সুখী হ’ব জানে!!

লংকামে মুখৰ ভিতৰতে বিৰবিৰালে। হুণমিলিৰ পেটৰ ভিতৰৰ কথাটোৱে উগুল গুগুল কৰি থাকিল। অৱশেষত ৰ’ব নোৱাৰি তাই কৈয়ে পেলালে।

  আমাৰ ঘৰলৈ জানা আলহী আহিব।

 : হু??

 : উম্‌, আৰু কি জানা? আলহীয়ে তোমাক হেনো প’ বুলি মাতিব।

 লংকামে ঘপ্‌ কৈ ৰৈ দিলে। হুণমিলিৰ হাজাৰ আপত্তি আওকাণ কৰি সি তাইক দাংকোলাকৈ তুলি ল'লে আৰু গজং গজঙকৈ ঘৰলৈ খোজ দিলে।

 দোকানীজনে হুণমিলিলৈ আচৰিত হৈ চালে। “আপোনাক ক’ৰবাত দেখা যেন লাগিছে।“মাটি পেন্সিল আৰু চিলেটখন পলিথিনত ভৰাই দি দোকানী জনে ক'লে। হুণমিলিৰ অস্বস্তি লাগিছিল। তাই একো উত্তৰ নিদিলে। দোকানৰ পৰা উভতিব লওঁতেই তেওঁ আকৌ মাত লগালে, “অলপ ৰ'ব চোন নি! আপুনি বাৰু লংকামৰ মানুহ গৰাকী নেকি? মই আপোনাক বহুত বছৰৰ আগতে দেখা মনত পৰিছে। মই তাৰ বন্ধু। কি কি লাগে আহিব দেই নি!”

 হুণমিলি কুবাকুবিকৈ দোকানৰ পৰা ওলাই আহিল। লংকামৰ ওপৰত তাইৰ তীব্ৰ অভিমান হ’ল। কেনেকৈ সকলো এৰি থৈ গুচি যাব পাৰে সি? সেইদিনা আৰাৰ পৰা ঘৰমুৱা হোৱাৰ বাটত দাংকোলাকৈ কঢ়িয়াই অনা হুণমিলিক সি কৈছিল, “মই কিমান ভাল প'হ'ম চাবিচোন! মই মোৰ প'ৰ দৰে বেয়া মানুহ নহওঁ। মই মোৰ পোৱালিক আকাশৰ সমান মৰম কৰিম।”

 চালংকিক সমান মৰম দিবলৈ লংকাম নাথাকিল। দুদল হিংস্ৰ মানুহৰ যুঁজত বজাৰলৈ ওলাই যোৱা লংকাম এটা আধা পোৰা শৱ হৈ ঘৰলৈ উভতিছিল। গাঁৱৰ ডেকা বোৰে হুংকাৰ দিছিল, “সিহঁতেই মাৰিছে তাক! আমি সিহঁতক নেৰো সুদাই!

 কথাবোৰ এনেকৈ বাঢ়িছিল যে আজি লংকামৰ চুবুৰীটো জলিছিল, কালি সিহঁতৰ ভঁৰাল জলিছিল। অথচ কাৰোবাৰ শহুৰেকৰ ঘৰ অথবা বিয়া দিয়া পেহীয়েকৰ ঘৰ আছিল সিখন গাঁৱত আৰু পাই বুলি মাতিব পৰা বন্ধুৰ মাকবোৰ আছিল এইখন গাঁৱত। কেৱল সন্দেহ আৰু জিঘাংসাই সাতামপুৰুষীয়া মৈত্ৰীৰ বান্ধোন খুলি পেলাইছিল। তেনেকুৱা জুয়ে পোৰা দিনবোৰৰ ভয়াৱহ স্মৃতি লৈয়ে হুণমিলি এদিন মাক হৈছিল।

 মহৰ কামোৰ খাই খাই চালংকিয়ে কাদমৰ কোলাত মূৰ থৈ পিৰালিতে শুই আছিল। নঙলা ডাল খুলিবলৈ লৈয়ে হুণমিলিয়ে চাকিৰ পোহৰত লৰচৰ কৰি থকা পুতেকৰ উদং গাটো দেখিলে। তাইৰ বুকুখন ধৰফৰাই উঠিল। মূৰত তুলি অনা হোৰাটো তাই খামুচি ধৰিলে।

 জালুক আৰু খৰিছাৰে সিজোৱা কুকুৰাৰ মঙহ অকণ চালংকিৰ পাতত দি হুণমিলিয়ে ক'লে, “আজি সোনকালে শুই থাকিবি দেই লং! কাইলৈ আমি স্কুল যাব লাগিব নহয়!! ৰাতিপুৱাই উঠিব লাগিব।”

 চালংকিয়ে মূৰ তুলি তাইলৈ চালে। নতুনকৈ কিবা এটা পোৱাৰ আনন্দ অথবা উত্তেজনা একোৱেই তাৰ চকুত [ ১১৮ ] নাছিল। হুণমিলিৰ ভয় লাগি গ'ল। স্কুলৰ সময়কন সি বাৰু বন্দীত্ব বুলি ভাবি লৈছে নেকি?

 বিছনাত পৰি তাই লঙৰ মূৰটো মোহাৰি মোহাৰি হিচাপ কৰিলে। আজি লঙৰ বয়স পাঁচ বছৰ দুমাহ,ছয়দিন হ'ল।

 কুকুৰাৰ প্ৰথমটো ডাকতে তাইৰ টোপনি ভাঙি গ'ল। পোহৰ হ’বলৈ তেতিয়াও ভালেমান পৰ বাকী। যোৱা কেইদিনমানৰ পৰা পুহমহীয়া জাৰে মানুহবোৰক লেপৰ তলৰ পৰা ওলাই আহিবলৈকে নিদিয়া হৈছে। তাইৰ বুকুৰ মাজত কুচিমুচি সোমাই থকা এধানমান কেঁচুৱাটোৰ দৰে চাৰলংকিৰ নিস্পাপ মুখখন চাই তাইৰ দুচকুৰে চকুলো বাগৰি পৰিল। পৃথিৱীৰ সকলো সৰলতাৰে কোমল হৈ থকা তাৰ মৰমলগা মুখখন লেমৰ পোহৰত যেন কৰুণ ছবি এখন হৈ পৰিছিল। চাৰলংকিৰ মুখখনলৈ তাই এপলক নেত্ৰ চাই থাকিল। সৌ সিদিনাৰ হে কথা যেনিবা! কাদমে পুতেকৰ অকাল মৃত্যুত দুখ কৰিবলৈও সময় পোৱা নাছিল। গা ভাৰী বোৱাৰীয়েকৰ আদৰ যত্নৰ পৰা খেতি কৰা আধিয়াৰ বিচৰালৈকে ঘৰৰ প্ৰতিটো লেথা মাৰিও হাঁহ গাহৰি কুকুৰা ছাগলী কুকুৰ আৰু মেকুৰীৰে সৰু সুৰা চিৰিয়াখানা এখনেই চম্ভালি আছিল। তেনেকৈয়ে চাৰলংকি আহিল। সি অহাৰ পাছত যেনিবা হুণমিলিৰ ভায়েক ককায়েকহঁতে আহি ঘৰ দুৱাৰবোৰ থানথিত লগাই বাৰীখনো গত লগাই দিলে। কাদমে প্ৰায়েই আৰা নহ'লেবা অন্য কামত ওলাই যায়। ভাত পানী ৰান্ধি ঘৰ চোতালো সাৰি থৈ যায়। তাৰ পাছতো ঘৰখনত এশ এবুৰি কাম ওলায়। কেঁচুৱা শুৱাই হুণমিলিয়ে কোনোমতে ধোৱা পখলা কৰি ভাত পানী খায়। প্ৰায়েই বিললৈকো যায়। কেঁচুৱা বোকোচাত লৈ তাই কাপোৰ ধোৱে। কেতিয়াবা জাকৈ এচাব মাৰি মাছ পুঠি দুটামানো লৈ আহে। পানী কেঁচুৱাৰ পৰা গৈ গৈ এতিয়া ডাঙৰ হোৱাৰ পাছতো সেয়ে বিল বুলিলে পাগল। চাৰলংকিৰ সিটো পাৰে তাৰ মাহীয়েক লিলি শুইছে। দুইটাৰে গাত কাপোৰ খন ভালকৈ দি তাই লাহেকৈ নামি আহিল। সময়মতে স্কুল পোৱাকৈ যাবলৈ হ'লে তাই বহুত কাম বন কৰি থৈ যাব লাগিব। ভাগ্যে যেনিবা কাদমে গাহৰি সোপা গাঁৱৰে এঘৰত আধি পুহিবলৈ দি আঁতৰাই পঠিয়ালে। নহ'লে সেইমখাৰ আল মাৰি থকাও ধেমালি নহয়। আগফালৰ বাৰাণ্ডালৈ যোৱা দুৱাৰখন খোলাৰ শব্দ শুনি কাদমে আনটো কোঠাৰ পৰা মাত লগালে, “ইমান সোনকালে কিয় উঠিলি?”

 কাদমে নিজেও জানে প্ৰশ্নটো অনৰ্থক। কাৰণ হুণমিলিৰ দৰেই তাইৰো কেতিয়াবাই টোপনি ভাঙিল। তাইৰ কাপোৰৰ জাপত সোমাই থকা নিমাখিত কাংকুৰাটো আজি যে স্কুললৈ যাব! ইয়াতকৈ ভাল লগা কথা যেন তাইৰ জীৱনত আৰু কেতিয়াও ঘটাই নাছিল!!

 হুণমিলিয়ে গৰম পানীৰে গা ধুৱাই অনা পুতেকৰ চুলিত তেল ঘঁহি মূৰটো ফণিয়াই দি গাৰ কাষলৈ চপাই ল'লে। তাৰ কপালত চুমা এটা খাই তাই ক'লে, “আজিৰ পৰা তই ডাঙৰ মানুহ হবি। স্কুলত তোৰ সমনীয়া আৰু বহুত লগ পাবি। সিহঁতৰ লগত কাজিয়া নকৰিবি আৰু চাৰ বাইদেউৰ কথা শুনিবি দেই সোনটো।”

 তাই আৰু কিবা ক'ব খুজিছিল। কিন্তু শেষৰ ফাললৈ তাইৰ মাতটো থোকাথুকি হৈ পৰিল। বহুপৰ তাই তাক সাৱটি থাকিল। লিলিয়ে তেনেতে চিঞৰিলে ,“ভাত বাঢ়িছে। সোনকালে খা হি। দেৰিয়েই হৈছে”

 বাহিৰত তেতিয়াও ৰ’দ ওলোৱা নাছিল। চাৰকিৰিৰ ছোৱালীজনী আৰু তাইৰ লগৰ দুজনী মান আহি ওলালহি। হুণমিলিয়ে কাহানিবাই সিহঁতক মাতি থৈ আহিছে। তাই সিঁহতৰ লগতে চাৰলংকিক লৈ স্কুললৈ ওলাল। কাদমে গালে মুখে নাতিয়েকক হাত ফুৰাই দিলে। “দে কাংকুৰা দে! ভালকৈ পঢ়িবি। বহুত ভাল ভাল কথা শিকিবি। ঘৰলৈ আহি মোক চৰে অ চৰে আ শিকাই দিবিহি দেই!”নাৰিকল তেল ঘঁহি ফনিয়াই দিয়া চাৰলংকিৰ ৰঙচুৱা চুলি কোচাত তাই আদৰেৰে হাত বুলাই দিলে। মাক পুতেক হাল ওলাই যোৱাৰ পাছত কাদম বিছনাত পৰিলহি। তাইৰ গা টো ভাল লগা নাই। লিলিয়ে আহি জালুক দিয়া চাহ এবাটি দি গ'ল। কাদমে বিছনাত বহি আঁই দুটাত মূৰ গুজি দিলে। তাই কান্দিবলৈও যত্ন কৰিলে।পিছে নাই। চকুপানী নোলাল।

 স্কুলৰ বাৰাণ্ডাত বহি চাৰ বাইদেউ সকলে ল'ৰা-ছোৱালীবোৰ আৰু মাক দেউতাকৰ লগত কথা পাতিছে। হুণমিলি আগুৱাই গ'ল। পকা থেকেৰাৰ দৰে তেজগোৰা মুখৰ প্ৰধান শিক্ষকজনে তাইলৈ চাই হাঁহিলে।

 : আহা। তুমি আমাৰ সেই লংছিঙৰ ছোৱালী নহয় নে? দেউতাৰাক মোৰ কথা ক’বা। আমি একেলগে পঢ়া।

 : কাদৰ্ম চাৰ। ল'ৰাটো আনিছিলো?

 : কাৰ্দম কাৰ্দম। চাওঁ চাওঁ আহা চোন মোৰ ওচৰলৈ।

 চাৰলংকি আগুৱাই গ'ল। তাৰ অকণমান ভয়ো লাগিল। কিন্তু চাৰে যেতিয়া মৰমেৰে তাৰ পিঠিত হাত বুলাই সুধিলে, [ ১১৯ ] “তুমি পঢ়িবানে?”

 তেতিয়া সি টপৰাই উত্তৰ দিলে, “পঢ়িম চাৰ।”

 তাৰ অজলা চকুজোৰ আৰু কথাৰ দৃঢ়তাখিনি চাৰে বৰ ভাল পালে। ওখকৈ চচমা পিন্ধা ইংতি চাৰে তাক ফুলৰ নাম, পাচলিৰনাম সুধিলে আৰু অলপ আঁতৰত খেলি থকা চাৰকিৰিৰ জীয়েক তৰাক দেখুৱাই সুধিলে, সৌজনী যে!বগী ছোৱালীজনী! তাই তোমাৰ কি লাগে?

 চালংকিয়ে সেইফালে চাই টপৰাই ক'লে,“ভাল লাগে”

 ইংতি চাৰে খুব হাঁহিলে আৰু ক'লে, নহয় অ' ল’ৰা। তাই তোমাৰ বাইদেউ লাগে। আজিৰ পৰা তুমি ডাঙৰ ল'ৰা ছোৱালী বোৰক দাদা বা বুলি মাতিব লাগিব। সি মূৰ দুপিয়ালে।

 চকীদাৰে তাক কিতাপ বহী আৰু ইউনিফৰ্ম এযোৰ উলিয়াই দি প্ৰথম শ্ৰেণীত বহুৱাই থৈ আহিলগৈ। টিপাল এখনত তাৰ সমনীয়া আৰু দহটামান ল'ৰা-ছোৱালী বহি আছিল। হুণমিলিয়ে আটাইবোৰক চিনি নেপালে। চাৰলংকিক তাতেই এৰি তাই বাহিৰলৈ ওলাই আহিল। স্কুলৰ গেইটৰ পৰা তাই এনেয়ে এবাৰ পাছলৈ উভতি চালে। স্কুলৰ বাৰান্দাৰ খুটা এটাত ধৰি চালংকিয়ে তাইলৈকে চাই আছিল। তাইৰ দৌৰি গৈ তাক সাবটি ল'বলৈ মন গ'ল। কিন্তু তাই অলপ ৰৈ হাঁহি এটা মাৰি হাত খন ওপৰলৈ তুলি ধৰি তাক বিদায় জনালে। তাইৰ বুকুত কিহবাই সোপা মাৰি ধৰিছিল। তাই আকৌ এবাৰ অনুভৱ কৰিলে, অভিনয় কৰাও বৰ কষ্টকৰ। ডিঙিয়েদি তাইৰ যেন এটোপাল বিহ পাৰ হৈ গ'ল।

 কার্দম-নমস্কাৰ

 : নমস্কাৰ বাইদেউ!!

 ল’ছালিহঁতে সমস্বৰে চিঞৰিলে।

 : নমস্কাৰ। গুদমণিং। বহা বহা। মই মিৰদান দেই।

  মিৰদানে হাঁহিলে। তাইৰ অসমান দাঁত কেইটাই তাইৰ হাঁহিটো আৰু বেছি ধুনীয়া কৰি তুলিলে।

  চালংকিয়ে বগী, লণী আৰু দেখিলেই মৰমিয়াল যেন লগা বাইদেউ জনীলৈ চাই থাকিল। ও আজি আমি আটাইবোৰে চিনাকি হ'ম দেই!

  ল'ৰা ছোৱালীবোৰে ভেবা লাগি তাইলৈ চালে। মিৰদানে বুজিলে, তাই এই জনজাতীয় এলেকাৰ স্কুলখনত কথিত অসমীয়াৰ সলনি হেনা হুচাকৈ সিহঁতে বুজি পোৱা ভাষাটোৰেহে কথা আৰম্ভ কৰিব লাগিব।

 : আমাৰ ফালে মিৰদান আছে। ইতিয়া তোমালোকে নিয়ৰ নিয়ৰ (নিজৰ নিজৰ) নাম কবি হাঁ! ল'ৰা ছোৱালীবোৰে এতিয়াহে যেন সম্বিত ঘূৰাই পালে। প্ৰথম প্ৰথম লাজ লাজকৈ আৰু পাছত মুকলি মনেৰে সিহঁতে নামবোৰ ক'বলৈ ধৰিলে। বাছাপী, চেৰদিহুন, বাচেন, বিদ্যাসিং, লংবিৰাম, হেমাৰী আৰু আৰু .... মিৰদানে নামবোৰ আঁওৰাই গ’ল।

 : সকলোতকৈ শেষত মৰম লগা ল'ৰাটো আগবাঢ়ি আহিল। তাৰ চোলাৰ বুটাম দুটা খোল খাই আছিল। এইকেইদিন ভালকৈয়ে জাৰ পৰিছে। মিৰদানে চুৱেটাৰ পিন্ধিও জাৰ সহিব পৰা নাই। তেনেস্থলত পাতল চোলা একোটা নহ'লেবা পুৰণি ফটা চুৱেটাৰ একোটা পিন্ধি অহা ল'ৰা ছোৱালীবোৰৰ সন্মুখত তাইৰ নিজকে দোষী যেন লাগিল। ল'ৰাটোৰ চোলাৰ বুটাম দুটা তাই মাৰি দি সুধিলে, তোমাৰ নাম?

 ল'ৰাটোৱে হাত যোৰ কৰি ক'লে,নমস্কাৰ বাইদেউ। মোৰ নাম চাৰলংকি ৰংপি।

 মিৰদান অভিভূত হৈ গ'ল। ল'ৰাটোলৈ তাইৰ মৰম উপজিল।

 মিৰদানে সেইদিনা সকলোৰে লগত গান গালে।

 নীল নীল পাহাৰেৰে

 সেউজীয়া সুষমাৰে

 য'ত নাছে ৰামধেনুৰ সাতোৰং

 সেয়া কাৰ্বি আংলং [ ১২০ ] মৰমী কাৰ্বি আংলং।

 ল'ৰা-ছোৱালীহঁত তাইৰ লগত সহজ হৈ পৰিল। সিহঁতে বাইদেউ জনীক খুব পছন্দ কৰিলে। সিহঁতৰ কোঠাটোৰ মজিয়াখন আছিল কেঁচা। তাতে জাৰত কঁপি থকা ল'ৰা-ছোৱালীবোৰৰ ভৰিত মোজাও নাছিল। মিৰদানে হেডছাৰক কৈ কোঠাটোৰ সোঁমাজত জুই একুৰা ধৰিলে আৰু আটাইবোৰে জুইৰ সেঁক লৈ কথা পাতিবলৈ ধৰিলে। তাই বিচাৰিছিল, সিঁহতবোৰ যাতে তাইৰ লগত সহজ আৰু নিসংকোচ হওক।

 কথাই কথাই কোনে কোনে ডাঙৰ হ'লে কি কি হ’ব ক'লে। বিদ্যা সিঙে ক'লে, মই ডাঙৰ হ'লে বিয়া পাতিম। এক্টাহে পোৱালি থম আৰু তাকে ইচকুল আইভ কাৰণে এক্টা চাইকেল ভি কিনি দিম। মিৰদানৰ লগতে আটায়ে হাঁহি দিলে। কিন্তু সি গহীন হৈয়েই ৰ'ল।

 বাছাপীয়ে ডাঙৰ হৈ মা হ'ম বুলি ক'লে। শুনাত সাধাৰণ অথচ গভীৰ জীৱন বোধ থকা উত্তৰ বোৰে তাইক চমকৃত কৰিলে। তাই বুজিলে, এই ল'ৰা-ছোৱালীহঁতৰ পৰা তাইও বহুত শিকিব পাৰিব।

 এসময়ত আটাইবোৰে শাৰী পাতি ৰান্ধনিঘৰলৈ গ'ল। চাৰলংকিৰ কাষতে সৰু সৰু চকুৰে জাপানী পুতলাৰ দৰে হেমাৰী বহিল। ষ্টিলৰ থালত গৰমে গৰমে বাঢ়ি দিয়া মূলা বন্ধাকবি আৰু আলুৰে ৰন্ধা খিছিৰীখিনিত এচেলেক মাৰিয়েই সি চাৰলংকিক ক'লে, “মই বাইদেউক বিয়া পাতিম।”

০০ ০০ ০০

 সেইদিনা আছিল দেওবাৰ। এটা ধুনীয়া ৰ’দঘাই পুৱা। আৰাত পকা জলকীয়াবোৰ খাবলৈ এজাক ভাটৌ চৰাই চাৰলংকিৰ মূৰৰ ওপৰেদি উৰি গ'ল। মাকে তাক বন্ধাকবিৰ জোল আৰু পানীপিঠা খাবলৈ বাৰে বাৰে মাতি থকাৰ পাছতো সি চোতালতে ৰ লাগি উৰি যোৱা ভাটৌ জাকলৈ চাই ৰ'ল।

 মাকে কেইবাবাৰো মাতিও তাৰ মাতবোল নুশুনি বাহিৰলৈ ওলাই আহিল আৰু তন্ময় হৈ থকা ল'ৰাটোৰ মূৰত হাত ফুৰাই ক'লে,“সোণ টো অ’! আজি মই সোনকালে বজাৰলৈ যাব লাগিব নহয়। এতিয়া আৰাৰ পৰা শাক পাছলিবোৰ আনিব। পাৰিলেহে বজাৰলৈ সোনকালে যাব পাৰিম। বল খাই বৈ আজৰি কৰি দে গৈ”

 খাই থাকোতে চাৰলংকিয়ে ক'লে, পাই! আজি ময়ো তোৰ লগত আৰালৈ যাম। আমাৰ মিৰদান বাইদেৱে কৈছে নহয়, আমি বোলে সৰু সৰু কামবোৰত ডাঙৰক সহায় কৰি দিব লাগে। হুণমিলিয়ে হাঁহি দিলে। আজিকালি ল'ৰাকণে শয়নে সপোনে কেৱল মিৰদান বাইদেউৰ কথাকেই কৈ থাকে। বাইদেউৰ কথা শুনি শুনি আজিকালি হুণমিলিৰ এনেকুৱা লগা হ'ল যেন মিৰদান নামৰ মৰমলগা গাভৰু এজনী তাইৰ ওচৰে পাজৰে ঘূৰি ফুৰিছে!!

 আৰালৈ যাবৰ পৰত কাদমেনাতিয়েকক ক'লে,পিঠাগুড়ি দি কুকুৰা মঙহ সিজাইছো দেই কাবু! সোনকালে আহিবি। মাৰক আমনি নকৰিবি। চাৰলংকিয়ে একো নেমাতিলে। এই গামবুৰী জনীয়ে হয়তো গমেই পোৱা নাই যে আজিকালি সি আগতকৈও বেছি ভাল ল'ৰা হৈ গ'ল। মিৰদান বাইদেৱে সিহঁত চবকে বৰ ভাল ল'ৰা-ছোৱালী বুলি কৈছে আৰু সিহঁতেও আগতকৈ বেছি ভাল হ'বলৈ বাইদেউৰ সকলো কথা মানি চলিছে। দুপাত বেলেগ বেলেগ হাৱাই চেণ্ডেল পিন্ধি উৱলি যোৱা চুৱেটাৰটোৰে মাকৰ লগত ওলাই যোৱা পোৱালিটোলৈ চাই কাদমে হুমুনিয়াহ চাৰিলে। আৰাত ঢেৰ জলকীয়া পকিছিল। হাত পুৰিব বুলি চাৰলংকিক মাকে সেইবোৰ চিঙিব নিদিলে। একো কৰিবলৈ নেপাই

 সি যেনি তেনি পৰি থকা খৰিবোৰকে গোটাই পেলালে। হুণমিলিয়ে মূলা শাক,কুমলীয়া ৰঙালাও,ধনিয়া আৰু পকা জলকীয়া বোৰ চিঙি হোৰাটোত ভৰাই ল'লে। চাৰলংকিয়ে গোটাই লোৱা খৰিৰ বোজাটো দেখি তাইৰ অবুজ শোকে বুকুখন খুন্দা মাৰি ধৰিলে। এইকণ ল'ৰাই দুদিন স্কুল গৈয়েই যেন বহুত ডাঙৰ বহুত বুজন হৈ পৰিছে। সি হাঁহি হাঁহি ক'লে,মোকো খৰি এবোজা বান্ধি দে পাই!তই অকলে ইমান খৰি নিব পাৰিবি জানো?”

 মেটমৰা বোজাটো আৰু কাষতে চাৰলংকিক লৈ হুণমিলি ঘৰমুৱা হ'ল। অকণমান খৰিৰ বোজাটো লৈ তাইৰ কাষে কাষে খোজ দিয়া পুতেকটোৱে দেখিব বুলি তাই লৰালৰিকৈ চকুপানী খিনি মচি পেলালে। তাই মনে মনে অংক এটা কৰি পেলালে, জাৰৰ দিন নেযাওঁতেই মাকৰ ঘৰত আধি পুহিবলৈ দিয়া গাহৰিটো বেছি হ'লেও চাৰলংকিক এযোৰ জোতা মোজা আৰু এটা চুৱেটাৰ কিনি দিবই লাগিব।

[ ১২১ ]  দহবিঘা মাটিৰ আধি কৰি পোৱা ধান,নিজে আৰু আনক পুহিবলৈ দিয়া গাহৰি কুকুৰা আৰু হুণমিলিৰ বেপাৰেৰে কাদমৰ ঘৰলৈ নিমখ, তেল, কাচিৎ দাইল এপোৱা আৰু কেতিয়াবা দুই এটা বিলাসী বস্তুও আহে। বিলাস বুলিবলৈ হুণমিলিৰ কাৰণে পাউদাৰ এটেমা আৰু কামৰ বাবে গোন্ধ তেলৰ বটল এটা। চাৰলংকিক স্কুলত পঢ়ুৱাবলৈ সিহঁতৰ বৰ বেছি কষ্ট হোৱা নাই। কিন্তু দায়িত্ব বাঢ়িছে। সি পঢ়াত ভাল বুলি মিৰদানে এদিন বজাৰতে হুণমিলিক কৈছে। এনেকৈ গৈ থাকিলে সি ভাল হ'ব। পিছে তাক ভালকৈ এসাজ খুৱাবলৈকে চোন সময় নোলায়গৈ! হুণমিলিৰ মনটো বৰ বেজাৰমুৱা হৈ পৰে। মানুহটো থকা হ'লে আজি তাইৰ এনে দশা নহয়। কাদমে পানী উতলাই নাতিয়েকলৈ ৰৈ আছিল। নঙলা খুলি পিঠিত খৰিৰ বোজা কঢ়িয়াই সোমাই অহা পোৱালি কণ দেখি তাইৰ হাঁহি উঠিল। গৰম পানীৰে তাক গা পা ধুৱাই বুঢ়ীয়ে বৰ হেঁপাহেৰে তাৰ মুখলৈ চাই থাকিল। ল’ৰাকন যেন জাৰত অকণমান কঁপিছে। জুহালতে বহি থকাৰ পাছতো যেন তাৰ ওঁঠদুটা ক'লা পৰি গৈছে। কোচমোচ খাই বহি থকা নাতিয়েকটোলৈ চাই তাই চিঞৰিলে, ঐ শুনিছ আজি বজাৰলৈ আমিও যাম।

 বজাৰলৈ আহি আহি প্ৰায়বোৰ দোকান পোহাৰ হুণমিলিয়ে চিনি পোৱা হৈছিল। কাদমক লংচিঙৰ ঘৈণীয়েকৰ কাষতে বহুৱাই থৈ তাই চাৰলংকিক লগত লৈ চুৱেটাৰ কিনিবলৈ ওলাল। কাদমে তাইক ৰখালে আৰু কান্ধৰ মোনাখনৰ পৰা টকা কেইটামান উলিয়াই ক'লে,হোঁ‌ ল! তই নিজলৈও গৰম কাপোৰ এখন কিনি লবি। হুণমিলিয়ে হাত পাতি ল'লে। অনেক দৰদাম অনেক কেৰজেৰৰ পাছত ভূটিয়া বেপাৰীৰ দোকানৰ পৰা চাৰলংকিৰ গালৈ চুৱেটাৰ এটা আহিল। আন এখন দোকানত সি নিজেই পছন্দ কৰি জোতা মোজা এযোৰ কিনিলে। আনন্দত দেও দি দি সিহঁতে যেতিয়া কাদমৰ কাষ পালেগৈ ,তেতিয়াও তাহানিতে মুখৰ আগত লৈ বহি থকা কলদিলকেইটা আৰু কাঠআলু ডোখৰ একেদৰেই ৰৈ আছিল। চাৰলংকিয়ে বুজিলে, মাকে তাক আজি কিনি দিয়া চুৱেটাৰ আৰু জোতা মোজা আচলতে কেইবাদিনৰো পৰিশ্ৰমৰ ফল। মিৰদান বাইদেৱে যে কয়, আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন! এয়াই তেনে আইৰ মৰম! পুৰণি এড়ী চাদৰ এখনেৰে কোনোমতে জাৰ গুচাবলৈ চেষ্টা কৰা মাকজনীক চাৰলংকিয়ে কঁকালত সাৱটি ধৰিলে। আইতাকে দিয়া টকা খিনিৰেও আনকি তাৰ মাকে গৰম কাপোৰ নল'লে। বৰঞ্চ আইতাকলৈ এখন গৰম চাদৰ লৈ আহিছে। ইমান যে ভাল তাৰ মাকজনী! চাৰলংকিৰ চকুহাল সেমেকি উঠিল।

 আন্ধাৰ হোৱাৰ আগতেই ঘৰ পাবগৈ লাগিব। হুণমিলিয়ে বজাৰ সামৰিলে। কাদমক ক'লে,যাওঁগৈ পাই! উঠকচোন আপুনি।

 কাদম বহাৰ পৰা উঠিল। হুণমিলিয়ে মোনাৰ পৰা গৰম কাপোৰখন উলিয়াই কাদমৰ গাত মেৰিয়াই দিলে। কাদমে বোৱাৰীয়েকলৈ চাই থাকিল। তাই চকুৰে জলক তবক দেখিলে। আজিকালি তাইৰ দৃষ্টি বৰ সহজতে ধূসৰ হৈ পৰে। তাই চকুহাল মোহাৰিলে। তাইৰ আঙুলিত দুটোপাল লুণীয়া লাগি আহিল।

০০ ০০ ০০

 জপনাকাষৰ নাহৰজোপাৰ তলতে ৰৈ মানসিং টেৰণে ছাৰ্টিটো জপাই ল'লে। বাঁহৰ জেউৰাখনত নীলা অপৰাজিতা ফুলবোৰে হাঁহি হাঁহি অ'ত ত'ত বগাই ফুৰিছিল। অলপ পাছতেই ল'ৰা ছোৱালীহঁতৰ কোঢ়ালে এই মৌন সময় খিনি মুখৰিত কৰি তুলিব। আনদিনাৰ দৰেই তেওঁ আজিও সোনকালে স্কুললৈ আহিছে,সকলোতকৈ আগতে। চকীদাৰটোৱে দুৱাৰ খিৰিকীবোৰ খুলিবলৈ আৰম্ভ কৰিছিল। তেওঁ আগুৱাই গৈ তাক গছপুলি ৰুবলগীয়া ঠাইবোৰ দেখুৱাই দিলে। নিজৰ কোঠাটোৰ নিজৰ চকীখনত বহি তেওঁ দ্ৰয়াৰৰ চিঠি এখন উলিয়াই ল'লে। প্ৰখ্যাত অসমীয়া আলোচনী এখনৰ সম্পাদকে তেওঁলৈ লিখিছে, “প্ৰিয় মানসিং, তই স্কুল আৰু কাৰ্বি অসমীয়া অভিধানখনৰ কাম কৰি থকাৰ মাজে মাজে হ'লেও মোৰ বাবে মোৰ আলোচনী খনৰ বাবে এইবাৰ পূজা সংখ্যাত প্ৰকাশ কৰিব পৰাকৈ উপন্যাস এখন লিখিবি। ধৰি ল,মই তোক আদেশ দিছো। তই সোনকালে পঠিয়াবি বুলি মই ধৰি লৈছো।”

 মানসিং টেৰণে চকীখনত মূৰটো থৈ খিৰিকীৰে বাহিৰলৈ চালে। তেওঁৰ ওঁঠেৰে হাঁহি এটি সৰকি পৰিল। বিশ্ববিদ্যালয় এৰাৰ আজি এটা যুগৰ সমান দিন ৰাতি পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ বন্ধুত্ব একেই, আগৰ দৰেই আছে। এজনে আনজনক মৰমৰ দাবী কৰিব পৰাকৈ নিৰ্মল। ডাৱৰে ওন্দোলাই অনা বতৰটোৰ বাবেই নে আজিৰ পৰা এমাহলৈ স্কুল বন্ধ হ'ব বাবেই নে কি তেওঁৰ মনটো ভাল নালাগিল। ল'ৰা ছোৱালীহঁতৰ অম্লান মুখবোৰৰ বাদে তেওঁৰ জীৱনত ৰং বুলিবলৈ আৰু [ ১২২ ] একোৱেই নাই। পত্নী আৰু একমাত্ৰ ল'ৰাটোৰ অবৰ্তমানত তেওঁ এতিয়া এজন তেনেই নিসংগ মানুহ।

 ল'ৰা-ছোৱালীবোৰ এটা এটাকৈ আহি ওলালহি। সিহঁতে গছপুলি ৰুলে। দুটা পিৰিয়দৰ পাছত বকুলজোপাৰ কাষতে ঘূৰণীয়াকৈ থিয় হৈ গছে গছে পাতি দিলে গালে আৰু সিজোৱা কণীৰে খিছিৰী খাই ঘৰা ঘৰি গুচি গ'ল। মানসিং টেৰণে এজাক পখিলাৰ দৰে ঢপলিয়াই ঘৰমুৱা হোৱা ল'ৰা-ছোৱালীহঁতলৈ চাই থাকিল। তেওঁৰ দৃষ্টিত অকণমান ল'ৰা এটা ভাহি উঠিল। কঠিয়ানি এডৰাৰ মাজত নিজতকৈও এধানমান ভনীয়েকক গছৰ তলত উমলাই থকা ল'ৰাটোক তেওঁ যেন হাত মেলি চুই চাব! আদৰেৰে সুধিব তাক, “ভাত খাই আহিছনে মানসিং? স্কুললৈ নগ’লি কিয়?”

 নাই তেওঁ সুধিব নোৱাৰিলে। ভোকাতুৰ মানসিং নামৰ অকণমান ল'ৰাটো তেওঁৰ দৃষ্টিৰ পৰা নোহোৱা হৈ পৰিল। চকীদাৰটোৱেমাত লগালে, “ঘৰলৈ নেযায় নেকি চাৰ?”

০০ ০০ ০০

 গৰমৰ বন্ধ আৰম্ভ হোৱাৰ লগে লগে চাৰলংকিৰ বেয়া লাগিবলৈ ধৰিলে। গাঁৱৰ সমনীয়াবোৰৰ লগত তাৰ কথাবোৰ নিমিলে, মনবোৰ নিমিলে। সিহঁতৰ লগতনো আৰু কিমান উমলিব! পিছে তাৰ বাদে বাকী আটাইবোৰে গৰমৰ বন্ধ পাই খুব স্ফুৰ্তি পাইছিল। সিহঁতে মাকহঁতৰ লগত হয় পথাৰলৈ গৈছিল নহয় মানুহৰ বাৰীয়ে বাৰীয়ে আম কঁঠাল লুৰুকি ফুৰিছিল। বন্ধৰ দহদিনমান যাওঁতেই এদিন সি কি কৰো কি নকৰোকৈ থাকি আইতাকৰ লগত পথাৰলৈ যোৱাটোৱেই ভাল হ'ব বুলি ভাবিলে। পথাৰৰ হাফলুত বহি বহি সি নেওতা পঢ়ি থাকিব নহ'লে মন গলে বোকাত নামিবও পাৰিব। আচলতে তাৰ মিৰদান বাইদেউলৈ বৰ মনত পৰিছিল। বাইদেউজনী নেদেখিলে ইমান বেয়া লাগিব বুলি সি কেতিয়াও ভবা নাছিল। বাইদেৱে যে কেতিয়াবা প্ৰথম শ্ৰেণীৰ আটাইবোৰ ল'ৰা ছোৱালীক বননিত বহুৱাই লৈ নেওতা পঢ়ুৱায়, সাধু কয় আৰু তাৰ মাজে মাজে কাৰোবাক কাৰোবাক মেছিন এটাৰে কিটিক্‌ কিটিক্‌ কৈ নখো কাটি দিয়ে। বাইদেউজনী কেনেকৈ ইমান ভাল, সেইটো সিহঁতে সকলোৱে আলোচনা কৰে। আইতাকৰ কথামতে পথাৰত চৰ্বত খাবলৈ সি মোনাত নেমুটেঙা কেইটামান আৰু কটাৰিখন ভৰাই লৈ বাহিৰলৈ ওলাই আহিল। আইতাকক আকৌ এবাৰ মাত লগাবলৈ লওঁতেই সি দেখিলে নঙলা খুলি তাৰ বান্ধৱী বাছাপী আৰু তাইৰ দেউতাক সোমাই আহিছে। বাছাপীয়ে প্ৰায় দৌৰি অহাৰ দৰে আহি চাৰলংকিৰ হাতত ধৰিলেহি। কাদমে বাহিৰলৈ ওলাই আহিছিল। বাছাপীৰ দেউতাক কিবা কামত লংনিটলৈ যায়। তেওঁ কাদমক ক'লে, “এই ঘৰতে থাকি বৰ আমনি পাইছে মাহী। চালংকিৰ নাম লৈ আছিল, সেয়ে ইয়ালৈ লৈ আহিলো। মই উভতি আহি এইক লৈ যাম।”

 বাছাপীয়ে তাৰ হাতখন তেতিয়াও এৰি দিয়া নাছিল। তাই তালৈ চাই হাঁহিলে, “আমি আজি দিনটো উমলি থাকিম ন?”

 অৱশেষত সেইটোৱেই ঠিক হ’ল। হুণমিলিয়ে মৰম লগা ছোৱালীজনীক আদৰ কৰিলে। এপলকৰ বাবে তাইৰ এনেকুৱা লাগিল যেন, বাছাপীৰ ছোৱালী এজনীৰ মাক হোৱাৰ মন এটা তাইৰ বুকুৰ কোনোবা এঠাইত মনে মনে অতদিনে শুই আছে পিছ মুহূৰ্ততে তাই চিন্তাটো জোকাৰি পেলালে। বাছাপীয়ে আচল কথাটো কোৱাই নাছিল। কিন্তু তাই যেতিয়া ফুচফুচাই তাৰ কাণে কাণে কথাটো ক'লে, তাৰ আনন্দতে জঁপিয়াবলৈ মন গ'ল। পিছে তাৰ মনটো সেমেকি গ'ল। “পাইয়ে জানো আমাক যাবলৈ দিব? মনে মন গলে পাইয়ে মনত বেজাৰ পাব আৰু পাইয়ে দুখ পোৱা কাম মই নকৰো।”

 হুণমিলিয়ে বাছাপীৰ কথাটো শুনি অৱশ্যে ভালেই পালে। পিছে তাই মিৰদান বাইদেউক কি দিবলৈ আহিছে বুজি নেপাই সুধিলে, “মই মোনাতে মধুৰিআম ভৰাই দিছো আইজনী। বাইদেউক দিবাগৈ। কিন্তু তুমি কি দিমগৈ বুলি কৈছিলা?”

 বাছাপীয়ে বেৰিয়া দাঁতৰ মৰম লগা হাঁহিটোৰে ক'লে, “চাৰপ্ৰাইজ!”

 হুণমিলিয়ে এছোৱা বাট সিহঁতক আগবঢ়াই দি আৰালৈ বাট ল'লে। বাছাপীয়ে পিছে ভাবিলে, হয়তো আক’ চাৰলংকিৰ দৰে তাইও বাইদেউলৈ কিবা এটা আনিব লাগিছিল! অকল চাৰপ্ৰাইজ দিবলৈ তাইৰ ভাল নেলাগিব দেখোন! বাটতে তাইৰ মনলৈ আহিল, মিৰদান বাইদেউক তাই এথোপা বনৰীয়া ফুলকে দিব। চাৰলংকিক তাই ক'লে,আঁহাচোন ইয়াতে বহোঁ। কথা এটা হ'ল নহয়!”

 চুচুক চামাক্‌ কৈ বাছাপী আৰু চাৰলংকি জপনাৰ বাহিৰত ৰৈ থাকিল। সিহঁতৰ বুকু ঢপঢ়পাব ধৰিলে। আঁহো বুলিয়েই যে সিহঁতে গুচি আহিল, এতিয়া বাইদেৱে কি বুলি ভাবিব বাৰু! অতদূৰ বাট আহি ঘূৰি যাবওতো নোৱাৰি! আটোমটোকাৰি [ ১২৩ ] ঘৰটোৰ ভিতৰৰ পৰা কিবা এটা গানৰ সুৰ ভাহি আহিছে। বাৰান্দাৰ টাবত সেউজীয়া হৈ থকা ফাৰ্ণ আৰু বনৰীয়া ফুলবোৰ চাই চাই সিহঁত দুইটা শিল এছটাতে বহি পৰিল। এনেতে খৰি এবোজা লৈ মানুহ এজন ওলাই আহি সিহঁতৰ ফালে প্ৰশ্নবোধক চাৱনিৰে চালে। কিন্তু সি কিবা এটা সুধিবলৈ নেপাওঁতেই বাছাপীয়ে সাহ কৰি ক'লে,“মিৰদান বাইদেউ আছে নেকি? আমি বাইদেউৰ ওচৰলৈ আহিছিলো। “মানুহটো এখন্তেক ৰ'ল। তাৰ পাছত খৰিৰ বোজাটো নমাই ইংগিতেৰে সিহঁতক মাতিলে আৰু বাইদেউ হঁতৰ বাৰান্দাত ওলমি থকা ঘন্টাটো বজাই হনহনাই ওলাই গ'ল। সিহঁতে ভয়ে ভয়ে ইটোৱে সিটোৰ মুখলৈ চাই থাকিল। অকণমান পাছতে দুৱাৰখন খোল খালে আৰু দুৱাৰৰ ফাকেৰে ভূমুকিয়াই চোৱা মিৰদানৰ মুখখন আনন্দত উজলি উঠিল, “আৰ ৰে! তোমালোক দেখোন! চাৰপ্ৰাইজ। আঁহা আঁহা বাছাপী। চাৰলংকি আঁহা। ভিতৰলৈ আঁহা। “সিহঁতৰ ভয় সংকোচ নিমিষতে উৰি গ'ল। বাইদেউহঁতৰ বহা কোঠাটোত বাঁহ বেতৰ আচবাব আৰু হাৰমণিয়াম এখন ধুনীয়াকৈ সজাই থোৱা আছিল। তাৰ মানে গান বাইদেৱেই গাই আছিল! বাইদেৱে দুয়োকে বহিবলৈ দিওঁতে সিহঁতে মজিয়াত পৰা শীতল পাটিখনতে বহিলে। বাছাপীয়ে বাইদেউক ফুলৰ থোপাটো আৰু চাৰলংকিয়ে মধুৰিৰ টোপোলাটো লাজ লাজকৈ আগবঢ়াই দিলে। বাইদেৱে আনন্দত চিঞৰি দিলে, ইমান ধুনীয়া ফুল! মই ইয়াতে সজাই থওঁ দেই!”

 বাইদেৱে বাঁহৰ চুঙাৰ দৰে ফুলদানি এটাত ফুলখিনি সজাই থ’লে। চাৰলংকিৰ চুলিত হাত বুলাই বাইদেৱে ক'লে, “তোমালোকে যে মোক লগ পাবলৈ আহিছা, মোৰ ইমান ভাল লাগিছে জানানে? কিন্তু তোমালোকে বাৰু মোলৈ কিয় টোপোলা বান্ধি আনিছা? তোমালোক যে আহিছা, সেয়াই বহুত!”

 তাৰ পাছত বাইদেৱে মাকক চিঞৰি মাতিলে। কলাকৈ শকত আৱত মানুহ এগৰাকী ওলাই আহিল। মানুহগৰাকীয়ে মৰমেৰে ক'লে, “তোমালোকে কিন্তু ভাত খাই যাব লাগিব দেই।”

 চাৰলংকিয়ে লাজ লাজকৈ হাঁহিলে আৰু বাছাপীয়ে বাৰে বাৰে বাইদেউৰ মুখলৈ চাই থাকিল। মিৰদানৰ বগা, ধুনীয়া মুখখন আৰু মাকৰ অৱয়বটো তাইৰ কিবা সাঁথৰ যেন লাগিল।

 বাইদেৱে সিহঁতৰ পঢ়া শুনাৰ কথা উলিওৱা দেখি বাছাপীৰ ভয়েই লাগিছিল। পিছে বাইদেৱে মাত্ৰ ‘পঢ়িছানে’ বুলি সুধিলে আৰু তেতিয়াই বাইদেউৰ মাকে আটাইকে ভিতৰলৈ মাতি নিলে। বাইদেউহঁতৰ ধুনীয়া কাঠৰ মেজখনৰ সোঁ মাজত পৰিষ্কাৰ বগা ফুল এথোপা আমোলমোলাই আছিল। বাইদেৱে দুয়োটাকে চকীত বহুৱাই দিলে। চীনামাটিৰ প্লেটত মাটি কঁঠাল, আম, জামুক, কঁঠাল আৰু চাৰলংকিয়ে অনা মধুৰি ধুনীয়াকৈ কাটি সজাই দিয়া হৈছিল। বাইদেউৰ মাকে তাতে নিমখ আৰু গুড়ি এবিধ ছটিয়াই দিয়াত ফলখিনি খাবলৈ বৰ সোৱাদ লগা হৈ পৰিল। বাইদেউৰ মাকে সিহঁতক খুব মৰম কৰিলে। কথাৰ মাজে মাজে তেওঁ সিহঁতে ভাত খালে নে নাই জানি ল'লে আৰু বাটাৰ সনা ৰুটি এখন এখন জোৰকৈ খুৱাই বাইদেউৰ কিতাপবোৰ চোৱাগৈ চোন বুলি পঠিয়াই দিলে।

 বাইদেউৰ পঢ়া কোঠাটোৰ আলমিৰাত থাক থাক কৈ সজাই থোৱা কিতাপবোৰ দেখি চাৰলংকি আচৰিত হ'ল। বাইদেৱে ইমান কিতাপ পঢ়ে! সেইকাৰণেই বাইদেৱে ইমান কথা জানে। সিহঁতে ছবি থকা কিতাপবোৰ চাই থাকক বুলি ভাবি মিৰদানে এজাপ মান টিংকল আৰু চান্দমামা উলিয়াই দি ক'লে, এইবোৰ চাই থাকা দেই। মই মাক পাকঘৰত সহায় কৰি দিওঁগৈ।

 চাৰলংকিয়ে খৰধৰকৈ কিতাপৰ পাতবোৰ লুটিয়াই যাব ধৰিলে আৰু বাছাপীয়ে কোলাত কিতাপ এখন লৈ অন্যমনস্ক হৈ ৰেত ওলোমাই থোৱা ছবিখন চাই থাকিল। কিয় জানো বাছাপীৰ এনে লাগিল, বোকোচাত উঠি থকা অকণমান কেঁচুৱাজনী যেন মিৰদান বাইদেউ।

 মিৰদান বাইদেউৰ বহুত কিতাপৰ মাজৰে এখন কিতাপ চাৰলংকিয়ে লিৰিকি বিদাৰি চাই থকা দেখি বাছাপীয়ে ক'লে তুমি নামটো বানান কৰি পঢ়াচোন!

 চাৰলংকিয়ে পঢ়িলে, “ৰংমিলিৰ হাঁহি” লেখক ৰংবং তেৰাং। নামটো যেন তেনেই চিনাকি, তেনেই আপোন। মিৰদান। বাইদেউ সোমাই আহিল। সিহঁতে কি নো কৰিছে বুলি এবাৰ চাই যাবলৈ। চাৰলংকিৰ হাতত কিতাপখন দেখি বাইদেৱে ক'লে, তোমালোকে জানানে এই কিতাপখনৰ লেখক ৰংবং তেৰাং দেৱ আমাৰ কাৰ্বি আংলঙৰ গৌৰৱ। তেখেত এজন মহান অসমীয়া সাহিত্যিক। অসমীয়া ভাষাৰ এজন সাধক। বাইদেউৰ কথাবোৰ সিহঁতে বৰ ভালকৈ নুবুজিলেও এটা কথা কিন্তু [ ১২৪ ] ঠিকেই বুজিলে যে তেৰাংদেৱ এজন ডাঙৰ মানুহ।“তোমালোকেও অসমীয়া ভাষাটো ভালকৈ শিকিব লাগিব দেই। কেংচাম কেংলাং, লুম্মেৰ দাই, য়েছে দৰ্জে ঠংচি, লংকাম টেৰণ আদি সাহিত্যিক সকলে নিজৰ মাতৃভাষা অসমীয়া নোহোৱা সত্বেও অসমীয়া ভাষাৰ ভঁৰাললৈ বৰঙনি আগবঢ়াইছে। অসমীয়া ভাষাৰ দৰে সুৱদি ভাষা বৰ কম। তোমালোকে ডাঙৰ হ'লে কথাবোৰ আৰু ভালকৈ বুজিব পাৰিবা। এতিয়া পিছে আমি ভাত খাবলৈ হ'ল। আমি খোৱা টেবুলত বহোঁগৈ আঁহা। বাইদেউৰ পিছে। পিছে সিহঁতে পাকঘৰৰ সংলগ্ন কোঠাটোত বহিলগৈ। টেবুললৈ আহিল ধোঁৱাই থকা সুৱাগমণি চাউলৰ ভাত,খৰিছাৰে সিজোৱা কুকুৰাৰ মঙহ,বিলম্বি টেঙাৰ অম্বল, বনৰীয়া শাকৰ খাৰ আৰু খৰিকাত দিয়া একোজনী বুজন কাৱৈ মাছ। চাৰলংকি আৰু বাছাপীৰ গালে মুখে হাতফুৰাই মিৰদান বাইদেউৰ মাকে ক'লে,খোৱা দেই! মই ইয়াতে বহি আছে। কি লাগে ক'বা। লাজ নকৰিবা। মানুহগৰাকীৰ সাদৰী মুখখন চাই চাৰলংকিয়ে ভাবিলে, মিৰদান বাইদেউৰ মাক গৰাকী পৃথিৱীৰ সকলো ধুনীয়া মানুহ বোৰৰ মাজৰে এগৰাকী।

 খাই উঠাৰ পাছত বাইদেৱে ক'লে,তোমালোকৰ মন গ'লেই মোৰ ওচৰলৈ গুচি আহিবা দেই। কিন্তু অকলে নাহিবা। ঘৰৰ কোনোবা ডাঙৰ মানুহ লৈ আহিব। বাছাপীয়ে বহু দেৰিৰ পৰা ভাবি থকা কথা এটা কওঁ নকওঁকৈ বাইদেউক কলে, “আমি আপোনাৰ ওচৰত গান শিকিবলৈ আহিম দেই বাইদেউ”। বাইদেৱে হাঁহি দিলে।

 সিহঁত যাবলৈ ওলাল। বাইদেৱে দুয়োটাকে পুৰণি মৌচাক, মুকুতা আৰু সঁফুৰা দুখনমান পঢ়িবলৈ দিলে। কাঁচৰ বটলত দুয়োটালৈ বুলি ভৰাই দিলে কঁঠালৰ আছাৰ। সিহঁতে সোমাই আহোঁতেই দেখা মানুহটোৱে দুয়োটাকে অলপ দূৰ আগবঢ়াই দিলে। বাছাপী মনে মনে আছিল। তাই কি ভাবিছিল চাৰলংকিয়ে নেজানিলে। কিন্তু সি ভাবিলে, সি ভালকৈ পঢ়িব আৰু এদিন তাৰ নামটোও ছপা আখৰত ওলাব। কিতাপৰ বেটুপাতত ডাঙৰ আখৰেৰে লিখা থাকিব ‘চাৰলংকি ৰংহাং'।

 কল্পনাটোৱে তাৰ শিশু মনটো যেন উৰুৱাই নিব খুজিলে। তাৰ খোজৰ গতি খৰ হ'ল। বাইদেউৰ পৰা অনা আলোচনী কেইখন সি বানান কৰি হ'লেও পঢ়িব। নোৱাৰিলে ছবিবোৰকে চাব।মাকজনী চাগৈ পিৰালিত বহি থাকিলেও চকুহাল পদূলিতে থৈ দিছে। বাছাপীক পিছ পেলাই সি দৌৰিবলৈ ধৰিলে। পাই, পাই! তোক ক’বলৈ যে মোৰ কিমান কথা আছে।

 চাৰলংকিয়ে যিমানেই বেগাই যাব ধৰিলে, বাছাপীয়ে সিমানেই জোৰেৰে চিঞৰিব ধৰিলে। সহজে খংনুঠা চাৰলংকিৰো তাইৰ চিঞৰ শুনি খং উঠি গ'ল। বৰষুণ দিয়েহে লাগে। আকাশ ওন্দোলাই আহিছে। তাতে আকৌ তাৰ মাকজনীলৈ আজি যেন ঘনাইমনত পৰিব ধৰিছে। অগত্যা বাছাপীৰ লগত খোজ মিলাই যাওঁতে সি অকণমান লেহেমীয়া হ'ব লগা হ'ল। পথাৰৰ কাষৰ বাটটো এৰি সিহঁতে গাঁৱলৈ সোমাই যোৱা বাটটোত উঠিল। দূৰৰ পাহাৰৰ বুকুৰ পৰা নামি অহা জুৰি এটাই বাটৰ কাষেৰে ভৈয়ামলৈ বৈ গৈছে। জুৰিটোত নামি হেমাৰীৰ মাকে বজাৰত বিকিবলৈ নিব লগা পাচলিবোৰ ধুই আছিল। মানুহ জনীৰ জৰাজীৰ্ণ কাপোৰ সাজ আৰু বিমৰ্ষ মুখখনে যেন হেমাৰীয়ে স্কুলত কেনেকৈ সকলোতকৈ সৰহ খিছিৰী খাব পাৰে, তাৰ সাঁথৰটো ভাঙি দিছিল। চাৰলংকিয়ে মানুহজনীক মাত লগালে, “পেহীদেউ, আজি বজাৰলৈ যাব হ’বলা?”

 ‘এৰা অ' বোপাই,যাবতো লাগিছিল। পিছে বতৰটোহে বাৰু নেদেখিছো”

 মানুহজনীক পিছ পেলাই সিহঁত আগবাঢ়ি গৈ থাকিল।

 বাটতে সিহঁতে হেমাৰীকো লগ পালে। সি বৰ আম জোপাৰ তলতে চাম কঁঠাল এটা বখলিয়াই খাই আছিল। চাৰলংকিয়ে বুজিলে হেমাৰীয়ে আজি ৰাতিপুৱাও ঘৰত একো খাবলৈ পোৱা নাই। সি পৈণত মানুহ এটাৰ দৰেই হেমাৰীৰ আত্মসন্মানত আঘাত নলগাকৈ ক'লে, “আমি মিৰদান বাইদেউৰ ঘৰলৈ গৈছিলো জান! তোক ঢেৰ কথা কবলৈ আছে। আমাৰ ঘৰলৈ যাওঁ ব’ল। পেহীক আমি বাটত পায়েই আহিছো। তই আমাৰ লগতে আছ বুলি জানিবই।”

 হেমাৰীয়ে ভালেই পালে। তিনিও গৈ যেতিয়া চাৰলংকিৰ ঘৰ পালেগৈ, তেতিয়া হানমীৰ আইতাকক দুপৰীয়াৰ সাজ খুৱাই বুৱাই কাদমে কাষতে বহি তামোল কাটিছে। চাৰলংকিক দেখিয়েই হানমীৰ আইতাৰ চকুহাল তিৰবিৰাই উঠিল। আয়ৈ পোণাটো মোৰ, তেনেই ডেকা পোৱালি হ'লি বুলি হামীৰ আইতাই তাক সাৱটি ধৰিলে। বাছাপী আৰু হেমাৰীৰ আগত তাৰ লাজ লাগি গ'ল।

 এইজনী আইতা তাৰ ককাকৰ আপোন ভনীয়েক, তাৰ পেহী আইতাক। তেওঁ তাক নিজৰ আইতাকতকৈও বেছি মৰম কৰে। ঘৰলৈ আহিলেই সাধু কয়। সৰু মাছৰ টেঙা জোল ৰান্ধি খুৱায় আৰু বজাৰত পোৱা বিস্কুটৰ টোপোলা বান্ধি আনে। [ ১২৫ ] আইতাকে তাক গালে মুখে চুমা খালে। যা যা বোপাই,মুখ হাত ধুই কিবা এটা খাই ল।

 চাৰলংকিয়ে ভিতৰলৈ চাই মাকক চিঞৰিলে, পাই ভাত বাঢ়। হেমাৰীও আহিছে।

 বাছাপীৰ চকু বহল হৈ গ'ল। বাইদেউৰ ঘৰত এপেট খাই অহাৰ কিমান সময়নো হৈছে! ই চাৰলংকি দেখোন মহা খকুৱা!!

 তাই নেজানিলে যে, লঘোণীয়া পেটে থকা বন্ধুক লগ দিবলৈকে চাৰলংকিয়ে মাকক ভাত বাঢ়িবলৈ কৈছে।

 হানমীৰ আইতাকে ভাত খাবলৈ বহা হেমাৰী আৰু চাৰলংকিক বাঁহৰ বিচনীখনেৰে বা দি ক'লে, পোণাহঁত ভালকৈ খা। তেহে পঢ়িবলৈ বল পাবি। নহ'লে আমাৰ নিচিনা অঁকৰা হৈ থাকিবি।

 হানমীৰ আইতাৰ ‘দুকজিৰ’ অঁকা মুখখনলৈ বাছাপীয়ে অবাক হৈ চাই আছিল। আইতাৰ কপালৰ পৰা ডিঙিলৈকে দীঘলে দীঘলে আঁকা নীলা ক’লা বৰণীয়া ৰেখা ডাল কোনে আঁকি দিলে তাই তাকেই ভাবি আছিল। পকাতেল সনা শুকান মাছৰ চাটনি আৰু পোৰা আলুৰ পিতিকাৰে পৃথিৱীৰ সকলো ক্ষুধাৰে ভাত খাই থকা হেমাৰীৰো আচৰিত লাগিছিল। কিন্তু সেই সময়ত পেটৰ ভোকতকৈ তাৰ কাৰণে কৌতুহল নিবাৰণ ডাঙৰ কথা নাছিল। হানমীৰ আইতাই নিজেই কৈ গ'ল, “আমাৰ দিনত ছোৱালীয়ে পাট গাভৰুতে দুক্‌ লোৱাৰ নিয়ম। কাঁইটেৰে খুচি খুচি কপালৰ পৰা থুতৰিলৈকে ঘাঁ কৰি ছিবু পাতৰ ৰস সানি মুখখন চিৰদিনলৈ বিকৃত কৰি দিয়া হয়। দুক্‌ নথকা কাৰ্বি নাৰীৰ হাতেৰে খোৱাও মানা। দুক্‌ নথকা মাইকী মানুহ মৰিলে মৰিশালিত জুই দিবলৈও কোনো নগৈছিল। আজিকালিহে মানুহে এইবোৰ এৰি পেলাইছে বুইছ আইটি।” বাছাপীৰ কথাবোৰ শুনি ভয় লাগিল। কিন্তু পিছ মুহূৰ্ততে তাইৰ ভালো লাগিল। অন্ততঃ তাই দুক্‌ লোৱাৰ যন্ত্ৰণা ভূগিব নালাগিব।

 বাছাপীৰ দেউতাক গধূলিৰ আগে আগে আহি তাইক ঘৰলৈ লৈ গ'ল। হুণমিলিয়ে আবেলিতে বজাৰলৈ ওলাই গৈছিল। তাই হেমাৰীৰ মাকক বজাৰত লগ পাই ‘ল’ৰাটো আমাৰ ঘৰতে আছে। চিন্তা নকৰিবি’ বুলি নিশ্চিন্ত কৰি দিলে। ইফালে চোতালতে পাৰ্টি পাৰি কাদম আৰু হানমীৰে জুমুঠি এটা জলাই লৈছিল। সিহঁত দুইজনীয়েই সৰু কালৰ সখী আছিল, এতিয়া বৌ ননদ। কাদমে ক’ব লাগে বাবেই যেন ক'লে, “হুনমিলি আহি নোলালহি দেখোন। বেছেৰীৰ বৰ কষ্ট হৈছে। বহুত দিন হ'ল, তাইক নতুন কাপোৰ এসাজ দিবই পৰা নাই। ইফালে কাচ্ছেহঁতৰ আদম আছাৰ (বিয়া) পালেহিয়েই।”

 হানমীৰে লা ৰে ক'লা কৰা দাঁত কেইটা উলিয়াই ক'লে,“এৰা, এসময়ত তাই কম কাজী শিপিনী আছিল নে? জানা বৌ, মোৰ এনে লাগিছিল, সৰগৰ তৰাফুল কাপোৰত বাছি কাৰ্বি সমাজত বয়ন শিল্পৰ প্ৰচলন কৰা চেৰদিহুনহে আছিল যেনিবা তাই!

 চাৰলংকি আহি কাদমৰ কোলাতে মূৰ থৈ শুলেহি। তাই নাতিয়েকটোৰ চুলিত হাত বোলাই ক'লে,কাইলৈ হানমীৰ আইতাৰ আৰু মই কাচ্ছে পেহীয়েৰৰ ঘৰলৈ হৰলাং (লাওপানী) বনাবলৈ যাম। বিয়া পালেহিয়েই নহয়। তই হেমাৰীকে মাতি লবি নহ'লে। মাৰে পুৱাই আৰালৈ যাব।”

 চাৰলংকিয়ে মূৰ লৰালে।

০০ ০০ ০০

 নমতাকৈয়ে ৰাতিপুৱাই হেমাৰী আহি ওলাল। মোনা ভৰাই সি এগালমান কঁঠাল গুটি লৈ আহিছে। হুণমিলিয়ে পুতেকৰ সমনীয়া ল'ৰাটোৰ কৃতজ্ঞতা বোধত মৌন হৈ গ'ল। কালি আবেলিৰ ভাতসাজ খাই যোৱাৰ বাবদ যে সি কঁঠাল গুটিবোৰ আনিছে তাই বুজি পালে।

 চাৰলংকিয়ে সাৰ পায়েই মুখ হাত ধুলে। পঢ়িবলৈ অলপো মন নকৰা হেমাৰীক কাষতে বহুৱাই নেওতা পঢ়ুৱালে। নিজেও পঢ়িলে আৰু মাকক সোনকালে আজৰি কৰি দিবলৈ বুলি খৰি খেৰবোৰ গোটাই দিলে। আইতাক দুজনী কাহিলিপুৱাতেই কাচ্ছে পেহীৰ ঘৰ পালেগৈ। সিহঁতক খুৱাই বুৱাই মাকেও ঝুমতলিলৈ যাব লাগে। সোনকালে খাই বৈ আজৰি নহ'লে মাকৰ বৰ আমনি হ'ব।

 খাই থাকোঁতে হেমাৰীয়ে ক'লে, “মামীদেউ আজি গাঁৱত অ’ক কেপ্ৰু (মাছ ধৰা উৎসৱ) আছে। লংকিক মোৰ লগত লৈ যাম নে?”

[ ১২৬ ] হুণমিলিয়ে তৎক্ষণাৎ উত্তৰ দিব নোৱাৰিলে। কাৰণ, দিনটো লোকে মাছ মৰা চাই বিলৰ পাৰত বোন্দা পৰ দি থকাটো অন্ততঃ হেমাৰীৰ বাবে অসম্ভৱ। সি পানীত নামিবই। তাৰ লগতে যদি চাৰলংকিয়েও দ পানীলৈ নামি যায়! আৰু যদি মাছ ধৰাৰ উল্লাসত মগ্ন মানুহবোৰে ককবকাই থকা চাৰলংকিক নেদেখে! তেতিয়া? তথাপিও এখন্তেক ৰৈ তাই ক'লে, “যাবি বাৰু, কিন্তু পানীত নানামিবি। সাপ, জোক থাকিব। অসুখ বিসুখ হ'ব। মিছাতে স্কুল যাব নোৱাৰিবি। মিৰদান বাইদেৱে বেয়া পাব।” হেমাৰীয়ে পানীত নামিমেই বুলি ভাবি আছিল যদিও মিৰদান বাইদেৱে বেয়া পোৱা কাম সি কৰিব নোৱাৰে। কাৰণ ডাঙৰ হ'লেই সি বাইদেউক বিয়া পতাৰ কথা।

 অৱশেষত আগবেলা মাছলৈ গৈ দুপৰীয়াৰ সাজ কাচ্ছে পেহীৰ ঘৰত খাই আইতাকহঁতৰ লগত আবেলি ঘৰলৈ উভতি অহাৰ চুক্তি কৰি দুয়োটা জঁপিয়াই জঁপিয়াই ওলাই গ'ল।

 বিলৰ পাৰত বহুত মানুহ গোট খাইছিল। হাতে হাতে জাকৈ-খালৈ, জাল, প’ল’আৰু পঁচা লৈ ডেকা বুঢ়া, মতা মাইকী, আনকি ৰং চাবলৈ অহা পেন্দুকণাও বাদ পৰা নাছিল। গাঁৱৰ মুখিয়াল ডেকা সকলে পাহাৰৰ হীৰু বীজ সংগ্ৰহ কৰি ঘৰত গুৰি কৰি আনি বিলৰ পানীত ইতিমধ্যে মিলাই দিছিল। এনে কৰিলে মাছবোৰ নিচাযুক্ত হৈ পানীত উপঙি উঠিব আৰু তেতিয়াই ৰাইজে পানীত নামি মাছ ধৰিব। বিলখন এনেও ভোগালী। তাতে বাৰিষাৰ বাবে মাছৰ উজান উঠিল। মানুহবোৰে মাছ ধৰাৰ নামত আনন্দত মতলীয়া হৈ পৰিল। আনকি চাৰলংকিহঁতৰ সমনীয়াবোৰেও পানী যুঁৱলিত নামি জঁপিয়াব ধৰিলে। ডেকা সকলৰ বনৰীয়া উকিত বিলৰ পাৰটো যেন উৎসৱৰ থলিত পৰিণত হ'ল। বাঁহৰ পাছিবোৰ মাছেৰে উপচি পৰিল। বেছি পৰ ৰ'দত থাকিলে সেইবোৰ গেলি যোৱাৰ ভয়ত দুজনে আহি ডাঙৰ পাত্ৰ এটাত মাছবোৰ বাকি দিলেহি। সেই মাছবোৰ গাঁৱৰ মানুহক ঘৰেপতি বিলাই দিয়া হ'ব। তাৰ পাছতো যদি মাছ ৰৈ যায়,তেতিয়া গামবুৰা ককাৰ ঘৰত ৰাতি সমূহীয়া ভোজ হ’ব। থং খুৰাই হেমাৰী আৰু চাৰলংকিক মাছ একোটা দি ক'লে,“তহত যা গৈ বোপাইহঁত, ৰাতি ভোজলৈ আহিবি দেই।”

 হেমাৰীৰ লৰচৰ কৰিবলৈ মুঠেই মন নাছিল। তথাপিও চাৰলংকিৰ মাকে কোৱা কথাবোৰ মনত পেলাই সি বহি থকা গছৰ মূঢ়াটোৰ পৰা থিয় হ'ল। আকাশখনো যেন ক'লা হৈ আহিছে। ৰষুণৰ আগতেই কাচ্ছে পেহীৰ ঘৰ পাবগৈ লাগিব।

 ল’ৰা দুটাৰ লগত ধেমালি কৰো বুলিয়েই যেন চিপচিপ্ কৈ বৰষুণ পৰিবলৈ ধৰিলে। ইপিনে কাচ্ছে পেহীৰ ঘৰ পাবলৈ ভালেমান দূৰ বাকী। জানটোৰ কাষ পাওঁতেই হেমাৰীয়ে ক'লে,“মই এতিয়া ইয়াতে বহিম। বৰষুণত তিতিম।”

 কৈয়ে সি নৰ’ল। জানৰ ওপৰত ফলা তামোল গছ পাৰি সজা সাঁকো ডালত বহি সি চিঞৰি চিঞৰি গাবলৈ ধৰিলে

“পিৰবি আংবং
মনিত আকাংহন
আৰ্ণাম কপুচন
থাংথা পিৰবি পিনি নেফান...

 চাৰলংকিৰ হেমাৰীলৈ মৰম লাগি গ'ল। ইমান সুখী হ’ব জানে সি! চাৰলংকিয়ে মন্ত্ৰমুগ্ধৰ দৰে হেমাৰীৰ কাষত বহি দিলেগৈ।

০০ ০০ ০০

 মানুহবোৰে গুণগুণাই কথা পাতিছে,এই গোটেই ভূখণ্ডতে ইমান ধুনীয়া মানুহ নাই!কোনোবা এগৰাকীয়ে অসহিষ্ণু মাতেৰে কৈ পেলাইছে,নহ’বনো কিয়? তাই আৰ্লেং (মানুহ, স্বজাতি, আত্মীয়) নহয় যে? থং টেৰণৰ তাই তোলনীয়া জী হে তেও! হুণমিলিৰ অসহ্য লাগিল। ডাঙৰ মাতেৰে তাই কৈ পেলালে,“এৰা তহঁতে ঠিকেই কৈছু,তাই আৰ্লেং নহয়। তাই দেৱী ৰাছিঞ্জা (আদিশক্তি দেৱী)। আৰ্লেং নহয় কাৰণেই তাই আজি তোৰ মোৰ দৰে পৰচৰ্চাৰ মেলত বহি থকাহি নাই। আমাৰ পোৱালিহঁতে যে তোৰ মোৰ কথাতকৈ তাইৰ কথা শুনিবলৈ লৈছে কিয় জাননে? তহঁতৰ এই বন্ধ পুখুৰীৰ দৰে মগজবোৰৰ কাৰণে। ৰাংচিনা চাৰপ'ৰ পৰা ৰজা ৰেংবংহমৰ আখ্যানলৈকে আমাৰ কাৰ্বি জাতিৰ সকলো কথা ক'ব জনা ছোৱালীজনী যদি আৰ্লেংনহয়, নেলাগে হ'ব।হতেই হৈ থাক!” উম্মা আৰু ক্ৰোধত হুণমিলিৰনাকৰ পাহি ফুলি উঠিছিল। ভালেই হ'ল,চাৰলংকিয়ে খাই বৈ আইতাকহঁতৰ লগত ঘৰলৈ গ'ল। নহ'লে কাচ্ছেৰ বিয়া খাবলৈ আহি মিৰদান বাইদেউৰ বিষয়ে এনেকুৱা কটুকথা শুনি সি ভাগি পৰিল হেঁতেন। তাই ঘৰলৈ যাবলৈ থিয় হ'ল আৰু মজিয়াত পাৰ্টি পাৰি বহি থকা মাইকী মানুহখিনিৰ ফালে ঘৃণাৰ [ ১২৭ ] চাৱনিৰে চাই হনহনাই পদূলিৰ ফালে খোজ দিলে। যিমান বেগাই গ'লেও তাইৰ চকুত পৰিল বান্ধৱী কইনা কাচ্ছেৰ কাষত জোনৰ সাৰথি তৰা হৈ মিৰদান বহি আছে। নামটোৰ দৰেই শুভ্ৰ পিনিখনেৰে তাই খৰিকাজাই এপাহ হৈ আমোলমোলাই আছে। হুণমিলিয়ে নঙলা খুলিলে। মানুহটোৱে এদিন তাইক ধেমালিতে কৈছিল, ছোৱালী হ'লে আমাৰ কেঁচুৱাটোৰ নাম মিৰদান হ’ব!

 তাই কৌতুকেৰে সুধিছিল, কিয়?

 তামোলৰ পাতে কটা জোনটোলৈ চাই কৈছিল সি,নিজান হাবিৰ খোৰোঙত অকলশৰে ফুলা এপাহমিৰদান (কপৌফুল) হৈ আমাৰ কেঁচুৱাকনেও আমাৰ বুকু জুৰাই থাকিব! সেইটো মানুহ যাওঁ বুলি নোকোৱাকৈয়ে গুচি গ'ল! হুণমিলিয়ে বুকুখন হেঁচা মাৰি ধৰিলে। ঘৰলৈ বাটটো পোনাবলৈ ৰৈও তাই শিমলু জোপাৰ তলতে ঢ” কৈ বহি দিলে।

 হুণমিলি ঘৰ পাওঁতে আবেলি হৈছিল। জিকাফুলৰ দৰে আবেলিটো যেন কৰুণ গীত এটি হৈ উপঙি আছিল। হানমীৰ আইতাকে কোলাত শুৱাই চাৰলংকিক সাধু ক’বলৈ আৰম্ভ কৰিছিল। হুণমিলিয়ে পিৰালিত উঠিয়েই পুতেকৰ আব্দাৰ শুনিলে,“আইতা কাৰ্বি মানে কি? আমি ক’ৰ পৰা আহিলো?”

 তাই বুজিলে হানমীৰ বুঢ়ীৰ আজি নিস্তাৰ নাই। চাৰলংকিৰ এইবোৰ জানিবলৈ বৰ হেঁপাহ। হানমীৰ আইতাকেও তাক বৰ প্ৰশ্ৰয় দিয়ে। গতিকে আজি বিয়লিটো দুয়োটাই কথা পাতিয়েই পাৰ কৰিব আৰু কাদমে মাজে মাজে শলাগি তামোল খুন্দি থাকিব।

 কাৰ্বি মানুহক ব্ৰহ্মাই নিজৰ তেজ মঙহৰ পৰাই সৰজিলে বুইছ আকৌ থেকাৰ কিবি আছ' অৰ্থাৎ থেকাৰ ৰখা জাতি মানেও কাৰ্বি। থেকাৰৰ থ আৰু কিবিৰ কি আঁৰাই দিলেই কাৰ্বি হয়। নহয় নে?তই ইছকুল যোৱা মানুহ। জানিবি। হানীৰে লা সানি ক’লা কৰা দাঁত কেইটা উলিয়াই হাঁহিলে। চাৰলংকিচাৰলংকিয়ে চকুহাল টিপিয়াই ক'লে, ৰাতিলৈ মোক থিৰেংৱাৰেঙৰ সাধু কবি দেই আইতা। চাৰলংকিআন্ধাৰ নৌহওঁতেই হুণমিলিয়ে ৰাতিৰ সাজলৈ শাক পাতবোৰ বাচি ল’বলৈ পিৰালিতে বহি ললে। হানমীৰ বুঢ়ী। কাইলৈ পুৱাই যাবগৈ। আজি এসাজ ভালকৈ খুৱাব লাগিব। এনেতে চাৰলংকিৰ স্কুলৰ চকীদাৰটো আহি ওলাল। পদূলিত ৰৈ সি ৰিঙিয়াই ক'লে,“কাইলৈ দহ বজাত তোমাৰ ল'ৰাটো ইছকুল পঠাই দিবা নী! হেডচাৰে মাতি পঠাইছে দেই।”

 হুণমিলিৰ উত্তৰলৈ সি নৰলেই। ভিতৰৰ পৰা কাদমে খঙতে ভোৰভোৰালে,বন্ধ এমাহ দিছিল দেখোন! এতিয়া পোন্ধৰ দিনতে স্কুল খুলিবলৈ হ'লেইনে? লছালি মখাই খেলা ধূলা নকৰিব নেকি?

 ৰূপতালিন নামৰ বাৰী তিৰোতা এজনী আৰু জিনঙৰ বোৱাৰীয়েক বজাৰৰ পৰা উভতিছিল। সিহঁতে বাটৰ পৰাই চিঞৰিলে,“বজাৰলৈ এইকেইদিন যোৱা নাই কিয় ঐ! “লোচকান হ'ব কিন্তু তোৰ”

 সিহঁতৰ প্ৰায় খালী হোৰাবোৰ দেখি হুণমিলিৰ বেয়াও লাগিল। সাঁচতীয়া পইচাৰে পুতেকক কাপোৰ এসাজ দিব নে হলি’ এটা কিনিব ,তাই ভাবিয়ে নেপালে। তাতে এই দুদিনমান বজাৰলৈ নগৈ তাই তেল নিমখ কণো হাত ধৰি চলাব লগা

 এনেকৈ নহ'ব। তাই আকৌ বজাৰলৈ যাব লাগিব। চাৰলংকি এদিন ডাঙৰ মানুহ হ'ব লাগিব। হ'বও সি!আৰু তাই ৰূপৰ থুৰীয়া পিন্ধি গৌৰৱেৰে সমাজৰ আগশাৰীত বহি থাকিব। দুলি থকা সপোনটো উমলাই তাই আন্ধাৰতে বহি থাকিল। আন্ধাৰ খিনি তাইৰ ভালো লাগিল।

 চাৰলংকিৰ বাবে ৰাতিটো বৰ দীঘলীয়া আছিল। বেলি ওলাই মানে সি কেইবাবাৰো পদূলিলৈ তাত বাতি কাঢ়িলে। তাৰ সমনীয়াবোৰে বাৰু খবৰটো পালেনে? বাছাপী আৰু হেমাৰীয়ে? সিহঁতে এই পদূলি পাৰ হৈয়েই যাব লাগিব। তাক লগ ধৰিবনে সিহঁতে! নে অকলেই যাবগৈ বাৰু!

 হুণমিলিয়ে তাক চিঞৰি মাতিলে। অৱশ্যে আনদিনাৰ দৰে তাই গা ধুবলৈ তাক হেঁচুকিবলগা নহ'ল। সি গা ধুই উঠি তেল টেঙা ঘঁহি ভাতৰ পাতত বহিলহি। গৰম ভাতকাহীৰ কাষতে জুইত পোৰা কচুৰ পিটিকাকণ দেখি সি ভাবিলে, লৰালৰিতে মাকে কচুটো তাক পুৰি পিটিকা কৰি দিছে। সি ফুৱাই ফুৱাই খাবলৈ আৰম্ভ কৰিলে আৰু অক্ষম বেজাৰত হুণমিলিয়ে আঁৰ হৈ চকুলো মচিলে। ভাতগাল খাবলৈ এসময়ত নিমখ এজেবাৰ বাদে একোৱেই যেতিয়া নাথাকিল,যেতিয়া হুণমিলিয়ে ধোঁৱা চাঙৰ [ ১২৮ ] চুঙা বােৰৰ পৰা শুকান গাহৰিৰ মঙহ দুটুকুৰামানকে আনি পুতেকৰ পাতত দি দিয়াৰ কথা ভাবিলে তেতিয়াই পদূলিত হেমাৰীৰ মাত শুনা গ'ল। হুণমিলিয়ে স্বস্তি আৰু দুখ একেলগে অনুভৱ কৰিলে। চাৰলংকি ওলাই যােৱাৰ পাছত তাইৰ মনলৈ বজাৰত হৰলাং বেচাৰ চিন্তাটোৱে দুবাৰ মান ভুমুকি মাৰিলেহি। কিন্তু পিছমুহূর্ততে কাদম আৰু পুতেকৰ মুখ দুখন যেন দৃষ্টিত এঠা লাগি ধৰিল আৰু দুয়ােটাই বােবা অভিমান এটা লৈ তাইৰ ফালে চাই থাকিল। এসময়ত তাইৰ আউল লগা চিন্তাবােৰে নিজেই জট ভাঙি লৈ তাইক বজাৰলৈ সাজু হ'বলৈ কিয়াই থাকিল।

 চাৰলংকিহঁতৰ সমনীয়া প্রায় আটাইবােৰ আৰু ওপৰ শ্ৰেণীৰ সকলাে ল'ৰা ছােৱালীয়েই গােট খাইছিল। মিৰদান বাইদেৱে খৰ খােজেৰে কোবাকুবিকৈ আহি স্কুল পায় মানে হেড ছাৰে সকলােকে গােট খুৱাই কথা পাতিবলৈ আৰম্ভ কৰিছিল। দহদিনৰ পাছত চাৰৰ কাৰ্বি অসমীয়া অভিধানখনৰ উন্মােচনী অনুষ্ঠান হ'ব। তালৈ চহৰৰ মানুহ আহিব। চাৰলংকিত থাকিবই। কিন্তু অকল থাকিলেই নহ'ব, সিহঁতে গান গাব, আবৃত্তি কৰিব আনকি সৰু সুৰা নাটক এখনাে কৰিব লাগিব। অহা দহদিন সিহঁতৰ চামাৰ কেম্প হব বুলি ধৰিলেই হ'ল। মিৰদান বাইদেউৰ লগতে চাৰাে থাকিব শিকাবলৈ। পুৱাই আহি ল’ছালিহঁত আবেলিহে ঘৰলৈ যাব। সেয়ে দুপৰীয়াৰ খােৱাটো আৰু মাজে মাজে লঘূ আহাৰ স্কুলতে দি থকা হ'ব।

 মিৰদান বাইদেৱে প্ৰথম শ্ৰেণীৰ কোঠাত সকলােকে গােটাই ল'লে। কোনে কোনে পাৰে গান এটাও গাবলৈ ক'লে। চাৰলংকিয়ে গান এটা জানিছিল। বনলতা আইতাৰ ঘৰত বাপুৱে পুখুৰীৰ পাৰত বহি এই গানটো গাইছিল। গৌৰৱত তাৰ বুকু ফুলি উঠিল। আজি গােটেই মখাকে সি আচৰিত কৰি দিব । সি থিয় হৈ গাবলৈ ধৰিলে,গছে গছে পাতি দিলে

 ফুলৰে সৰাপাত...

 মিৰদান বাইদেৱে শৰাই কোৱা বােলা কথাটো তাৰ কাণত নুসােমাল। সি চকু মুদি একেখিনিকে গাবলৈ ধৰিলে।

 হেডছাৰৰ অভিধানখনৰ উন্মােচনী সভাখন সুকলমে পাৰ হৈ গ'ল। ছাৰৰ বন্ধু আৰু প্ৰান্তৰ আলােচনীৰ সম্পাদক অমিতাভ ফুকনে কিতাপখন উন্মােচন কৰিলে,বাছাপীহঁতে গােৱা “চিৰ চেনেহী মােৰ ভাষা জননী” শুনিলে আৰু চাৰলংকিহঁতে ৰিত্নংচিংদিত গােৱা গীত শুনি অভিভূত হৈ উভতি গ'ল। সভালৈ বহুত মানুহ আহিছিল। স্কুলৰ বননিত বহি মুকলি আকাশৰ তলতে সকলােৱে অমিতাভ ফুকনৰ কথা শুনিছিল। মিৰদান বাইদেউক আর্লেংনহয় বুলি কোৱা মাইকী মানুহকেইজনীয়ে ঈর্ষা আৰু আশ্চর্যৰে বাইদেউক চাই থাকিল। বাইদেৱে কৈছিল কার্বি সকলৰ বীৰ থংনকবেৰ কথা আত্ম সন্মানী নাৰী হাৰ কথা। ৰামায়ণৰ দৰেই প্রাচীন কাহিনী চাবিন আলুন আৰু অনেক কৃষ্টিৰে কাৰ্বি সংস্কৃতি সমৃদ্ধ বুলি কোৱা শুনি সিহঁতৰ বুকু গর্বত ফুলি উঠিছিল। অথচ দুদিনমান আগলৈকে সিহঁতে মিৰদানক আর্লেং বুলি মানিবলৈকে টান পাইছিল। বাইদেৱে কৈছিল,“আমাৰ কার্বি জাতিটো অসমৰ সকলােতকৈ প্রাচীন অধিবাসী। যাৰ বাবে আমাক অসমৰ কলম্বাচ বােলা হয়।”

 চাৰলংকিহঁতে আন নহ'লেও এইটো বুজিছিল যে সিহঁতে নিজকে লৈ গৌৰৱ কৰিব পৰাকৈ বহুত কিবাকিবি আছে। কিন্তু মিৰদান বাইদেৱে কথাবােৰ নােকোৱা হ'লে সিহঁতে নিজকে কেৱল দুখীয়া মানুহ বুলিয়েই ভাবি থাকিলহেঁতেন।

০০ ০০ ০০

 গৰমৰ বন্ধ খুলিবলৈ মুঠেই দুদিনমানহে থাকিল। হেমাৰীৰ আয়ােজন মতে চাৰলংকিয়ে সেইকেইটা দিন হেঁপাহ পলুৱাই খেলি লােৱাৰ কথা ভাবিলে। চিম্ হা চন পাহাৰৰ বুকুৱেদি বাগৰি গাঁৱলৈ বৈ অহা টিক জুৰিৰ পাৰে পাৰে ওৰেটো আবেলি ঘূৰি ফুৰাৰ আঁচনি হ'ল। স্কুল যাবলৈ উত্ৰাৱল হৈ থকা ল'ৰাটোৰ হঠাৎ অনুভৱ হ'ল,আৰু অলপ দিন স্কুল বন্ধ হােৱা হলেও বেয়া নাছিল।

 আনদিনাতকৈ মিৰদান সােনকালে স্কুললৈ ওলাল। গৰমৰ কোবটো কমক চাৰি বাঢ়িছেহে। তাতে প্রায় গােটেই জুলাই মাহটোৱেই বৰষুণ দিলে। সিহঁতৰ বাৰীখনাে হাবিয়ে ছানি পেলাইছে। ইমান দিনে কামকৰা মানুহটোৱেও বৰষুণৰ বাবেই বাৰীখন চাফা কৰিব পৰা নাছিল। পাছফালৰ বাৰাণ্ডালৈ গ'লেই মহবােৰে জাকে জাকে খেদা মাৰি আহে। অৱশেষত মিৰদানৰ মাকে অতিষ্ঠ হৈ ৰ'দৰ মুখ দেখা মাত্রকে লগুৱাটোকবাৰী চাফা কৰিবলৈ লগাই দিলে। অভিজ্ঞতাই তেওঁক শিকাই থৈছে। এই পাহাৰীয়া ঠাইখনত মেলেৰীয়াই প্রায় প্রতিবছৰে বহুত মানুহৰ প্ৰাণ লয়। এতিয়া মহবােৰে বন্ধ পানীত কণী পাৰিবলৈ আৰম্ভ কৰিছে। এদিন সেইবােৰৰ পৰাই মাইকী এনফিলিছ মহে মানুহৰ গালৈ মেলেৰীয়া বিয়পাই দিব? তেওঁ লগুৱাটোক গাত সানিবলৈ নাৰিকল তেলৰ বটলটো আগবঢ়াই দি মিৰদানক ক'লে,“মাজনী তুমি ল'ৰা ছােৱালীহঁতক গধূলিতে গাত নাৰিকল [ ১২৯ ] তেল সানি ল'বলৈ ক'বা। তেতিয়া সিহঁতে অন্ততঃ মহৰ কামােৰ নোেব!”

 মিৰদানে মূৰ দুপিয়ালে। বহুত কাম বাকী আছে তাইৰ। সিদিনা হেডছাৰে তেখেতৰ অভিধান উন্মােচন কৰিবলৈ অহা প্ৰান্তৰৰ সম্পাদকৰ লগত তাইক চিনাকি কৰি দিওঁতে কৈছিল, বুইছ, এই মােৰ জী। তাই আছে যেতিয়া মােৰ চিন্তা নাই। আমাৰ ল’ৰাহঁতক তাই কিমান ধুনীয়া অসমীয়া শিকাইছে আজি দেখিবি তই! “তাই জানে ল'ৰা ছােৱালী বােৰে তাইক ভাল পায়। তাইক মানে। কিন্তু সিহঁতৰ ঘৰৰ মানুহৰ সাতামপুৰুষীয়া কিছুমান ধ্যান ধাৰণা, দৰিদ্ৰতা অনীহা আৰু শিক্ষাৰ প্ৰতি থকা অৱহেলাৰ বাবে খুব কম ল'ৰা ছােৱালীয়েহে সিখন গাঁৱত থকা হাইস্কুলখনলৈ যাব পাৰিছে। চাৰলংকি, হেমাৰী আৰু বাছাপীহঁতৰ সৰল চকু মুখবােৰ আৰু সিহঁতৰ আগ্রহ দেখি তাই সদায় সিহঁতৰ ধুনীয়া ভৱিষ্যত এটাৰ সপােন দেখে। তাইৰ ওচৰত গান শিকিব খােজা বাছাপী,বজাৰ বুলি নকৈ বয়াৰ বুলি কোৱা ৰূকাছেন আৰু তাইৰ প্ৰতিটো কথাই আখৰে আখৰে মনা চাৰলংকিহঁতৰ কাষ পাবলৈ যেন তাই আনদিনাতকৈ অকণমান বেছি উদগ্রীৱ হৈ পৰিল।

 তাই যেতিয়া স্কুল পালেগৈ ,তেতিয়া চতুর্থ শ্রেণীৰ কোঠাত ভিৰ এটা জমিছে । তাই ততাতৈয়াকৈ ভিৰ থেলি গৈ দেখিলে ,মালিনী নামৰ আটাইতকৈ দুখীয়া ছােৱালীজনী মজিয়াত পৰি আছে। তাইৰ কোৱাৰিয়েদি ফেন বাহিৰ হৈছে। তাইৰ দুর্বল নিশকতীয়া হাত ভৰিবােৰ যেন কোচ খাই আহিছে। মিৰদানে তাইৰ মূৰটো কোলাত তুলি ল'লে।

 টাউনৰ হস্পিটেলত চিকিৎসা কৰােৱাব লগাকৈ মিৰদান অসুস্থ হৈ পৰিল। কঁপি কঁপি উঠা তমােময় জ্বৰে তাইক কাহিল কৰি পেলালে। কিছুমান মানুহে ক'লে, ভালেই হৈছে! আমাক বেমাৰ হলে বেজ মংগলতীৰ ওচৰত যাব নিদিয়াৰ ফল পাইছে এইয়া। হেডচাৰে গাঁৱৰ মানুহবােৰক ঘৰে ঘৰে গৈ বুজালে। মেলেৰিয়াই একোখন গাওঁ কেতিয়াবা মহামাৰীৰ দৰে উচন কৰি পেলায়। ন জন মান মানুহ ইতিমধ্যে মৰিলেই। কিন্তু কোনেও চাৰৰ কথা গম্ভীৰভাবে নললে। সকলাে মানুহেই হয় দুখ নহয় আশংকাত দিন কটাইছিল। অগত্যা চাৰে এদিন পুৰণি ছাত্ৰবােৰকে মতাই আনিলে। সিহঁতে চাৰৰ কথাবােৰ বুজিছিল। কিন্তু ঘৰৰ মানুহৰ সহযােগ অবিহনে একো কৰিব পৰা নাছিল। ন-পুৰণি সকলাে ছাত্রই মিলি এদিন নিজৰ স্কুল খন পৰিষ্কাৰ কৰিলে। হাবি বনবােৰ পৰিষ্কাৰ কৰি ৰ'দত শুকুৱাই জলাই পেলালে। মহে কণী পাৰিব পৰা সম্ভাব্য ঠাইবােৰ মাটিৰে পুতি দিলে। নাৰিকলৰ কোৰােকাৰ দৰে পানী জমা হব পৰা বস্তুবােৰ আঁতৰাই পঠিয়ালে। ফুলনিৰ ডাঙৰ গছবােৰৰ ডাল পাত কটাই দিলে।

 চাৰে ইতিমধ্যে জিলা উপায়ুক্তলৈ চিঠিও পঠিয়াইছিল ।সেইমতেই এদিন ডি ডিটি চটিওৱা মানুহ আৰু ঔষধ যুক্ত আঁঠুৱা লৈ টাউনৰ পৰা এদল মানুহ আহিল। তাত আছিল ডাক্তৰ নাৰ্চ আৰু দুজনমান স্বাস্থ্যকর্মী।

 নিজৰ নিজৰ ল'ৰা ছােৱালীবােৰৰ উৎপাতত ডি ডি টি চটিয়াবলৈ নিদিও বুলি ভাবি থকাবােৰেও দিবলৈ বাধ্য হ'ল। ঘৰেপতি একোখনকৈ আঁঠুৱাও দিয়া হ'ল। দুই এঘৰে নিজৰ ঘৰৰ চৌহদবােৰ পৰিষ্কাৰ কৰিলে। চাৰলংকি বাছাপী আৰু হেমাৰীহঁতে মিৰদানক ভালপােৱাৰ চিনস্বৰূপে নিজেই হাতে কামে লাগিল। দেখাক দেখি ইঘৰে সিঘৰে ঘৰ দুৱাৰবােৰ চাফা কৰিলে। গধূলি সদায় নিমপাত আৰু খেৰেৰে জাগ দিয়া কৰিলে আৰু এদিন সঁচাকৈয়ে মানুহবােৰে মেলেৰিয়াৰ পৰা কোনােমতে তত্ পাই পুনৰ আগৰ দৰে কামকাজ কৰিবলৈ ল'লে।

 ঘৰতে মদ বনাই বিক্ৰী কৰাৰ সলনি হুনমিলিয়ে কাদমৰ অনুমতি লৈ দুই এটা বনৰীয়া শাক পাচলিৰ লগতে সিজোৱা মটৰ,বুটমাহ আৰু পােৰা গােমধান বিক্ৰী কৰিবলৈ ধৰিলে। টিউচনৰ পৰা উভটা ল'ৰা-ছােৱালীবােৰ,বজাৰলৈ অহা মানুহবােৰ তাইৰ গ্রাহক হ’ল।

 কেতিয়াবা তাই বস্তুৰ যােগানহে দিব নােৱাৰা হ'ল।

 পইচা দুটামান সাঁচি তাই চাৰলংকিলৈ টেবুল চকী এযােৰ কিনাৰ কথা ভাবিলে।

 বজাৰখন ক্রমান্বয়ে ডাঙৰ হৈ আহিছিল। সাপ্তাহিক বজাৰৰ দিনা বহুত মানুহ হয়। বিছ কিলমিটাৰ আঁতৰৰ মানুহবােৰ আহিও ভীৰ কৰেহি। কোনােবা দুখনমান গাঁৱৰ তিৰােতাবােৰে পলিথিনৰ পেকেটত ঘৰতে বনােৱা লাওপানী আনি বেপাৰীহঁতক যােগান ধৰেহি। তিৰােতাবােৰৰ উপার্জন ভাল। সিহঁতে আনকি আজিকালি সস্তীয়া চুৰিদাৰাে পিন্ধিবলৈ লৈছে। কান্ধত কাপােৰৰ বেগ ওলােমাই , ৰবৰৰ চেলে পিন্ধি অস্থায়ী দোকানবােৰত গ্ৰাহকৰ ভাও ধৰি সিহঁত সােমায় আৰু টিপতে লাওপানীৰ পেকেটবােৰ বেপাৰীক দি আহে।

[ ১৩০ ]  বজাৰ বাৰৰ দিনা হুনমিলিৰ মটৰ মাহৰ বিক্ৰীও ভাল হয়।

 ৰূপতালিনে সেয়ে এদিন কৈছিল, তই চাগে মাংচ বেচিব পাৰিলে বজাৰবাৰৰ দিনা এমােনা টকা একেলগে পাবি। দোকানীমখাৰ লাওপানীলৈ যিহে লােভ!

০০ ০০ ০০

 বহুপৰ গুণাগঁঠা কৰিবলৈ সময় নাছিল। মালিনীৰ তেনেকুৱা হেনাে প্রায়েই হয়। তাইৰ সমনীয়াবােৰে মিৰদানক ক'লে, “মালিনীৰ মূৰ্গী বেমাৰ আছে।” হেডছাৰে ঠেলা এখন অনােৱাই মালিনীক শুৱাই ঘৰত থােৱাৰ ব্যৱস্থা কৰিলে। মিৰদান আৰু আন ল'ৰা ছােৱালী দুটামানাে লগতে ওলাল। ঠেক বােকাময় বাট এটাৰে সিহঁতে খােজ দিলে। মালিনীৰ দুই কোৱাৰিয়েদি ওলাই অহা ফেনবােৰ তেতিয়া শুকাবলৈ ধৰিছিল। তাই স্থিৰ দৃষ্টিৰে আকাশলৈ চাই আহিছিল। ঠেলাৱালা লৰাটোৱে অকণমান ভয় খাইছিল। সি ক'লে, ইহঁতৰ বাপেকে মৰি পৰি থকা ছাগলী এটা কাটি বাছি ঘৰৰ চবকে খুৱাইছিল। সেই কাৰণে কিবা দায় দোষ লাগিল হ’বলা। ঘৰৰ চবৰে জাত জাত বেমাৰ লাগিল। ভনীয়েকজনী খােজ কাঢ়িব নােৱাৰা হৈ গ'ল।

 অপৰিছন্ন পদূলি এটাৰ সন্মুখত ঠেলাখন ৰ'লগৈ। ঠেলা চলােৱা ল'ৰাটো চোতালৰ ভিতৰলৈ সােমাই যাবলৈ মান্তি নহ'ল। অগত্যা মিৰদানহঁতেই মালিনীক কোনােমতে নমাই ভিতৰলৈ লৈ গ'ল। ভেকেটা ভেকেট গােন্ধ এটা যেন বতাহত উপঙি ফুৰিছিল। ঘৰৰ চৌহদটো অতি লেতেৰা। ডেৰবছৰীয় ল'ৰা এটাই নাঙঠ হৈ চোতালৰ ধূলিত উমলি আছিল। গাভৰু মানুহ এজনীয়ে বাৰাণ্ডাত বহি কেঁচুৱাক পিয়াহ খুৱাই আছিল। মিৰদানে লগত যােৱা ছােৱালী এজনীক পঠিয়াই মালিনীৰ মাকক বাৰাণ্ডালৈ মতাই আনি সকলাে বিৱৰি ক'লে। মালিনীৰ মাকৰ জীর্ণ শীর্ণ দেহটো যেন হঠাৎ আন্ধাৰ হৈ পৰিল। মাকে কোনােমতে জীয়েকক নি বিছনাত শুৱাই লগে লগে বাহিৰলৈ ওলাই আহিল আৰু দুঃখমনেৰে ক'লে, কি কৰিম বাইদেউ টকা পইচা নাই!

 মিৰদানৰ বৰ বেয়া লাগিল। তাই লৰালৰিকৈ কৈ উঠিল, দুখ নকৰিব। তাইৰ আগতে অনা দৰব আছে যদি খুৱাই দিয়ক। ভাল হ’ব। চিন্তা নাই।

 মালিনীৰ মাকে দুখ আৰু তাচ্ছিল্যৰে ক'লে, “দৰৱ নাই বাইদেউ। এইবাৰ টকা পালে মন্দিৰত দেখাম। তাইৰ কিবা দায় দোষ লাগি আছে। বাপেকে মৰা ছাগলী খুৱাইছিল আনি। তেতিয়াই কিবা ঘাটি লাগিল।”

 মিৰদান হতভম্ব হৈ গ'ল। তাইৰ পুতৌ জন্মিল। অলপ বিৰক্তও হ’ল। তথাপিও তাই বুজনিৰ সুৰত ক'লে,“আপােনালােকে মনৰ সন্তুষ্টিৰ বাবে মন্দিতাে দেখুৱাব বাৰু। কিন্তু তাইক এবাৰ ডাক্তৰৰ ওচৰলৈ লৈ যাব চোন। তেতিয়াহে তাইৰ ভাল হ'ব।”

 মালিনীৰ মাকৰ মুখত বিদ্রুপ আৰু অবিশ্বাসৰ ৰেখা ফুটি উঠিল। মিৰদানে বুজিলে,তাই এইমুহূর্তত আৰু একো কৰিব নােৱাৰে । লগত অহা ল'ৰা ছােৱালী কেইটাক লৈ তাই স্কুললৈ উভতি গ'ল। ওৰে দিন তাইৰ মনটো বেজাৰমুৱা হৈ থাকিল।

 দিনটোৰ ভাগৰে ডাক্তৰক অৱশ কৰি পেলাইছিল। কোনােমতে ভাতকেইটা সিজাই খাই তেওঁ বিছনাত । দিছিল। আন দিনাৰ দৰেই তেওঁৰ মনটো অস্থিৰ অশান্ত কিবা অনুভূতিৰে ভাৰাক্ৰান্ত হােৱাৰ উপক্ৰম কৰোঁতেই তেওঁৰ কোঠালিৰ দুৱাৰত টোকৰ পৰিল। সঘনাই মৰা টোকৰ আৰু কাৰােবাৰ উত্তেজিত মাত শুনি তেওঁ লৰালৰিকৈ দুৱাৰ খুলিলে। জীর্ণ শীর্ণ চেহেৰাৰ এজন মানুহ বাহিৰত ৰৈ আছিল। কান্ধত শতছিন্ন কম্বলেৰে মেৰিয়াই অনা এটা মৃতপ্রায় সৰু ল'ৰা। আগন্তুকৰ কথা শুনালৈ বাট নেচাই ডাক্তৰে কোবাকুবিকৈ দুয়ােকে হস্পিটেল পােৱালেগৈ। ল'ৰাটো তেনেই দুর্বল। বেমাৰৰ লক্ষণবােৰ চাই মেলেৰিয়া বুলি ডাক্তৰ নিঃসন্দেহ হ’ল। জেনেৰেল ৱাৰ্ডৰ বিছনাত দেউতাকৰ কাষতে ল'ৰাটো এৰি তেওঁ বাহিৰলৈ ওলাই আহিল। চেলাইন দি শুৱাই থােৱা ল'ৰাটোৱে যেন তেওঁৰ বন্ধ স্মৃতিৰ কোঠাটোৰ দুৱাৰ খিৰিকীবােৰ এখন এখনকৈ খুলি দিব ধৰিলে।

 সেই বছৰ গৰমৰ বন্ধ খােলাৰ পাছতাে আগৰ দৰে ল'ৰা ছােৱালীবােৰ নহা দেখি হেড ছাৰ চিন্তিত হৈ পৰিছিল। বেমাৰ আজাৰ নে আন কিহবাই ল'ৰা-ছােৱালীবােৰৰ স্কুল অহা বন্ধ কৰিছিল তেওঁ ভাবি নেপালে। এসপ্তাহ পাছত চকীদাৰে খবৰ আনিলে যে তেওঁৰ সন্দেহ সঁচা! গাঁৱে গাঁৱে মেলেৰিয়াৰ প্রাদুর্ভাৱ দেখা গৈছে। মানুহবােৰে ডাক্তৰৰ সলনি বেজৰ কাষ চাপিছে। আৰু ফলত জীৱনটোকে হেৰুৱাই পেলাইছে। মেলেৰিয়া হােৱা মাত্রেই কঁপি কপি জ্বৰ উঠা দেখি মানুহবােৰে গাত অপদেৱতা লম্ভা বুলি ভাবি পূজা পাতল কৰিবলৈ আৰম্ভ কৰি দিছে। কিন্তু বেমাৰ ভাল হওক চাৰি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ [ ১৩১ ] বেমাৰটোৱে ঢপলিয়াই ফুৰিব ধৰিলে।

 মিৰদান বাইদেৱে স্কুলত মেলেৰিয়া হ’লে কি কৰা উচিত আৰু নহ'বলৈ কি দৰে সাৱধান হােৱা উচিত সকলােকে বুজালে। আনকি স্কুল ছুটিৰ পাছত ঘৰে ঘৰে গৈও মানুহক বুজালে। ৰােগীৰ শুশ্রুষা কৰিলে। কোনােবাই কোনােবাই বাইদেউক সন্দেহ আৰু অবিশ্বাসাে কৰিলে। বেজে ভাল কৰিব নােৱাৰা ৰােগ ভাল কৰিবলৈ আপুনি কোন বুলি তিৰস্কাৰাে কৰিলে। কিন্তু মিৰদানে কাৰাে কথাত কাণ নিদি নিৰন্তৰ মানুহক বুজাই থাকিল। মানুহৰ ককৰ্থনাইও তাইক হৰুৱাব পৰা নাছিল। কিন্তু ! কিন্তু মৃগী ৰােগত ভূগি থকা মালিনীও এদিন মেলেৰীয়াৰ লগত যেন হাৰি গ'ল। মানুহবােৰৰ চকু মুকলাবৰ বাবে তাইৰ সেই পৰাজয়ৰ প্ৰয়ােজন আছিল কিজানি!

 চাৰলংকিহঁতৰ কাণত খবৰটো কোনে পেলাইছিল মনত নাই। কিন্তু সিহঁত আটাইবােৰে বলিয়াৰ দৰে স্কুলৰ পৰা ওলাই দৌৰিছিল। সিহঁতৰ বুকুৰ ভিতৰৰ কলিজাটো যেন বাহিৰলৈ ওলাই আহিছিল। আস্ মালিনীৰ জাপ খাই থকা চকুহাল!! কেতিয়াও সাৰ নেপাব যেন লগা অবশ শুই থকা দুর্বল মুখখন!

 ডাক্তৰে বাৰান্দাতে বহি চিগাৰেট এটা জ্বলাই ল'লে। তেওঁৰ এই এটাই মাথোঁ বদ অভ্যাস ।

 আনবােৰ ল'ৰা ছােৱালীৰ লগতে চাৰলংকিয়েও বুজিছিল, সিহঁতৰ সমাজখন সহজ সৰল সঁচা। কিন্তু অন্ধবিশ্বাস আৰু কুপ্রথাৰে ভৰপূৰ। মেলেৰিয়া, মৃগীৰ দৰে ৰােগকো এই সমাজে ভূত প্রেত আৰু অপদেৱতাৰ কাৰচাজি বুলিয়েই বিশ্বাস কৰে। এনে উশাহবন্ধ পৰিবেশত এজনী মিৰদান বাইদেউ নাইবা এজন হেডচাৰে যে একোৱেই কৰিব নােৱাৰে, তাকো সিহঁতে বুজে। তাতে আকৌ মিৰদান বাইদেউ আর্লেংনহয় বুলি এচামে যে প্রকাশ্যে ঘৃণা কৰে, অবজ্ঞা কৰে। চাৰলংকি, বাছাপীহঁতৰ শিশুমনবােৰে হাহাকাৰ কৰি উঠে। কিন্তু সিহঁতে জানে, ডাঙৰবােৰৰ এলান্ধুকলীয়া মনবােৰ সলনি কৰিবলৈ সিহঁতৰ একো উপায় নাই।

 মিৰদান বাইদেউ একেজনীয়েই হৈ আছিল।মানুহবােৰৰ তুচ্ছ তাচ্ছিল্ল আৰু ঈর্ষা মিহলি ব্যবহাৰৰ পাছতাে চাৰলংকিহঁতক তেওঁ জ্যোতিসংগীত, আবৃত্তি আৰু নবকান্ত বৰুৱাৰ সৰু সৰু নাটিকাবােৰত অভিনয় কৰিবলৈ শিকাইছিল। অসমীয়া ভাষাটো সিহঁতে ভাল পাবলৈ লৈছিল।

 চতুর্থ শ্রেণী পায় মানে আনকি হেমাৰীয়েও সৰু সুৰা অসমীয়া পদ্য লিখিব পৰা হৈছিলগৈ।

 চাৰলংকিহঁতৰ মানুহবােৰৰ বেছিভাগেই লাহে লাহে অসমীয়া ভাষাটোক বেয়া পাবলৈ লৈছিল ।সিহঁতৰ গাঁৱৰনাতিদূৰৈৰ আন এখন গাঁৱত ইংৰাজী মাধ্যমৰ স্কুল খােলা হৈছিল। এইখন গাঁৱৰ ল'ৰা-ছােৱালী দুটামানেও গৈ সেইখন স্কুলত নাম লগাইছিল।

 চতুর্থ শ্রেণীৰ বছৰেকীয়া পৰীক্ষা শেষ হ'বৰ দিনা আটাইবােৰ ল'ৰা-ছােৱালীক গােট খুৱাই মিৰদান বাইদেৱে সেই মর্মান্তিক খবৰটো দিলে। তেওঁ কথাবােৰ কব পৰা নাছিল। কিবা কবলৈ লৈও যেন বাৰে বাৰে সেপ ঢুকিছিল। কোনােমতে মাত উলিয়াই তেওঁ ঘােষণা নে স্বগতােক্তি কৰিছিল,“ল’ৰা-ছােৱালীহঁত মই এই গাওঁ, এই স্কুল আৰু তােমালােক আটাইকে চিৰদিনৰ বাবে এৰি যাবলৈ ওলাইছাে। তােমালােক আটায়ে ভাল মানুহ হ’বা। হ'ব লাগিব। পৰীক্ষাত পাছ কৰাৰ পাছত তােমালােক হাইস্কুললৈ যাব লাগিব। তােমালােক মােৰ দৰে বাইদেউ হ’বা,ডাক্তৰ হবা, দোকানী হ’বা আৰু বৰ ভাল ভাল। মানুহ হ'বা নহয়নে? মিৰদান বাইদেউৰ মাতটো শেষলৈ ভাগি গৈছিল।

 চাৰলংকিহঁতে প্রথমে যেন একো বুজা নাছিল। বাইদেউজনীয়ে কিবা দুর্বোধ্য ভাষাত কথা কৈ থকা যেন লাগিছিল। কিন্তু হঠাতে সিহঁতে সম্বিৎ ঘূৰাই পাইছিল আৰু চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মিৰদানে আঁঠুকাঢ়ি বহি পৰিল। তাইক আগুৰি লৈ ল'ৰা-ছােৱালীবােৰে বাগৰি বাগৰি কান্দিবলৈ ধৰিলে। বাটৰ মানুহাে দুই এক চাপি আহিল। মানুহবােৰে ল'ৰা- ছােৱালীবােৰক যিমানে নিচুকাব খুজিলে সিহঁতে সিমানে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। হঠাতে কথা বতৰা কমকৈ কোৱা ধনসিং নামৰ দুর্বল ল'ৰাটোৱে নিচুকাবলৈ অহা মানুহ এটাৰ গালৈ থু পেলাই দিলে। খং আৰু দুখত পগলাৰ দৰে সি চিঞৰিব ধৰিলে,“তােমালােকৰ কাৰণেই বাইদেউ যাবগৈ। তােমালােকে বাইদেউক আর্লেং নহয় বুলি ঘিন কৰা। বাইদেৱে শিকোৱা ভাল কথাবােৰ আমাক মানিব নিদিয়া। আমি জানাে, বাইদেউৰ আমাক এৰি যাবলৈ অলপাে মন নাই। বাইদেউ গুছি গলে মই জংঘলী হৈ যাম। তােমালােকেই বাইদেউক খেদিছ । চব জানাে। চব জানাে আমি। চাবা, হেল্ফ আর্ণামে তােমালােকক এদিন শাস্তি দিবই দিব।”

[ ১৩২ ]  “ধনসিং, মনে মনে থাকা মিৰদান বাইদেউ গৰজি উঠিল। ইমান কঠোৰ মাত সিহঁতে কেতিয়াও শুনা নাছিল। সিহঁত চুপ হৈ গ'ল। বাটৰ পৰা ওৰ লবলৈ অহা মানুহ কেইজনেও তলমূকৈ ওলাই গ'ল।

 মিৰদান বাইদেৱে বহি থকাৰ পৰাই সুধিলে,তােমালােক বৰ ভাল মানুহ হবা নহয়নে?সিহঁতে মূৰ দুপিয়ালে আৰু বাইদেউক সাবটি আকৌ চিঞৰি চিঞৰি কান্দিব ধৰিলে ।মিদানে আটাইকে গালে মুখে হাত ফুৰাই দিলে।

 চাৰলংকিয়ে পিছে এইবাৰ কান্দিব নােৱাৰিলে।

 গধূৰ শিল এটাই যেন তাৰ বুকুখন হেঁচা মাৰি ধৰিলে।

 উশাহ লবলৈকো তাৰ বৰ কষ্ট হ'ল।

 একো আওভাও নােপােৱা, মুখৰ মাত নােলােৱা দুটামানৰ বাদে গােটেই জাক ল'ৰা-ছােৱালী মিৰদানৰ পাছে পাছে। খােজ দিব ধৰিলে। তাই বহুবাৰ সিহঁতক ঘৰলৈ যাবলৈ কোৱাৰ পাছতাে সিহঁতৰ সমদলটো গৈয়ে থাকিল।

 এসময়ত মিৰদান যেতিয়া নিজৰ ঘৰৰ বাৰান্দাত উঠিলগৈ তেতিয়া আঘােণমহীয়া আবেলিৰ ৰ'দে সন্মুখৰ পাহাৰটো সােণবৰণীয়া কৰি তুলিছে।ৰাস্তাৰ সিটো পাৰৰ ৰহদৈ জোপাত ভাটৌ কেইটামানে এনেয়ে হুলস্থুল কৰি আছে।ল'ৰা-ছােৱালীজাক গেটৰ বাহিৰতে ৰৈ দিলে। মিৰদানে মাকক মাতিলে। মাক ইচইচাই উঠিল। তেওঁৰ চকুৰে ধাৰাসাৰ পানী ব'ব ধৰিলে। এই শিশুবােৰ সঁচাই ঈশ্বৰৰ সন্তান।

 ইহঁতেতাে নাজানে মিৰদান বাইদেউ কিয় যাবলৈ ওলাইছে। ইহঁতেতাে নেজানে প্রাণে মৰাৰ ভাবুকি আৰু ধন দাবী কৰি লিখা বেনামী চিঠিবােৰে মিৰদানক ভিতৰি ভিতৰি কেনেকৈ চেপি খুন্দি আনিছে। যিবােৰ মানুহক বুকুৰ আপােন বুলি ভাবি সিহঁতৰ ভালৰ বাবে নিজকে বিলাই দিব খুজিছিল, সেইবােৰ মানুহেই মিৰদানক ‘ডাইনী বুলি অভিহিত কৰিবলৈ অকণাে কুণ্ঠিত নহ'ল। এই গাওঁ, এই সােণবৰণীয়া ৰ'দ, এই সেউজীয়া পাহাৰ মিৰদানৰ বাবে নহয়। মিৰদানৰ মাকে তেওঁৰ আলফুল কপৌপাহিক এইবােৰ মানুহৰ হাতত এৰি দিব নােৱাৰে। সেয়ে গােটেই ঘৰখনেই নিৰাপদ বুলি ভবা ঠাইলৈ যাবগৈ। কাহানিও উভতিব নলগাকৈ। তেওঁ মনােহৰ কল আৰু টিনৰ বিস্কুট খুৱাই ল'ৰা-ছােৱালীবােৰক উভটাই পঠালে। সিহঁতে যাওঁতে চিঞৰি গল,“বাইদেউ নেযাবি,বাইদেউ নোবি। আমি তােকে খুব মৰম কৰিব। আমাৰ ফালে মৰম কৰিবি না!”

 মিৰদানে পাহাৰৰ চূড়াটোলৈ চাই থাকিল।

 তাই ডাইনী?

 এই সেউজ পাহাৰৰ, সহজ সৰল যেন লগা মানুহবােৰৰ চকুত তাই ডাইনী?

 অভাবনীয়ভাবে ৰাতিলৈ চাৰলংকি আৰু হুণমিলি আহি ওলাল। লগত হেমাৰীও। সিহঁতে মিৰদান বাইদেউ, বাইদেউৰ মাক দেউতাক আৰু ভনীয়েকৰ লগত বহুত কথা পাতিলে।

 মাজনিশালৈ হুণমিলিৰ মুখখন কঠোৰ অথচ শেঁতা পৰি গ'ল। মিৰদানহত কোনাে কাৰণতেই ইয়াত নেথাকে। থাকিব নােৱাৰেও। সিহঁত যাবই লাগিব। কিন্তু তাইৰ এই বাইদেউ পাগল ল'ৰাটো! ডাঙৰ হ'লেই মিৰদানক বিয়া পাতিম বােলা হেমাৰী??

 হুণমিলি ভগা ছিগা মাতেৰে মিৰদানৰ দেউতাকৰ ভৰিত দীঘল দি পৰিল, ককাইদেউ ইহঁত দুটাকো তহঁতৰ লগত লৈ যা।বাইদেউ নহ'লে এই দুটা মৰিব ।আমি খবৰ লৈ থাকিম। ইহঁত দুটাৰ মানুহ হবলৈ বৰ মন বাইদেউ,তই নিবিনে ইহঁতক?

 মিৰদানে হেমাৰী আৰু চাৰলংকিলৈ চাব নােৱাৰিলে।

 মিৰদানৰ দেউতাকে জুহালত খৰি এডাল জাপি দি ক'লে, পৰহিলৈ পুৱাই আমি যামগৈ। কোনেও নজনাকৈ।

 জুইৰ ৰঙা পােহৰত নে আশাত বন্দী হৈ...চাৰলংকি আৰু হেমাৰীৰ মুখ ৰঙা পৰি উঠিছিল।

০০ ০০ ০০

 খােৱামেজতে চিঠিখন পাই ডাক্তৰ অন্যমনস্ক হৈ পৰিল। এটাৰ পাছত এটাকৈ চিগাৰেট জলাই তেওঁ মনৰ অস্থিৰতাখিনি ধোঁৱাৰ কুণ্ডলীৰ সৈতে উৰাই পঠিয়াব খুজিলে। চিঠিখনে তেওঁৰ বুকুৰ একোণত এতিয়াও কেঁচা হৈ থকা ঘাঁডােখৰলৈ যেন নগা যাঠি এপাত মাৰি পঠিয়াইছে আৰু তাৰেই আঘাতত ৰক্তাক্ত হৈ তেওঁ যেন এই ঢলি পৰিব। ৰাতিৰ ভাতসাজ বাঢ়ি দিবলৈ আহি তেওঁৰ পত্নীয়ে ডাক্তৰৰ বিমর্ষ, অন্যমনস্ক মুখ দেখিলেহি। কোনাে প্রশ্ন নকৰাকৈ তেওঁ ডাক্তৰৰ থুতৰিত ধৰি মুখখন তুলি [ ১৩৩ ] ধৰিলে। ডাক্তৰৰ চকুহাল পানীৰে ভৰি আহিছিল। তেওঁ পত্নীৰ কঁকালত সাবটি ধৰিলে। সেইখন ঠাইলৈ তেওঁ কাহানিও যাব নােখােজে। মনৰ পৰা কেতিয়াবাই মচি পেলাইছে তেওঁ সেই ঠিকনা। আজি পঁয়ত্রিশটা বছৰে তেওঁ এবাৰাে সচেতনভাবে সেই ঠাইৰ নাম লােৱা নাই। ল'ব খােজাও নাই। অথচ ইমান যুগৰ সঞ্চিত স্মৃতি খুচৰিবলৈ আজি তেওঁলৈ এখন চিঠি আহি ওলাইছে। চিঠিখনত কেবল শব্দই নাই।আছে সন্মােহন। এই সন্মােহন নেওচিব পৰা নাযায়। এই সন্মােহন যেন সৌ তাহানিৰ চিনাকি গাওঁখনৰ দৰে। বঁহতেৰে চিলেট মচা দিনবােৰৰ দৰে, মহৰ পিঠিত উঠি নৈৰ পাৰত ফুৰিবলৈ যােৱা ল'ৰালিৰ দৰে।

 “মই যাম বাছাপী”

 ডাক্তৰৰ পত্নীয়ে হাঁহি দিলে। ৰ'দ জিলমিল এই হাঁহি।

 কুমলীয়া ঔ বাকলি এচটাৰ দৰে ডাক্তৰৰ পত্নীৰ নিমজ গাল দুখন পােহৰ হৈ উঠিল।

 লেফাফাৰ পৰা চিঠিখন উলিয়াই তেওঁ পঢ়িবলৈ ধৰিলে।

 পূজনীয় তাৱৈদেউ,

 সেৱা ল'ব। আশাকৰাে ভালে আছে। আপােনাৰ বাবে মই তেনেই অচিনাকি। কিন্তু মােৰ কাৰণে আপােনাৰ নামটো, আপুনি মানুহজন আৰু আপােনাৰ কথা বতৰাবােৰ একেবাৰে চিনাকি। দেউতাৰ মুখত সৰুৰে পৰাই আপােনাৰ নাম শুনি শুনি মােৰ এনে লগা হৈছে যেন আপুনি আমাৰ চুবুৰীটোৰে এজন। আপােনাৰ সৈতে যেন দেউতাই নহয় বৰঞ্চ মইহে বৰশীৰে মাছ ধৰিছে, স্কুললৈ গৈছাে,আবেলি আবেলি টেঙাবল খেলিছোঁ।

 অলপ আগতেও দেউতাই আপােনাৰ কথা কৈ আছিল। তেতিয়াই মই সিদ্ধান্ত লৈ পেলালাে,এইবাৰ আমাৰ “নন্দন কানন”ৰ প্রতিষ্ঠা দিবসলৈ মই আপােনাক মাতিম। মই জানাে, আপুনি এযুগ ধৰি এই গাওঁ, এই ঠাইৰ মানুহবােৰ আনকি দেউতাৰ লগতাে কোনাে সম্পর্ক ৰখা নাই। আমাৰ গাঁৱৰে এজন মানুহে তেওঁৰ ল'ৰাটো মেলেৰিয়া হােৱাৰ বাবে আপােনাক দেখুৱাবলৈ নিছিল। সেই মানুহজনৰ মুখেৰেই শুনিছিলোঁ, আপুনি দিনে ৰাতিয়ে ৰােগীয়া ল'ৰাটোৰ কাষত পৰ দি থকাৰ কথা। দেউতা নিশ্চিত হৈছিল যে সেইজন ডাক্তৰ আপােনাৰ বাদে আন কোনাে নহয়।

 দেউতাৰ আপােনাৰ ওপৰত আছিল অটল বিশ্বাস। এতিয়াও সেই বিশ্বাস কোনােগুণেই কমা নাই। আৰু মােৰ আছে। দেউতাৰ বিশ্বাসৰ ওপৰত বিশ্বাস। মােৰ মনে কৈছে, মই মাতিলে নন্দন বনলৈ আপুনি আহিব। আন নহ'লেও মিৰদান বাইদেউৰ বাবেই আপুনি আহিব। দেউতাই বাইদেউক কেনেকৈ ৰাখিছে এবাৰ চাবলৈকে আপুনি আহিব।

 বিঃদ্রঃ- মই তাৱৈদেউ বুলি ভবা মানুহজন যদি আপুনি নহরাে, তেতিয়াও আপুনি আমাৰ নন্দন বনলৈ আহিব। মই সকাতৰে অনুৰােধ জনাইছাে। চিঠিৰ লগত মই নন্দন বনৰ পৰিচয় পুস্তিকাখন দিছো।

 ইতি

 অনিন্দ্য সুন্দৰ

 একাদশ শ্রেণী

 চিঠিখন পত্নীৰ মুখেৰে শুনি ডাক্তৰে কথাবােৰ দ্বিতীয়বাৰৰ কাৰণে জানিলে। প্রথমবাৰ তেওঁ নিজেই পঢ়িছিল।

০০ ০০ ০০

 পােহৰ নহওঁতেই গায়ে মূৰে এড়ী চাদৰ লৈ কোবাকুবিকৈ মিৰদান বাইদেউৰ ঘৰলৈ খােজ দিয়া ল'ৰা দুটালৈ তেওঁৰ মনত পৰিছিল। চোতালত ৰখাই থােৱাট্রাকখনত বাইদেউহঁতৰ কামকৰা মানুহ দুটাই বস্তুবােৰ তুলি থকাৰ সময়তে সিহঁত গৈ পাইছিল। মিৰদান বাইদেউৰ দেউতাকে ব্যস্ততাৰ মাজতে সুধিছিল, মাৰাহঁত অহা নাই নেকি?

{  {gap}}চাৰলংকিয়ে উত্তৰ দিছিল, আহিছে। কিন্তু মানুহে দেখিব বুলি আদবাটতে লুকাই আছে। এসময়ত বয় বস্তু তুলি হ’লত সকলােবােৰ গাড়ীত বহিল।ট্রাকখন স্টার্ট দিয়া হ'ল। মিৰদান বাইদেউৰ দেউতাকে ট্রাক ড্রাইভাৰজনৰ লগতে সিহঁত দুটাক বহিবলৈ দিলে। কাপােৰৰ মােনাখন লৈ হেমাৰীট্রাকখনত বহিলগৈ। চাৰলংকি ৰৈ থাকিল। কোনােবাই শুনিব বুলি হেমাৰীয়ে চেপা মাতেৰে যিমান পাৰে ডাঙৰকৈ সুধিলে,“নুঠ কিয় ?পােহৰ হবই এতিয়া?”

 “তই যা,মই ইয়াতে থাকিম”

 হেমাৰীৰ চকু বহল হৈ গ'ল। কি কয়চাৰলংকিয়ে! একেলগে বাইদেউৰ লগত যাব,বাইদেউৰ তত্ত্বাবধানত দুয়াে পঢ়া [ ১৩৪ ] শুনা কৰিব...এই সিদ্ধান্তটো হৈ গৈছে!!

 চাৰলংকি মূৰ্তিৰ দৰে ৰৈ থাকিল। তাক বুজাই বঢ়াই সৈমান কৰিবলৈ তেতিয়া কাৰো সময় নাছিল। হেমাৰী খং, অভিমান আৰু ঘৃণাত মৌন হৈ পৰিল। এইবোৰ মানুহ চাৰলংকিয়ে এৰিব নোখোজে তেনে! এয়াই তাৰ বাইদেউৰ প্ৰতি থকা অগাধ ভালপোৱা! তাৰ চকুফাটি পানী ওলাল। বুকুৰ আপোন বন্ধুটো তাৰ পৰা যেন বহুদূৰ আঁতৰি গ'ল।

 মিৰদান বাইদেৱে কিন্তু কিবা এটা বুজিছিল। তেওঁ গাড়ীৰ পৰা নামি আহি চাৰলংকিৰ মূৰত হাত ফুৰাইছিল। বনকৰা মানুহটোক কৈ গাড়ীৰ পৰা কিতাপ ভৰ্তি কাগজৰ কাৰ্টন দুটা নমাই চাৰলংকিক গটাই দিছিল আৰু এবাৰো পিছলৈ উভতি নোচোৱাকৈ গাড়ীত বহিছিলগৈ।

 ঘন কুঁৱলীৰ মাজত, পোহৰ নৌহওঁতেই শূন্য ঘৰ এখনৰ মাজ চোতালত চাৰলংকিক এৰি হেমাৰী, মিৰদান বাইদেউহঁত গুছি গৈছিল।

০০ ০০ ০০

 তাৰ দুবছৰৰ পাছত হেমাৰীৰ মাক ঢুকাইছিল। গাওঁখনৰ প্ৰতি থকা শেষ আকৰ্ষণকণো সি সেইদিনাই হেৰুৱাইছিল।

 ইচ্ছা কৰিয়েই চাৰলংকিক কোনোদিন মনত নেপেলাবলৈ প্ৰতিজ্ঞা কৰি সি সেই গাঁৱৰ স্মৃতিকোঠা তলাবন্ধ কৰি পেলাইছিল।পিছে বাছাপীক সি অভাবনীয় ভাবে লগ পাইছিল।তাইকে সি বিয়াও কৰাইছিল পিছে আজি পোন্ধৰ বছৰে সিহঁতৰ সংসাৰলৈ কোনো সৰগীয় উপহাৰ নাহিল।

 চাৰলংকি তেনে কলেজীয়া ল'ৰাৰ দেউতাক হল!

 ডাক্তৰে নিজেই নিজকে ক'লে।

 একালত মৰাপাটৰ ৰচী বান্ধি হাফপেন্টটো কঁকালত ধৰি ৰখা হেমাৰী আজি কোট পেন্ট পৰিহিত ডাক্তৰ হেমাৰী হৈ নিজৰ ওপজা গাওঁখনলৈ আহিছে। বাছাপী উত্তেজনাত বিহ্বল হৈ পৰিছে। কিন্তু তাই মনৰ ভাব ভগাই লব পৰাকৈ ডাক্তৰ হেমাৰীৰ মুখৰ ৰেখাবোৰ সুবিধাজনক নহয়। হেমাৰী নিৰ্বিকাৰ, গহীন। আমদায়ক জীৱন এটাৰ চিন হৈ তাৰ থুতৰিটো, গলধনটো আনকি গোটেই মানুহটোৱেই মঙহাল থেকে এটা যেন হৈ পৰিছে। বাছাপীয়ে বহুবছৰৰ পাছত পিনি পেকক পিন্ধিছে। তাই যেন সৌ তাহানিৰ সৰু ছোৱালীজনী হৈ এইমাত্ৰ উচ্ছাসত ফাটি পৰিব।

 “নন্দন বন”ত তেতিয়া প্ৰাৰ্থনা সভাৰ আয়োজন। দীঘল পদূলিটোৰ নঙলা মুখত অকলেই সি ৰৈ আছিল। হেমাৰীহঁত গাড়ীৰ পৰা নমাৰ লগে লগেই অনিন্দ্যৰ মুখখন পোহৰ হৈ উঠিল। হেমাৰীৰ ভৰি চুবলৈ হাউলিব খোজা কিশোৰটোক সি থাপ মাৰি ধৰিলে। বুকুত সাবটি লৈ ক'লে, সৰু চাৰলংকিটো মোৰ। বাছাপীয়ে কান্দিছিল, নে হাঁহিছিল হেমাৰীয়ে ধৰিব পৰা নাছিল। বহুপৰ তাই মৰমলগা কেঁকুৰা চুলিৰ ল'ৰাটোক বুকুত সাবটি লৈছিল। নাকেৰে উজাই লৈছিল যেন সন্তানৰ গোন্ধ।

 চাৰলংকিয়ে নন্দন বন নহয় যেন অম্রাৱতীহে সাজিছিল। পাতাবাহাৰ আৰু চেৰা তামোলৰ গছবোৰে দীঘল পদূলিটোৰ দুয়োকাষে শাৰী শাৰীকৈ ৰৈ হেমাৰীক আদৰিছিল। তুলসী, তমাল, খৰিকাজাই,লতাগোলাপ, অপৰাজিতা,নয়নতৰা, পাৰিজাত, ভিন্নৰঙী জবা আৰু সোণবৰণীয়া নাৰ্জী ফুলেৰে চৌহদটো জোনাক হৈ আছিল। আম,বকুল আৰু আমলখি গছবোৰ পাটগাভৰু হবলৈ আৰম্ভ কৰিছিল। দোঁ খাই থকা শেৱালিজোপাৰ তলত তেতিয়াও অবশিষ্ট কেইপাহ মান ফুল সৰি আছিল। হেমাৰী আৰু বাছাপীক অনিন্দ্যই নি সভাঘৰত বহুৱালেগৈ। মাটিৰ মজিয়াত দলিছা পাৰি মানুহ বহাৰ ব্যবস্থা কৰা হৈছিল। ফুল, ধূপ আৰু ধূণাৰ সুগন্ধিৰে কোঠাটো মন্দিৰ হৈ পৰিছিল। হেমাৰীয়ে চকু ফুৰাই দেখিলে, কোঠাটোৰ একোণত মিৰদান বাইদেউৰ ফটোৰ সন্মুখত ধূপ আৰু এগচি বন্তি জলিছে। থলপদ্ম ফুলেৰে সজাই দিয়া হৈছে সেই দেবীৰ বেদী।

 প্ৰাৰ্থনা সভা শেষ কৰি চাৰলংকি সভাঘৰটোলৈ সোমাই আহিল। ল'ৰা-ছোৱালীহঁত নিজ নিজ কোঠালৈ গ'ল। কোনোবাই কোনোবাই নাচ গানৰ কাৰণে সাজু হ'ল।

 হেমাৰী বহাৰ পৰা থিয় হ'ল। অনিন্দ্যই দেউতাকক হাতত ধৰি হেমাৰীৰ ওচৰলৈ লৈ গ'ল আৰু কঁপিব খোজা মাতটো কোনোমতে সুস্থিৰ কৰি ক'লে,“দেউতা,এয়া আমাৰ আজিৰ মুখ্য অতিথি। মই যে কৈছিলো। তোমাৰ বাবে এটা চাৰপ্ৰাইজ আছে। এখেত হেমাৰী তাৱৈদেউ দেউতা।”

 চাৰলংকিয়ে নমস্কাৰৰ ভংগিমাত যোৰ কৰি থকা হাত দুখন হেমাৰীয়ে খামুচি ধৰিলে। হেমাৰী সৰু ল'ৰাৰ দৰে ফেকুৰি [ ১৩৫ ] উঠিল। চাৰলংকিয়ে তাৰ তাহানিৰ বন্ধুটোক সাবটি ধৰি সৰু ল'ৰাক বুজোৱাৰ দৰে বুজাব ধৰিলে,“জান হেমাৰী,মই ইয়াতে ৰৈ যােৱাটো বেছি দৰকাৰী আছিল। আমাৰ দুইটাকে যদি বাইদেউহঁতে লৈ গ'ল হেঁতেন, তেতিয়া আমাৰ গাওঁখনত আমাৰ ল’ছালীহঁতক মিৰদান বাইদেৱে আমাক শিকোৱা ভাল কথাবােৰ কোনে শিকালেহেঁতেন ক চোন ?”

 হেমাৰীয়ে চচমাযােৰ খুলি চাৰলংকিলৈ চালে। হয় হয়,গাঁৱত থাকি সি ভাল কৰিলে। অকল ভাল কৰাই নহয়, হেমাৰীতকৈ চাৰলংকি যেন বহুত ওখ হৈ গ'ল। ঘৰৰ মূধচ ভেদি তাৰ চুলিবােৰে যেন আকাশ চুলেগৈ।

 বাছাপীয়ে চাৰলংকিৰ বাহুত চিকুট মাৰি দিলে। এইবাৰ সি বাছাপীক সাবটি ধৰিলে, তাইৰ চুলিত হাত বােলাই দিলে। তাই হেঁপাহ পলুৱাই কান্দি ললে।

 অনিন্দ্যই দেখিলে, মাজ বয়সীয়া তিনিটা বন্ধু সৌ তাহানিৰ শিশু হৈ পৰিছে।

 যথা সময়ত সভা আৰম্ভ হ'ল। নন্দন বনৰ আজি পঞ্চম প্রতিষ্ঠা দিবস। জোনালী মিলিকপীৰ বৰগীত, প্রভাকৰ মুণ্ডাৰ দলৰ ওজাপালি। চতুর্থ শ্রেণীৰ ল'ৰাহঁতে কৰা শােণিত কুঁৱৰী নাটৰ এছােৱা, মানসিং চাৰৰ স্মৃতিত পঞ্চম শ্রেণীৰ ছােৱালীহঁতে গােৱা সমবেত সংগীত শুনি, দেখি মােৰীয়ে আকৌ এবাৰ চকু মােহাৰিলে। মনতে ক'লে,ভাল কৰিলি, চাৰলংকি এই গাঁৱত ৰৈ গৈ তই বৰ ভাল কৰিলি। মিৰদান বাইদেউৰ ফটো তাৰ ঘৰৰ দেৱালতাে ওলমি আছে। কিন্তু চাৰলংকিৰ দৰে বাইদেউক সি এনেকৈ ৰাখিব পাৰিলেহেঁতেন নে? নাই নাই। কেতিয়াও নােৱাৰিলেহেঁতেন।

 দখনা, পেকক্‌,শাড়ী আৰু চাদৰ মেখেলা পিন্ধা মাকবােৰ,চুৰিয়ালংপেন্ট পিন্ধা দেউতাকবােৰ আহি ল'ৰা ছােৱালীবােৰক উৎসাহিত কৰিলে। অনুষ্ঠানৰ মাজতে প্রাচীৰ পত্রিকা উন্মােচন হ’ল হেমাৰীয়ে উদ্বোধন কৰিলে সৰু সৰু ল'ৰা ছােৱলীহঁতে নিজ হাতে সজা ডলা চালনী, খালৈ-জাকৈ, অকণ অকণ ফ্রক, চার্ট, পুতলা, অপৈণত হাতেৰে অঁকা মিৰদান বাইদেউৰ ছবিৰে এখন সৰু প্রদর্শনী। সি অভিভূত হ'ল। বিস্মিত হ'ল। চাৰলংকিয়ে তেনে এনেকৈ জীৱনৰ সাধনা কৰিছে! কি শিকোৱা নাই সি ইয়াত। প্রতিটো কণমানিৰে মুখবােৰ সৰল অথচ আত্মবিশ্বাসেৰে উজ্জ্বল।

 চাৰলংকিয়ে মিৰদান বাইদেউৰ সপােনবােৰ এনেকৈয়ে আগুৱাই নিচে তেনে।

 উভতিবৰ পৰত হেমাৰীয়ে শিক্ষকৰ জিৰণি কোঠাত বহি থকা হুণমিলিক চাবলৈ গ'ল। হুণমিলিৰ দৃষ্টি ধূসৰ। কিন্তু মুখখন পােহৰ কাণত ৰূপৰ থুৰীয়া। পুতেকৰ গৌৰবত গর্বিনী মাক এজনী। তাই হেমাৰীক একেবাৰতে চিনি পালে। আঁঠুকাঢ়ি বহি লৈ সি হুণমিলিৰ হাতত চুমা খালে। পৃথিবীৰ সকলাে মাকৰে গােন্ধ কিজানি একেই। মৃতা মাকৰ হেৰাই যােৱা গােন্ধটো যেন হুণমিলিৰ গাত লিপিট খাই আছিল। এই গােন্ধ হেমাৰীয়ে হেৰুৱাব নােখােজে।

 কাষতে ৰৈ থকা চাৰলংকিলৈ চাই হেমাৰীয়ে তাহানিৰ অঁকৰা ল'ৰাটোৰ দৰে ক'লে,“মই আকৌ আহিম ইয়ালৈ। একেবাৰে টালি টোপােলা বান্ধি। তােৰ গােটেই ল'ৰা ছােৱালীবােৰ আমি দুইটাই সমানে ভগাই লম। দিবিনে?”

 সি যেন ল’ৰা দুটাই মাৰ্বলবােৰ সমানে ভগাই লােৱাৰ কথাহে ক'লে!

 চাৰলংকিয়ে হেমাৰীৰ বাহুত লাহেকৈ ঘূচিয়াই দিলে।

 অনিন্দ্য কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিল। সি এতিয়া ডেকা হৈছে। য'তে ত’তে চকুপানী ওলালে তাৰ আজিকালি বৰ লাজ লাগে।

[ ১৩৬ ]

অস্তিত্ব জীৱনৰ

ৰীতা বৰা


“মন কঁপে দুৰু দুৰু বেলি সৌ
ডুবু ডুবু আকাশত...চাই ৰলা নিলগলে
আহিবা কেতিয়া তুমি আবেগত
কপে মন দুৰু দুৰ.....”


 বাহিৰত কাম কৰি থকা লৰাটোৰ মবাইলত বাজি থকা তাইৰ প্ৰিয় গায়ক পুলক বেনাৰ্জীৰ এই গানটোত তাই মানে গায়ত্ৰী বাস্তবলৈ ঘূৰি আহিল। কিমান সময় যে তাই ডুবিবলৈ ধৰা বেলিটো চাই আপিন পাহৰা হৈ আছিল ঘৰখন নিজান হৈ আছে। ল'ৰা-ছোৱালী পঢ়িবলৈ বাহিৰলৈ ওলাই যোৱাৰ পাছৰে পৰা কাম বহু কমিল। সদায় আবেলী পশ্চিম আকাশৰ হেঙুলীবৰণহোৱা মনামখিনি উপভোগ কৰিবলৈ বেলকনীৰ এই ঠাইকণ নিগাজি হৈ পৰিছে। আজি এই পৰিবেশৰ লগত মিলি যোৱা গানটোত তাই উচাপ্ খাই উঠিল..। কিমানবাৰ এই গানটো শুনি শুনি বিভোৰ হৈ আছিল সেই সময়খিনিত। কিমান বছৰৰ পাছত বাৰু আজি তাই শুনিলে সেই গান...একেই পৰিবেশ...একেই আকাশৰ ৰং...আছেনে বাৰু সেই আবেগ। হিচাপ কৰি চালে হয় পুৰা ২৩ বছৰৰ পাছত আজি গানটো শুনিছে....পৰিবেশ মিলি গৈছে বেলিৰ ৰং একেই আছে...আকাশৰ ৰঙো একেই আছে...মাথো সলনি হল সময়ৰ..আবেগৰ...জীৱনৰ...

 মনত ভাহি আহিল সেই সময়বোৰ...এটা নাম প্ৰিয়ানুজ....প্ৰিয়ম...তাইৰ পৰিপক্ক সময়ৰ সফল প্ৰেমিক আৰু আজিৰ স্বামী প্ৰিয়ানুজ কাশ্যপৰ মুখ... হৃদয়ৰ সমস্ত আকুলতাৰে সুদুৰ শিৱসাগৰৰ এক অখ্যাত গাঁৱত তাই বাট চাই থাকে প্ৰিয়মলৈ....প্ৰিয়মৰ চিঠি লৈ...কাষৰ টেবুল থকা টেপৰেকৰ্ডাৰত বাজি থাকে সেই গান।

 কেনেকৈ লগ পাইছিল তাই প্ৰিয়মক?

 বি.এ. পৰীক্ষাৰ পাছত তেজপুৰত থকা ককায়েকৰ ঘৰত থাকিবলৈ আহিছিল তাই। সেই ককায়েকৰ ঘৰত থাকোতেই ওচৰৰ এঘৰ মানুহৰ ঘৰত বিয়া এখন খাবলৈ ককায়েক-বৌয়েকৰ লগত যাব লগা হৈছিল। নিজৰ ইচ্ছাৰ অবিহনেই বিয়ালৈ গৈছিল। কোনো চিনাকি মানুহ নথকা বিয়াখনত বৌয়েকৰ লগত বহি আছিল এঠাইত। সেই দিন জনাই নাছিল যে অজ্ঞাতে এযোৰ চকুৱে লক্ষ্য কৰি আছিল। আনকি বৌয়েকেও জনা নাছিল।

 সেই সময়ত পাতল, লাহি উজ্জ্বল বগা ৰঙেৰে ককাললৈকে বৈ পৰা একোছা ঘন কোলা চুলিৰে

 সেইজনী গায়ত্ৰী। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল সেই বিয়াঘৰখনত।

 হয়তো ফাগুন, এসোপা ৰঙ লৈ সেই দিনা চৌদিশে সিচিবলৈ সাজু হৈছিল, অজ্ঞাতে।

 নিৰ্দিষ্টসময়ত সিহঁত বিয়া ঘৰৰ পৰা উভতি আহিছিল। এৰি থৈ আহিছিল অজানিতে এক সম্ভাবনাৰ জোৱাৰ।

 বিয়ালৈ যোৱাৰ কথা পাহৰিয়ে পেলাইছিল। তাৰ দুদিনমান পাছত ককায়েক বজাৰলৈ যাওঁতে যিঘৰ মানুহৰ ঘৰত বিয়া খাবলৈ গৈছিল, সেই মানুহ ঘৰৰ এজন সদস্য লগ পালে। তাতে ককায়েকক লগ কৰি তেওঁ ক'লে, “কথা এটা আছিল।”

 কি কথা বুলি ককায়েকে সোধাত, মানুহজনে সকলো কৈছিল। কেনেকৈ সেইদিনা এজন লৰাই তাই মানে ঘূণক চাই আছিল, আৰু সেই লৰাজনে বিয়া কৰাব বিচাৰে। তেওঁলোকৰ কিবা আপত্তি আছে নেকি। ল’ৰাৰ সকলো ভাল গুণ, গৰিমা মানুহজনে ককায়েকৰ আগত বিশ্লেষণ কৰি গ'ল।

 একেষাৰেই ককায়েক মান্তি হৈ গৈছিল। আৰু ল'ৰাজনক ককায়েকে ঘৰলৈ নিমন্ত্ৰণ দিছিল।

 ঘৰত আহি ককায়েকে বৌয়েকৰ আগত সকলো কৈছিল। বৌয়েকে তাইক সুধিছিল সেইদিনা বিয়াঘৰত কোনো ল'ৰা তাইৰ চকুত পৰিছিল নেকি?..তাই ৰ মনত নাই ...কোন লৰা হব পাৰে বাৰু!! যি মনে মনে পচন্দ কৰিছিল তাইক!!

[ ১৩৭ ]  ৰাতি লৈ যিজন মানুহৰ আগত প্ৰিয়ানুজে তাইক ভাল লাগিছে বুলি কৈছিল তেওঁ আহিল। দাদাক বৌয়েকৰ লগত কি কথা পাতিছে শুনিবলৈ তাই কাষৰ ৰুমটোত কাণ পাতি থাকিল। তেওঁ প্ৰিয়ানুজৰ বিষয়ে বহু কথা ক'লে, বহুত ভাল লৰা, একো বেয়া বস্তু নাখায়, স্বভাৱ চৰিত্ৰ ভাল, গতিকে তেওঁলোকে মানে দাদাকক ভাবিবলৈ ক'লে। কথাবোৰ শুনি তাই ৰ ভাল লাগিল, মদ খোৱা মানুহ ভাল নাপায়। সেই কাৰণে তাইৰ বিয়া বুলিলেই ভয় লাগে, লৰাই মদ-ভাঙ খাই যদি পাছত তাই কি কৰিব। তাৰ বিষয়ে কোৱা কথাবোৰ শুনি তাইৰ অজানিতে যেন বুকুত এক শিহৰণ বৈ গল। তাই মনটোয়ে তাইক যেন কৈছে। তোৰ সপোনৰ সদাগৰ তোৰ নিচেই কাষত

 তাই মনত পেলাবলৈ যত্ন কৰিলে, কোনটো ল'ৰা হব পাৰে। নাই তাইৰ মনত নাই, অথচ মানুহজনে কৈছে লৰাই তাইক একেবাৰেই ওচৰৰ পৰা দেখিছ। তাই হে নাচালে নে। জীৱনত দ্বিতীয়বাৰ তাই বুকুত আবেগৰ নদীৰ ঢল নামিছিল, আৰম্ভণীতেই শেষ হৈ গ'ল। ইতিমধ্যে তাইৰ ঘৰলৈ যোৱাৰ সময় ওচৰ চাপি আহিল। আবেলি কলিংবেলৰ শব্দত বৌয়েকে দুৱাৰ খোলা তাই শুনিবলৈ পালে। বৌয়েক কিবা কথাত বৰ খুচ যেন লাগিল তাইৰ। বাহিৰলৈ আহি পৰ্দাৰ ফাকেৰে তাই দেখা পালে সেই মানুহজন, যাৰ ঘৰত তাই বিয়া খাবলৈ গৈছিল। আৰু শুনা পালে প্ৰিয়ম আৰু তাইৰ অতি সুন্দৰ যোৰা আহিছে। গতিকে এতিয়া সি আগবাঢ়িব আৰু। বৌয়েকে লৰাক এদিন আহিবলৈ ক'লে। তাই বহু দেৰিলৈকে কবনোৱাৰা হৈ আছিল কাণেৰে কি শুনিবলৈ পালে তাই। নিজৰ ওপৰতে খঙো উঠিল, নেদেখা নজনা ল’ৰা এটাৰ বাবে কি ইমান আকুলতা!! হয়তো প্ৰেম এনেকুৱাই॥

“এখোজ দুখোজ তুমি
নিচেই কাষত।
উলাহে নধৰে মোৰ বুকুৰ মাজত”

 “প্ৰেমৰ উপহাৰ লৈ আগবাঢ়ি অহা পুৰুষক কোনো নাৰীয়ে উপেক্ষা কৰিব পাৰেনে হৃদয়েৰে!!” নোৱাৰে। সেয়ে তাইও নোৱাৰিলে। এদিন ল'ৰাটো মানে প্ৰিয়ম তাইৰ দাদাকৰ ঘৰলৈ আহিল। পুৰুষ সুলভ চেহেৰাৰ অধিকাৰী প্ৰিয়মক তাই ভাল লাগিল। ভাল লাগিল তাৰ কথা, তাৰ তাইৰ প্ৰতি গঢ়ি উঠা বিশ্বাস, ভালপোৱাত। তাইও কথা দিলে, প্ৰতিশ্ৰুতি দিলে তাৰ আকুলতাত। দাদাক বৌয়েকৰও আপত্তি কৰিব লগা একো নাথাকিল। তাই তাত থকা দিনকেইটাত সি কেইবাদিনো তাইৰ ওচৰলৈ গ'ল। লাহে লাহে তাই সহজ হৈ পৰিল তাৰ লগত কথা পাতি। স্বভাবতে চঞ্চল তাই, কথাই প্ৰতি খিল-খিলাই হাঁহি থকা তাই ক দাদাক বৌয়েকে বাৰে বাৰে সকিয়াই থাকিল বেছি কথা নহ'বলৈ। কাৰণ তেতিয়ালৈকে তাৰ ঘৰৰ মানুহ অহাই নাছিল। কেৱল ল'ৰাৰ কথাতে তেওঁলোক পতিয়ন যাব পৰা নাছিল তেতিয়ালৈকে।

 তাইক ঘৰলৈ নিবলে দেউতাক আহিল, দেউতাকৰ লগতো সি কথা পাতিলে। দেউতাইও বেয়া নাপালে। মাত্ৰ ক’লে তাৰ ঘৰৰ মানুহৰ লগত কথা পতিব। যিহেতু তাৰ মাক দেউতাক আছে, তেওঁলোকৰ সন্মতি থাকিব লাগিব। সি তাৰ ঘৰৰ মানুহ শিৱসাগৰলৈ যাব বুলি কথা দিলে। তাই ঘৰলৈ যোৱাৰ আগদিনা সি আহিল তাইক লগ পাবলৈ। বাহিৰৰ ৰুমত বহি সি তাইক কৈছিল, তাৰ কেইটামান কথা আছে তাইক কবলৈ। তাই ক'বলৈ কৈছিল। সি পুনৰ কলে “তুমি কথাবোৰ সহজে লব পাৰিবানে।” পুনৰ তাই বুকুত খুন্দা খালে। এনে কি কথা হব যাৰ বাবে সি এনেদৰে কব লগা হ'ল। তাক ইতিমধ্যে তাইৰ বুকুত নিগাজি কৰিছে। এনে কি কথা হ’ব যি তাই হজম কৰিব নোৱাৰিব। তাৰ যি কোনো কথা সামৰিব পৰাকৈ তাই যে এতিয়া সাহসী হৈ উঠিছে সি চাগৈ বুজিয়েই পোৱা নাই। তাই তাক ক'লে তাৰ যিমান কথা আছে তাইৰ আগত সি ক'ব পাৰে। ইমান জটিল মনৰ ছোৱালী নহয় তাই। সি ক'লে, “তুমি যেতিয়া মোৰ জীৱনলৈ আহিবাই, মোৰ কোনো গোপন অধ্যায় তোমাৰ ওচৰত নাৰাখো। তুমি শুনা ইয়াৰ আগতে এজনী ছোৱালীৰ লগত মোৰ এক গভীৰ সম্পৰ্ক আছিল। হ'ব লগ বিয়া নহ'ল।” তাই চক খাই গল। তাই ভাবিছিল তাৰ জীৱনত তাইয়েই প্ৰথম নাৰী। তাৰ গভীৰ ব্যক্তিত্ব গহীন স্বভাৱ দেখি তাই ভাবিবই পৰা নাছিল যে সি তাইক পোৱাৰ আগতেই হৃদয় ভাঙি থৈছে। তাই নিজক বুজালে, তাই পাৰিবৈ লাগিব, উদাৰ হ’ব। হৃদয় পুনৰ গঢ়িবলৈ সি তাইৰ হাত বিছাৰি আহিছে। তাক তাই নিৰাশ নকৰে। কৈছিল, কলেজীয়া জীৱনত সকলোৰে জীৱনত কম বেছি পৰিমানে থাকেই এইবোৰ। গতিকে এইবোৰত তাই ইমান গুৰুত্ব দিব লাগিবই বুলি তাইনাভাবে। আৰু ক'লে তাইৰও আছিল। আজি সেই লৰাটোৰ চেহেৰাই পাহৰিলে। [ ১৩৮ ]  কলেজৰ দিনৰ সেই বাটৰ প্ৰেম বাটতে শেষ। ঘৰৰ মানুহৰ ভয়ত, দাদাকৰ ভয়ত তাই সেইবােৰ বাদ দিছিল। তাই প্রিয়মক জনাই দিলে, যে সেইবােৰ কথা তাই নুশুনে, অতীত অতীতেই। অতীতক লৈ তাই জীয়াই নাথাকে। অনাগত দিনৰ সপােন ৰচিহে তাই ভাল পায়। তথাপিও সি কৈছিল তাৰ কথাবােৰ শুনিবলৈ। নহ'লে হেনাে তাই পাছত কষ্ট পাব আনৰ পৰা যদি শুনিবলৈ পায়। তথাপিও তাই এই কথাবােৰ বেছি আগ নবঢ়ালে। মাত্র তাই প্রিয়মক ভাল পায় আগত কি আছিল নিবিচাৰে তাই। তাইৰ হাতখন তাৰ দুই হাতৰ মাজত লৈ যাৰ সময়ত সি কৈ গ'ল, তােমাৰ দৰেই জীৱন সংগী বিচাৰিছিলোঁ মই, তুমি মােক সংগ দিলে মই জীৱনত বহু কিবা কৰিব পাৰিম। সীমাহীন প্রতিশ্রুতিৰে বুকু গধুৰ কৰি তাই ঘৰলৈ উভতিছিল। কাণত বাজিছিল সেই গীত। গানৰ কথাবােৰে যেন তাইক কৈ দিছে তাৰ মনৰ কথা।

“হয়তাে তুমিয়েই মােৰ জীৱনৰ প্রথম পুৱতি নিশা
হয়তাে বা তুমি, তুমিয়েই মােৰ সূর্য হেৰাই যােৱা,
তােমাৰ বলেৰে হবওতু পাৰে এইবাৰ ঘৰ সজা।”
“তুমি কৈছিলা আমাৰ সপােন এদিন সফল হ'ব
বন্দী সজাৰ দুৱাৰ ভাঙি দুটি পখী উৰি যাব।”

 তাৰ পিছত দিনবােৰ বৰ বিষাক্ত হৈ পৰিল তাইৰ বাবে। সি তেজপুৰত তাই শিৱসাগৰত, তাক লগ পাবলৈ মনটোয়ে হাহাকাৰ কৰি থাকিবলৈ ললে। আহিম বুলি কৈও অহা নাছিল। ইতিমধ্যে তাইৰ পৰীক্ষাৰ ৰিজাল্ট ওলাল। অর্থনীতিত মেজৰ ৰাখি তাই ডিগ্রী লাভ কৰিলে। তাইৰ এম.এ. পঢ়াৰ ইচ্ছা আছিল যদিও ঘৰত তাইৰ বিয়াৰ কথাহে বেছিকৈ আগবাঢ়িবলৈ ধৰিলে। বিবাহযােগ্য ল'ৰাৰ সঘনে প্রস্তাৱ আহিবলৈ ধৰিলে। এনেসময়তে এদিন প্রিয়ম গৈ তাইৰ ঘৰ ওলাল।

 উলাহে নধৰা হল তাইৰ। মাকৰাে তাক ভাল লাগিল। কিন্তু তাইকহে বেছি কথা পাতিবলৈ দিয়া নাছিল। সৰুৰে পৰা সিহঁত বৰ কাঢ়া শাসনত ডাঙৰ হৈছে। তাইৰ মাত্ৰ খােৱা বােৱা দিয়েই থাকিল। কথা হল অতি সােনকালেই সি ঘৰৰ মানুহ আনিব, বিয়াৰ কথা ঠিক কৰিবলৈ। সেইবাৰ আহি যােৱাৰ পাছত বহুদিন তাৰ খবৰ নােহােৱা হ'ল। তাইৰ দাদকো আন ঠাইলৈ চাকৰি সূত্রে বেলেগ ঠাইলৈ গুচি গ'ল। খবৰ পােৱাৰ কোনাে উপায় নাথাকিল তাইৰ। এদিন তাইৰ নামত এখন চিঠি আহিল প্ৰিয়মৰ। বুকুৰ সমস্ত আৱেগেৰে তাই প্ৰিয়মৰ চিঠি পড়ে। ঘৰৰ আনে নেদেখাকৈ বহু সময় চিঠিখন তাই বুকুত সাৱটি লৈ থাকে, চুমা খায়, বাৰে বাৰে পঢ়ে। আছেনে বাৰু তাৰাে তাইৰ প্রতি এনে আবেগ। যদি আছে সি কেনেকৈ থাকিব পাৰে এবাৰাে তাইৰ ওচৰলৈ নহাকৈ। দিনেদিনে ঘৰত তাইৰ বিয়াৰ কথা বাঢ়ি যাবলৈ ধৰিলে। তাৰ চিঠিৰ পৰা জানিব পাৰিলে সি ঘৰত এতিয়াও কথাবােৰ ক'ব পৰা নাই। কাৰণ তাৰ আর্থিক অৱস্থা তেতিয়ালৈকে বৰ ভাল হােৱা নাই। লাহে লাহে সি ঘৰত জনাম বুলি ক'লে। তাইৰ মূৰত যেন সৰগ ভাগি পৰিল। দেউতাকে মানিব জানাে তাইৰ কথা। কিয় সি ঘৰত কথাবােৰ কোৱা নাই। নে তাক লৈ তাইহে বেছিকৈ সপােন দেখিলে। তাই কৰবাত পাইছিল “বিয়া সেই জনক কৰােৱা যি তােমাক ভালপায়, তুমি যাক ভালপােৱা তেওঁক নহয়।”

 ডুলিয়াজানৰ এঘৰ মানুহৰ লগত তাইৰ বিয়াৰ কথা চলিছে। তাইৰ মূৰে কম নকৰা হ'ল। তাই মাকক ক'লে যদি বেছি জোৰ কৰা আনৰ লগত বিয়া হ'বলে, মনে মনে তাই প্রিয়মলৈ গুচি যাব, নহ'লে বিহ খাই মৰি যাব। কেতিয়াও তাৰ বাদে আন লৰা বিয়া নকৰায়। মাকে কৈছিল, “আমিতাে নিদিওঁ বুলি কোৱা নাই, সি কিয় ঘৰৰ মানুহ আজিলৈকে আনিব পৰা নাই।”আৰু কৈছিল, “তাৰ মাকে তােক কলৰ তলৰ পৰা আদৰি নিলেহে সেইখন ঘৰতেই সুখী হ'ব পাৰিবি।” মাকৰ কথা শুনি তাই থৰে থৰ ৰল ।

 ভয় তাইৰাে লাগিছিল। কি হ'ল তাৰ ...। সি এদিন আহিল। লৈ আহিছে বহু আশাৰ বতৰা। ঘৰৰ মানুহ আহিব, আঙঠি পিন্ধাবলৈ। তেতিয়ালৈকে তাই তাৰ ঘৰৰ মানুহ লগ পােৱা নাছিল, আৰু তাইকো তাৰ ঘৰৰ মানুহে দেখা নাছিল। সি তাইক কৈছিল সপােন সফল হ'বলৈ আগবাঢ়িছে। তাক বহুত সুখী যেন লাগিছে তাইৰ। মুৰত আকাশ ভাগি পৰা লৰাটোক তাই দুহাতেৰে তুলি ধৰিবলৈ তাই নিজক সাজু কৰিলে। তেতিয়ালৈ ঘৰৰ মানুহে তাৰ লগত কথা পাতিবলৈ দিছিল। তাইৰ হাত দুখন স্পর্শ কৰাৰ বাদে সি তাই ৰ বেছি ওচৰ চপা নাছিল। তাইও বহু সংস্কাৰৰ মাজত ডাঙৰ হােৱা। বিয়াৰ আগৰ সেই অর্ধ-আকাশ ঃ ৰচনাসমগ্র, প্রথম খণ্ড [ ১৩৯ ] দিনবোৰত প্ৰেমৰ গভীৰতা হৃদয়তহে আছিল, দেহত নহয়। দৈহিক প্ৰেমক প্ৰশ্ৰয় নিদিয়াকৈ থকাটোয়ে তাইৰ বাবে প্ৰেমৰ সফলতা। ব’হাগৰ কোনোবা এটা গুৰু বাৰত তাই ৰ আঙঠী পিন্ধোৱাৰ দিন ল'লে।

“হাঁহিবোৰ চিলা হৈ উৰিছে।
আকাশ ৰঙীন হৈ নাচিছে।
সুখৰ ভৰত ভৰি আহিছে দুচকু”
ধুমুহাত থানবান মোৰ প্ৰেমৰ চহৰ
ঘৰ গুচি বাগিচা উচুপি উচুপি
কাইটে তিয়ালে মোৰ বুকুৰ ভিতৰ”

 কেতিয়া থান-বান হৈছিল তাইৰ প্ৰেমৰ ঘৰ!!! ভাবিছিল নে তাই বিয়াৰ আগতে। গোটেই জীৱন জুৰি কঢ়িয়াই লৈ ফুৰিব লাগিব আধাপুৰা কলিজাৰ বোজা।

 প্ৰথম এই খনঘৰত ভৰি থৈ তাই অনুভৱ কৰিছিল যিমান সহজ বুলি ভাবিছিল প্ৰিয়মৰ ঘৰৰ মানুহ, তাতকৈ বহু বেছি জটিল আছিল।

 তথাপি তাই তাৰ ঘৰখনৰ লগত মিলি যাবলৈ চেষ্টা কৰিলে। কাৰণ তাই নিজৰ ইচ্ছাৰে প্ৰিয়মৰ লগত বিয়া হৈছে। তাই নিজেই পথ সহজ কৰি লব লাগিব। তাইৰ ঘৰৰ মানুহৰ আগত তাই প্ৰিয়ম ঘৰখন ভাল বুলি শলাগ ল'লে। নিজেও তাৰ ঘৰৰ প্ৰতিজন সদস্যৰ মনত সোমাবলৈ চেষ্টা কৰি গ'ল।

 প্ৰিয়মকো তাই বেছিকৈ বুজিবলৈ চেষ্টা কৰি গ'ল। কাৰণ বিয়াৰ আগতে তাৰ লগত বেছিকৈ কথা পাতিবলৈ সুবিধা নাপালে। সি তাইৰ প্ৰতিটো সুবিধা অসুবিধাৰ প্ৰতি সচেতন যেনেই লাগিল তাইৰ। অন্ততঃ তাক লৈ তাইৰ বৰ চিন্তিত নহ'ল। বিয়াৰ এমাহ মান পাছতেই এদিন প্ৰিয়মৰ কঁকালৰ বিষ হ’ল। সি তাইকে দেখাই বেছিকৈ উস, আস কৰি থাকিল। ৰাতি খোৱা- বোৱাৰ পাছত ৰুমলৈ আহি তাই হাতত ভলিনী মলমটো লৈ আলফুলে তাৰ কঁকালত মালিচ কৰি গ'ল।

 সি আৰামতে দুচকু মুদি বিছনাত পৰি ৰ'ল। মুখেৰে তাইক জোকাই থাকিল,“ বুঢ়াই হ'লো ককাল পৰিল আৰু”

 তাই হাঁহি হাঁহি তাৰ গাত হাত বুলাই গ'ল। সি কৈ গ'ল

 “এইবাৰ তুমি ঘৰলৈ গ'লে তোমাৰ ঘৰত মানুহে কব আৰু ৰিয়াৰ গিৰিয়েকৰ কঁকাল পৰিল।”....মুহূৰ্তত যেন আকাশ খহি পৰিল মূৰত তাইৰ। সিও তলকা মাৰিলে। কোন বিয়া?? তাই ভাবিলে সি নিজকে ৰিয়াৰ গিৰিয়েক বুলি ক'লে যে!!!....তাই গায়ত্ৰী, গৃণ। তাইৰ উপস্থিত সি নিজক ৰিয়াৰ গিৰিয়েক বুলি কিয় ভাবিলে।

 মুখৰ হাঁহি নিমিষতে মাৰ গ'ল তাইৰ, তাৰ পিঠিত পৰি থকা হাতখন আঁতৰাই আনিবলৈ তাই বহুত যেন অনুভৱ কৰিলে। আচৰিত নীৰবতা নামি আহিল। মাজত।.....সি বুজিব পাৰিলে তাৰ ভুল।

 থাপ মাৰি তাইৰ হাতত ধৰি ৰাখিলে উঠি আহিব খোজাত। তাই একো নকলে মাত্ৰ সুধিলে, “কাৰ গিৰিয়েক আকৌ এবাৰ কোৱা চোন।” ৰিয়া কোন সুধিলে তাই। সি তাইক বুকুত জোৰকৈ সাৱটি লৈ, ...মাফ খুজিলে কান্দি দিলে, নতুনকৈ গঢ়িবলৈ লোৱা সংসাৰখন ভাঙি নেপেলাবলৈ তাইৰ ওচৰত অনুনয় বিনয় কৰিবলৈ ধৰিলে।

 তাই। মৌন হৈ ৰ'ল। ভাষা বিছাৰি পোৱা নাই, কি কব। লাহে লাহে তাৰ বুকুৰ পৰা ওলাই তাই বাথৰুমলৈ দৌৰিছিল।

 বাথৰূমত সোমাই তাই চাৱাৰটো খুলি দিলে। তাইৰ বুজিবলৈ বাকী নাথাকিল যে তাৰ পূৰ্বৰ প্ৰেমিকাই হয় ৰিয়া। যি তাৰ বুকু থান-বান কৰি জীৱনটো আওল লগাই আঁতৰি গৈছিল অন্য এজনৰ পত্নী হৈ। কিন্তু তাই ভবাই নাছিল যে ইমান প্ৰতাৰণাৰ পাছতো, তাৰ মৰম ভৰিৰে মোহাৰি থৈ যোৱা তাৰ বিশ্বাসঘাতক প্ৰেয়সীৰ নাম তাৰ মনত ৰৈ গ'ল। তাইৰ লগত তিনি বছৰ প্ৰেম কৰি বিয়া হোৱাৰ পাছতো হেৰাই যোৱা নাই তাইৰ নাম তাৰ কলিজাৰ পৰা।

 ভুল তাইৰে। সি বিয়াৰ আগতে তাইৰ আগত ক'ব বিচাৰিছিল তাৰ অতীতৰ বিষয়ে। কিন্তু তাই শুনিব নিবিচাৰিলে। ভাবিছিল এইবোৰ প্ৰায় মানুহৰ জীৱনলৈ আহে, তাইৰও আছিল। অথচ আজি সেই লৰাটোৰ চেহেৰাই তাইৰ মনত নাই। প্ৰিয়মক পোৱাৰ পাছত তাৰ বাদে অন্য কোনোবা তাইৰ মনৰ মাজত থকাৰ কথা তাই ভাবিবই নোৱাৰে। তাইৰ মনটো দুখত ভাগি পৰিল। তাৰ জীৱনত তাই ৰিয়াৰ খালি ঠাই পূৰাবলৈ আহিল নেকি?

[ ১৪০ ]  কিমান দেৰি তাই শ্বাৱাৰ খুলি বহি আছিল মনত নাই। সি তাইৰ জীৱনলৈ অহাৰ পাছত তাই সুখৰ আবেশত নিজকে বিলিন কৰি দিছিল, দুচকুত সপোন সানিছিল, গোটেই পৃথিৱীখন ৰঙীন হৈ পৰিছিল।...আৰু সি এতিয়াও ৰিয়াৰ মোহত আৱদ্ধ হৈ আছে। তাইৰ অস্তিত্ব তাৰ জীৱনত কি

 বাথৰুমৰ দুৱাৰ খুলি লাহে লাহে তাই ওলাই আহিল। দেখিলে সি তেতিয়াও শোৱা নাই। তাই লৈ চাই সি ৰৈ আছে। ...দুচকুত সমস্ত আকুলতা লৈ। আছে জানো সেই চাৱনি তাইৰ প্ৰতি অৱহেলা!!! তাৰ এনে আহ্বান দুচকুৰ পাৰিবনে তাই উপেক্ষা কৰিব!!!!!

 তাই গৈ বিছনাত বহিল .....বহু সময় নীৰবতাই গ্ৰাস কৰি থাকিল। সি আৰম্ভ কৰিলে

 “...তোমাক কথাবোৰ মই আগতেই ক'ব বিচাৰিছিলোঁ। তুমি শুনিব নিবিচাৰি। আজি তুমি শুনিব লাগিব।..

 একো নকৈ তাই মৌন হৈ ৰ'ল।

 ...সি কৈ গ'ল...কলেজত পঢ়ি থাকোতে এজনী ছোৱালীৰ লগত তাৰ প্ৰেম হৈছিল। অন্য কেইটামান লৰাই ৰেগিং কৰি থাকোঁতে বচাবলৈ গৈ তাইৰ লগত চিনাকি তাৰ।

 সেই চিনাকি পাছলৈ প্ৰেমৰ ৰূপ লৈছিল। সেই সময়ৰ কলেজত সকলোৱে চিনি পাইছিল সেই প্ৰেমিকযুগলক।

 ছয় বছৰীয়া প্ৰেমৰ শেষত তাই তাৰ মৰম ভালপোৱা ভৰিৰে গছকি আঁতৰি গৈছিল। দুয়োখন ঘৰে জানিছিল সিহঁতৰ ভালপোৱা। তাইৰ ঘৰত তাৰ অবাধ অহা যোৱা আছিল। সি কৈছিল তাইৰ ঘৰত তাক সম্পূৰ্ণ বিশ্বাস কৰিছিল, ৰিয়াক তাৰ ওচৰত প্ৰায় এৰি দিছিল। তাকে জোঁৱাই দৰেই ভাবিছিল।.....সকলো সম্পৰ্ক শেষ হৈ গৈছিল এদিন।

 তাই সুধিছিল যিজনী ছোৱালীয়ে তোমাৰ মৰম ভালপোৱা বুজিব নোৱাৰিলে, তোমাৰ প্ৰেম গচকি বেলেগৰ লগত সংসাৰ কৰিলে সেইজনী ৰিয়াৰ নাম আজিও তোমাৰ মুখত লাগি আছে কিয়??? নে তুমি আজিও তাইক পাহৰিব নোৱাৰিলা .......যদি নোৱাৰিলা পাহৰিব মোৰ কি প্ৰয়োজন আছিল তোমাৰ জীৱনত!!!!!!

 ...সি কথা দিছিল নাই আৰু কেতিয়াও তাৰ মুখত নুশুনে তাই সেই বিশ্বাসঘাটৰ কথা

 লাহে লাহে সিহঁত পুনৰ এক হৈ গৈছিল। তাই প্ৰিয়ম ৰ সকলো কথা সামৰি তাৰ মৰমত যেন বিলীন হৈ গ'ল। সিও তাৰ ঘৰৰ মানুহৰ হাতত তাইক গটাই বন্ধু বান্ধৱৰ লগত মিলি গ'ল। নিজৰ ব্যৱসায়ৰ বাবেও সি সেই সময়খিনিত চিন্তিত হৈ পৰিছিল। কাৰণ তেতিয়ালৈকে সি ভালদৰে সফল হ’ব পৰা নাছিল।

 তাৰ মাজতে এদিন তাই গম পালে, তাইৰ মাহেকীয়া আচৰিত ধৰণে বাঢ়ি গৈছে। এনেও তাইৰ নিয়মীয়া নহয়। কিন্তু এইবাৰ যেন বেছি। তাই প্ৰিয়মক ক'লে। সিহত দুয়োটায়ে সোনকালে সংসাৰ বঢ়াব বিছৰা নাছিল। তাই কি কৰিব ভাবি পাৰ পোৱা নাই। কথাটো ঘৰৰ মানুহে গম পোৱাৰ পাছত যেন সকলো জাঙুৰ খাই উঠিল। বিশেষকৈ তাইৰ শাহুয়েক। তাই আচৰিত হল তেওঁলোকৰ আচৰণ দেখি। হয় সোনকাল হ’ল বহুত। সেই বুলি তাই প্ৰথম সন্তান নষ্ট কৰিবনে? পাছত যদি একেবাৰে নহয় তেওঁয়েই তাইক ককৰ্থনা নকৰিবনে? তাই প্ৰিয়মক কথাবোৰ ক'লে। সিও মাকৰ কথা মানি নল'লে। তাই ঘৰত দেখিছিল ওচৰৰ বোৱাৰীবোৰ প্ৰথম মা হ'বলৈ ওলোৱা সময়খিনিত ঘৰৰ মানুহবোৰৰ আনন্দ ঘূৰ্তিবোৰ। আৰু তাই মা হব বুলি জানিব পাৰি প্ৰিয়মৰ ঘৰৰ মানুহৰ তাইৰ ওপৰত কৰা ককৰ্থনা, অৱহেলাবোৰ দেখি মনটো তাইৰ দুখত ভাগি পৰিল। প্ৰিয়মক কৈও একো লাভ নাই। কাৰণ সি ঘৰত মাতেই মাতিব নোৱাৰে। সেইবাবেই তাই মন মনে ৰ'ল।

 তাৰ কেইদিনমান পিছত প্ৰিয়মৰ মাকে তাক মাহীয়েকৰ ঘৰলৈ তাইক লৈ যাবলৈ ক'লে। লগতে বাটতে পাই যোৱা তাৰ আন চিনাকি বন্ধুৰ ঘৰতো ফুৰাই আনিবলৈ ক'লে। তাইৰ অলপো যাবৰ মন নাছিল। গাটো বৰ দুৰ্বল যেন লাগি আছে। তাইৰ। লগতে বমি বমি। তল পেটত কিবা এটাই খামুচি যেন ধৰি আছে এনে লাগিছিল। কিন্তু তাৰ মাকে যি কথা কলে শুনি তাই তবধ লাগিল।

 ...“যোৱা যোৱা বাটত জোকাৰ তোকাৰ খাই ওলাই আহেই কিজানি।” হে ভগৱান! এনে মানুহ থাকে নে? নিজৰ পুত্ৰৰ সন্তানৰ কথা এনেকৈ ভাবিব পাৰেনে?

 ভগৱানক চিন্তা কৰি তাই প্ৰিয়মৰ লগত ওলাল। বাছত।

 তাৰ বন্ধুৰ ঘৰত প্ৰথমে সোমাল। মানুহ ঘৰত বহিয়েই তাইৰ এইবাৰ অবাক হোৱাৰ পাল। তাইৰ লগত কোনো কথাৰ [ ১৪১ ] অবতাৰণা নকৰাকৈয়ে সকলো ব্যস্ত হল প্ৰিয়ম আৰু ৰিয়াৰ প্ৰেম কাহিনী লৈহে। তাই বৰ নিজকে অসহায় বোধ কৰিলে। নিজৰ আগতেই লাজ লাগিল তাইৰ।

 .....তাই আচৰিত হ'ল। এইটো বন্ধু নে? যি বন্ধু পত্নীক ন্যূনতম সন্মানখিনিও দিব নেজানে। ভাল বেয়া দুই এটা কথা পাতিবলৈও তাইৰ লগত কথা নাছিল নে? নে ৰিয়া-প্ৰিয়মৰ প্ৰেম কাহিনী শুনিবলৈ তাইক আনিছিল প্ৰিয়মে তালৈ।...তাতকৈ আচৰিত হ'ল প্ৰিয়মক দেখি। সিও যেন অলপো লাজ পোৱা নাই তাইৰ আগত। বন্ধুয়ে কৈ গৈছে ...কেনেকৈ প্ৰিয়ম আগতে বন্ধুৰ ঘৰলৈ যাওঁ বুলি ঘৰৰ মানুহৰ আগত ফাকি দি ৰিয়াৰ ঘৰত থাকে গৈ .ইত্যাদি নানা কথা। আৰু নিজৰ দৰে হাঁহি হাঁহি প্ৰিয়মে শুনি গৈছে।...উস!! নোৱাৰি আৰু ...তাইৰ মনৰ মাজত কি জোৱাৰ উঠিছে সি এবাৰো বুজিব পৰা নাইনে। মুখৰ আগতে স্বামীৰ অন্য নাৰীৰ স’তে অভিসাৰ সহিব পাৰিনে।...পেটৰ গোট মাৰিব ধৰা তেজৰ টুকুৰাটোয়ে যেন তাইক আৰু বেছিকৈ খামুচি ধৰিছিল...ওলাই আহিব খোজা চকুপানী জোৰকৈ সামৰি ৰাখিছিল তাই। কি লাভ আছে চকুলো দেখাই। প্ৰিয়মৰ ওচৰত এই চকুলোৰ মূল্য আছেনে।...সি যেন ভালেই পাইছে ...বন্ধুৰ কথাবোৰত। এনে লাগিল তাইৰ। প্ৰথম দিনাই তাইৰ বুকুত চোকা কটাৰীৰে ৰেপ দিয়া সেই বন্ধু পাছত তাৰ ঘৰলৈ আহিলে প্ৰিয়ম অতি সচেতন আছিল। কিজানি তাইৰ ব্যৱহাৰত বন্ধুয়ে বেয়া পায়...অথত জীৱনৰ আৰম্ভণিতেই তাইৰ কলিজা জ্বলাই থৈ গল তাৰ মৰমৰ বন্ধুয়েই। তাই বাৰে বাৰে অস্তিত্ব হেৰুৱাই গৈ আছে ...। সেই নিশা প্ৰিয়মৰ মাহীয়েকৰ ঘৰত থাকিবলৈ গ'ল তাই আৰু প্ৰিয়ম।

 সন্ধ্যা হোৱাৰ আগে আগে সিহঁত প্ৰিয়মৰ মাহীৰ ঘৰ পালেগৈ। বাটত গোটেই সময়খিনি তাই মৌন হৈয়ে গ'ল। তাই অনুমান কৰিবও নোৱাৰিলে তাৰ মনত সেই কথবোৰ শুনাৰ পাছত কেনে লাগিছে। তাইকো একো সুধা নাই। যেন একো হোৱা নাই এনে ভাব লৈ সি আহি আছে। আৰু বুজিবলৈও যত্ন নকৰিলে তাইৰ মনত কি ধুমুহাৰ সৃষ্টি হৈছে। ...

 মাহীৰ ঘৰ পাই তাই যিমান পাৰে সহজ হবলৈ চেষ্টা কৰিলে। নতুন ছোৱালীজনীক দেখি মাহীয়েকে আদৰ সাদৰকৈ লৈ গ'ল ভিতৰলৈ। ওচৰৰ দুই এঘৰ মানুহো আহিল তাইক চাবলৈ।

 তাই সহজ হৈ পৰিল। ভাল লাগিছে তাইৰ। মনে মনে প্ৰিয়ম লৈ তাই চাই দেখিছে, তাইৰ মুখত হাঁহি দেখিবলৈ পায় সিও যেন সকাহ পাইছে। নানা কথা বতৰাৰে বন্ধুৰ ঘৰত পোৱা পৰিবেশটো তাইৰ মনৰ পৰা আঁতৰি গ'ল।

 ৰাতিলৈ মাহীয়েকে বিধে বিধে খাদ্য বস্তু বনাই, এইটো খোৱা, সেইটো খোৱা কৰি থাকিল। তাইৰ একো খাবলৈ মন যোৱা নাই। পেটটো যেন উফন্দি আহিব এনে লাগিছে।

 প্ৰিয়মে গম পাইছিল কিয় তাই তেনে কৰিছে। কিন্তু একো নক'লে। তাইৰো লাজ লাগিল ক’বলৈ, তাইৰ যে দুমাহ মাহেকীয়া হোৱা নাই।

 শুবৰ সময়ত কাষৰ ৰুমত প্ৰিয়মক শুবলৈ দি মাহীয়েকৰ ছোৱালীজনী তাইৰ লগত শুলে। ৰাতি দুই জনীয়ে নানা কথা পাতিবলৈ ধৰিলে। তাইৰ মনটো বহু লাগিল, পাতল পাতল লাগিল। কথাৰ মাজতে জীনাই কলে, প্ৰিয়ম দায়ে ৰিয়া নামৰ ছোৱালী এজনী ভালপোৱাৰ কথা তুমি জানানেবৌ...............

 পুনৰ তাই উচপ খাই উঠিল সেই নামটো শুনি। ....চৌদিশে কেৱল এটাই নাম ...ৰিয়া... তাই জানো বুলি কলে। পুনৰ তাই ক'বলৈ আৰম্ভ কৰিলে।

 “...আমি যে ভবাই নাছিলোঁ সিহঁতৰ যে বিয়া নহ'ব।”

 ...“আমি একেখন কলেজতে পঢ়িছিলোঁ ...দাদা সদায় তাইৰ পিছে পিছে ঘূৰি থাকে। কলেজৰ একেবাৰে নাম্বাৰ ওন যুটী আছিল ..”

 কিয়নো নহ'ল বিয়া?.....সুধিলে তাই। তেতিয়া জীনাই কলে প্ৰিয়ম দাৰ বায়েকৰ বিয়া হোৱা নাছিল বাবে সি আগবাঢ়িব পৰা নাছিল....। জীনাই কলে। সেইবাবে ৰিয়াতকৈ বহু ডাঙৰ মানুহ এজনৰ লগত ৰিয়াৰ বিয়া হৈ গ'ল। কথাবোৰ সকলো মানুহে জানিছিল। আৰু ক'লে সেই সময়খিনিত দাদা প্ৰায়ে ৰিয়াৰ ঘৰতে আছিল।

 “জানা বৌ ৰিয়া দেখিবলৈ বৰ ধুনীয়া আছিল”

 তাই মৰা শলৈ পৰিণত হৈছিল। জীৱনত প্ৰথম বাৰ প্ৰিয়মৰ লগত ফুৰিবলৈ আহিছে। আৰু তাই শুনিব লগা হ'ল তাৰ প্ৰথম বিফল কাহিনী। আৰু বেলেগ কথা নাথাকে নে মানুহৰ। কিমান সামৰিব তাই....

[ ১৪২ ]  কিমান ধুনীয়া আছিল ৰিয়া......। তাই কি দেখিবলৈ একেবাৰে বেয়া!!...উস!!! পেটৰ খলমা বন্ধা তেজৰ ভেঁকুৰাটা যেন উজাই আহিছে ওপৰলৈ। সমবয়সীয়া এজনী ছোৱালীয়ে জানি শুনি এনে কথা কৈছে নে।...

 অলপো তাই বুজিব পৰা নাই নে নিজ পতিৰ পূৰ্বৰ ঘনিষ্ঠ প্ৰেম কাহিনী হজম কৰিব পৰাটো কিমান কঠিন।

 বুকু ভাগি গল তাইৰ। ধাৰাসাৰ চকুপানী বাগৰি গাৰু তিতি গৈছে।

 কাৰোবাৰ লগত বিয়াৰ আগতে কিবা এটা সম্পৰ্ক থকা টো তাই ইমান গভীৰ ভাবে নলয়। তাইৰো আছিল এটা ল'ৰাৰ লগত প্ৰেম। কিন্তু লগৰ দুই এজনীৰ বাদে আনে গম পোৱাৰ আগতেই শেষ হৈছিল। প্ৰিয়মৰ এনে সম্পৰ্ক আছিল নে ৰিয়াৰ লগত। কিমান গভীৰ আছিল এই সম্পৰ্ক!!...কিমান দূৰ আগবাঢ়িছিল সিহঁত????

 উচুপি উচুপি কান্দিছে তাই, জীয়াই নজনাকৈ। যিমানেই উচুপিছে সিমানেই পেটৰ তেজৰ চেকুৰাটোয়ে তাইৰ তলপেটত খামুচি ধৰিছে .....তাই পৰা নাই নিজক বুজাব

 তাৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত তাইৰ ভুল আছিল নেকি। আৰু ৰিয়া ধুনীয়া, কিমান... তাই কি কম নেকি ....তাইৰ ৰিয়াতকৈ কিহত কম??? তাই দেখা নাই ৰিয়াক

 কলেজত যে তাইৰ সৌন্দৰ্যৰ কথা কোৱা লগৰবোৰ, কলেজৰ কিতাপৰ দোকানৰ পুতুল দা, দ’লমুখৰ পাণ ভাণ্ডাৰৰ কৃষ্ণ দা,সিহঁতে তাইক লৈ কোৱা কথাবোৰ কি মিছা আছিল , সেই ৰাতি তাই শুব নোৱাৰিলে...

 “কলিজাৰ তেজ দুচকুৰে মোৰ বাগৰিছে ধাৰাসৰ

 মাজ সাগৰত সুৰ হেৰুৱাই উচুপিছে বাৰে বাৰে”

  বুকুত এটুকুৰা শিল বান্ধি তাই প্ৰিয়মৰ লগত ঘৰলৈ উভতিছিল। গোটেই বাটটো তাইৰ মনত একেটা কথাই জোকাৰি থাকিল। মাহীয়েকৰ ছোৱালী জীনাই কোৱা কথাবোৰ। ...“জানা বৌ ৰিয়া দেখিবলৈ ব হু ত ধুনীয়া ...”

 স্বাভাৱিকতে তাই ৰিয়াৰ প্ৰতি ইৰ্ষা হ'ল॥ কিমান ধুনীয়া!!

 কিমান ...!!

 শিৱসাগৰ ছোৱালী কলেজৰ দিনবোৰ মনত পৰিল। ককাললৈকে পৰা চুলিখিনি সদায় দুদালকৈ বেণী গুথিছিল তাই। ওখ, খীণ একেবাৰে লাহিকৈ গায়ত্ৰী কলেজলৈ অহা যোৱা কৰে। নিজৰ সৌন্দৰ্যৰ বিষয়ে ইমান সচেতনও নহয়। তাইৰ লগৰ জুনু, মামুয়ে কয়..“তোক চালে চাই থাকিবৰ মন যায়।তাই সিহঁতক ঢক দুটামান দিয়ে। কিনো কথাবোৰ কৈ থাক বুলি।এদিন আৰাধনা ইকলে ..“অই গায়ত্ৰী টিভিত চিংপাউদাৰ নিৰমাৰ এডভেট্ৰাইজ টো যে দিয়ে সংগীতা বিজলানিক দেখিছ, তই একেবাৰে তাইৰ দৰে।” ঘৰত আহি টি.ভি. ৰ মুখত বহি আছিল নিৰ্মাৰ এডভেট্ৰাইজ চাবলৈ।

 কলেজৰ ওচৰতে কিতাপৰ দোকান দিয়া পুতুল দায়ে কৈছিল “গায়ত্ৰী ছন্দ্ৰকান্তা ধাৰাবাহিকখন চাই ছানে ৰবিবাৰে যে টিভিত দিয়ে, চাবা চোন। ছন্দ্ৰকান্তা ৰূপী শিখাস্বৰূপ তোমাৰ দৰে একেই দেখিবলৈ।” ধেৎ ..কিনো কথাবোৰ কয়, তাইৰ লাজ লাগে। পাছত সেই ধাৰাবাহিকখন চোৱাটো তাই নিয়মীয়া হৈছিল।

 সেইজনী ছোৱালী আজি অন্য এজনী ছোৱালীৰ ওচৰত বিশেষকৈ স্বামীৰ প্ৰাক্তন-প্ৰেমিকাৰ ৰূপৰ ওচৰত হাৰি গ'ল। বুকুখন ৰিক্ততাই আগুৰি পেলালে তাই। বাটত আঁহোতে এবাৰো যদি সি কলেহেঁতেন..“এইবোৰ মানুহে তোমাৰ মন বেয়া কৰিবলৈ কৈছে,......মিছা কথা এইবোৰৰ ...।” তেতিয়াও তাই বহু শান্তি পালেহেঁতেন। কিন্তু সি একো নক'লে। যেন সি ভালেই পাইছে ,তাৰ প্ৰেমৰ কাহিনী তাইক শুনোৱাৰ বাবে, যেন শুনাটো তাইৰ জৰুৰী আছিল। তাইও একো নক'লে। যদিও তাইৰ তিনি বছৰ তাৰ লগত প্ৰেম হৈ বিয়া হৈছে। ভয় কৰে তালৈ তাই। বিয়াৰ পাছৰে পৰা তাই দেখিছে অলপ কথাতে সি ডাং খাই উঠে। সেয়ে তাই একো নকয় বুলি সিদ্ধান্ত ল'লে। তেতিয়ালৈকে তাৰ ব্যৱসায় ভালদৰে আগবঢ়াব পৰা নাই বাবেই সি অলপ হতাশ বুলি ভাবি তাইও অশান্তি নকৰোঁ বুলি মনে মনে ৰ'ল।

 ঘৰ আহি পোৱাৰ পাছত তাই কেইদিনমানৰ বাবে মাকৰ ঘৰলৈ থকাকৈ গুচি গ'ল। মাকৰ ঘৰত থকা দিনকেইটা তাই শুইয়েই থাকিল। ইমান হাঁহি থকা ছোৱালীজনীৰ মুখত বিষাদৰ ছা দেখি ঘৰৰ মানুহ আচৰিত হ'ল। তাইৰ মা হবলৈ আগবাঢ়ি যোৱাৰ কথা জানি সেই কাৰণেই তেনেকৈ আছে বুলি ভাবি ল'লে।

[ ১৪৩ ]  এনেদৰে মন মাৰি থাকে বাবে এদিন ঘৰৰ সকলাে মানুহে গাড়ী এখন লৈ জয়সাগৰলৈ ফুৰাবলৈ তাই ক'লৈ গ'ল।

 ওলাই আহি তাইৰ অলপ ভাল লাগিল। জয়সাগৰ কাৰেংঘৰৰ চোতালত বহি থাকোতে একেলগে পঢ়া ৰূপাক লগ পালে। তাই কৈ গল, “অই ঘূণ তােৰ মিষ্টাৰক মই জানোঁ।” তাই আচৰিত হ'ল। সুধিলে কেনেকৈ??? ৰূপাই কৈ যাবলৈ ধৰিলে। ৰূপাৰ ঘৰৰ ওচৰৰে অৰ্চনা নামৰ এজনী ছােৱালীৰ ঘৰলৈ প্ৰিয়মৰ অহা যােৱা আছিল। চেন্নাইলৈ যাওঁতে ৰেলত লগ। পাইছিল। প্রিয়মৰ অৰ্চনাক বিয়া কৰাবৰ মন আছিল, কিন্তু তাইৰ ঘৰৰ মানুহে অর্চনাৰ বায়েকক দিব বিচাৰিছিল। সি বায়েকক পছন্দ কৰা নাছিল।

 এইবােৰ কথা তাই কেনেকৈ জানিল সােধাত ক'লে অর্চনাই কৈছে। তােৰ ওচৰলৈ যিমান বাৰ সি আহিছে অর্চনাৰ ঘৰতাে সােমাই গৈছিল। তাৰ বিয়ালৈও মাতিছিল। তাইৰ দেউতাক গৈছিল বিয়া লৈ।........

 তেতিয়া তাইৰ মনত পৰিল। বিয়াৰ দিনা সি জয়সাগৰৰ এজন মানুহৰ লগত তাইক চিনাকি কৰাই দিছিল।

 তাই কি কবনাে ৰূপাক।...পুনৰ আৰু এট আঘাত ..দুদিন পাছত তাইক নিবলৈ অহা প্রিয়মক অর্চনাৰ কথা সােধাত কৈছিল ....তাইৰ দেউতাকৰ লগত তাৰ বৰ ভাল সম্পর্ক। সেই বাবে সি যায়। তাই ক'লে ভাল কথা... কিন্তু তােমাৰ ইমান ভাল সম্পর্কৰ মানুহ ঘৰলে। মােক কিয় এবাৰাে লৈ নগ’লা...তেতিয়া ই সি ডাং খাই উঠিল।...ক'লে “..এনেই নিনিলোঁ। কিমান ফুৰা আৰু।”

 পাছলৈ তাই ৰূপাৰ পৰাই জানিছিল....কি দৰে তাইক দুমহীয়া কেচুৱাৰ সৈতে অকলে এৰি প্রিয়মে তাৰ মাক-দেউতাকৰ লগত। শিৱসাগৰত থকা মাহীৰ ছােৱালীৰ বিয়া খাবলৈ আহি পুনৰ অৰ্চনাৰ ওচৰলৈ গৈছিল।

 টুকুৰা টুকুৰ হৈছিল তাইৰ কলিজা। তাই অকলেই এই আঘাতৰ বােজা কঢ়িয়াই নিয়া নাছিল, এই আঘাত পেটত বাঢ়ি অহা মঙহৰ টুকুৰাটোয়েও পাইছিল। তাই কেতিয়াও চকুপানী ওলাবলৈ নিদিয়ে বুলি শপত ল'লে।

 বৰ কষ্ট পায় মঙহ টুকুৰাই। তাই ভৱিষ্যতৰ চিন্তাক গুৰুত্ব দিলে। তাইৰ কলিজা জ্বলা ধোঁৱাই যাতে গাৰ সেই মঙহৰ টুকুৰাটোৰ একো যাতে। অনিষ্ট নহয়। তাই সজাগ হ’ল ....

“তুমি যদি কোৱা মই মােৰ কলিজাতাে জ্বলাই দিব পাৰোঁ
পুৰা কলিজাৰ গােন্ধ যদি তুমি ভালপােৱা
”পৃথিৱীখন এক মহা প্রান্ত,
তাই আশ্রয় বিচাৰি ঘূৰি ফুৰিব লগা হৈছে।”

 প্রাণ ভৰি ভালপায় তাই প্রিয়মক। যি য়েই নহওক তাই পাহৰি যায়। পাগল তাই তাৰ কাৰণে। তাৰ হাতত ধৰি তাই মাকৰ ঘৰৰ পৰা প্ৰিয়মৰ ঘৰ পালেহি।

 ঘৰত আহি তাই পুনৰ কামত লাগিল। সকলােবােৰ কাম, বিশেষকৈ ৰন্ধা বঢ়া কামবােৰ লাহে লাহে তাইৰ ওপৰত এৰি দি শাহুয়েক, ননদ আজৰি হ'ল৷ ইফালে তাইৰ গা দিনে দিনে বেয়া হৈ আহিল। কিন্তু কোনেও তাইৰ দুখ ভাগৰ বুজিবলৈ চেষ্টা নকৰিলে। প্রিয়মও বন্ধু বান্ধৱ, নাটক আদি লৈ ব্যস্ত হৈ পৰিল। এনে সময়ত তাই প্রিয়মক বহু ওচৰত বিচাৰিছিল, কিন্তু সি সেই কথা বুজিবলৈ যত্ন নকৰিছিল।...

 সময়মতে চিজাৰীয়ান অপাৰেচন হৈ তাই ৰ এজনী মৰম লগা ছােৱালী জন্ম হ'ল। মাতৃ হােৱাৰ আনন্দত তাই কব নােৱাৰা হৈ গৈছিল। তাই যে মা হ’ব এদিনাে আগতে ভবাই নাছিল। একো নজনাকৈয়ে তাই মা হৈ গ'ল।

 কিন্তু শাহুয়েক যেন বৰ সুখী নহ'ল। এনেই ইমান সােনকালে কেঁচুৱা হৈছে, তাতে আক ছােৱালী। তাই আচৰিত হ'ল। ছােৱালী হ'লে যে বেয়া কথা তাই তেতিয়ালৈকে জ্ঞানৰ বাহিৰত আছিল। মানুহে ছােৱালী হ'লে কিয় বেয়া পায় তাই নিজৰ মাকক বাৰে বাৰে সুধিছিল। সেই ৰাতি প্রিয়মক তাই ওচৰত বিচাৰিছিল। তাৰ মুখখন দেখি থাকিলে তাইৰ বিষটো বহুত কমি যায়। কিন্তু প্ৰিয়মৰ মাকে তাইৰ মাক আৰু প্ৰিয়মৰ ভায়েকক হস্পিটেলত থৈ তাক ঘৰত শুবলৈ লৈ গ'ল.......

 লাহে লাহে ছােৱালীজনীৰ লগত তাই ব্যস্ত হৈপৰিল। তাৰ মাজতে তাৰ ভনীয়েকৰ বিয়া হৈ গৈছিল। ননদৰ বিয়াৰ বজাৰ কৰাৰ সময়ত শাহুয়েক দেওৰেকহঁতে তাইক দেখাই দেখাই ভাল ভাল দামী দামী কাপােৰ কানি কিনিছে আৰু তাই যে লগত ভাল বস্তু নানিলে সেই কথা শুনাবলৈ নাপাহৰিলে। তাই লগত অনা সকলােবােৰ আউটদেটেদ। কথা শুনি তাই মুখৰ [ ১৪৪ ] মাত হৰিল। বিয়াৰ সময়ত দেখুন প্ৰিয়ম এই কৈছিল একো লগত আনিব নালাগে বুলি। তাৰ কথামতে একো ননা হ'লে আজি বাৰু তাইৰ কি অৱস্থা হলহেতেন! ছোৱালীজনীক বুকুতে লৈ তাই ৰুমত সোমাই থাকিল।

 ভনীয়েকৰ বিয়াৰ বাবে প্ৰিয়মেই বজাৰ কৰি আনিলে ভাগে ভাগে সকলোলৈকে। কিন্তু কাৰো মনত এবাৰো নপৰিল যে কাপোৰৰ নামত ফটাকানী এটুকুৰা তাইলৈও আনিব লাগে। তাই এইয়াই তাইৰ প্ৰাপ্য বুলি মনে মনে থাকিল। কাপোৰৰ প্ৰতি ইমান মোহ নাই তাইৰ। তাতে সিহঁত বহু ধনী মানুহ। তাই সাধাৰণমানুহৰ ঘৰৰ ছোৱালী। সিহঁতৰ ভাষাত।

 এদিন কথাৰ মাজত শাহুয়েকে তাইক ৰিয়াৰ কথা ক'লে ... পুনৰ তাই উচপ খাই উঠিল। ৰিয়া ..কোন ৰিয়া

 তাই সুধিলে ...শাহুয়েকে কলে কিয় আমাৰ বাবায়ে অনা কথা আছিল আক। বৰ ধনী মানুহৰ ঘৰৰ ছোৱালী। বহুত টকা আছিল সিহঁতৰ।...তুমিনাজানা নেকি?”...অবাক হৈ গ'ল তাই॥ আছে নে এনে মাতৃ যি নিজ পুত্ৰৰ ধোকা খোৱা প্ৰেমৰ কথা বোৱাৰীৰ আগত ক’ব পাৰে!!!

 পুত্ৰৰ সংসাৰখন আউল লাগিব বুলিও তেওঁ এবাৰ ভাবি চোৱা নাই নে?...নে আউল লগাটো বিচাৰিছে তেওঁ ...

 ...শাহুয়েকৰ মুখত ৰিয়াৰ নাম শুনি তাইৰ ধৈৰ্য্যৰ বান্ধ খুলি গৈছিল। কিন্তু মুখেৰে একো নক'লে। তাইৰ বুজিবলৈ বাকী নাথাকিল যে ধনী ঘৰৰ ছোৱালী ৰিয়াক যৌতুকৰ আশাত ঘৰৰ সকলোৱে মনে প্ৰাণে বিচাৰিছিল বোৱাৰীৰূপে। কিন্তু নিজৰ পুতেকৰ বুকুত প্ৰচণ্ড আঘাত দি আনৰ পত্নী হোৱা ছোৱালীজনী যে এতিয়াও তেওঁলোকৰ মনত ৰৈ আছে সেই কথা ভাবিহে তাই আচৰিত হ'ল। লাজ লাগিল তাইৰ মানুহ ঘৰৰ মানসিকতা দেখি।

 এই কথা তাই প্ৰিয়মক কৈছিল৷ ইমান ধনী ঘৰৰ ছোৱালী পাই কিয়নো সি বিয়া নকৰালে। অন্তত তাইকে বিয়া কৰোৱা হলে নিজে এইবোৰ কথা শুনি থাকিব লগা নহ'লহেঁতেন।

 ৰান্ধনী ঘৰত তাই ভাত বনাই থাকোতে শহুৰেকে শাহুয়েকক কোৱা তাই শুনি থাকে। ৰিয়াৰ লগত হেনু গাড়ীও দিছিল।...তেতিয়াশাহুয়েকে কৈছিল ইচৰাম! আমিয়েই পালোহেঁতেন নহয় গাড়ীখন...সেই কথা শুনি তাই গোটেই মানুহজনী জথৰ হৈ গৈছিল। ইমান নিৰ্দয় মানুহ নে এওঁলোক? এজনী মানুহৰ আগত পুতেকৰ প্ৰেমিকাৰ ঘৰৰ কথা আলোচনা কৰি থাকিব পাৰে ...। এইবোৰ কথাই যে পো-বোৱাৰীৰ সংসাৰ জ্বলাই দিব পাৰে সেই কথাটো ইমান ডাঙৰ মানুহহৈ তেওঁলোকে বুজি পোৱা নাই নে....।

 সুধি সুধি কথাবোৰ তাই প্ৰিয়মৰ পৰা জানিছিল। অৱশ্যে সিও নিজেই ক'বলৈ ভাল পাইছিল। ৰিয়াৰ দেউতাক এটা বিভাগৰ চাকৰিয়াল আছিল। বহুতো বাহিৰা টকা উপাৰ্জন কৰিছিল। এবাৰ হেনু এটা ৫০,০০০ লাখ টকাৰট্ৰাংক এটা সি নিজেই পুলিচৰ চকুত ধূলি দি ঘৰলৈ আনি দিছিল। আৰু ৰিয়াৰ লগত বিয়া হ'লে সেই টকাৰ ভাগ সিও পাব বুলি হেনু মাকে ভাবি আছিল।...কথা শনি তাই অবাক। থুৱাই দিবৰ মন গৈছিল তাইৰ ঘৰখনৰ মানুহবোৰক ...

 .....আৰু প্ৰিয়ম ...সি কেনে ল’ৰা ...? তাইৰ আগত দেখু বৰ আদৰ্শৰ কথা কয়। আৰু লোকৰ চোৰ কৰা টকাৰ ভাৰ লৈ নিজকে কিমান নাঙঠ কৰি দিলে। ছিঃ ছিঃ টকাৰ বাবে মানুহ ইমান তললৈ নামিব পাৰেনে।..কিয় নাজানিলে তাই এইবোৰ কথা বিয়াৰ আগতে...!

 তাই নিজৰ দেউতাকৰ কথা মনলৈ আহিল। তেওঁও এটা ভাল পদবীতে আছিল। কোনো দিন টকাৰ বাবে অসৎ উপায়। অবলম্বন কৰা নেদেখিলে। কিমান দুখীয়া মানুহৰ ঘৰৰলৰাক চাকৰি দিলে, বিনিময়ত একো নোলোৱাকৈ। নিজে দেখা তাই। হাত যোৰ কৰি দেউতাকৰ ওচৰত বহি থকা সেই বৃদ্ধাগৰাকী, হাতত দৈ গাখীৰ ৰঙাবৰা চাওলৰ ভাৰ লৈ চাকৰিৰ বাবে ঘৰত দিবলৈ অহা। সকলো দেউতাকে ঘূৰাই পঠিয়াইছিল......আৰু এইবোৰ মানুহৰ মানসিকতা চোৱা, লোকৰ অসৎ উপাৰ্জনৰ টকাকেইটা ৰিয়াই ঠগি থৈ যোৱাৰ পাছতো পাহৰিব পৰা নাই। তাইৰ ঘৰৰ তুলনাত এই ঘৰখন বৰ দুখীয়া যেন লাগিল তাইৰ।

 ...কথাই কথাই প্ৰিয়মৰ মাকে ৰিয়াৰ কথা তাই ক শুনাই থকাটো নিয়মৰ দৰে হৈ পৰিল। কাৰণ তাই ভাল যৌতুক লগত আনিব নোৱাৰিলে। ...এদিন কৰবাৰ পৰা পুৰণি এলবাম এটা আনি ৰিয়াৰ ফটো তাইক দেখুৱাইছিল। চাইছিল তাই। কাৰণ তাই আবেগ বিহীন এক প্ৰাণীলৈ পৰিণত হৈছিল।...এইখন ঘৰত তাইৰ হৃদয় এখন যে আছে, এইবোৰ কথাৰ বাবে তাই যে কষ্ট পাব পাৰে সেই কথা ভাবিবলৈ তাত কাৰো প্ৰয়োজন নাছিল। মাকেই কৈছিল সি হেনো তাইক আঙঠিও দিছিল...। তাই তেতিয়া শাহুয়েক কলৈ পুতৌ ওপজিছিল...নিজৰ লৰা ক'লৈ গৈছিল, কাৰ ঘৰত নিশা আছিল,.. মনে মনে [ ১৪৫ ] কাক আঙঠি পিন্ধাইছিল মাক হৈ নিজে খবৰ নাৰাখি এতিয়া বোৱাৰীৰ আগত সেই কথা কৈ কি বিচাৰিছিল তেওঁ .....?

 পুত্ৰৰ সংসাৰ ভগাটোনে কাজিয়া হোৱাটো... ঘৰৰ মানুহে যে তাইৰ মুখৰ হাঁহি হজম কৰিব নোৱাৰিছিল প্ৰতিটো কথাতে তাই উপলব্ধ হৈছিল।....

 ....এবাৰ তাই মাকৰ ঘৰৰ পৰা আহি শহুৰৰ ঘৰত ভিতৰ সোমাবকে পোৱা নাই... মাকে আহি প্ৰিয়মক কৈছে তাইৰ সমুখতে ...বাবা সিহঁতৰ ঘৰৰ বোৱাৰীজনী মৰিল ...

 তাই সুধিলে ক'ৰ বোৱাৰী.. তেতিয়া সি কলে ৰিয়াৰ বৌয়েক। তাই খং উঠি গ'ল ....কি সমন্ধ আছে এতিয়াও তোমাৰ সেই ঘৰখনত ...। বৌয়েক মৰাৰ কথাটো কবলৈ কি আন সময় নাছিল.... ইমান দুৰ বাট আহি ঘৰ পাইছেহি অকণমান ছোৱালীজনীয়ে অসুবিধা কৰিছিল নেকি সেই কথা সুধিবলৈ সময় নাই কৈছেহি পুতেকক গতিয়াই বাহিৰ কৰা দি বাহিৰ কৰা ঘৰখনৰ কথাকৈ.....

 অপমানিত হৈ তাই ৰুমলৈ গৈছিল। তাৰ পাছত ৰিয়াৰ বৌয়েকৰ সকামৰ চিঠিখন তাই দেখা পাইছিল। প্ৰিয়মক নিমন্ত্ৰণ দিছে। ...তাই সুধিছিল যিজনী ছোৱালীৰ বাবে সেইখন ঘৰত তোমাৰ সমন্ধ হৈছিল সেইজনী ছোৱালীয়ে তোমাক প্ৰতাৰণা কৰিছে , তাৰ পাছতো তোমাৰ সেই ঘৰখনৰ লগত কি এনে থাকিল.....। সেই কথাৰ উত্তৰ দিব কি ...? বাৰে বাৰে সি একে ভুলকে কৰে ...জানে তাই আজি কালি সেই ঘৰখনত তাইৰ অস্তিত্ব শূন্য ...। চাৰিওফালে তাৰ কাষত ৰিয়াৰ অস্তিত্ব বিৰাজমান ...

 এবাৰ প্ৰিয়ম যোৰহাটৰ পৰা আহোতে কাজিৰঙাৰ ওচৰত বেছি স্পিড়ত অহা কাৰণে পুলিচে গাড়ী ৰখাই ফাইন কৰিছিল ৫০০টকা। সেই পুলিচটোক নিজৰ চিনাকি দিছিল সি। কাৰণ পুলিচজন ৰিয়াৰ ভিনিহীয়েকৰ ভায়েক আছিল। তাই আচৰিত হৈ যায় ..আৰে ৫০০ টকা হ'ল দি দিয়া ..আগৰ কথাকৈ যে চিনাকি দিলা...লাজ নালাগে নে নে নিজকে এতিয়াও ৰিয়াৰ গিৰিয়েক বুলিয়েই ভাবি থাকা...

 প্ৰতি দিনে অস্তিত্ব হেৰাই তাই গৈ থাকিল।....

 “...মই ভাগৰা নাই জীৱন হেৰা নাই...”

 হয় ইমানবোৰ কথা শুনাৰ পাছতো তাই ভাগৰি পৰা নাছিল। কত পাইছিল তাই ইমান দৃঢ়তা তাই নিজেই বুজি পোৱা নাছিল। তেতিয়াও প্ৰিয়ম ৰ প্ৰতি থকা বুকুৰ আচৰিত মৰমবোৰ হেৰাই নগ'ল। তাৰ গভীৰ দুচকুত সদায় মৰমৰ বোৱতী নৈ এখনহে তাই দেখা পায়। তাইৰ ভ্ৰম যদিও তাই বুজি নাপায়। তাই মনটোক বাৰে বাৰে বুজনি দিয়ে হয়তু এইয়াই হৃদয়ৰ প্ৰকৃত ভালপোৱা। যি ভালপোৱা ই প্ৰিয়জনৰ হাজাৰ দোষো মাফ কৰি দিব পাৰে। আছেনে বাৰু প্ৰিয়মৰো এনে প্ৰেম, ভালপোৱা তাইৰ প্ৰতি। এনেও সি বৰ গহীন। তাৰ মৰমৰ প্ৰকাশো গহীন। তাৰ পূৰ্বৰ প্ৰেমিকাৰ কথা ওলালেই সি মাত্ৰ আচৰিত নিবতা অৱলম্বন কৰে। সেই বাবে সদায় তাই অশান্তিত জীৱন কটাইছিল। তাই এই ভাঙো এই ভাঙো হব খোজা সংসাৰ খন তাই যিকোনো প্ৰকাৰে ধৰি ৰাখিবলৈ বদ্ধ পৰিকৰ হ’ল। কাৰণ তাইৰ ঘৰত এইবোৰ কথা জানিলে বিশেষকৈ দেউতাকে বৰ দুখ পাব মনত।

 কিন্তু শহুৰ শাহুৰক এইবোৰৰ পাছত আৰু তাই আগৰ দৰে শ্ৰদ্ধা কৰিবলৈ মন নোযোৱা হ'ল। বিশেষ কৈ শাহুয়েকক। যি তাইৰ এটাও ভাল গুণ নেদেখি কেবল দোষকে খুচৰি থাকে। তথাপিও তাই নিজৰ কৰিব লগাখিনি নিয়াৰিকৈ কৰি গৈছিল। কোনেও নেদেখাকৈ হুক হুকাই কান্দিছিল। কেতিয়াবা কথাবোৰ ভাবি গোটেই ৰাতি উজাগৰে থাকিছিল। তাই মনৰ মাজত জ্বলি থকা জুইৰ কথা কিন্তু প্ৰিয়মে ঠিক ধৰিব পাৰিছিল। ৰাতি কেচুৱা শুৱাই উচুপি থকা দেখি সি আচৰিত হৈ চাই তাৰ বুকুত লৈ শুই পৰিছিল।

 কিন্তু তেতিয়াও তাইৰ টোপনি অহা নাছিল। বাৰে বাৰে মনত এটা প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ হৈছিল ....সি কোন বুলি ভাবি তাইক বুকুৰ মাজত লৈছে.....!!

 ৰিয়াৰ অস্তিত্বৰে বুকু আবৰি ৰখা প্ৰিয়মৰ তাইৰ বাবে আছেনে ঠাই বুকুত ...??

 নে ৰিয়াৰ অভাৱ পূৰাবলৈ তাক তাইৰ প্ৰয়োজন .....?

 কিমান গভীৰ আছিল ৰিয়া আৰু তাৰ প্ৰেম ....এই কথা তাইৰ জানিবৰ মন যায়। তাইৰ মনৰ মাজত চলি থকা এই [ ১৪৬ ]  ধুমুহাৰ কথা কাৰোবাৰ আগত কৈ মনতো পাতল কৰিবলৈও কোনো নাই।...নিজেই মনক সান্তনা দিয়ে। তাই ভাবিলে এদিন মনত সাহস লৈ তাই তাক সুধিব ...। কিমান দূৰ আগবাঢ়ি গৈছিল সিহঁত।...নহ'লে এইদৰে ঘৰৰ মানুহৰ মুখত তাইৰ কথা শুনি শুনি তাই পাগল হৈ যাব ....

 শাহুয়েকে কোৱা কথাবোৰ তাই যিমান পাৰে পাহৰি যাবলৈ যত্ন কৰিলে।

 ..ছোৱালীজনীক লৈ তাই সচেতন হল, যাতে এইবোৰ কথাত লাগি অকণমানজনী আলৈ আথানি নহয়।

 ....এদিন তাই প্ৰিয়মক সুধিছিল ...কোৱা তুমি কবই লাগিব সেই নাৰীৰ কথা ...যাৰ বাবে বাৰে বাৰে তুমি মোৰ অস্তিত্ব মোহাৰি যোৱা ...তোমাৰ ঘৰৰ মানুহে তোমাৰ সমুখতে মোক কব পাৰে প্ৰতিদিন সেই নাৰীৰ কথা ...

 অথচ মই কি কৰা নাই.....

 ...তোমাক সুখী কৰিবলৈ মই কি কৰা নাই.. কৈছিল সি ...

 তাইৰ ঘৰত তাৰ অবাধ অহা যোৱাৰ কথা...তাই ৰ ঘৰতো সিহঁতক অবাধ স্বাধীনতা দিছিল। কোনো বাধা নাছিল। ...তাইৰ শুৱনি কোঠালৈকে তাৰ অহা যোৱাত কোনো বাধা নাছিল।

 এবাৰ হেনু নিজৰ মিতিৰ এঘৰ মানুহৰ ঘৰত দুয়োটা ৰাতি একেলগে শুইছিল ..

 .....বৰ চেনী ছোৱালী আছিল তাই....

 ...মই কিন্তু একো পাপ কৰা নাছিলোঁ..

 তাই চকু কপালত উঠিল।....হে ভগৱান এনে ছোৱালীও থাকেনে???...যি নিজে আগবাঢ়ি যাব পাৰে লৰাৰ লগত শুবলৈ .....আৰু সি কৈছে ছোৱালীজনী চেনি আছিল, কেনেকৈ জানিলে সি...যদি একো পাপেই হোৱা নাছিল দুয়োটাৰ মাজত....তাই বহা ঠাইতেই জথৰ হৈ থাকিল।

 ..বিষাদৰ হুমুনিয়াহ এটা তাইৰ ওলাই আহিল

...গলি গলি প্ৰতি দিনে
পলে পলে জীৱন গলে.....।”

 ...বহু সময়লৈকে তাই বহি ৰৈছিল।..ভাঙি গৈছিল তাইৰ কলিজা টুকুৰা টুকুৰাকৈ। ...আছেনে আন কোনো নাৰী, পাৰিব নে সহ্য কৰিব নিজ পতি আন এজনী নাৰীৰ লগত এটা ৰাতি একেখন বিছনাতে শোৱাৰ কথা.....।

 সচাকৈ সিহঁতৰ মাজত একো হোৱা নাছিল নে...। সি কৈছে ৰিয়া তাৰ লগত মাজৰাতি কোনেও গম নোপোৱাকৈ তাৰ লগত শুবলৈ আহোতে সি খং কৰি তাইক নিজৰ বিছনাত শুবলৈ পঠিয়াই দিছিল।...বাহ প্ৰিয়ম। নিজকে তুমি কিমান মহাপুৰুষ সজাবা ...!! কোনোবাই বাৰু অকপতে মানি লব পাৰিবনে, মাজৰাতি এহাল ভালপোৱা ল'ৰা-ছোৱালীৰ মাজত একো পাপ হোৱা নাই বুলি ....।

 তাই ইমান মুখ নহয়...। যদি একো হোৱাই নাছিল এজনী ছোৱালীৰ ৰাতি বিয়া নোহোৱাকৈ প্ৰেমিকৰ ওচৰত কি বিচাৰি গৈছিল ...। আৰু সি ইমানেই সংযম হৈ থাকিব পাৰিলেনে...। যদি ইমান সি আদৰ্শ প্ৰেমিক আছিল তেতিয়া হ'লে তাই থকা মানুহ ঘৰলৈ সি কি বিচাৰি গৈছিল .... তাইৰ আগত যে প্ৰিয়মে কৈছিল বিয়া বৰ চেনি ছোৱালী আছিল... সেই ৰাতিয়েই সি গম পাইছিল নেকি?...তাই বিচৰ দৰে যৌনতৃপ্তি সি দিব নোৱাৰিলে বাবে পাছত তাক গোৰ মাৰি আনৰ লগত বিয়া হৈ গুচি গ'ল...

 তাই চিঞৰি চিঞঁৰি কান্দিবলৈ মন গৈছিল.... তাক জোকাৰি জোকাৰি তাইৰ সুধিবৰ মন গৈছিল ...। সি পাৰিব নে কব....তাই বেছি প্ৰশ্ন কৰিলেই সি গৰম হৈ যায়। কিন্তু তাই কৰিব কি....। উভতি যাব কলৈ। যদি উভতি যায় ছোৱালীজনীৰ কি হব। তাই ঘৰখনো ইমান ধনী নহয় যে তাই পুনৰ ঘৰৰ বোজা হৈ জীৱন পাৰ কৰিব পাৰিব।....

 এটা ই মাথো পথ, বুকুত শিল বান্ধি তাই তাৰ লগত সংসাৰ আগবঢ়াই নিব লাগিব। কিয় সি অলপো সচেতন নহ'ল। সিহঁতৰ সংসাৰখন আউল লাগিব বুলি ...তাৰ এই কথাবোৰ এখন ঘৰ ভাঙিব পৰাকৈ শক্তিশালী আছিল..তাৰ এই চিন্তা অলপো নাছিল নে...? নে সি তাইৰ পৰা অন্তৰ বিচৰা ই নাছিল... কেৱল দেহৰ তাগিদাতহে তাৰ প্ৰয়োজন নেকি তাইক। সেয়ে সি গুৰুত্ব নিদিলে...তাইৰ মনৰ বতৰা লোৱাৰ প্ৰয়োজনবোধ নকৰিলে..সেই কথাবিলাক শুনাই থকা মানুহৰ ওচৰতো [ ১৪৭ ] প্রতিবাদ নকৰিলে...। মােৰ প্রেমকেই শুনি থাক এনে ভাবত সি থাকিবলৈ ল'লে।

 তাইৰ ওচৰত যে সি অলপাে সচেতন নাছিল সংসাৰখন শান্তিপূর্ণ হৈ থকাটোৰ বিষয়েও যে অলপাে সচেতন নাছিল তাই জানিছিল সেই দিনা ভালকৈ....সকলাে কথাৰ উত্তৰ যেন তাই পাইছিল...

 ...ৰিয়াৰ লগত প্রিয়মৰ প্রেম কিমান দূৰলৈ গৈছিল তাই গম পালে। এদিন প্রিয়মৰ আগৰ বস্তুবােৰ ঠিক কৰি আছিল তাই। ইমান খেলিমেলি কৈ ৰাখে সকলােবােৰ। তাই সামৰি তত নাপায়। সেয়ে দুপৰীয়া ছােৱালীজনীক শুৱাই তাই বস্তুবােৰ চিজিল কৰাত লাগিল।

 কিতাপৰট্রাংকটো খুলি তাই দেখিলে এসােপা চিঠিৰে ভৰি আছে। কাৰ নাে চিঠি বুলি তাই চাবলৈ এখন হাতত ল'লে। তাই নিজৰেই চিঠিবুলি ভাবি লাজো লাগিল, নিজৰ আগতেই। কিন্তু তাইৰ চিঠিবােৰ সি বাহিৰৰ আলমাৰিতে সকলােৱে পােৱাকৈ থৈ দিছিল। তাইহে আহি সামৰি থৈছিল।

 কৌতুহল হৈ তাই চিঠিখন চাই দেখিলে সেইখন ৰিয়াৰ চিঠি। এখন এখনকৈ চাই গল তাই। ইমান সযতনে সি সাঁচি ৰাখিছেনে তাইৰ চিঠি...। অথচ তাই তাক এৰি যােৱা কিমান দিন হ’ল..!! তাই আহি কেনেবাকৈ পাব পাৰে বুলিও সি অলপাে চিন্তিত নহল নে? চিঠিবােৰ পঢ়ি তাই আচৰিত হ'ল৷ ইমান নির্লজভাবে কোনােবা ছােৱালীয়ে চিঠি লিখিব পাৰেনে। প্রতিখন চিঠিতে সিহঁতৰ প্ৰেমৰ অভিসাৰৰ কথা উল্লেখ আছে। সি তাইক কি কৰিছিল, বুকুৰ মাজত লৈ কত চুমা দিছিল ...সকলাে কথা মুকলিকৈ লিখা আছে।

 তাই নিজৰ আগতে লাজ লাগিল। তাইও দিছিল প্রিয়ম লৈ চিঠি। কিন্তু এনে কথা লিখিব পাৰিছিল নে। কোনাে দিন বিয়াৰ আগতেই সন্তান হােৱাৰ কথা পাতিছিল নে....আৰু ৰিয়া। সিহঁতে ৰাতি একেলগে কটোৱা সেই নিশাটোৰ কথা মুকলিকৈ চিঠিত লিখিবলৈ অলপাে লাজ নালাগিল। তাইৰ ঘৰতাে প্রিয়ম ৰাতি আছিল বিয়াৰ আগত। মাকে যাবলৈ দিছিল নে তাইক। চিঠি পঢ়িয়েই তাই ৰিয়া কেনে মানসিকতাৰ ছােৱালী বুজি পালে।

 আৰু প্ৰিয়মৰ কথা জানি তাই আচৰিত হ'ল, তাৰ পুৰণি ফাইলত ৰিয়াৰ দৰৱৰ প্ৰেচক্রিপচন কেইখন দেখি। তাইৰ অলপ গাঁ বেয়া হলেই খেংখেঙাই উঠা প্রিয়মে বিয়াৰ আগতেই ৰিয়াৰ প্ৰতি কৰা পালন কৰা দায়িত্ববােধ দেখি।

 তাই দুখ লাগিছে নে খং উঠিছে তাই বুজি পােৱা নাই। এইবােৰ দেখি কি কৰিব তাই। মানি লৈ হজম কৰাৰ বাদে কিবা পাৰিব তাই কৰিব....।

 তাতকৈ তাই আচৰিত হ'ল চিঠিৰ লগতে খােলা কমৰ পেকেটটো দেখি।...লগে লগে তাই সকলাে কথাৰ উত্তৰ পাইছিল।

 ৰাতি তাইক বিমর্ষ ৰূপত দেখি প্রিয়মে তাৰ কাৰণ সুধিছিল। তাই একো নকৈ কওমৰ পেকেটটোৰে সৈতে তীব্র যৌনগন্ধী চিঠিকেইখন তাৰ হাতত দিছিল। হয়তাে সিও সাজু নাছিল এই পৰিস্থিতিলৈ। বহু সময় তল মূৰ হৈ বহি থাকিল । আৰু তাই আলমাৰিতে থৈ দিয়া তাইৰ চিঠিখিনি ওলিয়াই আনিলে, যিবােৰ তাই প্রিয়ম লৈ দিছিল। তাৰ সমুখতে জুইশলা মাৰি চিঠিবােৰ জ্বলাই দিলে।...

 সি সেইখিনি পানী দি নুমাবৰ চেষ্টা কৰিলে.....

 তাই চিঞৰি ক'লে জ্বলিব দিয়া, তােমাৰ জীৱনত ৰিয়াৰ স্মৃতি সজীৱ কৰি ৰাখা,...মােৰ কলিজা আগতেই জ্বলালা, এতিয়া স্মৃতিবােৰাে জ্বলি শেষ হৈ যাওক। তাইৰ হাতৰ পৰা জুইশলাটো লৈ সি ৰিয়াৰ চিঠিবােৰাে জ্বলাই দিলে।...

 তাই মাথাে তাক কলে...বহু দেৰি কৰিলা প্রিয়ম। এতিয়া জ্বলাই একো লাভ নাই। তােমাৰ সকলাে কথা জনাৰ পাছত ৰিয়াও তােমাৰ মাজত কেনে সম্পর্ক আছিল সকলাে জনাৰ পাছত চিঠিখিনি তাইৰ ফটোবােৰ তুমি আজীৱন বুকুত লৈ থাকিব পাৰিলাহেতেন। মই বেয়া নাপাও। কাৰণ মােৰ মনত কিবা কষ্ট হব পাৰে বুলি তুমি কোনােদিনে এবাৰাে ভাবি চোৱা নাই। সেই অনুভৱ তােমাৰ নহ'ল নে?

 পুনৰ যেন পাহৰিব খােজা এটা নাম তাই শুনিবলৈ পালে। কি কথা আছিল সেই অচিনাকি মানুহজনৰ প্ৰিয়মৰ লগত? তাৰ ব্যৱসায় সমন্ধীয় কথা বুলি তাই প্রথমে মনােযােগ দিয়া নাছিল। কিন্তু দুটা আখৰৰ এটা নাম ৰিয়া.... এই শব্দটো শুনি তাই উচপ খাই উঠিছিল। কিমান দিন হ'ল আজি তাইৰ বিয়া হােৱাৰ....

[ ১৪৮ ]  হিচাপ কৰি চালে তাই ...ছয় বছৰেই হব আৰু। এতিয়াও কি ৰিয়াৰ অস্তিত্ব প্ৰিয়মৰ আশে পাশে বিৰাজমান নে???

 ..... ফোনটো শেষ হোৱাৰ পাছত তাই প্ৰিয়মৰ চকুলৈ চালে। তাইৰ চকুলৈ চাবলৈ তাৰ সাহ আছিল নে তাই বুজিব নোৱাৰিলে। সি গম পাইছিল যে তাই কথাবোৰ শুনি আছিল।

 সেই মানুহজনে প্ৰিয়মক আপত্তি দিছিল, যে ৰিয়াৰ ঘৰৰ কিবা এটা ঘটনাৰ বিষয়ে প্ৰিয়মে সেই মানুহজনক সহায় কৰিব লাগে। মানুহজনে আৰু কোৱা তাই স্পষ্ট শুনিছিল যে ....প্ৰিয়মৰ সেই ঘৰখনৰ লগত যে সম্পৰ্ক আছে তেওঁ জানে। সেই ঘৰখনে মানুহজনক কিবা এটা কথাত ঠগাইছে। গতিকে প্ৰিয়মে সহায় কৰি দিব লাগে।

 কথা শুনি তাইৰ মুৰে কাম নকৰা হৈ গ'ল.... তাই তাক সুধিলে গুৱাহাটীৰ মানুহেও জানে নে তোমাৰ আৰু ৰিয়াৰ প্ৰেম কাহিনী.... আজি বিয়া হোৱাৰ ইমান দিন পাছতো মানুহে তোমাক কিয় তাইৰ কথা শুনাই থাকে....

 ....নে তুমি ৰিয়াকেই বিয়া কৰালা বুলি জানে..মানুহবোৰে..???? সি নিমাত হৈ আছিল। পুনৰ তাই সুধিছিল। তাক....কিয় সি এই ধ্বংসকাৰী কথাবোৰৰ প্ৰতিবাদ নকৰে....কিয় সি এনে কথা শুনাই থাকিবলৈ মানা কৰিব নোৱাৰে.....কিয়....কিয়...কিয়...ক'ত তাৰ দূৰ্বলতা। যে নিজৰ বিবাহিতা পত্নীৰ আগতেই যাৰ মন যায় আহি তাৰ অসফল কলংকিত প্ৰেমৰ অধ্যায় শুনাবলৈ সাহস কৰিব পাৰে।

 ঘৰে বাহিৰে সকলোতে তাই মাত্ৰ শুনি শুনি জীৱন কটাব লগা হৈছে, কিয়...??? কাৰ ভুল তাইৰ নে? কলেজীয়া প্ৰেমে গোটেই অসম ৰজনজনাই গৈছিল নে...কিমানে জানে তোমাৰ পত্নীৰ নাম। গায়ত্ৰী বুলি.সুধিছিল তাই প্ৰিয়মক....তোমাৰ জীৱনৰ সকলো ভুল ভ্ৰান্তি নোহোৱা কৰি, সুখে দুখে নিজৰ জীৱন উচৰ্গা কৰি দিয়া তোমাৰ পত্নীৰ নাম কিমানে জানে???? কোলাৰ কেচুৱা পেলাই থৈ দিনে ৰাতিয়ে তোমাৰ ঘৰৰ মানুহৰ ভাললগা বেয়ালগাবোৰ নতশিৰে মানি লৈ শুশ্ৰষা কৰা তোমাৰ পত্নীৰ অস্তিত্ব কি দিলে কেতিয়াবা সি এবাৰলৈও ভাবি চাইছেনে....

 বুকুত ঢকিয়াই তাই কান্দে....কিয় বাৰে বাৰে তাৰ ওচৰত তাই অস্তিত্ব বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। এইখন ঘৰত তাই অস্তিত্বৰ সংকটত পৰিছে, য'ত কাষত তাইৰে প্ৰেমিক স্বামীৰ উপস্থিতিত। কিয় এনে হ'ল.....

 হয়তু কিছুমান মানুহ ভাগ্যত নাথাকিলেও হৃদয়ত আজীৱন থাকি যায়... হয়তু ৰিয়াও প্ৰিয়মৰ বাবে তেনে এক সম্পৰ্ক, যি হৃদয়ত থাকি গ'ল আজীৱন, তাইৰ বৰ্তমানেও

 আজিও একাকাৰ হৈ থাকি ৰ'ল প্ৰিয়মৰ হৃদয়ত।

 ক’তো তাইৰ মন নবহা হল। অনুশোচনাৰ গ্লানিত তাই জ্বলি পুৰি শেষ হৈ গৈছে। তাইৰ সিদ্ধান্ত বাৰু ভুল আছিল নেকি?? বাৰে জীৱনত হাবাথুৰি খাইছে নিজৰ অস্তিত্ব বিছাৰি...। কেনে জীৱন এইটো... যত প্ৰতিদিনেই আন এক নাৰীৰ অস্তিত্ব ই তাইৰ সত্বা উপলুঙা কৰি গৈছে।

 সেইজনী তাইয়েই নে যাৰ পাছত এদিন তাইৰ গুণমুগ্ধৰ অভাৱ নাছিল..! তাইৰ সৌন্দৰ্যৰ পূজাৰীয়ে ভীৰ কৰিছিল। তাইৰ চৌদিশে..! কিমান ল'ৰাৰ হৃদয়ৰ আহ্বান নেউচি তাই প্ৰিয়মৰ প্ৰেমত পাগল হৈছিল। আৰু আজি প্ৰতি দিনে তাইৰ মৃত্যু হৈছে প্ৰিয়মৰ অতীতৰ প্ৰেমৰ সমুখত।

 ....সেইদিনা তাই বৰ অকলশৰীয়া যেন লাগিল। ছোৱালীজনীৰ মুখলৈ চাই তাই একো বেলেগ সিদ্ধান্ত ল'ব নোৱাৰে। কিন্তু কিমান শুনিব এই কথাবোৰ ...? কিমান ভাঙিব তাইৰ সপোন...! বিমৰ্ষ ৰূপত তাইক দেখি সেই দিনা প্ৰিয়মৰ হয়তোবা কৰবাত আঘাত লাগিছিল। তাই সেই নিশা ভাত খোৱা নাছিল। সকলোকে খুৱাই তাই পাকঘৰ সামৰি নিজৰ ৰূমত আইনাখনৰ কাষত বহি থাকিল।...এতিয়াও তাইৰ সৌন্দৰ্য অলপো কমা নাই। মাতৃ হোৱাৰ পাছত আৰু যেন দুগুণ চৰিছে তাইৰ ৰূপ। কিন্তু ইমান উদাস তাই আগতে আছিল নে...? হাঁহি য়ে উপচি থকা মুখখনত সদাই বিষাদৰ ছাঁ....

 প্ৰিয়ম আহি তাইৰ কাষত বহিল। এখন হাতেৰে তাৰ বুকুলৈ আনি সি কৈ গ'ল....এই প্ৰথম সি এই বিষয়ে মুখ খুলিলে...

 সি কৈছিল...“মই জানো এইবোৰ কথাই তোমাক বহুত কষ্ট দিছে...বহুত আঘাত দিছে। এইবোৰ কথা মই অলপো গুৰুত্ব নিদিওঁ।...আৰু তুমিও নিদিবা।

 সি পুনৰ কৈছিল “এবিধ মানুহ আছে, যি আনৰ সুখ দেখিব নোৱাৰে। সেইবোৰ মানুহে দিনে ৰাতি চিন্তা কৰি আছে, [ ১৪৯ ] কেনেকৈ তােমাৰ আৰু মােৰ সংসাৰত জুই লগাব পাৰে। মই তােমাৰ দৰে জীৱন সংগী বহুজনমৰ সাধনাৰ বলত পাইছোঁ। তুমি ইমানবােৰ কথা শুনিও প্রতিটো কথাতে মােক সমর্থন কৰি গৈছা,...মােৰ কাষত আছা...মৰম ভালপােৱাৰে মােৰ জীৱন ভৰাই দিছ...। আন কোনাে নাৰীৰ লগত তােমাৰ তুলনা মই কৰিব নােৱাৰোঁ।”

 তাই সুধিছিল ...কিয় সি তেনে কথাকোৱা মানুহৰ ওচৰত একো প্রতিবাদ নকৰে, কিয় সেইবােৰ মানুহক ৰিয়াৰ কথা কবলৈ সুবিধা দিয়ে....সিঘৰৰ মানুহে ৰিয়াৰ কথা কলেও কিয় একো নকয়। সেইবােৰ কথায়ে তাইক যে প্রতি দিনে বুকুত চুৰি মাৰি যায়, সি অনুভৱ নকৰেনে...

 সি কৈছিল “কৰোঁ। তােমাক তেনে কথা শুনােৱাৰ বাবে মই কি শান্তিত আছে বুলি তুমি ভাৱিলা কেনেকৈ...। মই ঘৰৰ মানুহক কিবা ক'বলৈ গ'লেই সিহঁতে তােমাৰ ওপৰত অত্যাচাৰ বেছি কৰিব। তােমাক মই নিজৰ পছন্দত বিয়া কৰাইছোঁ। আজি তুমি মােৰ কাষত, মই কিমান শান্তিত আছে সেইটো মই জানাে। তুমি ৰিয়াৰ লগত কোনােফালেই তুলনা নহয়। তাই মােৰ বিশ্বাস ভাঙিছিল ...আৰু তুমি মােৰ জীৱনটোনতুনকৈ সজাই তুলিলা...তােমাৰ ভালপােৱাই মােক গােটেই পৃথিৱীখনকে ভাল পাবলৈ শিকালে.....ভগৱানে পৃথিৱীলৈ তােমাক মােৰ বাবেই পঠিয়াই দিছে....।”

 ধাৰাসাৰে চকুপানী বৈছিল তাইৰ। তাৰ বুকুৰ মাজত তাই উচুপি উচুপি শেষ হৈ গৈছিল। অতদিনৰ বুকুভঙা কান্দোনে তাইৰ দুখবােৰ উটুৱাই নিয়াটো তাই বিছাৰিছিল....

 কিমান সহিব তাই ...। গােটেই ৰাতি প্রিয়মে তাইক বুকুত লৈয়ে থাকিল। তাইও জানে সিও তাইক কিমান ভালপায়। অলপ দেৰি নেদেখিলেই থাকিব নােৱাৰে। অকলে মাকৰ ঘৰত যাবলৈ নিদিয়ে ..যলৈকে গৈছে কিমান বস্তু তাইলৈ আনিছে। তাৰ হিচাপ নাই।....

 তথাপিও তাই আশ্বস্ত হব নােৱাৰে.... কিয় .....কিয়....কিয়... .....তাই ৰ চৌদিশে সােণাৰু ফুৰিছিল,.. আকাশ নীলা হৈ পৰিছিল, ৰামধেনুৰ সাতাে ৰঙে তাইৰ জীৱন ৰাঙলী কৰিছিল,

 প্রিয়মৰ এবুকু মৰমত সাগৰৰ ঢৌৰ দৰে বাঢ়িব লাগিছে বুকুৰ উলাহ...মাছৰ দৰে জাক পাতি উজাইছে ওঠৰ গান

 ...চৌদিশে নাচিছে গৰখীয়া বাহীৰ সুৰ...

 প্রিয়ম আৰু তাইৰ সংসাৰ আগুৱাইছিল । সুখৰ আমেজেৰে জীৱন ভৰপূৰ হৈ পৰিছিল। তাৰ ব্যৱসায় বহুত আগবাঢ়ি গৈছিল। প্রাচুর্যৰে সংসাৰ ভৰি পৰিল। তাই কিন্তু আগৰ ঘূণজনীয়ে হৈ থাকিল। ছােৱালীজনী ডাঙৰ হৈছিল। তাই ছােৱালীৰ পঢ়া-শুনা আদিত ব্যস্ত হৈ পৰিল। বিয়াৰ আগতে তাই গান গাইছিল, এটি সুমধুৰ কণ্ঠৰ অধিকাৰী তাই। ছােৱালীজনীকো গানৰ স্কুলত নাম লগাই দিলে। তাইৰ আধৰুৱা সপােন ছােৱালীজনীৰ মাজেদি পূৰণ কৰিবলৈ বিচাৰিছিল।

 যােৰহাটত তাই classical music শিকিছিল পণ্ডিত প্রদীপ ব্রহ্মা ছাৰৰ ওচৰত। বহুতাে নাম থকা শিল্পী সেই সময়ত তাই লগ পাইছিল। অন্য লিখা-মেলাতাে তাই পাৰদৰ্শী আছিল। কিন্তু বিয়াৰ হােমৰ জুইত সকলাে তাই জাহ দি থৈ আহিছিল। তাৰ বাবে তাইৰ কোনাে খেদ নাই। নিজৰ প্রিয়তম স্বামীৰ সুখেই তাইৰ চিৰকাম্য।

 ছােৱালীজনীৰ গানৰ স্কুল লৈ আনা নিয়া কৰােতে তাই সুপ্ত প্রতিভা পুনৰ সাৰ পাই উঠিছিল। সেই বােৰৰ মাজত থাকি তাই বহু কথা পাহৰি গল । প্রিয়মও সামাজিক কাম কাজত ব্যস্ত হৈ পৰিল। তাৰ মাজতাে কিন্তু ঘৰৰ মানুহবােৰে খােচটো মাৰি তাইক কথা শুনাবলৈ নেৰিলে।

 বিয়াই সবাহে প্রিয়মৰ লগত ক'ৰবালৈ গলে তেতিয়াও ৰিয়াৰ কথা তাক সােধা তাই শুনিয়েই থাকিল। আজি কালি তাইৰ খং নুঠে। তাইও তাৰ লগত ৰিয়াৰ কথা খােলাখুলিকৈয়ে পাতে। কিন্তু আনৰ মুখত শুনিবলৈ পালে বুকুৰ মাজত কৰবাত অলপ আঘাত আজিও তাই অনুভৱ কৰে। আচলতে কথাবােৰ তাই পাহৰিব নােৱাৰিলে, হজম কৰিহে গ'ল।

 লাহে লাহে তাই প্রিয়মৰ লগত বিয়া আদি লৈ যােৱা কমাই দিলে। নগ'লে নােহােৱা বিষয় হ'লেহে যায়। তাতে সি সমাজৰ কামত থকা মানুহ। অৱশ্যে চৰিত্ৰৰ দিশৰ পৰা সি একেবাৰে নির্মল আছিল। তাইৰ সেইটো বিশ্বাস গভীৰ আছিল, তাইক সি কেতিয়াও বিশ্বাসঘাতকতা নকৰে কেতিয়াও।

 ঘৰৰ মানুহে তাইৰ এই সুখৰ সংসাৰ দেখি বৰ সুখী নহয় বুলি তাই জানে। তাৰ পাছতাে তাই নিজৰ কৰিবলগাখিনি [ ১৫০ ] নিয়াৰিকৈ কৰি যায়, প্ৰিয়মৰ মুখলৈ চায়।

 এনেকৈ দিনবোৰ গৈ থাকিল। প্ৰিয়মৰ বায়েকে এদিন তাইৰ জীৱনৰ অস্তিত্বত পুনৰবাৰ আঘাত কৰিছিল। বায়েক কৰবাত ফুৰিবলৈ গৈছিল। আহি তাৰ ঘৰত সোমাই গৈছিল। সেই দিন ঘৰৰ সকলো মানুহে আদ্দা মাৰি বহি আছিল। তেনেতে বায়েকে কলে ...

 “অই গৃণ জানানে কালি বব্বীক লগ পালো”। তাই সুধিছিল কোন ববী?....বায়েকে উত্তৰ দিলে

 “কিয় ৰিয়া যে আমাৰ প্ৰিয়মে ভালপাইছিল। তাইৰ বান্ধৱী “সকলোয়ে হাঁহিছিল। মুহূৰ্ততে তাইৰ মুখৰ হাঁহি হেৰাই গৈছিল। ছোৱালীজনীয়ে সেই বাৰ HSLC পৰীক্ষা দিছিল। ছোৱালীজনীয়ে তাইক সুধি সুধি পগলা কৰি দিছিল... ৰিয়া কোন মা?..পাপাই তোমাক ভালপোৱা নাছিল নেকি....???

 তাইৰ ছোৱালীজনীয়ে তাই আৰু প্ৰিয়ম মানে মাক দেউতাকৰ প্ৰেমবিবাহ হৈছিল বুলি জানিছিল।... কিন্তু বায়েকৰ মুখত ৰিয়াৰ নাম শুনি তাইও ভাবুক হৈ পৰিল

 আজিও কোনো কথাৰ মীমাংসা নহ'ল

 কাৰ ভুল, কোন নিৰ্ভুল

 তাৰো হিচাপ নোলাল

 কেৱল অসমাপ্ত দুখৰ পাণ্ডুলিপি।

 ......লাহে লাহে তাই উত্তাপ হেৰুৱাইছিল জীৱনৰ। হাঁহি হাঁহি ভাগৰি নপৰা মানুহজনী ভাগৰুৱা যেন হৈছিল। .নানা সুস্বাদু ব্যঞ্জণেৰে ৰান্ধি বাঢ়ি ভালপোৱা মানুহজনীৰ হাতৰ জুতি হেৰাই গৈছিল। নানা তৰহৰ ফুলেৰে ভৰাই তোলা ঘৰখনত ফুলৰ যত্ন লবলৈও এলাহ লগা হৈছিল। মুঠতে ক’তো তাই মন বহুৱাব নোৱাৰা হ'ল।

 এবছৰ দুবছৰ নহয়, এই ঘৰত ভৰি থোৱাৰ দিনৰে পৰাই এটা নামে তাইক তিল তিল কৈ শেষ কৰি দিলে৷ ইমান দিনৰ পাছতো যেতিয়া এই ঘৰৰ মানুহে, প্ৰিয়মে ৰিয়া নামটো পাহৰিব নোৱাৰিলে তাই গম পাই গল, তাইৰ সংগোপনে নিৰলে ঘৰৰ মানুহৰ মনত, প্ৰিয়মৰ বুকুৰ মাজত আজীৱন ৰৈ গ'ল ৰিয়া। তাই মাথো ৰিয়াৰ শূন্য স্থান পূৰ কৰাৰ বাদে প্ৰিয়মৰ বাবে আন। একো নহয়।

 কেতিয়াবা সেই ৰিয়া নামৰ মানুহজনীক এবাৰ ওচৰৰ পৰা লগ পাবলৈ। কি এনে তাইৰ আছে যাৰ বাবে ইমান সহজে প্ৰিয়মৰ সপোন ভাঙি থানবান কৰাৰ পাছতো সি তাইক মনৰ পৰা মচিব নোৱাৰিলে, আৰু তাইৰ শহুৰ-শাহুৰ প্ৰতি কি এনে দায়িত্ব পালন কৰি গ'ল যে যাৰ বাবে তেওঁলোকৰ মনতো ৰিয়া থাকি গল। দুখ লাগিলেও তাই নাকান্দে আজি কালি। প্ৰিয়মকো তাই মন গলেই ৰিয়াৰ কথা কয়। তাই মনতে ঠিক কৰিলে যিজনী ছোৱালীৰ কথা সিহঁতে আজি বিশ বছৰে তাইৰ আগত কৈ আহিছিল, এতিয়াৰে | তাই সিহঁতৰ আগত ক’ব। তাই জেদি হৈ উঠিল।

 তাৰ মাজতে আমানিশা আতৰি পূৰ্ণিমাৰ জোনৰ দৰে এটা খবৰে তাইৰ জীৱন লৈ গভীৰ প্ৰশান্তি আনি দিলে। তাইৰ ছোৱালীজনীয়ে ড্ৰিচটিংচন লৈ HSLC পাছ কৰিলে। ঘৰখনত আনন্দৰ বন্যা নামি আহিল। উচ্চ শিক্ষাৰ বাবে তাইক এখন নামী ৰেচিডেন্সিয়েল স্কুলত নাম লিখাই থৈ আহিল। তাইক থ'বলৈ প্ৰিয়মৰ লগতে তাইও গৈছিল। আহোতে গোটেই বাট তাই চকুৰ পানীৰে নেদেখা হৈ আহিছিল। কিন্তু তাইৰ ভৱিষ্যতৰ কথা ভাবি অলপ সকাহ পাইছিল। তাই প্ৰিয়মৰ যিবোৰ কথা বাহিৰৰ মানুহৰ মুখত শুনিবলৈ পাইছিল সেইবোৰ যাতে ছোৱালীজনীয়ে শুনিবলৈ নাপায়। সেই বাবেই তাই বাহিৰত পঢ়িবলৈ যোৱাৰ বাবে মনত শান্তি পাইছিল।

 ঘৰত অকলে থাকি তাই ৰ আমনি লাগিছিল। জীয়েকে সেই বিবে যোৱাৰ আগতে তাইক ফেচবুকটো খুলি থৈ গৈছিল। আজি কালি তাই তাতে অলপ ব্যস্ত থাকে। আন কথাত প্ৰিয়মৰ লগত অলপ সংঘাত থাকিলেও কিন্তু দুয়োটা ভাল বন্ধুও আছিল। তাৰ মোবাইলটো তাই কিবা কিবি চাই থাকে। তাৰ মাজতে এদিন সি তাইক এজনী মানুহৰ ফটো দেখাই কলে চোৱা এইজনীয়ে ৰিয়া। people you may knowত তাৰ মোবাইলত সোমাই আছে।

 তাই কলে...Friendship request এটা দি দিয়া। এনেও পাহৰিব নোৱাৰিলাই....সি কলে হ’ব দিয়া গৰুও মৰিল আৰু পোকো সৰিল....

[ ১৫১ ]  আন এজনী ছােৱালী নমিতাৰ ফটো দেখাই সি কৈছিল সেইজনী তাৰ কলেজৰ চিনাকি ছােৱালী। ষ্টাইল চোৱা। এনেকৈ দিনবােৰ গৈ আছিল। এদিন সি বাথৰুমত থাকোতে প্রিয়মৰ ফোনটো লৈ এনেয়ে চাই আছিল। সদায় চাই থাকে তাৰ ফোন তাই। তেনেকুৱাতে নমিতাৰ কিবা মেচেজ এটা চকুত পৰাত তাই ভালকৈ চায় দেখে নমিতাৰ লগত প্রিয়মৰ কথা। ৰিয়া কথাৰে নমিতা আৰু প্ৰিয়মৰ মেচেঞ্জাৰ ভৰি আছে....পুনৰ মেচেজ কেইটা পঢ়িল..পুনৰ....সি বাথৰুমৰ পৰা ওলাই অহালৈ তাই ৰৈ থাকিল..

 .....বাৰে বাৰে তাই প্রিয়মৰ বান্ধৱী নমিতায়ে দিয়া মেচেজকেইটা পঢ়িলে ...আগৰ লগৰ কিছুমান লৰা-ছােৱালীৰ কথা সুধিছিল। ফোন নং বিচৰিছিল । তাৰ পাছত সুধিছিল ৰিয়াৰ কথা ।ৰিয়াৰ ফোন নম্বৰ লাগে তাইক ।... তাইৰ এনে কথাত আচৰিত হােৱাতকৈ প্ৰিয়মৰ উত্তৰ দেখি বেছি আচৰিত হ'ল ।...

 ......সি কৈছে ফোন নম্বৰ পালে মই দিম।... কি আচৰিত মানুহ। ইমান দিনৰ পাছত লগ পাইছে অন্য ভাল বেয়া সােধা নাই, সংসাৰৰ কথা জানিব বিচৰা নাই তাইক লাগে প্রিয়মৰ অতীতৰ প্ৰেমিকাৰ খবৰ। ....তাইও জানে যে ৰিয়াৰ লগত তাৰ বিয়া নহ'ল বুলি। সেই কথা জানিও তাই কিয় এনেদৰে কলে। তাই বুজি নাপালে।...

 তাতকৈ আচলতে আচৰিত হল প্ৰিয়মৰ কথা দেখিহে। সি কিয় কব নােৱাৰিলে নমিতাক সেইবােৰ কথাৰ লগত এতিয়া তাৰ জীৱনৰ কোনাে সম্পর্ক নাই বুলি । কিন্তু সি কলে ফোন নম্বৰ পালে দিব। ক'ত পাব সি ৰিয়াৰ ফোন নম্বৰ? নে তাৰ ওচৰত ৰিয়াৰ ফোন নম্বৰ আছেই।

 তাই জানে, ৰিয়াৰ বিয়া প্রিয়মৰ একেখন চহৰতে হৈছে। মাজতে দুবাৰমান তাইক লগ পােৱাৰ কথা তাই জানে। ৰিয়াক লগ পাই এদিন ঘৰলৈ আহোঁতে তাৰ মুখত সন্তুষ্টিৰ হাঁহিত তাই ধৰা পেলাইছিল। পােহৰ মুখখন দেখিয়েই তাই তাক সুধিছিল... কি হল আজি ইমান উৎসাহ দেখিছোঁ, কত ৰিয়াক লগ পালা নেকি...? তেতিয়া সি কৈছিল.... অ পালোঁ জানা....বহুত মানুহ থকাৰ বাবে মাতিব লগা হ'ল।....কি কি কথা হৈছিল সি তাইৰ আগত কৈছিল।.....তাই একো নকলে। ভাল কৰিলা বুলি কৈ সেইবােৰ আৰু নুসুধিলে। তাইৰ কাষত শুই থকাৰ পিচতাে তাই অনুভৱ কৰিছিল সি যেন আজি বৰ সুখী..

 বাথৰুমৰ পৰা ওলােৱাৰ পাচত তাই প্রিয়মক প্রশ্ন কৰিছিল..... নমিতাৰ লগত তাৰমানে এতিয়াও ৰিয়াৰ কথাই পাতা নহয়নে.....এইয়াই তােমাক বান্ধৱী ...

 সি ভবাই নাছিল যে তাই মেচেজবােৰ দেখিব....

 সি কৈছিল অ, এইবােৰ ফান্টু ছােৱালীৰ কাম নাই... আৰু কি বেলেগ কথা পাতিব।...কলেজত থাকোতে লজ গৰম কৰি যােৱা ছােৱালী। এতিয়া চিটিত থাকে, গাঁৱৰ পৰা ওলাই যােৱা ছােৱালী, নিজকে বহু স্মার্ট বুলি ভাবে। কেনেকুৱা ছােৱালী আছিল মইহে জানাে।

 তাই ক'লে...যদি ফটোৱা ছােৱালী বুলিয়েই জানা কিয় fb. Friend হৈ লৈছিলা। তােমাৰ ৰিয়াৰ লগত বিয়া হােৱা বুলি তাই জানে নেকি?.সি মুৰ জোকাৰিছিল,..নাই তাই আমাৰ বিয়া নহ'ল বুলি জানে।

 তাই সুধিলে ...তেতিয়া হলে ৰিয়াৰ ফোন নম্বৰ কিয় তােমাক বিচাৰিলে...তাইৰ তােমাক সুধিবলৈ আন কথা নাছিল নে......

 তােমাৰ সংসাৰৰ কথা, তােমাৰ লৰা ছােৱালীৰ কথা । সকলাে জানিও তােমাক কিয় সুধিলে ৰিয়াৰ কথা...উত্তৰ দিয়া মােক...নে তাই জানে আজিও তােমাৰ ৰিয়াৰ লগত সম্পর্ক আছে বুলি....

 “....বাদ দিয়ানা... কিনাে একেবােৰ কথাতে লাগি থাকা”...সি কৈছিল।....

 বাদ দিলোঁহেঁতেন প্রিয়ম... তুমি যদি ক'লাহেঁতেন ..তাই বিয়া নহ'ল বুলি জানিও কিয় ৰিয়াৰ কথা সুধিলে... যদি ক’লাহেঁতেন এতিয়া ৰিয়াক লৈ তােমাৰ জীৱন নহয় ....তাই নােহােৱাকৈ এতিয়া তােমাৰ এক সুখৰ সংসাৰ ....

 কিন্তু তুমি সেইবােৰ একো নক’লা...ক’লা ফোন নম্বৰ পালে দিম...ক’ত পাবা তুমি... ইমানেই যদি ৰিয়াৰ কথা পাতি ভালপােৱা, মেচেজবােৰ দিলিত কৰি কিয় নিদিয়া...? মই দেখাকৈ ৰাখি কিয় মােক বাৰে বাৰে হত্যা কৰি গ'ল। বিয়াৰ ইমান [ ১৫২ ] বছৰৰ পাছতাে ৰিয়াৰ প্ৰয়ােজনীয়তা থাকি গলনে তােমাৰ জীৱনত....?

 সঁচাকৈ ছাই হৈ গৈছিল তাই ৰিয়া নামৰ এই জুইত। আজি যদি ৰিয়া বিয়া নােহােৱাকৈ থাকিলহেঁতেন, নিশ্চিতভাবে তাই প্রিয়মৰ লগত বিয়া পাতি দি আতৰি গুচি গ'লহেঁতেন..

 যাৰ জীৱনত তাইৰ অস্তিত্ব ই নাই কি প্রয়ােজনত তাই থাকি গ'ল ...তাই যিকোনাে প্রকাৰে ৰিয়াৰ ফোন নম্বৰটো বিচাৰিবলৈ ঠিক কৰিলে

 ...বিচাৰি আনিছিল তাই বহু কষ্ট কৰি ৰিয়াৰ ফোন নম্বৰ। তাইৰ সম্বন্ধীয় দেওৰ এজনে আনি দিছিল সেই নম্বৰটো। .....তাই প্রিয়মক ৰিয়াৰ নম্বৰটো দি কৈছিল...

 ..লােৱা এইটো নম্বৰ তােমাৰ ৰিয়াৰ। তােমাৰ বান্ধৱী নমিতাক দি দিবা। যি জানি বুলিও তােমাৰ জীৱন জ্বলাব বিচাৰে সেইবােৰৰ লগত ইচ্ছা মতে এতিয়াৰ পৰা তােমাৰ ভাগি যােৱা প্ৰেমৰ বিষয়ে পাতি থাকিবা।মাত্র মােক আৰু শেষ নকৰিবা।...

 সি একো নকলে মুখেৰে। তাই পুনৰ ক্ষোভ উজাৰিলে ..

 ইমান বছৰে মই পাহৰিয়েই গৈছিলোঁ তােমাৰ এই কথাবােৰ। কিন্তু কি আচৰিত... তােমাৰ ফালৰ পৰাই বাৰে বাৰে কথাবােৰ সজীৱ হৈ থাকিল আজিও..

 ...সি এই বাৰ মাত দিলে... তুমি এই মানুহ বােৰৰ কথাত ইমান কিয় গুৰুত্ব দিলা মই বুজি নাপালাে গুণ..

 ..তাই কৈছিল... গুৰুত্ব এই বাবেই দিলাে প্রিয়ম.. তােমাৰ চাৰিওফালৰ মানুহবােৰে ৰিয়া আৰু তােমাৰ সমন্ধ লৈয়েই গােটেই জীৱন থাকি গ'ল। মােক তােমাৰ লগত এক হ’বলৈ সুবিধা নিদিলে।

 ...সি কৈছিল... তােমাক মই কিমান ভালপাওঁ, তুমি বুজিয়েই নাপালা।...তােমাৰ অবিহনে এইখন ঘৰত এদিনাে মই থাকিব নােৱাৰা হ'লাে...কামৰ বাবে বাহিৰলৈ গ'লে তুমি কাষত নহলে মই শুব নােৱাৰা হ'লাে...তুমি বুজিয়েই নাপালা...

 তাৰ কথা শুনি তাইৰ ধাৰাসাৰে চকুৰে পানী নিগৰিছিল..

 ..তাই কৈ গল..তােমাৰ ভালপােৱা বুজি কি মই পােৱা নাই... যেতিয়াই তােমাৰ গভীৰতা লৈ গতি কৰিব বিচাৰোঁ, তেতিয়াই ৰিয়াৰ অস্তিত্বই তােমাক গ্রাস কৰি থাকে, আৰু তুমি প্রয়ােজনবােধনকৰিলা সেই বৃত্তৰ পৰা ওলাই আহিবলৈ...আৰু আজি তােমাৰ বান্ধৱীৰ লগত ৰিয়াৰ কথা পাতি থাকিবলৈও তােমাৰ কলিজাত কপনি নুঠিল।..

 ...এটা বাৰাে তুমি ভাবিব নােৱাৰিলা সেইবােৰ কেনেবাকৈ মােৰ চকুত পৰিলে মই দুখ পামনে নাপাম...

 ..তােমাৰ ভালপােৱা বুজিবলৈ তুমিয়েই মােক সুযােগ নিদিলা ...তুমি চিৰদিন ৰিয়াৰে হৈ থাকি গ'লা...

 ...ৰিয়াক লগ পাই অহাৰ পাছত তােমাৰ মুখৰ উজ্জ্বলতাই মােক কৈ দিয়ে সেই কথা....

 আচৰিত ধৰণেৰে এবাৰ তাই ৰিয়াক লগ পাইছিল। ছােৱালীজনী বন্ধত ঘৰলৈ আহােতে সিহঁতে শ্বিলং আৰু চেৰাপুঞ্জী ফুৰিবলৈ গৈছিল । শ্বিলঙৰ পাইন উদ হােটেলত সিহঁত আছিল।...আবেলি শিলং পিকত বহি থাকোতে তাই দেখিছিল, এগৰাকী মহিলাই আগবাঢ়ি আহি হাঁহি হাঁহি প্রিয়মৰ লগত কথা পাতিছে। তাই ভাবিলে হয়তাে তাৰ কোনাে বান্ধৱী..। সি কিন্তু অলপ অস্বস্তিবােধত আছে। মানুহগৰাকীৰ আগ্ৰহত সি তাইৰ লগত চিনাকি কৰাবলৈ লৈ আহিল।...তাৰ কথাত তাই চমক খাই উঠিল. সি কৈছিল... গুণ এইয়াই ৰিয়া... পাহাৰৰ ভাজে ভাজে যেন প্রিয়মৰ শব্দই ঠেকা খাই শেষ হৈছিল....

 ...তাইটো অভদ্র হব নােৱাৰে কেতিয়াও... তাই হাইকৈ হাতখন আগবঢ়াই দিছিল। প্রিয়ম তাইৰ ব্যৱহাৰত সুখী হােৱা যেন লাগিল। ভাল বেয়া দুই চাৰিটা কথা পাতিলে...তাইৰ ল'ৰা এটা আৰু ছােৱালী এজনী.... ওচৰলৈ মাতি আনি চিনাকি কৰাই দিলে। তেতিয়াহে তাই জানিলে ৰিয়াৰ স্বামীকে প্রিয়মে আগৰ পৰাই চিনি পায়। মানুহজন কিন্তু বৰ প্রকৃতিষ্ঠ হৈ থকা যেন নালাগিল তাইৰ । কিবা ভাবত বিভােৰ । বিপৰীতে ৰিয়া কিন্তু চঞ্চল। তাই ল'ৰা-ছােৱালী দুটাৰ নাম সুধিলে, কিহত পঢ়ে সুধিলে...নাম শুনি তাইৰ চকু কপালত উঠিল।

 ৰিয়া ইপ্রিয়মলৈ দিয়া চিঠিত সেই নাম দুটা তাই বাৰে বাৰে পঢ়িছিল। দুয়াে মিলি সিহঁতৰ সন্তান হলে সেই নাম দিয়াৰ সপােন দেখিছিল। আৰু আজি আন এজনৰ লগত দেখা সপােনৰ ৰূপায়ণ বেলেগ এজনৰ লগত কৰিলে.....

 কিয় এই নাম ৰাখিলে ৰিয়াই....তাই বাৰে বাৰে নিজকে সুধিলে...

 ....নে যি ৰাতি বিয়া ই প্রিয়মৰ লগত কটাইছিল সেই ৰাতি সিহঁতৰ সপােন ৰৈ গৈছিল... যাৰ বাবে অতি সােনকালে [ ১৫৩ ] ৰিয়া বিয়া হবলগা হৈছিল। কাৰণ সেই সময়ত প্রিয়মে তাইক বিয়া কৰাবপৰাকৈ উপযুক্ত নাছিল....

 ...দেশে-বিদেশে, আকাশে বতাহে কেৱল ৰিয়াৰ উপস্থিতি য়ে তাইক ধূসৰ কৰি দিছিল...

 সন্ধ্যা হােৱাত সিহঁত হােটেললৈ আহিছিল....

 হােটেল লৈ অহাৰ বাটত তাই বাৰে বাৰে মনত ৰৈ ৰৈ ভাহি থাকিল ৰিয়াৰ সন্তান দুটাৰ নাম। কিয় ৰাখিলে প্রিয়মৰ লগত দেখা সপােনৰ নাম। এতিয়াৰ স্বামীক বাৰু তাই প্ৰতাৰণা কৰা নাই নে। সেই নামৰ মাজত তাই আজিও প্রিয়মৰ প্ৰেমৰ সন্ধান কৰি ফুৰে নেকি বাৰু। আৰু তাই দেখিলে তাইৰ স্বামী সকলাে সয়যতে কিবা বিষাদৰ মাজত ডুবি থকা। তাতকৈ আচৰিত হল সেই লৈ তাইৰ অলপাে চিন্তিত নহয়। যিদৰে তাই যিমানেই প্রিয়ম ৰ প্রতি ক্ষোভত নাথাকক কিন্তু সকলাে সময়তে তাৰ ভাল লগা বেয়া লগাবােৰৰ প্রতি অত্যন্ত সচেতন। যিটো ৰিয়াৰ মাজত দেখা নাপালে।

 মানুহজন ৰিয়াতকৈ বহুত বেছি বয়সীয়া যেন লাগিল তাইৰ। বাৰে বাৰে ৰিয়াৰ মুখখন মনলৈ আহি থাকিল,... যিখন মুখ এদিন প্রিয়মৰ নিচেই আপােন আছিল... তাই বিশেষ একো আকর্ষণ একো দেখা নাপালে। চাপৰ শৰীৰটোত মঙহৰ ভেৰ। সেই সময়ত অৱশ্যে কেনেকুৱা আছিল চেহেৰা দেখি তাই বুজিব নােৱাৰিলে। ওখ পাখ পুৰুষ সুলভ প্ৰিয়মৰ লগত যে একেবাৰে নিমিলে তাহক দেখি ধৰিব পাৰিলে।

 হােটেল পাইন উদ পাই সিহঁত নিজৰ ৰুমলৈ গ'ল। দুটা ৰুম লৈছিল সিহঁতে কাৰণ তাইৰ ছােৱালীৰ লগৰ বান্ধৱী এজনীও লগত আহিছিল। তাহাত দুজনীক এটা ৰুম দি আনটো ৰুমত প্রিয়ম আৰু তাই। নৱেম্বৰ মাহৰ শ্বিলংৰ বতৰ তাইৰ ভাল লাগিল। সেমেকা সেমেকা ভাব এটা আছে। ভাল লাগে এনে পৰিবেশ। ৰাতি ভাত খাবলৈ পুলিচ বজাৰত থকা সুৰুচি হােটেলত তাইৰ প্ৰিয় ইলিচ মাছ খাবলৈ যােৱাৰ কথা প্রিয়মে কোৱাত তাই তাতে খাব বুলি ক'লে। ওলাই যাবলৈ মন নগ'ল।

 ৰাতি খাই বৈ তাই বাহিৰলৈ ওলাই আহি বাৰাণ্ডাত সজাই থােৱা ছােফা এখনত বহি পৰিল। ছােৱালী দুজনী টি.ভি.ত ব্যস্ত। চাৰিওফালে নানা তৰহৰ ফুলেৰে ভৰি আছে হােটেলখন। তাই ড্রাইভাৰ প্রবিনক ৫০০ টকা এখন দি মালিজনৰ পৰা ফুল অলপ ল'বলৈ কলে। আগতেও তাই নিছে এনেকৈ।

 অলপ পাছত প্রিয়মাে আহি তাইৰ কাষত বহিলহি।

 ...ভাল লাগিছে ন...সি কলে.... তাই কিবা কোৱাৰ আগতেই পুনৰ সি কবলৈ ধৰিলে...

 ...তােমাৰ মনৰ কথা মই বুজি পাইছাে গুণ...আজি তুমি ৰিয়াক ওচৰৰ পৰা দেখিলা...তােমাতকৈ কিবা গুণত তাইক বেছি ভাল দেখিলানে.... হয় এটা সময়ত মই তাইক ভাল পাইছিলোঁ... কিমান শুদ্ধ আছিল সেই সময়ৰ মােৰ চিন্তা মই নাজানাে। কিন্তু তুমি মােৰ জীৱনত প্ৰৱেশ কৰাৰ পাছত মই প্রতি পলে পলে অনুভৱ কৰি গ'লাে ৰিয়া কেতিয়াও তুমি হব নােৱাৰে। তাই মােৰ সামান্য ভুলৰ বাবে মােৰ পৰা আতৰি গুচি গ'ল আৰু তুমি মােৰ হাজাৰটা ভুল মাফ কৰি চিৰদিন মােৰ কাষত থাকি গ'লা.... এনে লাগে। তাই যেন মােৰ জীৱন লৈ অহাই নাছিল।

 তাই কিবা এটি ক’বলৈ মুখ মেলােতেই সি মুখত হাত দি ক'লে...আজি মই কম...তুমি শুনিবা...

 তাৰ পাছত আমাৰ সুখ দেখিব নােৱাৰা চকু চৰহাবােৰে সদায় চেষ্টা কৰি গ'ল..কিদৰে তােমাৰ মােৰ সংসাৰত জুই লগাব পাৰে...সি কৈ গ'ল। হয় বিয়াৰ পাছতে এদিন মই তােমাক বিয়া নাম ধৰি মাতিছিলোঁ....যাৰ বাবে নিজৰ ওপৰতে আজিও মই খঙত জ্বলি থাকোঁ। তাৰ পাছত তেনে জানাে হৈছিল কেতিয়াবা ....কেতিয়াবা লগৰ বন্ধুবােৰেও তােমাক ৰিয়াৰ কথা কয়। সিহঁতকো মই একো ক'ব নােৱাৰিলোঁ। আচলতে তুমিও জানা মানুহৰ লগত মই অলাগতিয়াল কথা পাতিব নােৱাৰোঁ। সিহঁতৰ মানসিকতা তেনেকুৱাই। মই কিয় নিজকে তললৈ নামিবলৈ দিম। ঘৰৰ মানুহবােৰাে ঠিক একেই। মই মাত্র মই কি সেইটো জানাে বাবে মনে মনে থাকি গলাে।... আৰু সদায় তুমি নিজৰ অস্তিত্ব ৰ সংকটত পৰি নিজকে কষ্ট দিলা। ৰিয়াৰ প্রতি আজি মােৰ কোনাে আকর্ষণ নাই।

 যিদিনা তাই মােক নােকোৱাকৈ আন এজনৰ লগত বিয়াৰ সিদ্ধান্ত ল'লে সেই দিনাৰ পৰা তাই মােৰ অচিনাকি হৈ পৰিল। তাই মােক কাম বন নােহােৱা বেকাৰ বুলি হাঁহি আতৰি গৈছিল। আৰু আজি দেখিলা তাইৰ গিৰিয়েকৰ অৱস্থা, মদ খাই। তাই আচৰিত হৈ সুধিলে ..তুমি কেনেকৈ জানিলা তেওঁ যে মদ খাইছে..?...সি ক'লে অ মই দেখিয়েই গম পাইছোঁ। তেওঁ যে মদ খাই আছে... [ ১৫৪ ]  তাই সুধিলে... তােমাৰাে ৰিয়াৰ কথাবােৰ তেওঁ জানে নেকি ?...সি কলে ..জানে...কাৰণ ৰিয়াৰ বিয়াৰ সময়ত সি তাইৰ স্বামীক লগ কৰি তাৰ আৰু ৰিয়াৰ কথাবােৰ কৈছিল। ৰিয়াৰ লগত থকা তাৰ ফটো দেখাইছিল...ৰিয়াই দিয়া চিঠিবােৰ দেখাইছিল...। তাৰ পাছতাে মানুহজনে জেদত তাইক বিয়া কৰাইছিল। তাই আচৰিত হৈ তাক সুধিছিল... তুমি ইমানেই নিকৃষ্ট কাম কেনেকৈ কৰিছিল...

 সি কৈছিল... তাকেই মই আজিও ভাৱাে... কিয় মই সেই কাম কৰিছিলোঁ....

 তাই সুধিলে... ৰিয়াই কিয় তােমাৰ লগত সপােন ৰচা সন্তানৰ নাম এতিয়াৰ সন্তানক দিলে...আৰু তােমালােকে ইমানলৈকে কথা পাতিছিলা নে..তুমি ময়াে দেখােন প্রেম কৰিয়েই বিয়া হৈছে..বিয়াৰ আগত এইবােৰ কথা পাতিবলৈ লাজেই লাগিছিল...

 সেই বাবেইটো তুমি তাইতকৈ বেলেগ...

 এনেতে কাষৰ ৰুমটোৰ পৰা কোনােবা এগৰাকী মানুহ আহিছে সিহঁতৰ কাষৰ ছােফাখনত বহিলহি...তাই তেওঁলৈ চাই দেখিলে সেইজনী ৰিয়া। তাৰমানে সিহঁতও এই হােটেলত আছে। প্রিয়মৰাে চকুপৰিল। তাই উঠি যাবলৈ লােৱাত সি তাইৰ হাতত ধৰি থাকিল.....

 .....পৰিবেশটো আচৰিত নীৰৱতাই গ্ৰাস কৰি পেলালে। তাই প্রিয়মলৈ চালে, সি মােবাইল লৈ ব্যস্ত। ৰিয়াৰ উপস্থিতি যেন সি গমেই পােৱা নাই.... আৰু ৰিয়াই হাঁহি হাঁহি তাইৰ মুখলৈ চাই আছে। কি কৰিব তাই বিমােৰত পৰিল। যিহেতু তাই অন্য মানুহৰ আগত সদায় মার্জিত ব্যৱহাৰেই কৰে। নিজৰ মনৰ ভিতৰত যিয়েই দাবানলৰ সৃষ্টি নহওক কিয় আনক তাই জানিবলৈ কেতিয়াও নিদিয়ে। পৰিবেশটো সহজ কৰিবলৈ তাই প্রথমে মাত লগালে।

 ..ল’ৰা-ছােৱালী শুলেনে?.....

 তাই যেন তালৈ কে বাট চাই আছিল। তাই কলে.নাই, সিহঁত হােষ্টেলত থাকে। লৰা NEHU ত আৰু ছােৱালী শিলং NIIT ত পঢ়ি আছে। দুয়ােটাকে তাত থৈ আহিলাে...এওঁ অলপ ওলাই গৈছে। সেয়ে মই তােমালােকৰ ওচৰতে বহিম বুলি আহিলাে।..

 আৰুনাে কি কথা পাতিব তাই বিচাৰিয়ে পােৱা নাই। তাই প্রিয়মৰ ঘৰৰ কথা সুধিছে... সি মূৰ তুলি নােচোৱাত তাইয়ে উত্তৰ দি আছে। তাৰ লগৰবােৰৰ খবৰ সুধিছে... সকলাে উত্তৰ তাই দি গৈছে। প্রিয়মলৈ তাইৰ খঙো উঠিল। আগতে ৰিয়াক লগ পােৱাৰ কথা সি নিজেই তাইৰ আগত কৈছে... কথা পতাৰ কথাও কৈছে। এতিয়া নাে কি ইমান গহীন দেখুৱাইছে। সৌজন্যৰ বাবে কিবা এটা কলে কিনে হয়!!...

 এইবাৰ ৰিয়াই সুধিলে তােমালােক বহুত সুখীন..দেখিলেই ধৰিব পাৰি...তাই মাত্র হাঁহিলে। একো নক'লে... তােমাৰ নামটোৱেই গােটেই জীৱন জ্বলাই শেষ কৰিলে, এতিয়া সুখ দুখৰ বাতৰি বিচাৰি আহিছা । এনে প্রেম কৰিলা যি কেতিয়াও শেষ নহ'ল, বিয়া হৈ যােৱাৰ পিচতাে তাৰ ছায়া প্রিয়মৰ জীৱনত থাকি গ'ল। এতিয়া কি সাহসেৰে তাৰ সমুখত বহি আছ...নে তাক আজি সফল ৰূপত দেখি নিজক ধৰি ৰাখিব পৰা নাই।...ভাবিলে গায়ত্ৰীয়ে।

 আজি তাইৰ সমুখত সেই কলেজৰ প্রেমিক আহি ওলােৱা হ'লে তাই পাৰিলেহেঁতেন নে ইমান সহজ হ'ব....!! নাই নােৱাৰে, যাক এবাৰ পাহৰি গৈছে সেই অতীতক তাই কোনােদিনে পুনৰ মুখামুখি হবলৈ নাযায়। কিন্তু বিয়া...

 এতিয়াও দুচকুত যেন প্রিয়মৰ প্রতি আহ্বান... প্ৰিয়মৰ সেই সময়ত কি ভাৱ হৈছে তাই ধৰিব পৰা নাই। দুয়ােজনীৰ কথাৰ মাজত সি দুটা এটা কৈ আছে।

 গুণৰাে আচৰিত লাগিছে সেইজনী মানুহ তাইৰ সমুখত, বিয়াৰ পাছতে প্রিয়মে এদিন তাইক ৰিয়া বুলি ভুল কৰিছিল। সকলাে পাহৰিব পাৰিলেও সেই কথা তাই পাহৰিব নােৱাৰে। আনহে নালাগে তাইৰ লগত প্রিয়মৰ মৰমৰ সেই চূড়ান্ত সময়খিনি তাে তাইৰ এনে লাগে যেন প্রিয়ম তাইৰ মাজত নহয়, ৰিয়াৰ মাজত এক হৈ যায়, সদায়।..

 আৰু এতিয়া এইজনী ৰিয়া তাইৰ সমুখত। কাক বিচাৰি আহিছে তাই?? তাইক নে প্রিয়মক....

 এনেতে তাই কিবা কথা কটাকটি হােৱা শুনি সেইফালে চাই দেখিলে দুজন চিকিউৰিটি গার্ডে এজন মানুহক ধৰি ধৰি লৈ আহিছে। মানুহজন সম্পূর্ণ মদৰ গীত আছে। মুখেৰে কিবাকিবি অসংলগ্ন কথা কৈ আহিছে।...তাকে দেখি ৰিয়া অলপ [ ১৫৫ ] বিব্রত হােৱা যেন লাগিল। তেতিয়া তাই ধৰিব পাৰিলে সেইজন ৰিয়াৰ স্বামী। ধলংপলংকৈ আহি বাৰান্দাৰ খােটাতে খােন্দা। খাই মানুহজন পৰি গ'ল। লগে লগে কলকলাই তেজ ওলাবলৈ ললে। তাই আৰু প্রিয়ম হতভম্ব হৈ ৰল। ৰিয়াই তেনে পৰিবেশৰ প্রতি সাজু নাছিল।

 প্রিয়ম আগবাঢ়ি গৈ মানুহজনক ডাঙিবলৈ যত্ন কৰিলে....

 মুখেৰে মানুহজনে কথা কৈয়ে থাকিল......

 ..মােৰ লাইফ বৰবাদ....ইউ আৰ চ লাকি...এনে ধৰণৰ কথা। তেওঁৰ জখম ভালকৈয়ে হৈছিল। এটা সময়ত জ্ঞান হেৰাই যােৱাৰ দৰে হল। প্রিয়মে হােটেল কর্তৃপক্ষক খবৰ দিলে। এখন এম্বুলেন্স যােগাৰ কৰি হস্পিতেল নিবলৈ। সকলাে যােগাৰ হােৱাত মানুহজনৰ লগত যাবলৈ হােটেল কর্তৃপক্ষই প্রিয়মক অনুৰােধ কৰিলে। সি তাইলৈ চোৱাত তাইও যাবলৈ কলে। ৰিয়াও লগত যাবলৈ ওলােৱাত সি অকলেই পাৰিব বুলি কৈ লৈ গ'ল।

 বাহিৰতে দুয়ােজনী বহি থাকিল ।...

 ...বহু সময়ৰ পাছত ৰিয়াই কৈ গ'ল। তাইৰ মদাহী স্বামীৰ কথা। কিদৰে ঘৰৰ হেঁচাত পৰি তাইতকৈ প্রায় দুগুণ ডাঙৰ মানুহজনৰ লগত বিয়া হৈছিল। বিয়াৰ আগৰ প্ৰিয়মৰ লগত থকা সকলাে কথা তেওঁ জানি গৈছিল। আৰু বিয়াৰ পাছৰে পৰা প্রতিদিনে মদৰ নিচাত ডুবি ৰৈছিল।

 আৰু কৈছিল... সি বহুত ভাল ল'ৰা আছিল। তাৰ মনত দুখ দি মই আজি অনুতপ্ত।

 এক ঘন্টা মানৰ পাছত প্রিয়মে মানুহজনকলৈ আহিছিল। বিশেষ একো নাই। অত্যধিক মদ্যপান কৰাৰ বাবে তেনে হৈছিল। মানুহ জনক সি ধৰি ধৰি লৈ আহােতে অমিতাভ বচ্চন অভিনিত চিলচিলা চিনেমাখনৰ শেষৰ দৃশ্যটো মনলৈ আহিল তাইৰ। কিদৰে নায়ক ৰূপী অমিতাভে নায়িকা ৰেখাৰ স্বামী সঞ্জীৱ কুমাৰক হেলিকপ্তাৰ দুৰ্ঘটনাৰ পৰা ডাঙি লৈ আহিছিল...

 তেওঁক ৰিয়াৰ ৰুমত থৈ সি তাইক ৰুমলৈ লৈ গৈছিল। গভীৰ প্রত্যয়েৰে তাইক বুকুত লৈ শুই থাকিবলৈ ক'লে।

 সি কলে.....মই সদায় তােমাৰ মৰমৰ ছায়াত জীয়াই আছাে আৰু বাকী থকা দিনকেইটাও থাকিম।

   ৰিয়া মােৰ অতীতৰ বিফল এক অধ্যায়। যাক লৈ সপােন দেখিব নােৱাৰি। যি অতীতত মােৰ লগতাে সফল নহ'ল আৰু ঘৰৰ অহংকাৰ ফলস্বৰূপে যিজনৰ লগত সংসাৰ কৰিলে তেওঁৰ লগতাে সফল নহ'ল। অস্তিত্ব তােমাৰ নহয়, তাইৰহে অস্তিত্ব নাই জীৱনত। তােমাৰ অস্তিত্ব মই জীয়াই থাকোঁতেও থাকিব মৰাৰ পাছতাে জনম জনমলৈ থাকিব।

 .....তােমাক বাদ দি মই শূন্য। তােমাৰ অবিহনে মই সন্যাসী হৈ যাম।...

 একো ক'বলৈ ভাষানাই তাইৰ...পাৰ হৈ যােৱা সেই দিনবােৰত ইমান সহনশীল হৈ কটাই তাই কি পালেনাজানিলে.... কিন্তু সংসাৰত আঁচোৰ পৰিবলৈ নিদিলে। হয়তাে তাইও বেছি সংবেদনশীল হৈ পৰিছিল ৰিয়াৰ লগত প্ৰিয়মৰ সম্পৰ্কত। হয়তু প্ৰিয়মৰা দোষ আছিল। সিও ভবা নাছিল তাৰ পুৰণি প্রেম পত্র, পুৰণি সম্পর্কয়ে তাইক ইমান দুখ দিব বুলি....

 ৰিয়াৰ জীৱনৰ অস্তিত্ব দেখিও তাই আচৰিত হ'ল। যিয়ে নহওক প্রিয়ম মদাহী নহয়। এজন সুপুৰুষ। ৰিয়াৰ স্বামীও সুখী নহয় ৰিয়াক লৈ.... কিন্তু তাই বুকুত হাত দি কব পাৰে তাই কলৈ প্রিয়ম এশ শতাংশ ই সুখী.... এই অস্তিত্ব জীৱন থাকে মানে থাকিব... তাই যিমান ঘাত প্রতিঘাত অতিক্ৰম কৰি বান্ধি ৰাখিলে সংসাৰখন....তাইৰ মাকৰ আগতাে এইবােৰ কথাৰ গম নিদিলে। মাত্র নিজে সহ্য কৰি গ'ল, নিজে নিজকে বুজাই গ'ল...অস্তিত্ব জীৱনৰ....

 আজি জীৱনৰ বিয়লি বেলাৰ আগমনৰ প্ৰাক মুহূর্তত তাই বাৰে বাৰে হাহাকাৰ কৰিছে, এই প্রশ্নবােৰৰ উত্তৰ বিচাৰি। সঁচাকৈ প্রেম আছিলনে প্রিয়মৰ তাইৰ প্ৰতি?? যদি আছিল তেনেহলে কিয় সি তাইৰ অস্তিত্ব সম্পর্কে সচেতন নাছিল। এই উত্তৰ আশাত তাই সদায় দূৰ দিগন্তত বিলিন হৈ যােৱা বেলিটোৰ ফালে চাই থাকে। যিদৰে বেলিটোৱে নিজৰ অস্তিত্ব জাহিৰ

কৰি পুনৰ উদয় হােৱাৰ প্রতিশ্রুতিৰে লুকাই যায় সীমাৰ সীপাৰে। [ ১৫৬ ]

যাত্ৰিক


খুশবু হাজৰিকা

 : কথাবোৰ পৰিষ্কাৰ হ'লে বিভ্ৰান্ত হোৱাৰ দিশে গতি কৰা নাযায়।নহয়নে বাৰু? আঁৰ বেৰৰ খেল কিয়নো? কোৱাচোন।- প্ৰাঞ্জলৰ অসহায় চাৱনি। টুকুৰা টুকুৰে গলি আহিছে দুখৰ বৰফ তাৰ কণ্ঠত।

 : ভুল বুজিছে আপুনি প্ৰাঞ্জল। ভুল ধাৰণা কিছুমানেৰে জীৱনটো দুৰ্বিসহ কৰি তুলিব। স্পষ্টবাদিতা প্ৰিয় মোৰ। জানে নহয়! স্পষ্টবাদিতাৰে আপোনাৰ কাষ চাপিম আঁৰ বেৰৰ খেল খেলাতকৈ।- পাৰিজাতৰ মাতটো শেষৰফালে কঁপি উঠিল। ইচ্ছাকৃতভাৱেই মিছা মাতিছে তাই। ইচ্ছা আৰু বাধ্য বাধকতাৰ মাজত তাই মিছা মাতিবলৈ বাধ্য।

 তাইৰ মোবাইলটো টেবুলত থৈ কোঠাটোৰ পৰা ওলাই গ'ল প্ৰাঞ্জল। পাৰিজাতৰ স্বামী। আচৰিত হ'ল তাই প্ৰাঞ্জলৰ এনে শান্ত সমাহিত ৰূপ দেখি। তাই আশংকা কৰাৰ দৰে উচ্চ বাচ্য কৰি হিংস্ৰ ৰূপ ধাৰণ নকৰিলে সি আন দিনাৰ দৰে। অতি বিস্ময়কৰ। এনেকুৱাতো নাছিল সি!

 এই একেটা ল'ৰায়েই বিয়াৰ পাছত তাইৰ ফোন-ছিম সলাই পেলাইছিল। কলেজীয়া দিনৰ ফটো এলবাম, অট’গ্ৰাফ, ই মেইল আদি জুপি জুপি চাইছিল। দিনটোত তিনি চাৰিবাৰকৈ অফিচৰ পৰা ফোন কৰিছিল। কিজানিবা তাইৰ কাষ চাপি আহিছে কোনোবা তৃতীয় ব্যক্তি! অতিষ্ঠ হোৱা নাছিল পাৰিজাত। তাই পৰিচিত আছিল প্ৰাঞ্জলৰ আচৰণৰ লগত। অত্যধিক পজেচিভনেচেৰে আক্ৰান্ত একপ্ৰকাৰৰ মানসিক ৰোগীয়েই যেন সি! প্ৰাঞ্জলৰ অদ্ভুত আচৰণবোৰ প্ৰত্যক্ষ কৰি তেনেকৈয়েই ভাবিবলৈ বাধ্য হৈছিল পাৰিজাত শেষত। বিয়াৰ আগতে লগ পোৱা প্ৰাঞ্জলৰ কথা মনত পৰিলে এতিয়াও ঘৃণা, ক্ষোভ, খং, দুখ ইত্যাদিয়ে তাইৰ বুকুত খুন্দা মাৰি ধৰে। অৱশ্যে কিছুপৰলৈহে। পিছমুহূৰ্ততেই ঋণ, অনুগ্ৰহ, দয়া, মৰম নামৰ শব্দপুঞ্জই পাৰিজাত নামৰ স্বকীয় সত্তা এটা উটুৱাই লৈ যায়। শ্ৰদ্ধা, প্ৰতিদানেৰে গদগদ কলিজা এটুকুৰা লৈ জোৰকৈ নিজকে সামৰি ৰখাৰ চেষ্টা কৰে তাই।

 বৰ দুৰ্ভগীয়া তাই।- নিজৰ কথা ভাবিলে কেৱল এইষাৰ বাক্যই মনলৈ আহে পাৰিজাতৰ। দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতেই হোৱা এটি বাছ এক্সিডেন্টত মাক-দেউতাককে আদি কৰি পিতৃ আৰু মাতৃ পৰিয়ালৰ সকলো লোককে হেৰুৱালে তাই। তাইহে জানো কি কুক্ষণত বাচি গ'ল! হস্পিটেলত এসপ্তাহ থাকি ঘৰলৈ ওভটে মানে সেইখন ঘৰ হৈ থকা নাছিল। এখন যেন মৰিশালি। চৌপাশে কেৱল নিঃস্তব্ধতা। ধুৱলি-কুঁৱলিকৈ এতিয়াও মনত আছে পাৰিজাতৰ, ঘৰৰ দেৱালত শাৰী শাৰীকৈ পৰিয়ালৰ মানুহবোৰৰ ফটোত মালা আঁৰি থোৱা দেখা প্ৰথম সেই মুহূৰ্তটো। শূন্য ঘৰখনত চিঞৰি চিঞৰি কান্দিলেও শুনোতা কোনো নাছিল। অসুস্থ-আঘাতপ্ৰাপ্ত কেও কিছু নোহোৱা ছোৱালীজনীক লৈ আনিছিল মৃত মাক দেউতাকৰ বন্ধু অৰুণ শইকীয়া আৰু জীনা শইকীয়াই। বন্ধুতকৈ তেওঁলোক মাক দেউতাকৰ বাবে ভাতৃ ভগ্নীৰ দৰেহে আছিল। পাৰিজাত আশ্বস্ত হৈছিল। শইকীয়া খুৰ খুৰীয়ে তাইক নিজ সন্তানৰ দৰেই মৰম কৰিছিল। পাছলৈ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা পাৰিজাতক তেওঁলোকে এডপ্ট কৰি লৈছিল। তেওঁলোকৰ জীয়ৰী নেহাৰ লগত একেলগে ডাঙৰ হৈছিল পাৰিজাত। নেহাৰ ককায়েক এজনো আছিল। আন কোনো নহয়; প্ৰাঞ্জল। যি এতিয়া পাৰিজাতৰ স্বামী।

 খুৰাক খুৰীয়েকৰ ঘৰত প্ৰাঞ্জলক তাই এবাৰো লগ পোৱা নাছিল আগেয়ে। তেওঁলোক পাৰিজাতহঁতৰ চহৰলৈ নতুনকৈ আহিছিল। প্ৰাঞ্জল তাৰ আগৰেপৰাই বৰ্ডিং স্কুল এখনত পঢ়ি আছিল। তাইতকৈ তিনি চাৰিবছৰমান ডাঙৰ ল'ৰাটোক তাই পাছতো খুব কমেইহে লগ পাইছিল। স্কুল বন্ধৰ সময়ত সি ঘৰলৈ আহিলেও বিশেষ বাক্য বিনিময় নহৈছিল সিহঁতৰ। বেছিভাগ সময়েই সি নিজৰ কোঠাত নিজকে লৈ ব্যস্ত হৈ ৰৈছিল। প্ৰাঞ্জলক খুউব খঙাল আৰু অসন্তোষীয়া যেন লাগিছিল তাইৰ। পাৰিজাতক তাৰ মাক দেউতাকে মৰম কৰাটোত যেন তাৰ দুৰ্ঘোৰ আপত্তি আছিল! অৱশ্যেই সেয়া আছিল শিশুসুলভ ঈৰ্ষাপৰায়ণতা। তাক বুজিব পৰা বয়স হোৱা নাছিল পাৰিজাতৰ। কিবা এক আখেজ আৰু খঙতে তাইক সি সহ্য নকৰে বুলি [ ১৫৭ ] ভাবিছিল পাৰিজাতে। অৱশ্যে উদাৰ শইকীয়া দম্পত্তীয়ে প্ৰাণ খুলি স্নেহ উজাৰি দিছিল তাইক। মৃত্যুক ওচৰৰপৰা দেখা, মৃত্যু কি অনুভৱ কৰিব পৰা হোৱা বাবেই নেকি পাৰিজাত গোমা-গোমোথা হৈ ৰৈছিল প্ৰত্যেক মুহূৰ্ততেই। ভাবুক, বিষাদগ্ৰস্ত ছোৱালীজনীক শইকীয়া দম্পত্তীয়ে কৰুণা মমতাৰে আৱৰি স্বাভাৱিক কৰি তুলাৰ প্ৰয়াস কৰিছিল। কিন্তু একো ফল ধৰা নাছিল। দিনকদিনে বেছিহে ভাবুক হৈ আহিছিল পাৰিজাত।

 : যদি তোমাৰ আপত্তি নাই তেন্তে তাইকো কোনোবা এখন ব’ৰ্ডিং স্কুলতে নাম লগাই দিওঁ নেকি? সৰু ছোৱালী। লগ সমনীয়া পালে কিজানি অলপ ৰঙীয়াল হয়েই। আমিচোন সকলো চেষ্টা কৰি চালোৱেই।- মিঃ শইকীয়াই চিন্তিত সুৰেৰে কৈছিল।

 : কি কোৱা! ইমান সৰুতেই হোষ্টেলত থবা! তাত গৈ যদি বেছিকৈয়েই কষ্ট পায়? কন্দা কটা কৰে? মাক দেউতাকৰ মৰমৰ প্ৰয়োজন এতিয়া তাইক।- চালাড কুটি থকা বন্ধ কৰি মিছেছ শইকীয়াই চিঞৰি উঠিছিল।

 : এদিন দুদিনকৈ দুবছৰেই পাৰ হৈ গ'ল। তাইৰ মনটো অকণো ৰঙীয়াল কৰি তুলিব নোৱাৰিলোঁ দেখোন আমি। সেয়ে হোষ্টেলতে দি চাওঁ। অসুবিধা হলে আকৌ লৈ আনিম। য'ত ত'ত নপঢ়ুৱাওঁ নহয়। ডৰথী আৰু ৰবীনক মনত আছেনে আমাৰ লগৰ? সিহঁত দুয়ো শ্বিলঙৰ স্কুল এখনত চাকৰি কৰে আজিকালি। ভাল স্কুল। অনুশাসন ভাল। তাত পঢ়িলে তাই ডৰ্থীকহঁতৰ মৰমৰ মাজত থাকিব। তাই কেঁচুৱা হৈ থাকোতেতো এবাৰ সিহঁতি আহি চাইও গৈছিল। খবৰ বাতৰিও লৈয়েই থাকে। এবাৰ দি চাওঁ। নে কি?

 : জানো! যি ভাল দেখা কৰা।-জীনাই কৈছিল।

 ভবাৰ দৰেই এদিন তাই ঘৰৰ পৰা ওলাই আহি ছিলঙৰ কনভেন্টৰ ছাত্ৰী তথা আৱাসী হ’ল। শাৰী শাৰী পাইন, মুঠি মুঠি জাৰ আৰু পৱিত্ৰ গীৰ্জাৰ সুমধুৰ ঘন্টাধ্বনিৰ গুঞ্জনেৰে ভৰা পৰিৱেশ এটাত তাই খোজ পেলালে। ডাঠ সেউজীয়া স্কাৰ্ট পেন্ট, ৰঙা চুৱেটাৰ পিন্ধি স্প্ৰীং দিয়া পুতলাৰ দৰে জঁপিয়াই থকা, পকা আপেলহেন মূখৰ কণ কণ ল'ৰা ছোৱালী এজুমৰ মাজত তাইও মিলি গ'ল। ডৰথী আন্টি, ৰবীন ছাৰ, এনিশা, মাৰ্থা, মেৰী, ৰেহান, উওমহঁতৰ মাজত তাইও পাহৰি পেলালে সকলোবোৰ। খুৰাকে সিদ্ধান্ত সলনি কৰিবলগা নহ'ল। এসপ্তাহতে তাইৰ পৰিৱৰ্তন দেখি খুৰাক খুৰীয়েক অবাক হোৱাই নহয়, আনন্দিত হৈছিল।

 সেয়াই আৰম্ভণি। টুৱেলভলৈকে ছিলঙত, গ্ৰেজুৱেচন দিল্লী, এম টেক কানপুৰত সমাপ্ত কৰি অৱশেষত অসমলৈ ঘূৰি আহিছিল পাৰিজাত। গুৱাহাটীত চাকৰিত জইন কৰাৰ পাছত তাই সিদ্ধান্ত লৈছিল মাক দেউতাকৰ স্মৃতিজড়িত মৰমৰ ঘৰটোলৈ ওভতি গৈ সকলোবোৰ থান থিত লগোৱাৰ। স্মৃতিবোৰ সামৰি সুতৰি ৰাখিবলৈ তাইৰ বাদে যে পৃথিৱীত কোনোৱেই নাই! এতিয়া আৰু তাই সেই সৰু ছোৱালীজনী নহয়, এজনী পূৰ্ণবয়স্ক পৰিপক্ক ছোৱালী যি নিৰ্ভয়ে অতীতক আঁকোৱালি ভৱিষ্যতৰ বাটত খোজ দিব পাৰে। খুৰাক খুৰীয়েকৰ ঘৰত নথকাৰ সিদ্ধান্ত লৈ পেলাইছিল তাই। আপত্তি আহিছিল খুৰীয়েক আৰু নেহাৰপৰা-

 : তুমি তাত গৈ কি কৰিবাগৈ অকলে অকলে? নালাগে নালাগে। ইয়াতে থাকা। ইয়াৰপৰানো কিমান দূৰ তোমাৰ ঘৰলৈ। অফিচলৈও ইয়াৰ পৰা ওচৰ হয় তোমাৰ। - খুৰাকে অৱশ্যে বুজিছিল তাইৰ আৱেগ। কৈছিল-

 : তুমি এতিয়া ডাঙৰ হ’লা। সিদ্ধান্ত ল'ব পৰা হ'ল। তোমাৰ ইচ্ছাক সন্মান কৰোঁ আমি। দৰাচলতে ওপজা ঘৰখনৰ মোহ খুবেই শক্তিশালী। শিপাৰ দৰে ইয়াৰ জোৰ। ময়েইচোন আজিলৈকে মোৰ ওপজা গাওঁখন পাহৰিব পৰা নাই! এই বান্ধোনবোৰৰ প্ৰতি আমি দায়িত্বশীল হোৱা উচিত। গতিকে যোৱা। ভালকৈ থাকিব। ঘৰটোৰ তদাৰক কৰা মানুহ দুজন আছেই। কিবা অসুবিধা পালে ক’বা। ইয়ালৈ আহি থাকিবা। বিশেষকৈ দেওবাৰে দেওবাৰে। নহ'লে খুৰীৰ হাতৰ মাংসৰ আঞ্জা মিছ কৰিবা।- শেষৰ বাক্যশাৰী কৈ হাঁহিছিল তেওঁ।

 : ইছ খুৰা! কিয় মিছ্‌ কৰিম! প্ৰত্যেক দেওবাৰে আহিম মই।- পাতলভাৱে হাঁহিছিল আটায়ে।

 ঘৰলৈ উভতিবৰ পাছৰে পৰা কিছুদিন ব্যস্ততাৰ বাবে খুৰাকহঁতৰ ওচৰলৈ যাবলৈ সময় পোৱা নাছিল পাৰিজাতে। দেওবাৰ আছিল সিদিনা। পুৱা গা আহিছিলহে তাই; তেনেতে কলিংবেলৰ মৃদু গুঞ্জনে কোনোবা অহাৰ কথা সোঁৱৰাই [ ১৫৮ ] দিলে। তিতা চুলিটাৰি মোহৰা টাৱেলখন বাওঁহাতত লৈ তাই দুৱাৰখন খুলি দিলে। দুৱাৰমূখত এজন অচিনাকি, দীৰ্ঘদেহী, সুন্দৰ যুৱক ৰৈ আছিল।

 : আপুনি..?

 : তুমি পাৰিজাত? -যুৱকজনে প্ৰশ্ন কৰিছিল।

 : হয়। কিন্তু আপোনাক চিনি পোৱা নাই।

 : মই প্ৰাঞ্জল। মা দেউতাই তোমালৈ ফোন কৰিছিল। ফোনটো নুতুলিলা। সেয়ে মোকেই পঠাই দিছে তোমাক লৈ যাবলৈ। ভাত খাবলৈ মাতিছে তোমাক।

 প্ৰাঞ্জল! নামটো শুনি খঙাল, অসন্তোষীয়া সৰু ল'ৰা এটাৰ ছবি এখনে আহি তাইৰ চকুৰ আগত অগা দেৱা কৰিছিল। প্ৰাঞ্জলক শেষবাৰৰ বাবে তাই নৱম শ্ৰেণীত থাকোতেই লগ পাইছিল। মাঘবিহুৰ উৰকা আছিল সিদিনা। আনদিনাৰ দৰেই একো বাক্য বিনিময় হোৱা নাছিল দুয়োৰে। তাৰ পিছতেই এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি বিদেশলৈ উৰা মাৰিছিল সি। তাৰ পাছৰেপৰাই এক বৃহৎ দূৰত্ব। প্ৰাঞ্জলৰ খবৰ ৰখাৰ কোনো প্ৰয়োজনবোধ কৰা নাছিল পাৰিজাতে। প্ৰাঞ্জলেও। শৈশৱৰ সেই অসহজ সম্পৰ্কৰ বাবেই নেকি চাগৈ একেখন ঘৰতে ডাঙৰ হৈও দুয়োৰে মাজত বৃহৎ প্ৰাচীৰ এখন থাকি গৈছিল।

 : হয় চিনি পাইছোঁ। আহক বহকহি।- প্ৰাঞ্জল বহিছিল। পাৰিজাতে চাহ যাচিছিলহি।

 : চাহ আনিলা যে। মই ব্ৰেকফাষ্ট কৰিয়েই আহিছে। ঃ চাহ একাপহে। একো নহয়।

 : বাৰু। তোমাৰ কথা কোৱাচোন। পঢ়া শুনা, চাকৰি এইবোৰ তেন্তে সিও তাইৰ একো খবৰ ৰখা নাছিল মাক দেউতাকৰ পৰা। কিছুপৰ তকমাৰি পাৰিজাতে ভাবিছিল। চমুকৈ নিজৰ বিষয়ে কৈ প্ৰাঞ্জলৰ বিষয়ে সুধিছিল তাই। ব’ষ্টত কৰি থকা লোভনীয় চাকৰি শেহতীয়াকৈ ৰিজাইন কৰি আহিছিল সি। নতুন চাকৰি গুৱাহাটীতেই।

 : কেনে লাগিছে ইমান বছৰৰ পাছত অসমলৈ আহি?

 : ভাল লাগিছে। আগৰ দৰে খং উঠা নাই।

 : খং?

 : ওঁ৷ আগতে যে ঘৰলৈ আহিলেই খং উঠিছিল। তোমাৰ মনতনাই চাগৈ। মা দেউতা অনবৰতে তোমাক আৰু নেহাক লৈয়েই ব্যস্ত। মোকতো সৰুতেই ব’ৰ্ডিঙত দি দিলে। মোক আঁতৰাই লৈ তোমালোককে মৰম কৰে। বি.ৰাট খং উঠিছিল দুয়োজনীলৈ। এতিয়া ভাবো- কি যে ষ্টুপিড আছিলো মই!- কৈ কৈ হাঁহিছিল সি। পাৰিজাতৰ অসহজবোধ আঁতৰ হৈছিল। সিদিনা লগ পোৱা প্ৰাঞ্জলক দেখিহে তাই অনুভৱ কৰিছিল, সময় হ’ল পৰিবৰ্তনৰ আন এক নাম। ভাল লাগিছিল সৰবৰহী আৰু হাঁহিমূখীয়া প্ৰাঞ্জলক। নেহাৰ দৰে তায়ো তাক প্ৰাঞ্জল দা বুলি মাতিবলৈ লৈছিল। কেনেকৈনো জানিব যে ময়ত সতে সম্পৰ্কই কেনেদৰে দিশ সলাব!

 অথচ তেনে হৈছিল। পাৰিজাতৰ সন্মুখত বাৰে বাৰে প্ৰেমভিক্ষা লৈ থিয় দিছিলগৈ সি। প্ৰত্যাখ্যান, অনুনয় বিনয়, গালি শপনি একোৱেই ক্ৰিয়া কৰা নাছিল প্ৰাঞ্জলক। তাৰ প্ৰেমৰ তৰংগবোৰে সীমা অতিক্ৰমী গৈছিল।

 : তুমি কি বিচাৰ কোৱা? মই তুমি বিচৰাৰ দৰেই কৰিম। এতিয়াই মোক ভাল নোপোৱা, নালাগে পাব। মোক সজাই লোৱা তোমাৰ মতে। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম পাৰিজাত!- পাৰিজাত শংকিত হৈ উঠিছিল। কথাবোৰ ৰাষ্ট্ৰ হৈ গ'লে কি হ'ব তাক অনুমান কৰি ভীতিগ্ৰস্ত হৈ পৰিছিল। প্ৰাঞ্জলে সিমানখিনি সীমা মানি সাৱধানতা অৱলম্বন কৰি চলিছিল যদিও দুশ্চিন্তাত টোপনি নহা হৈছিল পাৰিজাতৰ।

 : কিহত অসমৰ্থ মই? কিয়?- প্ৰাঞ্জলৰ অবুজ, তৰল, অপৰিপক্ক প্ৰশ্নৰ দমবোৰত পাৰিজাতৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। প্ৰেমৰ গভীৰতা অনুধাৱন কৰিব নোৱাৰা প্ৰাঞ্জলৰ দৰে ব্যক্তিৰ বাবে প্ৰেমৰ সংজ্ঞাই হ’ল কায়িকভাৱে হাঁচিল কৰা। তাইৰ বাবে সেই সংজ্ঞা অৰ্থহীন। তাইৰ বাবে প্ৰেম হ’ল বন্ধুত্ব, বিশ্বাস আৰু ব্যক্তিসুলভ স্বাধীনতাৰ প্ৰতি সম্মান।

 হয়। চোওঁ-নোচোওঁকৈ অৰ্ধপ্ৰস্ফুটিত সৰগী প্ৰেমৰ খৰিকাজাঁই এজুপিৰ সুবাসে পাৰিজাতকো চুই গৈছিল। অত্যন্ত [ ১৫৯ ] গোপনে সেই সুগন্ধিক বুকুৰ বৰপেৰাত সচিব খুজিছিল তাই। কাৰোবাৰ ওঁঠত হাঁহি হৈ বিৰিঙিবলৈ, বুকুত স্পন্দন হৈ বাজিবলৈ, চকুত স্নেহ হৈ জিলিকিবলৈ ধৰিছিলহে তাই! বৰুণ নাম আছিল তেওঁৰ। কৰ্মসূত্ৰে এটি এন জি অ’ চলাই থকা বৰুণক লগ পাই প্ৰথম দৃষ্টিতেই আপোনত্ব গঢ় লৈ উঠিছিল। এই বৰুণৰ লগতেই পাৰিজাতে জীৱন যুদ্ধত একেলগে বাট বুলিবলৈ পোৱা হলে সুখী হ'লহেঁতেন। সম্পূৰ্ণ হ'লহেঁতেন তাইৰ সত্তা। কিন্তু নহ'ল। প্ৰাঞ্জলে নিদিলে এনে হ'বলৈ। কি যে নিৰ্দয়তাৰে তাইৰ আগত মাক দেউতাকৰ ঋণ শুজাৰ প্ৰস্তাৱ লৈ থিয় দিছিল সি! প্ৰস্তাৱ নহৈ যেন দাবী।

 : আজি তুমি য'ত আছ, যেনেদৰে আছা, সেয়া মা-দেউতাৰ আশীৰ্বাদ আৰু মৰম। স্বীকাৰ নকৰানে সেয়া তুমি? মা দেউতাৰ ঋণ শুজিবলৈও তুমি এইকণ কৰিব নোৱাৰা? তেওঁলোকৰ মৰমৰ প্ৰতিদান দিবলৈও অপাৰগ নে তুমি?- খঙত কপিছিল তাই।

 : কি? কি কথা কয় আপুনি? খুৰ খুৰীক মাজলৈ নাটানিব। তেওঁলোক আপুনিৰ দৰে স্বাৰ্থপৰ নহয়। মৰমৰ প্ৰতিদান তেওঁলোকে নিবিচাৰে। স্বাৰ্থপৰ আপুনিহে। কেনেকৈ ইমান নীচ হ’ব পাৰিলে প্ৰাঞ্জল দা?

 : ডেম্‌! ষ্টপ্‌ কলিং মি দাদা দাদা। আই এম নট য়’ৰ “দাদা”। আৰু কি কৈছা? হয় মই স্বাৰ্থপৰ। তোমাক পাবৰ কাৰণে ইয়াতকৈও নীচ হম মই। মই ভগৱান নহয়।

 : আপুনি মোৰ দাদাৰ দৰে।

 : দৰে বুলি তুমি ভাবা। নহওঁতো।-

 সুস্থিৰ অৱস্থাত কথাবোৰ ভাবি চাইছিল তাই। ঠিকেইতো। তাই দাদা বুলি মাতিলে কি হ'ব, কোনো তেজ মঙহৰ সম্পৰ্কতো সিহঁতৰ মাজত নাই! খুৰাক খুৰীয়েকৰ মমতাৰ ধাৰ তাই কেতিয়াও শুজিব নোৱাৰে। এইটো সঁচা যে তেওঁলোকে তাইৰপৰা একো প্ৰতিদান নিবিচাৰে; কিন্তু যিদিনা তেওঁলোকে গম পাব যে প্ৰাঞ্জলৰ এনে অস্থিৰ, উন্মাদ প্ৰায় অৱস্থাৰ বাবে, দুখ-ইচ্ছা-অপূৰ্ণ হেঁপাহৰ বাবে দায়ী একমাত্ৰ তাই, তেতিয়া তেওঁলোকে তাইক এতিয়াৰ দৰেই মৰম কৰিবনে? হাজাৰ হলেও প্ৰাঞ্জল তেওঁলোকৰ নিজ সন্তান। প্ৰাঞ্জলে ভবাৰ দৰে যদি তেওঁলোকেও ভাবিছে; তেতিয়া? তেতিয়া কি হ'ব? ঋণ শুজিবৰ কাৰণে বৰুণক প্ৰতাৰণা কৰিব পাৰিবনে তাই?

 ভবাতকৈও জটিল পৰিস্থিতিয়ে তাইৰ বাবে অপেক্ষা কৰি আছিল। বৰুণৰ কথা গম পোৱাৰ দিনাই প্ৰাঞ্জলে ঘৰত ঘোষণা কৰিছিল- সি বিয়া কৰালে পাৰিজাতকে কৰাব। প্ৰথমে আচৰিত হৈছিল সকলো। আপত্তি অথবা সমৰ্থন, একোৱেই কৰা নাছিল তেওঁলোকে। খুৰাকে পাৰিজাতক ফোন কৰিছিল-

 : কথাবোৰ সঁচা নে কি অ’ মাজনী? মই তোমাৰ দেউতাৰ দৰে। মোক সকলো খুলি ক'ব পাৰা তুমি। তোমাৰ সিদ্ধান্ত যিয়েই হওক, মই সমৰ্থন কৰিম। - ফোনৰ আনটো মূৰত নিশ্ৰুপ হৈ ৰৈছিল পাৰিজাত।

 তেন্তে প্ৰাঞ্জলৰ লগত তেনে এক সম্পৰ্ক ঘটিলেও তেখেতৰ আপত্তি নাই! তেখেতল কথাত প্ৰাঞ্জলৰ প্ৰস্তাৱক প্ৰশ্ৰয় দিয়াৰ সুৰ এটা শুনা পাইছিল তাই। হয়তো সেয়া পাৰিজাতৰ ভুল আছিল। হয়তো তেওঁ পাৰিজাতৰো প্ৰাঞ্জলৰ প্ৰস্তাৱত সমৰ্থন থাকিব পৰাৰ সম্ভাৱনীয়তাত দৃষ্টি ৰাখি নিৰপেক্ষভাৱে কথাষাৰ সুধিছিল। তথাপিও কিয় জানো, পাৰিজাতৰ অকণো ভাল লগা নাছিল। নিজৰেই অজানিতেই তাই বিচাৰিছিল, খুৰাকে বিৰোধ কৰক প্ৰাঞ্জল। গালি পাৰক! সেয়া নহ'ল। তাৰ পাছতেই আৰু যেন বিভ্ৰান্তিৰ চাকনৈয়াৰ ভিতৰলৈ সোমাই গ'ল তাই। খুৰাকৰ আপত্তি নাই। এই ভাৱটো মনলৈ সোমাই যোৱাত আৰু সংকুচিত হৈ পৰিল তাই। শইকীয়া দম্পতীৰ মৰম, স্নেহ, আশ্ৰয়ৰ তলত ঋণগ্ৰস্ত পাৰিজাত। ইয়াৰ পাছত যদি প্ৰাঞ্জলৰ অপূৰ্ণ ইচ্ছা, দুখৰ কাৰণ তাই হয় বুলি তেওঁলোকে জানে,লজ্জিত নহবনে তাই? ক'ত থাকিব সেই মৰমৰ মূল্য? ওৰে জীৱন বিবেক দংশনত ভূগি থাকিব তেতিয়া তাই।

 নাই নাই! তাইক ভালপোৱা নালাগে। বৰুণৰ সতে প্ৰেম সফল নহ'লেও, প্ৰতাৰিকা নাম পালেও তাই সহি থাকিব পাৰিব; কিন্তু অকৃতজ্ঞৰ নাম লৈ জীয়াই থাকিব নোৱাৰিব।

 :লাইন কাট্‌ খাইছিল। ফোনটো আকৌ বাজিছিল। ৰিচিভ কৰি লৈ কোনোমতে জড়তাৰে আওঁৰাইছিল তাই, বুকুত খুন্দা মাৰি ডিঙিত লাগি ধৰা শব্দকেইটা-

 : তেওঁ সঁচা কৈছে খুৰা। সকলোবোৰ মোৰ ইচ্ছানুযায়ীয়েই হৈছে।

[ ১৬০ ]  বচ্‌! সেয়াই আৰম্ভণি তাইৰ জীৱনৰ চাকনৈয়াবোৰৰ। বৰুণে খুব গালি দিছিল তাইক।

 : কি পাগলামী কৰিছা তুমি এয়া? খুড়াই তোমাক সোধোঁতে সঁচা কথা কিয় নক’লা? তেওঁতো তোমাক জোৰ কৰা নাছিল। নিজে ভুল ধাৰণা এটা মনত পুহি লৈ যে তুমি খেলিমেলি কৰিবলৈ ওলাইছা তাক বুজিছানে? ব’লা এতিয়াই মোৰ লগত খুড়াৰ ওচৰলৈ। মই কথা হ'ম তেখেতৰ লগত।-উত্মাৰে উঠি আহিছিল সি চকীখনৰ পৰা। পাৰিজাতে তাক এসোপামান যুক্তি দেখুৱাইছিল। শুনা নাছিল সি।

 : ভুল কৰিবলৈ ওলাইছা তুমি। তিনিটা জীৱন ধ্বংস কৰি কি তুমি ঋণ শুজিবা? বাঃ! যিদিনা সত্য সকলোৰে সন্মুখলৈ আহিব, কেৱল তিনিটা জীৱনেই নহয়, সকলোৰে জীৱনত আউল লাগিব। আৰু তাৰ দায়ী একমাত্ৰ তুমি হ'ব। এটা সৰু সামান্য ভুল বুজাবুজিৰ কাৰণে গোটেই জীৱন কান্দিবা তুমি।

 কিমান যে শুদ্ধ আছিল সি! প্ৰাঞ্জল আৰু তাইৰ বিয়াৰ পাছত কেনেকৈ জানো বৰুণৰ কথাবোৰ গম পাইছিল খুড়াকে। দুখ, খং, অভিমান, অপৰাধবোধত মানুহজনে মৰাৰ আগমুহূৰ্তলৈকে তাইক মতাকৈ থাকিল। কথাষাৰ মনত পৰিলে অনুশোচনাত দুচকু সজল হৈ আহে পাৰিজাতৰ। ষ্ট্ৰোক হৈ অকাল মৃত্যুবৰণ কৰা খুড়াকক এনে অৱস্থালৈ থেলি পঠিওৱাৰ দায়ীতো তাই নিজেই। মানুহজনে সঁচাকৈয়েই তাইক নিজৰ ছোৱালী বুলি ভাবিছিল।

 বিয়া হৈ গৈছিল। ব্ৰিাহৰ পাছতো সিহঁত দুয়োৰে মাজত একো সৌহাদ্য গঢ়ি নুঠিল। দুটা বিপৰীত কেন্দ্ৰত দুয়োৰে উপস্থিতি। সম্পৰ্কটোক সহজ কৰিবলৈ প্ৰাঞ্জলে আগবঢ়োৱা এটা খোজৰ প্ৰত্যুত্তৰত খং, ঘৃণা, বিতৃষ্ণাৰে দহখোজ পিছুৱাই যায় তাই। প্ৰথমাৱস্থাত অত্যধিক অধিকাৰবোধেৰে তাইক নিজৰ নিদেৰ্শনাত ৰাখিব খোজা প্ৰাঞ্জল তাইৰ নিৰ্বিকাৰ, নিৰুদ্বেগ আচৰণত অতিষ্ঠ হৈ ক্ৰমশঃ নিস্তেজ হ’বলৈ ধৰিছে। কমি আহিছে তাৰ কণ্ঠৰ উষ্ণতা। ঔদ্ধত্য। নিজৰ মাজতে ব্যস্ত হৈ ৰয় সি আজিকালি। হয়তো সিও বুজিব পৰা হৈছে- শিকলিৰে বান্ধি আনিব নোৱাৰি কাৰোৰে পৰা অধিকাৰহীন ভালপোৱা।

 : অতিষ্ঠ হৈ পৰিছো মই নিজকে লৈ। পিঞ্জৰাত আৱদ্ধ যেন মই। উশাহ নাপাওঁ মই বৰুণ। কি ভুল কৰিলোঁ এয়া! শুদ্ধ আছিলা তুমি। একেবাৰেই শুদ্ধ। সুদীৰ্ঘ পাঁচবছৰৰ পাছত বৰুণৰ আগত স্বীকাৰোক্তি কৰিছিল পাৰিজাতে। সন্মুখত থকা পানী ওপচা গিলাচটোৰ দৰে তাইৰ চকুযুৰিতো ভীৰ কৰিছিল লুণীয়া পানীয়ে। বৰুণে তাইৰ ফালে চাই নীৰৱে টি এখন আগবঢ়াই দিছিল।

 আকস্মিক আছিল সেই সাক্ষাৎ | ছমাহ আগেয়ে গোৱালিয়ৰৰ পঞ্চতাৰকা হোটেল এখনত ভেটা ভেটি হৈছিল সিহঁতৰ পুনৰ।প্ৰাঞ্জলকনফাৰেঞ্চ আছিল। তাইও গৈছিল লগত। সি ওলাই যোৱাৰ পাছত কিবা কাৰণত হোটেলৰ ৰিচেপচন কাউন্টাৰলৈ যাওঁতেই তাত ভেটাভেটি হৈছিল বৰুণৰ সতে। প্ৰথমে দুয়ো কিছুপৰ শিলৰ টুকুৰাৰ দৰে জঠৰ হৈ ৰৈছিল। তাৰপাছত খবৰ লৈছিল ইজনে আনজনৰ। পাঁচটা বছৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰি অৱশেষত বৰুণৰ কৰ্মস্থান পুনৰ গুৱাহাটী। প্ৰথমে গম্ভীৰ হোৱাৰ অভিনয় কৰিলেও শেষলৈ তাই ভাগি পৰিছিল। কৈ পেলাইছিল অসম্পূৰ্ণ সংসাৰখনৰ কথা। বৰুণে তাইক সান্ত্বনা দিছিল। আশ্বাস দিছিল। সেই আশ্বাস আজি ছমাহৰ পাছত প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰ ঘটিছে। হয়তো এতিয়া প্ৰাঞ্জলেও গম পাইছে সেই কথা!

 বিগত ছমাহ প্ৰাঞ্জলে নজনাকৈ বৰুণৰ লগত তাই সময় কটাইছে। কথা পাতিছে, কেতিয়াবা কান্দিছে। বৰুণে বাৰে বাৰে তাইক সোঁৱৰাই দিছে- একেলগে থাকিও এক হ'ব নোৱাৰাতকৈ একক জীৱন শ্ৰেষ্ঠ।

 : আঁতৰি আঁহা পাৰিজাত। মই আছে তোমাৰ লগত। আমি নতুনকৈ সপোন দেখিম। কি ভাবি ৰৈ যোৱা তুমি প্ৰতিবাৰ?

 এৰা! কি ভাবি ৰৈ যায় তাই প্ৰতিবাৰ? প্ৰাঞ্জলৰ বাবে কোনো তাগিদা তাইৰ মনত কাহানিও জন্ম নহ'ল। প্ৰাঞ্জলৰ লগত ফ্লাৰ্ট কৰিবলৈ সুযোগ বিচাৰি ফুৰা সহকৰ্মী মায়াৰ মেছেজবোৰ দেখিলেও প্ৰতিক্ৰিয়াহীন পাৰিজাত। অপুষ্টিত জৰ্জৰ শৰীৰৰ দৰে প্ৰেমহীনতাত জৰ্জৰ হৈ পৰিছে এই সম্পৰ্ক। তেনেস্থলত বিবাহ বিচ্ছেদৰ কথা কলেই তাই কিয় থমকি ৰৈ যায়! কিয় বৰুণৰ বাবে বিবাহপ্ৰাৰ্থীৰ কথা তাৰ ঘৰত আলোচনা হোৱাৰ কথা জনাৰ পাছতো তাই আগবাঢ়িব পৰা নাই বিবাহ বিচ্ছেদৰ। প্ৰক্ৰিয়ালৈ? ওঁঠ কামুৰি কিয় থমকি ৰৈ যায় প্ৰাঞ্জলৰ ওচৰত প্ৰতিবাৰে? এটা মৰমৰ চুমা, উষ্ণ আলিংগনৰ পৰা বঞ্চিত এটা সম্পৰ্কত কিয় দুজন লোক বান্ধখাই থাকে?

[ ১৬১ ]  : ক’বখােজা কথাবােৰ স্পষ্ট হলে ভাল। হয়তাে বুজি উঠে প্রাঞ্জলে তাইৰ মৌন ওঁঠৰ সিপাৰৰ কথকতা। ব্রেকফাষ্টৰ টেবুলত তাইলৈ নােচোৱাকৈয়েই পুনৰ আওঁৰাই উঠে প্রাঞ্জলে। বহুত চেষ্টা কৰিও ‘ ডিভাের্চ’ শব্দটো উচ্চাৰণ কৰিব নােৱাৰি ধৰফৰাই উঠে তাই। কিয় এনে হয়! কিয় হয়।

 : বৰুৱাৰ লগত কথা পাতিবা? মােৰ ম'বাইলতে আছে নম্বৰটো। পাতি ল’বা যি পাতা।- খােৱা আধৰুৱাকৈ এৰি উঠি গুচি যায় প্রাঞ্জল। আচৰিত হ'ল পাৰিজাত। কেনেকৈ ! কেনেকৈ জানে সি তাইক উকীলৰ প্রয়ােজন হােৱাৰ কথা তাই কাহানিও নােকোৱাকৈ! ডিভাের্চৰ কথা তাই ভাবিছে বুলি কেনেকৈ জানিলে? কথাটো সি ইমান সাধাৰণভাৱে লােৱাটো সহজে ল’ব নােৱাৰিলে পাৰিজাতে। টেবুলৰ ওপৰত থােৱা ফোনটোলৈ হাতখন মেলিও কেঁচাই আনিলে তাই কিবা এক তাড়নাত। এই.. এই কিবা এটা তাড়না কি? কিয়?

 বিবাহৰ পশ্চাৎ এগৰাকী নাৰীৰ খােজবােৰ কিয় সংকুচিত হৈ পৰে? এইটো জানিও যে সেই খােজত যুক্তি আছে, আছে বাস্তৱিকতা। সুখপ্রাপ্তিৰ অধিকাৰ নাৰী-পুৰুষ উভয়ৰে আছে। পাৰিজাতৰ সেই অধিকাৰ প্ৰাঞ্জলে এসময়ত খর্ব কৰিছিল। তাৰ পাছতাে এক অদৃশ্য শক্তিয়ে শিকলিৰ ৰূপ লৈ পিছফালৰ পৰা সর্বশক্তিৰে তাইক খামুচি ৰাখে। নাই! প্রাঞ্জলৰ হাত নাই তাত। তাই তাক যােগ্য বুলি বিচাৰেই নকৰে তাৰবাবে। সেই শক্তিৰ উৎস বেলেগ।

 :এয়া এটাচ্চমেন্ট কেৱল তােমাৰ। আন একো নহয়। স্বাভাৱিক ভাৰতীয় নাৰীৰ ঘৰ, এক মন্দিৰ টাইপ মানসিকতা। বিচলিত নহ'ব। সময়ৰ লগে লগে নােহােৱা হৈ যাব সেয়াও - বৰুণৰ কথাত হতভম্ব হৈছিল তাই।

 এটাচ্ছমেন্ট? কিহৰ এটাচ্ছমেন্ট? কেনেধৰণৰ এটাচ্ছমেন্ট? তাইতাে এয়াও আছে বুলি জনা নাছিল! যাৰ প্রতি অহৰহ ঘৃণা, বিতৃষ্ণা কঢ়িওৱা যায়, তাৰবাবে জানাে কাহানিবা আপােনত্ব জাগি উঠে?

 উত্তৰ বিচাৰি হাহাকাৰ কৰি উঠে পাৰিজাতে। কাৰ ওচৰত বিচাৰি যাব উত্তৰ? খুৰাকৰ পৰা সত্য জানি লােৱাৰ পাছত খুৰীয়েক তাইৰ আৰু প্রাঞ্জলৰ ওপৰত বিতুষ্ট। এতিয়াও। সেই বিতুষ্টতা দেখিয়েই প্রাঞ্জলে এতিয়াৰ ভাড়াঘৰটোলৈ আঁতৰি অহাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। মাহজুৰি সংযােগ নথকা দূৰত্ব সামৰি নেহা বিবাহসূত্রে দেশৰ বাহিৰত। আৰু কাৰ ওচৰত তাই নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যায়?

 প্রাঞ্জলে লক্ষ্য কৰিছিল পাৰিজাতক। তাইৰ উদ্বিগ্নতাক। এডভােকেট বৰাক সুধি গম পাইছিল যে পাৰিজাতে ফোন। কৰা নাই তেখেতক।

 : ফোন নকৰিলা যে? বেলেগ এডভােকেট পাইছা নেকি?- প্রাঞ্জলৰ প্ৰশ্নৰ খঙেৰে উত্তৰ দিবলৈ লৈও পাৰিজাত থমকি ৰৈছিল। তাইৰচোন খং উঠাই নাই! বৰঞ্চ এক অচিন বিষাদে বেৰি ধৰে তাইক।

 : কিয় লাগে আপােনাক মই কাক বিচাৰিছোঁ।

 : নালাগে বাৰু। হৈছে কি তােমাৰ ? কোৱাচোন।

 : কিয়? আজি মনত পৰিল সুধিবলৈ ?

 : তােমাক আগেয়ে ইমান উদ্বিগ্ন দেখা নাছিলোঁ।

 : সদায়েই আছিলোঁ। উদ্বিগ্ন নহয়। আতংকিত। আপােনাৰ বাবে। পাহৰি গ'ল?

 : ... ।

 : সেইসময়তেই নুবুজিছিল। এতিয়া কিয় লাগে মই কি বিচাৰোঁ।

 : ...। এটাও শব্দ নােকোৱাকৈ প্রাঞ্জল আঁতৰি গৈছিল। বুজি পাইছিল পাৰিজাতে, প্রাঞ্জল নিজৰ কৰ্মক লৈ অনুশােচনাত দগ্ধ। পিছে জনা নাছিল, যে সিদিনাৰ পৰাই এই অনুশােচনাৰ আৰম্ভ হৈছিল, যিদিনা নকইনাৰ লাজৰ ওৰণি গুচাই তাই স্পষ্টকৈ কৈছিল—

 : “বিয়া কৰাব বিচাৰিছিল মােক, বিয়া হৈ গ'ল। তাতােতকৈ একো নিবিচাৰিব। নাভাবিব যে কোনােবাদিনা আপােনাক আঁকোৱালি লম। ঘৃণাৰ বাহিৰে মােৰ ওচৰত একোৱেই নাই আপােনাৰ বাবে।”- সিদিনা প্রাঞ্জল হতভম্ব হৈছিল। বিবাহ মানেই পূৰ্বৰ সকলাে কথা পাহৰি সমৰ্পণ- এয়া আছিল তাৰ ধাৰণা। ভুল আছিল সি। প্রেমহীনতাৰে ভৰা এটা শৰীৰ চুবলৈ যােৱাটো [ ১৬২ ] তাৰ অপমান। কাপুৰুষালি। ঘৃণাভৰা দৃষ্টি নিজৰ ওপৰত লৈ প্রেম যাচিব নােৱাৰি; সময়ৰ লগে লগে সি ঠিকেই বুজি উঠিছিল। এদিন শুনিছিল বৰুণৰ সতে কথােপকথনাে ! তাৰ আগত কঠোৰ হৈ থকা পাৰিজাত বৰুণৰ সন্মুখত লেহুকা লতা এডালৰ দৰে লেতুসেতু হৈ পৰা দেখি নিজকে ধিক্কাৰ দিছিল সি। সিযে নােৱাৰিলে পাৰিজাতৰ আৱেগবােৰ প্ৰকাশৰ বাবে যােগ্য ব্যক্তি এজন। হ’ব। কি হৈ ৰ'ল সি? এক নামহীন লােক? অস্তিত্বহীন উপস্থিতি।

 সিদিনাৰ কথােপকথনতেই বিবাহ বিচ্ছেদৰ বিষয়ে শুনা পাইছিল সি। ফোনৰ সিমূৰত বৰুণে কি কৈছিল সি নাজানে। পাৰিজাতক মুক্ত কৰিবলৈ অংগীকাৰবদ্ধ হৈছিল সি। গুচি যাওক তাই ইমান কষ্টত থকাতকৈ। এশ শতাংশই দোষী সি তাইৰ। তাই আঁতৰি গৈ বৰুণৰ লগত সুখী হৈ ৰােৱাটো তাৰ বাবে নগণ্য শাস্তি। বিয়াৰ আগতেই যদি সি বুজি পালেহেঁতেন কথাবােৰ? কাহানিও নাৰীৰ সংস্পৰ্শলৈ আহি নােপােৱা, সম্পর্কবােৰক অনুভৱ কৰিব নােৱাৰাৰ বাবে সি স্বার্থপৰ হৈ পৰিছিল। এতিয়া আৰু নহয়!

 ডিভাের্চ পেপাৰখন হাতত লৈ হতভম্ব হৈ ৰ'ল পাৰিজাত। প্রাঞ্জলে পুঁজি থৈ গৈছে এইমাত্র তাইৰ হাতত। এইমাত্রই বৰুণে ফোন কৰিছে। মিছড় কল হৈ ওলমি ৰৈছে তাৰ নাম মােবাইলৰ স্ক্রীণত। আহি ঠাহ খাইছেহি কেবাটাও মেছেজ-

 “কণিহঁতৰ ঘৰলৈ যাব কাইলৈ মাহঁত।”

 “তােমাৰ কথা কোৱাৰ পাছতাে তেওঁলােক আঁকোৰগােজ। ময়াে আঁকোৰগােজ মােৰ সিদ্ধান্তত।”

 “মই তােমাৰ লগত আছে।”

 “একো নােকোৱা কিয় তুমি?”

 এহাতে বৰুণৰ দাবী আনহাতে প্রাঞ্জলৰ নীৰৱ আত্মসমর্পণ। এহাতে বৰণ, এহাতে প্রাঞ্জল।

 পুনৰ বৃত্তৰ বুকুত ঘূৰি ঘূৰি পাঁচবছৰৰ আগলৈহে ঘূৰি গ'ল যেন তাই! একেই পৰিস্থিতি। পার্থক্য মাথোঁ ইমানেই যে তেতিয়া বৰুণে তাইৰ আৱেগ গধুৰ কথাবােৰৰ সন্মুখত আত্মসমর্পণ কৰিছিল, আজি প্ৰাঞ্জলে।

 পাত্র দুজন বেলেগ হ'ল। বুকুত বিষটো কিয় একেবাৰেই একে !!

 : নীৰৱতাৰ সময় শেষ হ’ল পাৰিজাত। তােমাৰ আধৰুৱা কামখিনি ময়েই কৰি পেলালোঁ। - কৈ কৈ খামৰ পৰা কাগজবােৰ ওলিয়াইছিল সি।

 : ডিভাের্চ পেপাৰ্ছ। চহী কৰা আছে মােৰ। আশা কৰোঁ আজি প্ৰথমবাৰৰ বাবে তুমি মনেবিচৰা কিবা এটা দিব পাৰিছোঁ। সুখী হ’বা তুমি নিশ্চয়ই।

 কাগজখন হাতলৈ আনি প্রাঞ্জলৰ চহীটোলৈ চালে তাই। হাতফুৰাই দিলে তাৰ ওপৰেৰে আলফুলেৰে।

 নাই। নাই। তাই সুখী নহয়। নহয় তাই সুখী। তাইৰ হাতত আজি সৰগৰ মাণিক আহি সৰাদি চাৰে পাঁচবছৰীয়া

 বান্ধোনৰ পৰা । চুক্তিপত্র আহি পৰিছেহি। এই মাণিক খামুচি লৈও তাই নহয়। কিয়? কিয়? স্বইচ্ছাৰে তাইৰ ডেউকাখন ওভােটাই দিয়াৰ পাছতাে কিয় উৰিব খােজা নাই তাই??

 উচপ খাই উঠিল পাৰিজাত তাইৰ মােবাইলৰ শব্দত। বৰুণৰ উপর্যুপৰি ফোন। ৰিচিভ কৰিবলৈ পােৱাৰ লগে লগেই গালি কিছুমান ছিটিকি আহিল বিপৰীত কোণৰ পৰ। সৰহভাগেই তাইৰ নির্বিকাৰ মনােভাৱ লৈ আপত্তি, অনিশ্চয়তাত ৰখাৰ বাবে খং.. শেষত তাইলৈ ৰৈ নাথাকি বেলেগৰ লগত বিয়া হৈ যােৱাৰ অভিমানী ভাবুকি।-প্রতিক্রিয়াহীন ভাৱে ফোনটো থলে তাই সকলাে শুনি লৈও। তাৰপাছত বুৰ গ'ল অটল ভাৱনাত।

 সময়ৰ লগে লগে মানুহৰ পছন্দ অপছন্দ, অগ্রাধিকাৰ এইবােৰাে সলনি হৈ পৰে নেকি? হয়তাে হ'ব পাৰে। সম্পর্ক পৰিৱৰ্তিত ৰূপে দায়বদ্ধ কৰি তােলে মানুহক। এটি বান্ধোনৰ মাজত কেৱল আনুষ্ঠানিকতাইতাে নাথাকে। থাকে দায়িত্ব। থাকে আশীর্বাদ। সমজুৱা আশীর্বাদ শিৰত লৈ আৰম্ভ কৰা এই বান্ধোন কেনেকৈ টিলিকতে ওফৰাই দিয়ে পাৰিজাতে।

 বহি পৰিল তাই মজিয়াতে। তাইতাে কোনেও বাধ্য কৰা নাছিল এই সম্পর্কত বান্ধ খাবলৈ । নিজ কণ্ঠ নিজেই ৰােধ কৰি বিয়াত বহিছিল তাই। তাই দৃঢ় হৈ ৰােৱাহ’লে জানাে কাৰােবাৰ শক্তি হ'লহেঁতেন তাইক এটা প্রেমহীন সম্পৰ্কত বান্ধিবলৈ । প্রাঞ্জলৰ যদি দোষ আছিল, তেন্তে তাইৰ দোষােতাে কম নহয়। হৃদয়ৰ সিদ্ধান্তবােৰ সঠিক সময়ত গ্রহণ নকৰিলে সময়ৰ ম্যাদ পাৰ হৈ যােৱাৰ পাছত সেয়া কেৱল ভুল সিদ্ধান্তৰূপে পৰিগণিত হয়। জীৱন যাত্ৰাৰ যাত্ৰীক তাই। যাত্রাপথত এৰি আহিছে সেই [ ১৬৩ ] সময়। সেই সময়ৰ ম্যাদ উকলি গ'ল। সেয়েহে হয়তো তাইৰ প্ৰতি প্ৰাঞ্জলৰ নৰম ব্যৱহাৰ, যত্নবোৰ দেখিলে কিছু কিছু সময়ত দুৰ্বল হৈ পৰিছে তাই। দোষী দোষী ভাৱেৰে তাইৰ কাষত ৰোৱা প্ৰাঞ্জলক কথাৰে আঘাত দি ঠিকেই আসুৰিক তৃপ্তি পায়, কিন্তু তাৰ অনুপস্থিতিত কিঞ্চিত হলেও শূন্যতা অনুভূত হয় তাইৰ। প্ৰাঞ্জলৰ সতে বিচ্ছেদৰ ভাৱনাই তাইকো জৰ্জৰিত কৰি পেলাইছে। এটা সামাজিক বান্ধোনৰ শক্তি ইমানেই বেছি নে?

 নাই! তাইৰ শক্তি নাই এই বান্ধোন ছিঙিবলৈ। যদি এই সংকোচ, এই অসামৰ্থতা এক নতুন আৰম্ভণিৰ সংকেত হয়, তাই আপত্তি নকৰে। জনাব তাই বৰুণক। ক্ষমা খুজিব দৰকাৰ হলে তাই তাক। নকৈ সপোন দেখক বৰণে। তাক আৰু নাটানে তাইৰ জীৱনৰ জটিল সূত্ৰবোৰলৈ। মূল্যহীন নকৰে তাই বিবাহনামৰ পৱিত্ৰ সম্পৰ্কটোক। দায়বদ্ধ তাই সন্মান কৰিবলৈ। হোৱা উচিত। হৃদয়ৰে সন্মতও পাৰিজাত। এই বান্ধোন ভাঙিব নোৱাৰাৰ কাৰণ এয়া নহয় যে তাই দুৰ্বল। এই বান্ধোন ভাঙিব নোখোজাৰ কাৰণ এয়াই যে তাই সাহসী নিজ সিদ্ধান্তক গ্ৰহণ কৰি সম্পৰ্কটোৰ প্ৰতি দায়বদ্ধ হ’বলৈ। প্ৰাঞ্জলৰ এটা দোষ আৰু তাইৰ ভুলৰ পৰিণাম এই সম্পৰ্কটোক ভূগিবলৈ নিদিয়ে তাই। শেষ হৈ যাওক সকলো ক্লেশ-কানিমা অনুশোচনাৰ জুইত। শেষ হৈ যাওক সকলো খং-বিৰাগ। আৰম্ভণি হওক এই সম্পৰ্কৰ নকৈ। দায়িত্ববোধেৰে, শ্ৰদ্ধাৰে, সেহেৰে। যি নীড় স্নেহ, আদৰেৰে সজা হয়, তাত জানো ভালপোৱাৰ বসতি নহ'ব কোনোদিন? সেই প্ৰেমৰ অংকুৰণৰ বাবে এটা সুযোগ দিব তাই।

 দীঘলকৈ উশাহ এটা টানিলে পাৰিজাতে। গধূৰ বোজা এটা যেন বুকুৰ পৰা নামি গ'ল! মজিয়াত থকা ডিভোৰ্চ পেপাৰকেইখনলৈ চালে তাই। আৰু দুহাতেৰে তুলি লৈ হাতেৰে লাড়ু এটা কৰি কোঠাৰ এচুকত থকা ডাষ্টবিনলৈ নিক্ষেপ কৰিলে। এয়াই শেষ সকলো বিভ্ৰান্তিৰ। আৰু নহয়।

 বহুদিনৰ পিছত ফুটো-নুফেঁটোকৈ সন্তুষ্টিপূৰ্ণ প্ৰশান্তিৰ হাঁহি এটাই আহি তাইৰ ওঁঠত স্পৰ্শ কৰিলে। দুচকুৰ পতা জপাই প্ৰাঞ্জলৰ ছবিখন কল্পনা কৰি মিচিকিয়াই উঠিল তাই। অকৃত্ৰিমতাৰে।




অর্দ্ধ‌আকাশৰ মজিয়াত মই বেছি দিনৰ পুৰণি নহয় যদিও এই মজিয়াখন যেন আমাৰ বাবে
এক মুকলি মঞ্চ,
য’ত কোনো সংকোচ নাই হাঁহি ফুৰ্তি চিৰিয়াচ বিষয় প্ৰতিভা বিকাশ কিযে নাই ইয়াত!
| |
—বিজুমণি শইকীয়া—

[ ১৬৪ ]

আঐ দেহী


লখিমী কোঁৱৰ হাজৰিকা


 মাকৰ গৰ্ভতে সোনপাহীৰ কেনেকৈনো আঐ দেহী বেমাৰটো লাগিল, সোনপাহীয়ে নিজেই গম নাপালে। অকণমান তাই ডাঙৰ হোৱাৰ পৰাহে তাইক দেউতাকে তাইক কবলৈ ধৰিলে “আইজনী অ তইয়ো মাৰৰ দৰেই হলি আৰু! মাৰে আঐদেহী কৰি কৰি মোক তেনেই ভীখাৰী কৰিলে। মাৰে দুখীয়া মানুহ দেখিবহে লাগে আগপিছনাভাবি দৰমহাৰ পইচা দি দিব। ভীখাৰী দেখিলেই আঐ দেহী কিমান দিন বা ভালকৈ এসাজ খোৱা নাই বুলি মুৰ্গী মাৰি ভাত খুৱাব। নতুন ব্লাউজ এটা কিনি দিমহে কেইদিনমান পাচত দেখিম কোনো বা মগনীয়া এজনীৰ গাত। বুজিছ সোনপাহী মাৰে যদি মোলৈকো চাই কলেহেতেন আঐ দেহী এটা মানুহে আৰ্জিছে চাই চিতি খৰচ কৰোঁ, নাই মাৰৰ অলপো মোলৈ দুখ নাই! তই তেনে নহবি অ আই। পিচে মাকৰ তেজ হে, সোনপাহী মাকৰ দৰেই হ'ল। তাই সৰুতে যেতিয়া দেখে পৰুৱা বোৰে বৰ কষ্ট কৰি ডাঙৰ পাত এখিলা টানি টানি গাতলৈ লৈ যায় সোনপাহীৰ বৰ দুখ লাগে তাই পাত খিলা লৈ পৰুৱাৰ গাতৰ মুখত থৈ আহেগৈ। পৰুৱা বোৰে ভয় খাই পাতটো তাতে এৰি গুছি যায়, ফলত গোটেই দিনটো সোনপাহীৰ চকুপানী ওলাই থাকে। পাচলৈ এই আঐ দেহী স্বভাৱ টোৰ কাৰণেই সোনপাহীয়ে জোলোকা জোলুৰ্কীকৈ পানী খালে। পাচত অলপ গাভৰু হলত তাই প্ৰেমত পৰিল। কেও কিছু নোহোৱা দুখীয়া ল'ৰা এটাক তাই হিয়া উজাৰি ভালপালে। পিছে দুবছৰ মান পাচত হে তাই গম পালে তাইৰ লগৰ গোটেই কেইজনীৰ লগতে সি সমানে প্ৰেম খেলে। ইজনীক সিজনীৰ কথা সিজনীক ইজনীৰ কথা লগাই সবৰে সমন্ধ বেয়া কৰি সি মাজতে দুৰন্ত প্ৰেমিক হৈ প্ৰেম প্ৰেম খেলি থাকে। সোনপাহীয়ে এইবোৰ গম পায় কান্দি কাটি নিজেই আঐদেহী জনী হল। মনৰ দুখতে দেউতাকে চাই দিয়া দৰাৰ লগত বিয়াত বহিল। দৰাও চোকা টেকেলা নিজৰ কাৰণে একো নীতি-নিয়ম নাই কিন্তু সোনপাহীৰ ওপৰত সংসাৰৰ নিয়ম জাপি দিলে। সোনপাহীয়ে এটা কথা ভালদৰেই বুজিলে যে হলা গছ দেখিলে সবেই কুঠাৰ মাৰে। অকল যে মানুহেই আঐদেহী ৰ ফায়দা উঠাই এনে নহয় পশু পক্ষীয়েও সুবিধা লয়। এদিন কল একাশী বেচি কৈ পকি যোৱাত সোনপাহীয়ে গেটৰ বাহিৰত গৈ গৰু এজনীক খুৱাই থৈ আহিলগৈ। সেই দিনাৰ পৰা গৰু জনী গেটৰ ওচৰৰ পৰা লৰচৰ নকৰা হল। অসীম ধৈৰ্য শক্তিৰ পৰিচয় দি গেটৰ বাহিৰৰ পৰা সোনপাহীলৈ চাই থকা হ'ল। লগতে গেটৰ বাহিৰত গোবৰ কৰি কৰি সোনপাহীৰ আৰু কাম বঢ়ালে। শালীকী দুজনী মানকো ৰাতিপুৱাতে চাউল খাবলৈ দি এতিয়া তাই সিহঁতৰ উৎপাতত থাকিব নোৱাৰা অৱস্থা স্বামী দেৱতাৰ লগতো এই স্বভাৱটোৰ পৰাই কভী খুছি কভী গম কৈ জীৱন কটাইছে। সিদিনা বিহুৰ দিনা খন তাই কম লাজ পালেনে? বিহুৰ দিনা ৰাতিপুৱাতে উঠি সোনপাহীয়ে দেখিলে যে স্বামীয়ে এক চৰিয়া হালধি পিচি সবেই গা ধুবলৈ ৰেডী কৰি থৈছে। সৰু বোৱাৰীৰ পানী কেঁচুৱা তাইৰ হালধি লগোৱাৰ প্ৰশ্নইনাহে। সৰু লৰাটোৱে হালধি লগাই গা ধুবলৈ বৰ এটা ভাল নাপায়। সেইয়ে সোনপাহীৰ গিৰিয়েকলৈ মৰমতে দুখ লাগি গল। আঐ দেহী বুলি তাইয়ে হালধিৰ চৰিয়াটো লৈ গা ধোৱা ঘৰত সোমাল। গোটেই চৰিয়া হালধি ঘঁহি জন্দিচ বেমাৰীজনীৰ দৰে হৈ ওলায় আহিল। তাৰ পাচত সোনপাহীলৈ চাই সবৰে ফিচিঙা ফিচিঙি হাঁহি।তাই দুপৰীয়ালৈকে তাই যিহকে চোৱে সেইটো বস্তুৱেই হালধীয়া হল। গিৰিয়েকৰ কোটোহা কোটোহি চাৱনিত তাই আকৌ চাবোনৰে গা ধুই আহিল। এইবাৰ তাই নিজেই আঐ দেহী হ'ল সকলোৰে দৃষ্টিত। স্বামীয়েও সোনপাহীৰ ধুনীয়া বান্ধৱী গৰাকীক সহায় কৰিবলৈ পায় নথৈ আনন্দিত হল। লাহে লাহে হা কথাই না কথাই যাওতে যাওতে সোনপাহীৰ স্বামী বেচি সময় বান্ধৱীৰ ঘৰতে থকা হ'ল। এতিয়া সোনপাহীয়ে অকলে অকলে চকুপানী টুকি ভাবে আচলতে কাৰ গিৰিয়েক টুকাল তাইৰ নে তাইৰ বান্ধৱীৰ। বিধৱা বান্ধৱীৰ দোৰ্ঘোৰ প্ৰেমৰ পৰা সোনপাহীয়ে স্বামীক কেনেকৈ ঘূৰাই আনিব ভাবি ভাবি পাৰ পোৱা নাই। ঘৰ খনৰ বজাৰ সমাৰ, ল'ৰা-ছোৱালীৰ পঢ়াশুনা এই সকলো বোৰ অকলে অকলে সোনপাহীয়ে চাব লগীয়া হৈছে। আঐ দেহী স্বভাৱ টোৱে এতিয়া সোনপাহীকে আঐ দেহী কৰি পেলালে। আইতাকহঁতে এনেয়ে কৈছিল নে বাটৰ কচু গাত ঘঁহিব নাপায় বুলি। [ ১৬৫ ]

সাধুকথাৰ চম্পাৱতী আৰু এখন সাগৰ


মেঘনা চৌধুৰী


হুৰ হুৰ বটা চৰাই
মােৰ ধান নাখাবি
তােক দিম গােটা কড়াই...


 টঙীঘৰত সেইজনী চম্পাৱতী। বাপেকৰ আদেশত তাই পথাৰৰ ধান ৰখি আছে। দুপৰীয়া ৰ'দ ৰ চোকা হৈছেগৈ। চম্পাৱতী ঘামি-জামি চৰাই খেদি খেদি ভাগৰি পৰিছে। ধান ৰখীয়া হ'বলৈ তাই বৰ আমনি পায়। অকলে অকলে তাইৰ ভয়ে লাগে। জানােচা কোনােবাই তাইক চোঁচৰাই হাবিৰ মাজলৈ লৈ যায়। তাই এতিয়া সৰু ছােৱালী হৈ থকা নাই। তাই গাভৰু হৈছে। গাভৰু ছােৱালীবােৰৰ অন্তৰত ভয় থাকেই।

**************

 সাগৰৰ পাৰত টোপােলা এটা আৰু কেটলী এটা লৈ বহি থকা সেইজনী ষ্টেলা।মাছমৰীয়াৰ জীয়েক তাই। পুৱাই উঠি নৰসিংহ পাত আৰু বাদাম মিহলাই নাৰিকলৰ তেলত তাই চিৰা ভাজি ‘পােহা’ বনায়। লগত এক কেটলী গাখীৰ চাহ। পুৱাই কালাংগুট বীচ্ছলৈ খােজকাঢ়িবলৈ অহা গােৱাৰ আলহীবােৰে তাইৰ হাতৰ চাহ আৰু পােহা খায় বুলি তাই আশাৰে ৰৈ থাকে। বাপেকে তাইক কাঢ়া নির্দেশ দি থৈছে। গােটেইখিনি বেচি আহিব নােৱাৰিলে তাইৰ পিঠি ফালিব। কথাটো মনত পৰিলেই ষ্টেলাৰ গাটো জিকাৰ খাই উঠে। বাপেকলৈ উঠা খংটো উজাই আহে। তৎমূহুর্ততে তাই মুখলৈ হাঁহি আনিব লাগে। বীচ্ছত মানুহৰ ভীৰ বাঢ়ে। তাইৰ কাষেৰে পাৰ হৈ যাবলৈ ধৰা মানুহবােৰক হাঁহি হাঁহি মাতিব লাগে। চ্যাৰ পােহা লেলাে, মেডম পােহা লেলাে। টেষ্টী হে। একবাৰ খাকে দেখাে চাৰ । লেলােনা মেড্যাম।

 পােহা বেচি থকা ষ্টেলাক দূৰৰ পৰা মন কৰি থকা সেইটো ৰবাৰ্ট। সি এটা দালাল। বহুত প্ৰকাৰৰ দালালী কৰে সি। সিহঁতৰ বীচ্ছলৈ ফুৰিবলৈ অহা আলহীবােৰক গােৱাৰ পেকেজড ট্যুৰ, ৱাটাৰ ছাফাৰী, এডভেঞ্চাৰ স্পৰ্টছৰ পুস্তিকাবােৰ দেখুৱায় সি। দালালী কৰি কৰি সি ঘাগু হৈ গৈছে। মাছমৰীয়াই সাগৰৰ পানীৰ ঢৌ দেখি কোনখিনি ঠাইত মাছ সৰহকৈ পাব বুলি যেনেকৈ কৈ দিব পাৰে, ঠিক তেনেদৰে ৰবার্টে মানুহ দেখিলেই চিনি পায় জালত চিকাৰ লাগিব নে নাই। সাধাৰণতে সি নতুনকৈ বিয়া হৈ ফুৰিবলৈ যােৱা আৰু ডেকা ল'ৰা-ছােৱালীৰ দলবােৰক টার্গেট কৰে। সৰু ল'ৰা-ছােৱালী লগত থকা মধ্যবয়সীয়া দম্পতী আৰু বয়সস্থসকলৰ লগত কেতিয়াবা বহু সময় এনেকৈয়ে নষ্ট হৈ যায়। দৰকাৰী অদৰকাৰী এসােপা কথা সুধি সুধি তাৰ মূৰটো গৰম কৰে আৰু শেষত পেকেজটোও নলয়। সেই কাৰণে সি মানুহ বাচি বাচিহে দালালী কৰে। কমিশ্যন পায় সি। প্রতিজন পৰ্যটকৰ বিপৰীতে ভাল কমিশ্যন থাকে। তাতে আকৌ বীচ্ছত তাৰ নিজাকৈ শেক এখন আছে। মানে ওপৰত তাল পাত দিয়া আহল বহলকৈ বনােৱা ধুনীয়া ৰেষ্টোৰাঁ। গােৱাত ঠাণ্ডা-গৰম বুলি একো কথা নাই। গােটেই বছৰটোৱে মানুহ। গতিকে শ্বেকৰ ব্যৱসায়াে ভাল। বেছিভাগ মানুহেইতে গােৱাত বিশেষ একো চাবলৈ নাযায়। তেওঁলােকে কেৱল শেকবােৰৰ পৰা নানান তৰহৰ ভজা সাগৰীয় মাছ আৰু সস্তীয়া বীয়েৰ লৈ সাগৰৰ পাৰত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকে। বিশেষকৈ বিদেশীবােৰ। তেওঁলােকে আকৌ গাটোত মালিছ ল'বলৈ বৰ ভাল পায়। ৰবার্টে নিজৰ শ্বেত মালিছ দিবলৈ কেবাজনী মানুহ ৰাখিছে। সিহঁতকেইজনীৰ পৰাও সি কমিশ্যন লয়। সিহঁতৰ মাজত ষ্টেলাইয়াে কাম কৰে। দুপৰীয়াৰ পৰা আবেলিলৈকে তাই মানুহৰ হাত, ভৰি, মূৰ, সৰ্বশৰীৰ পিটিকি থাকিব লাগে। ৰবার্টে সেইকাৰণেই পুৱা তাইৰ চাহ আৰু পােহা বেচাখিনি কেতিয়া শেষ হ’ব, তালৈ চাই থাকে। ‘চাল্লা কুত্তা!’ ৰবাৰ্টৰ্ক দেখিলেই স্টেলাৰ মনলৈ এইটো ভাৱেই আহে। কুকুৰ শিয়াল বুলি চিঞৰি চিঞৰি তাক গালি পাৰিবলৈ তাইৰ বৰ মন যায়।

[ ১৬৬ ]  বয়সস্থ আৰু ক'লা দেহত চিল্কৰ সস্তীয়া শাড়ী পিন্ধা মানুহকেইজনীৰ ওচৰত আলহীবোৰে মালিচ ল’বলৈ নিবিচাৰে। চকুৰ শান্তি বুলিও কথা এটা আছে। ৰবাৰ্টক সেইকাৰণে তাৰ শ্বেত ষ্টেলাক লাগে। মিঠাবৰণীয়া ষ্টেলাই আঠুলৈকে পৰা স্কাৰ্ট পিন্ধে। সাগৰৰ পাৰৰ বালিৰ কথাবোৰ তাইৰ কলাফুলত লাগি ৰ'দত জিলিকি থাকে। তাইৰ হাত দুখন কোমল। গাত লাগিলেই। ভাল লাগে। পোন্ধৰ মিনিট ভৰি মালিছ কৰিলে ষ্টেলাই পায় তিনিশ টকা। ৰবাৰ্টৰ কমিশ্যন ডেৰশ টকা। দিনটো তেনেকৈয়ে। লোকৰ হাত-ভৰি পিতিকি তাইৰ হাত দুখন শেষত টনটনাবলৈ ধৰে। অৱশ হৈ আহে তাইৰ সৰ্বশৰীৰ। ভাগৰত, দুখত আন এটা দিন শেষ হয়।

 কালাংগুট বীচ্ছত সূৰ্যাস্ত চাবলৈ মানুহৰ ভীৰ হয়। লাহে লাহে আকাশৰ ৰং সলনি হ'বলৈ ধৰে। ৰঙাৰ পৰা গৈ গৈ। কমলা বৰণীয়া হৈ পৰে সাগৰৰ ওপৰৰ আকাশখন। এটা বিন্দুত সাগৰ নীলা আৰু আকাশৰ কমলাবোৰ একাকাৰ হৈ পৰে। এক ঐশ্বৰিক পোহৰে যেন গোটেইখন ছানি ধৰে। শেষ সূৰুজৰ যাওঁ নাযাওঁ ৰেখাবোৰে লাহে লাগে সাগৰৰ পাৰত ঘূৰি ফুৰা মানুহবোৰক অলপ সময়ৰ বাবে চঞ্চল কৰি তোলে। অলপ পিছতেই গোটেইখন আন্ধাৰ হৈ পৰিব। শেষবাৰৰ বাবে মানুহবোৰে সাগৰৰ পানীত ডুব মাৰেগৈ। সন্ধিয়াৰ বতাহজাক শান্ত শীতল হৈ ববলৈ ধৰে। লুণীয়া পানীত তিতি যোৱা মানুহবোৰ ওভতিবলৈ ধৰে লাহে লাহে। ঘোৰ অন্ধকাৰ নামে। চাৰিওফালে একো মনিব নোৱাৰি। মাথো সাগৰৰ ঢৌবোৰ উত্তাল শব্দৰে নিজ গতিত অহা-যোৱা কৰি থাকে। সোঁ-সোঁকৈ বতাহ বলি থাকে। সাগৰৰ বুকুত জোৱাৰ উঠে। তীব্ৰ জোৱাৰ। দূৰৰ মাছমৰীয়া নাওবোৰে ঘৰমুৱা হ'বলৈ লৰালৰি কৰে। ঢৌৱে সিহঁতক বাট ভেটি ধৰিব খোজে। সোঁ-সোঁ বতাহ। সোঁ-সোঁ সাগৰ। এজাক ধুমুহা আহিব ছাগে’!

 বাহিৰত ধুমুহা। বিজুলীয়ে চকু চাট মাৰি ধৰিছে। মেঘৰ গাজনিত নিজৰ মাত নিজেই নুশুনি। বতাহ বৰষুণত গছবোৰ যেন উভাল খাই পৰিব। ঘিটমিটীয়া আন্ধাৰ। বতাহত বাঁহপাতবোৰ হাউলী ঘৰৰ মুধচত চেৰচেৰণি তুলিছে। কোনোবা চৰাই বাহ ভাঙিল ছাগে। ছি ছিএই উঠিছে চৰাইবোৰে। যেন গোটেইখন জয়াল।

 মাটিৰ চাকিৰ টিমিক ঢামাক পোহৰত চম্পাৱতীৰ মুখখন বৰ কৰুণ যেন লাগিছে। ঘাম আৰু চকুপানীয়ে গোটেইজনীক তিয়াই পেলাইছে। ভয়ত তাইৰ অণ্ঠ কন্ঠ শুকাই কাঠ হৈ গৈছে।

 ‘দেউতা ঈশ্বৰ অ’! কাবৌ কৰিছে অ’। মোকঅজগৰৰ হাতত তুলি নিদিবি দেউতা। মই মৰি থাকিম।

 চম্পাৱতীৰ দেউতাকে তাইৰ গগন ফলা চিঞৰ শুনা নাছিল। নিজৰ তেজ মঙহৰ টুকুৰাজনীক তেওঁ তুলি দিছিল। বিষাক্ত অজগৰৰ হাতত। সেই নিশা চম্পাৱতীৰ মাক শুব পৰা নাছিল।

 চম্পাৱতীৰ বুকুৰ ৰিহা ফাটি গ'ল। তাইৰ মেখেলা খহি পৰিল। তাইৰ ককালত অজগৰে মেৰিয়াই ধৰিলে। মেৰিয়াই মেৰিয়াই সাপড়ালে তাইক এনেকৈ হেঁচি ধৰিলে যে এটা সময়ত তাই উশাহ ঘূৰাব নোৱাৰা হৈ পৰিল। অজগৰৰ ডাঠ জিভাখনে চম্পাৱতীৰ বুকুৰ মঙহ বখলিয়াই নিলে। প্ৰচণ্ড হেঁচাত তাই গোটেই গাটোৰ হাড়বোৰ ভাঙি যাব যেন লাগিল। তাই চিএৰিব খুজিলে। কিন্তু নোৱাৰিলে। অজগৰে তাইৰ ডিঙিলৈকে মেৰিয়াই ধৰিলে। অজগৰৰ পিছল গাটোত মেৰ খাই তাইৰ ওকালি আহিবলৈ ধৰিলে। তাৰ গাটোৰ দুৰ্গন্ধত গোটেই কোঠাটো বিষাক্ত হৈ পৰিল।

 কান্দিলে। চম্পাৱতীয়ে কেৱল কান্দিলে সেই নিশা।

 বমি আৰু তাইৰ কোমল শৰীৰৰ নিম্নাংশৰ পৰা ওলোৱা এডোঙা তেজৰ মাজত তাই পৰি ৰ'ল। চম্পাৱতীৰ জীৱনলৈ কাল ধুমুহা নমাই অনা সেই নিশাটোৰ শেষত তাইৰ কাষতে এটোপোলা সোণ, ৰূপ, হীৰা, মুকুতা এৰি থৈ অজগৰ গুছি গ'ল চিৰদিনলৈ।

**************

 ‘ষ্টেলা ৱেইট, ব্ৰেইট আই চে।

 ধুমুহজাক অহাৰ উমান পাই ঘৰলৈ কোবাকোবিকৈ খোজ দিয়া ষ্টেলাক ৰবাৰ্টে পিছফালৰ পৰা চিঞৰি মাতে। তাই নয়। তাই বেছিকৈ দৌৰিবলৈ ধৰে। সাগৰৰ পাৰৰ বালিত তাইৰ ভৰি সোমাই জোটাপুটি লাগিবলৈ ধৰে। ৰবাৰ্টে তাইক খেদি [ ১৬৭ ] খেদি তাইৰ ওচৰ পায়গৈ। ধুমুহাজাক আহিবলৈ বেছি সময় নাই। এটোপাল দুটোপাল বৰষুণে খৰ খোজেৰে আগবঢ়া ষ্টেলাক স্পৰ্শ কৰিছে। মুষলধাৰ বৰষুণ অহাৰ আগতে তাই ঘৰ পাবগৈ লাগিব। তাই দৌৰিবলৈ ধৰে। পিছে পিছে ৰবাৰ্ট। দীঘল দীঘল খোজেৰে সি তাইৰ পিছ লৈছে।

 ‘স্টপ আই চে। ষ্টপ ইউ বিচ্ছ্‌।’

 হঠাতে কিহবাত উজুটি খাই ষ্টেলা পৰি গ'ল। তাইৰ মুখখনে বালিত থেকেচা খালে। শিলত তাইৰ সোঁ আঠুটো চোচৰা খালে। তেজ ওলাবলৈ ধৰিলে তাইৰ আঠুটোৰ পৰা। আন্ধাৰত তাই তেজখিনিৰ ৰং দেখা নাই কিন্তু তাইৰ ভৰিখন তেজেৰে তিতি যোৱাটো তাই অনুভৱ কৰিছে।

 নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিয়ো ষ্টেলা থিয় হ'ব পৰা নাই। ৰবাৰ্টে দৌৰি আহি তাইৰ কাষ পাইছে। তাইক টানি ধৰি উঠালে সি। সেভৰিখনৰ আঘাতৰ বাবে তাই পোনহৈ থিয় হ'ব পৰা নাই। বেঁকা হৈ ৰ'বলৈ চেষ্টা কৰি থকা লোক সেই মুহূৰ্ততে ৰবাৰ্টে এটা প্ৰচণ্ড চৰ মাৰিলে। তাই আকৌ বালিৰ ওপৰত বাগৰি পৰিল।

 : তোক কৈছিলো নে মই, আজি তই মোৰ লগত যাব লাগিব বুলি?

 : মই নাযাওঁ।

 : হাৰামজাদী। তোক মই চোঁচৰাই লৈ যাম।

 ৰবাৰ্টে ষ্টেলাক প্ৰায়ে এনেকৈয়ে সম্বোধন কৰে। তাৰ ব্যৱহাৰত তাইৰ এনেকুৱা লাগে যেন তাই তাৰ কিনা গোলামহে।

 ষ্টেলাৰ বাপেকৰ এখন নাৱ আছিল। ডাঙৰ মাছমৰীয়া নাৱ। সেইখন সাগৰত মেলি কষ্ট কৰাহেঁতেন সিহঁতৰ ঘৰখন ভালকৈয়ে চলিলেহেঁতেন। কিন্তু মদৰ নিচাত ডুবি থকা ষ্টেলাৰ বাপেকে কাম কাজ নকৰি তেনেকৈয়ে বছৰবোৰ পাৰ কৰিলে। ঘৰৰ পৰা এপদ এপদকৈ বস্তু নোহোৱা হ'ল। খোৱা বোৱাৰ টনাটনি। লগতে স্টেলা আৰু তাইৰ মাকৰ ওপৰত বাপেকৰ চৰ, কিল, ভুকু।

 কি কৰিব, ক'লৈ যাব, একো ধৰিব নোৱাৰি ষ্টেলাই এদিন নিজেই বীচ্ছত ‘পোহা’ বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিছিল। এনেকৈয়ে এদিন তাইৰ ওপৰত চকু পৰিছিল ৰবাৰ্টৰ। ৰবাৰ্টে সুযোগ বুজি তাইৰ বাপেকৰ হাতত টকা এসোপা গুজি দিছিলগৈ সহায় কৰাৰ চলেৰে। কিন্তু প্ৰকৃততে তাৰ উদ্দেশ্য আছিল বেলেগ। তাইৰ বাপেকক দিয়া টকাৰ বিনিময়ত ৰবাৰ্টে সিহঁতৰ নাৱখন বন্ধকত লৈছিল। সিহঁতৰ পৰিয়ালৰ মূল উপাৰ্জনৰ আহিলাটো এতিয়া আছিল ৰবাৰ্টৰ দখলত।

 সি জানিছিল যে সময়ত ষ্টেলাৰ বাপেকে টকা ঘূৰাই দিব নোৱাৰিব। ইতিমধ্যে নাৱখনো পুৰণি হৈছিল। সি কৈছিল যে উৱলি যোৱা নাৱখন তাৰ একো কামতে নাহে। গতিকে টকা যদি ঘূৰাই দিব নোৱাৰে তেন্তে তাক কামত অহা কিবা বস্তু এটাহে লাগে। তাক ষ্টেলাক লাগে।

 তেতিয়াৰ পৰাই ষ্টেলা তাৰ অধীন।

 ষ্টেলাহঁতৰ ঘৰখনৰ শেষ নোহোৱা অভাৱবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। ৰবাৰ্টে তাইৰ বাপেকক বিনা পইচাত মদ খাবলৈ দিয়ে। মদৰ নিচাত বাপেকটো দিনে-ৰাতি লাং খাই পৰি থাকে। ৰবাৰ্টৰ মুখলৈ সি চাই থাকে পইচাৰ বাবে।

 : ঘৰৰ বস্তু কি আছে মোক বেচিব পৰা তহঁতৰ?

 : একো নাই।

 : পইচা ধাৰলৈ নাপাৱ। আগৰবোৰেই ঘূৰাই নিদিলি আজিলৈকে।

 : নোৱাৰো ঘূৰাই দিব।

 : পইচা লাগে যদি কিবা বেচ।

 : কি বেচিম? একো নাই মোৰ।

 : জীয়েৰ আছে দেখোন। তাইক বেচ।

 : ল ল লৈ ল। টেক ষ্টেলা। মোক মদ লাগে। মদ দে। পইচা দে। যা তাইক লৈ যা।

 ষ্টেলাক বাপেকে বেচিছিল ৰবাৰ্টলৈ। তেতিয়াৰ পৰাই নিচা লগা ৰাতিবোৰত তাই গুচি যাব লাগে তাৰ লগত।

[ ১৬৮ ]  আঠুৰ পৰা তেজ নিগৰি থকা, বিষত কেকাই থকা ষ্টেলাকৰবাৰ্টে চোঁচৰাই নিজৰ খেকলৈ লৈ গ'ল। শ্বেকৰ ভিতৰফালৰ কোঠাটোৰ বিচনাখনত বহি থকা ষ্টেলাৰ মুখখন বৰ কৰুণ যেন লাগিছে। বাহিৰত ধুমুহা, চাৰিওদিশ অন্ধকাৰ। ষ্টেলাৰ বুকু উদং হৈ গ'ল। কঁকালৰ স্কাৰ্ট খহি পৰিল। ৰবাৰ্টে তাইক প্ৰচণ্ড জোৰেৰে হেঁচা মাৰি ধৰিলে। তাইৰ এনে লাগিবলৈ ধৰিলে সি যেন এডাল অজগৰ সাপ। অজগৰৰ ডাঠ জিভাখনে তাইৰ বুকুৰ মঙহ বখলিয়াই নিলে। প্ৰচণ্ড হেঁচাত তাইৰ গোটেই গাটোৰ হাড়বোৰ ভাঙি যাব যেন লাগিল। তাই চিঞৰিব খুজিলে। কিন্তু নোৱাৰিলে। অজগৰে তাইৰ মুখখনত সোপা মাৰি ধৰিলে। অজগৰৰ মুখত মদৰ ভেকেটা ভেকেট গোন্ধ। ষ্টেলাৰ ওকালি আহিবলৈ ধৰিলে।

 শেষ ৰাতি তাই হলকা হলকে বমি কৰিলে।

**************
ধানো খাম, চাউলে? খাম,
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম।

 নাই। তাই নামানে।

 ৰবাৰ্টৰ লগত তাই কেতিয়াও বিয়া নহয়। ষ্টেলাই বাপেকৰ কথা কোনোপধ্যেই মানি নলয়। ৰবাৰ্টলৈ তাইক বিয়া দি গোটেই জীৱনটো বহি বহি খোৱাৰ ব্যৱস্থা কৰিব বিচাৰিছিল বাপেকে। ৰবাৰ্টে লোভ দিছে। সিহঁত সুখত থাকিব পাৰিব। মাথো ষ্টেলাক তালৈ বিয়া দিব লাগে।

 ষ্টেলাই জানিছিল ৰবাৰ্টৰ লগত বিয়া হ'লে প্ৰতি নিশাই তাই পাব লাগিব দুখত পিষ্ট হোৱা ঘিণ লগা সময়বোৰ। সোণ- ৰূপ, হীৰা-মুকুতাৰে তাইক ভৰাই দিব পৰা ৰবাৰ্টক সেয়ে তাইৰ এডাল অজগৰ যেন লাগে। যিডালে তাইৰ পৰিয়ালটোক দিয়া ধনৰ বিনিময়ত তাইক খুটি খুটি শেষ কৰি পেলাব খোজে। তাইৰ তেজবোৰ শুহি শুহি খাব খোজে। তাৰ গাৰ গোন্ধটো মনলৈ আহিলেই তাইৰ মূৰটো ঘূৰাই যাব খোজে।

*****************

 কালাংগুট বীচ্ছত কেৱল বালি। তপত বালিত বহি ষ্টেলাই সদায় বেপাৰ কৰিব লাগে। বালিয়ে মানুহৰ খোজৰ গতি ধীৰ কৰে। বালিত মানুহে উজুটি খায়। মুখ থেকেচা খাই পৰে। ষ্টেলাক শিল লাগে। যি স্থিৰ আৰু টান। য'ত থিয় হৈ নিজকে অটল অম্লান যেন লাগে। আজি আঞ্জুনা বীচ্ছত থিয় হৈছেগৈ ষ্টেলা। সেইখন বীচ্ছত কেৱল শিল। তাত বালিৰ চিন মোকাম নাই। ওখ শিল এচটাত থিয় হৈ তাই সাগৰখন মন ভৰাই চাইছে। আশৈশৱ চিনাকী সাগৰখনকে তাই ভৰাই লৈছে বুকুৰ মাজত। সাগৰক হেনো সকলো ক'ব পাৰি। ভাল-বেয়া, সুখ-দুখ, সকলো ভগাব পাৰি হেনো সাগৰৰ লগত। সাগৰৰ পাৰলৈ হয়তো বহু মানুহ এইবাবেই ঢপলিয়াই যায়। নিজৰ নোপোৱাবোৰ, দুখ-বেদনাবোৰ সাগৰৰ বিশাল বুকুত এৰি দিবলৈ।

 সন্মুখত তাইৰ বিশাল জলৰাশি। সৰু ডাঙৰ অজস্ৰ ঢৌৰ খলখলনি। বতাহৰ সোঁ-সোঁৱনি। আস্! কি অদ্ভুত মায়া আছে সাগৰৰ! সকলো ক্লান্তি, অৱসাদ, তেজ, ঘাম, ধূলি ই সামৰি ল'ব পাৰে নিজৰ মাজত। সকলো দুখ-যন্ত্ৰণাৰ পৰা ইয়াতেই মুক্তি পাব পাৰি। ‘আৰু আগবাঢ়ি নাযাবা চম্পাৱতী। পিছলি পৰিবা।

 ঘূৰি আহা।

 ঘূৰি আহা চম্পাৱতী.....!

 আৰৱ সাগৰৰ তীৰৰ শিল এটাত থিয় হৈ সেয়া চম্পাৱতী। চম্পাৱতীয়ে কাৰো মাত শুনা নাছিল। তাইক সাগৰে

মাতি আছিল। [ ১৬৯ ]

বুকুত এখন ঘৰ


মানসী গগৈ


 সৰুতে মাৰ লগত এনাইৰ ঘৰলৈ গৈছিলোঁ। পুৰণি ৰেলি চাইকেলখনৰ আগফালে ভন্টিক, পাছফালে কেৰিয়াৰত মোক আৰু হেণ্ডেলডালত বেগটো ভালদৰে লৈ দেউতাই আমাক বাছত তুলিবলৈ যায়। সেইদিনা দেউতাই চাইকেলখন থেলি থেলি নিয়ে আৰু কাষে কাষে মায়ে গহীন আৰু দীঘলকৈ খোজ কাড়ে।

 চাহ বাগানৰ মাজৰ দীঘল সেউজীয়া বাটটো সেইদিনা যেন চুটি হৈ পৰে। বাগানৰ বাটটো এৰি ৰাষ্ট্ৰীয় পথত উঠিয়েই দেউতাই বাওঁফালে ডিঙি মেলি চাই আৰু কয় - ‘অ হৰেণ আছে। মায়ে কয় – তেনেহ'লে বাচখন আহিবৰ হ'লেই।

 আমি দুজনীয়েও মনোযোগেৰে হৰেণদাইদ’লৈ চাওঁ। ডাকঘৰৰ চকীদাৰ হৰেণদাইদৱে মৰাপাটৰ বস্তা এটাত চিঠি এখিনি লৈ ৰৈ থকা দেখিলেই গম পাওঁ ৰঙা বাছখন অহা নাই। আৰু আহিবলৈও বেছি সময় নাই। দেউতাই মাক সোধে - ‘কেতিয়াকৈ উভতিবি।’

 ‘এই সপ্তাহটো থাকিম’ আয়ে অকণমান ভাল পালেই গুচি আহিম’-মায়ে কয়। এই কথাষাৰকে দেউতাই মাক ঘৰতো কেইবাবাৰো সুধিছে।

 অসম পৰিবহন নিগমৰ ৰঙা বাছখন ওচৰ পাওঁ পাওঁ হ'লে আমি দুজনী জঁপিয়াই উঠো।মায়ে দেউতালৈ চাই সেমেকি উঠে, কয় - ডাঙৰ বোপাই য'তে ত’তে ঘূৰি ফুৰিবলৈ নিদিব। এইকেইদিন ঘৰখন এৰি আপুনিও যেনি তেনি ওলাই নাযাব। পাছৰ কথাষাৰত দেউতালৈ যেন অলপ আদেশ অলপ অনুৰোধ থাকে।

 ৰঙা বাছৰ প্ৰতি আমাৰ দুজনীৰ কিমান যে হাবিয়াস। আমাৰ বাবে প্ৰতিখন ৰঙা বাছেই এনাইৰ ঘৰলৈ যায়। এনাইৰ ঘৰলৈ যোৱা এইৰঙা বাছ আমাৰ যে কিমান আপোন, কিমান হেঁপাহৰ। আৰু যেতিয়াই উঠিবলৈ পাওঁ, সেই আনন্দ বৰ্ণনাতীত। ভন্টি মাৰ কোলাত বহে আৰু তিনিজনীয়া কাঠৰ চিটটোত আন দুজন যাত্ৰীৰ লগত মিলাইমইও কুঁচি মুচি বহি লওঁ। সেই দুজন যাত্ৰী যদি মা দেউতাৰ চিনাকি হয় তেনেহলেতো কথাই নাই। মোকো মৰমেৰে কোলাত বহুৱাই ল'ব।

 সান্দহ, চিৰা, খৰিচা, শুকতি, মাছ, এটা জালিকোমোৰা, নতুনকৈ উঠা হাঁহ বাহৰ পৰা হাঁহ এটা, ৰহী সাজৰ বটল এটা এনেধৰণৰ বয়বস্তু ভৰোৱা মোনাটোত বিস্কুটৰ পেকেট দুটা কিনি ভৰাই দেউতাই হাঁহটো ঠিকে আছেনে নাই চাই দিয়ে। কেৱল ঠোটটো বাহিৰলৈ উলিয়াই থকা হাঁহটোৱে ফুচফুচাই উঠে। মোনাটো মাৰ ওচৰত থৈ দেউতাই কয়, যাবি তেনেহ'লে আৰু বাছখনে গতি কৰাৰ আগতেই দেউতা নামি যায়। মাক তেতিয়া অকণমান বিষন্ন দেখো। হয়তো ঘৰত এৰি থৈ অহা ককাইদেউ আৰু দেউতাৰ অনুপস্থিতিয়ে সামান্য ব্যাকুল কৰি তোলে।

 পুঠাদ’তিয়ে বৰ আপডালেৰে পতা ফুলনিখনত ল'ৰি-চাপৰি, দীঘল পদূলিটো, ঘৰৰ সন্মুখৰ পুখুৰীটো, পদুলিৰ স্থলপদ্মজোপা, আতলচ জোপাত আমাৰ আনন্দ বাসনাৰ দেউকা মেলি , মোমাইদেউৰ ল'ৰা-ছোৱালী কেইটাৰ লগত লুকা- ভাকু খেলি দেখুন দুদিন পাৰ হয়হে মায়ে দেখোন ঘৰলৈ উভতিবলৈ অস্থিৰ হৈ পৰে।

 পুঠাদ’তিয়ে ৰোৱা নানান ফুল গছৰ তলে তলে দৌৰি ফুৰা, দীঘল পদূলিটো পাৰ হৈ পোৱা ডাঙৰ অথচ অগভীৰ নলাটোত বৰশী বোৱা, আতলচ গছৰ ডালত বহি থকা, লুটিয়াই থোৱা ডাঙৰ নাওখনত পেট পেলাই শুই থকা মই ভাবো কিয়নো মা দুদিনতে যাবলৈ ওলাইছে। দেউতাকচোন এই সপ্তাহটো থাকিম বুলি কৈ থৈ আহিছে। এক সপ্তাহতটো সাতদিন থাকে। মায়ে যদি এনাই ঘৰত বহুত দিন থাকিলেহেঁতেন।

 ৰাতিপুৱাৰে পৰা ওচৰ-চুবুৰীয়া বংশ-পৰিয়াল ইঘৰ সিঘৰকৈ মায়ে চুবুৰীটোৰ আটাইকেইঘৰতে ফুৰিবলৈ যায়। কাৰোবাৰ ঘৰত চাহ এবাটি, কাৰোবাৰ ঘৰত তামোল এখন খাই মায়ে প্ৰত্যেকৰে ঘৰতে এপাক মাৰে। কোনোবাই সোধে - বাইদেউ দুদিনমান থকাকে আহিছনে? এইবাৰ আমাৰ ঘৰতো ভাত এসাঁজ খাই যাবি। [ ১৭০ ]  —পেহীদেউ ইমানদিনৰ মূৰত আহিছ যেতিয়া দুদিনমান থাক। আজিৰ ৰাতিৰ সাঁজ আমাৰ ঘৰতে খাবি।

 মায়ে সকলোৰে কথাত লগে লগে না না কৰি উঠে। ওই নোৱাৰো নহয়। ঘৰত ভিনীয়েৰা ল'ৰাটো লৈ অকলে আছে। আইৰ অসুখ বুলি খবৰ এটা ল’বলৈ এনিশালৈ আহি তিনিনিশা হ'লেই। কাইলৈকে যাবগৈ লাগিব। দেউতাক সাতদিন থাকিম বুলি কৈ মায়ে কিয় মানুহবোৰক এনেকৈ কয় মই ভাবি নাপাওঁ।

 এনাইৰ ঘৰলৈ অহা দুদিন আগৰে পৰাই মায়ে দেউতা আৰু ককাইদেউক দিহা দি থকা শুনো-গৰুকেইটা ভালদৰে চাব। ছাগলী চাৰিটা বাৰীত এৰাল দিবলৈ আজি পঘা লৈ আহিব। মই নাথাকিলে ক’ৰ বস্তু ক'লৈ যায় ঠিক নাই।

 আকৌ ককাইদেউক ক’ব- ডাঙৰ বোপাই, হাঁহকেইটা অলপ সময় মেলি দি চাই থাকিবি। ঘৰৰ পুখুৰীটোৰ পৰা বাহিৰলৈ যোৱাৰ আগতেই দানা দি বান্ধি থবি। দেউতাৰলৈ বাট নাচাবি।

 কুকুৰাবোৰ নিজে নিজে গঁড়ালত সোমাবই, পোৱালী লগা দুজনী মন কৰিলেই হ'ব।

 বৰদেউতাৰ ঘৰৰ ডাঙৰ বাইদেউক ক'বগৈ - চেনৌ, মই আইৰ ঘৰলৈ যাম বুলি ভাবিছো। মই নাথকিলেনো দদায়েৰে ক’ত ঘৰ দুৱাৰ চাব। ঘৰ গুচি বাহঁতল হ’ব। তই ঘৰ-চোতালকেইটা পাৰিলে সাৰি দিবি। চাহকণ ভাতকিটা দদায়েৰে সিজাই খাব পাৰিব।

 ইয়াৰ পাছতো, ইমানৰ পাছতো দুনিশাৰ পাছতে মা কিয় জানো মোমাইদেউৰ ঘৰৰ পৰা উভতিবলৈ অস্থিৰ হৈ পৰে।

 মোমাইদেৱে কয় - বাইদেউ থাক দুনিশামান, ঘপহকৈনো ক'ত আহিব পাৰিবি।

 মাইদেৱে কয় – আহোঁ বুলিলেই আহিব নোৱাৰি নহয়। বাইদৌ আৰু দুনিশা থাকক, এইকেইদিন ইঘৰ-সিঘৰকৈ ফুঁৰোতেই গ'ল। ভালকে কথা এষাৰকে পতা হোৱা নাই। ভালকৈ ভাত এসাঁজো খোৱা নাই।

 লগে লগে মায়ে কয় - ইঅ' ন-ছোৱালীৰ যে কথা, আৰুনো কি খাব লাগিছে। বহুত খাইছো। কথানে কি কথাকেইষাৰ কওঁতে যেন মাৰ বুকুৰ পৰা এটা বিষ উজাই আহে, চকুৰ কোণ দুটি সামান্য সেমেকি উঠে।

 মায়ে এনাইদেউৰ কানি কাপোৰ ধুই ৰ'দাই পৰিপাৰ্টি কৰি দিয়ে। কয়, আই, মায়েকে দিয়াবোৰ ভালকৈ খাবি। ঠেহ পেছ ধৰি নাথকিবি। মায়েকক হেকাতন পাৰি নাথকিবি। তাইনো কিমান কৰিব। ল'ৰা-ছোৱালী, খেতি পথাৰ, হাঁহ-পাৰ, ধান- চাউলেৰে ঘৰৰ কাম চালোতেই যায়। এনাইয়ে কয়-মোৰনো কি অসুখ চিন্তা নকৰিবি। দুদিনমানৰ পিছতে তোৰ তাত ওলামগৈ। নাতিকেইতাক ভালকৈ চাবি।

 এইবাৰ মোমাইদেউ আহে আমাক গাড়ীত তুলিবলৈ। আমি এজনীও যেতিয়া চাইকেলত উঠিবলৈ মান্তি নহঁও, মোমাইদেৱে মোনাটোৰ সৈতে চাইকেলখন ঠেলি আহে। এনাইদেউ, মাইদেউ আৰু ল'ৰা-ছোৱালীকেইটাই অলপ দুৰলৈ আগবঢ়াই উভতি যোৱাৰ পিছত আমি দুজনী ঘনচিৰিকাৰ জাপ দি দি আহি তিনিআলিটোৰ মূৰত ৰঙা বাছৰ বাবে অপেক্ষা কৰে। ৰঙা বাছ আহে। আমি উঠো। চিটত বহি লৈ মায়ে নিজকে কোৱাদি কয় - আজি নহা হ'লেই ভাল আছিল, কাইলৈ বাসন্তীজনী আহিব, লগ পালোহেঁতেন।

 ‘মা নাথাকিলানো কেলেই? বাসন্তী মাহীহঁতৰ এনাইয়ে তোমাক ইমান থাকিবলৈ কৈছিল।'মায়ে মুখেৰে একো নামাতে । মাৰ চকুযোৰ সেমেকি থাকে।

 সেয়ানো কিমান দিনৰ পুৰণি কথা। এতিয়া মইও দৌৰি যাও জন্মৰ ঘৰখনলৈ। গৈয়ে একেকোবে পাছচোতাল পাওঁগৈ। আগফাল-পিছফাল কৰি কিমান যে ভাল লাগে।নতুন যেন লাগে। পোহৰ যেন লাগে। গাভৰুকালতে শোৱা বিচনাখন, আলনাড়াল, বাকচকেইটা দেখিলে ইমান খুচৰি খুচৰি চাবলৈ মন যায়, কিন্তু বিচনাখনত বহু দেৰিলৈকে বাগৰি থকাৰ বাহিৰে একোৱেইচোন কৰা নহয়। জন্মৰ পৰা বাইশ বছৰলৈকে যিখন ঘৰ মোৰ হাতৰ পৰশত ফুলিছিল, সেয়াচোন এই দুদিনতে মোৰ নহয় যেন লাগে। একোৱেইতো মোৰ নিজৰ নহয়।

 মইও মাৰ দৰে সেই অস্থিৰতাত ভূগো। বিয়াৰ পিছৰ পৰা দীঘলীয়াকৈ থাকিবলৈ খুব কমেইহে যাওঁ। কেতিয়াবা বিহু, সকাম আদিত যেনেতেনে এনিশা কটাওঁ। নহ'লে উভতিয়ে আহে। ল'ৰা ছোৱালীকেইটাৰ হেঁপাহ মোৰ ইচ্ছাক দোহাই এওঁক প্ৰায়ে কওঁ, এইবাৰ কিবা বন্ধ পালেই, মাৰ ঘৰলৈ যাম কেইবানিশাও থাকিমগৈ। আপুনি কিন্তু না কৰিব নোৱাৰিব, এওঁ [ ১৭১ ] কয়, যাবা যাবা। কিন্তু বহুদিন মিলালেও কিবা অজুহাতত সেয়া হৈ নুঠেগৈ।

 এবাৰ গৰম বন্ধত ল'ৰা-ছােৱালী দুটাৰ টিউচনৰ শিক্ষকে প্রথম দহ তাৰিখলৈকে নকৰাে বুলি কোৱাত মই প্রথমেই মাৰ ঘৰলৈ বুলিয়ে ওলালাে। ভণ্টীও আহিব লগ পাম। দুদিনৰ পৰাই প্রস্তুতি চলাই গৈও মই দুদিন পিছতে এক অস্থিৰতাত ভুগিছিলাে। মাৰ সেই অস্থিৰতা মাৰ সেই কথােপকথন মােৰ মুখত উচ্চাৰিত হ'বলৈ ধৰিলে। সােনকালে উভতিবলৈ খদ দম্ লগালোঁ।

 সেয়ানাে কিমান দিনৰ কথা ।এতিয়া আমাৰ ছােৱালীজনীৰাে বিয়া হ'ল। কলিকতাত এটা মাল্টিনেচেনেল কোম্পানীত চাকৰি কৰি থকা জোঁৱায়ে বিয়াৰ দুদিন পাছতে কলিকতালৈ লৈ গ'ল। প্রথমবাৰ বন্ধত ঘৰলৈ আহোঁতে জোঁৱাই আহিছিল, পাঁচদিনৰ চুটিত। সেয়েহে দুয়ােটাই জোঁৱাইৰ নিজৰ ঘৰত থাকিলহি তিনি নিশা আৰু আমাৰ ঘৰত দুনিশা। মাজনী আমাৰ ঘৰত থাকিল সম্পূর্ণ এমাহ। শহুৰ শাহুৱেকলৈ ফোন কৰাহে শুনাে। কিন্তু এদিনাে তালৈ যােৱাৰ কথা তাই নক’লে। কলিকতালৈ যােৱাৰ আগদিনাহে এপাক মাৰি আহিছিল। দ্বিতীয়বাৰ আহোঁতেও তাত থাকিল এসপ্তাহ। আমাৰ ইয়াত প্রায় দেমাহ। এইবাৰ আহােতেতাে মাজনীৰ সন্তানটি পানীকেঁচুৱা। জোঁৱাই আৰু মাজনী নিজৰ ঘৰত দহদিনমানহে থাকিল। জোঁৱাই গ'লগৈ। মাজনী আমাৰ ঘৰতে তিনিমাহমান থাকি কেঁচুৱাটি হাতত লগা টনটনীয়া কৰি শহুৰেকৰ ঘৰলৈ গ'ল। ময়াে গৈছিলাে লগত। যােৱাৰ দুদিন মানৰ আগতেই মাজনীক কৈছিলাে, আজিয়ে যাওঁ বলা, কেঁচুৱা লৈ মাত্র এনিশা থাকি পিছদিনাই কলিকতালৈ গুচি গ'লে তেওঁলােকে বেয়া পাব পাৰে।

 — একো নহয় মা কিয় বেয়া পাব। মইতাে ফোন কৰিয়ে আছে, বাবাটোৰ খবৰ জনায়ে আছে। তােমাৰ সহায়ত যাতে বাবাটোৰ ভাল যত্ন ল'বলৈ শিকো তাৰ বাবেহে নিজৰ ঘৰত আচোহি। তেওঁলােকৰ ডােনাওচোন কেঁচুৱা হওঁতে নিজৰ ঘৰত পাঁচমাহ আছিলহি।

 মাজনীয়ে কোৱা তেওঁলােকৰ ডােনা’ ‘নিজৰ ঘৰ’ এই শব্দই মােৰ বুকুত খুন্দিয়ালে। ডােনা মাজনীৰ একমাত্র নন্দে। দুয়ােজনীৰ মাজত ভাল আন্তৰিকতাও আছে। তথাপিতাে ডােনা মাজনীৰ নিজৰ হােৱা নাই। ঘৰখন শহু শাহুৰৰ সকলাে তৃতীয় পুৰুষত। কিন্তু সম্বন্ধবােৰচোন ঠিক আছে বােৱাৰী, নাতি, বৌ, ভতিজা মাকৰ ঘৰত আছেগৈ বুলি কাৰাে হুমুনিয়াহ, হা-হতাশ নাই। মাজনীৰ নিজৰ ঘৰৰ ধাৰণা মােৰ মাৰ দৰে নাই। নাই আমাৰ দৰে অস্থিৰতা ঘৰ এখনৰ বাবে।

 কেনেকৈ হ'ব সিহতৰ এই অস্থিৰতা। সিহঁততাে নিজৰ ঘৰ এখনৰ বুকুত থাকিবলৈকে নাপায়। কলিকতাৰ ফ্লেটটো, শহু-শাহুৰ ঘৰখন,আৰু জন্মহােৱা ঘৰখন কোনােটো যেন ইহঁতৰ স্থায়ী ঠিকনা নহয়। ইহঁত যেন ঘৰ এখনৰ বুকুত নাথাকে, ইহঁতৰ বুকুতহে যেন ঘৰ থাকে।




অৰ্দ্ধ আকাশ, জীৱন দলিচাৰ অন্য এক নাম; য'ত সপােনবােৰ পাহি মেলে।
।।
—বিদ্যা ৰাণী নেওগ—

[ ১৭২ ]

প্ৰতিদান

নয়নমণি দত্ত নেওগ


 চাওঁতে চাওঁতে বহাগেই পাবৰহি হ'লহি। তাতত গামোছাকেইখনো আধৰুৱা হৈ আছে।এতিয়াৰ পৰা আঁতৰ শালত নবহিলে বিহুত গামোছাকেইখনো নোলাবগৈ। ছেহঃ কিনো যে এলেহুৱাজনী হৈ পৰিলো আৰু এই ভৰিটো ভাল হোৱাৰ নামকে নোলোৱা হৈছে... পিৰালিতে বহি ঘুনুচাই বেঁকা ভৰিটো লৈ চাই চাই কথাবোৰ ভাবি থাকোতে আলিয়েদি চাইকেলেৰে। আহি থকা ৰমাকান্তই ঘুনুচাক চিঞৰি মাত এষাৰ দি থৈ যায়।

 : ঐ ঘুনুচা। ইমানকৈ কি ভাবি আছ ঐ...

 পিৰালিতে বহি থকা ঘুনুচাই ৰমাকান্তক উত্তৰ দিবলৈ বুলি ওপৰলৈ মূৰ তোলোঁতেই ৰমাকান্ত চাইকেলৰ টিলিঙা বজাই কিছুদূৰ পাইগৈ। তথাপিও ঘুনুচাই মনৰ মাজতে কিবাকিবি গুণগুণাই আঁঠুতে ভৰ দি উঠিবলৈ চেষ্টা কৰে...

 : মোৰনো ভাবিবলৈ কিতো আছে অ'.এই ভৰিটোৰ বাবেই মই সকলোবোৰ হেৰুৱাব লগীয়া হ'ল। মনৰ মাজত থকা দুখবোৰ জাননা তহঁতি বুজিব পাৰিবি।

 কথাবোৰ কৈ কৈ ঘুনুচাই পাছফালে লগাই থোৱা তাঁতৰ শালখনৰ কাষ চাপি গামোছা যুতিত হাত বুলাই কিবা এটা ভাবনাত বিভোৰ হৈ পৰে।

 যেন পুৰণি কিছু কথাই ঘুনুচাৰ মনত দোলা দি গ'ল।

 আজিও ঘুনুচাৰ মনত আছে ....দিহিং নৈৰ পাৰৰ বহাগ বিহুৰ মুকলি বিহু দিনা কিদৰে তাইক নৈখনৰ ইপাৰৰ মদনে তাইলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল সেই কথা ঘুনুচাৰ আজিও বাৰে বাৰে মনৰ মাজলৈ আহি কিবা এক অজান শিহৰণে আমনি কৰিলেহি...

 : ঘুনুচা ঐ... হ’লনে তোৰ। আমি ওলাই আহিলোৱেই দেই। সকলোবোৰ চাগে আহিলেই। আহ...আহ...সোনকালে ওলাই আহ...

 লগৰকেইজনীৰ চিৰত ঘুনুচাই ৰিহাৰ আঁচলখন টানি টানি কঁকালত মেৰিয়াই ভিতৰৰ পৰা ওলাই আহে।

 ঘুনুচাৰ হাতৰ পৰা তগৰে কপৌফুলপাহ ঘুনুচাৰ খোপাত গুজি দি আটাইকেইজনীয়ে লৰালৰিকৈ বিহুতলীলৈ বুলি খোজ আগবঢ়ায়।

 ঢোল-পেঁপাৰ লহৰত সকলোৱে আনন্দত মতলীয়া হৈ আতঁৰৰ পৰাই নাচি থকা দেখি ঘুনুচাহঁতে এইবাৰ ৰ'ব নোৱাৰি প্ৰায় দৌৰি অহাদি আহি বিহুতলী পাই উলাহত নাচিবলৈ ধৰে। কিছুসময় নাচি থকাৰ মাজতেই ঘুনুচাৰ হাত এখনত কোনোবাই থাপ মাৰি ধৰি ভিৰৰ জুমৰ পৰা তাইক টানি নি একেকোবে বাহঁনি এডৰালৈ লৈ যোৱাত ঘুনুচাৰ হঠাতে বুকুৰ ঢপঢ়পনি বাঢ়িবলৈ ধৰোতেই তাই চিনাকি মুখখনি দেখা পাই ঘুনুচাৰ পলকতে সেই বুকুৰ ঢপঢ়পনি কমি নোহোৱা হৈ পৰিছিল যদিও তাই মদনক দেখি এক লাজৰ আৱৰণে বেৰি ধৰিছিলহি।

 : এইই....কি হ’ল। চাওঁ এইফালে... লাজত তলমূৰ কৰি থকা ঘুনুচাৰ থুতৰিত ধৰি মদনে

 : চাওঁ এইফালে। আজি মোলৈ ইমানকৈ তোৰ লাজ লাগিব লাগেনে? মই জানো তোৰ আপোন নহয়? চাচোন এবাৰ মোলৈ। সিদিনাখন মই গোবিন্দৰ হতুৱাই তোলৈ চিঠিৰ মাজেদিয়েই মোৰ মনৰ কথা প্ৰকাশ কৰিছিলোঁ।

 ঘুনুচাই লাজ লাজ ভাৱে তলমূৰ কৰি ৰিহাৰ আঁচলখনৰ দহিকেইডাল লিৰিকি-বিদাৰি থাকে।

 : মই তোক আজীৱ নিজৰ কৰি ল'ব বিচাৰোঁ ঘুনুচা। তই মোৰ লগ দিবিনে?

 : মই ...কি ক’ম। অতদিনেটো তোৰ কথাই ভাবি আহিছোঁ। ল'ৰালিৰ কালৰ পৰাই তোক মোৰ মন সঁপি আহিছিলোঁ [ ১৭৩ ] আৰু আজিও তােকেই বিচাৰোঁ।

 ঘুনুচাই লাজ লাজ ভাৱে কথাখিনি কৈ দৌৰি বিহুতলী পাইগৈ আৰু ইফালে মদনে ঘুচাৰ মনৰ কথা জানিব পাই আনন্দতে সি মতলীয়া হৈ সকলােৰে লগত বিহু নাচিবলৈ লয়।

 লাহে লাহে ঘুনুচা আৰু মদনৰ মৰম-ভালপােৱাৰবােৰ গভীৰ হৈ আহিবলৈ ধৰিলে। আজিকালি প্রায়ে সিহঁতক নৈৰ পাৰতে দেখা পােৱা যায়। সীমাহীন কথাৰ মাজত কেতিয়াবা সিহঁতি প্ৰকৃতিৰ খামখেয়ালিকো পাহৰি মৰমত আতুৰ হৈ পৰে।

 দিনবােৰ যে কেনেকৈ পাৰ হৈছে ঘুনুচাই ধৰিবই পৰা নাই। চাওঁতে চাওঁতে সিহঁতৰ মৰম ভালপােৱাবােৰ সাত- আঠমাহেই হ'বৰ হ'ল। ঘুনুক-ঘানাককৈ গাঁওখনৰ ইটো-সিটো দুই এটাই ঘুনুচাৰ মনৰ বতৰা জানিব পাৰি সকলােৱে ঘুনুচাৰ ঘৰখনক এই সম্পর্কক সােনকালেই কিবা এটা কৰাৰ সিদ্ধান্ত ল'বলৈ জোৰ দিলে। সময় যিমানেই আগবাঢ়ি যায় মানুহৰ মনে সিমানে সােনকালেই সলনি হ'বলৈ লয়। সেয়ে গাঁৱৰ কিছু লােকে অতি সােনকালেই বিবাহৰ বাবে আগবাঢ়িবলৈ জনায়।

 কথাবােৰ ভাবি ভাবি ঘুচাই কি কৰোঁ নকৰোঁকৈ কোনেও নেদেখাকৈ নৈৰ ঘাটলৈ আহি মদন অহালৈ বাটে চাই ৰয়। ৰিণিকি ৰিণিকিকৈ আলিটোৰ মূৰত মদনক দেখা পাই ঘুনুচাই প্রায় দৌৰি যােৱাদি গৈ মদনক সাৱটি ধৰে।

 : আৰে .. আজি যে এনেকৈ মােক আদবাটতে সাৱটি ধৰিলিহি কথাটো কি ?

 মদনে ঘুনুচাৰ থুতৰিত ধৰি এক দুষ্টামিৰ হাঁহি মাৰি প্রশ্ন কৰে।

 : যাহ...মই কি তােক আনকালে এনেকৈ নধৰোঁ নেকি।

 : নহয়... ধৰ’। কিন্ত আজি অলপ কথাটো বেলেগ যেন লাগিছে। সেয়ে সুধিলোঁ। এতিয়া ক'চোন আচল কথাটো।

 মদনে ঘুনুচাৰ বাউসীত ধৰি বাহঁনি এডৰাৰ কাষতে থকা বাহঁৰ বেঞ্চ এখনত বহুৱাই লৈ সুধে।

 : মােৰ আজি খুবেই আনন্দ লাগিছে মদন। তােক পােৱাৰ মনত যি হাবিয়াস আছিল। সেই হাবিয়াস আমাৰ পূৰ্ণ হ'বলৈ গৈ আছে মদন । আমি সােনকালেই দুয়ােয়ে এখন সুখৰ সংসাৰ গঢ়িব পাৰিম।  : মই বুজা নাই ঘুনুচা। কথাবােৰ ভালকৈ ক'চোন।

 : মানে আমাৰ এই সম্পর্ক গাঁৱৰ বহুতেই জানিব পাৰি আই-পিতাইক সােনকালেই আমাৰ বিয়াৰ বাবে দুয়ােখন ঘৰৰ লগত কথা পাতিবলৈ জনাইছে। মােৰ কথাবােৰ ভাবিয়েই ভাল লাগিছে।

 : সঁচাই ঘুনুচা। ময়াে তােক সােনকালেই কাষত পাব বিচাৰোঁ আৰু এই কথা ময়াে আজিয়েই গৈ মােৰ আই-পিতাইক জনামগৈ। তই আজি মােক ইমান আনন্দ দিছ যে মই তােক বুজাব নােৱাৰোঁ ঘুনুচা।

 মদনে আনন্দ উত্ৰাৱল হৈ ঘুনুচাক নিচেই কাষলৈ চপাই তাৰ গাৰ এৰীচাদৰ খনেৰে ঘুনুচাক মেৰিয়াই মৰমেৰে আৱৰি ৰাখে আৰু তেতিয়ালৈ ধৰাৰ বুকুলৈ কুঁৱলীৰ আস্বাদনৰ কণ কণ টোপালবােৰেও আহি ঘুনুচাহঁতক মৰমেৰে আকোৱালি লৈছিলহি।

 কিমান সময় ধৰি ঘুনুচাহঁত তেনেকৈ প্ৰেমৰ মাজত বুৰ গৈ আছিল গমেই পােৱা নাছিল। লাহে লাহে চৰাই জাকবােৰৰ কিচিৰ কিচিৰ মাত কমি আহিছিল আৰু কেঁচা আৰু ফেহু চৰাইৰ মাততহে ঘুনুচাহঁত বাস্তৱলৈ ঘূৰি আহে।

 : ইচচচ .....আজি দেখােন আন্ধাৰেই হ'লহি। এই বাইনিৰাত আৰু বেছিকৈহে অন্ধকাৰ লাগিছে মদন। মােৰ কিবা এটা ভয়হে লাগিছে।  : সেই এইজনী.. মই আছাে যেতিয়া তােৰ কিহৰ ভয় অ’। ব’ল মই তােক অলপ আগুৱাই দি থৈ আহোঁগৈ। ঘৰত কিবা সুধিলে লগৰ তগৰৰ কথা কবি। ময়াে ঘূৰি আহোঁতে তাইক লগ কৰি কথাষাৰ জনাই থৈ আহিম। নাই নালাগে দে। মই যাব পাৰিম। ঘৰত কিবা সুধিলে মই বুজাই কম বাৰু। তইও যা এতিয়া। নহ'লে ঘৰত চিন্তা কৰিব।

 : সঁচাই পাৰিবিনে। আলিটোত পাৰ হওঁতে ভালকৈ যাবি। এই সময়ত চহৰৰ গাড়ীবােৰে বৰকৈ আমনি কৰেহি।

 : ঠিক আছে। হ’ব দে। মই ভালকৈ যাম। এতিয়া তইও সােনকালে যা। কালিলৈ আকৌ আহিম যাহ....

 ঘুনুচাই চিঞৰি চিঞৰি কৈ গৈ থাকে।

[ ১৭৪ ]  ঘুনুচাই ঘৰলৈ বুলি গৈ থাকোতে আলিটোৰ মূৰত থকা কেঁকুৰিটোৰ ফালে ঘূৰিবলৈ লওঁতেই বিপৰীত ফালৰ পৰা অহা এখন ভানে ঘুনুচাক খুন্দা মাৰি দিয়াত ঘুনুচা লুটি বাগৰ খাই অজ্ঞান হৈ আলিটোৰ দাঁতিতে পৰি ৰয়।

 কিছুসময়ৰ পাছত ঘুনুচাৰ জ্ঞান ঘূৰি অহাত তাই নিজকে ভৰি এটা বেগুজেৰে নুৰিয়াই বান্ধি ওলমাই থোৱা অৱস্থাত দেখা পাই কান্দোনত ভাগি পৰে। যেন সকলো সপোন ভাগি শেষ হৈ গ'ল। মাথোঁ কান্দি কান্দি শিতানৰ গাৰুটো চকুলোকেৰে তিয়াই পেলোৱাৰ বাহিৰে একো কৰিব নোৱাৰে।

 চাওঁতে চাওঁতে ঘুনুচাৰ বিছনাত পৰি থকাতো এবছৰেই হ'বৰ হ'ল আৰু মদনেও ঘুনুচাৰ প্ৰত্যেক দিনাই খবৰ কৰে। প্ৰতিটো কথাৰেই খবৰ ৰাখে। কিন্তু ঘুনুচাই আজিও আনৰ সহায় লৈ ইফাল-সিফাল কৰিবলগা হয়। আৰু ডাক্তৰেও আজীৱনৰ আনৰ সহায় লৈ চলা ফুৰা কৰিব লাগিব বুলি কৈ যোৱা কথাষাৰে ঘুনুচাক বেছিকৈ হতাশাত ভুগা দেখা গ'ল।

 তথাপিও মদনে ঘুচাক কোনোদিনেই অকলশৰীয়াৰ অনুভৱ হ'বলৈ নিদি তাইৰ কাষে কাষে থাকিবলৈ বিচাৰিছিল। কিন্তু ঘুনুচাই সেই হ'বলৈ নিদি তাক তাইৰ কাষৰ পৰা আতঁৰাই পঠিয়াইছিল।

 : তই মোক পাহৰি যা মদন। মোক লৈ দেখা সপোনবোৰ এতিয়া ভাবিবলৈ এৰি দে। মই তোৰ কেতিয়াও যোগ্য নহওঁ।

 : তই এইবোৰ কি কৈছ ঘুনুচা। তোৰ অবিহনে মই আন কাৰো কথা ভাবিব নোৱাৰোঁ। মই তোৰ সকলোবোৰ দায়িত্ব ল'ব বিচাৰোঁ।

 : নাই... এই ভুল নকৰিবি মদন। মই যিজনী মানুহে তোক কোনোদিনেই সুখ দিব নোৱাৰিম তেনে এজনী মানুহক নি তই দুখৰ জীৱন চপাই নলবি মদন। আমাৰ মাজত কিবা এটা আছিল সঁচা। কিন্তু এতিয়া মই সেইবোৰ ভাবিব নোৱাৰো অমদন। বৰ কষ্ট পাওঁ দেখোন। মই কষ্ট পোৱাতো জানো তই বিচাৰ ক। সেয়ে কৈছো তই মোক পাহৰি যা মদন। পাহৰি যা...

 : কিন্তু ঘুনুচা... এবাৰ...

 : মই তোক কাবৌ কৰিছোঁ মদন। তই যাগৈ মদন.... যাগৈ...। আমাৰ ভালপোৱাৰ শপত। তই যা।

 কথাখিনি কৈয়েই ঘুনুচা কান্দোনত ভাগি পৰিছিল আৰু মদনো সিদিনা কান্দোনত ভাগি পৰি তাইৰ জীৱনৰ পৰা আতৰি আহিছিল।

 কিমান সময় ধৰি ঘুনুচা তাঁতৰ শালত বহি কান্দি আছিল তাই গমেই পোৱা নাছিল। গামোচা এযুটি লগাবলৈ দিয়া ৰমলা জেঠাইৰ মাততহে ঘুনুচা বাস্তৱলৈ ঘূৰি আহে।

 : অ' জেঠাইটি তুমি। আহা আহা। তোমাৰ গামোচা যুটি মই দুই এদিনতে শেষ কৰি তোমাক দিম হ'বনে।

 : ঠিক আছে দে। তেনেহ'লে মই মানৰ পাছতেই আহি লৈ যাম দে।

 ৰমলা জেঠাইটি যোৱাৰ পাছতেই ঘুনুচাই সম্পূৰ্ণ হৈ উঠা এখনি গামোচা তাঁতৰ শালৰপৰা কাটি আজিও গোপনে তাইৰ কাঠৰ বাকচটিত আলফুলে ৰাখি পুনৰ ভৰিটোত হাত এখন থৈ একা বেঁকাকৈ তাঁতৰ শালত বহেহি।

[ ১৭৫ ]

মই পাগলী নাছিলোঁ


নয়নমণি হাজৰিকা


 চহৰ খনৰ ব্যস্ততাপূৰ্ণ অঞ্চলটোত মানুহবোৰ পুৱাৰে পৰা নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰে। কাৰো আনলৈ চাবলৈ সময় নাই। জনবসতি ঘন যদিও প্ৰায় বোৰ মানুহেই চকুৰ চিনাকি হৈ পৰিছে দিনটোৰ অহা যোৱা কৰোঁতে প্ৰায়বোৰকে দেখা পোৱা হয়।

 আন দিনাৰ দৰে আজিও ৰত্না ৰাতিপুৱা এপাক ফুৰি আহি বৰ গছ জোপাৰ তলতে অলপ সময় ৰ’ল, সদায় চকু দিয়াৰ দৰে আজিও গছ জোপাৰ সিপাৰলৈ চালে। আজি চোন তাই কাকো গালি পাৰি থকা নাই, আনদিনা ইমান সময়ত তাই চহৰ খনৰ বিশিষ্ট মানুহ এজনক হিয়া উজাৰি শাও পাত দি থাকে। যি জন মানুহৰ ভণ্ডামি তাইও জানে, সমাজৰ আগশাৰীৰ অবিবাহিত ব্যক্তি। ৰত্নাই ভাবি নাপায় এই মানসিক ভাবে দুৰ্বল মানুহ জনীৰ কি শত্ৰুতা আছে মানুহজনৰ লগত। তাইক অৱশ্যে মানুহ জনীয়ে কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই। কালি মানুহজনে ৰাজনৈতিক সংক্ৰান্তত দিয়া মিটিংখনত পাগলী মানুহজনীয়ে বেয়াকৈ বকি বকি শিল এটা মাৰি পঠিয়ালে। তাৰ পিছত তাই আঁতৰি গ'ল। আজি তাই ইমান শান্ত হৈ আছে কিয়? কৌতুহলী মন এটা লৈ তাই, শুই থকা মানুহজনীৰ কাষত বহিল। আচৰিত ধৰণে তাই চটফটাই কান্দি উঠিল আৰু পিন্ধি থকা মেখেলাখন দাঙি ধৰিলে। ৰত্না উচপ খাই পিছুৱাই আহিল, কোনোবা দুৰ্দান্ত অসভ্যই তাইৰ জননাংগত কিবা লাঠি সুমুৱাই ফালি দিছে, ধাৰাষাৰ তেজে গছৰতল ৰাঙলী কৰিলে। তাই ৰত্নাৰ হাতখন খামুচি ধৰিলে, সেহাই সেহাই ক'লে, মহানন্দ দত্তৰ বাবেই তাইৰ আজি এই অৱস্থা। ৰত্নাই মানুহজনীৰ কথা নুশুনি হস্পিতাললৈ ফোন কৰি এম্বুলেঞ্চ মাতিলে। মানুহ জনীয়ে ৰত্নাৰ হাতত এখন ডায়েৰী তুলি দিলে আৰু ঠিতে অচেতন হৈ পৰিল।

 হাতত থকা ডায়েৰীখন তাই কঁকালৰ পিছফালে ভৰাই হাতৰ পানী বটলটোৰ পৰা এচলু পানী তাইক খোৱাই দিলে। এম্বুলেঞ্চখন আহি পোৱাৰ লগে লগে, তাই কৰণীয়খিনি কৰি সিহঁতক আগবাঢ়িবলৈ কৈ তাই নিজৰ কোৱাৰ্টাৰ অভিমুখে খৰকৈ খোজ দিলে।

 লগত থকা তনয়াই পুৱাৰ আহাৰ প্ৰস্তুত কৰি খোৱামেজত ৰখালৈ ৰত্না সাজু হৈ আহিল। গাত ইউনিফৰ্ম যোৰ পিন্ধি ওলাই অহালৈ চালকজনে চৰকাৰী গাড়ীখন ওলিয়ালে। তাই হস্পিতাল অভিমুখে গাড়ী চলাই নিবলৈ নিৰ্দেশ দিলে।

 বাৰে বাৰে তাইৰ চকুৰ আগলৈ দুৰ্ভগীয়া মানুহ জনীৰ মুখখন ভাঁহি আহিল। কে বা আছে তাই! মানুহ ইমান জঘন্য হ'ব লাগে নে!

 এটা কথাতে তাই আচৰিত হৈছে এগৰাকী মানসিক ভাৱে দুৰ্বল মহিলাই ইমান সুন্দৰ আখৰেৰে ডায়েৰী লিখাটো কেনেকৈ সম্ভৱ, ইয়াত নিশ্চয় ৰহস্য আছে। তাইৰ নিজৰ অমনোযোগিতা লৈও খং উঠিল, কিয় বাৰু তাই মানুহজনীক ভালকৈ মন নিদিলে। অৱশ্যে তাই নিজে দুবাৰকৈ তাইক মানসিক হস্পিতালত থোৱাৰ ব্যৱস্থা কৰি দিছিল কিন্তু কেইমাহমানৰ পিছত পুনৰ মানুহ জনী একেঠাইলৈ গুচি আহিছিল। তাই ব্যস্ততাৰ মাজতেই ডায়েৰীখন এবাৰ চকু ফুৰাইছিল, কিন্তু পেছেন্টৰ ছিৰিয়াছ বুলি অহা ফোনটোৰ বাবে তাই পঢ়িবলৈ নাপালে।

 ইতিমধ্যে ঘটনাটো সৰু ব্যস্ত চহৰ খনত বনজুইৰ দৰে বিয়পি পৰিছে। হস্পিতালৰ সন্মুখত বহুতো মানুহ আৰু সাংবাদিকৰ উপস্থিতি দেখি তাই নিজকে সাজু কৰিলে। গাড়ীখন সোমাই যোৱাৰ লগে লগে সাংবাদিকবোৰ দৌৰি আহি বেৰি ধৰিলে। তাই মূৰৰ টুপীটো ঠিক কৰি ব্যস্তভাৱে গাড়ীৰ পৰা নামিল।

 : ডি এছ পি বাইদেউ, আমাক অলপ সময় দিয়ক।

 তাই গম্ভীৰ হৈ কলে ধৈৰ্য্য ধৰক তেখেতৰ অলপ ছিৰিয়াছ মই যাব লাগে, আপোনালোকক সময়ত সকলো জনোৱা [ ১৭৬ ]  : বাইদেউ, মাত্ৰ কৈ থৈ যাওক মানসিক বিকাৰগ্ৰস্ত মহিলা এগৰাকী ভুক্তভোগী হোৱাৰ বাবে দোষী সাৰি যাব নেকি?

 : চাওঁক দোষী কোনো কাৰণতেই সাৰি নাযায়। বৰ্তমান মই মানুহগৰাকীৰ বক্তব্য ল'ব লাগে, আপোনালোক ইয়াৰ পৰা যাওক সময়ত সকলো জনাম। হস্পিতালত বহুতো ৰোগী আছে অসুবিধা হ'ব পাৰে। কৈ কৈ তাই নিৰ্দিষ্ট কোঠাৰ দিশে আগবাঢ়ি গ'ল।

 কোঠাত সোমায়ে তাই মানুহজনীৰ কপালত হাত দিলে। ডাক্তৰে জনালে অত্যধিক ৰক্তক্ষৰণ হোৱাৰ বাবে মানুহ জনীৰ জীয়াই থকাৰ আশা বহুত কম। ডাক্তৰ ওলাই যোৱাৰ পিছত মানুহজনীয়ে নিস্তেজ চকুহাল মেলি তাইৰ হাতত ধৰি বিছনাৰ তললৈ আঙুলিয়াই দেখুৱালে যত তাইৰ টোপোলাটো আছিল। তাই কিবা এটা কওঁ বুলি লওঁতেই গম পালে ইতিমধ্যে তেওঁ প্ৰাণহীন হৈ পৰিছে।

 নিস্তেজ হৈ পৰা মানুহজনীৰ মুখলৈ চাই চাই ৰত্না আৱেগিক হৈ পৰিছে, কিবা এটা আত্মিক তাড়নাত তাই মানুহজনীক আনৰ দায়িত্বত এৰি আহিব পৰা নাই। পষ্টমৰ্টেমৰ পিছত সকলোখিনি নিয়ম তাই নিজে কৰি, দাহ সংস্কাৰৰ বাবে কনিষ্টবল কেইজনক নিৰ্দেশ দি থানা পালেহি। থানাত ঘটনা সন্দৰ্ভত উপস্থিত থকা মহিলা সমিতি কে আদি কৰি অন্যান্য দল সংগঠনৰ মানুহবোৰক ন্যায়ৰ আশ্বাস দি তাই নিজৰ কোঠালৈ গ'ল।

 গা পা ধুই আজৰি হৈ তনয়াই দিয়া চাহকাপ খাই তাই বিছনাত বাগৰ দিলে। ডায়েৰীখন উলিয়াই ল'লে। প্ৰথম পৃষ্ঠাতে ৰত্নাৰ নাম লিখা দেখি তাই উৎসুকতাৰে প্ৰথম কেইশাৰীমান পঢ়িয়েই অনুমান কৰিলে, মানুহজনীৰ লগত তাইৰ নিশ্চয় কিবা সম্পৰ্ক আছে। তাই অতদিনে পাগলী বুলি ভাৱি থকা মানুহজনীয়ে কি কাৰণে তাইৰ ঘৰৰ সন্মুখত ৰৈ থাকেহি, প্ৰায় আধাকিলোমিটাৰ দূৰৈত থকা বৰ গছজোপাৰ তলতে পাল তৰি থকা মানুহজনীয়ে তাইক ওচৰত দেখিলে কিয় মহানন্দ দত্তক তাইক শুনাই শুনাই গালি পাৰি থাকে তাই যেন এতিয়াহে বুজিব পাৰিছে। অজানিতে তাইৰ দুচকু পানীৰে ভৰি পৰিল, তাইৰ আপোন মানুহ এগৰাকী ইমান কাষতেই অৱহেলিত হৈ থাকিল অথচ তাই গমেই নাপালে। ৰত্নাই জানে যে তাই বিশাল বৰকাকতি আৰু নিৰু বৰকাকতিৰ তোলনীয়া জীয়েক। তাই আজিলৈকে নিজৰ জন্ম দিয়া মাক দেউতাকৰ বিষয়ে জানিবলৈ বিছৰা নাছিল। মাক দেউতাক হিচাপে এইহাল মানুহে তাইক সম্পূৰ্ণ মৰম দিছে। তাই নিজৰ অৰ্হতাৰ বলত চাকৰিটো পোৱাৰ পাছত এদিন মাক দেউতাকে তাইক জন্ম দিয়া মাক দেউতাকৰ বিষয়ে জনাব বিছাৰিছিল, কিন্তু তাই ভাৱিলে অন্য অনাথ ল'ৰা ছোৱালীবোৰৰ দৰেই চাগৈ তাইও কাৰোবাৰ অবৈধ অবাঞ্চিত ফল। গতিকে তাই সেয়া শুনি মন বেয়া কৰিব নিবিচাৰিলে। এতিয়া তাইৰ নিজৰ ওপৰতে খং উঠিল, কিয় তাই এবাৰলৈও নিজৰ জন্ম ৰহস্য জানিবলৈ নিবিচাৰিলে। কথাবোৰ চিন্তা কৰি কৰি তাইৰ মনটো দুখেৰে ভৰি পৰিল। তাই চকুৰ পানী মোহাৰি ডায়েৰীৰ পম খেদি নিজৰ জন্ম ৰহস্যৰ লগতে আপোন মানুহগৰাকীৰ বিষয়ে জানিবলৈ ডায়েৰী খন মেলি ললে..

 সেউজ সুন্দৰ আমাৰ গাঁওখন নগাঁও জিলাৰ ভিতৰুৱা ঠাইত অৱস্থিত। সেৰেঙা জনবসতি পূৰ্ণ গাঁওখনৰ এঘৰৰ পৰা আনঘৰলৈ যথেষ্ট ব্যৱধান। তেনে এক পৰিৱেশৰ মাজতেই আমাৰ অকণমানি পৰিয়ালটো শান্তিত আছিলোঁ৷ মোৰ দাদা আৰু নবৌ আৰু মই তিনিও কাৰোৰেই ওচৰত হাত নপতাকৈ খেতি কৰি সুখেৰে জীৱন নিৰ্বাহ কৰিছিলোঁ। পঢ়া শুনাত থকা আগ্ৰহৰ বাবে তেওঁলোকে মোক হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত চহৰত এখন কলেজত নামভৰ্তি কৰালে। ঘৰৰপৰা অহা যোৱা কৰা সম্ভৱ নোহোৱা বাবে কলেজৰ ওচৰতে ভাড়াঘৰত থাকি লৈছিলো।

 পঢ়াৰ যাৱতীয় খৰচৰ বাবে দাদাৰ ওচৰত হাত পতাতকৈ মই ওচৰৰে কেইঘৰমানত টিউচন যোগাৰ কৰি লৈছিলোঁ। তেনে এঘৰ মানুহৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা মহানন্দৰ দত্তৰ লগত মোৰ চিনাকি হৈছিল। তেতিয়া আলফাৰ পৰা ছাৰেপ্তাৰ কৰি হয়তো বহুতো পইছা পাতি হৰপ কৰি তাতে আত্মগোপন কৰি আছিল। সি প্ৰায়ে মোৰ লগত কথা পাতি বন্ধুত্বৰ প্ৰস্তাব দিছিল। পঢ়াশুনাটো মোক সহায় কৰি প্ৰয়োজনীয় কিতাপ পত্ৰৰ যোগান ধৰি, মোৰ মনৰ মাজত এজন ভাল মানুহ হৈ পৰিছিল। সেইসময়ত আমাৰ অঞ্চলত যাতায়ত আৰু বিজুলীৰ সুবিধাও নাছিল বাবে মই প্ৰয়োজনৰ সময়ত দাদাৰ ওচৰলৈ যাব নোৱাৰি তেওঁৰ পৰাই পইছা ধাৰলৈ লৈ সময়ত ওভতাই দিছিলোঁ। তেওঁ কোনো দিনে পইছা ঘূৰাই নলৈছিল। মই বাৰে বাৰে জিদ কৰি দিবলগীয়া হয়। এবাৰ তেওঁ মোক বৰদোৱা নামঘৰলৈ ফুৰাবলৈ নি তাতে ভালপোৱাৰ প্ৰস্তাৱ দিলে। মোৰ [ ১৭৭ ] মানসপটত তেতিয়ালৈ তেওঁ এজন দেৱতা সদৃশ মানুহ হৈ পৰিছিল। মই একেবাৰতে তেওঁৰ প্ৰস্তাৱত মান্তি হ'লোঁ। কিমান যে মৰম যত্নত তেওঁ মোক ৰাখিছিল। মই তেওঁৰ বিষয়ে জনাই মোৰ নবৌ লৈ চিঠি দিছিলোঁ। সহজ সৰল মানুহ হালে কোনো আপত্তি নকৰাকৈ মোৰ পছন্দক নেদেখাকৈয়ে সন্মতি জনাইছিল। পূজাৰ বন্ধত যাওঁতে তেওঁকোলগত নিবলৈ কৈ পঠিয়াইছিল।

 বৌৰ কথা মতেই মইপূজা বন্ধত ঘৰলৈ যাওঁতে তাকো লৈ গৈছিলোঁ। অচিনাকি ল'ৰা এজনৰ স্কুটাৰত নিজৰ গাঁওখনৰ মাজেদি গ'লে দাদা হঁতৰ সন্মান লাঘৱ হব বুলি মই আগে আগে খোজ কাঢ়ি গৈ তেওঁক বাট দেখুৱাই নিছিলোঁ।

 আমি গৈ পোৱাৰ লগে লগে বৌ অনুৰাধা ওলাই আহি আথেবেথে যতন ধৰিলে। আঠমাহৰ গৰ্ভৱতী মানুহজনীৰ ধুনীয়া ৰূপ দেখি সি তথা লাগি চাই থাকিল। মোৰ নবৌ দেখিবলৈ বহুত ধুনীয়া আছিল সাইলাখ গোসানীৰ দৰে। সি মোক নিজ মুখেই কৈছিল ইমান ধুনীয়া নাৰী সি জীৱনত দেখা নাছিল। তাতে মাতৃত্বৰ পৰশত মুখৰ কমনীয়তা আৰু বাঢ়িছিল। সি তেনেকৈ প্ৰশংসা কৰা স্বত্বেও মই বেয়া পোৱা নাছিলোঁ কিয়নো নবৌ অনুৰাধাক প্ৰথম দেখাতেই সকলো মানুহেই সুন্দৰতাক লৈ প্ৰসংশা কৰে। সাদৰি বৌজনীৰূপে গুণে অতুলনীয়। মহানন্দই আমাৰ ঘৰত থাকি ইমানেই ভাল পাইছিল যে এদিনৰ বাবে গৈ সি এসপ্তাহ থাকিছিল। কলেজ খোলাৰ বাবে আমি আহিবলৈ ওলালোঁ। বৌয়ে বস্তু অলপ যতনাই দি মোক সি নুশুনাকৈ কলে, ৰিত অলপ সাৱধানেৰে থাকিবা। মহানন্দৰ পৰিয়ালৰ খৱৰ ল’বা, তুমি বৰকৈ তাৰ লগত নুঘূৰিবা বিয়া নোহোৱাকৈ বৰকৈ মিলামিছা কৰিলে বেয়া। বৌৰ কথাত বেয়া পোৱা নাছিলোঁ কিয়নো তেওঁ মোৰ অহিত চিন্তা নকৰে, তথাপি মনে মনে অলপ ক্ষুন্ন হৈছিলোঁ। সময়ে বাগৰ সলোৱাৰ লগে লগে বৌৰ এজনী কন্যা সন্তান জন্ম পালে। মই তেতিয়া পৰীক্ষা হৈ যোৱাৰ বাবে ঘৰতেই থাকি বৌৰ আলপৈচান ধৰাত ব্যস্ত আছিলোঁ। সি সেই সময়ছোৱাত মাজে মাজে আমাৰ ঘৰলৈ গৈ খা-খবৰ লৈ থাকিল। সি যেতিয়া যায় বৌয়ে মাৰ্থে মাত লগায়ে গা এলো দি ফুৰে। মই অনুমান কৰিলোঁ সি গলে বৌয়ে বেয়া পায়। সি কিন্তু যোৱাই প্ৰতি দাদা, বৌ আৰু মাইনা লৈ বহুত বহুত বস্তু নিয়ে যিবোৰ বৌয়ে চুয়েই নাচায়। সি কিন্তু কথাই কথাই বৌৰ প্ৰশংসা কৰে। মই তেতিয়া তাৰ প্ৰেমত ইমানেই মছগুল আছিলোঁ তাৰ প্ৰতি বেয়া ভাৱ নাহিছিল। মোৰ কলেজ পুনৰ খোলাৰ বাবে বৌয়ে মোক ভাড়াৰূমলৈ যাবলৈ কলে। ময়ো গুচি আহিছিলোঁ। তেতিয়াওঁ মহানন্দই মোৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিছিল। সি মাজে মাজে মোক কয় ঘৰৰ পৰা চাউল আনিব লাগে যদি ক’বা মই আজি সেইফালে যাম। মই তাক নালাগে বুলি বাধা দিও।

 এদিন কলেজৰ পৰা আহোঁতে মালিকনী খুৰীয়ে মোৰ হাতত এখন চিঠি দিলে। মই চিঠিখন দেখি আচৰিত হ'লোঁ কিয়নো মোলৈ ডাকত চিঠি দিবলগীয়া কোনো মানুহেই নাছিল। কোঠাত সোমায়ে মই চিঠিখন মেলি ল'লোঁ এইখন চিঠি মই হুবহু টুকি থৈছে -

 ৰীতা,

 তোমাক কি কম, তুমি যিজন মানুহৰ লগত সম্পৰ্ক ৰাখিছা তেওঁ সমূলি ভাল চৰিত্ৰৰ মানুহ নহয়। নাভাৱিবা মই তোমাৰ বেয়া চিন্তা কৰি কৈছোঁ বুলি। সি তুমি নথকাটো আমাৰ ঘৰলৈ আহে। কথাই প্ৰতি তোমাতকৈ মই ধুনীয়া, ইয়াতকৈ মই বহুত ভালঘৰৰ যোগ্য আদি কৈ থাকে। দাদাৰলৈ সদায় মদৰ বটল এটা লৈ আহে, ৰাতি থাকিবলৈ বিচাৰে মই দাদাৰক কৈ যেনে তেনে পঠিয়াওঁ। মোৰ ভয় লগা হৈছে, সি যেন মোৰ প্ৰতি বেয়া দৃষ্টি ৰাখিছে মোৰ এনে লাগে। কালি সি আহি স্কুটাৰখন বেয়া হোৱাৰ বাহানা কৰি থকাৰ বস্তু কৰি লৈছিল। মই গোটেই ৰাতি দৰ্জা মাৰি মাইনাক লৈ শুই থাকিলোঁ ভয়ে ভয়ে। কিন্তু সি আকৌ আহিব চাগে মোৰ ভয় লগা হৈছে অ'। তুমি সোনকালে আহিবাচোন.. বৌ।

 চিঠিখন পঢ়ি মই লাজে অপমানে জৰ্জৰিত হ'লোঁ, বৌয়ে চিঠি দিয়াৰ তাৰিখটো চাই দেখিলো আহি পোৱালৈ পাঁচদিন হ'ল। সেইদিনা বহুত পলম হোৱাৰ বাবে পিছদিনাই ঘৰলৈ যোৱাৰ সিদ্ধান্ত ললোঁ। ভাত পানী একো খাবলৈ মন নোযোৱা হ'ল যি হ’ব হওক বুলি এবাৰ তাক লগ কৰাৰ মন বান্ধি তাৰ ৰূম পালোঁগৈ। গৈ দেখিলো সি নাই মোৰ বুকুখন চিৰিংকৈ মাৰিলে, মনে মনে ভগৱানক খাটিলো যাতে সি একো অঘটন নঘটাই। ৰাতিটো চটফটাই থাকি পুৱাই মই ঘৰলৈ বুলি ওলাই গলো। গাঁওখনত এক নিস্তব্ধতা বিৰাজ কৰি আছিল মই যিমান পাৰো খৰকৈ খোজ দিলোঁ। চুবুৰিটো সোমাই লক্ষ্য কৰিলোঁ আমাৰ চোতালত বহুত মানুহ। মই দৌৰ মাৰি ভিতৰ সোমালোঁ। খুৰীদেউ এগৰাকী য়ে মোক থাপ মাৰি ধৰিলে আৰু ক'লে, মা অ’ সকলো শেষ হৈ গ'ল। মোৰ আৰু কথা শুনি থকাৰ ধৈৰ্য্য নাছিল, দৌৰ মাৰি ভিতৰ সোমাই মই একপ্ৰকাৰে [ ১৭৮ ] বাউলি হৈ পৰিলোঁ। দাদাৰ কোঠাত বৌ আৰু দাদা মৃতপ্ৰায় হৈ পৰি আছিল। মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। তাৰ মাজতেই মোৰ মাইনাজনীলৈ মনত পৰাত তাইক বিচাৰোঁতে খুৰী এগৰাকীয়ে জনালে তাই সুস্থ হৈ আছে। পুৱা বহুত পলমকৈ ঘৰৰ দুৱাৰ বন্ধ দেখি আৰু কেচুৱাৰ কান্দোন শুনিহে খুৰাহঁতে কিবা অঘটন ঘটিল বুলি দুৱাৰ খুলি সোমাই এইবোৰ দেখিলে। মোক মাতিবলৈ গাঁৱৰ দুজনমান ল'ৰা গৈছিল বোলে কিন্তু মই এনেকৈ পোৱাটো হয়তো অদৃষ্টই বিছাৰিছিল। তেওঁলোকৰ মতে ৰাতি বিষাক্ত সাপ সোমাই দুয়োকে খুটিলে কাৰণ মুখেৰে ফেন ওলাই আছিল। কেচুৱাকন ভিতৰত আঠুৱাৰ তলত আছিল বাবে সুৰক্ষিত হৈ থাকিল। গাঁৱৰ মানুহে আবেলিলৈ দুয়োৰে দাহ সংস্কাৰ কৰি উপকাৰ কৰিলে। মই কণমানিজনীক বুকুত সুমুৱাই কান্দি কান্দি পাৰ পোৱা নাছিলোঁ। তেওঁলোকৰ মৃত্যু মই সহজ ভাৱে ল'ব পৰা নাছিলোঁ যেন এই মৃত্যু সহজ মৃত্যু নহয়। ইয়াত নিশ্চয় মহানন্দ জড়িত হৈ আছে। মই কাকো একো ক'ব পৰা নাছিলোঁ বাৰে বাৰে নিজলৈ খং উঠিছিল কিয় মই সেই পাষণ্ডটোক ঘৰলৈ আনিছিলোঁ। এবাৰলৈ এনেকৈও ভাৱিছিলোঁ সিটো গম পাইছে ঘটনাটো, যদি সি আহে তেতিয়া বুজিম সি দোষী নহয়। কিন্তু দাদা-বৌৰ কাজ কৰ্ম হৈ যোৱা পৰ্যন্ত সি এদিনো মোৰ খবৰ লবলৈ তালৈ নগ’ল। মোৰ সন্দেহ ইতিমধ্যে দৃঢ় হৈ পৰিছিল। সকাম হৈ যোৱালৈ খুৰা-খুৰীহঁতে আমাৰ লগতে থাকি নিৰাপত্তা দি আছিল। সদায়নো কিমান ৰখিব আমাক গতিকে মই অন্য এটা সিদ্ধান্ত হাতত লৈ পেলাইছিলোঁ। দাদা-বৌৰ অবিহনে যিহেতু মই কণমানিজনীক লৈ এইখন ঘৰত থকাটো সম্ভৱ নহয় লগতে তাক বিচাৰি যোৱাও আন এটা কাৰণ মই সিদ্ধান্তটো লৈ খুৰাক মাতি পঠিয়ালোঁ। খুৰা আহি পোৱাৰ পিছতে মই তেওঁক জনালোঁ যে মই ইয়াত আৰু নাথাকে, গতিকে আমাৰ থকা ঘৰটোৰ বাদ দি বাকী সকলো বিক্ৰী কৰি চহৰতেই থাকোগৈ।খুৰায়েও মোৰ সমস্যাখিনি ভালদৰে বুজি পালে আৰু তেওঁ মুঠকৈ মোক টকা অলপ দি পিছদিনাই যাবলৈ কলে। খুৰা যোৱাৰ পিছত মইনাজনী টোপনি যোৱাত তাইক শুৱাই মই ঘৰটো এপাক ঘূৰি পকি চালোঁ। কিবা এক ষষ্ঠ ইন্দ্ৰিয়ৰ তাগিদাত মই দাদা-নবৌৰ কোঠালৈ সোমাই গ'লোঁ। বুকুখন শোকে খুন্দা মাৰি ধৰিছিল, দাদা-বৌৰ ফটোখন মোহাৰি সামৰি নমাই লোৱাৰ পিছত ক্ষন্তেক ৰলোঁ। কোনোবাই যেন মোক কৈছে কিবা এটা। মই দেখিলোঁ বৌৰ বাকচটো নিৰ্দিষ্ট ঠাইত নাই হয়তো সংস্কাৰৰ সময়ত বৌৰ কাপোৰ কানিবোৰ উলিয়াবৰ বাবে গাঁৱৰ মানুহে আনিলে। কিবা এটা ভাবি বাকচটো মেলি দিলোঁ তাত থকা কণমানিজনীৰ কাপোৰবোৰ আনিবলৈ দাঙি লওঁতেই কাগজ এখন তলত সৰি পৰিল। কাপোৰবোৰ থৈ কিবা এটা উৎসুকতাৰে কাগজখন মেলি পঢ়িবলৈ ললোঁ।

 ৰীতা, মই কিমানখিনি লিখিব পাৰোঁ নাজানোঁ।

 আজি ৰাতি মহানন্দ থকাকৈ আহিল স্কুটাৰ অনা নাছিল। মই বাধা দিয়া স্বত্বেও দদায়েৰে তাক ৰখালে। সন্ধিয়াৰ পৰাই সি এওঁক মদ খুৱাই খুৱাই মাতাল কৰি পেলালে। বহুত সময় সিহঁতৰ মাত নুশুনি মই ওলাই আহিলো। তেতিয়া লৈ সি ককায়েৰৰ মুখ হাত বান্ধি পেলাই ৰাখিছিল। নিমিষতে মোক ঠাপ মাৰি ধৰি বগৰাই ধৰি সৰ্বস্ব লুটিলে। মই সকলোকে কৈ দিম বুলি কোৱাত সি | বটলত কিবা মিলাই আমাৰ দুয়োকে খুৱাই থৈ গ'ল। মই জানিলোঁ আমি বেছি সময় জীয়াই নাথাকে গতিকে মানুহজনক বান্ধোন খুলি দিলোঁ। মাইনাজনীক চাবা..

 মই কাগজখন লুটিয়াই বগৰাই চালোঁ নাই আৰু কোনো শব্দ নাই। তেতিয়ালৈ চাগৈ বৌৱে মাইনাজনী মৰম কৰি দাদাৰ কাষত শুই পৰিছিলহি। সম্পূৰ্ণ কথাখিনি জনাৰ পিছত মই খঙত ফাটি পৰিছিলোঁ। কি কৰিম এতিয়া মই, মই যেন তাক এতিয়াই মাৰি পেলাম। সাধাৰণ গাঁৱৰ মানুহবোৰে দাদা-বৌৰ মৃত্যুক সহজভাৱে ল'লে কিন্তু মই ল'ব নোৱাৰিলোঁ। মই এতিয়া। লক্ষ কৰি ল'লোঁ মহানন্দৰ মৃত্যু। কণমানিজনীৰ চিন্তাত মই অস্থিৰ হৈ পৰিছিলোঁ, তাইক লৈ মই লক্ষ্যত উপনিত হ'ব নোৱাৰিম। মোৰ হঠাৎ মনত পৰিল ভাড়াঘৰৰ মালিকনী বাইদেউৰ ভনীয়েকজনী নিঃসন্তান আছিল তেওঁ সন্তান বিচাৰি ফুৰিছিল। মই ভাৱি ল'লোঁ মোৰ কাষত থাকিলে এই অৱহেলিত হে হ’ব গতিকে তাইক মই নিৰাপদ ঠাইত থ'ব লাগিব। মই মোহত বন্দী হৈ তাইক নিজৰ লগত ৰাখিব নোৱাৰোঁ। চকুৰ পানী মোহাৰি মইসেইদিনা ৰাতিয়েই আমাৰ যাৱতীয় বস্তুবোৰ আৰু দাদা বৌৰ যুগ্ম ফটোখন, সেই বিশেষ কাগজখন লগত ল'লোঁ। মই পিছদিনা ৰাতিপুৱা মোৰ মন ডাঠ কৰি ভাড়াঘৰ পালোগৈ। মাইনা জনীয়ে যেন দুমাহতে সকলো বুজিছিল অলপো আমনি নকৰি বটলৰ গাখীৰ খাই শুই থাকিছিল। তাইৰ মুখলৈ চালে মোৰ মনে নকয় তাইক আনক দিবলৈ বাৰে বাৰে চুমা খাই বুকুত সাবটি লওঁ। কিন্তু দাদা বৌৰ কথা ভাৱি মই মালিকনী বাইদেউক সকলো খোলাখুলিকৈ কৈছিলোঁ। তেওঁ মোৰ কোঠালৈ আহি কণমানিজনীক সাৱটি কান্দি উঠিছিল। লগে লগে টেলিফোন যোগে [ ১৭৯ ] ভনীয়েকৰ লগত যোগাযোগ কৰিছিল। তেওঁলোকে একেষাৰতে মান্তি হৈছিল। ৰেইলব্ৰেত কৰ্মৰত দুয়োজন পতি পত্নী পিছদিনাই আহি বাইদেউৰ ঘৰত উপস্থিত হৈছিলহি। মানুহ দুজনৰ ব্যৱহাৰে মোক নিশ্চিত কৰিলে যে দাদা বৌৰ অংশ সময়ত ভালদৰেই নিজৰ চিনাকি দিবলৈ সক্ষম হব। মোৰ কৰুণ কাহিনী শুনি তেওঁলোকে মোকো লগত যাবলৈ অনুৰোধ কৰিছিল। মই মান্তি নহ'লোঁ কাৰণ মই লগত থাকিলে হয়তো তাই নিজৰ মাক দেউতাকৰ নিগাজীকৈ মৰম বুটলিবলৈ সক্ষম নহ'বও পাৰে, নিজৰ জন্ম কাহিনীৰ লগতে মাক-দেউতাকৰ মৃত্যুৰ কাৰণ গম পাই তাইও আক্ৰোশী হৈ পৰিব পাৰে। মই তেওঁলোকক জনালোঁ যে মই নাযাওঁ। আপোনালোকেও তাইক জানিবলৈ ইচ্ছা নকৰালৈকে একো নজনাব। মাত্ৰ বাইদেউৰ যোগেদি তাইৰ ভাল বেয়া। গম পাই থাকিলেই হ'ব। তেওঁলোকে মোক পইছা দিব বিছাৰিছিল, মই নল'লোঁ কাৰণ মই তাইক বেচা নাছিলোঁ, কেৱল সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ বাবে এহাল মানুহৰ উদং বুকু পূৰাইছিলোঁ। তেওঁলোকে মাইনাক লৈ যোৱাৰ পিছত মই বহুত সময় কান্দিলোঁ। মই মোৰ কামত আগবাঢ়িব লাগে গতিকে তাৰ সন্ধান কৰিবলৈ ধৰিলোঁ। সি ইতিমধ্যে থকা ৰূম সলাইছিল। মই তাৰ মাজতে বি এ পাছ কৰি ওচৰৰে হোটেল এখনত কাউন্টাৰ চম্ভালিবৰ বাবে সোমালোঁ কাৰণ মোৰ জীৱন যাপনৰ বাবে পইচাও প্ৰয়োজন আছিল। ছমাহ মান দিন তাক মই দেখা পোৱা নাছিলোঁ। কিন্তু হঠাতে এদিন আমাৰ হোটেলতেই মই তাৰ সন্মুখীন হ'লোঁ। তাক দেখিয়েই মোৰ এনে লাগিছিল যেন তাক শেষ কৰি দিওঁ। কিন্তু পিছ মুহূৰ্ততে নিজকে সম্বৰণ কৰিলোঁ। তাৰ হয়তো কেইজনমান যুৱকৰ লগত হোটেলতেই মিটিং আছিল। সি মোক দেখি ভয় খাইছিল আৰু আঁৰ চকুৰে মোলৈ চাই আছিল। মই এনেকুৱা দেখুৱালোঁ যেন তাক দেখাই নাই। জানি বুজি এবাৰ সিহঁতৰ কাষেৰেই লন খনলৈ গ'লোঁ। ঘূৰি আহোঁতে তাক হঠাতে দেখা যেন কৰি হাঁহি এটা মাৰিলোঁ। সি যেন সহজ হৈ পৰিল, হয়তু ভাৱিলে মই একোকে গম পোৱা নাই। মই বাট চাই ৰ'লোঁ তাৰ মিটিং শেষ হোৱালৈ মই প্ৰস্তুত কৰিছিলোঁ নিজকে, এনে এজন মানুহৰ লগত অভিনয় কৰিবলৈ যাক মই চাবলৈকো ঘিণ কৰিছিলোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ যাতে মই তাৰ ওচৰত ধৰা নপৰাকৈ অভিনয় কৰি তাক জালত পেলাব পাৰোঁ। উৎকণ্ঠাৰে মই বাট চাই ৰলোঁ, সিও যেন খুউব খৰধৰকৈ তাৰ মিটিং শেষ কৰিলে। ল'ৰা কেইজনক বিদায় দি সি মোৰ কাষলৈ আহিছিল।মই সহজ হোৱা যেন দেখুৱাই তাৰ ওচৰত অভিমান কৰি দেখুৱালোঁ।

 : তুমি ক'ত আছিলা ইমান দিনে, মোৰ ওপৰত কি ঘটি গ'ল তুমি গম পাইছা নে? কিয় মহানন্দ, কিয় মোক ইমান অকলশৰীয়া কৰি পেলালা। মই কান্দি দিলোঁ। সি তেতিয়া ক'লে হঠাতে তাৰ দিল্লী যাব লগীয়া হ'ল। আহি মোক বিচাৰিছিল মই নাছিলোঁ। কি হ’ল নো মোৰ সি জানিব বিচাৰিলে। মই তাক ক'লোঁ এতিয়া ইয়াত নকওঁ। মাত্ৰ জানি লোৱা মোৰ এতিয়া তোমাৰ বাদে কোনো নাই। মই দাদা বৌৰ আৰু মাইনাজনী তিনিও নাই বুলিয়েই তাক জনালোঁ। সি যাবৰ সময়ত কৈ গ'ল তাৰ ঠিকনা॥সি যোৱাৰ পিছতেই ময়ো মোৰ নিজৰ ৰূম পালোঁগৈ৷ কৰিবলগীয়া কামটো মনতে আওৰাই ল'লোঁ। মুখলৈ অজানিতে এটা কূটিল হাঁহি ফুৰ্তি উঠিল। বিছনাৰ তলৰ বাকচটোৰ পৰা বৌ হঁতৰ ফটো ওলিয়াই চালোঁ আৰু ক'লোঁ আজি তোমালোকৰ হত্যাকাৰীৰ শেষ দিন হব।

 মই অ’তদিনে থৈ দিয়া অকণমানি ধাৰাল ছুৰীখন পাইজামাটোৰ ভিতৰত চিলাই লোৱা বেগটোৰ ভিতৰত ভৰাই ল'লোঁ। সন্ধিয়া হোৱাৰ লগে লগে মই তাৰ কোঠালৈ সোমাই গ'লোঁ। তাৰ কোঠালৈ সোমাই যোৱাৰ লগে লগে সি মোক সাৱতি ধৰিলে, মই ক'লোঁ ৰ’বা গোটেই ৰাতিটো পৰি আছে। তোমাক লগপোৱাৰ হেঁপাহতে মই খৰধৰকৈ নোখোৱাকৈ আহিলোঁ। প্ৰথমে খাই লওঁ। সি নিজেই চাহ একাপ আনি দিলে। সি ক'লে ৰীতা মোক বেয়া নাপাবা তোমাৰ দুদিনৰ সময়ত মই তোমাক লগ দিব নোৱাৰিলোঁ মোৰ নিজকে কিবা বহুত দোষী দোষী লাগে। কি বা হ'ল তেওঁলোকৰ লগত। কণমানিজনীও গুচি গ'ল আচৰিত হৈছোঁ শুনি। সি কৈ থাকোতে মোৰ এনে লাগিছিল যেন তাক তেতিয়াই ৰেপি পেলাওঁ কিন্তু তেনে কৰিলে মোৰেই বিপদ হোৱাৰ সম্ভাৱনা বেছি। সি বাৰে বাৰে মোৰ কাষলৈ আহিবলৈ ব্যগ্ৰ হৈ উঠিছিল। মই তাক কলোঁ অলপ গা গৰম কৰা কিবা এটা আনা। সি মোলৈ আঁচৰিত হৈ চালে আৰু ক'লে তুমিও খোৱা আজি কালি। উম মনৰ দুখ পাতলাবলৈ বৰ সহায় কৰে।সি মোৰ দুগালত লাহেকৈ চিকুটি ওলাই গ'ল। মই তেতিয়ালৈকে তাৰ কুকৰ্মৰ কিছুমান নথিপত্ৰ হাত কৰি ল'লোঁ। সি বেছি সময় নকৰিলে হাতত কাগজেৰে মেৰিয়াই অনা বটলটো মোৰ হাতত দি সি বাথৰূমত সোমাল। মই তাৰ গিলাচত আগতেই আনি থোৱা টোপনি যোৱা দৰৱ মিলাই থ'লোঁ মই প্ৰস্তুত কৰিছিলোঁ নিজকে যিকোনো পৰিস্থিতিত তাক আজি শেষ কৰিবলৈ। মনলৈ একোবাৰ ভয়ো নহা নহয় মুঠতে নিজকে শেষ কৰি হ'লেও তাক আজি কৰ্ম ফল দিমেই। মই ভাৱনাত [ ১৮০ ] বিভোৰ হৈ থাকোতেই সি ওলাই আহি মোক জপটিয়াই ধৰি বিছনাতে বগৰাই দিলে। মই জানিছিলোঁ সি সুস্থ হৈ থাকিলে তাৰ শাৰীৰিক শক্তিৰ আগত মই হাৰিব লাগিব। গতিকে মই তাক ক'লোঁ, ৰবা আগতে অলপ গাটো গৰম কৰি লওঁ। সিও মান্তি হ’ল, মই আগতেই থৈ দিয়া নিৰ্দিষ্ট গিলাচটোত মদ বাকি তালৈ আগবঢ়াই দিলোঁ। কিন্তু তাৰ যেন সেইদিনা মদতকৈ মোৰ দেহৰ নিচাহে প্ৰয়োজন আছিল। দুচুমুক মান পিয়েই সি মোক পুনৰ বিছনালৈ টানি নিলে। মই ভাৱিলোঁ মোেৰ কাম কৰাৰ এয়াই উৎকৃষ্ট সময়। তাৰ কামনা বাসনা তুংগত উঠিল, তেতিয়াই মই ধাৰাল চুৰিখন ওলিয়াই তাৰ উখিত লিংগত জোৰকৈ ৰেপি দিলোঁ। সি অকস্মাৎ আক্ৰমণত আৰ্তনাদ কৰি উঠিল। মই বহুত ভয় খাইছিলোঁ তেজ লগা চুৰিখন বেগত ভৰাই মই তাৰ অৱস্থালৈ নাচায় বাহিৰ ওলাই কেৱল দৌৰিবলৈ ধৰিলোঁ। সি থকা ঘৰটো ইমানেই জনশূন্য ঠাইত আছিল যে মোক পিছে পিছে খেদিবলৈ বা সন্দেহ কৰিবলৈও কোনো মানুহ নাছিল। মই ভয়ে ভয়ে আহি নিজৰ ৰূম পালো গৈ। অলপ সময় ৰৈ মই বাইদেউৰ ওচৰলৈ গৈ সকলো ক'লোঁ। বাইদেৱে মোক ক'লে তুমি কিয় এনেকুৱা কৰিলা, এতিয়া পুলিচে তোমাক নেৰিব। মই বাইদেউক ক'লোঁ সি যদি মৰিছে মই কাইলৈয়ে গৈ আত্মসমৰ্পণ কৰিম। আৰু যদি নমৰে তেতিয়াহে কি কৰিম জানো। বাইদেৱে মোক ক'লে, যি হ’ল হ'ল বাৰু এতিয়া তুমি সেই ৰূমটো এৰি অলপ দিন আমাৰ ষ্টৰ ৰূমতে থাকা। সি আহিলে মই তুমি ৰূম এৰি গ'লাগৈ বুলি কম। বাইদেউৰ মহানতাত কৃতজ্ঞতা জনালোঁ। ঘটনা ঘটি যোৱাৰ এসপ্তাহৰ পিছতো যেতিয়া কোনো মানুহ মৰাৰ খৱৰ নাপালোঁ তেতিয়া মই নিশ্চিত হলো পাপীটো নমৰিল। তেতিয়া মোৰ ক্ৰমান্বয়ে ভয় বাঢ়িবলৈ ধৰিলে। মই বাইদেউৰ কৃপাত দুমাহমান তাতেই থাকিলোঁ। যেতিয়া দুমাহলৈকে মোক কোনেও বিচাৰি নাহিল, তেতিয়া মই ভাৱিলো সি হয়তো লাজে অপমানে গোপনে গোপনে চিকিৎসা কৰাই ইয়াৰ পৰা আঁতৰি গ'ল। সদায় নিজকে লুকুৱাই ৰাখি মোৰ অশান্তি লাগিবলৈ ধৰিলে, এদিন বাইদেউক কৈ মই বাহিৰলৈ ওলাই আহিলোঁ। তেওঁ মোক বাধা দিছিল যদিও মই সাহসী হৈ উঠিছিলোঁ যি কোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ। মাত্ৰ বাইদেউক ক'লোঁ যাতে মই কিছুদিন নাহিলেও মোৰ বস্তুবোৰ তেওঁ ভালদৰে ৰাখে।মই সেইদিনা বুকুত সাহস বান্ধি ওলাই আহিছিলোঁ জানিছিলোঁ মই বিপদত পৰিব পাৰোঁ কিন্তু ইমান সোনকালে যে পৰিম জনা নাছিলোঁ। মই এঠাইত নিজৰ কাম এটা ঠিক কৰি, নিজৰ প্ৰয়োজনীয় বস্তু অলপ কিনি ঘূৰি অহালৈ সন্ধিয়া লাগিছিল। মই খৰ খোজেৰে ঘৰলৈ বাট পোনালো, কিন্তু নিয়তি সেইদিনা মোৰ পক্ষত নাছিল! হঠাতে এখন বগা ৰঙৰ মাৰুতি ভেন গাড়ী মোৰ কাষতে ৰ'লহি। দুজন ল'ৰাই মোৰ মুখত ধৰি গাড়ীলৈ ছুচৰাই নিলে। মই কিবা কৰিব পৰাৰ আগতেই গাড়ীখন চহৰৰ পৰা জনশূন্যহীন বাটেৰে আহি আহি এটা জৰাজীৰ্ণ ঘৰৰ আগত ৰ’লহি। ওচৰত আৰু কোনো ঘৰ নাই কেৱল লুঙলুঙীয়া বাট এটা আৰু গোটেইখন হাবি। মোৰ ভয়ত অঞ্চকণ্ঠ শুকাই আহিছিল। সিহঁতি আহি মোক ৰূম এটাত ভৰাই বাহিৰৰ পৰা বন্ধ কৰি দিলে। মই জানিলোঁ এয়া কোনে কৰিছে, মোৰ লগত এতিয়া কি ঘটিব পাৰে মই ধাৰণা কৰি কান্দিবলৈ ধৰিলোঁ। ৰাতি ন মান বজাত ৰূমৰ দৰ্জা খোল খালে, মই ভয়াৰ্ত দৃষ্টিৰে চালোঁ হয় সিয়েই হয়। তাক দেখিয়েই মই ভয় পাহৰি খঙতে চিঞৰি চিঞৰি ক'বলৈ ধৰিলোঁ, চালা পাপী তই নমৰিলি, তই কি কৰিবলৈ জীয়াই আছ পাষ | মোক এনেকৈ ৰাখি তোৰ জানো কিবা লাভ হ'ব এতিয়া, তোৰটো পুৰুষাংগই মই কাটি পেলালোঁ।

 - সি খঙতে আহি মোৰ বক্ষত জোৰেৰে চেপি দিলে, কাপোৰ কানি ফালি ছিছিৰ কৰিলে আৰু ক'লে, তই কি ভাবিছ। মহানন্দক ইমান সহজে মাৰিবি পাৰিবি। তোৰ দৰে হাজাৰজনীৰ লগত বিছনা সলাওঁ। চালি তই মোৰ পুৰুষত্ব নাশ কৰিলি, এতিয়া তোৰ লগত মই কি কৰোঁ চাই থাক। প্ৰতিদিনে সাত আঠটা মতাক তই সহিব লাগিব, মই উপভোগ কৰি তোৰ চিকাৰ। কৈ কৈ সি গুচি গ'ল। মই বুজিলোঁ মোৰ সকলো শেষ হ'ল, দাদা বৌৰ দোষীক মই শেষ কৰিব নোৱাৰিলোঁ। সেই দিনৰ পৰাই মোৰ লগত আৰম্ভ হৈছিল নৰকৰ যন্ত্ৰণা, মই মনতে ভাৱি লৈছিলো মই সহি যাম সকলো সহজে হাৰি নাযাওঁ। ৰাতি এঘাৰ মান বজাত প্ৰায় পাঁচটামান ল'ৰা আহিল, ইমান বৰ্বৰ আচৰণ মোৰ লগত কৰিলে মই লিখিবলৈ কষ্ট হৈছে। সেয়া আৰম্ভণিহে আছিল প্ৰতি দিনে নিশাই মোক হিচাপ বিহীনভাৱে বলাক্কাৰ কৰা হৈছিল। খোৱা বোৱা নহৈছিল। সিহঁতৰ কামনা চৰিতাৰ্থ কৰাবলৈ মোক উপৰ্যুপৰি যৌনশক্তিবৰ্ধক দৰৱ খোৱাইছিল। শীৰ্ণকায় মোৰ শৰীৰত তেতিয়ালৈকে কোনো ৰস বাচি থকা নাছিল। মহানন্দ মাজে মধ্যে আহে মোক চায় ৰং লয় আৰু যায়গৈ। এনেকৈয়ে কোনো দিন ৰাতিৰ উমান নোপোৱাকৈয়ে। বছৰে বাগৰ সলাইছিল। মই মাথোঁ মৰি মৰি জীয়াই আছিলোঁ, সদায় ভাবোঁ মই মৰি থকাই ভাল আছিল। কিন্তু নাই মৃত্যু ইমান সহজলভ্য নাছিল মোৰ বাবে, হয়তো মোৰ লক্ষ বেলেগ আছিল। বছৰ দিন ধৰি বান্ধোনত থাকি আৰু ইমান লাঞ্ছনা ভুগিও মই [ ১৮১ ] নমৰিলো।

 ডেৰ বছৰ ধৰি অকথ্য নিৰ্যাতন সহি সহি মোৰ মানসিক আৰু শাৰীৰিক শক্তি ক্ৰমে দুৰ্বল হৈ পৰিছিল। নিজৰ শৰীৰটোলৈকে ঘিণ লগা হৈছিল। মই গাধুবলৈ এৰি পেলাইছিলোঁ, সিহঁতৰ কাৰণে মোৰ মলিয়ণ হৈ পৰা শৰীৰটো চাফা কৰাৰ কোনো অৰ্থ নাছিল। লেতেৰা হৈ থাকিয়েই মোৰ শান্তি লাগিছিল, মোৰ মলিয়ন ৰূপত সিহঁত সুস্থ অৱস্থাত মোৰ কাষলৈ নাহিছিল। মই মাজে মাজে নিজকে পাহৰি যাবলৈ লৈছিলোঁ, সিহঁতক দেখিলেই মাৰিবলৈ খেদি গৈছিলোঁ। মোৰ প্ৰতি সিহঁতৰ আৰু কোনো লালসা নাছিল। মই জানিছিলোঁ যে ক্ৰমান্বয়ে মোৰ মানসিক ভাৰসাম্যতা লুপ্ত হবলৈ ধৰিছে, ইমানতেই যদি মুকলি হ'ব নোৱাৰোঁ তেতিয়া হয়তো পাগলীৰ দৰেই জীয়াই থাকিব লাগিব। আগতে সিহঁতি মোক ভোগ কৰিবলৈ হেতা ওপৰা কৰিছিল, কিন্তু এতিয়া কোনো আহিবলৈ নিবিছৰা হৈছিল। একমাত্ৰ মালিকৰ আদেশ মানিহে মোক ৰাখি থৈছে। মাজে মাজে মহানন্দ আহি মোৰ ৰং চাই যায়হি, পিছলৈ অহাও কমাই দিছিল। মই নিজকে সম্পূৰ্ণ পাগলী সজাই পেলাইছিলো, সিহঁতক কামুৰিবলৈ যাওঁ আৰু নিজৰ গাৰ কাপোৰ খহাই সিহঁতক মাতিবলৈ ল'লোঁ। মোৰ যে একেবাৰেই স্মৃতি শক্তি লোপ পালে তাক জনাই মহানন্দলৈ ফোন কৰিলে। সি দুমাহ মান ৰাখি মোক এৰি দিবলৈ ক'লে। সিহঁতৰ কথা বতৰাত গম পালোঁ, সি ৰাজনীতিত ভৰি দিছে, গতিকে নিজৰ ক্ষমতা বঢ়াবৰ বাবে দিল্লীলৈ গৈছে। মোৰ সকলো আশাত চেঁচা পানী পৰিল। মই যেন সঁচাকৈয়ে পাগলী হৈ পৰিছিলোঁ।

 এদিন ৰাতি সিহঁতৰ দুটামানে মোক নি এঠাইত এৰি থৈ আহিল। মই বহুত দিনৰ মূৰত মুকলি আকাশৰ তলত মূৰ দাঙি চালোঁ। কোনো লক্ষ্য নোহোৱাকৈয়ে মই সেইদিনা বহুত দূৰ খোজ কাঢ়িলোঁ। এবাৰত ভাগৰত ৰাস্তাৰ দাঁতিতে শুই পৰিলোঁ। ৰাতিপুৱাৰ লগে লগে মই কাষতে থকা টেপটোৰ পৰা পানী খাই গাটোও টিয়াই পেলালোঁ।গছ এজোপাৰ তলত বহি মই মগজুত জোৰ দিবলৈ চেষ্টা কৰিলোঁ, মই কোন আছিলোঁ, ক'ত আছিলোঁ। নাই মোৰ একোৱেই মনত নপৰিল। পেটৰ কলমলনিত থাকিব নোৱাৰি হোটেল এখনৰ কাষ চাপিলোঁ, ল'ৰা এটাই পৰঠা এটা দি ক'লে, যা পাগলী তই থাকিলে গ্ৰাহক নাহিব। মই আঁতৰি আহিলোঁ। দুদিনমান অনাই বনাই ঘূৰি ফুৰিলোঁ। হঠাতে এদিন কোনো সংস্থাৰ মানুহে আমাৰ দৰে পগলা মানুহবোৰক নি নি মানসিক চিকিৎসালয়ত থৈ আহিল গৈ। মোকো দুজনমানে তেজপুৰ মেন্টেল হস্পিতালত থৈ আহিল। মই যিহেতু সম্পূৰ্ণ পাগলী নাছিলোঁ গতিকে চিকিৎসাই মোৰ স্মৃতি শক্তি বঢ়াই আনিছিল। এবছৰ দুবছৰকৈ মই তাত দহ বছৰ মানেই থাকিলোঁ। মোৰ কেও কিছু নাই বুলি জানি, মোৰ ভাল ব্যৱহাৰৰ বাবে তাতেই সৰু সুৰা কাম কৰিবলৈ দি ৰাখি থৈছিল। এই দহবছৰে ছাৰ বাইদেউসকলে মোক বহুত মৰমেৰে ৰাখিছিল, মই তেওঁলোকৰ সৰু সুৰা কামবোৰ কৰি দিছিলোঁ। এদিন হঠাতে বাইদেউ এগৰাকীয়ে আহি কলেহি, চোতালখন ভাল দৰে চাফা কৰি থবা চোন, আজি আবেলিলৈ চহৰৰ কেইজনমান গণ্যমান্য ব্যক্তি আহিব। মই সুন্দৰকৈ চাফা কৰিলোঁ আৰু আহি নিজৰ কোঠাত সোমালো। মই তেতিয়া মাজে মাজে সপোনতে বা অকলশৰীয়া মুহূৰ্ততে দাদা-নবৌৰ মুখদুখন আৰু কণমানিজনীক দেখা পোৱা হৈছিলোঁ। এইবিষয়ে বাইদেউক কওঁতে কলে জোৰ নিদিবা সকলোবোৰ এদিন মনত পৰিব। মই আৰু এটা মানুহক দেখো, মহানন্দক। কিন্তু আঁত বিচাৰি নাপাইছিলো। মনটো খেলি মেলি লগাত বাহিৰলৈ ওলাই আহিছিলোঁ, আঁতৰৰ পৰাই দেখিলোঁ চহৰৰ ভাল মানুহকেইজন আহিলে। অলপ ওচৰৰ পৰা চাওঁ বুলি দেখো মানুহবোৰৰ মাজত বগা সাজ পিন্ধা কলা চৰিত্ৰৰ মহানন্দও বহি আছে। অৱশ্যে তেতিয়ালৈ মই তাক চিনি পোৱা নাছিলোঁ, কিন্তু তাৰ মুখখন মই পাহৰিব পৰা নাছিলোঁ। অৱচেতন মনটো সি যে এটা বেয়া মানুহ গম পাইছিলোঁ। মোৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে, মই দৌৰি দৌৰি নিজৰ বিছনা খনত কুচি মুচি বহি আছিলোঁ। চিনেমাৰ ৰিলৰ দৰেই অকস্মাতে মোৰ মনলৈ মোৰ জীৱনত ঘটি যোৱা ঘটনাৰ প্ৰতিফলন ঘটিবলৈ ধৰিছিল। মোৰ সন্মুখত জলজল পটপটকৈ সকলো জিলিকি উঠিল। মই কাষতে থকা ডায়েৰীখনত লিখিবলৈ আৰম্ভ কৰিলোঁ কথাবোৰ, কিয়নো এবাৰ মানসিক ভাৰসাম্য হেৰুওৱা মানুহে আকৌ সকলো পাহৰি থাকিব পাৰোঁ, গতিকে এফালৰ পৰা লিখিবলৈ আৰম্ভ কৰিলোঁ মোৰ তিক্ততা ভৰা জীৱন পৰিক্ৰমা। মোৰ মনটো পাতল পাতল লাগিছিল অলপ, মই হয়তো বহুত সময় ধৰি নিজৰ কোঠাৰ ভিতৰতে আছিলোঁ, সেয়ে বাইদেউহঁতে মোক বিচাৰি আহি মোৰ কোঠাত সোমালে।মই তেতিয়ালৈকে মোৰ জীৱনৰ প্ৰথমচোৱা কাহিনীলিখি পেলাইছিলোঁ। মইনো কি লিখিছোঁ তেওঁলোকে জনাৰ ইচ্ছা প্ৰকাশ কৰিলে।

 মই ক'লোঁ বাইদেউ, মই ৰীতা, মোৰ আজি সকলোবোৰ কথা মনত পৰিছে। মোৰ আপোন মানুহবোৰ নগাঁও চহৰত [ ১৮২ ] আছে মই তালৈ যাম। তেওঁলোক বহুত সুখী হ'ল। মই নজনালোঁ তেওঁলোকক মোৰ জীৱনৰ ক'লা অধ্যায়। লাহে লাহে মোৰ ভাড়াঘৰৰ বাইদেউৰ কথা মনত পৰিল, তেওঁৰ ঠিকনাটো মনত পৰিল, এটা এটা সৰু সৰু কথা মনত পেলাবলৈ সক্ষম হ'লোঁ। মই ডায়েৰীত খৰধৰকৈ সকলো টুকি ৰাখিলোঁ। পিছদিনা ৰাতিপুৱাই মই এটা নতুন সিদ্ধান্ত ল'বলৈ সাজু হৈছিলোঁ। তেৰ বছৰ পাৰ হৈছিল কণমানিজনীও চাগৈ বৰ এজনী হ'ল। পিছদিনা ৰাতিপুৱা মই বাইদেউৰ আগত সিদ্ধান্ত জনালোঁ, তেওঁলোকে মোক বাধা নিদিলে, যাবৰ সময়ত মোৰ হাতত তেওঁলোকে অলপ মান পইছা গুজি দিলে। কৃতজ্ঞতাৰে মন ভৰি পৰিল, তেওঁলোকক সেৱা জনাই মই মোৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ। মই চকুৰ পানী বাধা দি ৰাখিব পৰা নাছিলোঁ, তেওঁলোকেও কান্দিছিল তেৰ বছৰ কম দিন নাছিল আত্মীয়তা গঢ়ি তুলিবলৈ। বাইদেৱে গাড়ী এখনৰো ব্যৱস্থা কৰি দিলে। মই বাছ আস্থানত অলপ সময় বহি আছিলোঁ, ভাবিলোঁ ভাড়াঘৰৰ বাইদেৱে বাৰু মোক চিনি পাবনে! তেওঁ বাৰু মোৰ বস্তুবোৰ এতিয়াও ভালদৰে ৰাখিছেনে? মনত হাজাৰ প্ৰশ্নৰ উদয় হৈছিল যাৰ উত্তৰ মই তালৈ গৈহে পাবলৈ সক্ষম হম। মই যাবই লাগিব মাইনাজনীৰ খৱৰো ল'ব লাগিব। কিমান ডাঙৰ হ'ল বাৰু তাই মনতে গণনা কৰি পালোঁ ষোল্ল বছৰ মান হ’ল চাগৈ তাইৰ। তাইৰ বিষয়ে জানিবলৈ মই ইমানেই ব্যগ্ৰ হৈ পৰিছিলোঁ যেন এতিয়াই মই বাইদেউৰ ওচৰলৈ উৰি গুচি যাম। মই টিকট কাউন্টাৰত ৰৈ নগাঁৱলৈ যোৱা এখন বাছৰ টিকট কাৰ্টি ল'লোঁ। বাছখনৰ এতিয়া চিট এটাত বহি লৈ মই মোৰ ডায়েৰীৰ দুটামান পৃষ্ঠা লিখিলোঁ। সময়ত বাছে গতি কৰিলে, মোৰ মনটো বাছৰ গতিতকৈও বেগেৰে যাবলৈ ধৰিলে। দুঘন্টামানৰ পিছত মই সেই ঠাই পালোঁগৈ যৰ পৰা আৰম্ভ হৈছিল মোৰ জীৱনৰ কাল নিশাবোৰ। মোক তাত এতিয়া চিনি পোৱা মানুহ নাই, মোৰ আগৰ দুয়োটা ৰূপেই এতিয়াৰ লগত নিমিলে। সুস্থ অৱস্থাত থকাতকৈ চেহেৰা বেয়া হৈছিল আৰু পাগলী অৱস্থাতকৈ উন্নত আছিলোঁ। বয়সেও আচোৰ মাৰি গৈছিল গতিকে মই নিৰ্ভয়ে আগবাঢ়িছিলো মোৰ ঠিকনাৰ দিশে। ঠাইখিনিৰ যথেষ্ট পৰিৱৰ্তন হৈছিল, আগৰ এমহলীয়া ঘৰৰ ঠাইত বিল্ডিং হৈছিল। বাইদেউৰ ঘৰটো বিচাৰি ওলিয়াবলৈ মোৰ বহুত সময় লাগিছিল। ভোকে পিয়াহে মোক আতুৰ কৰি আনিছিল মই হোটেল এখনত সোমাই প্ৰথমে খাই ল'লোঁ। তাৰ পিছত উমানতে এঘৰলৈ সোমাই গ'লোঁ। মই সোমাই যোৱা দেখি লনখনত কাম কৰি থকা মালিজন আগবাঢ়ি আহিল, মই সুধিলোঁ সৈন্ধা বৰুৱাৰ ঘৰ হয়নে। তেওঁ কলে হয়, কিন্তু তেখেত নাই চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ গৈছে। যোৱা প্ৰায় এমাহ হ’ল চিকিৎসা দীঘলীয়া হ’ব গতিকে এবছৰ মান তাতে পুতেকৰ লগত থাকিব। মোৰ মনৰ সকলো আশা পুনৰ শেষ হৈ পৰিছিল তেওঁক বাইদেউৰ নম্বৰটো খুজিছিলো কিন্তু নাপালোঁ। অৱশ্যে ফোন কৰিলে মোৰ কথা জনাব বুলি আশ্বাস দিলে। মই নিৰাশ মনে ওভতি আহিলোঁ। বস্তি অঞ্চলতে এটা ৰূম লৈ মই থাকিবলৈ ল'লোঁ। কিন্তু তাতো মই বহুত জানোৱাৰ লগ পাইছিলোঁ, কিন্তু এইবাৰ মই মোকাবিলা কৰিবলৈ শিকি গৈছিলোঁ, মোৰ ওচৰলৈ যিয়েই আহে তাকে মই দেহা দিবলৈ প্ৰস্তুত হৈছিলোঁ আৰু বিছনাত পৰাৰ লগে লগে মই কৈছিলোঁ তোক কৈ লওঁ আগতেই, মোৰ আকৌ বিয়পা বেমাৰ এটা আছে! গতিকে পিছত আকৌ নক’বি মই নক’লো বুলি। শুনি বিছনাত উঠিবলৈ খৰধৰ কৰা মানুহটো তৎক্ষণাত বিছনাৰ পৰা নামি আহিছিল। মানে মই বহুতৰ লগত বিছনাত থাকোতেই কেতিয়ানো হ’ল গমেই নাপালোঁ, এতিয়া অৱশ্যে জানো মোৰ লগত আগতে লেন দেন কৰা মানুহবোৰে কয়। মোৰ কথা শুনি সি আৰু দুনাই মোক দিগদাৰ কৰা নাছিল। এইদৰেই মই কোনো বেমাৰ নোহোৱাকৈয়ে বেমাৰৰ নামকে হাঠিয়াৰ কৰি তেনেধৰণৰ বেয়া প্ৰকৃতিৰ মানুহবোৰৰ পৰা হাত সাৰি আছিলোঁ। সিহঁতে মোৰ কথা জানিব পাৰি নহা হৈছিল। ময়ো কিছুদিন শান্তিত থাকিব পাৰিলোঁ। এনেদৰেই কিছুদিন পাৰ হৈ গৈছিল, এদিন মই কামৰ পৰা ওভতি আহোঁতে বাইদেউৰ ঘৰৰ কাম কৰা ল’ৰাজনে বাটতে মোক পাই কলে পৰহিলৈ বাইদেউহঁত পাবহি। তুমি এসপ্তাহমানৰ পিছত আহি লগ কৰিব পাৰিবা। কথাষাৰ শুনিয়েই মোৰ বহুত ভাল লাগিল তাক ধন্যবাদ জনাই মই নিজৰ কোঠালৈ আহিলো। মই আগ্ৰহেৰে বাট চাই ৰ'লোঁ বাইদেউক লগ কৰিবলৈ।

 নিৰ্দিষ্ট দিনটোত মই সৈন্ধা বাইদেউক লগ কৰিবলৈ গ'লোঁ। ল'ৰাজনে খুৱৰটো দিয়াৰ লগে লগে বাইদেৱে মোক মাতি পঠিয়ালে। বাইদেউক লগ পোৱাৰ আবেগত মই ভিতৰলৈ সোমাই গ'লোঁ। তেখেতে বিছনা এখনত শুই আছিলে, মই কঁপা কপা মাতেৰে বাইদেউক মাত দিলোঁ।

 ৰীতা, তুমি ইমান দিন ক'ত আছিলাঁ, মই তোমালৈ বাট চাই ভাগৰি পৰিছিলোঁ।

 মই বাইদেউক মোৰ ওপৰত ঘটি যোৱা সকলোবোৰ ঘটনাই ৱিৰি ক'লোঁ। তেওঁৰ চকুৰ পানী ওলাবলৈ ধৰিলে। বহুত [ ১৮৩ ] সময় ধৰি তেওঁ একো কব নোৱাৰিলে। তাৰ পিছত কলে, তোমাৰ ওপৰত ইমানবোৰ ঘটনা ঘটি গ'ল। ইমান কষ্ট কেনেকৈ সহি থাকিলা তুমি। ৰীতা তোমাৰ বাৰু ভতিজাজনীৰ কথা মনত পৰেনে! কিয় তুমি তালৈকে নগ’লা বাৰু। এতিয়াওঁ সময় আছে। তুমি ইচ্ছা কৰিলে তালৈ যাব পাৰা। তাই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিব। বহুত ভাল দৰেই আছে তাই। ভন্টিতে এতিয়াও তাইক একো জনোৱা নাই। মই বাইদেউক কলোঁ, বাইদেউ মই তালৈ গৈ সুখৰ মাজত দুখৰ সৃষ্টি নকৰোঁগৈ। তাই থাকক তাতে সুখেৰে। বাইদেৱে সেইদিনাই মোক তালৈ থকাকৈ মাতি পঠিয়ালে মই সমৰ্থন কৰিলোঁ।

 দুদিনৰ পিছত মই বাইদেউৰ তালৈ আহিলোঁ একেবাৰে থকাকৈ। বাইদেউৰ পুতেক ডাক্তৰ আছিল, তেওঁ মই তাত থকা বুলি জানি বৰ ভাল পাইছিল অন্তত মাকৰ যত্ন ল'ব পাৰিম। বাইদেউৱে তাক মোৰ ক'লা অতীতৰ বিষয়ে তাক জনোৱা নাছিল। সি সদায় সদায় ফোনেৰে মোৰ লগত যোগাযোগ ৰাখি বাইদেউৰ দৰৱ পাতিৰ খোৱা বোৱাৰ কথা বুজাইছিল। এদিন বাইদেউক গা পা ধুৱাই লৈ বিছনাত শুৱাই দিলোঁ। কামৰ পৰা আজৰি হৈ ময়ো তেওঁৰ লগতে বহিলোঁ। বাইদেৱে কোৱাত মই টিভিটো লগাই দিলোঁ, অসমীয়া চেনেল এটাত ৰাজনৈতিক আলোচনা চলি আছিল। তাতে মহানন্দ দত্তও আছিল। তাক তেনেকৈ দেখি মোৰ গা কঁপি উঠিল। বাইদেউৱে ক'লে আজিকালি দিনত বেয়া মানুহবোৰেহে ৰাজনৈতিক নেতা হ’ব পাৰে অ, বহুত কম সংখ্যক ভাল মানুহহে ৰাজনীতিত আছে। বাইদেউৱে হয়তো মোৰ মনৰ কথা বুজি পাইছিল, গতিকে চেনেলটো বদলাই দিছিল। মই বাইদেউক সুধিলোঁ মোৰ বস্তুবোৰ ক'ত আছে? তেওঁ এটা বাকচলৈ আঙুলিয়াই দেখুৱাই দিলে, মই নমাই আনিলোঁ আৰু নিজৰ কোঠালৈ সোমাই আহি মেলি ল'লোঁ। মোৰ আপুৰুগীয়া সম্পত্তি যেন সকলোবোৰ, মই দাদা-বৌৰ ফটো চালোঁ, ভাল হৈয়ে আছে। অন্তত ভতিজাজনীয়ে পিছত চাব পাৰিব। বৌৰ চিঠিখন পঢ়ি মোৰ মনত পুনৰ প্ৰতিশোধৰ ভাৱনা আহিবলৈ ধৰিলে। মই কেনেকৈ তাক শেষ কৰিব পাৰিম! নাই এইবাৰ মই খৰধৰ নকৰোঁ ভালদৰে আগবাঢ়িব লাগিব। এতিয়াটো সি আৰু ক্ষমতাশালী ব্যক্তি হৈ পৰিল। মই মনৰ কথা মনতে ৰাখি বাইদেউৰ ওচৰত সহজ ভাৱেই থাকিবলৈ ল'লোঁ। বাইদেউৰ দৰৱ পাতি সকলো ময়েই ফাৰ্মাচীৰ পৰা আনিবলৈ লৈছিলোঁ। এদিনাখন বাইদেউৰ ল'ৰা তনয়ে আমাৰ লগত কথা পাতি আছিল। সি মোৰ শুশ্ৰুষা দেখি বৰ ভাল পাইছিল, কথা প্ৰসংগত সি ক'লে আজি তাৰ হস্পিতালত পইজনৰ কেছ এটা আহিছিল কোনোবাই চিৰিঞ্জত ভৰাই মানুহজনক ধৰা নপৰাকৈ দিছিল। বহুত পয়মাল হ’ল পুলিচ কেচ যে গতিকে ভাগৰ লাগি আহিছে। সি সোনকালে ফোন ৰাখি থৈছিল। বাইদেৱে সাধাৰণভাৱে কথাটো শুনি থ’লে। কিন্তু মই কথাটো দ-কৈ ভাৱিলোঁ আৰু আহি নিজৰ ডায়েৰীত দৰৱটোৰ বিষয়ে লিখিবলৈ বহি ভাৱিলো তনয়ে চোন নামটো নকলেই। হ’ব মই পিছত সুধিব লাগিব। মই মুঠতে য'তে ত’তে মানুহক মৰাৰ উপায় পালেই লিখি থৈছিলোঁ। দুদিনমানৰ পিছত তনয়ে ফোন কৰোঁতে মই তাক ক'লোঁ - বাবা সেইদিনা যে তুমি পইজন দৰৱৰ কথা কৈছিলা, মোক নামটো ক'বা চোন। সি আচৰিত হৈ সুধিলে তোমাক আকৌ কিয় লাগে। মই কলো তুমি নিশ্চিন্ত থাকা মই বাইদেউৰ অপকাৰ হোৱা কোনো কাম নকৰোঁ। কিন্তু দৰৱ পাতি ময়ে আনি থাকে যে তেতিয়া আন কোনোবাই সেই দৰৱটো দিলেও মই চাব পাৰিম। চোন জানাই তোমালোকৰ মাটি সম্পত্তিলৈ বহুতৰে চকু, তুমি নাথাকা যে বাইদেউৰ ওচৰলৈ বহুত মানুহ আহে কিবা বোলে শ্বপিং মল খুলে। ক’বতে নোৱাৰি মানুহৰ মনৰ কথা। মোৰ কথাত পতিয়ন গৈ সি অৱশেষত নামটো ক'লে। মই লগালগ মোৰ ডায়েৰিখনত দৰৱটো নামটো লিখি থ'লোঁ। বাইদেউৰ তাত থকা সময়বোৰত মই মাইনাজনীৰ খৱৰে পাই আছিলোঁ, তাইৰ ভালে থকাৰ খৱৰে মোৰ মনত সান্তনা দিছিল। দুবছৰ দিন তেনেকৈয়ে পাৰ হৈ গৈছিল। মই বাইদেউলৈ সদায় দৰৱ অনা ফাৰ্মাচীৰ ল'ৰাটোৰ লগত ভাল সম্পৰ্ক ৰাখি গৈছিলোঁ, সি মোক নিজৰ ভায়েকৰ দৰেই মৰম চেনেহ কৰিছিল। এদিন কথাৰ মাজতে মই তাক সেই বিশেষ দৰৱটোৰ কথা সুধিলো, সি মোলৈ আচৰিত হৈ চালে আৰু ক'লে তোমাক আকৌ কেলৈ লাগে সেই বিহ। জানানে কিমান মাৰাত্মক তাৰ এটোপাল দেহত সোমালেই কাম শেষ। মই তাক ক'লোঁ তনয়ে কৈছে মোক এই বিষয়ে, কিন্তু আমাৰ ঘৰৰ কুকুৰটোৰ হয়তো জলাতংক ৰোগ হোৱাৰ লক্ষণ দেখা দিছে। সেইবাবে সি নি আজি তাক খোৱাত মিলাই দিবলৈ কৈছে। কথাখিনি সাজি কৈ মই তাৰ মুখলৈ চালোঁ। সি মোক অবিশ্বাস নকৰিলে ভাৱিলে হয় চাগৈ। বহুত সময় বিচাৰি সি অকণমানি বটল এটা বৰ সাৱধানেৰে কাগজত মেৰিয়াই দি ক'লে – বা, সাৱধান হ’বা কিন্তু দেহত সোমালেও বিপদ। সাধাৰণতে আমাৰ ইয়াত এইবোৰ নাথাকেই এইটো বহুত দিনৰ আগৰ, কাকো নজনাবা আমাৰ ইয়াৰ পৰা নিছোঁ বুলি আনকি তনয়কো নক'বা। তাক ক’বা নিগনি মৰা দৰৱ খুৱাই মাৰিলোঁ বুলি, কেনেবাকৈ আমি বিপদত পৰিব পাৰোঁ। সি মোক ৰ্ভছ এযোৰো দিলে। মই [ ১৮৪ ] তাক নিশ্চিত কৰিলোঁ যে মই আন কাকোৱেই নকওঁ। ঘৰলৈ আহি মই বৰ সাৱধানেৰে বটলটো মোৰ কাপোৰৰ মাজত ভৰাই ৰাখিলোঁ। মোৰ বৰ মন গৈ আছিল চাবুৱালৈ সোনকালে যাবলৈ, কিন্তু বাইদেউৰ মৰমত মই যাব পৰা নাছিলোঁ।এদিন বাইদেৱে মোক জনালে মাইনাজনী প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ পুলিছৰ অফিচাৰ হ’ল। বাতৰিত তাইৰ ফটোখন দেখুৱালে মই শুনি বৰ ভাল পালোঁ। বাতৰিত তাইৰ নিৰ্ভয়ে কোৱা কথাবোৰ শুনিলোঁ মন ভৰি পৰিল, মই দাদা বৌৰ অংশক অন্তত এহাল ভাল মানুহৰ হাতত দি যে ভাল কৰিলোঁ তাৰ বাবে সুখী হ'লোঁ। বাইদেৱে ফোন কৰি গম পালে তাইৰ পষ্টিং চাবুৱাতে হ’ব। এই খৱৰে মোক আকৌ এবাৰ সুখী কৰিলে এতিয়া অন্তত মই মৰাৰ আগতে তাইক সকলো কব পাৰিম।মই আধালিখা ডায়েৰীখন সম্পূৰ্ণ কৰিবলৈ লাগিলোঁ দিন ৰাতি একাকাৰ কৰি সময় পালেই মই লিখিবলৈ ল'লোঁ। এনেকৈয়ে থাকোতে এদিন বাইদেউৰ গা বহুত বেয়া হ'ল, মই তেওঁক নাৰ্চিংহমত ভৰ্তি কৰাই দি তনয়লৈ খৱৰ দিলোঁ। সি দুদিনৰ ভিতৰতে আহি পালেহি৷ বাইদেউ অলপ সুস্থ হোৱাত, সি তেওঁক লগতে লৈ যাব বিছাৰিলে। মই বৰ ভাল পালোঁ অন্তত এতিয়া মই নিশ্চিত মনে মোৰ কামত আগবাঢ়িব পাৰিম। তেওঁলোকে মোকো লগ ধৰিছিল যদিও মই অজুহাত দেখুৱাই নগ'লোঁ। বাইদেউৰ পৰা মাজনীৰ ঘৰৰ ঠিকনা আৰু তাইৰ থানাৰ ঠিকনা লৈ থ'লোঁ। যাবৰ সময়ত মোৰ হাতত অলপ পইছা দি ক'লে, যেতিয়ালৈকে মন যায় মই ইয়াত থাকিব পাৰিম। কিন্তু বাইদেউ নথকা উদং ঘৰখনত মোৰ মন নবহা হ’ল। কাম বন নকৰাকৈ এনেয়ে থাকি থাকি মোৰ মন অশান্ত হৈ পৰিছিল। মই সোনকালে চাবুৱা যাবলৈ মন বান্ধিলো। তাৰ মাজতে মই বাতৰি কাকতত মহানন্দৰ বহুতো কুকীৰ্তি শুনিলোঁ, ক্ষমতাশালী হৈ সি সকলোকে দমন কৰি ৰাখিবলৈ সক্ষম হৈছিল। মই ভাৱিলোঁ মানসিক বিকাৰগ্ৰস্ত হোৱাৰ ৰূপ লৈয়ে মই তাৰ চহৰত সোমাম, তেতিয়া মোৰ কামবোৰ কৰিবলৈ সহজ হ’ব। তাৰটো এতিয়া সাধ্য নাই মোক চিনি পাবলৈ। মাজনীকো সুবিধা বুজি লগ কৰি মহানন্দৰ কথা ক'ব লাগিব তাইটো এতিয়া সক্ষম দোষীক শাস্তি প্ৰদান কৰিবলৈ। মই যোৱাৰ আগদিনা নিজকে কিছু সলাই পেলাইছিলোঁ, মোৰ চুলিখিনি নিজেই খলপা খলপিকৈ কাটি ল'লোঁ আৰু সৰু টিনৰ বাকচটো লৈ, মলিয়ন কাপোৰ এযোৰ পিন্ধি ল'লোঁ। সেইদিনা ৰাতিয়েই মই চাবুৱালৈ বুলি গাড়ীত উঠিলোঁ।

 সন্ধিয়া সময়ত মই পাগলীৰ ৰূপত মহানন্দৰ বিনাশৰ উদ্দেশ্যৰে তাৰ চহৰত ভৰি থ'লোঁ। সেইদিনা আলেঙে আলেঙে ঘূৰি মই চহৰখনৰ চাৰিওফালে ফুৰিলোঁ। মোক কোনেও গুৰুত্ব দিয়া নাই দেখাজনে ভাৱিছে আকৌ নতুনকৈ এজনী পাগলী আমাৰ চহৰলৈ আহিল। মই সেইদিনা থানাখনৰ ওচৰতেই পানী নপৰাকৈ থাকিব পৰা পুল এটাৰ তলতে থাকিলোঁ, সেইদিনা মই উপলব্ধি কৰিলোঁ পাগল নোহোৱাকৈ পাগলৰ আচৰণ কৰাটো কিমান কঠিন। লাহে লাহে সময় অতিবাহিত হৈছিল, ময়ো চহৰখনৰ মানুহবোৰৰ চিনাকি হৈ পৰিছিলোঁ। মই কিন্তু তেতিয়ালৈকে ভতিজাজনীক আৰু মহানন্দক লগ পোৱা নাছিলোঁ। কিন্তু এদিনাখন ৰাতিপুৱা মই পুলটোৰ ওপৰত বহি থাকোতে তাইক দেখিলোঁ, ওখই পাখই চেহেৰা একেবাৰে বৌৰ দৰে। মই তথা লাগি বহুত সময় চাই ৰ'লোঁ মন গৈছিল দৌৰ মাৰি গৈ যেন সাৱতি ধৰিম কিন্তু সেয়া কৰি মই তাইৰ পদ মৰ্যাদা লাঘৱ কৰিব বিচৰা নাছিলোঁ। মই নিজকে সম্বৰণ কৰিলোঁ লাহেকৈ ডায়েৰীত লিখি থ'লোঁ৷ এদিন শুনিলোঁ স্বচ্ছতাৰ কিবা আঁচনিৰ বাবে ৰাস্তা পথ সকলো পৰিষ্কাৰ কৰিব, মোৰ থকা ঠাইখিনিও আজৰি কৰাব বুলি ভাৱি মই তাৰ পৰা আঁতৰি আহিলোঁ। তাইৰো হয়তো মই দৃষ্টিগোচৰ হৈছিলোঁ লাহে লাহে, সেইদিনাই থানাত কিবা কামৰ বাবে মহানন্দ সোমোৱা দেখিলোঁ, মোৰ মনৰ সুপ্ত জুইকুৰা পুনৰ জ্বলি উঠিল। সি যোৱাৰ পিছতে মই তাৰ নাম লৈ বকিবলৈ ধৰিলোঁ যাতে তাই শুনে। কেইদিনমান বৰষুণৰ বাবে মই তিতি থকা দেখি পুলিচ ল'ৰা দুজনে মই থকা ঠাইত পাল এখন তৰি দিলে। মই সকাহ পালোঁ, তেতিয়া মোৰ লক্ষ হৈছিল মহানন্দ।

 মই প্ৰতিদিনে পুৱাই ওলাই যাওঁ, মহানন্দৰ লগত ফুৰা নিৰ্দিষ্ট মানুহকেইটামানক মই ভালদৰেই চিনি থৈছিলোঁ। সিহঁতি সদায় চহৰৰ কাষৰীয়া এখন হোটেলত বহি চাহ খাই। ময়ো ওচৰতে থাকি সিহঁতৰ আলেখ লেখ চাই ৰওঁ। সি পাষণ্ডই কেইবাটাও নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত হৈও আছিল। সেইদিনা সিহঁতি চহৰখনৰে এটা বন্ধ গোদামত চৈধ্যজনী বন্দী কৰি থোৱা ছোৱালীক পিছদিনা ৰাতিলৈ চালান দিয়াৰ কথা পাতি আছিল। মই ভালদৰে শুনি ল'লোঁ আৰু খৰধৰকৈ থকা ঠাই পালোঁগৈ তাতেই এখিলা কাগজত সেই বিষয়ে লিখি মাইনাই পোৱাকৈ থৈ আহিলোঁ। কেনেদৰে থ'লোঁ জানা, এতিয়া যদি তুমি পঢ়ি আছা গম পাইছাই ছাগৈ তুমিয়েই যে মোৰ মাইনা গতিকে তুমি বুলিয়েই কৈছোঁ দেই। সেইদিনা তুমি মৰ্ণিংক কৰিবলৈ যোৱাৰ সময়তে হ’কাৰটোৱে পেপাৰখন দি গৈছিল, মই তাৰ মাজতে কাগজখন থৈ আহিছিলোঁ। তুমি যে পালা মই [ ১৮৫ ] সোনকালেই খৱৰটো পালোঁ কাৰণ পিছদিনা থানাত প্ৰেছ মিট হৈছিল আৰু ছোৱালীকেইজনী উদ্ধাৰ হৈছিল। দোষী অৱশ্যে সাৰি গৈছিল তথাপিও মনত শান্তি আছিল যে ছোৱালীকেইজনী বাচিল। মই তেতিয়াওঁ সুযোগ পোৱা নাছিলো মহানন্দক আঘাত কৰাৰ। তাৰ মাজে মাজে মই সেই দৰৱৰ বটলটো চাওঁ, কেতিয়ালৈ বা ইয়াৰ সদ ব্যৱহাৰ কৰিব পাৰোঁ। উল্কণ্ঠাৰে মই বাট চাই ৰৈছিলোঁ, সেইকেইদিন তুমিও আলেঙে আলেঙে চাই ফুৰিছিলা কোনে দিছিল সেই বাতৰি। মই মহান প্ৰতি তোমাৰ মনোভাৱ আৰু বেয়া কৰিবৰ বাবে তোমাক শুনাই শুনাই সদায় ৰাতিপুৱাই তাক গালি পাৰিবলৈ লৈছিলোঁ। তুমি আচৰিত হৈ শুনিছিলা কোনো মন্তব্য নিদিয়াকৈ গুচি গৈছিল। মই বৰ মৰমেৰে তোমালৈ চাওঁ হেঁপাহ জাগে তোমাক যেন সকলোবোৰ কৈ দিওঁ, কিন্তু ক'ব পৰা নাছিলোঁ কিয়নো তেতিয়ালৈ বহুত পলম হৈ গৈছিল। মোৰ হাতলৈ এদিন সুযোগ আহিল গম পাইছিলোঁ চহৰৰে এখন খেলপথাৰত তাৰ এখন মিটিং আছে। মই সুবিধা চাই তাত পালোগৈ, তাৰ কি ভাষণ, ৰাইজৰ সেৱাৰ বাবেই সি অবিবাহিত হৈ আছে। চালা হাৰামী মইহে জানো তই কিয় বিয়া নপতাকৈ আছ, মোৰ ইমানেই খং উঠিছিল যে মই কাষতে থকা শিল এটা মঞ্চলৈ দলিয়াই দিছিলোঁ যিটো ঠিক তাৰ কপালত লাগি হুহুৰে তেজ ববলৈ ধৰিছিল। উপস্থিত মানুহবোৰৰ মাজত হুৱা দুৱা লাগিছিল আৰু মই সাৰি আহিবলৈ সক্ষম হৈছিলোঁ। এইদৰে কেইবাখনো মিটিঙৰ মাজতে মই বেমেজালি সৃষ্টি কৰি হয়তো সিহঁতৰ দৃষ্টিত পৰিছিলোঁ। আৰু এদিন মই গৈ থাকোতে মোক গাড়ীত উঠাই লৈ গৈছিল সিহঁতি মই তেতিয়া লগত সদায়ে বেজীটো আৰু দৰৱটো লৈ ফুৰিছিলো যাতে মই মৰিলেও তাক মাৰিহে মৰিম।

 মই সকলোবোৰ নিয়তিৰ ওপৰত এৰি দিলোঁ, সময়ে মোক যি কৰিবলৈ বাধ্য কৰাব তাকেই কৰিম। মই জনা নাছিলোঁ মোক ক'লৈ নিছে, বাটতে কোৱা শুনিলোঁ আগৰ দুবাৰৰ দৰে এইবাৰ চিকিৎসাৰ বাবে নিয়া নাই। তুমি মোক দুবাৰকৈ চিকিৎসাৰ বাবে পঠিয়াইছিল আৰু ময়ো ভাল হোৱা যেন দেখুৱাই গুচি আহিছিলোঁ। কিন্তু এইবাৰ তুমি মোক পঠিওৱা নাই মহানন্দৰ মানুহে মোক আনিছিল, হয়তো সিহঁতৰ সন্দেহ হৈছিল মোৰ ওপৰত। মই জানিছিলো এয়াই হয়তো মোৰ শেষ যাত্ৰা মনত বহুত আক্ষেপ হৈছিল ইমান কাষতেই থাকিও তোমাক একো ক'ব নোৱাৰিলোঁ আনকি ডায়েৰীখনো দিব নোৱাৰিলোঁ। এঘন্টা মানৰপিছত মোক সৰু এটা ঘৰত সুমুৱাই থ'লে মই বহুত চিঞৰিছিলো, কিন্তু কোনো ফল ধৰা নাছিল। সিহঁতি কাৰোবাৰ লগত কথা পাতি আছিল মই কাণপাতি শুনিলোঁ, হয় সিহঁতি মহানন্দৰ লগতে কথা পাতি আছিল। সি অলপ পিছতে আহিব বুলি কোৱা শুনিলোঁ, মই মোৰ খুচনিৰ পৰা বটলটো ওলিয়াই ল'লোঁ। আৰু চাগৈ মই কেতিয়াও সুযোগ নাপাম, সিহঁতে মোক আৰু জীয়াই থাকিব নিদিয়ে। মোৰো নিজৰ জীৱনৰ প্ৰতি অলপমানো মোহ নাছিল শেষ ইচ্ছা মহানন্দৰ পতন কৰা, গতিকে মই আজি তাক মাৰিবলৈ চেষ্টা কৰিবই লাগিব। মই চিৰিঞ্জত দৰৱটো ভৰাই সাৱধানে থ'লোঁ। কোৱা মতেই সি আহি পাইছিলহি। আহিয়েই সি মোক মাতি আছিল, ঐ, মূৰটো তুল মই তোক চাব বিছাৰোঁ। মই জানিছিলো সি মোক সন্দেহ কৰিছে, আৰু সি ওচৰলৈ আহিলেহে মই তাৰ শৰীৰত বেজীটো ভৰাব পাৰিম গতিকে মই হাতত বেজীটো লৈ তল মূৰ কৰি বহি থাকিলোঁ। বাৰে বাৰে। ৱানক প্ৰাৰ্থনা কৰিলোঁ এইবাৰ যাতে পাপীটোক মই নাশ কৰিব পাৰোঁ। মই ভাৰ দৰে সিও অধৈৰ্য হৈ মোৰ কাষ পালেহি, মই লগালগ চিৰিঞ্জটো তাৰ ঠিক ডিঙীৰ কাষতে হেচি ভৰাই দিছিলোঁ। সি লগালগ চিঞৰি উঠিল, তই, তই ৰীতা, তই জীয়াই আছ। সি হয়তো ভবাই নাছিল মই যে তাক বিহ ভৰাই দিছোঁ খালী চিৰিঞ্জ বুলি টানি ওলিয়াই পেলাইছিল আৰু মোক এটা গোৰ মাৰি দিছিল। মই তাক ক'লোঁ মই তোক মাৰিবলৈকে জীয়াই আছিলোঁ এতিয়া নিশ্চিন্ত মনে মৰিব পাৰিম। তোৰ দেহত মই বিহ ভৰাই দিলোঁ হাৰামী, আজিৰ ৰাতিটো আছে মাত্ৰ তোৰ হাতত। সি খঙত ৰব নোৱাৰি মোক বহুত কোবাল আৰু শেষত মোৰ জননাংগৰ এই অৱস্থায় কৰি মোক থকা ঠাইত পেলাইথৈ গ'লহি।

 মাজনী মই এয়া সেহাই সেহাই লিখি আছে, তোমালৈ বুলি।মই পাগলীনহয় অ' তোমাৰ পেহী। তোমাক চাগৈ মাত এষাৰ দিয়াৰ সুবিধা নাপাম আৰু মাজনী, জীৱনটোত বহুত সহিলো, পোৱাতকৈ নোপোৱাৰ সংখ্যাই বেছি। জীৱনৰ কিমান যাতনা পালে মানুহৰ মগজুৰ ভাৰসা হেৰাব পাৰে! তুমি মনলৈ বিষাদৰ ভাৱ নানিবা। মোৰ বহুত ইচ্ছা থকাৰ পিছতো তোমাৰ আগত নিজৰ পৰিচয় দিব নোৱাৰিলোঁ। মোৰ মনে নক’লে নতুন উদ্যমেৰে চাকৰি আৰম্ভ কৰিয়েই তুমি ক'লা অতীতৰ মাজত সোমাই পৰাটো। ভাৱিলোঁ যদি পাৰোঁ নিজেই কৰি চাওঁ, নোৱাৰিলে অৱশেষত তোমাৰ কাষ চাপিম। মই তোমাক ডায়েৰীখন দিবলৈ পাওঁ নে নাপাওঁ সেইটো চিন্তাহে কৰি আছিলোঁ, মোৰ কাপোৰৰ টোপোলাৰ মাজত সদায়ে লৈ ফুৰোঁ। সিহঁতি আনি পিছে মোক আকৌ থকা ঠাইতে থ’লেহি বাবে মোৰ বহুত ভাল লাগিছে। মই ৰাতিপুৱালৈকে মৃত্যুৰ লগত যুঁজ দিম, তোমাক [ ১৮৬ ] এবাৰ চাই যাম হেঁপাহেৰে। কালিলৈ পুৱাই তুমি মহানন্দৰ মৃত্যুৰ খৱৰ পাবা, তোমাৰ পিতৃ মাতৃৰ হত্যাকাৰীক মই মাৰিলোঁ মাজনী। তোমাৰ পেহীৰ মৰম ল’বা সদায় শান্তিত থাকা।

 একেৰাহে দুঘন্টা সময় ডায়েৰীখনত ডুব গৈ থকা ৰত্নাৰ চকুৰ পানীৰে ডায়েৰীৰ পৃষ্ঠা তিয়াই পেলাইছিল। তাইৰ বুকুৰ ভিতৰত অসহনীয় দুখ অনুভৱ কৰি হুকহুকাই কান্দিবলৈ ধৰিলে। কিয় পেহী, কিয় তুমি অকলে অকলে সকলো সহিলা, মই এতিয়া বহুত দুখ অনুভৱ কৰিছোঁ। তাই পেহীয়েকে দি যোৱা টোপোলাটো খুলি সকলোবোৰ বস্তু চালে, মাক দেউতাকৰ ফটোখন চাই তাই পুনৰ কান্দি উঠিল। তাই মনতে থিৰ কৰিলে মহানন্দ, তই যদিওঁ কেনেবাকৈ জী থাক তোক এইবাৰ মই সুদাই নেৰে। তেতিয়া সময়ে পুৱতি তিনি বজাৰ সংকেত দিছিল। তেনেতে তাইৰ মোবাইলটো বাজি উঠিল, চাবুৱা থানাৰ অচিজনে ফোন কৰি জনালে ৰাজনৈতিক নেতা মহানন্দ দত্ত আৰু পৃথিৱীত নাই। হঠাতে অসুস্থ হৈ তেওঁৰ মৃত্যু হ'ল। তাই তেওঁলোকক তালৈ যাবলৈ ক'লে। ফোনটো ৰাখি তাই মনতে ক'লে পেহী তুমি এইবাৰ সফল হ’লা, মই তোমাৰ এই বলিদান মই অথলে যাবলৈ নিদিওঁ। মই কথা দিলোঁ তোমাক আৰু দ্বিতীয় এজন মহানন্দৰ বাবে কোনো ৰীতা পাগলী হ’বলৈ মই নিদিওঁ। তাই থিৰাং কৰিলে পেহীয়েকৰ জীৱন পৰিক্ৰমাক লৈ তাই এখনি গ্ৰন্থ ওলিয়াব যিখন হাজাৰজনী ৰীতাৰ বাবে প্ৰেৰণা হ’ব যাৰ শিৰোনাম দিব “মই পাগলী নাছিলোঁ”। তাই পেহীয়েকৰ সম্পূৰ্ণ বিধিসম্মত কাজ কৰ্ম কৰিবৰ বাবে অলপ দিনৰ ছুটিৰ বাবে আবেদন লিখিবলৈ আৰম্ভ কৰিলে, তেতিয়ালৈ পূৱে বেলি ওলাবলৈ ধৰিছিল।




অৰ্ধ আকাশ - এগৰাকী নাৰীয়ে আন এগৰাকীক নেদেখাকৈ বুজি পোৱাৰ এক মুক্ত আকাশ..
।।
—চয়নিকা বৰগোহাঁই—

[ ১৮৭ ]

প্ৰাপ্তিৰ ফেহুঁজালি

নিবেদিতা কলিতা

 উফ আজি আকৌ নিমখ ঢলা কুমজেলেকুৱা টোৰ নিচিনা লাগিল তাইৰ নিজকে... সৰ্বশৰীৰৰ লগতে যেন মনটোও কোঁচ খাই আহিব ধৰিছে তাইৰ... আস ইমান কষ্ট... ইমান কষ্ট... হাঁহি আছে তাই সকলোকে দেখুৱাই... হাঁহিবই লাগিব তাই... তাইৰ মনৰ কষ্ট কাৰো আগতেই ব্যক্ত কৰিব নোৱাৰে তাই... কাকোৱেই... আনকি মনৰ মানুহজনকো... কাৰণ তাই নিবিচাৰে তাইৰ বাবে তাই ভালপোৱা মানুহবোৰ কষ্টত থাকক. তাইৰ বাবে চিন্তা কৰি থাকক... মনটো যেন কিহবাই আকুঁহি আনে..

 ৰুমত সোমাই টিভিটো জোৰকৈ লগাই দিলে তাই... ইমান পৰে চেপি ৰখা কান্দোনটো ওলাই আহিব দিলে তাই... কিয় এনে হ’ল.. কিয় কিয় কিয়... কাক সোধে তাই, কোনো নাই উত্তৰ দিবলৈ... কান্দি কান্দি ভাগৰি পৰাৰ পিছত নিজেই বিচাৰি লয় তাই তাইৰ কিয়বোৰৰ উত্তৰ। তাই জানে উত্তৰবোৰ... কিন্তু এই যে অবুজন মনটো... বুজি বুজি নুবুজে...

 “ও জীৱন তুমি ৰহনীয়া ৰঙৰে বোল... এপাহি হাহিঁ এপাহি দুখ...” মোবাইলৰ ৰিংটোনটো শুনি ধহমহাই উঠিল তাই... পৰানৰ ফোন...

 “হেল্লো ডাৰ্লিং, কি কৰিছা? আহি পালা?”

 “উম... জাষ্ট আহি পালো, মুখ ধোৱাই নাই” কথাখিনি কৈ কৈ থাকিয়েই আইনাৰ সমুখ পালে তাই... মুখখন ৰঙা পৰি আছে কিন্তু মাতটো শুনি ধৰিব পৰা নাই পৰাণে, তাইৰ অভিনয় ভালেই হৈছে মানে... চকুপানীখিনি মোহাৰি নিজকে চাই এবাৰ হাঁহিলে তাই... “মই ভাত খাই লওঁগৈ দেই পৰাণ।

 ফোনটো থৈ লৰালৰিকৈ মুখ হাত ধুই শাহুৱেকে বাঢ়ি দিয়া ভাতখিনি খালে তাই, শাহুৱেকে কিবা কিবি কৈ আছিল যদিও ইমান মনোযোগ নিদিলে তাই... এনেই ও-আ কৰি থাকিল তাই... বৰ মৰম কৰে শাহুৱেকে তাইক... ঘৰত মানুহ বুলিবলৈ শহুৰ শাহু আৰু তাই.. পৰাণে দূৰণিবটীয়া ঠাইত চাকৰি কৰে, আহোঁ বুলি আহিব নোৱাৰে, তাইৰো সৰু হ’লেও চৰকাৰী চাকৰি আছে, সেয়ে তাইও পৰাণৰ কাষত গৈ থাকিব নোৱাৰে, সুখী আছিল সিহঁত... দূৰে দূৰে থাকিলেও তেনেদৰেই সন্তুষ্ট হ’বলৈ শিকিছিল সিহঁত। শহুৰ শাহুৱে বৰ মৰম কৰে তাইক। মুঠতে তাই সুখী.. বহুত সুখী আছিল। কিন্তু সেই কাল ধুমুহা জাকে তাইৰ যেন জীৱনটো ওলট পালত কৰি দিলে...

 উফ কিয় এনে হয় তাইৰ... যেতিয়াই। কাৰোবাক সন্তান সম্ভৱা বুলি শুনে, কাৰোবাৰ কেচুৱা হোৱা বুলি শুনে তাইৰ মনটো ভাল লাগে হয়, কিন্তু পিছ মুহূৰ্ততে তাই যেন নিমখ ঢালি দিয়া কুমজেলেকুৱাটো হৈ পৰে। কোচ খাই আহে তাই... যন্ত্ৰণাত ছটফটায় হৃদয়... বুকুখন যেন কিহবাই আকুহি আনে... বাৰে বাৰে উজাই উজাই আহে চেপা কান্দোন...

 বিয়াৰ তিনিবছৰ পিছৰ পৰা আৰম্ভ হৈছিল তাইৰ জীৱনৰ, তাইৰ অন্তৰৰ কাহানিও নুশুকাব লগীয়া এটুকুৰা দুখ, এটুকুৰা ঘা, তেজ হৈ নিগৰিছিল চকুপানীবোৰ... আশা দিছিল পৰাণে জীয়াই থকাৰ... পুনৰ সঞ্জীৱিত হোৱাৰ.. মৰি মৰি জীয়াই আছিল তাই... তাই জীয়াই থাকিব লাগিব পৰাণৰ বাবে... তাইৰ দৰে অনাথ ছোৱালী এজনীক বোৱাৰী হিচাপে আদৰি লৈ মৰমেৰে ওপচাই ৰখা শহুৰ শাহুৰ বাবে... তাই সুখী হ’বলৈ চেষ্টা কৰিছিল পৰাণৰ বাবে, শহুৰ শাহুৰ বাবে... যিসকল তাইৰ সুখত সুখী... তাইৰ দুখত দুখী... তাই কান্দিলে যিসকলে কান্দে... তাই হাঁহিলে হাঁহে...

 জীৱনে বাৰু কিয় এনে খেল খেলিলে তাইৰ লগত, কিয়... কিয় কিয়?? বাৰে বাৰে চিঞৰ বোৰ ঠেকা খাই পুনৰ তাইৰ কাষলৈ ঘূৰি আহে। কাক সুধিব তাই... কোনে দিব তাইৰ কিয়ৰ উত্তৰ... পৰাণে বুজায় “জান তোমাৰ জীৱনটো শেষ হৈ যোৱা নাই নহয়... তুমি একোৱেই হেৰুওৱা নাই.. তুমি সৰুৰে পৰা কিমান কষ্ট কৰিছা, আমি দুযো মিলি কিমান ঘাত প্ৰতিঘাত পাৰ কৰিছোঁ আমি হাৰ নামানো.. ইমান সৰু কথাটোত আমি কিয় হাৰি যাম ভাল হয় তাই... বুজি উঠে... তাৰপিছত হঠাতে মনটোৱে আকৌ চিৎকাৰ কৰি উঠে ক’ত কি ভুল হৈ গ’ল... ক’ত ভুল থাকি গ’ল... যাৰ বাবে তাই আজি জিকি জিকি হাৰি যাব [ ১৮৮ ] লগা হ'ল...

 লোকক দেখুৱাই হাঁহে তাই পৰাণক দেখুৱাই হাঁহে অন্তৰত লৈ ফুৰে সেই দুখৰ কেঁচা ঘা মাজে মাজে ঘা টুকুৰা শুকাবলৈ লয় নিষ্ঠুৰ স্মৃতিয়ে বাৰে বাৰে খুচুৰি দিয়েহি ঘা টুকুৰা পুনৰ তেজ নিগৰে নিজকে বুজায় তাই কি হৈছে একোৱেই। হোৱা নাই তাই হাৰি নাযায়, হাৰিব শিকা নাই জীৱন যুজত তাই জিকিবই

 জীৱনত প্ৰথম বাৰৰ বাবে ইমান সুখী হৈছিল তাই। পৰাণৰ লগত বিয়া হোৱাৰ পিছতো সুখী হৈছিল তাই... কিন্তু সেই সুখ আৰু এই সুখৰ পাৰ্থক্য আছে... এই সুখ মমতাময়ী হোৱাৰ সুখ.. এটা নতুন জীৱনৰ সুখ। উপলব্ধি কৰিছিল তাই সুখ... আস্ সুখ... সুখ... সুখ মাথোঁ সুখ... চাৰিওফালে মাথো সুখৰ প্ৰচ্ছায়া. কিন্তু... হঠাৎ যে সুখৰ আইনা খন ভাঙি ঠান বান হৈ গ'ল... আকুঁহি থৈ গ'ল তাইৰ শৰীৰ... অ'ত ত'ত দাগ। যিবোৰ দাগে এতিয়া খুচৰি ৰঙা কৰে তাইৰ কলিজা.. পুনৰ তেজ ৰঙা চকুপানী বিৰিঙে তাই শুকুৱাবলৈ চেষ্টা কৰা ঘা টুকুৰাৰ পৰা...

 কাৰ সহ্য নহ'ল তাইৰ সুখ.. মানুহে কয় মানুহৰ কথা বেয়াকে ভাবিলে, মানুহক বেয়াকে ক’লে অভিশাপ লাগে... দুখ নামি আহে... কিন্তু তাইতো জানি বুজি কেতিয়াও কাকো দুখ দিয়া নাই... বেয়াকে কৈ পোৱা নাই... তেন্তে?

 মানুহে কয় ভগৱানক কাতৰে প্ৰাৰ্থনা কৰিব লাগে এই সময়ত, ভগৱানে ভাল কৰে। তাইতো সদায় প্ৰাৰ্থনা কৰিছিল ভগৱানক... তাইক ইমান সুখ দিয়াৰ বাৰে বাৰে ধন্যবাদ দিছিল... তেন্তে কি হৈ গ'ল তাই বুজি নাপায়... পুনৰ কিয়বোৰে আহি আমনি কৰে তাইক... কাৰ দোষ... কপালৰ?ভা গ্যৰ?

 পৰাণে কয় কপালত নথকা বস্তু হেনোনাপায়... মমতাময়ী হোৱাৰ সুখ তাইৰ কপালত নাছিল... তেন্তে এই ক্ষন্তেকীয়া সুখ ভগৱানে তাইক কিয় দিলে... আস্ এই কেঁচা ঘা কেঁচা ঘা..

 জীৱনটো জানো সদায়ে একে থাকে... ঘাত-প্ৰতিঘাতেইটো জীৱন... নিজকে বুজায় তাই... তথাপি কিয় তাই কলিজাৰ টুকুৰা টোক পাহৰিব পৰা নাই.. তাইৰ মঙহৰ টুকুৰা... তাইৰ আৰু পৰাণৰ তেজৰ টুকুৰা... কেনেধৰণৰ সম্পৰ্ক এয়া... পৰাণে বুজায় তাইক, “ভাল হ’ল, মায়া লগোৱাৰ আগতে গুচি গ'ল...” মায়া?? তাইৰ লগত নাছিল নে মায়া... তাইৰ গৰ্ভত স্থিত হোৱাৰ পিছৰ পৰাই টো মায়া আছিল... পেটত হাত ফুৰালেই তাই উপলব্ধি কৰিছিল সেই মায়া.. সেই মৰম... মমতাময়ী হোৱাৰ মৰম...

 সকলো সুখী আছিল, চাৰিওফালে কেৱল সুখ সুখ সুখ... সকলোৱে ইমান যত্ন লৈছে তাইৰ... ইমান সুখ কেৱল ভাগ্যবান সকলেহে পায়, ভগৱানক বাৰে বাৰে ধন্যবাদ দিয়ে তাই..

 আজি কেইদিন মান ধৰি তাই ইমান বেয়া বেয়া সপোন দেখিছে... তাইৰ কলিজাটো... “লাগিলে মোক মাৰি নিয়া প্ৰভু.. মোৰ কলিজাৰ টুকুৰা টোক কুশলে ৰাখা”

 “your baby has lost its heartbeat in 36 weeks.” অহ কি ৰিপৰ্ট এইবোৰ... সংজ্ঞাহীন হৈ পৰিল। তাই।

 তাই যেতিয়া জ্ঞান পালে নিজকে বিছনাত শুই থকা অৱস্থাত পালে..কাষত ডাক্তৰ। ডাক্তৰে কৈ গৈছে, “এইক্ষেত্ৰত তুমিয়েই সকলোতকৈ সাহসী হ'ব লাগিব পৰী, তোমাৰ সাহস আৰু ধৈৰ্যইহে আন মানুহক সাহস দিব।”

 কি হৈ গ'ল এয়া... মমতাময়ী হোৱাৰ সকলো দুখ সকলো কষ্ট পালে তাই... মাথোঁ কলিজাৰ টুকুৰাটো তাইৰ কাষত নাই. তাইক সঁহাৰি জনোৱা মঙহৰ টুকুৰাটো নাই.মমতাময়ী হোৱাৰ হেঁপাহত তাই নিজৰ শৰীৰটো এৰি দিছিল... কিন্তু তাই কি পালে? কেতিয়াও নুশুকাবলগীয়া এটুকুৰা ঘ. বহুত ধৈৰ্য ধৰে তাই..তাইৰ ধৈৰ্য আৰু সংযমেই যে আন মানুহবোৰক ভালদৰে ৰাখিব..বহুত কষ্ট হৈছে পৰাণৰ, তাই কান্দিলে সি আৰু কষ্ট পায়... নাকান্দে তাই..তাই জিকিব..জীৱন জিকিব। অপ্ৰাপ্তিৰ শেষত টো প্ৰাপ্তি আহিবই... তাই আৰু পৰাণে পুনৰ আদৰিব নতুনক.. তাই পুনৰ দেখিব মমতাময়ী হোৱাৰ সপোন... তাইক প্ৰাপ্তিয়ে পুনৰ পূৰ্ণতা দিব.. চকুপানীখিনি মোহাৰি ধৰমহাই বিছনাৰ পৰা উঠিল তাই... খিৰীকীখন বন্ধ কৰিবলৈ তাই

আগুৱাই গ'ল... বাহিৰৰ আকাশত তেতিয়া অলেখ তৰাৰ তিৰবিৰণি.. [ ১৮৯ ]

মহানগৰ, মেট লিপষ্টিক আৰু পিয়না কাশ্যপৰ আইচক্ৰীম বিলাস

নিংকু নিশা নেওগ

 শাওণমহীয়া বতৰ। আকাশত ওন্দোলাই অহা কলীয়া ডাৱৰ আৰু সেউজীয়াৰ মাজেৰে ক'লা মোচোৱা গোমসাপৰ দৰে দীঘল দি পৰি থকা ৰাস্তাটো। দিম্পলে বাছখনৰ খিৰিকীৰ কাষৰ ছিটত বেগটো দলি মাৰি বহি ল'লে। সাধাৰণতে এনেকুৱা যাত্ৰাত যদিহে এজন কথাচহকী ৰসিক সহযাত্ৰী ভাগ্যত মিলে তেনে যাত্ৰাত আড্ডা জমি উঠে।

 গুৱাহাটীত থকা বৰদেউতাকৰ ছোৱালী মধুলেখাৰ বিয়ালৈ বুলি দিম্পল বাছত অকলেই যাবলৈ ওলাইছে। যোৰহাট আই.এছ.বি.টিৰ পৰা বাছখনে নুমলীগড় পোৱালৈকে তাৰ কাষৰ ছিটটোত কোনোৱে বহাহি নাছিল। বৰষুণৰ বতৰ কাৰণেই নেকি আজি বাছত আন দিনাতকৈ মানুহৰ সংখ্যা কম। দিম্পলে আচলতে ভালেই পাইছে। আপোনমনে বাছৰ খিৰিকী খুলি বৰষুণৰ ওফৰি পৰা পানীৰ টোপালবোৰক চকু মুদি গালে মুখে পৰিবলৈ আজাদী দি গৈ আছে।

 ⵓএক্সিউজ মি প্লিজ...

 তাৰ সুখানুভূতিত মোক্ষম আঘাট লগাই অচিনাকি নাৰীকণ্ঠই তালৈকে উদ্দেশ্যি মিহিকৈ যদিও ডাঙৰকৈ কৈ উঠিল। কথাৰ লগে লগে এটা মৃদু সুগন্ধিও আহি তাৰ নাকত লাগিলহি। মনটো তাৰ নাচি উঠিল। কিন্তু অলপ পিছতেই ভদ্ৰ মহিলাৰ পৰা আহিবলগীয়া কিছু আদেশ মিহলি অনুৰোধটোৰ কাৰণে সি নিজকে প্ৰস্তুত কৰি ল'লে।

 ⵓয়েছ...

 ⵓমনৰ অস্বস্তিখিনি ঢাকিবলৈ চেষ্টা কৰি সি কাণৰ হেডফোনডাল নোখোলাকৈয়ে ক'লে।

 ⵓউইণ্ড'খন অলপ বন্ধ দিব নেকি?

 ⵓসেমেনা-সেমেনি কৰি ভদ্ৰ মহিলাই কৈ উঠিল। ইফালে বিৰক্তিত দিম্পলে এতিয়ালৈকে চকু মেলাই নাই।

 ⵓঅহ ছিয়ৰ... ভেকাহি মাৰি দিম্পলে খিৰিকীৰ কঁচখন সশব্দে বন্ধ কৰি দিলে।

 ⵓথেংক ইউ...

 ভদ্ৰ মহিলাই মিহি সুৰত তাক ধন্যবাদ জনাই ছিটটোত আৰামকৈ বহি ললে। দিম্পলে কিন্তু তাৰ কাষতে বহা ভদ্ৰ মহিলালৈ এবাৰো নাচালে। এই মহিলাবোৰ যে নহয়! কাকো শান্তিত বহি যাবলৈ নিদিয়ে। অসন্তুষ্ট মহিলাবোৰো আহি আক’ তাৰ কাষৰ ছিটটোতহে বহিবলৈ পায়হি। কেতিয়াবা দাদা ৰ’দ পৰিছে খিৰিকীখন বন্ধ কৰি দিয়ক, নহ'লে ভাইটি বৰ বতাহ মাৰিছে খিৰিকীখন অলপ মাৰি দিয়াচোন। এওঁলোকৰ মানে ওজৰ আপত্তিৰ শেষ নাই। দেউতাকে ঘৰত ভুনভুনাই থকাৰ দৰে দিম্পলেও বাছত বহি বহিয়ে ভুনভুনাই বকি থাকিল।

 লাহে লাহে বাছৰ গতি বাঢ়ি আহিল। ইতিমধ্যে বাছৰ ছিটবোৰ যাত্ৰীয়ে অধিকাৰ কৰি লৈছেই। গতিকে এতিয়া আৰু ৰখা- ৰখিৰ কাৰবাৰ নাই। হেণ্ডিমেনেও বাছৰ দৰ্জাখন বন্ধ কৰি ড্ৰাইভাৰৰ লগত আড্ডা দিয়া আৰম্ভ কৰি দিলে।

 কাজিৰঙা পাৰ হৈ বাছ আহি বুঢ়া পাহাৰৰ কেঁকুৰি কেইটা পায়হি মানে বৰষুণ একেবাৰেই নোহোৱা হ'ল। গৰমত ছটফটনি লাগি দিম্পলে খিৰিকীখন মেলি দিলে। হঠাত বাছৰ গতি আৰু বুঢ়াপাহাৰৰ একা-বেকা ৰাস্তাত কাল খাই দিম্পলৰ কাষত বহি যোৱা ভদ্ৰ মহিলা তাৰ গাতে বাগৰি পৰাৰ দৰে পৰিলহি। হয়তো তেওঁ টোপনি গৈছিল।

 ছৰী, ছ’ৰী... প্লিজ বেয়া নাপাব. এক্সুৱেলী.. [ ১৯০ ]  ছোৱালীজনীয়ে ঘটনাৰ আকস্মিকতাত খপজপকৈ সাৰ পাই কিবা কিবি কৈছিল। কিন্তু দিম্পলৰ কাণত হে একো সোমোৱা নাই। বাছত উঠাৰ পৰা খঙত এবাৰলৈও মন নকৰা তাৰ সহযাত্ৰী আচলতে এগৰাকী সুন্দৰী যুৱতীহে।

 : ন’ ..ন..ন’ প্ৰব্লেম। ইটচ্ অ’কে...

 ধুমুহাৰ গতিৰে বাঢ়ি অহা হৃদস্পন্দন যাতে যুৱতী গৰাকীয়ে নুশুনে দিম্পল তাৰ প্ৰতি সজাগ হ’ল। দিম্পলে যুৱতী গৰাকীলৈ চালে। ওঁঠত গাঢ় ৰঙা ৰঙৰ মেট লিপষ্টিক। আচলতে এবাৰ তাৰ ভনীয়েকে লিপষ্টিক এটা আনিবলৈ তাক ফোন কৰি অৰ্ডাৰ দিছিল। তেতিয়াই সি ঘঁহি থাকিলেও সহজতে নেৰা, দগৰি এপেট খালেও বিয়পি নোযোৱা এইবিধ লিপষ্টিকৰ নাম শুনিছিল। লেকমি, মেবিলিয়ন,অৰিফফ্লেম... নে কি ব্ৰেণ্ডৰ হ’ব পাৰে যুৱতী গৰাকীৰ ওঁঠত তগবগাই থকা ৰঙা লিপষ্টিকখিনি? এই ব্ৰেণ্ডবোৰৰ নামো সি ভনীয়েকৰ পৰাই শুনিছে। লেকমিৰ ৰেডটোত কৈ মেবিলিয়নৰ ৰেডটো বেছি ভাল, অৰিফ্লেমটো আক’ ওঁঠৰ কাৰণে ভাল মানে হেল্ডী প্ৰডাক্ট। বাঃ কিমান যে গণিত থাকে ওঁঠত বগাই ফুৰা ৰঙাখিনিতেই।

 : আপুনিও গুৱাহাটীলৈ যাব নেকি?

 দিম্পলে যুৱতীগৰাকীলৈ পুনৰ চালে। যিমানে চাইছে সিমানে সি মুগ্ধ হৈ হৈ গৈ আছে। কিবা যেন অজান যাদুত সি মোহিত হৈ পৰিছে।

 : হয়, আপুনিও গুৱাহাটীলৈ যাব নেকি?

 সেপ ঢুকি ঢুকি কোনোমতে মাতষাৰ ওলাল তাৰ। কথাবোৰে তাৰ ডিঙিত খুন্দা মাৰি সুৰ সলাইছে। যেন ওলাব খুজিও কোনবা খিনিত শব্দৰ আঁত হেৰাইছে।

 : অহ..

 দিম্পলৰ কথাত যেন তাই দুখী হ’ল।

 : উইণ্ড’ ছিটটো কাইণ্ডলি দিব নেকি?

 মেট লিপষ্টিক লগোৱা যুৱতীগৰাকীয়ে তালৈ চাই অনুৰোধ কৰিলে। তাই কথা ৰঙা ওঁঠদুটা খন্তেকলৈ নাচি উঠে। চকুৰ ক’লা ক’লা মণিদুটাই কথা ক’লে খন্তেকৰ কাৰণে হলেও সন্মুখৰজনক আঘাত কৰি যায়। তাই কথাষাৰ ইমান মৰম সানি কয় যে কোনেও তাইৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰে।

 : .......

 দিম্পলৰ এইবাৰ কি কৰোঁ কি নকৰোঁ অৱস্থা হ’ল। দৌৰি দৌৰি খিৰিকীকাষত ছিট লোৱা ল’ৰাটোৱে কোন সতেনো তাইক ছিটটো এৰি দিব পাৰে। কিন্তু তাইৰ অনুৰোধ নামানিলেও যেন কিবা গুৰুত্বৰ অপৰাধ কৰা হ’ব।

 : যদি আপোনাৰ কিবা প্ৰব্লেম আছে দেন অ’কে....

 লিপষ্টিক ঘঁহা ওঁঠ দুটা লৰাই লৰাই তাই কথাবোৰ কৈ যায়। দিম্পলে উপায়হীন অৱস্থাত পৰিল। সি এতিয়া নিজৰ ছিটটো এৰিও দিব নোৱাৰে, ধুনীয়া ছোৱালী এজনীৰ অনুৰোধ ৰক্ষা নকৰাকৈ থাকিবও নোৱাৰে।

 : একো নহয়, ছিটটো চেঞ্জ কৰিয়ে লোৱা যাওক।

 তাই হাঁহি হাঁহি তাৰ ছিটটো দখল কৰি ভালকৈ বহি ল’লে। তালৈ চাই এমোকোৰা হাঁহিৰে ধন্যবাদ জনাবলৈও তাই নাপাহৰিলে।

 দিম্পলৰ নাকত লাগি থকা পাৰফিউমৰ সুগন্ধিত সি মতলীয়া হৈ হৈ টোপনিয়াই গৈ থাকিল। বাছ আহি কেতিয়ানো জখলাবন্ধা পালেহি তাৰ খবৰেই নাই। বাছৰ হেণ্ডিমেনে যেতিয়া সকলোকে চাহ- ভাত খাই ল’বলৈ বুলি ডাঙৰ ডাঙৰ কৈ ঘোষণা দিলে তেতিয়াহে তাৰ টোপনি ভাঙিল। চকু মেলোতেই তাৰ গালত কাৰোবাৰ চুলি কেইডালমানে অশান্তি কৰিবলৈ ধৰিলে। লগতে শ্বেম্পুৰ এটা ফিৰফিৰীয়া সুগন্ধি। চুলিৰ উৎস ক’ত বুলি চাওঁতেই দেখিলে সুন্দৰী যুৱতীয়ে টোপনিত লালকাল হৈ তাৰ বাহুতে পুনৰ মূৰ থৈ শুই আছে। এনেতো দিম্পলে মাইকী মানুহৰ চুলি বুলি দীঘল চুলি দেখিলেই ঘৰখন মূৰত উঠাই লয়। মাক- ভনীয়েকৰ কম গালি খাইছেনে সি তাৰ এইটো স্বভাবৰ কাৰণে। শেষলৈ কেতিয়াবা অকস্মাতে ভাতৰ কাঁহীত ওলোৱা চুলিকেইডালে তাৰ মূখ দেখিলেও চাগৈ টেটুফলা চিঞৰ দিয়া হৈছিল। [ ১৯১ ]  আজি কিন্তু দিম্পলৰ ঘিণ লাগক চাৰি, গাভৰুগৰাকীৰ চুলিৰ স্পৰ্শত শিহৰিত হৈহে উঠিছে। সি যদি পাৰিলে হয় তাইৰ মেঘালী চুলিৰ ছাঁতেই গোটেই জীৱন শুই শুই কটাই দিলে হয়। কিন্তু এইকণ সুখে যে বেছি দীঘলীয়া হ’বলৈ নাপালে। কণ্ডাক্টৰৰ আপদীয়া চিঞৰত ছোৱালীজনীও খকা-মকাকৈ সাৰ পাই উঠিল।

 খিৰিকীৰ কাষৰ ছিটটো এৰি দিয়াৰ পৰা দিম্পলৰ লাভ নোহোৱাও হয়। সুন্দৰীগৰাকীয়ে তাৰ লগত একেলগে জখলাবন্ধাত নামি ভাত খালে। চিপচৰ পেকেট কিনি এটা তালৈ বুলিও আগবঢ়াই দিলে। সি লওঁ নলওঁ কৈ লাজে লাজে কোনোমতে পেকেটটো ল’লে যদিও খাবলৈ তাৰ লাজ লাগিল। সি মন কৰিলে বাথৰূমৰ পৰা ওলাই অহাৰ পিছৰে পৰা ছোৱালীজনীৰ ওঁঠৰ ৰঙা ৰঙখিনি প্ৰয়োজনতকৈও অধিক টিকটিকিয়া ৰঙা হৈ পৰিছে। হয়তো তাই নতুনকৈ লিপষ্টিকৰ এটা প্ৰলেপ ওঁঠত ঘঁহি আকৰ্ষণীয় কৰি আহিছে।

 পুনৰ বাছ চলিবলৈ ধৰিলে। খিৰিকীৰ কাষত বহি তাই ফুচফুচাই ইয়েৰফোন লগাই কাৰোবাৰ লগত কথা পাতিলে। দুবাৰমান দিম্পললৈ চায় মূৰ দুপিয়াই হাঁহি একোটাও মাৰি থাকিল। সি ছিটটো এৰি দিয়াৰ কাৰণেই যে তাই কৃতজ্ঞতাৰ হাঁহি একোটা দলিয়াই আছে সেয়া সিও নুবুজা নহয়।

 : গুৱাহাটীলৈ কিবা কাৰণত যায়নে আপুনি? বেয়া নাপাব দেই সোধাৰ কাৰণে।

 : নাই , নাই কিয়নো বাৰু বেয়া পাম.. এক্সুৱেলী মোৰ কাজিনৰ বিয়া। তালৈকে গৈ আছোঁ।

 : অহ ৰিয়েলী, ময়ো মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়ালৈ বুলিয়ে গৈ আছোঁ।

 উচ্ছাসত উঠলিহে পৰিব যেন তাই।

 : হোৱাট এ কো-ইন্সিডেন্ট!

 : আপোনাৰ নামটো জানিব পাৰেনে?

 : চিয়ৰ, হোৱাই নট! মোৰ নাম দিম্পল। দিম্পল বৰুৱা। আৰু আপোনাৰ?

 : চিন্ময়ী মেধি। কিবা জব কৰি আছেনে নে পঢ়ি আছে?

 : পঢ়িহে আছো। এগ্ৰিকালচাৰত... আৰু তুমি?

 : এম.এচ.চি কৰি আছো আণ্ডাৰ ডি,ইউ,

 : অক্কে... তোমাৰ লগত চিনাকি হৈ ভাল লাগিল।

 : মি টু...

 মিচিকিয়াই হাঁহিলে মাথো তাই। দিম্পলৰ মনটোৱে তাইৰ ফোন নম্বৰটো খুজিবলৈ লকলকাইছিল। কিন্তু খুব কম সময়তে চিন্ময়ীৰ লগত গঢ়ি উঠা বন্ধুত্ব যাতে ফোন নম্বৰ বিচৰাৰ কাৰণেই তিক্ত হৈ নাযায় তাৰ প্ৰতিও সি সমানেই তত্ পৰ। উপায়তো নাই ছোৱালী এজনীয়ে কোন সময়ত কি কথাত বেয়া পায়। তাৰোতো পাত্তা নাই। ছোৱালীৰ লগত ভালকৈ কথা পাতিব নাজানে বুলি তাকতো ভনীয়েকেই লাজ দি থাকে। সৰুৰ পৰাই সি ঘৰলৈ আলহী খাবলৈ অহা ছোৱালী দেখিলেই নিজৰ ৰূমত সোমাই থাকিছিল।

 জখলাবন্ধাৰ পৰা খানাপাৰা পোৱালৈকে সিহঁতে বহুত কথাই পাতিলে। জখলাবন্ধাৰ হোটেলত খোৱা ভাতৰ টেষ্ট বেয়া লগাৰ পৰা যোৰাবাটৰ টাৰ্ণিঙত তাইৰ চুলিয়ে তাৰ নাক-মুখ ঢাকি ধৰোতে খিলখিলাই হাঁহি উঠালৈকে সময়খিনি চঞ্চল হৈ পৰিছিল। সিহঁতে আমীশ ত্ৰিপাঠীৰ নিউ ৰিলিজ বুকৰ পৰা বলিউডৰ নতুন মুভিখনলৈকে সিহঁতৰ চৰ্চাৰ বিষয় হ’ল। ৰাস্তাৰ কাষত সেউজীয়াৰ মাজত ঠায়ে ঠায়ে ফুলি থকা কৃষ্ণচূড়া, ৰাধাচুড়া, এজাৰৰ ৰঙবোৰ চিন্ময়ীৰ ওঁঠৰ ডাঠ ৰঙা মেট লিপষ্টিকৰ ৰূপত তাৰ চকুৰ আগত নাচিয়েই থকা হৈছে। দিম্পলে নিজক চিকুটি চালে, সি বাৰু চিন্ময়ীৰ প্ৰেমত পৰিবলৈ ধৰিছে নেকি?

 এয়া প্ৰেম নহ’লেও গভীৰ আকৰ্ষণৰ সোঁতত যে দিম্পল পাক-ঘূৰণি খাই খাই ক্ৰমশঃ ডুবিবলৈ ধৰিছে সেয়া খাটাং। তাৰ চকুৰ আগত মেট লিপষ্টিক লগোৱা দুটি ওঁঠৰ লয়লাস ভংগীৰ মাজেৰে সৰকি পৰা শব্দবোৰে তাৰ বুকু ভেদি গৈ কলিজা চুইছেগৈ। কবিতা কবিতা লগা চিন্ময়ীৰ নামটোৰ দৰেই তাইৰ কথাবোৰ। কথা ক’লে মুখৰ পৰা শব্দ নসৰে সৰি পৰা একোটা সৰু সৰু কবিতাৰ টুকুৰা। আহ! মানুহ ইমান মোহনীয় কেনেকৈ হ’ব পাৰে?

 ভাৱি ভাৱি দিম্পলে নিজৰ মূৰটো বাছৰ ছিটত হাওলাই দিলে। কিন্তু তেতিয়াই বাছখনে ব্ৰেক মাৰি দিয়াত তাৰ চকুৰ [ ১৯২ ] কল্পনাত নাচি থকা এযোৰ ৰঙা ওঁঠ অদৃশ্য হৈ পৰিল। সি চকু মেলাৰ আগতেই বাছৰ কণ্ডা’’ৰৰ চিঞৰ কাণত পৰিলহি। “খানাপাৰা, খানাপাৰা, নামি ল’ব নামি ল’ব। লাষ্ট ষ্টপেজ, নামি ল’ব।”

 অতি ক্ষিপ্ৰতাৰে বাছৰ মানুহবোৰ হুৰমূৰকৈ নামি গ’ল। চিন্ময়ীও হঠাত মানুহৰ ভিৰৰ মাজে মাজে খৰখোজেৰে গুচি গৈছে। আনহে নালাগে তাক বিদায় জনায়ো নগ’ল। সি তাইলৈ চাওঁতে মানুহৰ ভিৰৰ মাজেৰে কেবল তাইৰ পিচ্চ কালাৰৰ পালাজ্জৰ তলেৰে ওলাই থকা ব্লেক হাইহিলজোৰ আৰু বাউলী হৈ চুলিখিনি পিছফালে দৌৰি থকাহে দেখা পালে। দিম্পলৰ মনটো এসোপা বিৰক্তিৰে ভৰি পৰিল। প্ৰায় সাত ঘণ্টাৰ বেছি সময় যিজনী ছোৱালীয়ে হাঁহি হাঁহি তাৰ লগত কথা পাতিলে, তাৰ কান্ধত মূৰ থৈ টোপনি গ’ল, তাৰ পচন্দৰ ছিটটোও সি যাৰ কাৰণে বিনা প্ৰতিবাদে এৰি দিলে সেইজনী ছোৱালীয়ে বাছৰ পৰা নামি যাওঁতে তাক মাত এষাৰো লগাই নগ’ল। ধুৰ চাল্লা... সেই কাৰণেই সি মহানগৰ বেয়া পায়। ছোৱালীৰ লগত কথা নাপাতে।

 বিষন্ন মনেৰে দিম্পলে গণেশগুৰিলৈ যোৱা ট্ৰেকাৰ এখনত উঠি দিলে। তেতিয়া আবেলি চাৰি বাজিছেহে। তাৰ সম্বন্ধীয় ভনীয়েক, আচলতে ভনীয়েক ঠিক নহয় সিহঁত কাণসমনীয়াই। তাইৰ বিয়াৰ ৰিচেপচনলৈ এতিয়াও বহুপৰ বাকী। গতিকে দিম্পলে বিয়া খাবলৈ অহা আলহীৰ কাৰণে বুক কৰি ৰখা ল’জখনতেই গৈ অলপ শুই ল’লে।

 সন্ধিয়া ৭ বজাৰ পিছতহে সি সাৰ পাই বিয়া খাবলৈ ওলাল। গাৱৰ বিয়াৰ দৰে মনত কোনো ধৰণৰ উলহ-মালহ নাই। গণেশ মন্দিৰৰ ওচৰৰে “দ্য শ্বুইং“ নামৰ অত্যাধুনিক বিবাহ ভৱনত মধুলেখাৰ বিয়াৰ ৰিচেপশ্বন। ৰিচেপশন হলৰ সন্মুখভাগ বিবিধ ফুলেৰে সজাই তোলা হৈছে। ৰঙিন লাইটৰ মায়াবী পোহৰৰ মাজেৰে সি ভিতৰলৈ সোমাই গ’ল। কইনাৰ সাঁজত মধুলেখাক বৰ শুৱাইছে। মুখৰ মেকআপ আৰু সুমথিৰা ৰঙী কাপোৰযোৰেৰে তাইক তুলি ধৰিছে।

 : পিয়না, পিয়না... ৰ’বা ময়ো গৈছো।

 দিম্পলে বৰদেউতাক বৰমাকক মাত লগাই বহিবলৈ ধৰিছিলহে, তিনি চাৰি বছৰীয়া ছোৱালী এজনীয়ে তাৰ কাষেৰেই দৌৰ মাৰিলে। তাইৰ লক্ষ্যস্থান আইচক্ৰীম। পিছে পিছে মাকজনীয়েও খৰ খোজ দি তাইক অনুসৰণ কৰিলে।

 : পিয়না... ৰ’বা পিয়না।

 নাই, কণমানিজনীয়ে আজি কাৰো কথালৈ কাণ দিয়ে। তায়ো জানে আজি মাকৰ যিমান খং উঠিলেও অতসোপা মানুহৰ সন্মুখত তাইক দুচাটমান নিদিয়ে। দিম্পলৰ সন্মুখতেই পিয়না নামৰ কণমানিজনীয়ে তিনিবাৰ আইচক্ৰীমৰ বাতি খুজি খুজি আনি খালে। ইফালে লাজে খঙে মাকৰ মুখৰ বৰণ চাবলগীয়া হৈ গৈছে। দিম্পলেও খাই লোৱাৰ কথা ভাৱিলে। প্লেট এখন লৈ সি পোলাও, প্লেন ৰাইচ, চিকেন, মাটন আদি বিবিধ ব্যঞ্জন সজাই ৰখা ঠাইখিনিত থিয় দিলেগৈ। হাতত প্লেট লৈ লৈ খাবকৈ সি প্ৰথমে অসহজবোধ কৰিলেও ভোকত নোখোৱাকৈও নাথাকিল।

 : পিয়না, পিয়না... মই কৈ আছিলোনে তোমাক পৰি যাবা বুলি? চাওঁ, চাওঁ দুখ পালা নেকি?

 সি আইচক্ৰীম ৰখা ঠাইখিনিলৈ চালে। পিয়না কাশ্যপ নামৰ কণমানিজনী মাৰ্বলৰ মজিয়াত পিচল খাই পৰি আছে। তাইৰ হাতৰ আইচক্ৰীমৰ বাতিটো দুহাতমান দূৰত লুটি খাই পৰি আছে। বেচেৰী ছোৱালীজনী! দিম্পলে পিয়নালৈ চাওঁতেই তাই লাজতে ভে ভেকৈ চিঞৰি কান্দিবলৈ ধৰিলে। মাকে তাইক মজিয়াৰ পৰা উঠাই দিওঁতে তাইৰ কান্দোন কমক চাৰি বাঢ়িলহে। কাৰণ স্বাভাবিক। পিয়নাৰ ধুনীয়া গুলপীয়া ফ্ৰকটোত আইচক্ৰীম লাগি গোটেইখন ফুল বাচি পেলালে।

 খাম বুলি ভাৱিও দিম্পলে আইচক্ৰীম নাখালে। কিন্তু অলপ পিছতে পিয়নাই যেতিয়া মাকৰ কোলাৰ পৰা নামি আকৌ আইচক্ৰীমৰ ওচৰলৈ দৌৰ মাৰিলে, তাৰ খাবলৈ মন গ’ল। উঠো-নুঠোকৈ সেমেনা-সেমেনি কৰি গৈ সিও আইচক্ৰীমৰ বাতি এটা উঠাই ল'লে। কিন্তু.. হঠাত

 হঠাত মধুলেখালৈ তাৰ চকু গ’ল। তাইৰ কাষতেই অলপ আগতে বাছত লগ পাই অহা চিন্ময়ীয়ে বিবিধ ভংগীমাত প’জ দি দি ফটো উঠিছে। এবাৰ কইনাক হাতেৰে ধৰি লৈ ফটোৰ প’জ দিছে যদি আনবাৰ কইনাৰ পিছফালে থিয় দিছে। নহ'লে ছেলফি উঠিছে ভিন্ন ষ্টাইলত। সি চিন্ময়ীলৈ চালে। চিন্ময়ীয়ে এতিয়া গুণাৰ সৰু সৰু ফুল বচা সাগৰ নীলা পাটৰ কাপোৰ এসাঁজ পিন্ধিছে। ওঁঠত ডাঠ ৰঙা মেট লিপষ্টিক। তাইক দেখিবলৈ সাংঘাতিক ধুনীয়া লাগিছে।

[ ১৯৩ ]  চকলেট ফ্লেভাৰৰ আইচক্ৰীম এচামুচ বাতিটোৰ পৰা লৈ দিম্পলে মুখত দিলে। এটা চেঁচা চেঁচা মিঠা আলসুৱা সোৱাদ তাৰ ওঁঠৰ পৰা জিভা হৈ ডিঙিৰে সুৰুক কৰে সৰকি গ'ল। চেঁচা সোৱাদটো ডিঙিৰে পাৰ হৈ যাওঁতেই আইচক্ৰীম লাগি চেঁচা পৰি যোৱা জিভাখনেৰে তালুত হেঁচাটো দি ঠাণ্ডাখিনি দাঁতলৈ ঠেলি পঠোৱাৰো যে সুকীয়া আমেজ আছে। সোৱাদৰ আমেজত আধা মুদা চকুৰেই সি চিন্ময়ীলৈ চালে। তাই খিলখিলাই হাঁহি হাঁহি তাৰ কাষেৰেই এইমাত্ৰ পাৰ হৈ গ'ল। তালৈ নাচালেও। তাইৰ লগত এজন চৌখিন ডেকা। ডেকাৰ পৰিপাটি সাঁজ পোচাক। প্ৰথম দেখিলেই মানুহ মুহিব পৰা চেহেৰা। হয়তো চিন্ময়ীৰ প্ৰেমিক! নহ'লে বন্ধু।

 দিম্পলে নাচাওঁ বুলিও তাইলৈ ঘূৰি চালে। কিন্তু চকু পৰিলগৈ তাইৰ কপালতহে। তাইৰ কপালত এক বিন্দুসম ৰঙা সেন্দুৰ। তাৰমানে চিন্ময়ী বিবাহিতা? তাৰ হাতৰ চামুচখনৰ পৰা আইচক্ৰীমখিনি গলি গলি মাৰ্বলৰ মজিয়াত টোপ টোপ কৈ পৰিবলৈ ধৰিলে। কিছুসময়ৰ আগৰ প্ৰথম চিনাকিতে তাৰ বুকুত বাহ লোৱা মাদকতাখিনি হাতত লৈ থকা আইচক্ৰীমখিনিৰ দৰেই খন্তেকীয়া হৈ পৰিল।

 ⵓপিয়না, পিয়না ষ্টপ... কিমাননো আইচক্ৰীম খাই থাকা আৰু...

 কথাবোৰ দিম্পলৰ কাণত নোসোমায়। চকলেট আইচক্ৰীম আৰু চিন্ময়ীৰ কপালৰ বিন্দুমাত্ৰ সেন্দুৰ ৰং এটাই তাৰ ডিঙিটো চেঁচা কৰিহে আনিছে দেখোন... ক্ৰমশঃ


“অৰ্ধ আকাশ”-এক নাৰীশক্তি। এই শক্তিয়ে প্ৰতিগৰাকী নাৰীক প্ৰেৰণা দি
বিভিন্ন দিশত আগবঢ়াত সহায় কৰে।
||
—সুপ্ৰিয়া দত্ত বৰুৱা

[ ১৯৪ ]

ধুমুহাই ধুই নিয়া সময়ৰ শেষত...

পম্পী বৰা বৈশ্য
(1)

 কিমতে ভকতি কৰিবো তোমাক হৰি এ এ.. মই মোহ মতি ই... নাজানো তোমা.. আ. ক...হৰি..ইই ই...।

 নাই, মাতটো যেন কিহবাই হেচি ধৰিছে। চকুৰে বৈ থকা পানী খিনি যেন পাৰ ভাঙি ওলাই আহিব বিচাৰিছে। মূৰটো দাঙি আঠুকাঢ়ি থকাৰ পৰাই ৰীণাই থাপনাখনলৈ চালে। হয়, তাইৰ এই ষোল্ল বছৰীয়া অকলশৰীয়া জীৱনৰ একমাত্ৰ বিশ্বাসী, আশা ভৰসাৰ থল এই থাপনাখন। যাৰ আগত তাই মনৰ সমস্ত দুখ খং অভিমান ক্ষোভ প্ৰকাশ কৰিব পাৰে দ্বিধাহীনভাৱে। সুখ দুখৰ প্ৰতিটো মুহূৰ্ততে এই থাপনখনৰ পৰাই ৰীণাই সাহস আৰু আশীৰ্বাদ পাই আহিছে। যেতিয়াই কিবা এটা সিদ্ধান্ত ল’ব লগা হয়, তেতিয়াই তাই দৌৰি আহে এই থাপনা খনৰ কাষলৈ আৰু যেন ইয়াতেই পাই যাই সকলো উত্তৰ।

 সেইদিনা আছিল ভাদ মাহৰ সংক্ৰান্তি। গোটেই গাঁৱৰ ৰাইজে লগ হৈ ৰাতি দুপৰলৈকে নামঘৰত নাম গাইছিল। গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ীৰ পৰা শেঙুন উজুৱাকেইটালৈকে নাম ৰসত মজি গৈছিল। ডবা কাঁহ নাগাৰাৰ শব্দই গাঁৱৰ আকাশ বতাহ মুখৰিত কৰি তুলিছিল।

 ৰীণাক শাহুয়েকে “এইটো গাৰে ৰাতি তই নামঘৰ লৈ যাব নালাগে, মই সোনকালে আহিম” বুলি কৈ ফুট গধূলিতে ওলাই গৈছিল।

 মানুহটোৰ কথাটো ক’বই নালাগে। নাম বলিয়া মানুহটোৱে এই ভাদ মাহটোত তাইৰ ভালকৈ খবৰ এটা ল’বলৈও যেন আহৰি পোৱা নাই। তাতে আকৌ সেইদিনা সংক্ৰান্তিৰ নাম। স্কুলৰ হেড্ ছাৰক ছুটিৰ বেলটো উপৰ শ্ৰেণীৰ ল’ৰা এটাৰ হতুৱাই মাৰিবলৈ কৈ আজি সোনকালে আহিছিল সি ঘৰলৈ। তাৰ পিছতে কোবাকুবিকৈ গাটো তিয়াই , জলপান অকণ নাকে মুখে গুজি, তেতিয়াতে নামঘৰলৈ গ’ল।

 ৰীণাই অকলে অকলে বাৰাণ্ডাৰ খুটাটোতে আউজি নামঘৰৰ পৰা ভাঁহি অহা নামৰ শব্দবোৰ হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰি আছিল। নাই, আজি কিবা এটা শোকে যেন মনটো আগুৰি ধৰিছে। মানুহটোৰ মুখখনেই বাৰেবাৰে আহি আছে মনলৈ।

 দুবছৰৰ আগতে ৰাস পূৰ্ণিমাত ৰাধা হওঁতেই সি তাইক পছন্দ কৰিছিল। তাৰ দৰে নিমাখিত মৰমিয়াল বৰ পোৱাটো তাই নিজৰে সৌভাগ্য বুলি ভাবে।

 “শংকৰদেও কিনো তোমাৰ লীলা, অতৰাতি ভকতকনামেৰে মুহিলা।” সুললিত কণ্ঠৰে তাইৰ অতি মৰমৰ মানুহজনৰ মাতটো শুনাৰ লগে লগে তাই আৰু ৰ’ব নোৱাৰিলে। কেনেকৈ যে বাৰীৰ পিছফালৰ লুংলুঙ্গীয়া বাটটোৰে গৈ নামঘৰৰ পদূলি পালে গমেই নাপালে। উঃ গামত তিতি বুৰি নামগোৱাত ব্যস্ত মানুহতো দেখি তাইৰ অজানিতে চকু দুটা সেমেকি উঠিল।

 সেইদিনা সিহঁত বিছনালৈ যাই মানে ৰাতি এপৰ হৈছিল। শোৱাৰ সময়ত সি তাইৰ উফন্দি থকা পেটটোত হাত বুলাই কৈছিল, “সদায় ভগৱান ৰ ওপৰত বিশ্বাস ৰাখি চলিবি, দেখিবি এদিন আমাৰ পোনাকণ ডাঙৰ মানুহ হব। এই গাঁৱৰ নাম উজ্জ্বলাই তুলিব।” তাই কুছি মুছি তাৰ সবল দুবাহুৰ মাজত সোমাই পৰিছিল।

 পিছদিনা পুৱাৰ পৰাই ৰীণাৰ গাটো বেয়া লাগি আছিল। তল পেটটোত ধৰি ধৰিয়েই কোনোমতে গাটো ধুই থাপনাখনত সেৱাটো কৰি আহিল। চাহকণ বাকীও খাবলৈ মন নগল তাইৰ। পেটটো বেছিকৈ বিষাৰ ধৰাত তাই শাহুয়েকক ক’লে কথাটো। শাহুয়েকে বোলে,“তই অলপ জিৰণি লগৈ যা। ভাতকেইটা ময়েই বঢ়াই দিওঁ। কালি মোৰ কথা নুশুনি গৈছিলি নহয় ৰাতিখন। গাটো বেছি বেয়া কৰিলে ৰুণো বাইটিকে মাতি পঠাব লাগিব। ই সোন পুৱাতে আকৌ ক’লৈ ওলাই গ'লনো। বাপেকি হ’বৰ হ'ল, এতিয়াও গাত কথা নালাগেই। কি যে হ’ব তহঁতক লৈ।” মুখেৰে ভোৰৰোই ভোৰভোৰাই শাহুয়েকে কেঁচা খৰিকেইডাল ৰ’দত মেলি দিলে।
[ ১৯৫ ]

(2)

 আঃ পেটটো দেখোন বেছিকৈ বিষাব ধৰিছে। কিবা এটা যেন তললৈ নামি আহিছে এনে লাগিল তাইৰ। শাহুয়েকক চিঞৰি মাতিবলৈও কিবা জোৰ নাইকিয়া যেন লাগিছে। ইনো আজি ইমান দেৰি কৰিব লাগেনে। পুৱাতে বৰশীটো লৈ ওলাই গৈছে।

 মাছ মৰাটো তাৰ পুৰণি নিচা। হাতখন তাৰ ভাল। খালি হাতে কেতিয়াও উভতিব লগা নহয়। যোৱা ৰাতিয়েই সি কৈ থৈছে, “এই মাহটো শুদা ভাত খাই খাই আমনি লাগিছে। দ্বীপেনহঁতৰ হোলাটোলৈ পুৱাই বৰশীটো নিব লাগিব।”

 এনেতে কোনোবা এটা ই বাটৰ পৰাই চিঞৰ শুনিলে,“খুৰীদেউ সোন আছে নে?’

 শাহুয়েকেনো কি ক’লে তাই শুনা নাপালে। মূৰটো কিবা আচান্দ্ৰাই কৰা যেন লাগিছে। লাহেকৈ বিছনাখনৰ পৰা নামি শাহুয়েকক মাতো বুলি লওঁতেই বিছনাৰ গাৰু শিতানৰ ওপৰতে বন্ধাই আৰি থোৱা সিহঁত দুয়োটাৰ যুগ্ম জীৱনৰ প্ৰথম ফটোখন পৰি থাকিল। তাই হঠাৎ ফটোখন পৰাত উচপ খাই উঠিল। সাধাৰণ জেঠী এটা পাৰ হওঁতেই ফটোখন পৰি ভাঙি যোৱাত ৰীণাৰ সৰ্বশৰীৰ কপি উঠিল। বুকুখনত যেন কোনোবাই জোৰেৰে আঘাত কৰিছে এনে লাগিল তাইৰ। ভয়তে তাইৰ হাত ভৰি চেঁচা পৰি গ’ল। এনেতে বাহিৰত মানুহৰ হুলস্থুল শুনাত তাই ওলাই আহিব ধৰোতেই কাষৰ ঘৰৰ মিৰা পেহীয়ে দৌৰি আহি তাইক সাৱতি ধৰি কান্দিবলৈ ধৰিলে। কি হৈছে তাই একো উমঘামেই পোৱা নাছিল।

 ই, সোণৰো এতিয়ালৈকে দেখা দেখি নাই। কলৈনো গ’ল বাৰু আজি??

(3)

 কাৰ কি হৈছে পেহী. বুকু ভেদি ওলাই অহা তাইৰ মাতটো কিবা এক গেগনিৰ দৰেহে শুনা গ’ল।

 ইতিমধ্যে ৰীণাৰ নিম্নাংশইদি তেজৰ সোঁত ববলৈ আৰম্ভ কৰিছিল। মানুহবোৰৰ গুণগুননি, কান্দোনৰ শব্দত তাই দৌৰি বাহিৰলৈ ওলাই আহিব খুজিছে যদিও শৰীৰটো চোন কিবা এক দাঙিব নোৱাৰা বোজা হৈ পৰিছে।

 “এইৰ পানী ভাঙিছে, চিভিল লৈ নিব লাগিব, গাড়ী এখন আন অই..’’

 “উঃ উঃ আজিৰ দিনটোত হে এনে হব লাগেনে...”

 “হে প্ৰভু, এইবোৰ কি কৰিছা তুমি...’’

 “মাকজনীও পাগলী হ’ব এতিয়া...’’

 “বাপেকৰ লুইয়ে খেদিছে তাক...’’

 কোঠাটোত গোট খোৱা মাইকী মানুহখিনিৰ কথাত ৰীণাই চিঞৰি উঠিল, “কাৰ মাক পাগলী হ’ব... সোণ ক’লৈ গল... উঃ কি হৈছে মোৰ. সোণ... সোণ”

 আঃ কিবা এটাই যেন শৰীৰটো খহাই নিছে তাইৰ। এইখিনি সময়ত সোণক লাগে। শাহুয়েক জনীনো ক’লৈ গ’ল আকৌ। “সোণ সোণ... আঃ ই ক’ত আছে”

 “ধৈৰ্যধৰ আই, ভগৱানৰ নাম ল... সোণ আহিব... ৰুণো বাইটি আহিছে, তোৰ কাম হৈয়ে যাব এতিয়া”

 আধা মেলা চকুৰে তাই দেখিলে, মুখ ধাকি কান্দি কান্দি ৰুণো বাইটিয়ে তাইক চিভিললৈ নিয়াৰ কথা কৈ আছে।

 কিয় কান্দিছে সকলোৱে। কিবা নহ’বলগীয়া ঘটনা ঘটিল নেকি? ৰুণো বাইটিৰ দৰে কঠিন বুলি ভবা মানুহজনীয়েও কান্দিছে।

 অসহ্য প্ৰসৱ বেদনা লগতে মানসিক যন্ত্ৰণাত কান্দি কান্দি বাউলি হোৱা ৰীণাই মুখেৰে কেৱল বিৰবিৰাই থাকিল। সোণ... সোণ...

 কোনোবা কেইজনমানে তাইক ধৰি আনি গাড়ী এখনত তুলি দিলে। ঘৰৰ বাহিৰত ইমানবোৰ মানুহ. শাহুয়েককে দেখোন মাইকী মানুহ কেইজনীমানে

 আগুৰি মূৰত পানী দি আছে।

 উঃ... আঃ... কি হ'ল বাৰু আজি...

 ভগৱান, তুমি কি কৰিছা এইবোৰ... সোণ ক’লৈ গ'ল... সোণ... [ ১৯৬ ]  “সন্তানটোৰ কথা ভাব আই... অলপ জোৰ দেচোন... আমি আছোঁ বাহিৰতে..”

 মূৰত হাত বুলাই মিৰা পেহীয়ে কোৱা কথাকেইটা শুনি ৰীণাই চকু মেলি দেখিলে, তাই দেখোন হস্পিটেলৰ বিছনাত।

 প্ৰসৱ যন্ত্ৰণা দুখৰ নে সুখৰ... তাই একো চিন্তা কৰিব পৰা নাই। এই দিনটোলৈকে ইমান আশাৰে বাট চাই আছিল। দুয়ো...।

 সোণে বাৰু এই মুহূৰ্তত তাইক অকলে এৰিব লাগেনে। খঙ এটা উঠি আহিল তাইৰ। সদায় তাইৰ কাষতে থাকিম বুলি কয়, অথচ এইখিনি মুহূৰ্তত নাই। তাক নামাটো মই।

 আঃ... কৃষ্ণ প্ৰভু...

 সকলো বাধা নেওচি যেন ৰীণাৰ তল পেটটো খালী কৰি এক জীৱন্ত সত্তা তাইৰ দেহৰ পৰা ওলাই আহিল।

 কেঁচুৱাৰ কান্দোন.. মানে

 “বাইদেউ, আপুনি কৃষ্ণ প্ৰভুৰ নাম ল’লে যে সেইকাৰণে আপোনাক এটা কৃষ্ণ পোৱালিয়ে দিছে দেই” নাৰ্চগৰাকীৰ কথা শুনি তাইৰ মনটো ক্ষন্তেক পোহৰ হৈ পৰিল যদিও সোণৰ কথা মনলৈ অহাৰ লগে লগে আকৌ কান্দোনত ভাঙি পৰিল।

(4)

 কপালত তপত চুমাৰ মিঠা পৰশত ৰীণাই চকু মেলি চালে।

 “সোণ, তুমি... ক’ত আছিলা ইমান সময়... মানুহবোৰে যে কি কি কৈ আছিল... মই ভয়ে খাইছিলোঁ... আমাৰ এটা ল’ৰা হৈছে.. “তাই উঠি বহিব খোজত সি লাহেকৈ তাইৰ কান্ধত ধৰি শুৱাই দিলে। তাইৰ হাত এখন তাৰ দুহাতৰ বান্ধোনত লৈ সি ক’লে, “মই জানো... তাক চাই আহিছোঁ... বহুত ধুনীয়া আমাৰ ল’ৰাটো.. মইতো মাছ আনিবলৈহে গৈছিলো। আমাৰ ল’ৰা হৈছে , মাছ বিলাব লাগিব।”

 “কেঁচুৱাটোক মই ভালকৈ চাবলৈ পোৱাই নাই জানা... নাৰ্চগৰাকীয়ে কোলাত দিছিল যদিও ইমান সৰু যে চাবলৈ ভয়েই লাগিল।”

 “ধেৎ আঁকৰীজনী, কেঁচুৱা আকৌ ডাঙৰ কেনেকৈ হ’ব। তই মাকজনীয়ে যদি ভয় কৰ.. মই কেনেকৈ লম... তোৰ বহুত কষ্ট হৈছে ন... এতিয়া আৰাম পাইছ নে...”

 “তুমি আহিলা যেতিয়া মোৰ সকলো দুখ কষ্ট নোহোৱা হৈ গ’ল। তুমি সদায় মোৰ কাষতে থাকিবা দেই।”

 ৰীণাৰ হাত দুখন তাৰ বুকুৰ মাজত লৈ সি কৈ উঠিল, “সদায় মই তহঁতৰ লগতেই থাকিম। তই অলপ ৰেষ্ট লচোন। মই বাহিৰতে আছোঁ।”

 কপালতে চুমা এটা আঁকি সি ওলাই গ’ল।

 সি ওলাই যোৱাৰ ফালে চাই থাকি তাইৰ নিজকে কোনোবা দূৰ সাগৰৰ পাৰত অকলে বহি থকা যেন লাগিল। এনে। লাগিল সি যেন সাগৰৰ ঢৌৰ মাজে মাজে গৈ থকা এখনি পাল তৰা নাও...

 “কেঁচুৱাৰ জন্মৰ পৰা আঠ চল্লিছ ঘণ্টা মানে কমেও তিনিদিন আমি নিজৰ অবজাৰ্ভেচনত ৰাখো। এইখিনি সময়ত মাক আৰু কেঁচুৱাক বিশেষ যত্ন লোৱাটো প্ৰয়োজন। তাতে কেঁচুৱাটোৰ ওজন অলপ কম আৰু মাকো বহুত দুৰ্বল হৈ পৰিছে।”

 হাতত প্ৰেছাৰৰ যন্ত্ৰটো লগাই কথা কৈ থকা ডাক্তৰৰ মাতটো শুনি ৰিণাই চকু মেলি দেখিলে, কাষত মাক, মামীয়েক আৰু কেইবাগৰাকীও মানুহ। ভায়েকে ডাক্তৰৰ লগত কথা পাতিছে।

 তাইৰ কোলাত এইয়া...তাইৰেই সন্তান... ন-মাহ গৰ্ভত লৈ ফুৰি সপোন এইটো... আই অ, ইমান মৰম লাগিছে... মাতৃৰ মমতাৰে তাইৰ দুচকু সেমেকি উঠিল। নাৰ্চ এগৰাকীয়ে কেঁচুৱাতোৰ মুখখন পিয়াহত লগাই দিলে। কণমানি মুখখনেৰে গুলপীয়া ওঁঠ দুটা লৰাই লৰাই খাবলৈ চেষ্টা কৰা দেখি তাইৰ বুকুখন আৱেগত নাচি উঠিল। লাহেকৈ সৰু হাত এখন চুই মৰম কৰি দিলে তাই।

 “আপোনালোকৰ লগত আমাৰ দুগৰাকী নাৰ্চ যাব আৰু আশা বাইদেউটো আছেই। কেঁচুৱাটোৱে যাতে অলপো কষ্ট নাপাই দেই। কিবা অসুবিধা পালেই লগে লগে লৈ আনিব। মানৱতাৰ খাতিৰত যাবলৈ দিছে। নীতি-নিয়মখিনি শেষ হলেই এবাৰ লৈ আনিব।” [ ১৯৭ ]  ডাক্তৰে কৈ থকা কথা খিনি শুনি তাই মাকলৈ চালে। চাদৰৰ আচলৰে মুখ ঢাকি তাইৰ চুলিত হাত বুলাই থকা মাকে তাই চোৱাৰ লগে লগে উঠি গুচি গ’ল। যেন তাইৰ পৰা পলাব খুজিছে। “মামী, ডাক্তৰে ক’লৈ নিয়াৰ কথা কৈছে। সোণ বাহিৰতে আছে নেকি। মাতি দিবচোন।”

 “আমি এতিয়া ঘৰলৈ যাম। সোণ তাতেই আছে। তোৰ কাৰণেই ৰৈ আছে সি।” মুখ টিপি টিপি চলচলীয়া চুকুৰে কোৱা মামীয়েকৰ কথাত ৰীণাৰ বুকুখন আকৌ ধান বনাদি বানিবলৈ ধৰিলে।

 “সোণ ঘৰলৈ কিয় গ’ল। অলপ আগতে সিতো বাহিৰতে থাকিম বুলি কৈ গৈছে মোক।”

 “ধৈৰ্য ধৰক বাইদেউ। এতিয়া এই কেঁচুৱাটোৱেই আপোনাৰ সোণ” নাৰ্চগৰাকীৰ কথাত ৰিণাই চিৎকাৰ কৰি উঠিল।

 “কিয়, কি হল সোণৰ... সিতো অলপ আগতে মোৰ ওচৰলৈ আহিছিল। ইয়াতে বহি কথা পাতিছিল।”

 তাইক বুকুৰ মাজত সুমুৱাই মামীয়েকে ক’লে – “আই অ, ধৈৰ্য ধৰ। সি অহা নাই। তোৰ ভুল হৈছে। সি আৰু কেতিয়াও নাহে।”

 “কিন্তু.. কিয়... কি হ’ল সোণৰ..

 “ৰাতিপুৱা মাছ মাৰিবলৈ যাওঁতে দ-খাৱৈত পৰি গ’ল অ সি।”

 মামীয়েকে আৰু কি ক’লে ৰীণাৰ কাণত নোসোমাল।

(5)

 কেঁচুৱাৰ কান্দোন শুনি ৰীণাই চকু মেলিলে। প্ৰেচাৱ কৰি তিয়াই পেলোৱা কাপোৰখন লাহেকৈ সলাই দিলে। কাষতে শুই থকা মাক টোপনি গৈছে। অন্ধকাৰ কোঠাটো সামান্য পোহৰ কৰি ৰখা চাকিগজত চকু পৰাৰ লগে লগে বুকু ভেদি কান্দোনটো তাইৰ আকৌ ওলাই আহিল।

 কান্দোনৰ শব্দত মাক আৰু কেঁচুৱাটো সাৰ পাই বুলি গাৰুটোত মুখখন গুজি দিলে ৰীণাই। কি যে হৈ গ’ল... কি হ’ব লগা আছিল... কি হ’ল... ভগৱান তোমাৰ কি লীলা এইবোৰ... তোমাৰ নামতেই বলীয়া মানুহটোক তোমাৰ কাষলৈ ইমান সোনকালে কিয় লৈ গ’লা...

 এই এমাহ চকু মুদিয়েই পাৰ কৰা যেন লাগিল তাইৰ। চোতালৰ মাজতে বগা কাপোৰেৰে ঢাকি ৰখা মানুহটো... ভৰিৰ বুঢ়া আঙুলিৰে মুছি পেলোৱা তাইৰ জীৱনৰ ৰঙা ৰংটো.. মানুহবোৰৰ সমবেদনা... মাজে মাজে মাকে কেঁচুৱাটোক তাইৰ কোলাত দি পিয়াহ খুৱাবলৈ দিয়া. বগা সাজযোৰে তাইক মেৰিয়াই পেলোৱা.. এইবোৰ কিবা সপোন দেখা নিচিনাহে। লাগিছে তাইৰ।

 “কিমাননো কান্দি থাকিবি আৰু তই। এই এমাহত বহুত কান্দিলি। এতিয়া এই পোনাকণৰ কথা চিন্তা কৰ।”

 মূৰত হাত বুলাই মাকে কোৱা কোৱা কথাকেইটাত হেঁচি ৰখা দুখবোৰ পাৰ ভাঙি ওলাই আহিল। মাকৰ বুকুৰ মাজত সোমাই নিজকে সৰু ছোৱালীজনীৰ দৰে লাগিল তাইৰ।

 মাকে তাইক সাৱতি ধৰি কলে,“মই কাইলৈ যামগৈ। তোক এনেকৈ এৰি থৈ যাবলৈ অলপো মন যোৱা নাই। কিন্তু যাবটো লাগিবই। বোৱাৰীজনীৰো এতিয়া তেনে অৱস্থা। সকলো কাম আজৰি হ’লে তোক ঘৰলৈকে ভাইটিয়ে লৈ যাম বুলি কৈছে’’৷

 “মা...” ৰীণাৰ আজি প্ৰথম মাত ফুটা যেন লাগিল।

 “আই, সমাজৰ সকলো মানুহ একেই নহয়। বহুতৰ বহু কথা শুনিবি। সাহস নেহেৰুৱাবি। শাহুয়েৰৰ খং বেছি যদিও মনটো ভাল। তেওঁৰ কথা শুনি চলিবি। পোনাকণেই এতিয়া তোৰ সাহস, তোৰ জীৱন। তাৰ চকুলৈ চাবি। তাক মানুহ কৰিব লাগিব তই।”

 মাকৰ মুখলৈ চাই ৰীনাই কৈ উঠিল,“সোণ কিয় গুচি গল অ মা...”

 দুইজনী মাক জীয়েকে ইজনীয়ে আনজনীক সাৱটি ধৰি কান্দোনত ভাগি পৰিল।

 ৰীণাই মুখেৰে মাতিবলৈ পাহৰাৰ দৰে হৈছে। নকৰিলে নোহোৱা কাম কেইটাকৰি পোনাকণক সাৱটি সোণৰ ফটোখনৰ সন্মুখত বহি থকাই তাইৰ কাম। [ ১৯৮ ]  কথাৰ মহলা মাৰি ভালপোৱা শাহুয়েকজনীও এইকেইদিনতে মৌন হৈ পৰিছে। প্ৰয়োজনীয় কথাকেইটাহে কয়। তাই কন্দা দেখিলে মাত্ৰ মূৰত হাত বুলাই দি পোনকণৰ মুখলৈ চাবলৈ কয়। ৰাতিও তাইৰ কাষৰ বিছনাখনতে শোৱা মানুহজনীৰ মুখলৈ চাবলৈও ৰীণাৰ কিবা ভয় ভয় লগা হৈছে।

 গাঁৱৰ মানুহখিনিও কেইদিনমান অলপ বেছিকৈয়ে সিহঁতৰ খবৰ লবলৈ আহি আছিল। গাঁৱৰ মহিলাবোৰেও তাইক সান্ত্বনা দিয়াৰ চলেৰে যেন বহু কথাই কৈ যায়।

 সোণৰ বিয়া দিয়া ভনীয়েকজনীৰ লগতহে সিহঁতবোৰে বেছি কথা পাতে। এইকেইদিনতে ৰীণাই তাইৰ জীৱনত সন্মুখীন হ’বলগীয়া যুদ্ধখনৰ যেন উমান পাই গৈছে।

 পুৱাৰ ঘটনাটোৱে তাইক কথাবোৰ অলপ বেলেগকৈ ভাবিবলৈ বাধ্য কৰিছে।

(6)

 পোনাকণৰ গাটো ভাল নহয়। ৰাতিটো ভালকৈ টোপনি যোৱাই নাই। ঠান্ধাও পৰিছে। শাহুয়েকে নহৰু তেল গৰম কৰি তাক মালিচ কৰি দিছে।

 চোতালৰ মাজতে থকা প্ৰকাণ্ড আম গছজোপাৰ বাবে সিহঁতৰ ৰূমটোৰ লগতে বাৰাণ্ডাখনত ৰ’দ একেবাৰেই নুঠে। পোনাকণৰ গাত ৰ’দ অকণ লগাওঁ বুলি ৰীণাই নঙলাৰ কাষৰ ৰ’দঘাই ঠাইখিনিতে তাক কোলাত লৈ নিচুকনি গীত এটি গুণগুণাই আছিল।

 “বাঃ বাঃ... তাইৰ ফুৰ্তি চোৱা। দাদা ঢুকোৱা কেইদিননো হৈছে... একেবাৰে বাটৰ মানুহক গা দেখুৱাই গান গাব পৰা হ’লেই। নিলাজ... কুলক্ষনী... তহঁত মাক-পুতেকেই দাদাক শেষ কৰিলি... সেইটোৱেটো জন্ম হৈয়ে বাপেকৰ মূৰটো খালে।”

 আগদিনা গধূলি অহা সোণৰ ভনীয়েকে বাৰাণ্ডাৰ পৰাই কোৱা কথাকেইটা শুনি ৰীণাই একেকোবে নিজৰ ৰুম পালেগৈ।

 সোণৰ ফটোখনৰ সন্মুখত ৰৈ তাই উচুপি উঠিল।

 ঠাচ... ঠাঁচ... ঠাঁচ...

 উচপ খাই উঠিল ৰীণা..

 “মা, তই মোক আকৌ কিয় মাৰিলি..., বোৱাৰীয়েৰক শাসন কৰ। ঘৰখনটো তাই শেষ কৰিলেই এতিয়া বাকী ৰোৱা মান-সন্মানখিনিও খাব। কুলক্ষণী তাই...”

 “ছিঃ , তই এনে কথা ক’ব পৰা হলি। হ’ব, মোৰ ঘৰৰ কথা মই চিন্তা কৰিম। তই ইয়াত মূৰ ঘমাই লাভ নাই। তোৰ নিজৰ ঘৰখনৰ কথা চিন্তা কৰ।”

 মাক জীয়েকৰ তৰ্ক শুনি ৰিণা ভয়তে চুপ হৈ পৰিল।

 “নাথাকোঁ মই তহঁতৰ ঘৰত। এতিয়াই যামগৈ” বুলি ভনীয়েকে ভিতৰলৈ আহি কান্দি কান্দি বেগত কাপোৰ ভৰাবলৈ ধৰিলে।

 কথাটো বেয়া হোৱা যেন দেখি ৰীণাই দৌৰি আহি ভনীয়েকক হাতত ধৰি নাযাবলৈ কোৱাত তাই উচ্চাট মাৰি কৈ উঠিল – “আঁতৰহ মোৰ চকুৰ আগৰ পৰা... তোৰ দৰে পাপী তিৰোতাৰ মুখ চালেও অমংগল হয়।”

 ইতিমধ্যে বাহিৰত থকা শাহুয়েক ভিতৰলৈ সোমাই আহি গৰজি উঠিল,

 “মাজনী..চুপ থাক তই। এনে কথা ক’বলৈ সাহস ক’ত পালি। শিক্ষা-দীক্ষা লৈ ইয়াকে শিকিছ নেকি। নিজৰ অতীতটোক পাহৰি গলি কিয়? তোৰ এবছৰ নহওঁতেই মই এই বগা সাজযোৰ পিন্ধিছিলোঁ। কত যাতনা, কত অত্যাচাৰ, কিমান কষ্ট সহ্য কৰি তহঁত দুটাক ডাঙৰ কৰিছোঁ। সোণ যে মোৰ পেটৰ সন্তান নহয় সেই কথা মই পাহৰিয়েই গ’লো। সেই নৈপৰীয়া গঞাই মোক ডাইনী সজাই কৰা অত্যাচাৰ চা এতিয়াও মোৰ বুকুত জিলিকি আছে।”

 সেইবুলি শাহুয়েকে চাদৰখন আঁতৰাই চোলাটো টানি খুলি দিয়াত বুকুত পেটত সেৰেলা পাতি থকা দাগবোৰ দেখি দৰ্জাৰ চুকত বহি কান্দি থকা ৰীণা চক খাই উঠিল।

 উঃ কেনে ভয়ংকৰ আছিল সেই অত্যাচাৰ। চকুকেইটা জোৰেৰে ঢাকি ধৰিলে তাই।

 “মোক ক্ষমা কৰি দে অ মা” বুলি মাজনীয়ে মাকৰ গাটো চাদৰখনৰে ঢাকি দি কান্দোনত ভাগি পৰা মাকক সাৱটি [ ১৯৯ ] ধৰিলে।

 “নাই নাই আই, তোক মই তেনে অৱস্থাত পৰিব দিব নোৱাৰোঁ... আহ আহ তোক মোৰ চাদৰ তলত সুমুৱাই ৰাখিম। সেইখন সমাজৰ সন্মুখত তই সাহসী হ’ব লাগিব... তই জীয়াই থাকিব লাগিব মূৰ দাঙি... “ মুখেৰে বিৰবিৰাই বিৰবিৰাই শাহুয়েকে ৰীণাক এখন হাতেৰে কাষলৈ টানি আনিলে।

 ৰীণাৰ এনে লাগিল যেন শাহুয়েকৰ চকুত ভয়াবহ অতীতৰ ছবিখন ভাহি উঠিছে আৰু তাইক যেন সেই ভয়াৱহতাৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ নিজক শক্তিশালী বটবৃক্ষৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

(7)

 সময় বাগৰি থাকিল। পোনাকণো এবছৰীয়া হ’ল। সোণৰ পেন্সনৰ বাবে কেইবাবাৰো তাই আৰু শাহুয়েক স্কুলৰ হেড ছাৰৰ লগত চহৰলৈ অহা যোৱা কৰিলে। শেষত কিবাকৈ কামটো হ’ল।

 সোণৰ স্কুলৰ ছাৰ বাইদেউসকলে সিহঁতৰ খবৰ ৰাখে। পোনাকণকো মৰম কৰে। আইতাকে তাৰ নাম ৰাখিছে আকাশ। আকাশৰ দৰে বহল, ওখ, উজ্জ্বল হ’ব বোলে সি। তাৰ মৰমলগা মুখখন, হাঁহিটো, ঠুনোক ঠানাক মাতটো, টোপোক টাপক খোজকেইটাত ৰীণা আৰু আইতাকৰ বুকু ভৰি উঠে। দুয়োজনী যেন আকাশৰ কাৰণেই পুনৰ প্ৰাণ পাই উঠিছে। মাজতে মাক আহি ৰীণাক ঘৰলৈ লৈ গৈছিল। প্ৰায় এমাহ ঘৰত থাকি তাই বুজি পালে, বিয়া দিয়াৰ পিছত এইখন ঘৰ নিজৰ হৈ নাথাকে। ভাইবোৱাৰীয়ে যেন তাইক প্ৰাকে প্ৰকান্তৰে বুজাবলৈ চেষ্টা কৰিলে বিধৱা হৈ আহি ভায়েকৰ কান্ধৰ বোজা হৈছে তাই। বোৱাৰীয়েকৰ মনৰ অশান্তি বুজিব পাৰি মাকেও ৰীণাক ৰাখিবলৈ চেষ্টা নকৰিলে। আলহীৰ দৰে মাজে মাজে খবৰ বাতৰি ল’বলৈ আহি থাকিম তহঁতবোৰেও আমাৰ খবৰ ৰাখিবি বুলি ৰীণা নিজৰ ঘৰখনলৈ ঘূৰি আহিল। শাহুয়েকেও মনত বৰ ভাল পালে। আকাশক এৰি অকলে মানুহজনীৰ সময় নাযায় নোপোৱাই হৈছিল।

 এইখন ৰীণাৰ শাহুয়েক মাকণৰ মাকৰ গাঁও। শাহুয়েকৰ মাকৰ ল’ৰা নাছিল। তিনিজনী ছোৱালী। বাপেকে পিছত ল’ৰাৰ আশাত বেলেগ এজনী বিয়া কৰাই সিহঁতক এইটো ঘৰত ৰাখিছিল। ৰিণাৰ শাহুয়েক মাকণ আছিল সৰু। দেখাটো বৰ শুৱনি আছিল। ডাঙৰ বায়েকজনীৰ বিয়াৰ পিছতে বায়েকৰ সম্বন্ধীয় দেওৰেক এজনৰ লগত তাইৰ মন মিলাত দুয়ো পলাই গৈ সংসাৰ আৰম্ভ কৰিলে। সিফালে কিছুদিন পাছত ঘৰত থকা মাজু বায়েকৰ লগত গাঁৱৰে চিকিৎসালয়খনৰ কম্পাউণ্ডৰজনৰ লগত সম্বন্ধ স্থাপন হয়। কম্পাউণ্ডৰজনৰ ঘৰ নামনিৰ ফালে আছিল। কেউ কিছু নোহোৱা বুলি তেওঁ ইয়াতে থাকিবলৈ ল’লে। গাঁৱৰ নামঘৰতে সেৱা জনাই ৰাইজক সাক্ষী কৰি দুয়ো সংসাৰ আৰম্ভ কৰিলে।

 মাকণৰ শহুৰেকৰ ঘৰখন অৱস্থাপন আছিল যদিও গিৰিয়েকৰ বাহিৰে ঘৰৰ আন মানুহবোৰে তাইক ভাল চকুৰে চোৱা নাছিল। বিয়াৰ দুইবছৰ লৈকে সন্তানৰ মুখ নেদেখাত বাজি তিৰোতাবুলি তাই নানা মানসিক অত্যাচাৰৰ সন্মুখীন হৈছিল। চকুৰ পানীৰে মাকণৰ বাট নেদেখা অৱস্থা হৈছিল। লাহে লাহে গিৰিয়েকেও তাইক বেয়া চকুৰে চাবলৈ ধৰাত পকা থেকেৰা হেন দুগাল গাঁতত সোমাইছিল। তেনেতে ভগৱানৰ কৃপা দৃষ্টি পৰাত মাকণ মাক হ’বলৈ ওলাল। গিৰিয়েকৰ লগতে ঘৰৰ আন মানুহবোৰৰো মনবোৰ ফৰকাল হ’ল। নাই, তাইৰ এই সুখ দীৰ্ঘস্থায়ী হ’বলৈ নাপালে। ল’ৰা সন্তানৰ আশাত বন্দী পৰিয়ালটোত ছোৱালীজনী জন্ম দি যেন তাই কিবা নকৰিবলগীয়া কাম এটাহে কৰিলে তেনে পৰিস্থিতিৰ সৃষ্টি হ’ল। মাকণৰ এনে দুৰ্ভাগ্যৰ দিনবোৰৰ মাজতে ছোৱালী জনী জন্মৰ সাত মাহ পিছতে তিনিদিনীয়া জ্বৰত ভূগি গিৰিয়েকটো সিফলীয়া হ’ল।

 ভাগ্যৰ বিড়ম্বনাত মাকণৰ দুখ কোলাই পাচিয়ে নধৰা হল। মাকণক চকুপাৰি দেখিব নোৱাৰা ঘৰখনে তাইৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ লগতে গাঁৱৰ ৰাইজেও তাইক কুলক্ষণী নষ্ট চৰিত্ৰৰ তিৰোতা বুলি অপবাদ জাপি দিলে।

 তেনে এক পৰিস্থিতিৰ মাজতে মাকণৰ জীৱনলৈ নামি আহিছিল এক ভয়াবহ অমানিশা। যিটো নিশাই তাইৰ জীৱনলৈ এক আমূল পৰিবৰ্তন কঢ়িয়াই আনিছিল।

(8)

 ভৰ বাৰিষাৰ সময়। সেইবাৰ বৰষুণে ভালকৈয়ে সতা ধৰিছিল। এসপ্তাহ ধৰি দি থকা নেৰা নেপেৰা বৰষুণ জাকত নৈখনো লাহে লাহে উফন্দি আহিছিল। নৈপৰীয়া গাঁওখনৰ মানুহবোৰৰ চকুৰ টোপনি হৰিছিল। মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি পথাৰখন পানীয়ে বুৰাই পেলোৱাত গল্প ৰাইজৰ তেনে এক পৰিস্থিতিত মাকণৰ ওপৰত অত্যাচাৰ কৰিবলৈ যেন [ ২০০ ] সকলোৱে পাহৰি আছিল। মাকণেও কেঁচুৱাজনীক বুকুতে লৈ ঘৰুৱা কামবোৰ কৰি ফুৰিছিল। হঠাৎ তাই মন কৰিলে মানুহবোৰে তাইক লৈ কথাবোৰ অলপ বেলেগ ধৰণে বিচাৰ কৰিবলৈ ধৰিছে। তাইৰ কাণত পৰা এটা বিশেষ শব্দত বুকুখনত শিলে বিন্ধা দি বিন্ধিবলৈ ধৰিলে। এক অজান আশংকাত ভয়তে তাইৰ পেটত হাত ভৰি লুকাল।

 মাকণৰ দুখৰ সমভাগি হোৱা একমাত্ৰ মানুহ সিহঁতৰ হালোৱা ককাইজনে পানী খোৱাৰ চলেৰে এদিন কানি মুনি সন্ধিয়া তাইক কাণে কাণে ক’লে,“বোলো বোৱাৰী অ, কথাবোৰ বুজিছনে। এই বাৰিষাৰ অথন্তৰৰ বাবে ৰাইজে তোক জগৰীয়া সজাইছে। সুবিধা বুজি তই কেঁচুৱাকণক লৈ পলাই যাগৈ, কোন মুহূৰ্তত জাঠি জোং লৈ আহে একো ঠিকনা নাই।”

 হালোৱা কাইৰ পৰামৰ্শ মতেই মাকণে সেইদিনা মাথাউৰীৰ কাষৰ লুংলুঙীয়া ৰাস্তাটোৰে পলাই যোৱাৰ কথা আছিল। ৰাতিপুৱাৰ পৰাই সিহঁতৰ ঘৰৰ পৰিৱেশটো গমগমীয়া হৈ আছে। মাকণক কোনেও একো এটা কামো পোছা নাই। তাইক দেখিলেও যেন পাপ হ’ব এনে এক মনোভাৱ সকলো তাইৰ পৰা আঁতৰি ফুৰিছে। ভয়াবহ পৰিস্থিতিৰ উমান পাই মাকণে ছোৱালীজনীৰ কাপোৰকেইটামান লগতে দুই এটা বস্তু চাদৰ এখনেৰে বান্ধি সাজু হৈ থাকিল আন্ধাৰ নমালৈ।

 এনেতে গাঁৱৰ ডেকা দুটামান আহিল মাকণক নিবলৈ, কালী মন্দিৰৰ চোতালত বোলে ৰাইজ মেল বহিছে।

 তাই সুধিলে, “মই কি কৰিছো।”

 “কি কৰিছ তই, তাত গ’লেই জানিবি বল।”

 সেইবুলি দাবি ধমকি দি লৰাকেইটাই তাইক সিহঁতৰ লগতে লৈ গ’ল।”

 মন্দিৰ পোৱাৰ লগে লগে এনে লাগিল তাইক চাবলৈকে যেন সকলো ৰৈ আছে। কালী বাবাজনে তাইক দেখাৰ লগে লগেই কৈ উঠিল, “এইৰ কাৰণেই আমাৰ খেতিবোৰ নষ্ট হৈছে, পানী বাঢ়িছে, এই মন্ত্ৰ কৰিছে, এইক গাঁৱৰ পৰা খেদিব লাগিব। এই ডাইনী”।

 লগে লগে উত্তেজিত হৈ থকা মানুহবোৰে তাইক মাৰিবলৈ খেদি আহিল। ছোৱালীজনীক বুকুৰ মাজত সাৱটি তাই দৌৰিবলৈ চেষ্টা কৰিছে যদিও মানুহবোৰে তাইক ষাঠি জুঙ লৈ পিছে পিছে খেদি আহিল। মানুহবোৰৰ পাশবিক অত্যাচাৰত তাই তেজেৰে ৰাঙলী হৈ পৰিল। ছোৱালীজনীক কোনেনো বুকুৰ মাজৰ পৰা আঁতৰাই নিলে তাই ধৰিবই নোৱাৰিলে। যেতিয়া তাই চকু মেলিলে আন্ধাৰ নামিছিল, মানুহবোৰ আঁতৰি গৈছিল। ঘন বাঁহনীডৰাৰ মাজত তাই নিজকে পৰি থকা দেখিলে। কাৰোবাৰ মাতত মাকণ চক খাই লুকাবলৈ চেষ্টা কৰিলে।

 “মইহে , এইক ল, তোৰ পৰা ময়ে তাইক আঁতৰাই নিছিলো, নহ’লে এই বাছি নাথাকিলহেঁতেন। এতিয়া ইয়াৰ পৰা পলাই যাগৈ। আকৌ আহিব নহ’লে মানুহমখা। এই বাঁহনী ডৰাৰ সিফালেই নৈখন। নৈ পাৰ হ’ব পাৰিলে তোৰ একো ভয় নাই। এতিয়া যা” হালোৱা ককাইয়ে ছোৱালীজনীক তাইৰ কাষতে দি আঁতৰি গ’ল।

 তেজৰ ডোঙা বন্ধা, ক্ষত বৃক্ষত শৰীৰটো লৰচৰ কৰিব পৰা অৱস্থাত নাছিল মাকণ। তথাপি কিবা এক অদৃশ্য শক্তিৰ সহায়ত বিষে ভাগৰে দাঙিব নোৱাৰা দেহাটোক ছোৱালীজনীৰ সৈতে টানি টানি ঘন আন্ধাৰ বাঁহনীৰ মাজে মাজে গৈ নৈৰ পাৰ পালেগৈ। দূৰৈত আকৌ মানুহৰ হুলস্থুল শুনাত মাকণে বাৰিষা কোনোবাই সাজি থোৱা কলৰ ভুৰ এখনতে উঠি দিলে।

 তাৰ পিছত মাকণৰ আৰু মনত নাই।

 সম্পূৰ্ণ তিনিদিনৰ পিছত মাকণে চকু মেলিছিল নিজৰ এইখন ঘৰৰ বিছনাত। তাই উঠা কলৰ ভুৰখন বোলে ভাগ্যক্ৰমে তাইৰ চিনাকি নিজৰ গাঁৱৰ মানুহ এজনেই পাইছিল আৰু তাইক মাকৰ ঘৰলৈ লৈ আনিলে। বহুত চিকিৎসাৰ অন্তত মাকণ সুস্থ হৈ উঠিল আৰু থাকি গ’ল ইয়াতেই... এইখন ঘৰতেই।

 ঘৰত থকা মাজু বায়েকৰ ভিনিহিয়েক জন বহু দিনেই হৈছিল ঘৰলৈ যাওঁ বুলি কৈ উভতি নহা। বায়েকৰ ল’ৰা সোণ তেতিয়া দুবছৰীয়া।

 গিৰিয়েকৰ চিন্তাত মাজু বায়েকজনীও জুপুকা মাৰি থকা হ'ল। সোণ আৰু মাজনী মাকণৰ চাদৰত ধৰিয়েই ডাঙৰ হ'বলৈ ধৰিলে। হঠাৎ এদিন বায়েক জনীও ঘৰৰ পৰা নোহোৱা হ’ল। গাঁৱৰ মানুহে বহুত বিচাৰিলে যদিও তাইৰ একো শুংসূত্ৰ নাপালে।

 সোণ আৰু মাজনীক লৈয়েই মাকণৰ জীৱন ৰথৰ চকা ঘূৰি থাকিল। অতি কষ্টৰে তাই দুইটাকে ডাঙৰ কৰিলে। [ ২০১ ] সময়ত মাজনীক এঘৰলৈ বিয়া দি উলিয়াই পঠালে।

 ৰীণাই এইবোৰ কাহিনী শাহুয়েক মাকণৰ মুখৰ পৰাই শুনিছে।

(9)

 শাহুয়েক মাকণৰ অতীতৰ সংগ্ৰামী জীৱনটোৰ কথা জনাৰ পৰা ৰীণাৰ মানুহজনীৰ প্ৰতি মৰম শ্ৰদ্ধাৰ ভাৱত বুকুখন আগতকৈ আৰু অধিক গদগদিয়া হৈ পৰিছে। ইমান দুখ যন্ত্ৰণাৰ পিছতো মানুহজনীয়ে যে কেনেকৈ ইমান সবলভাৱে সংসাৰখন আগবঢ়াই নিছে, ভাবিলে আচৰিত লাগে তাইৰ। শাহুয়েকৰ সাহসেৰে তাইও সোণৰ অবিহনে জীয়াই থকাৰ সাহস পাইছে।

 সোণেও বোলে কেতিয়াৰ পৰা মাকণক মাহী গুচি মা মাতিবলৈ ল’লে মানুহজনীয়ে নিজেই ধৰিব নোৱাৰিলে। ৰিণাইও সেই কথা এতিয়াহে জানিলে।

 মাক আইতাকৰ মৰমৰ মাজত আকাশ ডাঙৰ হৈ আহিল। সময়বোৰ বতাহৰ লগত উৰি গৈ থাকিল।

 আগতে সোণ থাকোতে সিহঁতৰ মাটিকেইডৰাত নিজেই খেতি কৰিছিল। তাৰ কৰ্মঠ পৰিশ্ৰমী হাতৰ পৰশত বছৰলৈ ভাতৰ চিন্তা কৰিব লগা হোৱা নাছিল। বাৰীখনটো তামোল-পান, ফলমূল, শাক-পাচলিৰ আকাল নহৈছিল। সোণৰ স্কুলৰ চকীদাৰী চাকৰিটোৰ সৈতে সৰু পৰিয়ালটো সুন্দৰভাবেই চলি গৈছিল।

 এতিয়া মাটিখিনি আধি দিছে। বাৰমাহৰ জোখাৰে চাউল নোপোৱাই হৈছে। শাহুয়েকে বাৰীত শাক-পাচলি লগাই, হাঁহ-পাৰকেইটামান পুহিবলৈ লৈছে। ৰীণাকো শালখন পাতি দিছে। দুখনমান কাপোৰকে বব পাৰিব। যিহে বস্তুৰ জুই চাই দাম সাধাৰণ মানুহ চলিবলৈকে টান হৈছে।

 বিয়াৰ আগে আগে সোণে পুৰণি ঘৰটো কিছু সালসলনি কৰি টিং দিয়া চাৰিটা কোঠাৰ ঘৰটো সাজিছিল। গা-ধোৱা ঘৰতোও ইটাৰে বেৰি দিছিল।

 এতিয়া তাৰে এটা কোঠা এনেই পৰি থকাত স্কুলৰ প্ৰধান ছাৰৰ উপদেশ অনুসৰি স্কুলত নতুনকৈ জইন কৰা আৱিয়ৈ ছোৱালীজনীক থাকিবলৈ দিছে। শিক্ষয়িত্ৰীগৰাকীৰ বয়স কম। ঘৰলৈ অহা যোৱা কৰিবলৈ দূৰ হোৱাত ইয়াতে থাকি কিছুদিন চাকৰি কৰিব।

 মাকণে প্ৰথমে কথাটোত মান্তি হোৱা নাছিল। গাভৰু ছোৱালী। তাতে আকৌ মতা মানুহ নোহোৱা ঘৰ। ৰিণাক লৈয়ে তাইৰ আজিকালি চিন্তা বেছি। অকলে এৰি থৈ ক’লৈকো নাযায়। আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। ঘনে ঘনে সিহঁতৰ খবৰ লবলৈ আহি থকা মনেশ্বৰ, ৰত্ন, নামঘৰীয়াৰ পৰা আধি কৰা হালোৱাতোলৈকে সকলোৰে চকু যে ৰীণাৰ ওপৰত তাই জানে। ৰীণাই অৱশ্যে সিহঁতক পাত্তা নিদিয়ে। সিহঁতবোৰ আহিলে পৰাপক্ষত তাই নোলায়।

 এতিয়া আকৌ এজনী ছোৱালীক ৰাখিবলৈ মাকণে ভয় কৰিছিল। পিছে তাই হেড ছাৰৰ কথা পেলাব নোৱাৰে।

 হেড ছাৰ আৰু মৌজাদাৰ খুৰা এই দুজন মানুহক তাই যথেষ্ট সন্মান কৰে আৰু এই দুজনকেই তাই সিহঁতৰ প্ৰকৃত শোভাকাংক্ষী বুলি ভাৱে। তাতে আকৌ ছাৰে ৰিণাক ভাত ৰান্ধনী পোষ্টটোত সুমুৱাই দিয়াৰ কথাও কৈ আছে। মন নাথাকিলেও মাকণে ছোৱালীজনীক ঘৰটোত থাকিবলৈ সুবিধা কৰি দিলে। ৰীণাৰ অৱশ্যে ভালেই লাগিল। কথা পাতিবলৈ লগ এটাকে হ’ব আৰু পোনাকণকো পঢ়া শুনা অলপ চাই দিব পাৰিব।

 লাহে লাহে বন্দিতা মানে সিহঁতৰ ঘৰত থকা শিক্ষয়িত্ৰীগৰাকী সিহঁতৰ ঘৰৰ ভিতৰৰ আপোন মানুহ হৈ পৰিল। মাজতে মাকণৰ বৰ অসুখ গ’ল। বন্দিতাই লগত নি তাইক গুৱাহাটীত দেখুৱাই আনিলে।

 পোনাকণকো স্কুলত নাম লগাই দি ৰীণাই গাঁৱৰে মহিলা সমিতিৰ আত্মসহায়ক গোট এটাত যোগ দি পিঠা, লাৰু বনোৱা কামত লাগিছে। মাকণ আজিকালি ঘৰৰ পৰা বেছিকৈ বাহিৰলৈ ওলাব নোৱাৰে। পিঠিৰ বিষটোৱে তাইক বৰ যন্ত্ৰণা দিছে। এতিয়া ৰিণাই ঘৰৰ ভিতৰ-বাহিৰ চোৱাচিতা সমস্ত কৰিবলগীয়া হৈছে। আগতে বেছি বাহিৰলৈ নোলাই বাবে ৰীণাক বাহিৰৰ মানুহে ভালকৈ নেদেখে। এতিয়া তাইৰ গাভৰু ৰূপটো বহুতৰে চকুত লাগিছে। আজিকালি ৰীণাৰ সেয়ে সোণলৈ বৰকৈ মনত পৰে। আজি সি যদি থাকিলহেঁতেন..., আকাশেও লগৰ ল’ৰা-ছোৱালীৰ দেউতাকবোৰক দেখি তাৰ দেউতাকৰ কথা বৰকৈ সুধি থাকে আজিকালি।

 প্ৰায়েই ৰাতি অকাশখনলৈ চাই সি সোধে, “মা, দেউতা তৰা আনিবলৈ কিয়নো গ’ল। আমাৰ লগতেই থাকিব [ ২০২ ] পাৰিলেহেঁতেন?“

 তেনে সময়ত ৰীণাই তাক বুকুত সোমোৱাই কৈ যাই... তৰাৰ দেশৰ বহুতো মনে সজা কাহিনী। দেউতাকে তৰাৰ দেশৰ পৰা তালৈ চাই থকাৰ কথা কয়। শেষলৈ সি টোপনি যায় আৰু দুচকুত বেজাৰে ভিৰ কৰেহি।

(10)

 মাকণৰ গাটো বৰকৈ ভাল লাগি নাথাকে। সেয়ে সিদিনা ৰীণাক ক’লে বোলে – “যাচোন, নামঘৰতে তামোল-পান এযোৰ দি আহগৈ। মোৰ গাটো কিবা ভালেই নোহোৱা হ’ল দেখোন। কিবা দাই দোষ আছে যদি মাৰ্জনা হ’ব।”

 ৰীণাই বৃহস্পতিবাৰৰ দিনা গধূলি গা পা ধুই তামোল-পান, ধূপ, চাকি-বন্তি যোগাৰ কৰি আকাশকে লগত লৈ নামঘৰ লৈ গ’ল। নামঘৰীয়াৰ সিদিনা আকৌ গা বেয়া বাবে আহিব নোৱাৰাত হৰি খুড়াই নামঘৰৰ কাম কৰি আছিল। দুয়ো গৈ নামঘৰৰ বাটচ’ৰাৰ কাষৰ কুঁৱা পাৰতে ভৰি-হাতকেইটা ধুই ল’লে। নামঘৰটো দেখিলেই ৰীণাৰ বুকুখনত শোকে খুন্দা মাৰি ধৰে। পৰাপক্ষত তাই ইয়ালৈ আহিবলৈ ভয়েই কৰে। এনে লাগে যেন সোণ ইয়াতে ক’ৰবাত লুকাই আছে।

 ৰীণাই বাহিৰৰ পৰাই সেৱা কৰিলে। আকাশে তামোল-পানখিনি হৰি খুড়াক দি নামঘৰৰ ভিতৰলৈ সোমাই গ’ল। খন্তেক পিছতে দবাৰ ধ্বনিত চৌদিশ কঁপি উঠিল। গভীৰ ভক্তিত ৰীণাৰ চকু সেমেকি উঠিল। ধূপধুনাৰ গোন্ধই পৰিৱেশটো গধুৰ কৰি তুলিলে।

 অলপ পিছতে আকাশ ওলাই আহিল। সি ক’লে, “মা, হৰি ককা আমাৰ লগতে যাব ঘৰলৈ একেলগে যাম বুলি কৈছে। অকণমান ৰ’বলৈ কৈছে। এইখিনি ৰাস্তা আন্ধাৰ যে।”

 “আমি যাব পাৰিম, বল।”

 “নহয় মা, ককাই বেয়া পাব। একেলগেই যাম”

 অগত্যা ৰীণা ৰৈ দিলে আকাশৰ কথাত। নামঘৰৰ কামখিনি সামৰি মূল দুৱাৰখন মাৰি হৰি খুড়া ওলাই অহালৈ কিছু সময় ললে। কৃষ্ণ কৃষ্ণকৈ ওলাই অহা খুড়াই সিহঁত ৰৈ থকা দেখা পাই অতি উৎসাহেৰে হাঁহি মাৰি আকাশক সাৱটি ধৰিলেহি। ৰীণাৰ খুড়াৰ এই কাণ্ডটো অলপো ভাল নালাগিল।

 হৰি খুড়া আৰু আকাশ আগে আগে ৰীণা অলপ পিছে পিছে ঘৰলৈ বাট ল’লে। আকাশৰ লগত কথা পাতি গ’লেও খুড়াৰ চকু যে তাইৰ ওপৰত আছিল তাই ঠিকেই ধৰিব পাৰিলে। চাদৰখনেৰে গাটো ভালকৈ ঢাকি ল’লে তাই। কেতিয়ানো খুড়া আহি তাইৰ একেবাৰে কাষ পালে ধৰিবই নোৱাৰিলে তাই। ঠাইখিনি অলপ আন্ধাৰো।

 “ইমান কম বয়সতে এই বগা সাজ পিন্ধিব লগা হ’ল। বৰ ধুনীয়াজনী হৈ আছ তই। বিপদে-আপদে আমি আছোঁ দে।” এইবুলি কথাকেইটা কৈ খুড়াই পিঠিত হাত বুলাই দি আৰু অলপ কাষ চাপি আহিব খোজাত জিকাৰ খাই উঠিল ৰীণা।

 গাৰ জোৰেৰে তাই ঠেলা এটা মাৰি দিয়াত তৎ ধৰিব নোৱাৰি খুড়া ৰাস্তাৰ মাজতে লুটি খাই পৰিল। আকাশেও যেন কিবা এটা বুজি পালে।

 “অ ককা, ভালকৈ চাই চিতি খোজ দিব লাগে। নহ’লে পৰিবই। সাৱধান দেই। মা অকলশৰীয়া নহয়।”

 এই বুলি খঙৰ ভমকত কোবাকুবিকৈ খোজ লোৱা মাকৰ পিছে পিছে আকাশে ল’ৰ দিলে। এই ঘটনাটো মাকে আইতাকক কৈছে নে নাই সি নাজানে। কিন্তু এদিন দুপৰীয়া মাক নাথাকোতে সি আইতাকক ক’লে। আইতাকে তাক বহুত কথাই বুজালে সেইদিনা। সিও যেন কম সময়তে একেবাৰে বুজনটো হৈ উঠিল। মাকৰ ছাঁ হৈ থাকিবলৈ ধৰিলে। তাক ধমকি এটা দিয়াৰো সি সুবিধা দিব নিবিচাৰি প্ৰতিটো কামেই মাকে ভালপোৱাধৰণে নিখুঁতকৈ কৰিবলৈ ধৰিলে। বন্দিতা পেহীৰ ওচৰত পঢ়িবলৈ যাবলৈও বেয়া নোপোৱা হ’ল।

 অলপদিনৰ পিছতে মাকণ ঢুকাই থাকে। সেইদিনাৰীণাই হিয়া ঢাকোৰি কান্দিলে। ইমান দিনে মনে মনে টোকা চকুলো যেন মুকলিকৈ ওলাই আহিল। মূৰৰ ওপৰৰ চালিখন নোহোৱা হোৱাত ৰীণা নিথৰুৱা হৈ পৰিল। শাহুয়েক মাকণ আছিল তাইৰ সাহস, প্ৰেৰণ, ভৰসা। প্ৰতিটো কামেই মাকণক সুধি কৰা ৰীণা মাকণৰ অবৰ্তমানত সন্দিহান হৈ পৰিল। তথাপিও নিজক কিছু সংযত কৰি ধৈৰ্যৰে মৃতকৰ কামখিনি ৰাইজ আৰু বন্দিতাৰ ঘৰখনৰ সহযোগত সুকলমেই সমাপন কৰিলে।

 বন্দিতা আৰু তাইৰ ঘৰখন ৰীণাৰ অন্যতম সাৰথি হৈ পৰিল। হেড ছাৰৰ সহযোগত স্কুলৰ ৰান্ধনী চাকৰিটো তাই [ ২০৩ ] পালে। হলা গছ দেখিলে কুঠাৰ মৰা আমাৰ সমাজৰ নিয়ম। কিন্তু তাই সাহস, ধৈৰ্য আৰু নেদেখাজনৰ আশীৰ্বাদত সকলো উফৰাই আগুৱাই গৈ থাকিল এই কন্টকময় জীৱন বাটত। এটাই লক্ষ্য, আকাশক মানুহ কৰা।

 বন্দিতাৰো বিয়া হ'ল। বন্দিতাৰ বিয়ালৈ গৈছিল ৰীণা আৰু আকাশ, স্কুলৰ ছাৰ বাইদেউহঁতৰ লগত ভাড়া কৰা গাড়ীত। ছাৰ বাইদেউহঁত বিয়া খাই উভতি আহিছিল যদিও বন্দিতাৰ কথা পেলাব নোৱাৰি মাক-পুতেক দুয়ো থাকিল। পিছদিনা গাড়ীত দুয়োকে বন্দিতাৰ ককায়েকে উঠাই দিলেহি। ঘৰখনৰ উলহমালহত বহু দিনৰ মূৰত ৰীণাই প্ৰাণ খুলি হাঁহি এটা মৰাৰ সুবিধাকণ পালে।

 বিয়াৰ অলপদিনৰ পিছত বন্দিতাৰ চাকৰিটোৰে অন্য এখন স্কুললৈ বদলি হ'ল। তাই যাবলৈ ওলোৱাত ৰীণাৰ হাত এখন চিঙাৰ দৰে হ'ল। দুইজনীয়ে সাৱতা-সাৱৰ্টিকৈ বহুত কান্দিলে। অকাশৰো খুব বেয়া লাগিল। কম সময়তে গাঁওখনৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা বন্দিতাই মাজে মাজে আহি থকাৰ প্ৰতিশ্ৰুতি দি বিদায় ললে।

 লাহে লাহে আকাশ ডাঙৰ হৈ আহিল। পঢ়া শুনাত সি ভাল। ক্লাছত সদায় প্ৰথম হয়। তাক লৈ ছাৰ-বাইদেউহঁতৰ বহুত আশা।

 হাতযোৰ কৰি ৰিণাই ওপৰলৈ চায়... “তোমালোকে আমাক দেখি আছা... আশীৰ্বাদ দিবা.. পোনাকণক যেন মই মানুহ কৰিব পাৰো।” সুবিধা পালেই ওলাই আহিব খোজা চকু পানী সৰ সৰাই নামি আহে।

 “খুৰী, খুৰী.. আকাশ দাদাৰ ৰিজাল্ট দিলে। সি প্ৰথম দহ তাৰ ভিতৰত চতুৰ্থ হৈছে। আহক সোনকালে আপুনি.. স্কুলৰ ফিল্ডত বহুত মানুহ গোট খাইছে...

 নঙলা মুখৰ পৰাই পোনাকণত কৈ এবছৰ সৰু ৰণে চিঞৰ মাৰি তাইক কোৱা কথাষাৰে বুকুখন আকৌ গধুৰ কৰি তুলিলে ৰিণাৰ।

 “প্ৰভু, মোৰ প্ৰাৰ্থনা শুনিলা তুমি... মা, সোণ... এইয়া তোমালোকৰেই কৃপা... আকাশ নামটোৰ মান ৰাখিলে মা।”

 সুখৰ চকু পানীৰে দুগাল তিয়াই থাপনাখনত মূৰটো দোৱাই ৰিণা লাহেকৈ উঠি আহিল। সুখানুভূতিৰ এক আভাই ৰিণাক বগা পুৰণি সাজ জোৰেৰেই অতি উজ্জ্বল দেখা গ'ল। ঠিক ধুমুহাই ধুই নিয়া পিছত দেখা ফৰকাল আকাশখনৰ দৰেই...।

 

অৰ্দ্ধ আকাশ মানে যত নিজক বিচাৰি পাওঁ, অৰ্দ্ধ আকাশ মানে।
য'ত প্ৰকাশ কৰিব নোৱাৰা সমস্যাৰ সমাধান পাওঁযত জীয়াই থকাৰ উৎস বিচাৰি পাওঁ,
ভাগৰুৱা মন পখীৰ জিৰণি ল'বলৈ থল বিচাৰি পাওঁ।

—কাকলি নাথ গগৈ—

[ ২০৪ ]

ক্ষোভ

ৰাজশ্ৰী গোস্বামী

 “পেহী উঠকচোন ,এইয়া কোন আহিছে চাওঁকচোন।” ভতিজা বোৱাৰী নিশাৰ মাতত কামিনি দেৱীয়ে মূৰ তুলি চালে ।“কোননো মই ধৰিব পৰা নাই অ।” “আই মই ৰক্তিম, আপোনাৰ নাতি। মানে আপোনাৰ সৰু দেওৰৰ নাতি।”সৰু দেওৰ, সৰু দেওৰ একোৱেইচোন মনত নপৰে তেওঁৰ। শহুৰ শাহু, স্বামী-দেওৰ এইবোৰটো একেবাৰে অচিনাকি শব্দ কামিনি দেৱীৰ বাবে। সুদীৰ্ঘ পয়সত্তৰ বছৰৰ মূৰত ক'ৰপৰা আহিল এই সম্বন্ধৰ মেৰছে।  ঘৰখনৰ একমাত্ৰ ছোৱালী কামিনি। ককায়েক মাধৱ। সকলোৰে আলাসৰ লাৰু। খেলা ধূলা কৰি অনৱৰতে চিত পখিলিজনীহৈ ঘূৰি ফুৰে। একো কথাই গাত নালাগে। ঘৰত আলোচনা হয় দহ বছৰীয়া হল’হি, কোনদিনা শান্তি হয় ঠিক নাই। ভাল ল'ৰা এটা পালে দি দিব লাগে। বামুণৰ ছোৱালী বিয়াৰ আগতে শান্তি হলে চাৰিওফালে ৰৌজাল বৌজাল হ'ব। সমাজত মুখ উলিয়াব নোৱৰা হ'ব। বিচাৰ খোচাৰ কৰি এটা ল'ৰাৰ সম্ভেদ পোৱা গ'ল। ল’ৰাই ইন্টাৰ পঢ়ি আছে। দেউতাকহঁতে গৈ ঘৰ- বাৰী চাই আহিলগৈ। ঘৰৰ ডাঙৰ ল'ৰা, ভায়েক তিনিটা, ভনীয়েক দুইজনী। অৱস্থাপন্ন মানুহ, অপচন্দ হোৱাৰ কোনো কাৰণ নাই। সকলোৱে মিলি বিয়াৰ দিন বাৰ ঠিক কৰিলে। মাকহঁতৰ গাত ততেইনাই। এনেয়ে বুঢ়ীনাচনি তাতে আকৌতিনিয়েকৰ বিয়া। সকলোৰে এটাই চিন্তা ছোৱালীজনীৰ বিয়াখন কোনেও মুখ খুলিব নোৱৰাকৈ পাতিব লাগিব।

 কামিনিৰ ফুৰ্তিত ত'ত নাই। সকলোকে কৈ ফুৰে “মোৰ বিয়া। নতুন নতুন কাপোৰ দিব, গহনা দিব, কিমানযে ভাল লাগিব।” তাইৰ কথাত সকলোৱে মুখটিপি হাঁহে। কণমানি ছোৱালীজনীয়ে কি বুজিব বিয়াৰ অৰ্থ। বিয়াৰ আগদিনা জোৰোণ। আহিল। সোণৰ অলংকাৰ, নতুন কাপোৰবোৰ দেখি তাই আনন্দত আত্মহাৰাহৈ পৰিছে। ইটো পিন্ধি চাইছে, সিজোৰ কাপোৰ সলাইছে। গাঁৱৰ জীয়ৰী-বোৱাৰীবোৰে হাঁহি-ফুৰ্তিৰে জাত জাত বিয়া নামেৰে মুখৰিত কৰি তুলিছে ৰভাতল। পিছদিনা বিয়া। বিয়াৰদিনা দিনটো লঘোনে-ভোকে থকাৰ বাবে সন্ধিয়াতে কামিনি টোপনিত ঢলি পৰিল। দৰা আহি পালেহি। বিয়া নাম, ঢোলৰ মাত একোতেই তাই সাৰ নোপোৱাত ককায়েকে হোমৰ গুৰিলৈ ডাঙি আনিলে। বিয়াহৈ গ'ল তাই একো গমেই নাপালে। ৰাতিয়ে দৰাঘৰীয়া মানুহবোৰ ঘূৰি গ'ল। সিদ্ধান্ত হ’ল শান্তিহোৱাৰ পিছত তাইক লৈ যাব। পিছদিনাৰ পৰা কামিনি পুনৰ মুক্তবিহংগ। তাইৰ দিনৰ্যাত এক নতুন কাম সংযোজন হ’ল। পুৱা গাধুই উঠিয়েই আইনাখনৰ সন্মুখত ৰৈ গহনা-গাথৰি পিন্ধি ধুনীয়াকৈ সেন্দুৰৰ ফোট লোৱাটো। তাইৰ কামবিলাক চাই থাকি মাকে বৰ আনন্দ পায়। কেতিয়াবা সকলোৰে অজ্ঞাতে চকুলো টোকে, আৰুনো কেইটা দিন বুকুৰ মাজত থাকিব। দিনবোৰগৈ থাকিল। মাজে মাজে শহুৰৰ ঘৰৰ দুই এজন মানুহ আহে। কিন্তু দৰাজন এদিনো অহা নাই। কোনোবাই দৰাৰ বিষয়ে সুধিলে তাই নিমাতহৈ ৰয়। তাইযে তেওঁক দেখাই নাই। হোমৰ গুৰিটো নেদেখিলে।

 কামিনি বাৰ বছৰত ভৰি দিলেহি। লগৰীয়াবোৰৰ লগত খেলি থাকোতে এদিন ককায়েক মাধৱে তাইৰ হাতখনত ধৰি মাত্ৰ ক'লে “ঘৰলৈ ব’ল।” ঘৰলৈ আহি দেখিছে বাৰাণ্ডাত দেউতাকে চকুপানী টুকি টুকি বহি আছে আৰু মাকৰ মুৰত চুবুৰীয়া তিৰোতা দুগৰাকীমানে পানী ঢালি ঢালি বিচি আছে। “মা মা তোৰ কি হৈছে? উঠচোন উঠ।” “মাৰ একো হোৱা নাই। তোৰহে...।” সকলোৱে ধৰি মেলি তাইৰ শিৰৰ সেন্দুৰখিনি মচি দি গহনাখিনি খুলি দিলে। কোনোবাই আনি বগা সাজ এজোৰ পিন্ধাই দিলেহি। কামিনিয়ে কান্দোনত গছৰ পাত সৰুৱাইছে , স্বামীৰ আকস্মিক মৃত্যুৰ বাতৰিত নহয় গহনা আৰু ৰঙীন কাপোৰবোৰ খুলি দিয়াৰ বাবেহে। বিয়া , গৃহস্থী, স্বামী এইবিলাকৰ বিষয়েটো তাইৰ কোনো ধাৰনাই নাই। ক্ষন্তেকতে তাইৰ জীৱনৰ গতিপথেই সলনিহৈ গ'ল। ঘটনাটোৰ পিছত ফুল কুমলীয়া ছোৱালীজনীৰ বয়স যেন দুগুন বাঢ়ি গ'ল। ফুৰা চকা, সাজ সজ্জা, খোৱা বোৱা সকলোতে বাধা আহি পৰিল। নিৰৱে চকুলো টোকাৰ বাহিৰে অন্য পথ নাই। বৰ মন যায় এজোৰ ৰঙীন কাপোৰ পিন্ধিবলৈ, এসাজ মাছে মঙহে ভালকৈ খাবলৈ। কিন্তু কাক ক'ব, কোনে শুনিব তাইৰ ব্যাথা। ঘৰৰ মানুহবোৰে মৰম [ ২০৫ ] কৰিলেও সমাজৰ নীতি নিয়ম উলংঘা কৰাৰ ধৃষ্টতা তেওঁলােকৰ নাই। সকাম-নিকাম, বিয়া-বাৰু খাবলৈ নাযায়েই। কেতিয়াবা গ'লেও সকলােৱে যেতিয়া হাঁহি-ফুর্তিৰে খােৱা-বােৱা কৰে কামিনিৰ দুচকু সেমেকি উঠে। ককায়েকৰাে সংসাৰ বাঢ়ে। নবৌৱেকজনী বৰ সাদৰী। কামিনিক মৰমেৰে আৱৰি ৰাখে। মাক দেউতাকেও ইহলীলা সম্বৰন কৰিলে। ভতিজাকহঁতাে ডাঙৰহৈ বিয়া বাৰু কৰাই সংসাৰী হয়। কিন্তু কোনােদিন কোনাে কথাতে তেওঁলােকে কামিনিক অৱহেলা কৰা নাই৷ ইমানখিনি মৰম পােৱাৰ বাবেহে আজি তেওঁ পয়সত্তৰ বছৰ এইখন ঘৰত পাৰ কৰিব পাৰিছে। বহুত অপেক্ষা কৰিছিল কামিনিয়ে গিৰিয়েকৰ ঘৰৰ কোনােবা এজন মানুহ আহক তাইৰ খৱৰ লওক। নাই ইমানদিনে কোনােৱেই নাহিল। তাই জীয়াই আছেনে নাই কোনও এটা খৱৰেই নকৰিলে। আৰ তাৰ মুখত শুনিছিল তেওঁলােকৰ ঘৰৰ মানুহে গিৰিয়েকৰ মৃত্যুৰ বাবে তাইকে দোষী সাব্যস্ত কৰিছিল। এটা এটাকৈ সকলাে কথা কামিনি দেৱীৰ চকুৰ সন্মুখত ভাহি উঠিল। আঘাতপ্রাপ্ত হৃদয়খনে নক'লে ৰক্তিমক আদৰি ল’বলৈ। “জানাে মই একো ধৰিবপৰা নাই।” বুলি বেৰৰফালে মুখ কৰি গাৰ কাপােৰখন টানি ললে।

 

“অৰ্দ্ধ আকাশ” মানেই কুমলীয়া নাৰীমনৰ ঘৰ, আশ্রয়, সুখ দুখৰ সহচৰ।
অৰ্দ্ধাকাশৰ বুকুত জিৰাবৰ দিনাৰ পৰাই দেখিবলৈ পাইছোঁ বহুরূপী জীৱনৰ স্তৰবােৰ, শিকিব পাৰিছাে
সাহসী হ'বলৈ,
প্রত্যাহ্বানক হাহিঁমুখে আদৰি লবলৈ আৰু সৰু সৰু সপােনবােৰেৰে সুখী হবলৈ...
||
—কাকলি ডেকা—

[ ২০৬ ]

ন্যায়

ৰাজশ্ৰী বৰদলৈ

 সদা ব্যস্ত মহানগৰীৰ ৰাজপথ আবেলিৰ এই সময়খিনিত আৰু অধিক যানজঁটেৰে ভৰি পৰে, সকলোৰে যেন খৰধৰ নিজৰ নিজৰ ঘৰখনলৈ উভতি যাবলৈ। উন্নত দেশবোৰৰ দৰে আমাৰ দেশতো সুবিধাজনক আৰু উচ্চ মানদণ্ডৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা থকা হ’লে কিমান যে সুচল হ’ল হয় জনসাধাৰণৰ জীৱন, কথাটোৱে সদায় দুলি থাকে অধিবক্তা কৰুণা চলিহাৰ মনত।

 পিছত থকা গাড়ী খনৰ হৰ্নৰ শব্দত কৰুণাই তাইৰ গাড়ীখন অকণমান আগুৱাই দিলে, ট্ৰেফিক চিগনেল বোৰটো মানুহে কিয় যে হৰ্ন বজাই তাই বুজি নাপাই। ক’ৰ্টৰ পৰা ঘৰ মাথোঁ পোন্ধৰ মিনিটৰ ৰাস্তা, কিন্তু এই যানজঁটৰ বাবে এইকন বাটেই আধা ঘণ্টা সময় লাগি যায়। কম বয়সতে তাইৰ দক্ষতাৰ বাবে চহৰৰ ভিতৰতে নামজ্বলা অধিবক্তা হোৱা কৰুণাৰ মাক দেউতাকে বিচাৰিছিল তাই চিকিৎসক হওক, কিন্তু তাইৰ সপোন আছিল এগৰাকী সফল আইনজীৱী হোৱাৰ, যিটো সপোনক লাহে লাহে বাস্তৱৰ ৰং বোলাইছে কৰুণাই।

 ঘৰ পোৱাৰ লগে লগে গেটখন খুলিবলৈ ভানু দৌৰি আহিল।

 : চাহকাপ আনো নে বাইদেউ?

 : ৰহ অ’ এইজনী, আহি পাইছোঁ হে, উশাহ লবলৈও নিদিয় মানে।

 বুৰ্বকৰ দৰে হাঁহি এটা মাৰি ভানু কৰুণাৰ গাড়ীৰ পৰা ফাইল কেইটা নমাই আনিলে। এই ভানু জনী নহ’লে কৰুণাই ঘৰৰ একো এটাৰে উমান নাপায়, ঘৰখনৰ প্ৰতিটো বস্তু তাইৰ নখ দৰ্পণত।

 চাৰিটা এমা-ডিমা ল’ৰা ছোৱালীৰে সৈতে মদাহী গিৰিয়েকে তাইক ভৰ যৌৱনতে বিধৱা কৰি গ’ল। সি জীয়াই থাকোতে অইন কোনো সুখ দিব নোৱাৰিলেও অন্ততঃ তাই মানুহৰ ঘৰে ঘৰে কাম কৰিবলগীয়া হোৱা নাছিল, পিছে এতিয়া তাইৰ বাহিৰেও আৰু চাৰিটা প্ৰাণীৰ পেটৰ তাড়নাত কৰুণাৰ ঘৰৰ লগতে আৰু দুঘৰত কাম কৰে। ভানুৰ অনুমানিক বয়স চাবিশ/সাতাইশতকৈ বেছি নহ’ব, মিঠা বৰণীয়া আকৰ্ষণীয় সুঠাম দেহাটো তাইৰ পুৰণি শাৰীখনে ভালদৰে ঢাকি ৰাখিবই নোৱাৰে, উজ্জ্বল তিৰবিৰাই থকা চকু জুৰিৰে সৈতে যদি ভালদৰে কাপোৰ কানি পিন্ধি ওলাই যায় আন দহজনীৰ বাবে তাই ঈৰ্ষাৰ কাৰক হ’ব। আজলী ভানুজনীলৈ কৰুণাৰ বৰ মৰম, তাইৰ ল’ৰা ছোৱালী কেইটাৰ বাবেও কিবা কিবি দি পঠিয়াই তাই মাজে সময়ে।

 জলসিঞ্চন বিভাগৰ উচ্চ পদস্থ বিষয় অনুপম চলিহাৰ লগত কৰুণাৰ প্ৰেম বিবাহ হৈছিল, সকলো ফালৰ পৰা নদন বদন ঘৰখনত অভিযোগ কৰিবলগীয়া একোৱে নাই, কিন্তু বিয়াৰ আঠ বছৰৰ পাছতো নিঃসন্তান চলিহা দম্পত্তি। উন্নত চিকিৎসাইও একো সুফল নেদেখুৱালে আজিলৈকে। সন্তান এটি তুলি লোৱাৰ কথা কৰুণা আৰু পৰিয়ালৰ মানুহ বোৰে কয় মাজে মাজে, অনুপম এই ক্ষেত্ৰত একমত নহয়।

 আজি কিছুদিনৰ পৰা ভানু অলপ অসুস্থ, কামবোৰ অঁতাই সোনকালে বস্তিলৈ উভতি যায়। কৰুণাই দৰব পাতি আনি দিছে, হ’লেও ভানুৰ গাত আগৰ শক্তিখিনি ঘূৰি অহা নাই। ওচৰৰ মানুহ বোৰে বুবু বাবা কৰিছে তাই অন্তঃসত্বা বুলি। কৰুণাইও মন নকৰা নহয় ভানুৰ ক্ৰমান্বয়ে স্ফীত হৈ অহা উদৰটো, পিছে বিধৱা মানুহজনীক এই বিষয়ে কিবা সুধিবলৈ কৰুণাৰ বিবেকে বাধা দিয়ে। ভানুক কেইবাবাৰো বিয়াৰ কথা কৈছিল কৰুণাই —

 ; তোৰ আগত গোটেই জীৱনটো পৰি আছে অ’ ভানু, ভাল মানুহ এটা পালে আকৌ বিয়া হৈ যা। বুঢ়া বয়সত তোকে জানো লগ এটা নালাগিব? ল’ৰা-ছোৱালীকেইটা নিজে কৰি খাব পৰা হ’লে তোক বা লগ দিয়ে নে নিদিয়ে... আজিকালি দিনকালবোৰ যি হে। [ ২০৭ ] ভানুৰ চিধা জৱাব –

 : নোৱাৰিম বাইদেউ। এটা মতাই যিমান তিতা দিলে আৰু মতাৰ লগ নালাগে মোক, ল’ৰা-ছোৱালীয়ে বুঢ়া কালত নাচালেও নাই। আমাৰ বস্তিৰ মতাবোৰে মদৰ বাহিৰে আৰু একো চিনি নাপায় আৰু মাইকীজনীক বিচাৰে অকল ৰাতি বিছনাখনত। এতিয়া এই চাৰিটা সন্তান মোৰ দিঙিত ওলমাই মোৰ মতাটো দুনীয়াই এৰি দিলে... আৰু এটা চপাই ল’লে মোক ৰাতি ৰাতি খাব আৰু মই তাৰ পোৱালি পেটত লৈ ফুৰিব লাগিব, পাঁচটা পেট পালোতে দেহ বেমাৰী হৈ গৈছে, নালাগে অ বাইদেউ, মতাৰ সুখ মোক নালাগে।

 এনে উত্তৰ দিয়া ভানুজনীৰ আজি কি হ’ল, যদি মানুহ বোৰে কোৱাৰ দৰে সচাকৈয়ে তাই গৰ্ভৱতী??

 যোৱা এমাহ ধৰি ভানু কামলৈ অহা নাই, কোনোবা পৰিয়ালৰ মানুহৰ ঘৰলৈ যাব বুলি কৰুণাক জনাইছিল। কিন্তু হঠাতে এদিন ওচৰ চুবুৰীয়া মানুহৰ মুখৰ পৰা এক আচৰিত খবৰ পালে কৰুণাই - সেইদিনা পুৱাই ভানুক পুলিচে ধৰি নিছে। তাইৰ নৱজাতক শিশুটো হত্যা কৰিব বিচৰা অপৰাধত। কৰ্টৰ পৰা ওলাইয়ে কৰুণা চিধাই থানা পালেগৈ।

 ভানু তললৈ মুৰ কৰি বেঞ্চখনতে বহি আছে, শৰীৰটো দুৰ্বল, আউলি বাউলি চুলি আৰু গালত শুকাই যোৱা চকুপানীৰ দাগ...

 : ভানু... অ' ভানু

 নাই, ভানুৰ কোনো কাণসাৰ নাই, এটা মূৰ্ত্তিৰ দৰে একে ঠাইতে ঠৰ হৈ বহি আছে। হয়তো খঙত.. হয়তো দুখত... হয়তো লাজতে...

 পুলিচৰ লগত কথা পাতি কৰুণাই ভানুক নিজৰ ঘৰলৈ লৈ যাবলৈ বুলি গাড়ীত বহুৱালে। ভানুৰ নৱজাতকটি চিকিৎসালয়ত আছে, কাইলৈ পুৱাহে আনিব পৰা যাব। ঘৰ পোৱালৈকে গোটেই বাটটো ভানু মাথোঁ কান্দি থাকিল, কৰুণাইও একো সোধা নাই এই সময়ত। অনুপম মিটিং থকা বাবে আগৰতলা গৈছে এসপ্তাহৰ কাৰণে, ভালেই পালে কৰুণাই, দুদিনমান ভানুক নিজৰ লগতে ৰাখিব পাৰিব... কিবা ধুমুহা বলি আছে এই আজলীজনীৰ মনত তাৰ উমান কোনোৱে নাপায়... পাৰোঁতে জানো এজনী মাকে নিজৰ পেটৰ পোৱালিটোক মাৰিব বিচাৰিব... তাইক যদি কোনোবাই প্ৰেমৰ মিছা চলাহী কথাৰে ঠগিছে... মুঠতে যি কি নহওক এই সময়ত কৰুণাই তাইক অকলশৰে এৰি নিদিয়ে।

 পিছদিনা পুৱালৈ ভানুক কিছু সুস্থ যেন লাগিল কৰুণাৰ, চাহ দুকাপ বনাই তাৰে একাপ ভানুলৈ আগবঢ়াই দিলে।

 : চাহকাপ খা ভানু গাটো অলপ ভাল পাবি। অলপ পিছত আমি হস্পিতল যাব লাগিব, কণমানিটিক আনিবলৈ। সন্মুখত সাপ এডাল দেখাৰ দৰে জপিয়াই উঠিল ভানু

 : পাপ... সেইটো এটা পাপৰ চিন... নানোঁ মই ঘৰলৈ... হস্পিতলতে থাকক... মৰি যাওক তাতেই... মোক নালাগে সেই পাপৰ চিন। উন্মাদৰ দৰে চিঞৰি চিঞৰি এটা সময়ত তাই আকৌ কান্দিবলৈ ধৰিলে।

 কৰুণা উঠি আহি ভানুৰ পিঠিত লাহেকৈ হাত এখন থলে, ভানু সৰু ছোৱালী এজনীৰ দৰে তাইৰ বুকুত সোমাই পৰিল কান্দি কান্দি।

 : মই সেই ৰাতিটো পাহৰি যাব বিচাৰোঁ বাইদেউ... সেই অসুৰটোৱে মোক শেষ কৰিলে...

 কৰুণাই বুজিছে ভানুৰ ওপৰেদি এজাক ধুমুহা পাৰ হৈ গৈছে। কান্দক তাই, অন্তৰৰ কথাখিনি উলিয়াই দিয়ক।

 : কোনে কি সৰ্বনাশ কৰিলে তোৰ ভানু?? কি হ’ল তোৰ লগত? তই আকৌ কাৰোবাৰ প্ৰেমত পৰিছিলি নেকি যাৰ চিন সেই কণমানিটো?

 : আমাক কোনে প্ৰেম কৰিব বাইদেউ, চবেই শৰীৰৰটোহে চিনি পায়... কিন্তু মই নাজানো বাইদেউ কাৰ পাপ মোৰ পেটত কঢ়িয়াই ফুৰিছিলোঁ মই।

 : কি?? মানে কি ক’ব বিচাৰিছ তই??

 কৰুণাই চকুকেইটা বহলকৈ মেলি আশ্চৰ্য্যৰে ভানুলৈ চালে, ভানুৱে আকৌ আৰম্ভ কৰিলে

 : মোৰ ফুটা কপালে লগ নেৰিলে কোনোদিনে, সৰুৰে পৰা অভাৱত আঠ টা ল’ৰা ছোৱালী মাজত ডাঙৰ হ’লোঁ, বহু ৰাতি পানী খায়ে শুবলৈ চেষ্টা কৰিবলগীয়া হৈছিল, ইহঁতৰ দেউতাকৰ চকীদাৰ চাকৰিটো থকা দেখি পোন্ধৰ বছৰ বয়সতে [ ২০৮ ] পলাই আহিলোঁ, বােলাে তালৈ বিয়া হ’লে খালী পেটত শুব নালাগিব অন্ততঃ। পিছে কেইমাহমানতে ভালপােৱা শেষ হৈ সি মদ খাই মােক মাৰ পিট কৰিবলৈ আৰম্ভ কৰিলে, তাৰ অত্যাচাৰ বাঢ়ি অহাত সদায় ভাবিবলৈ ল’লোঁ সি মৰিয়ে নাযায় কিয় আৰু এদিন সঁচাকৈ মদ খাই খাইয়ে সি মৰিও থাকিল। এতিয়া ভাবিছিলোঁ আপােনাৰ দৰে মানুহৰ ঘৰত কাম কৰি ল’ৰা-ছােৱালীকেইটাক মােৰ সৰু কালৰ দৰে খালী পেটেৰে কেতিয়াও শুব নিদোঁ, মতাটো নাই যদিও ইহঁতকেইটাক লৈয়ে শান্তিৰে আছিলোঁ। কিন্তু ভগৱানৰ সহ্য নহ’ল মােৰ শান্তি, সেইৰাতি মােৰ সুখকণ কাঢ়ি নিলে... ভানু কান্দি কান্দি কঁপা মাতেৰে কৈ গ’ল—

 : সেইৰাতি ঘৰত মই অকলে আছিলোঁ, ল’ৰা-ছােৱালীকেইটা মােমায়েকৰ ঘৰলৈ গৈছিল... ৰাতি ভাতকেইটা খাই বিছনাত পৰাৰ লগে লগেই টোপনিয়ে হেচা মাৰি ধৰিছিল। কিন্তু... কিন্তু...

 ভানুৱে ভালদৰে কথাকেইটা ক’ব পৰা নাই... তাই কঁপিছে...

 হঠাতে বিছনাখনত কোনােবা উঠা যেন লগাত চকু মেলি দেখিলাে মানুহ এটাৰ হাতখন কিলবিলাই ফুৰিছে মােৰ গাৰ চুব নলগীয়া ঠাইবােৰত। মই চিঞৰিব বিচৰাত মােৰ মুখখন টিপা মাৰি ধৰিলে আৰু এটা জন্তুৰ দৰি মােৰ ওপৰত জপিয়াই পৰিল, মােক ছিৰাছিৰ কৰি মােৰ সকলাে শেষ কৰিলে... তাই আকৌ কান্দিব ধৰিলে।

 কৰুণাই সপােনতাে ভবা নাছিল ভানুৰ লগত এনে কিবা হৈছে বুলি, বেচেৰীয়ে ইমানখিনি অকলেই সহ্য কৰিছে।

 তই মানুহটো কোন নেদেখিলি নে ভানু ? যদি তই ক’ব পাৰ কোন তাক মই উচিত শাস্তি দিয়াম।

 মই আন্ধাৰত একো দেখা নাপালোঁ বাইদেউ, সি মুখত এখন কাপােৰ বান্ধি থৈছিল... মাথোঁ তাৰ গাত থকা এটা দাগ মই দেখিছিলাে চকামকাকৈ। তাৰ বাহিৰে মই আৰু একো নাজানোঁ। সি মােৰ লগত বেয়া কাম কৰিলে বুলি মােৰ কাকো ক’বলৈ সাহস নহ’ল, কাৰণ কোন আছিল সেই মানুহটো মই গমেই নাপালোঁ, কোনে বিশ্বাস কৰিব মােৰ এনে কথাত। বস্তিৰ মানুহবােৰে মােক এনেও বিধৱা হৈয়াে ভালদৰে খাই লৈ আছোঁ কাৰণে বেয়া চকুৰে চাই। মই ভাবিছিলোঁ যি হ’ল পাহৰি যাম সময়ৰ লগত, আমাৰ নিচিনা গৰিব মানুহৰ দুখ শুনােতা এনেও কোনাে নাই। পিছে সেই অসভ্য পাষণ্ডটোৱে তাৰ পাপৰ বীজ মােৰ পেটত এৰি থৈ গ’ল, বহুত চেষ্টা কৰিও আঁতৰাব নােৱাৰিলোঁ সেই লেতেৰাবােৰ.. পেটত ভুকুৱাই মাৰিলাে কিমান বাইদেউ পিছে পাপটো নমৰিল। মই নিজৰ ওপৰত কৰা অত্যাচাৰবােৰৰ কাৰণে মােৰ গাটো বহুত দুর্বল হৈ পৰিল আৰু সময়তকৈ আগতেই জন্ম পালে পাপৰ ফলটোৱে... ভাবিলোঁ কোনেও নেদেখাকৈ জাবৰৰ দমটোত পেলাই দিও, কুকুৰে খালেও খাওক.. কাউৰীয়ে খালেও খাওক, পিছে বস্তিৰ কাৰােবাৰ চকু পৰিল মই পেলাবলৈ নিওঁতে আৰু মােক পুলিচে ধৰি নিলে৷

 :তই ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰিলি ভানু ?? সেই কণমানিটোৰ কি ভুল যি পৃথিৱীখনত চকু মেলিছেহে মাথো??

 ভানুৱে মুখেৰে একো নামাতি কেৱল উচুপি থাকিল।

 : আমি এতিয়াই পুলিচ থানা যাম আৰু তােৰ হৈ এটা গােচৰ তৰিম, তই উচিত বিচাৰ পাবি ভানু। মই আছোঁ তােৰ লগত সকলাে সময়তে, কোন মানুহে তােৰ লগত এনে ঘৃণনীয় কাম কৰিলে তাক আমি এৰি নিদোঁ।

 থানাত সকলােবােৰ কথা খুলি ক’লে ভানুয়ে কেৱল কৰুণাৰ সাহসতে। পুলিচে এটা ধৰ্ষণৰ মােকর্দমা ফাইল কৰিলে আৰু ভানুক কথা দিলে যে দোষীক অতি সােনকালে কৰায়ত্ত কৰিব। কথা মতেই পুলিচে বিচাৰ-খােচাৰ আৰম্ভ কৰিলে।

 কেঁচুৱাটো সময়ৰ আগতে জন্ম হােৱাৰ বাবে অলপ নিশকতীয়া আছিল, ডাক্তৰে উচিত যত্ন পাবৰ বাবে হস্পিতেলতে আৰু কিছুদিন ৰাখিবলৈ পৰামর্শ দিলে। কৰুণাই নিজৰ ব্যস্ত জীৱনৰ মাজতাে ভানুলৈ যিমান পাৰে সহায় আগবঢ়াই গ’ল। অনুপমে তাইক নুসুমাবলগীয়া কামবােৰত সুমুৱাই ফুৰা বুলি কটাক্ষ কৰিবলে নেৰিলে। হ’লেও কৰুণাই ভানুক অকলশৰীয়া হ’ব নিদিলে। আনহাতে বাকী যি দুঘৰত ভানুৱে কাম কৰিছিল সিহঁতে ভানুক বেয়া চৰিত্ৰৰ মাইকী বুলি কৈ কামৰ পৰা উলিয়াই দিলে। এনে সময়ত ভানুৰ একমাত্ৰ সহায় হৈ ৰ’ল কৰুণা।

 যিহেতু ঘটনাটো হৈ যােৱা কেইবামাহও পাৰ হৈ গৈছিল পুলিচৰ প্রমাণ সংগ্রহ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল, শেষত কেঁচুৱাটোৰ ডি.এন.এ. পৰীক্ষা কৰি সেইটো ভিত্তিত তদন্ত আৰম্ভ কৰিলে। বস্তিৰ প্রত্যেকটো মতা মানুহৰ তেজ সংগ্রহ কৰিলে কেচুৱা টোৰ ডি.এন.এ. লগত মিলাই চাবৰ বাবে, কিন্তু আচৰিতভাৱে বস্তিৰ কোনাে মানুহৰ লগতে [ ২০৯ ] ডি এন.এ. মিল পোৱা নগ’ল। কৰুণাও নিৰুপায় পুলিচৰ সহায় অবিহনে দোষীক শাস্তি দিয়াত। হ’লেও তাই পুলিচক অনুৰোধ জনালে তেওঁলোকে যাতে গোচৰটো বন্ধ কৰি নিদিয়ে আৰু চেষ্টা চলাই থাকে দোষীক বিচাৰি উলিয়াবলৈ।

 দিনবোৰ ক্ৰমে বাগৰি মাহৰ ঘৰত সোমাল, ভানু এতিয়া কেৱল কৰুণাৰ ঘৰতে কাম কৰিব আহে, আন মানুহবোৰে তাইক প্ৰায় লেই লেই-ছেই ছেই কৰাৰ দৰেই। অকণমানিটোক আলহী ৰুমৰ বিছনাখনতে শুৱাই থৈ ভানুৱে ঘৰখনৰ কামবোৰ এটা এটা কৈ কৰি যায়, সি কান্দিলে পিয়াহটো মুখত দি তাক শান্ত কৰে যদিও কৰুণাই মন কৰে ভানু যেন কণমানিটোৰ প্ৰতি নিৰ্বিকাৰ। এনে সময়ত সন্তানহীনা কৰুণাৰ বুকুখন ধৰফৰাই উঠে ওপৰৱালা জনৰ আচৰিতধৰণৰ বিচাৰৰ কথা ভাবি, নিজকে ভানুৰ আগত বৰ দুখীয়া যেন অনুভৱ হয়।

 গাড়ীখন গেটৰ ওচৰত পাওঁতেহে মনত পৰিল কৰুণাৰ আজিৰ দৰকাৰী ফাইলটো ৰুমতে এৰি আহিলে। গাড়ীখন ওলাই গ’লেই গেটখন জপাবলৈ সেইখিনিতে ৰৈ থকা ভানুক ক’লে –

 : মই নীলা ৰঙৰ ফাইল এটা আমাৰ শুৱা ৰুমৰ বিছনাৰ ওপৰতে এৰি আহিলোঁ, লৈ আনগৈচোন।

 ভানুৱে জানে কৰুণাৰ এই সময়ত বৰ লৰালৰি হয় সদায়, তাই খৰধৰকৈ গ’ল ফাইলটো আনিবলৈ। কৰুণাই কোৱাৰ দৰেই বিছনাৰ ওপৰতে থকা ফাইলটো লৈ ৰুমটোৰ পৰা ওলাব লওঁতেই শুৱা কোঠাটোত সংলগ্ন বাঠৰুমটোৰ পৰা গা ধুই অনুপম ওলাই আহে শৰীৰৰ নিম্নাংশত টাৱেল এখন পিন্ধি। ভানু অপ্ৰস্তুত হৈ ওলাই আহোতে তাইৰ চকু পৰিছিল অনুপমৰ বুকু অংশত থকা ক’লা দাগ টুকুৰাত। ভানুৱে সঠিক ধৰিব পৰা নাই একো.. তাই এইমাত্ৰ দেখা এই দাগটো সেই ভয়াবহ ৰাতিৰ দাগটোৰ দৰেই.. আস!!! কেঁচুৱাটোৱে কান্দিছে, তাৰ কিজানি ভোক লাগিছে... কৰুণাই দুবাৰমান চিঞৰিলে ভানুৰ নাম লৈ... ভানুৱে ক্ৰমান্বয়ে চাৰিওফালে ক’লা দেখিবলৈ ল’লে, তাৰ পিছত কি হ’ল তাই ক’ব নোৱাৰে।

 যেতিয়া চকু মেলিলে ভানু চিকিৎসালয়ত আছিল, নাৰ্চ এজনীয়ে তাইক জনালে যে অচেতন অৱস্থাত কোনো উকীল বাইদেউ এগৰাকীয়ে তাইক লৈ আনিছিল।

 আবেলি সময়ত কৰুণা আহিল ভানুক লগ কৰিবলৈ।

 : তই অথনি মূৰ ঘূৰাই পৰিলি, সেয়ে তোক ইয়ালৈ লৈ আনিলোঁ মই। ডাক্তৰে দুৰ্বল হৈ থকাৰ কাৰণে মূৰ ঘূৰালে বুলি কৈছে, চিন্তা কৰিবলগীয়া একো নাই। ভালদৰে খোৱা-বোৱা কৰিবি আকৌ ভানু।

 কৰুণাই মৰমেৰে হাত ফুৰাই দিলে ভানুৰ মূৰত।

 ভানু হুকহুকাই কান্দি উঠিল, তাই ৰাতিপুৱা ফাইলটো আনিব যাওঁতে ছাৰৰ গাত দেখা সেই দাগটোৰ কথা ক’লে কৰুণাক।

 কৰুণা দুখুজ পিছুয়াই গ’ল... চিঞৰি উঠিল ভানুৰ ওপৰত —

 : তহঁতৰ নিচিনা মানুহক মৰম কৰিব নাপায়, সকলোৱে ঠিকেই কৈছিল... তই চৰিত্ৰহীনা, নিজৰ পাপ ঢাকিবলৈ তই মোৰ ঘৰখনহে পালিগৈ জুই জ্বলাবলৈ। খবৰদাৰ যদি আৰু মোৰ ঘৰত ভৰি দিয় তই।

 ফুঁফুৱাই কৰুণা হস্পিতলখনৰ পৰা ওলাই আহি গাড়ীত বহিল। মূৰটোৱে যেন কাম কৰা বন্ধ কৰি দিছে, ইমান সাহস ক’ত পালে ভানুৱে?? অনুপমৰ বিষয়ে কিবা ক’বলৈ সাহস নহয় দুঃসাহস কৰিছে তাই. এটা কাণতলীয়া চৰ শোধাই দিব লাগিছিল সেই মুহূৰ্ততে। আৰু এইবোৰ মানুহক ইমান প্ৰশ্ৰয় নিদিয়ে তাই কোনোদিনে। তীব্ৰ বেগত গাড়ীখন ঘৰৰ পিনে আগুৱাই দিলে কৰুণাই।

 যোৱা এসপ্তাহ ধৰি ভালদৰে একো কামতে মন বহাব পৰা নাই তাই। কৰ্টৰ বেছিভাগ কামেই কনিষ্ঠ সহায়কক কৰিব দিছে। সেইদিনা গধূলি অনুপম ঘৰতে আছিল, তাই লাহেকৈ অনুপমৰ কাষত বহিলেগৈ কৰ্টৰ পৰা অহাৰ পিছত।

 : অনুপম আজি সোনকালে আহিলা নেকি অফিচৰ পৰা?

 নাই অলপ আগত সুমুৱাইছোঁহে, তুমিহে আন দিনাতকৈ সোনকালে পালাহি। গা বেয়া নেকি তোমাৰ?

 মই ঠিকেই আছো, ভানু নহাৰ কাৰণে ঘৰৰ কামবোৰ কৰিবলগীয়া হৈছে যে সেই কাৰণে অলপ সোনকালে আহিলোঁ, বেলেগ মানুহ এজনী বিচাৰিও পোৱা নাই।

 অনুপমে লেপটপটোত কিবা কৰি আছে, স্ক্ৰীনখনত চাই চায়ে সি কৰুণাৰ লগত কথা পাতি থাকিল। [ ২১০ ]  : বাৰু অনুপম এটা কথা কোৱাছোন, ভানুৰ বিষয়ে তোমাৰ কি লাগে? তাইৰ সন্তানটোৰ পিতৃ কোন বাৰু?

 লেপটপত টাইপ কৰি থকা অনুপমৰ হাতখনকেই চেকেণ্ড মানৰ কাৰণে ৰৈ গ'ল। পুনৰ টাইপ কৰি কৰি ক'লে –

 : কি জানিবা ইহঁতবোৰৰ কথা, বৰ ভাল কাম কৰিলা তাইক কামৰ পৰা এৰাই দি। সকলোৱে এৰিয়ে দিলে তাইক, তোমাৰহে নাজানো কি সমাজসেৱাৰ ভূত সোমাইছিল গাত। দেৰিকৈ হ'লেও বুজিলা যে তুমি।

 : ঠিকেই কৈছা, মই মানুহ একেবাৰে চিনি নাপাওঁ, কাৰ লগত বা সম্পৰ্ক ৰাখিছিল তাই।

 : পইচাৰ কাৰণে যিকোনো পৰ্য্যায় ইহঁতে, শুইছিল চাগৈ পইচাৰ কাৰণেই কাৰোবাৰ লগত।

 : হয়। পইচাৰ বাবেই হ'ব। কিমান টকা দিছিলা তুমি তাইক অনুপম??

 : কি??? চিঞৰি উঠিল অনুপম।

 : পাগল হৈছা নেকি তুমি?? কি ফটুৱা কথা কৈছা মোক??

 : নিচিঞৰিবি ৰূপী পিশাচ, কিমান আৰু ভদ্ৰতাৰ মুখা পিন্ধি থাকিবি... কি পোৱা নাছিলি তই মোৰ পৰা? ইমান ঘৃণনীয় কাম কৰিবলৈ তোৰ বুকুখন নকঁপিল নে? এজনী বিধৱাকো এৰি নিদিলি.. সেই কণমানি শিশুটোলৈও কোনো দিন বেয়া নালাগিল তোৰ।

 : তুমি ভুল বুজিছা কৰুণা, মই এনেকুৱা একো কৰা নাই। কোনোবাই মিছা কথা লগাই আমাৰ সংসাৰ ভাঙিব বিচাৰিছে।

 : উস!! অলপো লাজ, ভয় নাই তোৰ। আৰু কিমান মিছা কথা কবি??? আৰু কি ক’লি তই, আমাৰ সংসাৰ, হা হা হা হা... মোৰ কিবা মূল্য আছে জানো তোৰ ওচৰত??

 ভানুৰ কথা একেবাৰে বিশ্বাস কৰা নাছিলোঁ মই, কিন্তু মনটোৱে নমনাত তোৰ চুলি এডাল লৈ ডি.এন.এ. পৰীক্ষা কৰিবলৈ দিছিলোঁ। আৰু আজি পোৱা ৰিপৰ্টটোৱে মোৰ সকলো ভুল ধাৰণা আঁতৰাই দিলে। তোৰদৰে এটা অমানুহৰ লগত থকাতকৈ মই অকলশৰীয়া কৈ থাকিব বিচাৰোঁ। কিন্তু এয়া নাভাবিবি যে তই কৰা পাপৰ ফল নাপাবি। ভানুক তাইৰ হেৰুৱা সন্মান মই ঘূৰাই দিম, তাইৰ হৈ তোৰ বিপক্ষে কৰ্টত মই ঠিয় হ'ম। আৰু সেই নিৰ্দোষী কণমানিটোক উচিত পৰিচয় দিম সমাজত মোৰ সন্তানৰূপে, কৰুণা চলিহাৰ সন্তান।

 : মোক ক্ষমা কৰি দিয়া কৰুণা, মোৰ ভুল হৈ গ'ল... মোক এৰি থৈ নাযাবা।

 কৈ কৈ অনুপম কৰুণাৰ পিছে পিছে দৌৰি আহিল, কিন্তু কৰুণা ইতিমধ্যে গাড়ীখন লৈ গেটৰ ওচৰ পালেগৈ।

 বেক লাইট দুটাৰ মাজত জিলিকি থকা অধিবক্তাৰ ষ্টিকাৰটো চাই থাকোতেই লাহে লাহে অনুপমৰ দৃষ্টিৰ অগোচৰ হৈ

গল। [ ২১১ ]

ৰুণজুণ নুপূৰ বাজে

বঞ্জু হালৈ মুনি


 ৰাতিপুৱাৰ পৰা ব্যস্ত কুঁৱলী। কাৰণ আজি পলাশ আহিব চহৰৰ পৰা। আস... পলাশৰ নামটো মনলৈ অহাৰ লগে লগে কুঁৱলীৰ ওঁঠৰে মিঠা হাঁহি এটি বাগৰি গ'ল। লীন যাব খোজে তাই এই নামটোত। কি যাদু আছে পলাশৰ! যি তাইক তাৰ প্ৰতি সদায় আকৰ্ষিত কৰি আহিছে। এইয়াই প্ৰেম নিকি। ৰাতিপুৱাৰ এই সময়খিনি কুঁৱলীৰ নিজৰ সময়। সাধাৰণতে ঘৰখনৰ মানুহবোৰ দেৰিকৈ টোপনিৰ পৰা উঠে। দেউতাকে অৱশ্যে সোনকালে উঠে যদিও ফুৰিবলৈ যায়। কুঁৱলীয়ে সদায় সোনকালে উঠে আৰু উঠিয়ে তাইৰ প্ৰথম কাম হ'ল পাৰকেইটাক চাউল চটিয়াই দিয়া। তাৰ পিছত বাঢ়নীতাৰ লৈ তাই চোতাল-ঘৰ সাৰি মুখ-হাত ধুই মানে দেউতাক ফুৰি আহি পায়। এইখিনি সময়ত কিন্তু সদা পলাশ তাইৰ মনতে থাকে। পলাশৰ কথা ভাবি ভাবি কেতিয়ানো তাই কামবোৰ সামৰে নিজেই নাজানে।

 ঘৰখনৰ একমাত্ৰ ছোৱালী কুঁৱলী। মাক-দেউতাক আৰু ককায়েক দুজনৰ লগতে গাঁওখনৰ ভিতৰতে চহকী পৰিয়াল কুৱলীহঁতৰ। খেতি-বাতি, গৰু-মহ আদিৰে এখন নদন-বদন ঘৰ। বছৰৰ বাৰ মাহে কাম কৰা মানুহ, আলহী-অতিথিৰে ঘৰখন গিজ গিজাই থাকে। সৰুৰে পৰা পঢ়া-শুনা, কবিতা আবৃত্তি কৰা আদি সকলোতে চোকা কুঁৱলী। বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত কুঁৱলীয়ে প্ৰত্যেক বছৰে শ্ৰেষ্ঠ আবৃত্তিকাৰৰ বটা আজুৰি আনে। তাইক সকলো ক্ষেত্ৰতে অনিশে প্ৰেৰণা একে গাঁৱৰে পলাশে।

 পলাশ... এৰা পলাশ। কুঁৱলীতকৈ দুটা শ্ৰেণী ওপৰৰ পলাশ আছিল অত্যন্ত মেধাৱী। দেউতাক নোহোৱা পলাশক মাকে ইঘৰে-সিঘৰে কাম কৰি বৰ কষ্টেৰে ডাঙৰ-দীঘল কৰিছিল। পলাশৰ মাকে কুঁৱলীহঁতৰ ঘৰতে বেছিকৈ কাম-বন কৰিছিল। কুঁৱলীৰ মাকে ইটো-সিটো বস্তুৰে পলাশৰ মাকক সহায় কৰি আহিছিল। মাজে মাজে সি কুঁৱলীৰ পঢ়া চাই দিছিল। কুঁৱলীয়ে কিন্তু পঢ়াৰ মাজতে কবিতা আবৃত্তি কৰিবলৈ ধৰে। আকৌ তাৰ ধমকিত তাই পুনৰ পঢ়াত মন দিয়ে। বিদ্যালয়লৈ গ'লেও তাই সদায় পলাশৰ লগতে গৈছিল। পলাশে কিন্তু সদায় দূৰত্ব বজাই ৰাখিব বিছাৰিছিল। কাৰণ সি জানে কুঁৱলীহঁত ডাঙৰ মানুহ। গতিকে বেছি হলিগলি নকৰাই ভাল। কুঁৱলীৰ কিন্তু সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। তাই পলাশৰ লগত থাকি বেছি ভাল পাইছিল। ক্ৰমান্বয়ে তাই পলাশৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। খাওঁতে-শুওঁতে কেৱল পলাশৰ কথাই ভাবি থকা হৈছিল। তাই ভাবিছিল, এয়াই প্ৰেম নিকি? পলাশক দেখিলে বুকুখন ধপ ধপাইছিল। পলাশ ওচৰলৈ আহিলে তাই একো ক'ব পৰা নাছিল। গাল দুখন ৰঙা হৈ পৰিছিল। অজানিতে পলাশক দেখিলে তাইৰ লাজ লাগিছিল।

 সেইবাৰ পলাশহঁতৰ শ্ৰেণীটোৰ বিদ্যালয়ত শেষ বছৰ আছিল। ইতিমধ্যে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনো আহিল। অধিৱেশনৰ পিছতে পলাশহঁতৰ বিদায় সভা। কুঁৱলীয়ে কিন্তু মনে মনে চিন্তিত হৈ পৰিছিল। কাৰণ মেট্ৰিক পাছ কৰাৰ পিছতে পলাশ চহৰলৈ যাব। পলাশৰ মোমায়েক এজন চহৰত থাকে। তেওঁৱে পলাশক লৈ যাব। গতিকে কুঁৱলীয়ে মনতে ভাবিলে যে যেনেকৈ নহওক কিয় তাই এইবাৰ পলাশক তাইৰ মনৰ বতৰা দিব। বাৰ্ষিক অধিৱেশন শেষ হওঁতে সন্ধিয়া লাগিছিল। পলাশে কুঁৱলীক ঘৰলৈ আগবঢ়াই থবলৈ আহিছিল।

 ...কুঁৱলী মই পৰীক্ষা দিয়েই চহৰলৈ যামগৈ। তই ভালকৈ পঢ়া-শুনা কৰিবি।

 ...অহ বুলি কৈ কুঁৱলীয়ে পলাশে কিবা কোৱাৰ পূৰ্বে তাক জোৰকৈ সাৱটি ধৰি তাৰ বুকুৰ মাজত ফেকুৰি উঠিছিল।

 ..তই মোক এৰি নাযাবি পলাশদা। মই তোক খুব ভালপাওঁ। কুঁৱলীয়ে কান্দি কান্দি কৈছিল।

 ঘটনাৰ আকস্মিকতাত বাকৰুদ্ধ হৈ পৰিছিল পলাশ। চকুৰপানীমচি-মচি কুঁৱলী ঘৰৰ ভিতৰলৈ সোমাই গৈছিল। আৰু পলাশ একে স্থানতে স্থানুৰ দৰে ৰৈ গৈছিল।

 সেইদিনাৰ পৰা পলাশে কুঁৱলীক দেখা দিয়া নাছিল। মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি পলাশ গুচি গৈছিল চহৰলৈ। সম্পূৰ্ন পাঁচ বছৰৰ মূৰত সি গাঁৱলৈ আহিব। ডিগ্ৰী পাছ কৰি সি নতুনকৈ চাকৰিত জইন কৰিছে। [ ২১২ ] ইতিমধ্যে কুঁৱলীয়েও ডিগ্ৰীত নামভৰ্তি কৰিছে। পলাশ আহিব বুলি শুনি তাই কতো ঠিৰেৰে থাকিব পৰা নাই। সি বা কুঁৱলীৰ কথা ভাবে নে নাই? নে তাইৰ কথা সি সমম্পূৰ্ণ পাহৰি গৈছে। এইবোৰ ভাবি ভাবি তাই কেতিয়ানো কলেজ পালে ধৰিবই নোৱাৰিলে।

 সন্ধিয়া পলাশ কুঁৱলীহঁতৰ ঘৰলৈ আহিল। কুঁৱলীৰ মাকে চাহ জলপান দিলে। মাকে তাক একেবাৰে ভাত খাইহে যাবলৈ ক’লে। ভাত-পানী খাই সি যাবলৈ ওলাল। কুঁৱলীৰ কিবা এটা লাজ লাগিল তাৰ আগত ওলাব। পলাশে তাইক মাতলগাবলৈ তাইৰ ৰুমলৈ সোমাই আহিল।

 ..কুঁৱলী... মাত লগালে পলাশে। চক খাই উঠিল কুঁৱলী পলাশৰ মাতত। আস... একেই আবেগভৰা মাত। যি মাতৰ প্ৰেমত পৰিছিল তাই। সি তাইৰ ওচৰত গৈ বহিলে। তাইৰ হাতখন তাৰ হাতৰ মুঠিত লৈ সি ক’লে –

 ...ময়ো ভালপাওঁ তোক দেহা। তাই লাজতে মূছকছ গ’ল। দুই-এদিনতে মা তহঁতৰ ঘৰলৈ আহিব। তোক মোৰ লগত বিয়া দিয়েনে নাই সুধিবলৈ। এইবুলি কৈ সি তাইক আঙঠি এটা পিন্ধাই দিলে। তাইৰ মনটো আনন্দত নাচি উঠিল। লাহে লাহে কুঁৱলী পলাশৰ বুকুৰ মাজলৈ সোমাই গ'ল। দূৰত এটা গান বাজি আছিল।

 ৰুণ জুণ নূপূৰ বাজে। পলাশ আৰু কুঁৱলীৰ হৃদয়তো সেই সুৰ আন্দোলিত হ’ল।



অৰ্ধ আকাশ হ’ল মোৰ এনে এক সংগী যাৰ জৰিয়তে মই মোৰ জীৱনত হাঁহি, ধেমালি, সাহস,আত্মবিশ্বাস,স্বাৱলম্বিতাৰ মনোভাৱ,বহুতো নজনা কথা জনা ইত্যাদি সকলোবোৰ পাইছো,তদুপৰি নানা ঠাইৰ সখীসকলৰ লগত চিনাকি হোৱাৰ এক সুন্দৰ সুযোগ পাইছো।

—কবিতা নেওগ-

[ ২১৩ ]

নিয়তিৰ খেল

ৰীমা কলিতা চুবেদাৰ

 কিনকিনিয়া বৰষুণজাক মূৰত লৈয়ে কাউৰীয়ে কা নকৰোতেই জেতুকীয়ে খৰখেদাকৈ খোজ ললে আনটো চুবুৰীলৈ.. আগদিনাই কৈ থোৱাধৰণে জীয়েক হেমলতাইও দুৱাৰখন কানি দুৱৰীকৈ খুলি থৈছে... মানুহজনে কথা দিছে... আজি অমাৱস্যা... আজিয়েই কামটো কৰিলে কাম হোৱাটো এশ শতাংশই খাটাং....

 সামান্য দুৱাৰখন ঠেলি সোমাই আহিল জেতুকী.. হেমলতাইও মাকৰ বাবেই উৎকণ্ঠাৰে বাট চায় আছিল... বৰষুণৰ কনিকাই সামান্য ভিজাই পেলোৱা মুখ আৰু হাত দুখন মচি মচিয়েই বুঢ়ীয়ে আদেশৰ সুৰতেই জীয়েকক আজি ৰাতিয়েই কামটো সমাধা কৰিব ক’লে.. ৰঙা চাহৰ বাটিতো আগবঢ়াই জীয়েকে মূৰটো দুপিয়ালে মাথোঁ... আগতেও এইকামত সিদ্ধহস্ত মাক জীয়েক,তথাপিও গৰম নথকা স্বত্তেও বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল হেমলতাৰ মুখমণ্ডলত..

 নীৰেনৰ জীয়েক বুলি কোনোদিনে গাঁৱৰ মানুহে সিহঁত তিনিজনী বায়েক ভনীয়েকক সম্বোধন কৰা নাছিল... দেউতাকৰ নামৰ পিছত লগাই দিছিল নীৰেন মদাহী শব্দটো.. দিনৰ দিনটো লোকৰ বাহী বন কৰি মাক জেতুকীয়ে সিহঁতক ডাঙৰ-দীঘল কৰিছিল.. বিনিময়ত পাইছিল গিৰিয়েকৰ ককৰ্থনা, চৰ, লাঠ আদি... তথাপি তিনিজনীকৈ ছোৱালী বুকুত সাৱটি ডাঙৰ কৰিছিল... তথাপিও অলপ যেন বেছি আদৰৰ আছিল হেমলতা... মাক জেতুকীৰ ঠাঁচতে গঢ় লোৱা হেমলতা দিন যোৱাৰ লগে লগে গাঁৱখনৰে চৰ্চাৰ বিষয় হৈ পৰিছিল.. কিছু যেন সুবিধাবাদী হৈ পৰিছিল হেমলতা... ভালকৈয়ে জানিছিল তাই নতুনকৈ দোকান দি ব্যৱসায়ত দোপতদোপে আগবঢ়া হেমন্তৰ পৰা গাঁৱৰ স্কুলখনত নতুনকৈ জইন কৰা শিক্ষক অৰুণলৈকে বহুজনৰ চকু তাইৰ ৰূপত... সেয়ে তাইও কিছু মিঠা মিঠা কথাৰে বহু সুযোগ সুবিধা আদায় কৰিছিল এনেলোকৰ পৰা..

 দুটা পুত্ৰৰ এটা যিদৰে সকলোফালে আগৰণুৱা আছিল আনটো আছিল মানসিকভাৱে কমজোৰ.. সেয়ে ডাঙৰ পুত্ৰৰ চোৱাচিতাৰ ফলত সৰু পুত্ৰৰ যাতে আপডালত কোনো হেঙাৰ আহি নপৰে তাৰবাবেই উপেন গাঁওবুঢ়া আৰু তেওঁৰ পৰিবাৰে সৰুপুত্ৰক মোমায়েকৰ ঘৰলৈ পঠিয়াই দিছিল... শিক্ষকতা সম্পূৰ্ণ কৰিয়েই নিজ ঘৰলৈ উভতি অহা চফল ডেকা নিৰঞ্জনৰ চকুত পৰিল হেমলতা.. চকুত পেলায়ে ক্ষান্ত নাথাকি নিৰঞ্জন হেমলতাৰ প্ৰেমত পৰিব ধৰিলে... হেমলতাৰ বাবে সহজ হৈয়ে পৰিল ধনীৰ দুলালক নিজৰ প্ৰেমত হাবুডুবু খুৱাবলৈ... হেমলতাৰ ঘৰলৈ সঘনাই আহ যাহ হোৱাত গাঁৱৰ কিছুলোকৰ ফালৰ পৰা আপত্তি আহিব ধৰিলে, যিহেতু ইতিমধ্যে হেমলতাৰ চঞ্চল মন, সুবিধাবাদী চৰিত্ৰৰ উমান সকলোৱে পাইছিল... ঠিক তেনে সময়তে অকাল মৃত্যুত দেউতাকক হেৰুৱাই গাঁওবুঢ়াৰ দায়িত্ব মূৰপাতি লোৱা নিৰঞ্জনেই হৈ পৰিল ঘৰখনৰ সৰ্বেসৰ্বা.. কোনো লোকৰে আপত্তি নজৰিল তাৰ আগত হেমলতাক নিজৰ কৰি লোৱাত... জেতুকী বুঢ়ীৰ লগতে ঘৰখনে যেন হাততে স্বৰ্গ ঢুকি পালে.... হেমলতাৰ বিয়াৰ এটা বছৰ নৌঘূৰোতেই তাইৰ মাতৃগৃহ চকুত লগ ধৰণে সলনি হৈ গল... দুবছৰ পিছতেই এগৰাকীক উলহ মালহেৰে বিয়া দি এঘৰলৈ উলিয়াই দি আনজনী ভনীয়েকক কলেজত পঢ়িবলৈ পঠোৱা হল...মুঠৰ ওপৰত হেমলতাক জন্ম দি যেন সাৰ্থক হৈ পৰিল জেতুকী বুঢ়ী...

 গাঁওবুঢ়াৰ দায়িত্বৰ লগতে নানানধৰণৰ ব্যৱসায়ৰে নিৰঞ্জনে যিদৰে দিনে দিনে উন্নতিৰ জখলাত বগাব ধৰিলে ঠিক তাৰ বিপৰীতে হেমলতা হৈ পৰিল প্ৰচণ্ড অভিমানী, গোঁৱাৰ... মানুহক মানুহ বুলি গণ্য নকৰা হ’ল হেমলতাই... কেৱল তেতিয়াৰ দিনতেই দু-শ্ৰেণী বেছি পঢ়া নিৰঞ্জনৰ মাকক কিন্তু হেমলতাই লৰাব নোৱাৰিলে... কিন্তু হেমলতাৰ ৰূপ দেখি বৰপুত্ৰক লৈ চিন্তিত হৈ পৰিল শাহুৱেক সাৰদা.. তেওঁৰ পিছত বৰপুত্ৰৰ অন্ধকাৰ ভৱিষ্যতে খুলি খুলি খাব ধৰিলে তেওঁক... এতিয়াও ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ পৰলৈ সকলো কামতে মাকৰ আচলত লাগি থকা লৰাটোৰ চিন্তাই যেন অলপ সময়ৰ বাবে হলেও নিৰ্ভীক সাদাক জোকাৰি পেলালে...

 তিনিমাহ ধৰি গাঁৱৰ ৰাস্তাটোৰ পকী কাম কৰি আহি ৰূপাহঁতৰ ঘৰৰ পৰা দুঘৰমান আগত কাম কৰা বনুৱাখিনিয়ে তম্বু [ ২১৪ ] তৰিছে. এইখিনিৰ কাম শেষ হলেই আকৌ কেইঘৰমান আগুৱাই তম্বু তৰিব তেওঁলোকে... সৰুতে ঘাটমাউৰা হোৱা ৰূপা মামাক-মামীয়েকৰ লগতে ডাঙৰ হোৱা... আইতাকজনী থকালৈ বৰ বিশেষ অসুবিধা নহ’লেও আইতাক ঢুকুৱাৰ লগে লগে ৰূপাৰ ওপৰত সন্তানহীনা মামীয়েকে দেখ দেখকৈ অত্যাচাৰ কৰিব ললে... যাৰ নীৰৱ দৰ্শক হৈ থাকিল মোমায়েকৰ লগতে চুবুৰীয়াখিনি. কামত অকণমান হেৰ ফেৰ হ’লেই লঘোনে থাকি ৰাতি পাৰ কৰিবলগীয়া হোৱা ৰূপাই কান্দি কান্দি মাক- দেউতাক-আইতাকক নিজৰ ওচৰলৈ লৈ যাবলৈ হাতযোৰ কৰে অথচ ৰাতিপুৱাৰ লগে লগে সাজু হয় আকৌ এখন জীৱন যুদ্ধৰ সন্মুখীন হ’বলৈ...

 ৰাস্তা বনোৱা বিহাৰী সম্প্ৰদায়ৰ ঠিকাদাৰজনে প্ৰথমদিনা খোৱা পানী বিচাৰি আহিছিল যদিও পিছলৈ ঘৰখনত চাহ খোৱা পৰ্যায় পালেগৈ... সদায় দুপৰীয়া বনুৱাকেইটাই ভাত খোৱা সময়তে সি আহি মামীয়েকৰ লগত কথাৰ মহলা মাৰিব আৰম্ভ কৰে যি পিছলৈ ফুচফুচনিত পৰিণত হয়. দুপৰীয়া নৈৰ পাৰত কাপোৰকিটা ধুই পানীভৰ্তি কলহটো লৈ আনি পিছফালেৰে ঘৰ সোমাব লওঁতেই স্পষ্টকৈ শুনিছিল তাই মামীয়েক আৰু ঠিকাদাৰৰ কথাবোৰ... ৰাষ্টাৰ কাম শেষ হোৱাৰ লগে লগে এক মোটা ধনৰ বিনিময়ত ৰূপাক লগত লৈ যোৱাৰ কথা শুনি ৰূপা জ্বৰ ঘামে ঘামিছিল... চিঞৰি কান্দিব নোৱাৰি কাপোৰেৰে মুখত সোপা দি দি কান্দিছিল কিন্তু জানিছিলে ৰূপাই তাইক ইয়াৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই..

 মৃত্যুৰ আগতেই বৰপুত্ৰৰ কিবা এক গতি লাগিলে শান্তিত চকু মুদিব পাৰিব বুলি ভবা সাৰদা বুঢ়ীয়ে শেষত পুত্ৰৰ সংসাৰ পাতি দিয়াৰ সিদ্ধান্ত ল’লে যদিও বুঢ়ীয়ে ভালদৰে জানিছিল ত্ৰিভূবন ঘূৰিলেও বুঢ়ীয়ে বৰপুত্ৰৰ বাবে পাত্ৰী বিচাৰি নাপায়... কোনো পিতৃ-মাতৃয়ে নিজ সন্তানক মানসিক জ্ঞান নথকা মানুহ এজনক গটাই নিদিয়ে.. তথাপিও আশা এৰি নিদি বহু বিচাৰ খোচাৰ কৰাৰ অন্তত বুঢ়ীয়ে ৰূপালৈ মন মেলিলে... কথা পাতিয়েই মামীয়েকৰ চৰিত্ৰৰ উমান পাই বুঢ়ীয়ে ঠিকাদাৰে দিয়াতকৈ দুগুণ টকা দি কিনি ল’লে ৰূপাক... তেতিয়ালৈ ভাবী স্বামীৰ বিষয়ে একো নজনা ৰূপাৰ বাবে সাৰদা বুঢ়ী ভগৱান হৈ পৰিল... অনুষ্টুপীয়াকৈ বিয়া পাতি ৰূপাক লৈ অনা হ’ল অঞ্জনৰ পত্নী গাঁওবুঢ়াৰ ঘৰৰ দ্বিতীয় বোৱাৰী কৰি...

 কোনোপধ্যেই নিজৰ এই সত্তা এৰি দিব নোৱাৰে হেমলতাই... ৰূপাক বিয়া পাতি অনা দিন ধৰি হেমলতাৰ চকুৰ টোপনি হৰিল... আনহাতে বিয়াৰ পিছত গিৰিয়েকৰ কথা জানিব পাৰি ৰূপাৰো টোপনি নহা হ’ল... তাই শাহুৱেকৰ ওপৰত এনে এক পুত্ৰলৈ বিয়া পাতি অনা বাবে খং কৰিব নে সেই ঠিকদাৰটোৰ হাতৰ পৰা বচায় অনা বাবে তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ব একো ভাবি নোপোৱা হ’ল... তথাপিও এয়ে ভাগ্যৰ লিখন বুলি মানি ল’লে... ইয়াত তাই বোৱাৰী, পত্নীৰ মৰ্য্যাদা পাইছে, এমুঠি ভাত পাইছে, গাঁৱৰ এখন প্ৰভাৱশালী ঘৰৰ বোৱাৰী হৈছে, যিখন ঘৰৰ এইজনমত তাই কাহানিও যোগ্য নহয়... সেই ঠিকাদাৰটোৰ হাতত পৰিলে তাই তাৰ পত্নী হৈ থাকিল হয় নে তাইক নি সি ক’ৰবাত বেচি দিলে হয় এইলৈ শিহৰিত হৈ পৰিল ৰূপা... কিন্তু ৰূপাৰ দুখৰ অন্ত পৰা নাছিল... বিয়াৰ এমাহনহওঁতেই সাৰদাই পুত্ৰচিন্তা বোৱাৰীৰ হাতত দি এই সংসাৰ এৰি গুচি গল... মুকলি হৈ পৰিল হেমলতাৰ অত্যাচাৰৰ দুহাত... দুদিনতে ৰূপা কৰা মানুহৰ সমপৰ্যায়ৰ হ’ল... হেমলতাৰ লগত এষাৰ কথা পাতিলেও দহবাৰ চিন্তা কৰিব লগা হ’ল ৰূপাই... স্থান আৰু ভাতমুঠি হেৰুৱাৰ ভয়ত ৰূপাই নীৰৱতা অৱলম্বন কৰিলে... দেওৰকৰ কৃপাত কোনো মতে দুবেলা দুসাজ খাই জীয়াই থাকিল ৰূপা আৰু নিজৰ শুশ্ৰূষাৰে জীয়াই ৰাখিলে গিৰিয়েকক...

 প্ৰথম পুত্ৰ, নয়নৰ মনি। হিয়াৰ আমঠু। মূৰত থ’লে ওকনিয়ে খাব, মাটিত থ’লে পৰুৱাই, চকুৰ কালৰ দৰে আদৰৰ নিৰঞ্জনৰ ককায়েক, ৰূপাৰ স্বামী অঞ্জন। সৰুৰে পৰাই মানসিকভাৱে অক্ষম অঞ্জনক সকলো সুখ দুখ,ভাল বেয়াৰ পৰা বচাই মৰমেৰে আৱৰি ৰাখিছিল মাক সাৰদাই। তাৰ বাবে দ্বিতীয় পুত্ৰৰ প্ৰতি থকা দায়িত্বৰ পৰাও গা এৰা দিছিল... অঞ্জনৰো নিৰাপত্তাৰ এখন বহল আকাশ আছিল মাক সাৰদা। মাক আঁতৰি গল, অঞ্জনে নাকান্দিলে... কিন্তু ৰাতি যেতিয়া মাকক বিচাৰি চিঞৰ-বাখৰ কৰি বস্তু বাহানি ভাগি বলিয়ামি কৰাত ভায়েকে টাঙোন লৈ মাৰিব উদ্যত হ’ল প্ৰথমবাৰৰ বাবে। খঙাল ভায়েক, জায়েকৰ সন্মুখত নিৰ্ভীকতাৰে থিয় হৈ নিজ গিৰিয়েকক ৰক্ষা কৰিলে ৰূপাই। মাকৰ পিছত ৰূপাৰ আঁচলৰ তলত নিৰাপত্তা পালে অঞ্জনে...।

 দিন গল, ৰাতি গল, দিন বাগৰিল লাহে লাহে মাহ বছৰ। দিনৰ দিনটো ঘৰখনত গেবাৰি খাটি অঞ্জনৰ আপদাল কৰি দিন গৈ থাকিল ৰূপাৰ... সহজ হৈ পৰিল ৰূপাৰ লগত অঞ্জন। কিন্তু এদিন ৰাতি কোনো কথাৰ আওভাও নোপোৱা অঞ্জনে [ ২১৫ ] জীৱনৰ আটাইতকৈ ডাঙৰ খেলখন খেলি পেলালে...

 কেইবামাহো গা নুধোৱা ৰূপাই যেতিয়া গম পালে তাইৰ দেহৰ ভিতৰত এটি কণমানী বীজ অংকুৰিত হোৱাৰ কথা ৰূপাই যেন নতুনকৈ জনম পালে..। আনহাতে দুজনী ছোৱালী এটি পুত্ৰ সন্তানৰ মাতৃ হেমলতাই ইমানদিনে মানসিকভাৱে অক্ষম অঞ্জন আৰু কোনোদিনে এইখন ঘৰৰ বোৱাৰীৰ মৰ্যদা নিদিয়া ৰূপাৰ পৰা নিজৰ সম্পত্তি সম্পূৰ্ণ সুৰক্ষিত বুলি ভাবি লৈছিল। শহুৰেকৰ বিশাল সম্পত্তিৰ অকলে মালিক হোৱাৰ আশাই বলিয়া কৰি পেলাইছিল হেমলতা আৰু গিৰিয়েক নিৰঞ্জনক। কিন্তু ৰূপাৰ অন্তঃসত্ত্বা হোৱাৰ কথা গম পোৱাৰ লগে লগে তাচপাতৰ দৰে সহি পৰিল দুয়োৰে আশাৰ ঘৰটো..।

 কোনোপধ্যেই ৰূপা অঞ্জনৰ সন্তানক পথিৱীৰ মুখ চাব দিব নোৱাৰি...। তাৰ বাবে নীচতকৈ নীচ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে হেমলতাই... নিজৰ আৰু সন্তান তিনিটাৰ সুখৰ পথত কোনোপধ্যে হেঙাৰ হ’ব নিদিয়ে ৰূপাৰ সন্তানক। আৰু সেয়ে অতি কঠোৰভাৱে গাঁৱখনৰ মূৰত থকা মানুহজনৰ পৰা মাক জেতুকী বুঢ়ীৰ হতুৱাই লৈ আনিছে বড়ি তিনিটা। আজি অমাৱস্যা আজিয়েই কামভাগ সমাপ্ত কৰাৰ উদ্দেশ্যে নিজহাতে তিনিটা বড়ি পায়সত মিলাই ৰূপালৈ আগবঢ়াই দিলে হেমলতাই পৰিয়ালৰ আহিবলগীয়া এটি অংশৰ হেঁপাহতে এই মৰম দেখুওৱা বুলি কোনো দুশ্চিন্তা মনলৈ নানি হেঁপাহেৰে পায়স বাটি শেষ কৰিছিল ৰূপাই...।

 ৰাতিপুৱাৰ পৰা অবিৰাম গতিত দি থকা বৰষুণজাকৰ শাম কটাৰ কোনো লক্ষণ নেদেখিলে ৰূপাই... বৰষুণজাকৰ লগতে দেহ মন দুয়োটাই বেয়া লাগিব ধৰিলে, তথাপিতো গিৰিয়েকৰ খাতিৰতে কৰণীয়খিনি কৰি আহিবলগীয়া কণমানীটোৰ আশাতে ৰূপাই মনটো ভাল লগাই থাকিব চেষ্টা কৰিলে। শেষৰাতি বৰষুণজাকৰ গতি বাঢ়ি গল লগতে ৰূপাৰ তলপেটত এটি প্ৰচণ্ড বিষ। বতাহ, বৰষুণ, ঢেকেনিৰ কাণতাল মৰা শব্দত কোনো কাৰো মাত নুশুনা হোৱাৰ সময়তে ৰূপায়ো প্ৰচণ্ড পেট বিষত চটফটাব ধৰিলে। ৰূপাৰ সৰ্বস্ব কাপোৰ ৰাঙলী কৰি এটি তেজৰ উষ্ণ ৰক্তধাৰা মাজেৰে বৈ আহি এটি কণমানী সপোন মৰহি গ'ল। অঞ্জন ৰূপাৰ সপোনটোৰ অকাল মৃত্যুৰ কোনো উমঘামেই নাপালে কাষতে শুই থকা অঞ্জনে।

 অধৈৰ্যভাৱে তিনিদিন কটোৱাৰ পিছত এটি ভয়ানক ৰাতি পাৰ কৰা ৰূপাৰ বিধ্বস্ত ৰূপ দেখি হেমলতাই সকলো বুজি নিজৰ সফলতাত এক কূটিল হাঁহি মাৰিলে। ৰূপাৰ মৰহি যোৱা সপোনটোৰ লগতে ৰূপাৰ বিধ্বস্ত ৰূপে সকলোকে কন্দুৱাই পেলালে। আনহাতে মানুহজনে কোৱাৰ দৰেই হোৱা বাবে নিৰ্দয়ী হেমলতা নিশ্চিত হ’ল যে কেতিয়াও দুনাই ৰূপাই আৰু এই সোনালী সপোন চোৱাৰ যোগ্য হৈ নুঠে৷ ৰূপাই যেন এইমাত্ৰ শেষ কৰি দিব নিজকে। সপোনটোৰ লগতে যেন জীৱনটোৱেই শেষ হৈ গল ৰূপাৰ। তথাপি ৰূপা জীয়াই থাকিল হয়তো অঞ্জনৰ বাবেই...।

 ঋতু আহিল ঋতু গ’ল, আৰু সময়ৰ লগতে মানুহৰ শাৰীৰিক মানসিক পৰিবৰ্তন আহিল। নিৰঞ্জন আৰু বেছি প্ৰভাৱশালী হৈ উঠিল... হেমলতাৰ সংসাৰ হেমলতাই বিচৰাধৰণেই আগবাঢ়ি গ’ল। দুই কন্যাক ধনী ঘৰলৈ উলিয়াই দি ধনীৰ দুলালী পুত্ৰবধুও নিজ পচন্দত বিচাৰি থৈ হেমলতাই পুত্ৰৰ বিয়াৰ পিছতেই সম্পূৰ্ণ আজৰি হৈ পৰিব। ঘৰখনৰ পৰিৱেশ সলনি হ’ল, কাম কৰা মানুহ সলনি হ’ল, আনকি গাঁওখনৰ লগতে গাঁৱৰ মানুহবোৰো সলনি হ’ল। অঞ্জনেও আগৰ দৰে বলিয়ামি নকৰি একে ঠাইতে জুপুকা মাৰি থকা হ’ল... কেৱল থকা ঠাইতে সলনি নোহোৱাকৈ থাকি গ’ল ৰূপা। এতিয়াও ৰাতিপুৱাৰ পৰা ৰাতিলৈ গাধৰ দৰে গেবাৰি খাটি অঞ্জনৰ আপদাল কৰিয়েই দিন পাৰ কৰি আছে ৰূপাহ। মাজে মাজে হেৰুৱা সপোনটোৰ দুখে হেঁচা মাৰি ধৰে। মৰি যোৱাৰ কথাও মনলৈ আহে। নোৱাৰে অঞ্জনৰ বাবেই নিজকে শেষ কৰিব নোৱাৰে। জীয়াব লাগে বাবে জীয়াই থাকে ৰূপা। চকুৰ আগত ডাঙৰ হোৱা ল’ৰা-ছোৱালীকেইটাই মাক-দেউতাকৰ দৰেই বৰমাক-বৰদেউতাকক অৱহেলা কৰিয়েই ডাঙৰ হ’ল। মাক-দেউতাকৰ লগতে সিহঁতক এষাৰ মাত দিবলৈ দহবাৰ চিন্তা কৰিব লগা হয় ৰূপাই...।

 দুজনী ছোৱালীৰ পিছত জন্ম হোৱা হেমলতা নিৰঞ্জনৰ একমাত্ৰ পুত্ৰ প্ৰীতমৰ বিয়া। চহৰত গৈ পঢ়া শুনা সমাপ্ত কৰা, ডাঙৰ চাকৰি কৰা প্ৰীতমৰ কিন্তু দুখীয়া মানুহৰ প্ৰতি মনটো ঠেক, ঠিক মাক দেউতাকৰ দৰেই প্ৰীতমৰ বিয়াৰ বাবেই আৰু এটা নতুনকৈ ঘৰ সজা হৈছে চোতালৰ আনটো মূৰে, বিয়া হৈ যুগ্মজীৱন আৰম্ভ কৰা ৰূপা অঞ্জনৰ দুকোঠালীৰ ঘৰটো ভাঙি পেলায়। ৰূপা আৰু অঞ্জনক পিছফালে থকা বিশাল বাৰীখনৰ এটা চুকত সাজি দিয়া হৈছে তৰ্জাবেৰৰ দুটা কোঠালী... তথাপি

ৰূপাই দুখ কৰা নাই। ভগৱানে জীৱনৰ আটাইতকৈ ডাঙৰ দুখটোৰে থকা সৰকা কৰাৰ পিছত আজিকালি কোনো দুখেই কাণষাৰ নকৰে ৰূপাই...।

[ ২১৬ ]  এসপ্তাহ আগৰপৰাই বিয়াৰ উলহ মালহত ডুব গৈ আছে গাঁওবুঢ়াৰ ঘৰ। গোটেই গাঁওখন নিমন্ত্ৰিত বিয়াঘৰলৈ। ৰন্ধাই ৰান্ধিছে, খুৱাই খাইছে, ফুৰ্তি কৰাই ফুৰ্তি কৰিছে। হেমলতাৰ দুয়োজনী ছোৱালী সন্তানসহ আহি পাইছে বিয়াৰ তিনিদিন আগত। হেমলতাৰ গা সাতখন-আঠখন। এতিয়াও ব্যতিক্ৰম ৰূপা। তাই যেন ঘৰখনৰ কোনো অংশই নহয়, যন্ত্ৰবৎ কেৱল কাম কৰি গৈছে। মাজে মাজে খেয়াল ৰাখি গৈছে অঞ্জনৰ...।

 বিয়াৰ দিনা ৰাতিপুৱাই জোৰোণ দি আহি মানুহখিনিয়ে ৰাতিৰ বিয়ালৈ সাজু হোৱাৰ আগত খন্তেক জিৰণি ল’বলৈ যো-জা কৰাৰ সময়তে হাতত এযোৰ পুৰণা পাটৰ কাপোৰ লৈ হেমলতাই ভৰি দিলে ৰূপাৰ কোঠালীত শুই থকা অঞ্জনৰ কাষতে বিছনাৰ ওপৰত কাপোৰজোৰ লাহেকৈ দলিয়াই থৈ ৰূপাক কইনা অহাৰ পৰত সেইযোৰ পিন্ধিবলৈ আদেশৰ সুৰত কোৱাৰ দৰে কৈ আঁতৰি গ’ল হেমলতা...!

 সন্ধিয়া হোৱাৰ লগে লগে সকলো সাজু হ’ল কইনাৰ ঘৰলৈ বুলি। এখন ছুপাৰ বাছৰ লগতে নিৰঞ্জনৰ চাৰিখন অত্যাধুনিক গাড়ীৰ আটাইতকৈ ডাঙৰ আৰু দামী গাড়ীখন গোলাপ ফুলেৰে সু-সজ্জিত কৰি কইনা আদৰি আনিবলৈ সাজু কৰা হৈছে। দুজনমানক ঘৰতে থাকিবলৈ কৈছিল যদিও কইনা ঘৰ নগৈ ঘৰত থাকিবলৈ কোনো ৰাজী নহ’ল। অগত্যা তিনিজনীমান কাম কৰা মানুহৰ লগতে জীয়েকৰ ফালৰ দুই বিয়নী লৈ কইনা আদৰিবলৈ ঘৰতে থাকিল হেমলতা আৰু থাকি গ'ল বাৰীৰ চুকৰ ঘৰটোত অঞ্জন, ৰূপা...।

 দৰাৰ সখী সহিতে প্ৰীতমক লগত লৈ কইনা আনিবলগীয়া গাড়ীখনত বহিব লওঁতেই সকলোৱে হুলস্থুল কৰি উঠিল। দৰা প্ৰীতমক এৰি কোনোপধ্যেই তেওঁলোক বাছত যাব ৰাজী নহ’ল। তেওঁলোকৰ মতে বিয়াৰ পিছৰ পৰাই দৰা কইনাৰ হৈ পৰিব সেয়ে যিকণ সময় বাকী আছে প্ৰীতমৰ সেইকণ সময় আত্মীয়সকলৰ। অৱশেষত দুজনমান বয়সীয়াল লোকক সৰু গাড়ীখনত বহুৱাই সখী সহিতে প্ৰীতম, জানকী বুঢ়ী, স্বামী সন্তান সহিতে দুই কন্যা আদিকে কৰি সকলো লোকৰ লগত নিৰঞ্জন ছুপাৰত বহিল। উৰুলি, আয়তীৰ নাম, হৰ্ষ উল্লাসধ্বনিৰ মাজেৰে দুয়োখন গাড়ী আগবাঢ়িল কইনাঘৰ অভিমুখে। নিজম পৰি ৰ’ল বৃহৎ ঘৰখন। বিবাহঘৰৰ পোহৰে দিন যেন কৰি পোহৰাই ৰাখিলে ৰাতিৰ অন্ধকাৰে আৱৰি ৰখা গাঁওবুঢ়াৰ ঘৰৰ বৃহৎ চৌপাশ...।

 তিনিঘন্টা মানৰ মূৰত ৰূপাক মতোৱাই আনি সকলোৰে বাবে পাতলীয়া চাহ জলপানৰ যোগাৰ কৰিব দি আৰামী চকীখনত হেলান দি বহি পৰিল হেমলতা। থুতৰিত সোঁহাতৰ মুঠিৰে ভেজা দি চকুদুটা মুদি উভতি গ’ল হেমলতা অতীতলৈ। এখন এখন ছবি অগাদেৱা কৰিলে চকুৰ আগত। মদাহী দেউতাকৰ অত্যাচাৰ, এসাজ খায় এসাজ নেখায় কটোৱা দিনবোৰ, পিন্ধিবলৈ এসাজ কাপোৰ নথকা দিনবোৰ। অথচ আজি ভাগ্য হেমলতাৰ হাতৰ মুঠিত। ইচ্ছা কৰিলেই সময়ক নিজ ইচ্ছাত চলাব পাৰে হেমলতাই। টকাৰ জোৰত আজি হেমলতাৰ বাবে অসাধ্য একো নাই। এসময়ত ভাত কাপোৰৰ বাবে হাহাকাৰ কৰা হেমলতাৰ টকাৰে আজি ক’ত পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে।

 জলপানৰ বাটিটো চাহৰ কাপটোৰে সৈতে লৈ ৰূপা আহি হেমলতাৰ ওচৰত থিয় হোৱাৰ লগে লগে টেলিফোনটো বাজি উঠিল। যতি পৰিল হেমলতাৰ ভাৱনাত। নিৰ্জন ঘৰটোত টেলিফোনৰ সদায় শুনি থকা মাতটোও কৰ্কশভাৱে শুনা গ’ল। অলসভাৱে ফোনটোৰ কাষলৈ উঠি গ’ল হেমলতা। ফোনটো কাণতলৈয়ে কিছুপৰ চকু ডাঙৰ কৰি থিয় হৈ থাকি এটা বিকট চিঞৰ মাৰি ঢলি পৰিল হেমলতা। পকী মজিয়াত পৰাৰ আগতেই চাহ জলপানৰ বাচন হাতৰ পৰা পেলাই সাৱটি ধৰিলে হেমলতাক ৰূপাই। তেতিয়াও পৰি ৰোৱা ফোনটোৰ পৰা হেল্ল’ হেল্ল’ শব্দ ভাহি অহাত কঁপা কঁপা হাতেৰে ধৰো নধৰোকৈ ফোনটো তুলি কাণত লগোৱা ৰূপাই মুহূৰ্ততে শৰীৰ বৰফ কৰি পেলোৱা খবৰটো শুনি ঠাইতে থৰ লাগিল। সিটো মূৰৰ পৰা ভাঁহি আহিছিল অচিনাকি ব্যক্তিজনৰ কণ্ঠস্বৰ। হিয়া ভঙা বাতৰি এটা কঢ়িয়াই আনিছিল এই অচিনাকি মানুহজনে।

 বহুদিন, বহু মাহ, বহু বছৰলৈ গাঁৱৰ প্ৰত্যেকজন মানুহক কন্দুৱাই ৰাখিলে খবৰটোৱে।

 “বিবাহীযাত্ৰী কঢ়িয়াই অনা বাছ দুৰ্ঘটনাত পতিত... দলং ভাঙি ত্ৰিশ ফুট ওপৰৰ পৰা তলৰ দ-খাৱৈত পৰি যায় বাছখন... জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’ল বাছখনৰ এজনো ব্যক্তিক”। [ ২১৭ ]

বৌটি পাগলী হ’ল

ৰিতুমণি বৰুৱা (পলি)

 : অই ৰ’হচোন ৰ’..., এইটো গোৱিন্দ নহয় নে?

 হঠাৎ পিছফালৰ পৰা মতা অচিনাকি মাতষাৰত মই চাইকেল খন ৰখাই পিছলৈ চালোঁ...।

 : অহ্ মহন দাইটি চোন। ভালে আছে? বহুদিনৰ মূৰত এইফালে মনত পৰিল...।

 : আছোঁ দে। ভালনো কি, এতিয়া বয়সে হ’ল। ইটো সিটো বেমাৰ নুগুচেই। হয় দে এবছৰেই হ’ল গাঁৱলৈ নহা।

 : পিছে খবৰ কচোন। ল’ৰা ক’ত এতিয়া, ঘৰতেই নে?

 : আহক, আহক গৈ গৈয়ে পাতি যাম।

 খবৰ ভালেই। ল’ৰা দিগবৈত আছে, কোম্পানী এটাত খাতি আছে, পাৰমেন্ট হ’ব বুলি শুনিছো জানো কি হয়...!

 চাইকেলখন ঠেলি দাইটিৰ লগত কথা পাতি পাতি আগবাঢ়িলোঁ।

 মহন দাইটি এইখন গাঁৱৰে এজন লোক। পুতেকৰ লগত চাকৰি জেগাত থাকে। ইয়াত চোৱা চিটা কৰিবলৈ মানুহ নাই বাবে তেওঁকো লৈ গৈছে। গাঁৱৰ ঘৰটো ভাড়া দি থৈছে। মাটি খিনি অৱশ্যে মইয়ে কৰো। দেউতা থকাৰ পৰাই দাইটিহঁতৰ লগত আমাৰ এক সু-সম্পৰ্ক আছিল, আৰু এতিয়াও আছে।

 দুয়ো কথা পাতি গৈ থাকোঁতেই সন্মুখৰ ফালৰ পৰা মানুহ এগৰাকী নাছি বাগি গান গাই আহি আছে, তেওঁলোকৰ ওচৰ পাই মানুহগৰাকী ৰৈ গ’ল, আৰু ভেবা লাগিল।

 মহন দাইটিয়ে মানুহগৰাকীলৈ থৰ হৈ চালে।

 : ঐ গোৱিন্দ, এইজনী চোন মালতী। তাই মোক চিনিয়েই পোৱা নাই নেকি?

 : বোলো, চিনি পোৱা নাই নেকি অ’ মালতী? এনেকৈ থৰ লাগিলি যে..।

 : দাইটি, বৌটিয়ে আপোনাক আৰু কোনোদিনেই চিনি নাপায়।

 : কিয় অ’, কিয় চিনি নাপাব অ’ তাই? কমল থকা দিনৰে পৰাই আমাৰ ঘৰখনৰ লগত ভাল সিহঁতৰ। আৰু বিপুলটো আমাৰ ঘৰতেই ডাঙৰ হোৱাৰ নিছিনা।

 এইবাৰ মানুহগৰাকী আগুৱাই আহি তেওঁলোকৰ সন্মুখত ৰৈ হাতযোৰ কৰি ক’লে

 : দদাইদেউ, মোৰ কামৰ পইচা কেইটাৰ লগত দুটামান বঢ়াই দিয়ক, মই কাম কৰি মিলাই দিম। কেইবাদিনো হ’ল ল’ৰাটোক মাছ অকণ খোৱাব পৰা নাই। মানুহ গৰাকী য়ে দুয়োৰে মুখলৈ চালে। কিমান কাতৰতা আছিল সেই চাৱনিত বুজাই কোৱা টান।

 দাইটিয়ে আচৰিত হৈ মানুহ গৰাকীলৈ চালে। এইবাৰ মানুহ গৰাকীয়ে ইনাই বিনাই কান্দিবলৈ ধৰিলে। পিছমুহূৰ্ততে পুনৰ ধেকধকাই হাঁহি উঠিল।

 : তাৰ চাকৰিটো হ’ল অ’ অ’ গোৱিন্দ কলৈ গলি...? শুনচোন শুন, অই...।

 চিঞৰি চিঞৰি মানুহগৰাকী এইবাৰ তেওঁলোকৰ ওচৰৰ পৰা উধাতু খাই আঁতৰি গ’ল।

 দাইটি লৈ চালো মই,

 দাইটিয়ে বৰ কৰুণ দৃষ্টিৰে বৌটি যোৱালৈ চাই ৰ’ল। তাৰ পিছত মোলৈ চাই সুধিলে,

 : মালতীজনীৰ এইয়া কি হ’ল গোৱিন্দ? তাইৰ এই দশা কিয় হ’ল?? দাইটিৰ চকুত অবাক বিস্ময়।

 : এতিয়া ব’লক দাইটি, ঘৰত গৈ মই সকলো কম।

 চাহ খাই কৰি দুয়ো বহি ল’লোঁ। দাইটি যেন কিবা চিন্তাত বিভোৰ। [ ২১৮ ]  : মই ভাবি পোৱা নাই ইমান ভাল মানুহজনীৰ এইয়া কি অৱস্থা হ’ল গোৱিন্দ। মোৰ আগৰ কথাবোৰ মনলৈ আহিছে গোৱিন্দ, কমল ঢোকোৱাৰ পিছত সেই ফুল কুমলীয়া মালতীজনীয়ে তাইৰ কুমলীয়া হাত দুখনেৰে লোকৰ ঘৰে ঘৰে কাম কৰি কিমান যে কষ্ট কৰি বিপুলক ডাঙৰ কৰিলে। মানুহ কৰিলে, ময়ো যথেষ্ট সহায় কৰিছিলো।

 আৰু এতিয়াটো সেই দুখৰ দিনৰ ওৰ পৰিল, বিপুলৰো চাকৰি হ’ল। কিন্তু এতিয়া কিহৰ বাবে মানুহজনীৰ এই দশা হ’ল গোৱিন্দ?

 কথাবোৰ ক’ সোনকালে, মই শুনিবলৈ অধীৰ হৈ পৰিছো। মালতীক এনে ৰূপত দেখি বৰ কষ্ট পাইছো। দুচকু চলচলীয়া হৈ পৰিল দাইটিৰ।

 : তাকেই দাইটি, বৌটিয়ে সুখৰ মুখ দেখিয়েই নাপালে। বিপুলৰ চাকৰি হোৱাৰ পিছত বৌটিৰ আনন্দৰ সীমা নোহোৱা হৈছিল। আমিও বৰ সুখ পাইছিলোঁ৷ সময় বাগৰিল, বিপুলৰ বিয়া বাৰুও হৈ গ’ল। তাৰপিছত লাহে লাহে বৌটিৰ বিপুল সলনি হৈ আহিল। আৰু এদিন মাকক অকলে এৰি পত্নীক চাকৰি জেগালৈ লৈ গ’ল। খোৱা ভাতৰ অভাৱ নোহোৱা হ’ল যদিও অকণমান সুখৰ হাঁহিৰ অভাৱ বৌটিৰ সদায় থাকিল। মাজে মাজে পুত্ৰ-বোৱাৰী আহে দুই চাৰি দিন থাকি গুচি যায়। তেজৰ সম্পৰ্ক নাই যদিও মনৰ আত্মীয়তা বোধ আৰু বিশ্বাসৰ বাবেই ঘৰৰ কিছুমান সৰু সুৰা দায়িত্ব মোৰ ওপৰতে পৰিল। ময়ো যিমান পাৰোঁ বৌটিক সহায় কৰি দিওঁ। তেনেকৈয়ে চলি আছিল, কিন্তু সেই সময় চোৱাতেই বৌটি চালৰ ৰোগত আক্ৰান্ত হৈছিল। বৌটিৰ গোটেই মুখখন গোটা গোটা বিহফুহাৰ দৰে ফুহাৰে ভৰি পৰিছিল। মুখখন দেখিবলৈ ভয়লগা হৈ পৰিছিল বৌটিৰ। মইয়ে ডাক্তৰক দেখুৱালোঁ।

 ডাক্তৰৰ পৰা জানিব পাৰিলোঁ এইবিধ সোঁচৰা ৰোগ। ঔষধও খালে, কিন্তু অলপো ভাল নহ’ল, বৰং দুগুণে বাঢ়িলহে।

 লাহে লাহে গাঁৱৰ মানুহে কথাবোৰ গম পালে। মানুহবোৰে বৌটিৰ খবৰ লোৱাটো বাদেই বৌটিক দেখিলেই আঁতৰ হয়, মানুহজনী ক’লৈকো ওলাব নোৱাৰা হ’ল। যিবোৰ মানুহক বৌটিয়ে পইচা লৈ হওক এনেই হওক সহায় কৰি দিছিল সেই মানুহবোৰৰ তেনে কৰ্ম কাণ্ডত বৌটিয়ে বৰ আঘাত পাইছিল। মানুহবোৰ যে ইমান স্বাৰ্থপৰ হ’ব পাৰে ভাবি ময়ো আচৰিত হ’লোঁ। একমাত্ৰ মোৰ বাহিৰে সেই সময়ত বৌটিৰ কাষত আন কোনোৱেই নাছিল। কথাবোৰ বিপুলকো জনোৱা হ’ল।

 সেইদিনা বিপুলহঁত অহাৰ খবৰটো পাই যেন বৌটিৰ মুখলৈ পানী আহিল। মানুহে দেখা পাই বুলি মুখখন কাপোৰেৰে ভালকৈ ঢাকি বৌটি মোৰ ওচৰ পালেগৈ পুতেক অহাৰ খবৰটো দিবলৈ। বাহিৰতে ৰৈ মোক কথাষাৰ কৈয়ে বৌটি গুচি গৈছিল। মই কেইবাবাৰো কোৱাতো বৌটি ভিতৰ নোসোমাল, বৰ বেয়া লাগিল মানুহগৰাকীলৈ।

 বিপুল আহি পাই বৌটিক পুনৰ ডাক্তৰক দেখুৱালে, বেমাৰটোৰ বিষয়ে জনাৰ পিছত পুতেকেও বৌটিক এক অন্য দৃষ্টিৰে চাবলৈ ধৰিলে। বৌটিক এটা আচুতীয়া কোঠাত থাকিব দিলে বিপুলে। ৰুমটোৰ খিৰিকীখনো খুলিব নিদিয়ে তেওঁলোকে। তেওঁৰ মনত এটা কথাই বেছি দুখ দিলে, ইমান দিনৰ মূৰত পুতেক আহিলে। ল’ৰাটোৰ মুখখনকে তেওঁ ভালকৈ নেদেখিলে।

 লাহে লাহে যেন এটা বন্দীত্বৰ জীৱন আৰম্ভ হ’ল বৌটিৰ। বোৱাৰীকেও পুতেকৰ লগত মিলি বৌটিক অৱহেলা কৰিব ধৰিলে।

 প্ৰায় দুসপ্তাহমান তেনেকৈয়ে পাৰ হ'ল। খোৱা বোৱা সকলোবোৰ ৰুমতেই কৰিব লগা হৈছিল। লাহে লাহে বৌটিৰ জীৱনটোৰ প্ৰতি ঘৃণা জন্মিব ধৰিলে।

 জীৱনত এনেকুৱা এটা দিন আহিব বুলি তেওঁ কল্পনাও কৰা নাছিল।

 এদিনৰ কথা, সকলো সময়তে ৰুমটোত সোমাই থাকি তেওঁৰ আমনি লাগিছিল, সেইদিনা ৰাতি পুত্ৰ-বোৱৰী শুৱাৰ পিছত তেওঁ মনে মনে ৰুমটোৰ পৰা ওলাই গ’ল।

 পুতেকৰ ৰুমৰ সন্মুখত ৰ’ল তেওঁ। পুতেকৰ মুখখন এবাৰ চাবলৈ মনটোৱে হাহাকাৰ কৰি উঠিল তেওঁৰ, কিমান দিন যে হ’ল তাৰ মুখখন নেদেখা। খন্তেক ৰৈ ৰুমলৈ উভতি যাব খোজোঁতেই পুতেক-বোৱাৰীয়েকৰ মাত শুনিলে।

 ; জানানে আমি একেটা ঘৰতে থকাটো উচিত হোৱা নাই। ইমান মাৰাত্মক ৰোগ, আমাৰ বাৰু আমাৰেই, আমাৰ আহিব লগা সন্তানৰ যদি কিবা ক্ষতি হয়? [ ২১৯ ]  কি? বোৱাৰী তাৰমানে মা হ’ব ওলাইছে? আৰু মই আইতাক হ’ব ওলাইছো, মইচোন গমেই নাপাওঁ এইবোৰ। আনন্দত দুচকু ভৰি পৰিল তেওঁৰ। মুখত এটি হাঁহিৰ ঢৌ খেলি গ’ল। তেনেতে পুতেকৰ মাত তেওঁৰ কাণত পৰিল।

 : কথাটো ময়ো ভাবিছো, তুমি চিন্তা নকৰিবা। দুদিন ৰোৱা, কিবা এটা বুদ্ধি কৰি আমি ঘৰৰ পৰা গুচি যাম। এটা কথা আকৌ, এই কথাবোৰ যাতে বুঢ়ী য়ে জানিবলৈ নাপায়। নহ’লে হুলস্থূল লগাব।

 পুতেকৰ কথাই বৌটিৰ অন্তৰখন যেন শেলে বিন্ধাদি বিন্ধিলে। কেনেকৈনো গৈ ৰুম পালেগৈ তেওঁ ক’বই নোৱৰিলে। ৰুমত সোমাইয়েই তেওঁ কান্দোনত ভাগি পৰিল। বিপুলৰ মুখত এনে কথা, ইমান ডাঙৰ হ’ল নে তেওঁৰ ল’ৰাটো, সকলোবোৰ কথা চোন মনতেই আছে। দদাইদেউৰ ফটোখন বুকুত সাৱটি সেইদিনা গোটেই ৰাতি কান্দিলে মানুহজনীয়।

 আৰু সেইদিনা ৰাতিয়েই তেওঁ এটা সিদ্ধান্ত লৈ পেলালে।

 পিছদিনা দুপৰীয়া পুত্ৰ-বোৱাৰী ৰুমত শুই থকা সময়ত তেওঁ ৰুমৰ পৰা ওলাই গৈ তেওঁলোকৰ ৰুমৰ দুৱাৰমুখত ৰ’ল। দুৱাৰখন এনেই জপাই থোৱা আছিল। তেওঁ ঠেলি দিয়াৰ লগে লগে দুৱাৰখন মেল খাই গ’ল। দুয়ো টোপনিত, কিছু আঁতৰৰ পৰাই তেওঁ পুতেকৰ মুখলৈ ৰ’ লাগি চালে। বুকুখন যেন শাত পৰি গৈছে তেওঁৰ। মন ভৰি চালে পুতেকৰ মুখখন, তেওঁৰ এনে লাগিল যেন এবাৰ হাতখন ফুৰাই দিব পুতেকৰ মুখত, কিন্তু সেয়া সম্ভৱ নহয়, চকুযোৰ পানীৰে ভৰি পৰিছিল তেওঁৰ। পুতেকৰ মুখৰ পৰা এইবাৰ চকু আঁতৰাই তেওঁ বোৱাৰীয়েকক চালে। বোৱাৰীয়েকৰ পেটটোতো তেওঁ এবাৰ চকু ফুৰালে, পাৰ ভাঙি বৈছে তেওঁৰ চকুলোৰ বান। এটা সময়ত চকুলো মছি ৰুমৰ পৰা ওলাই আহিব খুজোতেই হঠাৎ পুতেক সাৰ পাই গ’ল। আৰু তেওঁক তাত দেখি পুতেক বলিয়াৰ দৰে হ’ল।

 : তই?? তই ইয়াত কি কৰিছ? কিয় আহিছ তই ইয়ালৈ? তোক ৰুমৰ পৰা ওলাব মানা কৰোতেও কিয় ৰুমৰ পৰা ওলাই আহিলি?? খঙত ক’ব নোৱাৰা হৈ পৰিল পুতেক, পুতেকৰ চিঞৰত বোৱাৰীয়েকে উঠি বহিল।

 : যা ওলাই যা,ওলাই যা ইয়াৰ পৰা।

 তেওঁৰ মুখেৰে একো কথাই নোলাল। থৰ লাগি মাথো পুতেকলৈ চাই ৰ’ল, হয় জানো এইটো তেওঁৰ ল’ৰা?? সঁচাকৈয়ে বিশ্বাস কৰিবলৈ টান লাগিল আজি তেওঁৰ।

 সৰু কালৰ বিপুলটো তেওঁৰ চকুৰ আগত ভাহি আহিল। অতীতৰ মন ভৰি পৰা সেই টুকুৰা টুকুৰ ছবিবোৰ চাই তেওঁ ইমানেই মগ্ন হৈ পৰিল যে বিপুলে বৰ্তমান কৈ থকা একো কথাই মানুহগৰাকীৰ কাণত নোসোমাল।

 তেওঁ লৰচৰ নকৰা দেখি এইবাৰ পুতেক উঠি আহি তেওঁক ৰুমৰ বাহিৰলৈ ঠেলিয়াই দিলে, তেওঁ গৈ পকা মজিয়াত হামখুৰি খাই পৰিল। কপালেদি তেজ বৈ আহিল তেওঁৰ। বিপুলেই তেওঁক উঠাই কপালত বেণ্ডেজ এটা মাৰি তেওঁৰ ৰুমত গৈ থৈ আহিল, নিজৰ ভুলৰ একো অনুতাপ বিপুলৰ মুখত ফুটি নুঠিল। বৰঞ্চ বাৰে বাৰে সকিয়াই থৈ আহিল যে তেওঁ যাতে দ্বিতীয় বাৰ ৰুমৰ বাহিৰ নহয়।

 পুত্ৰৰ এই ব্যৱহাৰে মানুহগৰাকীক ক্ষুণ্ণ কৰিলে। কলিজাখন পুৰি ছাঁই হ’ল তেওঁৰ। কান্দি কান্দি যেন চকুলোবোৰো শুকাই গ’ল মানুহগৰাকীৰ।

 আৰু সেইদিনাই ৰাতি বিপুলৰ দেউতাকৰ স্মৃতি জড়িত সেই ভেটি মাটি, আৰু মৰমৰ ঘৰখন এৰি তেওঁৰ বুকুৰ ধন বিপুলক এৰি চিৰদিনৰ বাবে ওলাই আহিল।

 কিন্তু বৌটিয়ে জানো মোক মাত এষাৰ নিদিয়াকৈ তেনেদৰে গুচি যাব পাৰে...!!!

 আৰু ক'ব নোৱাৰিলোঁ, ৰৈ গ’লো মই। বহু সময় হেঁচামাৰি ধৰি ৰখা দুখবোৰ এইবাৰ চকুলো হৈ বাগৰিব ধৰিছে। দাইটিলৈ চালোঁ, দাইটিৰো চকু চকুলোৰে ভৰি পৰিছে। দাইতিয়ে মোলৈ চাই থুকাথুকি মাতেৰে ক’লে...

 : কৈ যা, তাৰ পিছত....?

 চকুলো বোৰ মছি নিজক কিছু চম্ভালি পুনৰ ক’লোঁ।

 : ঘৰৰ পৰা ওলাই বৌটি আমাৰ ঘৰত সোমাল। দুৱাৰত ঢকিয়াই ঢকিয়ই কেইবাবাৰো মোক মতাৰ পিছত মই সাৰ পাই উঠি আহো, দুৱাৰ খুলি বৌটিক দেখি মই অবাক...

 : আৰে বৌটি, এই ৰাতিখন তুমি এনেকৈ?? আৰু মূৰত কি হ’ল তোমাৰ? চব ঠিকে আছেতো?? চাঁও সোমাই [ ২২০ ] পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২০ [ ২২১ ] পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২১ [ ২২২ ] পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৪ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৫ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৬ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৭ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৮ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৯ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০০ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০১ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০২ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০৩ মিডিয়াৱিকি:Proofreadpage pagenum templateপৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০৪

সাঁচ:PermissionOTRS সাঁচ:CC-BY-SA-4.0