পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৯

ভাবিলে আজিও বুকুখন কেনেবা লাগে তাৰ। মানুহজনীয়ে যতনাই দি যোৱা তামোলখন বৰগছজোপাৰ তলতে বহি পাগুলিয়াই থাকোতে কথাবোৰ চকুৰ আগলৈ অহা যোৱা কৰিবলৈ ধৰে....

 গাঁৱৰ আটাইতকৈ চকুত লগা কেইজনীৰ মাজৰে এজনী পদুমী। পদুমীৰ পিতাকে ডাকঘৰত চকিদাৰৰ কাম কৰে। পঢ়া-শুনা নথকা গাঁৱৰ বেছিখিনি মানুহৰ ভিতৰতে পদুমীৰ পিতাকৰ সৰুকৈ হ'লেও চাকৰিটো থকা বাবেই যথেষ্ট সন্মানো কৰিছিল মানুহে। পদুমীহঁতৰ পৰিয়ালত পিতা-মাক, বায়েক, তাই আৰু সৰুভনীয়েক এজনী। কামে কাজে পাকৈত পদুমীৰ সৰুৰেপৰাই পঢ়া শুনা কৰাৰো মন আছিল। পিতাকে নিজৰ সামৰ্থৰে যিমান পাৰে কৰিছিল সিহঁতৰ কাৰণে। ডাঙৰজনীৰ পঢ়াত বৰ ৰাপ নাছিল বাবে তাই এল. পি পাছ কৰাৰ পিছত আৰু পঢ়িবলৈ ইচ্ছাও নকৰিলে। ঘৰতে মাকৰ লগত বোৱাকটা, হাঁহ-পাৰ-ছাগলী চোৱা কামত ব্যস্ত হৈ পৰিল। গাভৰু হোৱাৰ পিছত তাইলৈ এযোৰা দুযোৰাকৈ দৰাও আহিবলৈ ধৰিলে। সম্পূৰ্ণ নিয়ম নীতি মানি চলা পিতাকে অৱশ্যে ওঁঠৰ বছৰ হওঁতেহে বিয়াৰ বাবে মত দিছিল। অৱশেষত ভাল ল'ৰা এটাৰ লগতে পদুমীৰ বায়েকৰ বিয়াখন হৈ গৈছিল।

 পদুমী ইতিমধ্যে হাইস্কুল পাইছিলগৈ। লাহে লাহে গাভৰু হৈ অহা পদুমী ৰূপে-গুণে, কামে-কাজে চকুত পৰা হৈ আহিল। একেখন গাঁৱৰে পদুমীতকৈ সাত, আঠমান বছৰে ডাঙৰ সিদ্ধি। সিদ্ধিৰ পিতাকৰ তেনেকৈ মাটি বাৰী বুলিবলৈ একো নাছিল। আচলতে সিদ্ধিৰ মাকৰহে গাওঁ এইখন। কেও কিছু নথকা পিতাকে মাকক বিয়া কৰোৱাৰ পিছত শাহুৱেক মানে সিদ্ধিৰ বুঢ়ী আয়েকৰ কথা মতে ঘৰ জেঁৱাই হৈয়ে থাকি গৈছিল। সিদ্ধিৰ মাক ঘৰৰ একমাত্ৰ, ককায়েক, ভায়েক, আগে পিছে কোনো নাছিল। মাকজনীৰ বুঢ়া বয়সত চোৱা চিতা, মাতষাৰ দিয়া মানুহেই নোহোৱা হ'ব বুলিয়েই জোঁৱায়েকক ঘৰতে ৰখাৰ সিদ্ধান্ত লৈ থৈছিল বুঢ়ী আইতাকে। পিছে বিধিৰ কি বিধান, জোঁৱায়েকে শাহুৱেকৰ বুঢ়া বয়সৰ লাখুটি হোৱাৰ আগতে নিজেই এই সংসাৰ এৰি যাবলগীয়া হ'ল। তেতিয়া সিদ্ধি আৰু বায়েক তেনেই সৰু সৰু। মাকে দিনে ৰাতিয়ে দেহে কেহে খাটি দুয়োটাকে কোনোমতে ডাঙৰ কৰি তুলিলে। সিদ্ধিক পঢ়াশালিতো নাম লগাই দিলে। বায়েকৰ পঢ়া শুনা কৰা নহ'লগৈ। গাভৰু হোৱাৰ দুবছৰমান পিছতে ওচৰৰ গাঁৱৰ দোকানী এজনে মন্দিতে বিয়া পাতি লৈ গ'ল তাইক। ৰাইজক বিয়ালৈ মাতি খুৱাব পৰা অৱস্থা তেতিয়া মাকৰ নাছিল, সিদ্ধিও তেতিয়া এল. পি পাছ কৰাই নাছিল। এটা সময়ত সিদ্ধিও ডেকা হ'ল। ঘৰৰ দায়িত্ব তাৰ মূৰৰ ওপৰত আহি পৰিল। টকা পইচাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত তাৰ সপ্তমমানৰ পিছত আৰু পঢ়া নহ'লগৈ। মাকৰ দৰে সিও অ'ত ত'ত কাম কৰি ঘৰখন একেলগে চলাই থাকিল। তেনেকৈয়ে হাজাৰটা অভাৱ অনাটনৰ মাজতো সুখেৰে চলি গৈছিল ঘৰখন।

 পদুমীহঁতৰ ঘৰলৈ তাৰ প্ৰায়েই অহা যোৱা হৈ থাকে। পদুমীহঁতৰ ল'ৰা নথকা বাবে বাৰীৰ পাণ-তামোল, নাৰিকল যি ওলাই সেইবোৰ বজাৰলৈ সিদ্ধিয়েই লৈ গৈ বেচি দিয়েগৈ। বিনিময়ত সিও টকা কেইটামান পায়। সঘন আহ যাহ হলেও পদুমীয়ে কিন্তু তাৰ লগত বেছি দৰকাৰ নাথাকিলে কথাও নাপাতে। পিছে সিদ্ধি! আৱেগ অনুভূতি বুজা হোৱাৰেপৰাই পদুমীলৈ মোহ এসোপা জাগিছিল তাৰ বুকুত। কোনেও গম নোপোৱাকৈ লুকাই লুকাই চাই সি পদুমীক। পদুমীক দেখিলেই তাৰ বুকুত কিবা এটাই বিন্ধা যেন কৰে, সি আগৰেপৰাই জানিছিল তাৰ পদুমীলৈ যিমান মৰম আদৰ থাকিলেও সেই কথা তাইক কেতিয়াও জনাব নোৱাৰিব। এফালে পদুমীহঁতৰ ঘৰৰ অৱস্থা তাতকৈ বহুগুণে ভাল আনফালে তাই তাতকৈ বেছি পঢ়া, ৰূপে গুণেও সাইলাখ লখিমী। তাৰ দৰে একো কাম বন নোহোৱা এটাক তাই কি বুলিনো নিজৰ মনটো সঁপি দিব। মনত কষ্ট হলেও আক্ষেপ নাছিল তাৰ। তাই সুখী হ'লে সিও সুখী হ’ব, লাগিলে তাই কোনোদিনেই নুশুনক তাৰ মনৰ মাজত অনবৰতে হৈ থকা তাইৰ নামৰ প্ৰতিধ্বনি...।

 পদুমী ইতিমধ্যে দশম শ্ৰেণী পালেগৈ। গাওঁখনৰ মেট্ৰিক দিয়া মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। তেনেক্ষেত্ৰত পদুমী সাধাৰণ ঘৰৰ ছোৱালী এজনী হৈও দশম শ্ৰেণী পোৱা কথাটো বৰ সাধাৰণ কথা নহয়। কিছুমানৰ যদি সন্মান আন কিছুমানৰ ইৰ্ষাৰ পাত্ৰ হ’বলৈ এই এটা কাৰণ যথেষ্ট। সিহঁতৰ ওচৰৰ গাওঁখনৰে এগৰাকী প্ৰভাৱশালী ব্যক্তি “ললিত মণ্ডল”। সিদ্ধিহঁতৰ গাওঁখনতকৈ সেইখন গাঁৱৰ মানুহখিনি কিছু চহকী। প্ৰায়ভাগ মানুহেই পঢ়া শুনা কৰা। মণ্ডলৰ সৰু পুতেক বিপিন কলেজত পঢ়ে। মটৰ চাইকেল লৈ কলেজলৈ অহা যোৱা কৰোঁতে চকুত পৰিছিল চাগৈ পদুমীক। বিপিন ল'ৰাটো কিছু জেদী, উৎপতীয়া স্বভাৱৰ। বিভিন্ন ছোৱালীৰ লগত তাৰ হলি গলি বুলি বহুতেই জানে কথাটো। কিন্তু মণ্ডলৰ দৰে হাত দীঘল

মানুহজনৰ সমুখত জানিলেও কাৰো মুখ খুলি কোৱাৰ সাহ নহয়। পদুমীক চকুত পৰাৰ দিনাৰেপৰা বিপিনৰ পদুমীহঁতৰ গাঁৱলৈ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড