পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫

 মটৰ চাইকেলখন গৰজি উঠিল এবাৰ নিশাৰ নিস্তব্ধতা আৰু গম্ভীৰতা ফালি। সেই গৰ্জনত সচকিত হৈ ঘূৰি চাইছে কেইবাজনো কলা পোচাকধাৰী সেনা। অন্ধকাৰ চুকবোৰৰ পৰা, জোপোহাৰ আঁৰৰ পৰা হাতে হাতে বন্দুক লৈ দৌৰি ওলাই আহিছে কলা ছায়ামূৰ্তিবোৰ।

 সেয়াই বিচাৰিছে অনুৰাগে।

 এটা তীক্ষ্ন হাঁহি বিৰিঙি উঠিছে তাৰ ওঁঠত।

 সি নথকাত তাক বিচাৰি মাক, সীমান্ত হঁতক সোধা-পোছ কৰি হাৰাশাস্তি দিয়াটো নিবিচাৰে সি।

 আহক সিহঁত।

 তাৰ পিছে পিছেই আহক।

 বতাহৰ লগত ফেৰ মাৰি মটৰ চাইকেলখন দুৰন্ত গতিত চলাই নিছে অনুৰাগে।

 চকু, কাণ বন্ধ কৰি শাৰীৰ আঁচল সামৰি অনুৰাগক জোৰকৈ সাৱটি ধৰি পিছফালে বহিছে অমৃতা।

 মুখখন তাই গুজি দিছে অনুৰাগৰ পিঠিৰ উষ্মতাত, কৰ্ণগোচৰ হৈছে মাথো মটৰ চাইকেলৰ কৰ্কশ শব্দ আৰু বতাহৰ সোঁ-সোঁৱনী ... মাজে মাজে কলিজা কপোৱা গুলিৰ গৰ্জন।

 পিছে পিছে অহা মটৰ চাইকেলজাক আৰু গুলি বৰ্ষণত সি যাব খোজা পথত নগৈ অইন এটা দিশলৈ যাবলগীয়া হৈছে।

 মূল পথ এৰি একা বেঁকা সৰু পথত উঠিছেহি অনুৰাগ আৰু অমৃতা। মসৃণ পকী পথ অতিক্ৰমি উখোৰা মুখোৰা কেঁচা পথৰ দিশে পোনাইছে মটৰ চাইকেল।

 কোনো লক্ষ্য নাই।

 সোঁফালে, বাওঁফালে ... যিফালেই পথ পাইছে সেইফালেই মটৰ চাইকেল পোনাইছে সি।

 বহু দূৰ অতিক্ৰম কৰি অহা হৈছে ইতিমধ্যে।

 পিছত অহা মটৰ চাইকেলজাকৰ গতি ক্ৰমাৎ কমি আহিছে। দূৰৈত ৰৈ গৈছেহি।

 গুলি বৰ্ষণ বন্ধ হৈছে।

 স্বস্তিৰ নিশ্বাস এৰিলে অনুৰাগ আৰু অমৃতা দুয়ো।

 কিন্তু এতিয়া ক’লৈ যাব সেয়াহে ধৰিব পৰা নাই অনুৰাগে। চিন্তিত হৈ পৰিছে সি। ইতিমধ্যে মূল পথৰ পৰা বহু দূৰলৈ সোমাই আহিছে তাঁহাত।

 মটৰ চাইকেলত পেট্ৰল শেষ হৈ অহাৰ সংকেত অহাত মটৰ চাইকেলখন পথৰ দাঁতিতেই এৰি দিলে সি।

 উখোৰা মুখোৰা হাবিয়লি পথটোৰ দুয়োকাষে ডাঠ ওখ ওখ গছ। জোনাকৰ অস্বচ্ছ পোহৰত চৌদিশ নিৰীক্ষণ কৰি সতৰ্কতাৰে আগবাঢ়িছে দুয়ো.... ক’লৈ গৈছে, ক’ত গৈছে, কি ঠাই একো ধৰিব পৰা নাই তাই। তথাপিও একো সোধা নাই অমৃতাই অনুৰাগক... মাথো জোপোহা, ওখ গছবোৰৰ মাজে মাজে দুয়ো খোজ কাঢ়িছে আৰু মাজে মাজে দৌৰিছে... অনুৰাগ যিফালেই যায় সেইফালেই।

 উখোৰা মুখোৰা পথটোত কেইবাবাৰো হামখুৰী খাই পৰিছে তাই... অনুৰাগৰ হাতত ধৰি পুনৰ উঠি খোজ দিছে।

 সমতল পথ এৰি হেলনীয়াকৈ ওপৰলৈ উঠি অহা পথত কিছুদূৰ আগবাঢ়ি ৰৈ গৈছে অনুৰাগ ... আৰু অমৃতা। একা-বেঁকা পথটোৰ এফালে ডাঠ অৰণ্য, নিশাৰ ঘনঘোৰ কলা ৰহস্যময় পাহাৰ....আৰু আনফালে, কিছু তলত কল্লোলিত সুৰেৰে বৈ যোৱা এখনি ভৰ নদী.... জোনাক নিশাৰ পাহাৰীয়া, নৈপৰীয়া চেঁচা মলয়জাকে চুমি গৈছে দুয়োৰে গাল, মুখ।

 চুটি আৰু ঘন ঘন উশাহ লৈছে দুয়ো। ঘামত সিক্ত হৈছে দুয়োৰে শৰীৰ...

 : আমি পাহাৰত উঠিছোঁহি নেকি অনু?

 চেঁপা কণ্ঠৰে সুধিলে অমৃতাই।

 সেই নিৰ্জন ঠাইত নিজৰ মাতটোৱেই অদ্ভুত আৰু অচিনাকি যেন লাগিছে তাইৰ।

 : ওমম। ভয় কৰিছ নেকি?... মই আছোঁ নহয়।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড