মেৰিয়াই সি কোলাত লৈ চোতালত ৰ’দ সানিছিল তাইৰ গাত। চকুৰ আগতেই বাগৰি গ'ল বছৰ বছৰ। অথচ পাহৰো বুলিও সি পাহৰিব পৰা নাই কথাবোৰ। আনৰটো যাতনা নহয় এয়া পাহৰি যাবলৈ! বুকুত বাঢ়ি বাঢ়ি যোৱা তাৰ ভিতৰৰ ঘাঁ। শুকালেও সি উমান পায়। বাঢ়িলেও সি তেনেকৈ থাকিবলগীয়া হয়। শুনিছে সি ৰুক্মক বাপেকে তাজ্যপুত্ৰ কৰা বুলি। গা নলৰে কণৰ এইবোৰ কথাত। তাক লগ পালে সিও দুচেও কৰিব।
আজিকালি ফুলে খুৰীয়েকৰ ঘৰলৈ ৰাতিপুৱাৰ ভাগতে কেইবাপাকো মাৰে। ভায়েকটো জন্ম হোৱাৰ পিছতে তাই আনন্দৰ সীমা নোহোৱা হৈছে। কণেওনো কিমান বেৰা দি ৰাখিব? থাকক মাকৰ মৰম নোপোৱা ছোৱালী। কোনোবাই যদি মৰম অকণ দিয়ে পাওক তাই। এলাগী কৰি খোৱাপাতৰপৰা কোনোবাই বস্তু দিলে সি দুখ পায়। পঢ়ালৈ পিঠি দিয়া বুলি তাইক মাজে মাজে দাবী ধমকি নিদিয়া নহয়। চকু ওন্দোলাই ওফোন্দ পাতি মতাকৈ থকা ফুলক ভাকুট কুটাই নিদিয়ালৈকে পেঁচ নাভাগে ফুলৰ।
গাটো জ্বৰ ভাব এটাই চুই থকাত কণ যোৱা নাই কামলৈ। দেউতাক থকা বুলি ফুলে যাবলৈ মন নকৰিলেও জোৰ কৰি পঠিয়ালে কণে। গাটো বিষ বিষ লাগিছে। বিছনাখনতে সি বাগৰ দিলেগৈ। টোপনি নাহে অসময়ত। চকু মুদিলেও বেয়া চিন্তাহে আহিব মনলৈ। কপোৰবোৰকে ভাজ কৰো বুলি লওঁতেই জেঠী দুটা জপটিয়াই পৰিলহি বাকচটোৰ ওপৰত। সেইটো বিচিত্ৰাই মাকৰ ঘৰৰপৰা অনা বাকচ। ইমান বছৰে সি বাকচটোলৈ মনেই কৰা নাই। বিচিত্ৰাই সিহঁতৰ সামৰণ কাপোৰবোৰ ভৰাই থয় তাত। বুকুখন ধৰফৰাই উঠিল যেন তাৰ। এই বাকচটোত এৰি গৈছে বিচিত্ৰাই স্পৰ্শ। বাকচটোৰ প্ৰতি এক অনামী টানে কণক কাষ চপালে। তলাটো এনেই লগাই থোৱা। খুলি পেলালে সি। আস্ টন্ টন্ কৈ চকুলো সৰিছে তাৰ। ভাঁজে ভাঁজে জাপি থোৱা আছে বিচিত্ৰাৰ কাপোৰবোৰ। তাৰ দুটা নতুন বনিয়ন এফালৰপৰা খেপিয়ায় কণে...বুকুখন মোচৰ খাই উঠে তাৰ। ফটোখন বুকুত হেচি ধৰে।
নাই বিচিত্ৰা সেইজনী বিচিত্ৰা হৈ থকা নাই।থিয় হৈ থকা কণৰ কাষত ফুলক কোলাত লৈ থকা সেইজনী বিচিত্ৰা লগত আজিৰ বিচিত্ৰাৰ আকাশ পাতাল পাৰ্থক্য। এইখন মুখত সুখ আৰু হাঁহিৰ ৰেখ। সেই সুখ আৰু হাঁহি কণৰ চিনাকি। আজিৰ বিচিত্ৰাৰ মুখত থকা হাঁহি আৰু সুখৰ ৰেখ কেৱল বিচিত্ৰাৰ...ৰাখিবনে সি এইখন ফটো ঘৰত? যিজনী মানুহে প্ৰতিদিনে তাৰ বুকু থকাসৰকা কৰিছে সেইজনী মানুহৰ ফটোখন সি শোৱা বিছনাৰ কাষৰ বাকচটোত থ'বনে? বিচিত্ৰাৰ কাপোৰবোৰ? জ্বলাই দিবগৈ নেকি?
ⵓ তোৰ মনটো কেনেকৈ বিচিত্ৰামুক্ত কৰিবি কণ?
কোনোবাই কৈ যায় যেন কাণে কাণে কণক। যিজনী মানুহক পাহৰো বুলি সি বছৰ বছৰ পাহৰিব পৰা নাই সেইজনী মানুহৰ ফটোখন আৰু কাপোৰবোৰ নোহোৱা হ'লে জানো সকলো নোহোৱা হ'ব? সি যে খেপিয়াই থাকে এতিয়াও মাজৰাতি বিচিত্ৰাৰ হাতখন। চোতালৰ মূৰৰ বাঁহৰ চাংখনত যে পৰে পৰে কটায়গৈ উজগৰী ৰাতি। ফুলে নেদেখাকৈ বাৰীত লুকুৱাই থোৱা মদ পী মাতাল হৈ পৰি থাকে। এইবোৰ কিহৰ বাবে কৰে সি? আস্ বিচিত্ৰা তোৰ প্ৰতি মোৰ ইমান মায়া! কোনো কালে নজহা নুপমা মায়াত বন্দী কৰি কিয় গ'লিগৈ তই?আহ ..আহ..তই এবাৰ। চাই যা তোৰ অবিহনে কিদৰে সকলো অসাৰ। পৰেনে মনত তোৰ আমালৈ? মই যে চটফটাইছো তোৰ বাবে অস্থিৰ হৈছেনে তোৰ বুকুখন? তোৰ কথা ভাবি যে বাৰে বাৰে মনত পেলাইছো তোক চৰ্চৰণি খাই উঠি ভাবিছনে কণেই মনত পেলাইছে বা বুলি? ৰুক্মৰ সন্তান ধাৰণ কৰি ফুলজনীক পাহৰি গলি নেকি তই? আমি তোৰ অবিহনে বৰকৈ নিঠৰুৱা বিচিত্ৰা।
বাহিৰত ভৰ দূপৰীয়াটো পহৰা দি ভাগৰ লাগিল কিজানি মতা কুকুৰাটোৰ। তাৰ ডাকত গা লৰাই বহে কণে। ফুলো আহি পাবহি এতিয়া। তাইক তাৰ এনে ৰূপ দেখুৱাব নোৱাৰে সি। আলফুলকৈ বিচিত্ৰাৰ কাপোৰবোৰ কণে সামৰি থয়। ফটোখনো। মন গ'লেই চাব সি। ফুলেও যদি দেখে ফটোখন দেখক। মাকক মন ভৰাই চাওক তায়ো...
লাজতে দেউতাকৰ মুখলৈ চাব নোৱাৰা ফুলক কণে মাত দিয়াৰ লগে লগে ফেঁকুৰি দিলে।
ⵓ মাকৰ কিবা কাপোৰ কানি আছে বা কণ?
ⵓ নালাগে খুৰীটি। মই যোগাৰ কৰিছোৱে।
আশীষ আছিল ফুলৰ গাত ভগৱানৰ। নিঠৰুৱা নহয় তাই। গাঁৱৰ ৰাইজখনে তাইক সামৰিছে। খুৰীয়েকেও মৰম নকৰা
অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড